NIOS| Assamese (303)| Notes/Answer|Chapter-10| কলিকতা-যাত্রা

NIOS| Assamese (303)| Notes/Answer|Chapter-10| কলিকতা-যাত্রা মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Assamese (303)| Notes/Answer|Chapter-10| কলিকতা-যাত্রা

NIOS Notes & Question Answer (Assamese Medium)

EnglishClick Here
AssameseClick Here
EconomicClick Here
Environmental StudiesClick Here
Home ScienceClick Here
Political ScienceClick Here
Psychology Click Here

NIOS| Assamese (303)| Notes/Answer|Chapter-10| কলিকতা-যাত্রা

পৰীক্ষাত সহজে লিখিব পৰাকৈ সৰল বাক্যত, বুজিবলৈ আৰু মনত ৰাখিবলৈ উজু, To the point Answers অনুসৰি—NIOS| Assamese (303)| Notes/Answer|Chapter-10| কলিকতা-যাত্রা অজানিতে দুটা-এটা ভুল ৰৈ যোৱাটে স্বাভাৱিক। পৰৱৰ্তী পৰ্যায়ত উন্নত কৰিবলৈ বিজ্ঞজনৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

খণ্ড ১

অধ্যায় ১০

পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰ

প্ৰশ্ন ১ : পদ্মনাথ-গোহাঞি বৰুৱাৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল ?

উত্তৰ ঃ পদ্মনাথ গোহাঞি বৰুৱাৰ উত্তৰ লক্ষীমপুৰৰ নকাৰি গাঁৱত ১৮৭১ চনত জন্ম হৈছিল।

প্ৰশ্ন ২ : অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল ?

উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা। 

প্ৰশ্ন ৩ : প্ৰথম আধুনিক অসমীয়া উপন্যাসখনৰ নাম কি ?

উত্তৰঃ ভানুমতী।

প্ৰশ্ন ৪ : পদ্মনাথ গোহাঞি বৰুৱাৰ পৌৰাণিক নাটখনৰ নাম লিখা।

উত্তৰ : বাণৰজা।

প্ৰশ্ন ৫ : পদ্মনাথ গোহাঞি বৰুৱাৰ ঐতিহাসিক নাট এখন নাম লিখা ?

উত্তৰ: জয়মতী।

প্ৰশ্ন ৬ : পদ্মনাথ গোহাঞি বৰুৱাৰ ধেমেলীয়া নাট এখনৰ নাম লিখা ।

উত্তৰ: টেটোন তামুলী।

প্ৰশ্ন ৭ : পদ্মনাথ গোহাঞি বৰুৱাই ছাত্ৰাৱস্থাত সম্পাদনা কৰা আলোচনীখনৰ নাম কি ?

উত্তৰঃ বিজুলী।

প্ৰশ্ন ৮ : কলিকতা-যাত্ৰা নামৰ পাঠটি কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?

উত্তৰ : ‘মোৰ সোঁৱৰণী’ নামৰ আত্মজীৱনীখনৰ পৰা লোৱা হৈছে।

প্ৰশ্ন ৯ : পদ্মনাথ গোহাঞি বৰুৱাই কোনখন ঠাইক তেখেতৰ ছাত্ৰজীৱনৰ ক্ৰীড়ভূমি বুলি কৈছে?

উত্তৰ : শিৱসাগৰক।

প্ৰশ্ন ১০ : পদ্মনাথ গোহাঞি বৰুৱাই কোনখন ঘৰক তেখেতৰ ‘পালি ঘৰ’ বুলি কৈছে?

উত্তৰ : শিৱসাগৰৰ বাইদেউৱেক ভিনিহিদেৱকৰ ঘৰখনক ‘পালি ঘৰ’ বুলি কৈছে।

প্ৰশ্ন ১১ : পদ্মনাথ গোহাঞি বৰুৱাই কলিকতালৈ যাত্ৰা কৰোতে ‘এওঁৱেই নে নগা পৰ্বতীয়া ছাত্ৰ’ বুলি কোনে সুধিছিল ?

উত্তৰ : স্বনামখ্যাত অসমীয়া সদাগৰ হৰিবিলাস আগৰৱালাদেৱে।

প্ৰশ্ন ১২ : কলিকতালৈ যাত্ৰা কৰি গোহাঞি বৰুৱা আৰু বন্ধুকেইজন জাহাজৰ পৰা কোনটো ঘাটত নামিছিল ?

উত্তৰ : গোৱালও নামৰ ঘাটত । 

প্ৰশ্ন ১৩ : কলিকতাত বেণুধৰ ৰাজখোৱা কোনটো আৱাসত আছিল ?

উত্তৰ : কলিকতাৰ মিৰ্জাপুৰ ষ্ট্ৰীটৰ ৬৭ নং দুমহলীয়া পকীঘৰ এটাত আছিল ৷ 

প্ৰশ্ন ১৪ : পদ্মনাথ-গোহাঞি বৰুৱাই প্ৰথমতে কলিকতাৰ কোনখন কলেজৰ এফ. এ. শ্ৰেণীত নামভৰ্তি কৰিছিল ?

উত্তৰঃ ৰিপণ কলেজত ।

প্ৰশ্ন ১৫ : চেন্ট জেভিয়াৰ্ছ কলেজৰ অধ্যাপকসকল কোন জাতিৰ আছিল ?

উত্তৰ : ফৰাচী।

প্ৰশ্ন ১৬ : চেণ্ট জেভিয়াৰ্ছ কলেজৰ কোন গৰাকী ফৰাচী অধ্যাপকক গোহাঞি বৰুৱাই হাইস্কুলৰ শিক্ষা গুৰু চন্দ্ৰমোহন গোস্বামীৰ লগত তুলনা কৰিছিল ?

উত্তৰ : ফাদাৰ লাফোঁক।

প্ৰশ্ন ১৭ : গোহাঞি বৰুৱাই ‘টেষ্ট পৰীক্ষাত কোনটো বিষয়ত পাছ কৰা নম্বৰ পাই বৰ উৎসাহ পাইছিল ?

উত্তৰ: সংস্কৃত বিষয়ত ।

প্ৰশ্ন ১৮ : পদ্মনাথ গোহাঞি বৰুৱাই কোনখন কলেজত আইনৰ শ্ৰেণীত নাম লগাই থৈছিল ?

উত্তৰ: চিটী কলেজত।

প্ৰশ্ন ১৯ : সেই সময়ত ওকালতি পৰীক্ষাত বহিবলৈ ন্যূনতম বয়স কিমান হ’ব লাগিছিল ?

উত্তৰ: ২৩ বছৰ

প্ৰশ্ন ২০ : কলিকতাৰ পৰা অসমলৈ উভতি আহি পদ্মনাথ গোহাঞি বৰুৱাই কি কৰিছিল ?

উত্তৰ : কলিকতাৰ পৰা অসমলৈ উভতি আহি পদ্মনাথ গোহাঞি বৰুৱাই স্বজাতীয় সাহিত্য চৰ্চাত মনোনিৱেশ কৰিছিল।

প্ৰশ্ন ২১ ঃ পদ্মনাথ গোহাঞি বৰুৱাই এফ. এ. পৰীক্ষাত বহিবলৈ নাপাই কোনকেইখন ঠাইত অকলশৰে ঘূৰি ফুৰিছিল ? –

উত্তৰ : হেডোপাৰা, গোলডিঘি, লালডিঘি আৰু ইডেন গাৰ্ডেন। 

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

প্ৰশ্ন ১ : পদ্মনাথ গোহাঞি বৰুৱাই চেণ্ট জেভিয়াৰ্ছ কলেজ এৰি জেনেৰেল এছেম্বলি ইনষ্টিটিউচন কলেজত কিয় নামভৰ্তি কৰিছিল ?

উত্তৰ ঃ পদ্মনাথ গোহাঞি বৰুৱাই চেণ্ট জেভিয়াৰ্ছ কলেজত দুৱলীয়া সাহিত্য হিচাপে লেটিন পাঠৰ শিক্ষা লৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচাৰিছিল। কিন্তু লেটিন পাঠ ঠিকমতে আয়ত্ব কৰিব নোৱাৰাৰ বাবে তেও উক্ত কলেজ এৰি জেনেৰেল এছেম্বলি ইনষ্টিটিউচন কলেজত সংস্কৃত শিক্ষা লাভ কৰাৰ উদ্দেশ্য নামভৰ্তি কৰিছিল।

প্ৰশ্ন ২ : গোহাঞি বৰুৱাৰ লগত একেলগে জাহাজত যাত্ৰা কৰা তেওঁৰ আপোন বন্ধু তিনিজন কোন কোন ?

উত্তৰ: গোহাঞিবৰুৱাৰ লগত একেলগে জাহাজত যাত্ৰা কৰা তেওঁৰ আপোন বন্ধু তিনিজন হ’ল— তেওঁৰ অগ্ৰজপ্ৰতিম লক্ষ্মীনাথ বেজবৰুৱা, সমনীয়া সোদৰসদৃশ বসন্ত কুমাৰ গোস্বামী আৰু অতি চেনেহৰ অনুজযেন দ্বাৰকেশ্বৰ শৰ্মা ।

প্ৰশ্ন ৩ : “বপাৰ যাত্ৰা শুভ; কিয়নো বতৰৰ শুভ চিন উলিয়াই তিয়ালে, মিতিৰৰ সজ চিন আগত থৈ খালে।” এই উক্তি ফাঁকি কোনে কি প্ৰসঙ্গত কৈছিল?

উত্তৰঃ এই উক্তি ফাঁকি এগৰাকী বৃদ্ধ সহযাত্ৰীয়ে পদ্মনাথ গোহাঞি বৰুৱাক উদ্দেশ্য কৰি কৈছিল। প্ৰৱেশিকা পৰীক্ষা পাছ কৰাৰ পিছত উচ্চ শিক্ষা লাভ কৰাৰ উদ্দেশ্য গোহাঞি বৰুৱা কলিকতালৈ যাত্ৰা কৰাৰ দিনা প্ৰথমে তেওঁ হাতীৰ পিঠিত উঠি শিৱসাগৰ টাউনৰ পৰা দিচাংমুখ ঘাটলৈ যায়। এই যাত্ৰাত তেওঁ বাটতে মৌ-চেপা বৰষুণত তিতে। এটা আলিছিগা পাৰ হওঁতে হাতীটো বুৰ যায়। ফলত তেওঁৰ সমস্ত কানি-কাপোৰ তিতি-বুৰি নষ্ট হয়। তেওঁৰ এই অৱস্থা দেখি মন ভাল লগাবলৈ এগৰাকী বৃদ্ধ সহযাত্ৰীয়ে উক্ত কথাষাৰ কৈছিল। 

প্ৰশ্ন ৪ : সদাগৰ হৰিবিলাস আগৰৱালাই পদ্মনাথ গোহাঞি বৰুৱাক নিগা পৰ্বতীয়া ছাত্ৰ’ বুলি কিয় কৈছিল ?

উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱাই ১৮৯০ চনত কহিমা চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেস (প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। গোহাঞিবৰুৱাদেৱে স্কুলীয়া শিক্ষা শিৱসাগৰত লাভ কৰিছিল যদিও হঠাতে তেওঁৰ পৰম শ্ৰদ্ধাৰ গুৰু চন্দ্ৰমোহন গোস্বামী কহিমা চৰকাৰী হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে পদোন্নতি সহ বদলি হয়। তেনে অৱস্থাত তেওঁৱো কহিমালৈ গৈ সেই স্কুলত নামভৰ্তি কৰে। গোহাঞি বৰুৱাই কহিমা চৰকাৰী হাইস্কুলত আঠমাহ পঢ়াৰ পিছত এণ্ট্ৰেস পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হৈছিল। সেই সময়ত কহিমাত পৰীক্ষা কেন্দ্ৰ নাছিল। উক্ত স্কুলৰ ছাত্ৰ হিচাপে গোহাঞি বৰুৱাই পৰীক্ষাত বহিছিল ডিব্ৰুগড় কেন্দ্ৰত। নগা পৰ্বতীয়া জিলাৰ পৰা প্ৰথমে এণ্ট্ৰেন্স পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱা ছাত্ৰজন আছিল পদ্মনাথ গোহাঞি বৰুৱা। সেয়েহে সদাগৰ হৰিবিলাস আগৰৱালাই পদ্মনাথ গোহাঞি বৰুৱাক নগা পৰ্বতীয়া ছাত্ৰ বুলি কৈছিল।

প্ৰশ্ন ৫ : “দৰিদ্ৰ লংকালৈ যায়, লংকাত জুই লাগে।’ কথাষাৰৰ তাৎপৰ্য বিশ্লেষণ কৰা

উত্তৰ : সাধাৰণতে ব্যক্তি এজনৰ সকলো দিশতে অভাৱ অনাটনে বেৰি থাকিলে তেওঁক দৰিদ্ৰ বুলি কোৱা হয়। দৰিদ্ৰ লোকে কাৰো পৰা কেতিয়াও সহায় নাপায় । তেওঁ সহায়ৰ বাবে যিজনৰ ওচৰলৈ যায় তেওঁৱো ওলোটাই অভাৱৰ কথাহে অৱগত কৰে। অৰ্থাৎ দৰিদ্ৰজনৰ সকলোফালেই শূন্য। ৰামায়ণৰ দিনৰে পৰা লংকা এখন ধন সোণেৰে ভৰা ঠাই বুলি প্ৰবাদ আছে। কিন্তু সেইহেন লংকালৈ দৰিদ্ৰজন গ’লে ধন-সোণো নাইকিয়া হৈ যায় আৰু চৌদিশে অভাৱ অনাটনে বেৰি ধৰে।

পাঠটিত গোহাঞি বৰুৱাদেৱে কলিকতালৈ উচ্চ শিক্ষা লাভ কৰিবলৈ গৈ প্ৰথমতে ৰিপণ কলেজত লেটিন বিষয়টি লৈ আগুৱাব নোৱাৰি, লেটিন শিক্ষাৰ ভাল ব্যৱস্থা থকা চেণ্ট জেভিয়াৰ্চ কলেজত নামভৰ্তি কৰে। ইয়াত তেওঁ অন্যান্য ছাত্ৰৰ সমানে আগুৱাব নোৱাৰি জেনেৰেল এছেম্বলি ইনষ্টিটিউচন কলেজত সংস্কৃত বিষয়টি লৈ পৰীক্ষা দিবলৈ সাজু হয়। কিন্তু ইউনিভাৰ্ছিটীৰ কৰ্তৃপক্ষই তেওঁক উপস্থিতিৰ হাৰ কম হোৱা কাৰণে এফ. এ. পৰীক্ষাত বহাৰ অনুমতি নিদিলে। ইয়াৰ পিছত তেওঁ বন্ধুসকলৰ পৰামৰ্শ অনুসৰি আইন শিক্ষাৰ ক্লাছত মনোযোগ দিলে। ইতিমধ্যে তেওঁ ওকালতি শ্ৰেণীত নামভৰ্তি কৰি থৈছিল। এইবাৰো বয়স কম হোৱা কাৰণে বহু চেষ্টা কৰাৰো অন্ততো তেওঁ আইনৰ পৰীক্ষাত বহিবলৈ অনুমতি নাপালে। ফলত তেওঁ বৰ হতাশ হয় আৰু এই প্ৰসঙ্গতে উক্ত কথাষাৰ কৈছিল।

NIOS| Assamese (303)|Notes/Questions Answer|

অধ্যায়বিষয়বস্তু
অধ্যায় ১অসমীয়া সাহিত্যৰ চমু ইতিহাস
অধ্যায় ২ৰাৱণক বিভীষণৰ সজ উপদেশ
অধ্যায় ৩হৰৰ কৃষ্ণস্তুতি
অধ্যায় ৪জীৱনৰ শান্তিপৰ্ব
অধ্যায় ৫কালিদাস আৰু শকুন্তলা
অধ্যায় ৬ভাৱ সম্প্ৰসাৰণ
অধ্যায় ৭বৰগীত (মাই হেৰ গোকুল…)
অধ্যায় ৮বনকুঁৱৰী
অধ্যায় ৯বৰবৰুৱাৰ কবিতাৰ বেদনা
অধ্যায় ১০কলিকতা-যাত্রা
অধ্যায় ১১সাৰাংশ লিখন
অধ্যায় ১২পত্র লিখন
অধ্যায় ১৩বিশ্বখনিকৰ
অধ্যায় ১৪বশিষ্ঠাশ্রম
অধ্যায় ১৫অসমীয়া বৈষ্ণব কবিৰ নাৰদ
অধ্যায় ১৬পৰিকল্পনা প্ৰস্তুতকৰণ

খণ্ড : ২

অধ্যায় ১৭নাটঘৰ
অধ্যায় ১৮নাৱৰীয়া (ক)
অধ্যায় ১৯সাহিত্য
অধ্যায় ২০ব্যাকৰণ
অধ্যায় ২১লাচিত ফুকন
অধ্যায় ২২এখন চিঠি
অধ্যায় ২৩বর্ণবোধ
অধ্যায় ২৪ৰচনা লিখন
অধ্যায় ২৫কুকুৰ
অধ্যায় ২৬আঘোণৰ কুঁৱলী
অধ্যায় ২৭অসমৰ খেল-ধেমালি
অধ্যায় ২৮দুর্যোগ ব্যৱস্থাপনা
অধ্যায় ২৯মর্মান্তিক
অধ্যায় ৩০শোণিত কুৱঁৰী

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

প্ৰশ্ন ১ : কলিকতাত-যাত্ৰা’ নামৰ পাঠটিত লেখক পদ্মনাথ গোহাঞি . বৰুৱাই কলিকতা গমনৰ অভিজ্ঞতা কেনেদৰে আগবঢ়াইছে, নিজৰ ভাষাত বুজাই লিখা ।

উত্তৰঃ এণ্ট্ৰেন্স পৰীক্ষাৰ ফলাফল ওলোৱাৰ এপষেকমান পিছতে পদ্মনাথ গোহাঞি বৰুৱা শিৱসাগৰ পালেহি তাত এসপ্তাহমান সমনীয়াৰ লগত আনন্দেৰে কটাই শিৱসাগৰীয়া আগবছৰীয়া ছাত্ৰ কেইজনমানৰ সৈতে তেওঁ কলিকতালৈ ওলাল । তেওঁৰ লগত আছিল তেওঁৰ অগ্ৰজপ্ৰতিম লক্ষ্মীনাথ বেজবৰুৱা, সমনীয়া সোদৰসদৃশ বসন্তকুমাৰ গোস্বামী আৰু অনুজ যেন দ্বাৰকেশ্বৰ শৰ্মা বৰুৱাদেৱৰ তেতিয়া এনে অনুভৱ হৈছিল যেন একেটি ঘৰৰ চাৰিটা ভাই-ককাইহে প্ৰবাসলৈ ওলাইছে।

তেখেতৰ বাকী লগ কেইজন ৰাতিয়েই গৰু-গাড়ীৰে আগধৰি ওলাল। বৰুৱাদেৱে পুৱতি নিশা হাতীৰে যাত্ৰা কৰিলে। যাত্ৰাপথত মাজে মাজে কিছু অপায় অমঙ্গলেও পালে। শিৱসাগৰ টাউনৰ পৰা দিচাংমুখ ঘাটলৈ তিনি ভাগৰ দুভাগ বাট যাওঁতেই তেওঁক মেঠ-চেপা বৰষুণে পালে। তাৰ পিছতে ঘাট লৈ চাৰিভাগৰ এভাগমান পথ থাকোঁতে আলিছিগা ডুবি এটা পাৰ হওঁতে আথানি নাপাই হাতী বুৰ যোৱাত তেওঁৰ কানি কাপোৰ, শয্যা-পাটী ইত্যাদি সকলোবোৰ তিতি জেপজেপীয়া হ’ল।

প্ৰথম যাত্ৰাৰ আনন্দ কিছু ম্লান হ’ল। অৱশ্যে এজন বুঢ়া যাত্ৰীয়ে এইবোৰ শুভচিন বুলি কৈ তেওঁক বুজনি দিলে। তেনেতে জাহাজে উকি মৰাত আটাইবোৰ লাগি ভাগি কাপোৰ কানি আৰু টোপোলাবোৰ জাহাজত উঠাই জাহাজৰ ডাঁৰ ডালত তিতা কানি কাপোৰবোৰ মেলি দিলে । তাৰ পিছত চাৰিও এখন বিছনা পাতি বহিল। এনেদৰেই আৰম্ভ হ’ল তেওঁৰ কলিকতাৰ যাত্ৰা ।

যাত্ৰাৰ প্ৰথম পৰ্বতে তেওঁৰ দেখা হ’ল হৰিবিলাস আগৰৱালাদেৱৰ লগত । পকা থেকেৰা যেন ৰঙা মুখখনেৰে শুৱনি আগৰৱালাদেৱ ওলাই আহি বাহিৰত বেজবৰুৱাদেৱৰ লগত কিছু সময় থিয়ে থিয়ৈ কথা-বতৰা পাতিলেহি। গোহাঞি বৰৱা হৰিবিলাস আগৰৱালাক দেখি সন্মোহিত হ’ল। তেখেতেও ভিতৰলৈ যাৱৰ বেলিকা বাকী তিনিজনকো মাত লগালে । গোহাঞি বৰুৱাৰ ফালে চাই শুধিলে তেঁৱেই নেকি নগা-পতীয়া ছাত্ৰ ? তাৰ পাছত তেওঁ কানি কাপোৰবোৰ কেনেকৈ তিতিলে তাকে সোধ পোছ কৰি গুণ গুণাই কৈ গ’ল। —“চাহাবানি” সাজ পাৰলৈ চাই লৰাটি অসমত জুহালতে পৈনত হৈ অহা যেন লাগে, কলিকতীয়া কমাৰশালৰ সজুঁলি সদ্যহতে নিকিনিলেও চলিব।”

এনেদৰে নানান অভিজ্ঞতাৰ মাজেৰে দুৰাতি-তিনিদিন আমনি লগা জাহাজ যাত্ৰা কৰাৰ পিছত আবেলি চাৰি বজাত তেওঁলোক নোৱোলণ্ড ঘাটত নামিলগৈ ৷ তাৰ পৰা কলিকতালৈ যাবৰ বাবে ৰেলগাড়ী ৰৈ আছিল। তেওঁ পোনতে ৰেলগাড়ীৰ কাষ চাপিছিলগৈ যদিও পথীয়া দুজন এটা কুঁজীঘৰৰ বহল পিৰালিত পাৰি যোৱা কুশাসনত বহি থকা দেখি তেওঁ নিজেও সেইখিনি পালেগৈ। পিছত তেওঁ গম পালে যে তাত খোৱাৰ বন্ধবস্ত চলিছে। দ্বাৰকেশ্বৰ বাপুটিৰ সংকেতত তেওঁ এখন আসনত বহিল যদিও ডাইলৰ কৰাল লগা আৰু বুকুৱে পিঠিয়ে চুৱা-পানী বিৰিঙি থকা তৰাহি এখন তেওঁৰ আগত পৰাত তেওঁ গতি-মতি ভাল নহয় বুলি ভাবি লাহেকৈ উঠি ৰেলগাড়ীৰ কাষ পালেগৈ। নগৰীয়া দুজনে তেওঁৰ অৱস্থা দেখি খিলখিলাই হাঁহি কলে যে ইয়াকে হোটেল বুলি কয়। এয়া মাথোন আৰম্ভণিহে। কলিকতা পালে যে কি হ’ব ইত্যাদি ইত্যাদি।

যি কি নহওঁক সন্ধ্যা সাতমান বজাত ৰেল চলিল । ৰাতৰ ৰাতিটো দৌৰাৰ শেষত পিছদিনা পুৱা দহ বজাত তেওঁলোকক শিয়ালদ দহ ষ্টেচনত নমালে। ষ্টেচনত শাৰী শাৰী ঘোঁৰা গাড়ী। সকলোৰে নিজৰ গাড়ীত নিয়াৰ তৎপৰতা আৰু তাৰ বাবে নানান ধৰণৰ প্ৰলোভন। শেষৰ যেনিবা এখন গাড়ীত মাল-বস্তু বোজাই দি তেওঁলোক কেইজনো উঠিল। শাৰী শাৰী পকী ঘৰবোৰৰ মাজৰ পকী বাটেদি গাড়ী চলিল। মাজে মাজে গাড়ী ৰখাই বাপুটিয়ে অসমীয়া ছাত্ৰৰ বহা বিচাৰিলে। বহু ঠাইত সোধ-পোছ কৰি শেষত গৈ তেওঁলোক মিৰ্জাপুৰ ষ্ট্ৰীটিৰ ৬৭ নং দুমহলীয়া পকীঘৰটোৰ সম্মুখত ৰলগৈ। বাপুটিয়ে ওপৰলৈ চাই আমাৰ কোনোবা আছেনে? বুলি চিঞৰিলে। লগে লগে বেণুধৰ ৰাজখোৱাকে ধৰি কেইবাজনো অসমীয়া ছাত্ৰ ওলাই আহি তেওঁলোকক আগবঢ়াই ওপৰলৈ তুলি নিলেহি। এনেদৰেহে গোহাঞি বৰুৱাদেৱৰ কলিকতা যাত্ৰাৰ সামৰণি পৰিল।

প্ৰশ্ন ২ : ছাত্ৰ হিচাপে গোহাঞি বৰুৱা কি কাৰণে সফল নহ’ল ? চমুকৈ লিখা।

উত্তৰ: প্ৰৱেশিকা পৰীক্ষা পাছ কৰাৰ পিছত উচ্চ শিক্ষা লাভ কৰাৰ উদ্দেশ্যে গোহাঞি বৰুৱাদেৱে কলিকতালৈ উচ্চ শিক্ষা লাভ কৰিবলৈ গৈ প্ৰথমতে ৰিপণ কলেজত লেটিন বিষয়টি লৈ আগুৱাব নোৱাৰি, লেটিন শিক্ষাৰ ভাল ব্যৱস্থা থকা চেণ্ট জেভিয়াৰ্চ কলেজত নামভৰ্তি কৰে। ইয়াত তেওঁ অন্যান্য ছাত্ৰৰ সমানে আগুৱাব নোৱাৰি জেনেৰেল এছেম্বলি ইনষ্টিটিউচন কলেজত সংস্কৃত বিষয়টি লৈ পৰীক্ষা দিবলৈ সাজু হয়। কিন্তু ইউনিভাৰ্ছিটীৰ কৰ্তৃপক্ষই তেওঁক উপস্থিতিৰ হাৰ কম হোৱা কাৰণে এফ. এ. পৰীক্ষাত বহাৰ অনুমতি নিদিলে।

প্ৰশ্ন ৩ : ‘কলিকতাত যাত্ৰা’ নামৰ পাঠটিত লেখকে নিজৰ কলেজীয়া জীৱনৰ চিত্ৰ কিদৰে অংকন কৰিছে, বুজাই লিখা।

উত্তৰ: গোহাঞি বৰুৱাৰ ছাত্ৰ জীবন নানান বাধা-বিঘিনিৰ হোৰেৰে ভৰা। তেওঁৰ নিজৰ জীৱনৰ বৰ্ণনাৰ পৰা অতি পৰিস্কাৰভাবে এই কথা বুজিব পাৰি যে সেই কালত আমাৰ ছাত্ৰসকল কেনে আহুকালত পৰিছিল।

তেওঁ বেছ কিছুদিনলৈ ঠিৰাং কৰিব পৰা নাছিল যে তেওঁ কোনখন কলেজত কি বিষয় লৈ পঢ়িব। কাৰণ এন্ট্ৰেন্স পৰীক্ষাত তেওঁৰ Second Language বা দুৱলীয়া ভাষা আছিল বঙ্গলা। কিন্তু সেই সময়ত কলেজত বঙ্গলা ভাষাই ঠাই নাপাইছিল। কলেজত ঐচ্ছিক ভাষা হিচাপে মাত্ৰ সংস্কৃত আৰু লেটিন ভাষাহে ২. পঢ়োৱাত ব্যৱস্থা আছিল। ছাত্ৰাবাসৰ জ্যেষ্ঠ ছাত্ৰসকলৰ পৰামৰ্শ মতে তেওঁ লাটীন লোৱাটোকে খাটাং কৰিলে। কাৰণ সংস্কৃত পঢ়িবলৈ একেবাৰে হৰফ শিকাৰ পৰা আৰম্ভ কৰিব লাগিব। সেই মতে ছাত্ৰাবাসৰ ওচৰৰে ৰিপণ কজেলত লাটীন শিকোৱাৰ ব্যৱস্থা থকা দেখি তেওঁ তাতে নাম ভৰ্ত্তি কৰিলেগৈ। তাত তেতিয়া সুৰেন্দ্ৰ নাথ ব্যানাৰ্জী ডাঙৰীয়াই ইংৰাজী সাহিত্য পঢ়ুৱাইছিল। অন্যান্য বিষয়ৰ শিক্ষাও আশানুৰূপ আছিল। কিন্তু লাটীন শিক্ষাতহে তেওঁ একেবাৰে আগবাঢ়িব পৰা নাছিল । পিছত লগত আটাইবোৰৰে সৈতে বিপণ কলেজৰ পৰা ওলাই গৈ তেওঁ চেণ্ট জেভিয়াৰ্চ কলেজত সোমালগৈ । তাত সকলো অধ্যাপক আছিল ফ্ৰাচী ভদ্ৰলোক। তেওঁ এই কথা উল্লেখ কৰিছে যে তেওঁ ইয়াত সোমাই ভদ্ৰতা সম্পৰ্কে যথেষ্ট শিক্ষা লাভ কৰিছিল। সেই কলেজত বিজ্ঞানৰ এজন অগ্ৰগণ্য শিক্ষক Father Lofou আছিল। কিন্তু তাতো ছমাহমান চেষ্টা কৰি তেওঁ লাটীনৰ ক্ষেত্ৰত অন্যান্য ছাত্ৰৰ ওচৰ চাপিবলৈ নোৱাৰিলে। হিতাকাক্ষী অসমীয়া ছাত্ৰসকলে এইবাৰ পৰামৰ্শ দিলে পৰিলে সংস্কৃতটোকে কষ্ট কৈ শিকিবৰ বাবে। চেণ্ট জেভিয়াৰ্ছত তেওঁৰ যথেষ্ট ভাল লাগিছিল যদিও শেষত পৰীক্ষালৈ এবছৰমান থাকোতে তেওঁ ‘জেনেৰেল এছম্বলি ইনষ্টিটিউচন’ কলেজত নাম লগালেগৈ।

এই নতুন কলেজত তেওঁ কষ্ট কৰি সংস্কৃত হৰফ আদি শিকি লৈ পঢ়া আৰম্ভ কৰিলে আৰু পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰাকৈ বঙ্গলা ভাঙনি আদি পঢ়ি নিজকে প্ৰস্তুত কৰি তুলিলে। কিন্তু অৱশেষত লাটীন আৰু সংস্কৃতৰ শিক্ষানুপাত (Percentage) একেটা বুলি পৰিগণিত নোহোৱাত তেওঁক বিশ্ববিদ্যালয়ে পৰীক্ষাত বহাৰ অনুমতি প্ৰদান নকৰিলে। কলেজত প্ৰিন্সিপাল মিঃ মৰিচন চাহাবে তেওঁৰ হৈ ভালেমান লিখা-লিখি কৰিলে যদিও কোনো ফল নধৰিল। শেষত তেওঁৰ অথাই পানীত পৰাৰ দৰে অৱস্থা হ’ল। তেওঁ কলেজৰ পৰা ওলাই হেডোপাক, গোলদিখিত, লালদিখিত, ইডেন গাৰ্ডেন আদিত নিৰাশ মনেৰে ঘুৰি ফুৰি নিজৰ অন্ধকাৰ ভৱিষ্যতৰ কথা ভাবিবলৈ ধৰিলে।

অৱশ্যে তেওঁ বন্ধুৰ বুধিত কলেজৰ দ্বিতীয় বৰ্ষত ওকালতিৰ ক্লাছো কৰিছিল। ন্যায়শাস্ত্ৰ পঢ়া হেতুকে তেওঁৰ আইন বিষয়ৰ প্ৰতি আগ্ৰহো আছিল। গতিকে তেওঁ চিটি কলেজৰ দুৱলীয়া আইন শ্ৰেণীত নাম লগাই থৈছিল। মিঃ এছ পি সিংহ, কালীচৰণ ব্যানাৰ্জী আদিৰ দৰে প্ৰখ্যাত পণ্ডিতৰ অধ্যাপনাত তেওঁ আইন অধ্যয়নৰ প্ৰতি আঠক আগ্ৰহী হৈছিলল আৰু শেষত এফ. এ পৰীক্ষাত বহাৰ কোনো ব্যৱস্থা নোহোৱা দেখি আইন অধ্যয়নতে একানপতীয়াকৈ লাগিছিল । আগৰ বছৰৰ এৰা-ধৰাৰ মাজেদি লাভ কৰা অলপ অচৰপ-জ্ঞান আৰু পিছৰ বছৰৰ নেৰানেপেৰা চেষ্টাৰ ফলত তেওঁ আইনৰ বাবে ভালদৰেই সাজু হৈ উঠিছিল। যথা সময়ত আলিপুৰ কোৰ্টত পৰীক্ষাৰ মাচুল ডেৰ কুৰি টকাও তেওঁ জমা দিছিল। কিন্তু এইবাৰ তেওঁৰ বয়সৰ বাবে তেওঁ পৰীক্ষাত বহাৰ অনুমতি নোপোৱা হ’ল। আইনৰ পৰীক্ষাত বহাৰ বাবে তেইশ বছৰ বয়সীয়া হোৱাটো নিয়ম। কিন্তু এণ্ট্ৰেন্স পৰীক্ষাৰ চাৰ্টিফিকেট মতে তেওঁৰ বয়স ওলাল বাইশ বছৰ। ঘৰৰ পৰা জন্ম পত্ৰিকা নি বহু চেষ্টা কৰিও তেওঁ পৰীক্ষাৰ বাবে অনুমতি আদায় কৰিব নোৱাৰিলে। এনেদৰে দুয়োফালে বিমুখ হৈ তেওঁ কলিকতা এৰাৰে সিদ্ধান্ত ল’লে আৰু কেইদিনমান পিছতে ঘামকালিৰ বন্ধত কেইজমান ছাত্ৰৰ সৈতে তেওঁ ঘৰলৈ উভতিল ।

দেখাত কলিকতাৰ পৰা ওদাহাতে উভটিল যদিও তেওঁ মাতৃভাষা আৰু জাতীয় সাহিত্য সম্ভাৰৰ কটীয়া টোপোলা এটি লৈ আহিল। ইয়েই তেওঁৰ হতাশাত আশাৰ সঞ্চাৰ কৰিলে। ঘৰলৈ আহি পোৱাৰ পিছত হতাশাই মন হয় পেলাবলৈ নেপাওঁতেই তেওঁ সেই টোপোলা মেলি জাতীয় সাহিত্য চৰ্চাত একাণপতীয়াকৈ লাগিবলৈ ধৰিলে। সেই চৰ্চাই তেওঁৰ ভৱিষ্যত জীৱনত এগৰাকী সুমহান ব্যক্তিৰূপে প্ৰতিষ্ঠা কৰিলে। এনেদৰেই তেওঁৰ কলেজীয়া জীৱন অসম্পূৰ্ণ হ’ল যদিও তেওঁৰ কৰ্তব্যই তেওঁক এক মহতী প্ৰতিভাৰূপে প্ৰতিষ্ঠা কৰিলে।

প্ৰশ্ন ৪ : অসমলৈ উভতি আহি পদ্মনাথ গোহাঞি বৰুৱাই কি কামত ব্ৰতী হ’ল, বুজাই লিখা ?

উত্তৰ ঃ ঘৰলৈ আহি পোৱাৰ পিছত হতাশাই মন হয় পেলাবলৈ নেপাওঁতেই তেওঁ সেই টোপোলা মেলি জাতীয় সাহিত্য চৰ্চাত একাণপতীয়াকৈ লাগিবলৈ ধৰিলে। সেই চৰ্চাই তেওঁৰ ভৱিষ্যত জীৱনত এগৰাকী সুমহান ব্যক্তিৰূপে প্ৰতিষ্ঠা কৰিলে। এনেদৰেই তেওঁৰ কলেজীয়া জীৱন অসম্পূৰ্ণ হ’ল যদিও তেওঁৰ কৰ্তব্যই তেওঁক এক মহত প্ৰতিভাৰূপে প্ৰতিষ্ঠা কৰিলে।

অতিৰিক্ত সম্ভাব্য প্ৰশ্নোত্তৰ

প্ৰশ্ন ১ : পদ্মনাথ গোহাঞি বৰুৱাৰ এটি পৰিচয় দাঙি ধৰা

উত্তৰঃ পদ্মনাথ গোহাঞি বৰুৱা : অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি, প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চনাৰ, অসমীয়া ভাষাৰ পূজাৰী পদ্মনাথ গোহাঞি বৰুৱাই ১৮৭১ চনত উত্তৰ লক্ষীমপুৰ নকাৰি গাঁৱত জন্ম গ্ৰহণ কৰে। তেওঁৰ দেউতাক আছিল ঘিণাৰাম বৰুৱা আৰু মাতৃ লক্ষ্মীদেৱী। জন্মস্থানতে শিক্ষা জীৱন আৰম্ভ কৰি হাইস্কুলীয়া শিক্ষা লৈছিল শিৱসাগৰত। স্কুলীয়া শিক্ষা শেষ কৰি তেখেতে ১৮৯০ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ এফ এ আৰু আইনৰ শিক্ষাৰ বাবে কলিকতালৈ যায়। কিন্তু শিক্ষা সাং নকৰাকৈয়ে উভতি আহি পোনতে কহিমাৰ হাইস্কুলত আৰু পিছত যোৰহাটৰ নৰ্মাল স্কুলত কিছুদিন আৰু তেজপুৰৰ স্কুলত শিক্ষকতা কৰিবলৈ লয়। গোহাঞি বৰুৱাদেৱে অসম কাউন্সিলৰ সভা, তেজপুৰ পৌৰসভাৰ পৌৰপতিও হৈছিলগৈ । তদপৰি সাংস্কৃতিক আৰু ৰাজহুৱা বিষয়-বাব লৈ ৰাইজৰ উন্নতিৰ হকেও কাম কৰিছিল। ১৯৪৬ চনৰ ২০ এপ্ৰিল তাৰিখে তেজপুৰত তেখেতে ইহলীলা সম্বৰণ কৰে ।

গোহাঞি বৰুৱাৰ হাততেই প্ৰথম অসমীয়া আধুনিক উপন্যাস ‘ভানুমতী য়ে জন্ম লাভ কৰে। ১৮৯১ চনত ‘ভানুমতী’ আৰু ১৮৯২ চনত ‘লাহৰী’ নামৰ আন এখন উপন্যাসো প্ৰকাশিত হয়। দুয়োখন উপন্যাস আহোম যুগৰ বুৰঞ্জীৰ পটভূমিত ৰচিত যদিও কাহিনী আৰু চৰিত্ৰৰ ফালৰ পৰা দুয়োখনকে সামাজিক উপন্যাস বোলাহে সমীচীন হ’ব। তেখেতে ‘বাণৰজা’ (১৯৩২) নামৰ পৌৰাণিক নাটক, ‘সাধনী’ (১৮৯৭), ‘জয়মতী’ (১৯০০), ‘গদাধৰ’ (১৯০৭), ‘লাচিত বৰফুকন’ (১৯১৫) নামৰ ঐতিহাসিক নাটক; ‘টেটোন তামুলী’ (১৯০৯), ভূত নে ভ্ৰম’ (১৯২৪) নামৰ ধেমেলীয়া নাটকৰ যোগেদি গাঁৱলীয়া জীৱনৰ চিত্ৰ অংকন কৰিছে। ‘গাঁওবুঢ়া’নামৰ প্ৰহসন জাতীয় নাটকখন ১৮৯৭ চনত পশ্চিমীয়া নগ্ন সভ্যতাক আদৰি ল’ব খোজা অসমীয়া বিষয়াৰ চৰিত্ৰক লৈ দুখপূৰ্ণ কাহিনী লিখি থৈ গৈছে। ‘লীলা’ কাব্যত (১৮৭১-১৯৪৬) কবিৰ ঘৰুৱা জীৱনৰ আৰু পত্নী বিয়োগজনিত বেদনাৰ সুৰ পোৱা যায়। ‘জুৰণি’ (১৯০০), ‘ফুলৰ চানেকি’ (১৯০১) তেখেতে কবিতাৰ পুথি। উৎকৃষ্ট চতুৰ্দশপদী কবিতা, ৰোমাণ্টিক ভাবধাৰাৰে পৰিপুষ্ট কবিতা আৰু ব্যক্তিগত ভাব লৈ লিখিলেও গীতি-কবিতাৰ গুণ নোহোৱা কবিতাও পুথি দুখনিত আছে। ‘শ্ৰীকৃষ্ণ’ (১৯৩০), ‘গীতাসাৰ’ (১৯৩৫) অসমীয়া গদ্য সাহিত্যৰ উজ্জ্বল নিদৰ্শন। এনে তত্ত্বমূলক পুথি, ‘বুৰঞ্জীবোধ’, ‘নীতি-শিক্ষা-পৰিদৰ্শন’ (পঢ়াশলীয়া পাঠ্যপুথি); ‘জীৱনী-সংগ্ৰহ’ (১৯২৫) আৰু অনেক পঢ়াশলীয়া পুথি ৰচনাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।

Leave a Reply