NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-7 পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱ

NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-7 পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-7 পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱ

NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-7 পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱ

 পাঠভিত্তিক আৰু অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰ 

অতি চমু প্রশ্নোত্তৰ » প্রতিটোত ১/২ নম্বৰকৈ

 (ক) জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ আইনৰ সপ্তম অধ্যায়ত সন্নিবিষ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ ধাৰাকেইটা উল্লেখ কৰা। 

উত্তৰ : ২৪, ২৫, ২৬ নং ধারা।।

 (খ) ভাৰতবৰ্ষৰ পৰিবেশ সংৰক্ষণ) আইন কেতিয়া বলবৎ হয়? 

উত্তৰ: ১৯৮৬ চনত।

 (গ) পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে ১৯৭৫ চনত বলবৎ কৰা আইনখন কেতিয়া সংশোধন কৰা হয়?

 উত্তৰঃ ১৯৭৮ চনত। 

(ঘ) ১৯৭২ চনৰ সংযুক্ত ৰাষ্ট্ৰ সম্মিলনৰ মানৱ পৰিবেশ সম্মিলনখন ক’ত অনুষ্ঠিত হৈছিল

উত্তৰঃ ছুইডেনৰ ষ্টকহমত। 

(ঙ) ‘জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ শুল্ক আইন ১৯৭৭’ কেতিয়া বলবৎ কৰা হয় ? 

উত্তৰ : ১৯৭৮ চনৰ ১লা এপ্ৰিলৰপৰা। 

→ ৰচনাধৰ্মী প্রশ্নোত্তৰ > প্ৰতিটোত ৫/৬ নম্বৰকৈ 

প্রশ্ন ১ : পৰিবেশ সুৰক্ষা সম্পৰ্কীয় আইন-কানুনৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা। 

উত্তৰ ঃ পৰিবেশৰ বিভিন্ন দিশত হোৱা অৱনতিৰ বিষয়ে লক্ষ্য কৰি বিশ্বৰ বিভিন্ন দেশে পৰিবেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান আইন প্রণয়ন কৰিছে। পৰিবেশ সুৰক্ষাৰ আইন-কানুনসমূহৰ উৎপত্তি স্থল হৈছে ৰাষ্ট্ৰসংঘ। ১৯৬৮ চনৰ ৩০ জুলাইৰ দিনা ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদে আমাৰ বাসভূমি পৃথিৱীৰ মানৱীয় পৰিবেশৰ সমস্যাৰাজি পৰ্যালোচনা কৰিবলৈ এখন আন্তর্জাতিক সভা পথাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এই ঐতিহাসিক প্ৰস্তাৱটো সেই বছৰৰে ৩ ডিচেম্বৰৰ দিনা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰি অনুমোদন জনায়। সেই প্রস্তাৱটোৰ কিছু অংশ এনেধৰণৰ – “সাধাৰণ পৰিষদ প্রতীয়মান হৈছে যে, আনুমানিক বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানৰ উন্নয়নৰ ফলত মানুহ আৰু পৰিবেশৰ সম্বন্ধত এক সৰ্বাত্মক পৰিৱৰ্তনে গা কৰি উঠিছে।” 

“এইটোও জ্ঞাত হৈছে যে, এই উন্নত ব্যৱস্থাই মানৱীয় পৰিবেশৰ সৰ্বাত্মক পৰিৱৰ্তনৰ মাধ্যমেৰে মানুহৰ প্ৰয়োজনীয় সম্পদৰ চাহিদা আৰু আশা-আকাংক্ষা পূৰণ কৰিবলৈ এক আশাতীত সুযোগ দিছে।” ৰাষ্ট্ৰসংঘৰ উপৰি উক্ত মূল আধাৰস্বৰূপ প্ৰভাৱটোত সংযোজিত অন্যান্য গুৰুত্বপূৰ্ণ দিশসমূহ হৈছে – 

পার্থিব পৰিবেশৰ পৰিৱৰ্তিত পৰিস্থিতিত মানৱীয় পৰিবেশৰ অধোগতি, মানৱ সমাজৰ অৰ্থনীতি আৰু সামাজিক অৱস্থা, আন্তর্জাতিক সমন্বয়, পৰিবৰ্তিত অৱস্থাৰ অধ্যয়ন আৰু গৱেষণা, ৰাষ্ট্ৰসংঘৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সুসংহত ব্যৱস্থাৱলী প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদৰাজি সংৰক্ষণ, ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু আন্তর্জাতিক পর্যায়ত সুসমন্বয়, ৰাষ্ট্ৰসংঘৰ দ্বাৰা সমন্বয়সূচক আঁচনি, বিশ্ববাসীৰ প্ৰকৃতি আৰু পৰিবেশ সম্বন্ধে ধাৰণা আৰু অনুভূতি। 

অৱশ্যে গোলকীয় ভিত্তিত পৰিবেশ সুৰক্ষাৰ সজাগতা সৃষ্টি হয় ১৯৭২ চনৰ চুইডেনৰ ষ্টকহ’মত হোৱা সংযুক্ত ৰাষ্ট্ৰৰ মানৱজাতি আৰু পৰিবেশৰ বিষয়ে হোৱা অভিৱৰ্তনৰ পাছৰ পৰা। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ এই প্ৰস্তাৱমৰ্মে বিশ্বৰ ২৮ খন দেশ আৰু অভিজ্ঞ আৰু দক্ষতাপূৰ্ণ প্ৰতিনিধিৰ উপস্থিতিত ১৯৭২ চনৰ ৫ জুনৰ পৰা ১৬ জুন পর্যন্ত সুদীর্ঘ বাৰ দিন ধৰি এই পৰিবেশ মহাসভাখন ষ্টকহমত অনুষ্ঠিত হৈছিল। এই আন্তর্জাতিক সভাত বিশ্ববাসীৰ বাবে নিম্নোলিখিত সূচনাখন জাৰি কৰা হয়— 

“মানুহ হৈছে তেওঁৰ নিজৰ পৰিবেশৰ স্ৰষ্টা আৰু ৰূপান্তকাৰী আৰু এনেকৈয়ে তেওঁ নিজৰ বাবে প্ৰয়োজনীয় সম্পদ আৰু আহিলা আহৰণ কৰি আহিছে আৰু সেই পৰিবেশতেই তেওঁ বৌদ্ধিক, চাৰিত্ৰিক, সামাজিক আৰু আধ্যাত্মিকভাৱে আগুৱাই যাবলৈ সুযোগ পাইছে। মানুহে সুদীৰ্ঘ কালৰ জটিল বিৱৰ্তনৰ পথেৰে গতি কৰোঁতে বিজ্ঞান আৰু প্ৰযুক্তি কৌশলৰ বৰ্তমানৰ এক গতিশীল উল্লেখনীয় ধাদৰাত উপনীত হৈছেহি আৰু মানুহেই প্ৰকৃতি আৰু পৰিবেশক বিচাৰবিহীন আৰু অস্বাভাৱিকভাৱে ৰূপান্তৰিত কৰিবলৈ এক শক্তি পাইছে। প্রকৃতিপ্রদত্ত আৰু মানুহৰ বাবে সৃষ্ট এই দুয়োটা অৱস্থাই মানৱ সমাজৰ কল্যাণ আৰু ভোগ-বিলাসৰ বাবে আৱশ্যক। 

বিশ্ববাসীৰ কল্যাণ আৰু অৰ্থনৈীতক উন্নয়নৰ বাবে মানৱীয় পৰিবেশৰ সুৰক্ষা আৰু উন্নতি সাধন অতি গুৰুত্বপূৰ্ণ দিশ। এইক্ষেত্ৰত সকলো চৰকাৰৰে দায়িত্ব থকাটো উচিত। এই নীতি নিৰ্ধাৰক সুদীৰ্ঘ প্ৰস্তাৱনাটোত সন্নিৱিষ্ট হোৱা আন কেতবোৰ দিশ হৈছে—

 প্ৰতিখন সদস্য ৰাষ্ট্ৰই পৰিবেশ সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্রণ, পৰিবেশৰ সমস্যাৱলীৰ অনুধাৱন আৰু প্ৰতিবেদন যুগুত কৰা, আন্তর্জাতিক সমন্বয়, পৰিবেশ সংৰক্ষণধর্মী উন্নয়নৰ নীতি আৰু আইন-কানুন ৰচনা কৰি সেইবোৰ বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ কৰি পৰিবেশ সুৰক্ষাৰ মাধ্যমেৰে ঔদ্যোগিক প্ৰগতি তথা উন্নয়ন প্রক্রিয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত সুস্পষ্ট নীতি নিৰ্ধাৰণ কৰা। 

প্ৰকৃতাৰ্থত ৰাষ্ট্ৰসংঘৰ উপৰি উক্ত প্রস্তাৱনাসমূহ আৰু ১৯৭২ চনৰ ষ্টকহম মহাসভাৰ গৃহীত হোৱা সূচনাৱলীয়েই হৈছে আধুনিকযুগৰ আন্তৰ্জাতিক পৰিবেশ সংৰক্ষণৰ নীতিৰ ভেটি। এই আন্তর্জাতিক প্ৰস্তাৱসমূহ তথা সূচনাৱলীৰ ভিত্তিতে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহত পৰ্যায়ক্রমে পৰিবেশ সুৰক্ষা নীতি আৰু আইনসমূহ ৰচনা কৰা হৈছে।

Content Environmental science

Sl. No.Chapter NameLink
Chapter 1পৰিবেশৰ ধাৰণাClick Here
Chapter 2বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা আৰু সমস্যাClick Here
Chapter 3পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱClick Here
Chapter 4সমসাময়িক পাৰিৱেশিক সমস্যাসমূহClick Here
Chapter 5পাৰিবেশিক সংৰক্ষণClick Here
Chapter 6বহনক্ষম উন্নয়নClick Here
Chapter 7পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱClick Here
Chapter 8 (ক)সমসাময়িক পাৰিৱেশিক সমস্যাসমূহClick Here
Chapter 8 (খ)পাৰিবেশিক সংৰক্ষণClick Here

 প্রশ্ন ২ঃ পৰিবেশীয় আইন বলবৎ‍ কৰিবলৈ যাওঁতে কেনেবোৰ সমস্যাৰ সম্মুখীন হ’বলগীয়া হয় ? 

উত্তৰ : পৰিবেশ সুৰক্ষাৰ দিশত প্ৰায়বোৰ দেশতে কেতবোৰ আইন প্ৰণয়ন কৰা হৈছে। এই আইনসমূহ বলৱৎ কৰিবলৈ সংশ্লিষ্ট বিভাগে কেতবোৰ মান নিৰ্ধাৰণ কৰে। অৰ্থনৈতিক উন্নতিৰ স্বাৰ্থত কিছু পৰিমাণে পৰিবেশীয় অৱনতি স্বীকাৰ কৰা হয়। ইয়াকে পৰিবেশীয় মানদণ্ড বোলা হয়। পৰিবেশ সম্পৰ্কীয় আইনসমূহ বলৱৎ কৰিবলৈ যাওঁতে উদ্ভৱ হোৱা সমস্যাবোৰ হ’ল—

  1.  আইনসমূহ বলৱৎ‍ কৰিবলৈ যাওঁতে পৰিবেশীয় অৱনতি সঠিক ৰূপত নিৰূপণ কৰাটো সম্ভৱ নহয়। উদাহৰণস্বৰূপে কোনো এটা অঞ্চলৰ নিম্ন আকাশমার্গত কিমান ধূলিকণা থাকে সেইটো সদায় নির্দিষ্ট নহয়। 
  2. পৰিবেশীয় সমস্যাবোৰ সকলো ঠাইতে একে ধৰণৰ নহয়। ৰাজ্য বা অঞ্চলভেদে ইয়াৰ প্ৰকাৰ আৰু তীব্রতা ভিন ভিন হয়। তদুপৰি এক নিৰ্দিষ্ট মাত্ৰাৰ প্ৰদূষণে সকলো অঞ্চলত সমানে জনসাধাৰণক আক্ৰান্ত নকৰে। এনে অৱস্থাত পৰিবেশীয় আইনসমূহ জনসাধাৰণৰ বাবে বলৱৎ কৰিব নোৱাৰি। এখন দেশৰ অঞ্চলভেদে আইনৰ ধাৰা সুকীয়া হোৱাটো প্ৰয়োজন হয়।
  3. পৰিবেশীয় আইন বলৱত্ত থকা ভিন্নতাই অনুন্নত অঞ্চলবোৰক প্ৰদূষণ স্বৰ্গৰ অৱস্থা প্ৰদান কৰিছে। উদাহৰণস্বৰূপে মুম্বাই, মাদ্রাজ, দিল্লী, ইত্যাদিত প্ৰদূষণৰ দিশৰ পৰা ধাৰণা কৰা মানবোৰ উত্তৰ পূৰ্বাঞ্চললৈ চালান কৰা হয়, ইয়াৰ পৰিণামস্বৰূপে প্ৰদূষণ সূচনা কৰা যান-বাহন, কল-কাৰখানা এই অঞ্চললৈ সঞ্চালন হৈ নতুন সমস্যাৰ সূচনা কৰে। 
  4. পৰিবেশ সম্পৰ্কীয় আইন বলৱৎ কৰিবলৈ যাওঁতে উদ্যোগ, কল কাৰখানা ইত্যাদিৰ পৰা সঠিক তথ্য পাব লাগিব। কিন্তু সাধাৰণতে এনে তথ্য যোগান ধৰোঁতে প্ৰদূষণকাৰীয়ে মিথ্যার আশ্রয় নয়। 
  5. পরিবেশ সম্পৰ্কীয় আইন বলৱৎ কৰাৰ বাবে এটা দক্ষ, নিকা প্রশাসনিক বিভাগৰ প্ৰয়োজন। ভাৰতৰ দৰে উন্নয়নশীল দেশত এনে বিভাগ পোৱাটো দুরূহ। ফলত এই আইনসমূহ কাৰ্যকৰী হোৱাত বাধাগ্রস্থ হয়।
  6. পৰিবেশ সম্পৰ্কীয় আইনসমূহ বলৱৎ কৰোঁতে সাধাৰণতে কিছুমান লোক আক্রান্ত হয়। উদাহৰণস্বৰূপে গছকটা নিষিদ্ধ কৰাৰ ফলত এই বৃত্তিত নিয়োজিত লোকসকল ক্ষতিগ্রস্ত হয়।
  7. এই আইনসমূহ বলৱৎ কৰোঁতে আৰ্থ-সামাজিক অৱস্থাৰ কথা সাধাৰণতে বিবেচনা কৰা নহয়। দৰিদ্ৰতা নিবাৰণৰ অবিহনে পৰিবেশ সুৰক্ষাৰ উদ্দেশ্য সফল নোহোৱাই স্বাভাৱিক। পৰিবেশ বিনষ্ট হ’লে মানুহৰ অপকাৰ হোৱাটো এক দীঘলীয়া ঘটনা।
  8. পৰিবেশীয় মান নিৰ্ধাৰণত থকা বৈষম্যইও এনে আইন বলৱৎ কৰাত সমস্যাৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে চৰকাৰী বননীতি অনুসৰি পাহাৰীয়া অঞ্চলত মুঠ মাটিকালিৰ ৬৬ শতাংশ আৰু ভৈয়ামত মুঠ মাটিকালিৰ ৩৩ শতাংশত বনাঞ্চল থাকিব লাগে। কিন্তু পাহাৰীয়া জনজাতিবিলাকে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত এই সিদ্ধান্তত সন্তুষ্ট নহয়। এনে মনোভাৱে পৰিবেশীয় আইনসমূহ বলৱৎ কৰাত জনসাধাৰণৰ সহযোগ আদায় কৰাত বাধা জন্মায়।
  9. ৰাজনৈতিক স্বার্থইও পবিশেীয় আইন বলৱৎ কৰাত বাধা জন্মায়। উদাহৰণস্বৰূপে অসমৰ প্ৰায়বোৰ সংৰক্ষিত বনাঞ্চল মানুহৰ বসতিৰ কবলত। বনাঞ্চল ধ্বংস কৰি মানুহে বসতি কৰাৰ আঁৰত আছে বন বিভাগৰ অকর্মণ্যতা, অদূৰদৰ্শিতা আৰু দক্ষতাহীনতা।

 প্রশ্ন ৩ঃ ভাৰতত পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত কি কি আইন কানুন আছে আলোচনা কৰা। 

উত্তৰ : ভাৰতত পৰিবেশ ৰক্ষাৰ আইন কানুনসমূহ ষ্টকহম আন্তর্জাতিক মহাসভাৰ পিছৰ পৰ্যায়ত গ্ৰহণ কৰা হৈছে। অৱশ্যে ব্ৰিটিছৰ শাসন কালতো ভাৰতৰ কেন্দ্ৰত বা বিভিন্ন প্রদেশত পৰিবেশ সুৰক্ষাৰ বাবে ভালেমান আইন প্ৰণয়ন হৈ আহিছে। এইবিলাকৰ ভিতৰত উল্লেখযোগ্য কিছুমান হ’ল ভাৰতীয় মীন আইন, ভাৰতীয় বন্দৰ আইন, ১৯০৭, যান-বাহন আইন ইত্যাদি প্রধান। মুখ্যত ষ্টকহম অভিৱৰ্তনৰ পিছৰ পৰাহে আচলতে এই আইনবিলাক কাৰ্যকৰী কৰা হয় বা গুৰুত্ব লাভ কৰে। পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে প্ৰণয়ন কৰা আইনবোৰ হ’ল জল প্ৰদূষণ আৰু নিয়ন্ত্রণ আইন, ১৯৭৪, বায়ু প্রদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ আইন, ১৯৮১, পরিবেশ রক্ষা আইন, ১৯৮৬ আৰু যান-বাহন আইন ১৯৮৮ইত্যাদি। 

তাৰ থূলমূল আভাস এটি দিয়া হ’ল

  1.  পানী প্ৰদূষণ আৰু নিয়ন্ত্রণ আইনঃ ভাৰতৰ সংসদে ১৯৭৪ চনৰ ২৩ মাৰ্চৰ পৰা প্ৰযোজ্য হোৱাকৈ এই আইন প্রণয়ন কৰে। এই আই ৰূপায়ণ কৰিবলৈ ১৯৭৪ চনৰ চেপ্তেম্বৰ মাহত জল প্ৰদূষণ প্ৰতিৰোধ পরিষদ গঠন কৰা হয়। এই আইন সংশোধন হয় ১৯৮৮ চনত। কেন্দ্ৰীয় ৰাজ্যিক প্ৰদূষণ প্ৰতিৰোধ পরিষদে এই বিষয়টো চোৱা-চিতা কৰে।
  2. বায়ু প্রদূষণ আইন। এই আইনখন ১৯৮১ চনৰ ১৬ মে’ তাৰিখৰ পৰা বলৱৎ কৰা হৈছে। ১৯৮৭ চনত এই আইনখন সংশোধন কৰা হয় আৰু এই আইনৰ বিভিন্ন দিশসমূহ উলংঘা কৰাসকলৰ বাবে কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰা হয়। এই সংশোধিক আইনৰ অৱধিৰ ভিতৰত শব্দকো (প্ৰদূষণ) সামৰা হৈছে। 
  3. পৰিবেশ (ৰক্ষা) আইন, ১৯৮৬ঃ পৰিবেশ আৰু ইয়াৰ লগত জড়িত বস্তুবিলাকৰ সুৰক্ষ তথা উন্নতিৰ বাবে এই আইন জাৰি কৰা হৈছে। এই আইনৰ যোগে কেন্দ্ৰীয় চৰকাৰক পৰিবেশৰ উন্নতি আৰু প্ৰদূষণ ৰোধ কৰিবৰ বাবে ক্ষমতা প্রদান কৰা হৈছে। এই আইনৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ উন্নয়ন আৰু প্ৰদূষণ ৰোধৰ বাবে পৰিকল্পনা কৰা আৰু ইয়াক কামত খটুওৱাৰ ক্ষমতা থাকিব। 
  4. যান-বাহন আইন। এই আইনখন ১৯৮৮ চনত চৰকাৰে কার্যকৰী কৰে।
  5. বন্যপ্রাণী সুৰক্ষা আইন, ১৯৭২। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে বন্যপ্ৰা সংস্থাৰ পৰামর্শ অনুযায়ী ১৯৭২ চনত ব্যৱপ্রাণী (সুৰক্ষা) আইন প্রণয়ন কৰে। এই আইনমতে, বনৰীয়া জ্যক বন্দী কৰা, গুলীওৱা বা ৰণা, সিহঁতৰ মাসে পৰিবেশন কৰা, বন্যপ্রাণীৰ পৰিবহন কৰা বা ৰপ্তানি কৰা ইত্যাদি নিয়ন্ত্রণ তথা বন্ধ কৰা হৈছে। এই আইন মতে বিপদাপন্ন আৰু বিলুপ্তপ্রায় প্রাণীসমূহক সম্পূর্ণ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে।
  6. অৰণ্য (সংরক্ষণ) আইন, ১৯৮০ : ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰাটো ৰোধ কৰিবৰ বাবে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে অৰণ্য (সুৰক্ষা) আইন, ১৯৮০ প্ৰণয়ন কৰে। এই আইন মতে অৰণ্য ভূমিক আন কাম ব্যৱহাৰ কৰিবলৈ হ’লে আগতীয়া অনুমতি লোৱাৰ প্ৰয়োজন। এই আইনখন ১৯৮৮ চনত সংশোধন কৰা হয়। এই আইমমতে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ অবিহনে গছ গছনি কটা নিষিদ্ধ কৰা হৈছে আৰু আইন ভংগকাৰীলৈ কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা ৰখা হৈছে।

This Post Has 2 Comments

Leave a Reply