NIOS| Assamese (303)| Notes/Answer|Chapter-15| অসমীয়া বৈষ্ণব কবিৰ নাৰদ

NIOS| Assamese (303)| Notes/Answer|Chapter-15| অসমীয়া বৈষ্ণব কবিৰ নাৰদ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-15| অসমীয়া বৈষ্ণব কবিৰ নাৰদ

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-15| অসমীয়া বৈষ্ণব কবিৰ নাৰদ

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি— অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড ১

অধ্যায় ১৫

পাঠভিত্তিক আহি প্ৰশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্ৰশ্ন ১ : মহাভাৰতত নাৰদ চৰিত্ৰক কিৰূপে পোৱা যায় ? 

উত্তৰ: মহাভাৰতৰ নাৰদ চৰিত্ৰ এনেধৰণে পোৱা যায়—

(ক) মহাভাৰতৰ নাৰদ ব্ৰহ্মাৰ মানস পুত্ৰ।

(খ) নাৰদ পৰম তত্বাৰ্থী যুৱক ।

(গ) নাৰদে চৰম সত্যৰ অন্বেষণত স্বৰ্গ-মৰ্তত ঘূৰি ফুৰিছে।

প্ৰশ্ন ২ : ভাগৱতত নাৰদে কি ভূমিকাত / ৰূপত দেখা যায় ? 

উত্তৰ : ভাগৱতৰ নাৰদক 

(ক) ধীৰ 

(খ) গম্ভীৰ 

(গ) তীক্ষ্ণধী

(ঘ) ভক্তিপ্ৰৱণ আৰু 

(ঙ) সৰ্বজ্ঞ ৰূপত দেখা যায়।

প্ৰশ্ন ৩ : ৰামায়ণত নাৰদৰ ৰূপ কেনেধৰণৰ ? 

উত্তৰ : ৰামায়ণত নাৰদ চৰিত্ৰৰ ৰূপ তলত দিয়া ধৰণৰ—

(ক) নাৰদ শিষ্য অৱস্থা পাৰ হোৱা যোগী। 

(খ) পৰমভক্ত আৰু

(গ) মহাজ্ঞানী ঋষিসকলৰ সংশয় নিবাৰণৰ বাবে সদায় প্ৰস্তুত থকা দৈৱ ব্যক্তি।

প্ৰশ্ন ৪ : নাৰদ কোন ?

উত্তৰ : নাৰদ ব্ৰহ্মাৰ মানস পুত্ৰ। বিষ্ণুৰ এগৰাকী প্ৰধান ভক্ত। দেৱদত্ত বীণাৰে হৰিনাম গাই ত্ৰিভুৱন অৰ্থাৎ স্বৰ্গ-মৰ্ত-পাতাল ঘূৰি ফুৰে। ঢেঁকী এওঁৰ বাহন বুলি জনশ্ৰুতি আছে। নাৰদ নামৰ আন এটা অৰ্থও কৰা হয়। নাৰ মানে পবিত্ৰ পানী বা জল। তৰ্পণৰ বাবে পবিত্ৰ জল বা পানী সদায় দান কৰে বাবে এওঁৰ নাম নাৰদ হ’ল।

প্ৰশ্ন ৫ : নাৰদে কাৰ মুখৰ পৰা ভাগৱত ধৰ্মৰ উপদেশ শুনিছে?

উত্তৰ : শিৱৰ মুখৰ পৰা

প্ৰশ্ন ৬ : সকলো শাস্ত্ৰ পঢ়ি-শুনিও প্ৰকৃত জ্ঞানৰ পোহৰ নাপাই নাৰদে শোকত বিয়াকুল হৈ কাৰ ওচৰ চাপিছে?

উত্তৰ : সনৎ কুমাৰৰ ওচৰত ।

প্ৰশ্ন ৭ : পাৰিজাত হৰণৰ আখ্যান ক’ত ক’ত পোৱা যায় ? 

উত্তৰ : হৰিবংশ, ভাগৱত আৰু বিষ্ণু পুৰাণত ।

প্ৰশ্ন ৮ : নাৰদে পৰম তত্ত্বব লাভৰ বাবে ক’ত তপস্যা কৰিছিল ?

উত্তৰঃ তুষাৰ গিৰি কেদাৰৰ ওপৰত ।

প্ৰশ্ন ৯ : দ্বৈপায়ন কোন?

উত্তৰ : ব্যাসদেৱ বা বেদব্যাসৰ আন এটা নাম দ্বৈপায়ন। দ্বীপত জন্ম হোৱা বাবে এওঁৰ নাম দ্বৈপায়ন। এও ভাৰতবৰ্ষৰ এগৰাকী শ্ৰেষ্ঠ কবি আছিল। তেৱেঁই মহাভাৰত আৰু পুৰাণসমূহ ৰচনা কৰিছিল।

প্ৰশ্ন ১০ : ‘পঞ্চম বেদ’ বুলিলে কি বুজা ?

উত্তৰ : ভাৰতবৰ্ষৰ প্ৰাচীন সাহিত্য বুলিলে বেদক বুজোৱা হয়। বেদ সংস্কৃত ভাষাত লিখা আৰু ইয়াৰ ভাগ চাৰিটা— ঋকবেদ, যজুঃবেদ, সামবেদ আৰু অথৰ্ববেদৰ উপৰিও ভাৰতীয় সাহিত্যত ইতিহাস আৰু পুৰাণক পঞ্চম বেদ বুলি ধৰা হয়।

প্ৰশ্ন ১১ : ইতিহাস আৰু পুৰাণক কি বুলি ধৰা হয় ?

উত্তৰ: পঞ্চম বেদ ।

প্ৰশ্ন ১২ : ‘হৰিবংশ’ আৰু শংকৰদেৱ ৰচিত ‘পাৰিজাত হৰণ’ৰ নাৰদ চৰিত্ৰৰ এটি তুলনা কৰা ৷

উত্তৰঃ —‘পাৰিজাত হৰণ’ নাটকৰ কাহিনীভাগ ভাগৱত, বিষ্ণুপুৰাণ আৰু হৰিবংশত পোৱা যায়। শংকৰদেৱে মূল কাহিনীৰ লগত সংগতি ৰাখিও নিজস্বভাৱ যোগ কৰি ‘পাৰিজাত হৰণ’ৰ কাহিনী অংকন কৰিছে। হৰিবংশত নাবদ ভক্তিপ্ৰাণ, যোগশীল, দৌত্যপৰায়ণ, নিপুণ আৰু পৰিহাসপ্ৰিয়। আনহাতে পাৰিজাত হৰণৰ নাৰদ চতুৰ, পৰিহাসপ্ৰিয়, কলহপ্ৰিয়, টুটকীয়া আৰু ধূৰ্ত ।

হৰিবংশত নাৰদৰ দূতালি চৰিত্ৰ ‘ভাগৱত’ আদিৰ তুলনাত বেছি হ’লেও “পাৰিজাত হৰণ তকৈ কম। কিন্তু ‘পাৰিজাত হৰণ ‘ত নাৰদৰ কলহপ্ৰিয় আৰু দূতালি চৰিত্ৰই একেবাৰে শীৰ্ষস্থান লাভ কৰিছে বুলি ক’ব পাৰি

প্ৰশ্ন ১৩ : সত্যভামা কোন ?

উত্তৰ : —সত্যভামা সত্ৰাজিত জীয়েক আৰু শ্ৰীকৃষ্ণৰ এগৰাকী প্ৰধান মহিষী (পত্নী)। শ্ৰীকৃষ্ণৰ প্ৰথমা পত্নী ৰুক্মিণীক কৃষ্ণই পাৰিজাত ফুল দিয়াক কেন্দ্ৰ কৰি, দুয়োগৰাকী সতিনীৰ মাজত নাৰদে কাজিয়া লগাই আমোদ পাইছিল। শেষত পাৰিজাত ফুলৰ বাবেই কৃষ্ণ আৰু দেৱৰাজ ইন্দ্ৰৰো কাজিয়া হয়। যুদ্ধত ইন্দ্ৰৰ দৰ্প বা অহংকাৰৰ পতন হৈছিল আৰু শ্ৰীকৃষ্ণৰ ইন্দ্ৰত পাৰিজাত আনি সত্যভামাৰ ঘৰৰ পদূলিত ৰুই দি সত্যভামাৰ মন তুষ্ট কৰিছিল ।

প্ৰশ্ন ১৪ : ৰুক্মিণী কোন ?

উত্তৰ : ৰুক্মিণী শ্ৰীকৃষ্ণৰ প্ৰধান আৰু প্ৰথমা মহিষী। তেওঁ বিদৰ্ভৰাজ্যৰ ৰজা ভীষ্মকৰ কন্যা আছিল।

প্ৰশ্ন ১৫ : গোপালদেৱ কোন ?

উত্তৰ : গোপালদেৱ মাধৱদেৱৰ প্ৰধান শিষ্য আছিল। এওঁ ভবানীপুৰৰ কালজাৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল।

প্ৰশ্ন ১৬ : ‘মাঘ’ কোন ?

উত্তৰ : মাঘ এজন প্ৰখ্যাত কবি আৰু নাট্যকাৰ। এওঁৰ বিখ্যাত নাটক এখন হ’ল শিশুপাল বধ’।

প্ৰশ্ন ১৭ : ‘বাল চৰিত্ৰ’ৰ ৰচক কোন ?

উত্তৰ : মহাকবি ভাস।

প্ৰশ্ন ১৮ : হৰণলুকি মায়া কোনে, কাক শিকাইছিল? 

উত্তৰ : হৰণলুকি মায়া নাৰদে চিত্ৰলেখাক শিকাইছিল।

প্ৰশ্ন ১৯ : “আঃ ওহি কুসুমক মহিমা কি কহব” – এই কুসুম কি ?

উত্তৰ: পাৰিজাত ফুল ।

প্ৰশ্ন ২০ : ‘শেহ দশম’ কোনে ৰচনা কৰে ?

উত্তৰ: শেহ বা শেষ দশম অনন্ত কন্দলীয়ে ৰচনা কৰিছিল। 

প্ৰশ্ন ২১ : শংকৰদেৱে ‘পাৰিজাত হৰণ’ৰ কাহিনী ক’ৰ পৰা লোৱা বুলি অনুমান কৰা হয় ?

উত্তৰ: ‘হৰিবংশ’ৰ পৰা ৷

প্ৰশ্ন ২২ : সত্যভামাৰ সখীয়েকৰ নাম কি ?

উত্তৰঃ সত্যভামাৰ সখীয়েকৰ নাম সুমুখী ।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্ৰশ্ন ১ : অন2ন্ত কন্দলীয়ে নাৰদক কেনে ৰূপত প্ৰকাশ কৰিছে?

উত্তৰ: অসমীয়া বৈষ্ণৱ কবিসকলে শংকৰদেৱৰ আৰ্হিতে যেতিয়াই সুবিধা পাই নাৰদক উলিয়াই অলপ ৰং দেখুওৱাৰ সুবিধা গ্ৰহণ কৰিছে। অনন্ত কন্দলিয়ে শেষ দশমত নাৰদৰ যোগেদিহে চিত্ৰলেখাক হৰণলুকী মায়া শিকাইছে, অথচ মূল ভাগৱতত চিত্ৰলেখা নিজেই মায়া বিশাৰদ। এই ক্ষেত্ৰতো অনন্ত কন্দলিয়ে হৰিবংশৰ কথাৰ ওচৰ চাপিছে।

প্ৰশ্ন ২ : অসমীয়া বৈষ্ণৱ কবিৰ নাৰদ পৰমভক্ত হ’লেও তেওঁক কি বুলি দেখুওৱা হৈছে?

উত্তৰ ঃ এজন টুটুকীয়া, কলহপ্ৰিয়, মিছলীয়া আৰু পৰিহাস নিপুণ বুলি দেখুওৱা হৈছে।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ঃ

প্ৰশ্ন ১ : ‘পুৰণি অসমীয়া সাহিত্যত নাৰদ এটি আমোদী চৰিত্ৰ’ – তোমাৰ পাঠৰ আধাৰত কথাষাৰৰ সত্যাসত্য বিচাৰ কৰি এটি আলোচনা যুগুত কৰা ।

উত্তৰ : মহাভাৰত, ৰামায়ণ, ভাগৱত আদিত নাৰদক এজন যোগী, ভক্ত, মহাজ্ঞানী আৰু চৰম সত্যৰ অন্বেষণত স্বৰ্গ-মৰ্ত, দেশ-দেশান্তৰ ভ্ৰমি ফুৰা ব্যক্তি হিচাপে পাওঁ । তদুপৰি উপনিষদ, হৰিবংশ আদিত নাৰদক ধীৰ, গম্ভীৰ, তীক্ষ্ণধী, ভক্তি প্ৰৱণ আৰু সৰ্বজ্ঞৰপে চিত্ৰিত কৰিছে।

কিন্তু অসমীয়া বৈষ্ণৱ কবিসকলে এই প্ৰাচীন ভাৰতীয় কাব্যসমূহৰ পৰা ফালৰি কাটি আহি নাৰদ চৰিত্ৰটিক কিছু বেলেগ ৰূপত ফুটাই তোলা দেখা যায়। আন শাস্ত্ৰৰ নাৰদৰ তুলনাত অসমীয়া বৈষ্ণৱ কবিৰ নাৰদৰ চৰিত্ৰ টুটকীয়া, কলহপ্ৰিয়, ধূৰ্ত আৰু মিছলীয়া ৰূপত ফুটি উঠিছে।

প্ৰথমতে শংকৰদেৱে ‘পাৰিজাত হৰণ’ নাটকত নাৰদক এক বিশেষ টুটুকীয়া, মিছলীয়া আৰু কলহপ্ৰিয় স্বভাৱৰ কৰি তুলিছে। প্ৰকৃততে নাৰদে নিজৰ ইচ্ছা পূৰণৰ বাবে স্বৰ্গৰ পাৰিজাত ফুল পাহ দাবী কৰিছে। তেতিয়াই নাৰদৰ টুটুকীয়া কাৰ্য সিদ্ধি হৈছে। পিছত কৃষ্ণই ৰুক্মিণীক পাৰিজাত ফুলপাহ পিন্ধাই দিয়া কথাষাৰ দুতালিৰ হাঁহি এটা মাৰি সত্যভামাক লগাইছেগৈ। কলহপ্ৰিয় নাৰদে পাৰিজাত ফুলক কেন্দ্ৰ কৰি ইন্দ্ৰৰ দৰ্প-চুৰ্ণ কৰাৰ বাবে ৰুক্মিণী আৰু সত্যভামাৰ মাজত কাজিয়া লগাই দিছিল।

শংকৰদেৱৰ পিছত অসমীয়া বৈষ্ণৱ কবিসকলেও নাৰদক কৌতুক প্ৰবণ আৰু টুটকীয়া ৰূপত অংকন কৰি এক ৰসাল আমোদপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰা দেখা গ’ল। বিশেষকৈ অনন্ত কন্দলীয়ে ‘কুমাৰ হৰণ’ নাটকত নাৰদক সৰ্ববিদ্য বিশাৰদৰ ৰূপত চিত্ৰিত কৰিছে যদিও নাৰদক টুটুকীয়া, লগনীয়া ৰূপ দিয়া দেখা গৈছে। এফালে নাৰদে অনিৰুদ্ধক কেনেদৰে হৰণ কৰিব পাৰি তাৰ গোপন বিদ্যা চিত্ৰলেখাক শিকাইছে আৰু আনফালে হৰণ কাৰ্য সম্পন্ন হোৱাৰ পিছত কৃষ্ণক অনিৰুদ্ধ হৰণৰ খবৰ দি উত্তেজিত কৰি তুলিছে। নাৰদৰ এনেবোৰ কাৰ্যই পাঠকক বিমল আনন্দ দিয়ে।

আন বৈষ্ণৱ লেখক গোপালদেৱে তেওঁৰ ‘জন্মযাত্ৰা’ নাটকত নাৰদক উচটনি দিয়া ব্যক্তিৰ ৰূপত অংকন কৰিছে। চতুৰ নাৰদে নিজৰ চতুৰালিৰে কংসক কৃষ্ণবিদ্বেষী কৰি তুলিবলৈ দুতালি আৰম্ভ কৰিছিল। মুঠতে শংকৰদেৱে সৃষ্টি কৰা টুটুকীয়া নাৰদক গোপালদেৱে আৰু অলপ বঢ়াই দুষ্টালিৰ হাঁহিটি লগাই দিলে ।

শংকৰদেৱৰ নাৰদৰ চৰিত্ৰটোত কল্পনাৰ ৰহণ সানোতে অসমীয়া সমাজৰ বৈৰাগী ককাইক নিশ্চয় সন্মুখত ৰাখিছিল। তেনেদৰেই পুৰণি অসমীয়া সাহিত্যৰ আমোদী চৰিত্ৰ নাৰদৰ নামত ডেকা-বুঢ়া সকলোৱে অলপ হাঁহি লয়।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

প্ৰশ্ন ২ : “আঃ ওহি কুসুমক মহিমা কি কহব।”

উক্ত কথাসাৰ কোনে, কাক, কি প্ৰসঙ্গত কৈছিল লিখা ।

উত্তৰঃ উক্ত কথাসাৰ নাৰদে শ্ৰীকৃষ্ণক কৈছে, শুনাইছে ৰুক্মিণীক। এদিনাখন নাৰদে স্বৰ্গৰ পৰা পাৰিজাত ফুল এপাহি আনি, শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীক একেলগে বহি থকা সময়ত শ্ৰীকৃষ্ণৰ হাতত ফুলপাহ দি ৰুক্মিণীক শুনাই, ফুলপাহৰ মহিমা কৃষ্ণৰ সন্মুখত বৰ্ণনা কৰিছে। এই পাৰিজাত ফুল পাহৰ প্ৰতি ৰুক্মিণীৰ মন আসক্ত কৰিবৰ বাবে চেষ্টা কৰি নাৰদে কৃষ্ণক কৈছিল যে সেই পাৰিজাত ফুলৰ গোন্ধ তিনি প্ৰহৰ পথ দূৰলৈ যাব পাৰে। সেই পাৰিজাত ফুল যাৰ ঘৰত থাকে, ধন-জন-সম্পদ একোৱই তেওঁক এৰি নাযায়। আনহাতে এই দেৱ-দুৰ্লভ পাৰিজাত ফুল যিগৰাকী নাৰীয়ে পৰিধান কৰে, তেওঁ পৰম সৌভাগ্যৱতী হয়। সেইগৰাকী নাৰীক ত্যাগ কৰি কোনো স্বামী আঁতৰি নাযায় । এনে ফুলৰ গুণ আৰু মহিমা বৰ্ণনা কৰিবলৈ যেন নাৰদৰ মুখত ভাষাই নাই । 

কৃষ্ণৰ হাতত দিয়া পাৰিজাত ফুলপাহৰ গুণ বৰ্ণনা কৰি নাৰদে উক্ত কথাফাকি কৈছিল।

প্ৰশ্ন ৩ : ব্যাখা কৰা (প্ৰসংগ সঙ্গতি দৰ্শাই)

(ক) “নাৰদ দেৱৰ্ষি, পৰমভক্ত আৰু দেৱ কাৰ্যত সোঁহাত।”

উত্তৰ : উক্ত কথাফাকি তীৰ্থনাথ শৰ্মাদেৱৰ দ্বাৰা ৰচিত ‘অসমীয়া বৈষ্ণৱ কবিৰ নাৰদ’ শীৰ্ষক পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে ।

প্ৰাচীন ভাৰতীয় সাহিত্যত নাৰদে কি ৰূপত আত্ম-প্ৰকাশ কৰিছে; তাকেই ইয়াৰ দ্বাৰা প্ৰকাশ কৰা হৈছে।

মহাভাৰত, ৰামায়ণ, হৰিবংশ আদি প্ৰাচীন ভাৰতীয় সাহিত্যবোৰত নাৰদ এঝন দেৱৰ্ষি, পৰভক্ত আৰু দেৱকাৰ্যত আগভাগ লওঁতা হিচাপে দেখা যায় । নাৰদ ব্ৰহ্মাৰ মানস পুত্ৰ। চৰম সত্যৰ সন্ধানত তেওঁ স্বৰ্গ-মৰ্ত, দেশ-দেশান্তৰ ঘুৰি ফুৰিছে। ব্ৰহ্মাৰ পৰাও তত্ত্বজ্ঞান লাভ কৰিলে। শেষত পৰম তত্ত্বজ্ঞান লাভৰ বাবে কৈলাস শিখৰলৈ গৈ শিৱৰ পৰা ভাগৱত ধৰ্মৰ উপদেশ গ্ৰহণ কৰিলে। তথাপি প্ৰকৃত জ্ঞানৰ সম্ভেদ নাপাই নাৰদে বিয়াকুল হৈ সনৎকাৰৰ কাষ চাপিছে।

আনফালে দেখা যায় নাৰদ এজন পৰম ভক্ত। তেওঁ নিজেই যোগী, ভক্ত আৰু মহাজ্ঞানী। যেতিয়াই কোনো ঋষি বিমোৰত পৰে, তেতিয়াই তেওঁ উপায় উলিয়াই দিয়ে।

নাৰদ সকলো দেৱকাৰ্যৰ সিদ্ধিদাতা স্বৰূপ। হাতত বীণা লৈ বাসুদেৱৰ মহিমা প্ৰচাৰ কৰি তেওঁ দেৱকাৰ্যৰ দূতস্বৰূপে সংবাদ বিলাই ফুৰে। স্বৰ্গ-মৰ্তৰ সংবাদ লৈ শ্ৰীকৃষ্ণক তেওঁৰ মানৱী লীলা কৰাত সুবিধা গোটাই দিয়াই যেন তেওঁৰ কাম। ইন্দ্ৰৰ দৰ্প-অহংকাৰ চূৰ্ণ কৰি দেৱতাসকলৰ মনত শাস্তি ঘূৰাই আনিবৰ বাবেই নাৰদে পাৰিজাত ফুলক কেন্দ্ৰ কৰি কৃষ্ণৰ লগত ইন্দ্ৰৰ যুদ্ধ লগাই দি ইন্দ্ৰৰ দৰ্প-চূৰ্ণ কৰে ।

এনেবোৰ কথাৰ বাবেই নাৰদক দেৱৰ্ষি, পৰমভক্ত আৰু দেৱকাৰ্যত সোঁহাত বুলি ক’বলৈ বিচৰা হৈছে।

(খ) ভাৰতবৰ্ষৰ ভাগৱত ধৰ্মৰ আদি গুৰু নাৰদ 

উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ ‘অসমীয়া বৈষ্ণৱ কবিৰ নাৰদ’ শীৰ্ষক প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে। প্ৰবন্ধটিৰ ৰচক তীৰ্থনাথ শৰ্মা ।

ভাগৱতৰ আৰম্ভণিতে আমি লগ পাওঁ নাৰদক। ফৰকাল পুৱাবেলা সৰস্বতী নদীৰ তীৰত বহি মহাজ্ঞানী ব্যাসে মনে মনে সন্তাপ কৰিছে। বেদ পুৰাণ, ইতিহাস ইমানবোৰ ৰচনা কৰাৰ পিছতো যেন কিবা এক অসম্পূৰ্ণতা থাকি গ’ল । তেনে সময়তে আহি উপস্থিত হ’ল নাৰদ । তেওঁ আহি ব্যাসক ক’লে যে ব্যৱহাৰিক ধৰ্মনীতিৰ বিষয়ে যিমান চৰ্চা কৰিলে বাসুদেৱৰ বৰ্ণনা সিমান কৰা নহ’ল। তাৰ পিছতে তেওঁ হবি কীৰ্তন সম্পৰ্কে ব্যাসক উপদেশ দিলে। গোটেই ভাগৱত শাস্ত্ৰখনতে নাৰদ এজন ভগৱৎ ভক্তিৰ প্ৰবন্ধক। তেৱেঁই পঞ্চৰাত্ৰৰ প্ৰৱৰ্তক। সেয়েহে লেখকে নাৰদক ভাৰতবৰ্ষৰ ভাগৱত ধৰ্মৰ আদিগুৰু বুলি উল্লেখ কৰিছে।

(গ) অসমৰ বাহিৰে আন প্ৰদেশৰ বৈষ্ণৱ সাহিত্যত এনে চৰিত্ৰ আমাৰ চকুত পৰা নাই ।

উত্তৰ : কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিবিষ্ট তীৰ্থনাথ শৰ্মা ৰচিত ‘অসমীয়া বৈষ্ণৱ কবিৰ নাৰদ’ শীৰ্ষক প্ৰবন্ধৰ পৰা লোৱা হৈছে।

প্ৰবন্ধটিত কবিয়ে ভাৰতীয় সাহিত্যৰ ভিতৰত উল্লেখনীয় ভাগৱত, হৰিবংশ মহাভাৰত আদিৰ উদাহৰণ দাঙি ধৰি দেখুৱাইছে যে ভাৰতীয় সাহিত্যত নাৰদৰ চৰিত্ৰ মূলতঃ তত্ত্বক, তপস্বী আৰু পৰমভক্তিবান। কিন্তু অসমীয়া বৈষ্ণৱ কবিৰ হাতত নাৰদ চৰিত্ৰৰ মাজত তেওঁৰ টুটকীয়া আৰু কলহপ্ৰিয়তা প্ৰতিফলিত হৈছে। নাৰদৰ চৰিত্ৰ মহৎ হ’লেও অসমীয়া সাহিত্যত তেওঁ এক আমোদী চৰিত্ৰ ।

প্ৰশ্ন ৪ : ভাৰতীয় পুৰণি সংস্কৃত শাস্ত্ৰ কিছুমানত নাৰদ চৰিত্ৰ কেনে ৰূপত পোৱা যায় চমুকৈ লিখা ।

উত্তৰ : ‘অসমীয়া বৈষ্ণৱ কবিৰ নাৰদ’ শীৰ্ষক প্ৰবন্ধত লিখক তীৰ্থনাথ শৰ্মাদেৱে অসমত নাৰদৰ চৰিত্ৰ কেনে তাকে আলোচনা কৰিবলৈ গৈ ভাৰতীয় পুৰণি সংস্কৃত সাহিত্যত অংকিত নাৰদৰ চৰিত্ৰৰ বিষয়েও বৰ্ণনা কৰিছে। 

প্ৰথমেই তেওঁ উল্লেখ কৰিছে মহাভাৰতৰ কথা। মহাভাৰতত নাৰদ ব্ৰহ্মাৰ মানসপুত্ৰ পৰমতত্ত্বাৰ্থী যুৱক। তেওঁ চৰম সত্যৰ অন্বেষণত দেশ-দেশান্তৰত সৃষ্টি ফুৰিছে। মহাভাৰতৰ শান্তি পৰ্বত নৰনাৰায়ণ ঋষিৰ কথা মতে শ্বেতদ্বীপ পাইছেগৈ। মেৰু পৰ্বত লংঘিছে। তাতে ভগৱন্তক লগ পাই ভগৱন্তৰ মুখৰ পৰা ধৰ্মোপদেশ শুনিছে। পঞ্চৰাত্ৰৰ মূলতে হ’ল নাৰদ তত্ত্ব লাভৰ বাবে তেওঁ কেদাৰত হেজাৰ বছৰ তপস্যা কৰিছে। শেষত ব্ৰহ্মা নিজে আহিছে তেওঁক সান্ত্বনা দিবলৈ। তাতো পতিয়ন নগৈ তেওঁ মহাদেৱক তপস্যা কৰি তেওঁৰ পৰাও ধৰ্মজ্ঞান লাভ কৰিছে। 

ছান্দোগ্য উপনিষদত তেওঁ সকলো শাস্ত্ৰ পঢ়ি-শুনিও প্ৰকৃত জ্ঞানৰ পোহৰ নাপায় তত্ত্বদৰ্শী ঋষি সনৎকুমাৰৰ ওচৰ চাপি অহসনীয় কৰিছে ‘অধীহি ভগৱঃ’।

ৰামায়ণত ক্ৰৌঞ্চ বিয়োগত বাল্মীকিৰ মুখৰ পৰা আপুনি শ্লোক ওলাল। ঋষি নিজেই বিস্মিত হ’ল। নাৰদে আহি তেতিয়া উৎসাহ যোগালেহি ‘শ্লোকোভৱং নান্যথা’।

ভাগৱতৰ আৰম্ভণিতেই নাৰদ । তেওঁ সকলো শাস্ত্ৰ ৰচনা কৰিও মনত শান্তি পোৱাত মহাজ্ঞানী ব্যাস চিন্তিত হৈ থকাত আহি তাৰ নিৰাময়ৰ ব্যৱস্থা কৰিছেহি। ঋষি দুখৰ কাৰণ ব্যাখ্যা কৰি নাৰদে ব্যাসৰ বাসুদেৱৰ মহিমা কীৰ্তন কৰাৰ পৰামৰ্শ দিছে। তেওঁ নিজেও স্বৰ্গ-মৰ্ত্য সকলোতে বাসুদেৱৰ মহিমা প্ৰচাৰ কৰি ফুৰিছে। সকলো সময়তে তেওঁ ধীৰ, গম্ভীৰ, তীক্ষ্ণধী, ভক্তিপ্ৰবণ আৰু সৰ্বজ্ঞ। 

হৰিবংশত নাৰদৰ দূতালি অলপ বেছি। স্বৰ্গ-মৰ্ত্যৰ সংবাদ লৈ শ্ৰীকৃষ্ণক তেওঁ মানৱী লীলা প্ৰকাশ কৰাত সুবিধা কৰি দিছে। ইয়াত তেওঁৰ ভক্তিপ্ৰাণ, যোগশীল, দৌত্যপৰায়ণ আৰু নিপুণ চৰিত্ৰ প্ৰকাশিত হৈছে যদিও তাৰ মাজতে পৰিহাসপ্ৰায় চৰিত্ৰও পৰিস্ফুট হৈছে। পিছৰ কালত ভাসৰ বালচৰিত বা মাঘৰ শিশুপাল বৰ্বৰ নাৰদো মূলতঃ ভাগৱত হৰিবংশৰ নাৰদেই। পাৰিজাত হৰণৰ আলম লৈ মিথিলাত উমাপতি উপাধ্যায়ে লিখা নাটখনতো নাৰদ চৰিত্ৰৰ প্ৰকাশ ঘটিছে যদিও তাত টুটকীয়া চৰিত্ৰৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই। মুঠতে ভাৰতীয় প্ৰাচীন সাহিত্যত নাৰদৰ চৰিত্ৰত তেওঁৰ তপস্বী, জ্ঞানী আদি ৰূপবোৰহে অধিক স্পষ্ট। তাৰ মাজতে তেওঁৰ পৰিহাসপ্ৰিয় চৰিত্ৰৰো কিঞ্চিৎ আভাস দেখা পোৱা যায়। 

প্ৰশ্ন ৫ : অসমীয়া বৈষ্ণৱ কবিৰ নাৰদ চৰিত্ৰৰ দৰে কি চৰিত্ৰই অসমৰ বাহিৰে আন প্ৰদেশৰ বৈষ্ণৱ সাহিত্যত কাৰ্য কৰিছিল ?

উত্তৰ : প্ৰবন্ধটিত কবিয়ে ভাৰতীয় সাহিত্যৰ ভিতৰত উল্লেখনীয় ভাগৱত, হৰিবংশ মহাভাৰত আদিৰ উদাহৰণ দাঙি ধৰি দেখুৱাইছে যে ভাৰতীয় সাহিত্যত নাৰদৰ চৰিত্ৰ মূলতঃ তত্ত্বক, তপস্বী আৰু পৰমভক্তিবান। লেখকে নাৰদক ভাৰতবৰ্ষৰ ভাগৱত ধৰ্মৰ আদিগুৰু বুলি উল্লেখ কৰিছে। অসমৰ বাহিৰে আন প্ৰদেশৰ সাহিত্যত তেওঁ কন্দল লগোৱা দেৱতা ৰূপী সৰস্বতী। কৃতিবাসী ৰামায়ণতো কু-বুদ্ধিৰ উদয় কৰাব লগা হ’লেই দেৱতা সৰস্বতীৰ কাষ চাপে। হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰতো এনে কাম দেৱী সৰস্বতীয়েই কৰিছিল। অৰ্থাৎ সৰস্বতীৰ দিনলৈকে সৰস্বতীয়েই এনেবোৰ কাম কৰিছিল। কিন্তু অসমীয়া বৈষ্ণৱ কবিৰ হাতত নাৰদ চৰিত্ৰৰ মাজত তেওঁৰ টুটকীয়া আৰু কলহপ্ৰিয়তা প্ৰতিফলিত হৈছে। নাৰদৰ চৰিত্ৰ মহৎ হ’লেও অসমীয়া সাহিত্যত তেওঁ এক আমোদী চৰিত্ৰ । 

প্ৰশ্ন ৬ : ‘পাৰিজাত হৰণ’ নাটকত নাৰদে সত্যভামাক পাৰিজাত ফুলৰ সন্দৰ্ভত কি কৈছিল ?

উত্তৰ : পাৰিজাত হৰণ নাটকত নাৰদেঁ সৰগৰ পৰা পাৰিজাত আনি কৃষ্ণক দিছেহি আৰু ৰুক্মিণীৰ আগত পাৰিজাতৰ অনন্ত গুণৰ কথা কৈ নাৰীৰ হাতত সেই পাৰিজাত থাকিলে তেওঁক পৰম সৌভাগ্যৱতী বুলি কৈছে। পাৰিজাতৰ গুণৰ কথা শুনি ৰুক্মিণীয়ে কৃষ্ণৰ পৰা পাৰিজাত বিচাৰিছে আৰু কৃষ্ণ‍ই ৰুক্মিণীক পাৰিজাত পিন্ধাইছে। এই খবৰ দি সত্যভামাক নাৰদে দুগুণে জ্বলাই তুলিছেগৈ। “হা হা মাৱ । তোহো দুৰ্ভাগ্য ভেলি। হামু আজসে জানল।’ — বিচুৰ্তি খাই সত্যভামাই কাৰণ জানিব বিচৰাত নাৰদে লাহেকৈ কৈছে— ‘পাৰিজাত কুমাৰী পৰিধান কৰে যে পুস্পক মহিমায়ে পৰম সৌভাগিনী হয়। ইহা জানি হামু বোলল। ওহি পাৰিজাতক যোগ্য সত্যভামা। তহি কৃষ্ণে কয়লি কি? তোহাক কটাক্ষ কৰিয়ে আপুন হাতে প্ৰিয়া ৰুক্মিণীক মাথে পৰম সাদৰে যে দিব্য পাৰিজাত পিন্ধায়ল। আঃ তোহোক জীৱন ধিক ধিক। সতিনীক অভ্যুদয় দেখি কি নিমিত্তে প্ৰাণ ধৰহ। মাৱ তুহু জীৱন্তে মৰল।’ ইয়াতেই নাৰদৰ বাক-চাতুৰ, কলহপ্ৰিয় চৰিত্ৰ স্পষ্ট হৈ পৰিছে।

প্ৰশ্ন ৭ : ‘হৰিবংশ’ আৰু শংকৰদেৱৰ ‘পাৰিজাত হৰণ’ৰ নাৰদ চৰিত্ৰৰ এটি তুলনা কৰা । 

উত্তৰ ঃ হৰিবংশত নাৰদৰ দূতালি অলপ বেছি। তেওঁ স্বৰ্গ-মৰ্ত্য্যৰ সংবাদেৰে শ্ৰীকৃষ্ণক মানৱী লীলা কৰাত সহায় কৰিছে। পাৰিজাতৰ কথা আৰু বাণাসুৰৰ যুদ্ধৰ মূলতো তেৱেঁই । ইয়াতো কিন্তু মূল কথা ভক্তৰ মনোবাঞ্ছা পূৰণ আৰু ভগৱানৰ লীলা দৰ্শনৰ অভিপ্ৰায় ।

নাৰদৰ টুটকীয়া ৰূপটোৰ লগত আমাৰ পৰিচয় হয় শংকৰদেৱৰ পাৰিজাত হৰণত। শংকৰদেৱে ইয়াৰ কাহিনীভাগ হৰিবংশৰ পৰাই সংগ্ৰহ কৰিছে। কিন্তু পাৰিজাত হৰণত নাৰদে অলপ বেছিকৈ ভাগ লৈছে। শংকৰদেৱেও তেওঁৰ কল্পনাৰে নাৰদ চৰিত্ৰক অধিক মনোগ্ৰাহী কৰি তুলিছে। ইয়াত নাৰদৰ চতুৰালি আৰু পৰিহাস লক্ষণীয়। পাৰিজাত হৰণ নাটখনৰ কাহিনীভাগ চালে এই কথা স্পষ্ট হৈ পৰে যেন নাৰদে ইচ্ছাকৃতভাৱেই সত্যভামা আৰু ৰুক্মিণীৰ মাজত কলহ সৃষ্টি কৰিছে। অৱশ্যে ইয়াৰ মাজতো তেওঁ ভগৱন্তৰ লীলা উপভোগৰ ইচ্ছা বৰ্তমান পাৰিজাত হৰণৰ দৰে বৈষ্ণৱ যুগত উমাপতি উপাধ্যায়ে লিখা এখন নাটক মিথিলাত আছে। কিন্তু মিথিলাৰ নাটখনত পাৰিজাত সম্পৰ্কীয় বিবাদ সৃষ্টিত নাৰদৰ বিশেষ ভূমিকা নাই। ইয়াত এই ভূমিকা গ্ৰহণ কৰিছে দুমুখীয়ে।

Leave a Reply