NIOS| Assamese (303)| Notes/Answer|Chapter-14| বশিষ্ঠাশ্রম

NIOS| Assamese (303)| Notes/Answer|Chapter-14| বশিষ্ঠাশ্রম মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-14| বশিষ্ঠাশ্রম

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-14| বশিষ্ঠাশ্রম

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)| Notes/Answer|Chapter-14| বশিষ্ঠাশ্রম অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড ১

অধ্যায় ১৪

পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

প্ৰশ্ন ১ : তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘বশিষ্ঠাশ্ৰম’ কবিতাটিৰ কৰি কোন ?

উত্তৰ : পাঠ্যপুথিৰ অন্তৰ্গত ‘বশিষ্ঠাশ্ৰম’ কবিতাটিৰ কবি ৰঘুনাথ চৌধাৰী।

প্ৰশ্ন ২ঃ ৰঘুনাথ চৌধাৰীৰ কেতিয়া আৰু ক’ত জন্ম গ্ৰহণ কৰিছিল ?

উত্তৰ : ১৮৭৯ চনত হাজোৰ ওচৰৰ লাওপাৰা গাঁৱত। 

প্ৰশ্ন ৩ ঃ তেওঁ সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা

উত্তৰ : মইনা, সুৰভী আদি ।

প্ৰশ্ন ৪ : ৰঘুনাথ চৌধাৰীৰ ৰচিত দুখন কবিতা পুথিৰ নাম লিখা ।

উত্তৰ: ‘সাদৰী’, ‘কাৰবালা’ষ। 

প্ৰশ্ন ৫ : ৰঘুনাথ চৌধাৰীৰ ৰচিত দুখন গল্প পুথিৰ নাম লিখা ।

উত্তৰ : ‘পচতীয়া’ আৰু ‘নৱমল্লিকা’।

প্ৰশ্ন ৬ : ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনাজাত ?

উত্তৰঃ বিহগী কবি বুলি জনাজাত । 

প্ৰশ্ন ৭ : ‘বশিষ্ঠাশ্ৰম’ কবিতাটি কবিৰ কোনখন কবিতাপুথিৰ অন্তৰ্গত ?

উত্তৰ : ‘সাদৰী’ কবিতাপুথিৰ অন্তৰ্গত ।

প্ৰশ্ন ৮ : বশিষ্ঠ কোন ? উত্তৰঃ এগৰাকী ঋষি।

প্ৰশ্ন ৯ : বশিষ্ঠ ঋষি পতা আশ্ৰমখন ক’ত অৱস্থিত ?

উত্তৰ : সন্ধ্যাচল পাহাৰত ।

প্ৰশ্ন ১০ : আশ্ৰমখনৰ নাম কি ?

উত্তৰ: বশিষ্ঠাশ্ৰম

প্ৰশ্ন ১১ : কবিতাটিত কবিয়ে কাক সম্বোধন কৰিছে?

উত্তৰ: পথিকক।

প্ৰশ্ন ১২ : বশিষ্ঠাশ্ৰমৰ পৰিৱেশ মধুৰ কৰা নিজৰা তিনিটা কি ?

উত্তৰ : সন্ধ্যা, ললিতা, কাস্তা

প্ৰশ্ন ১৩ : বশিষ্ঠৰ পদযুগলত কিহে সেৱা কৰে?

উত্তৰ : ফুল আৰু গছ লতিকাই।

প্ৰশ্ন ১৪ : হোমৰ গোন্ধে বশিষ্ঠাশ্ৰমৰ পৰিৱেশ কেনেকুৱা কৰিছিল?

উত্তৰ : সুপবিত্ৰ।

প্ৰশ্ন ১৫ : সামবেদ কি ?

উত্তৰ : হিন্দুৰ আদি শাস্ত্ৰ হ’ল বেদ। সামবেদ চাৰিখন বেদৰ তৃতীয়খন । 

প্ৰশ্ন ১৬ : কোনে বশিষ্ঠ আশ্ৰমত এই বেদৰ গান শুনিছিল ?

উত্তৰ : বনৰ চৰাই, পহু আদিয়ে।

প্ৰশ্ন ১৭ : অমৰ বাদ্য কোনে বজাইছিল?

উত্তৰ : স্বৰ্গৰ মহিমাময়ী নাৰীয়ে ।

প্ৰশ্ন ১৮ : ঋষিৰ জীয়ৰীসকল কাৰ লগত মিলি কি ৰাগত আৰাধনা গীত গাইছিল ?

উত্তৰ : স্বৰ্গৰ মহিমাময়ী নাৰীৰলগত লগ লাগি দীপক ৰাগত আৰাধনা গীত গাইছিল।

প্ৰশ্ন ১৯ : বসন্তৰ আগমনত পুষ্প কাননত কি উপচি পৰিছে?

উত্তৰ: সৌন্দৰ্য

প্ৰশ্ন ২০ : সান্ধ্য সমীৰণে কি বিলাইছে?

উত্তৰ : স্বৰ্গীয় প্ৰেমৰ শাস্তি সুধা।

প্ৰশ্ন ২১ : কি চৰাইৰ মাতত আশ্ৰমৰ নীৰৱতা ভেদ হয় ?

উত্তৰ: কুলি আৰু জিলী ।

প্ৰশ্ন ২২ ঃ শৰতৰ পুৱতী জোনৰ ক্ষীণ জ্যোতি ক’ত বিৰিঙিছে?

উত্তৰ : ফুলৰ থোপাত । 

প্ৰশ্ন ২৩ : তেতিয়া মন কেনে হয় ? 

উত্তৰ : পবিত্ৰ ভাৱত বিভোৰ হয়।

প্ৰশ্ন ২৪ : শিলনিৰে গঁথা এই শ্যামল ক্ষেত্ৰক কবিয়ে কি ৰূপত অভিহিত কৰিছে?

উত্তৰ ঃ হৃদয় দুৰ্গ ৷

প্ৰশ্ন ২৫ : বশিষ্ঠাশ্ৰমে কোন জাতিৰ গৌৰৱ ঘোষণা কৰিছে?

উত্তৰ : আৰ্য জাতিৰ ।

(খ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্ৰশ্ন ১ : বশিষ্ঠাশ্ৰম কবিতাটিত বসন্ত আৰু শৰৎ কালৰ দৃশ্য কেনেদৰে বৰ্ণিত হৈছে লিখা।

উত্তৰ ঃ কবি ৰঘুনাথ চৌধাৰীদেৱে ‘বশিষ্ঠাশ্ৰম’ কবিতাটোত গুৱাহাটী নগৰৰ দক্ষিণে সন্ধ্যাচল পাহাৰত থকা বশিষ্ঠাশ্ৰমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ এখন মনোমোহা চিত্ৰ অংকণ কৰিছে। কবি চৌধাৰীদেৱে বশিষ্ঠাশ্ৰমৰ গছ-লতা নিজৰাৰ এখন সামগ্ৰিক ছবি অংকণ কৰাৰ উপৰি ইয়াৰ প্ৰকৃতিলৈ অহা ঋতুকালীন পৰিবৰ্তনকো তেওঁ কবিতাৰ মাজত ধৰি ৰাখিবৰ যত্ন কৰিছে।

ঋতুৰাজ বসন্তই সম্ভাষণ জনোৱাৰ লগে লগে বশিষ্ঠাশ্ৰমৰ পুষ্পকাননত সৌন্দৰ্য উপচি পৰে। সন্ধ্যাৰ সমীৰণে ফুলৰ সুগন্ধি এনেভাৱে কঢ়িয়াই আনি বতাহত মিলাই দিয়ে যেন কোনোবাই স্বৰ্গীয় প্ৰেমৰ শান্তি সুধাহে আনি বিলাই দিছে।

সুৱগী কুলিয়ে অপূৰ্ব গানেৰে গীত জোৰে, জিলীয়ে তাৰ লগত সঙ্গতি ৰাখি বীণা বজাবলৈ ধৰে। প্ৰকৃতিৰ স্বাভাৱিক নীৰৱতা ভঙ্গ কৰি সুললিত সুৰৰ এই মধুৰ মুৰ্চনা গোটেই আশ্ৰমত প্ৰতিধ্বনিত হয়। এনেদৰেই বসন্তই সজাই তোলে বশিষ্ঠাশ্ৰমক।

বসন্তৰ দৰে শৰতো আহে। শৰতৰ পুৱতি জোনৰ ক্ষীণ, পাতল জ্যোতি আহি যেতিয়া ফুলৰ থোপাৰ মাজেৰে বিৰিঙি উঠে তেতিয়া এই কুঞ্জ কাননৰ মনোমোহা দৃশ্যই সকলোকে সম্মোহিত কৰে। মন ভৰি পৰে পবিত্ৰ ভাবেৰে। এনেদৰেই শৰতে সম্ভাষণ জনায় বশিষ্ঠাশ্ৰমক।

প্ৰশ্ন ২ : কবিয়ে বশিষ্ঠাশ্ৰমক কি বুলি অভিহিত কৰিছে? বশিষ্ঠাশ্ৰমৰ সৌন্দৰ্যৰ বিৱৰণ দিয়া ৷ 

উত্তৰ : কবিয়ে বশিষ্ঠাশ্ৰমক ভাগৰুৱা পথিকৰ শান্তিনিকেতন আৰু অময়া প্ৰেমৰ পুৰী বুলি অভিহিত কৰিছে।

কবি ৰঘুনাথ চৌধাৰী প্ৰকৃতি প্ৰেমত বলীয়া কবি। তেওঁ বশিষ্ঠাশ্ৰমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ এখন মনোমোহা চিত্ৰ অংকণ কৰিছে। 

প্ৰথমেই তেওঁ বশিষ্ঠাশ্ৰমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি মানুহৰ মন আকৰ্ষিত কৰি কৈছে যে এই স্থান ইমানেই সৌন্দৰ্য আৰু শান্তিৰে ভৰা যে যিকোনো ভাগৰুৱা পথিকৰো ই প্ৰাণ জুৰাব পাৰিব। বশিষ্ঠাশ্ৰমৰ প্ৰকৃতি অতি শান্ত নিজম, ঠিক ধ্যান মগ্ন যোগীৰ দৰেই ।

বশিষ্ঠাশ্ৰমত পৰ্বতীয়া জুৰিৰ তিনিটা ধাৰা আহি লগ হৈছেহি। তাকে কবিয়ে সন্ধ্যা, ললিতা, কাস্তা বুলি অভিহিত কৰিছে। এই তিনিটি নিজৰাই সমন্বিত কণ্ঠেৰে গীত গাই যেন স্বামী ব্ৰহ্মপুত্ৰক সম্ভাষণহে জনাইছে। 

নিজৰাৰ দুয়োকাষে শাৰী শাৰী ফুলৰ গছ আৰু লতিকাই যেন হালি-জালি ‘ঋষিৰ চৰণত সেৱাহে যাচিছে। আকাশভ্ৰমী ফুৰা চৰাইবোৰে যেন বিভিন্ন শব্দৰে মঙ্গল আৰতিহে কৰিছে।

আশ্ৰমত পবিত্ৰ হোমৰ গোন্ধ বহু দূৰ বিয়পি পৰে। পবিত্ৰ হৈ পৰে গোটেই তপোবন। বনৰ চৰাই পহু সকলোৰে যেন এই ঐশ্বৰিক প্ৰেমত মুগ্ধ হৈ সামবেদৰ গানহে শুনে।

বশিষ্ঠাশ্ৰমৰ প্ৰাকৃতিক পৰিবেশ এনে হৈ থাকে যেন ঋষি দেৱ দিব্যাঙ্গনাসকলে অনবৰতে কিবা এক অমৰ বাদ্যহে বজাই আছে। সেই বাদ্যৰ তালে তালে ঋষিৰ জীয়ৰীসকলে পঞ্চমত মুৰ তুলি দীপক ৰাগিনী গাইছে।

কবিৰ এই উপলব্ধি ইমানেই গভীৰ যে বশিষ্ঠাশ্ৰমত খস্তেক নীৰৱে ৰৈ একান্তভাবে ভাবিলে তেনে এক স্বৰ্গীয় অনুভূতিয়েই সকলোৰে মন সন্মোহিত কৰে। 

কবিয়ে সেয়েহে বশিষ্ঠাশ্ৰমৰ স্বৰ্গৰ প্ৰমোদ কানন অমৰাৱতীৰ লগত তুলনা কৰিছে। বনদেৱীসকলে ফুলৰ আৱৰণ পিন্ধি প্ৰকৃতি ফুলনিৰ মাজত আনন্দ মনেৰে বিচৰণ কৰিছে। কবিৰ এনে লাগিছে যেন সঁচাই অমৰাৱতী খনেহে আহি মৰতত শোভা কৰিছেহি।

আশ্ৰমলৈ বসন্ত আহিছে। পুষ্প কানন সৌন্দৰ্যৰে ওপচি পৰিছে আৰু সন্ধ্যাৰ বতাহে সেই ফুলৰ সুগন্ধি আনি চৌদিশে বিলাই দিছে। কুলি-কেতেকীয়ে অপূৰ্ব সুৰেৰ গীত জুৰিছে। জিলীয়ে তাৰ লগতে তাল মিলাই বীনা বাইছে আৰু সকলোৰে সমন্বিত ললিত ঝংকাৰে বশিষ্ঠাশ্ৰমত প্ৰতিধ্বনি তুলিছে।

বসন্ত অহাদি শৰতো আহিছে আৰু সাৰদী নিশাৰ পুৱৰি জোনৰ পোহৰ আশ্ৰমৰ ফুলৰ থোপাৰ মাজেদি বিৰিঙি উঠিছে। এনে এক সুন্দৰ দৃশ্য যে দেখিলেই প্ৰাণ বিভোৰ হৈ পৰে।

বিস্তীৰ্ণ সেউজীয়া অঞ্চলটোত অলেখ শিল। ইয়াৰে বহু শিলত অতীত গৌৰৱ আৰু পুণ্য কথা লিপিবদ্ধ হৈ আছে। এনেকৈয়ে বশিষ্ঠাশ্ৰমে আৰ্যৰ গৌৰৱ ঘোষণা কৰি যুগ যুগ পাৰ কৰিছে। কালৰ সোঁতত বহু যুগ হেৰাই গ’ল। বহু বিজেতাৰ হেন্দোলনিও সহ্য কৰিছে এই আশ্ৰমে। তথাপি নিজৰ গৌৰৱ ঘোষণা কৰি সুন্দৰৰ লীলাভূমি এই বশিষ্ঠাশ্ৰম আজিও একেভাবে আছে। আজিও জুৰাইছে তাপিত জনৰ হিয়া

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

প্ৰশ্ন ৩ : প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

(ক) লেখা আছে বশিষ্ঠৰ হৃদয় দুৰ্গত, 

অতীত গৌৰৱ স্মৃতি আৰু পুণ্য কথা,

বিশ্বলীলা অভিনয় কীৰ্তি শত শত ।

উত্তৰ: উদ্ধৃত কবিতাফাকি প্ৰকৃতি কবি ৰঘুনাথ চৌধাৰীদেৱৰ বশিষ্ঠাশ্ৰম কবিয়ে বশিষ্ঠাশ্ৰমৰ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

প্ৰাকৃতিক সৌন্দৰ্যৰ অনুপম বৰ্ণনা দাঙি ধৰিছে আৰু ইয়াৰ লগত জড়িত অতীত গৌৰৱৰ কথাও উল্লেখ কৰিছে। বশিষ্ঠাশ্ৰমৰ লগত জড়িত অতীত কাহিনীক তুলি ধৰাই এই কবিতাফাকিৰ উদ্দেশ্য।

ঐতিহাসিক সত্যতা পৰীক্ষিত নহয় যদিও এই কথা প্ৰচলিত যে বশিষ্ঠ মুনি ইয়ালৈ আহিছিল। তেওঁৰ এই আগমনে আৰ্য সংস্কৃতিৰ বিস্তাৰৰ কখাতে সূচাইছে। সি যিয়েইনহওঁক বশিষ্ঠাশ্ৰমৰ প্ৰকৃতিৰ মাজত সিচঁৰিত হৈ থকা শিলবোৰত এনে বহু অতীত কাহিনী বা পুণ্যকথাৰ ইংগিত স্পষ্ট হৈ আছে। বিশ্বলীলা বিভিন্ন কীৰ্তিও ইবোৰত খোদিত হৈছে। কালৰ ধুমুহাই ইবোৰৰ গুৰুত্ব কমাব পৰা নাই বা সময়ৰ গচকত এইবোৰ নোহোৱাও হোৱা নাই। কবিয়ে এনেবোৰ উল্লেখৰ মাজেৰে বশিষ্ঠাশ্ৰমৰ গুৰুত্ব তুলি ধৰিছে আৰু দেখুৱাইছে যে অকল প্ৰাকৃতিক সৌন্দৰ্যৰ ফালৰ পৰাই নহয়, অতীত কীৰ্তি স্থান হিচাপেও এই স্থানৰ গুৰুত্ব কম নহয়।

(খ) আজিও বশিষ্ঠাশ্ৰম আছে একেভাৱে 

আৰ্যৰ গৌৰৱ ঘোষি মৰ্ত্য ভুৱনত, 

বিজেতাৰ হেন্দোলনি সহিছে নীৰৱে ।

উত্তৰঃ উল্লিখিত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিবিষ্ট ৰঘুনাথ চৌধাৰীদেৱৰ বশিষ্ঠাশ্ৰম নামৰ কবিতাটিৰ পৰা উদ্ধৃত।

কবিয়ে বশিষ্ঠাশ্ৰম পৌৰাণিক গুৰুত্ব বৰ্ণনা কৰাৰ প্ৰসংগত উক্ত কথাখিনি উত্থাপন কৰিছে।

বশিষ্ঠাশ্ৰম গুৱাহাটীত সন্ধ্যাচল পাহাৰত অৱস্থিত এখন অতি মনোৰম ঠাই। ইয়াৰ প্ৰাকৃতিত সৌন্দৰ্য্যৰ তুলনা নাই। কবিয়ে ইয়াৰ নৈসৰ্গিক শোভাৰ চিত্ৰ অংকন কৰাৰ লগতে এইটোও ক’ব বিচাৰিছে যে এই আশ্ৰমৰ লগত পৌৰাণিক আখ্যানো জড়িত হৈ আছে।

কালিকা পুৰাণৰ ৫১ অধ্যায়ত আছে যে কামৰূপ পীঠত সন্ধ্যাচল পৰ্বত আছে। তাতে বশিষ্ঠই নমাই অনা দস্তা নামৰ নৈ আছে। নদীৰ পাৰত ছাঁয়া প্ৰধান বৃক্ষ লতাদিৰে পৰিপূৰ্ণ এটা ডাঙৰ পৰ্বত আছে। ব্ৰহ্মাৰ মানসপুত্ৰ বশিষ্ঠই সেই পৰ্বতত বহি সন্ধ্যা কৰিছিল। সেয়ে সেই পাহাৰৰ নাম সন্ধ্যাচল। বশিষ্ঠ মুনিৰ লগত জড়িত এই কাহিনীয়ে আৰ্যৰ গৌৰৱ ঘোষণা কৰি আছে। বশিষ্ঠ মুনিক আৰ্য সংস্কৃতিৰ বাহক হিচাপেই ধৰা হৈছে। কবিয়ে কৈছে তাৰ পিছত এই কামৰূপ বহু বিজেতাৰ অধীন হৈছে। আনহাতে কালৰ ধুমুহায়ো গৰকি হৈছে। তথাপি সেই সকলো অতীতৰ সাক্ষী হৈ বশিষ্ঠাশ্ৰম আজিও একেদৰেই আছে।

প্ৰশ্ন ৪ : কবিতাটিৰ মূলকথাখিনি সহজ-সৰল ভাষাৰে চমুকৈ বুজাই লিখা।

উত্তৰঃ বশিষ্ঠাশ্ৰম প্ৰেম আৰু শান্তিৰ আশ্ৰয়স্থলী হিচাপে কবিয়ে অভিহিত কৰিছে। সংসাৰৰ দুখ-ভাগৰ খন্তেক পাহৰিবলৈ হ’লে ইয়ালৈ আহি জিৰণি লবলৈ কবিয়ে অনুৰোধ কৰিছে। প্ৰকৃতিৰ এই কাব্যবন দেৱতাসকলৰো বঞ্চিত। কোনোফালে হাই-উৰমি নোহোৱা নিখাত নিজম প্ৰকৃতি যোগীৰ দৰে ধ্যান মগ্ন । সন্ধ্যা, ললিতা আৰু কান্তাই বশিষ্ঠাশ্ৰমৰ পৰিৱেশ আৰু অধিক মধুৰ কৰিছে। কবিয়ে এই তিনিওকে ভাই-ভনী বুলি অভিহিত কৰিছে। বশিষ্ঠাশ্ৰমত থকা ফুলবোৰে যেন মহাযোগী বশিষ্ঠক পদযুগলতহে সেৱা কৰিছে। গগন বিহাৰী চৰাইবোৰে পবিত্ৰ কানন বিমোহিত কৰি মংগল আৰতি কৰিছে। বনৰ চৰাই, পহু আদিয়েও প্ৰেমত মুগ্ধ হৈ কোমস্ত্ৰ কাণপাতি শুনিছে। এই আশ্ৰমৰ সৌন্দৰ্যত মুগ্ধ হৈ সৰগৰ মহীমাময়ী নাৰীয়ে অমৰ বাদ্য বজাইছে। ঋষি কন্যা সবই দীপক ৰাগত আৰাধনা গীত গাইছে। ইন্দ্ৰ অমৰাৱতীৰ প্ৰমোদ কাননে যেন মতৰ শোভা বৰ্ধন কৰিছে। বনদেৱীয়ে ফুলৰ আভৰণ পিন্ধি আনন্দ প্ৰকাশ কৰিছে। ঋতুৰাজ বসন্তৰ আগমনত পুষ্প উদ্যান সৌন্দৰ্যত উপচি পৰিছে। ফুলৰ, ৰূপ, ৰস আৰু গন্ধই স্বৰ্গীয় প্ৰেমৰ সুধা ঢালিছে। কুলি আৰু জিলী নিৰৱতা ভেদ কৰি মধুৰ সুৰ তুলিছে। শৰতৰ পুৱতি নিশাৰ ক্ষীণ জোনৰ পোহৰ আশ্ৰমৰ ফুলৰ থোপাত পৰি মনোমোহা ৰূপ লৈছে। এই দৃশ্যই পৱিত্ৰ ভাৱত পৰাণ বিভোল কৰি তোলে। এই বশিষ্ঠাশ্ৰমে অতীতৰ গৌৰৱ স্মৃতি আৰু পুণ্যকথা বহন কৰিছে। যণ্ড যুগ ধৰি বশিষ্ঠাশ্ৰম একেদৰে আছে। মহান আৰ্যৰ গৌৰৱ ঘোষণা কৰি আজিও বশিষ্ঠাশ্ৰম ইতিহাসৰ সাক্ষী হৈ থকাত কবিৰ মন আনন্দত উথলি উঠিছে। 

প্ৰশ্ন ৫ : প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

(ক) বহল শ্যামল ক্ষেত্ৰ শিলনিৰে গঁথা

_______________________

_______________________

বিশ্বলীলা অভিনয় কীৰ্তি শত শত

উত্তৰ : উদ্ধৃত কবিতাফাকি প্ৰকৃতি কবি ৰঘুনাথ চৌধাৰীদেৱৰ বশিষ্ঠাশ্ৰম নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

কবিয়ে বশিষ্ঠাশ্ৰমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ অনুপম বৰ্ণনা দাঙি ধৰিছে আৰু ইয়াৰ লগত জড়িত অতীত গৌৰৱৰ কথাও উল্লেখ কৰিছে। বশিষ্ঠাশ্ৰমৰ লগত জড়িত অতীত কাহিনীক তুলি ধৰাই এই কবিতাফাকিৰ উদ্দেশ্য।

ঐতিহাসিক সত্যতা পৰীক্ষিত নহয় যদিও এই কথা প্ৰচলিত যে বশিষ্ঠ মুনি ইয়ালৈ আহিছিল। তেওঁৰ এই আগমনে আৰ্য সংস্কৃতিৰ বিস্তাৰৰ কখাতে -সূচাইছে। সি যিয়েইনহওঁক বশিষ্ঠাশ্ৰমৰ প্ৰকৃতিৰ মাজত সিঁচৰিত হৈ থকা শিলবোৰত এনে বহু অতীত কাহিনী বা পুণ্যকথাৰ ইংগিত স্পষ্ট হৈ আছে। বিশ্বলীলাৰ বিভিন্ন কীৰ্তিও ইবোৰত খোদিত হৈছে। কালৰ ধুমুহাই ইবোৰৰ গুৰুত্ব কমাব পৰা নাই বা সময়ৰ গচকত এইবোৰ নোহোৱাও হোৱা নাই। কবিয়ে এনেবোৰ উল্লেখৰ মাজেৰে বশিষ্ঠাশ্ৰমৰ গুৰুত্ব তুলি ধৰিছে আৰু দেখুৱাইছে যে অকল প্ৰাকৃতিক সৌন্দৰ্যৰ ফালৰ পৰাই নহয়, অতীত কীৰ্তি স্থান হিচাপেও এই স্থানৰ গুৰুত্ব কম নহয়।

(খ) ইন্দ্ৰৰ অমৰাবতী প্ৰমোদ কানন

_______________________

উত্তৰ : উদ্ধৃত কবিতাফাকি প্ৰকৃতি কবি ৰঘুনাথ চৌধাৰীদেৱৰ বশিষ্ঠাশ্ৰম নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

বশিষ্ঠাশ্ৰমক কবিয়ে স্বৰ্গৰ প্ৰমোদ কানন অমৰাৱতীৰ লগত তুলনা কৰিছে। বনদেৱীসকলে ফুলৰ আৱৰণ পিন্ধি প্ৰকৃতি ফুলনিৰ মাজত আনন্দ মনেৰে বিচৰণ কৰিছে। কবিৰ এনে লাগিছে যেন সঁচাই অমৰাৱতী খনেহে আহি মৰতত শোভা কৰিছেহি।

অতিৰিক্ত সম্ভাব্য প্ৰশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

প্ৰশ্ন ১ : বশিষ্ঠাশ্ৰমত থকা নদী কেইখনৰ নাম কি?

উত্তৰ : সন্ধ্যা, ললিতা আৰু কান্তা ।

প্ৰশ্ন ২ : সামবেদ মানে কি ?

উত্তৰ : বেদ হ’ল হিন্দু সকলৰ প্ৰাচীন শাস্ত্ৰ বেদ চাৰিখন ঋকবেদ, যজুবেদ, সামবেদ আৰু অথৰ্ববেদ।

প্ৰশ্ন ৩ : দীপক পঞ্চমসুৰ কি ?

উত্তৰ : দীপক ভাৰতীয় সংগীতৰ এটি ৰাগ বিশেষ। এই ৰাগৰ পঞ্চম সুৰত গীত গোৱাৰ কথাকে কবিয়ে উল্লেখ কৰিছে।

(খ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্ৰশ্ন ১ : কবি ৰঘুনাথ চৌধাৰীৰ পৰিচয় দাঙি ধৰা

উত্তৰ : অসমৰ ৰোমাণ্টিক আন্দোলনৰ এজন হোতা ৰঘুনাথ চৌধাৰীৰ জন্ম হয় কামৰূপৰ লাউপাৰাত । ল’ৰালিতে ভৰিত দুখ পাই এখন ভৰি চিৰদিনৰ বাবে পংগু হোৱা ৰঘুনাথ চৌধাৰীয়ে অষ্টম শ্ৰেণীৰ পৰাই আনুষ্ঠানিক শিক্ষা বাদ দিয়ে আৰু ঘৰতে সংস্কৃত আৰু বাংলা সাহিত্য অধ্যয়নত মনোনিবেশ কৰে। খেতি-বাতি কৰি ভাল পোৱা চৌধাৰীদেৱৰ প্ৰকৃতিৰ প্ৰতি আছিল এক গভীৰ অনুভৱ। সেয়েহে তেওঁ প্ৰকৃতিৰ মাজত থাকি ভালপোৱাই নহয় তেওঁৰ এই গভীৰ ভালপোৱাক এক সাহিত্যিক ৰূপ দিবলৈ তেওঁ চেষ্টা কৰিছিল আৰু তাৰেই ফলশ্ৰুতিত প্ৰকৃতি, চৰাই, আদিৰ ওপৰত আমি লাভ কৰিছো কেইটিমান অতি মূল্যৱান কবিতা । জোনাকীৰ পাততে কবিতাৰ পাতনি মেলা চৌধাৰী দেৱ কিছুদিন জোনাকীৰ সহকাৰী সম্পাদকো আছিল। পিচলৈ তেওঁ মইনা, জয়ন্তী, সুৰভি আদি কাকত সম্পাদনা কৰিছিল। চৌধাৰীদেৱৰ কবিতাপুথি হ’ল ‘সাদৰী’,‘কাৰবালা’, ‘কেতেকী’, ‘দহিকতৰা” আৰু গদ্য পুথি ‘পচতীয়া’ আৰু ‘নৱমল্লিকা’। চৌধাৰীদেৱ মূলতঃ প্ৰকৃতি কবি। প্ৰকৃতিক সজীৱ কৰি ৰখা চৰাইবোৰ কবিৰ আৰু প্ৰিয়। সেয়েহে তেওঁ চৰাইৰ ওপৰত ভালকেইটা বিখ্যাত কবিতা ৰচনা কৰিছে, যাৰ বাবে তেওঁক বিহগী কবি আখ্যা দিয়া হয়। কবি চৌধাৰীদেৱ সম্পূৰ্ণভাবেই ৰোমাণ্টিক ভাবাদৰ্শেৰে পুষ্ট কবি। কিন্তু উল্লেখনীয় যে তেওঁ নিজে পাশ্চাত্য ৰোমাণ্টিক কবিৰ কবিতাৰ লগত ঘনিষ্ঠ সম্পৰ্ক কৰিব পৰা নাছিল। তেওঁ সংস্কৃত আৰু বঙালী সাহিত্যৰ অধ্যয়নৰ মাজেৰেহে নিজকে অধিক সমৃদ্ধ কৰিছিল। তথাপি ইংৰাজী সাহিত্যৰ লগত হোৱা সামান্য পৰিচয়, সমসাময়িক বঙলা সাহিত্যৰ অধ্যয়নৰ মাজেৰেও হোৱা অভিজ্ঞতা আৰু সেই সময়ত অসমীয়া সাহিত্যলৈ অহা নতুন জোৱাৰ এই সকলোৰে সন্মিলনত তেওঁৰ ৰমন্যাসিক চিন্তা চেতনাই শ্ৰীবৃদ্ধি লাভ কৰিছিল। চৌধাৰীদেৱে ভালেমান মহৎ কবিতাৰে অসমীয়া কাব্যৰ জগতখন মোহনীয় কৰি থৈ গৈছে।

Leave a Reply