NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-3 পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱ

NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-3 পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-3 পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱ

NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-3 পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱ

পাঠভিত্তিক আৰু অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰ অতি চমু প্রশ্নোত্তৰ » প্রতিটোত ১/২ নম্বৰকৈ

 প্রশ্ন ১ : তলৰ বাক্যবোৰ শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা ঃ 

(ক) নল গাহৰি এটা প্ৰব্ৰজনকাৰী জন্তু।

 উত্তৰ: অশুদ্ধ।

 (খ) চিৰিয়াখানা হ’ল বহিঃস্থান সংৰক্ষণৰ এটা উদাহৰণ। 

উত্তৰ: শুদ্ধ।

 (গ) অসমৰ ৰাজ্যিক পক্ষী হ’ল বগাপাখি থকা হাঁহ। 

উত্তৰ: শুদ্ধ। 

(ঘ) একুইলেৰিয়া এগালচা অসমৰ স্থানীয় উদ্ভিদ। 

উত্তৰঃ শুদ্ধ।

 (ঙ) গড় নাগালেণ্ডত পোৱা যায়।

 উত্তৰঃ অশুদ্ধ। 

প্রশ্ন ২ঃ ধৰিত্ৰী সন্মিলন কোনটো বছৰত অনুষ্ঠিত হৈছিল।

 উত্তৰ ঃ ধৰিত্ৰী সন্মিলন ১৯৮২ বছৰত অনুষ্ঠিত হৈছিল।

 প্রশ্ন ৩ঃ জীৱ বৈচিত্ৰ্যৰ গুৰুত্বপূৰ্ণ স্থানৰ ধাৰণাটো আগবঢ়াইছিল_

(ক) ডাৰউইনে 

(খ) ফ্লেমিঙে

 (গ) মেয়াৰে 

(ঘ) ডেভিজে 

উত্তৰঃ (গ) মেয়াবে।

প্রশ্ন ৪ : উচচ প্রজাতিগত বৈচিত্র্য পোৱা যায়— 

(ক) নাতিশীতোষ্ণ অৰণ্যাঞ্চলত

 (খ) বিষুবীয় অৰণ্যত

 (গ) পৰ্বতৰ শৃংগত 

(ঘ) ৰাস্তাৰ দুয়োকাযে 

উত্তৰ ঃ (খ) বিষুবীয় অৰণ্যত

 প্রশ্ন ৫ : জৈৱ বৈচিত্ৰ্যৰ অৰ্থ হ’ল

 (ক) অজৈৱ কাৰক 

(খ) জৈৱ কাৰক

 (গ) জৈৱিক বিচিত্ৰতা

 (ঘ) জৈৱিক স্পন্দন

 উত্তৰঃ (গ) জৈৱিক বিচিত্রতা

 প্রশ্ন ৬ : উত্তৰ-পূৰ্বাঞ্চল জীৱবৈচিত্ৰ্যৰ দুটা গুৰুত্বপূৰ্ণ স্থানৰ সংগমস্থলত অৱস্থিত। ইহ’ল— 

(ক) হিমালয় আৰু আন্দামান

 (খ) হিমালয় আৰু ইণ্ডোবার্মা

 (গ) হিমালয় আৰু বাংলাদেশ

 (ঘ) হিমালয় আৰু বংগোপ সাগৰ

 উত্তৰঃ (খ) হিমালয় আৰু ইণ্ডোবার্মা।

 প্রশ্ন ৭ : জিনীয় ভিন্নতা মানে—

 (ক) এটা প্ৰজাতিৰ মাজত থকা জিনীয় ভিন্নতা 

(খ) এটা জাতিৰ মাজত থকা জিনীয় ভিন্নতা

 (গ) এটা বসতি স্থানৰ মাজত থকা জিনীয় ভিন্নতা 

(ঘ) দুটা প্ৰজাতিৰ মাজত থকা জিনীয় ভিন্নতা 

উত্তৰ ঃ (ক) এটা প্ৰজাতিৰ মাজত থকা জিনীয় ভিন্নতা

 চমু প্রশ্নোত্তৰ প্ৰতিটোত ৩/৪ নম্বৰকৈ 

প্রশ্ন ১ : জৈৱবৈচিত্ৰ্যৰ সংজ্ঞা লিখা। 

উত্তৰ : জীৱ বৈচিত্র্য বুলিলে নিৰ্দ্দিষ্ট এটুকুৰা ঠাইত বা অঞ্চলত স্বাভাৱিক অৱস্থাত বাস কৰা ভিন্ন প্ৰকাৰৰ জীৱৰ সমষ্টিক বুজায়। UNESCO য়ে আগবঢ়োৱা সংজ্ঞা অনুসৰি, জীৱবৈচিত্ৰ্যৰ হ’ল স্থল, সমুদ্ৰ আৰু আন বিভিন্ন পৰিস্থিতিতন্ত্ৰত থকা জীৱৰ সমষ্টিৰ ভিন্নতা, যিবোৰ জটিল জৈৱ পৰিস্থিতি একো একোটা অংশ। 

‘জৈবিক বৈচিত্র্য’ ধাৰণাক সাধাৰণতে চমুকৈ জৈব বৈচিত্র্য হিচাপে উল্লেখ। কৰা হয়। জীৱৰ সংখ্যা, পৃথিৱীৰ সকলো ৰূপৰ প্ৰাণীৰ বিভিন্নতা আৰু পৃথকতা বুজাবলৈ এই সংজ্ঞা ব্যৱহাৰ কৰা হয়। ইয়াত লক্ষ লক্ষ কোটি কোটি উদ্ভিদ, জীৱ-জন্তু তথা অনুজীৱসমূহ, এইবোৰত থকা জিনসমূহ, আৰু ইহঁত যাৰ অংশ, সেই সকলোবোৰ সামৰি লোৱা হয়। জৈৱ বৈচিত্ৰ্যক সাধাৰণতে তিনিটা পৰ্যায়ত বৰ্ণনা কৰা হয় : জিনগত, প্ৰজাতি আৰু পৰিস্থিতিতন্ত্ৰ জৈৱ বৈচিত্ৰা।

 প্রশ্ন ২ঃ ভাৰতৰ জৈৱ ভৌগলিক শ্রেণীবিভাজন কেনেকৈ কৰা হৈছে?

 উত্তৰ : ভাৰতত ভিন ভিন প্ৰকাৰৰ জলবায়ু আৰু গ্ৰীষ্ম প্ৰৱাহ দেশৰ বিভিন্ন অংশৰ বিৰাজমান আৰু এই ভিন্নতাৰ বাবেই ইয়াত অসংখ্য প্ৰকাৰৰ গছ গছনিৰ আবাসস্থল। ভাৰত এখন পৰম্পৰাগত জৈৱ বৈচিত্ৰতাত ধনী দেশ আৰু বিশ্বৰ উদ্ভিদ জগতৰ ১০ম স্থানত আমাৰ দেশ আছে। সময় আৰু স্থানৰ ওপৰত নিৰ্ভৰ কৰি গছ আৰু প্ৰাণীৰ বিস্তৃতি, ক্রমবিকাশ, বিক্ষিপ্তকৰণ আৰু পৰিবেশৰ লগত ইহঁতৰ সম্পৰ্ক আদিৰ অধ্যয়নৰ খুবেই প্রয়োজন। জৈৱ ভৌগোলিকক আকৌ দুটা ভাগত বিভক্ত কৰিব পাৰি phytogeography (উদ্ভিদৰ লগত জড়িত) আৰু Zoogeography (প্ৰাণীৰ লগত জড়িত) আমাৰ দেশৰ উদ্ভিদ প্ৰাণীৰ বিস্তৃতি আৰু পৰিবেশৰ লগত কি সম্পর্ক তাক বিবেচনা কৰি ১০ খন এনে জৈৱভৌগলিক অঞ্চলত ভাগ কৰা হৈছে। প্ৰত্যেক zone ত ইয়াৰ জলবায়ু, মাটি, গ্ৰীষ্মপ্ৰৱাহ আৰু জৈৱ বৈচিত্ৰ্যতাৰ বেলেগ বেলেগ বৈশিষ্ট্য দেখা যায়।

 প্রশ্ন ৩ : জৈৱবৈচিত্ৰ সংথলীতে আৰু বাসভূমিৰ পৰা নিলগত কৰা জৈবৈচিত্ৰৰ সংৰক্ষণ। 

উত্তৰ : যেতিয়া জীৱ-জন্তুবোৰ প্ৰাকৃতিকভাৱে বিৰাজ কৰা পৰিৱেশতে জন্ম হৈ ডাঙৰ-দীঘল আৰু বিকাশ হ’বলৈ দিয়া হয় তেতিয়া সেই পদ্ধতিটোকে বাসভূমিতে কৰা সংৰক্ষণ বোলা হয়। বন্যাপ্ৰাণী সংৰক্ষণৰ অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চলসমূহ, আবাসস্থল ইত্যাদি হ’ল এনে সংৰক্ষণৰ উদাহৰণ। আনহাতে যেতিয়া জীৱ-জন্তুবোৰক বসতি স্থলৰ পৰা আঁতৰাই বেলেগ। 

স্থানত কৃত্ৰিমভাৱে প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰি সংৰক্ষণ কৰা হয় তেতিয়া তেনে ব্যৱস্থাক বাসভূমিৰ পৰা নিলগত কৰা সংৰক্ষণ বুলি বুজা যায়। এই ব্যৱস্থাৰ জৰিয়তে লুপ্তপ্রায় আৰু বিপদজনক অৱস্থাত থকা প্ৰাণীৰ সংৰক্ষণ কৰা হয়। এনে সংৰক্ষণৰ উদাহৰণ হ’ল চিৰিখানাবোৰ। 

প্রশ্ন ৪ : জীৱ সম্পদৰ চোৰাং বেহা (বা বায়’পাইৰেচি) কি?

 উত্তৰঃ বায়’পাইৰেচি হৈছে এখন দেশৰ পৰা জীৱজাত সম্পদক হস্তান্তৰ কৰি আন এখন ঠাইলৈ নিয়া আৰু তাৰ পৰা উৎপাদিত দ্ৰব্যৰ পেটেণ্ট বা অধিকাৰ আদায় কৰা। কিছুমান দেশৰ থলুৱা লোকসকল হৈছে জ্ঞান আৰু বিশ্বাসৰ ভৰাল স্বৰূপ। কিছুমান কোম্পানীৰ এজেন্ট বা মধ্যভোগীয়ে এই পৰম্পৰাগত জ্ঞান বা মূল্যবান জীৱ পদার্থ সংগ্ৰহ কৰে আৰু সেইবোৰক নিজৰ পেটেণ্ট লাভ কৰিব পৰাকৈ উপযোগী কৰি লয়। এইদৰে তেওঁলোকে এই দ্রব্যসমূহৰ ব্যৱসায়-বাণিজ্য কৰিবৰ বাবে অনৈতিক প্রক্রিয়াৰে অধিকাৰ আদায় কৰি লয়। বিভিন্ন দেশত এনে ধৰণৰ বহু ঘটনা ঘটিছে। কিছুমান নির্দিষ্ট মূল্যবান জীৱসম্পদৰ চোৰাং বেহা বা বায়’পাইিেৰচ জৈৱবৈচিত্ৰ্যৰ প্ৰতি ভাবুকি হৈ পৰিছে। 

প্রশ্ন ৫ : আমাৰ দেশৰ দুটা জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা।

 উত্তৰ : আমাৰ দেশৰ দুটা জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থা হ’ল

  1. বহিঃ সংৰক্ষণ ব্যৱস্থাৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াত এশিঙীয়া গড় সংৰক্ষণ কৰা হয়। 
  2. অন্তঃসংৰক্ষণ ব্যৱস্থাৰ ভিতৰত হ’ল নতুন দিল্লী, নেচনেল ব’ৰো অৱ প্লেণ্ট জেনেটিক বিছাৰ্ছ।

 প্রশ্ন ৬ ঃ উৎপাদনমূলক মূল্য কি? 

উত্তৰ ঃ জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন উৎসৰ পৰা বাণিজ্যিকভাবে প্রস্তুত বা উৎপাদন কৰা সামগ্ৰীবোৰেই উৎপাদনমূলক সামগ্রী। বর্তমান কালতো পৰম্পৰাগত সম্প্ৰদায়সমূহৰ বৃহৎ সংখ্যকেই সম্পূর্ণভাবে অথবা আংশিকভাবে তেওঁলোকৰ দৈনিক প্রয়োজন হোৱা সা-সামগ্রী, খাদ্য, আশ্রয় হল, বস্তু বিশেষ, ঘৰুৱা প্ৰয়োজনৰ সা-সামগ্রী, ঔষধ, সাব আরু বিনোদনৰ বাবে এইবোৰ উৎপাদনৰ ওপৰতে নিৰ্ভৰ কৰে। হাতীৰ দাঁত, পাটপলুৰ পৰা তৈয়াৰ কৰা পাটৰ কাপোৰ, ভেড়ার নোমৰ পৰা তৈয়াৰ কৰা ঊণৰ কাপোৰ, লা পোকৰ পৰা উৎপন্ন লা আদি প্ৰাণী বৈচিত্ৰ্যৰ পৰাই আহৰণ কৰা হয়। বহু উদ্যোগ ঘাইকৈ উদ্ভিদ সামগ্ৰীৰ ওপৰতে নিৰ্ভৰশীল। যেনে – কাগজ আৰু কাগজৰ মণ্ডৰ উদ্যোগ, চেনি উদ্যোগ, প্লাইউড উদ্যোগ, ৰেলৱেৰ শিপাৰ আদি। 

Content Environmental science

Sl. No.Chapter NameLink
Chapter 1পৰিবেশৰ ধাৰণাClick Here
Chapter 2বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা আৰু সমস্যাClick Here
Chapter 3পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱClick Here
Chapter 4সমসাময়িক পাৰিৱেশিক সমস্যাসমূহClick Here
Chapter 5পাৰিবেশিক সংৰক্ষণClick Here
Chapter 6বহনক্ষম উন্নয়নClick Here
Chapter 7পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱClick Here
Chapter 8 (ক)সমসাময়িক পাৰিৱেশিক সমস্যাসমূহClick Here
Chapter 8 (খ)পাৰিবেশিক সংৰক্ষণClick Here

প্রশ্ন ৭ঃ জৈৱবৈচিত্ৰ্যৰ প্ৰতি প্ৰধান ভাবুকিসমূহ কি?

 উত্তৰ : প্ৰজাতিৰ অৱলুপ্তি বা নিঃচিহ্নকৰণ হৈছে বিৱৰ্ত্তনৰ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া। কিন্তু শেহতীয়াকৈ অসংখ্য প্রজাতি নাইকিয়া হৈ যোৱা বিষয়টোক বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা কৰা হৈছে। সাধাৰণভাবে পৰিবেশ আৰু বিশেষকৈ জৈৱবৈচিত্র্য সম্পর্কে মানৱ সমাজৰ পৰিবৰ্ত্তিত দৃষ্টিভংগীয়ে এনে এটা পর্যায় পাইছেগৈ যে জৈৱবৈচিত্ৰ্যৰ সংৰক্ষণ এটা বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। বিভিন্ন দিশৰ পৰা জৈৱবৈচিত্র্যলৈ অহা ভাবুকিসমূহ হৈছে –

  1. বাসস্থান ধ্বংস
  2. পশুধনৰ অতিপাত বিচৰণ
  3. চোৰাং চিকাৰ 
  4. প্রাকৃতিক দুর্যোগ 
  5. জলবায়ু পৰিবৰ্ত্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি। 
  6. জীৱ সম্পদৰ চোৰং সৰবৰাহ 

প্রশ্ন ৮ : গ্রীণ হাউচ এফেক্ট মানে কি লিখা।

 উত্তৰ : গছ-গছনি বঢ়াবলৈ গ্ৰীণ হাউচৰ প্ৰয়োগ কৰা হয়। শীত প্রধান দেশবোৰত শীত কালত পোহৰ আৰু তাপ গছ-গছনিৰ বৃদ্ধিৰ বাবে যথেষ্ট নহয়। কাচেৰে সজা গ্ৰীণ হাউচে ঘৰৰ ভিতৰত বেলিৰ পোহৰ সোমাব দিয়ে যদিও ইনফ্ৰাৰ্ডে ৰশ্মি ওলাই যোৱাত বাধা দিয়ে। ফলত ঘৰৰ ভিতৰভাগত ক্ৰমশঃতাপমাত্রা বৃদ্ধি হয়। গ্রীণ হাউচ এফেক্টৰ অৰ্থ হ’ল যে মানুহে সৃষ্টি কৰা কাৰ্বন ডাই-অক্সাইডে সৃষ্টি কৰা ঢাকনিৰ তলৰ পৰা তাপ ওলাই যাব নোৱাৰি পৃথিৱীৰ উপৰি ভাগত সৃষ্টি কৰা ক্ৰমবৰ্দ্ধমান উত্তাপ। কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ দিনক দিনে বাঢ়ি যোৱা বাবে বৈজ্ঞানিকসকলৰ মতে পৃথিৱীৰ তাপমাত্রা ক্রমশঃ বৃদ্ধি হ’ব ধৰিছে। তাপমাত্রা ক্রমশঃ বৃদ্ধি হ’লে হিমবাহবোৰ গলিব আৰু সাগৰ মহাসাগৰৰ জলপৃষ্ঠৰৰ উচ্চতা বাঢ়িব। বহুত দ ঠাইৰ পানীৰ তলত ডুবি যাবষ সমুদ্র পৃষ্টৰ পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন হ’ব। এতেকে COৰ মাত্ৰা বৃদ্ধি, দ্রুত শিল্পায়ন, অৰণ্য ধ্বংস আৰু জীৱাস্মা যুক্ত ইন্ধনৰ ব্যৱহাৰে পৃথিৱীৰ তাপ মাত্রা বৃদ্ধিৰ প্ৰধান কাৰণ। CO, ৰ নিৰ্গমন ৰোধ কৰিবলৈ ব্যৱস্থা ল’ব লাগিব। 

বচনাধর্মী প্রশ্নোত্তৰ ★ প্ৰতিটোত ৫/৬ নম্বৰকৈ

 প্রশ্ন ১ : অম্লবৃষ্টি কি আৰু কেনেকৈ হয়? 

অম্লবৃষ্টিক কেনেকৈ নিয়ন্ত্রণ কৰিব পাৰি? 

উত্তৰ : বৰষুণৰ পানীত এচিড সাফিলে তাক এচিড বৰষুণ বুলি কোৱা হয়। অক্সাইড, চালফাৰ, নাইট্রোজেন আৰু কাৰ্বন আদি বতাহত থকা গেছবোৰ বৰষুণৰ পানীৰ লগত মিলি তললৈ সৰি পৰিলে এচিড বৰষুণ হোৱা বুলি কোৱা হয়। প্ৰদূষণকাৰী গেছৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি এচিড বৰষুণৰ ঘনত্ব নিৰ্ণয় কৰা হয়। গেছবোৰ বিস্তির্ণ অঞ্চল জুৰি বিয়পি থাকোরু বতাহ বৰষুণে সিহঁতক বহু দূৰ কঢ়িয়াই নিয়ে। এতেকে যিঠাইত গেছবোৰ থাকে অকল সেই ঠাইতে এচিড বৰষুণ নহয়। এচিড বৰষুণ প্ৰায়ে ‘The lake Killers’ বুলি কোৱা হয় কাৰণ ইয়াৰ ফলত হ্রদবোৰৰ মৃত্যু হয়। এচিড বৰষুণে জলজ প্রাণী আৰু উদ্ভিদৰ মৃত্যু সংঘটিত কৰে। 

এচিড বৰষুণে মাটিৰ সাৰুৱা বা গুণ বিনষ্ট কৰে। কানাডা, জার্মানী আৰু আমেৰিকাৰ কিছুমান হাবি বন এচিড বৰষুণে ধ্বংস কৰিছে। কানাডাত প্ৰায় ৫০০০০ হ্রদ এচিড বৰষুণে বিনষ্ট কৰিছে আৰু তাৰ ভিতৰত প্ৰায় ১৪০টা হ্রদ মৃত বুলি ঘোষণা কৰা হৈছে। 

এচিড বৰষুণে মানুহৰ জীৱনতো প্রভাৱ পেলাই যদিও কি পৰিমাণৰ বা কেনে বিধৰ ক্ষতি কৰে সেইটো এতিয়ালৈ ঠাৱৰ কৰিব পৰা হোৱা নাই। গোটেই পৃথিবীতে জৈৱ ইন্ধন জ্বলোৱাৰ ফলত সৃষ্টি হোৱা এচিডিক চালফেটৰ বিষক্ৰিয়াৰ ফলত প্রায় ৭,৫০০-১২,০০০ প্ৰতি বছৰে মৃত্যু হয়। 

মাৰ্বলেৰে নিৰ্মিত জগত বিখ্যাত তাজমহল, মথুৰা তেল শোধনাগাৰৰ পৰা ওলোৱা চালফাৰ ডাই অক্সাইডৰ ফলত ক্ষতিগ্ৰস্ত হৈছে আৰু ইয়াৰ পূৰ্বৰ উজ্বলতা হেৰাইছে। Bhaba Atomic Research Centre আৰু Word Meterological Organigation এ কৰা অধ্যয়ন অনুসৰি ভাৰতবৰ্ষৰ চহৰ নহৰৰ ওপৰত এতিয়ালৈকে এচিড বৰষুণৰ প্ৰভাৱ ভয়লগা বিধৰ হোৱা নাই। নাইট্ৰজেন অক্সাইডে বায়ুমণ্ডলৰ অক্সিজেন, অ’জন, হাইড্ৰজেন, পেৰেক্সাইড আদি অণুৰ লগত বিক্ৰিয়া কৰি বিষাক্ত নাইট্ৰজেন ডাই অক্সাইড উৎপন্ন কৰে। নাইট্ৰজেন ডাই অক্সাইডে বায়ুত থকা জলীয় ভাপৰ লগলাগি নাইট্ৰিক এচিড সৃষ্টি কৰে। এই ছালফিউৰিক এচিড, নাইট্ৰিক এচিড বৰষুণৰ পানীৰ লগত পৃথিৱীলৈ নামি অহাকে অম্লবৃষ্টি বোলা হয়। 

অম্লবৃষ্টিৰ কু-প্ৰভাৱৰ পৰা মুক্তি পাবলৈ ল’বলগীয়া ব্যৱস্থাকেইটা হ’ল—

  1. অম্লবৃষ্টি সৃষ্টিকাৰী গেছসমূহৰ নিৰ্গমণ নিয়ন্ত্ৰণ কৰিব লাগিব।
  2. বিভিন্ন উদ্যোগ, কল-কাৰখানা, যান-বাহনসমূহ উপযুক্ত প্ৰযুক্তিৰে বিকাশ ঘটাব লাগবি।
  3. বিশ্বৰ সকলোৱেই সচেতন হৈ সতর্কতা অৱলম্বন কৰিব লাগিব। 

প্রশ্ন ২ : জৈৱবৈচিত্ৰ্যৰ বহিঃ আৰু অন্তঃ সংৰক্ষণ কি? প্ৰত্যেকটোৰে উদাহৰণ দিয়া ।

 উত্তৰঃ বহিঃ সংৰক্ষণঃ বহিঃ সংৰক্ষণ হৈছে উদ্ভিদ আৰু প্ৰাণীক সিহঁতৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই আন কোনো স্থানত কৰা সংৰক্ষণ। এয়া কোনো প্ৰাণী উদ্যান আৰু উদ্ভিদ উদ্যান বা বন প্রতিষ্ঠান আৰু কৃষি গৱেষণা কেন্দ্ৰ হ’ব পাৰে। শস্য, জীৱ-জন্তু, চৰাই, আৰু মৎস প্ৰজাতিৰ জিনীয় পদাৰ্থ সংগ্ৰহ আৰ সংৰক্ষণৰ বাবে বহু প্ৰচেষ্টা হাতত লোৱা হৈছে। নেশ্বনেল ব’ৰো অৱ প্লেন্ট জেনেটিক বিছাৰ্ছ, লেমনেল বুৰো অৱ এনিমেল জেনেটিক বিছাৰ্ছ আদি বিভি সংস্থাৰ জৰিয়তে এই কাম কৰা হৈছে। 

অন্তঃ সংৰক্ষণঃ 

অজ্ঞ সংৰক্ষণ হৈছে বনজ উদ্ভিদ আৰু প্ৰাণীক সেইসমূহ প্রাকৃতিক বাসস্থানতে কৰা সংৰক্ষণ, অর্থাৎ‍ নিজা আবাসস্থলতে কৰা সংৰক্ষণ | যেনে – বায় “স্ফিয়েৰ ৰিজার্ভ, ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্রাণী অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল আদি। ভাৰতত এনে সংৰক্ষণৰ এটা দীঘলীয়া পৰম্পৰা আছে। সমগ্র দেশত কিছুমান সংৰক্ষিত এলেকাৰ এখন জাল গঢ়ি এই সংৰক্ষণৰ কাম কৰি অহা হৈছে। এতিয়া ভাৰতত ৫৩৩ খনতকৈ অধিক বাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে। এই সংৰক্ষিত এলেকা হৈছে দেশৰ মুঠ ভূ-খণ্ডৰ ৪.৩ শতাংশ। এনে ব্যৱস্থাই জীৱৰ বাসস্থান আৰু সেই ঠাইসমূহৰ জৈৱ-বৈচিত্ৰ্যাৰ সংৰক্ষণত সহায় কৰিছে। কিছুমান প্ৰজাতিৰ সংৰক্ষণৰ বাবে বিশেষ সংৰক্ষণ প্ৰচেষ্টাৰ প্ৰয়োজন। বুলি চিহ্নিত হোৱাত বিশেষ প্রকল্প কিছুমানো আৰম্ভ কৰা হৈছে। অসমত এতিয়া ৫ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ২২ খন বন্যপ্রাণী অভয়াৰণ্য আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্রাণী অভয়াৰণ্যৰ জৰিয়তে এছীয় গঁড়ক সংৰক্ষণ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দল হৰিণ, খটীয়া পহু আৰু হাতীৰো বাসস্থান। মানাহ বায় স্ফিয়াৰ ৰিজাৰ্ভ সোণালী বান্দৰ আৰু নল গাহৰিৰ বিচৰণভূমি।

 প্রশ্ন ৩ঃ উদাহৰণসহ ব্যাখ্যা কৰা – -আনুবংশিক (বা জিনীয়) বৈচিত্র্য, প্ৰজাতিৰ বৈচিত্ৰ্য আৰু পৰিস্থিতিতন্ত্র বৈচিত্র্য।

 উত্তৰঃ আনুবংশিক (বা জিনীয়) বৈচিত্র্য : একোটাকৈ প্ৰজাতিৰ শৰীৰত থকা জিনসমূহৰ বৈচিত্র্যই হৈছে জিনগত হৈছে বৈচিত্র্য। এই জিনবোৰ বংশানুক্রমিকভাবে উত্তৰ প্ৰজন্মৰ মাজত সঞ্চাৰিত হৈ গৈ থাকে। এয়া হৈছে। এনে এক ধৰণৰ বৈচিত্ৰ্য যিয়ে প্রজাতিসমূহৰ বিভিন্নতা সৃষ্টি কৰে। ইয়াৰ এটা উদাহৰণ, বাচমতী চাউল জহা চাউলতকৈ একেবাৰেই পৃথক। কিন্তু কিছু পার্থক্য সহজেই চকুৰে দেখা যায়, যেনে, আকাৰ আৰু ৰং। সোৱাদ আৰু গোন্ধ অনুভূতিৰ জৰিয়তেও অনুভৱ কৰিব পাৰি।

 প্ৰজাতি বৈচিত্র্য ঃ 

পৃথিৱীত থকা কোটি কোটি ধৰণৰ জীৱক শ্রেণীবদ্ধ কৰা। প্রজাতিসমূহত একো একোটা গোট হিচাপে ধৰি লোৱা হয়। প্ৰতিটো প্ৰজাতি অনানা প্রজাতিসমূহতকৈ সম্পূর্ণভাবে পৃথক। ঘোঁৰা আৰু গাধ সম্পূর্ণ বেলেগ ধৰণৰ প্রজাতি। একেদৰে সিংহ আৰু বাঘো সম্পূর্ণ বেলেগ বেলেগ প্ৰকাৰৰ প্রজাতি। একোটাকৈ প্ৰজাতিৰ সদস্যবোৰ জিনগতভাবে ইমানেই সাদৃশ্য আছে, যে সিহঁত বংশ বৃদ্ধিৰ বাবে সন্তান প্রজননো কৰিব পাৰে। এই সাদৃশ্যই প্ৰজাতিবোৰক ঐক্যবদ্ধ কৰিছে। প্ৰজাতি বৈচিত্র্যাক সাধাৰণতে পৰিমাণ কৰা হয় একোটা নির্দিষ্ট এলেকাত বসবাস কৰা প্ৰজাতিসমূহৰ মুঠ সংখ্যাৰ ভিত্তিত।

 পৰিস্থিতিতন্ত্ৰ বৈচিত্ৰ্যঃ 

পৰিস্থিতিতন্ত্ৰ হৈছে বিভিন্ন প্ৰকাৰৰ জীৱৰ পৰস্পৰে পৰস্পৰৰ সৈতে আৰু অজৈব উপাদানৰ সৈতে চলি থকা আন্তঃক্রিয়া। সেয়ে পৰিস্থিতিতন্ত্ৰ হৈছে জীৱসমূহৰ বসতি স্থানৰ বৈচিত্ৰ, যিয়ে এই ব্যৱস্থাৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ জীৱক সামৰি লৈছে। পৰিস্থিতিতন্ত্ৰ বৈচিত্ৰ্যৰ যাৰণা যিকোনো জৈৱ ভৌগোলিক অথবা ৰাজনৈতিক সীমাৰ ভিতৰত থকা পৰিস্থিতিতন্ত্র বিচিত্ৰতাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়।

 প্রশ্ন ৪ : জৈৱ বৈচিত্ৰ সংৰক্ষণৰ আৱশ্যকতা। 

উত্তৰ : জৈৱ বৈচিত্ৰ সংৰক্ষণৰ আৱশ্যকতা সম্পর্কে তলত আলোচনা কৰা হ’ল

  1. জৈৱ বৈচিত্ৰৰ পৰাই মানুহ বা জীৱ-জন্তুৱে নিজৰ খাদ্য আহৰণ কৰিবলৈ সক্ষম হৈছে। গতিকে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ আৱশ্যক। 
  2. জৈৱ বৈচিত্ৰৰ পৰাই মানুহে প্রায়বিলাক ঔষধেই যেনে প্রাকৃতিক পৰিৱেশৰ গছ-গছনি আৰু প্ৰাণীসমূহৰ পৰাই বৰ্তমান যুগান্তকাৰী ঔষধ, পেনিচিলিন, কুইনাইন আদি সংগ্ৰহ কৰিবলৈ আৰু তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। 
  3. জৈৱ বৈচিত্ৰৰ পৰাই বিভিন্ন দ্রব্য যেনে-বিভিন্ন সাজ-পোছাক, চামৰাৰ জোতা, বেগ, ঘৰ সজাৰ সামগ্ৰী, কাঠ-বাঁহ, খেৰ, কাগজ, অন্যান্য সা-সামগ্রী আদি আহৰণ কৰিব পাৰে। 
  4. জৈৱ বৈচিত্ৰৰ পৰাই মানুহে বিভিন্ন ধর্মীয় নীতি-নিয়ম, উৎসৱ পাৰ্বন, বিয়া সবাহ, বিহু আদিত বিভিন্ন প্ৰাণী আৰু বিভিন্ন উদ্ভিদ আদি ব্যৱহাৰ কৰিব পাৰে। 
  5. জৈৱ বৈচিত্ৰই মানুহৰ নৈসর্গিক অর্থাৎ‍ মানসিক তৃপ্তি প্ৰদান কৰে আৰু প্ৰভৃতিৰ মোহনীয়া ৰূপ উপভোগ কৰি মানুহে অনাবিদ আনন্দ উপভোগ কৰিব পাৰে।
  6. জৈৱ বৈচিত্ৰৰ পৰাই জীৱই খাদ্য, পোছাক, ঔষধ, ইন্ধন, উদ্যোগ সামগ্রী আদি সংগ্ৰহ কৰে। এই জৈৱ বৈচিত্ৰক নিম্ন লিখিত ধৰণে ব্যৱহাৰ কৰিহ পাৰে। গতিকে জৈৱ বৈচিত্ৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। 

প্রশ্ন ৫ : উপভোক্তামূলক মূল্য কি?

 উত্তৰ: মানুহে স্মরণাতীত কালৰে পৰা জৈরি বৈচিত্র্যাই উৎপাদনসমূহ যেনে, ইন্ধন, খাদ্য, ঔষধ, তন্তু আদি ব্যৱহাৰ কৰি আহিছে। বিশ্বৰ খাদ্যৰ ৯০ শতাংশ‍ই আহে উদ্ভিদ প্রজাতিসমূহৰ পৰা। শস্য আৰু পশুধন প্ৰজননৰ জিনগত বৈচিত্র্য অত্যন্ত গুৰুত্বপূৰ্ণ। শস্য উৎপাদক তথা পালনকাৰীসকলৰ বাবে কটি আৰু বেমাৰ প্ৰতিৰোধী নতুন প্ৰকাৰৰ শস্য প্ৰজাতিৰ জন্ম দিয়াৰ বাবে শস্য বৈচিত্র্য অত্যন্ত প্রয়োজন। শস্য প্রজাতিসমূহৰ বৈচিত্ৰ্যৰ ক্ষতিয়ে বিশ্বজুৰি খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত মাৰাত্মক বেয়া প্ৰভাৱ পেলায়। মাথো এটা প্ৰজাতিৰ কীটৰ ব্যাপক আক্রমণ বা এটা বেমাৰেই বৰ্তি থকা সকলো শস্য বা এক বিশেষ প্ৰকাৰৰ পশুনক বিলুপ্ত কৰি দিব পাৰে।

উন্নয়নশীল দেশবোৰৰ প্ৰায় ৮০ শতাংশ মানুহেই প্ৰাথমিক চিকিৎসাৰ বাবে পৰম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰ কৰে। এইবোৰ পৰম্পৰাগত ঔষধ ভেষজ উদ্ভিদ, কিছু জীৱ-জন্তু আৰু খনিজ উৎসৰ পৰা তৈয়াৰ কৰা হয়। এণ্টিবায়টিক ঔষধ হিচাপে আমি যি পেনিছিলন দৰব ব্যৱহাৰ কৰো সেই দৰব ‘পেনিচিলিয়াম’ নামৰ এবিধ ফাংগাছৰ পৰা তৈয়াৰ কৰা হয়। একেদৰে আমি ট্ৰোছাইক্লিন দৰৱ পাওঁ ‘বেকটোম’ৰ পৰা এছপিৰিন দৰৱ পাওঁ, ‘ফিলিপেণ্ডুলৌমাৰিয়া” নামৰ উদ্ভিদৰ পৰা আৰু কুইনাইন পাওঁ ‘ছিংকোনা’ গছৰ বাকলিৰ পৰা। খৰি বা ইন্ধন হিচাপে ব্যৱহৃত কাঠ, জীৱাশ্ম ইন্ধন, প্রাকৃতিক গেছ, খনিজ দ্রব্য আমি সকলোৱেই ব্যৱহাৰ কৰিছো। প্রশ্ন ৬ঃ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকিবোৰৰ সম্পৰ্কে লিখা। উত্তৰ ঃ বাসস্থানৰ অভাৱ, বন্য প্ৰাণীৰ চোৰাং চিকাৰ কাৰ্য বৃদ্ধি, মানুহ আৰু বনৰীয়া জীব জন্মৰ মাজত সৃষ্টি হোৱা সংঘাট ইত্যাদিকেই প্ৰধানকৈ জৈৱ বৈচিত্ৰ্যৰ প্রতি সৃষ্টি হোৱা ভাবুকিসমূহৰ অন্তৰ্ভুক্ত কৰিব পাৰি। 

জৈৱ বৈচিত্ৰ্যতাৰ প্ৰতি কেনেকৈ ভাবুকিৰ সৃষ্টি হৈছে তাক তলত চমুকৈ উল্লেখ কৰা হ’ল—

  1.  ৭ দিনৰ দিনে অৰণ্যৰ সংকোচন ঘটাৰ ফলত অৰণ্যত বাস কৰা ডাঙৰ ডাঙৰ জন্তু যেনে- বাঘ, হাতী আদিয়ে নগৰ মহানগৰত প্ৰৱেশ কৰি মানুহক ভীতিগ্ৰত কৰি ত্ৰাসৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে ঘৰ, খেতি-বাতি নষ্ট কৰাও পৰিলক্ষিত হয়।
  2. পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলে ঝুমখেতিৰ বাবে বছৰি নতুন নতুন ঠাই মুকলি কৰাৰ ফলত বনাঞ্চল ধ্বংস হৈছে আৰু জৈৱ বৈচিত্ৰ্যাৰ বাসভূমি ধ্বংস হৈ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। 
  3. চোৰাং চিকাৰীৰ দ্বাৰা জীৱ-জন্তু নিধন, অধিক লাভৰ বাবে জীৱ জন্তুৰ লগতে উদ্ভিদ কাটি বিক্ৰী কৰা আদি কাৰ্যৰ লগতে বহু জীৱ জন্তুৰ প্ৰজাতি বিলুপ্তি প্রায় অৱস্থা গোৱাৰ উপক্ৰম হৈছে। এনে কাৰ্যই সংৰক্ষিত বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে।
  4. বিশ্বত দিনক দিনে বৃদ্ধি পোৱা জনসংখ্যাৰ ফলত মানুহৰ বাসস্থানৰ অভাৱ হৈছে আৰু তাৰ ফলতেই মানুহে জৈৱ বৈচিত্র্য ধ্বংস কৰি বাসস্থানৰ ব্যৱস্থা কৰিছে। ফলত বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস হ’বলৈ ধৰিছে আৰু জৈৱ বৈচিত্ৰাতাৰ প্ৰতি ব্যাপক ভাবুকিৰ সৃষ্টি হৈছে।
  5. সাম্প্রতিক সময়ত দ্রুত ঔদ্যোগিকৰণ আৰু বাণিজ্যিক প্ৰসাৰৰ ফলত কন্যাপ্ৰাণীৰ বাসভূমিৰ মাজেৰেই ৰাস্তা নির্মাণ, ৰেলপথ নির্মাণ, বিদ্যুৎ পৰিবাহী তাঁৰৰ ব্যৱস্থা ইত্যাদিৰ বাবে প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰাৰ লগতে এইসমূহে বন্যপ্ৰাণীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় জৈৱ বৈচিত্ৰ্যাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।
  6. ইয়াৰ উপৰিও যান-বাহনৰ শব্দ, ধোঁৱা, উদ্যোগ ক্ষেত্ৰত ব্যৱহৃত ৰসায়নিক ব্ৰব্যৰ অৱশিষ্ট পেলনীয়া অংশ, কীট নাশক দ্ৰব্যৰ ব্যৱহাৰ আদিৰ ফলতো জৈৱ বৈচিত্ৰ্যৰ অৱনতি ঘটিছে আৰু জৈৱ বৈচিত্ৰ্য্যৰ প্ৰতি ব্যাপক ভাবুকিৰ সৃষ্টি কৰিছে।

 প্রশ্ন ৭ঃ জীববৈচিত্ৰ্যাৰ প্ৰতি বিভিন্ন ভাবুকি আৰু ইয়াৰ সংৰক্ষণ সম্পর্কে ব্যাখ্যা কৰক। 

উত্তৰ: জীৱবৈচিত্ৰ্যৰ প্ৰতি বিভিন্ন ভাবুকি সম্পর্কে তলত আলোচনা কৰা হ’ল 

(১) বাসস্থান ক্ষতি ঃ 

বাসস্থানৰ ক্ষতিয়ে জীৱবৈচিত্ৰ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। বাসস্থান নাই মানে জীরও নাই। জনসংখ্যা বিস্ফোৰণ আৰু মানুহৰ বিভিন্ন কার্যকলাপেই বন্য প্ৰাণীৰ বাসস্থানৰ ক্ষতিৰ বাবে দায়ী। ইয়াৰ পৰিণতি স্বৰূপে, কিছু প্ৰজাতিৰ প্ৰাণীয়ে বাসস্থান সলনি কৰে, কিছু প্রজাতি পৰভক্ষণৰ বশবর্তী হৈছে আৰু কিছু প্ৰজাতিয়ে ক্ষুধাৰ তাড়নাত পৰি মৃত্যুক সাৱতি ল’ব লগা হৈছে।

 (২) বন্য জীৱৰ চোৰাং চিকাৰঃ 

মাংস, ছাল, শিং, নোম, চর্বি, খড়গ, হাড়, দাঁত আদি শৰীৰৰ বিভিন্ন অংগৰ বাবে বন্য প্রাণীসমূহ মানুহৰ চিকাৰ হয়। ঔষধ, সুগন্ধি দ্রব্য, মাংস, গহনা আৰু বস্তু আদিৰ দৰে নিজৰ প্ৰয়োজন পূৰাবলৈ বন্য প্ৰাণীৰ চোৰাং চিকাৰ কৰিবলৈ লৈছে। যাৰ ফলত বহুতো জীৱ প্ৰজাতিৰ সংখ্যা উদ্বেগজনকভাবে হ্রাস পাবলৈ ধৰিছে।

 (৩) জৈৱস্বত্ব হৰণঃ 

জৈৱস্বত্ত্‌ৰণ হ’ল যিকোনো এখন দেশৰ বা ঠাইৰ সম্পদৰ সংগ্ৰহ কাৰ্য আৰু পৰৱৰ্তী পৰ্যায়ত এই সামগ্ৰীসমূহৰ বিজ্ঞাপন প্ৰচাৰ। পৃথিৱীৰ উন্নত দেশসমূহৰ বিজ্ঞানী আৰু উদ্যোগিক ব্যক্তিসকলে অনীতিগতভাবে জীৱবৈচিত্ৰ্যত চহকী দেশৰ স্থানীয় বাসিন্দাসকলৰ পৰা জৈৱ বস্তুবোৰ আৰু তাৰ বিষয়ে থকা জ্ঞান আহৰণ কৰে আৰু শেষত এই সামগ্ৰী আৰু তথ্যৰ তেওঁলোকে বিজ্ঞাপন প্ৰচাৰ কৰি নিজৰ আৱিষ্কাৰ বুলি দাবী উত্থাপন কৰে। এইদৰে মিছা বিজ্ঞাপনেৰে তেওঁলোকে সামগ্ৰীবিধৰ ব্যৱসায় বাণিজ্য কৰাৰ সম্পূর্ণ অধিকাৰ লাভ কৰে। 

(৪) মানুহ আৰু বন্য জন্তুৰ সংঘাতঃ 

জনসংখ্যা বিস্ফোৰণ, মানুহৰ বাসস্থানৰ সম্প্ৰসাৰণস কৃষি ভূমিৰ সম্প্ৰসাৰণ, অৰণ্যৰ পৰা কাঠ, ইন্ধন লুণ্ঠন আদি কাৰ্যসমূহে মানুহ আৰু বন্য প্রাণীৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে। এই সংঘাতৰ ফলত বন্য প্ৰাণীৰ লগতে মানুহৰো ক্ষতি হৈছে। অসমত এনে হাতী আৰু মানুহৰ সংঘাতৰ ফলত যোৱা দশকত কেৱল শোণিতপুৰ জিলাতে ১০০ জনতকৈও অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৯০ টাতকৈ অধিক হাতীৰ মৃত্যু হৈছে। 

জীৱবৈচিত্ৰ্যৰ সংৰক্ষণঃ 

জীৱবৈচিত্ৰ্যৰ সংৰক্ষণ দুই প্ৰকাৰৰ – অন্তঃস্থান সংৰক্ষণ আৰু বহিঃস্থান সংৰক্ষণ। 

অন্তঃস্থান সংৰক্ষণ : 

জীৱবৈচিত্ৰ্যৰ লগতে তাৰ বাসস্থান আৰু পৰিস্থিতিতন্ত্ৰৰ সংৰক্ষণ পদ্ধতিক অন্তঃস্থান সংৰক্ষণ বোলা হয়। একোটা ভৌগোলিক অঞ্চলৰ জীৱবৈচিত্ৰ্য সংৰক্ষণ কৰিবলৈ এইটো আটাইতকৈ সুবিধাজনক আৰু মুক্তিগত পদ্ধতি। বিপদাগ্রস্থ উদ্ভিদ আৰু জন্তুৰ প্ৰজাতিৰ অন্তঃস্থান সংৰক্ষণৰ বাবে সংৰক্ষিত অঞ্চলৰ ধাৰণা সৃষ্টি হৈছিল। IUCN এ বিভিন্ন ধৰণৰ পৰিচালনা নীতিৰ আধাৰত সংৰক্ষিত অঞ্চলক ৮ টা শ্ৰেণীত বিভক্ত কৰিছে। সেইবোৰ হ’ল – – বৈজ্ঞানিক সংৰক্ষিতাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, ৰাষ্ট্ৰীয় প্রতিমূর্তি, বন্যজীৱ অভয়াৰণ্য, সংৰক্ষিত প্রাকৃতিক অঞ্চল, সংৰক্ষিত জীৱমণ্ডল, প্রাকৃতিক জৈৱাঞ্চল আৰু বহু উপযোগী পৰিচালনাৰ অঞ্চল।

 বহিঃস্থান সংৰক্ষণঃ 

বহিঃস্থান সংৰক্ষণ হ’ল স্বাভাৱিক প্ৰাকৃতিক পৰিবেশৰ পৰা আঁতৰত আন কোনো অঞ্চলত জৈৱিক সম্পদৰ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰি কিছুমান উদ্ভিদৰ সংৰক্ষণৰ বাবে উদ্ভিদ বাগিচা বা জীৱ-জন্তুৰ বাবে বন্যপ্রাণী উদ্যান গঠন কৰা কাৰ্য। প্ৰজাতিৰ বংশ বৃদ্ধিৰ বাবে এই বাগিচা আৰু উদ্যানবোৰক কৃত্ৰিমভাৱে পৰিচালনা কৰা হয়। পর্যবেক্ষণঅৱস্থাত কোনো প্রজাতিয় জীৱৰ জিন সংৰক্ষণৰ এয়া হ’ল পৰীক্ষামূলক অনুসিদ্ধান্ত। এই ব্যৱস্থা ব্যয় বহুল যদিও ভৱিষ্যত প্ৰজনন কাৰ্যসূচীত ব্যৱহাৰ কৰিব পৰাকৈ কোনো প্ৰজাতিৰ জিনীয় ভিন্নতাক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ই সুন্দৰ সুযোগ আগবঢ়ায়।

 প্রশ্ন ৮ : জৈৱবৈচিত্ৰ্যৰ মূল্যসমূহ কি কি? 

উত্তৰঃ মানুহে পোনপটীয়াকৈ জীৱবৈচিত্ৰ্যৰ পৰা যিবোৰ খাদ্য, ইন্ধন, ঔষ আৰু নানা ধৰণৰ সুবিধা লাভ কৰে সেইবোৰক জীৱবৈচিত্ৰ্যাৰ উপভোগমূলক মূল্য শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়। সকলোবোৰ প্ৰাকৃতিক সম্পদৰে উপভোগমূলক মূল্য থাকে আৰু এইবোৰ কোনো বাণিজ্য বা বজাৰৰ লগত সম্পর্ক নথকা আঞ্চলিক বাসিন্দাসকলে পোনপটীয়াভাৱে ব্যৱহাৰ কৰে। অৰণ্য বাসিন্দা আৰু মাছুৱৈসকলে জীৱন নিৰ্বাহৰ বাবে সম্পূর্ণভাৱে প্ৰাকৃতিক সম্পদৰ ওপৰত নির্ভৰশীল হয়। 

উপভোক্তা মূল্যৰ বিপৰীতে সামাজিক মূল্য, নীতিগত মূল্য, সৌন্দৰ্যমূলক মূল্য, অস্তিত্বৰ মূল্য আদিক অনাউপভোগমূলক মূল্যায়নৰ অন্তৰ্গত কৰিব পাৰি।

 নীতিগত মূল্য ঃ

 প্রাচীন পৰম্পৰাগত সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসৰ ফলত নন্দনকাননক বহুলোকে এতিয়াও প্রাচীন সংস্কৃতি তথা ঐতিহ্যৰ অংশ বুলি গণ্য। কৰে। এইবোৰৰ প্ৰায়েই অক্ষত বন্য জাতি। তেওঁলোকে কোনো এটা অঞ্চলৰ স্থানীয় আৰু দুষ্প্ৰাপ্য শ্ৰেণীৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীক আশ্রয় প্রদান কৰে। এইদৰে স্থানীয়ভাৱে সুৰক্ষা দিয়া বন্যভূমিয়ে আর্থিক মূল্য থকা বহু সংখ্যক ঔষধ আৰু উদ্ভিদৰ সংৰক্ষণ কৰে। 

সৌন্দর্যবোধৰ মূল্য ঃ 

জীববৈচিত্র্য হ’ল প্ৰকৃতিৰ সৌন্দৰ্যৰ এটি দিশ। সাম্প্ৰতিক সময়ত জীৱবৈচিত্ৰ্যৰে সমৃদ্ধ অঞ্চলসমূহত আৰম্ভ হোৱা পৰিবেশানুকূল পর্যটনে মানুহক যথেষ্ট আকৰ্ষিত কৰিছে।

 অস্তিত্বৰ মূল্য ঃ 

কোনো এটা এলেকাত জীৱবৈচিত্ৰক সুৰক্ষা দিয়াৰ বাবেই অস্তিত্বৰ মূল্যৰ কথা বিবেচনা কৰা হয়। কিছুমান আপুৰুগীয়া জন্তু, যেনে – গড়, সোণালী বান্দৰ আৰু পৰিশ্ৰমী চৰাই আদিক সংৰক্ষণ কৰাৰ বাবে বিভিন্ন ব্যক্তি, সংগঠন আৰু চৰকাৰে আৰ্থিক অৱদান আগবঢ়ায়। 

প্রশ্ন ৯ঃ বনাঞ্চল উচ্ছেদৰ কাৰণসমূহ উল্লেখ কৰি ইবিলাকৰ ৰোধ কৰাৰ বাবে উপযুক্ত পৰামৰ্শ আগবঢ়োৱা।

 উত্তৰ: বনাঞ্চল উচ্ছেদৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল— 

  1. ঔদ্যোগিকৰণ সম্প্ৰসাৰণৰ বাবে মানুহে গছ-গছনি কটাৰ ফলত বনাঞ্চলসমূহ ধ্বংসপ্রাপ্ত হৈছে। 
  2. বৰ্দ্ধিত জনসংখ্যাৰ ফলশ্ৰুতিত মানুহৰ বাবে বাসভূমি আৰু কৃষিভূমিৰ প্রয়োজন হোৱাৰ ফলত কৃষি আৰু বসতিৰ বাবে বনাঞ্চল ধ্বংস কৰি সেই ঠাই খেতি কৰিবলৈ আৰু বসবাস কৰিবলৈ লোৱাৰ ফলত বনাঞ্চলসমূহ ধ্বংসমুখত পৰিব লগীয়া হৈছে। 
  3. ব্যাপক হাৰত বৃদ্ধি পোৱা নগৰীকৰণৰ সম্প্ৰসাৰণো বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া। 
  4. মানুহৰ দৈনন্দিন অভাৱ পূৰণ বাবেও বনাঞ্চল ধ্বংসৰ কার্যও অব্যাহত আছে। 
  5. চোৰাং ব্যৱসায়ী, অধিক লাভৰ আকাংখ্যাও মানুহে বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া।
  6. দৰিদ্ৰতা, আমদায়ক আচবাব আৰু বিলাসী সামগ্ৰী আদিৰ চাহিদা বৃদ্ধিৰ কাৰণেও বনাঞ্চল উচ্ছেদ হোৱা দেখা যায়। 
  7. পথ নিৰ্মাণৰ বাবে বাবে মানুহে গছ-গছনি কটাৰ ফলত বনাঞ্চলসমূহ উচ্ছেদ কৰা হয় ।
  8. নদী বান্ধৰ বাবেও মানুহেব বনাঞ্চল উচ্ছেদ কৰা দেখা যায়।
  9. চৰকাৰী নীতিৰ বিফলতা আদিও বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া। 
  10. উদ্যোগৰ কেঁচামালৰ চাহিদা পূৰণৰ অৰ্থে আৰু বনজ সম্পদৰ চৰকাৰী ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব অব্যাহত থকাৰ বাবেও বনাঞ্চল ধ্বংসৰ কাৰ্যও অব্যাহত আছে। 

বনাঞ্চল উচ্ছেদ ৰোধ কৰাৰ বাবে তলৰ পৰামৰ্শসমূহ আগবঢ়োৱা হ’ল— 

  1. বনাঞ্চলৰ গছ-গছনি কটাটো নিষিদ্ধ কৰিবলৈ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 
  2. জনসাধাৰণৰ মাজত বনাঞ্চল সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব লাগিব।
  3. বনজ সম্পদ সংৰক্ষণ সম্পৰ্কীয় বিধি-ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব।
  4. বনাঞ্চল উচ্ছেদ ৰোধ কৰাৰ বাবে কোনো এটা অঞ্চলৰ স্থানীয় স্বেচ্ছাসেৱা সংস্থাসমূহক দায়িত্ব আৰোপ কৰাৰ লগতে প্ৰয়োজনীয় সাহায্য আগবঢ়াব লাগিব।
  5. বিভিন্ন তর্ক সভা, আলোচনা চক্র, জনপ্রিয় পুস্তিকা বিতৰণ, পাঠ্যপুথি ৰচনা ইত্যাদিৰ ব্যৱস্থা কৰিব লাগে।
  6. বনাঞ্চল উচ্ছেদ ৰোধ কৰাৰ বাবে বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল দৰিদ্ৰ লোকসকলক জীৱিকাৰ বিকল্প পথৰ সন্ধান দিব লাগিব।
  7. বনজ সম্পদৰ ওপৰত আৰোপ কৰা চৰকাৰী ৰাজহ সংগ্ৰহৰ গুৰুত্ব কমাব লাগিব।

 প্রশ্ন ১০ঃ জীব বৈচিত্র্য মানে কি? জীৱ বৈচিত্ৰ্যৰ বিলুপ্তিৰ কাৰণসমূহ কি কি?

 উত্তৰ: জীৱ বৈচিত্ৰ্য বুলিলে নিৰ্দ্দিষ্ট এটুকুৰা ঠাইত বা অঞ্চলত স্বাভাৱিক অৱস্থাত বাস কৰা ভিন্ন প্ৰকাৰৰ জীৱৰ সমষ্টিক বুজায়। UNESCO যে আগবঢ়োৱা সংজ্ঞা অনুসৰি, জীৱবৈচিত্ৰ্যৰ হ’ল স্থল। সমুদ্ৰ আৰু আন বিভিন্ন পৰিস্থিতিতন্ত্ৰৰ থকা জীৱৰ সমষ্টিৰ ভিন্নতা, যিবোৰ জটিল জৈৱ পৰিস্থিতি একো একোটা অংশ। 

জীৱবৈচিত্ৰ্য বিলুপ্তিৰ কাৰণ : 

জীৱবৈচিত্ৰ্যাৰ বিলুপ্তিৰ বাবে মানুহেই প্ৰধানকৈ দায়ী। প্রাকৃতিক সম্পদসমূহ লুণ্ঠন কৰি, বনানিসমূহ ধ্বংসৰ মুখলৈ ঠেলি নিজৰ প্রয়োজন পূৰণ কৰিছে। ইয়াৰ ফলত বহুতো মূল্যৱান প্ৰজাতি আৰু সেইবোৰৰ বাসস্থানো নিঃশেষ হৈ গৈছে। জনসংখ্যা বিস্ফোৰণৰ লগে লগে মানুহৰ বিভিন্ন প্রয়োজন যেনে— আহাৰ, কাপোৰ, বাসস্থান, ইন্ধন আদিৰ প্ৰয়োজনৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে। যাৰ ফলস্বৰূপে, প্রাকৃতিক সম্পদৰ ওপৰত বেছিকৈ চাপ পৰিছে। প্ৰাকৃতিক সম্পদৰ অত্যাধিক আহৰণ, বাসস্থান ক্ষতি আৰু প্ৰদূষণে দ্ৰুত গতিত পৰিবেশ ধ্বংস কৰাৰ লগতে জীৱবৈচিত্র্য ধ্বংসত প্ৰভাৱ পেলাইছে।। জৈৱ বৈচিত্র্য ধ্বংসৰ প্ৰধান কারণসমূহ তলত আলোচনা কৰা হ’ল

 (১) বাসস্থান ক্ষতি ঃ 

বাসস্থান ধ্বংস জীৱবৈচিত্ৰ্যৰ ধ্বংসৰ প্ৰধান কাৰণ। বাসস্থান নাই মানে জীৱও নাই। জনসংখ্যা বিস্ফোৰণ আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপেই ইয়াৰ বাবে প্ৰধানকৈ দায়ী। ইয়াৰ পৰিণতি স্বৰূপে কিছু প্ৰজাতিয়ে | বাসস্থান সলনি কৰিছে। কিছু সংখ্যক গৰভক্ষণৰ বশৱৰ্তী হৈছে আৰু কিছু সংখ্যক ক্ষুধাৰ তাড়নাত থাকি শেষত মৃত্যুক সাৱতি ল’ব লগা হৈছে। উদাহৰণস্বৰূপে, বনানি ধ্বংসৰ ফলত অসমত ফ্ল বিজ্ঞান আৰু নল গাহৰিৰ প্ৰজাতি বিলুি ফলত।

 (২) বন্য জীৱৰ চোৰাং চিকাৰীঃ 

মাংস, নোম, শিং, চর্ম, শুৰ, বড়, চ দাঁত, হাড় আদি শৰীৰৰ অংগসমূহৰ বাবে বন প্রাণীবোৰ চিকাৰৰ বলি হয়। মাংস, ঔষধ, সুগন্ধি দ্রব্য, গহনা আদিৰ ব্যৱসায়ৰ বাবে চোৰাং চিকাৰীয়ে বন্য প্ৰাণীৰ চিকাৰ কৰি জীৱবৈচিত্ৰ্য্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। 

(৩) জৈৱ স্বত্বহৰণ :

 জৈৱহৃত্ হল কোনো এখন দেশৰ বা ঠাইৰ জৈৱ সম্পদৰ সংগ্ৰহকাৰ্য আৰু পৰৱৰ্তী পৰ্যায়ত এই সামগ্ৰীসমূহৰ বিজ্ঞাপন প্ৰচাৰ। পৃথিৱীৰ উন্নত দেশসমূহৰ বিজ্ঞানী আৰু ঔদ্যোগিক ব্যক্তিসকলে অনীতিগতভাৱে জীববৈচিত্র্যত চহকী দেশৰ স্থানীয় বাসিন্দাসকলৰ পৰা জৈৱ বস্তুবোৰ আৰু তাৰ বিষয়ে থকা জ্ঞান আহৰণ কৰে আৰু শেষত সেই সামগ্ৰী আৰু তথ্যৰ তেওঁলোকে বিজ্ঞাপন প্ৰচাৰ কৰি নিজৰ আৱিষ্কাৰ বুলি দাবী উত্থাপন কৰে। এইদৰে মিছা বিজ্ঞাপনেৰে সামগ্ৰীসমূহৰ ব্যৱসায়-বাণিজ্য কৰাৰ সম্পূৰ্ণ অধিকাৰ লাভ কৰে

 (৪) মানুহ আৰু বন্য জন্তুৰ সংঘাত ঃ

 মানুহৰ অৱস্থিতিৰ বাবেই মানুহ আৰু বন্য প্রাণীৰ মাজত সংঘাত সৃষ্টি হৈছে। মানুহে কৰা জীৱ-জন্তুবোৰৰ বাসস্থান ধ্বংস আৰু বন্যভূমিৰ সংকোচনৰ ফলত এই সংঘাতে দেখা দিছে। যাৰ ফলত অন্যান্য জীৱ-জন্তুৰ লগতে মানুহৰো বহুতো ক্ষতি হৈছে। জনসংখ্যাৰ বিস্ফো মানুহৰ বাসস্থানৰ সম্প্ৰসাৰণ, কৃষিভূমিৰ সম্প্ৰসাৰণ, অৰণাৰ পৰা হৰি, ইছন তথা অন্যান্য সম্পদ লুণ্ঠনে এই সংঘাতত অৰিহণা যোগাইছে।

 প্রশ্ন ১১ : জীব বৈচিত্ৰ্যৰ উপভোগমূলক আৰু আন উপভোগমূলক মূল্যায়ন’কি?

 উত্তৰঃ মানুহে পোনপটীয়াকৈ জীৱবৈচিত্ৰ্যৰ পৰা যিবোৰ খাদ্য, ইন্ধন, ঔষধ আৰু নানা ধৰণৰ সুবিধা লাভ কৰে সেইবোৰক জীৱবৈচিত্ৰ্যৰ উপভোগমূলক মূল্য শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়। সকলোবোৰ প্ৰাকৃতিক সম্পদৰে উপভোগমূলক মূল্য থাকে আৰু এইবোৰ কোনো বাণিজ্য বা বজাৰৰ লগত সম্পৰ্ক নথকা আঞ্চলিক বাসিন্দাসকলে পোনপটীয়াভাৱে ব্যৱহাৰ কৰে। অৰণ্য বাসিন্দা আৰু মাছুৱৈসকলে জীৱন নিৰ্বাহৰ বাবে সম্পূর্ণভাৱে প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল হয়। 

উপভোক্তা মূল্যৰ বিপৰীতে সামাজিক মূল্য, নীতিগত মূল্য, সৌন্দর্যমূলক মূল্য, অস্তিত্বৰ মূল্য আদিক অন্যউপভোগমূলক মূল্যায়নৰ অন্তৰ্গত কৰিব পাৰি। 

নীতিগত মূল্য ঃ 

প্রাচীন পৰম্পৰাগত সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসৰ ফলত নন্দনকাননক বহুলোকে এতিয়াও প্রাচীন সংস্কৃতি তথা ঐতিহ্যৰ অংশ বুলি গণ্য কৰে। এইবোৰৰ প্ৰায়েই অক্ষত বন্য জাতি। তেওঁলোকে কোনো এটা অঞ্চলৰ স্থানীয় আৰু দুষ্প্ৰাপ্য শ্ৰেণীৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীক আশ্রয় প্রদান। কৰে। এইদৰে স্থানীয়ভাৱে সুৰক্ষা দিয়া বন্যভূমিয়ে আর্থিক মূল্য থকা বহু সংখ্যক ঔষধ আৰু উদ্ভিদৰ সংৰক্ষণ কৰে। 

সৌন্দর্যবোধৰ মূল্য ঃ 

জীববৈচিত্র্য হ’ল প্ৰকৃতিৰ সৌন্দৰ্যৰ এটি দিশ। সাম্প্ৰতিক সময়ত জীৱবৈচিত্ৰ্যৰে সমৃদ্ধ অঞ্চলসমূহত আৰম্ভ হোৱা পৰিবেশানুকূল পর্যটনে মানুহক যথেষ্ট আকৰ্ষিত কৰিছে। অস্তিত্বৰ মূল্য ঃ কোনো এটা এলেকাত জীৱবৈচিত্ৰক সুৰক্ষা দিয়াৰ বাবেই অস্তিত্বৰ মূল্যৰ কথা বিবেচনা কৰা হয়। কিছুমান আপুৰুগীয়া জন্তু, যেনে গড়, সোণালী বান্দৰ আৰু পৰিশ্ৰমী চৰাই আদিক সংৰক্ষণ কৰাৰ বাবে বিভিন্ন ব্যক্তি, সংগঠন আৰু চৰকাৰে আৰ্থিক অৱদান আগবঢ়ায়।

This Post Has 3 Comments

Leave a Reply