NIOS| Assamese (303)| Notes/Answer|Chapter-13| বিশ্বখনিকৰ

NIOS| Assamese (303)| Notes/Answer|Chapter-13| বিশ্বখনিকৰ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-13| বিশ্বখনিকৰ

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-13| বিশ্বখনিকৰ

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)| Notes/Answer|Chapter-13| বিশ্বখনিকৰ অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড ১

অধ্যায় ১৩

পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰ

প্ৰশ্ন ১ : মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল ? 

উত্তৰঃ ১৮৭০ খ্ৰীষ্টাব্দত ডিব্ৰুগড়ত

প্ৰশ্ন ২ : মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ কবিতাটি কোনখন কবিতাপুথিৰ অন্তৰ্গত ?

উত্তৰ: জ্ঞানমালিনী

প্ৰশ্ন ৩ : মফিজুদ্দিন আহমদ হাজৰিকা অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সভাপতি আছিল ?

উত্তৰঃ গোলাঘাট

প্ৰশ্ন ৪ : মফিজুদ্দিন আহমদ হাজৰিকাৰ দ্বাৰা ৰচিত কবিতাপুথি কেইখনৰ নাম লিখা ।

উত্তৰ: জ্ঞানমালিনী, তত্ত্ব পাৰিজাত

প্ৰশ্ন ৫ : মফিজুদ্দিন আহমদ হাজৰিকাৰ কোন চনত মৃত্যু বৰণ কৰে ?

উত্তৰ: ১৯৫৮ চনত ।

প্ৰশ্ন ৬ : ‘বিশ্বখনিকৰ’ শব্দটিৰ অৰ্থ কি ?

উত্তৰ : বিশ্ব নিৰ্মাণ কৰোতা

প্ৰশ্ন ৭ : ‘বিশ্বখনিকৰ’ কবিতাটি কোন শ্ৰেণীৰ কবিতা ?

উত্তৰ : আধ্যাত্মিক ভাব সম্পন্ন কবিতা

প্ৰশ্ন ৮ : কাৰ অদৃশ্য আঙুলিৰ সংকেতত জীৱজগত, জড়জগত, আকাশ, তৰা, বেলি পৰিভ্ৰমণ কৰে ।

উত্তৰ: ঈশ্বৰৰ ।

প্ৰশ্ন ৯ : ‘ওৰণিৰে মুখ ঢাকি থাকে ওচৰত’ কবিতাফাকিত কাৰ কথা কোৱা হৈছে।

উত্তৰ: ঈশ্বৰৰ

প্ৰশ্ন ১০ : ‘সত্বঃ ৰজঃ তমো গুণ কি ?

উত্তৰ : শ্ৰীমদ্ভাগৱত গীতাৰ চতুৰ্দশ অধ্যায়ত থকা গুণত্ৰয়। সত্ব সুখদায়ক, ৰজঃৰাগাত্মক, তমোঃ অজ্ঞানতা। 

প্ৰশ্ন ১১ : পৰম শক্তিমানৰ শক্তিৰ দ্বাৰা এমাতিমা ল’ৰা কিহত পৰিণত হয়?

উত্তৰ : তেজাল যুৱকৰ ।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্ৰশ্ন ১ : বিশ্বখনিকৰ কবিতাটোৰ মাজেদি কবি মফিজুদ্দিন আহমদ হাজৰিকাই কি ভাব প্ৰকাশ কৰিছে লিখা।

উত্তৰ: ‘বিশ্বখনিকৰ’কবিতাটোৰ মাজেৰে কবি মফিজুদ্দিন আহমদ হাজৰিকাই প্ৰকৃততে বিশ্ব খনিকৰূপী এক পৰম সত্তাৰ কথা ক’ব বিচাৰিছে। অসমীয়া ৰোমাণ্টিক কাব্যধাৰাৰ অধ্যাত্মবাদী জীৱন দৃষ্টিসম্পন্ন নিষ্ঠাবান কবি তথা চিন্তাশীল সাধক মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ এটি উল্লেখযোগ্য কবিতা । ৰোমাণ্টিক যুগৰ নতুন চিন্তাধাৰাৰ পোহৰত ভীৰতীয় দৰ্শনৰ বুকুত অৱগাহন কৰি কৰি আহমদ হাজৰিকাই ব্ৰহ্মৰ অখণ্ড, অনন্ত, সৰ্বশক্তিমান স্বৰূপ সম্পৰ্কে গভীৰভাৱে প্ৰত্যয় গৈছিল। শংকৰাচাৰ্যৰ ব্ৰহ্মসত্য জগত মিথ্যা’, নামৰ ব্ৰহ্মতত্ত্বৰ আধাৰত প্ৰতিষ্ঠিত বেদান্ত দৰ্শনত ব্ৰহ্মক নিৰ্গুণ ৰূপত উপস্থাপন কৰা হৈছে। এই নিৰ্গুণ ব্ৰহ্মই হৈছে জগতৰ স্ৰষ্টা স্বৰূপ, অতীতৰো অতীত একমাত্ৰ পৰম সত্য। জগতৰ সৃষ্টি-স্থিতি-লয়ৰ মূল কাৰণ এই নিৰাকাৰ ব্ৰহ্মকে বিশ্বখনিকৰূপে দেখুৱাই মফিজুদ্দিন আহমদ হাজৰিকাই সেই ব্ৰহ্মৰ দ্বাৰাই যে পশু-পক্ষী-মানৱ, গছ-লতিকা আদিৰে পৰিপূৰ্ণ সুন্দৰ-সুখময় জগতখন সৃষ্টি হৈছে সেই কথা কবিতাটোৰ মাজেদি প্ৰকাশ কৰিছে।

কবিতাটিৰ মূলভাৱ পৰম ব্ৰহ্মাই সৃষ্টি কৰা বিশ্বজগতখনৰ অপৰূপ মহিমা আৰু কাৰ্যাৱলীৰ প্ৰতিকৃতি অংকন কৰাত নিহিত হৈছে। জগতৰ জীৱ-জড় সকলোতে যেন সেই অনন্ত সুন্দৰ জনাৰ যাদুকৰী হাতৰ স্পৰ্শ। তেওঁ সৃষ্টি কৰিছে কাৰণে তেৱেঁই বিশ্বখনিকৰ। স্বৰূপত ব্ৰহ্ম নিৰ্গুণ, নিৰাকাৰ, সৎ, অন্তৰ্যামী, সৰ্বব্যাপী, বিশ্বপ্ৰাণ, বিশ্বআত্মা স্বৰূপ। এই ব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ মাজত পাৰস্পৰিক যোগসূত্ৰ স্থাপন কৰি বিশ্বখনিক জনাই সকলোতে এক সমতুল্য ভাৰসাম্য বজাই ৰাখিছে। তেওঁ সৎ-সুন্দৰ-শাশ্বত কাৰণেই জগতখনো তেনে দেখি। দয়া, স্নেহ, কৰুণা আদিৰে তেওঁ সকলোকে সাবটি ৰাখিছে। কিন্তু তেওঁৰ বাহিৰে এই জগতখনৰ আন কোনো বস্তুৱেই স্থায়ী নহয়। সত্ত্বঃ, ৰজঃ আৰু তমোঃ গুণ সৃষ্টি কৰি জগতখন তেওঁ ধৰি ৰখাৰ লগতে প্ৰয়োজন হ’লে বিনাশো কৰিব পাৰে। এই গুণবিলাকৰ ঊৰ্ধ্বত থাকি তেওঁ সকলো কাল আৰু অৱস্থাতে নিৰ্লিপ্ত হৈ থাকে । ভাৰতীয় দৰ্শনৰ এনে সূক্ষ্ম ভাব কবিতাটোত প্ৰকাশ পাইছে। 

প্ৰশ্ন ২:

‘সকলোতে আছে তেওঁ

কিন্তু নেদেখে কেও

ওৰণিৰে মুখ ঢাকি থাকে ওচৰত ।’

—এই চৰণটোৰ মাজত কি ভাব সোমাই আছে বুজাই লিখা । 

উত্তৰ : নিৰ্গুণ নিৰাকাৰ বিশ্বখনিকৰৰ বিস্তৃত ৰূপ ব্যক্ত কৰিবলৈ গৈ কবি মফিজুদ্দিন আহমদ হাজৰিকাই কৈছে যে সমস্ত জীৱাত্মাৰ তেওঁতেই সৃষ্টি আৰু তেওঁতে লয়। কিন্তু নিৰাকাৰ বাবেই তেওঁক চৰ্ম চক্ষুৰে দেখা নাযায়। বিচাৰিব – জানিলে পিছে তেওঁক সকলোতে পোৰা যায়। ওৰণিৰে মুখ ঢাকি থকা ঈশ্বৰক ভক্তি অঞ্জলিৰেহে একমাত্ৰ অনুভৱ কৰিব পাৰি। অন্যথা সম্ভৱ নহয়। ভক্তিৰ পথ অতিশয় সূক্ষ্ম বাবে বহুজনেই এই পথ অৱলম্বন কৰিব নোৱাৰি তেওঁক ওপৰতেই বিচাৰি থাকে; কিন্তু সফল হ’ব নোৱাৰে। চলনাময়ী নাৰীৰ দৰে তেৱোঁ ধৰা দি পিছলি যায় ।

প্ৰশ্ন ৩ :

‘তেৱেঁ যোগী তপস্বী ও তেৱেঁ বাজীকৰ

তেৱেঁ ধনী, তেৱেঁ ধন

গোমোস্তা ও মহাজন।

ইয়াত ও শব্দটো কি অৰ্থত ব্যৱহাৰ হৈছে। এই পদটিক দাৰ্শনিক ভাবৰ পাছ বুলিব পাৰিনে বুজাই লিখা।

উত্তৰ : ইয়াত ও শব্দটো আৰু অৰ্থত ব্যৱহাৰ হৈছে।

কবিতাৰ উক্ত শব্দটি দাৰ্শনিক অৰ্থত প্ৰয়োগ হৈছে। 

প্ৰশ্ন ৪ : প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

(ক) সত্ত্বঃ ৰজঃ তমোগুণ

সকলোতে নিৰগুণ

বোলে হুনু বিশ্ব গিৰি সেই মহাজন ।

উত্তৰ : ব্যাখ্যেয় কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মফিজুদ্দিন আহমদ হাজৰিকা ৰচিত ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। নিৰ্গুণ নিৰাকাৰ পৰম ঈশ্বৰৰূপ বিশ্বখনিকৰৰ মহাসাগৰৰ দৰে বিস্তৃত ৰূপ ব্যক্ত কৰিবলৈ গৈ কবিয়ে উক্ত কবিতা ফাকিৰ অৱতাৰণা কৰিছে।

ভগৱান গুণাতীত। স্বৰূপত তেৱেঁই একমাত্ৰ পৰমাত্মা। সমস্ত জীবাত্মা তেওঁৰেই সৃষ্টি আৰু তেওঁৰেই লয় হয়গৈ। নিৰাকাৰ বাবে তেওঁক চৰ্মচক্ষুৰে দেখা নাযায়। কিন্তু অদৃশ্য ভগৱানৰেই সৃষ্টি জোন-বেলি-তৰাৰে পূৰ্ণ নভোমণ্ডল। মায়া শক্তিও তেওঁৰেই দান। এই মায়াৰ দ্বাৰা পুৰুষ-প্ৰকৃতিৰ মাজত সম্পৰ্ক সাধন কৰি প্ৰেম, দয়া-স্নেহেৰে পৰিপূৰ্ণ সমাজ সৃষ্টি কৰিছে। এই মায়াৰূপী সাকাৰ বন্ধনৰ মাজত স্বয়ং ঈশ্বৰ কিন্তু আবদ্ধ নহয়। সত্ত্বঃ, ৰজঃ, তমোঃ গুণৰো তেওঁ উৰ্ধ্বত। কাৰণ তেওঁ নিৰ্গুণ।

(খ) তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ 

নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।

উত্তৰ: ব্যাখ্যেয় কবিতা ফাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মফিজুদ্দিন আহমদ হাজৰিকাৰ দ্বাৰা ৰচিত ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। নিৰ্গুণ-নিৰাকাৰ পৰম ব্ৰহ্মাৰ স্বৰূপ প্ৰকাশ কৰিবলৈ গৈ অধ্যাত্মবাদী কবি হাজৰিকাই। কবিতা ফাকিৰ অৱতাৰণা কৰিছে।

কবিতাৰ উক্ত চৰণটি দাৰ্শনিক অৰ্থত প্ৰয়োগ হৈছে। শংকৰাচাৰ্যৰ বেদান্ত দৰ্শনৰ ভেটি হ’ল অদ্বৈতবাদ। ইয়াৰ অৰ্থ ব্ৰহ্মা এক, অখণ্ড, সনাতন, সৰ্বব্যাপক, পৰমাত্মাস্বৰূপ ৷ জগত প্ৰপঞ্চ তেওঁৰ দ্বাৰাই চালিত-শাসিত হয়। বিশ্বখনিকৰ কবিতাটোত অদ্বৈতবাদী দৰ্শনৰ প্ৰভাৱ পৰিছে। নিৰ্গুণ-নিৰাকাৰ পৰম ব্ৰহ্মই মায়াৰ যোগেদি সাকাৰ জগত সৃষ্টি কৰিছে। কবিয়ে ব্যাখ্যেয় কবিতা ফাকিৰ যোগেদি তাকেই প্ৰকাশ কৰিব বিচাৰিছে। 

প্ৰশ্ন ৫ : কবিতাটো পঢ়ি তোমাৰ মনত উদয় হোৱা ভাবৰ ধাৰণা স্পষ্ট কৰি লিখা।

উত্তৰ : যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি ৷ সেই পৰম সত্তাইহে সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ কথা কৈ অন্ত পেলাব নোৱাৰি। গছৰ প্ৰতিটো পাতেও তেওঁৰ মহিমাৰ কথাকে বখানে। সকলোতে সেই পৰম সত্তা বিৰাজমান। সকলোৱে তেওঁৰ অস্তিত্ব অনুভৱ কৰে, তেৱোঁ মায়াৰ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে যদিও কোনেও তেওঁক বিচাৰি নাপায়। নিৰাকাৰ নিৰ্গুণ পৰম ব্ৰহ্মই তেওঁৰ দ্বাৰা সৃষ্ট সাকাৰ জগতৰ সকলোবোৰ জীৱ আৰু জড়কে সত্ত্বঃ, ৰজঃ আৰু তমোঃ এই তিনি গুণেৰে বান্ধি ৰাখিছে। সত্ত্বঃ, ৰজঃ, তমোঃ তিনিও গুণ তেওঁতে বিৰাজমান যদিও তেওঁ নিৰ্গুণ। সেই পৰম সত্তাই সকলোৰে পালন কৰোতা, সকলোৰে জন্মদাতা। সমগ্ৰ জড়জগত, জীৱজগতৰ তেৱেঁই সৃষ্টিকৰ্তা। তেৱেঁই খনিকৰ ৰূপে সমগ্ৰ বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। তেওঁক যদিও কোনেও দেখা নাপায় তথাপি তেৱেঁই অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা, সৰ্বত্ৰতে বিয়পি থকা সৰ্ব শক্তিমান।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

অতিৰিক্ত সম্ভাব্য প্ৰশ্নোত্তৰ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া ঃ 

প্ৰশ্ন ১ : বিশ্বখনিকৰ কবিতাটি কাৰ ৰচনা ?

উত্তৰ : বিশ্বখনিকৰ কবিতাটি মফিজুদ্দিন আহমদ হাজৰিকা।

প্ৰশ্ন ২ :মফিজুদ্দিন আহমদ হাজৰিকাক অসমীয়া সাহিত্য জগতত কি উপাধিৰ কবি ৰূপে জনা যায় ?

উত্তৰ : মফিজুদ্দিন আহমদ হাজৰিকাক অসমীয়া সাহিত্য জগতত ‘জ্ঞানমালিনীৰ কবি’ উপাধিৰে জনা যায়।

প্ৰশ্ন ৩ : মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্যগ্ৰন্থখনিৰ নাম কি ? 

উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্যগ্ৰন্থখনিৰ নাম ‘তত্ত্ব পাৰিজাত’। 

প্ৰশ্ন ৪ : মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনেধৰণৰ দৰ্শনৰ প্ৰকাশ ঘটিছে?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক তথা দাৰ্শনিক চিন্তাধাৰাৰ লগতে চুফীবাদী দৰ্শনৰ প্ৰকাশ ঘটিছে।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্ৰশ্ন ১ : মৰু জগতত জীৱে কাৰ কৃপাজৰী লৈ জীয়াই আছে ?

উত্তৰ: মৰু জগতত জীৱে বিশ্বখনিকৰৰ কৃপাজৰী লৈ জীয়াই আছে। যদিওবা তেওঁক কোনেও দেখা নাপায়, তেওঁৰ কৃপাতেই গ্ৰহ, তৰা, বেলি, জোন আদি

আকাশত স্থিত হৈ আছে আৰু এই মৰু জগততো সকলোৱে জীৱন পাই আছে।

প্ৰশ্ন ২ : বিশ্বখনিকৰক কিয় খেপিয়ালে পোৱা নাযায় ?

উত্তৰ : বিশ্বখনিকৰ গুণাতীত। নিৰ্গুণ নিৰাকাৰ বাবেই তেওঁক চৰ্ম চক্ষুৰে দেখা নাযায়। ওৰণিৰে মুখ ঢাকি থকা পৰম ঈশ্বৰক ভক্তি অঞ্জলিৰেহে একমাত্ৰ অনুভৱ কৰিব পাৰি। অন্যথা সম্ভৱ নহয়। ভক্তিৰ পথ অতিশয় সূক্ষ্ম বাবে বহুজনেই এই পথ অৱলম্বন কৰিব নোৱাৰি তেওঁক ওপৰতেই বিচাৰি থাকে; কিন্তু সফল হ’ব নোৱাৰে।

প্ৰশ্ন ৩ : তিনিটা গুণ কি কি ?

উত্তৰ ঃ তিনিটা গুণ হ’ল— সত্ত্বঃ, ৰজঃ, তমোঃ। সত্ত্বঃ মানে নম্ৰ, শান্ত, বজঃ মানে ৰাজসিক আৰু তমোঃ গুণৰ অৰ্থ হ’ল মনৰ এন্ধাৰ ভাৱ।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্ৰশ্ন ১ : ‘বিশ্ব খনিকৰ’ কবিতাটোৰ কৰি পৰিচয় লিখা ।

উত্তৰ : ‘জ্ঞান-মালিনী’ৰ কবি হিচাপে পৰিচিত কবি মফিজুদ্দিন আহমেদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ঐতিহাসিক ভাবে খ্যাত বাঘ হাজৰিকাৰ ঘৰত। জোনাকী যুগতে এই গৰাকী কবিয়ে কবিতা চৰ্চা কৰিছিল যদিও তেওঁ জোনাকীৰ লগত সংশ্লিষ্ট নাছিল। অকলশৰীয়া’ কবি বুলিও জনাজাত। এই গৰাকী কবিয়ে অকলশৰীয়া ভাবে থাকিয়েই কেইমুঠিমান মহৎ কবিতাৰ সৃষ্টি কৰি অসমীয়া ইতিহাসত নিজৰ নাম যুগমীয়া কৰি থৈ গৈছে। তেখেতৰ কবিতাত সহজ সৰল গ্ৰাম্য অনুভূতিৰ মাজেদি প্ৰকাশিত হৈছে নৈতিকতাৰ আৰু আধাত্মিকতাৰ তত্ব ।

তেখেতৰ দুখন কবিতা পুথি- প্ৰথম খন ‘জ্ঞান মালিনী’ প্ৰকাশিত হয় ১৮৯৬ চনত আৰু ‘তত্ব পাৰিজাত’ প্ৰকাশিত হয় মৰোণত্তৰ ভাবে ১৯৭০ চনত। ইয়াৰ উপৰিও ১৯৭০ চনতে হাজৰিকাৰ জীৱনীকাৰ আব্দুছ ছাত্তাৰে তেখেতৰ জন্ম শতবাৰ্ষিকীত প্ৰস্তুত কৰি উলিওৱা অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত ‘মফিজুদ্দিন আহমেদ হাজৰিকা ৰচনাৱলীত সানমিহলি’ নামেৰে কিছু কবিতা প্ৰকাশিত হয় । তেখেতৰ মালিনীৰ ধান নামৰ এখন কবিতা পুথি আছিল যদিও বৰ্তমানলৈকে সেই পুথিখন উদ্ধাৰ হোৱা নাই ।

হাজৰিকাদেৱ দ্বাদশ এসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনৰ (১৯২১) সভাপতি আছিল। ১৯৫৮ চনত তেখেত স্বৰ্গগামী হয় ।

প্ৰশ্ন ২ : ‘বিশ্ব খনিকৰ’কবিতাটোৰ মূলভাব তোমাৰ নিজৰ ভাষাত লিখা । 

উত্তৰ : ‘জ্ঞান-মালিনী’ৰ কবি হিচাপে পৰিচিত কবি মফিজুদ্দিন আহমেদ হাজৰিকাই বিশ্বখনিকৰ নামৰ কবিতাটিত ভগবানৰ অস্তিত্বৰ কথা বৰ্ণনা কৰিছে। এই বিশ্বব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাবে একোৰে অস্তিত্ব নাই। যদিও আমি কোনেও তেওঁক দেখা নাই তথাপি এজন বিশ্বখনিকৰ আছে আৰু তেওঁৰ কৃপাতেই গ্ৰহ, তৰা, বেলি, জোন এই আটাইবোৰ ইটোৱে সিটোৰ লগত টনা টনি কৰি বৰ্তি আছে। ল’ৰা-তিৰোতা, আই-ভাই সকলোকে লৈ এই জগতত মানুহেও একো একোখন সংসাৰ ৰচিছে। সেয়েহে তেওঁৰ মহিমা অপাৰ। এখিলা পাততো কিমান চিন, কিমান যশস্যাৰ কথা আছে। ওৰণিৰে মুখ ঢাকি তেওঁ ওচৰতে থাকে সেয়ে খোপিয়াই তেওঁক পাৰ নোৱাৰি। এই পৃথিবী খন সত্বঃ, ৰজঃ, তমঃ এই তিনিটা গুণতে স্থিতি হৈ আছে আৰু ইয়াৰ মাজতে লয় পাব। এই তিনিওটা তেওঁৰেই গুণ যদিও তেওঁ এই সকলো গুণৰ উৰ্দ্ধত আৰু সেয়েহে তেওঁক নিৰ্গুণ বোলা হয়। সেয়ে যেনিয়েই আমাৰ চকু যায়, সকলোতে তেওঁৰ দয়াৰ পৰাণ আমাৰ অনুভৱ হয়। তেৱেঁই মৰমৰ বৰষাৱে কুহি গজালিক সাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে । তেওঁৰ কৃপাতেই এমাডিমা সন্তানবোৰ ডেকা তেজেৰে পাহোৱাল হৈ উঠে। সেয়েহে কবিয়ে কৈছে যে তেৱেঁই মানী, তেৱেঁই মান, তেৱেঁই দানী তেৱেঁই দান, তেৱেঁই কৰ্মী, তেৱেঁই কাম, খেতি, খেতিয়ক, জ্ঞানী, জ্ঞান, তীখা শনি, ধৰ্ম, ধৰ্মী, বুধি, বুধিয়ক, পানী, মাছ, যোগী, তপস্বী, ধনী, ধন, গোমোস্তা, মহাজন, অৰ্থাৎ তেৱেঁই সকলো; তেওঁ বিশ্বখনিকৰ। তেৱেঁই অন্তৰ্যামী সৰ্বজ্ঞান, বিশ্ব-আত্মা প্ৰাণ; তেওঁ সৰ্বব্যাপি সৰ্বশক্তিমান ।

কবিতাটোত কবিয়ে বেদান্ত দৰ্শনৰ ঘাই কথা ‘ব্ৰহ্ম সত্য জগৎ মিথ্যা’ এই তত্বটোকে প্ৰতিফলিত কৰিছে। এই তত্বমতে এই ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাজে একো নাই। তেৱেঁই সত্বঃ ৰজঃ তমঃ এই ত্ৰিগুণৰ মাজেৰে পৃথিবীৰ সকলো বস্তুতে স্থিতি লৈ আছে। কিন্তু তেওঁ এই সকলো গুণৰ ওপৰত। মাধৱদেৱে কৈছে ‘মোতে আছে এই / জগত ম‍ই পুন / জগতত ব্যতিৰেক ।। অৰ্থাৎ মোৰ মাজতে এই জগতখন আছে যদিও মই নিজে জগতৰ পৰা বাহিৰত আছো। কৰিয়ে ‘ওৰণিৰে ঢাকি’ থকা কথাটোৰ মাজেৰে বেদান্তৰ ‘মায়া’ৰ বিষয়ে উল্লেখ কৰিছে। আচলতে মায়াও তেওঁৰেই সৃষ্টি কিন্তু মায়াৰ আবৰণৰ বাবেই আমি এই পাৰ্থিব পৃথিবীৰ দৃশ্যমান বস্তুবোৰকে সচাঁ বুলি ভাবো আৰু তাত থকা পৰমেশ্বৰৰ অস্তিত্বৰ উমান নাপাওঁ। কিন্তু মায়াৰে আবৰণ ভেদ কৰি চালে দেখা যাব যে এই পৃথিবীৰ সকলোতে তেওঁৰেই ৰূপ। তেওঁ সৰ্বব্যাপী, সৰ্বশক্তিমান, আৰু একমাত্ৰ সত্য।

Leave a Reply