Class 12 Geography |Chapter-23| ভাৰতৰ কাৰিকৰী উদ্যোগ

Class 12 Geography |Chapter-23| ভাৰতৰ কাৰিকৰী উদ্যোগ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Geography |Chapter-23| ভাৰতৰ কাৰিকৰী উদ্যোগ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदी Click Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here

Class 12 Geography |Chapter-23| ভাৰতৰ কাৰিকৰী উদ্যোগ

তৃতীয় খণ্ড

অধ্যায় – ২৩

অতি চমু প্ৰশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

১। তলৰ কোনটো কাৰক উদ্যোগ স্থাপনৰ কাৰক নহয় — 

( i ) মূলধন ।

( ii ) বজাৰ ।

( iii ) জনসংখ্যা ঘনত্ব । আৰু

( iv ) শক্তি ।

উত্তৰঃ ( iii ) জনসংখ্যা ঘনত্ব ।

২। তলৰ কোনটো ভাৰতবৰ্ষৰ আটাইতকৈ প্রাচীন লাে-তীখা উদ্যোগ ? 

Square 3

( i ) IISCO.

( ii ) TISCO.

( iii ) মহীশূৰ লাে – তীখা উদ্যোগ । আৰু

( iv ) ভিলাই লােতীখা উদ্যোগ ।

উত্তৰঃ ( i ) IISCO ।

৩। মুম্বাইত আধুনিক কপাহী উদ্যোগ স্থাপনৰ কাৰণটো হ’ল — 

( i ) মুম্বাইৰ কপাহ উৎপাদিত অঞ্চল ।

( ii ) মুম্বাইএটা বন্দৰ ।

( iii ) মুম্বাই ভাৰতৰ এটা বিত্তীয় কেন্দ্র । আৰু

( iv ) ওপৰৰ আটাইকেইটা কাৰকৰ বাবে । 

উত্তৰঃ ( iv ) ওপৰৰ আটাইকেইটা কাৰকৰ বাবে । 

৪। হুগলী ঔদ্যোগিক অঞ্চলৰ প্রাণকেন্দ্র হল – 

( i ) কলকতা-ৰিচৰা । 

( ii ) কলকতা – হাওৰা ।

( iii ) কলকতা – মেদিনীপুৰ । আৰু

( iv ) কলকতা -কোনাগৰ ।

উত্তৰঃ ( ii ) কলকতা – হাওৰা ।

৫। ভাৰতৰ দ্বিতীয় চেনী উৎপাদনকাৰী ৰাজ্য হ’ল— 

( i ) পাঞ্জাৱ । 

( ii ) উত্তৰপ্ৰদেশ ।

( iii ) মহাৰাষ্ট্র । আৰু

( iv ) তামিলনাড়ু ।

উত্তৰঃ ( ii ) উত্তৰ প্ৰদেশ ।

৬। কপাহী বয়ন উদ্যোগৰ প্ৰধান ভাগ কেইটা কি কি ? 

উত্তৰঃ ক ) যন্ত্রচালিত উদ্যোগ । 

খ ) বিদ্যুৎচালিত উদ্যোগ । আৰু

গ ) হস্তচালিত উদ্যোগ ।

৭। পেট্রোসায়নিক উদ্যোগৰ মূল কেঁচা সামগ্রী কি ? এই উদ্যোগৰ প্ৰধান উৎপাদিত দ্রব্যবােৰ কি ? 

উত্তৰঃ খনিজ তেলৰ পৰা পােৱা নানা প্রকাৰৰ খনিজ পদার্থ পেট্র’ৰাসায়নিক উদ্যোগ মূল কেঁচাসামগ্ৰী হিচাপে ব্যৱহাৰ হয় । পেট্র’ৰাসায়নিক উদ্যোগত প্রধানকৈ পলিমাৰ , সংশ্লেষিত আঁহ , পলিষ্টাৰ সূতাৰ মাহোৱা , নাইনল খণ্ড আদি উৎপাদন কৰা হয় । 

৮৷ চেনী – উদ্যোগটো কি কাৰণে ঋতুজনিত ? 

উত্তৰঃ চেনী উদ্যোগটো কুঁহিয়াৰ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল । কুঁহিয়াৰৰ উৎপাদন ঋতুৰ ওপৰত নিৰ্ভৰশীল হােৱা হেতুকে এই উদ্যোগটো ঋতুজনিত হয় । 

৯। তথ্য – প্রযুক্তিৰ উদ্যোগৰ দ্বাৰা ভাৰতবৰ্ষত কি প্রভাৱ পৰিছে ? 

উত্তৰঃ তথ্য প্রযুক্তি উদ্যোগৰ দ্বাৰা ভাৰতবৰ্ষত আর্থিক সামাজিক পৰিৱৰ্তনৰ সূচনা হােৱাৰ লগতে এই খণ্ডটোৱে দেশখনক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ক্ষেত্ৰত উচ্চৰ পৰা উচ্চস্তৰলৈ উৎক্ষেপ কৰিবলৈ সক্ষম হৈছে । 

১০। লাে – তীখা উদ্যোগক সকলাে প্ৰকাৰৰ ঔদ্যোগিক উন্নয়নৰ মূল বুলি কয় কিয় ? 

উত্তৰঃ সৰু বৰ সকলাে ধৰণৰ ঔদ্যোগিক ক্ষেত্রতে লাে তীখা উদ্যোগৰ পৰা উৎপাদিত সা – সৰঞ্জাম ব্যৱহাৰ কৰাৰ বাবে লাে – তীখা উদ্যোগক সকলাে প্ৰকাৰৰ ঔদ্যোগিক উন্নয়ন মূল বুলি কোৱা হয় । 

১১। উদ্যোগৰ লগত মানুহৰ তাৎপর্য কি ? 

উত্তৰঃ মানুহে ব্যৱহাৰ কৰা সকলােবােৰ সা – সামগ্ৰীয়ে মূলতঃ উদ্যোগৰ মাধ্যমেৰে মানুহৰ ব্যবহাৰৰ উপযােগী কৰি গঢ় দিয়া হয় । 

১২। কুঁহিয়াৰ উদ্যোগ আঞ্চলিক উদ্যোগ হােৱাৰ কাৰণ কি ? 

উত্তৰঃ কুঁহিয়াৰ ওজন অধিক হােৱাৰ বাবে এইবােৰৰ পৰিবহন ব্যয় অধিক হয় । তাৰােপৰি এইবােৰৰ গুণগতমানো নিম্ন হৈ যায় । এনেবােৰ কাৰণতে কুঁহিয়াৰ খেতিৰ এলেকাতে কুঁহিয়াৰ উদ্যোগসমূহ গঢ় লােৱা দেখা যায় । সেয়েহে কুঁহিয়াৰ উদ্যোগ আঞ্চলিক উদ্যোগ হিচাপে গঢ় লয় । 

চমু উত্তৰ দিয়া

১৩। ভাৰতীয় কপাহী বয়ন উদ্যোগৰ বিকাশ সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ প্রাক স্বাধীনতা কালত ভাৰতৰ প্ৰায় সকলােবােৰ কপাহ কল মুম্বাই আহমেদাবাদ চহৰত কেন্দ্রীভূত আছিল । শোলাপুৰ , নাগপুৰ , আকোলা , বুঢ়ানপুৰ , সাতা , প্রভৃতি সেই সময়ৰ ভাৰতত কপাহৰ উৎপাদনস্থলী সমূহৰ কিছুমান উপকেন্দ্ৰ আৰু পূৱ ভাৰতৰ সর্ববৃহৎ চহৰ কলকাতাৰ ওচৰে – পাজৰেও কিছুসংখ্যক কপাহকল প্রতিষ্ঠা হৈছিল । তাৰ বাহিৰে দেশৰ আন অঞ্চলত তেতিয়া কাপােৰৰ কল নাছিল বুলিবই পাৰি । ১৯৫০-৫১ চনত অর্থাৎ আধুনিক ভাৰতৰ ভেটি প্রতিষ্ঠাৰ সময়ত দেশত মুঠতে ৪২১৫ টা যন্ত্রচালিত কাপােৰৰ শাল আছিল । ইয়াৰে ৩৪০১ টা , অর্থাৎ ৮১ শতাংশ শালৰ অৱস্থান আছিল মুম্বাই , আহমেদাবাদ , নাগপুৰ আৰু আকোলা চহৰত । 

১৮৫৪ চনত মুম্বাইচহৰত ভাৰতৰ প্ৰথমটো যন্ত্রচালিত কাপােৰৰ কল প্রতিষ্ঠা হয় । ২০০৩-০৪ চনৰ পৰিসংখ্যা অনুক্রমে বর্তমান ভাৰতত এহেজাৰ ছশৰাে অধিক কাপােৰৰ শালত বছৰি ২৭,৯৪৫ নিযুত বর্গমিটাৰ কাপােৰ তৈয়াৰ কৰা হয় । এই কলসমূহত ৪.৫৮ নিযুত কৰ্মচাৰী নিযুক্ত হৈ আছে । দেশত উৎপাদিত মুঠ কপাহৰ ৬৩ শতাংশ এই কলসমূহে কেঁচামাল হিচাপে ব্যৱহাৰ কৰে । সেইদৰে , এইসমূহ কলত উৎপাদিত কাপােৰৰ একাংশ ৰপ্তানি কৰি ২০০৩-০৪ চনত ভাৰতে আর্জন কৰা বৈদেশিক মুদ্ৰাৰ মূল্য আছিল । ৫৫,০০৪ কোটি টকা , অর্থাৎ দেশৰ মুঠ ৰপ্তানি দ্রব্যজাত আৰ্জনৰ ১৮.৮৬ শতাংশ । গতিকে এই বয়ন শিল্পৰ লগত দেশৰ আভ্যন্তৰীণ অর্থনীতিৰ লগতে বৈদেশিক বাণিজ্যৰ পৰিক্রমাটোও ওতঃপ্রােতভাৱে জড়িত হৈ আছে । 

১৪। ভাৰতত পেট্রোসায়নিক উদ্যোগে মুখামুখি হােৱা বিভিন্ন সমস্যা বিলাক লিখা । 

উত্তৰঃ পেট্রোসায়নিক উদ্যোগৰ পৰা উৎপাদিত বিভিন্ন সৰঞ্জামসমূহ আমাৰ দৈনন্দিন জীৱন – যাত্ৰাৰ এৰাব নােৱাৰা সহচৰ হৈ উঠিছে যদিও এনে ধৰণৰ সৰঞ্জামৰ ব্যৱহাৰৰ ফলত আন এলানি সমস্যাৰ সৃষ্টি হৈছে । সকলাে প্লাষ্টিক সামগ্ৰীয়েই অজৈৱ বিঘটনীয় হােৱা হেতুকে এইবােৰ পচি নাযায় । ফলত প্রাকৃতিক পৰিবেশত এনেবােৰ অজীর্ণ পদাৰ্থৰ পৰিমাণ দিনে দিনে বৃদ্ধি পাই আহিছে । এইবােৰে বহুদিনলৈ মাটিত পৰি থাকি মাটিৰ গুণাগুণ নষ্ট কৰে , যাৰ ফলত মাটিৰ উৎপাদন ক্ষমতা লােপ পায় এই পদার্থবিলাকে নগৰ – চহৰৰ নলা – নর্দমাবােৰত পৰি এইবােৰ প্ৰায় পুতি পেলাই চহৰত পানী চলাচল প্রক্রিয়াত বাধা প্রদান কৰি মানুহক নানান অসুবিধা পেলায় । এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বিভিন্ন প্রদেশত বহুতাে প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । ইয়ে পেট্রোসায়নিক উদ্যেগ সমূহলৈ ভাবুকি আনিছে । প্লাষ্টিক সামগ্রীসমূহ নিষিদ্ধ হােৱাত ইয়াৰ বিকল্প দ্রব্য উৎপাদনত গুৰত্ব দিয়া হৈছে , যাৰ ফলত বহুতো প্লাষ্টিক সামগ্রীৰ চাহিদা আগৰ তুলনাত হ্রাস পাইছে । 

১৫। উদাৰীকৰণৰ প্রধান বৈশিষ্ট্যসমূহ কি কি ? 

উত্তৰঃ উদাৰীকৰণ নীতি অনুসৰি দেশৰ সামৰিক , নিৰাপত্তা আৰু পৰিবেশ ৰক্ষণাবেক্ষণৰ লগত সম্পর্ক জড়িত ৬ টা উদ্যোগখণ্ডৰ বাহিৰে আনবােৰ উদ্যোগৰ বেলিকা অনুজ্ঞাপত্ৰ সংগ্ৰহৰ ব্যৱস্থা উঠাই লােৱা হয় । তদুপৰি দেশৰ সামগ্রিক উদ্যোগ পৰিক্ৰমাত ১৯৫৬ চনৰ পৰা বাহাল থকা চৰকাৰী খণ্ডৰ অধিকাৰ ১৭ শতাংশৰ পৰা ৪ শতাংশ লৈ হ্রাস কৰা হয় । এই নীতি অনুসৰি দেশত পাৰমাণৱিক শক্তি উৎপাদন আৰু ৰেল পৰিবহণৰ লগত জড়িত উদ্যোগসমূহক সম্পূর্ণ চৰকাৰী খণ্ডত ৰখা হয় । 

আৰু দেশৰ চৰকাৰী খণ্ডৰ উদ্যোগসমূহৰ কিছুমান অংশপত্র ভালেমান বিত্তীয় প্রতিষ্ঠান আৰু জনসাধাৰণৰ মাজত বিতৰণ কৰিবলৈকো চৰকাৰে সিদ্ধান্ত হয় । আকৌ এই নীতি অনুসৰি ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহত বিনিয়ােগৰ পৰিসৰ অসীম পর্যায়লৈ সম্প্রসাৰণাৰ লগতে এনেবােৰ উদ্যোগ স্থাপনৰ উদ্দেশ্যে আগতীয়া অনুমােদনৰ প্রয়ােজন নােহােৱা হ’ল । বৰঞ্চ নির্দিষ্ট প্র-পত্রযােগে চৰকাৰক একোখন স্মাৰক প্ৰদান কৰাৰ লগে লগেই অনুজ্ঞাপত্র বিহীন এনে একোটা উদ্যোগত পুঁজিৰ বিনিয়ােগ সম্ভৱ হৈ উঠিল । 

১৬। উদ্যোগ পুঞ্জীভৱনৰ কাৰকসমূহ কি কি ? 

উত্তৰঃ ঔদ্যোগিক্ৰণৰ এলানি ভিন্নসুৰী কাৰকৰ দ্বাৰা বিভিন্ন মাত্রাত প্ৰভাৱান্বিত ভাৰতৰ উদ্যোগসমূহ দেশৰ ভিন্ ভিন্ এলেকাত অসম ৰূপত বিস্তৃতি লাভ কৰা দেখা যায় । এনে আঞ্চলিক বৈষম্যৰ পৰিণতি স্বৰূপে দেশৰ কেইটামান সুবিধাজনক অঞ্চলত নির্ধাৰিত লক্ষণৰ নিৰ্ভৰশীল ভালেমান উদ্যোগ পুঞ্জীভূত হৈছে । এটা অঞ্চলত উদ্যোগ পুঞ্জীভৱন তলৰ কাৰকসমূহৰ ওপৰত নিৰ্ভৰশীল –

( ক ) অঞ্চলটোত সমাৱেশ ঘটা উদ্যোগ প্রতিষ্ঠানৰ সংখ্যা ।

( খ ) অঞ্চলটোৰ উদ্যোগসমূহত নিযুক্ত মুঠ শ্রমিক । 

( গ ) উদ্যোগ ক্ষেত্ৰত ব্যৱহৃত মুঠ শক্তি সম্পদৰ পৰিমাণ ।

( ঘ ) উদ্যোগসমূহত উৎপাদিত পৰিসজ্জিত সম্ভাৰৰ পৰিমাণ । আৰু 

 ( ঙ ) অঞ্চলটোত অৱস্থিত সকলােবােৰ উদ্যোগক একত্ৰৰূপে লৈ উদ্যোগ ক্ষেত্ৰখনত ব্যৱহৃত মুঠ কেঁচামাল আৰু তদ্ভৱ পৰিসজ্জিত দ্রব্যৰ বজাৰ মূল্যৰ ব্যৱধান । 

১৭। গােলকীকৰণৰ প্ৰভাৱবােৰ কি কি ? 

উত্তৰঃ গােলকীকৰণ ব্যৱস্থা অনুসৰি সম্পত্তি , সেৱা , মূলধন , শ্রম প্রভৃতি আর্থিক সম্পদসমূহ এখন দেশৰ পৰা আন এখন দেশলৈ মুক্তভাৱে যাতায়াত কৰিব পাৰে । নিজৰ দেশৰ উৎপাদন ব্যৱস্থাটোক বিশ্বৰ প্ৰতিযােগিতামূলক বজাৰৰ কাষ চপাই দেশীয় সম্পদৰ ক্ষিপ্র উন্নয়ন সাধন কৰাই বিশ্বায়নৰ প্রধান লক্ষ্য । ভাৰতৰ আর্থ – সামাজিক অৱস্থাৰ পৰিসৰত বিদেশী বিনিয়ােগ সহায়ত দেশৰ বিভিন্ন আর্থিক খণ্ডৰ উৎপাদন বৃদ্ধিৰ যােগেদি দেশখনৰ সামগ্রিক অর্থনৈতিক উন্নয়ন সাধন কৰাই বিশ্বায়নৰ প্রাথমিক লক্ষ্য । 

দ্বিতীয়তে এই বিশ্বায়নৰ যােগেদি ভাৰতত বহুজাতিক কোম্পানীৰ মুক্ত পদার্পণ সম্ভৱ কৰি তােলা হৈছে । তৃতীয়তে , এই বিশ্বায়নৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ বহুতাে কোম্পানীৰ পক্ষে আন ৰাষ্ট্ৰৰ অর্থনৈতিৰ পৰিক্ৰমাবােৰত নিজ নিজ যােত্ৰ অনুসৰি অংশ গ্ৰহণৰ পথ প্রশস্ত হৈছে । চতুর্থত , এই নীতি অনুসৰি ভাৰতৰ বজাৰমুখী বিদেশজাত আমদানি দ্ৰব্যৰ পৰিমাণ বৃদ্ধি পােৱাৰ লগতে এনে দ্রব্যৰ ওপৰত আমদানি শুল্ক হ্রাস পাইছে । 

১৮। বিদেশী পুঁজি বিনিয়ােগৰ ফলাফল লিখা । 

উত্তৰঃ উদাৰীকৰণ নীতিৰ লগে লগে অর্থনৈতিক উন্নয়ন ক্ষিপ্রতৰ কৰাৰ উদ্দেশ্যে দেশীয় পুঁজি বিনিয়ােগৰ পৰিপূৰক স্বৰূপে দেশৰ উদ্যোগ খণ্ডসমূহত পােনপটীয়াকৈ বিদেশী পুঁজিৰ বিনিয়োগ আৰম্ভ হয় । এই ধৰণৰ পােনপটীয়া বিদেশী পুঁজি আগমনৰ ফলত দেশৰ উদ্যোগ খণ্ডসমূহৰ লগতে উপভােক্তা শ্রেণী আৰু কাৰিকৰী প্ৰযুক্তিৰ ব্যাপক উন্নতিৰ পথ মুকলি হােৱা দেখা যায় । দৰাচলতে দেশৰ সকলাে ধৰণৰ দ্ৰব্য সম্পদ আৰু মানৱ সম্পদৰ অন্তনিহিত সম্ভাৱনাসমূহক কামত লগােৱাৰ উদ্দেশ্যেই এনে বৈদেশিক বিনিয়ােগ নীতি গ্রহণ কৰা হৈছিল । 

এই উদ্যোগ নীতিৰ আধাৰত চৰকাৰে পূৱৰ উদ্যোগিক অৱস্থান সম্পর্কীয় নিয়ন্ত্রণবােৰ প্রত্যাহাৰ কৰে । অৱশ্যে , ইয়াৰ ফলত ঘটিব পৰা পৰিবেশ অৱক্ষয়ৰ প্ৰতি চৰকাৰ সজাগ হৈ থাকিল । সেয়েহে , দেশত নতুনকৈ প্ৰতিষ্ঠা কৰা পৰিবেশ দপ্তৰৰ মন্ত্রণালয়ৰ যােগেদি চহৰকেন্দ্রীক উদ্যোগপুঞ্জৰ অবাধ সম্প্ৰসাৰণ কাৰ্যক চৰকাৰে নিয়ন্ত্রণ কৰি আছে । 

১৯। গুজৰাটৰ উদ্যোগ প্রধান অঞ্চলৰ বিষয়ে লিখা । 

উত্তৰঃ গুজৰাটৰ আহমেদাবাদ আনন্দ নড়িয়াদ – বড়ােদ সংযােগী ১০০ কিল’মিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ চোৱাক অৱলম্বন কৰি গঢ় লৈ উঠা এই উদ্যোগ বলয়টো সম্প্রতি দক্ষিণে তাপ্তী নদীৰ তীৰৰ সূৰত বন্দৰৰ পৰা বীৰংগ মৰাজকোট হৈ জামনগৰ পর্যন্ত ৫৬০ কিঃমিঃ দীঘল বলয় এটাত পৰিণত হৈছে । ১৮৬০ চনৰ পাছৰ পৰা এই উদ্যোগ বলয়টোৱে ভাৰতৰ সর্বাধিক কাপােৰ উৎপাদনকাৰীক পাহীবয়ন শিল্পবলয় হিচাপে স্বকীয় স্থিতি অক্ষুন্ন ৰাখিছে । ইফালে , কাম্বে উপসাগৰৰ কাষে পাজৰে খনিজ তেলৰ উদঘাটন আৰম্ভ হােৱাৰ পাছত অংকলেশ্বৰ , বড়ােদৰা আৰু জামনগৰ প্ৰভৃতি ঠাইত পেট্র’কেমিকেলছ উদ্যোগে গা কৰি উঠিছে । কোয়ালি আৰু জামনগৰ তেল শােধানগাৰৰ কেঁছামাল আৰু কাণ্ডালাৰ বন্দৰগাৰ এনে উদ্যোগ প্রধান অৱস্থাপক বুলিব পাৰি । পৰম্পৰাগত বয়ন শিল্প আৰু পেট্র’ৰাসায়নিক শিল্পৰ উপৰিও এইটো বলয়ৰ প্ৰধান শিল্প উদ্যোগৰ পৰিসৰত মটৰগাড়ী , ট্রেক্টৰ , ডিজেলৰ পাম্পছেট , বয়ন উদ্যোগৰ যন্ত্রপাতি , কাৰিকৰী সৰঞ্জাম , ঔষধ আৰু খাদ্য প্রস্তুত কৰণৰ লগত জড়িত উদ্যোগসমূহ অগ্রগণ্য । 

দেশৰ ভিতৰতে সর্বাধিক গাখীৰ উৎপাদনৰ অঞ্চলৰূপে খ্যাত এই অঞ্চলটোৰ আনন্দ , মহেশানা আৰু হিম্মত নগৰত একোটাকৈ সুবৃহৎ কলেৱৰৰ দুগ্ধজাত দ্রব্য প্রস্তুতকৰণ কাৰখানা আছে । 

২০। গুৰগাওঁ – দিল্লী – মীৰাট অঞ্চলৰ প্রধান বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ খনিজ আৰু শক্তিসম্পদ অৱস্থানৰ পৰা ভালেখিনি নিলগত দেশৰ ৰাজধানী কেন্দ্রীক গুড়গাওঁ দিল্লী – মীৰাট ঔদ্যোগিক বলয় ঘাইকৈ বজাৰ অঞ্চলৰ আধাৰত মূৰ দাঙি উঠিছে । সেয়েহে কম পৰিমাণৰ কেঁচামালৰ পৰা অধিক মূল্যৱান দ্রব্য প্রস্তুত কৰাই হৈছে এই অঞ্চলটোৰ সকলাে শ্ৰেণীৰ উদ্যোগৰে এক উমৈহতীয়া বৈশিষ্ট্য । 

১৯৬০ চনৰ পৰৱর্তী চাৰিটা দশকত এইটো বলয়ত ঔদ্যোগিক কাম – কাজৰ পৰিসৰ দেশৰ আন যিকোনাে বলয়ৰ তুলনাত ক্ষিপ্রভাৱে বৃদ্ধি ঘটিছে । বৈদ্যুতিক সৰঞ্জাম , যন্ত্রপাতি , বস্ত্ৰ উদ্যোগ , ইলেক্ট্রনিচ সৰঞ্জাম প্রভৃতি এইটো অঞ্চলৰ প্ৰধান ঔদ্যোগিক কাম – কাজৰ ভিতৰত পৰে । তদুপৰি অঞ্চলটোত চেনী , চিমেণ্ট , খাদ্য প্রস্তুত , ট্রেক্টৰ , চাইকেল , কৃষি সঁজুলি , ঊণ আৰু কৃত্রিম আঁহৰ বয়ন উদ্যোগ প্রভৃতি বজাৰকেন্দ্রীক নানাবিধ উদ্যোগ গঢ় লােৱা দেখা যায় । 

২১। ছােটনাগপুৰ ঔদ্যোগিক অঞ্চলৰ এটি টোকা লিখা । 

উত্তৰঃ ছােটনাগপুৰ ঔদ্যোগিক অঞ্চলটো পশ্চিম বংগৰ পশ্চিম সীমান্তৰ আচানচোলৰ পৰা ঝাৰখণ্ডৰ ধনবাদ – বােকাৰােটা টানগৰ হৈ উৰিষ্যাৰ উত্তৰ অংশৰ ৰুবকেল্লা হৈ চম্বলপুৰ পর্যন্ত বিস্তৃত । এইটো অঞ্চলৰ প্ৰধান উদ্যোগ হৈছে খনি , জলবিদ্যুৎ , তাপবিদ্যুৎ আৰু ঘাইকৈ লাে তীখা শিল্প । দামােদৰ উপত্যকা অৱস্থানৰ কয়লা সম্ভাৰ আৰু ঝাৰখণ্ড আৰু উৰিষ্যাৰ আকৰিক লাে অঞ্চলটোৰ শিল্প উন্নয়নৰ প্রাথমিক তথা মৌলিক অৱস্থাপক । ভাৰতৰ সৰ্বমুঠ ১০ টা তীখা উৎপাদন কেন্দ্ৰৰ ভিতৰত ৫ টা কেন্দ্রই এই অঞ্চলত অৱস্থিত । লাে তীখা উদ্যোগৰ উপৰিও অঞ্চলটোত অভিযান্ত্রিক উদ্যোগ , যন্ত্রপাতি , ৰাসায়নিক সাৰ , চিমেন্ট , কাগজ , ৰেল – ইঞ্জিন , গুৰু বৈদ্যুতিক সৰঞ্জাম , ধাতুৰ আচবাব প্রভৃতি অনেক ধৰণৰ উদ্যোগ সুপ্রতিষ্ঠিত হৈ আছে । 

২২। উদ্যোগসমূহৰ উদাৰীকৰণৰ প্রধান বৈশিষ্ট্যসমূহ কি ? 

উত্তৰঃ উদাৰীকৰণৰ আধাৰত দেশী – বিদেশী ব্যক্তিগত খণ্ডৰ বিনিয়ােগকাৰীক দেশৰ বিভিন্ন উদ্যোগত পুঁজি বিনিয়ােগৰ বাবে উৎসাহ বৃদ্ধি কৰাৰ ফলস্বৰূপে খনি , দূৰসংযােগ , ৰাষ্ট্ৰীয় পথ নির্মাণ আৰু অনুৰক্ষণ প্রভৃতি ৰাষ্ট্ৰৰ সামগ্রিক স্বার্থ জড়িত খণ্ডবােৰত বিদেশী পুঁজি বিনিয়ােগ আৰু বিদেশী প্রতিষ্ঠানৰ কাম – কাজৰ পৰিসৰ বৃদ্ধি পায় । উদাৰীকৰণৰ ফলত বিদেশজাত আমদানি দ্ৰব্যৰ পৰিমাণ বৃদ্ধি আৰু এনেবােৰ দ্ৰব্যৰ ওপৰত আমদানি শুল্ক হ্রাস পাইছে । ফলস্বৰূপে , দেশীয় বজাৰত কম দামত উপলব্ধ বিদেশী দ্রব্যৰ লগত দেশীয় দ্রব্যৰ মুক্ত প্রতিযােগিতা আৰম্ভ হােৱাত দেশৰ উদ্যোগ খণ্ডবােৰৰ গুণগত বিকাশ বাধ্যতামূলক ।

Class 12 ভূগোল প্ৰশ্নউত্তৰ |

SL. NO.সূচী-পত্ৰ
Chapter 1মানৱ- ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্ৰাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যোগাযোগ
Chapter 9আন্তর্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যোগাযোগ ব্যবস্থা
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন, ভৌগোলিক দৃষ্টিপাত

দীঘল প্রশ্নৰ উত্তৰ

২৩। গােলকীকৰণৰ তিনিটা প্রভাৱ বহলাই আলােচনা কৰা ৷ 

উত্তৰঃ দেশৰ আভ্যন্তৰীণ অর্থ ব্যৱস্থাটোক বিশ্ব অর্থনীতিৰ অংগীভূতককে গােলকীকৰণ অথবা বিশ্বায়ন বােলা হয় । এই গােলকীকৰণৰ তিনিটা প্ৰভাৱ তলত আলােচনা কৰা হ’লঃ 

( ক ) গােলকীকৰণ ব্যৱস্থা অনুসৰি সম্পত্তি , সেৱা , মূলধন , শ্রম প্রভৃতি আর্থিক সম্পদসমূহ এখন দেশৰ পৰা আন এখন দেশলৈ মুক্তভাৱে যাতায়াত কৰিব পৰা হৈছে । নিজ দেশৰ উৎপাদন ব্যৱস্থাটোক বিশ্বৰ প্ৰতিযােগিতামূলক বজাৰৰ কাষ চপাই দেশীয় সম্পদৰ ক্ষিপ্ত উন্নয়ন সাধন কৰিব পৰা হৈছে । ভাৰতৰ আর্থ সামাজিক অৱস্থাৰ পৰিসৰত বিদেশী বিনিয়ােগৰ সহায়ত দেশৰ বিভিন্ন আর্থিক খণ্ডৰ উৎপাদন বৃদ্ধিৰ যােগেদি দেশখনৰ সামগ্রিক অর্থনৈতিক উন্নয়ন সাধন হৈছে । 

( খ ) বিশ্বায়নৰ যােগেদি ভাৰতত বহুজাতিক কোম্পানীৰ মুক্ত পদাপর্ণ সম্ভৱপৰ হৈছে । ফলত বিদেশজাত আমদানি দ্ৰব্যৰ পৰিমাণ বৃদ্ধি পাইছে । ইয়াৰ লগতে হ্রাস পাইছে এনে দ্রব্যৰ ওপৰত আমদানি শুল্ক । 

( গ ) বিশ্বায়নৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ বহুতাে কোম্পানীৰ পক্ষে আৰু আন ৰাষ্ট্র অর্থনৈতিক পৰিক্ৰমাবােৰত নিজ নিজ মান অনুসৰি অংশ গ্ৰহণৰ পথ প্রশস্ত হৈছে । 

২৪। ভাৰতবৰ্ষৰ ঔদ্যোগিক অঞ্চলবিলাকৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ ঔদ্যোগিক কৰণৰ এলানি ভিন্নসূৰি কাৰকৰ দ্বাৰা বিভিন্ন মাত্ৰাত প্ৰভাৱান্বিত ভাৰতৰ উদ্যোগসমূহ দেশৰ সকলাে ঠাইতে সমৰূপত বিস্তৃতি লাভ কৰা দেখা যায় । উদ্যোগ পুঞ্জীভৱনৰ ওপৰত ভিত্তি কৰি ভাৰতত সৰ্বমুঠ ৮ টা ঔদ্যোগিক অঞ্চল পােৱা যায় । 

( ক ) মুম্বাই – পুণে ঔদ্যোগিক বলয় :- 

মুম্বাই চহৰাঞ্চলৰ পৰা থানে কল্যাণ পিম্পৰী হৈ পুণে ৰেলপথকেন্দ্রীক এই ঔদ্যোগিক বলয়টোৱে নাচিক আৰু শােলাপুৰ জিলা দুখনকো সামৰি লৈছে । কপাহ খেতি অঞ্চলত অৱস্থিত এই বলয়ত কপাহী বয়ন শিল্পৰ মাধ্যমত ঔদ্যোগিকৰণ আৰম্ভ হৈছিল । ১৮৬৯ চনত চুয়েজ খাল মুকলি কৰাৰ লগে লগে এই ঔদ্যোগিক বলয়ৰ নাভিবিন্দু মুম্বাই বন্দৰ হৈ অঞ্চলটোলৈ যন্ত্রপাতি আমদানি আৰু বস্ত্র সম্ভাৰ ৰপ্তানি পথ অধিক সূচল হৈ পৰে ।কপাহীবয়ন উদ্যোগৰ প্রায় সমাদ্ৰালভাৱেই অঞ্চলটোত ৰাসায়নিক খণ্ডৰ উদ্যোগেও মূৰ দাঙি উঠে । মুম্বাই হাই অৱস্থানত খনিজ তেলৰ উদ্ঘাটন আৰু ট্রস্থেত পাৰমাণৱিক শক্তি উৎপাদন গােট স্থাপনৰ লগে লগেই এই অঞ্চলত নতুন এলানি উদ্যোগ থুপ খাই পৰে । বৰ্তমান অঞ্চলটোত পৰম্পৰাগত বয়ন উদ্যোগৰ উপৰিও অভিযান্ত্রিক সৰঞ্জাম খনিজ তেল শােধন , পেট্ৰ’ৰাসায়নিক , চামৰা , প্লাষ্টিক , চিন্থেটিক সূতা, ঔষধ , ৰাসায়নিক সাৰ , বৈদ্যুতিক সৰঞ্জাম , জাহাজ নির্মাণ , মটৰগাড়ী , খাদ্য প্রস্তুতকৰণ , তথ্য প্রযুক্তি সৰঞ্জাম প্রভৃতি বিভিন্ন ধৰণৰ উদ্যোগ গ্রুপ খােৱা দেখা যায় । 

( খ ) হুগলী বলয় :-

 হুগলী নদীৰ দুয়ােপাৰে বাঁশবেৰিয়াৰ পৰা দক্ষিণে বিৰলা নগৰ পর্যন্ত প্রায় ১০০ কিঃমিঃ দীঘল এই উদ্যোগ বলয়টো প্রকৃততে কলিকতা কেন্দ্রীক । ১৮৫৫ চনত হাওড়াৰ ১৭ কিঃমিঃ উত্তৰে বিচৰা নামৰ ঠাইত দেশৰ প্ৰথমটো মৰাপাটকল স্থাপন কৰা হয় । দেশ বিভাজনৰ ফলত কলিকতাকেন্দ্রীক মৰাপাট উদ্যোগ কিছু পৰিমাণে সংকটৰ সন্মুখীন হয় । কিন্তু ইতিপূর্বে এই উদ্যোগ বলয়ত ঠন ধৰি উঠাক পাহীবয়ন উদ্যোগৰ পৰিসৰ বহুখিনি বৃদ্ধি পায় । এই উদ্যোগ বলয়ৰ শ্ৰীৰামপুৰ , বেলঘেৰীয়া , নৈহাটী , শ্যামনগৰ প্রভৃতি অৱস্থানত উন্নতমানৰ কাগজৰ উদ্যোগ আৰু কলিকতাকেন্দ্রীক ছপাশাল উদ্যোগ দেশৰ ভিতৰতে শীর্ষ স্থানীয় হৈ পৰে । অভিযান্ত্রিক সৰঞ্জাম , ৰাসায়নিক দ্রব্য , ঔষধ , ৰাসায়নিক সাৰ , যন্ত্রপাতি , খাদ্য প্রস্তুতকৰণ, গাড়ী নির্মাণ প্রভৃতি উদ্যোগসমূহেও এই বলয়ত থিতাপি লয় । 

( গ ) বাংগালুড় – 

চেন্নাই ঔদ্যোগিক বলয় :- বাংগালুডু আৰু চেন্নাই সংযােগী ঔদ্যোগিক বলয়টোৰ ১৯৪৭ চনৰ পাছৰ সময়ছােৱাত ক্ষিপ্র উন্নতি আৰু সম্প্ৰসাৰণ ঘটা দেখা যায় । এই  

বলয়টোত কপাহী বয়ন খণ্ডই শিল্প উদ্যোগৰ বাটকটীয়া । বাংগালুড় , চহৰৰ শিল্প উদ্যোগ ঘাইকৈ যন্ত্রপাতি কেন্দ্রীক । ইয়াত উৰাজাহাজ , ঘড়ী , ঔষধ , চিমেন্ট , দূৰভাষ যন্ত্র , ৰেলৰ চকা , অনার্তাৰ সৰঞ্জাম , ৰবৰৰ সৰঞ্জাম । কাগজ , জুইশলা , চামৰা প্রভৃতি উদ্যোগসমূহ এই বলয়ত দেখা যায় ।

( ঘ ) আহমেদাবাদ-

চুৰাট ঔদ্যোগিক বলয়ঃ গুজৰাটৰ আহমেদাবাদ আনন্দ নড়িয়াদ-বড়ােদৰা কিল’মিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ চোৱাক অবলম্বন কৰি গঢ় লৈ উঠা এই উদ্যোগ বলয়টো সম্প্রতি দক্ষিণে তাপ্তী নদীৰ তীৰৰ সূৰত বৰৰ পৰা বীৰংগ মৰাজকোট হৈ জামনগৰ পর্যন্ত ৫৬০ কিঃমিঃ দীঘল বলয় এটাত পৰিণত হৈছে । ১৮৬০ চনৰ পাছৰ পৰা এই উদ্যোগ বলয়টোৱে ভাৰতৰ সর্বাধিক কাপােৰ উৎপাদনকাৰী কপাহী বয়ন শিল্পৰ বলয় হিচাপে স্বকীয় স্থিতি অক্ষুন্ন ৰাখিছে । ইফালে , কাম্বে উপসাগৰৰ কাষে পাজৰে খনিজ তেলৰ উদঘাটন আৰম্ভ হােৱাৰ পাছত অংকলেশ্বৰ , বড়ােদৰা আৰু জামনগৰ প্ৰভৃতি ঠাইত পেট্র’কেমিকেছ উদ্যোগে গা কৰি উঠিছে । 

কোয়ালি আৰু জামনগৰ তেল শােধানগাৰৰ কেঁচামাল আৰু কাণ্ডালাৰ বন্দৰগাৰ এনে উদ্যোগৰ প্রধান অৱস্থাপক বুলিব পাৰি । পৰম্পৰাগত বয়ন শিল্প আৰু পেট্র’ৰাসায়নিক শিল্পৰ উপৰিও এইটো বলয়ৰ প্ৰধান শিল্প উদ্যোগৰ পৰিসৰত মটৰগাড়ী , ট্রেক্টৰ , ডিজেলৰ পাম্পছেট , বয়ন উদ্যোগৰ যন্ত্রপাতি , কাৰিকৰী সৰঞ্জাম , ঔষধ আৰু খাদ্য প্রস্তুতকৰণৰ লগত জড়িত উদ্যোগসমূহ অগ্রগণ্য । দেশৰ ভিতৰতে সর্বাধিক গাখীৰ উৎপাদনৰ অঞ্চলৰূপে খ্যাত এই অঞ্চলটোৰ আনন্দ , মহেশানা আৰু হিম্মতনগৰত একোটাকৈ সুবৃহৎ কলেৱৰৰ দুগ্ধজাত দ্রব্য প্রস্তুতকৰণ কাৰখানা আছে । 

( ঙ ) ছােটনাগপুৰ ঔদ্যোগিক বলয় :-

 ছােটনাগপুৰ ঔদ্যোগিক অঞ্চলটো পশ্চিম বংগৰ পশ্চিম সীমান্তৰ আচানচোলৰ পৰা ঝাৰখণ্ডৰ ধনবাদ – বােকাৰাে টাটানগৰ হৈ উৰিষ্যাৰ উত্তৰ  অংশৰ ৰুৰকেল্লা হৈচম্বলপুৰ পর্যন্ত বিস্তৃত । এইটো অঞ্চলৰ প্ৰধান উদ্যোগ হৈছে খনি , জলবিদ্যুৎ তাপবিদ্যুৎ আৰু ঘাইকৈ লাে তীখা শিল্প । দামােদৰ উপত্যকা অৱস্থানৰ কয়লা সম্ভাৰ আৰু ঝাৰখণ্ড আৰু উৰিষ্যাৰ আকৰিক লাে অঞ্চলটোৰ শিল্প উন্নয়নৰ প্রাথমিক তথা মৌলিক অৱস্থাপক । ভাৰতৰ সৰ্বমুঠ ১০ টা তীখা উৎপাদন কেন্দ্ৰৰ ভিতৰত ৫ টা কেন্দ্রই এই অঞ্চলত অৱস্থিত লাে তীখা উদ্যোগৰ উপৰিও অঞ্চলটোত অভিযান্ত্রিক উদ্যোগ , যন্ত্রপাতি, ৰাসায়নিক সাৰ , চিমেন্ট , কাগজ , ৰেল – ইঞ্জিন , গুৰু বৈদ্যুতিক সৰঞ্জাম , ধাতুৰ আচবাব প্রভৃতি অনেক ধৰণৰ উদ্যোগ সুপ্রতিষ্ঠিত হৈ আছে । 

( চ ) বিশাখাপট্টনম – গুন্টুৰ ঔদ্যোগিক বলয় :-  

বিশাখাপট্টনম বন্দৰগাহৰ পৰা বিজয়ৱাৰা উণ্টৰ হৈ কুর্ণল পর্যন্ত প্রায় ৬৩০ কিঃমিঃ দীঘল ঔদ্যোগিক অঞ্চলটো ঘাইকৈ বিশাখাপট্টনম কিনাড়া আৰু মছলিপট্টন বন্দৰ তিনিটাৰ পশ্চাভূমিকেন্দ্রীক । কৃষি আৰু খনিজাত দ্রব্যই এইটো অঞ্চলৰ উদ্যোগ সম্ভাৱনাৰ ঘাই পৰিসৰ । ১৯৪১ চনত বিশাখাপট্টনম পোটাশ্ৰয়টোত জাহাজ নির্মাণ উদ্যোগ স্থাপন কৰা হয় । কাকীনাড়া বন্দৰৰ সমীপৰ তাতীপাকা নামৰ ঠাইত আমদানিকৃত খাৰুৱা তেলৰ শােধনাগাৰ স্থাপন কৰাৰ ফলত পেট্র’ৰাসায়নিক উদ্যোগৰ সম্প্ৰসাৰণ আৰম্ভ হয় । অঞ্চলটোৰ আনবােৰ প্রধান উদ্যোগৰ ভিতৰত কাগজ , কপাহী বয়ন শিল্প , চেনী , মৰাপাটৰ বয়ন উদ্যোগ , বাসায়নিক সাৰ , চিমেন্ট , এলুমিনিয়াম , লঘু অভিযান্ত্রিক আহিলা পাতি আৰু খাদ্য প্রস্তুতকৰণ আদিয়েই প্রধান । 

( ছ ) গুৰগাওঁ – দিল্লী – মীৰাট ঔদ্যোগিক বলয়  :- 

খনিজ আৰু শক্তি সম্পদ অৱস্থানৰ পৰা ভালেখিনি নিলগত দেশৰ ৰাজধানী কেন্দ্রীক গুড়গাওঁ দিল্লী – মীৰাট ঔদ্যোগিক বলয় ঘাইকৈ বজাৰ অঞ্চলৰ আধাৰত মূৰ দাঙি উঠিছে । সেয়েহে কম পৰিমাণৰ কেঁচামালৰ পৰা অধিক মূল্যৱান দ্রব্য প্রস্তুত কৰাই হৈছে এই অঞ্চলটোৰ সকলাে শ্রেণীৰ উদ্যোগৰে এক উমৈহতীয়া বৈশিষ্ট্য । ১৯৬০ চনৰ পৰৱৰ্তী চাৰিটা দশকত এইটো বলয়ত ঔদ্যোগিক কাম – কাজৰ পৰিসৰ দেশৰ আন যিকোনাে বলয়ৰ তুলনাত ক্ষিপ্রভাৱে বৃদ্ধি ঘটিছে । বৈদ্যুতিক সৰঞ্জাম , লঘু যন্ত্রপাতি , বস্ত্ৰ উদ্যোগ , ইলেক্ট্রনিকচ সৰঞ্জাম প্রভৃতি এইটো অঞ্চলৰ প্ৰধান ঔদ্যোগিক কাম – কাজৰ ভিতৰত পৰে । তদুপৰি অঞ্চলটোত চেনী , চিমেন্ট , খাদ্য প্রস্তুত , ট্রেক্টৰ , চাইকেল , কৃষি সঁজুলি , ঊণ আৰু কৃত্রিম আঁহৰ বয়ন উদ্যোগ প্রভৃতি বজাৰকেন্দ্রীক নানাবিধ উদ্যোগ গঢ় লােৱা দেখা যায় । 

( জ ) কোল্লম – তিৰুৱপুৰম ঔদ্যোগিক বলয় :- 

দক্ষিণ সীমান্তত তিৰুৱন্তমপুৰম চহৰৰ পৰা ৬৫ কিঃমিঃ উত্তৰৰ কোল্লম পর্যন্ত ঘনীভূত উদ্যোগ মণ্ডল ৰূপত গঢ় লােৱা অঞ্চলটো অধিক উত্তৰ দিশলৈ এলেপণী , এর্নাকুলম , অলৱাই হৈ ত্রিমূৰ জিলা পর্যন্ত এৰাধৰা অৱস্থানৰ মাজেৰে আগবাঢ়ি গৈছে । কপাহী বয়ন শিল্প , গ্লাচ , ৰাসায়নিক সাৰ , চিমেন্ট এলুমিনিয়াম প্রভৃতি উদ্যোগসমূহ বজাৰৰ চাহিদাভিত্তিক গঢ় লােৱা দেখা যায় । ইফালে চেনী , ৰবৰ , জুইশলা , কাগজ , নাৰিকল তেল আৰু মীনকেন্দ্রীক আন এলানি উদ্যোগ অঞ্চলটোত উৎপন্ন হােৱা কেঁচামালৰ আধাৰত  দাঙি উঠে । 

২৫। উদ্যোগ স্থাপনৰ বাবে আৱশ্যকীয় কাৰকবােৰৰ বিষয়ে বর্ণনা কৰা । 

উত্তৰঃ উদ্যোগ স্থাপনৰ বাবে আৱশ্যকীয় কাৰকবােৰৰ বিষয়ে তলত আলােচনা কৰা হলঃ 

( ক ) কেঁচামাল :- 

উদ্যোগত ব্যৱহাৰ হােৱাৰ ফলত ওজন অথবা পৰিমাণ কমি যােবা লক্ষণৰ অথবা অতি কম সময়ৰ ভিতৰতে নষ্ট হােৱা জাতৰ কেঁচামালৰ ওপৰত নিৰ্ভৰশীল উদ্যোগসমূহ নিশ্চিতভাৱেই কেঁচামালৰ উৎপাদনস্থলীৰ মাজে মাজে গঢ় লয় । উত্তৰ প্ৰদেশৰ কুঁহিয়াৰ খেতিৰ এলেকাটোত চেনী উদ্যোগ ; গুজৰাটৰ মহেশানা , হিম্মত নগৰ আৰু আনন্দ নগৰত দুগ্ধ উদ্যোগ । উজনি অসমৰ চাহ বাগিছাৰ মাজে মাজে চাহ প্রস্তুতকৰণৰ কাৰখানা আদি কেঁচামালৰ উপলব্ধতাৰ বাবেই গঢ় লৈ উঠিছে ।

( খ ) শক্তি সম্পদ :- 

অধিক পৰিমাণে শক্তি নির্ভৰ উদ্যোগসমূহ শক্তি সম্পদ নাতি দূৰত গঢ় লয়।উদাহৰণস্বৰূপে , ভাৰতৰ ৰাসায়নিক সাৰৰ বৃহত্তৰ কাৰখানাটো দামােদৰ উপত্যকাৰ কয়লা আৰু জলবিদ্যুৎ উৎপাদনস্থলীত অৱস্থান কৰা দেখা যায় । 

( গ ) বজাৰ :- 

উদ্যোগৰ পৰিসজ্জিত দ্রব্যসমূহৰ পৰিবহণ ব্যয় কেঁচামালৰ কম পক্ষেও সমান হলে উদ্যোগটো বজাৰ অৱস্থানত গঢ় লয় ৷ সেয়েহে গধুৰ যন্ত্রপাতি , গুৰু ৰাসায়নিক দ্রব্য , বস্ত্ৰ উদ্যোগ , তেল শােধনাগাৰ প্ৰভৃতি উদ্যোগসমূহ বজাৰ এলেকাত অৱস্থান কৰা দেখা যায় ।

( ঘ ) পৰিবহণ :- 

কেঁচামাল আৰু পৰিসজ্জিত সম্ভাৰৰ সৰবৰাহৰ সুবিধা গ্রহণ কৰি একোটা অঞ্চলত ঠাইখনৰ লগত খাপ নােখােৱা ধৰণৰ উদ্যোগ কিছুমানাে গঢ় লৈ উঠে । ভূপাল , জবলপুৰ , বৰদৰা , কানপুৰ, লুধিয়ানা প্রভৃতি ভাৰতৰ এক শ্রেণীৰ ঔদ্যোগিক চহৰ গঢ়ি উঠাৰ প্ৰধান কাৰণ হ’ল এনে চৰহসমূহ একাধিক গুৰুত্বপূৰ্ণ ৰেলপথৰ জংচনত অৱস্থিত । 

( ঙ ) শ্রমিক :- 

শ্রমিকবল যিকোনাে উদ্যোগৰ অপৰিহাৰ্য কাৰক । পূৰ্বতে শ্ৰমিকৰ অভাৱে সম্ভাৱনা থকা স্বত্বেও একোটা উদ্যোগ গঢ়ি উঠাত বাধাই দেখা দিছিল । কিন্তু , বর্তমান পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ উন্নতিৰ লগে লগে এইটো কাৰকৰ প্ৰভাৱ যথেষ্ট হ্রাস পাই আহিছে । 

( চ ) ঐতিহাসিক পৃষ্ঠভূমি :-

 ভাৰতৰ ঔদ্যোগিক কাম – কাজৰ আঞ্চলিক বিস্তাৰৰ ওপৰত কিছুমান প্রাচীন পৰম্পৰা আৰু ব্রিটিছ যুগৰ ঔপনিবেশিক আদর্শ জড়িত হৈ আছে । গুজৰাট আৰু মহাৰাষ্ট্ৰৰ কপাহীবয়ন উদ্যোগ , মির্জাপুৰ আৰু ভদোহিৰ দলিচা উদ্যোগ , মুর্শিদাবাদকেন্দ্রীক বয়ন উদ্যোগ অথবা মুদাবাদৰ পিতল উদ্যোগ মধ্যযুগীয় পৰম্পৰাৰ পৃষ্ঠভূমিত সম্প্রসাৰণ ঘটা দেখা যায় । 

( ছ ) ঔদ্যোগিক নীতি :- 

কল্যাণমূখী গণতান্ত্রিক ৰাষ্ট্ৰ হিচাবে দেশখনৰ বিভিন্ন অঞ্চলত সময় পর্যায়ৰ ঔদ্যোগিক বিকাশ ঘটোৱাৰ স্বাৰ্থত ভাৰতৰ নিজস্ব কিছুমান ঔদ্যোগিক নীতি আছে । এনে উদ্যোগ নীতিৰ আধাৰতে অত্যন্ত পিছপৰা জনজাতি এলেকাৰ মাজত ছত্তীচগড়ৰ ভিলাই আৰু উৰিষ্যাই ৰুৰকেল্লাত দুটা বৃহৎ উদ্যোগ স্থাপন কৰা হয় । 

২৬। ভাৰতৰ লাে – তীখা উদ্যোগৰ ওপৰত এটি ভৌগলিক টোকা লিখা । 

উত্তৰঃ ভাৰতৰ সামগ্রিক ভৌগােলিক পৰিবেশ লাে – তীখা উদ্যোগ গঢ় লােৱাৰ উদ্দেশ্যে অনুকুল বুলিব পাৰি । কাৰণ , এই উদ্যোগত কেঁচামাল ৰূপে ব্যৱহৃত লৌহ আক , মেংগানিজ , চুণশিল , ডল’মাইট , কয়লা প্রভৃতি খনিজ সম্প্রদােৰৰ ক্ষেত্ৰত ভাৰত এখন সমৃদ্ধিশালী দেশ । পৃথিৱীৰ ব্যৱহাৰযোগ্য লৌহ আকৰৰ এক পঞ্চমাংশ ভাৰতত সঞ্চিত হৈ আছে । দেশত বার্ষিক লৌহ আকৰৰ উৎপাদন বর্তমান প্রায় সাত কোটি টন । তদুপৰি এই দেশত সম্প্রতি বার্ষিক প্রায় ২ নিযুত টন মেংগানিজ , ১০ কোটি টন চূণশিল , ৩ নিযুত টন ডল মাইট , ৩৫ কোটি টনৰ অধিক পৰিমাণে কয়লা উৎপাদন কৰা হয় । 

এই সম্পদসমূহৰ বিতৰণৰ প্রতি লক্ষ্য কৰিলে দেখা যায় যে , দাক্ষিণাত্য মালভূমিৰ প্রায় সকলাে এলেকাতে লৌহ আকৰ পােৱা যায় । আনহাতে দামােদৰ – মহানদী অৱবাহিকা আৰু গােদাৱৰী অৱবাহিকা অৱস্থান দুটাই ভাৰতৰ কয়লা আহৰণৰ প্রধান অঞ্চল । চুণশিল , ডল’মাইট , মেংগানিজ প্রভৃতি বাকীকেইটা খনিজ সম্পদো এই কয়লাখনিৰ ওচৰে পাজৰে পােৱা যায় । 

সেয়েহে , ভাৰতৰ প্ৰায়কেইটা লাে – তীখা কেন্দ্রই এই কয়লা খনিসমূহৰ ওচৰে – পাজৰে গঢ় লৈছে । কর্ণাটকৰ ভদ্ৰাৱতী আৰু তামিলনাডুৰ চালেম তীখা কাৰখানাৰ অৱস্থান কয়লাখনিৰ ভালেখিনি বিলগত হােৱাত এই দুয়ােটা প্রতিষ্ঠানেই গধুৰ সামগ্রী প্রস্তুতৰ সলনি কম ওজন অথচ অধিক মূল্যৰ নিদাগ তীখাৰ সৰঞ্জাম প্রস্তুত কৰে । বৰ্তমানৰ দৰে তদূৰ ভৱিষ্যতেও ভাৰতৰ প্ৰতিটো বৃহৎ লাে তীখা উদ্যোগেই ১৫-২৪° উত্তৰ অক্ষাংশ আৰু ৭৬° – ৮৮° পূর্ব দ্রাঘিমাংশৰ মাজত থকাৰ সম্ভাৱনাই অধিক । 

২৭। ভাৰতৰ কপাহী বয়ন শিল্প অঞ্চলটোৰ ওপৰত এটি ভৌগলিক টোকা লিখা । 

উত্তৰঃ বর্তমান ভাৰতৰ আশী খনমান চহৰত কপাহী কাপােৰ অথবা কপাহী “ তা প্রস্তুত কৰা যন্ত্রচালিত কলসমূহ সিচৰিত হৈ থকা দেখা যায় । তথাপিও দেশৰ কপাহ খেতিৰ অঞ্চল দুটাত , অর্থাৎ উত্তৰ – পশ্চিম ভাৰত আৰু গুজৰাটৰ পৰা তামিলনাড়ু পর্যন্ত বিস্তৃত বলয়টোত দেশৰ ৪০ শতাংশ কাপােৰৰ কল কেন্দ্রীভূত হােৱা দেখা যায় । উৎপাদনৰ পৰিমাণৰ ফালৰ পৰা মহাৰাষ্ট্র , গুজৰাট আৰু তামিলনাড়ু ৰাজ্যত দেশৰ ৭১.৮ শতাংশ বস্ত্ৰ আৰু প্রায় ৬০ শতাংশ সূতা উৎপাদন কৰা হয় । ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত অৱস্থিত ১২৫ টা কলত দেশৰ মুঠ উৎপাদনৰ ৪৩ শতাংশ বস্ত্ৰ আৰু ১৭ শতাংশ সূতা উৎপাদন কৰা হয় । 

এই ৰাজ্যৰ মুঠ ১২৫ টাকলৰ ভিতৰত ৬৩ টা মুম্বাই চহৰত অৱস্থিত । কোলহাপুৰ , সাতা , ৱাৰ্ধা , নাগপুৰ , আকোলা , শোলাপুৰ , পুণে , আমৰাৱতী , জলগাঁও প্রভৃতি চহৰসমূহত বাকীকলসমূহ সিচৰিত হৈ আছে । গুজৰাটৰ ১১৮ টা কলৰ ভিতৰত আহমেদাবাদত ৭৩ টা আৰু বাকী ৪৫ টা কল বড়ােদ , ৰাজকোট , ভৱনগৰ , পােৰবন্দৰ প্রভৃতি স্থানত অৱস্থিত । তামিলনাড়ু ৰাজ্যৰ ৪৪০ টা বয়ন শিল্প প্রতিষ্ঠানৰ ২০০ টা কইম্বাটোৰ চহৰত অৱস্থিত । 

চেন্নাই , মাদুৰাই , তিৰুচিৰাপল্লী , তিৰুনেলবেল্লী , চালেম , টুটিকোৰিণ প্রভৃতি চহৰসমূহত বাকী প্রতিষ্ঠানসমূহ সিঁচৰিত হৈ আছে । দেশৰ বিকেন্দ্রীকৃত বয়ন উদ্যোসমূহৰ ভিতৰত উত্তৰ প্ৰদেশত ৫২ টা পশ্চিমবংগত ৩৮ টা , কর্ণাটকত ৩২ টা , কেৰেলাত ২৬ টা , ৰাজস্থানত ১৮ টা আৰু মধ্য প্রদেশত ২৪ টাকল আছে । কর্ণাটকৰ কপাহ কলসমূহ ঘাইকৈ ৰাজ্যখনৰ উত্তৰ – পূৱ অৱস্থানৰ কপাহ খেতিৰ অঞ্চলটোত গঢ়ি উঠা দেখা যায় । 

দেৱানগিৰি , হুঘলী , বেলাড়ি , মহীশূৰ আৰু বাংগালুৰু প্রভৃতি চহৰসমূহ ৰাজ্যখনৰ কপাহী বয়ন উদ্যোগৰ প্রধান কেন্দ্র । অন্ধ্রপ্রদেশৰ তেলেংগানাৰ অন্তৰ্গত কপাহ , খেতিৰ বলয় অৱস্থানত এই উদ্যোগৰ সৰ্বাধিক সম্প্ৰসাৰণ চকুত পৰে । হায়দৰাবাদ , ছেকেন্দ্রাবাদ , কাজীপেট আৰু গুন্টু প্রভৃতি চহৰসমূহত এই উদ্যোগ অধিক ঘনীভূত হােৱা দেখা যায় । 

২৮৷ ভাৰতৰ চেনী উদ্যোগৰ ওপৰত এটি ভৌগলিক টোকা লিখা ।

উত্তৰঃ ১৯০৩ চনত বিহাৰৰ দ্বাৰভংগাত ভাৰতৰ প্ৰথমটো চেনীল স্থাপন কৰা হয় । পৰৱর্তী পর্যায়ত বিহাৰ , উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ বিভিন্ন স্থানত চেনীকল স্থাপন কৰা হয় । মহাৰাষ্ট্ৰত ভাৰতৰ সর্বাধিক চেনী উৎপাদন কৰা হয় । এইখন ৰাজ্যত অৱস্থিত ১৫০ টা চেনিকলৰ ভিতৰত মনমাদ চহৰৰ পৰা আহমদনগৰ , বােন্দ , পুণে , সতাৰা আৰু সাংগলী হৈ কোলাপুৰলৈ ৰেলপথটোৰ কাষত মুঠতে ৮৭ টা চেনীল পােৱা যায় । দেশৰ দ্বিতীয় বৃহৎ চেনী উৎপাদনকাৰী ৰাজ্য উত্তৰ প্ৰদেশত আকৌ গংগা – যমুনা দোৱাৰ আৰু ৰাই কাটিবন্ধত অধিক সংখ্যক চেনীকল দেখা যায় । গংগা – যমুনা দোৱাৰ কাটিবন্ধ অৱস্থানত সহানপুৰ , দেওবন্দ , মুজাফৰ নগৰ , মিৰাট , গাজিয়বাদ , বুলন্দ চহৰ, বাঘপত , ফৰুখাবাদ প্রভৃতি অৱস্থানতে অধিকসংখ্যক চেনীকল আছে । 

দক্ষিণ ভাৰতত চেনী উদ্যোগৰ কেন্দ্ৰসমূহ তামিলনাড়ু আৰু অন্ধ্রপ্রদেশত বিস্তৃত আৰ্হিত পােৱা যায় । তামিলনাডুৰ কইম্বাটুৰ , ভেলােৰ , বিলুপৰম , তিৰুচিৰাপল্লী , তিৰনেলবেল্লী , মাদুৰাই প্রভৃতি চহৰসমূহ এই উদ্যোগৰ প্ৰধান কেন্দ্র । অন্ধ্রপ্রদেশত আকৌ উপকূলীয় বলয়ৰ পূৱ আৰু পশ্চিম গােদাৱৰী আৰু বিশাখাপট্টনম জিলা তিনিখন , তেলেংগানা অঞ্চলৰ চিটুৰ জিলা  আৰু ৰায়লসীমা অঞ্চল , মােক , নিজামাবাদ প্রভৃতি জিলাসমূহত চেনীকলসমূহ সিচৰিত হৈ আছে । কর্ণাটক ৰাজ্যত মহীশূৰৰ উত্তৰে অৱস্থিত চিমােগা আৰু ইয়াৰ পূর্বে চিত্রদূৰ্গ আৰু তুংগভদ্রা নদী উপত্যকাৰ বেলাড়ি প্রভৃতি জিলাসমূহেই চেনীউদ্যোগৰ প্রধান কেন্দ্র । দেশৰ আনবােৰ চেনী উৎপাদনকাৰী ৰাজ্যৰ ভিতৰত বিহাৰৰ সাৰণ , পূৱ – চম্পৰিণ , মজঃফাৰপুৰ , সীৱান , দ্বাৰভাংগা আৰু গয়া জিলাত ভালে সংখ্যক চেনীকল আছে । পঞ্জাবত ঘেঁহু আৰু ধান খেতিত অগ্রাধিকাৰ প্ৰদানৰ ফলত চেনী উদ্যোগৰ গতি স্তব্ধপ্রায় হােৱাই দেখা গৈছে । 

২৯। মুম্বাই পুনে ঔদ্যোগিক অঞ্চলৰ প্ৰধান বৈশিষ্ট্য আলােচনা কৰা । 

উত্তৰঃ মুম্বাই চহৰাঞ্চলৰ পৰা ঠাণে – কল্যাণ – পিম্পৰী হৈ পুণে ৰে’লপথ কেন্দ্রিক এই ঔদ্যোগিক বলয়টোৱে ওচৰৰ নাসিক আৰু শোলাপুৰ জিলা দুখনকো সামৰি লৈছে । তদুপৰি ইয়াৰ সান্নিধ্যত থকা কোলাবা , আহমেদনগৰ , সতা , সাংগলি আৰু জলগাঁও প্রভৃতি জিলাসমূহতাে ঔদ্যোগিক ত্বৰায়ন ঘটাইছে । কপাহ খেতি অঞ্চলত অৱস্থিত এইটো বলয়ত কপাহী বয়ন শিল্পৰ মাধ্যমত ঔদ্যোগীকৰণ আৰম্ভ হৈছিল । ১৮৬৯ চনত চুৱেজ খাল মুকলি কৰাৰ লগে লগে এই ঔদ্যোগিক বলয়ৰ নাভিবিন্দু মুম্বাই বন্দৰ হৈ অঞ্চলটোলৈ যন্ত্রপাতি আমদানি আৰু বস্ত্র – সম্ভাৰ ৰপ্তানিৰ পথ অধিক সুচল হৈ পৰে । এইটো ঔদ্যোগিক এলেকা কয়লাখনিৰ পৰা যথেষ্ট নিলগত । সেয়েহে অঞ্চলটোৰ প্ৰায়বােৰ শিল্প প্রতিষ্ঠানেই সহ্যাদ্রিৰ পৰা আৰব সাগমুখী । মৌচুমীপুষ্ট নদীসমূহত উৎপাদিত জলবিদ্যুৎ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি চলে । 

কপাহী বয়ন উদ্যোগৰ প্রায় সমান্তৰালভাৱেই অঞ্চলটোত ৰাসায়নিক খণ্ডৰ উদ্যোগেও মূৰ দাঙি উঠে । মুম্বাই হাই অৱস্থানত খনিজ তেলৰ উদঘাটন আৰু ট্রম্বেত পাৰমাণৱিক শক্তিৰ উৎপাদন গােট স্থাপনৰ লগে লগেই এই অঞ্চলত নতুন এলানি শিল্প উদ্যোগ গ্রুপ খাই পৰে । বর্তমান অঞ্চলটোত পৰম্পৰাগত বয়ন উদ্যোগৰ উপৰিও অভিযান্ত্রিক সৰঞ্জাম , খনিজ তেলৰ শােধনু , পেট্র’ৰাসায়নিক , চামড়া , প্লাষ্টিক , চিন্থেটিক সূতা , ঔষধ , ৰাসায়নিক সাৰ , বৈদ্যুতিক সৰঞ্জাম , জাহাজ নির্মাণ , মটৰগাড়ী , খাদ্য প্রস্তুতকৰণ , তথ্য প্রযুক্তি সৰঞ্জাম প্রভৃতি অলেখ লক্ষণৰ উদ্যোগ উপর্যুপৰি থুপ খােৱা দেখা যায় । এই উদ্যোগ বলয়ৰ উল্লেখযােগ্য ঔদ্যোগিক কেন্দ্রসমূহ হৈছে মুম্বাই , বান্দৰা , কোলাবা , ঠাণে , কল্যাণ , উল্লাস নগৰ , লােনাৱলা , পিম্পৰী , পুণে , ট্রম্বে , নাসিক , মনমাদ , শােলাপুৰ , আহমেদনগৰ , সৰা , সাংগলি , পনৱেল আৰু কোলাপুৰ ।

Leave a Reply