NIOS| Assamese (303)| Notes/Answer|Chapter-21| লাচিত ফুকন

NIOS| Assamese (303)| Notes/Answer|Chapter-21| লাচিত ফুকন মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-21| লাচিত ফুকন

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-21| লাচিত ফুকন

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)| Notes/Answer|Chapter-21| লাচিত ফুকন অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড

অধ্যায় ২১

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

প্রশ্ন ১ : দেৱকান্ত বৰুৱাক কিয় যুগসন্ধিৰ কবি বুলি কোৱা হয় ?

উত্তৰ : কাৰণ দেৱকান্ত বৰুৱাই ৰোমাণ্টিক যুগৰ শেষ আৰু আধুনিক যুগৰ আৰম্ভণিতে কবিতা ৰচনা কৰিছিল। এই দুই যুগৰ সন্ধিক্ষণত কবিতা ৰচা বাবে তেওঁক ‘যুগসন্ধি’ৰ কবি বুলি কোৱা হয় ৷

প্রশ্ন ২ : দেৱকান্ত বৰুৱাৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰ: ‘সাগৰ দেখিছা’।

প্রশ্ন ৩ : অসমীয়া কাব্য সাহিত্যত নাটকীয় একোক্তি বা স্বগতোক্তি কোনে প্রথমে ব্যৱহাৰ কৰিলে ?

উত্তৰ: ইংৰাজী কবি ৰবাৰ্ট ব্রাউনিঙৰ নাটকীয় স্বগতোক্তি বা নির্দনোক্তিৰ (dramatic monologue) আদৰ্শৰে অসমীয়া কাব্য সাহিত্যত নাটকীয় একোক্তি বা স্বগতোক্তি দেৱকান্ত বৰুৱাই প্ৰথমে ব্যৱহাৰ কৰিলে ।

প্রশ্ন ৪ : ইব্রাহিম কোন ?

উত্তৰ : অতি ধৰ্মপৰায়ণ এজন ব্যক্তি। যিয়ে আল্লাৰ ইচ্চা পূৰণৰ বাবে নিজৰ পুত্ৰক বলি দিবলৈ অকণো সংকোচ কৰা নাছিল।

প্রশ্ন ৫ : ‘মাতুল ঘাটক নবী’ বুলি কবিতাটিত কাক কোৱা হৈছে?

উত্তৰ : কবিতাটিত ‘মাতুল ঘাটক নবী’ বুলি লাচিত বৰফুকনক কোৱা হৈছে। 

প্রশ্ন ৬ : ‘লাচিত ফুকন’ কোন শ্ৰেণীৰ কবিতা ?

উত্তৰ : স্বদেশ প্রেম মূলক কবিতা

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্রশ্ন ১ : কবিতাটিত ‘গাধৰ পাল’ বুলি কাক ব্যংগ কৰিছে? 

উত্তৰ: কবিৰ মতে এতিয়াৰ (তেওঁৰ সময়ত) দেশনেতাসকল হ’ল ভণ্ডামিৰে ভৰা । তেওঁলোকে দেশখনৰ প্ৰকৃত সমস্যাৰ প্ৰতি মনোযোগ দিয়াৰ দিয়াৰ পৰিবৰ্তে সাধাৰণ কথা কিছুমানতে লাগি থাকি প্ৰগতিৰ স্বাভাবিক পথ ৰুদ্ধ কৰিছে। এইসকল দেশ নেতাই লোকেল ব’ৰ্ডৰ সদস্যপদ বা মন্ত্ৰীত্বকে জীৱনৰ সৰ্বস্ব বুলি ভাবে, এই আশাতহে দেশপ্ৰেমিকৰ ভাও জোৰে। এসময়ৰ গৌৰৱশালী এই অসমীয়া জাতিয়ে অতীত গৌৰৱ হেৰুৱাইছে। সিংহ পৰাক্ৰমী অসমীয়া জাতি আজি গাধত পৰিণত হৈছে। সংকীর্ণ চিন্তা-চৰ্চালৈয়ে তেওঁলোক ব্যস্ত। এইসকল নেতাক কবিতাটিত ‘গাধৰ পাল’ বুলি ব্যংগ কৰিছে

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্রশ্ন ১ : ‘লাচিত ফুকন’ কবিতাটিত কবিয়ে কেনেধৰণৰ স্বদেশানুৰাগক ভুৱা স্বদেশানুৰাগ বুলি অভিহিত কৰিছে? যুক্তিসহ আলোচনা কৰা ।

উত্তৰ : ‘লাচিত ফুকন’নামৰ কবিতাটিত কবিয়ে অসমৰ সুযোগ্য বীৰ সন্তান লাচিত স্বদেশপ্ৰেমৰ কথা সুঁৱৰিছে। সেই স্বদেশানুৰাগৰ কথা সুঁৱৰি বৰ্তমানক তাৰ লগত ৰিজাই চাবলৈ যত্ন কৰিছে আৰু দেশৰ এনে অৱস্থাৰ বাবে আক্ষেপ কৰিছে। তেওঁ প্ৰথমেই উল্লেখ কৰিছে যে বৰ্তমানৰ স্বদেশপ্ৰেমীসকল হ’ল নকল নবীছ। অর্থাৎ অন্তৰৰ পৰা কোনেও একো নকৰে। স্বদেশপ্রেমী দেখুৱাবৰ বাবে প্রয়োজন হ’লে তেওঁলোকে নিজৰ মাজতে ব্যংগ যুদ্ধৰ অৱতাৰণা কৰে। দেশৰ মুক্তিৰ নামত মন্দিৰত শংখ-ঘণ্টাৰ ঠাইত পিয়ানো বজাই আৰতি কৰি বা মমবাতি জ্বলাই বেদিত ৰাখি এওঁলোকে পৰিৱৰ্তন আনিব খোজে। এওঁলোকৰ স্বদেশ প্ৰেমৰ কোবাল সোঁতত দেশ টলমল কৰিবলৈ ধৰিছে, গছে, শিলে, বাঁহৰ তলে সকলোতে দেশপ্ৰেমৰ ঢৌ উঠিছে, কিন্তু দেশৰ মানুহ যে খাবলৈ নাপায় মৰিছে তাৰ কোনো খৰ ৰাখোতা নাই। বাহিৰৰ সমাজখনত ঘটা বিপ্লৱৰ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত এইচাম দেশপ্ৰেমিকে কানিৰ মূল্য নিৰূপণতে ব্যস্ত থাকিব খোজে। সমস্ত শাস্ত্ৰৰ তলি উদং কৰিও এওঁলোকে মৰ আঁউসীত হাল বালে কেনেধৰণৰ পৰাচিত তাকে ঠিৰাং কৰিব নোৱাৰিলে বা মৃতকৰ কাম ত্রিশ দিনত কৰিব নে এঘাৰ দিনত কৰিব তাকে ঠাৱৰাব নোৱাৰিলে। অর্থাৎ এইসকল দেশহিতৈশীয়ে কেতবোৰ অৰ্থহীন কথাত লাগিত সময় নষ্ট কৰে; সমাজখনক ক্ৰমে কুপমুণ্ডকতালৈ লৈ যায় কিন্তু বাহিৰৰ পৃথিৱীখনৰ পৰিৱৰ্তনৰ লগত খাপ খুৱাই দেশখনক আগবঢ়াই নিয়াৰ প্ৰতি এওঁলোকৰ কোনো প্রচেষ্টা নাই। এইচাম দেশপ্রেমিক হ’ল ভণ্ডামীৰে ভৰা এওঁলোকে বক্তৃতাৰে ৰণ জিনিব পাৰে আৰু বাঁহৰ কামীত চূণ সানি লৈ ৰণ কৰিব পাৰে। কিন্তু এওঁলোকৰ স্বদেশ পূজাৰ মন্দিৰ হ’ল লোকেল ব’ৰ্ড। অর্থাৎ লোকেল ব’ৰ্ডৰ সদস্য পদ, এছেম্বলী বা মন্ত্রীত্ব আদিয়েই এওঁলোকৰ লক্ষ্য, এইবোৰৰ মাজেৰেহে এওঁলোকে দেশসেৱা কৰিব পাৰে। সেয়েহে এওঁলোকে লাচিতৰ দৰে প্ৰকৃত স্বদেশ-প্রেমী বীৰৰ ভাষা বুজি নোপাৱাই স্বাভাৱিক। এনে ধৰণৰ স্বদেশানুৰাগক কবিয়ে অতি সঠিকভাৱেই ভুৱা স্বদেশপ্ৰেম বুলি আখ্যায়িত কৰিছে।

প্রশ্ন ২ : ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ মাজেৰে কবিয়ে কামনা কৰা স্বদেশ প্ৰেমৰ ৰূপৰেখা অংকন কৰা ।

উত্তৰ : ‘লাচিত ফুকন’নামৰ কবিতাটিত কবিয়ে অসম জননীৰ বীৰ সন্তান লাচিত বৰফুকনৰ বীৰত্ব ব্যঞ্জক কাহিনী আৰু দেশপ্ৰেমৰ কথা মনত পেলাই তাৰ সেই সুবিধাতে দেশৰ বৰ্তমান অৱস্থাৰ এটি বিৱৰণ দাঙি ধৰিছে আৰু এইক্ষেত্ৰত তেওঁ বিশেষভাৱে ভুৱা স্বদেশানুৰাগৰ কথাখিনি বৰ্ণনা কৰিছে।

উল্লেখ কৰিবলগীয়া কথা এইখিনি যে লাচিত বৰফুকনে মোগল সেনাক বোধিবলৈ ৰাতিৰ ভিতৰতে গড় বান্ধিবলৈ দিয়াত আৰু গড় বন্ধা কামত হেমাহি হোৱাত নিজৰ মোমায়েককে কটিছিল, নৰীয়া গাৰেই নাওত উঠি যুদ্ধ কৰি মোগল সেনাক খেদি পঠিয়াইছিল। সেয়ে তেওঁ লাচিতক দেৱতাৰ বাবে পুত্ৰৰ বুকুত তৰোৱাল বহুওৱা ইব্রাহীমৰ উদাহৰণ দাঙি ধৰিছে আৰু লাচিত ফুকনৰ ত্যাগৰ মূৰ্তি বুলি কোৱাৰ লগতে নবী (perfect) বা মহাপুৰুষ বুলিছে। কিন্তু তাৰ ঠাইত বর্তমান কেনে দেশপ্ৰেম হ’ল তাৰ নমুনা কবিতাটিৰ মাজেৰে বৰ্ণাইছে।

এই পবিত্র অসম ভূমিত এতিয়া প্রভুভক্ত গাধৰ পালহে বাস কৰে। যিসকলৰ প্ৰভুৰ আজ্ঞামতে বোজা বওতে বওতে পিঠিৰ ছাল বাকলি গৈছেগৈ। গতিকে লুইতৰ বিশাল পাৰত আজি অসমীয়া বুলি পৰিচয় দিব পৰা বীৰ নাই । প্ৰভুৰ চৰ-কিল পায়ো কাৰো গা নলৰে। সিংহৰ সন্তানসকলে আজি গাধৰ দৰে অৱস্থাটোকে মানি লৈছে।

ইফালে অন্ধ অনুকৰণকাৰীসকলে মুক্তিৰ নাম ব্যংগ যুঁজ কৰি ফাঁকিৰে দেশখন ভৰাই পেলাইছে। মন্দিৰত শংখ-ডবাৰ ঠাইত পিয়ানো বাজিব ধৰিছে, বেদীত মমৰ আৰতি চলিছে। কবিয়ে এনেবোৰ কথৰ মাজেৰে আধুনিকতাৰ নামত এচামে দেশখনলৈ অনা অর্থহীন অনুকৰণবিলাকৰ কথা দেখুৱাইছে, যিবোৰে লাহে লাহে আমাক আমাৰ পৰিচয়ৰ পৰা আঁতৰাই নিব। সেয়েহে তেওঁ কৈছে “মুক্তি পলাল দেখিকে পূজাৰ অদ্ভুত আয়োজন।” স্বদেশৰ নামত এওঁলোকে হাহাকাৰ কৰি মৰে অথচ দেশৰ মানুহৰ দূৰৱস্থাৰ বিষয়ে এওঁলোকে খবৰ নাৰাখে । সাধাৰণ নীতি-নিয়ম আদিৰ মাজতে সোমাই এইসকল দেশপ্ৰেমিকে বাহিৰৰ বিপ্লৱৰ বিষয় গমেই পোৱা নাই বছৰি বীৰ স্মৃতিসভা পাতি দেশপ্ৰেমৰ বক্তৃতা দিয়াসকলে আবকাৰী দাৰোগাৰ চাকৰি একোটাৰ কাৰণে হাবাথুৰি খায়। লোকেল ব’ৰ্ডৰ সদস্যপদেই এওঁলোকৰ দেশসেৱাৰ মন্দিৰ বা কোনোমতে ওকালতি পাছ কৰাকে এওঁলোকে জ্ঞানৰ আৰু মন্ত্ৰীত্ব, এছেম্বলী আদিয়েই যাৰ আশা সেইসকলে দেশপ্ৰেমিকে লাচিতৰ ৰণৰ ভাষা কি বুজিব?

তথাপি তেওঁ ভাবে যে এতিয়াও দেশৰ বাবে বহু যুৱকৰ প্ৰাণে কান্দে আৰু বহুতেই লাচিতৰ দৰে বীৰৰ এটা আদেশৰ বাবে বাট চায় ৰয়। সেয়ে কবিয়ে লাচিতক আহ্বান জনাইছে যেন তেওঁ আকৌ তেওঁৰ সেই দেশপ্ৰেমৰ মন্ত্ৰেৰে অসমত নিঃস্বার্থ সেনানীসকলক দেশৰ স্বাৰ্থত থিয় দিবলৈ আহ্বান জনায় । 

প্রশ্ন ৩ : দেশপ্রেমমূলক কবিতা কাক বোলে? দেশপ্ৰেমৰ নমুনা কবিতাটিত কেনেদৰে প্ৰতিফলিত হৈছে আলোচনা কৰা ।

উত্তৰ : যিবোৰ কবিতাত নিজৰ দেশ তথা জাতিৰ প্ৰতি প্ৰেমভাৱ উথলি উঠে, তেনে কবিতাকে স্বদেশ প্রেম মূলক কবিতা বোলে।

যিবোৰ কবিতাত নিজৰ দেশ তথা জাতিৰ প্ৰতি প্ৰেমভাৱ উথলি উঠে, তেনে কবিতাকে স্বদেশ প্রেম মূলক কবিতা বোলে। এনেবোৰ কবিতাত আমি সাধাৰণতে বিদ্ৰোহ আৰু আশাবাদ, এই দুয়ো ভাবেৰে প্ৰকাশ দেখিবলৈ পাওঁ।

দেৱকান্ত বৰুৱাৰ ‘লাচিত ফুকন’ এটি দেশ প্রেমমূলক কবিতা। কবিতাটিত দেশ প্ৰেম আৰু আশাৰে আমাৰ অতীত ঐতিহ্যক বিচাৰ কৰি চাবলৈ সুবিধা দিছে। এইখন এনে এখন দেশ য’ত লাচিত বৰফুকনৰ দুৰ্জয় সাহস আৰু শৌর্য, বীৰ্য, পৰাক্ৰ েঅসমীয়া মানুহৰ মন উথলাই তুলিছিল। যাৰ ফলস্বৰূপে মোগলৰ বিশাল সেনা বাহিনীক অসমীয়া সেনাই পৰাজিত কৰিছিল। দেশৰ প্ৰতি থকা দায়িত্ববোধৰ বাবে কৰ্তব্যত অৱহেলা কৰা মোমায়েককো হত্যা কৰিবলৈ লাচিতে কুণ্ঠাবোধ কৰা নাছিল।

কিন্তু এসময়ৰ গৌৰৱশালী এই অসমীয়া জাতিয়ে অতীত গৌৰৱ হেৰুৱাইছে। সিংহ পৰাক্ৰমী অসমীয়া জাতি আজি গাধত পৰিণত হৈছে। সংকীৰ্ণ চিন্তা চৰ্চালৈয়ে তেওঁলোক ব্যস্ত। ৰাজনৈতিক ক্ষমতা দখলৰ আশাত এনেবোৰ অসমীয়াই আন্তৰিকতা বিহীনভাৱে লাচিত দিৱস পাতি বীৰ পূজা কৰিছে। কবিয়ে আশা কৰিছে আকৌ এবাৰ লাচিতৰ বজ্র নিনাদ বাজি উঠিব, অসমীয়া ডেকাৰ মনত দেশপ্ৰেমৰ অগনি জ্বলি উঠিব। কবিয়ে সেয়ে কৈছে –

আকউ এবাৰ শুনোৱা তোমাৰ ৰ আহবান বাণী,

আকউ এবাৰ ৰঙা কৰি মৰোঁ লুইতৰ বগাপানী ।

প্রশ্ন ৪ : প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা – 

(ক) হে অসমৰ ত্যাগৰ মুৰ্তি মাতুল-ঘাতক নবী ।

তোমাৰ আৰতি কৰিলে সিদিনা অসম-ভাগ্য ৰবি ।।

উত্তৰ : বাখ্যেয় কবিতাংশ আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট দেৱকান্ত বৰুৱা ৰচিত ‘লাচিত ফুকন’নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। 

কবিয়ে কবিতাটিৰ মাজেৰে অসমৰ বীৰ যোদ্ধা লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমৰ কথা স্মৰণ কৰিছে।

এইখন এনে এখন দেশ য’ত লাচিত বৰফুকনৰ দুৰ্জয় সাহস আৰু শৌর্য, বীৰ্য, পৰাক্ৰৰ অসমীয়া মানুহৰ মন উথলাই তুলিছিল। যাৰ ফলস্বৰূপে মোগলৰ বিশাল সেনা বাহিনীক অসমীয়া সেনাই পৰাজিত কৰিছিল। দেশৰ প্ৰতি থকা দায়িত্ববোধৰ বাবে কৰ্তব্যত অৱহেলা কৰা মোমায়েককো হত্যা কৰিবলৈ লাচিতে কুণ্ঠাবোধ কৰা নাছিল।

(খ) ত্রিশ দিন আৰু এঘাৰ দিনৰ গচকত হায় পৰি। দুখুনী অসম জননীৰ দেহি কোঙা হ’ল হাত-ভৰি।।

উত্তৰ : উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট দেৱকান্ত বৰুৱা ৰচিত ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

কবি বৰুৱাদেৱে লাচিত বৰফুকনৰ দেশপ্ৰেমৰ কথা সুঁৱৰি তেওঁৰ সময়ত দেশপ্ৰেমৰ নমুনা কেনে হৈছেগৈ তাৰে উদাহৰণ দিবলৈ গৈ এই কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

কবি বৰুৱাদেৱে ‘লাচিত ফুকন’ কবিতাটিতব্যংগভাবে বহুকথা আলচ কৰিছে, ওপৰে ওপৰে চালে যিবোৰ কথা বুলি পোৱা টান। অসমীয়া সমাজখনত ধৰ্মীয়ভাৱে ভালেমান নীতি-নিয়মৰ পয়োভৰ আছে। বিশেষকৈ আঁউসী পূর্ণিমাত হাল বাব পায় নে নাপায়, মৃতকৰ কাম ত্রিশ দিনত কৰিব লাগে নে এঘাৰ দিনত কৰিব লাগে এইবোৰ লৈ আমাৰ সমাজ ভাঙি থানবান হয়। সেয়েহে কবিয়ে খেদ কৰি কৈছে যে এইবোৰৰ গচকত পৰি অসমী জননীৰ হাত-ভৰি কোঙা হ’ল অৰ্থাৎ অসম দেশৰ গৌৰৱ কেনিও যাব নোৱাৰা হ’ল। এইবোৰৰ চৰ্চাতে নিমগ্ন অসমীয়াই অসমী জননীক কোঙা কৰি পেলালে।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

(গ) মন্ত্রীত্ব যাৰ শেষ কল্পনা, এছেমী যাৰ আশা । সিনো কি বুজিব হে বীৰ তোমাৰ ৰণ দুর্মদ ভাষা ৷

উত্তৰ : বাখ্যেয় কবিতাংশ আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট দেৱকান্ত বৰুৱা ৰচিত “লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিয়ে কবিতাটিৰ মাজেৰে অসমৰ বীৰ যোদ্ধা লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমৰ কথা স্মৰণ কৰি তাৰ লগতে তেওঁৰ সমসাময়িক দেশসেৱকসকলৰ দেশসেৱাৰ এটি নমুনা দাঙি ধৰিছে আৰু সেই প্ৰসংগতে এনে দেশসেৱকসকলৰ লক্ষ্য নো কি তাকে প্ৰকাশ কৰিছে।

কবিৰ মতে এতিয়াৰ (তেওঁৰ সময়ত) দেশনেতাসকল হ’ল ভণ্ডামিৰে ভৰা । তেওঁলোকে দেশখনৰ প্ৰকৃত সমস্যাৰ প্ৰতি মনোযোগ দিয়াৰ দিয়াৰ পৰিৱৰ্তে

সাধাৰম কথা কিছুমানতে লাগি থাকি প্ৰগতিৰ স্বাভাবিক পথ ৰুদ্ধ কৰিছে। এইসকল দেশ নেতাই লোকেল ব’ৰ্ডৰ সদস্যপদ বা মন্ত্রীত্বকে জীৱনৰ সৰ্বস্ব বুলি ভাবে, এই আশাতহে দেশপ্রেমিকৰ ভাও জোৰে। তেনে লোকে লাচিতৰ দৰে ত্যাগি বীৰপুৰুষৰ দুৰ্মদ ভাষা বুজি পোৱাটো সঁচাই অস্বাভাৱিক।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

প্রশ্ন ১ : ৰোমাণ্টিক যুগৰ শেষৰগৰাকী কবি বুলি কাক কোৱা হয় ?

উত্তৰ : কলংপৰীয়া কবি দেৱকান্ত বৰুৱাক ।

প্রশ্ন ২ : কোন গৰাকী ইংৰাজ কবিৰ আৰ্হিত দেৱকান্ত বৰুৱাই তেওঁৰ কবিতাত নাটকীয় স্বৰ্গতোক্তি ব্যৱহাৰ কৰিছিল ?

উত্তৰ : ইংৰাজ কবি ৰৱাৰ্ট ব্রাউনিংৰ আৰ্হিত ।

প্রশ্ন ৩ : যুগ সন্ধিৰ কবি কোন?

উত্তৰ: দেৱকান্ত বৰুৱা ।

প্রশ্ন ৪ : ‘সাগৰ দেখিছা” কাব্য সংকলনখনত সৰ্বমুঠকেইটা কবিতা আছে?

উত্তৰ : এই কাব্য সংকলনটিত মুঠতে একুৰি পোন্ধৰটি কবিতা আছে।

প্রশ্ন ৫ : “লাচিত ফুকন’কবিতাটি কোনখন কাব্য সংকলনৰ অন্তৰ্গত ? 

উত্তৰ : ‘সাগৰ দেখিছা’ নামৰ কাব্য সংকলনখনৰ অন্তৰ্গত।

প্রশ্ন ৬ : বৰুৱাৰ কবিতাৰ প্ৰধান সুৰটি কি ?

উত্তৰ: ইন্দ্ৰিয়গ্রাহ্য মানৱীয় প্ৰেম আৰু স্বদেশপ্রেম।

(খ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্রশ্ন ১ : দেৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা । 

উত্তৰঃ দেৱকান্ত বৰুৱা অসমীয়া কবিতাৰ ইতিহাসৰ এক সুপৰিচিত নাম। ৰোমাণ্টিক আৰু আধুনিক, এই দুয়োটা যুগসন্ধিত কবিতা ৰচনা কৰি, অসমীয়া কবিতাক ভাব-ভাষা-আংগিকৰ অভিনৱত্বৰে এক স্বকীয় ৰূপ প্ৰদান কৰে। তেওঁৰ কবিতা পুঞ্জৰ কিছুমান সাধাৰণ বৈশিষ্ট্য আছে, যেনে –

দেৱকান্ত বৰুৱা প্ৰেম আৰু যৌৱনৰ কবি। প্ৰেম তেওঁৰ কাব্য চিন্তাৰ মূল কেন্দ্ৰবিন্দু। এই প্ৰেম কবিৰ বাবে ইন্দ্ৰিয়াতীত প্ৰেম নহয়, বৰং ই দেহজ প্ৰেমৰ বন্দনাৰে মুখৰিত ৷

দেৱকান্ত বৰুৱাই ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ নাটকীয় একোক্তিৰ আৰ্হিৰে অসমীয়া কবিতাক নতুন মাত্ৰা প্ৰদান কৰিছে। এই নাটকীয় একোত্তিয়ে বৰুৱাৰ প্রত্যেকটো কবিতাকে অধিক প্ৰাণৱন্ত কৰি তুলিছে।

ইয়াৰ উপৰিও ছন্দৰ সাৱলীলতা, শব্দ বাছনিত অভিনৱত্ব, কল্পচিত্ৰৰ সাৰ্থক প্রয়োগ, কবি প্রসিদ্ধি পৰিহাৰ কৰি নতুন ভংগীত প্ৰেমৰ অভিনৱ প্ৰকাশ দেৱকান্ত বৰুৱাৰ কবিতাৰ মন কৰিবলগীয়া বৈশিষ্ট্য।

প্রশ্ন ২ : প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ঃ—

(ক) আকউ এবাৰ শুনোৱা তোমাৰ ৰণ-আহ্বান বাণী, 

আকউ এবাৰ ৰহা কৰি মৰোঁ লুতিৰ বগপানী ।

উত্তৰ : বাখ্যেয় কবিতাফাকি দেৱকান্ত বৰুৱাদেৱৰ ‘লাচিত ফুকন’কবিতাৰ। কবিয়ে ‘লাচিত ফুকন’ নামৰ কবিতাটিত অসম ইতিহাসৰ উজ্জ্বল নক্ষত্র স্বৰূপ বীৰ যোদ্ধা লাচিত বৰফুকনৰ ত্যাগ আৰু বীৰত্বৰ সোঁৱৰণ কৰাৰ লগতে বর্তমান দেশপ্রেমিকসকলৰ ভণ্ডামিক অতি ব্যংগভাৱে আক্ৰমণ কৰিছে আৰু শেষত লাচিতৰ আদৰ্শক জীয়াই ৰাখিবলৈ যে এতিয়াও অসমীয়া ডেকাৰ অভাৱ হোৱা নাই সেই কথা প্রকাশ কৰিছে। আজিও দেশৰ অজস্ৰ সেনানীয়ে কি বিচাৰে তাকে বৰ্ণোৱাৰ প্ৰসংগত তেওঁ ওপৰৰ কবিতা দুফাকিত অৱতাৰণা কৰিছে।

কবিয়ে লাচিত ফুকনক উদ্দেশ্যি কৈছে যে যদিওবা এতিয়াৰ দেশপ্রেমকিসকলৰ বেছিভাগেই ভণ্ড আৰু বেছিভাগেই ক্ষমতা বিচৰাত মত্ত তথাপি দেশ মাতৃৰ কাৰণে আজিও হাজাৰ হাজাৰ ডেকা ল’ৰাৰ হিয়াই বিনায়, তেওঁলোকে যেন লাচিতৰ দৰে নেতৃত্ব বিচাৰে। এতিয়াও লুইতৰ বগপানী ৰঙা কৰি হ’লেও দেশমাতৃৰ হকে যুদ্ধ দিবলৈ বহু সেনা সাজু আছে। মাত্র প্রয়োজন লাচিতৰ দৰে বীৰৰ হুকুমৰ ।

Leave a Reply