NIOS| Assamese (303)| Notes/Answer|Chapter-19| সাহিত্য

NIOS| Assamese (303)| Notes/Answer|Chapter-19| সাহিত্য মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-19| সাহিত্য

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-19| সাহিত্য

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)|Notes/Answer|Chapter-2| ৰাৱণক বিভীষণৰ সজ উপদেশ অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড

অধ্যায় ১৯

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া ঃ

প্রশ্ন ১ : ‘সাহিত্য’ শীৰ্ষক পাঠটি ক’ৰ পৰা তুলি দিয়া হৈছে?

উত্তৰ : ‘সাহিত্য’ শীর্ষক পাঠটি ড° উপেন্দ্র নাথ গোস্বামীৰ ‘ভাষা আৰু সাহিত্য’ গ্ৰন্থৰপৰা লোৱা হৈছে। 

প্রশ্ন ২ : ক্ৰান্তিকাৰ শব্দৰ অৰ্থ কি ?

উত্তৰ : ‘ক্ৰান্তিকাৰ’ শব্দৰ অৰ্থ হৈছে সমাজৰ উত্তৰণ বা পৰিৱৰ্তনৰ বাবে সংগ্ৰাম কৰোতা ব্যক্তি বা সমাজ বিপ্লৱী। 

প্রশ্ন ৩ : সাহিত্যৰ সম্বন্ধ প্ৰধানকৈ কাৰ লগত ?

উত্তৰ : সাহিত্যৰ সম্বন্ধ প্ৰধানকৈ মানুহৰ জীৱন আৰু কাৰ্যাৱলীৰ লগতহে ঘটা দেখা যায়।

প্রশ্ন ৪ : গ্যেটে কোন আছিল ?

উত্তৰ : গ্যেটে জার্মান দেশৰ বিখ্যাত পণ্ডিত। ‘দি ফাউষ্ট’ নামে বিখ্যাত গ্ৰন্থখনৰ ৰচক।

প্রশ্ন ৫ : কার্লাইল কোন আছিল ?

উত্তৰ : কার্লাইল পাশ্চাত্যৰ এগৰাকী সমালোচক আছিল । 

প্রশ্ন ৬ : সাহিত্যত কাৰ আদৰ্শ সংৰক্ষিত হয়?

উত্তৰ: সাহিত্যত মানুহৰ আদৰ্শ সংৰক্ষিত হয়।

প্রশ্ন ৭ : ‘ৰামচৰিত মানস’ৰ ৰচক কোন? 

উত্তৰ : তুলসীদাস ‘ৰামচৰিত মানস’ৰ ৰচক।

প্রশ্ন ৮ : কোনগৰাকী সমালোচকে সাহিত্যক সমাজৰ মগজু বুলি কৈছে?

উত্তৰ : সমালোক বৰ্গফোল্ডে সাহিত্যিক মানৱতাৰ মগজু বুলি কৈছে। 

প্রশ্ন ৯ : ৰুছো কোন ?

উত্তৰ : কছো ফৰাচী বৰাজনীতিজ্ঞ, দার্শনিক, বিপ্লৱী আৰু সাহিত্যিক।

প্রশ্ন ১০ : ছ’চিয়েল কন্ট্রাক্ট’ গ্ৰন্থখনৰ লেখক/ ৰচক কোন ?

উত্তৰ : ফ্ৰাচী সাহিত্যিক কছো ‘ছ’চিয়েল কন্ট্রাক্ট’ৰ ৰচক।

প্রশ্ন ১১ : গোটে কোন ?

উত্তৰ : গ্যেটে জার্মান দেশৰ এজন প্রখ্যাত সমালোচক।

প্রশ্ন ১২ : জৈনেন্দ্ৰ কুমাৰ কোন ? 

উত্তৰ : জৈনেন্দ্ৰ কুমাৰ প্ৰখ্যাত হিন্দী ঔপন্যাসিক আৰু গল্পকাৰ ।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্রশ্ন ১ : ড° উপেন্দ্র নাথ গোস্বামীক ভাষাবিদ বুলি কিয় কোৱা হয়?

উত্তৰ: ড° গোস্বামীদেৱ আছিল এগৰাকী ভাষাবিদ আৰু সুলেখক। ভাষা আৰু ব্যাকৰণ সম্বন্ধে বিশেষ দখল থকাৰ বাবেই ড° উপেন্দ্র নাথ গোস্বামীক ভাষাবিদ বুলি কোৱা হয়।

প্রশ্ন ২ : ড° উপেন্দ্র নাথ গোস্বামীৰ ভাষা আৰু ব্যাকৰণ সম্বন্ধীয় চাৰিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰ: ড° গোস্বামীদেৱৰ উল্লেখনীয় পুথিসমূহ হ’ল – ‘A Study on Kamrupi, a dialect of Assamese’, ‘An Introduction to Assamese’, ‘ভাষাবিজ্ঞান’, ‘ভাষা আৰু সাহিত্য’, ‘অসমীয়া ভাষাৰ ৰূপ-কথা’, ‘অসমীয়া ভাষাৰ ব্যাকৰণ’, ‘অসমীয়া লিপি’, আৰু বৈষ্ণৱ ভক্তিধাৰা আৰু সন্তকথা’ ইত্যাদি। 

প্রশ্ন ৩ঃ কোনখন কিতাপক সাহিত্য বুলিব পাৰি? 

উত্তৰ : যিখন কিতাপৰ বিষয়বস্তু আৰু লেখাৰ ধৰণে সৰ্বসাধাৰণ পাঠকক আকৰ্ষণ কৰিব পাৰে সেইখনক সাহিত্য বুলিব পাৰি। 

প্রশ্ন ৪ : ইতিহাস, দর্শন, অর্থশাস্ত্ৰ নাইবা জ্যোতির্বিদ্যা আদি বিষয়ৰ কিতাপৰ লগত সাহিত্যৰ কিতাপৰ পাৰ্থক্য কি ? 

উত্তৰ : ইতিহাস, দর্শন, অর্থশাস্ত্র নাইবা জ্যোতির্বিদ্যা আদিৰ মাজেৰে একোটা বিশেষ বিষয়ৰ চৰ্চা কৰা হয়। গতিকে এনে কিতাপে এক বিশেষ শ্রেণীৰ পাঠককহে আনন্দ দিব পাৰে। কিন্তু সাহিত্যই সকলো শ্ৰেণীৰ মানুহকে মনোৰঞ্জন দিব পাৰে। 

প্রশ্ন ৫ : ৰবীন্দ্ৰনাথৰ এটি পৰিচয় দিয়া

উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ পশ্চিমবংগৰ প্ৰখ্যাত বাংলা কবি। তেওঁ একাধাৰে কবি, গল্পকাৰ আৰু প্ৰবন্ধ লেখক আছিল। ‘গীতাঞ্জলি’ নামৰ কবিতা পুথিৰ বাবে তেওঁ ১৯১৩ চনত ন’বেল পুৰস্কাৰ লাভ কৰে ।

প্রশ্ন ৬ : মিল্টন কোন ?

উত্তৰ : জন মিল্টন ইংৰাজী সাহিত্যৰ এগৰাকী প্ৰখ্যাত কবি। ‘পেৰাডাইজ লষ্ট’নামৰ বিশ্বখ্যাত পুথিখন মিল্টনেই ৰচনা কৰে ।

প্রশ্ন ৭ : ‘ম‍ই নিজেই এখন নৰক।’— কবি মিল্টনে কোনটো চৰিত্ৰৰ মুখত এই সংলাপটি আৰোপ কৰিছিল?

উত্তৰ : মিল্টনে ‘ছেটান’ৰ মুখেৰে ‘ম‍ই নিজেই এখন নৰক’ বুলি কোৱা হৈছে। ছেটানৰ মুখৰ এই সংলাপে পাঠকৰ সন্মুখত নানা ধাৰণা আৰু কল্পনাৰ জগত এখন মুকলি কৰি দিছে।

প্রশ্ন ৮ : বিশ্বৰ তিনিগৰাকী ক্ৰান্তিকাৰৰ নাম লিখা। 

উত্তৰ : 

(১) কছো 

(২) মহাত্মা গান্ধী আৰু 

(৩) কার্লমার্ক্স ।

প্রশ্ন ৯ : অসমৰ সমাজ গঠনত কোন দুখন মহান গ্রন্থই স্থান লাভ কৰিছে? 

উত্তৰ : শংকৰদেৱৰ ‘কীৰ্তন’ আৰু মাধৱদেৱৰ ‘নামঘোষা’ ই অসমৰ সমাজ গঠনত স্থান লাভ কৰিছে।

প্রশ্ন ১০ : সাহিত্যৰ অন্তনিহিত উদ্দেশ্য কি?

উত্তৰ : সাহিত্যৰ উদ্দেশ্য হৈছে ইয়াৰ অন্তৰ্নিহিত বিষয়বস্তুক মনোগ্ৰাহীৰূপে প্ৰকাশ কৰি পাঠকক আনন্দ প্ৰদান কৰা। কোনো এটা বিষয় শিকাবলৈ যোৱাটো সাহিত্যৰ উদ্দেশ্য নহয়।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

প্রশ্ন ১১ : সাহিত্যৰ সীমা থাকেনে ?

উত্তৰ : সাহিত্যই প্ৰধানকৈ মানুহৰ সাধাৰণ অনুভূতিবোৰ আৰু মানুহৰ সাধাৰণ স্বভাৱক লৈয়ে ব্যস্ত থাকে। সেইবাবেই ভাল সাহিত্য কোনো জাতীয় সীমাৰ ভিতৰত আৱদ্ধ নাথাকে আৰু মানৱতাৰ সীমাই সাহিত্যৰ সীমা বুলি কোৱা হয়। 

প্রশ্ন ১২ : ষ্টাইল কি? সাহিত্যত ষ্টাইল কি?

উত্তৰ : সাহিত্যৰ প্ৰকাশভংগীকেই ষ্টাইল বোলা হয়। প্রকৃত সাহিত্যৰ বাবে ই এটা গুৰুত্বপূৰ্ণ বিষয়। ষ্টাইল প্ৰধানকৈ লেখকৰ ওপৰত নিৰ্ভৰ কৰে। 

প্রশ্ন ১৩ : সাহিত্যৰ সৃষ্টি দৰাচলতে কেনেকৈ হয় ?

উত্তৰ : মানুহে কেৱল নিজক লৈয়েই ব্যস্ত নাথাকে। চকুৰ সন্মুখত থকা আন মানুহৰ জীৱন, সিহঁতৰ আশা-আকাংক্ষা, আচাৰ-ব্যৱহাৰ আদি জানিবলৈ প্রত্যেকেই বিচাৰে। লেখকসকলক যেতিয়া এইবোৰে আকৰ্ষণ কৰে বা তেওঁলোকে নিজৰ কথা নকৈ আনৰ কথা ক’বলৈ বিচাৰে তেতিয়াই সাহিত্য অর্থাৎ উপন্যাস, নাটক, জীৱনীসাহিত্য, কাহিনী-গীত, মহাকাব্য আদিৰ সৃষ্টি হয়।

প্রশ্ন ১৪ : প্রেমচন্দ কোন ? 

উত্তৰ : মুন্সী প্রেমচন্দ প্রখ্যাত হিন্দী সাহিত্যিক। প্রেমচন্দৰ প্ৰকৃত নাম মুন্সী ধনপত ৰায়।

প্রশ্ন ১৫ : সাহিত্যিকে কি উদ্দেশ্যেৰে কলম ধৰা উচিত ? 

উত্তৰ : সাহিত্যিকে সত্যৰ অন্বেষণ, সত্যৰ চৰ্চা আৰু সতাৰ পূজাৰ বাবে কলম ধৰা উচিত বুলি প্রখ্যাত হিন্দী সাহিত্যিক জৈনেন্দ্ৰ কুমাৰে উল্লেখ কৰি গৈছে।

প্রশ্ন ১৬ : ‘গণ-সাহিত্য’ আৰু ‘গণ-কৃষ্টি’ মানে কি বুজা ?

উত্তৰ : আধুনিক সাহিত্যক ‘গণ-সাহিত্য’আৰু আধুনিক কৃষ্টিক ‘গণ-কৃষ্টি’ বুলি কোৱা হয় ।

প্রশ্ন ১৭ : সাহিত্যত কল্পনাৰ স্থান কেনে?

উত্তৰ : সাহিত্যত কল্পনাৰ স্থান গুৰুত্বপূৰ্ণ বুলি ভবা হয়। কাৰণ কল্পনা নোহোৱা ঠাই স্বাৰ্থপূৰ্ণ আৰু কল্পনা শূন্যতাই মৃত্যুৰ তুল্য হৈ পৰে। পৃথিৱীৰ ডাঙৰ ডাঙৰ ক্রান্তি বা বিপ্লৱ আৰু সংস্কাৰসমূহ প্ৰথমতে কল্পনাৰ কোমল কোলাতেই প্রতিপালিত হৈছিল।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্রশ্ন ১ : সাহিত্য বুলিলে কি বুজা ? ইয়াৰ গুণাগুণ সম্পর্কে ব্যাখ্যা কৰা। 

উত্তৰ : সাধাৰণতে সাহিত্য মানে কিছুমান কিতাপ বুলি ভবা হয় যদিও, কিতাপ মানেই সাহিত্য নহয় । কিতাপৰ বিষয়বস্তু আৰু তাক প্ৰকাশ কৰা ধৰণৰ ওপৰত নিৰ্ভৰ কৰিহে কোনো কিতাপ সাহিত্যৰ ভিতৰত পৰিব নে নপৰে তাক বিচাৰ কৰিব পাৰি। অৰ্থাৎ যিখন কিতাপৰ বিষয়-বস্তু আৰু লেখনভংগী বা লেখাৰ ধৰণে সৰ্বসাধাৰণ মানুহক আকৰ্ষণ কৰিব পাৰে, তাকে সাহিত্য বুলিব পাৰি ।

পাঠকক আনন্দ বা মনোৰঞ্জন প্রদানেই সাহিত্যৰ প্ৰধান গুণ। আনহাতে সাহিত্যৰ সম্বন্ধ মানুহৰ জীৱন আৰু কাৰ্যাৱলীৰ লগত বুলি কোৱা হয়। আমাৰ চকুৰ আগত থকা আন মানুহৰ জীৱন, আশা-আকাংক্ষা, আচাৰ-ব্যৱহাৰ জানিবলৈ সকলোৰে ইচ্ছা জন্মে। লেখকসকলে যেতিয়া এনে বিষয়বোৰৰ প্ৰতি আকর্ষিত হৈ নিজৰ কথা নকৈ আনৰ কথা ক’বলৈ বিচাৰে, তেতিয়াই উপন্যাস, নাটক, কাহিনী, জীৱনী, গীত, মহাকাব্য আদিৰ সৃষ্টি হয়। কেতিয়াবা আকৌ লেখকে নিজৰ অভিজ্ঞতাৰে কোনা ঘটনা বা দৃশ্য বৰ্ণনা কৰি ভ্ৰমণ কাহিনী বা বর্ণনামূলক ৰচনাৰ সৃষ্টি কৰিব পাৰে। জন মিল্টনৰ মতে এখন কিতাপত কোনো মহৎ লেখকৰ জীৱনৰ বহুমূলীয়া অভিজ্ঞতা থুপ খাই থাকে আৰু সি পিছৰ যুগলৈকে আদৰ্শৰ চিনস্বৰূপে সংৰক্ষিত হ’ব পাৰে। গতিকে প্ৰতিখন কিতাপৰ আঁৰত একোজন মানুহ থাকে। মানুহজনৰ আঁৰত একোটা জাতি আছে। জাতিটোৰ আঁৰত প্ৰাকৃতিক আৰু সামাজিক অৱস্থাবোৰ সোমাই থাকে। অজ্ঞাতসাৰে এই আটাইবোৰৰ প্রভাৱ একোখন কিতাপত প্রতিফলিত হোৱা দেখা যায় 

প্রশ্ন ২ : “জগতৰ ক্ৰান্তিবোৰৰ মূলতে আছিল সাহিত্য”—কথাষাৰ বিশ্লেষণ কৰা।

উত্তৰ : কোনো এটা জাতিৰ মন আৰু চৰিত্ৰই যুগে যুগে কেনেদৰে প্ৰগতিৰ পথত আগুৱাইছে সাহিত্যই তাক দাঙি ধৰে। সমালোচক বছফোল্ডে সাহিত্যিক মানৱতাৰ মগজু আখ্যা দিছে। তদুপৰি সাহিত্য ব্যক্তিৰ দ্বাৰা সৃষ্টি হ’লৈও তাত সমাজৰ ছাঁ পৰে। সেয়ে সাহিত্যক সমাজৰ দাপোণ বোলা হয়। প্রকৃততে সমাজে যিদৰে ব্যক্তিৰ সৃষ্টি কৰে, সেইদৰে ব্যক্তিয়েও সমাজ সৃষ্টি কৰে। জগত যুগাৱতাৰ আৰু ক্ৰান্তিকাৰসকলক সামাজিক পৰিস্থিতিয়েই জন্ম দিছিল। উদাহৰণস্বৰূপে ৰুছো, কার্লমার্ক্স আৰু মহাত্মাগান্ধীৰ দৰে মহান ক্ৰান্তিকাৰ পুৰুষসকলৰ জন্ম তথা তেওঁলোকে ৰচনা কৰা একোখন নতুন সমাজলৈ আঙুলিয়াব পাৰি। তেনেদৰে সামাজিক পৰিস্থিতিয়ে কবি আৰু সাহিত্যিককো জন্ম দিয়ে। তেনে সাহিত্যিকৰ সাহিত্যয়ো একোখন নতুন সমাজ গঢ়াত আগভাগ লোৱা চকুত পৰে। সেইবাবেই জগতৰ ক্ৰান্তি বা বিপ্লৱবোৰৰ মূলতে সাহিত্যৰ প্ৰভাৱ থকা বুলি কোৱা হয়। ফৰাচী লেখক তথা বিপ্লৱী ৰুছোৰ “ছ’েিয়ল কন্ট্রাক্ট” গ্ৰন্থখনত উদ্ধৃত ‘মানুহে জন্মতেই স্বাধীন কিন্তু প্রত্যেক ক্ষেত্রতেই সি শিকলিৰে আৱদ্ধ’ কথা শাৰীয়ে ফৰাচী বিপ্লৱ আৰু আমেৰিকাৰ স্বাধীনতা সংগ্ৰামত প্ৰচুৰ ইন্ধন যোগোৱাৰ লগতে গণতন্ত্ৰৰ ভেটিও দৃঢ় কৰিছিল। মহাত্মা গান্ধীৰ অহিংস আন্দোলনে ভাৰতৰ স্বাধীনতা অনাৰ লগতে ভাৰতীয় সমাজখনো গঢ়ি তুলিছিল। একেদৰে সমাজ গঠনৰ ক্ষেত্ৰত উত্তৰ ভাৰতৰ তুলসী দাসৰ ‘ৰামচৰিত মানস’ আৰু অসমৰ শংকৰদেৱ-মাধৱদেৱৰ ‘কীর্তন’ তথা ‘নামঘোষা’ৰ স্থান লেখতল’বলগীয়া বুলি ক’ব পাৰি 

প্রশ্ন ৩ : সাহিত্যত কল্পনাৰ গুৰুত্ব কিমান, আলোনা কৰা ।

উত্তৰ : পাঠকক আনন্দ বা মনোৰঞ্জন প্ৰদান সাহিত্যৰ এক বিশেষ গুণ। সাহিত্যই মানুহৰ জীৱনৰ জড়তা আঁতৰাই দেহ-মন পুলকিত কৰিব পাৰে। এনে সাহিত্যত কল্পনাৰ গুৰুত্ব যথেষ্ট দেখা যায়। কল্পনা নোহোৱা ঠাই স্বাৰ্থপৰ্ণ আৰু “ কল্পনা শূন্যতা মৃত্যু সদৃশ। কল্পনা অবিহনে মানুহে পদুমৰ সৌন্দৰ্য বা চৰাই চিৰকতিৰ গান আদি প্ৰকৃতিৰ সম্পদৰাজিক অনুভৱ কৰিব নোৱাৰিলেহেঁতেন। আমাৰ সমাজৰ ইজনে সিজনৰ প্ৰতি দেখুওৱা মৰমো কল্পনা প্রসূতহে। পৃথিৱীৰ ডাঙৰ ডাঙৰ ক্ৰান্তি আৰু সংস্কাৰবোৰ প্ৰথমতে কল্পনাৰ কোমল কোলাতেই প্রতিপালিত হোৱা বুলি সমালোচকসকলে যুক্তি দাঙি ধৰে ।

প্রশ্ন ৪ : “বিশ্বজনীনতা সাহিত্যৰ এটা ডাঙৰ লক্ষণ।’ কথাষাৰ বুজাই লিখা ।

উত্তৰ : বিশ্বজনীনতা সাহিত্যৰ এটা ডাঙৰ লক্ষণ। সকলো লোকৰে মংগলজনক বা সার্বজনীন চিন্তাই বিশ্বজনীনতা। এই চিন্তাই সাহিত্যক মহান কৰি তোলে।

সাহিত্যই প্ৰধানকৈ মানুহৰ সাধাৰণ অনুভূতি আৰু সাধাৰণ স্বভাৱক লৈ ব্যস্ত থাকে। ভালপোৱা, ঘৃণা, আনন্দ, নিৰানন্দ, ভয়, বিশ্বাস এইবোৰ মানুহৰ স্বভাৱৰ আৱশ্যকীয় অংগ। তেনেদৰে দেশ-কাল ভেদে মানুহ বেলেগ হ’লেও সকলো মানুহৰ অন্তৰৰ অনুভূতি চিৰন্তন । সেইবাবেই ভাল সাহিত্য কোনো জাতীয় সীমাৰ ভিতৰত আৱদ্ধ নাথাকে, মানৱতাৰ সীমাই সাহিত্যৰ সীমা। সেয়ে মহান সাহিত্যিকৰ সাহিত্য পঢ়িয়েই জ্ঞান পোৱাৰ উপৰিও দূৰদেশৰ হ’লে তেওঁলোকক নিচেই কাষৰ চিনাকী আৰু মৰমৰ বন্ধু যেন অনুভৱ কৰো। সাহিত্যিকসকলে কল্পনা আৰু অনুভূতিৰ সহায়ক জগতৰ বস্তুবোৰক একোটা নতুন ৰূপ দিবলৈ সক্ষম হয়।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া ঃ

প্রশ্ন ১ : সাহিত্য সম্পর্কে মিল্টনে কি কৈছে?

উত্তৰ : মিল্টনে কৈছে— ‘এখন ভাল কিতাপত কোনো মনীষীৰ জীৱনৰ বহুমূলীয়া অভিজ্ঞতা থূপ খাই থাকে আৰু পিছৰ যুগলৈকে সি আদৰ্শৰ চিনৰূপে সংৰক্ষিত হয়।

প্রশ্ন ২ : ৰবীন্দ্ৰনাথৰ মতে সাহিত্য শব্দৰ অৰ্থ কি?

উত্তৰ : ৰবীন্দ্ৰনাথৰ মতে সাহিত্য শব্দৰ অৰ্থ হৈছে ‘সাহিত+ষ্ণ’ অর্থাৎ সহিতত্ব স্থাপন কৰা, মিলন ঘটোৱা।

প্রশ্ন ৩ : ছ’চিয়েল কন্ট্রাক্ট কিতাপখনত লিখা ৰুছোৰ মূল বাণীটো কি ? 

উত্তৰ : ‘মানুহ জন্মতেই স্বাধীন, কিন্তু প্রত্যেক ক্ষেত্রতে সি শিকলিৰে আবদ্ধ।’

প্রশ্ন ৪ : কার্লাইলে শ্বেক্সপীয়েৰৰ সাহিত্য সম্পৰ্কত কি মন্তব্য কৰিছিল ? 

উত্তৰ : মোৰ সন্মুখত যদি ভাৰত সাম্ৰাজ্য আৰু শ্বেক্সপীয়েৰৰ গ্ৰন্থৰাজি থোৱা হয় আৰু মোক কোৱা হয় যে এই দুটাৰ ভিতৰত যিটো লাগে লোৱা, তেতিয়াহ’লে মই শ্বেক্সপীয়েৰক তুলি ল’ম আৰু ভাৰত সাম্ৰাজ্য দি দিম।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্রশ্ন ১ : ‘সাহিত্য’ প্রবন্ধটিৰ ৰচক ড° উপেন্দ্ৰনাথ গোস্বামীৰ চমু পৰিচয় দিয়া ।

উত্তৰ : ড° উপেন্দ্ৰনাথ গোস্বামী আছিল ভাষা-সাহিত্যৰ সাধক। ডিব্ৰুগড়ৰ কানৈ কলেজ আৰু কটন কলেজত অধ্যাপনা কৰাৰ পিছত তেখেত গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহে আৰু অসমীয়া বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ড° গোস্বামীদেৱ আছিল এগৰাকী ভাষাবিদ আৰু সুলেখক। ড° • গোস্বামীদেৱৰ উল্লেখনীয় পুথিসমূহ হ’ল — A Study on Kamrupi, a dialect of Assamese’, ‘An Introduction to Assamese’, ‘ভাষাবিজ্ঞান’, ‘ভাষা আৰু সাহিত্য’, ‘অসমীয়া ভাষাৰ ৰূপ-কথা’, ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ ‘অসমীয়া লিপি’, আৰু বৈষ্ণৱ ভক্তিধাৰা আৰু সন্তকথা’ ইত্যাদি। 

প্রশ্ন ২ : ‘বিশ্বজনীনতা সাহিত্যৰ এটা ডাঙৰ লক্ষণ’— কথাষাৰ বুজাই লিখা। 

উত্তৰ : ‘সাহিত্য’ নামৰ ৰচনাখনিত ড° উপেন্দ্ৰনাথ গোস্বামীয়ে সাহিত্যৰ লক্ষণ সম্পর্কত আলোচনা কৰি এই মন্তব্য দিছে যে বিশ্বজনীনতা সাহিত্যৰ এটা ডাঙৰ লক্ষণ ।

আচলতে সাহিত্যই মানৱ মনৰ ভাব-অনুভূতিকে প্ৰকাশ কৰে । সেইফালৰ পৰা দেশ-কাল ভেদে মানুহৰ চিন্তা-ভাবনাও বেলেগ বেলেগ হয় আৰু সেইবোৰ সাহিত্যত প্রতিফলিত হয়। কিন্তু দেশকালৰ ভেদ সত্ত্বেও মানুহৰ কেতবোৰ চিৰন্তন ভাব-অনুভূতি বা উপলব্ধি থাকে— যিবোৰক আমি বিশ্বজনীন বুলি ক’ব পাৰো। সাহিত্যই তেনে বৈশিষ্ট্যবোৰক প্ৰতিফলিত কৰাৰ যত্ন কৰিব লাগে। কাৰণ ভাল সাহিত্য কোনো জাতীয় সীমাৰ মাজত আবদ্ধ নাথাকে । মানৱতাৰ সীমাই সাহিত্যৰ সীমা। গতিকে বিশ্বজনীনতা সাহিত্যৰ এটা ডাঙৰ লক্ষণ।

Leave a Reply