NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-8(ক) সমসাময়িক পাৰিৱেশিক সমস্যাসমূহ

NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-8(ক) সমসাময়িক পাৰিৱেশিক সমস্যাসমূহ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-8(ক) সমসাময়িক পাৰিৱেশিক সমস্যাসমূহ

NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-8(ক) সমসাময়িক পাৰিৱেশিক সমস্যাসমূহ

 পাঠভিত্তিক আৰু অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰ

 চমু প্রশ্নোত্তৰ → প্ৰতিটোত ৩/৪ নম্বৰকৈ

 প্রশ্ন ১ : পানীৰ উপকাৰিতাসমূহ লিখা।

 উত্তৰ : পানীৰ উপকাৰিতাসমূহ হ’ল—

  1.  জীৱন-ধাৰণৰ বাবে পানীৰ আৱশ্যক।
  2. পানীয়ে গছ-গছনিৰ বিকাশ সাধ কৰি প্ৰাণীৰ আহাৰৰ যোগান ধৰে।
  3. পানীয়ে গোটা, জুলীয়া আৰু গেচীয় অৱস্থা ধাৰণ কৰাৰ বাবে পৰিবেশীয় ভাৰসাম্য আৰু জলচক্র বা বতৰচক্ৰ ৰক্ষা কৰে।
  4. পানীৰ কাৰণে মীম পালন বা আন জলজ সম্পদৰ পৰিচালনা সম্ভৱ হৈছে।
  5. বোৱতী পানীয়ে পৰিবেশ পৰিষ্কাৰ কৰাত সহায় কৰে। ইয়াৰ উপৰিও জল পরিবহন আৰু পৰ্যটন উদ্যোগৰ বিকাশ।
  6. বোৱতী পানীত বান্ধ দি জলসিঞ্চন আৰু বিদ্যুৎ শক্তিৰ উৎপাদন কভি পাৰি।

 পানী এটা মূল্যবান প্রাকৃতিক সম্পদ। প্ৰত্যেকটো জীৱৰ দেহত 65-76% পানীয়েই থাকে ৷ পৃথিৱীৰ পানী অনায়াহে পোৱা যায় যদিও ইয়াৰ 97% অংশ সাগৰত লুণীয়া পানী হিচাপে থকাৰ বাবে ব্যৱহাৰৰ অনুপযোগী। বাকী 3% অংশক সতেজ পানী হিচাপে পোৱা যায়। এই কম পৰিমাণৰ পানীৰ এটা বুজন পৰিমাণ পৃথিৱীৰ মেৰু অঞ্চলত বৰফ হিচাপে থাকে। কেৱল 0:003% গানীতে ভূমিজল আৰু পৃষ্ঠজল হিচাপে ব্যৱহাৰ কৰিব পৰা পানী থাকে। সাধাৰণতে নদীৰ পাৰতেই প্রাচীন সভ্যতাৰ বিকাশ হোৱা দেখা যায়। কিন্তু এনে নদীতেই অবশেষ বিলাক পেলাবলৈ লোৱাত এই পানী কলুসিভ (Polluted) হৈছে । 

জনসংখ্যা বৃদ্ধিৰ লগে লগে সতেজ পানীৰ ওপৰত সাংঘাতিক চাপ পৰিছে। 2004 চনত পৃথিৱীৰ দুই-তৃতীয়াংশ জনসংখ্যাৰ খোৱা পানীৰ অভাৱত ভূগিক লাগিব। উন্নত দেশবিলাকৰ প্ৰতিটো পৰিয়ালে উন্নয়নশীল দেশতকৈ বহুগুণে বেছি সতেজ পানী ব্যৱহাৰ কৰে 

প্রশ্ন ২ঃ বৰষুণৰ পানীৰ সংৰক্ষণ কি? বৰষুণৰ পানী সংৰক্ষণৰ উদ্দেশ্য কি?

 উত্তৰ: বৰষুণৰ পানীৰ সংৰক্ষণ বা কৰ্ষণ হৈছে পকী বা টিন, আদিব নির্মিত ঘৰৰ ছাল আৰু পকী চোতালৰ পৰা বৰষুণৰ পানী সংৰক্ষণ কৰা কৌশল। বৰষুণৰ পানী সংৰক্ষণ আৰু জমা কৰা ব্যৱস্থাই ভূগর্ভৰ পানীও বৃদ্ধি কৰে। কুঁৱা, গাঁত, লেগুন, চেক বাদ্ধ আদি বৰষুণৰ পানী ধৰিবলৈ ব্যৱহাৰ কৰা বিশেষ আধাৰসমূহৰ নিৰ্মাণৰ জৰিয়তে ভুগৰ্ভৰ পানীৰ পৰিমাণ বৃদ্ধি পায়। আজিকালি খৰাং দিনত পানীৰ অভাব দূৰ কৰিবলৈ নগৰাঞ্চলৰ লগতে গ্রামাঞ্চলত ঘৰুৱা কাম-কাজত ব্যৱহাৰ কৰা পানীৰ অভাৱ পূৰণ কৰিবলৈ বৰষুণৰ পানী সংৰক্ষণ কৰা ব্যৱস্থা বৃদ্ধি পাইছে।

 বৰষুণৰ পানী সংৰক্ষণৰ উদ্দেশ্যসমূহ হৈছে– 

  1.  বাগৰি গৈ নষ্ট হোৱা কাৰ্য হ্রাস কৰা। 
  2. পানীৰ বৰ্ধিত চাহিদা পূৰণ কৰা। 
  3. ভূগৰ্ভৰ পানীৰ ওপৰত পৰা হেঁচা হ্ৰাস কৰা। 
  4. পানীক পুনৰ একলগ কৰি ৰখা প্ৰক্ৰিয়াৰে ভূগৰ্ভৰ পানীৰ মান বৃদ্ধি কৰা।

 প্রশ্ন ৩ঃ বৰষুণৰ পানী সংৰক্ষণৰ সুবিধাসমূহ কি ? 

উত্তৰ: বৰষুণৰ পানী সংৰক্ষণৰ সুবিধাঃ খৰচত – কৌশল উত্ত পৃথিৱীৰ পান যোৱাটে কৰিব প আৰু স ক্রমশঃ পান 

  1. এই ব্যৱস্থাৰে যি ঠাইতে আৱশ্যক সেই ঠাইতে পানীৰ এটা উৎস গঢ়ি ল’ব পাৰি।
  2. এই ব্যৱস্থাটো কম ঘৰচী আৰু প্ৰত্যেক পৰিয়ালে বৰষুণৰ পানী পুনৰ ব্যৱহাৰ কৰিবৰ বাবে প্রয়োজনীয় সহজ ব্যৱস্থাটো সহজে কৰি ল’ব পাৰে।
  3. ফ্ল’ৰাইড, আৰ্চেনিক, লো (আইৰণ) আদি ৰাসায়নিক দ্রব্যসমূহ বৰষুণৰ পানীত নাথাকে। 
  4.  যিহেতু বিশ্বৰ বহু চহৰত এতিয়া ভূমিজলৰ সমস্যা গুৰুতৰ সেয়ে ঘৰৱা আৰু অন্যান্য ক্ষেত্ৰত বৰষুণৰ পানীৰ ব্যৱহাৰে ভূমিজলৰ ওপৰত চাপ হ্রাস কৰে।
  5. জৰীকালীন সময় আৰু ৰাজহুৱা পানী যোগান ব্যৱস্থা অকামিলা বা বিফল হোৱাৰ সময়ত ই অতি প্রয়োজনীয় ভাণ্ডাৰ হিচাপে কাম কৰে। 
  6. বৰষুণৰ পানী সংগ্ৰহ ব্যৱস্থাটো সৰল হোৱা বাবে সাধাৰণ মানুহে কম খৰচত বৰষুণৰ পানী জমা কৰা, এটা ভাঙাৰ টেংক নিৰ্মাণ কৰা আদি কাৰিকৰী কৌশল সহজে শিকি ল’ব পাৰে। 

Content Environmental science

Sl. No.Chapter NameLink
Chapter 1পৰিবেশৰ ধাৰণাClick Here
Chapter 2বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা আৰু সমস্যাClick Here
Chapter 3পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱClick Here
Chapter 4সমসাময়িক পাৰিৱেশিক সমস্যাসমূহClick Here
Chapter 5পাৰিবেশিক সংৰক্ষণClick Here
Chapter 6বহনক্ষম উন্নয়নClick Here
Chapter 7পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱClick Here
Chapter 8 (ক)সমসাময়িক পাৰিৱেশিক সমস্যাসমূহClick Here
Chapter 8 (খ)পাৰিবেশিক সংৰক্ষণClick Here

ৰচনাধৰ্মী প্রশ্নোত্তৰ প্ৰতিটোত ৫/৬ নম্বৰকৈ

 প্রশ্ন ১ : পানী সংৰক্ষণৰ গুৰুত্ব আৰু উপায়সমূহ ব্যাখ্যা কৰা।

 উত্তৰ : গৱেষণামূলক অনুসন্ধানৰ পৰা দেখা গৈছে যে, অনাগত দিনবোৰত পৃথিৱীৰ বহু অঞ্চলৰ পানীৰ নাটনি হ’ল। পানীৰ অভাৱৰ এটা প্রধান দিশ হ’ল ভূ-গৰ্ভৰ পানীৰ স্তৰ তললৈ নামি যোৱাটো। পানীৰ অভাৱত এনেদৰে উদ্ভৱ হোৱা সমস্যা কিছু পৰিমাণে লাঘর কৰিব পাৰি পানীৰ সংৰক্ষণৰ জৰিয়তে। পানীৰ সংৰক্ষণে ইয়াৰ অপচয় ৰোধ আৰু সঠিক ব্যৱহাৰত বুজায়। কিন্তু জনসংখ্যা বৃদ্ধিৰ বিপৰীতে পানীৰ চাহিদা ক্রমশঃ বৃদ্ধি পাইছে৷ উদাহৰণস্বৰূপে ভাৰতৰ কথাকে ক’ব পাৰি। পানীৰ উল্লেখিত নাটনি দূৰ কৰিবলৈ পানীৰ সংৰক্ষণ কৰিব লাগিব। পানী সংৰক্ষণৰ বিভিন্ন উপায়বোৰ হ’ল 

  1.  ৰাজস্থানত পানীৰ সংৰক্ষণৰ বাবে অৱলম্বন কৰা এটা পৰম্পৰাগত পদ্ধতি হ’ল ঘৰৰ ছালৰ পানী এটা পাইপেৰে কাযত সাজি থোৱা চৌবাচ্চাত পেলোৱা হয় আৰু সেই জমা হোৱা পানী ঘৰুৱা কামত ব্যৱহাৰ কৰা হয়।
  2.  গুজৰাটৰ কুচ্ছ জিলাত বসবাস কৰা লোকে কিছুমান বাম নাদ খান্দি সেই নাদবোৰত বৰষুণৰ পানী জমা কৰি থয়। এইদৰে জমা হোৱা পানী মাটিয়ে শুহি লোৱাৰ পাছত ই ভূ-গৰ্ভৰ সৱণযুক্ত পানীৰ ওপৰত অৱস্থান লাভ কৰে। এই পানী ঘৰুৱা ব্যৱহাৰৰ উপযোগী হৈ পৰে।
  3. আমাৰ দেশৰ বিভিন্ন অঞ্চলত জলসিঞ্চনৰ বাবে বিভিন্ন ধৰণে পানী সংগ্ৰহ আৰু সংৰক্ষণ কৰা হয়। উদাহৰণস্বৰূপে লাডাখত আবেলি যেতিয়া বৰফবিলাক গলি পানী হৈ যায় তাক নলাত সংৰক্ষণ কৰি কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয়।
  4.  উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলবোৰত বাঁহেৰে সজা নলীৰে শিলৰ পৰা নিজৰ ওলোৱা পানী সংগ্ৰহ কৰি মজুত কৰা হয়। এনে পানী খেতিপথাৰত আৰু ঘৰুৱা কামত ব্যৱহাৰ কৰা হয়।
  5. বাংলাদেশ আদিৰ দৰে দেশত পানী সংৰক্ষণৰ বাবে এতিয়াও বৃহৎ আকাৰত পুখুৰী খণ্ডা হয়। বাৰিয়া সেই পুখুৰীবোৰ পানীৰে পুৰ কৰি পিছত ব্যৱহাৰ কৰা হয়।
  6.  পাহাৰৰ পাদদেশ অঞ্চলত বিশেষকৈ খৰালি পাহাৰী নিজৰাবোৰত বান্ধ দি পানী শসা পথাৰলৈ বোৱাই দিয়া হয়।
  7. অসমত পানী সংৰক্ষণৰ আন এটা পৰম্পৰাত ব্যৱস্থা হ’ল বাৰীত চাৰিওফালে গড় খাৱৈ খন্দা। এই খাৱৈবোৰত বাৰিয়া পানী জমা হৈ খৰাং দিনত এই পানী গৰু-ম’হ, হাঁহ, কুকুৰাৰ বাবে প্ৰয়োজন হয়। তাৰ উপৰি এই পানীৰ পৰা খেতিপথাৰবিলাক জীপাল কৰি জলসিঞ্চনৰ সুবিধা প্ৰদান কৰে।
  8. পুৰণি কালত কিছুমান ঠাইত বাৰিষা ডাঙৰ ডাঙৰ পুখুৰী বা কুৱা খান্তি তাত পানী জমা কৰি ৰাখিছিল। পিছত পানীৰ নাটনিৰ সময়ত সেই বানী ব্যৱহাৰ কৰিছিল। 

পানীৰ সংৰক্ষণ বোলোতে কেৱল বৰষুণৰ পানীৰ সংৰক্ষণ আৰু নৈ, নিজৰাৰ পানী কামত লগোৱাটোকে নুবুজায়, একে সময়তে ই ভূ-গৰ্ভৰ পানীৰ অপচয় ৰোধ কৰাটোকো বুজায়। কোনো কামত নলগোৱাকৈ বৰষুণৰ পানী বৈ যাবলৈ দিয়াটো যেনেকৈ অপচয় ঠিক সেইদৰে ভূ-গৰ্ভৰ পানী ব্যয়বহুলভাৱে খৰছ কৰাটোও অপচয়মূলক। সেয়েহে ঘৰুৱা কামত বা খেতি-বাতিৰ কামত পানী ব্যৱহাৰ কৰোতে মিতব্যয়ী হোৱাটো প্ৰয়োজন আৰু অবাবত পানী নষ্ট কৰাৰ পৰা বিৰত থকা উচিত।

This Post Has 2 Comments

Leave a Reply