NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-4 সমসাময়িক পাৰিৱেশিক সমস্যাসমূহ

NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-4 সমসাময়িক পাৰিৱেশিক সমস্যাসমূহ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-4 সমসাময়িক পাৰিৱেশিক সমস্যাসমূহ

NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-4 সমসাময়িক পাৰিৱেশিক সমস্যাসমূহ

 পাঠভিত্তিক আৰু অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰ 

»» অতি চমু প্রশ্নোত্তৰ ” প্ৰতিটোত ১/২ নম্বৰকৈ 

প্রশ্ন ১ : তলৰ বাক্যবোৰ শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা ঃ 

(ক) চিপ্‌কো শব্দৰ অর্থ কি? 

উত্তৰঃ সাৱটি ধৰা।

 (খ) মণিপুৰৰ বৃহৎ আৰ্দ্ৰভূমিখনৰ নাম লিখা। 

উত্তৰঃ মণিপুৰৰ বৃহৎ আৰ্দ্ৰভূমিখনৰ নাম হ’ল ল’কটাক হ্রদ (৬,৪৭৫হেক্টৰ)। 

(গ) সুন্দলাল বহুগুণা কোন?

 উত্তৰঃ কৰ্ণাটকৰ এপ্পিকো আন্দোলনৰ গুৰি ধৰোঁতা ।

 (ঘ) ছাইলেণ্টভেলী আন্দোলন কিয় গঢ়ি উঠিছিল?

 উত্তৰ : কেৰালা ৰাজ্যৰ প্ৰাকৃতিক সম্পদ আৰু জীৱ বিচিত্ৰতা ৰক্ষা কৰাৰ বাবে।

 (ঙ) নর্মদা নদীত বান্ধ দিলে কোনবোৰ ঠাই ক্ষতিগ্রস্ত হ’ব?

 উত্তৰঃ মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ কেবাখনো গাঁও।

 (চ) ভাৰতবৰ্ষৰ বৃহৎ নদী বান্ধ প্রকল্পবিৰোধী দুটা আন্দোলনৰ নাম লিখা। 

উত্তৰঃ (ক) নীৰৱ উপত্যকা বা ছাইলেণ্টভেলী আন্দোলন।

() নর্মদা বাচাও আন্দোলন। 

(জ) গড়বাল অঞ্চলত গঠন হোৱা ‘কশৌলী গ্রাম স্বৰাজ সংঘ’ কাৰ নেতৃত্বত গঢ়ি উঠিছিল? 

উত্তৰ: সৰ্বোদয় কৰ্মী সৰলা দেৱী আৰু চণ্ডীপ্রসাদ ভট্টৰ নেতৃত্বত। 

(ঝ) নর্মদা বাচাও আন্দোলনৰ গুৰি ধৰোঁতা লোকসকলৰ নাম উল্লেখ কৰা। 

উত্তৰঃ বাবা আমটে, মেধা পাটেকাৰ, সুন্দরলাল বহুগুণা আদিয়ে।

 (ঞ) বিফৌসকলে কি গছ ৰোপণ কৰি তাৰ পৰা খাদ্য প্ৰস্তুত কৰিছিল ? 

উত্তৰ ঃ খেত্ৰী নামৰ এবিধ গছ।

 (ট) নীৰৱ উপত্যকা প্ৰকল্পৰ বিৰুদ্ধে কোনে প্রথম জনমত গঢ়ি তোলে?

 উত্তৰ : ১৯৭৮ চনত কেবালা শাস্ত্ৰ পৰিষদে।

 (ঠ) জধে-মধে গছ কটাৰ বিৰুদ্ধে ভাৰতৰ মাটিত পোনপ্ৰথমবাৰ কোনে আন্দোলন কৰিছিল ? 

উত্তৰঃ বিষ্ণৌ সম্প্ৰদায়ৰ লোকে। 

চমু প্রশ্নোত্তৰ প্ৰতিটোত ৩/৪ নম্বৰকৈ

 প্রশ্ন ১: সেউজীয়া গছৰ পৰিবেশীয় সেৱা উল্লেখ কৰা। 

উত্তৰ ঃ বিশ্বৰ মুঠ ভূ-ভাগৰ প্ৰায় এক-তৃতীয়াংশ বনভূমিৰে আবৃত। এই সেউজ বনাঞ্চলে আমাক কেৱল সকলো ধৰণৰ প্ৰয়োজনীয় সা-সামগ্ৰীৰে যোগান নধৰে, আমালৈ বহু পৰিবেশীয় সেৱাও আগবঢ়ায়। গছ-গছনিৰ পৰা আমি কাঠ, খৰি, খাদ্য-বস্তু, ইন্ধন, জীৱ-জন্তুৰ খাদ্য, ঔষধ-পাতি আদি বহু বাণিজ্যিক বয় বস্তু পাওঁ। কিন্তু বনাঞ্চলসমূহ যিবোৰ গুৰুত্বপূৰ্ণ অবাণিজ্যিক বা পৰিবেশীয় সেৱা আগবঢ়াই আছে সেইসমূহৰো কথা আমি স্বীকাৰ কৰা উচিত। 

  1. পৃথিৱীত থকা জীৱসমূহৰ বাবে অতি প্রয়োজনীয় অক্সিজেন গেছ সালোক সংশ্লেষণৰ জৰিয়তে সেউজীয়া উদ্ভিদে উৎপাদন কৰে।
  2. সালোক সংশ্লেষণৰ সময়ত সেউজীয়া গছ-গছনিয়ে বায়ুমণ্ডলৰ পৰা কার্বন-ডাই-অক্সাইড শোষণ কৰি লয় আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যা হ্রাস কৰে।
  3. কীট-পতংগৰ পৰা আৰম্ভ কৰি প্ৰকাণ্ড বন্যপ্রাণীলৈকে হেজাৰ হেজাৰ ধৰণৰ জীৱক বনাঞ্চলে আশ্রয় দিয়ে। 
  4. বনাঞ্চলে ভূমি ক্ষয় হ্রাস কৰে।
  5. বনাঞ্চলে স্থানীয় জলবায়ুৰ অৱস্থা আৰু জলচক্র নিয়ন্ত্রণ কৰে।
  6. কিছুমান উদ্ভিদে বহু বিষাক্ত গেছক শোষণ কৰি লয় আৰু প্ৰদুষণৰ সূচক হিচাপে কাম কৰে। 

প্রশ্ন ২ : প্রাকৃতিক সম্পদ বুলিলে কি বুজা १ 

উত্তৰ: আমি বসবাস কৰা জগতখন বিভিন্ন ধৰণৰ সম্পদৰে ভৰা। মানব সভ্যতাৰ কল্যাণ আৰু বিকাশ এই সম্পদসমূহৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। যিহেতু এই সম্পদসমূহ প্ৰকৃতিৰ পৰা পোৱা যায়, সেয়ে সেইবাৰক বোলা হয় প্রাকৃতিক সম্পদ। যি কোনো সম্পদৰ পৰা মূল্যবান সা-সামগ্ৰী লাভ কৰাটো সম্ভৱ। এইদৰে ভূমি, পানী, বতাহ, খনিজ সম্পদ, কয়লা, অৰণ্য, জীব-জ্য আদি হৈছে প্ৰাকৃতিক সম্পদ। 

প্রশ্ন ৩ঃ প্রাকৃতিক সম্পদ কি কি ধৰণৰ হ’ব পাৰে? উত্তৰঃ প্ৰাকৃতিক সম্পদ দুই ধৰণৰ –

  1.  নবীকৰণযোগ্য সম্পদ
  2. নবীকৰণ আযোগ্য সম্পদ

 প্রশ্ন ৪ : জল সংৰক্ষণৰ কেইটামান ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰ : পানী হৈছে আটাইতকৈ মূল্যবান আৰু অপৰিহাৰ্য প্ৰাকৃতিক সম্পদসমূহৰ মাজৰ এটা । – যাৰ সংৰক্ষণৰ বাবে উপযুক্ত কৌশল অৱলম্বন কৰা উচিত। এইক্ষেত্ৰত এই ব্যৱস্থাসমূহ ল’ব পৰা যায় –

  1. বৰষুণৰ পানী কর্ষণ
  2. পানী বাগৰি যোৱা হ্রাসকৰণ
  3. শুকাই যোৱাত বাধা দিয়া 
  4. পানীৰ পুনৰ ব্যৱহাৰ
  5. পানীৰ অপচয়ত বাধা দিয়া
  6. জলপ্ৰদূষণ নিয়ন্ত্রণ 
  7. কঠোৰ আইন বলবৎ কৰা 
  8. সজাগতা কাৰ্যসূচী গ্ৰহণ 

প্রশ্ন ৫ঃ অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ নাম লিখা। 

উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ হ’ল—

  1.  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
  2. মানাহ ৰাষ্ট্ৰীয় উদ্যান
  3. ওবাং ৰাষ্ট্ৰীয় উদ্যান 
  4. নামেৰি ৰাষ্ট্ৰীয় উদ্যান
  5. ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

 প্রশ্ন ৬ ঃ ভূমি সম্পদ ৰক্ষাৰ দুটা পৰম্পৰাগত পদ্ধতিৰ নাম লিখা। উত্তৰঃ ভূমি সম্পদ ৰক্ষাৰ দুটা পৰম্পৰাগত পদ্ধতিৰ নাম হ’ল –

  1.  পাহাৰীয়া বা এঢলীয়া ঠাইত বৃক্ষৰোপণ কৰি মাটিৰ অবক্ষয় হ্ৰাস কৰিব পাৰি।
  2. কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ নিষিদ্ধ কৰা উচিত আৰু জৈৱিক সাৰৰ প্ৰয়োগক উৎসাহিত কৰা উচিত।

 প্রশ্ন ৭ : বনজ সম্পদ সংৰক্ষণৰ ব্যৱস্থাবোৰ উল্লেখ কৰা। উত্তৰঃ বনজ সম্পদসংৰক্ষণৰ ব্যৱস্থাসমূহ হ’ল—

  1. অৰণ্য ধাৰণ ক্ষমতা নিৰূপণ কৰিহে অৰণ্য সম্পদ আহৰণ কৰিব লাগে।
  2. যিমানখিনি গছ, বাঁহ কটা হয় সিমানখিনি ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। 
  3. ইন্ধনৰ বাবে গছ, বন নাকাটি তাৰ ঠাইত বিকল্প ইন্ধন বা জৈৱিক গেছ ব্যৱহাৰ কৰিব লাগে।
  4. বায়ুমণ্ডলত থকা সেউজ গৃহ গেছৰ পৰিমাণ সত্তলিত কৰি ৰখাৰ উদ্দেশ্যে সামাজিক বনানিকৰণ আঁচনিৰ জৰিয়তে পতিত মাটিত বনানিকৰণ কৰিব লাগে। পথৰ কাষে কাষে আৰু ৰাজহুৱা স্থানত বৃক্ষৰোপণ আদি কৰিব লাগে। 
  5. ঠায়ে ঠায়ে পৰিবেশ উদ্যান পাতি ফলমূলৰ গছ, বনৌষধি গছ ৰোপণ কৰি পাৰিপাৰ্শ্বিক ভাৰসাম্য অটুত ৰাখিব লাগে।
  6. প্রাকৃতিক সম্পদ ব্যৱহাৰত মিতব্যয়ী হ’ব লাগে আৰু জধে-মধে সম্পদ বিনষ্ট কৰা প্ৰৱণতা ৰোধ কৰিব লাগে। বিশেষকৈ যিবোৰ সম্পদ নবীকৰণ কৰিব নোৱাৰি (যেনে পেট্রলিয়াম, কয়লা আদি) সেইবোৰ ব্যৱহাৰ কৰাত অতি সাৱধান হ’ব লাগে। 
  7. বৃহৎ উদ্যোগ স্থাপনৰ পৰিৱৰ্তে অর্থনৈতিকভাৱে লাভজনক ক্ষুদ্র উদ্যোগ স্থাপন কৰিব লাগে।

 প্রশ্ন ৮ : নবীকৰণযোগ্য আৰু নবীকৰণ অযোগ্য প্রাকৃতিক সম্পদসমূহ কি কি?

 উদাহৰণ দিয়া।

 উত্তৰ ঃ নবীকৰণযোগ্য সম্পদঃ নবীকৰণযোগ্য সম্পদসমূহ অফুৰন্ত আৰু এইসমূহক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত পুনৰ সৃষ্টি কৰিব পৰা যায়। যেনে সৌৰ শক্তি, অবশ্য, বনজ সম্পদ আদি। অৱশ্যে বহু নবীকরণযোগ্য সম্পদৰ দ্ৰুতভাবে পুনৰ সৃষ্টিৰ ক্ষমতা নাথাকে। ব্যাপকভাবে ব্যৱহাৰ কৰা বাবে এই সম্পদসমূহ কমি যায়। যেনে – বনাঞ্চল, ভূ-গৰ্ভৰ পানী আদি। নবীকৰণ আযোগ্য সম্পদ ঃ এই সম্পদসমূহ সীমিত পৰিমাণতহে প্ৰকৃতিত পোৱা যায়। যেনে – কয়লা, পেট্রলিয়াম, খনিজ সম্পদ আদিৰ দৰে জীৱাশ্ম ইজন। যদিহে এবাৰ মানুহে এই সম্পদসমূহ শেষ কৰি পেলায় তেন্তে সেইসমূহক পুনৰ সৃষ্টি কৰিব পৰা নাযায়।

 প্রশ্ন ৯ : উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদসমূহৰ বিষয়ে লিখা। 

উত্তৰ ঃ ভাৰতৰ উত্তৰ পূব অঞ্চলটো হৈছে বিভিন্ন খনিজ সম্পদৰ ভাণ্ডাৰ। মেঘালয় ইউৰেনিয়াম, কয়লা আৰু চূণশিলৰ বাবে বিখ্যাত। খনিজ সম্পদৰ বাবে অসম বহুলভাবে পৰিচিত। ৰাজ্যখনত প্ৰধানকৈ ট্ৰে’লিয়াম (খাৰুৱা তেল), প্রাকৃতিক গেছ, কয়লা আৰু চূণশিল আহৰণ কৰা হয়। তেল আৰু প্ৰাকৃতিক গেছ আয়োগ (O.N.GC) হৈছে ৰাজ্যখনৰ আটাইতকৈ লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ছেলিমেনাইট, বেছমেটেল, বেৰিল, নিৰ্মাণ সামগ্রী, এছবেষ্টক ফায়াৰ ক্লে, কেৱলিন, ফুলাৰৰ্ছ আর্থ, মাইকা, কোৱাৰ্টজ, ডল মাইট আদি বিভিন্ন খনিজ দ্রব্য অসমত পোৱা যায়। কিন্তু এইসমূহৰ বেছিভাগ খনিজ দ্রবাৰ আহৰণ অর্থনৈতিকভাবে লাভজনক হৈ উঠা নাই। অসমৰ সোৱণশিৰি নদীত উনৈশ শতিকাৰ পূৰ্বৰে পৰা সোণ আহৰণ চলি আহিছিল। 

প্রশ্ন ১০: অসমৰ ৫ খন বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম লিখ

 উত্তৰ: অসমৰ ৫ খন বন্য প্রাণীৰ অভয়াৰণ্য হ’ল—

  1.  কাজিৰঙা
  2. মানাহ 
  3. পবিতৰা 
  4. নামেৰি 
  5. ডিব্ৰু ছৈখোৱা

 প্রশ্ন ১১ : চিপকো আন্দোলনৰ মূল উদ্দেশ্যবোৰ কি লিখা। 

উত্তৰঃ চিপ্‌কো আন্দোলনৰ মূল লক্ষ্য ছটা—

  1. অৱবাহিকা অঞ্চলত গছ-গছনি কটা সম্পূৰ্ণৰূপে বন্ধ কৰা আৰু বনানিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা।
  2. ঠিকাদাৰৰ দ্বাৰা কাঠৰ মহল ডাকত লোৱা সম্পূর্ণরূপে বন্ধ কৰা। গ্রামা বনানিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা। সমবায়ৰ জৰিয়তে অতিৰিক্ত গছ কটাৰ ব্যৱস্থা কৰা আৰু বৃক্ষৰোপণৰ ব্যৱস্থা কৰা। 
  3. গাঁৱৰ মানুহৰ অভাৱ পূৰণৰ বাবে অৰণ্য সম্পদ জৰীপ কৰি ৰাহি সম্পদ আহৰণ কৰিবলৈ দিয়া। 
  4. বনজ সম্পদৰ ওপৰত ভিত্তি কৰি স্থানীয় লোকৰ দ্বাৰা কুটীৰ উদ্যোগ স্থাপন কৰাত উদ্‌গনি দিয়া। 
  5. স্থানীয় লোকক বনানিকৰণ আঁচনি আৰু কৃষি পাম স্থাপনত জড়িত কৰা।
  6. পৰিস্থিতিতান্ত্রিক, ভূতাত্বিক আৰু উদ্ভিদতাত্বিক জৰীপ কৰাৰ পিছতহে সা বৃহৎ উদ্যোগ নিৰ্মাণৰ অনুমতি দিয়া আৰু পৰিবেশ প্ৰদূষণ নোহোৱাৰ নিশ্চয়তা লাভৰ পিছতহে তেনে উদ্যোগ স্থাপনত অনুমতি দিয়া ইত্যাদি। → 

ৰচনাধৰ্মী প্রশ্নোত্তৰ » প্রতিটোত ৫/৬ নম্বৰকৈ

  প্রশ্ন ১প্রাকৃতিক সম্পদ আৰু উদাহৰণসহ ইবিলাকৰ প্ৰকাৰ। 

উত্তৰ : পৃথিৱীৰ উপৰিভাগত আৰু অন্তৰ্ভাগত থকা প্ৰকৃতিপ্রদত্ত সকলো | বস্তুকে প্রাকৃতিক সম্পদ বোলা হয়। উপবিভাগত থকা ভূমি, পানী, পৰ্বত-পাহাৰ, নৈ-জান-জুৰি, বায়ু আৰু অভ্যন্তৰত থকা জলৰাশি আৰু খনিজ সম্পদবোৰ প্রাকৃতিক সম্পদ অন্তর্ভুক্তি। 

প্রাকৃতিক সম্পদসমূহক দুভাগত ভগোৱা হৈছে। এবিধ নবীকৰণ কৰিব পাৰি, আনবিধ নোৱাৰি। 

Content Environmental science

Sl. No.Chapter NameLink
Chapter 1পৰিবেশৰ ধাৰণাClick Here
Chapter 2বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা আৰু সমস্যাClick Here
Chapter 3পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱClick Here
Chapter 4সমসাময়িক পাৰিৱেশিক সমস্যাসমূহClick Here
Chapter 5পাৰিবেশিক সংৰক্ষণClick Here
Chapter 6বহনক্ষম উন্নয়নClick Here
Chapter 7পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱClick Here
Chapter 8 (ক)সমসাময়িক পাৰিৱেশিক সমস্যাসমূহClick Here
Chapter 8 (খ)পাৰিবেশিক সংৰক্ষণClick Here

এই দুবিধ সম্পদৰ মাজত থকা দুটা পার্থক্য হলঃ 

  1. নবীকৰণ কৰিব পৰা সম্পদবোৰ উপৰ্যুপৰি ব্যৱহাৰ কৰিলেও শেষ নহয়। বনজ সম্পদ, জল সম্পদ, সৌৰ শক্তি মানুহৰ পৰ্যাপ্ত ব্যৱহাৰেও শেষ কৰিব নোৱাৰে। আনহাতে খনিজ সম্পদৰ দৰে নবীকৰণ কৰিব নোৱাৰা সম্পদবোৰ এদিন শেষ হৈ যাব। নবীকৰণ কৰিব পৰা শক্তি হ’ল জলশক্তি, সৌৰশক্তি। 
  2. জনসংখ্যাৰ দ্ৰুত বৃদ্ধি নহ’লে নবীকৰণ কৰিব পৰা সম্পদৰ জনমূৰি ভিত্তিত পৰিমাণ একেই থাকে। আনহাতে, নবীকৰণ কৰিব নোৱাৰা সম্পদৰ পৰিমাণ কমি যায়। সেইবাবে জনমূৰি ভিত্তিত ইয়াৰ পৰিমাণো হ্রাস পায়। ভাৰতৰ নবীকৰণ কৰিব নোৱাৰা শক্তি হলৈ কয়লা, পেট্ৰ’লিয়াম। প্রাকৃতিক সম্পদসমূহক বনজ সম্পদ, জলজ সম্পদ, খনিজ সম্পদ, শক্তি সম্পদ আৰু ভূ সম্পদ এই পাঁচটা ভাগত ভাগ কৰিব পাৰি। 

বনজ সম্পদ ঃ বন্য জীৱ-জন্তু, কাঠ-বাঁহ, ঔষধি উদ্ভিদ, শোভাবৰ্দ্ধনকাৰী উদ্ভিদ, অৰ্কিড, সৰীসৃপ জাতীয় প্রাণী ইত্যাদি। 

জল সম্পদঃ নৈসর্গিক শোভাবৰ্দ্ধনকাৰী জলাধাৰ, বন্দৰ, পোতাশ্রয়, বিভিন্ন জলজ উদ্ভিদে আৰু প্ৰাণী, মৎস্য সম্পদ, জল বিদ্যুৎ, পৰিবহনযোগ্য জলাধাৰ, সাগৰৰ তলীৰ বিভিন্ন মণি-মুকুতা ইত্যাদি। 

খনিজ সম্পদ ঃ লেৰ আকৰ, কয়লা, সোণ, ৰূপ, গ্ৰেণাইট, বক্সাইট, মাইকা, চূণশীল ইত্যাদি। 

শক্তি সম্পদ ঃ তাপ শক্তি, বিদ্যুৎ শক্তি, বায়ু শক্তি, সৌৰ শক্তি, জৈৱ শক্তি, আণৱিক শক্তি ইত্যাদি।

 ভূ-সম্পদ ঃ কৃষিযোগ্য ভূমিস বাসোপযোগী ভূমি ইত্যাদি। 

প্রশ্ন ২ঃ ভাৰতৰ প্ৰাকৃতিক সম্পদসমূহেৰ দেশখনৰ অৰ্থনৈতিক উন্নয়নত কেনেদৰে বৰঙণি যোগাইছে আলোচনা কৰা। 

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰাকৃতিক সম্পদঃ এখন দেশৰ অৰ্থনৈতিক উন্নয়ন সেই দেশৰ প্ৰাকৃতিক সম্পদৰাজিৰ ওপৰত নিৰ্ভৰশীল। প্রাকৃতিক সম্পদ উদ্ঘাটন আৰু ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই এখন দেশৰ জাতীয় উৎপাদন বৃদ্ধি কৰিব পাৰি। অৰ্থনৈতিক উন্নয়ন নাইবা অনগ্ৰসৰতাৰ মাপকাঠি এখন দেশৰ জাতীয় আয়। আনহাতেদি জাতীয় উৎপাদন বৃদ্ধিৰ বাবে প্রাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মূলধনৰ সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজন। 

প্রাকৃতিক সম্পদ বুলিলে এখন দেশৰ মাটি, পানী, খনিজ সম্পদ, বনজ সম্পদ, জলবায়ু, বৰষুণ আদি প্রকৃতিয়ে মুক্তভাৱে দিয়া সম্পদবিলাককেই বুজায়। এই সম্পদবিলাকৰ ভিতৰতকিছুমান সম্পদৰ কথা মানুহে সম্পূর্ণভাৱে জানে, যেনে- মাটিৰ অৱস্থান, জনবায়ু, বনজ সম্পদ আৰু আৱিষ্কৃত খনিজ সম্পদ। অন্যহাতেদি কিছুমান সম্পদ মানুহৰ কাৰিকৰী জ্ঞান বৃদ্ধিৰ দ্বাৰাইহে উদ্ঘাটন কৰিব পাৰি। গতিকে সেইবিলাকত সম্পদৰ বিষয়ে সাধাৰণতে মানুহৰ জ্ঞান নাথাকে। উদ্ঘাটন নোহোৱা আৰু উদ্ঘাটন হোৱা সকলোবিলাক সম্পদ সম্পূৰ্ণকৈ ব্যৱহাৰ কৰিলেহে এখন দেশৰ অৰ্থনৈতিক উন্নয়ন আশা কৰিব পাৰি। প্ৰাকৃতি সম্পদৰ আন এটা বিবেচনা হ’ল প্ৰাকৃতিক সম্পদ নৱীকৰণ কৰিব পাৰি আৰু কিছুমান প্ৰাকৃতিক সম্পদ নৱীকৰণ কৰিব নোৱাৰি। মাটি, পানী, মীন আৰু বনজ সম্পবিলাক পুনৰ নতুনকৈ ব্যৱহাৰ কৰিব পাৰি। আনহাতেদি খনিজ সম্পদবিলাক কেৱল এবাৰহে ব্যৱহাৰ কৰিব পাৰি। যিবিলাক প্রাকৃতিক সম্পদ নৱীকৰণ কৰিব নোৱাৰি সেইবিলাক ব্যৱহাৰ কৰোঁতে বৰ সচেতন হ’ব 

লাগে আৰু পুনঃপুনঃ 

ব্যৱহাৰ কৰিব পৰা সম্পদবিলাকো উপযুক্তভাৱে পৰিচালনা কৰিব লাগে। উদাহরণস্বৰূপে আমাৰ দেশত থকা খনিজ তেলবিলাক একেলগে উৎপাদন কৰি ব্যৱহাৰ কৰিলে এটা সময়ত যেতিয়া খনিজ তেল শেষ হ’ব। তেতিয়া বিকল্প ব্যৱস্থা কি হ’ব, যদি বিকল্প কোনো সম্পদ পোৱা নাযায় তার ফলাফল কি হ’ব সকলোৱে চিন্তা কৰাটো বৰ প্ৰয়োজনীয় বিষয়। 

সম্পদ উন্নয়নৰ প্ৰধান উদ্দেশ্য হ’ল ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধি কৰা। গতিকে সকলোবিলাক সম্পদ উপযুক্তভাৱে ব্যৱহাৰ কৰিব লাগে। প্রাকৃতিক সম্পদবিলাক উদ্ঘাটন বা ব্যৱহাৰ কৰোঁতে যতদূৰ সম্ভৱ অবাবত নষ্ট কৰিব নালাগে। উচ্চ কাৰিকৰী কৌশল প্রয়োগ কৰি সম্পদবিলাক আহৰণ আৰু ব্যৱহাৰ কৰিব লাগে। যিবিলাক সম্পদ পুনঃ পুনঃ ব্যৱহাৰ কৰিব পাৰি সেইবিলাকৰ পুনৰ গঠনৰ বাবে ব্যৱস্থা কৰিব লাগে। যদি কোনোবা সম্পদ একেলগে কেইবাটাও কামত ব্যৱহাৰ কৰিব পাৰি তেনেবিলাক সম্পদ উপযুক্তভাৱে ব্যৱহাৰ কৰাটো অর্থনৈতিক উন্নয়নৰ বাবে বৰ প্ৰয়োজনীয় বিষয়। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল সম্পদবিলাকৰ ওচৰে পাজৰে সেই সম্পদ ব্যৱহাৰ কৰা উদ্যোগবিলাক প্রতিষ্ঠা কৰিব লাগে। উদাহৰণস্বৰূপে তেলৰ খনিৰ ওচৰত তেল শোধনাগাৰ স্থাপন কৰিলে উৎপাদন ব্যয় বহু পৰিমাণে কমি যায়। প্রাকৃতিক মস্পদৰ লগত প্ৰাকৃতিক ভাৰসাম্যৰ বিষয়টো জড়িত হৈ আছে। গতিকে প্রাকৃতিক সম্পদ আহৰণ কৰোতে প্রাকৃতিক ভাৰসাম্যতালৈ লক্ষ্য কৰিহে ব্যৱহাৰ কৰিব লাগে।

নহ’লে প্ৰদূষণৰ সমস্যাই দেখা দিয়ে। সম্পদ ব্যৱহাৰ কৰোতে এই সকলোবিলাক কথা বিবেচনা কৰিব লাগে। ভাৰতবৰ্ষৰ মাটিকালিৰ পৰিমাণ ৩২৯ নিযুত হেক্টৰ। এই উপমহাদেশখন ৮৪ ৰ পৰা ৩৭.৬/ উত্তৰ অক্ষাংশলৈ আৰু ৬৮.৭/ ৰ পৰা ৯৬.২৫′ পূর্ব দ্রাঘিমাংশলৈ বিয়পি আছে। উত্তৰ হিমালয় পৰ্বতৰ পৰা দক্ষিণৰ উপকূল অংশলৈ এই উপমহাদেশৰ দৈৰ্ঘ্য প্ৰায় ৩২১৪ কিলোমিটাৰ 

আৰু পূবৰ অৰুণাচলৰ সীমাৰ পৰা পশ্চিম কাশ্মীৰলৈ ২৯৩৩ কিলোমিটাৰ।

 প্ৰাকৃতিকভাৱে ভাৰতবৰ্ষখনক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰা হৈছে—

  1. পার্বত্য অঞ্চল, 
  2. উপত্যকা অঞ্চল
  3. দাক্ষিণাত্যৰ মালভূমি আৰু উপকূল অঞ্চল। 

ভাৰতবৰ্ষৰ উত্তৰৰ হিমালয় পর্বতমালাৰফ প্ৰকৃতিৰ অপূৰ্ব অৱদান। উত্তৰ ভাৰতৰ সকলোবোৰ নদ-নদীৰ মূল উৎস হ’ল হিমালয় পর্বত। হিমালয়ৰ গভীৰ অৰণ্য মূল্যবান গছ-গছনি আৰু নানাধৰণৰ বনৰীয়া জীৱ-জন্তুৰ বাসভূমি। হিমালয় পর্বতৰ নামনি অঞ্চল বিশেষকৈ ব্ৰহ্মপুত্র, গংগা আৰু সিন্ধু নদীৰ উপত্যকাৰ সমভূমি অঞ্চলতেই ভাৰতীয় মানুহৰ প্রধান বসবাস আৰু সভ্যতাৰ স্থান। এই অঞ্চলৰ পলসুৱা আৰু সাৰুৱা মাটিথ প্ৰচুৰ শস্য উৎপাদন কৰা হয়। দাক্ষিণাত্যৰ মালভূমি অঞ্চলত বিভিন্ন শিল্প উদ্যোগ গঢ়ি উইঠছে। এই অঞ্চলৰ পৰা পৃথিৱীৰ বিভিন্ন দেশলৈ সাগৰীয় পথেদি যোগাযোগ কৰিব পাৰি। ভাৰতবৰ্ষৰ এই তিনিওটা প্রাকৃতিক অঞ্চলৰে বেলেগ বেলেগ বৈশিষ্ট্য আছে আৰু দেশৰ অর্থনৈতিক উন্নয়নৰ বাবে বিভিন্ন প্ৰকাৰে অৰিহণা যোগাইছে। 

প্রশ্ন ৩ঃ অসমৰ খনিজ সম্পদসমূহ আৰু ইয়াৰ সংৰক্ষণৰ বিষয়ে লিখা।

 উত্তৰ: অসমে খনিজ সম্পদৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰতে আগস্থান পাবলৈ সক্ষম হৈছে। অসমৰ লিডু, জয়পুৰ, মাকুম, মাৰ্ঘেৰিটা, নাজিৰা, লংকাদমন ইত্যাদি ঠাইত কয়লা খনি আছে। তদুপৰি অসমৰ মৰাণ, হুগ্ৰীজান, ৰুদ্রসাগৰ, গেলেকী, নাহৰকটীয়া, বৰহোলা, লাকুৱা ইত্যাদিত তেলৰ পুং আছে। গুৱাহাটী, নুমলীগড় বঙাইগাঁও, ডিগবৈত তেল শোধনাগাৰ আছে। অসমত আলতীয়া মাটি, মুলতানী মাটি, চীনা মাটি ইত্যাদিও পোৱা যায় যাৰ পৰা ইটা, কাঁচ, লো আদি তৈয়াৰ কৰিব পাৰি। ইয়াৰোপৰি কাৰ্বি আংলং জিলাত চিলিমেনাইট, জিপচাম, গ্লেনাইট ইত্যাদি পাথৰো পোৱা যায়। 

এই প্রাকৃতিক সম্পদসমূহ সংৰক্ষণৰ কাৰণে তলৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি। 

  1. অনবীকৰণযোগ্য প্রাকৃতিক সম্পদ থকা অঞ্চলটোত সমপদৰ মজুতৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰি সেইসমূহৰ আহৰণ আৰু ব্যৱহাৰৰ মিতব্যয়ী কৰি তুলিব লাগে।
  2. অনবীকরণযোগ্য সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ বাবে একো একোটা উপযুক্ত পৰিচালনা গোট আৰু নিয়ন্ত্রণ গোট গঠন কৰি উপযুক্ত কৌশলী, দক্ষ ব্যক্তিক নিযুক্তি দিব লাগে। 
  3. অনবীকৰণযোগ্য প্রাকৃতিক সম্পদসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে এক মিতব্যয়ী জীৱন নিৰ্বাহৰ বাতাবৰণ গঢ়ি তোলাৰ ব্যৱস্থা কৰিব লাগে ইত্যাদি। 

প্রশ্ন ৪ : বিভিন্ন শক্তিসমূহৰ বিষয়ে আলোচনা কৰক। 

উত্তৰ : কৰ্ম কৰাৰ সক্ষমতাক শক্তি বোলা হয়। এখন দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ জনমুৰি শক্তি ব্যৱহাৰৰ পৰিমাণৰ ওপৰত নিৰ্ভৰশীল। শক্তিৰ উৎস প্রধানতঃ দুই প্রকাৰৰ – নবীকৰণক্ষম উৎস আৰু অনবীকৰণক্ষম বা নবীকৰণ অক্ষম উৎস। এই উৎসসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল– 

(১) সৌৰ শক্তি : 

সূৰ্যৰ পৰা বিকীৰণ হোৱা পোহৰ তাপকেই সৌৰ শক্তি বোলে৷ নবীকৰণক্ষম শক্তিৰ উৎসসমূহৰ ভিতৰত সৌৰ শক্তিৰ পৰিমাণ বৃহৎ। সৌৰ শক্তিৰ সহায়ত কুকাৰ, উত্তাপক, বেটাৰী আদি ব্যৱহাৰ কৰিব পৰা হৈছে।

 (২) বায়ু শক্তি : 

বায়ু শক্তিক যান্ত্ৰিক আৰু বিজুলী শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি। শক্তিৰ উৎপাদন আৰু পানী সিঁচা আদি ক্ষেত্ৰত বায়ু শক্তিৰ ব্যৱহাৰ হয়। উপকূল অঞ্চলত বায়ুৰ গতি প্ৰৱল হোৱা বাবে গুজৰাটৰ কচ্ছ, ওখা; পুৰী টুটিকৰিণ, আদি অঞ্চলত বায়ু চালিত টারবাইন স্থাপন কৰি বিদ্যুৎ উৎপাদনত বায়ু শক্তিক ব্যৱহাৰ কৰা হৈছে। 

(৩) জোৱাৰ শক্তিঃ 

ফ্ৰান্সত বিশ্বৰ ভিতৰতে শক্তিশালী জোৱাৰ শক্তি উৎপাদন কেন্দ্ৰ অৱস্থিত। আমাৰ দেশৰ গুজৰাটৰ কচ্ছ আৰু পশ্চিমবঙ্গৰ সুন্দৰবনত জোৱাৰ শক্তিৰ কাৰ্যকৰিতাৰ ওপৰত পৰীক্ষা চলাই থকা হৈছে। 

(৪) জলশক্তিঃ

 বোৱতী নদীত বান্ধ নিৰ্মাণৰ দ্বাৰা জলশক্তি উৎপাদন কৰা হয়। বান্ধ নিৰ্মাণ কৰি নদীৰ পানী সংগ্ৰহ কৰা হয়। আৱদ্ধ কৰি ৰখা এই পানী নলীৰে বান্ধৰ ওপৰৰ পৰা তললৈ পৰিবলৈ দিয়া হয়। ইয়াৰ দ্বাৰা পানীখিনিৰ স্থিতি শক্তিক গতিশক্তিলৈ ৰূপান্তৰিত কৰা হয়। এই পানীয়ে টাব্বাইনসমূহ ঘূৰাবলৈ ধৰে আৰু ইয়াৰ লগত সংলগ্ন জেনেৰেটৰ ঘূৰ্ণীমান হৈ বিদ্যুৎ উৎপাদন হয়। ভাৰতত জলবিদ্যুৎ উৎপাদনৰ পৰিমাণ প্রায় ২৩৮০০ মেগাৱাট। 

(৫) সামুদ্রিক তাপ শক্তি : 

সমুদ্ৰৰ পৃষ্ঠভাগত উষ্ণতা আৰু গভীৰতাৰ উষ্ণতা তাৰতম্যৰ ফলত যি শক্তি উৎপাদন হয় তাকে সামুদ্রিক তাপ শক্তি বোলা হয়। এই শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ শক্তি উৎপাদন কৰা হয়। 

(৬) ভূ-তাপশক্তিঃ 

পৃথিৱীৰ অন্তৰ্ভাগত থকা উষ্ণ শিলাখণ্ডসমূহৰ তাপ ভূ-তাপ শক্তি বোলা হয়। ভাৰতবৰ্ষৰ মণিকৰণ, কুলু, চোহানা আদি ঠাইত মাটি পৰা গৰম পানীৰ সোঁত ওলায়। উচ্চ চাপত ওলোৱা গৰম পানীক বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰিব পাৰি।।

 (৭) জৈৱিক শক্তিঃ 

কাঠ, গোৱৰ, আৱৰ্জনা আদিৰ দৰে জৈৱিক পদার্থসমূহ জৈৱিক শক্তিৰ উৎস।

 (৮) জৈৱিক গেছ :

 প্রাণী আৰু উদ্ভিদৰ পেলনীয়া দ্রব্যসমূহত অবাত অনুজীৱৰ দ্বাৰা পানীৰ উপস্থিতিত সহজে পচন ঘটে। এই প্ৰক্ৰিয়াৰ দ্বাৰা মিথেন, কার্বন-ডাই-অক্সাইড, হাইড্ৰ’জেন, হাইড্ৰ’জেন ছালফাইড আদি গেছসমূহ উৎপন্ন হয়। এই গেছসমূহৰ সংমিশ্রণক জৈৱিক গেছ বোলে। ভাৰতত জৈৱিক গেছ উৎপাদনকাৰী গোটৰ মুঠ সংখ্যা ৩০,০০,০০০।

 (৯) জৈৱিক ইন্ধন ঃ 

ইথানল আৰু মিথালন জাতীয় এলকহল জৈৱ অনুজীবৰ পচনৰ দ্বাৰা উৎপন্ন কৰিব পাৰি। কুঁহিয়াৰৰ পৰা ইথানল উৎপাদন কৰিব পাৰি। আৰু যিকোনো কাঠ জাতীয় উদ্ভিদৰ পৰা মিথানল উৎপন্ন কৰিব পাৰি। 

(১০) হাইড্রজেন 

বায়ুমণ্ডলত হাইড্ৰ’জেন দহন হৈ যথেষ্ট শক্তি উৎপন্ন কৰে। হাইড্ৰ’জেন দুই ধৰণে তৈয়াৰ কৰিব পাৰি – তাপৰ দ্বাৰা পৃথকীকৰণ কৰি আৰু পানীৰ তড়িৎ বিশ্লেষণ বা আলোক বিশ্লেষণৰ দ্বাৰা। ইহুন হিচাপে হাইড্ৰ’জেনৰ ব্যৱহাৰ সুবিধাজনক। ই প্ৰদূষক নহয়। অতি সহজে প্ৰস্তুত কৰিব পাৰি আৰু উচ্চমানবিশিষ্ট কেলৰিযুক্ত কাৰণে উৎকৃষ্ট ইন্ধন হিচাপে ব্যৱহাৰৰ উপযোগী।

 (১১) কয়লা ঃ

 কয়লা দহনৰ দ্বাৰা শক্তি উৎপাদন কৰা হয়। ভূ-গৰ্ভত প্রায় ৬০০০ নিযুত টন কয়লা সঞ্চিত হৈ আছে। এতিয়ালৈকে প্ৰায় ২০০ নিযুত টন কয়লা বিভিন্ন কার্যত ব্যৱহাৰ কৰা হৈছে।

 (১২) খনিজ তেল : 

খনিজ তেলৰ উৎস আৰু মাত্র ৪০ বছৰলৈকেহে থাকিব বুলি ঠাৱৰ কৰা হৈছে। ‘অপেক’ (OPEC) ৰ অন্তর্গত ১৩ খন দেশত ৬৭% খনিজ তেলৰ ভাণ্ডাৰ আছে। চৌদি আৰৱত ২৫% তেলৰ ভাণ্ডাৰ আছে। 

খনিজ তেলৰ আংশিক পাতন পদ্ধতিৰে বিশুদ্ধকৰণ কৰি পেট্রল, ডিজেস, প্লাষ্টিক, গেছলিন, কোচিন আদি বিভিন্ন ইন্ধন সামগ্রী উৎপন কৰা হয়।

 (১৩) পাৰমাণৱিক শক্তিঃ 

অতি কম পৰিমাণৰ তেজস্ক্রিয় পদার্থই বৃহৎ পৰিমাণৰ শক্তিৰ সৃষ্টি কৰিব পাৰে। পৰমাণু বিক্রিৰণৰ সহায়ত আণবিক শক্তি উৎপন্ন কৰা হয়। পাৰমাণৱিক বিবগুন আৰু পাৰমাণৱিক সংযোজনেৰে এই শক্তিক উৎপাদন কৰা হয়। বিদ্যুৎ উৎপাদনৰ বাবে সাগৰীয় জাহাজৰ ইন্ধনদা বাসায়নিক বিক্রিয়া প্রকল্পত তাপ উৎপাদক হিচাপে আৰু মহাকাশ যান উৰাবলৈ পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰা হয়। 

প্রশ্ন ৫ : বনজ সম্পদ অধিক ব্যৱহাৰৰ প্রভাৱসমূহ উল্লেখ কৰা।

 উত্তৰ ঃ বনজ সম্পদ অধিক ব্যৱহাৰৰ প্রভাৱসমূহ হ’ল–

  1.  বনজ সম্পদ অধিক ব্যৱহাৰৰ ফলত মাটিৰ উৰ্ব্বতা শক্তি হ্রাস পায় আৰু ভূমি স্খলনৰ পৰিমাণ বৃদ্ধি পায়।
  2. বনজ সম্পদ অত্যাধিক ব্যৱহাৰৰ ফলত মানুহ, জীৱ-জন্তু, পশু-পক্ষী আদিৰ খাদ্যৰ নাটনি হোৱা দেখা যায়। 
  3. বনাঞ্চলত বসবাস কৰা প্ৰাণীসমূহৰ বসতিস্থান নাইকীয়া হয়। ফলত বহুত প্ৰাণীৰ প্ৰজাতি নিঃশেষ হৈ যোৱা দেখা যায়। ইয়াৰ লগতে বহুতো নাইকীয়া হৈ যায়। 
  4. বনজ সম্পদৰ অধিক ব্যৱহাৰে ধৰণীৰ সেউজী সৌন্দৰ্যৰ বিলুপ্তি ঘটোৱাৰ লগতে পাৰিপাৰ্শ্বিক ভাৰসাম্য নাশ কৰিব আৰু জলবায়ুত এক কু-প্ৰভাৱ পৰিব।
  5. বনাঞ্চলৰ ব্যাপক ব্যৱহাৰে ভূমিৰ উৎপাদিকা শক্তি হ্ৰাস কৰিব। ফলত নিবনুৱা সমস্যাৰ সৃষ্টি হ’ব আৰু দেশৰ অৰ্থনৈতিক উন্নয়নতো বাধাৰ সৃষ্টি হ’ব।
  6. বনজ সম্পদৰ অত্যাধিক ব্যৱহাৰৰ ফলত উদ্যোগসমূহলৈ কেঁচা মালৰ যোগান ধৰাত অসুবিধাৰ সৃষ্টি হ’ব আৰু গাঁও অঞ্চলৰ লোকসকলৰ বিভন্ন ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব।

 বনজ সম্পদ অধিক প্ৰসাৰণেও যথেষ্ট সমস্যাৰ সৃষ্টি কৰা দেখা যায়। যেনে— 

  1. অধিক পৰিমাণৰ বনাঞ্চলৰ ফলস্বৰূপে বৰষুণৰ পৰিমাণ বৃদ্ধি পাব যিটো কৃষি উৎপাদনৰ কাৰণে প্ৰয়োজনতকৈ বেছি হ’ব। ফলত উৎপাদনৰ পৰিমাণ হ্রাস পাব যিটোৱে দেশৰ অৰ্থনৈতিক উন্নয়নতো প্রভাৱ পেলাব। 
  2. বনজ সম্পদৰ অধিক প্ৰসাৰণৰ ফলস্বৰূপে হাবি বনত বসবাস কৰা বিষাক্ত কীট প্রত্যগ, পোক-পৰুৱা আদিৰ পৰিমাণ বৃদ্ধি পোৱাৰ পুৰামাত্ৰাই আশংকা থাকে যাৰ ফলত মানুহৰ সাধাৰণ জীৱন নিৰ্বাহতো ব্যাঘাট জন্মিব ।
  3. বহুলাংশে বনজ সম্পদ বৃদ্ধিৰ ফলত দেশৰ কৃষি উৎপাদনত ব্যৱহাৰ কৰা মাটিৰ উৰ্বৰতা শক্তি হ্রাস পাব। কাৰণ গছ-গছনিৰছা আৰু অতিপাত ডাল পাত পৰি খেতি মাটিবোৰ চেঁচুকীয়া কৰি পেলাব।
  4. বনাঞ্চলৰ অধিক প্ৰসাৰণে মানুহৰ যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰতো বহু সময়ত ব্যাঘাট জন্মাব।

 বনাঞ্চলৰ উচ্ছেদৰ কাৰণসমূহ তলত উল্লেল্লখ কৰা হ’ল–

  1.  ঔদ্যোগিকৰণ সম্প্ৰসাৰণ আৰু পথ নিৰ্মাণৰ বাবে বনাঞ্চল উচ্ছেদ কৰা হয়। 
  2. বৰ্দ্ধিত জনসংখ্যাৰ ফলশ্ৰুতিত মানুহৰ বাবে বাসভূমি আৰু কৃষিভূমিৰ প্রয়োজন হ’ল। ফলত কৃষি আৰু বসতিৰ বাবে বনাঞ্চল ধ্বংস কৰি সেই ঠাই খেতি কৰিবলৈ আৰু বাস কৰিবলৈ লোৱাৰ ফলত বনাঞ্চল ধ্বংসমুখত পৰিব লগা হ’ল।
  3. ব্যাপক হাৰত বৃদ্ধি পোৱা নগৰীকৰণৰ সম্প্ৰসাৰণো বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া। 
  4. মানুহৰ দৈনন্দিন অভাৱ পূৰ্ণ, উদ্যোগৰ কেঁচামালৰ চাহিদা পূৰণৰ অৰ্থে আৰু বনজ সম্পদৰ চৰকাৰী ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব অব্যাহত থকাৰ বাবেও বনাঞ্চল ধ্বংসৰকাৰ্য ও অব্যাহত আছে।
  5. চোৰাং ব্যৱসায়ী, অধিক লাভৰ আকাঙ্খা, চৰকাৰী বন নীতিৰ বিকলতা আদিও বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া। 
  6. দৰিদ্ৰতা, আৰামদায়ক আচবাব আৰু বিলাসী সামগ্ৰী আদিৰ চাহিদা বৃদ্ধি, নদী বান্ধ আদিৰ কাৰণেও বনাঞ্চল উচ্ছেদ হোৱা দেখা যায়। 

প্রশ্ন ৬ঃ ভাৰতৰ প্ৰাকৃতিক সম্পদবোৰ বিষয়ে লিখা।

 উত্তৰ : (ক) মাটি : ভাৰতবৰ্ষৰ মুঠ ভৌগোলিক মাটির পরিমাণ ৩২৯ নিযুত হেক্টৰ। এই মাটিৰ ভিতৰত ৩০৫ নিযুত হেক্টৰ মাটিৰহে প্ৰকৃত বি পোৱা যায়৷ ইয়াৰে ৪১ নিযুত হেক্টৰ মাটি অর্থাৎ ১৩.৪ শতাংশ মাটিত (ক) খেতিৰ অনুপযোগী মাটি, পর্বত, মরুভূমি আদি অবস্থিত আৰু

 (খ) ঘৰ-ব ব্যৱহাৰ কৰা মাটি, ৰাস্তা-ঘাট, রেললাইন, নদী আদিয়ে আগুৰি আছে। মুহুৰ ওপৰত ভাৰতবৰ্ষৰ মাটি ১৩.৪ শতাংশ শস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা নহয়। জনসংখ্যা বৃদ্ধি আৰু নগৰৰ সংখ্যা বৃদ্ধিৰ লাগে লগেই এই ১৩ শতাংশ মাটিৰ পৰিমাণ লাহে লাহে বৃদ্ধি হৈ আহিছে। 

ভাৰতবৰ্ষৰ মুঠ মাটিৰ ৬৭ নিযুত হেক্টৰ অৰ্থাৎ ২২ শতাংশ মাটিৰ হাবি জংঘল আছে। এই অংশক বনজ অঞ্চল বোলা হয়। ৪ শতাংশ মাটি ঘাঁহনি পথাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। ৪৬ শতাংশ অর্থাৎ ১৪০ নিযুত হেক্টৰ মাহে কৃষি কাৰ্যৰ বাবে ব্যৱহাৰ কৰা হয়।

 ১৯৪৭ চনত ভাৰত বিভাজন হোৱাৰ পাছৰে পৰা খাদ্য শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’বৰ বাবে শস্য উৎপাদনৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ১৯৬০ চনলৈকে খেতি কৰা মাটিৰ পৰিমাণ বৃদ্ধি কৰি যথেষ্ট পৰিমানৰ খাদ্যশস্য উৎপাদন কৰা হৈছিল। এই শতিকাৰ শেষত ভাৰতবৰ্ষৰ জনংখাৰ পৰিমাণ ১০০০ নিযুত হ’বগৈ আৰু বাদ্যশস্যৰ পৰিমাণ বছৰি ২৪০ ৰ পৰা ২৫০ নিযুত টন হ’লেহে সমস্যাৰ সমাধান কৰিব পৰা যাব। কৃষি বিজ্ঞানীসকলে উন্নত পদ্ধতিত সকলোবিলাক মাটিত শস্য উৎপাদন কৰিব পাৰিলে আমাৰ দেশৰ খাদ্য শস্যৰ নাটনি নাথাকিব বুলি মত পোষণ কৰিছে। একেডৰা মাটিত একেবছৰতে কেইবাটাও খেতি কৰিও খাদ্যশস্য উৎপাদন বৃদ্ধি কৰিব পাৰি। অৱশ্যে মাটিৰ অপব্যৱহাৰ কৰিলে উৎপাদনৰ পৰিমাণ হ্রাস হ’ব। 

আমাৰ ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দশ। এই দেশৰ শতকৰা ৭০ জন লোকেই পৰোক্ষ বা প্রত্যক্ষভাৱে কৃষি কাৰ্যত লিপ্ত। গতিকে ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নত কৃষিখণ্ডত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। কৃষিখণ্ডৰ উৎপাদিকা দ্ৰব্য 

উদ্যোগত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি শিল্প উদ্যোগৰ উন্নয়ন কৰিব পাৰি। এই দুয়োটা খণ্ডৰ উন্নতি হ’লেহে ব্যৱসায় বাণিজ্যৰ পৰিসৰ বৃদ্ধি হৈ অর্থনৈতিক উন্নয়ন সম্ভৱ হ’ব পাৰে। মাটিৰ যোগান সীমিত গতিকে একেটুকুৰা মাটিতে একাধিক উৎপাদন কৰি অৰ্থনৈতিক উন্নয়ন সম্ভৱ কৰিবৰ বাবে নতুন কৌশল আৰু কাৰিকৰী জ্ঞানৰ প্ৰয়োজন। জাপানৰ দৰে এখন সৰু দেশে কাৰিকৰী জ্ঞান আৰু কৌশলৰ বাবেই কম মাটিত অধিক শস্য উৎপাদন কৰি অৰ্থনৈতিক অৱস্থাৰ উন্নতি কৰিব পাৰিছে। আমাৰ ভাৰতবৰ্ষত পাঞ্জাব, হাবিয়ানা, উত্তৰ প্ৰদেশ, তামিলনাড়ু আদি ৰাজৰত কৃষি উৎপাদন পদ্ধতিৰ উন্নতি কৰি উৎপাদন বৃদ্ধি কৰিব পাৰিছে।

(খ) বনজ সম্পদ ঃ 

ভাৰতবৰ্ষৰ বনাঞ্চলত গুৰুত্বপূর্ণ প্রাকৃতিক সম্পদ আছে। বনাঞ্চলৰ প্ৰভাৱে বানপানী নিয়ন্ত্ৰণ কৰি খহনীয়াৰ প্ৰতিৰোধ কৰিব পাৰে। প্রাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰ কৰি, আচবাব শিল্প, জুইশলা শিল্প, কাগজ উদ্যোগ নির্মাণ উদ্যোগ গঢ়ি উঠিব পাৰে। 

ভাৰতবৰ্ষৰ ১৯৮৩-৮৪ চনৰ এটা সমীক্ষা অনুযায়ী ৬৭ নিযুত হেক্টৰ মাটিত অর্থাৎ মুঠ মাটিকালিৰ শতকৰা ২২ ভাগ বনাঞ্চল। বনাঞ্চলৰ মুঠ মাটিকালিৰ ৫৩ শতাংশ সংৰক্ষিত, ৩০ শতাংশ নিয়ন্ত্রিত বাঞ্চল আৰু বাকী ১৭ শতাংশ শ্রেণীভুক্ত নকৰা বনাঞ্চল। ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল, মধ্যপ্রদেশ, উৰিষ্যা আদিত যথেষ্ট পৰিমাণে বনাঞ্চল আছে। অন্যাহতেদি উত্তৰ ভাৰতৰ কোনো কোনো অঞ্চলত যিমান পৰিমাণৰ বনাঞ্চল থকাটো দৰখাৰ সিমান পৰিমাণৰ বনাঞ্চল নাই। সেইবিলাক ঠাইত প্রকৃতিয়ে ভাৰসাম্য হেৰুৱাই পেলাই বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে। বিশেষজ্ঞসকলে মত অনুযায়ী নিরক্ষীয় অঞ্চলত মুঠ মাটিৰ এক তৃতীয়াংশত বনাঞ্চল থকাটো দৰকাৰ। এই ফালৰ পৰা চাবলৈ ঘ’লে ভাৰতৰ বনাঞ্চলৰ পৰিমাণ কম। 

বনজ সম্পদৰ গুৰুত্ব তিনিটা দিশৰ পৰা বিচাৰ কৰিব পাৰি। প্ৰথমতে, বনাঞ্চলৰ পৰা মূল্যবান কাঠ, খৰি, জীৱ-জন্তু, খাদ্যদ্রব্য, বনৰীয়া জীৱ-জন্তুৰ বাসভূমি আৰু আন বহুত সামগ্রী পোৱা যায়। দ্বিতীয়তে, বনাঞ্চলে বানপানী নিয়ন্ত্ৰণ কৰি মাটি সংৰক্ষণ কৰাত সহায় কৰে। তৃতীয়তে, বনাঞ্চলৰ পৰা বিভিন্ন প্ৰকাৰৰ শিল্প উদ্যোগৰ বাবে কেঁচামাল যোগান ধৰে। বনজ সম্পদৰ পৰা এখন দেশে তলত উল্লেখ কৰা কিছুমান পৰোক্ষ সুবিধা লাভ কৰিব পাৰে। 

  1. বনাঞ্চলৰ প্ৰভাৱে এখন দেশৰ জনবায়ুৰ ভাৰসাম্যতা ৰক্ষা কৰে।
  2. বাৰিষা কালত হোৱা বানপানী নিয়ন্ত্ৰণ কৰাত হারি-জংঘলে সহায় কৰে। মাটিত গৰাখহনীয়াৰ প্ৰতিৰোধ কৰে।
  3. বনাঞ্চলে নানা জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ আশ্ৰয়স্থান দিয়ে। 
  4. বনাঞ্চলে বায়ু শোধন কৰি মানুহৰ বাবে উপযুক্ত বায়ুৰ যোগান ধৰে।
  5. এখন ঠাইৰ সৌন্দৰ্য বৃদ্ধি কৰাথ বনাঞ্চলৰ প্ৰভাৱ বৰ বেছি। 

এইবিলাক পৰোক্ষ উপকাৰৰ উপৰিও বনজ অঞ্চলৰ পৰা অৰ্থনৈতিক উন্নয়নৰ বাবে কিছুমান প্ৰত্যক্ষ সুবিধা লাভ কৰিব পাৰি। 

সেইবিলাক তলত উল্লেখ কৰা হ’লঃ 

  1. বনাঞ্চলৰ পৰা মূল্যবান পুৰঠ কাঠ কাটি আনি দেশৰ কাঠ শিল্পৰ উন্নতিসাধন কৰিব পাৰি। সাধাৰণতে গৃহ নিৰ্মাণ, ৰেল লাইন নির্মাণ, আচবাব প্রস্তুত, কৃষিৰ সা-সঁজুলি তৈয়াৰ কৰিবলৈ কাঠৰ চাহিদা আছে। ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ কাঠৰ পৰা প্লাইউড শিল্পৰ উন্নতি হৈছে। এ শিল্প উৎপাদিত বস্তুৰ গোটেই পৃথিৱীতে চাহিদা আছে। ১৯৮৫ চনৰ পৰা প্লাইউড শিল্পৰ বাবে আৱশ্যকীয় কেঁচামালৰ নাটনি হোৱাত মালায়েচীয়াৰ পৰা কাঠৰ যোগান ধৰি এই শিল্প চলাই থকা হৈছে।
  2. ভাৰতবৰ্ষত ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা ৰন্ধন গেছ সকলো লোকেই ব্যৱহাৰ কৰা নাই। গতিকে ৰন্ধন কাৰ্যৰ বাবে যথেষ্ট পৰিমাণৰ খৰি বনাঞ্চলৰ পৰাই যোগান ধৰিব লাগে।
  3. হাবি-জংঘলৰ পৰা বাঁহ, বেত, কাঠ আদি কেঁচা সামগ্ৰীৰ যোগান ধৰি, কাগজ উদ্যোগ, বাঁহ-বেতৰ উদ্যোগ প্রতিষ্ঠা কৰি এখন দেশৰ সম্পদ বৃদ্ধি কৰিব পাৰে। গতিকে বনজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰি বহুতো শিল্প স্থাপন হ’ব পাৰে। 
  4. হাতি বননিৰ পৰা মাটিৰ উৰ্বৰা শক্তিও বৃদ্ধি কৰিব পাৰি। উত্তৰ পুৰ্বৰ অঙ্গ ঝুম খেতি কৰিবৰ বাবে তিনি চাৰি বছৰ হাবি জংঘল কাটি মাটি সাৰুৱা হ’বৰ কাৰণে এৰি দিয়া হয়। 

প্রশ্ন ৭ : নদী বান্ধৰ অপকাৰিতা সম্পর্কে লিখা। 

উত্তৰ: নদী বান্ধৰ অপকাৰিতা নদী বান্ধৰ পৰা হোৱা অপকাৰিতা সমূহ তলত উল্লেখ কৰা হ’ল

  1.  নদী বান্ধবিলাক নিৰ্মাণ কৰোতে চৰকাৰৰ এক বৃহৎ অংশৰ পুঁজি বায় হয়। কিন্তু পুঁজি ৰায়ৰ তুলনাত এই বাছবোৰে সম্পদ সূচনাৰ পৰিৱর্তে পৰিৱেশীয় অৱনতিৰহে সূচনা কৰে।
  2. নদী বান্ধ নিৰ্মাণৰ বাবে বৃহৎ অঞ্চলৰ প্ৰাকৃতিক সম্পদ উচ্ছেদ কৰাৰ লগতে সেই সেই অঞ্চলত বসবাস কৰা জনজাতীয় লোকৰ বাসস্থানৰো উচ্ছেদ ঘটোৱা হয়। ফলত প্ৰাকৃতিক সম্পদৰ লগতে জনজাতীয় লোকসকলৰো বিস্তৰ ক্ষতি সাধন হয়।
  3. নদীবান্ধ বিলাকে পৰিৱেশ সুৰক্ষা কৰাৰ পৰিৱৰ্তে বহু সময়ত পৰিৱেশৰ অৱনতিগে ঘটায়। 
  4. সাম্প্রতিক নদীবান্ধ বিলাক খৰাং বতৰৰ বিকল্পও হোৱা নাই আৰু এইবোৰে আশানুৰূপভাৱে বানপানী নিয়ন্ত্রণো কৰিব পৰা নাই। 
  5. নদীবান্ধ বিলাকৰ ফলত নদীৰ পানী ওপৰলৈ উঠে আৰু জনমগ্নতাৰ সূচনা হয়। 
  6. নদীবান্ধবিলাকৰ বাবে বান্ধৰ চেৰে পাজৰে খন্দা নলা নৰ্দমা বিলাক পানীৰে উপচি পৰি ওচৰৰ জনসাধাৰণৰ লগতে বন্য প্রাণী, উদ্ভিদ আদিৰো বিস্তৰ ক্ষতি সাধন হয়।
  7. নদীবান্ধবিলাকৰ ফলত ভূ-গৰ্ভৰ পানীভাগ ওপৰলৈ উঠি আহে আৰু পানীৰ লগতে ভূ-গৰ্ভত থকা খনিজ লবণো ভূ-পৃষ্ঠৰ জৈৱ আভৰণৰ বিস্তৰ ক্ষতি সাধন কৰে। 
  8. নদীবান্ধবিলাকে কৃষিকার্য সুকলমে সম্পাদন কৰাটো বাধাৰ সৃষ্টি কৰে। 

প্রশ্ন ৮ : ভূমি সম্পদ বিষয়ে বহলাই লিখক। 

উত্তৰ : পৃথিৱীৰ ওপৰৰ স্তৰটোকে মাটি বা ভূমি বোলে। ই জীৱৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰীৰ উৎস। ক্ষয় যোৱা শিল, বৰষুণ, বায়ু, উষ্ণতা আদি ভৌতিক পদাৰ্থৰ লগত উদ্ভিদ, প্রাণী আৰু অণুজীব আদি জৈৱিক পদাৰ্থৰ মাজত পাৰস্পৰিক বিক্রিয়া ঘটি মাটিৰ গঠন হয়। চাৰি প্ৰকাৰৰ উপাদানৰ দ্বাৰা মাটিৰ গঠন হয়। সেয়া হ’ল– 

(ক) মণিক পদার্থ

(খ) জৈৱিক পদার্থ – ১০% ৫০%-৬০%

(গ) পানী ২৫% – ৩৫% 

(ঘ) বায়ু – ১৫%-২৫% মাটিৰ ক্ষয়ন, লৱণযুক্ত হোৱা, বিষাক্ত পদার্থ মিহলি হোৱা আদিৰ দৰে বিভিন্ন কাৰণৰ বাবে ভাৰতবৰ্ষত বছৰি প্ৰায় ৬০০ নিযুত হেক্টৰ কৃষিভূমি নষ্ট হয়। মাটিৰ ওপৰৰ স্তৰটো এঠাইৰ পৰা আন এঠাইলৈ ক্ৰমশঃ সলনি হোৱা পদ্ধতিকে মাটিৰ ক্ষয়ন হোৱা বোলে। পৃথিৱীৰ মাটিৰ এক ইঞ্চি ডাঠ তৰপ এটা গঠন হ’বলৈ ৫০০- ১০০০ বছৰ লাগে। সেয়েহে মাটিৰ ক্ষয়নৰ পৰিমাণো দিনে দিনে বৃদ্ধি পোৱাত ই সমগ্ৰ বিশ্বতে ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছে। 

মাটিৰ ক্ষয়নৰ কাৰকসমূহঃ প্রধানতঃ পানী আৰু বতাহৰ দ্বাৰা মাটিৰ ক্ষয়নকাৰ্য সংঘটিত হয়। পানীয়ে চাৰি ধৰণে মাটিৰ ক্ষয়ন কৰে। সেয়া হ’ল –

 (ক) আচ্ছাদনৰ ক্ষয়ন ঃ প্ৰৱল বৰষুণৰ ফলত ভূ-পৃষ্ঠৰ ওপৰৰ তৰপটো সম্পূৰ্ণকৈ পানীৰ দ্বাৰা উটুৱাই নিলে আচ্ছানৰ ক্ষয়ন হোৱা বোলে। 

(খ) সুঁতিৰ ক্ষয়নঃ বৰষুণৰ পানী তীব্ৰ বেগত বৈ যাওঁতে সৰু সৰু সুঁতিৰ আকাৰত মাটি খান্দি লৈ যায়। এনেদৰে মাটিৰ ক্ষয়ন হোৱা কাৰ্যক সুঁতিৰ ক্ষয়ন হোৱা বোলে। 

(গ) নলাৰ ক্ষয়নঃ পানীয়ে স্বচ্ছল অৱস্থাত বৈ যাওঁতে মাটি তললৈ খান্দি লৈ খাদৰ সৃষ্টি কৰে আৰু পাৰৰ পৰাও কিছুমান মাটি খহাই লৈ যায় ইয়াক নলাৰ ক্ষয়ন বোলে। 

(ঘ) নৈ পৰীয়া ক্ষয়ন ঃ কোবাল সোঁতৰ নদীৰ দাঁতি কাষৰীয়া অঞ্চলত নদীৰ সোঁতে তলে তলে পাৰৰ মাটি কাটি নিয়ে বাবে ওপৰৰ মাটিৰ তৰপ খহাই দিয়ে। এইদৰে নদীৰ দুয়োপাৰে খহনীয়া হোৱা দেখা যায়। বতাহৰ দ্বাৰা ক্ষয়ন : উদ্ভিদৰ বিস্তৃতি নথকা অঞ্চলত বতাহৰ দ্বাৰা মাটিৰ ক্ষয়ন হয়। সাধাৰণতে, মরুভূমি আৰু শুকান মকসদৃশ অঞ্চলত এনে ক্ষরন হোৱা দেখা যায়। 

ভূমি ক্ষয় হোৱা আৰু উৰ্বৰতা হ্ৰাস পোৱালৈ লক্ষ্য ৰাখি ভূমি সংৰক্ষণ কৰা জৰুৰী হৈ পৰিছে। ভূমি সংৰক্ষণৰ কেইটামান ব্যৱস্থা হ’ল—

 (ক) বৃক্ষ ৰোপনৰ দ্বাৰা ভূমি ক্ষয় কাৰ্য ৰোধ কৰিব পাৰি। বনানীকৰণে পানীৰ দ্বাৰা হোৱা ক্ষয়ন আৰু বতাহৰ দ্বাৰা হোৱা ক্ষয়ন ৰোধ কৰাৰ লগতে ভূমিস্থলন ৰোধ কৰাটো সহায় কৰে। 

(খ) ধান, ঘেঁহু আদিৰ দৰে শস্য আৰু মাহ জাতীয় শস্যৰ সাল-সলনি কৰি খেতি কৰিলে ভূমি সংৰক্ষণত সহায়ক হয়। 

(গ) অনুর্বর মাটি বতাহ আৰু পানীয়ে সহজে ক্ষয়ন কৰে। সেইবাবে উৰ্বৰতা ৰক্ষা কৰাটো প্ৰয়োজনীয়। জৈৱিক সাৰ আৰু মাহ জাতীয় শস্যৰ ৰোপণেৰে মাটিৰ উৰ্বৰতা ৰক্ষা কৰা দৰকাৰ। 

বনানী ধ্বংসৰ ফলতে ভূমিৰ গুণাগুণ নষ্ট হয়, ভূমিস্থলন হয় আৰু কোনো কোনো অঞ্চল মময় হয়। ইয়াৰ ফলত উৎপাদন ক্ষমতা কৰে, ভূগৰ্ভৰ পানী হ্রাস হয়, মাটি লবণযুক্ত হয় আৰু মাটিৰ ক্ষয়নৰ মাত্ৰা বৃদ্ধি হয়। বিভিন্ন খনিজ পদার্থ, মণিক আদি উলিয়াবলৈ খনন কাৰ্যয়ো মৰুকৰণত প্ৰভাৱ পেলায়। 

প্রশ্ন ৯ঃ দৈনন্দিন জীবনত সৌৰশক্তিৰ ব্যৱহাৰৰ বিষয়ে লিখা।

 উত্তৰঃ সূৰ্যৰ তাপ আৰু পোহৰ পৃথিৱীত শক্তিৰ মুখ্য উৎস হিচাপে মানুহে ব্যৱহাৰ কৰে কিয়নো সূৰ্য হৈছে শক্তিৰ অক্ষয় ভাণ্ডাৰ। সূৰ্যৰ বিকিৰণ শক্তি পৃথিৱীৰ সকলো দেশে এবছৰত ক্ষয় কৰা মুঠ শক্তিৰ পোন্ধৰ গুণ বেছি। কিন্তু পৃথিৱীৰ সকলো ঠাইতে সকলো সময়তে সূৰ্যৰ পোহৰ সমভাৱে নপৰে। তদুপৰি ডাৱৰীয়া বতৰ আৰু ৰাতি সূৰ্যৰ পোহৰ পোৱা নাযায় বাবে সূৰ্যৰ পৰা পোৱা শক্তিক সম্পূর্ণরূপে ব্যৱহাৰ কৰিব পৰা নাযায়। তথাপিও খাদ্য শস্য শুকুওৱা, খাদ্যবস্তু সংৰক্ষণ কৰা, কাপোৰ কানি শুকুওৱা, সাগৰৰ পানীৰ পৰা লৱন তৈয়াৰ কৰা ইত্যাদি কামত সৌরশক্তি ব্যৱহাৰ কৰা হয়। তদুপৰি সৌৰ শক্তিৰ সহায়ত খাদ্য বস্তু ৰদ্ধা, পানী গৰম কৰা আদি কামো কৰা হয়। তাপ সংগ্ৰাহকৰ সহায়ত সৌৰ তাপ আহৰণ কৰি ভিন ভিন কামত ব্যৱহাৰৰ বাবে সংগ্ৰহ কৰি ৰাখিব পাৰি। সূৰ্যৰ তাপৰ দ্বাৰা ঘৰৰ ভিতৰখন গৰম কৰি ৰাখিবলৈ বা শীতল কৰিবলৈ এক বিশেষ ব্যৱস্থাৰে ঘৰটো নিৰ্মাণ কৰা হয়। এনেদৰে নিৰ্মাণ কৰা ঘৰকে সৌৰ ঘৰ বোলা হয়। শক্তি উৎপাদন প্রকল্পবোৰতো ডাঙৰ ডাঙৰ লেন্স বিশেষ ধৰণেৰে ব্যৱহাৰ কৰা হয় যাতে সৌৰ শক্তিক কেন্দ্ৰীভূত কৰি শক্তি উৎপাদন কৰিব পাৰে। অতিমাত্ৰাত পোৱা এই তাপশক্তিক পানী উতলোৱাত ব্যৱহাৰ কৰা হয়। আৰু উতলা পানীৰ পৰা পোৱা ভাগৰ সহায়ত টাৰবান চলাই বিদ্যুৎ শক্তি উৎপাদন কৰা হয়। ঠিক সেদৰে বহুতো লেন্সৰ সহায়ত সৌৰ শক্তিক কেন্দ্রীভূত কৰি পোৱা তাপশক্তিক সৌৰ অগ্নিকুণ্ড হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ সহায়ত উচ্চ উষ্ণতাত ধাতু গলোৱাৰ দৰে কাৰ্য সম্পাদন কৰিব পাৰি। সৌরশক্তিক বিশেষকৈ বিদ্যুৎ‍ উৎপাদন কৰি বিজুলী চাকি জ্বলোৱা, বৈদুত্যিক যন্ত্রপাতি চলোৱা আদি কামত ব্যৱহাৰ কৰা হয়।।

 প্রশ্ন ১০ : খনিজ উদ্ঘাটনৰ লাভজনক আৰু অনিষ্টকৰ পৰিণাম সম্পর্কে লিখা।

 উত্তৰ: খনিজ সম্পদ উদ্ঘাটনৰ লাভজনক পৰিণামবোৰ হ’ল—

  1.  খনিজ সম্পদে ঔদ্যোগিক দিশৰ বিকাশত সহায় কৰাৰ লগতে দেশৰ অর্থনৈতিক বিকাশত অৰিহণা যোগায়। 
  2. খনিজ সম্পদে ব্যক্তিগত আয় বৃদ্ধিত অৰিহণা যোগায়। 
  3. খনিজ সম্পদে শক্তি আহৰণত সহায় কৰে। 
  4. খনিজ সম্পদ ৰপ্তানি কৰি বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰে। 
  5. খনিজ সম্পদৰ জৰিয়তে দেশে অর্থনৈতিক উন্নতি লাভ কৰিব পাৰে।
  6. খনিজ সম্পদে পৰিৱেশক সুন্দৰ কৰি ৰাখে। 
  7. খনিজ সম্পদে উদ্যোগ গঢ়ি উঠাত সহায় কৰিছে। 
  8. খনিজ সম্পাদ জীৱন ধাৰণৰ মান উন্নত কৰি তোলাৰ বাবে যাৱতীয় আৰামদারক সামগ্রী উৎপাদনত সহায় কৰিছে। 

খনিজ সম্পদৰ অনিষ্টকৰ পৰিণামবোৰ হ’ল

  1.  খনিজ সম্পদৰ আহৰণে ভৱিষ্যতৰ অৰ্থনৈতিক উন্নতি ব্যাহত কৰাৰ আশংকা কৰা হৈছে। কাৰণ এনে খনিজ সম্পদ প্রাকৃতিভাৱে উৎপাদন হ’বলৈ। বহু বছৰৰ প্ৰয়োজন হয়।
  2. খনিজ সম্পদৰ মুক্ত খননে ভূ-পৃষ্ঠৰ সেউজ আভৰণ সংকুচিত কৰিছে।
  3. খনিজ সম্পদৰ আহৰণৰ পৰিণামস্বৰূপে ভূ-ক্ষয় আৰু ভূ-স্খলৰ মাত্ৰা বৃদ্ধি পাইছে। 
  4. খনিজ সম্পদৰ আহৰণে সমীপৰ জলাধাৰ প্ৰদূষণ হোৱাত অৰিহণা যোগাইছে।
  5. খনিজ সম্পদৰ আহৰণে পৰিৱেশ প্ৰদূষণত অৰিহণা যোগায়।
  6. খনিজ সম্পদৰ আহৰণৰ ফলত বৃহৎ পৰিমাণে ভূমিস্খলন হৈ পৰিৱেশৰ অবনতি ঘটায়। 

প্রশ্ন ১১ঃ প্রাকৃতিক বিপর্যয় হিচাপে বানপানী, ইয়াৰ কাৰণ আৰু ব্যৱস্থাপনা।

 উত্তৰঃ প্ৰাকৃতিক বিপর্যয় হিচাপে বানপানীৰ প্ৰধান কাৰণবোৰ হলঃ

  1.  মানুহে বর্তমান নদীবোৰত অধিক পৰিমানে পেলনীয়া বস্তুবোৰ পেলোৱাৰ ফলত নদীবিলাক বাম হৈ আহিবলৈ ধৰিছে যাৰ ফলত কম পানীতে নদীবোৰ উফন্দি পৰে আৰু বানপানীৰ সৃষ্টি কৰে।
  2. ব্যাপক পৰিমাণৰ নদীবান্ধবিলাক সময়ে সময়ে খুলি দিয়াৰ ফলতো আবৰীয়া বানপানীয়ে ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে।
  3. অতি বেছি পৰিমাণে ভূমি স্খলনৰ ফলতা নদীবোৰ বাম হৈ পৰিছে। ফলত নদীৰ পানী ধাৰণৰ ক্ষমতা হ্রাস পাই আহিছে আৰু সেয়ে প্রতি বছৰেই নতুন নতুন অঞ্চল বানৰ কবলত পৰিছে। 
  4. মানুহে নিজৰ সুবিধাৰ বাবে নদীৰ পৰিসীমা ঠেকাই অনাৰ ফলতো। বানপানী সৃষ্টি হয়। 
  5. বনাঞ্চলৰ উচ্ছেদ বৃদ্ধি পোৱাৰ ফলত বৰষুণত বালি, মাটি, গছৰ ডাল পাত আদি উটি আহি নদীৰ পানীত মিহলি হোৱাৰ ফলত পানীৰ আকাৰ বৃদ্ধি পায় আৰু নদীৰ পাৰ উপচি পৰি বানপানীৰ সৃষ্টি হয়। 

বানপানী সমস্যা সমাধান কৰিবৰ বাবে তলৰ দিশসমূহৰ ওপৰত গুৰুত্ব দিব লাগে 

  1. বানপানী সমস্যা সমাধান কৰিবৰ বাবে বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰিব লাগিব।
  2. বানপানী সমস্যা সমাধান কৰিবৰ বাবে নদীসমূহক নিয়ন্ত্ৰণ কৰিব লাগবি। 
  3. বানপানী সমস্যা সমাধান কৰিবৰ বাবে গৰা খহনীয়া আৰু ভূমিস্খলন ৰোধ কৰিব লাগিব।
  4. বানপানী সমস্যা সমাধান কৰিবৰ বাবে পাহাৰ পৰ্বত, হাবি-বন, গহ গছনি আদি জধে-মধে ধ্বংস নকৰি তাক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব।
  5. বান নিয়ন্ত্ৰণৰ দ্বাৰা অনাৱশ্যকীয় ঠাইৰ পৰা পানী বাহিৰ কৰি আৱশ্যকীয় ঠাইত যোগান ধৰিব লাগিব।
  6. বানপানী সমস্যা সমাধান কৰিবৰ বাবে বৃক্ষৰোপনত অধিক মনোনিৱেশ কৰিব লাগিব। 
  7. বানপানীৰ সমস্যাৰ সমাধানৰ বাবে বান নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে।

 প্রশ্ন ১২ঃ ভাৰতৰ অৰ্থনৈতিক উন্নয়নত বনজ সম্পদৰ বৰঙণি বিচাৰ কৰা। ভাৰত চৰকাৰৰ বন নীতিৰ ওপৰত এটি চমুটোকা লিখা

 উত্তৰ : বনজ সম্পদঃ 

মানুহৰ জীৱনধাৰণ আৰু জীৱন নিৰ্বাহত অবশ্যই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আনকথাত অৰণ্যৰ অবিহনে মানুহে জীৱন ধাৰণ কৰিব নোৱাৰিলেহেঁতেন। সেই কাৰণে মুঠ ভূভাগৰ / ভাগ বনাঞ্চল হিচাপে থাকিব লাগে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। ইয়াৰ অবিহনে পৰিৱেশৰ ভাৰসাম্যতা নষ্ট হ’ব আৰু ভূমি ক্ষয় হ’ব। 

ভাৰতবৰ্ষৰ মুঠ ৬৭ হেজাৰ হেক্টৰ মাটি বনাঞ্চলৰ ভিতৰুৱা । অর্থাৎ‍ মুঠ মাটিকালিৰ দুইভাগ বনাঞ্চল। এই বনাঞ্চলসমূহক সংৰক্ষিত, নিয়ন্ত্ৰিত আৰু অশ্রেণীভূক্ত হিচাপে ভাগ কৰা হৈছে। মুঠ বনাঞ্চলৰ ৫৩ শতাংশ সংৰক্ষিত, ৩০ শতাংশ নিয়ন্ত্ৰিত আৰু ১৭ শতাংশ অশ্রেণীভুক্ত বনাঞ্চল ঘাইকৈ হিমালয় পর্বতা নামনি অঞ্চৱ, বিন্ধ্যপর্বত, দাক্ষিণাত্যৰ অঞ্চলতে আছে। উত্তৰ ভাৰত অঞ্চলৰ বনাঞ্চল কম। তদুপৰি সমগ্ৰ দেশতে বনাঞ্চলৰ পৰিমাণ কমি গৈছে। ১৯৭২ ৭৩ চনৰ হিচাপ মতে ভাৰতত মুঠ বনাঞ্চলৰ পৰিমাণ আছিল ৫.৫ কোটি হেক্টর। ১৯৮০-৮১ চনত ইয়াৰ পৰিমাণ ৪. ৬ কোটি হেক্টৰ হয়হি। অৰ্থাৎ বছৰি ৫ লাখ হেক্টৰ বন ধ্বংস কৰা হৈছে। এই সমস্যা সমাধান কৰিবৰ বাবে চৰকাৰী ব্যৱস্থা আৰু ব্যক্তিগত তথা সামাজিকভাৱে আন্দোলন গঢ়ি উঠিছে। কিছুমান সমাজবাদী অনুষ্ঠানে বনঞ্চল ধ্বংস পৰা ৰক্ষা কৰিবলৈ উঠি পৰি লাগিছে। এনে গতিত বনাঞ্চল ধ্বংস হোৱাটো আগন্তুক বিপদৰ লক্ষণ।

 বনাঞ্চলৰ উপকাৰিতা ঃ 

বনাঞ্চলে মানুহৰ যথেষ্ট উপকাৰ সাধন কৰিছে। বিশেষকৈ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰি মানৱ সমাজক উপকৃত কৰিছে। বনাঞ্চলৰ পৰিমাণে জলবায়ুক প্রভাৱিক কৰি উত্তাপ নিয়ন্ত্রণ কৰে। বনাঞ্চলে ভূমিক্ষয় ৰোধ কৰে। তদুপৰি বনঞ্চল উভৈনদী হ’লে বৰষুণ বেছি হয়। বৰষুণৰ পানীৰে নদী, বিল, হ্রদ আদি পানীৰে পূৰ্ণ কৰি শস্যাক খোৱা পানীৰ যোগান ধৰে। দ্বিতীয়তে, আজিকালি স্থাপন কৰা বনভিত্তিক উদ্যোগবোৰৰ কেঁচামাল বনাঞ্চলে যোগান ধৰে। এই উদ্যোগবোৰে বহু মানুহৰ জীৱিকা নিৰ্বাহৰ বাট মুকলি কৰিছে। বনাঞ্চলে যোগান ধৰা খেৰ-কাঠ, ঘৰুৱা বা উদ্যোগৰ বাবে অপৰিহাৰ্য। গৃহ নিৰ্মাণ সামগ্ৰী হিচাপে কাঠ, বাঁহ, খেৰ আদি ভাৰতৰ অধিকাংশ লোকৰ প্ৰয়োজনীয় সমল। তদুপৰি জুই বা ইন্ধন হিচাপে কাঠৰ তুলনা নাই। কিয়নো বর্তমান সময়ত শক্তি সংঘাটৰ সময়ত ই প্ৰায় দেশৰ প্ৰয়োজনীয় শক্তিৰ ৬০ ভাগ যোগান ধৰে। 

মৌ, লা, ধুনা বিভিন্ন ধৰণৰ ৰং কেঁচামাল আদি বনাঞ্চলে যোগান ধৰে। চতুৰ্থতে সাম্প্ৰতিক কালত গঢ়ি উঠা পৰ্যটন উদ্যোগ বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰিছে। বিচিত্ৰ আৰু বিৰল পশু-পক্ষীৰ সংৰক্ষণ কৰা বনাঞ্চলৰ শোভা চাবলৈ দেশ-বিদেশৰ বহু পৰ্যটনকাৰী আহে। পৰ্যটনৰ লগত আনুসংগিক বহুতো সৰু বৰ উদ্যোগ গঢ়ি উঠি নিয়োগৰ বাট মুকলি কৰিছে। বিদেশৰ ভ্ৰমণকাৰী আৰু বিদেশলৈ কিছুমান উৎকৃষ্ট বনজ সম্পদ ৰপ্তানি কৰি বৈদেশিক মুদ্ৰা অৰ্জন কৰে। চৰকাৰী বননীতি : ভাৰতবৰ্ষৰ বনাঞ্চল ক্রমান্বয়ে কমি যোৱাৰ লগে লগে ইয়াৰ গুৰুত্ব বাঢ়িছে। ইংৰাজসকল ভাৰতলৈ আহি পথ-পৰিবহন, ৰেল পৰিবহন, খনজ সম্পদ আহৰণ আদি কাম কৰোঁতে বহুতো বনাঞ্চল ধ্বংস হল। সেয়ে ১৯২৮ চনৰ কৃষি আয়োগে বনাঞ্চল সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে সুপৰিসৰ কৰে। 

স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে ১৯৫২ চনত বননীতি ঘোষণা কৰে। ইয়াৰ আগতে ১৯৫০ চনৰ পৰা বন মহোৎসৱ পালন কৰি বনাঞ্চলৰ ৰক্ষাৰ সন্দৰ্ভত জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে।

 ১৯৫২ চনত চৰকাৰে ঘোষণা কৰা বননীতিৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে— 

  1. ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ শতকৰা ৩৩.৩ ভাগ বনভূমিত পৰিণত কৰা। তদুপৰি এই ক্ষেত্ৰত পাৰ্বত্য অঞ্চলৰ পৰা শতকৰা ৬০ ভাগ আৰু সমতলৰ পৰা শতকৰা ২০ ভাগ বনভূমি কৰিব লাগে।
  2. জধে-মধে বনাঞ্চল ধ্বংস নকৰি সুৰক্ষা কৰা। 
  3. পৰিকল্পিত বনানীকৰণৰ সহায়ত বনাঞ্চলৰ পৰিমাণ বৃদ্ধি কৰি পাহাৰৰ মাটি আৰু নদীৰ পাৰৰ মাটিৰ অৱক্ষয় ৰোধ কৰা। 
  4. কৃষিকৰ্মত সহায় কৰিবৰ বাবে গাঁৱৰ ওচৰত থকা পতিত ভূমিত বনানীকৰণ কৰা।
  5. বন-ভিত্তিক উদ্যাগৰ উন্নয়ন। বনাঞ্চলৰ উন্নতিৰ জৰিয়তে বনজভিত্তিক উদ্যোগসমূহৰ সম্বন্ধ স্থাপন কৰা- যাতে বনজাত সামগ্ৰীৰ যোগান বৃদ্ধি পায়। 
  6. ভাৰতবৰ্ষৰ বনাঞ্চলৰ উৎপাদিকা শক্তি বৃদ্ধি কৰা। পঞ্চবার্ষিক পৰিকল্পনাৰ কালত বনজ সম্পদ উন্নয়ন চৰকাৰৰ বননীতি পঞ্চবার্ষিক পৰিকল্পনাৰ যোগেদি কাৰ্যকৰী কৰাৰ ব্যৱস্থা লোৱা হয়। 

দেশৰ প্ৰতিখন পৰিকল্পনাতে বনাঞ্চলৰ উন্নয়নৰ বাবে লোৱা ব্যৱস্থাৰ উদ্দেশ্য হৈছে: 

  1. বনাঞ্চলৰ উৎপাদন বৃদ্ধি কৰা।
  2. বনভিত্তিক উদ্যোগৰ লগত সংগতি ৰাখি বন উন্নয়ন।
  3. বনাঞ্চলক গ্রাম্য অৰ্থনীতিৰ সহযোগী হিচাপে স্থাপন কৰা। দেশৰ ক্ৰমান্বয়ে বাঢ়ি যোৱা বনজ সম্পদ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি তিনিখন আঁচনি হাতত লোৱা হয়। 

সেইবোৰ হৈছে—

  1. সোনকালে বাঢ়ি যোৱা বৃক্ষৰোপণ, 
  2. অর্থনৈতিকভাৱে লাভজনক বৃক্ষৰোপণ,
  3. বৃক্ষৰোপণৰ পৰিমাণ বৃদ্ধি কৰা। 

উল্লেখযোগ্য যে, আগত বনাঞ্চল প্রকৃতিয়েই সৃষ্টি কৰিছিল । এতিয়া মানুহৰ দ্বাৰা বৃক্ষৰোপণৰ দ্বাৰা বনাঞ্চলৰ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হ’ব। 

বনজসম্পদ আহৰণ কৰিবৰ বাবে উন্নত কৌশলৰ প্ৰয়োগ। উন্নত দেশসমূহত আধুনিক যন্ত্রপাতি ব্যৱহাৰ কৰি বনজসম্পদ আহৰণ কৰা হয়। বিশেষকৈ পার্বত্য অঞ্চল দুর্গম হোৱা বাবে তাৰপৰা সম্পদ আহৰণ কৰিব নোৱাৰি। সেইবাবে চৰকাৰে আধুনিক কৌশল প্রয়োগ কৰাত গুৰুত্ব আৰোপ কৰে। 

দেশৰ ব্যৱহাৰৰ বাবে প্ৰয়োজন হোৱা খৰি কাঠৰ পৰিমাণ কমি যোৱলৈ লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ১৯৮০-৮১ চনত সামাজিৰ বনানীকৰণ আঁচনি হাতত লয়। সেই আঁচনিৰ দ্বাৰা মানুহৰ বসতি প্রধান অঞ্চলৰ আশে-পাশে থকা চৰকাৰী পতিত মাটিত গছ-গছনি ৰোৱাৰ আঁচনি লোৱা হয়। তদুপৰি জনসাধাৰণৰ মাজত বনাঞ্চল বৃদ্ধিৰ কাৰ্যসূচী জনপ্ৰিয় কৰিবৰ বাবে বিনামূল্যে গছ পুলিও বিতৰণ কৰা হয় ৷ সেইদৰে শিশুসকলক সজাগ কৰিবৰ উদ্দেশ্যেৰেও প্ৰতিজন শিশুৰ বাবে গছ ৰোপণ কাৰ্যসূচীও হাতত লোৱা হয়।

  •  বন উন্নয়ন নিগমঃ নতুন বনাঞ্চল গঢ়ি তোলা, বনজ সম্পদ আহৰণ কৰিবৰ বাবে নতুন কৌশল প্রয়োগ কৰা, বনজ সম্পদ বিক্ৰী কৰা আদি উদ্দেশ্য ৰাখি কেন্দ্ৰীয় ৰাজ্যসমূহত বহুতো বন উন্নয়ন নিগম স্থাপন।
  •  বন সম্পদ জীপ : ভাৰত চৰকাৰে ১৯৮১ চনত বন জৰীপ নামৰ এটা প্রতিষ্ঠান গঢ়ি তোলে। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে বনাঞ্চল জৰীপ কৰি ইয়াৰ উন্নতিৰ বাবে পৰামর্শ দিয়া। 
  • ৰাষ্ট্ৰীয় পতিত মাটি উন্নয়ন বোর্ড : কেন্দ্ৰীয় চৰকাৰে ১৯৮৫ চনত এই বোর্ড গঠন কৰি ৫ নিযুত হেক্টৰ পতিত মাটি প্ৰতি বছৰে উন্নত কৰি গছ-গছনি ৰোৱাৰ ব্যৱস্থা কৰে। 

পৰিকল্পনাত বনাঞ্চলৰ বাবে কৰা ব্যয় : কেন্দ্ৰীয় চৰকাৰে প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাত ১০ কোটি টকা বন উন্নয়নৰ বাবে ব্যয় কৰে আৰু দ্বিতীয় পৰিকল্পনাত ইয়াৰ পৰিমাণ ১৯ কোটিলৈ বৃদ্ধি কৰে। তৃতীয় আৰু চতুৰ্থ পৰিকল্পনাত ইয়াৰ পৰিমাণ হয় ক্রমে ৪৬ কোটি আৰু ৬৯৩ কোটি টকা। 

পঞ্চম পৰিকল্পনাত মুঠ ব্যয় ৭৫ কোটি টকা আৰু ষষ্ঠ আৰু সপ্তম পৰিকল্পনাত ক্রমে ৬৯৩ কোটি টকা আৰু ১.৮৫৯ কোটি টকা। পৰিকল্পনাৰ আঁচনি সমূহত ধন বিনিয়োগ কৰি দেশৰ বনঞ্চলৰ পৰিমাণ এই শতিকাৰ ভিতৰত আধা অংশলৈ বৃদ্ধি কৰাৰ লক্ষ্যত উপনীত হ’বৰ বাবে চেষ্টা কৰা হৈছে যাতে ইয়াৰ পৰা উৎপাদন বাঢ়ে আৰু প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা পৰে।

 প্রশ্ন ১৩ : প্রাকৃতিক সম্পদ আৰু উদাহৰণসহ ইবিলাকৰ প্ৰকাৰ সম্পর্কেলিখা।

 উত্তৰ ঃ পৃথিৱীৰ উপৰিভাগত আৰু অন্তৰ্ভাগত থকা প্ৰকৃতিপ্রদত্ত সকলো বস্তুকে প্রাকৃতিক সম্পদ বোলা হয়। উপৰিভাগত থকা ভূমি, পানী, পৰ্বত-পাহাৰ, নৈ-জান-জুৰি, বায়ু আৰু অভ্যন্তৰত থকা জলৰাশি আৰু খনিজ সম্পদবোৰ প্ৰাকৃতিক সম্পদৰ অন্তৰ্ভুক্তি। প্রাকৃতিক সম্পদসমূহক দুভাগত ভগোৱা হৈছে। এবিধ নবীকৰণ কৰিব পাৰি, আনবিধ নোৱাৰি। 

এই দুবিধ সম্পদৰ মাজত থকা দুটা পার্থক্য হ’ল

  1.  নবীকৰণ কৰিব পৰা সম্পদবোৰ উপর্যুপৰি ব্যৱহাৰ কৰিলেও শেষ নহয়। বনজ সম্পদ, জল সম্পদ, সৌৰ শক্তি মানুহৰ পৰ্যাপ্ত ব্যৱহাৰেও শেষ কৰি নোৱাৰে। আনহাতে খনিজ সম্পদৰ দৰে নবীকৰণ কৰিব নোৱাৰা সম্পদবোধ এদিন শেষ হৈ যাব। নবীকৰণ কৰিব পৰা শক্তি হ’ল জলশক্তি, সৌৰশক্তি। 
  2. জনসংখ্যাৰ দ্রুত বৃদ্ধি নহ’লে নবীকৰণ কৰিব পৰা সম্পদৰ জনমূৰি ভিত্তিত পৰিমাণ একেই থাকে। আনহাতে, নবীকৰণ কৰিব নোৱাৰা সম্পদৰ পৰিমাণ কমি যায়। সেইবাবে জনমূৰি ভিত্তিত ইয়াৰ পৰিমাণো হ্রাস পায়। ভাৰতৰ নৱীকৰণ কৰিব নোৱাৰা শক্তি হ’ল কয়লা, পেট্ৰ’লিয়াম।

 প্রাকৃতিক সম্পদসমূহক বনজ সম্পদ, জলজ সম্পদ, খনিজ সম্পদ, শক্তি সম্পদ আৰু ভূ সম্পদ এই পাঁচটা ভাগত ভাগ কৰিব পাৰি।

 (ক) বনজ সম্পদ : বন্য জীৱ-জত, কাঠ বাঁহ, ঔষধি উদ্ভিদ, শোভাবর্জনকাৰী উদ্ভিদ, অর্কিড, সৰীসৃপ জাতীয় প্রাণী ইত্যাদি। 

(খ) জল সম্পদ : নৈসর্গিক শোভাবর্জনকাৰী জলাধাৰ, বন্দৰ, পোতাশ্রয়, বিভিন্ন জলজ উদ্ভিদে আৰু প্রাণী, মৎস্য সম্পদ, জল বিদ্যুৎ, পরিবহনযোগ্য জলাধাৰ, সাগৰৰ তলীৰ বিভিন্ন মণি-মুকুতা ইত্যাদি।

 (গ) খনিজ সম্পদ : লেৰ আকৰ, কয়লা, সোণ, ৰূপ, গ্ৰেণাইট, বক্সাইট, মাইকা, চূণশীল ইত্যাদি। 

(ঘ) শক্তি সম্পদ ঃ তাপ শক্তি, বিদ্যুৎ শক্তি, বায়ু শক্তি, সৌৰ শক্তি, জৈৱ শক্তি, আণৱিক শক্তি ইত্যাদি।

 (ঙ) ভূ-সম্পদঃ কৃষিযোগ্য ভূমিস বাসোপযোগী ভূমি ইত্যাদি।

 প্রশ্ন ১৪ : বনবিনাশৰ কাৰণসমূহ লিখা।

 উত্তৰ: বনবিনাশৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল

  1.  ঔদ্যোগিকৰণ সম্প্ৰসাৰণৰ বাবে মানুহে গছ গছনি কটাৰ ফলত বনাঞ্চলসমূহ ধ্বংসপ্রাপ্ত হৈছে।
  2. বৰ্দ্ধিত জনসংখ্যাৰ ফলশ্ৰুতিত মানুহৰ বাবে বাসভূমি আৰু কৃষিভূমিৰ প্রয়োজন হোৱাৰ ফলত কৃষি আৰু বসতিৰ বাবে বনাঞ্চল ধ্বংস কৰি সেই ঠাই খেতি কৰিবলৈ আৰু বসবাস কৰিবলৈ লোৱাৰ ফলত বনাঞ্চলসমূহ ধ্বংসমুখত পৰিব লগীয়া হৈছে।
  3. ব্যাপক হাৰত বৃদ্ধি পোৱা নগৰীকৰণৰ সম্প্ৰসাৰণো বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া। 
  4. মানুহৰ দৈনন্দিন অভাৱ পূৰণ বাবেও বনাঞ্চল ধ্বংসৰ কাৰ্যও অব্যাহত আছে। 
  5. চোৰাং ব্যৱসায়ী, অধিক লাভৰ আকাংখ্যাও মানুহে বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া।
  6. দৰিদ্ৰতা, আমদায়ক আচবাব আৰু বিলাসী সামগ্ৰী আদিৰ চাহিদা বৃদ্ধিৰ কাৰণেও বনাঞ্চল উচ্ছেদ হোৱা দেখা যায়। 
  7. পথ নিৰ্মাণৰ বাবে বাবে মানুহে গছ-গছনি কটাৰ ফলত বনাঞ্চলসমূহ উচ্ছেদ কৰা হয়। 
  8. নদী বান্ধৰ বাবেও মানুহেব বনাঞ্চল উচ্ছেদ কৰা দেখা যায়।
  9. চৰকাৰী নীতিৰ বিফলতা আদিও বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া।
  10. উদ্যোগৰ কেঁচামালৰ চাহিদা পূৰণৰ অৰ্থে আৰু বনজ সম্পদৰ চৰকাৰী ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব অব্যাহত থকাৰ বাবেও বনাঞ্চল ধ্বংসৰ কাৰ্যও অব্যাহত আছে।। 

প্রশ্ন ১৫ঃ প্ৰাকৃতিক বিপর্যয়ৰ সংজ্ঞা আৰু অসমত বানপানীৰ দৰে প্ৰাকৃতিক বিপর্যয়ৰ ব্যৱস্থাপনাসমূহ কি কি? 

উত্তৰঃ প্ৰাকৃতিক বিপর্যয়ৰ ব্যৱস্থাপনাসমূহ হ’ল 

  1. মানুহে বৰ্তমান নদীবোৰত অধিক পৰিমানে পেলনীয়া বস্তুবোৰ পেলোৱাৰ ফলত নদীবিলাক বাম হৈ আহিবলৈ ধৰিছে যাৰ ফলত কম পানীতে নদীবোৰ উফন্দি পৰে আৰু বানপানীৰ সৃষ্টি কৰে। 
  2. ব্যাপক পৰিমাণৰ নদীবান্ধবিলাক সময়ে সময়ে খুলি দিয়াৰ ফলতো আবতৰীয়া বানপানীয়ে ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। 
  3. অতি বেছি পৰিমাণে ভূমি স্খলনৰ ফলত নদীবোৰ বাম হৈ পৰিছে। ফলত নদীৰ পানী ধাৰণৰ ক্ষমতা হ্রাস পাই আহিছে আৰু সেয়ে প্ৰতি বছৰেই নতুন নতুন অঞ্চল বানৰ কবলত পৰিছে। 
  4. মানুহে নিজৰ সুবিধাৰ বাবে নদীৰ পৰিসীমা ঠেকাই অনাৰ ফলতো বানপানী সৃষ্টি হয়।
  5. বনাঞ্চলৰ উচ্ছেদ বৃদ্ধি পোৱাৰ ফলত বৰষুণত বালি, মাটি, গছৰ ডাল পাত আদি উটি আহি নদীৰ পানীত মিহলি হোৱাৰ ফলত পানীৰ আকাৰ বৃদ্ধি পায় আৰু নদীৰ পাৰ উপচি পৰি বানপানীৰ সৃষ্টি হয়। 

বানপানী সমস্যা সমাধান কৰিবৰ বাবে তলৰ দিশসমূহৰ ওপৰত গুৰুত্ব দিব লাগে

  1.  বানপানী সমস্যা সমাধান কৰিবৰ বাবে বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰিব লাগিব।
  2. বানপানী সমস্যা সমাধান কৰিবৰ বাবে নদীসমূহক নিয়ন্ত্ৰণ কৰিব লাগবি। 
  3. বানপানী সমস্যা সমাধান কৰিবৰ বাবে গৰা খহনীয়া আৰু ভূমিস্খলন ৰোধ কৰিব লাগিব। 
  4. বানপানী সমস্যা সমাধান কৰিবৰ বাবে পাহাৰ পৰ্বত, হাবি-বন, গছ গছনি আদি জধে-মধে ধ্বংস নকৰি তাক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। 
  5. বান নিয়ন্ত্রণৰ দ্বাৰা অনাৱশ্যকীয় ঠাইৰ পৰা পানী বাহিৰ কৰি আৱশ্যকীয় ঠাইত যোগান ধৰিব লাগিব। 
  6. বানপানী সমস্যা সমাধান কৰিবৰ বাবে বৃক্ষৰোপনত অধিক মনোনিবেশ কৰিব লাগিব। 
  7. বানপানীৰ সমস্যাৰ সমাধানৰ বাবে বান নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে। 

প্রশ্ন ১৬ : ভাৰতীয় অৰ্থনীতিত বনজ সম্পদৰ সংৰক্ষণ আৰু উন্নয়নৰ গুৰুত্ব বিচাৰ কৰা। 

উত্তৰ ভাৰতৰ নতুন বনাঞ্চল গঢ়ি তোলাৰ ওপৰত বিশেষ ব্যৱস্থা পৰিলক্ষিত হেৱা নাই যদিও আগৰে পৰা থকা বনাঞ্চলসমূহ সংৰক্ষণ কৰাত চৰকাৰে যত্নৰ ত্রুটি কৰা নাই। ভাৰতত বনাঞ্চলৰ পৰিমাণ মুঠ মাটিকালিৰ মাত্ৰ ২০.২ শতাংশ। জনসংখ্যৰ মাত্ৰাধিক বৃদ্ধিৰ ফলত হাবিৰ গছ-গছনি অবাধে ধ্বংস কৰা হৈছে। ফলত অনেক ৰাজ্যত বনাঞ্চলৰ পৰিমাণ দ্রুত গতিত হ্রাস পাই আহিছে। এই অবস্থা অব্যাহত থাকিলে দেশৰ অৰ্থনীতিত নিঃসংন্দেহে বিৰূপ প্রতিক্রিয়া পৰিব। দেশৰ বনাঞ্চলৰ সংৰক্ষণ আৰু উন্নয়ন অতীব প্রয়োজন হৈ পৰিছে। বনাঞ্চলে দেশৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ অৰিহনা যোগাব পাৰে। ঔদ্যোগিক দিশত উন্নত পাশ্চাত্যৰ দেশবোৰতো এই দিশত চিন্তাচৰ্চা কৰা হৈছে আৰু অনেক দেশত বনাঞ্চলৰ উন্নয়নৰ বাবে নানান প্রচেষ্টা হাতত লোৱা হৈছে। 

বনাঞ্চলৰ সংৰক্ষণঃ 

পৰিৱেশজনিত কাৰণত বনাঞ্চলৰ সংৰক্ষণ কৰাটো অতি প্রয়োজন। কাৰণ, বনাঞ্চলে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ উন্নতি সাধন কৰে। গছ-গছনিয়ে তাপমাত্রা হ্রাস কৰে আৰু জলবায়ু সমভাবাপন্ন কৰি ৰাখে। ইয়াৰ ফলত বৰষুণৰ মাত্ৰা বৃদ্ধি পায়। 

দ্বিতীয়তে, গছ-গছনিয়ে ভূমিবো সংৰক্ষণ কৰে। গছে মাটিৰ পানীভাগ শুহি লৈ গড়াখহনীয়া ৰোধ কৰে। মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। 

তৃতীয়তে, বনাঞ্চল সংৰক্ষণ কৰাৰ আন এটা কাৰণ হ’ল ইয়াক গৰ-মহৰ চৰনীয়া পথাৰ হিচাবে ব্যৱহাৰ কৰা হয়। ই পশুখাদ্যৰ যোগান ধৰে। সেইবাবে কৃষকৰ উপকাৰৰ বাবে কৃষি উন্নয়নৰ বাবে বনাঞ্চলৰ সংৰক্ষণ বিশেষভাৱে প্রয়োজন।

বনাঞ্চলৰ উন্নয়নঃ 

নিম্ন লিখিত কাৰণত বনাঞ্চলৰ উন্নয়ন হোৱাটো প্ৰয়োজন।

 প্ৰথমতে, ভাৰতৰ বুজনসংখ্যক লোক খাদ্য, খবি আৰু ঘৰ নিৰ্মাণৰ সামগ্ৰীৰ দৰে মৌলিক প্রয়োজনৰ বাবে হাবি-বননিৰ ওপৰত নিৰ্ভৰ কৰে। তদুপৰি ভাৰতৰ 

প্রায় ১০ লাখ মানুহ জীৱিকাৰ বাবে বনাঞ্চলৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাবে জড়িত। 

দ্বিতীয়তে, বনাঞ্চলৰ পৰা অসংখ্য প্রয়োজনীয় আৰু দুষ্প্ৰাপ্য দ্ৰব্য আহৰণ কৰা হয়। কাঠ-বাঁহৰ বাহিৰেও লা, ধুনা, খয়ের, আঠা, নানান সুগন্ধি দ্রব্য হাবিৰ পৰাই পাব পাৰি। মূল্যবান ঔষধি গছৰ পৰা নানাবিধ ঔষধ প্রস্তুত কৰা হয়। তৃতীয়তে, বনাঞ্চলত উৎপাদিত কেতবোৰ দ্ৰব্য উদ্যোগত কেঁচা সামগ্ৰী হিচাবে ব্যৱহাৰ কৰা হয়। কাগজ, প্লাইউড, দিয়াচলাই আদি বনভিত্তিক উদ্যোগবোৰ পুৰামাত্রাই বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল। 

শেষত, বনজ সম্পদে দেশৰ ৰাজহ বৃদ্ধি কৰাৰ লগতে বৈদেশিক মুদ্ৰাৰ আহৰণতো অৰিহনা যোগাইছে। কাঠ, বাঁহ-বেতৰ সামগ্রী, কাগজ, অগৰু আদি সামগ্ৰীৰ বাবে এখন নিৰ্ভৰশীল বিদেশী বজাৰ গঢ়ি উঠিছে।

This Post Has 3 Comments

Leave a Reply