NIOS| Assamese (303)| Notes/Answer|Chapter-17| নাটঘৰ

NIOS| Assamese (303)| Notes/Answer|Chapter-17| নাটঘৰ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-17| নাটঘৰ

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-17| নাটঘৰ

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)| Notes/Answer|Chapter-17| নাটঘৰ অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড

অধ্যায় ১৭

পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

প্ৰশ্ন ১ : কবি নলিনীবালা দেৱীৰ কোন চনত জন্ম হয় ? 

উত্তৰ: কবি নলিনাবালা দেৱীৰ ১৮৯৮চনত জন্ম হয়।

প্ৰশ্ন ২ : কবি নলিনীবালা দেৱীৰ প্ৰথম প্ৰথম কবিতাপুথিখনৰ নাম কি ?

উত্তৰ : কবি নলিনীবালা দেৱীৰ প্ৰথম কবিতাপুথিখনৰ নাম সন্ধিয়াৰ সুৰ । 

প্ৰশ্ন ৩ : নলিনীবালা দেৱীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি ?

উত্তৰ : নলিনীবালা দেৱীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম ‘এৰি অহা দিনবোৰ’।

প্ৰশ্ন ৪ : কোনখন গ্ৰন্থৰ বাবে কবিয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে? 

উত্তৰ : ‘অলকানন্দা’ গ্ৰন্থৰ বাবে কবিয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে । 

প্ৰশ্ন ৫ : নলিনীবালা দেৱীয়ে কোন চনত পদ্মশ্ৰী উপাধি লাভ কৰে ? 

উত্তৰ : ১৯৫৭ চনত নলিনীবালা দেৱীয়ে পদ্মশ্ৰী উপাধি লাভ কৰে ।

প্ৰশ্ন ৬ : নাটঘৰ’কবিতাটি কোনখন কাব্যগ্ৰন্থৰ পৰা লোৱা হৈছে? 

উত্তৰ : ‘নাটঘৰ’কবিতাটি সপোনাৰ সুৰ নামৰ কাব্যগ্ৰন্থৰ পৰা লোৱা হৈছে। 

প্ৰশ্ন ৭ : ‘বিফলতা লৈয়ে ৰচিলো জীৱন-গীতি’—ইয়াৰ অৰ্থ কি ? 

উত্তৰ : কবিৰ মতে মানৱ জীৱনটো কৰুণ আৰু বিফলতাৰে পৰিপূৰ্ণ ।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্ৰশ্ন ১ : ‘জীৱন সপোন-স্মৃতি দিঠকৰ মৰীচিকা’— এই কথাষাৰৰ দ্বাৰা কবিয়ে কি বুজাইছে?

উত্তৰ: মানুহৰ জীৱনটো এটা সপোনৰ দৰে। সপোনত দেখা সকলো কথাই মিছা। কিয়নো সাৰ পোৱাৰ পিছত তাৰ কোনো স্থিতি নাথাকে। মানুহৰ জীৱনবো সকলো কথাই মৰীচিকা সদৃশ। জীৱনৰ অন্তত তাৰ কোনা অবশেষ নাথাকে।

প্ৰশ্ন ২ : ” কোন মহাশূন্য ভেদি আহিছিলো অকলই”, ইয়াত কি কথা প্ৰকাশ পাইছে?

উত্তৰ: কবিৰ মনত এক উত্তৰবিহীন চিৰন্তন প্ৰশ্নৰ উদয় হৈছে যে মানুহ এই বিশাল বিশ্বলৈ কোনো মহাশূন্য ভেদ কৰি আহে। 

প্ৰশ্ন ৩ : ‘কতজনে কতৰূপে জীৱনৰ ভাও দি দি’— এই বাক্যটিৰ অৰ্থ কেনেকুৱা ?

উত্তৰ : সংসাৰ মঞ্চত স্বামী, পুত্ৰ, কন্যা আদিৰ নানা ভাও দিয়ে।

প্ৰশ্ন ৪ : “শূন্য আজি নাটঘৰ, স্মৃতিৰ শলিতা জ্বালি বহি বহি ৰাতিটো পুৱাল।” — ইয়াত ‘নাটঘৰ’ শব্দটোৰে কি বুজাইছে? 

উত্তৰ : ইয়াত ‘নাটঘৰ’শব্দটোৰে কবিয়ে সমগ্ৰ পৃথিবীখনকে এখন ৰংগমঞ্চ বা নাট্যগৃহ বুলি বুজাব খুজিছে। এই মঞ্চত মানুহে ৰজা-প্ৰজা, সুখী-দুখী, সাধু ভণ্ড আদিৰ নানা ভাও দিয়ে।

প্ৰশ্ন ৫ : কবিয়ে যি ছবি আঁকিবলৈ যত্ন কৰিছে তাত তেওঁ সফল হৈছে নে ?

উত্তৰ : কবিয়ে অতীতৰ হেৰোৱা ছবিবোৰ ৰূপৰ তুলিকা ধৰি আঁকিবলৈ যত্ন কৰিছে কিন্তু তেওঁ বিফল হৈছে।

প্ৰশ্ন ৬ : অতীন্দ্ৰিয়বাদ বা ৰহস্যবাদ বুলিলে কি বুজা ? 

উত্তৰ : আমাৰ মনত যেতিয়া কোনা এটা বিষয় জানিবলৈ কৌতূহল উদ্ৰেক হয় অথচ কৌতূহল চৰিতাৰ্থ কৰা বা যাৰ বিষয়ে সঠিক জ্ঞান ইন্দ্ৰিয়গ্ৰাহ্য নহয় সেয়াই সহজ অৰ্থত অতীন্দ্ৰিয়বাদ বা ৰহস্যবাদ। যিসকল লোকে ইয়াৰ সন্ধান কৰে তেওঁলোককে অতীন্দ্ৰিয়বাদী বা ৰহস্যবাদী বুলি কোৱা হয়। ৰহস্যবাদীসকলে জগতৰ সকলো বস্তুতে এক পৰম সত্তা স্থিতি উপলব্ধি কৰে। তেওঁলোকৰ মতে ‘জগতত থকা ভিন্ন তথা বিচিত্ৰ বাবোৰ সেই পৰম সপ্তাহে অংশ। অখণ্ড দৃষ্টিৰে ভগৱৎ সত্বা বা তেওঁৰ বিশ্ব সৃষ্টিৰ সত্যক উপলব্ধি কৰি তেওঁৰ লগত মিলনৰ যি আকাংক্ষা জন্মে, সেই দৈবী অনুভূতি সম্পন্ন আকাংক্ষাক সাহিত্যৰ মাজেৰে প্ৰকাশ কৰাই হ’ল ৰহস্যবাদ। ৰহস্যবাদ অকল এক অনুভূতিয়ে নহয়; নিজক এক বিশেষ অৱস্থালৈ লৈ যোৱাৰ প্ৰচেষ্টাও বুলি ক’ব পাৰি ।

প্ৰশ্ন ৭ : “জীৱনৰ ভাও লৈ লাগিছে বেজাৰ আজি ভুৱা দেখি লাগিছে ভাগৰ”, – ইয়াৰ দ্বাৰা কবিয়ে কি ক’ব বিচাৰিছে?

উত্তৰ : কবিৰ মতে এই পৃথিৱীখন এখন ৰংগ মঞ্চস্বৰূপ। এই ৰঙ্গ মঞ্চতে কবি ভুৱা অভিনয় কৰি কৰি ভাগৰি পৰিছে। কিয়নো তেওঁৰ পৰম আকাংক্ষিত চিৰসুন্দৰৰ সান্নিধ্য পোৱা নাই ।

প্ৰশ্ন ৮ : চকুৰ চিনাকি দুদিনৰ’– মানে কি ?

উত্তৰ ঃ সংসাৰত থকা কেইদিনহে মানুহে পৰস্পৰক চিনি পায়; মৃত্যুৰ পিছত আত্মাই কাৰো চিনাকি ল’বলৈ নাহে। সংসাৰখন যে অস্থায়ী তাকেই কবিয়ে ক’ব বিচাৰিছে।

প্ৰশ্ন ৯ : জগতত কবিয়ে স্থায়ী মৰমৰ সন্ধান কিবা পালেনে নাই বুজাই লিখা।

উত্তৰঃ কোনোবা মহাশূন্য ভেদ কৰি এই জগতলৈ অহা কবিয়ে ইয়াত কোনো স্থায়ী মৰমৰ সন্ধান নাপালে। কিয়নো যিসকল তেওঁৰ স্বামী, পুত্ৰ-কন্যা আদি আপোন ৰূপত আহিছিল তেওঁলোক সকলোৱে তেওঁৰ অন্তৰ ভাঙি মাথোন দুখৰ স্মৃতিহে দি এজন এজনকৈ আঁতৰি গ’ল সেয়েহে কবিয়ে অনুভৱ কৰিছে যে পৃথিৱীত থকা দিনকেইটাত ইজনে-সিজনক দেখুওৱা মৰমবোৰ খন্তেকীয়াহে।

প্ৰশ্ন ১০ : প্ৰসঙ্গ সঙ্গতি দৰ্শাই ব্যাখ্যা কৰা : 

(ক)

জীৱনৰ ভাও লৈ লাগিছে বেজাৰ আজি

ভুৱা দেখি লাগিছে ভাগৰ,

সাগৰ-বালিতে সাজি ধেমালিৰ বালি ঘৰ 

পাহৰিলো ৰূপ সাগৰৰ ৷

উত্তৰ : ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ ‘নাটঘৰ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

ৰঙ্গমঞ্চ স্বৰূপ পৃথিৱীত কবিয়ে মিছা অভিনয় কৰি ভাগৰি পৰাৰ লগতে মানুহৰ জীৱনৰ ক্ষণভঙ্গুৰতাৰ কথা ক’বলৈ গৈ কবিতাটিত এই স্তৱকটিৰ অৱতাৰণা কৰিছে।

ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ মতে সমগ্ৰ পৃথিৱীখনেই এখন ৰঙ্গমঞ্চ এখনত বিভিন্নজন ভাৱৰীয়াই নিজ নিজ হঁহা-কন্দাৰ ভাও দিয়ে ভাও শেষ হ’লে তেওঁলোক এজন এজনকৈ ৰঙ্গমঞ্চৰপৰা আঁতৰি যায়। অভিনেতা-অভিনেত্ৰী আঁতৰি যোৱাৰ দৰে কোনোবা মহাশূন্য ভেদ কৰি এই পৃথিৱীলৈ অহা মানুহেও মৃত্যুৰ লগে লগে কোনোবা অজান দেশলৈ গতি কৰে। ইয়াত তেওঁলোকৰ কোনো স্থিতি নাথাকে কবি অনুভৱ কৰিছে তেওঁ নিজেও এজন জীৱন নাটৰ ভাৱৰীয়া জীৱন নাটৰ নানা দুখ-কষ্ট, শোক-তাপত জৰ্জৰিত হোৱা এটি চৰিত্ৰত কবিয়ে সুনিপুন অভিনয় কৰি কাৰুণ্য আৰু অৱসাদেৰে জীৱন ভৰাই তুলিছে। কিন্তু এনেধৰণৰ কষ্টকৰ চৰিত্ৰত ভাও দিও কবিয়ে পৰমজনৰ সান্নিধ্য নাপাই ব্যথিত হৈ পৰিছে। সেয়েহে কবিয়ে উপলব্ধি কৰিছে যে তেওঁ যেন সাগৰৰ পাৰত বালিঘৰ সাজোঁতে সাগৰৰ ৰূপেই পাহৰি গৈছে। যাৰ ফলত সাগৰৰ জোৱাৰে কবিৰ সেই বালিঘৰ সহজে উটাই লৈ গ’ল।

(খ)

কোন কাৰ জগতৰ, কোন কাৰ মৰমৰ 

চকুৰ চিনাকি দুদিনৰ

সসীমৰ ৰূপ-তৃষ্ণা অসীমত বুৰ যাব

খহি গ’লে জৰী মৰমৰ

উত্তৰ : উল্লিখিত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ ‘নাটঘৰ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

এই পৃথিৱীত থকা মানুহবোৰ যে কোনো কাৰো আপোন নহয়, প্ৰত্যেকেই যে দুদিনৰহে চিনাকি সেই বিষয়ে ক’বলৈ গৈ কবিয়ে কবিতাটিত উক্ত কথাষাৰ অৱতাৰণা কৰিছে।

কবিৰ মতে এই বিশাল বিশ্বখনি এখন ৰঙ্গমঞ্চ। ৰঙ্গমঞ্চত বিভিন্ন ভাৱৰীয়াই নিজ নিজ ভাও দি দৰ্শকক হাঁহি-কান্দোন, সুখ-দুখ, আনন্দ-বেদনা আদিৰ খোৰাক দিয়ে। একেদৰে এই বিশাল বিশ্বৰ মানুহৰো হাঁহি-কান্দোন, আনন্দ-বেদনা সকলো অভিনয়হে। অভিনয় শেষ হ’লে মঞ্চৰ পৰা এজন এজনকৈ অভিনেতা অভিনেত্ৰী আঁতৰি যোৱাৰ দৰে মানুহো মৃত্যুৰ লগে লগে কোনোবা অজান দেশলৈ গতি কৰে। সেয়ে পৃথিৱীত থকা কালছোৱাত প্ৰকৃততে কোনো কাৰো আপোন নহয় । স্ত্ৰী-পুত্ৰ-কন্যা পৰিজনৰ বাবে লাগে লাগেকৈ হাবাথুৰি খোৱা মানুহে সকলোকে এৰি এদিন মৃত্যুৰ শীতল কোলাত স্থান ল’বলগীয়া হয়। মৃত্যুৰ পিছত জীৱাত্মাই এই পৃথিৱীৰ কাৰো খবৰ ল’বলৈ নাহে। আনকি এই পৃথিৱীত তেওঁৰ কোনো চিন চাবেই নাথাকে। গতিকে সকলোৱেই এই পৃথিৱীৰ দুদিনৰহে চিনাকি। সেয়েহে কবিয়ে ক’ব বিচাৰিছে যে মায়াৰ বান্ধোনতে আমি ‘মোৰ’‘আমাৰ’ আদি বান্ধোনত বান্ধ খাওঁ। কিন্তু যিদিনা এই মায়াৰবান্ধোন ছিঙি যায় সিদিনা আমাৰ মনত এনে ভাবে ক্ৰিয়া কৰিব নোৱাৰে। এই বিশ্বজগত আৰু দেহৰ মায়াই হ’ল সসীম। আমাৰ মৃত্যুৰ লগে লগে জীৱাত্মা দেহৰ পৰা বাহিৰ হৈ যায় আৰু এইবোৰৰ ৰূপ-তৃষ্ণাও নাইকিয়া হৈ যায়। জীৱাত্মাৰ তেতিয়া অকল অসীম বা অনন্তজনৰ লগতহে বিলীন হোৱাৰ বাসনা জন্মে। অসীম বা অনন্তজনৰ লগত বিলীন হ’লেহে আত্মাই চিৰশান্তি লাভ কৰে ।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্ৰশ্ন ১ : নলিনীবালা দেৱীৰ ‘নাটঘৰ’ কবিতাটি ৰহস্যবাদী কবিতা হিচাপে বিচাৰ কৰা ?

উত্তৰ : অসমীয়া বিশ্ব কোষত উল্লেখ কৰা মতে “পৰম তাত্বিক দৰ্শন বা ব্ৰহ্ম দৰ্শনকে সাধাৰণতে অতীন্দ্ৰিয়বাদ বোলা হয়। এই দৰ্শনত দুই প্ৰকাৰৰ ধাৰণা থাকিব পাৰে, 

(ক) সসীমৰ মাজত পৰম সত্বাৰ অন্তবৰ্ত্তিতা, 

(খ) সকলো সসীমৰ সত্বাই দৰাচলতে অসৎ বা প্ৰপঞ্চ আৰু পৰম সত্বা বা ব্ৰহ্ম এই সকলোৰে অতীত, নিৰপেক্ষ আৰু একমাত্ৰ সৎ।” প্ৰাচ্য আৰু পাশ্চাত্য দুয়োখন দেশতে অতীন্দ্ৰিয়বাদী ধাৰণাটোৰ প্ৰভাৱ দেখা যায়। ইমানুৱেল কাণ্ট আৰু তেওঁৰ পৰৱৰ্ত্তী শ্বেলিৰ চিন্তাধাৰাত ‘অতীন্দ্ৰিয়’ পদৰ প্ৰয়োগ আছে যদিও কাণ্টে অতীন্দ্ৰিয় ধাৰণাৰ প্ৰাগঅনুভাবিক ধাৰণাৰ অৰ্থতহে শব্দটো প্ৰয়োগ কৰিছিল। তেওঁৰ পৰবৰ্ত্তী জাৰ্মান ভাববাদী দাৰ্শনিক সকলক সেয়েহে ব্যাপক অৰ্থত অতীন্দ্ৰিয়বাদী কোৱা হয়। ভাৰতবৰ্ষত জড়বাদী, চাৰ্বাক আৰু পৰমাণুবাদী সম্প্ৰদায়ৰ বাহিৰে হিন্দু, বৌদ্ধ, জৈন আদি দৰ্শনত অতীন্দ্ৰিয়বাদী ধাৰণা অতি প্ৰবলভাবে দেখা যায়। হিন্দু দৰ্শনৰ গীতা আৰু উপনিষদবোৰ ৰহস্যবাদী আৰু অতীন্দ্ৰিয়বাদী ধাৰণাৰে সমৃদ্ধ গ্ৰন্থ।

এই ধাৰণামতে সমগ্ৰ বিশ্ব জগতে এক পৰম সত্বাবেই স্বৰূপ আৰু সেই সত্বাই বৈদান্তিক, ব্যৱহাৰিক আৰু কলাত্মক সৌন্দৰ্যৰে বিশ্বক অনুপ্ৰাণিত আৰু জীৱন্ত কৰিছে । এয়েই ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদী দৰ্শনৰ মূল কথা আমাৰ বৈষ্ণৱ কবিসকলকে ধৰি ৰোমাণ্টিক যুগৰ ভালেমান কবিৰ কবিতাত এই ধাৰণা প্ৰকট হৈ আছে। আচলতে ই এক অনন্ত ৰহস্য। সেয়েহে বৰ্ত্তমান ইয়াৰ অনুসন্ধান শেষ হৈ যোৱা নাই ৷

মাধৱদেৱে ঈশ্বৰৰ এই ব্যাপকতাকে লক্ষ্য কৰি কৈছে—

অব্যক্ত ঈশ্বৰ হৰি     কিমতে পুজিবা তাঙ্ক

ব্যাপকত দিবা বিসৰ্জ্জন। (নামঘোষা)

একেদৰে কবি নলিনীবালা দেবীয়েও কৈছে—

অব্যক্ত ঈশ্বৰ হৰি

ক’ত তুমি কেনেকৈ পুজিবা

বিশ্বব্যাপী ঈশ্বৰক ক’ত

আবাহন বিসৰ্জ্জন দিবা ।

এইবোৰ কবিতাৰ মাজতে ৰঙে ৰূপে ভৰা এই পৃথিৱীখনৰ মোহময়ী সৃষ্টিৰ মাজতে তেওঁ তেওঁৰ পৰম পুৰুষৰ সন্ধান কৰিছে। অতীন্দ্ৰিয়বাদী বা ৰহস্যবাদী সকলে জগতৰ পৰম শক্তিক এক ব্যক্তিৰূপে কল্পনা কৰে, কোনোবাই পুৰুষৰূপে আন কোনোবাই নাৰীৰূপে। এই সসীম কল্পনাই তেওঁলোকৰ কবি মানসত অসীম ৰূপত মূৰ্ত্ত হৈ উঠে। বিশ্ব কবিৰ ভাষাত –

“সীমাৰ মাঝে অসীম তুমি 

বাজাও আপন বীণ”

এনেবোৰ উপলব্ধিৰে সমৃদ্ধ দৰ্শনকে বা চিন্তা ভাবনাকে আমি অতীন্দ্ৰিয়বাদ বা ৰহস্যবাদ বুলি কওঁ । 

কবি নলিনীবালা দেবী এগৰাকী অতীন্দ্ৰিয়বাদী কবি। তেওঁৰ কবি মানসতো আহি পৰম পুৰুষে ব্যক্তিৰ ৰূপ লৈ সসীম সত্বাৰে আত্মপ্ৰকাশ কৰিছে।

নিবিড় কৰা তোমাৰ পৰশ, গভীৰ মধুৰ ছন্দেৰে। 

দীপ্ত কৰা তৃপ্ত কৰা জ্যোতি আলোকেৰে

কবিৰ অন্তৰৰ অসীম সত্বাই এইদৰে সসীম মানবীয় ৰূপ ললে । পৰজন্মৰ সুগন্ধিয়ে তেওঁক উন্মনা কৰিলে। তেওঁ সীমাৰ মাজতে লগ পাব খুজিলে অসীম সত্বাক-পুৱতিৰ শুভ লগনত, অৰুণৰ ৰঙা পোহৰত, তোমাৰ লগত মোৰ অনন্ত মিলন, নিতে দেখা শেৱালি বনত। এইদৰে কবিৰ দৰ্শনে আহি জীৱনৰ সকলো এৰি থৈ শুদা হাত লৈ বিশ্বসুৰৰ পূজাৰী হৈছেহি। এই সুৰ কৃষ্ণৰ বাঁহীৰ দৰেই সুৰ। এই সুৰে তেওঁৰ বাবে নমাই আনিলে সৌন্দৰ্য্য, কেৱল মাথো সৌন্দৰ্য এয়েই হ’ল অতীন্দ্ৰিয়বাদৰ শেষ স্তৰ, অসীমৰ মাজত মিলি যোৱাৰ সীমাহীন সুখৰ আন্তৰিক উপলব্ধি — “মোৰ এই পিঞ্জৰা/অশান্ত পখিটি দেখো / মেলি যাব খোজে অনন্তত/অসীমৰ অচিন বাটত।” গতিকেই নলিনীবালা দেৱীৰ এই দৃষ্টিভঙ্গীৰ মাজত নিখুঁতভাবে অতীন্দ্ৰিয়বাদী দৰ্শন প্ৰবাহিত হৈ আছে।

পাঠ্য নিৰ্দ্দিষ্ট কবিতাটোৰ মাজতো আমি অতীন্দ্ৰিয়বাদী ভাবধাৰাৰ সমন্বয় ঘটা বুলি ভাবিব পাৰো। ইয়াতো তেওঁ বিশ্ব জগতৰ চিৰন্তন নীতি-নিয়মৰ কথা উল্লেখ কৰিছে আৰু সকলোৰে শেষত যে এক মাত্ৰ পৰম সত্বাইহে সত্য এই তত্ত্বক তুলি ধৰিছে। সসীম জীৱনৰ মাজতে মানুহে নানা ভাওত নানা ৰূপত অৱৰ্ত্তীৰ্ণ হৈ নিজৰ জীৱন খেলা সমাপন কৰে আৰু তাৰ মাজে দিয়েই অসীমৰ লগত মিলি যায়। ইয়াৰ লগে লগে এই সসীম জীৱনৰ মাজত থকা আশা আকাঙক্ষাও অসীমৰ লগতে মিলি যায়। কবিতাটোত মানৱ জীৱন বা বাহ্যিক সংসাৰখনৰ স্থায়িত্বহীনতা আৰু পৰম পুৰুষ বা অসীম সত্বাৰ স্থায়িত্বতাকে দাঙি ধৰা হৈছে। সেয়েহে নলিনীবালা দেবীৰ নাটঘৰ এটা অতীন্দ্ৰিয়বাদী কবিতা।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

প্ৰশ্ন ২ : ভাৰতীয় দৰ্শনৰ প্ৰভাৱ নলিনীবালা দেৱীৰ কবিতাত কেনেদৰে পৰিছে চমুকৈ আলোচনা কৰা ।

উত্তৰ : ভাৰতবৰ্ষত জড়বাদী, চাৰ্বাক আৰু পৰমাণুবাদী সম্প্ৰদায়ৰ বাহিৰে হিন্দু, বৌদ্ধ, জৈন আদি দৰ্শনত অতীন্দ্ৰিয়বাদী ধাৰণা অতি প্ৰবলভাবে দেখা যায়। হিন্দু দৰ্শনৰ গীতা আৰু উপনিষদবোৰ ৰহস্যবাদী আৰু অতীন্দ্ৰিয়বাদী ধাৰণাৰে সমৃদ্ধ গ্ৰন্থ। এই ধাৰণামতে সমগ্ৰ বিশ্ব জগতে এক পৰম সত্বাবেই স্বৰূপ আৰু সেই সত্বাই বৈদান্তিক, ব্যৱহাৰিক আৰু কলাত্মক সৌন্দৰ্যৰে বিশ্বক অনুপ্ৰাণিত আৰু জীৱন্ত কৰিছে এয়েই ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদী দৰ্শনৰ মূল কথা আমাৰ বৈষ্ণৱ কবিসকলকে ধৰি ৰোমাণ্টিক যুগৰ ভালেমান কবিৰ কবিতাত এই ধাৰণা প্ৰকট হৈ আছে। আচলতে ই এক অনন্ত ৰহস্য। সেয়েহে বৰ্ত্তমান ইয়াৰ অনুসন্ধান শেষ হৈ যোৱা নাই।

নলিনীবালা দেৱীৰ কবিতাত আমি অতীন্দ্ৰিয়বাদী ভাবধাৰাৰ সমন্বয় ঘটা বুলি ভাবিব পাৰো। এই সসীম জীৱনৰ মাজত থকা আশা-আকাঙ্ক্ষাও অসীমৰ লগতে মিলি যায়। তেওঁৰ কবিতাত মানৱ জীৱন বা বাহ্যিক সংসাৰখনৰ স্থায়িত্বহীনতা আৰু পৰম পুৰুষ বা অসীম সত্বাৰ স্থায়িত্বতাকে দাঙি ধৰা হৈছে । তেওঁ বিশ্ব জগতৰ চিৰন্তন নীতি-নিয়মৰ কথা উল্লেখ কৰিছে আৰু সকলোৰে শেষত যে এক মাত্ৰ পৰম সত্বাইহে সত্য এই তত্ত্বক তুলি ধৰিছে।

অতিৰিক্ত সম্ভাব্য প্ৰশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

প্ৰশ্ন ১ : নলিনীবালা দেবী কাব্য জগতত কি হিচাপে পৰিচিত ?

উত্তৰ: অতীন্দ্ৰিয়বাদ কবি হিচাপে পৰিচিত।

প্ৰশ্ন ২ : সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কবি কোন ?

উত্তৰ : নলিনীবালা দেৱী।

প্ৰশ্ন ৩ : নলিনীবালা দেৱীয়ে কোনখন কবিতা পুথিৰ মাজেৰে প্ৰতিষ্ঠা লাভ কৰিছিল ?

উত্তৰ সন্ধিয়াৰ সুৰ

প্ৰশ্ন ৪ : নলিনীবালা দেৱীৰ কোন চনত মৃত্যু হৈছিল ? 

উত্তৰ ঃ নলিনীবালা দেৱীৰ ১৯৭৭ চনত মৃত্যু হয়। 

প্ৰশ্ন ৫ : নলিনীবালা দেৱীৰ পিতৃৰ নাম লিখা।

উত্তৰ : নলিনীবালা দেৱীৰ পিতৃৰ নাম কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্ৰশ্ন ১ : নলিনীবালা দেবীৰ কবিতা পুথি কেইখনৰ নাম লিখা

উত্তৰ : সন্ধিয়াৰ সুৰ, সপোনাৰ সুৰ, পৰশমণি, অলকানন্দা, যুগ দেৱতা, জাগৃতি।

প্ৰশ্ন ২ : নলিনীবালা দেবীয়ে লিখা জীৱনী গ্ৰন্থ দুখন কি কি ?

উত্তৰঃ স্মৃতিতীৰ্থ আৰু বিশ্বদীপ ।

প্ৰশ্ন ৩ : নলিনীবালা দেবীয়ে কি কি সৰ্বভাৰতীয় সন্মান পাইছিল ?

উত্তৰঃ ‘পদ্মশ্ৰী’আৰু সাহিত্য একাডেমী।

প্ৰশ্ন ৪ : নলিনীবালা দেৱী কোন চনত, কোন স্থানত বহা অসম সাহিত্য সভাৰ আছিল ?

উত্তৰ ঃ নলিনীবালা দেৱী ১৯৫৪ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ সভাপতি আছিল। 

প্ৰশ্ন ৫ : ভাৰত চৰকাৰে নলিনীবালা দেৱীক কি উপাধিৰে বিভূষিত কৰিছিল ?

উত্তৰ : ভাৰত চৰকাৰে নলিনীবালা দেৱীক ‘পদ্মশ্ৰী’ উপাধিৰে বিভূষিত কৰিছিল।

প্ৰশ্ন ৬ : নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাবৰ প্ৰতিধ্বনি থকা কাব্য সংকলন দুখনৰ নাম লিখা ।

উত্তৰ ঃ নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ প্ৰতিধ্বনি থকা কাব্য সংকলন দুখন হ’ল— ‘সন্ধিয়াৰ সুৰ’, ‘পৰশমণি’।

প্ৰশ্ন ৭ : নলিনীবালা দেৱীৰ স্বদেশপ্ৰেমৰ সুৰ প্ৰকাশিত কাব্য সংকলন দুখনৰ নাম লিখা। 

উত্তৰ : নলিনীবালা দেৱীৰ স্বদেশপ্ৰেমৰ সুৰ প্ৰকাশিত কাব্য সংকলন দুখনৰ নাম হ’ল— ‘যুগদেৱতা’ আৰু ‘জাগৃতি’।

প্ৰশ্ন ৮ : নলিনীবালা দেৱীৰ উল্লেখযোগ্য জীৱনী গ্ৰন্থ দুখনৰ নাম লিখা। 

উত্তৰ : নলিনীবালা দেৱীৰ উল্লেখযোগ্য জীৱনী গ্ৰন্থ দুখনৰ নাম হ’ল— ‘স্মৃতি তীৰ্থ’ আৰু ‘বিশ্বদীপা’।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্ৰশ্ন ১ : কবি নলিনীবালা দেৱীৰ জীৱন আৰু কাব্য প্ৰতিভাৰ চমু পৰিচয় দিয়া ।

উত্তৰ : ১৮৯৮ চনত গুৱাহাটীত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ঘৰত কবি নলিনীবালা দেৱীৰ জন্ম হয়। তেওঁ বৰদলৈৰ জেষ্ঠা কন্যা। ১৯১৬ চনত স্বামীৰ অকাল মৃত্যু হোৱাত পাচোটা সন্তানৰ সৈতে তেওঁ পুনৰ বৰদলৈৰ ঘৰতে থাকিবলৈ লয়। অতি সৰুতেই তেওঁৰ জন্মগত প্ৰতিভাই আত্মপ্ৰকাশ কৰে –“হেৰা প্ৰভাতৰ অৰুণ কিৰণ ক’ত পালা এনে উজ্জ্বল বৰণ”— এই কবিতাটিৰ মাজেৰে ৷ চৈধ্য বছৰ বয়সতে বিবাহ পাশত আৱদ্ধ হোৱা কবিয়ে অতি সোনকালেই জীৱনৰ দুৰ্বিসহ যাতনা বুকুত বান্ধি এক অশ্ৰুসিক্ত জীৱন যাপন কৰিবলৈ আৰম্ভ কৰে। সেই যন্ত্ৰণাৰ মাজতে আকৌ তেওঁ দুটা সন্তানৰ অকাল বিয়োগৰ মৰ্মঘাটি বেদনা বুকুত বান্ধি ল’ব লগাত পৰিল। সাধাৰণ মানুহ হোৱা হ’লে এনেবোৰ জ্বালাময়ী সংঘাতে তেওঁক নিচিহ্ন কৰি পেলালেহেঁতেন। কিন্তু কবিৰ মাজত থকা জন্মগত প্ৰতিভা আৰু পিতৃ বৰদলৈৰ অসীম সাহসে তেওঁক নতুনকৈ জীয়াই থাকিবলৈ শিকালে। গান্ধীবাদী লোকসকলৰ সঘন আহ-যাহ, গীতা-ভাগৱতৰ বাণী আদিয়ে তেওঁক তেওঁৰ আজন্ম প্ৰতিভাক পুনৰ বিচাৰি চাবলৈ প্ৰেৰণা দিলে । এইবোৰ ফলস্বৰূপেই কবিয়ে সৃষ্টি কৰিলে এমুঠি অমৰ কবিতা । 

তেওঁৰ কবিতা পুথি সমূহ হ’ল ঃ 

ক) সন্ধিয়াৰ সুৰ, 

খ) সপোনৰ সুৰ, 

গ) পৰশমণি, 

ঘ) অলকানন্দ 

ঙ) যুগদেৱতা। 

ইয়াৰ উপৰিও তেওঁ স্মৃতিতীৰ্থ, বিশ্বদীপ আৰু চৰ্দাৰ পেটেল নামৰ তিনিখন জীবনী গ্ৰন্থও ৰচনা কৰে। তেওঁ সন্ধিয়াৰ সুৰ নামৰ কবিতা পুথি খনৰ মাজেদিয়েই কাব্য জগতত প্ৰতিষ্ঠা লাভ কৰে।

প্ৰশ্ন ২ : ‘নাটঘৰ’কবিতাটোৰ মূলভাব লিখা

উত্তৰ : কবি নলিনীবালা দেবী অতীন্দ্ৰিয়বাদী কবি। সেই হিচাপে তেওঁ বেদান্তৰ মূল তত্ত্ব ‘ব্ৰহ্মসত্য জগতমিথ্যা’ এই তত্ত্বৰে পৰিচালিত। ব্যক্তিগত জীৱনৰ গভীৰ অভিজ্ঞতাই তেওঁক জীৱনৰ এই সাৰশূণ্যতাৰ লগত বাৰুকৈয়ে পৰিচয় কৰাইছে। সেয়েহে নাটঘৰ’কবিতাটোত তেওঁ দেখুৱাব খুজিছে যে এই জগতখন ৰঙ্গমঞ্চ আৰু মানুহ তাৰ ভাৱৰীয়া মাত্ৰ।

কবিয়ে প্ৰথমতেই তুলি ধৰিছে যে এই বিশ্বত কাৰো জীৱনেই সম্পূৰ্ণভাবে সফল নহয়। সকলোৱেই অনুভৱ কৰে বিফলতাৰ কথা। তথাপি তাৰ মাজেদিয়েই মানুহে জীৱনৰ গীত ৰচি যায়। কবিৰ ব্যক্তিগত দুখে ইয়াত বিশেষভাৱে আত্মপ্ৰকাশ কৰিছে আৰু সেয়েহে তেওঁ কৈছে যে চকুলোৱেই একমাত্ৰ তেওঁৰ জীৱন। জীৱন এক সপোনৰ স্মৃতিহে, কিন্তু দিঠকত সকলোবোৰেই মৰীচিকা আৰু জীৱনৰ অৱশেষত মাথো এই বিশাল, বিফলতা, হা-হতাশা বা আপোন পৰৰ জোখ মাখহে মাথো থাকেগৈ। কবিয়ে সেয়ে মনে মনে ভাবে তেওঁ বা কোন মহাশূণ্যৰ পৰা আহি এই বিশ্বত মেলা পাতিছিল? আচলতে জীৱৰ উৎপত্তি ব্ৰহ্মৰ পৰা যাৰ স্বৰূপ নিৰাকাৰ এক মহাশূণ্য । তাৰ পৰাই মানুহে আহি জগতত নিজৰ বেহা পাতেহি। কিন্তু জীৱনৰ শেষত মানুহে নিজেই ভাবি উলিয়াব নোৱাৰে কিহৰ কাৰণেনো এই মেলা পতা হৈছিল আৰু কিনো জীৱনত পালে । জীৱনটো এক . অপূৰ্ণতাৰ সমষ্টি। সেয়েহে হয়তো মানুহৰ অনন্ত তৃষ্ণাই মানুহক অনবৰতে ধাবিত কৰে জন্মৰ পৰা মৃত্যুলৈ আকৌ মৃত্যুৰ পৰা জন্মলৈ। আচলতে এই জগত এক নাটঘৰ আৰু মানুহ মাত্ৰ তাৰ ভাৱৰীয়া। সেয়েহে নানাজনে নানাবেশে আহি ইয়াত অভিনয় কৰিছে আৰু নাট শেষ হোৱাৰ লগে লগে জীৱন নাটৰ যৱনিকা পেলাই এক ভগ্ন হৃদয় লৈ আঁতৰি গৈছে। নাটভগাৰ লগে লগে নাটঘৰ শূন্য হৈ পৰাৰ দৰেই জীৱন নাটৰ অৱসান হোৱাৰ লগে লগে সকলোৰ শূন্য হৈ পৰে, থাকে মাত্ৰ সেই উৎসৱৰ, সেই আনন্দৰ বা সেই বৰণৰ হাঁহাকাৰৰ স্মৃতি। যুগে যুগে এই স্মৃতিৰ কলচিত হাত ভৰাই মানুহে আঁকে জীৱনৰ ৰূপলীলা সম্বলিত একোখন ছায়াচিত্ৰ যাৰ আৰু কোনো সত্যতাই নাই ।

কবিৰ সেয়ে এনে অভিনয় কৰি বেজাৰ লাগিছে আৰু ভুৱা অভিনয় দেখি ভাগৰো লাগিছে। তেওঁৰ এনে লাগিছে যেন তেওঁ যেন সংসাৰৰ পাৰত বহি সাগৰৰ বালিতেই বালিঘৰ বান্ধোতে বান্ধোতে সাগৰৰ ৰূপকে পাহৰি পেলালে। ইয়াত তেওঁ জগতৰ অসাৰতাৰ কথা বৰ্ণনা কৰিছে। য’ৰ পৰা মানুহৰ আগমন, য’ৰ পৰা মানুহৰ সৃষ্টি আৰু যিটো একমাত্ৰ সত্য সেই সত্যকে পাহৰি মানুহ একমাত্ৰ অভিনয়তে ব্যস্ত হৈ পৰে আৰু তাকে জীৱনৰ সত্য বুলি পতিয়ন যায়, মোহান্ধ হৈছে। জগতৰ বাহিক্য ৰূপতে আমি ভোল যাওঁ, সত্যৰ অন্বেষণ হৈ পৰে স্থবিৰ। এই জগতত কোনো কাৰো আপোন নহয়, কোনো কাৰো চিনাকী নহয়, কোনো কাৰো মৰমৰ নহয়। সকলোৱে মাত্ৰ নিজৰ নিজৰ অভিনয়হে কৰি গৈছে আৰু প্ৰত্যেকৰে সম্পৰ্ক মাত্ৰ ৰঙ্গমঞ্চত লগ পোৱা সহশিল্পী সকলৰ দৰে, মাথোন দুদিনৰ চিনাকী। এই সকলোবোৰ হ’ল সসীমৰ ধাৰণা। অৰ্থাৎ মানুহৰ জীৱন এই সীমাৰ মাজত আৱদ্ধ। তথাপিও মানুহৰ আশা-আকাংক্ষাৰ শেষ নাই। কিন্তু এই সকলোবোৰ অসীমৰ মাজত বুৰ যাব। মৰমৰে বান্ধ খাই থকা জীৱন অসীম সত্বাৰ লগত মিলি যাব। এয়ে কবিতাটোৰ মূলভাব । 

প্ৰশ্ন ৩ : ‘বিফলতা লৈয়ে ৰচিলো জীৱন গীত

সৰি পৰে দুচকুৰ নীৰ’ 

—কবিয়ে কিয় তেওঁৰ জীৱন বিফল বুলি ভাবিছে?

উত্তৰ: কবিতাটোত কবি নলিনীবালা দেবীৰ ব্যক্তিগত দুখানুভূতিয়ে এক নৈব্যক্তিক ৰূপ লৈ আত্মপ্ৰকাশ কৰিছে। কবি নিজে জীৱন যন্ত্ৰণাত কাতৰ অকাল বৈধব্য আৰু পুত্ৰশোকে জৰ্জৰিত কৰা কবিয়ে জীৱনক সামগ্ৰিকভাবে দুখৰ সমষ্টি বুলিয়েই ভাবিছে। কিন্তু কবিৰ এই ব্যক্তিগত দুখানুভূতি আৰু ব্যক্তিগত হৈ থকা নাই । কাৰণ মানৱ জীৱনটোৱেই অপূৰ্ণতাৰে ভৰা । সন্দেহ নাই যে এই অপূৰ্ণতাই আকৌ মানৱ জীৱনক গতিশীলো কৰি ৰাখিছে। তথাপিও আমি ক’বই লাগিব যে মানৱ জীৱনত এক অপূৰ্ণতা, এক বিফলতা আছে। কবিয়ে এই বিফলতাক এই বুলিয়েই ভাবিছে যে জীৱনৰ অসম্পূৰ্ণতাৰ বাবে পৰম ব্ৰহ্ম লগত বা অসীম সত্বাৰ লগত মিলি যোৱাতো সম্ভৱ নহয়। এইটো সম্ভৱ হয়গৈ মৃত্যুৰ মাজেৰেহে গতিকেই মানৱ জীৱন বিফল। পাৰ্থিব সা-সম্পদে এই তৃষ্ণা দূৰ কৰিব নোৱাৰে আৰু সেয়ে জীৱনকালত বিফলতাৰে অতিক্ৰম কৰাও সম্ভব নহয়। সেয়েহে কবিয়ে জীৱনক বিফল বুলি ভাবিছে।

প্ৰশ্ন ৪ : জীৱনৰ ভাও লৈ    লাগিছে বেজাৰ আজি

ভুৱা দেখি লাগিছে ভাগৰ

সাগৰ তলিতে সাজি      ধেমালিৰ বালিঘৰ

পাহৰিলে ৰূপ সাগৰৰ।   —কবিয়ে কিয় তেওঁৰ জীৱনৰ

ভ্যও লৈ বেজাৰ লগাৰ কথা কৈছে ?

উত্তৰ : ‘নাটঘৰ’ কবিতাটোৰ মূল বক্তব্যই হ’ল জীৱনৰ অসাৰতা। কবি মতে এই পৃথিবী এখন নাটঘৰ আৰু আটায়ে তাৰ ভাওৰীয়া বেদান্ত ‘ব্ৰহ্ম সত্য জগত মিথ্যা’– এই তত্ত্বৰ আধাৰতে কবিয়ে জীৱনৰ এই অভিনয়ৰ সাৰশূণ্যতাৰ কথা দাঙি ধৰিছে।

কবিয়ে জানিছে যে এই সংসাৰ এখন নাটঘৰ। ইয়াত পুত্ৰ, পিতৃ, স্বামী, স্ত্ৰী কোনোৱেই ক’তো আপোন বা কোনোৱেই কাৰো পৰ নহয়। এইবোৰ মাথোন জীৱন নাটৰ একোটা অভিনয়হে। অভিনয় শেষ হলেই তেওঁ কাৰো বাবে ৰৈ নাথাকে। মিছাতে মোৰ বুলি ভাবি আমি সাময়িকভাবে তৃপ্ত হওঁ, কাৰণ আমি মায়াৰ মাজত বন্দী। সাগৰৰ পাৰৰ বালিত বহি বালিঘৰ সাজোতে সাজোতে যিদৰে সাগৰৰ আচল ৰূপ মানুহে পাহৰি পেলোৱা যায়, ঠিক তেনেকৈ জীৱন নাটৰ অভিনয়ৰ মাজত সোমাই পৰিও মানুহে নিজকে পাহৰি পেলায়। জীৱনটো সে সত্য নহয় ভুৱা তাৰ উপলব্ধি নোহোৱা হৈ পৰে। কিন্তু কবিয়ে এই সত্য সঠিকভাবে অনুধাৱন কৰিব পাৰিছে আৰু সেয়েহে তেওঁৰ এই অভিনয় কৰি আৰু ভাগৰ লাগিছে।

Leave a Reply