NIOS| Assamese (303)| Notes/Answer|Chapter-23| বর্ণবোধ

NIOS| Assamese (303)| Notes/Answer|Chapter-23| বর্ণবোধ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-23| বর্ণবোধ

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-23| বর্ণবোধ

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)| Notes/Answer|Chapter-23| বর্ণবোধ অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড

অধ্যায় ২৩

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

প্রশ্ন ১ : ড° ভবেন্দ্র নাথ শ‍ইকীয়াৰ কেতিয়া আৰু ক’ত জন্ম হয় ? 

উত্তৰ : ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ১৯৩২ নৰ ২০ ফেব্ৰুৱাৰীত নগাঁৱত জন্ম হয় । 

প্রশ্ন ২: ড° ভবেন্দ্র নাথ শ‍ইকীয়াই কোনখন বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ. ডি ডিগ্ৰী লাভ কৰে ৷

উত্তৰ : ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াই লণ্ডন বিশ্বাবিদ্যালয়ৰ পৰা পি. এইচ. ডি ডিগ্রী লাভ কৰে।

প্রশ্ন ৩ : ড° ভবেন্দ্ৰ নাথ শ‍ইকীয়াই সম্পাদনা কৰা দুখন আলোচনীৰ নাম লিখা।

উত্তৰ: পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰা

প্রশ্ন ৪ : ড° ভবেন্দ্র নাথ শ‍ইকীয়াই ৰচনা কৰা দুখন গল্পপুথিৰ নাম লিখা।

উত্তৰ: ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াই ৰচনা কৰা দুখনগল্পপুথিৰ নাম হ’ল প্ৰহৰী আৰু বৃন্দাবন।

প্রশ্ন ৫ : কোনখন গল্প গ্ৰন্থৰ বাবে শ‍ইকীয়াদেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?

উত্তৰ : শৃংখল গল্প গ্ৰন্থৰ বাবে শ‍ইকীয়াদেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

প্রশ্ন ৬ : মাখনীৰ কেঁচুৱাটোৰ নাম কি ? 

উত্তৰ : মাখনীৰ কেঁচুৱাটোৰ নাম মন্টু।

প্রশ্ন ৭ : জয়ন্তীহঁত কাৰ বিয়ালৈ গৈছিল? 

উত্তৰ: জয়ন্তীহত মাখনীৰ ভনীয়েক চিত্ৰাৰ বিয়ালৈ গৈছিল।

প্রশ্ন ৮ : ‘ছাৰ মোৰ এজনী ভনী আছে’— কথাষাৰৰ বক্তা কোন?

উত্তৰ : কথাষাৰৰ বক্তা জয়ন্তীৰ সৰু ককায়েক।

প্রশ্ন ৯ : “ ফ্ৰকবোৰে তাইক ঢাকে, কিন্তু তাইৰ লাজবোৰ নাটাকে ” ইয়াত কাৰ কথা কোৱা হৈছে?

উত্তৰ : ইয়াত জয়ন্তীৰ কথা কোৱা হৈছে।

প্রশ্ন ১০ : কুন্তলাৰ ল’ৰা-ছোৱালী দুটিৰ নাম কি কি ? 

উত্তৰ : কুণ্ডলাৰ ল’ৰা-ছোৱালী দুটিৰ নাম বাদল আৰু কাজল

প্রশ্ন ১১ : কুশল উকীলৰ ল’ৰা মুন্নাই বায়েক পান্নাক আৰু জয়ন্তীক কি বুলি মাতিব শিকিছিল ?

উত্তৰ: মুন্নাইবায়েক পান্নাক বাইদ’আৰু জয়ন্তীক জন্তী বুলি মাতিব শিকিছিল।

প্রশ্ন ১২ : গজেনে কি চাকৰিত সোমাম বুলি জয়ন্তীক কৈছিল ? 

উত্তৰ : গজেনে মিলিটেৰী চাকৰিত সোমাম বুলি জয়ন্তীক কৈছিল।

প্রশ্ন ১৩ : গজেনে বাচন ধুই থকা অৱস্থাত জয়ন্তীক কি ক’ব বিচাৰিছিল? 

উত্তৰ : তাইৰ প্ৰতি থকা দুৰ্বলতা আৰু আবেগ অনুভূতিৰ কথা ক’ব বিচাৰিছিল। 

প্রশ্ন ১৪ : “এটা অশান্তি তাইৰ বুকুৰ তলিৰ পৰা উজাই আহিল”—ইয়াত কাৰ অশান্তিৰ কথা কোৱা হৈছে?

উত্তৰ : ইয়াত জয়ন্তীৰ অশান্তিৰ কথা কোৱা হৈছে।

প্রশ্ন ১৫ : ‘বৰ্ণবোধ’ গল্পৰ দুটি নাৰী চৰিত্ৰৰ নাম লিখা । 

উত্তৰ : মাখনী আৰু কুন্তলা।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্রশ্ন ১ : জয়ন্তীৰ ককায়েক দুজনে কি কৰিছিল ?

উত্তৰ : জয়ন্তীৰ মাক আৰু দেউতাক নাছিল। দুজন ককায়েক আছিল। ডাঙৰজনে মিলিটেৰীত সোমাইছিল; সি এখন যুদ্ধলৈ যোৱাৰ কথা জয়ন্তীয়ে

জানে; তাৰ পিছত তাৰ কি হ’ল জয়ন্তীয়ে নাজানে। সি মৰিল চাগৈ। আনজন ককায়েক চোৰ আছিল। এবাৰ সি দুজনমান চোৰ বন্ধুৰ লগত মানুহ এঘৰত চুৰ কৰিবলৈ গৈ ধৰা পৰে আৰু গৃহস্থক ঘপিয়াইছিল। পিছত মানুহজন মৰিল। উকীলৰ সহায়ত কেছ চলাইছিল যদিও তাৰ জেল হ’ল।

প্রশ্ন ২ : ৰমাৰ বাপেকৰ এটি চমু পৰিচয় দিয়া।

উত্তৰ : ৰমাৰ বাপেকে মদ খাইলি, ভাওনা আৰু যাত্ৰাত ভাও লৈছিল। তেওঁৰ ঘৰতে এখন দাইল-তেলৰ সৰু দোকান আছিল, কিন্তু দোকানৰ পাচি, কাঠৰ বাকচ, টিন এইবোৰ প্ৰায়ে উদং হৈ আছিল। গাঁওখনৰ ভিতৰত তেৱেঁই আটাইতকৈ লিখা-পঢ়া জনা মানুহ আছিল। সেয়েহে তেওঁ গাঁৱৰ মানুহবোৰৰ টান টান দৰ্খাস্তবোৰ লিখি দিব লগা হৈছিল ।

প্রশ্ন ৩ : ৰমাৰ মাক কি কামৰ নিমিত্তে চহৰলৈ গৈছিল ?

উত্তৰ : ৰমাৰ মাকে ভালকৈ কাপোৰ ব’ব জানিছিল। চৰকাৰী বৃত্তি এটা পাই আৰু ভালকৈ কাপোৰ বোৱা শিকিবলৈ চহৰলৈ গৈছিল ৷

প্রশ্ন ৪ : ৰমাৰ মাক কেনেদৰে ঢুকাইছিল ?

উত্তৰ : ৰমাৰ মাক এটা দিনৰ তীব্ৰ জ্বৰত, ডাক্তৰে জ্বৰটো চিনি পোৱাৰ আগতেই ঢুকাইছিল। প্রশ্ন ৫ : ৰমাই জয়ন্তীহঁতক প্ৰথমতে আখৰ লিখিবলৈ ক’ত শিকাইছিল?

উত্তৰ : ফুটছাইৰে লেটিয়াই পেলোৱা কাঁহী এখনত ‘ক’ আখৰটো লিখি ৰমাই জয়ন্তীহঁতক প্ৰথমতে আখৰ লিখিবলৈ শিকাইছিল।

প্রশ্ন ৬ : ৰমাই কাৰ হতুৱাই কাৰ কাৰ বাবে ডাকঘৰৰ পৰা প’ষ্টকাৰ্ড চাৰিখন অনাইছিল ? 

উত্তৰ : ৰমাই গজেনৰ হতুৱাই জয়ন্তী আৰু গজেনৰ বাবে ডাকঘৰৰ পৰা প’ষ্টকার্ড চাৰিখন অনাইছিল।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্রশ্ন ১ : ড° ভবেন্দ্রনাথ শ‍ইকীয়া ৰচিত ‘বৰ্ণবোধ’ নামৰ চুটি গল্পটিত প্ৰকাশ পোৱা বৰ্ণৰোধৰ তাৎপৰ্য বিচাৰ কৰা ।

উত্তৰ : ‘বর্ণ’ মানে আখৰ আৰু ‘বোধ’ মানে হ’ল জ্ঞান। গতিকে বর্ণবোধৰ শব্দগত অৰ্থ হ’ল আখৰৰ জ্ঞান। নিৰক্ষৰ মানুহ এজনে এঠা আখৰ লিখিব পাৰিলেও গভীৰ সুখ অনুভৱ কৰে। জয়ন্তী নামৰ চৰিত্ৰটিৰ জৰিয়তে এই কথা লেখকে ব্যক্ত কৰিব বিচাৰিছে।

জয়ন্তী হ’ল চহকী লোকৰ ঘৰত চাকৰণী হিচাপে থকা এজনী দুখীয়া, নিৰক্ষৰ আৰু গাভৰু ছোৱালী। মালিকনী — মাখনীৰ পুত্ৰ মন্টুৰ ৰখীয়া হিচাপে বিবাহ এখনলৈ যাওঁতে তাই লগ পাই কুণ্ডলাৰ চাকৰণী ৰমা নামৰ সৰু ছোৱালী এজনীক । তাতেই দুয়োৰে মাজত এক আন্তৰিকতাপূর্ণ সম্পৰ্ক গঢ় লৈ উঠে। ৰমা পাঠশালা পাছ কৰা ছোৱালী। তাই কিছু লিখা-পঢ়া শিকিছিল। বিয়া ঘৰত কামৰ ব্যস্ততাৰ মাজতে সময় পালেই ৰমাই জয়ন্তীক ক, খ শিকাইছিল। বিয়াঘৰৰ পৰা মালিকনীৰ স’তে উভতি আহি কিছুদিন পাছত তাই জয়ন্তীলৈ প’ষ্টকাৰ্ড এখন প্ৰেৰণ কৰে। নিৰক্ষৰ জয়ন্তীয়ে কাৰ্ডখন পঢ়িব নোৱাৰি লুটিয়াই বগৰাই থাকোতে তাইৰ মনত পৰে বিয়াঘৰত লগ পোৱা গজেনৰ কথা। গজেন অন্য এঘৰ মানুহৰ লগুৱা। বিয়াঘৰত সি তাইৰ প্ৰতি কিছু দুৰ্বলতা প্ৰকাশ কৰিছিল। জয়ন্তীৰ হেঁপাহ জাগি উঠিল— চিঠি লিখি তাইৰ মনৰ কথা প্ৰকাশ কৰিবলৈ। আৱেগৰ তাড়নাত তাই বিয়াঘৰত ৰমাই শিকোৱা ‘ক’ বর্ণটিকে লিখিলে। এই ‘ক’ বর্ণটিতে যেন তাইৰ অন্তৰৰ সকলো আশা আৰু বেদনা প্রকাশিত হ’ল। বর্ণবোধে দিলে তাইক অন্তৰৰ ভাবনা প্ৰকাশৰ অনন্য ভাষা ।

প্রশ্ন ২ : ‘বাইদেউ’ সম্বোধনটোৱে জয়ন্তীৰ মনত আৰু ‘তুমি’ বুলি মতাৰ কাৰণে ৰমাৰ মনত নতুন কিবা এটা লাগি গ’ল । ইয়াৰ দ্বাৰা গল্পকাৰে সমাজৰ কেনে চিত্ৰ দাঙি ধৰিছে ?

উত্তৰ : সকলো সমাজত সৰুৱে ডাঙৰত সন্মান আৰু ডাঙৰে সৰুক মৰম কৰা প্ৰথা আছে। এই সন্মান বা মৰম প্ৰকাশ কৰা বিভিন্ন শব্দ আছে। বিশেষকৈ আমাৰ অসমীয়া সমাজত চলা আপুনি, তুমি, দাদা, বাইদেউ, খুৰা আদি এনে কিছুমান শব্দ । একেদৰে তুচ্যাৰ্থ প্ৰকাশ কৰা শব্দও কিছুমান আছে। সি, তাই, তই, তাক আদি এনে কিছুমান শব্দ। তুচ্যার্থ বা সৰুৱে ডাঙৰক নাম কাঢ়ি মাতিলেও কোনেও ভাল নাপায়। আমাৰ সমাজত সাধাৰণতে বনকৰা ল’ৰা-ছোৱালী, নিম্নবৃত্তিৰ লোকক তেওঁলোকৰ গৰাকীসকলে তুচ্যাৰ্থত মাত-বোল কৰে। আনকি কোলাত লৈ মাতৃ-ভগ্নীৰ বা পিতৃ-ভাতৃৰ মৰমেৰে ডাঙৰ-দীঘল কৰা ল’ৰা ছোৱালীবোৰেও পিছলৈ বনকৰা ল’ৰা-ছোৱালীবোৰক তেওঁলোকৰ নামেৰে মাতিবলৈ আৰম্ভ কৰে। ইয়ে তেওঁলোকক অন্তৰত বৰ আঘাত দিয়ে। ভাল মাত কথা বা সম্বোধনেৰেহে যে সমাজত এক আন্তৰিকতাপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠাত সহায় কৰে সেয়া ৰমা আৰু জয়ন্তীৰ কথাখিনিৰ মাজেৰে প্ৰকাশ কৰা হৈছে।

প্রশ্ন ৩ : ৰমা কোন? পাঠশালা স্কুল পাছ কৰাৰ পিছত ৰমাই কিয় পঢ়া পাতি এৰিবলগীয়া হৈছিল ? ৰমাই কেতিয়াৰ পৰা জয়ন্তীক ক, খ শিকাইছিল ? জয়ন্তীক ক, খ লিখিবলৈ শিকোৱা স্কুলখন ৰমাই ক’ত কেনেকৈ খুলিছিল বুলি গল্পকাৰে উল্লেখ কৰিছে?

উত্তৰ : ৰমা আছিল কিছু পৰিমাণে শিক্ষিত মাক-বাপেকৰ এজনী সৰু ছোৱালী। তাইৰ দেউতাকৰ এখন দোকান আছিল। কিন্তু তেওঁ বৰ মদাপী আছিল । ৰমাৰ মাকে ভালকৈ কাপোৰ ব’ব জানিছিল। মাকৰ প্ৰেৰণাত তাই স্কুললৈ গৈছিল আৰু ভালদৰে পঢ়া-শুনা কৰিছিল। আজৰি পৰত মাকে তাইক ওৰত বহুৱাই লৈ ক, খ লিখিবলৈ শিকাইছিল।

ৰমাৰ মাকৰ অকাল বিয়োগ ঘটে। ফলত বাপেকে ৰজতৰ দোকানত নিতৌ মেলমৰা এজাক মানুহৰ পৰামৰ্শমতে দ্বিতীয় পত্নী চপাই লয়। কিন্তু এই তিৰোতাজনীয়ে ৰমাক বৰ আপোন জ্ঞান নকৰিলে। ফলত বাপেকে তাইক অৱলা আৰু কুণ্ডলাৰ ঘৰত বনকৰা ছোৱালী হিচাপে থৈ আহে আৰু তেতিয়াই পাঠশালা পাছ মাই পঢ়া-পাতি এৰিবলগীয়া হৈছিল।

মালিকনীৰ লগত ভনীয়েক চিত্ৰাৰ বিবাহলৈ আহি তাত মাখনীৰ ঘৰত বনকৰা ছোৱালী জয়ন্তীক লগ পায় আৰু তাতে ৰমাই জয়ন্তীক দমকলৰ পাৰত বাচন ধুই থাকোতে, বাৰাণ্ডাত, য’ত যেনেদৰে পাৰে স্কুলখন খুলি ক, খ, শিকাইছিল। আনকি বিয়াৰ দিনাও ঘৰটোৰ মুধৰফালে নিজঞ্জাল ঠাইত চকী-মেজবোৰতে জয়ন্তীক লৈ স্কুল খুলিছিল।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

প্রশ্ন ৪ : প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ।

(ক) “জয়ন্তীৰ মনটো উৰুঙা উৰুঙা লাগিল। বিয়াঘৰত তাইৰ কোনো সম্পর্ক নাছিল; কিন্তু তাত ঘৰটোৰ বাহিৰেও আহল-বহল ৰভা আছিল, কিয় জানো তাই ক’ব নোৱাৰে— সেই মুকলি ৰভাবোৰ তাইৰ ভাল লাগিছিল। এতিয়া আকৌ সেই বন্ধ দুৱাৰ, গুণগুণনি।”

উত্তৰ : উল্লিখিত কথাখিনি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ড° ভবেন্দ্র নাথ শ‍ইকীয়া ৰচিত ‘বৰ্ণবোধ’ নামৰ গল্পটোৰ পৰা উদ্ধৃত ৷

কথাখিনি জয়ন্তীৰ মনৰ অৱস্থাটো প্ৰকাশ কৰাৰ প্ৰসংগত উল্লেখিত হৈছে। জয়ন্তী তাইৰ মালিকনী মামনীৰ মাকৰ ঘৰলৈ গৈছিল মামনীৰ ভনীকে চিত্ৰাৰ বিয়া উপলক্ষে। বিয়া ঘৰখনত তাই অনবৰতে কেঁচুৱাতে লৈ থাকিব লাগিছিল তথাপি বন্ধ ঘৰ এটাৰ পৰিবেশতাকৈ মুকলি আছিল সেই পৰিবেশ। এতিয়া বিয়াৰ কাম শেষ কৰি নিজৰ ঘৰলৈ ঘুৰি অহাৰ পিছত পুনৰ বন্ধ পৰিবেশটোত সোমাই জয়ন্তীৰ মনটো উৰুঙা হৈ পৰিছে।

আচলতে জয়ন্তী যিখন ঘৰত থাকে তাত এক বন্ধ পৰিবেশ। মামনীৰ শোৱনি কোঠাটো প্ৰায়েই বন্ধ থাকে। মামনীয়ে তাই পৰাই নিজৰ প্ৰয়োজনীয় পানী গিলাচৰ বা ইটো সিটো খোজে। জয়ন্তীয়ে পানীৰ গিলাতটো আনি বন্ধ দুৱাৰৰ বাহিৰৰ পৰাই চিঞৰিব লাগে ভিতৰৰ পৰা মামনীয়ে দুৱাৰখন গিলাচটো ধৰিব পৰাকৈ সমানকৈ ফাঁক কৰি গিলাচটো লৈ যায় সিহঁতৰ ৰুমটোত মাজে মাজে লাইট জ্বলে, নুমায়। গুন গুনকৈ কথা পতাৰ শব্দ হয়। জয়ন্তীয়ে কেঁচুৱাটো ৰখা আৰু বন বাৰী কৰাৰ বাদে তাইৰ লগত কোনো কথা বতৰা কাৰো নাথাকে। তাইৰ অধিকাৰো অস্বাভাবিক ভাৱে সীমিত। কিন্তু বিয়া ঘৰখনত এক মুক্ত পৰিবেশ তদুপৰি তাই মনখোলাকৈ দু-আষাৰ কথা পাতিবলৈও ৰমা, গজেনহঁতক পাইছে। অহাৰ আগে আগে গজেনৰ লগত তাইৰ মানসিক সম্পর্ক এটাও গঢ় লৈ উঠিছিল। গতিকে স্বাভাবিকভাৱেই জয়স্তীৰ বাবে সকলো পৰিশ্ৰমৰ মাজতে বিয়াঘৰৰ পৰিবেশটো আছিল মুক্ত, আশাব্যঞ্জক। সেয়েহে পুনৰ ডে বন্ধ ঘৰটোলৈ ঘুৰি আহি তাইৰ মনটো উৰুঙা উৰুঙা লাগিছে।

প্রশ্ন ৫ : “অলপীয়া পোহৰত কলমটো ঘঁহাই ঘঁহাই প’ষ্টকাৰ্ডখনত জয়ন্তীয়ে এটা আখৰ লিখিলে— ‘ক’।” অন্তৰৰ সকলোখিনি আৱেগ-অনুভূতি ‘ক’ আখৰটিত কিদৰে সন্নিবিষ্ট হৈছে? ইয়াক এন্ধাৰ নিশাৰ এচমকা আশাৰ পোহৰ বুলি ক’ব পাৰিনে ?

উত্তৰ : গল্পকাৰ ভবেন্দ্ৰনাথ শ‍ইকীয়াই ‘বর্ণবোধ’ নামৰ গল্পটিত কেবল ‘ক’ আখৰটোক লৈয়েই বৰ্ণৰ মাজেদি প্ৰকাশ হোৱা বিশাল অৰ্থ আৰু অন্তহীন ভাবনাক অতি প্রাঞ্জল ৰূপত তুলি ধৰিছে। গল্পটিত এখন বিয়াঘৰৰ পৰিবেশৰ মাজত লগ হৈছে সেই ঘৰখনৰে বাই ভনী আদিৰ ঘৰত কাম কৰা ছোৱালী হিচাপে থকা জয়ন্তী আৰু ৰমা । সিহঁতৰ লগ লাগিছে সেইখন ঘৰৰ লগুৱা গজেন ।

বিয়াঘৰখনৰ উদুলি-মুদুলি পৰিবেশৰ মাজতো জয়ন্তী, ৰমাহতঁৰ আনন্দৰ ভাগ লোৱাৰ আহৰি নাই। সিহঁতৰ বাবে বহিবলৈও ভাল ঠাই এডোখৰ নাই । সেয়েহে ঘৰৰ মুঠৰে কিনাৰত, বা বাচন ধোৱা ঠাইত বহি লগ হলেই সিহঁতে মনৰ কথা পাতে। সিহঁতে সিহঁতক শ্রদ্ধা কৰে, মৰম কৰে। এনেদৰেই সিহঁতৰ মাজত গঢ় লৈ উঠি এক অবুজ আন্তৰিকতা।

জয়ন্তী আৰু গজেন দুয়োটাই লিখা-পঢ়া নাজানে ৷ আনহাতে ৰমাই অল্প পঢ়াশুনা কৰিছিল। তাই সৰু থাকোতেই মাকে কাপোৰ বোৱা বৃত্তি এটা পাই চহৰত আছিলগৈ। তাৰ পৰা মাকে চিঠি লিখিছিল। পিছত মাক এদিনৰ জ্বৰতে ঢুকাল । ৰমালৈ মাকৰ চিঠি নহা হ’ল। তাৰ পিছত বাপেকে লোকৰ কথা শুনি নতুন বিয়া পাতিলে। নতুন মানুহজনীয়ে ভাল নোপোৱাৰ বাবেই দেউতাকে ৰমাক আনি কুণ্ডলাহঁতৰ ঘৰত থলে। তাতে থাকি তাই কুণ্ডলাৰ পৰা পষ্টকাৰ্ডৰ ঠিকনা লিখিবলৈ শিকি লৈ দেউতাকলৈ চিঠি লিখিছিল । দেউতাকেও এখন চিঠিত উত্তৰ দিছিল। তাৰ পিছত আৰু কোনোদিন তাই দেউতাকৰ চিঠি পোৱা নাই। কিন্তু তাইৰ অপূৰ্ণ মনটোৱে যেন সদায় এখন চিঠি বিচাৰে।

ৰমাই সেয়েহে বিয়াঘৰত কামৰ মাজে মাজে গজেন আৰু জয়ন্তীক আখৰ শিকালে। সিহঁতেও দুই চাৰিটা আখৰ লিখিব পৰা হ’ল। ৰমাই সিহঁতৰ মাজত যাতে চিঠি প্ৰশ্ন চলি থাকে তাৰ বাবে গজেনৰ হতুৱাই চাৰিখন পষ্টকাৰ্ড পঠালে । তাৰে দুখনত তাইৰ আৰু জয়ন্তীৰ ঠিকনা লিখি গজেনক দিলে আৰু আন দুখনত তাইৰ আৰু গজেনৰ ঠিকনা লিখি জয়ন্তীক দিলে।

ইতিমধ্যে বিয়াঘৰৰ কাম-কাজবোৰ শেষ হ’ল। সকলো নিজম পৰিল। চাকি ইলেকট্ৰিকৰ বিজুতি হৈ সেইদিনা বিয়াঘৰত উপযুক্ত পোবৰ নোহোৱা হ’ল। লেম এটা লৈ গজেন, জয়ন্তী আৰু ৰমা কলৰ পাৰত বাচন ধোৱাত ব্যস্ত হ’ল। কলৰ মাজে মাজে গজেন জয়ন্তীৰ কিছু ওচৰ চাপিল। ইতিমধ্যে ফুটছাই কম হোৱাত লেমটো লৈ ৰমা ফুটছাই আনিবলৈ গ’ল গজেন জয়ন্তীৰ ওচৰতে বহিলহি আৰু কথা এটা কব পাৰো নেকি বুলি সুধিলে। জয়ন্তীৰ শৰীৰ কপি উঠিল। কিবা ক’ব খুজিও তাইৰ মুখৰ মাত মুখতে থাকিল। গজেনে আকৌ সুধিলে— কওঁনে? কিন্তু তাই উত্তৰ দিয়াৰ আগতেই ৰমা ফুটছাই লৈ উভতি আহিল। তাইৰ মনৰ কথা মনতে ৰ’ল পিছ দিনা সিহঁত ঠায়ে ঠায়ে গলগৈ ৷

এদিন শোৱাৰ আগে আগে জয়ন্তীৰ মালিকনী মামনীয়ে আহি তাইক এখন পষ্টকার্ড দি কলে— ‘ৰমাৰ চিঠি।’ জয়ন্তীয়ে কি লিখিছে সোধাত মামনীয়ে জনালে যে ৰমাই তাইৰ ভাল-বেয়াৰ খবৰ লৈছে। জয়ন্তীয়ে প’ষ্টকাৰ্ডটো লুটিয়াই বগৰাই চাই চাই বিচনাত পৰি থাকিল। ইতিমধ্যে মামনীৰ পৰা লাইটো নুমুৱাবৰ নির্দ্দেশ আহিল। জয়ন্তীয়ে লাইটটো নুমুৱাই দিলে, কিন্তু তাইৰ টোপনি নাহিল । এন্ধাৰতে উঠি গৈ তাই ৰমাই দি পঠোৱা প’ষ্টকাৰ্ড দুখন আনিলে আৰু প্ৰকাশৰ অফিচ কোঠাৰ পৰা কলম এটাও আনিলে। মাজতে মামনীয়ে নিজ কোঠাত লাইট জ্বলোৱাত তাইৰ কোঠাটো অলপমান পোহৰ সোমাল সেই পোহৰতে তাই প’ষ্টকাৰ্ড দুখনৰ মাজত পৰা ‘N’ লিখা প’ষ্টকাৰ্ড খন বাচি ল’লে আৰু মনে মনে ৰমাক বেয়া নাপাবলৈ অনুৰোধ জনালে। ইয়াৰ পিছত তাই কলমটো ঘঁহাই ঘঁহাই গজেনলৈ বুলি থকা প’ষ্টকাৰ্ডখনত ‘ক’ আখৰটো লিখিলে ।

গল্পটোত এই ‘ক’আখৰটোৱেই এক বিশেষ তাৎপর্য বহন কৰিছে । কাৰণ ‘ক’ আখটো চিঠিখনত লিখিয়েই জয়ন্তীয়ে তাইৰ মনৰ সকলো ভাব প্রকাশ কৰিছে। গল্পৰ পৰিবেশে গল্পটোক এনে এটা ৰূপত সজাইছে যে তাত জয়ন্তী আৰু গজেনৰ মাজত গঢ় লৈ উঠা সম্পৰ্কটোৰ এক সাৰ্থক পৰিণতিৰ বাবে মাত্ৰ এটা বৰ্ণৰেই প্রয়োজন। সেইটো হ’ল ‘ক’। আখৰৰ চুক চিনি নোপোৱা জয়ন্তী বা গজেনৰ বাবে সেই ‘ক’ টো লিখাও আছিল এক অসাধ্য কৰ্ম। ৰমাই সিহঁতৰ বিয়াৰ কামৰ মাজে মাজে অন্ততঃ দুই চাৰিটা বৰ্ণৰ লগত পৰিচয় কৰাই দিলে। নহলে গজেনে তাৰ কওনে কওনে বুলি সোধা প্ৰশ্নটোৰ উত্তৰ কোনোকালে নাপালেহেঁতেন অথবা জয়ন্তীয়েও ‘ক’ বুলি কোৱাৰ সুযোগ নাপালেহেঁতেন। ‘ক’ বৰ্ণটো লিখিব পৰা হোৱাৰ বাবেই জয়ন্তীয়ে সেইটো লিখিলে। গজেন আৰু জয়ন্তীৰ বাবে কেবল সেই এটা বৰ্ণই জীবনৰ সকলো আবেগ অনুভূতিৰ মমাৰ্থ প্ৰকট কৰি তুলিছে। জয়ন্তীর জীৱনটোলৈ এক আশা বা সম্ভাৱনা কঢ়িয়াই আনিছে। গতিকে ইয়াক আমি একে আষাৰতে এন্ধাৰ নিশাৰ এচমকা পোবৰৰ লগত ৰিজাব পাৰো।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

প্রশ্ন ১ : ‘বর্ণবোধ’ গল্পটিৰ স্ৰষ্টা কোন?

উত্তৰ: ড° ভবেন্দ্ৰ নাথ শ‍ইকীয়া ৷ 

প্রশ্ন ২ : ভৱেন্দ্ৰ নাথ শ‍ইকীয়াৰ জন্ম ক’ত কেতিয়া হৈছিল ?

উত্তৰ: নগাঁৱত, ১৯৩২ চনত ।

প্রশ্ন ৩ : ভৱেন্দ্ৰ নাথ শ‍ইকীয়াই মেট্ৰিক পৰীক্ষা কেতিয়া উত্তীৰ্ণ হৈছিল ?

উত্তৰ: ১৯৪৮ চনত।

প্রশ্ন ৪ : ক’ৰ পৰা ভৱেন্দ্ৰ নাথ শ‍ইকীয়াই ইণ্টাৰমিডিয়েট আৰু স্নাতক ডিগ্রী লাভ কৰে?

উত্তৰ: কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা । 

প্রশ্ন ৫ : কি বিষয়ত ভৱেন্দ্ৰ নাথ শ‍ইকীয়াই ক’ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে?

উত্তৰ: পদার্থ বিজ্ঞানত, কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা । 

প্রশ্ন ৬; ভৱেন্দ্ৰ নাথ শ‍ইকীয়াই ক’ৰ পৰা পি.এইচ,ডি লাভ কৰে ?

উত্তৰ: লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ।

প্রশ্ন ৭ : ভবেন্দ্ৰ নাথ শ‍ইকীয়া কিহৰ ছাত্ৰ আছিল ?

উত্তৰ: পদার্থ বিজ্ঞানৰ ।

প্রশ্ন ৮ : লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ভবেন্দ্ৰ নাথ শ‍ইকীয়া কিহৰ ডিপ্লমা লাভ কৰে ?

উত্তৰঃ টেকন’লজিৰ ।

প্রশ্ন ৯ : ভৱেন্দ্ৰ নাথ শ‍ইকীয়াই কি কি সাহিত্যিক বঁটা লাভ কৰিছিল ?

উত্তৰ: অসম প্ৰকাশন বঁটা, সাহিত্য একাডেমী বঁটা আৰু অসম উপত্যকা বঁটা।

প্রশ্ন ১০ : ভবেন্দ্র নাথ শ‍ইকীয়াই কথাছৱি পৰিচালনাৰ বাবে কি বঁটা লাভ কৰে?

উত্তৰ : ৰজত কমল বঁটা ৷

প্রশ্ন ১১ : ভবেন্দ্র নাথ শ‍ইকীয়া পৰিচালিত কথাছৰি কেইখনমানৰ নাম লিখা ?

উত্তৰ: সন্ধ্যাৰাগ, অগ্নিস্থান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস ।

প্রশ্ন ১২ : ভৱেন্দ্ৰ নাথ শ‍ইকীয়াৰ মৃত্যু কেতিয়া হয় ?

উত্তৰ: ২০০৩ চনত ।

(খ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্রশ্ন ১ : ড° ভবেন্দ্রনাথ শ‍ইকীয়াদেৱৰ চমু পৰিচয় দিয়া ।

উত্তৰ: ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াদেৱে ১৯৩২ চনত নগাওঁত জন্ম গ্ৰহণ কৰে। তেখেতৰ নাম আছিল যথাক্ৰমে বিদৃত কুমাৰ শ‍ইকীয়া আৰু চম্পাবালা শ‍ইকীয়া। ১৯৪৮ চনত ষ্টাৰসহ প্রথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা শ‍ইকীয়াদেৱে ১৯৫২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৫৫-৫৬ চনত কলিকতাত প্ৰেছিডিন্সি কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তেওঁ লণ্ডনলৈ যায়। ১৯৬১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত পি এইছ ডি ডিগ্ৰী লাভ কৰে আৰু লণ্ডনলৈ ইম্পিৰিয়েল কলেজ অৱ ছায়েন্স এণ্ড টেকন’লজিৰ ডিপ্লমাও লাভ কৰে।

শিক্ষা সম্পূৰ্ণ কৰি স্বদেশলৈ ঘূৰি আহি তেখেতে শিৱসাগৰ কলেজত শিক্ষকতা আৰম্ভ কৰিছিল। পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰিডাৰ আৰু আঞ্চলিক ভাষাত পাঠ্যপুথি প্রণয়ন সমিতিৰ সচিব হৈছিল। তাৰ পিছত তেখেতে বেল সেৱা আয়োগৰ অধ্যক্ষ হিচাপে কৰ্ম নিৰ্বাহ কৰিছিল আৰু মৃত্যুৰ সময়লৈকে অসম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপ-সভাপতি হিচাপে কৰ্ম নিৰ্বাহ কৰিছিল।

অসমীয়া সাহিত্য সংস্কৃতিৰ জগতলৈ ড° শ‍ইকীয়াদেৱৰ অৱদান আছিল সঁচাই উল্লেখনীয়। তেখেতে অসমীয়া চলচিত্ৰৰ জগতলৈ সন্ধ্যাৰাগ, অগ্নিস্নান, সাৰথি, কোলাহল আদি কেইবাখনো উল্লেখনীয় ছবিৰে অতি বলিষ্ঠ বৰঙণি আগবঢ়াই থৈ গৈছে। তেখেতৰ প্ৰায় কেইখন চলচিত্ৰই ৰাষ্ট্ৰীয় সন্মান কঢ়িয়াই আনি অসমৰ শিক্ষা কলাৰ জগতক চহকী কৰিছে।

সাহিত্য ক্ষেত্ৰত তেখেত মূলতঃ গল্পকাৰ হিচাপেই পৰিচিত। প্ৰহৰী, বৃন্দাবন, গহ্বৰ, সেন্দুৰ, শৃংখল তৰংগ, উপকণ্ঠ আদি গল্পপুথি সমূহ তেখেতৰ অনবদ্য উপহাৰ। ‘প্রান্তিক’ৰ দৰে এখন অনন্য আলোচনীৰ তেখেত দীৰ্ঘকাল ধৰি অসমীয়া পাঠকক সন্মোহিত কৰি ৰাখিছিল। শিশু আলোচনী সফুৰাৰ ক্ষেত্ৰটো কথাটো একেই। আনহাতে নাটক ৰচনাৰ ক্ষেত্ৰটো তেখেতৰ প্ৰতিভা অতুলনীয়। ভ্রাম্যমান নাট্যদল সমূহৰ বাবে তেখেতে প্ৰায় নিৰবচ্ছিন্নভাৱে নাট ৰচনা কৰিছিল। এইবোৰৰ উপৰি মৰমৰ দেউতা, আতংকৰ শেষত আদি ডিটেকটিভধর্মী উপন্যাস অন্তৰীপ, ৰস্যভূমি আদিৰ দৰে সামাজিক উপন্যাসো ৰচনা কৰিছে। তেখেতৰ অনাঁতাৰ নাটসমূহো আছিল অতি উল্লেখনীয় সৃষ্টি। তাৰ ভিতৰত দুৰ্ভিক্ষ, ইতিহাস, আগন্তুক, দেউতা, শান্ত-শিষ্ট হৃষ্ট-হষ্ট মহাদুষ্ট আদি নাট উল্লেখনীয়। শ‍ইকীয়াদেৱে অতি পৰিকল্পনাৰে জীৱনটো অতিবাহিত কৰিছিল আৰু সেয়েহে ভালেখিনি কৰ্মৰে, তেখেতে অসমীয়া জাতিৰ সেৱা আগবঢ়াব পাৰিছিল। ড° শ‍ইকীয়াই জীৱনৰ প্ৰতিটো ক্ষণকে সদর্থকভাবে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল। ২০০৩ চনৰ ১৩ আগষ্ট তাৰিখে তেওঁৰ এই কর্মমঞ্চত সামৰণি পৰে আৰু তেওঁৰ মহাপ্ৰায়ান ঘটে।

Leave a Reply