NIOS| Assamese (303)| Notes/Answer|Chapter-18| নাৱৰীয়া (ক)

NIOS| Assamese (303)| Notes/Answer|Chapter-18| নাৱৰীয়া (ক) মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-18| নাৱৰীয়া (ক)

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-18| নাৱৰীয়া (ক)

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)| Notes/Answer|Chapter-18| নাৱৰীয়া (ক) অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড

অধ্যায় ১৮

পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

প্ৰশ্ন ১ : ‘নাৱৰীয়া (ক)’ কবিতাটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰ : ‘নাৱৰীয়া (ক)’ কবিতাটি কবিৰ ‘আপোন সুৰ’ কাব্যপুথিৰ পৰা সংগ্ৰহ কৰা হৈছে।

প্ৰশ্ন ২ঃ ‘নাৱৰীয়া (ক)’শীৰ্ষক কবিতাটিত উল্লেখ কৰা নাৱৰীয়া গৰাকী প্ৰকৃততে কোন?

উত্তৰ: কবিয়ে এই কবিতাত নিজকে এগৰাকী নাৱৰীয়াৰ ৰূপত কল্পনা কৰিছে।

প্ৰশ্ন ৩ : কোনখন কবিতা পুথিৰ বাবে দুৱৰাই সাহিত্য অকাডেমি পুৰস্কাৰ পাইছিল ?

উত্তৰ : ‘বনফুল’ কবিতা পুথিৰ বাবে তেওঁ ১৯৫৫ চনত সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিছিল।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্ৰশ্ন ১ : কবিতাটিত উল্লেখ কৰা ‘মালতী’ কোন? তেওঁ কাৰ লগত বাৰ্তালাপ কৰিছে?

উত্তৰ : ‘মালতী’ হ’ল কবি-কল্পিত এগৰাকী মোহময়ী নাৰী। তেওঁ নাৱৰীয়াৰূপী কবিৰ লগত বাৰ্তালাপ কৰিছে।

প্ৰশ্ন ২ : কবি যতীন্দ্ৰ নাথ দুৱৰা প্ৰভাৱান্বিত হোৱা দুগৰাকী বিদেশী কবিৰ নাম লিখা ।

উত্তৰ : ইংৰাজ কবি প্লে, শেলি, টেনিছন, কথা কবিতাৰ কছ কবি টুৰ্গেনিভ, পাৰস্যৰ কবি ওমৰ খায়াম, হাফেজ আদিৰ কবিতাৰ প্ৰভাৱ দুৱৰাৰ কবিতাত দেখা যায়। 

প্ৰশ্ন ৩ : যতীন্দ্ৰনাথ দুৱৰাই কোন গৰাকী বিদেশী কবিৰ কবিতাৰ আৰ্হিত কথা কবিতা ৰচনা কৰিছিল?

উত্তৰ : ১৯৩৩ চনত ৰুছ সাহিত্যিক টুৰ্গেনিভৰ Poems in Prose – অৰ আদৰ্শত ‘কথা-কবিতা’ নামৰ গদ্য পুথি প্ৰকাশ হৈছিল।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্ৰশ্ন ১ : ‘মালতী’ৰ সৈতে হোৱা বাটৰুৱাৰূপী কবিৰ কথোপকথনখিনি বৰ্ণনা কৰা।

উত্তৰ : কবিয়ে এই কবিতাত নিজকে এগৰাকী নাৱৰীয়াৰ ৰূপত কল্পনা কৰিছে। লাহে লাহে সন্ধিয়া নামি আহিছে আৰু তৰাবোৰে চিক্‌মিক্ কৰি মিচিকিয়াবলৈ ধৰিছে। মিলনৰ এটি সুৰ বতাহৰ কোলাত ওপঙি ফুৰিছে। এনে সময়তে নদীৰ পাৰত ফুলি থকা ফুলনিৰ মাজত কবিয়ে প্ৰত্যক্ষ কৰিছে ‘মালতী’ৰ ছবিখানি। মালতীয়ে নাও বাই বাই নদীৰ ঘাটৰ কাষ চপা নাৱৰীয়াক পৰিচয় সুধিছে। উত্তৰত নাৱৰীয়াই কৈছে যে তেওঁ অসীম সীমাৰ মাজত ভ্ৰমি ফুৰা এজন পথৰ পথিক। মালতীয়ে স্বাভাবিকভাবেই অকলশৰীয়া নাৱৰীয়াক ৰাতি হোৱা দেখি তেওঁলোকৰ ঘৰতে থকাৰ নিমন্ত্ৰণ দিছে। লগতে কৈছে যে সকলোৱে তেওঁক আদৰ-সাদৰ কৰিব আৰু দাস-দাসীয়ে প্ৰয়োজনীয় সেৱা কৰিব। কিন্তু নাৱৰীয়া আলহী হ’ব নোখোজে। তেওঁ নিজকে ক্ষুদ্ৰ প্ৰাণী বুলি কৈছে আৰু তেওঁ এনে আদৰৰ যোগ্য নহয় বুলি জনাইছে। তদুপৰি তেওঁ নিজৰ প্ৰয়োজন নিজেই সাধিব বুলিও জনাইছে।

মালতীয়ে পুনৰবাৰ অনুৰোধ জনাইছে যে ৰাতি হৈ আহিছে আৰু আন্ধাৰ নামিছে। গতিকে লক্ষ্যবিহীনভাৱে এনেদৰে যাব নালাগে। নাৱৰীয়াই কৈছে যে তেওঁ অকলশৰীয়া নহয়। গছ-লতা, পশু-পক্ষীকে ধৰি এই প্ৰকৃতিৰ সকলো বস্তুৱেই তেওঁৰ আপোন। সেয়েহে তেওঁ নিজ মনে এনেদৰে গাও বাই আগুৱাই যায়। য’তে ৰাতি ত’তে কাতি হয় আৰু পুৱা উঠি দুগুণ উছাহেৰে এনেদৰে পাও মেলি ভটিয়াই যায়।

নাৱৰীয়াৰ এনে নিৰাশ মনোভাৱ দেখি মালতীয়ে জানিব খুজিছে যে তেওঁ ইমান নিৰাশ কিয়? মানুহৰ মৰম তেওঁ কেতিয়াও পোৱা নাই নেকি? অথবা তেওঁ হিয়াত কেতিয়াও আশাৰ মনোমোহা ছবি অঁকা নাই নেকি? এইবাৰ নাৱৰীয়াই কৈছে যে মানুহৰ ভালপোৱা আছে যদিও তেওঁ সেই লৈ চিন্তিত নহয়, কাৰণ তেওঁ জগতক ভাল পায় আৰু জগতখনৰ সকলোৱেই তেওঁৰ প্ৰিয়। সেয়েহে তেওঁক ধন সোণ একোৰে প্ৰয়োজন নাই। এই বিশ্বলৈ তেওঁ সুদাহাতে আহিছে আৰু সুদা হাতে আঁতৰি যাবলৈ পালেই তেওঁ সুখী। কাৰণ তেওঁ জানে ধন-বস্তু সকলো দুদিনীয়া। তদুপৰি আশাও পাতৰ আগত লাগি থকা নিয়ৰৰ কণাৰ দৰে নিয়ৰ যেনেকৈ দুপৰীয়া ৰ’দৰ তাপ পৰাৰ লগে লগে কেনি উৰি যায় কোনো নেদেখে, মানুহৰ আশাও তেনেকুৱাই কোনো স্থায়িত্ব নাই

মালতীয়ে প্ৰশ্ন কৰিছে যে তেওঁ সংসাৰত সুখৰ কণিকা নিবিচাৰে নেকিছু নাৱৰীয়াই কৈছে সুখ ৰাতি জুই খেদাৰ দৰে আচলতে সুখ দুখ সকলো মনৰ কল্পনা কাৰোবাৰ বাবে যিটো সুখ, অইন কাৰোবাৰ বাবে যি দুখো হ’ব পাৰে। মালতীয়ে পুনৰ সুধিছে যে ৰাতি যেতিয়া জগত নিতাল মাৰে তেতিয়া তেওঁ ক’ত থাকে ? নাৱৰীয়াই মালতীক জনাইছে যে তেওঁ নিজৰ পঁজাত নতুবা গছৰ তলত মুকলি মুৰীয়া হৈ থাকে। ফাঁকি-ফুকা নথকা, সমাজৰ কঠোৰ শাসন নথকা নিৰ্জন ঠায়েই তেওঁৰ থকা ঠাই।

এনেদৰে বহু কথা পতাৰ পিছত মালতী লাজত ৰাঙলী হ’ল। হিয়া আবেগেৰে পূৰ্ণ হৈ পৰিল। নাৱৰীয়াই তেনে সময়তে বিদায় মাগিলে। মালতীয়ে মাত্ৰ সুধিলে পুনৰ তেওঁৰ লগত দেখা হবনৈ? নাৱৰীয়াই জনালে যে তেওঁ সিপাৰত নীৰলে-নিজানে থাকে। যদি কেতিয়াবা ইপাৰত থাকি তেওঁৰ আমনি লাগে তেতিয়া সিপাৰত শান্তি বিচাৰি সিপাৰলৈ উঠিলেই তেওঁ নাৱৰীয়াক লগ পাব। এইখিনি কথোপকথনৰ মাজেৰেই কবিতাটিৰ সমাপ্তি ঘটিছে।

প্ৰশ্ন ২ : প্ৰসঙ্গ সঙ্গতি দৰ্শাই ব্যাখ্যা কৰা : 

(ক) সুখ দুখ একো নাই সকলোটি মিছা

ই এটি মনৰ কল্পনা

যিটিয়ে তোমাৰ সুখ হ’ব পাৰে সিটি

অইনৰ দুখৰে ভাৱনা ।

উত্তৰ : উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সান্নিবিষ্ট যতীন্দ্ৰনাথ দুৱৰা দেৱৰ নাৱৰীয়া (ক) কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

নদীৰ কাষত ফুলনি ড্ৰাত প্ৰত্যক্ষ কৰা মালতীৰ ছবিটিয়ে যেন নাৱৰীয়ৰূপী কবিক প্ৰশ্ন কৰিছে। তেওঁ কলৈ যাব, কিয় এনেদৰে অকলশৰে ঘূৰি ফুৰিছে ইত্যাদি। নাৱৰীয়াই মালতীৰ এনে বহু প্ৰশ্নৰ উত্তৰ দিছে। কিন্তু যেতিয়া মালতীয়ে নাৱৰীয়াৰ মনত এক নিৰাশাৰ ভাব দেখিবলৈ পাইছে, তেতিয়া সুধিছে যে তেওঁ সংসাৰত সুখৰ কণিকা অকণ নিবিচাৰেনে? মালতীৰ এই প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰসংগতে এই ফাঁকি কবিতাৰ অৱতাৰণা কৰা হৈছে।

নাৱৰীয়াই কৈছে যে সুখ দুখ বুলি সংসাৰত কোনো বস্তু বা উপলব্ধি নাই । সকলো আচলতে মনৰ কল্পনা। তদুপৰি সুখ দুখৰ ধাৰণাও তেনেই আপেক্ষিক। কাৰণ যিটি কথা বা কামে এজনৰ মনত সুখৰ সঞ্চাৰ কৰে সেই একেটা কথা বা কামে আন এজনৰ মন দুখৰ ভাবনাৰে শোকাকুল কৰি তুলিব পাৰে। গতিকে কবিয়ে তেওঁৰ এই ব্যক্তিগত ভাবৰ মাজেৰে এক চুড়ান্ত সত্যক প্ৰতিফলিত কৰিব বিচাৰিছে।

(খ) ফাঁকি-ফুকা য’ত নাই আৰু নাই য’ত

সমাজন কঠোৰ শাসন, 

সেয়ে মোৰ থকা ঠাই এই জগতত 

সেই ঠাঁই অতি নিৰজন ।

উত্তৰঃ উদ্ধৃত কবিতা ফাঁকি যতীন্দ্ৰনাথ দুৱৰা দেৱৰ নাৱৰীয়া (ক) শীৰ্ষক কবিতাটিৰ পৰা লোৱা হৈছে। 

কবিতাটিত নাৱৰীয়াই তেওঁৰ নিজৰ থকা ঠাই ক’ত তাকে বৰ্ণাবলৈ গৈ এই কথাৰ অৱতাৰণা কৰিছে। কবিতাটিত নাৱৰীয়া আচলতে কবি নিজেই। তেতওঁ এই কবিতাৰ মাজেৰে দেখুৱাইছে যে মানুহৰ জীৱনটো এটা নাৱৰীয়াৰ দৰেই । ভাটিয়নী সোঁতত নাও এৰি মানুহে সিপাৰৰ ধুনীয়া দেশলৈ যাত্ৰা কৰে। তেওঁ দেখুৱাইছে যে মনে আচলতে ফাঁকি ফুকা নোহোৱা, হিংসা দ্বেষ নোহোৱা এটুকুৰা নিৰ্জন ঠাই বিচাৰে। সমাজৰ কঠোৰ অনুশাসনে মানুহৰ জীৱনৰ স্বতঃস্ফূৰ্ত্ততা নোহোৱা কৰে। গতিকে তেওঁ তেনে অনুশাসন নথকা নিৰ্জন ঠাইত থাকে। ইয়াৰ মাজেৰে ৰোমাণ্টিক কবিতাত স্বতঃস্ফুৰ্ত্ততা আৰু প্ৰকৃতিৰ বুকুলৈ প্ৰত্যাবৰ্তন আদি বৈশিষ্ট্যবোৰ অতি সুন্দৰ ৰূপত ফুটাই তোলা হৈছে ৷

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

অতিৰিক্ত সম্ভাব্য প্ৰশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া ঃ

প্ৰশ্ন ১ : অসমীয়া কথা-কবিতাৰ জনক কোন ?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰা ।

প্ৰশ্ন ২ : যতীন্দ্ৰ নাথ দুৱৰা একমাত্ৰ কথা-কবিতাৰ লক্ষণসমৃদ্ধ কাব্যপুথিখনৰ নাম কি ?

উত্তৰঃ ‘কথা-কবিতা’।

প্ৰশ্ন ৩ঃ কোনখন কবিতাপুথিৰ বাবে যতীন্দ্ৰ নাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰে ?

উত্তৰঃ ‘বনফুল’।

প্ৰশ্ন ৪ : যতীন্দ্ৰ নাথ দুৱৰাই কিমান চনৰ অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিৱেশনত যতীন্দ্ৰ নাথ দুৱৰাই সভাপতিত্ব কৰিছিল।

প্ৰশ্ন ৫ : যতীন্দ্ৰ নাথ দুৱৰাৰ কবিতা পুথি কেইখনৰ নাম লিখা ।

উত্তৰঃ ‘ওমৰ তীৰ্থ’, ‘আপোন-সুৰ’, ‘বনফুল’, ‘মিলন সুৰ’ আৰু ‘মৰমৰ সুৰ’ ।

প্ৰশ্ন ৬ : যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম কেতিয়া ক’ত হৈছিল ? 

উত্তৰ: ১৮৯২ চনৰ ৪ মাৰ্চত; শিৱসাগৰত ।

প্ৰশ্ন ৭ : যতীন্দ্ৰ নাথ দুৱৰাৰ মৃত্যু ক’ত কেতিয়া হৈছিল ?

উত্তৰ : শিৱসাগৰত ১৯৬৪ বৰ্ষত।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া ঃ

প্ৰশ্ন ১ : যতীন্দ্ৰ নাথ দুৱৰাই কিহৰ আলমত কথা-কবিতা’ ৰচনা কৰিছিল ? 

উত্তৰঃ টুৰ্গেনিভৰ ‘Poems in prose ৰ অন্তৰ্গত ‘The Begger’ ৰ লগত দুৱৰাই ৰচনা কৰা ‘কথা-কবিতা’ৰ সাদৃশ্য আছে। আফ্ৰিকাৰ মহিলা লেখক অলিভ শ্ৰাইনৰৰ ৰচনাৰ আলমত যতীন্দ্ৰ নাথ দুৱৰাই ‘কথা-কবিতা” ৰচনা কৰিছে।

প্ৰশ্ন ২ : ‘নাৱৰীয়া’(ক) কবিতাটিত উল্লেখ কৰা মালতী কোন? কিহৰ লগত তেওঁক দেখা পোৱাৰ কথা কৈছে? 

উত্তৰঃ ‘মালতী’ কবিৰ মনৰ ভিতৰৰ এখনি ছবি। মিলনৰ এটি সুৰ বতাহৰ কোলাত ওপঙি ফুৰিছে আৰু তটিনী তীৰৰ ফুলি থকা ফুলনিৰ মাজত তেওঁ মালতীৰ ছবিটি দেখা পাইছে। 

প্ৰশ্ন ৩ : 

“নহয় অকলে দেৱী জগত মাজত

আছে মোৰ শত লগৰীয়া, 

পশু-পক্ষী গছ-লতা প্ৰকৃতি বুকুৰ

সকলোটি কেনেনো ধুনীয়া।।”— কবিতাফাকিত মমাৰ্থ কি ?

উত্তৰঃ কবিয়ে এই কবিতা ফাঁকিৰ মাজেৰে ইয়াকে ক’ব বিচাৰিছে যে যিজনে গোটেই পৃথিবীখনকে নিজৰ বুলি ল’ব পাৰে তেওঁৰ বাবে লগৰীয়াৰ কোনো অভাৱ নাই। গছ-লতা,পশু-পক্ষীকে ধৰি প্ৰকৃতিৰ সকলো বস্তুৱেই তেওঁৰ বাবে সুন্দৰ। সকলো তেওঁৰ আপোন । তেওঁ কেতিয়াও অকলশৰীয়া নহয় ৷

প্ৰশ্ন ৪ : 

“পথৰ পথিক মই ফুৰো ঘূৰি ঘূৰি

অসীমৰ সীমাৰ মাজত।”

—কবিয়ে কিয় অসীমৰ সীমা থকাৰ কথা কৈছে?

উত্তৰঃ এই জগতখন অসীম। কিন্তু আমি এই অসীম সত্বাক বুজি নাপাও বা সেই অসীমক আমি স্পৰ্শও কৰিব নোৱাৰো। সেয়েহে মানুহ অসীমৰ মাজৰে এক সীমাৰ ভিতৰত ঘূৰি ফুৰে ।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্ৰশ্ন ১ : ‘যতীন্দ্ৰনাথ দুৱৰা’ৰ এটি পৰিচয় দিয়া । 

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰাৰ (১৮৯২-১৯৬৪) জন্ম শিৱসাগৰত। কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা তেওঁ ১৯১৩ চনত বি এছ ডিগ্ৰী লাভ কৰে। দুৱৰাই এম এ আৰু ল. অধ্যয়ন কৰিছিল যদিও সি সম্পূৰ্ণ নহ’ল।

যতীনৰ ‘য’ আৰু দুৱাৰৰ ‘দু’ মিলাই ‘যদু’ এই ছদ্মনামেৰেও তেওঁ কবিতা লিখিছিল। দুৱৰা স্কুলীয়া ছাত্ৰাৱস্থাৰ পৰাই কবিতাৰ ৰসাগ্ৰহী। কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যলৈ অহাৰ পিছত তেওঁৰ সাহিত্য-স্পৃহা আৰু কবি প্ৰতিভা বিকাশ হয়। পদ্মনাথ গোহাঞি বৰুৱাৰ ‘ঊষা’ত (১৯০৭) তেওঁ ছদ্মনামেৰে কবিতা লিখিছিল। উষাৰ পিছত যেতিয়া বেজবৰুৱাৰ বাঁহী (১৯০৯) ওলাল তাত তেওঁ বিশেষকৈ লিখিবলৈ ল’লে। তেওঁ নিজেও এইদৰে লিখি থৈ গৈছে, “বেজবৰুৱা বাঁহীৰ লগতেই মোৰ সাহিত্যিক জীৱন আৰম্ভ হোৱা বুলি ধৰিব পাৰি।”

ইংৰাজ কবি গ্ৰে. শ্বেলি, টেনিছন, কথা কবিতাৰ ৰুছ কবি টুৰ্গেনিভ, পাৰস্যৰ কবি ওমৰ খায়াম, হাফেজ আদিৰ কবিতাৰ প্ৰভাৱ দুৱৰাৰ কবিতাত দেখা যায়। তেওঁৰ ওমৰ তীথ (১৯২৬) পাৰস্যৰ বিখ্যাত কবি ওমৰ খায়ামৰ ৰুবায়তৰ সুন্দৰ আৰু নিমজ অসমীয়া ভাঙনি। ১৯৩৩ চনত ৰুছ সাহিত্যিক টুৰ্গেনিভৰ Poems in Prose -অৰ আদৰ্শত ‘কথা-কবিতা’নামৰ গদ্য পুথি প্ৰকাশ হৈছিল। ‘কথা-কবিতা’ দুৱৰাৰ প্ৰকাশিত দ্বিতীয় পুথি। ‘আপোন সুৰ’(১৯৩৮), ‘বনফুল’ (১৯৫২) তেওঁৰ অন্যতম কবিতা পুথি। তেওঁৰ মৃত্যুৰ পিছত ‘মৰমৰ সুৰ’ (১৯৭৬) প্ৰকাশ পায়।

‘বনফুল’ কবিতা পুথিৰ বাবে তেওঁ ১৯৫৫ চনত সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিছিল। অসমীয়া গ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ বঁটা পোৱা তেওঁ প্ৰথম অসমীয়া সাহিত্যিক। 

১৯৫৫ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিৱেশনৰ তেওঁ সভাপতি আছিল।

প্ৰশ্ন ২ : নাৱৰীয়া কবিতাটিৰ মূলভাৱ লিখা

উত্তৰ : নাৱৰীয়া কবিতাটিত কবিয়ে মালতীৰ লগত হোৱা আলোচনাৰ মাজেৰে এখন জীৱন্ত ছবি অংকণ কৰিব বিচাৰিছে আৰু এই সুন্দৰ পদ্ধতিৰ মাজেৰে তেওঁ জীৱন সম্পৰ্কত এক বিশেষ দৰ্শন প্ৰকাশ কৰাৰ চেষ্টা কৰিছে। তেওঁ দেখুৱাইছে যে জীৱন গতিশীল। জিৰাবৰ বাবে অকণো আহৰি নাই ৷ জন্মৰ পিছৰে পৰা মানুহে ভটিয়নী সোঁতত নাও বাই আগুৱাই যাই জীৱনৰ সিপাৰৰ দেশলৈ। বাটৰ সকলো নিমন্ত্ৰণ ক্ষন্তেকীয়া। মানুহৰ ভালপোৱা, ধন, সম্পদ আদি কোনো বস্তুৱেই স্থায়ী নহয়। আশা-নিৰাশা বা দুখ সুখো সম্পূৰ্ণ আপেক্ষিক। তদুপৰি আমি যদিও কাৰোবাক আপোন বুলি ভাবো, নিজৰ জ্ঞান কৰোঁ, তাৰো আচলতে কোনো অৰ্থ নাই। আচলতে জগতখনক আপোন বুলি লোৱাজনৰ বাবে মানুহৰ মৰমৰ কোনো বিশেষ অৰ্থ নাথাকে। 

মানুহৰনো আচলতে শান্তি কত? কবিয়ে তাৰ ইংগিত দিছে যে হিংসা, দ্বেষ, ফাঁকি-ফুকা নথকা বা কঠোৰ শাসন নথকা মুকলি মুৰীয়া ঠাই কণতে মানুহে

শান্তি পায় কিন্তু জীৱনটো এনে স্বতন্ত্ৰভাবে নচলে। সেয়েহে কবিয়ে কৈছে যে আচলতে সিপাৰতহে মানুহে শান্তি পায়। কবি সেই শাস্তিৰ আশাত। অৰ্থাৎ শান্তিৰ বাবে মানুহে পাৰ্থিৱ মোহত আৱদ্ধ হৈ থাকিলে নহ’ব। জীৱনত কাৰোবাৰ মমতাৰ প্ৰয়োজন থাকিলেও বিশ্বখনেই যেতিয়া নিজৰ হৈ পৰিব তেতিয়াহে মানুহে প্ৰকৃত শান্তি লাভ কৰিব পাৰিব।

Leave a Reply