NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-6 বহনক্ষম উন্নয়ন

NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-6 বহনক্ষম উন্নয়ন মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-6 বহনক্ষম উন্নয়ন

NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-6 বহনক্ষম উন্নয়ন

পাঠভিত্তিক আৰু অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰ

» চমু প্রশ্নোত্তৰ » প্ৰতিটোত ৩/৪ নম্বৰকৈ 

প্রশ্ন ১ঃ দুর্যোগ ব্যবস্থাপনা মানে কি বুজা? বানপানীৰ সময়ত কি ব্যৱস্থাপনা ল’ব পাৰি? 

উত্তৰ : দুর্যোগ ব্যৱস্থাপনাঃ দুর্যোগ ব্যবস্থাপনা এলানি কাৰ্যকলাপৰ সমষ্টি যাৰ দ্বাৰা দুৰ্যোগ তথা জৰীকালীন অৱস্থা নিয়ন্ত্ৰণ কৰি আৰু সাহায্য আগবঢ়াই বিপদগ্রস্ত লোকসকলক সুৰক্ষা প্ৰদান বা দুৰ্যোগৰ তৰলৰ পৰা উদ্ধাৰ তৰিব পাৰি। দুৰ্যোগ ব্যৱস্থাপনাৰ সহায়ত দুৰ্যোগৰ আগতে, হৈ থকা সময়ত আৰু পিছৰ পৰিস্থিতি মোকাবিলা কৰা হয়।

 বানপানীৰ সময়ত লোৱা ব্যৱস্থাপনা হল

  1.  বানপানীৰ সময়ত প্ৰয়োজনীয় খাদ্য সামগ্রী মজুত ৰাখিব লাগে।
  2. প্রয়োজনীয় ঔষধ মজুত ৰাখিব লাগে। 
  3. বানপানী হোৱা অঞ্চলৰ লোকসকলে বানপানীৰ সময়ত ব্যৱহাৰ কৰিবলৈ। হুৰ, নাওঁ আদি মজুত ৰাখিব লাগে।
  4. বানপানী হৈ যোৱাৰ পিছত যাতে মহামাৰীয়ে দেখা দিব নোৱাৰে। তাৰবাবে ডি.ডি.টি. চটিয়াব লাগে। 
  5. বানপানী হ’লে পশুধনক লৈ মানুহে ওয় অঞ্চললৈ যাব লাগে। 

প্রশ্ন ২ : দুর্যোগসমূহ কি ? 

উত্তৰ দুৰ্যোগ হৈছে স্বাভাবিক প্রবাহ পরিস্থিতি যাৰবাবে সৃষ্টি হয়। বিশৃংখলা, জীৱন আৰু সম্পতিৰ বিস্তৰ ক্ষতি, পৰিবেশৰ অবক্ষয়। এনে পৰিস্থিতিত জীবন-প্রবাহ আৰু জীৱিকাৰ স্বাভাবিক অবস্থালৈ ঘুৰাই আনিবৰ বাবে ব্যাপক উদ্ধাৰ অভিযান, স্থানান্তৰকৰণ আৰু সাহায্য প্রচেষ্টা প্রয়োজন। দুর্যোগ বহুলভাবে তলত দিয়া কৰণে বিভক্ত কৰিব পাৰি।

  1. প্রাকৃতিক দুর্যোগ : ভূমিকম্প, আগ্নেয়গিবিৰ উদগীরণ, ধুমুহা, বা মালি, বানপানী, ভূমিস্থলন, কই, নামী, খাং, দুর্ভিক্ষ আদিৰ ফলত হোৱ দুর্যোগসমূহ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত। 
  2. কৃত্রিম দুর্যোগ : সশস্ত্র সংঘর্ষ, চক্রান্ত, ঔদ্যোগিক দুর্ঘটনা, তেল আৰু গেছৰ বিস্ফোৰণ, কাৰখানাত হোৱা অগ্নিকাত, তেল নির্গমন, নির্মাণ স্খলন, বোমা বিস্ফোৰণ, পথ দুৰ্ঘটনা আদি মানুহৰ কাৰ্যকলাপৰ ফলত হোৱা দুৰ্যোগসমূহ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত 

 প্রশ্ন ৩ঃ নবীকরণযোগ্য আৰু নৰীকৰণঅযোগ্য শক্তিৰ উৎসসমূহ কি কি? উদাহৰণ দিয়া।।

 উত্তৰ : নৰীকৰণযোগ্য বা অপ্রচলিত শক্তিৰ উৎসঃ এই শক্তির উৎসসমূহ প্রকৃতিত একেৰাহে সৃষ্টি হৈ থাকে আৰু এই শক্তি অফুৰন্ত। যেনে – সৌৰ শক্তি, বায়ু শক্তি, জলবিদ্যুৎ শক্তি, ভূ-তাপবিদ্যুৎ শক্তি, সাগনীয় তাপ শক্তি, জোৱাৰ শক্তি, কাঠ, জৈৱ পচন শক্তি, জৈব ইন্ধন, হাইড্ৰ’জেন আদি। এইসমূহ শফিক বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি। এইসমূহ অপ্রচলিত আৰু শক্তিৰ.বিকল্পউৎস।

 নৰীকৰণঅযোগ্য বা প্রচলিত শক্তিৰ উৎসঃ 

এই শক্তিৰ উৎসসমূহ প্ৰকৃতিৰ মাজতে আছে, দীঘদিন ধৰি ব্যৱহাৰ কৰি থকা হৈছে আৰু এইসমূহ শক্তিৰ উৎস অফুরন্ত ভাণ্ডাৰ নহয়। যদিহে এবাৰ এই শক্তিৰ ভাণ্ডাৰ শেষ হৈ যায় তেন্তে সহজে সেইসমূহক পূৰণ কৰিব নোৱাৰি। জীৱাশ্ম ইন্ধন (কয়লা, পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ), পাৰমাণৱিক ইন্ধন যেনে ইউৰেনিয়াম, এরিয়াম আদি হৈছে নবীকৰণ কৰিব নোৱৰা শক্তিৰ উৎস। মানৱ সমাজৰ শক্তিৰ চাহিদা পূৰণ কৰিবৰ বাবে এইসমূহ প্রচলিত শক্তিৰ উৎস হিচাপে ব্যৱহাৰ হৈ আহিছে। 

প্রশ্ন ৫ : বহনক্ষম উন্নয়ন মানে কি বুজা ?

 উত্তৰঃ বহনক্ষম উন্নয়ন বা ধারণক্ষম উন্নয়ন বিশ্ব আজি সকলোৰে কাম্য। অনন্তকালৰ বাবে যদি বিশ্বই সকলো ক্ষেত্ৰতে বিশ্বৰ জনগণক উন্নত মানদণ্ডৰে নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি জীয়াই থকাৰ সমল যোগায়, সেয়ে হ’ব ধাৰণক্ষম বা বহনক্ষম বিশ্ব। আজি বিশ্ববাসীয়ে উন্নতিৰ শিখৰত আৰোহন কৰিবলৈ সমৰ্থ হৈছে, কিন্তু এই উন্নয়ন ধাৰণক্ষম হৈ থাকিব, যদিহে ই মানৱ সমাজৰ চাহিদা পূৰণ কৰি আৰ্থ-সামাজিক উন্নতিৰ লগতে সম্পদৰো ভৱিষ্যৰ বাবে সংৰক্ষিত কৰিব পাৰে। কিন্তু, বাস্তৱিকতে বর্তমান বিশ্ব বহনক্ষম অৱস্থাৰ পৰা ক্রমান্বয়ে অবহনক্ষম হোৱাৰ পৰ্যায়ত উপনীত হৈছে। বিশ্বৰ দ্ৰুতগতিত বর্ধিত জনসংখ্যা আৰু দ্রুত উন্নয়নৰ ফলত আজি পৃথিৱীৰ মাটি, পানী, বায়ু, খনিজ পদাৰ্থ আৰু গছ-গছনিৰ মাত্ৰাধিক ব্যৱহাৰে পৃথিৱীখনক অবহনক্ষম কৰি তোলাৰ প্ৰয়াস কৰিছে। প্ৰাকৃতিক সম্পদবোৰৰ ক্ৰমাগতভাৱে আহৰণ আৰু ব্যৱহাৰ অব্যাহত থাকিলে ভৱিষ্যতৰ উন্নয়নৰ গতি স্তব্ধ হ’ব। এই কথাবোৰৰ গুৰুত্ব অনুধাৱন কৰি বিশ্বৰ এই উন্নয়নক এটা স্থিৰ মাত্ৰাত ৰাখি বিশ্বক বহনক্ষম উন্নয়নলৈ লৈ যাবলৈ হ’লে নানা পদক্ষেপৰ প্ৰয়োজন। 

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক তথা নৰৱে’ৰ প্ৰধানমন্ত্রী জি. এই ব্রান্টলেণ্ডৰ মতে, “ভৱিষ্যৎ‍ প্রজন্মসকলৰ প্ৰয়োজনীয়তাৰ সামৰ্থক বিঘ্নিত নকৰাকৈ বৰ্ত্তমানৰ প্রয়োজনীয়তাসমূহ পূৰ্ণ কৰাই গ’ল বহনক্ষম বা ধাৰণক্ষম উন্নয়ন।”

 প্রশ্ন ৬ঃ বৰষুণৰ পানী সংৰক্ষণৰ সুবিধাসমূহ কি

উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণৰ সুবিধাঃ

  1.  এই ব্যৱস্থাৰে যি ঠাইতে আৱশ্যক সেই ঠাইতে পানীৰ এটা উৎস গঢ়ি ল’ব পাৰি।
  2. এই ব্যৱস্থাটো কম খৰচী আৰু প্ৰত্যেক পৰিয়ালে বৰষুণৰ পানী পুনৰ ব্যৱহাৰ কৰিবৰ বাবে প্রয়োজনীয় সহজ ব্যৱস্থাটো সহজে কৰি ল’ব পাৰে।
  3. ফ্ল’ৰাইড, আৰ্চেনিক, লো (আইৰণ) আদি ৰাসায়নিক দ্রব্যসমূহ বৰষুণৰ পানীত নাথাকে। 
  4. যিহেতু বিশ্বৰ বহু চহৰত এতিয়া ভূমিজলৰ সমস্যা গুৰুতৰ সেয়ে ঘৰৰ আৰু অন্যান্য ক্ষেত্ৰত বৰষুণৰ পানীৰ ব্যৱহাৰে ভূমিজলৰ ওপৰত চাপ হ্রাস কৰে।
  5. জৰীকালীন সময় আৰু ৰাজহুৱা পানী যোগান ব্যৱস্থা অকামিলা বা বিফল হোৱাৰ সময়ত ই অতি প্রয়োজনীয় ভাণ্ডাৰ হিচাপে কাম কৰে। 
  6. বৰষুণৰ পানী সংগ্ৰহ ব্যৱস্থাটো সৰল হোৱা বাবে সাধাৰণ মানুহে কম খৰচত বৰষুণৰ পানী জমা কৰা, এটা ভাণ্ডাৰ টেংক নিৰ্মাণ কৰা আদি কাৰিকৰী কৌশল সহজে শিকি ল’ব পাৰে। 

» ৰচনাধর্মী প্রশ্নোত্তৰ » প্রতিটোত ৫/৬ নম্বৰকৈ 

প্রশ্ন ১:- শক্তিৰ সংৰক্ষণ কি ? শক্তিৰ সংৰক্ষণৰ বাবে লোৱা কিছুমান ব্যৱস্থা উল্লেখ কৰা।

উত্তৰ: শক্তিৰ সংৰক্ষণঃ সাম্প্ৰতিক কালত শক্তি ব্যয়ৰ হাৰত সভ্যতাৰ বেৰোমিটাৰ বুলি বিবেচনা কৰা হয়। এখন ৰাষ্ট্ৰৰ শক্তিৰ সম্ভাৱনা যিমান সেয়া দেশখনৰ অৰ্থনৈতিক বৃদ্ধি আৰু উন্নতিৰ লগত প্ৰত্যক্ষভাবে জড়িত। কিন্তু শক্তিৰ সংকট হোৱা বাবে শক্তিৰ নীতিৰ আধাৰ প্ৰস্তুত কৰিব লগা হৈছে। ইয়াৰ জৰিয়তে শক্তি খৰচৰ মাত্ৰাৰ বৃদ্ধি আৰু ইয়াৰ ধৰণ নিয়ন্ত্ৰণ কৰিব পৰা যায়। ইয়াৰ বাবে শক্তি সংৰক্ষণৰ কৌশলো গ্ৰহণ কৰা উচিত। 

শক্তি সংৰক্ষণৰ অৰ্থ হৈছে শক্তিৰ খৰচ হ্ৰাস কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা। শক্তিৰ বৰ্ধিত দক্ষতাপূৰ্ণ ব্যৱহাৰ, হ্ৰাস পোৱা শক্তিৰ ব্যৱহাৰ একলগ কৰা আৰু প্রচলিত শক্তিৰ উৎসৰ পৰা শক্তিৰ সংৰক্ষণ কৰিব পৰা যায়। বিত্তীয় মূলধনৰ বৃদ্ধি, পৰিবেশৰ গুণমান, ৰাষ্ট্ৰীয় নিৰাপত্তা, ব্যক্তিগত সুৰক্ষা আৰু মানুহৰ সুখ শান্তিৰ মাজেৰে শক্তি সংৰক্ষণৰ সাফল্য প্রকাশ পায়। শক্তিৰ খৰচ কম কৰিবলৈ আৰু অৰ্থনৈতিক নিৰাপত্তা বৃদ্ধি কৰিবৰ বাবে শক্তিৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ব্যক্তি আৰু সংস্থাসমূহ শক্তিৰ প্ৰত্যক্ষ গ্রাহক। লাভ বঢ়াবৰ বাবে ঔদ্যোগিক আৰু বাণিজ্যিক উপভোক্তাসকলে শক্তিৰ কাৰ্য দক্ষতা বৃদ্ধি কৰিব পাৰে। যিসমূহ শক্তিয়ে ধন ৰাহি কৰাৰ লগতে পৰিবেশ ৰক্ষা কৰে তেনে শক্তি যোগান ধৰাৰ লগতে

পৰিবেশ অনুকূল জীৱনশৈলী ৰছনা, শক্তিৰ সংৰক্ষণৰ ক্ষেত্ৰত সহায়ক। যেতিয়া আমি শক্তিৰ পৰিমাণ হ্ৰাস কৰো তেতিয়া স্বয়ংক্রিয়ভাবে গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিৰোধৰ বাবে চেষ্টা কৰো। 

প্রাথমিক পদক্ষেপ হিচাপে নিম্ন উল্লেখিত ব্যৱস্থাসমূহক শক্তি সংৰক্ষণৰ বাবে অৱলম্বন কৰিব পাৰি — 

  1. পেট্ৰ’লিয়াম কয়লা, প্রাকৃতিক গেছ, ইউরেনিয়াম আদি জীৱাশ্ম ইন্ধন আৰু নবীকৰণ অযোগ্য শক্তি সম্পদৰ পৰিবৰ্ত্তে সৌৰ শক্তি, বায়ু শক্তি, জৈৱ গেছ আদি পুনৰ নৱীকৰণ যোগ্য শক্তি সম্পদ ব্যৱহাৰ।
  2. যথেষ্টভাবে শক্তি সংৰক্ষণ কৰিব পৰা অধিক কার্যদক্ষ প্রযুক্তি উদ্ভাৱন।
  3. বিদ্যুতৰ অপ্ৰয়োজনীয় ব্যৱহাৰ নিষিদ্দ কৰা উচিত। নিচেই পুৱাতে ষ্ট্রিট লাইট নুমুৱাই দিব লাগে।
  4. ঘৰত ব্যৱহাৰ কৰা বিভিন্ন কাম-কাজত উপভোক্তাই শক্তিৰ খৰচ কমাব পাৰে। 
  5. উদ্যোগসমূহে নিজৰ কেঁছা মালৰ সঠিক হিচাপত ব্যৱহাৰ হোৱাৰ বাবে কাৰিকৰী কৌশল উদ্ভাৱন কৰা উচিত।

 প্রশ্ন ২ঃ পানী সংৰক্ষণৰ গুৰুত্ব আৰু উপায়সমূহ ব্যাখ্যা কৰা। 

উত্তৰঃ গৱেষণামূলক অনুসন্ধানৰ পৰা দেখা গৈছে যে, অনাগত দিনবোৰত পৃথিৱীৰ বহু অঞ্চলৰ পানীৰ নাটনি হ’ল। 

পানীৰ অভাৱৰ এটা প্ৰধান দিশ হ’ল ভূ-গৰ্ভৰ পানীৰ স্তৰ তললৈ নামি যোৱাটো। পানীৰ অভাৱত এনেদৰে উদ্ভৱ হোৱা সমস্যা কিছু পৰিমাণে লাঘৱ কৰিব পাৰি পানীৰ সংৰক্ষণৰ জৰিয়তে। পানীৰ সংৰক্ষণে ইয়াৰ অপচয় ৰোধ আৰু সঠিক ব্যৱহাৰত বুজায়। কিন্তু জনসংখ্যা বৃদ্ধিৰ বিপৰীতে পানীৰ চাহিদা ক্রমশঃ বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে ভাৰতৰ কথাকে ক’ব পাৰি। পানীৰ উল্লেখিত নাটনি দূৰ কৰিবলৈ পানীৰ সংৰক্ষণ কৰিব লাগিব। পানী সংৰক্ষণৰ বিভিন্ন উপায়বোৰ হ’ল 

  1. ৰাজস্থানত পানীৰ সংৰক্ষণৰ বাবে অৱলম্বন কৰা এটা পৰম্পৰাগত পদ্ধতি হ’ল ঘৰৰ ছালৰ পানী এটা পাইপেৰে কাষত সাজি থোৱা চৌবাচ্চাত পেলোৱা হয় আৰু সেই জমা হোৱা পানী ঘৰুৱা কামত ব্যৱহাৰ কৰা হয়।
  2. গুজৰাটৰ কুচ্ছ জিলাত বসবাস কৰা লোকে কিছুমান বাম নাদ খান্দি সেই নাদবোৰত বৰষুণৰ পানী জমা কৰি থয়। এইদৰে জমা হোৱা পানী মাটিয়ে শুহি লোৱাৰ পাছত ই ভূ-গর্ভব লৱণযুক্ত পানীৰ ওপৰত অৱস্থান লাভ কৰে। এই পানী ঘৰৱা ব্যৱহাৰৰ উপযোগী হৈ পৰে।
  3. আমাৰ দেশৰ বিভিন্ন অঞ্চলত জলসিঞ্চনৰ বাবে বিভিন্ন ধৰণে পানী সংগ্ৰহ আৰু সংৰক্ষণ কৰা হয়। উদাহৰণস্বৰূপে লাডাখত আবেলি যেতিয়া বৰফবিলাক গলি পানী হৈ যায় তাক নলাত সংৰক্ষণ কৰি কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয়। 
  4. উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলবোৰত বাঁহেৰে সজা নলীৰে শিলৰ পৰা নিজৰ ওলোৱা পানী সংগ্ৰহ কৰি মজুত কৰা হয়। এনে পানী খেতিপথাৰত আৰু ঘৰুৱা কামত ব্যৱহাৰ কৰা হয়।
  5. বাংলাদেশ আদিৰ দৰে দেশত পানী সংৰক্ষণৰ বাবে এতিয়াও বৃহৎ আকাৰত পুখুৰী খণ্ডা হয়। বাৰিষা সেই পুখুৰীবোৰ পানীৰে পূৰ কৰি পিছত ব্যৱহাৰ কৰা হয়।
  6. পাহাৰৰ পাদদেশ অঞ্চলত বিশেষকৈ খৰালি পাহাৰী নিজৰাবোৰত বান্ধ দি পানী শস্য পথাৰলৈ বোৱাই দিয়া হয়।
  7. অসমত পানী সংৰক্ষণৰ আন এটা পৰম্পৰাত ব্যৱস্থা হ’ল বাৰীত চাৰিওফালে গড় খাৱৈ খন্দা। এই খাৱৈবোৰত বাৰিষা পানী জমা হৈ হ্ৰাং দিনত এই পানী গৰু-ম’হ, হাঁহ, কুকুৰাৰ বাবে প্ৰয়োজন হয়। তাৰ উপৰি এই পানীৰ পৰা খেতিপথাৰবিলাক জীপাল কৰি জলসিঞ্চনৰ সুবিধা প্ৰদান কৰে।
  8. পুৰণি কালত কিছুমান ঠাইত বাৰিষা ডাঙৰ ডাঙৰ পুখুৰী বা কুৱা খান্তি তাত পানী জমা কৰি ৰাখিছিল। পিছত পানীৰ নাটনিৰ সময়ত সেই বানী ব্যৱহাৰ কৰিছিল। পানীৰ সংৰক্ষণ বোলোতে কেৱল বৰষুণৰ পানীৰ সংৰক্ষণ আৰু নৈ, নিজৰাৰ পানী কামত লগোৱাটোকে নুবুজায়, একে সময়তে ই ভূ-গৰ্ভৰ পানীৰ অপচয় বোধ কৰাটোকো বুজায়। কোনো কামত নলগোৱাকৈ বৰষুণৰ পানী বৈ যাবলৈ দিয়াটো যেনেকৈ অপচয় ঠিক সেইদৰে ভূ-গৰ্ভৰ পানী ব্যয়বহুলভাৱে খৰছ কৰাটোও অপচয়মূলক। সেয়েহে ঘৰুৱা কামত বা খেতি-বাতিৰ কামত পানী ব্যৱহাৰ কৰোঁতে মিতব্যয়ী হোৱাটো প্রয়োজন আৰু অবাবত পানী নষ্ট কৰাৰ পৰা বিৰত থকা উচিত। 

প্রশ্ন ৩ঃ ভাৰতত পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত কি কি আইন কানুন আছে আলোচনা কৰা। 

উত্তৰ: ভাৰতত পৰিবেশ ৰক্ষাৰ আইন-কানুনসমূহ ষ্টকহম আন্তর্জাতিক মহাসভাৰ পিছৰ পৰ্যায়ত গ্ৰহণ কৰা হৈছে। অৱশ্যে ব্ৰিটিছৰ শাসন কালতো ভাৰতৰ কেন্দ্রত বা বিভিন্ন প্রদেশত পৰিবেশ সুৰক্ষাৰ বাবে ভালেমান আইন প্রণয়ন হৈ আহিছে। এইবিলাকৰ ভিতৰত উল্লেখযোগ্য কিছুমান হ’ল ভাৰতীয় মীন আইন, ভাৰতীয় বন্দৰ আইন, ১৯০৭, যান-বাহন আইন ইত্যাদি প্রধান। মুখ্যত ষ্টকহম অভিৱৰ্তনৰ পিছৰ পৰাহে আচলতে এই আইনবিলাক কাৰ্যকৰী করা হয় বা গুরুত্ব লাভ কৰে। পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে প্ৰণয়ন কৰা আইনবোৰ হ’ল জল প্ৰদূষণ আৰু নিয়ন্ত্রণ আইন, ১৯৭৪, বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ আইন, ১৯৮১, পৰিবেশ ৰক্ষা আইন, ১৯৮৬ আৰু যান-বাহন আইন ১৯৮৮ইত্যাদি। 

Content Environmental science

Sl. No.Chapter NameLink
Chapter 1পৰিবেশৰ ধাৰণাClick Here
Chapter 2বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা আৰু সমস্যাClick Here
Chapter 3পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱClick Here
Chapter 4সমসাময়িক পাৰিৱেশিক সমস্যাসমূহClick Here
Chapter 5পাৰিবেশিক সংৰক্ষণClick Here
Chapter 6বহনক্ষম উন্নয়নClick Here
Chapter 7পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱClick Here
Chapter 8 (ক)সমসাময়িক পাৰিৱেশিক সমস্যাসমূহClick Here
Chapter 8 (খ)পাৰিবেশিক সংৰক্ষণClick Here

তাৰ থূলমূল আভাস এটি দিয়া হ’ল

  1. পানী প্ৰদূষণ আৰু নিয়ন্ত্রণ আইনঃ ভাৰতৰ সংসদে ১৯৭৪ চনৰ ২৩ মাৰ্চৰ পৰা প্ৰযোজ্য হোৱাকৈ এই আইন প্রণয়ন করে। এই আই ৰূপায়ণ কৰিবলৈ ১৯৭৪ চনৰ চেপ্তেম্বৰ মাহত জল প্ৰদূষণ প্ৰতিৰোধ পৰিষদ গঠন কৰা হয়। এই আইন সংশোধন হয় ১৯৮৮ চনত। কেন্দ্ৰীয়/ৰাজ্যিক প্ৰদূষণ প্ৰতিৰোধ পরিষদে এই বিষয়টো চোৱা-চিতা কৰে।
  2. বায়ু প্রদূষণ আইন। এই আইনখন ১৯৮১ চনৰ ১৬ মে’ তাৰিখৰ পৰা বলৱৎ কৰা হৈছে। ১৯৮৭ চনত এই আইনখন সংশোধন কৰা হয় আৰু এই আইনৰ বিভিন্ন দিশসমূহ উলংঘা কৰাসকলৰ বাবে কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰা হয়। এই সংশোধিক আইনৰ অৱধিৰ ভিতৰত শব্দকো (প্ৰদূষণ) সামৰা হৈছে।
  3. পৰিবেশ (বক্ষা) আইন, ১৯৮৬ ঃ পৰিবেশ আৰু ইয়াৰ লগত জড়িত বস্তুবিলাকৰ সুৰক্ষ তথা উন্নতিৰ বাবে এই আইন জাৰি কৰা হৈছে। এই আইনৰ যোগে কেন্দ্ৰীয় চৰকাৰক পৰিবেশৰ উন্নতি আৰু প্ৰদূষণ ৰোধ কৰিবৰ বাবে ক্ষমতা প্ৰদান কৰা হৈছে। এই আইনৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ উন্নয়ন আৰু প্ৰদূষণ ৰোধৰ বাবে পৰিকল্পনা কৰা আৰু ইয়াক কামত খটুওৱাৰ ক্ষমতা থাকিব। 
  4. যান-বাহন আইন ঃ এই আইনখন ১৯৮৮ চনত চৰকাৰে কার্যকৰী কৰে। 
  5. বন্যপ্রাণী সুৰক্ষা আইন, ১৯৭২ : ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে বন্যপ্ৰাণী সংস্থাৰ পৰামৰ্শ অনুযায়ী ১৯৭২ চনত ব্যৱপ্ৰাণী (সুৰক্ষা) আইন প্রণয়ন কৰে। এই আইনমতে, বনৰীয়া জন্তুক বন্দী কৰা, গুলীওৱা বা ৰখা, সিহঁতৰ মাংস পৰিবেশন কৰা, বন্যপ্ৰাণীৰ পৰিবহন কৰা বা ৰপ্তানি কৰা ইত্যাদি নিয়ন্ত্রণ তথা বন্ধ কৰা হৈছে। এই আইন মতে বিপদাপন্ন আৰু বিলুপ্তপ্রায় প্রাণীসমূহক সম্পূর্ণ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে।
  6. অৰণ্য (সংরক্ষণ) আইন, ১৯৮০ঃ ব‍্যাপক হাৰত বনাঞ্চল ধ্বংস কৰাটো ৰোধ কৰিবৰ বাবে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে অৰণ্য (সুৰক্ষা) আইন, ১৯৮০ প্রণয়ন কৰে। এই আইন মতে অৰণ্য ভূমিক আন কাম ব্যৱহাৰ কৰিবলৈ হ’লে আগতীয়া অনুমতি লোৱাৰ প্ৰয়োজন। এই আইনখন ১৯৮৮ চনত সংশোধন কৰা হয়। এই আইমমতে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ অবিহনে গছ-গছনি কটা নিষিদ্ধ কৰা হৈছে আৰু আইন ভংগকাৰীলৈ কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা ৰখা হৈছে।

 প্রশ্ন ৪ ঃ পৰিবেশীয় আইন বলৱৎ কৰিবলৈ যাওঁতে কেনেবোৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়?

 উত্তৰ ঃ পৰিবেশ সুৰক্ষাৰ দিশত প্ৰায়বোৰ দেশতে কেতবোৰ আইন প্ৰণয়ন কৰা হৈছে। এই আইনসমূহ বলৱৎ কৰিবলৈ সংশ্লিষ্ট বিভাগে কেতবোৰ মান নিৰ্ধাৰণ কৰে। অৰ্থনৈতিক উন্নতিৰ স্বাৰ্থত কিছু পৰিমাণে পৰিবেশীয় অৱনতি স্বীকাৰ কৰা হয় । ইয়াকে পৰিবেশীয় মানদণ্ড বোলা হয়। পরিবেশ সম্পৰ্কীয় আইনসমূহ বলৱৎ কৰিবলৈ যাওঁতে উদ্ভৱ হোৱা সমস্যাবোৰ হ’ল–

  1. আইনসমূহ বলৱৎ কবিবলৈ যাওঁতে পৰিবেশীয় অৱনতি সঠিক ৰূপত নিরূপণ কৰাটো সম্ভৱ নহয়। উদাহৰণস্বৰূপে কোনো এটা অঞ্চলৰ নিম্ন আকাশমার্গত কিমান ধূলিকণা থাকে সেইটো সদায় নির্দিষ্ট নহয়।
  2. পৰিবেশীয় সমস্যাবোৰ সকলো ঠাইতে একে ধৰণৰ নহয়। বাজ্য বা অঞ্চলভেদে ইয়াৰ প্ৰকাৰ আৰু তীব্রতা ভিন ভিন হয়। তদুপৰি এক নির্দিষ্ট মাত্রার প্ৰদূষণে সকলো অঞ্চলত সমানে জনসাধাৰণক আক্রান্ত নকৰে। এনে অৱস্থাত পৰিবেশীয় আইনসমূহ জনসাধাৰণৰ বাবে বলবৎ কৰিব নোৱাৰি। এখন দেশৰ অঞ্চলভেদে আইনৰ ধাৰা সুকীয়া হোৱাটো প্ৰয়োজন হয়।
  3. পৰিবেশীয় আইন বলৱত্ত থকা ভিন্নতাই অনুন্নত অঞ্চলবোৰক প্ৰদূষণ স্বৰ্গৰ অৱস্থা প্ৰদান কৰিছে। উদাহৰণস্বৰূপে মুম্বাই, মাদ্রাজ, দিল্লী, ইত্যাদিত প্রদূষণৰ দিশৰ পৰা ধাৰণা কৰা মানবোৰ উত্তৰ পূৰ্বাঞ্চললৈ চালান কৰা হয়, ইয়াৰ পৰিণামস্বৰূপে প্ৰদূষণ সূচনা কৰা যান-বাহন, কল-কাৰখানা এই অঞ্চললৈ সঞ্চালন হৈ নতুন সমস্যাৰ সূচনা কৰে। 
  4. পৰিবেশ সম্পৰ্কীয় আইন বলৱৎ‍ কৰিবলৈ যাওঁতে উদ্যোগ, কল-কারখানা ইত্যাদিৰ পৰা সঠিক তথ্য পাব লাগিব। কিন্তু সাধাৰণতে এনে তথ্য যোগান ধৰোঁতে প্ৰদূষণকাৰীয়ে মিথ্যাৰ আশ্ৰয় লয়।
  5. পৰিবেশ সম্পৰ্কীয় আইন বলৱৎ কৰাৰ বাবে এটা দক্ষ, নিকা প্রশাসনিক বিভাগৰ প্ৰয়োজন। ভাৰতৰ দৰে উন্নয়নশীল দেশত এনে বিভাগ পোৱাটো দুরূহ। ফলত এই আইনসমূহ কাৰ্যকৰী হোৱাত বাধাগ্রস্থ হয়। 
  6. পৰিবেশ সম্পৰ্কীয় আইনসমূহ বলৱৎ কৰোঁতে সাধাৰণতে কিছুমান লোক আক্রান্ত হয়। উদাহৰণস্বৰূপে গছকটা নিষিদ্ধ কৰাৰ ফলত এই বৃত্তিত নিয়োজিত লোকসকল ক্ষতিগ্রস্ত হয়। 
  7. এই আইনসমূহ বলবৎ কৰোঁতে আর্থ-সামাজিক অৱস্থাৰ কথা সাধাৰণতে বিবেচনা কৰা নহয়। দৰিদ্ৰতা নিবাৰণৰ অবিহনে পৰিবেশ সুৰক্ষাৰ উদ্দেশ্য সফল নোহোৱাই স্বাভাৱিক। পৰিবেশ বিনষ্ট হ’লে মানুহৰ অপকাৰ হোৱাটো এক দীঘলীয়া ঘটনা। 
  8. পৰিবেশীয় মান নিৰ্ধাৰণত থকা বৈষম্যইও এনে আইন বলৱৎ কৰাত সমস্যাৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে চৰকাৰী বননীতি অনুসৰি পাহাৰীয়া অঞ্চলত মুঠ মাটিকালিৰ ৬৬ শতাংশ আৰু ভৈয়ামত মুঠ মাটিকালিৰ ৩৩ শতাংশত বনাঞ্চল থাকিব লাগে। কিন্তু পাহাৰীয়া জনজাতিবিলাকে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত এই সিদ্ধান্তত সন্তুষ্ট নহয়। এনে মনোভাৱে পৰিবেশীয় আইনসমূহ বলৱৎ কৰাত জনসাধাৰণৰ সহযোগ আদায় কৰাত বাধা জন্মায়। 
  9. ৰাজনৈতিক স্বার্থইও পবিশেীয় আইন বলৱৎ কৰাত বাধা জন্মায়। উদাহৰণস্বৰূপে অসমৰ প্ৰায়বোৰ সংৰক্ষিত বনাঞ্চল মানুহৰ বসতিৰ কবলত। বনাঞ্চল ধ্বংস কৰি মানুহে বসতি কৰাৰ আঁৰত আছে বন বিভাগৰ অকর্মণ্যতা, অদূৰদৰ্শিতা আৰু দক্ষতাহীনতা। 

প্রশ্ন ৬ঃ ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ পৰিণামৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ সেউজ গৃহৰ পৰিঘটনাৰ বাবে ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধি পায়। মানুহে প্ৰায়ে সেউজ গৃহৰ ভিতৰত কৃত্ৰিমভাৱে পৰিৱেশৰ উষ্ণতা বৃদ্ধি কৰি গছ-গজাবৰ বাবে সেউজ গৃহ পৰিঘটনাৰ সহায় লয়। এই কৃত্ৰিম সেউজ গৃহৰ দৰেই পৃথিৱীৰ বায়ুমণ্ডল অতিক্ৰম কৰি পৃথিৱীৰ উপৰিভাগৰ পৰা সূৰ্যৰ অপশক্তি প্রথমে মাটি আৰু পানীয়ে শোষণ কৰি লয়। ইয়াৰ পিছত সিহঁতে অৱহেলিত ৰূপত তাপখিনি বিকিৰণ কৰে। এনে বিকিৰণৰ তাপ বায়ুমণ্ডলত থকা পানীৰ কণিকা, কার্বনডাই অক্সাইজ, নাট্ৰাছ অক্সাইড, মিথেন আদি গেছ শোষণ কৰি লয়। সেয়ে পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নোৱাৰি বায়ুমণ্ডলতে থাকি যায়। সেই সেউজ গৃহ গেছে পৃথিৱীৰ পৰা বিকিৰণ হোৱা তাপক এখন কম্বলৰ দৰে আৱৰি ৰাখে।

যাৰ ফলত পৃথিৱীৰ উপৰিভাগত উষ্ণতা গড়ে বস্তু ডিগ্ৰী চেণ্টিগ্ৰেড হৈ থাকে। যিটো জীৱজগতৰ বাবে অনুকূল। 

মানুহৰ কাৰ্যকলাপৰ ফলত যেনে- মানব সৃষ্ট উদ্যোগীকৰণৰ ফলস্বৰূপে খান বাহন, কল-কাৰখানা, শক্তি উৎপাদন প্রকল্প, বিভিন্ন জীবশ্মৰ ওপৰত নির্ভৰশীল। কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদিৰ পৰা মিথেন, কার্বনডাই অক্সাইড আদি গেছ বায়ুমণ্ডললৈ মুহূর্তে মুহূর্তে নির্গত হৈ থাকে। ইয়াৰোপৰি দ্রুত গতিত হাবি-জংঘলবোৰ ধ্বংস কৰাৰ ফলত তাপ শোষণ কৰিব পৰা ক্ষমতা থকা সেউজ গৃহৰ গেছসমূহৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে। এই সেউজ গৃহ গেছৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি পোৱাৰ লগে লগে ইহঁতে অধিক তাপ শোষণ কৰি ৰাখিব পাৰে যাৰ ফলস্বৰূপে পৃথিৱীৰ ওপৰিভাগ অধিক উত্তাপিত হৈ পৰিব।

 ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধিৰ পৰিণামঃ

 বিজ্ঞানীসকলে নানা পৰীক্ষা-নিৰীক্ষা আৰু অধ্যয়ন কৰি মত পোষণ কৰিছে যে ভূ-পৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ ক্ৰান্তিয় অঞ্চলতকৈ মেৰু অঞ্চলত বেছি হ’ব আৰু ইয়াৰ ফলত গ্ৰীণ লেণ্ড, চুইডেন, আইচ লেণ্ড, ফিনলেণ্ড, চাইবেৰিয়া আদি অঞ্চলবোৰ বেছি ক্ষতিগ্রস্ত হ’ব। বিজ্ঞানীসকলে আকৌ মত পোষণ কৰে যে, আজিৰ পৰা ৩০ ৰ পৰা ৮০ বছৰৰ ভিতৰত এণ্টাৰ্কটিকা মহাদেশৰ বৰফ গলি পানীত পৰিণত হ’ব আৰু মৰু অঞ্চলৰ বৰবোৰ গলি সমুদ্র পৃষ্ঠৰ উচ্চতা বাঢ়ি পৃথিৱীৰ নিম্ন ভূমি অঞ্চল পানীৰে উপচি পৰি বানপানীৰ বিভীষিকাৰ সৃষ্টি কৰিব। তদুপৰি আগৰ লুণীয়া পানী মহাদেশৰ জলৰাশিৰ সৈতে মিহলি হৈ সাগৰৰ উপকূলৰ লগতে তট ভূমিবো পৰিৱৰ্তন ঘটাব। বিজ্ঞানীসকলে অনুমান কৰিছে যে আজিৰ পৰা ২৫ বছৰৰ ভিতৰত ১.৫ ৰ পৰা ৩.৫ মিটাৰ ওপৰলৈ উঠিব যাৰ ফলত সাগৰীয় উপকূলীয় অঞ্চলসমূহ বানপানীৰ দ্বাৰা ভয়াবহভাবে ক্ষতিগ্ৰস্ত হ’ব। বাংলাদেশৰ প্ৰায় ১৫ নিযুত লোকে বৰ্তমানৰ বাসস্থান এৰিব লগাত পৰিব। লাক্ষাদ্বীপৰ বহু অংশ। পানীত ডুব যাব। মালদ্বীপ সম্পূৰ্ণৰূপে পানীত ডুব যাব। গতিকে দেখা যায় যে উচ্চতা আৰু জলবায়ুৰ পৰিৱৰ্তনে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰাৰ লগতে জৈৱ বৈচিত্র্য বিনষ্ট কৰিব। ফলত জীৱৰ মৃত্যুৰ হাৰ বৃদ্ধি পাব আৰু জীৱজগতৰ পৰা বহুতো জীৱ বিলুপ্ত ঘটিব।

 প্রশ্ন ৭ঃ প্রদূষিত বায়ুৱে কেনেকৈ মানৱ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে?

 উত্তৰ ঃ নগৰ অঞ্চলত দিনক দিনে বৃদ্ধি পোৱা যান-বাহন, ঔদ্যোগিক ব্যৱস্থা, কল-কাৰখানা আদিৰ পৰা ওলোৱা ধোঁৱাৰ লগতে অন্যান্য প্রদূষণ সমূহে বায়ুৰ লগত মিহলি হৈ বায়ু দুষিত কৰে। উদ্যোগ, কল-কাৰখানা, যান বাহনৰ পৰা নির্গত ধোঁৱা আৰু অন্যানা অনুষকবোৰে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰে আৰু মানুহৰ জীৱন যাত্ৰাত প্রতিকূল প্রভাব পেলায়।

 নগৰ অঞ্চলত বায়ু প্ৰদূষণৰ পৰিণামসমূহ তলত উল্লেখ কৰা হ’ল– 

  1.  বায়ু প্ৰদূষণে উদ্ভিদৰ বীজ অংকুৰাৰ সময়ত বায়ুৰ পৰা প্ৰদূষিত উপাদান ধাৰণ কৰিব পাৰে। ফলত খাদ্য শৃংকল প্রদূষিত হয় আৰু এনে খাদ্য ভক্ষণকাৰী জীব জন্তবিলাকো প্ৰনুষনৰ দ্বাৰা আক্ৰান্ত হৈ নানা ৰোগত ভূগি মৃত্যুমুখত পৰিব
  2. বায়ু অনুৰাগৰ ফলস্বৰূপে আৱৰীয়া বৰষুণ, ধুমুহা, অতিমাত্ৰা ৰ’দ বৃদ্ধি পাই জীব-জগতৰ জীৱন ধাৰণত সমস্যাৰ সৃষ্টি কৰিছে। 
  3.  বায়ু প্ৰদূষণৰ ফলত বিশেষ কাৰুকাৰ্যখচিত শিল্প কৰ্ম, কচৰ আঁচবাব, ফাইবাৰ সামগ্ৰী আদি প্ৰনুষিত হৈ নষ্ট হেবাৰ উপক্ৰম হৈছে। তদুপৰি বহুতো মূল্যবান ভাস্কর্য, ঐতিহাসিক ভবন, দুৰ্গ আদিৰ সৌন্দৰ্যও স্নান হৈ পৰাৰ উপক্ৰম নগৰ অঞ্চলত বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ ফ তেই মানুহৰ হৃদ ৰোগ, শ্বাসৰোগ, ৰক্তচাপ আদি বিভিন্ন ৰোগৰ বলি হ’বলগীয়া হৈছে বায়ু প্ৰদুষণৰ ফলতে বায়ুত নাট্ৰজেনৰ পৰিমাণ বৃদ্ধি হৈ নাট্‌জেন অক্সাইড গেছ নির্গত হয় আৰু যাৰ ফলত মানুহ কাঁপ, পানীলগা, মূৰৰ কামুৰণি আদি ৰোগবিলাকৰ দ্বাৰা আক্রান্ত হয়। ইয়াৰোপৰি চিগাৰেটৰ ধোঁৱাই কেদাৰ, হৃদৰোগ, শ্বাস-প্ৰশ্বাসৰ ৰোগ বৃদ্ধি কৰিছে। প্লাষ্টিকৰ বস্তুৰ পৰা নিৰ্গত হোৱা গেছৰ ফলত কিডনি আৰু লিভাৰত ভুগিবলগা হৈছে। 
  4. নগৰ অঞ্চলৰ কল-কাৰখানাৰ দাঁতিকাষৰীয়া অঞ্চল বায়ু বিষাক্ত হৈ দুর্গন্ধময় অৱস্থাৰ সৃষ্টি কৰিছে। এনে দুর্গন্ধ বায়ুৰ জৰিয়তে মানুহ আৰু জীৱ জপ্তৰ দেহত প্ৰৱেশ কৰাৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটাও পৰিলক্ষিত হয়। গতিকে বায়ু প্ৰদূষণৰ ফলত মানুহন, উদ্ভিদ, জ্য, পশু-পক্ষী সকলোৱে বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল’বলগা হৈছে। যাৰ ফলত জৈৱ বৈচিত্ৰ্যৰ অৱনতি ঘটিচ্ছে।

 প্রশ্ন ৮ : ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধিৰ পৰিণাম সম্পর্কে চমুটোকা লিখা।

উত্তৰ: সেউজ গৃহৰ পৰিঘটনাৰ বাবে ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধি পায়। মানুহে প্ৰায়ে সেউজ গৃহৰ ভিতৰত কৃত্ৰিমভাৱে পৰিবেশৰ উষ্ণতা বৃদ্ধি কৰি গছ গজাবৰ বাবে সেউজ গৃহ পৰিঘটনাৰ সহায় লয়। এই কৃত্ৰিম সেউজ গৃহৰ দৰেই পৃথিৱীৰ বায়ুমণ্ডল অতিক্ৰম কৰি পৃথিৱীৰ উপৰিভাগৰ পৰা সূৰ্যৰ অপশক্তি প্রথমে মাটি আৰু পানীয়ে শোষণ কৰি লয়। ইয়াৰ পিছত সিহঁতে অবহেলিত ৰূপত তাপখিনি বিকিৰণ কৰে। এনে বিকিৰণৰ তাপ বায়ুমণ্ডলত থকা পানীৰ কণিকা, কার্বনডাই অক্সাইজ, নাট্ৰাছ অক্সাইড, মিথেন আদি গেছ শোষণ কৰি লয়। সেয়ে পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নোৱাৰি বায়ুমণ্ডলতে থাকি যায়। সেই সেউজ গৃহ গেছে পৃথিৱীৰ পৰা বিকিৰণ হোৱা তাপক এখন কম্বলৰ দৰে আৱৰি ৰাখে। যাৰ ফলত পৃথিৱীৰ উপৰিভাগত উষ্ণতা গড়ে বস্তু ডিগ্রী চেণ্টিগ্ৰেড হৈ থাকে। যিটো জীৱজগতৰ বাবে অনুকূল।

 মানুহৰ কাৰ্যকলাপৰ ফলত যেনে- মানৱ সৃষ্ট উদ্যোগীকৰণৰ ফলস্বৰূপে যান-বাহন, কল-কারখানা, শক্তি উৎপাদন প্রকল্প, বিভিন্ন জীৱশ্মৰ ওপৰত নির্ভৰশীল। কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদিৰ পৰা মিথেন, কার্বনডাই অক্সাইড আদি গেছ বায়ুমণ্ডললৈ মুহূর্তে মুহূর্তে নির্গত হৈ থাকে। ইয়াৰোপৰি দ্রুত গতিত হাবি-জংঘলবোৰ ধ্বংস কৰাৰ ফলত তাপ শোষণ কৰিব পৰা ক্ষমতা থকা সেউজ গৃহৰ গেছসমূহৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে। এই সেউজ গৃহ গেছৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি পোৱাৰ লগে লগে ইহঁতে অধিক তাপ শোষণ কৰি ৰাখিব পাৰে যাৰ ফলস্বৰূপে পৃথিৱীৰ ওপৰিভাগ অধিক উত্তাপিত হৈ পৰিব। 

ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধিৰ পৰিণাম ঃ 

বিজ্ঞানীসকলে নানা পৰীক্ষা-নিৰীক্ষা আৰু অধ্যয়ন কৰি মত পোষণ কৰিছে যে ভূ-পৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ ক্ৰান্তিয় অঞ্চলতকৈ মেৰু অঞ্চলত বেছি হ’ব আৰু ইয়াৰ ফলত গ্ৰীণ লেণ্ড, চুইডেন, আইচ লেণ্ড, ফিনলেণ্ড, চাইবেৰিয়া আদি অঞ্চলবোৰ বেছি ক্ষতিগ্ৰস্ত হ’ব। বিজ্ঞানীসকলে আকৌ মত পোষণ কৰে যে, আজিৰ পৰা ৩০ ৰ পৰা ৮০ বছৰৰ ভিতৰত এন্টার্কটিকা মহাদেশৰ বৰফ গলি পানীত পৰিণত হ’ব আৰু মৰু অঞ্চলৰ বৰফবোৰ গলি সমুদ্র পৃষ্ঠৰ উচ্চতা বাঢ়ি পৃথিৱীৰ নিম্ন ভূমি অঞ্চল পানীৰে উপচি পৰি বানপানীৰ বিভীষিকাৰ সৃষ্টি কৰিব। তদুপৰি আগৰ লুণীয়া পানী মহাদেশৰ জলৰাশিৰ সৈতে মিহলি হৈ সাগৰৰ উপকূলৰ লগতে তট ভুমিবো পৰিৱৰ্তন ঘটাব। বিজ্ঞানীসকলে অনুমান কৰিছে যে আজিৰ পৰা ২৫ বছৰৰ ভিতৰত ৰপ্ত ৰ পৰা.প্ত মিটাৰ ওপৰলৈ উঠিব যাৰ ফলত সাগৰীয় উপকূলীয় অঞ্চলসমূহ বানপানীৰ দ্বাৰা ভয়াবহভাবে ক্ষতিগ্রস্ত হ’ব। বাংলাদেশৰ প্ৰায় ১৫ নিযুত লোকে বৰ্তমানৰ বাসস্থান এৰিব লগাত পৰিব। লাক্ষাদ্বীপৰ বহু অংশ পানীত ডুব যাব। মালদ্বীপ সম্পূৰ্ণৰূপে পানীত ডুব যাব। গতিকে দেখা যায় যে উচ্চতা আৰু জলবায়ুৰ পৰিৱৰ্তনে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰাৰ লগতে জৈৱ বৈচিত্ৰ বিনষ্ট কৰিব। ফলত জীৱৰ মৃত্যুৰ হাৰ বৃদ্ধি পাব আৰু জীৱজগতৰ পৰা বহুতো জীৱ বিলুপ্ত ঘটিব। 

প্রশ্ন ৯ : বহনক্ষম উন্নয়ন কি ? অ-বহনক্ষম অৱস্থাৰ পৰা কেনেকৈ বহনক্ষম অৱস্থালৈ উত্তৰণ ঘটাব পাৰি?

 উত্তৰ : পৰিবেশ অধোগমনে সম্প্রতি পৃথিৱীৰ অৰ্থনৈতিক উত্তৰণক অ বহনক্ষম কৰি তুলিছে ৷ বিশ্বৰ সকলোবোৰ দেশে মূলতঃ সৰ্বাধিক কৰাৰ আদৰ্শ অনুসৰণ কৰি অৰ্থনৈতিক উন্নতি সৰ্বাধিক কৰাৰ চেষ্টা চলাইছে। অন্য অর্থত পৃথিৱীৰ প্ৰতিখম দেশেখ অৰ্থনৈতিক প্রগতি সাধন কৰিবলৈ যাওঁতে প্রাকৃতিক সম্পদসমূহ এনেদৰে ব্যৱহাৰ কৰিছে যে, ভৱিষ্যৎ পুৰুষে ইয়াৰ সুবিধাৰ পৰা বঞ্ছিত হ’ব। বর্তমান সুখ ভোগ কৰা আদৰ্শৰ অনুকৰণে পৰিবেশৰ ওপৰত নেতিবাচক পৰিণামৰ সূচনা কৰিছে। পৰিবেশৰ অৱনতিৰ বিনিময়ত যি অৰ্থনৈতিক উন্নতি সাধন হৈছে তাক অবহনক্ষম অর্থনৈতিক উন্নয়ন বোলা হয়। 

অবনক্ষমতাই বৰ্তমানৰ অৱস্থাত অক্ষতভাৱে ভবিষ্যৎলৈ বৰ্তিনথকাটো সূচায়। গতিকে আজিৰ অৰ্থনৈতিক উন্নয়নক ভবিষ্যতলৈকে অব্যাহত ৰাখিবলৈ এই বিশ্বক বিপদমুক্ত কৰি ৰাখিব লাগিব। বিশ্বক বিপদমুক্ত কৰি ৰখাৰ প্ৰধান কৰণীয় হয় পৰিবেশ অধোগমন বোধ কৰাটো। ইয়াৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱহাৰত মিতব্যয়িতা অৱলম্বন কৰিব লাগিব আৰু পৰিবেশ প্ৰদূষিত হোৱা কাৰকবোৰ চিনাক্ত কৰি সেইবোৰ ৰোধ কৰিব লাগিব। এনেবোৰ ব্যৱস্থাৰ যোগেদি পৰিবেশক যদি ভবিষ্যৎ উন্নয়নৰ অনুকূল কৰি তুলিব পৰা যায় তেতিয়া বৰ্তমানৰ 

অবহনক্ষম উন্নয়নৰ পৰা বহনক্ষম উন্নয়নৰ পৰা বহনক্ষম উন্নয়নলৈ গতি কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহ হ’ল— 

  1. পৰিবেশীয় অধোগমন ৰোধ কৰিব লাগিব।
  2. প্রাকৃতিক সম্পদ ব্যৱহাৰ মিতব্যয়ী কৰি তুলিব লাগিব।
  3. আন্তঃপুৰুষ, আন্তঃআঞ্চলিক আৰু ব্যক্তিভিত্তিক অসমতা দূৰ কৰিব লাগিব। 
  4. ভোগ, দৰিদ্ৰতাৰ পৰিৱৰ্তে বৌদ্ধিক উত্তৰণ ঘটিব লাগিব।
  5. এক মিতব্যয়ীত সৰল জীৱনৰ আদৰ্শ প্ৰতিষ্ঠা হ’ব লাগিব। 
  6. উন্নত কৌশলৰ জৰিয়তে প্রাকৃতিক সম্পদ অপচয় কমাব লাগিব বা প্রাকৃতিক সম্পদৰ পৰা অধিক হোৱা লাভ কৰাৰ ব্যৱস্থা কৰিব লাগিব। 
  7. জনসংখ্যাৰ অনুপযুক্ত বৃদ্ধি ৰোধ কৰিব লাগিব। 

প্রশ্ন ১০ : ‘জন বিস্ফোৰণ পৰিবেশ অবক্ষয়ৰ মূল কাৰণ’— -এই কথাষাৰ ব্যাখ্যা কৰা। 

উত্তৰ ঃ কোনো এক নিৰ্দিষ্ট সময়ত কোনো এখন ঠাইত এটা প্ৰজাতিৰ জীৱবিলাক একেলগে বৰ্তি থাকিল তাক সেই জীৱৰ সমষ্টি বোলা হয়। এই অৱস্থা মানুহৰ ক্ষেত্ৰত বুজাবলৈ হ’লে জনসংখ্যা বুলি কোৱা হয়। জনসংখ্যা গঠনত অৰিহণা যোগায় সাধাৰণতে প্ৰজাতিটোৰ প্ৰজনন ক্ষমতা। কুৰি শতিকাৰ শেষৰফালে বিশ্ববাসী মানুহৰ সংখ্যা দ্রুত গতিত বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। শতিকাটোৰ শেষৰ ৩৫ টা বছৰতে জনসংখ্যা ২.৫ বিলিয়নৰ পৰা ৬ বিলিয়নতকৈও অধিকলৈ বৃদ্ধি পাইছে। জনসংখ্যা এই দ্রুতহাৰত বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হ’ল মৃত্যুৰ হ্ৰাসৰ হাৰতকৈ জন্মৰ হ্ৰাসৰ হাৰ কম হোৱাটো। আধুনিক প্রযুক্তিগত সা-সুবিধা, চিকিৎ‍সা ব্যৱস্থা, খাদ্য, বাসস্থান ইত্যাদিয়ে মৃত্যুৰ হাৰ কমাই মানুহৰ আয়ুস বৃদ্ধি কৰিছে। ক্রমাগতভাৱে বাঢ়ি অহা জনসংখ্যা বৃদ্ধিয়ে সম্পদসমূহৰ অধিক ব্যৱহাৰৰ উপৰিও পৰিবেশ দুষিত কৰি তুলিছে। জনসংখ্যা বুদ্ধিয়ে পৰিবেশ অধোগমনৰ প্ৰধান কাৰক হৈ পৰিছে। সম্প্রতি বিশ্ব জনসংখ্যার বৃদ্ধিৰ বাৰ্ষিক হাৰ হ’ল শতকৰা ১.৫। এই বৃদ্ধিৰ হাৰ অব্যাহত থাকিলে ২০২৫ চনত এই জনসংখ্যা ৮.৩ বিলিয়ন হ’ব বুলি ধাৰণা কৰা হৈছে। এই বৃদ্ধিৰ হাৰ উন্নয়নশীল দেশসমূহত আপেক্ষিকভাবে অধিক, উন্নয়নৰ থাক স্তৰত সকলো দেশতে জনসংখ্যা দ্রুত হাৰত বৃদ্ধি পোৱাটো পৰিলক্ষিত হয়। অৱশ্যে উন্নত দেশে জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ কিছু সমৰ্থ হৈছে। আৰু ভূমি আৰু বনাঞ্চল সংৰক্ষণৰ বাবে নতুন প্রযুক্তি আৰু কৌশল আবিষ্কাৰ কৰি সিবোৰত কামত লগোৱা দেখা গৈছে। 

জনসংখ্যা বৃদ্ধিয়ে পৰিবেশ দুষিত কৰে। প্ৰকৃততে এই পৃথিৱীত পৰিবেশ বিনষ্ট হোৱাৰ আঁৰত আছে প্রধানকৈ বর্ণিত কার্যকলাপ। আদি কালত যেতিয়া বিশ্বত মানুহৰ সংখ্যা কম আছিল, তেতিয়া মানুহে পৰিবেশ বিঘ্নিত কৰিছিল যদিও তাৰ প্রভাব ইয়াৰ উৎস স্থলতে সীমাবদ্ধ হৈ আছিল। সম্প্ৰতি মানুহৰ সংখ্যা ইমান বৃদ্ধি পাইছে আৰু কাৰিকৰী প্ৰযুক্তি ইমান শক্তিশালী হৈ পৰিছে যে, পৰিবেশৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতা আৰু প্ৰাকৃতিক সম্পদ আহৰণ এক এই শক্তিশালী প্রযুক্তিৰ ব্যৱহাৰ পৰিবেশ অৱনতিৰ প্ৰতিকূল পৰিণাম ইয়াৰ উৎসস্থলতে আৱদ্ধ নাৰাখি দুৰ দুৰান্তলৈ এই প্ৰভাৱ বিস্তাৰিত হৈছে। মানুহৰ বসতি আৰু কাৰিকৰী কৌশল প্রয়োগৰ ব্যাপকতাই পৰিবেশৰ ওপৰত তীব্র আঘাত হানিহে আৰু ইয়াৰ প্ৰতিফলন মানৱ জাতিয়ে ইতিমধ্যে ভোগ কৰিবলৈ আৰম্ভ কৰিছে।

 প্রশ্ন ১১ঃ পতিত ভূমিৰ উৎপত্তিৰ বিভিন্ন প্ৰক্ৰিয়াৰ বিষয়ে লিখা। 

উত্তৰ : পতিত ভূমি বুলি ক’লে আমি অর্থনৈতিক ভাবে উৎপাদনহীন,পৰিস্থিতিক দেশৰ পৰা অনুপযুক্ত আৰু পাৰিপাশ্চিকভাৱে অধোগামী ভূমিকে বুজা যায়। ভাৰতবৰ্ষত মুঠ মাটিকালিৰ আধাৰো বেছি ভূমি পতিত ভূমি। এই পতিত ভূমিবোৰৰ ভিতৰত একাংশ পাহাৰীয়া ভূমি, একাংশ মরুভূমি আৰু একাংশ বৰফেৰে আবৃত্ত ভূমি। পতিত ভূমিৰ প্ৰসাৰণ দুটা কাৰকৰ ফলত ঘটে। যেনে মানৱ সৃষ্ট আৰু প্ৰাকৃতিক কাৰক। 

প্রাকৃতিক কাৰকৰ দ্বাৰা গঠিত হোৱা পতিত ভূমিৰ ভিতৰত শিলাময় ভূমি, ওখোৰা-মুখোৰা ভূমি, বৰফেৰে আবৃত্ত ভূমি, সাগৰীয় উপকূলৰ লৱণুযুক্ত ভূমি ইত্যাদিয়ে প্রধান। 

মানৱ সৃষ্ট ঃ 

মানৱ সৃষ্ট পতিত ভূমিৰ ভিতৰত নৰ্দমা, মথাউৰি, পথ-ঘাট ইত্যাদি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা ভূমি, পাহাৰীয়া ঝুম খেতিৰ বাবে ব্যৱহাৰ কৰি এৰি দিয়া ভূমি ইত্যাদি উল্লেখযোগ্য। মানৱ সৃষ্ট পতিত ভূমিৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত মানুহে কৰা বনাঞ্চলৰ ধ্বংস, বনাঞ্চলৰ মাত্ৰাধিক ব্যৱহাৰ, অনুপযুক্ত জনসিঞ্চন ইত্যাদিয়ে প্রধান। পতিত ভূমি সম্প্ৰসাৰণৰ ক্ষেত্ৰত আৰু দুটা কাৰকে অৰিহণা যোগায়। সেইদুটা হৈছে- ভূমিস্খলন আৰু মুক্ত খনন কাৰ্য।

This Post Has One Comment

Leave a Reply