NIOS| Assamese (303)| Notes/Answer|Chapter-24| ৰচনা লিখন

NIOS| Assamese (303)| Notes/Answer|Chapter-24| ৰচনা লিখন মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-24| ৰচনা লিখন

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-24| ৰচনা লিখন

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)| Notes/Answer|Chapter-24| ৰচনা লিখন অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড

অধ্যায় ২৪

সম্ভাব্য প্রশ্নোত্তৰ

(ক) সাহিত্য, কলা সংস্কৃতি সম্পৰ্কীয়, 

(খ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্পৰ্কীয়, 

(গ) শিক্ষা আৰু ক্ৰীড়া সম্পর্কীয়, 

(ঘ) সমাজ আৰু অৰ্থনীতি সম্পৰ্কীয়

১। ভাৰত : বৈচিত্ৰ্যৰ মাজত ঐক্য

ভাৰতবৰ্ষ এখন বিশাল বৈচিত্র্যপূর্ণ। সেই কাৰণে, ভাৰতবৰ্ষক উপ-মহাদেশো বোলা হয়। সকলোধৰণৰ ভৌগোলিক পৰিবেশ ভাৰতত দেখা যায়। দেশখনৰ সীমান্তত আছে পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতশ্রেণী উত্তৰ ভাৰত ব্যাপি আছে শ শ মাইল জোৰা সমভূমি। আকৌ দাক্ষিণাত্যত দেখা পোৱা যায় ওখ মালভূমি। এফালে আছে শস্যেৰে ভৰা নদী – উপত্যকা, আনফালে আছে বালিময় তৃণহীন মৰুভূমি। অতি চেঁচাৰ পৰা অতি গৰম, অতিবৃষ্টি ৰ পৰা অনাবৃষ্টি সকলো ধৰণৰ জলবায়ু ইয়াত আছে।

দেশখনৰ অধিবাসীসকললৈ লক্ষ্য কৰিলেও দেখা যায় শাৰীৰিক গঠন, ভাষা, সাজ-পাৰ, খাদ্য ৰীতি আদিত বিভিন্ন অঞ্চলৰ লোকৰ মাজত উল্লেখযোগ্য পার্থক্য।

এনে অনৈক্যৰ মাজতো কিন্তু ভাৰতে চিৰকালেই ঐক্যৰ সন্ধান কৰি আহিছে। উত্তৰত হিমালয়ে আৰু আন তিনি পিনে সমুদ্রই ভাৰতক এছিয়াৰ অন্যান্য অঞ্চলৰ পৰা বিচ্ছিন্ন কৰি এটা ভৌগোলিক স্বকীয়তা দিছে।

এই ভূ-খণ্ডৰ একতা, সমগ্ৰতা আৰু অখণ্ডতাৰ ধাৰণাই ভাৰতবাসীৰ মনত অতি প্ৰাচীন কালৰ পৰাই ঠাই পাই আহিছে। অতি প্রাচীন সাহিত্যতো এই ধাৰণাৰ উল্লেখ আছে। সৰ্বভাৰতীয় ৰাষ্ট্ৰৰ কল্পনাও অতি প্রাচীন । মৌর্য সম্রাট

অশোকৰ দিনৰে পৰা মোগল বাদছাহ আকবৰৰ দিনলৈকে ভাৰতৰ শ্ৰেষ্ঠ ৰাজশক্তিবোৰে সমগ্ৰ ভাৰত জয় কৰি এখন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ উচ্চাকাংক্ষা পোষণ কৰিছিল। অৱশ্যে বৰ্তমান যুগৰ আগতে কাচিৎহে এই আকাংক্ষা পূৰণ হৈছিল।

ভাৰতৰ ঐক্যৰ প্ৰধান ভেটি সাংস্কৃতিক। এইটো এটা মন কৰিবলগীয়া কথা যে সংস্কৃতিৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ এটা নাম ভাৰতী। দেশখন আৰু তাৰ সংস্কৃতি যেন একেটা বস্তুৰে দুটা পিঠি। সংস্কৃত ভাষা আছিল ভাৰতৰ সকলো ঠাইৰে শিক্ষিত লোকসকলৰ মাজৰ যোগসূত্ৰ, শিক্ষিত সমাজৰ ৰাষ্ট্রভাষা স্বৰূপ ।

ভাৰতীয় সংস্কৃতিৰ বিশাল সোঁত হাজাৰ হাজাৰ বছৰ ধৰি ধাৰ নিছিগাকৈ বৈ আছে। যুগে যুগে নানা জাতি-উপজাতি নানা ঠাইৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰিছে। কিন্তু সেইবাবে সংস্কৃতিৰ সোঁত বাধাপ্ৰাপ্ত হোৱা নাছিল। বৰং এই লোকসকলৰ অৱদানে ইয়াক অধিক শক্তিশালীহে কৰিলে। ভাৰতীয় ভাষা সাহিত্য, সংগীত-চিত্রকলা, স্থাপত্য – ভাস্কর্য সকলোকে আর্য-অনার্য, দ্রাবিড়-মঙ্গোল, মোগল-পাঠানকে ধৰি নানা জাতি-উপজাতিৰ কলা-শৈলীৰ অপূৰ্ব সমন্বয়ে সমৃদ্ধ কৰিছে।

ভাৰতীয় সাংস্কৃতিক সোঁতক ভাৰতৰ চুকে কোণে বিয়পাই দিয়াত সৰ্বাধিক অৰিহণা ৰামায়ণ আৰু মহাভাৰত – এই মহাকাব্য দুখনৰ। নিৰক্ষৰসকলেও মুখে মুখে শুনি মহাকাব্য দুখনৰ কাহিনীবোৰৰ লগত পৰিচিত হৈছিল। এইকাহিনীবোৰ ভেটিত যুগুত কৰা গীত-মাত, নৃত্য-অভিনয়ে বর্ণনাতীত জনপ্রিয়তা লাভ কৰি আহিছে। সকলো ঠাইৰে সকলো স্তৰৰ মানুহৰ ওপৰত এই মহাকাব্য দুখনৰ প্ৰভাৱ কিমান ব্যাপক আৰু গভীৰ, সেইটো দূৰ-দৰ্শনে প্ৰচাৰ কৰা ‘ৰামায়ণ’ ‘মহা ভাৰত’ৰ জনপ্ৰিয়তাৰ পৰাই বুজিব পাৰি ।

সংহতিৰ আন এটা মাধ্যম আছিল সমগ্ৰ ভাৰতত সিঁচৰিত হৈ থকা তীৰ্থস্থানবোৰ । যুগ যুগ ধৰি এই তীৰ্থস্থানবোৰত দেশখনৰ সকলো ঠাইৰ লোকৰ সমাগম হৈ আহিছে, দাক্ষিণাত্যৰ লোক বদৰিকাশ্ৰমলৈ যায় কাশ্মীৰৰ লোক কন্যাকুমাৰীলৈ যায়, অসমৰ লোক কাশী-বৃন্দাবনলৈ যায় আৰু এইবোৰ ঠাইৰ পৰা যাত্ৰী আহে কামাখ্যালৈ । ভাবৰ আদান-প্ৰদান আৰু সংস্কৃতিক বিনিময়ত তীৰ্থস্থানবোৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। 

এনেদৰে বিভিন্ন ৰূপত অহা সাংস্কৃতিক প্ৰভাৱে এটা সৰ্বভাৰতীয় মনোভাব, এটা ঐক্যবোধ গঢ়ি তুলিছে। -একেখন বর্তমান কালত এই মনোভাব অধিক দৃঢ় কৰিছে ৰাষ্ট্ৰীয় ঐক্যই সংবিধান, একেখন ৰাষ্ট্ৰীয় পতাকা আৰু একেটা ৰাষ্ট্ৰীয় সংগীতে। নানা জাতৰ, নানা ৰঙৰ, নানা গোন্ধৰ ফুলে জাতিষ্কাৰ কৰা এখন বিশাল ফুলনি যেন আমাৰ এই দেশখন। বিবিধৰ মাজত এনে মহামিলনত মুগ্ধ হৈয়েই কবিগুৰু ৰবীন্দ্ৰনাথে গাইছিল ভাৰতৰ মহামানৱৰ গীত ।

২। মোৰ প্ৰিয় গ্ৰন্থ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচনাকৰা ‘আদি দশম’ কাব্য মোৰ এখন প্রিয় গ্রন্থ। এই গ্রন্থ মহর্ষি বেদব্যাস ৰচিত ভাগৱত পুৰাণৰ দশম স্কন্ধৰ আদিছোৱাৰ প্রাঞ্জল ভাঙনি। পাঁচ হেজাৰ বছৰ জুৰি ভাৰতবৰ্ষৰ জনমানসক আলোড়িত কৰি অহা অপূৰ্ব শ্ৰীসম্পন্ন চৰিত্ৰ পুণ্যশ্লোক শ্ৰীকৃষ্ণৰ জন্ম-বৃত্তান্ত আৰু শৈশৱ-কৈশোৰৰ লীলাৰে ৰচিত এই কাব্য শংকৰদেৱৰ প্ৰতিভাৰ উজ্বল চানেকি। ‘কৃষ্ণাস্তু ভগৱান স্বয়ম্’ আৰু ‘ঈশ্বৰঃ পৰমঃ কৃষ্ণ সচ্ছিদানন্দ ৱিগ্ৰহ ঃ— ভাগৱত পুৰাণৰ এই মহাবাণীয়ে যুগ যুগান্তৰ ধৰি ভাৰতবৰ্ষৰ জনমানসক অনুৰঞ্জিত কৰি এক মহান সাংস্কৃতিক ঐতিহ্যৰ সৌধ গঢ়িছিল। শংকৰদেৱে ভাগৱত পুৰাণৰ বিভিন্ন স্কন্ধৰ অনুবাদৰ সহায়েৰে অসমৰ মানুহক বিশাল ভাৰতবৰ্ষৰ এই মহান ঐতিহ্যৰে সৈতে চিনাকি কৰি দিলে। ভাগৱত পুৰাণৰ বাৰটা স্কন্ধৰ ভিতৰত দশম স্কন্ধৰ এক সুকীয়া আবেদন আছে। কিয়নো, এই কাব্যৰ বিষয়বস্তু শিশু আৰু কিশোৰ কৃষ্ণৰ মনোহৰ ব্ৰজলীলা ।

মূলৰ ভাব, ভাষা আৰু প্ৰকাশভংগী সম্পূৰ্ণ শুদ্ধভাৱে ৰক্ষা কৰি শংকৰদেৱে এই গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছে। কিন্তু তাৰ মাজতে অসীম প্রতিভাধৰ কবিৰ ৰচনাৰ মৌলিক সৌন্দৰ্য বিকশিত হৈ উঠিছে। শিশু কৃষ্ণৰ দুষ্টালি, ঠেহ পেচ, পালক পিতৃ-মাতৃ নন্দ-যশোদাৰ সৈতে থকা স্নেহৰ বান্ধোন, কিশোৰ কৃষ্ণৰ সখিসকলৰ প্ৰতি থকা নিবিড় মমতা, জ্যেষ্ঠ ভ্রাতৃ বলৰামৰ বাবে থকা স্নেহ শ্রদ্ধা, ব্রজবধু গোপীসকলৰ প্ৰতি প্ৰদৰ্শিত পৰম অনুকম্পা, সকলো প্ৰাণীৰে প্ৰতি বৰ্ষা কৰুণাধাৰা, আনকি দুষ্কৃতিৰ প্ৰতিভুদুৰ্জন কংস ৰজাক বধ কৰি তেওঁকো সৰূপা মুক্তি দি কৰা কৃপা – দশমৰ বৰ্ণিত বিষয়।

‘আদি দশম ’ত গোপবৄষ্ণৰ কিশোৰ ৰূপৰ বৰ্ণনাই পাঠকক অনুক্ষণ মুগ্ধ কৰি ৰাখে। কৃষ্ণৰ গাৰ বৰণ নতুন মেঘৰ দৰে শ্যাম, নয়নযুৰি পদ্মৰ পাপৰি, শুভ্ৰ কুন্দ-ফুল-কলি যেন দাঁত, কোমল কুঁহিপাতৰ দৰে হাতৰ তলুৱা, নৱ পদ্ম কোষ যেন চাৰু চৰণ। হালধীয়া পাটৰ বস্ত্ৰ, সুগন্ধি বনফুলৰ মালা, ৰত্ন-অলংকাৰ, কৌস্তুভ মণিয়ে সেই ৰূপ আৰু মোহনীয় কৰি তোলে। কিশোৰ কৃষ্ণই গোকুলৰ প্ৰতিটো প্ৰাণীৰে মন মুহি থৈছে। পদ্ম-গন্ধেৰে সুৰভিত যমুনাৰ ৰম্য বালিত কৃষ্ণক চাৰিওফালে আৱৰি লৈ গোপশিশুসকলে দৈ ভাত খায়। সেই চিত্র যেন এপাহি পূর্ণ প্রস্ফুটিত পদুম ফুলহে। কৃষ্ণ যেন পদুমৰ চকা আৰু সখিসকল যেন পদুমৰ পাহি।

বৃন্দাবনৰ ৰমণীয় বন প্ৰান্তৰত কৃষ্ণৰ সৈতে গোপবালকসকলে ৰং ধেমালি কৰে। কোনোৱে পক্ষীৰ ছায়া খেদি ফুৰে, কোনোৱে কুলিৰ কণ্ঠক সিঞাৰে, কোনোৱে ভোমোৰাৰ লগে লগে ভৰি খুপি খুপি ফুৰে, কোনোৱে ময়ূৰৰ দৰে চালি ধৰি নাচে, কোনোৱে ৰাজহাঁহৰ লগে লগে ভৰি খুপি খুপি ফুৰে, কোনোৱে বেঙৰ লগত দেও পাৰি ফুৰে। পৰম দেৱতা কৃষ্ণক সখিৰূপে লাভ কৰা ব্ৰজৰ শিশুসকলৰ এনে ভাগ্যোদয় দেখি ভক্ত কবি অভিভূত হৈ পৰে। কৃষ্ণৰ বাঁহীৰ সুৰ শুনিলে কালিন্দী যমুনা উজাই বয়, কমল বনত শিহৰণ জাগে, গৰু, মৃগ, পক্ষী চিত্ৰৰ পুতলিৰ দৰে থৰ হয়, তৰুলতাই মধুক্ষৰণ কৰে, মেঘে মিত্ৰ বুলি মধুৰ গাজনিৰে সম্ভাষণ কৰি ছায়াছত্ৰ ধৰে আৰু কৃষ্ণসাৰ হৰিণীবোৰ বিমোহিত হৈ কাষ চাপি আহে।

এই লীলাময় কৃষ্ণকেই সৃষ্টিকর্তা ব্ৰহ্মাই নির্জন বৃন্দাবনত অপূৰ্ব গোপৰূপত দেখিছে, এওঁৰ মহিমা দেখি দুর্দান্ত কালীনাগ আৰু পত্নীসকল বিস্ময়ত অভিভূত হৈছে, এওঁৰেই মুৰুলীমোহন নটবৰ ৰূপে শৰতৰ পূৰ্ণিমা ৰাতি ব্ৰজবধুসকলক ব্যাকুল কৰিছে আৰু এওঁৰেই দিব্যৰূপ নীল যমুনাৰ তলত দেখি অক্ৰুৰ বাৰম্বাৰ শিহৰিত হৈছে। কংসৰ ৰাজসভাত এওঁকেই সমজুৱাসকলে দশৰূপত দৰ্শন কৰিছে।

ভক্তজনৰ পৰম নমস্য এই ভূৱনসুন্দৰ কৃষ্ণৰ সৌন্দৰ্য আৰু লীলা অসংখ্য মনোমোহা চিত্রকল্পেৰে উপমা, ৰূপক, উৎপ্রেক্ষা অনুপ্রাস আদি অলংকাৰেৰে, নৱ ৰসেৰে, দুলড়ি লেছাৰি ছবি, ঝুমুৰী আদি ছন্দেৰে বৰ্ণনা কৰি কবিয়ে পাঠকৰ মন অনাবিল আনন্দেৰে ভৰপূৰ কৰি তুলিছে।

৩। তোমাৰ প্ৰিয় সাহিত্যিক

সাহিত্যৰ প্ৰতি থকা অনুৰাগে ক’ব নোৱাৰাকৈয়ে সাহিত্যৰ সৃষ্টিকৰ্ত্তা সকলৰ প্ৰতিও এক গভীৰ আপোনত্ব ভাবৰ সৃষ্টি কৰে। সেয়েহে এই ভালপোৱাৰ তালিকাখনো ক্রমে দীঘল হৈ যায়। তথাপি তাৰ মাজৰ পৰাই যদি এজন প্রিয় সাহিত্যিক বিচাৰিবলৈ যত্ন কৰোঁ তেতিয়া যিজন ব্যক্তিয়ে মোৰ মানসপটত ভূমুকি মাৰেহি তেওঁ হ’ল জোনাকী যুগৰ ত্ৰিমুৰ্ত্তিৰ অন্যতম লক্ষ্মীনাথ বেজবৰুৱা ৷ বেজবৰুৱাৰ সৰল, নিভাঁজ গ্রাম্য ভঙ্গীৰ বাক্য, বুদ্ধিদীপ্ত, হাস্যৰস, গভীৰ সহনশীলতা আৰু ব্যাপকতাই মোক সদায়েই সন্মোহিত কৰে ।

লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল অসমৰ এক ঐতিহ্যমণ্ডিত বংশত। দেউতাক আছিল আহোম ৰজাৰ দিনৰ বিখ্যাত বেজবৰুৱা বংশৰ লোক দীননাথ বেজবৰুৱা আৰু তেওঁ বৃটিছৰ দিনত মুন্সেফ কাম কৰিছিল। তেওঁ নগাওঁৰ পৰা বৰপেটালৈ বদলি হৈ নাঁৱেৰে গৈছিল আৰু গধুলি আঁহতগুৰি নামে ঠাইত নাওঁ বান্ধিছিল। সেই সময়তে কুন্দিতে লক্ষ্মী পূৰ্ণিমাৰ দিনা (১৮৬৮ চনত) বেজবৰুৱাৰ জন্ম হৈছিল । লক্ষ্মীপূর্ণিমাৰ দিনা জন্ম হোৱাৰ বাবেই তেওঁৰ নাম ৰাখিছিল লক্ষ্মীনাথ বেজবৰুৱাই ১৮৮৬ চনত শিৱসাগৰ হাইস্কুলৰ পৰা প্রবেশিকা পৰীক্ষা দিয়ে আৰু সুখ্যাতিৰে উত্তীৰ্ণ হৈ কুৰি টকীয়া জলপানী লাভ কৰি কলিকতাত পঢ়িবলৈ যায়। ১৯০৮ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি.এ. ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ ইংৰাজী সাহিত্যত এম. এ. আৰু আইনৰ পৰীক্ষা দিয়াৰ বাবে পঢ়াশুনা কৰিছিল যদিও পৰীক্ষাত নবহিল।

বেজবৰুৱা আছিল এজন স্বাধীন মনৰ মানুহ। সেয়েহে তেওঁ বি.এ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে তেওঁলোকৰ চৰকাৰে চাকী যাচিছিল যদিও তেওঁ স্বাধীন ভাবে কিবা এটা কৰাৰ কথা ভাবি কলিকতাত আছিলগৈ। তাত থকা সময়তে তেওঁ অসমৰ বিখ্যাত ব্যৱসায়ী ভোলানাথ বৰুৱাৰ লগত লগ লাগি স্বাধীনভাবে কাঠৰ ব্যৱসায় কৰিবলৈ লয়। পিছত উৰিষ্যাৰ সম্বলপুৰতো তেওঁ নিজাকৈ ব্যৱসায় কৰে। এইবোৰৰ মাজতে অসমীয়া ভাষা সাহিত্যৰ প্ৰতি অকৃপণ সেৱা আগবঢ়াই তেওঁ তেওঁৰ দেশমাতৃৰ প্ৰতি থকা দায়িত্বও সঠিক ভাবে পালন কৰি যায় ।

বেজবৰুৱাৰ বিবাহ কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালত। ১৮৯১ চনৰ ১১ মাৰ্চত তেওঁ ঠাকুৰবাৰীৰ কন্যা প্ৰজ্ঞাসুন্দৰীৰ পানি গ্ৰহণ কৰে। বিয়াৰ পিছত মহর্ষি দেবেন্দ্ৰনাথ ঠাকুৰে বেজবৰুৱাক এটি সোণৰ কলম উপহাৰ দি সেই কলমৰ পৰা সুনিপুন লেখা বাহিৰ হোৱাৰ বাবে আশীৰ্বাদ দিছিল। বেজবৰুৱাৰ ক্ষেত্ৰত এই আশীর্বাদ ষোল অনাই কামত আহিছিল ।

বেজবৰুৱা দেৱে কলিকতাত প্ৰবসুৱা ছাত্ৰসকলে প্রথমে বহি অঃভাঃউঃসঃ সভা গঠন কৰাৰ সময়ৰে পৰা ধৰি অসমৰ সাহিত্য সংস্কৃতি বিস্তাৰৰ বাবে আহোপুৰুষাৰ্থ কৰে আৰু সাহিত্যৰ প্ৰতিটো বিভাগতে অসমীয়া সাহিত্যক চহকী কৰি তুলিবলৈ নিজে সকলো সৃষ্টিশীল সাহিত্য ৰচনাত হাত দিয়ে। সেই সময়তো আছিল আধুনিকতাৰ উত্থানৰ সময়৷ পাশ্চাত্য জগতৰ পৰা ন ন শৈলী, নন বিভাগ অসমীয়া সাহিত্যৰ মাজলৈও আদৰি আনি কিদৰে তাক সামৰ্থ্যবান কৰি তুলিব পৰা যায় সেয়ে আছিল বেজবৰুৱাৰ প্ৰধান চিন্তা। সেয়ে গল্প, উপন্যাস, নাটক আদি প্ৰতিটো দিশতে এনে অগ্ৰদূতৰ দায়িত্ব পালন কৰি তেওঁ অসমীয়া সাহিত্যত এখন সুকীয়া আসন প্রতিষ্ঠা কৰি থৈ গৈছে। সেয়েহে সাহিত্যৰ বুৰঞ্জীকাৰ সকলৰ বহুতেই অসমীয়া সাহিত্যৰ এই সময়ছোৱাক বেজবৰুৱাৰ যুগ বুলি অখ্যায়িত কৰিছে।

বেজবৰুৱা দেবে জীৱনজোৰা সাধনাৰে সৃষ্টি কৰি যোৱা অমৰ সাহিত্য কৰ্মসমূহৰ উল্লেখ এই ক্ষেত্ৰত নিত্যান্তই প্ৰয়োজনীয়। গল্প পুথি- সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কেহোঁকলি; উপন্যাস – পদুম কুঁৱৰী; কবিতা পুথি – কদম কলি, পদুম কলি; শিশুসাহিত্য – বুঢ়ী আইৰ সাধু, জুনুকা, বাখৰ, ভাগৱত কথা, ককা দেউতা আৰু নাতিল’ৰা; জীৱনী পুথি – শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ, ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত্ৰ আৰু আত্মজীৱনী মোৰ জীৱনৰ সোঁৱৰণ; তত্বমূলক আলোচনা – শ্রীকৃষ্ণ কথা, তত্বকথা, চৈতন্যদেৱ, অসমীয়া ভাষা আৰু সাহিত্য; নাটক – বেলিমাৰ, চক্ৰধ্বজ সিংহ, জয়মতী কুৱঁৰী, পাঁচনি, নোমল, চিক্ৰপতি-নিকপতি, লিতিকাই ইত্যাদি। এই লেখনিসমূহৰ বাদেও তেখেতে কৃপাবৰ বৰবৰুৱা নামত লিখা কৃপাবৰ বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি, কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভোতনি, বৰবৰুৱাৰ বুলনি আদি ৰচনাসমূহে অসমীয়া পাঠকক সদায় একবিস্ময়কৰ আনন্দ প্রদান কৰি থাকিব। ইয়াৰ উপৰিও ইংৰাজী ভাষাত লিখা তেখেতৰ “History of Vaishnavism in India and Rasa Lila of Sri Krishna এক উল্লেখনীয় অৱদান। নিজে এই বিলাক ৰচনা ৰাজি লিখি উলিওৱাৰ উপৰি তেখেতে নিজা উদ্যোগত বাঁহী নামৰ আলোচনী খনো সম্পাদনা কৰিছিল।

অকনো জিৰণী নোলোৱাকৈ কলম চলোৱা বেজবৰুৱা সামাজিক জীৱনতো আছিল আগবঢ়া। তেখেতে ১৯২৪ চনত গুৱাহাটীত অসম সাহিত্য সভাৰ সপ্তম অধিবেশনৰ সভাপতিৰ পদ অলংকৃত কৰি আমাৰ সাহিত্য আৰু সংস্কৃতিক বলিষ্ঠ নেতৃত্ব প্ৰদান কৰিছিল। অসমীয়া জাতীয়তাবাদৰ উত্থানৰ কালৰ এজন আগশাৰীৰ কাণ্ডাৰী হিচাপে তেখেতে সাহিত্য আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়াইছিল। সমসাময়িক প্রায় সকলো লোকৰ মাজত নিজৰ দৰেই বেজবৰুৱাৰ মনতো বৃটিছ ভক্তি আছিল যদিও সামগ্রিকভাবে তেখেত আছিল নিভাজ মানুহ। অকৃত্রিম ভাবে তেওঁ জাতীয় উন্নতি বিচাৰিছিল।

সাহিত্যিক হিচাপে বেজবৰুৱা আছিল অন্যতম প্ৰতিভাৰ গৰাকী। তেওঁৰ সুক্ষ্ম বিচাৰবোধ গভীৰ সহনশীলতা আদিয়ে তেওঁৰ সাহিত্যক সদায় অমৰ কৰি ৰাখিব। বেজবৰুৱা দেবে নিজে ভাল সৃষ্টিশীল ৰচনা কৰাই নহয়, তেখেতে সমালোচক হিচাপেও অগ্ৰদূতৰ ভূমিকা গ্ৰহণ কৰে। জাতীয় জীৱনত শংকৰদেবক প্রতিষ্ঠা কৰাত তেওঁ বিশেষ ধৰণে আগভাগ লয় আৰু তেওঁৰ মাজেদিয়েই অসমীয়া জাতীয় জীৱনৰ এই গুৰুত্বপূৰ্ণ দিশটো পোহৰলৈ আহে। সাহিত্যিক হিচাপে তেওঁৰ আটাইতকৈ বলিষ্ঠ দিশটো হ’ল হাস্যৰস। বেজবৰুৱাৰ আগতে ইমান সফলভাবে অসমীয়া সাহিত্যক কোনেও ৰসাল কৰি তুলিব পৰা নাছিল আৰু আজিও এই দিশটো তেওঁ এৰি থৈ যোৱা ঠাইতে আছে বুলিলেও অত্যুক্তি নহ’ব। এই সকলোবোৰ দিশৰ পৰাই বেজবৰুৱাক মোৰ ভাল লাগে। তেওঁক ভাল পাওঁ বাবে হয়তো তেওঁৰ মাজত কোনো দোষ দেখা নাপাওঁ। কিন্তু এই কথাত সন্দেহ নাই যে দোষে গুণেই মানুহ। বেজবৰুৱাৰো হয়তো কোনোবা দিশত কিবা দোষ থাকিব পাৰে কিন্তু এইটো নিসন্দেহ যে তেওঁ অসমীয়া আধুনিক সাহিত্যৰ এগৰাকী কেন্দ্ৰীয় ব্যাক্তিত্ব আৰু তেওঁৰ সাহিত্য মনত থাকিব লগা ধৰণে মিঠা।

৪। অসমৰ জাতীয় উৎসৱ

উৎসৱবোৰ হ’ল এজনৰ জীৱন ৰ আশা আকাংক্ষা, আনন্দ উৎসাহ আদিৰ এক সামুহিক প্রকাশ। সেই হিচাপে উৎসৱবোৰে জীৱন সংগ্ৰামৰ বিভিন্ন দিশ প্রতিফলিত কৰে। এনেদৰে একোটা সৰু সৰু মানৱ গোটৰ মাজত প্ৰচলিত উৎসৱবোৰে নিৰ্দিষ্ট ভৌগোলিক, অর্থনৈতিক সামাজিক আদি কাৰণত উমৈহতীয়া গুৰুত্ব অৰ্জন কৰে আৰু সি লাহে লাহে জাতীয় সম্পদ হৈ পৰে। এনেবোৰ উৎসবকে আমি জাতীয় উৎসৱ বোলো। জাতীয় উৎসৱ জাতিটোৰ বিভিন্ন বর্ণ, বিভিন্ন গোষ্ঠী বা বিভিন্ন অর্থনৈতিক কাঠামোৰ মানুহক সাঙুৰি লয় আৰু ই জাতিটোৰ সামাজিক জীৱন ধাৰাক প্ৰতিফলিত কৰেগৈ ।

অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ জীৱন সংগ্ৰামৰ মূল দিশবোৰ প্ৰতিফলিত কৰি এক সামুহিক উৎসৱ হিচাপে আত্মপ্ৰকাশ কৰিছিল বিহু উৎসবে। বিহু শব্দৰ উৎপত্তি সম্পৰ্কে পণ্ডিত সকলৰ নানান মত আছে। বিষুৱ সংক্রান্তিৰ এই উৎসৱ পালন কৰালৈ চাই বহুতে সংস্কৃত ‘বিষুৱ’ শব্দৰ পৰা ইয়াৰ উৎপত্তি হোৱা বুলি মত প্ৰকাশ কৰিছে। কিছুমানে বড়ো ভাষাৰ বৈচাণ্ড শব্দৰ পৰাই বিহু শব্দটো আহিছে বুলিছে। উল্লেখনীয় যে ডিমাছাসকলৰ বুচু আৰু দেউৰীসকলৰ বিচু শব্দৰ লগতো বিহু শব্দটোৰ সঙ্গতি আছে। তিৱাসকলৰ মাজতো বসুমতীৰ পূজা হিচাপে বিচু উৎসৱ প্ৰচলন আছে। অথৰ্ববেদ আৰু ঐতিৰীয় ব্ৰহ্মণত সূৰ্য্যৰ গতি নির্ণয় কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কৰা বিষুবন যজ্ঞৰ কথা আছে। এই সকলো বিলাকতে দেখা যায় যে কৃষিৰ উৎপাদনৰ লগত ইয়াৰ এক ওতঃপ্রোত সম্পর্ক।

বিহু তিনিটা- কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহু। বছৰৰ বেলেগ বেলেগ সময়ত উদ্যাপন কৰা এই বিহু কেইটাক সময় আৰু অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আমি কঙালী বিহু, ভোগালী বিহু আৰু ৰঙালী বিহুও বোলা হয়। আহিনৰ শেষত লাহে লাহে সোনৱৰনীয়া হ’বলৈ ধৰা শ‍ইচ মুঠি আদৰিবৰ বাবে খেতিয়কৰ মন উখল মাখলহয়। পথাৰৰ পূৰঠ হওঁ হওঁ কৰা ধান মুঠি যাতে পোক পৰুৱাই অনিষ্ট নকৰে তাৰে কামনা কৰি আহিনৰ সংক্ৰান্তিৰ দিনা তুলসীৰ তলত চাকি জ্বলোৱাৰ লগতে পথাৰত আকাশ বন্তি জ্বলায়। অভাৱ অনাটনৰে জৰ্জৰিত এই উৎসৱ উপলক্ষে কোনো বিশেষ ধৰণৰ অনুষ্ঠান বা খাদ্য আদিৰ ব্যৱহাৰ নাই। মাত্ৰ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলায় বুট-মণ্ড ইত্যাদি দিয়া হয়। আর্থিক দুৰৱস্থাৰ এই সময়ছোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই হ’বলা এই বিহুক কঙালী বোলা হয়।

পুহৰ সংক্ৰান্তিৰ সময়ত উদ্যাপিত হয় ভোগালী বিহু। আঘোণ পুহ মাহত সোণোৱালী শ‍ইচ চপাই আনি ভঁৰাল ভৰাই কৃষকে স্বস্তিৰ নিশ্বাস পেলায়। বছৰ জোৰা সাধনাৰ ফল ঘৰ চপোৱাৰ আনন্দৰে গাওঁবোৰ উল্লাসিত হৈ পৰে। ইফালে এই সময়ছোৱাতে প্ৰায়বোৰ বস্তুৰে উভৈনদীৰ সময়। সেইবাবেই ডেকাবোৰ

লগ হৈ পথাৰত মেজি সাজে আৰু তাত ভোজ ভাত খায় আনন্দ কৰে। পুৱা এই ঘৰত জুই দি অগ্নি দেৱতাক প্রনাম জলোৱা হয়। ঘৰে ঘৰে চিৰা, পিঠা, লাক, মুড়ি উভৈনদী হৈ পৰে আৰু ইজনে সিজনক নিমন্ত্ৰন দিয়া অতি আদৰেৰে খুউৱা ধুউৱা কৰে। ভোগালী বিহুত থকা মেজি জ্বলোৱাৰ পৰম্পৰা বহুতৰ মতে জনজাতীয় সমাজ ব্যৱস্থাত থকা সময়ৰে থকা ঠাইৰ পৰা বহু দুৰৈত খেতিৰ বাবে সাজি লোৱা অস্থায়ী টঙী ঘৰ বা আস্থানবোৰত খেতি চপাই শেষ কৰি ডেকাবোৰে আনন্দ উৎসৱ পালন কৰে আৰু সেইবোৰ ভাঙি জুই জ্বলাই দি ঘৰমুৱা হয়। হয়তো পৰবৰ্তী কালত জনজাতীয় এনে পৰম্পৰাৰ ওপৰতে অগ্নিপূজাৰ নীতিটো যোগ হৈ এনে ৰূপ লয়। দ্বিতীয়তে মাঘ মাহৰ পিছতেই আৰম্ভ হোৱা পচোৱা বতাহৰ সময়ত অগ্নি দেৱতা বৰ কষ্ট হৈ পৰে। চাৰিওফালে খৰাং বতৰ। অকনমান কিৰিঙতিতে প্রচণ্ড অগ্নি প্রৱলিত হয়। সেই ভয়ৰ বাবেও তাহানি মানুহে তেওঁলোকৰ শ‍ইচ আদি যাতে নিৰাপদে থাকে তাৰ কামনা কৰি অগ্নি দেৱতাক পূজা কৰিব পাৰে। সি যিয়েই নহওক চাৰিওফালে ভোগৰ সামগ্ৰীৰে ভৰি থকা এই সময়ছোৱাত উদ্যাপিত এই বিহুক ভোগালী বিহু বোলা হয়। এই বিহুৰ লগত সংগতি ৰাখি ম’হযুঁজ, কণীযুঁজ, বুলবুলি চৰাই যুঁজ আদি অনুষ্ঠিত হয়।

নতুন বছৰটোৰ আৰম্ভনিৰ লগে লগে চ’ত বহাগৰ সংক্ৰান্তিৰ দিনাই আৰম্ভ হয় বহাগ বিহু। বসন্তৰ পৰশ লাগি প্ৰকৃতি হৈ উঠে ৰঙে ৰূপে বিভূষিতা। চতুর্দিশে গছে গছে নতুন কুঁহি পাত, কুলি-কেতেকীৰ পৰান জুৰুৱা মিঠা মাত আৰু নতুন নতুন ফল-ফুলৰ প্ৰাণস্পর্শী শোভাই প্রকৃতিক সচাঁই সজাই তোলেন কন্যাজনীৰ সাজেৰে। প্ৰকৃতিৰ মাজত প্রস্ফুটিত হয় গর্ভসম্ভৱা মাতৃৰ অনাবিল সৌন্দর্য। প্ৰকৃতিৰ প্ৰেমৰ এই ৰঙীন ছবিয়ে মানুহকো বলীয়া কৰে। ডেকা-গাভৰুৰ মনলৈ আনে অফুৰন্ত উদ্দাম আৰু আশা বাসনা। সেইবাবেই বহাগ বিহুক ভবা হয় যৌৱনৰ উৎসৱ বুলি। সেই বুলি প্ৰেমত বলীয়া মানুহে পাহৰি যায় যে সিহঁতৰ জীৱন যৌৱনক ধৰি ৰখাৰ একমাত্ৰ উপাদান খেতি-পথাৰ’ৰ বাবেও এয়া সাজু হোৱাৰ সময়। সেয়েহে বিহুৰ প্ৰথম দিনাই মানুহে পালন কৰে গৰু বিহু। গৰু বিহুৰ দিনা মাহ হালধীৰে গৰু, গাইক নোৱাই ধরাই লাউ বেঙেনা কেৰেলা আদি দলিয়াই সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰা হয় । এইবোৰ দলিয়াই মানুহে গায়

“লাড খা বেঙেনা খা

দিনে দিনে বাঢ়ি যা

মাৰ সৰু বাপেৰ সৰু 

তহঁত হবি বৰ বৰ গৰু।।”

ইত্যাদি। সন্ধিয়া গৰু গাইক আদৰি আনি গোহালিৰ ওচৰত জাগ দিয়া হয় । সিহঁতক মাখিয়তিৰে বিচি গোৱা হয় “মাখিয়তী মাখি পাত৷ মাখি মাৰে জাক জাক।” ইত্যাদি।

গৰু বিহুৰ পিছদিনা মানুহৰ বিহু । মানুহৰ বিহুত ৰাতিপুৱা সকলোৱে গা-পা ধুই নতুন কাপোৰ পিন্ধে। সৰুৱে ডাঙৰক সেৱা জনায় আশীৰ্বাদ লয়। আপোনজনক বিহুৱান দি চেনেহৰ আদান প্ৰদান কৰা হয়। ইঘৰে সিঘৰে অহা যোৱা -খোৱা বোৱা আদিৰ মাজেৰে মিলা-প্ৰীতি আৰু মৰম-স্নেহৰ সম্পৰ্কক আৰু সুদৃঢ় কৰা হয়।

ইয়াৰ পিছৰ দিনা হ’ল গোঁসাই বিহু। গোঁসাই বিহুৰ দিনাৰ আনুষ্ঠানিকতা হ’ল গোঁসাই বিগ্ৰহক নোৱাই ধোৱাই সামূহিক নামকীৰ্ত্তন ইত্যাদি কৰা হয়। এই কেইটাই হ’ল মূল বিহু। ইয়াৰ উপৰিও চেৰা বিহু, চেনাইৰ বিহু, তাতৰ বিহু, নাঙলৰ বিহু আদি সাতবিহু পালন কৰা হয়

এয়া হ’ল বহাগ বিহুৰ লগত জড়িত কৃষিকেন্দ্ৰিক সমাজৰ বিভিন্ন নীতি নিয়ম বা আনুষ্ঠানিকতা। কিন্তু ইয়াৰ উপৰিও ৰঙালী বিহুৰ লগত জড়িত হৈ থকা ডেকা গাভৰুৰ সমূহীয়া নৃত্য-গীতৰ ব্যৱস্থাটোৱে তাক এক বিশেষ ধৰণৰ স্থান প্ৰদান কৰিছে। এই গীত মাত বোৰৰ মাজতে আছে প্রকৃতিক শষ্য সম্ভৱা কৰি তোলাৰ প্ৰচেষ্টাত গোৱা যৌৱনৰ উন্মাদনাৰ উন্মুক্ত প্রকাশ। গীত-নাচ প্ৰতিটোৰ মাজতে, ঢোলৰ চেওত বা টকাৰ মাতত, পেঁপাৰ শব্দত বা গগনাৰ মাতত আছে যৌৱনৰ মোহময়ী প্ৰকাশ। এই প্রকাশেই বিহুক এক যুগমীয়া সম্পদ কৰি তুলিছে। ড০ ভূপেন হাজৰিকাই কোৱাৰ দৰে অসমীয়া জাতিৰ হৈ আয়ুস ৰেখা গনা জীৱনৰ ই সাহ। বিহুৰ এই দিনবোৰেই ইয়াক যৌৱনৰ উৎসৱ কৰি অসমীয়া ডেকাক সাহস দিছে, মিলাপ্ৰীতি, সন্মান আদিৰ মাজেৰে এটা সন্মিলিত জাতি গঢ়ি তোলাত সহায় কৰিছে আৰু এনেদৰেই ই হৈ পৰিছে আমাৰ জাতীয় উৎসৱ।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

৫। মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান

মানৱ সভ্যতাৰ প্ৰগতিৰ এক অন্যতম সপোন হ’ল বিজ্ঞান। বিজ্ঞান মানুহৰ কাৰ্য্যৰেই উল্লেখনীয় সাফল্যৰ এটা দিশ, তথাপি বিজ্ঞানে আকৌ সভ্যতাক আগুৱাই নিয়াতো বিশেষ ভূমিকা পালন কৰিছে। বিজ্ঞানীসকলৰ নেৰানেপেৰা পৰিশ্ৰম আৰু একাগ্ৰ সাধনাৰ ফলত ন ন আৱিস্কাৰ আৰু নতুন নতুন পৰীক্ষা নিৰীক্ষা হৈ আছে আৰু তাৰ ভিত্তিতেই সভ্যতাই ন ন গঢ় লৈছে। মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান বোলোতে আমি আচৰিত নহৈ নোৱাৰো যে ছেফটিপিনৰ পৰা চুপাৰ কম্পিউটাৰলৈকে এই সকলোবোৰেই বিজ্ঞানৰ অৱদান যিবোৰৰ ভিত্তিতে আজি মানৱ জীৱন সমৃদ্ধ হৈছে আৰু মানুহে মহাকাশতো নিজৰ বিজয় সাব্যস্ত কৰিব পাৰিছে।

বিজ্ঞাননো কি? বিজ্ঞান হ’ল পৰীক্ষালব্ধ আৰু প্ৰণালীবদ্ধ জ্ঞান। সভ্যতাৰ আদিম স্তৰৰে পৰা মানুহে নিজৰ চিন্তা শক্তিৰে নানানটা পৰীক্ষা নিৰীক্ষা চলাই নিজৰ প্ৰয়োজন মতে জগতৰ বস্তুবোৰ গঢ়ি-পিতি নিজৰ কামত লগাইছে। কিন্তু আদিম স্তৰত এনেবোৰ জ্ঞানৰে প্ৰয়োজনীয়তা পূৰণ হ’লেও তাকে প্ৰণালীবদ্ধ ভাৱে পৰীক্ষা কৰাৰ ব্যৱস্থা নাছিল। সেয়েহে বহু ঘটনাৰ প্ৰকৃত কাৰ্য্য কাৰণ নিৰ্ণয় কৰিব নোৱাৰি মানুহে নিজৰ মনৰ জোখাৰে কেতবোৰ কল্পনা বা অনুমান কৰি লৈছিল। এনে প্ৰৱনতাৰ ফলস্বৰূপে সমাজত ভালেমান অন্ধবিশ্বাসৰো জন্ম হৈছিল। কিন্তু এনেবোৰ ব্যৱস্থাৰ মাজেদিয়েই সমাজ আগবাঢ়িছিল আৰু নতুন নতুন উদ্ভাৱনৰ বাবে মানুহে সদায় প্রচেষ্টা চলাইছিল। সপ্তদশ শতিকাৰ মাজভাগত ইউৰোপত এচাম লোকে চিন্তা, গৱেষণা আৰু প্ৰয়োগ কৌশলৰ উদ্ভাৱন কৰি জগতত বিস্ময়ৰ সৃষ্টি কৰিলে। যন্ত্ৰৰ আৱিস্কাৰ হ’ল আৰু যন্ত্ৰৰ আৱিস্কাৰে যোগাযোগ, শিল্প, উদ্যোগ আদিত বিপ্লৱ আনিলে। লিওনার্দো দ্য ভিন্সিৰ দৰে মনীষিয়ে প্ৰণালীবদ্ধ পৰীক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে আৰু তেওঁৰ অসাধাৰণ কল্পনা শক্তিৰে ভালেমান দিশত নতুন তথ্যৰ সন্ধান দি থৈ গ’ল। লাহে লাহে পদার্থ বিজ্ঞানত নিউটনে, জ্যোতির্বিজ্ঞানত গেলিলিঅ’ই আৰু জীৱ বিজ্ঞানত ডাৰউইনে ভালেমান বিস্ময়কৰ অৱদান দি প্রতিষ্ঠিত ধাৰণা সমূহকে ওলট-পালট কৰি দিলে। এনেবোৰ আৱিস্কাৰে ক্ৰমে মানুহক ধৰ্মীয় অন্ধবিশ্বাসৰ পৰা মুক্ত হৈ স্বাধীনভাৱে চিন্তা আৰু গৱেষণা কৰিবলৈ প্ৰেৰণা যোগালে। এনে প্ৰেৰণাৰ বলতে উদ্যোগিক দিশত ভালেমান অভূতপূর্ব উদ্ভাবন ঘটিল, গ্ৰহ গ্ৰহাস্তৰ আৰু তৰাৰ দেশলৈ যাত্ৰাপথৰ সূচনা হ’ল আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি ৰহস্যৰসন্ধান বিচাৰি বিজ্ঞানে বাট বুলিলে ।

বিজ্ঞানে মানৱ সভ্যতাক কি দিয়া নাই । এতিয়া বিজ্ঞানৰ বলত মানুহে আয়ত্ব কৰিছে জীৱ প্ৰযুক্তি বিদ্যা। বিজ্ঞানৰ এই শাখাৰ প্ৰয়োগতে মানুহে তৈয়াৰ কৰিছে উন্নত শস্যৰ বীজ, উন্নত সচঁৰ গাই, গৰু, হাঁহ, পাৰ, মাছ, কুকুৰা ইত্যাদি। চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে দুৰাৰোগ্য ব্যাধি সমূহ নিৰাময় কৰিব পৰাৰ ব্যৱস্থা আৱিস্কাৰ হৈছে, মানৱ জীৱনক সন্ত্রাসিত কৰা মহামাৰীবোৰ নিৰ্মূল হৈছে, অকাল মৃত্যুৰ হাৰ কমিছে আৰু মানুহৰ জীৱন ভালেমান নিৰাপদ হৈছে। প্রযুক্তি কৌশলৰ বিকাশৰ ফলত জীৱনৰ প্ৰতিটো দিশতে বিস্ময়কৰ পৰিবৰ্তন হৈছে, দূৰদৰ্শনৰ দৰে ব্যৱস্থাৰ প্ৰবৰ্তনৰ ফলত পৃথিৱীখন মানুহৰ শোৱনি কোঠাত উপস্থিত হৈছেহি, কম্পিউটাৰ আদিৰ উদ্ভাৱনৰ ফলত জীৱনৰ গতি ভালেমান ক্ষীপ্ৰতৰ হৈ পৰিছে, আৰু এনেদৰে বিজ্ঞানে সভ্যতাৰ গতিক ক্ষীপ্ৰতৰ কৰি তুলিছে। গতিকে মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান এক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰা বিষয়, বৰং সৰল ভাৱে ক’বলৈ গ’লে বৰ্তমানৰ মানৱ সমাজখনেই বিজ্ঞানৰ অৱদানৰ দ্বাৰাই চালিত হৈ আছে।

কিন্তু সকলোবোৰ অৱদানৰ স্বত্বেও বিজ্ঞানৰ আৱিস্কাৰে সভ্যতাক ভালেমান সংকটৰো মুখামুখি কৰিছে। অৱশ্যে পোনপটীয়াভাৱে এই দোষ আমি বিজ্ঞানৰ ওপৰত জাপি দিব নোৱাৰো। কাৰণ বিজ্ঞানৰ বৰেন্য মনীষি সকলেই এই কথা কৈ গৈছে যে বিজ্ঞানৰ সীমা জ্ঞানৰ অন্বেষণ আৰু আৱিস্কাৰৰ মাজতে তাৰ প্রয়োগ আৰু তাক সামাজিক কল্যাণৰ বাবে ব্যৱহাৰ কৰাৰ দিশটো বিবেচনা কৰিব লাগিব সমাজে। কাৰণ মানৱীয় প্ৰমূল্য গঢ় দিয়াৰ কাম সমাজৰহে। তথাপি আমি বিজ্ঞানৰ অৱদানৰ কথা আলোচনা কৰোঁতে এই কথাও মনত

ৰাখিব লাগিব যে বিজ্ঞানৰ ফলত হোৱা দ্ৰুত ঔদ্যোগিক বিকাশৰ ফলত পৃথিৱীৰ বায়ু, পানী, মাটি সকলোবোৰ প্ৰদূষিত হৈ পৰিছে অথবা বিজ্ঞানৰ উন্নয়ণৰ ফলতে উদ্ভৱ হোৱা আনবিক শক্তিয়ে পৃথিৱীক ধ্বংসৰ ভয়ত সন্ত্রস্ত কৰি ৰাখিছে। কিন্তু এই ভয়াবহ দিশবোৰলৈ চালেই আমি লক্ষ্য কৰিব লাগিব বিজ্ঞানৰ এই আৱিস্কাৰসমূহক ব্যৱহাৰ কৰাৰ মানসিকতা। বিজ্ঞানৰ উন্নতিয়ে দিয়া সুফলবোৰ পৃথিৱীৰ অধিকাংশ মানুহেই ভোগ কৰিব পৰা নাই। এমুঠি মানুহৰ স্বাৰ্থত ব্যবহৃত বিজ্ঞানে সমাজৰ বাবে সেয়েহে সমস্যাৰ সৃষ্টি কৰিছে। পৃথিৱীৰ সকলো মানুহৰ মনতে কল্যাণৰ ভাৱনা আৰু বৈজ্ঞানিক মানসিকতা জগাই তুলিব পাৰিলে বিজ্ঞানে মানৱ সভ্যতাক বিস্ময়কৰ উন্নতিৰ শিখৰলৈ আগুৱাই নিব পাৰিব।

৬। অসমৰ কুটীৰ শিল্প

আৰম্ভণি : যিবিলাক শিল্প কম খৰচতে নিজৰ ঘৰতে থাকি নাইবা নিজৰ হাতেৰেই চলাব পাৰি, সেইবিলাককেই সাধাৰণতে কুটীৰ বা ঘৰুৱা শিল্প বুলি কোৱা হয়। বর্তমান সময়ত দেশ এখনৰ অৰ্থনৈতিক প্রগতিত বৃহৎ উদ্যোগ বা শিল্পসমূহৰ লগত কুটীৰ শিল্পয়ো এক বিশিষ্ট বৰঙণি আগবঢ়াইছে। বিশেষকৈ অর্থনৈতিকভাৱে অনগ্ৰসৰ গাঁৱলীয়া লোকসকলৰ অৰ্থনৈতিক প্ৰগতিত কুটীৰ বা ঘৰুৱা শিল্পসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। গাঁৱৰ দুখীয়া লোকসকলে নিজৰ ঘৰতে থাকি আজৰি সময়তে এই ঘৰুৱা শিল্পবোৰত নিজকে জড়িত কৰিব পাৰে। গতিকে গাঁৱলীয়া মানুহৰ উন্নতিত কুটীৰ শিল্পৰ প্ৰয়োজন আছে।

অসমৰ কুটীৰ শিল্পৰ প্ৰাচীনত্ব : ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্ব অঞ্চলত অৱস্থিত আমাৰ অসম ৰাজ্যখন অতি পুৰণি কালৰ পৰাই কুটীৰ শিল্পত চহকী। এনেকি প্ৰাচীন কালৰ কামৰাপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মণেও উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্দ্ধনলৈ অসমৰ কুটীৰ শিল্পৰ লগত জড়িত লোকে সাজি উলিওৱা বস্তু কেইপদমান আগবঢ়াইহে গৌৰৱবোধ কৰিছিল। হৰ্ষবৰ্দ্ধনলৈ আগবঢ়োৱা এই বস্তুবোৰৰ ভিতৰত আছিল পাটৰ কাপোৰ, কাঁহৰ বাচন,হাতী দাঁতৰ বস্তু, বাঁহৰ ফুলাম জাপি আদি অসমৰ আহোম-কোচ আদি ৰজাসকলেও কুটীৰ শিল্পৰ উন্নতিত বিশেষ গুৰুত্ব আৰোপ কৰিছিল বুলি গম পোৱা যায় প্রাচীনকালত ৰচিত অসমীয়া কিছুমান সাহিত্যগ্ৰন্থৰ পৰা। কোচ ৰজা মহাৰাজ নৰনাৰায়ণে অর্থনৈতিক দিশত সেই সময়ৰ মানুহবোৰৰ উন্নতিকল্পে কুটীৰ শিল্পৰ ওপৰত গুৰুত্ব দি উজনিৰ পৰা বিভিন্ন শিল্পৰ লগত জড়িত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আনি নামনি অসমত স্থাপন কৰিছিল। প্ৰাচীন কালৰেপৰা অসমৰ তিৰোতা আনকি কিছুসংখ্যক পুৰুষো বান শিল্পৰ লগত জড়িত আছিল বুলি পুৰণি সাহিত্যৰ আধাৰত বুজি পোৱা যায়। অসমত অতি পূৰ্বৰেপৰা বৃত্তিয়াল জাতি হিচাপে থকা সোণাৰী, কমাৰ, কুমাৰ, তাঁতী আদি জাতি-সম্প্রদায়বোৰেও অসমৰ কুটীৰ শিল্পৰ অস্তিত্বৰ প্ৰমাণ দাঙি ধৰে। এই কথাবোৰৰপৰা এই কথা স্বাভাৱিকতে গ্ৰহণ কৰিব পাৰ যে প্ৰাচীন অসম কুটীৰ শিল্পত চহকী আছিল ।

অসমৰ কুটীৰ শিল্পৰ বৰ্তমান অৱস্থা : অসমত কুটীৰ শিল্পৰ অৱনতি ঘটিছে যদিও এতিয়াও এইবোৰ সম্পূৰ্ণৰূপে নিশ্চিহ্ন হোৱা নাই। বৰ্তমান অসমৰ কুটীৰ শিল্পৰ ভিতৰত তাঁত শিল্প, এড়ি, মুগা, পাটৰ কাম; কাঁহ-পিতলৰ বাচন তৈয়াৰ কৰা শিল্প; মাটিৰ বাচন তৈয়াৰ কৰা শিল্প; হাতী দাঁতৰ বিবিধ বস্তু তৈয়াৰ কৰা শিল্প; বাঁহ-বেত আদিৰে বিবিধ বস্তু তৈয়াৰ কৰা শিল্প আদিয়েই উল্লেখযোগ্য। অসমত বৰ্তমানে কুটীৰ শিল্প হিচাপে সোণ-ৰূপ আদিৰ অলংকাৰ তৈয়াৰ কৰা শিল্পৰ প্ৰচলনো দেখা যায়। অসমৰ কিছুমান ঠাই এতিয়াও বিশিষ্ট কিছুমান শিল্পৰ লগত জড়িত আৰু সেইবোৰ ঠাই অসমৰ ভূগোল-বুৰঞ্জীত সেই হিচাপেই বিখ্যাত হৈ পৰিছে। উদাহৰণস্বৰূপে অসমৰ শুৱালকুছি পাট-মুগা কাপোৰৰ শিল্পৰ বাবে বিখ্যাত, হাজো পিতলৰ বাচন তৈয়াৰ কৰা শিল্পৰ বাবে বিখ্যাত। সেইদৰে সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত আৰু বৰপেটা হাতী দাঁতৰ শিল্পৰ বাবে বিখ্যাত। এইবোৰ অঞ্চলৰ শিল্পজাত বস্তুবোৰৰ আকৰ্ষণ এতিয়াও সমগ্ৰ অসমতে দেখা যায়। অসমৰ বয়ন শিল্পৰ পূৰ্বৰ ঐতিহ্য এতিয়া নাই যদিও এই শিল্প এতিয়াও অসমত লুপ্ত হৈ যোৱা নাই । এতিয়াও অসমত এনেকুৱা তিৰোতা আছে, যিসকলে নিজৰ নিজৰ ঘৰুৱা প্ৰয়োজনৰ বাবে সুন্দৰ সুন্দৰ কাপোৰ এতিয়াও বই উলিয়াই আছে। এইবোৰ কথাৰপৰা বুজিব পাৰি যে অসমত কুটীৰ শিল্পসমূহৰ অৱস্থা এতিয়া শোচনীয় অৱস্থাত আছে যদিও বহুত শিল্পই তাৰ মৰ্যাদা এতিয়াও অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈ আহিছে। কেবল এই শিল্পজাত সামগ্ৰীবোৰৰ ব্যাপক প্রচলন নোহোৱাৰ ফলস্বৰূপে বহুতো শিল্পীয়ে এইবোৰৰ লগত জড়িত হ’বলৈ অনিচ্ছা প্রকাশ কৰিছে।

অসমৰ কুটীৰ শিল্পৰ অৱনতিৰ কাৰণ : অসমৰ কুটীৰ শিল্পৰ অৱনতিৰ কাৰণসমূহ ভিন্‌ ভিন্‌ ধৰণৰ। এইক্ষেত্ৰত প্ৰথমে যান্ত্রিক যুগত যন্ত্রশিল্পৰে তৈয়াৰী বস্তুৰ সৈতে কুটীৰ শিল্পজাত সামগ্ৰীসমূহে ফেৰ মাৰিব নোৱাৰটোৱেই মুখ্য কাৰণ বুলি ক’ব লাগিব। বৰ্তমান যুগটো হৈছে সঁচাকৈয়ে যন্ত্ৰৰ যুগ। এই যন্ত্ৰৰ • যুগত যন্ত্ৰৰ সহায়ত বৃহৎ উদ্যোগসমূহৰ জৰিয়তে কম সময়তে আৰু কম খৰচতে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় বস্তুসমূহ তৈয়াৰ কৰি উলিয়াবলৈ সক্ষম হোৱা গৈছে। যন্ত্ৰৰ সহায়ত সাজি উলিওৱা এই বস্তুবোৰৰ তুলনাত কুটীৰ শিল্পজাত সামগ্ৰীৰ দাম বেছি হোৱা বাবে স্বাভাৱিকতে সেইবোৰ বস্তুৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়ি গৈছে। ফলস্বৰূপে কুটীৰ শিল্পজাত সামগ্ৰীৰ সমাদৰ কমি গৈছে আৰু এই শিল্পসমূহ দুৰ্যোগৰ সন্মুখীন হৈছে।

দ্বিতীয়তে বৰ্তমান মানুহৰ ৰুচিৰ পৰিৱৰ্তনো কুটীৰ শিল্পসমূহৰ অৱনতিৰ অন্য এটা কাৰণ। মানুহে বর্তমানে যন্ত্ৰৰ দ্বাৰা তৈয়াৰী বস্তু ব্যৱহাৰ কৰিহে মানসিকভাৱে শাস্তি লাভ কৰে আৰু সেয়ে তেনেবোৰ শিল্পজাত বস্তু ব্যৱহাৰৰ প্ৰতিহে অসমীয়া মানুহৰ নিচা দেখা গৈছে।

তৃতীয়তে বর্তমানে বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰীসমূহৰ দুর্মূল্য আৰু দুষ্প্ৰাপ্যতাও কুটীৰ শিল্পৰ অৱনতিৰ অন্য এক কাৰণ হৈ পৰিছে। কুটীৰ শিল্পৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰীবোৰ বৰ্তমানে কমি গৈছে আৰু সেইবোৰৰ দামো অত্যধিক হৈ গৈছে। সেয়ে সেইবোৰৰ দ্বাৰা তৈয়াৰী বস্তুবোৰৰ দামো বৃদ্ধি কৰিবলগীয়া হৈছে আৰু ফলস্বৰূপে সেই সামগ্ৰীবোৰে উপযুক্ত বজাৰ নোপোৱা হৈছে। কুটীৰ শিল্পজাত সামগ্ৰীৰ এনেকুৱা অৱস্থা হোৱাৰ কাৰণে এই শিল্পীসকলৰ অৰ্থনৈতিক জীৱনো লাহে লাহে দুৰ্বলৰ পৰা দুৰ্বলতৰ অৱস্থালৈ গতি কৰিছে। মূলতঃ কুটীৰ শিল্পৰ অৱনতিৰ কাৰণ হিচাপে এইবোৰকেই উল্লেখ কৰিব পাৰি।

সামৰণি : কিন্তু বৰ্তমান অসমত কুটীৰ শিল্পৰ এনে অৱনতি দেখা গৈছে যদিও, অসমৰ গ্ৰাম্য অৰ্থনীতিত কুটীৰ শিল্পৰ বিশিষ্ট ভূমিকা আছে অসমৰ মানুহে এই শিল্পৰ উন্নতিৰ বাবে প্ৰয়োজনীয় চেষ্টা আৰু ব্যৱস্থা কৰা দৰকাৰ। মহামানৱ মহাত্মা গান্ধীয়েও অসমৰ কুটীৰ শিল্পৰ প্ৰতি অসমীয়া মানুহৰ মনোযোগ আকর্ষণ কৰি এই কুটীৰ শিল্পৰ লগত গ্ৰাম্য মানুহৰ অৰ্থনৈতিক প্রগতি জড়িত আছে বুলি কৈছিল। বৰ্তমান অসমৰ গাঁওবাসীৰ অধিকাংশ লোকেই কৃষিজীৱী। অসমীয়া কৃষিজীৱী এই লোকসকলে তেওঁলোকৰ অৰ্থনৈতিক জীৱনৰ পৰিপূৰক হিচাপে কুটীৰ শিল্পতো যদি মনোযোগ দিয়ে তেতিয়াহ’লে অসমীয়া গাঁৱলীয়া লোকসকলৰ অর্থনৈতিক উন্নতি যে সাধন হ’ব সেয়া নিশ্চিত।

কুটীৰ শিল্পৰ উন্নতি কৰিবলৈ হ’লে অসমীয়া মানুহৰ সংঘবদ্ধ প্রচেষ্টা প্রয়োজনীয়। লগতে চৰকাৰৰ ফালৰপৰাও এই শিল্পৰ উন্নতিকল্পে বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব। কুটীৰ শিল্পৰ আধুনিকীকৰণ কৰি আৰু সেই শিল্পৰ লগত জড়িত আগৰ ব্যৱস্থাৰ লগতে আধুনিক যন্ত্ৰপাতিৰ প্ৰয়োগ কৰিলেহে এই শিল্পৰ উন্নতি সম্ভৱ হ’ব। তেনে কৰিলে কুটীৰ শিল্পজাত সামগ্ৰীৰ দামো কিছু পৰিমাণে কমি যাব; এই সামগ্ৰীবোৰে তেতিয়া উপযুক্ত বজাৰো পাব আৰু এনেদৰে বজাৰ পালে ইয়াৰ লগত জড়িত শিল্পীসকলৰ অৰ্থনৈতিক জীৱনৰো উন্নতি হ’ব। কুটীৰ শিল্পৰ এই উন্নতিয়ে অসমৰ নিবনুৱা সমস্যাৰ সমাধানতো কিছু পৰিমাণে হ’লেও সহায় কৰিব। সেয়ে অসমৰ অৰ্থনীতিৰ উন্নতিৰ বাবে কুটীৰ শিল্পসমূহৰ উন্নতিও অপৰিহাৰ্য ।

Leave a Reply