NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-1 পৰিবেশৰ ধাৰণা

NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-1 পৰিবেশৰ ধাৰণা মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-1 পৰিবেশৰ ধাৰণা

NIOS| Class-12 Environmental Science (EVS) Notes/Answer Chapter-1 পৰিবেশৰ ধাৰণা

পৰিবেশৰ ধাৰণা

অধ্যায়১

 পাঠভিত্তিক আৰু অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰ 

অতি চমু প্রশ্নোত্তৰ ” প্ৰতিটোত ১/২ নম্বৰকৈ 

প্রশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া ঃ

 (ক) পানীৰ মূল উৎস কি? 

উত্তৰ : সাগৰ আৰু মহাসাগৰ। 

(খ) বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা আটাইতকৈ বেছি?

 উত্তৰঃ থার্ম’স্ফিয়াৰ বা তাপমণ্ডলত।

 (গ) মানৱ প্ৰজাতি ক’ৰ পৰা সৃষ্টি হোৱা বুলি অনুমান কৰা হয়?

 উত্তৰ : বান্দৰ জাতীয় বন মানুহৰপৰা।

 (ঘ) বায়ুৰ কোনবিধ উপাদানে প্ৰাণীৰ কলা গঠনত অংশ লয় ?

 উত্তরঃ নাইট্ৰ’জেনে। 

(ঙ) উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণ প্ৰণালীটোক কি বোলে? 

উত্তৰ: সালোক সংশ্লেষণ।

 (চ) সালোক সংশ্লেষণৰ সময়ত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো উল্লেখ কৰা। 

উত্তৰঃ সূৰ্যৰ পোহৰ কার্বন-ডাই-অক্সাইড + পানী শ্বেতসাৰ + অক্সিজেন হৰিৎকণা

(ছ) পুৰণি সভ্যতাবোৰ ক’ত গঢ়ি উঠিছিল ? 

উত্তৰ: নৈৰ পাৰত।

 (জ) বায়ু, পানী আৰু মাটিক লৈ গঢ়ি উঠা বাতাবৰণটোক কি বোলে?

 উত্তৰঃ পৰিবেশ। 

(ঝ) পৰিবেশৰ প্ৰধান উপাদানটো কি?

 উত্তৰঃ বায়ু। 

(ট) অ’জন স্তৰত কুপ্ৰভাৱ পেলোৱা এবিধ প্ৰদূষকৰ নাম লিখা। 

উত্তৰঃ ক্ল’ৰ’ফ্ল’ৰ’ কার্বন (CFC)। 

চমু প্রশ্নোত্তৰ প্ৰতিটোত ৩/৪ নম্বৰকৈ 

প্রশ্ন ১ঃ পৰিবেশৰ বিভিন্ন উপাদানবোৰ কি কি ? 

উত্তৰ ঃ পৰিবেশৰ বিভিন্ন উপাদানসমূহ হ’ল 

(i) অজৈৱিক উপাদান

(ii) জৈৱিক উপাদান 

(iii) শক্তি উপাদান 

অজৈৱিক অথবা ভৌতিক পৰিবেশক তিনিটা বৰ্গত ভাগ কৰিব পাৰি –

 (i) ভূমণ্ডল (কঠিন) 

(ii) জলমণ্ডল (তবল) 

(iii) বায়ুমণ্ডল (গেছ) 

জৈৱিক উপাদানসমূহ মানৱ জাতিকে ধৰি উদ্ভিদ আৰু প্ৰাণীকূলক লৈ গঠিত। শক্তি উপাদানসমূহ হৈছে, সৌৰশক্তি, ভূতাপ শক্তি, জল বৈদ্যুতিক শক্তি, পাৰমাণৱিক শক্তি ইত্যাদি। 

প্রশ্ন ২ : পৰিবেশ কি? 

উত্তৰ : আমি থকা পৃথিৱীখনত মুঠতে জৈৱ আৰু অজৈৱ পদার্থ থাকে। উদ্ভিদ আৰু প্ৰাণীক একেলগে জৈৱজগত বোলে। আনহাতে পানী, বায়ু আৰু মাটিৰ দ্বাৰা অজৈৱ জগত সৃষ্টি হয়। পানী, বায়ু আৰু মাটিৰ মাজৰ লগতে প্রাণীজক বিশেষকৈ মানুহৰ লগত থকা আন্তঃসম্বন্ধই হ’ল পৰিবেশ। ভৌতিক আৰু জৈৱিক (surrounding) কেই পৰিবেশৰ ভিতৰত ধৰা হয়। 

প্রশ্ন ৩ঃ পৰিবেশৰ ভৌতিক উপাদান বুলিলে কি বুজা? “

উত্তৰ  ভৌতিক উপাদান কেইবিধৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীত জীৱকূল জীয়াই উত্তৰ পৰিবেশৰ ভৌতিক উপাদানসমূহ হ’ল বায়ু, পানী আৰু মাটি। এই আছে। এই উপাদানবিলাকে প্রাণী আৰু উদ্ভিদৰ উৎপত্তি, জীৱন ধাৰণ প্ৰক্ৰিয়া, বংশবৃদ্ধি আৰু শ্ৰীবৃদ্ধিত সহায় কৰে। বায়ু মাটি, পানী অবিহনে পৃথিৱীত পৰিবেশ। সৃষ্টি সম্ভৱ নহ’লহেঁতেন। পৃথিৱীৰ পৰিবেশ জীৱৰ বাসোপযোগী কৰি ৰখাত এই উপাদানকেইটাৰ অৱদান অপৰিহাৰ্য। পৃথিৱীৰ পৰিবেশ বজাই ৰখাত আন কেইবিধমান উপাদানৰ অৱদান উলংঘা কৰিব নোৱাৰি। সেইবোৰ হ’ল-সূর্য আৰু সূৰ্যৰ পোহৰ, উষ্ণতা, মাধ্যাকর্ষণ শক্তি, জুই আৰু বায়ুৰ চাপ ইত্যাদি।

 প্রশ্ন ৪ঃ পৰিবেশৰ বিভিন্ন অংশবোৰ কি কি? 

উত্তৰ ঃ পৰিবেশৰ বিভিন্ন অংশসমূহ হ’ল 

  1.  এটম ‘স্ফিয়্যাৰ বা বায়ুমণ্ডল
  2.  হাইড্ৰ স্ফিয়্যাৰ বা জলমণ্ডল 
  3. লিথ স্ফিয়্যাৰ বা ভূমণ্ডল 
  4.  বায় স্ফিয়্যাৰ বা জীৱমণ্ডল

 প্রশ্ন ৫ : ‘বায়ু অবিহনে প্রাণী আৰু উদ্ভিদ জীয়াই থাকিব নোৱাৰে। বহলাই লিখা। 

উত্তৰ : পৃথিৱীত আৱৰি থকা গেছীয় আৱৰণটোৱেই হ’ল বায়ু। এই বায়ু আমাৰ অতি প্ৰয়োজনীয়। বায়ু অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। প্রাণীয়ে বায়ুত থকা অক্সিজেন গ্রহণ কৰি জীয়াই থাকে। মাটিৰ ওপৰত থকা আৰু পানীত থকা প্ৰাণীয়েও বায়ুমণ্ডলৰপৰাই অক্সিজেন আহৰণ কৰে। অক্সিজেন হৈছে প্ৰাণীৰ জীৱন-দায়িনী উপাদান। সেইদৰে নাইট্ৰ’জেনে প্ৰাণীৰ কলা গঠনত অৰিহণা যোগায়। প্ৰ’টিনযুক্ত খাদ্য প্ৰস্তুত কৰাৰ বাবে নাইট্ৰ’জেনৰ প্ৰয়োজন অপৰিহাৰ্য। আকৌ বায়ুৰ এঙাৰ গেছ উদ্ভিদে খাদ্য প্ৰস্তুতকৰণ প্ৰক্ৰিয়া সালোক সংশ্লেষণত ব্যৱহাৰ কৰে। গতিকে দেখা গ’ল যে বায়ু অবিহনে উদ্ভিদ আৰু প্রাণী জীয়াই থাকিব নোৱাৰে। 

প্রশ্ন ৬ঃ পৰিবেশ শিক্ষাৰ মৌলিক নীতিসমূহ উল্লেখ কৰা।

 উত্তৰঃ পৰিবেশ শিক্ষাৰ মৌলিক নীতিসমূহ হল_

  1.  শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ আন্তঃসম্পর্কত গুৰুত্ব।
  2. সামগ্রিকভাবে পৰিবেশক বিবেচনা কৰা। 
  3. নিৰন্তৰ শিক্ষা, প্রাক স্কুল পৰ্যায়ৰ পৰা আৰম্ভণি আৰু সকলো আনুষ্ঠানিক আৰু অনানুষ্ঠানিক পৰ্য্যায় জুৰি অব্যাহত ৰখা।
  4. স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক দৃষ্টিভঙ্গীৰ পৰা ঘাই ঘাই পৰিবেশ সংক্রান্ত বিষয়বোৰ সমালোচনামূলক দৃষ্টিৰে পৰীক্ষা কৰা। 
  5. বৰ্তমান আৰু ভৱিষ্যৎ পৰিবেশৰ প্রৱণতা আৰু অৱস্থাৰ বিষয়ে অধ্যয়ন চলোৱা। 
  6. পৰিবেশৰ সমস্যা সৃষ্টিৰ প্ৰকৃত কাৰণবোৰ আৰু উপসৰ্গবোৰ আৱিষ্কাৰ কৰাত ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰা আৰু সেই মতে পৰিকল্পনা কৰা। 
  7. চূড়ান্ত পৰ্য্যায়ত পৰিবেশ সমস্যাবোৰৰ সমাধানৰ কাৰণে স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজনীয়তা আৰু মূল্যবোধক জগাই তোলাৰ বাবে গুৰুত্ব প্রদান কৰা। 

প্রশ্ন ৭: পানীৰ বিশুদ্ধতা সম্পর্কে এটা টোকা লিখা।

 উত্তৰঃ ভূ-পৃষ্ঠৰ তিনি ভাগৰ দুই অংশই পানীৰে আবৰা যদিও বিশুদ্ধ পানীৰ পৰিমাণ খুব কম। বৰ্দ্ধিত জনসংখ্যাৰ বাবে বিশুদ্ধ পানী আৰু বাসস্থান দুয়োটাবে চাহিদা বৃদ্ধি হৈছে। জনবিস্ফোৰণৰ বাবে প্ৰাকৃতিক পৰিবেশ ধ্বংস কৰি বাসস্থান সাজিব লগীয়া হোৱা বাবে বনাঞ্চল কমি আহিছে। ফলত বতৰৰ তাৰতম্য হৈ অনাবৃষ্টিৰ সৃষ্টি হৈছে। ইফালে ঔদ্যোগিক কামৰ বাবে পানীৰ ব্যৱহাৰ বৃদ্ধি হৈছে। দ্রুত ঔদ্যোগিকৰণে পানীৰ উৎসসমূহত প্ৰচণ্ড প্ৰভাৱ পেলাইছে। নগৰ-চহৰ তথা ঔদ্যোগিক পেলনীয়া বস্তুবোৰে পানীত মিহলি হৈ পানীৰ বিশুদ্ধ নষ্ট কৰিছে। 

সমূদ্ৰগৰ্ভৰ পৰা খাৰুৱা তেল উদ্ঘাটন কৰাৰ ফলত খাৰুৱা তেলৰ পৰিত্যক্ত অংশ সাগৰৰ পানীৰ সৈতে মিহলি হৈ পানী দূষিত কৰিছে। বিশুদ্ধ পানীৰ অভাৱত সমগ্ৰ জীৱজগত সংকটময় অবস্থা আহিব। সেয়েহে পানীৰ বিশুদ্ধতা ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। 

প্রশ্ন ৮ঃ কেনেদৰে মাটিৰ গুণাগুণ নষ্ট হয়? 

উত্তৰ ঃ প্ৰাকৃতিক দুৰ্যোগ, যেনে— ভূমিকম্প, আগ্নেয়গিৰি, ঘূর্ণিবতাহ, ভূমিস্খলন, গৰাখহনীয়া, বানপানী আদিয়ে মাটিৰ স্বাভাৱিক গুণ নষ্ট কৰে। জনসংখ্যা বিস্ফোৰণৰ ফলত হাবি-বননি, গছ-গছনি কাটি বাসস্থানৰ বাবে ঠাই মুকলি কৰা বাবে পৃথিৱীত বতৰৰ পৰিৱৰ্তন হ’ব ধৰিছে। কেতিয়াবা আবৰীয়া অতিবৃদ্ধি হৈছে। কেতিয়াবা খৰাং বতৰ হৈছে। ফলত মাটিৰ ওপৰত প্ৰদুষণৰ মাত্ৰা দিনক দিনে বৃদ্ধি হৈছে। 

পৰ্বত-পাহাৰ কাটি বৃহৎ উদ্যোগ গঢ়ি উঠিছে। ফলত মাটিৰ লগত মিহলি হৈ থকা জৈৱিক পদাৰ্থ আৰু জীৱাণু ধ্বংস হৈছে। মাটিৰ গুণাগুণ এনেদৰে কমি গৈছে। 

Content Environmental science

Sl. No.Chapter NameLink
Chapter 1পৰিবেশৰ ধাৰণাClick Here
Chapter 2বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা আৰু সমস্যাClick Here
Chapter 3পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱClick Here
Chapter 4সমসাময়িক পাৰিৱেশিক সমস্যাসমূহClick Here
Chapter 5পাৰিবেশিক সংৰক্ষণClick Here
Chapter 6বহনক্ষম উন্নয়নClick Here
Chapter 7পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱClick Here
Chapter 8 (ক)সমসাময়িক পাৰিৱেশিক সমস্যাসমূহClick Here
Chapter 8 (খ)পাৰিবেশিক সংৰক্ষণClick Here

প্রশ্ন ৯ঃ পৰিবেশ শিক্ষা সম্পর্কে তুমি কি বুজিছা ? 

উত্তৰঃ পৰিবেশ শিক্ষা হৈছে পৰিবেশৰ জৰিয়তে, পৰিবেশৰ বিষয়ে আৰু পৰিবেশৰ বাবে গ্ৰহণ কৰা শিক্ষা। পৰিবেশ শিক্ষা হৈছে এনে এক শিক্ষাগত প্ৰক্ৰিয়া যাৰ জৰিয়তে মানুহৰ সৈতে তেওঁলোকৰ প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা পৰিবেশ সম্পর্কে অধ্যয়ন কৰা হয়। ইয়াত সামৰি লোৱা হৈছে জনসংখ্যাব সম্পর্ক, প্ৰদূষণ, সম্পদৰ আৱণ্টন আৰু নিঃশেষ (ক্ষয়), সংৰক্ষণ পৰিবহন প্রযুক্তি আৰু সমগ্ৰ মানৱ পৰিবেশৰ বাবে নগৰাঞ্চল আৰু গ্ৰামীণ পৰিকল্পনাক। পৰিবেশ শিক্ষা হৈছে এনে এক প্রক্রিয়া, যি প্রক্রিয়াই মানুহৰ মাজৰ আন্তঃ সম্পর্ক, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ জৈৱ ভৌতিক পাৰিপাৰ্শ্বিকতাক উপলব্ধি কৰা আৰু মৰ্মবস্তুক বুজাৰ বাবে দক্ষতা অর্জন, মনোভাৱ গঠনৰ লক্ষ্যৰে মূল্যবোধক স্বীকৃতি প্ৰদান আৰু ধাৰণাসমূহক ব্যাখ্যা কৰাত সহায় কৰে। 

প্রশ্ন ১০ : বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ উল্লেখ কৰা।

 উত্তৰঃ বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ হ’ল 

প্রধান উপাদন : নাইট্ৰ’জেন, N২

. (78.08%) অক্সিজেন, O2 (20,94% ) : 

লঘু উপাদান :আর্গন, Ar (9.34 x 10 10% ) 

 কার্বন-ডাই-অক্সাইড O, (3.25 × 10% )

 অতি নগণ্য পৰিমাণৰ গেছ:

 নিয়ন, হিলিয়াম, মিথেন, জলীয় বাষ্প, ক্রিপটন, নাইট্ৰাছ অক্সাইড, জেনন, হাইড্ৰ’জেন, ছালফা ডাই অক্সাইড, অজন, এম’নিয়া, কার্বন মন ক্সাইড, নাইট্ৰ’জেন ডাই অক্সাইড আদি। 

প্রশ্ন ১১ঃ ষ্টেট স্ফিয়েৰত থকা অজ’ন গেছৰ স্তৰৰ ভূমিকা কি? 

উত্তৰ ঃ অজনৈ গেছ বিয়পি আছে বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়ৰ অঞ্চলত। এই অজ’ন গেছে আমাৰ বাবে এক গুরুত্বপূর্ণ ভূমিকা পালন কৰে। সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীত জীৱনৰ বাবে এক ৰক্ষা কবচ হিচাপে এই অজ’ন গেছে কাম কৰে।

 প্রশ্ন ১২ : পৰিবেশগত শিক্ষাৰ বহল নীতি-নির্দেশিকাসমূহ কি কি ?

 উত্তৰ ঃ পৰিবেশগত শিক্ষাৰ বহল নীতি-নিৰ্দেশিকাসমূহ হ’ল

  1.  পৰিবেশ আৰু পৰিবেশৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি অনুভূতিশীলতা আৰু সজাগতা।
  2. পৰিবেশ আৰু পৰিবেশৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উপলব্ধি আৰু জ্ঞান অৰ্জন কৰা। 
  3. পৰিবেশৰ বাবে উদ্বেগৰ মনোভাব আৰু পৰিবেশগত গুণমান ৰক্ষা আৰু উন্নত কৰাৰ মানসিকতা।
  4. পৰিবেশগত প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা কাম -কাজত অংশ গ্রহণ। 

ৰচনাধর্মী প্রশ্নোত্তৰ প্ৰতিটোত ৫/৬ নম্বৰকৈ 

প্রশ্ন ১ : পৰিৱেশ অধ্যয়নৰ আৱশ্যকতা সম্পৰ্কে যুক্তি দাঙি ধৰা।

 উত্তৰঃ পৰিৱেশ অধ্যয়নৰ প্ৰয়োজনীয়তাঃ

  1.  সকলো শ্ৰেণীৰ লোকৰ মাজত পৰিবেশ মানেনো কি তাৰ বিষয়ে সাধাৰণভাৱেস্ম্যক জ্ঞানৰ বিস্তাৰ কৰা। 
  2.  ব্যক্তি আৰু সমাজৰ বিভিন্ন গোটসমূহৰ মাজত পৰিৱেশীয় সমস্যা সম্পৰ্কে সজাগ কৰি তোলাৰ লগতে পৰিৱেশ অৱনতি ৰোধ কৰাৰ বাবে আৰু পৰিৱেশ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ ৰূপয়ানৰত জনসাধাৰণৰ সহযোগিতা বৃদ্ধি কৰাত পৰিৱেশ অধ্যয়নে সহায় কৰে।
  3. পৰিৱেশ অধ্যয়নে চৰকাৰী তথা বেচৰকাৰী সংস্থাৰ দ্বাৰা কাৰ্যকৰী কৰা আঁচনিসমূহৰ সপল ৰূপয়ানৰ বাবে ব্যাপক হাৰত পৰিৱেশ সম্পৰ্কীয় ধান ধাৰণা প্ৰচাৰত সহায় কৰে।
  4. পৰিৱেশ অৱনতি ৰোধ আৰু পৰিৱেশ উন্নয়নৰ বাব পৰিৱেশ অধ্যয়নে কলা, বিজ্ঞান আৰু বাণিজ্যৰ মাজত সমন্বয় ৰক্ষা কৰাত উদ্দেশ্য পূৰ্ণত সহায় কৰে। 
  5. পৰিৱেশ অধ্যয়নে ব্যক্তি আৰু সামাজিক গোটসমূহক পৰিৱেশীয় সমস্যা সমাধানৰ ববে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীত সক্ৰিয় অংশ গ্ৰহণৰ বাবে অনুপ্রাণিত কৰে। 
  6. পৰিৱেশ অধ্যয়নৰ জৰিয়তে সমাজৰ প্ৰতিজন ব্যক্তি আৰু সামাজিক গোটসমূহে পৰিৱেশীয় সমস্যা সম্পৰ্কে জ্ঞান আহৰণৰ লগতে পৰিৱেশ সংৰক্ষণৰ বাবে প্রয়োজনীয় জ্ঞান আহৰণত সহায় কৰে। 
  7.  পৰিৱেশ অধ্যয়নে পৰিৱেশীয় সমস্যাসমূহ সমাধান কৰিবৰ বাবে ব্যক্তি আৰু সামাজিক সংস্থাসমূহৰ মাজত পৰিৱেশ নিয়ন্ত্ৰণ আৰু উন্নয়নৰ বাবে প্ৰয়োজনীয় কৌশলৰ বিকাশ সাধন, কৌশল প্রয়োগ আৰু পৰিচালনাৰ নীতি নিৰ্দ্ধাৰণত সহায় কৰে। 
  8. পৰিৱেশ অধ্যয়নে পৰিৱেশ সম্বন্ধীয় বিভিন্ন সমস্যাৰ লগতে জীৱনৰ বিভিন্ন স্তৰৰ সম্বন্ধৰ বিষয়ে বুজাৰ লগতে পৰিৱেশৰ ওপৰত বৰ্দ্ধিত জনসংখ্যাৰ কু-প্ৰভাৱ সম্পৰ্কে বুজি উঠাত সহায় কৰে। 
  9. পৰিৱেশ প্ৰদূষণৰ বিভিন্ন উৎসসমূহ ৰোধ কৰিবৰ বাবে লোৱা আঁচনিত অংশ গ্ৰহণ কৰাৰ বাবে জনজাগৰণৰ সৃষ্টি কৰাত সহায় কৰে।
  10. পৰিৱেশীয় অন্যান্য সমস্যা, জৈৱ প্ৰাকৃতিক পৰিৱেশৰ অৱনতি বিভিন্ন দুৰ্যোগ আদিৰ প্ৰতি জনসাধাৰণক আকৰ্ষিত কৰাৰ লগতে সেই সমূহৰ প্ৰতি ব্যক্তিগত ব্যৱস্থা গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰি তোলে। 

প্রশ্ন ২ : পৰিৱেশ অধ্যয়নৰ উদ্দেশ্যসমূহ লিখা। 

উত্তৰ : পৰিৱেশ অধ্যয়নৰ উদ্দেশ্যসমূহ হ’লঃ

  1.  পৰিৱেশ আৰু ইয়াৰ সমস্যা সম্পৰ্কত ব্যক্তি আৰু সমাজৰ বিভিন্ন গোট সমূহৰ মাজত সজাগতা আৰু সচেতনতাৰ ভাৱ জাগৃত কৰি তোলা।
  2. পৰিৱেশ আৰু মানুহৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰাত ব্যক্তিসকলক সহায় কৰা।
  3. পৰিৱেশ সম্পর্কে প্রাথমিক ও মৌলিক জ্ঞান লাভ কৰাত সহায় কৰা।
  4.  পৰিৱেশৰ প্ৰতি মানুহৰ মনত যোগাত্মক ধাৰণাৰে উদ্বুদ্ধ কৰা।
  5. পৰিৱেশীয় সমস্যা সমূহ সমাধান কৰিবৰ বাবে ব্যক্তিৰ মাজত কৌশলৰ উন্নতি সাধন কৰাৰ লগতে দক্ষতা বৃদ্ধি কৰা ।
  6. পৰিৱেশ সম্পৰ্কীয় সমস্যা সমূহ সমাধানত সক্রিয় অংশগ্ৰহণ কৰিবৰ বাবে সমাজৰ বিভিন্ন গোট সমূহক উৎসাহিত কৰি তোলা।
  7. পৰিৱেশৰ বৈশিষ্ট্য সমূহৰ লগত সম্বন্ধিত সামাজিক মূল্যবোধ সমূহৰ বিষয়ে শিক্ষার্থীসকলক বুজি উঠাত সহায় কৰা।
  8. পৰিৱেশৰ প্ৰতি ব্যক্তিসকলৰ মনত দায়িত্বশীল অনুভূতি জাগৃত কৰি তোলা।
  9. পৰিৱেশীয় সমস্যা সমূহ উপলব্ধি আৰু সমাধানৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তাৰ নিশ্চিতি প্ৰদানৰ গুৰুত্ব বুজি উঠাত সহায় কৰা।
  10. পৰিৱেশীয় সমস্যা সমূহ উপলব্ধি আৰু সমাধানৰ বাবে সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশৰ শিক্ষা প্ৰক্ৰিয়াৰ সহায় লৈ প্রয়োজনীয় উদ্দেশ্য সাধনৰ কাৰণে উপযুক্ত কৌশল ঘটাবৰ বাবে সামর্থ্য আৰু দক্ষতাৰ বিকাশ সাধন কৰা। 
  11. পৰিৱেশ সম্পৰ্কত ব্যক্তি, গোট বা দল আৰু সমাজত সামগ্ৰিক ভাৱে নতুন আচৰণৰ বিকাশ সাধন কৰা। 
  12. পৰিৱেশ সুৰক্ষা আৰু ইয়াৰ উন্নতি সাধন কৰিবৰ বাবে প্ৰতিজন ব্যক্তিকে এই দিশত উপযুক্ত জ্ঞান, মূল্যবোধ, মনোভাৱ, অংগীকাৰ আৰু দক্ষতা লাভৰ বাবে উপযুক্ত সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা।
  13. ব্যক্তিসকলক গাঁও আৰু নগৰৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু জৈৱ বৈচিত্ৰীয় উপাদান সমূহৰ মাজত বিৰাজমান হৈ থকা পাৰস্পৰিক নিৰ্ভৰশীলতাৰ আৰু পাৰস্পৰিক সম্বন্ধৰ বিষয়ে সচেতনতা বৃদ্ধি কৰা।
  14. পৰিৱেশ সম্পৰ্কীয় জ্ঞান লাভ কৰাত সহায় কৰা।
  15.  দূৰৱৰ্তী বিভিন্ন পৰিৱেশ সম্পর্কে জ্ঞান আহৰণত সহায় কৰা। 
  16.  জৈৱিক-অজৈৱিক পৰিবেশ সম্বন্ধে বুজাত সহায় কৰা।
  17.  পৰিৱেশ সম্বন্ধীয় বিভিন্ন সমস্যা বিলাকৰ লগত জীৱনৰ বিভিন্ন ক্তৰৰ সহ-সম্বন্ধৰ বিষয়ে বুজি উঠাত সহায় কৰা। 
  18.  প্রাকৃতিক সম্পদ সমূহৰ অনিয়ন্ত্ৰিত ব্যৱহাৰ আৰু জনসংখ্যা বিস্ফোৰণৰ কু-প্ৰভাৱ সম্পৰ্কে বুজি উঠাত সহায় কৰা।
  19. পৰিৱেশ আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰৱণতা সম্পৰ্কে পৰীক্ষা কৰা আৰু দেশৰ আৰ্থ-সামাজিক উন্নতিত ইয়াৰ প্ৰভাৱ সম্পৰ্কে বাখ্যা কৰা। 
  20. প্রাকৃতিক আৰু জৈৱিক সম্পদ বিনষ্ট সম্পৰ্কে মূল্যায়ন কৰা আৰু সেইসমূহৰ সংৰক্ষণ কৰাৰ উপায় সম্পর্কে উপদেশ দিয়া।

 প্রশ্ন ৩ঃ পৰিৱেশৰ প্ৰসাৰ বুলিলে কি বুজা ? 

উত্তৰ : পৰিৱেশৰ প্ৰসাৰ ঃ 

শিক্ষাৰ ক্ষেত্ৰত পৰিৱেশৰ অৰ্থ যথেষ্ট বহল দৃষ্টিত গ্ৰহণ কৰা হয় । চমুকৈ ক’বলৈ হ’লে ব্যক্তিৰ বিকাশৰ পথত থকা সমুদায় 

বাহ্যিক শক্তিয়াই পৰিৱেশৰ অন্তৰ্গত হয়। সি যিয়েই নহওক, পৰিৱেশ সম্পৰ্কত আমাৰ সুস্পষ্ট ধাৰণা হ’লে আমি ইয়াত সীমিত অৰ্থত কেইটামান প্ৰকাৰত ভাগ কৰিব পাৰোঁ। এইক্ষেত্ৰত পৰিৱেশৰ নিম্নোক্ত প্রকাসমূহেই প্রধান। 

(1) প্রাকৃতিক পৰিবেশ :

 ব্যক্তিৰ চাৰিওফালে থকা বাস্তব জগতখনকেই প্রাকৃতিক পৰিৱেশ বুলিব পাৰি। পার্থিব কেতবোৰ বস্তুৰ উপৰিও ভৌগোলিক পৰিৱেশ, বিভিন্ন বস্তুৰ পৰিবেশ আদি ইয়াৰ অন্তর্ভুক্ত। ব্যক্তিয়ে যি বস্তু খায়, যেনে- জলবায়ুৰ মাজত বাস করেত্মাক নিজৰ চাৰিওফালে ইন্দ্ৰিয়ৰ যোগেদি যিবোৰ বস্তু অনুভৱ কৰে, সেই সকলো প্রাকৃতিক পৰিৱেশৰ মাজত থাকিব লাগে তাকো ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি।

 (ii) মানসিক পৰিৱেশ ঃ 

আমাৰ মানসিক, আবেহিক আৰু বৌদ্ধিক বিকাশৰ বাবে প্রয়োজনীয় অৱস্থা আৰু বিষয়সমূহেই মানসিক পৰিৱেশ। স্কুলৰ শ্ৰেণীকক্ষত শিক্ষকৰ যোগে বিভিন্ন বিষয় অধ্যয়ন কৰাৰ পৰিৱেশ, খেলপথাৰৰ খেল ধেমালীৰ পৰিৱেশ, পুথিভঁৰালৰ পৰিৱেশ আদি নানাবিধ মানসিক উৎকৰ্ষ সাধনৰ প্রভাৱকাৰী বিষয় আৰু কাৰ্যক্ষেত্ৰত ইয়াৰ অন্তৰ্ভুক্ত। শিশুৱে এই মানসিক প্রভাৱৰ জৰিয়তে তাৰ সকলো প্রয়োজনীয় শিক্ষা অভিজ্ঞতা লাভ কৰে। 

(iii) সামাজিক পৰিৱেশ ঃ 

জন্মৰ পাছৰে পৰা এজন ব্যক্তিৰ ওপৰত ক্ৰমে সমাজৰ লোকৰ সংস্পৰ্শৰ প্ৰভাৱ পৰে। সমাজৰ ভাষা, সংস্কৃতি, কৃষি, ধর্ম, আচাৰ-ব্যৱহাৰ আদিৰ যোগেদি তেওঁৰ সামাজিক জীৱন গঢ় লৈ উঠে। তদুপৰি নানাবিধ সামাজিক অনুষ্ঠান, ৰাজনৈতিক অনুষ্ঠান, ক্রীড়ানুষ্ঠান, ধর্মানুষ্ঠান আদিয়ে ব্যক্তিৰ সামাজিক জীৱনৰ সমল প্ৰদান কৰে। এই সামাজিক যোগ্যতা লাভৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলো বিষয়, ব্যক্তি আৰু পৰিৱেশকেই সামাজিক পৰিৱেশ বুলি কোৱা হয়। ব্যক্তিয়ে এনে সামাজিক পৰিৱেশ বহু পৰিমাণে জন্মগত উত্তৰাধিকাৰীস্বৰূপে লাভ কৰে। ইয়াক সামাজিক বংশগতি বুলি জনা যায়। 

প্রশ্ন ৪ঃ পৰিবেশ শিক্ষাৰ বহুমুখী বিষয়ৰ চৰিত্ৰ সম্পৰ্কে আলোচনা কৰা।

 উত্তৰ ঃ পৰিবেশ শিক্ষা হৈছে বহুমুখী বিষয়। পৰিবেশ আৰু ইয়াৰ বিভিন্ন জটিল পৰিঘটনা বিষয়ক দিশবোৰৰ সম্পৰ্কে জানিবলৈ হ’লে বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰা প্ৰয়োজন। উদ্ভিদ বিজ্ঞান, প্রাণী বিজ্ঞান, জৈব প্রযুক্তি, জৈব অভিযান্ত্ৰিক (বায় ইঞ্জিনিয়াৰিং), অনুজীৱতত্ত্ব, জিন তত্ত্ব, জৈব ৰসায়ন বিদ্যা আদিয়ে জৈৱিক (বায়’টিক) উপাদানসমূহ আৰু ইহঁতৰ আন্তঃক্ৰিয়া সম্পর্কে বুজাত সহায় কৰে। পদার্থবিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, পৰিসংখ্যা বিজ্ঞান আদিয়ে পৰিবেশৰ বিভিন্ন পৰিঘটনাবোৰক বুজাত সহায় কৰে। কম্পিউটাৰ বিজ্ঞান, তথ্য প্ৰযুক্তি আদি হৈছে পৰিবেশ শিক্ষাৰ অপৰিহাৰ্য অংগ। একেদৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পৰিবেশ অভিযান্ত্ৰিকবিদ্যা (ইঞ্জিনিয়াৰিং) অত্যাৱশ্যক। অভিযান্ত্ৰিক বিদ্যাৰ অন্যান্য শাখাসমূহ, যেনে, ৰসায়ন, অসামৰিক, কাৰিকৰী আৰু নতুন উদ্ভাবনমূলক প্ৰযুক্তিবোৰো পৰিবেশ সুৰক্ষ্ম কাৰ্য্যত যুক্ত। ধ্বংস হৈ গৈ থকা পৰিবেশক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সেউজ ৰসায়ন বিজ্ঞানে এটা সুনির্দিষ্ট আৰু অত্যন্ত স্পষ্ট ভূমিকা পালন কৰে। সমাজতত্ত্ব, অর্থনীতি বিজ্ঞান, শিক্ষা, দর্শন আদি বিষয়ো বিভিন্নভাবে যুক্ত। পৰিবেশ সুৰক্ষাৰ বাবে সদায় পৰিবেশ আইন বলবৎ কৰা হয়। গতিকে পৰিবেশ শিক্ষাই বহুবিধ বিষয়ৰ চৰিত্ৰ বহন কৰে য’ত এক বিশ্বমুখী দৃষ্টিভঙ্গী লৈ বিভিন্ন দিশবিলাকৰ মোকাবিলা কৰা হয়। 

প্রশ্ন ৫ঃ পৰিৱেশৰ পৰিসৰ বুলিলে কি বুজা ? বুজাই লিখা। 

উত্তৰ : পৰিৱেশ শিক্ষাৰ পৰিসৰৰ বিষয়ে স্পষ্টকৈ কোৱাটো খুব এটা সহজসাধ্য কাম নহয়। কিয়নো পৰিৱেশ নিজেই এটা খুব বহল পৰিসৰৰ বিষয়।। পৰিৱেশ বুলিলে অকল প্ৰাকৃতিক আভৰণষ ভৌগোলিক অৱস্থান আৰু জলবায়ুৰ সংসৰ্গত মানুহৰ কাৰণ উপকৰণকে অকল নুবুজায়, ই মানুহৰ জীৱনৰ প্ৰকৃতি, স্বাস্থ্য আৰু আয়ুস নিৰ্ণয় কৰা সকলো সামাজিক আৰু ব্যক্তিগত আচাৰ আচৰণকো বুজায়৷ সেইবাবেই পৰিৱেশ অধ্যয়নে প্রাকৃতিক পৰিৱেশ বিনষ্ট হোৱা সকলো স্বাভাৱিক আৰু মানৱসৃষ্ট কাৰকক বুজায়। আকৌ মানৱ জাতিৰ কল্যাণৰ হকে প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ সকলো সামাজিক অনুষ্ঠান, বিধিগত ব্যৱস্থা আৰু বেচৰকাৰী সংগঠনৰ কাৰ্যকলাপ ইত্যাদি সামৰি লয়।। 

এনেধৰণৰ দৃষ্টিকোণৰ পৰা বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা নিৰ্দ্ধাৰিত পৰিৱেশ অধ্যয়নৰ পাঠ্যসূচীত অন্তৰ্ভুক্ত বিষয়বোৰ হ’ল ঃ 

  1. প্রাকৃতিক সম্পদ সংৰক্ষণ আৰু বিতৰণ ব্যৱস্থাপনা। 
  2. পৰিস্থিতি বিজ্ঞান আৰু জৈৱ বৈচিত্ৰতাৰ অধ্যয়ন। 
  3. পৰিৱেশ প্ৰদূষণ আৰু নিয়ন্ত্রণ।
  4. পৰিৱেশ উন্নয়নবাবে সামাজিক দায়বদ্ধতা। 
  5. পৰিৱেশৰ ওপৰত মানুহৰ কাৰ্যকলাপৰ প্ৰভাৱ। 
  6. পৰিৱেশ সংৰক্ষণৰ ন্যায়িক আৰু সাংবিধানিক ব্যৱস্থা। পৰিৱেশ অধ্যয়নত ওপৰোক্ত দিশকেইটাই বিশেষ প্ৰাধান্যতা লাভ কৰিছে। তদুপৰি বিভিন্ন কাৰিকৰী দিশবোৰ অধ্যয়নৰ বাবে পৰিৱেশ বিজ্ঞান, পৰিৱেশ অভিযান্ত্ৰিক বিজ্ঞান, পৰিৱেশ ব্যৱস্থাপনা, পৰিৱেশ জৈৱ প্ৰযুক্তিবিজ্ঞান ইত্যাদি বিষয়বোৰ সন্নিৱিষ্ট কৰা হৈছে। পৰিৱেশ প্ৰদূষণ এটা গোলকীয় সমস্যা। কোনো নিৰ্দিষ্ট ঠাইত প্ৰদূষিত পৰিৱেশ ইয়াৰ পাৰিপাৰ্শ্বিকত বিশেষ প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে উদ্যোগ এটাৰ উপজাত দ্রব্যবোৰ নদীত পেলাই দিয়াৰ ফলত নদীখনে সেইবোৰ কঢ়িয়াই নি নদীৰ গতিৰ নামনি অংশত প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে। যাৰ ফলত মাছ বা অন্য জলচৰ প্ৰাণীৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাই জৈৱ বৈচিত্ৰতাত ক্ষতি কৰিব পাৰে। গোলকীয় উত্তাপ, অ’জন স্তৰৰ বিভংগন, বনাঞ্চল উচ্ছেদ ইত্যাদি সমস্যাই পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। উন্নয়নশীল দেশবোৰৰ কেতবোৰ সমস্যা যেনে- বিশুদ্ধ খোৱা পানীৰ সমস্যা, অস্বাস্থ্যকৰ পৰিৱেশ, অপুষ্টি ইত্যাদিবিলাক পৰিৱেশৰ গণ্ডিৰ ভিতৰত আলোচনা কৰা হয়। 

প্রশ্ন ৬ঃ পৰিবেশৰ উন্নয়ন আৰু বিকাশৰ বাবে আমি কি ব্যৱস্থা লোৱা উচিত?

 উত্তৰঃ পৰিবেশৰ উন্নয়ন আৰু বিকাশৰ বাবে আমি তলত উল্লেখ কৰা ব্যৱস্থাসমূহ গ্ৰহণ কৰা উচিত— 

  1. পৰিবেশৰ উন্নয়ন আৰু বিকাশৰ বাবে প্ৰথমতেই আমি বনাঞ্চল ধ্বংসৰ পৰিণতি আৰু সংৰক্ষণৰ গুণাগুন সম্পর্কে সচেতন হ’ব লাগিব আৰু বৃক্ষৰোপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। 
  2. সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়েই বনজ আৰু খনিজ সম্পদবোৰৰ যাতে অপব্যৱহাৰ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।
  3. নলা-নৰ্দমাত যাতে জাবৰ জোথৰ গোট খাই দুগৰ্দ্ধৰ সৃষ্টি নহয় তাৰ ব্যৱস্থা হাতত ল’ব লাগি আৰু নলা-নৰ্দমাবোৰ চাফা কৰি ৰাখিব লাগে। 
  4.  য’তে ত’তে জাবৰ জোথৰ নেপেলাই সেইসমূহ হয় পুতি থ’ব লাগে। নহয় জ্বলাই দিব লাগে। পানী বন্ধ কৰি ৰাখিব নালাগে আৰু ওচৰৰ লেতেৰা পানী জমা হোৱা পুখুৰী আদি ৰাকিব নালাগে।
  5. পৰাপক্ষত কৃষিত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হ’ব লাগে। ধুলি, ধোঁৱা আদি নিয়ন্ত্ৰণৰ বাবে বেয়া অৱস্থাৰ মটৰ গাড়ীবোৰৰ চলাচল বন্ধ কৰিব লাগে।
  6. কল-কারখানাবিলাক মানুহৰ বসতিস্থানৰ পৰা যথেষ্ট আঁতৰত হ’ব লাগে যাতেকল-কাৰখানাৰ শব্দ আৰু পেলনীয়া জাবৰ জোথৰবোৰে পৰিবেশ বিনষ্ট কৰিব নোৱাৰে।
  7. গাড়ীৰ শব্দ, ধূলি, ধোঁৱা আদিয়ে কোমলমতীয়া শিশুসকলৰ স্বাস্থ্যত কোনোধৰণৰ অৱনতি যাতে নঘটায় তাৰ বাবে শিক্ষানুষ্ঠানৰ ওচৰত ৰেষ্টেচন, বাচ আস্থান, কোনোধৰণৰ উদ্যোগ প্রতিষ্ঠান যাতে নাথাকে তাৰ প্ৰতি সচেতন হ’ব লাগে। 
  8. জান-জুৰি, নিজৰা আদিবোৰত যাতে গেলা-পছা আৱৰ্জনাৰে পানী দূষিত নকৰে তাৰ প্ৰতি দৃষ্টি ৰখা দৰকাৰ। 
  9.  বিদ্যালয়, হাস্পাতাল, নাচিংহোম, স্কুল কলেজ আদিতো বিশুদ্ধ পানীৰ সুব্যৱস্থা কৰিব লাগে। খোৱা পানীৰ যোগান দিয়া পাইপবোৰ যাতে কোনো প্ৰকাৰে দূষিত নহয় তাৰ প্ৰতি চকু ৰাখিব লাগে। 
  10. পৰিবেশৰ অধিক উন্নতিৰ বাবে গ্ৰামসেৱক, যুৱকসংঘ, নাৰীসংঘ, সমাজকর্মী আদিয়ে বিশেষ ভূমিকা পালন কৰিব লাগিব। 
  11.  ল’ৰা-ছোৱালীবোৰক সৰুৰে পৰাই পৰিবেশ আৰু মানৱ জীৱনত পৰিবেশৰ প্ৰভাৱ সম্পৰ্কে জ্ঞান প্ৰদান কৰিব লাগিব। 
  12. পৰিৱেশ উন্নয়নৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰো সজাগতা বৃদ্ধি কৰিব লাগিব। গাঁও অঞ্চলত বিশেষকৈ পিছপৰা অন্যান্য জাতি জনজাতিৰ মাজত পৰিবেশ সচেতনতা বৃদ্ধিৰ বাবে সমাজসেৱা দলবোৰৰ সহায়ত বিশেষ জ্ঞান দিয়া প্রয়োজন। 

প্রশ্ন ৭ঃ পৰিৱেশ বুলিলে কি বুজা ? বহলাই লিখা। 

উত্তৰঃ ফৰাচী শব্দ ‘Environ’ব পৰাই ইংৰাজীত Environment শব্দটোৰ উৎপত্তি হৈছে, যাৰ ইংৰাজী ভাবাৰ্থ হ’ল around বা surround অর্থাৎ চৌপাশ বা চাৰিওকাষ। প্ৰজাতি এটাই প্ৰকৃতিৰ সৈতে শান্তিপূর্ণভাৱে সহৱস্থান কৰি স্বাভাৱিক জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় পৰিস্থিতিকে পৰিৱেশ বোলা হয়। পৰিৱেশে আমাৰ চাৰিওফালৰ বিভিন্ন জৈৱিক তথা অজৈৱিক উপাদান আৰু পার্থিব-অপার্থিক সকলো বস্তুকে সামৰি লয়। অৱশ্যে এটা কথা যে প্রজাতিভেদে পৰিৱেশৰ ধাৰণা বিভিন্ন ধৰণৰ হ’ব পাৰে। উদাহৰণস্বৰূপে মাছ এটাৰ জীৱন চক্ৰটো পানীতেই সীমাৱদ্ধ হ’ব পাৰে। কিয়নো মাছ পানীতেই থাকে বা জলচৰ প্রাণী, কিন্তু মানৱ প্ৰজাতিৰ সমগ্ৰ জীৱন চক্ৰটো বায়ু, পানী, মাটি সকলোতেই বিস্তৃত হৈ থাকে।

 সেয়ে মানুহৰ পৰিৱেশৰ পৰিসৰ অতি বহল তথা ব্যাপক ধৰণৰ হয়। বৰ্তমান পৰিৱেশৰ ধাৰণাই অকল জীয়াই থকাৰ বাবে প্রয়োজনীয় বায়ু, পানী আৰু মাটিতেই সীমাৱদ্ধ হৈ থকা নাই, ই মানৱ সমাজৰ আৰ্থ-সামাজিক স্থিতিকো সামৰি লৈছে। গতিকে পৰিৱেশে মানুহকে ধৰি সকলো উদ্ভিদ আৰু প্রাণী প্রজাতিক স্বাভাৱিক অৱস্থান আৰু বিকাশৰ লগত জড়িত থকা মাটি, বায়ু, পানী আৰু অন্যান্য বাহ্যিক অৱস্থাক একেলগে বুজায়। ইয়াত মানুহৰ দ্বাৰা সৃষ্ট কার্য পৰিণামো সন্নিৱিষ্ট হৈ থাকে। 

পৰিৱেশ হ’ব সকলো জীৱ আৰু সকলো বিষয়ৰে উৎস। বিশেষকৈ বৰ্তমান সময়ছোৱাত উন্নয়নশীল দেশসমূহৰ জনগণে পৰিৱেশীয় প্ৰভাৱৰ কথা বাৰুকৈয়ে উপলব্ধি কৰা দেখা যায়। কিয়নো উন্নয়নশীল দেশৰ জনগণৰ দৈনন্দিন জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় বিষয়বোৰ সৰহখিনিয়েই নিৰ্ভৰ কৰিব লাগে স্থানীয় পৰিৱেশৰ ওপৰত। কোনো এটা অঞ্চলত ব্যৱসায়িক চিন্তা-চৰ্চাৰে ব্যাপক হাৰত গছ কটা কাৰ্য, মাছ ধৰা কাৰ্য ইত্যাদি একো একোটা অঞ্চলত স্থানীয়ভাৱে বাস কৰা পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ জীৱন ধাৰণৰ ওপৰত প্ৰত্যক্ষ প্রভাব পেলায়।

 বৰ্তমান পৰিৱেশত ধাৰণাটো কেৱল পৰিয়াল এটাৰ চৌপাশ বা কোনো এটা অঞ্চলৰ স্থানীয় প্ৰাকৃতিক, আৰ্থ-সামাজিক পৰিসৰৰ মাজত অঞ্চল সীমাৱদ্ধ হৈ থকা নাই৷ ই বৰ্তমান জল, স্থল আৰু সমগ্রবায়ুমণ্ডল বা নভোমণ্ডলকে সাঙুৰি লৈছে। সেয়ে ইয়াৰ অধ্যয়ন পৰিসৰ অতি বিস্তৃত। ঘৰত ব্যৱহৃত পাচলিৰ বাকলিৰ পৰা আৰম্ভ কৰি গোলকীয় তাপমাত্রা বৃদ্ধিলৈকে ইয়াৰ পৰিসৰ বিস্তৃত বুলি ক’ব পাৰি। সেয়ে ‘our common future’ শীর্ষক Burbdtland ৰিৱেশৰ সংজ্ঞা প্ৰকাশ কৰা হৈছে। এনেদৰে : “The environment does not exist as a sparate from human actions, ambitions and needs an attemp to defend it in isolation of naivety in some political circles.” আদিম অৱস্থাৰে পৰাই মানৱ প্ৰজাতিয়ে বৈষয়িক অৱস্থাৰ উন্নতিৰ বাবে উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে। সভ্যতাৰ বিভিন্ন স্তৰত উন্নয়নৰ প্রভাববিলাকে পৰিৱেশৰ ওপৰত ধনাত্মক আৰু ঋণাত্মক প্ৰভাৱ পেলাইছে। গতিকে পৰিৱেশ অধ্যয়ন আৰু উন্নয়ন ওতঃপ্রোতভাবে জড়িত। 

প্রশ্ন ৮ : আমাৰ পৰিবেশ সুৰক্ষিত ৰখাত পৰিবেশগত সজাগতাই কেনেকৈ সহায় কৰে ? 

উত্তৰ : বিশ্বই আজি পৰিবেশ অৱক্ষয় আৰু প্ৰদূষণৰ দৰে বৃহৎ সমস্যাৰ মোকাবিলা কৰিবলগীয়া হৈছে। বিভিন্ন ধৰণৰ প্ৰদূষণ, বনজ সম্পদৰ দ্ৰুত ক্ষয়, দ্ৰুত হাৰত জনসংখ্যা বিস্ফোৰণ, ঔদ্যোগীকৰণৰ প্ৰসাৰ, অপৰিকল্পিতভাবে নগৰীকৰণ, খনিৰ কাম, ভূমিক্ষয় আদিয়ে সাম্প্রতিক বছৰবোৰত পৰিবেশতন্ত্ৰৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে। অৰ্থনৈতিক উন্নয়নৰ বাবে মানুহৰ অনুসন্ধানেই ঘাইকৈ প্ৰাকৃতিক সম্পদক নির্দয়ভাবে ব্যৱহাৰৰ বাবে দায়ী। তদুপৰি মানৱ জাতিয়ে অত্যন্ত কঠোৰ বস্তুবাদী, লোভী আৰু বিলাসী জীৱন-ধাৰাৰ মনোভাবেৰে প্রাকৃতিক সম্পদক বাচ-বিচাৰহীনভাবে শোষণ কৰিছে বা নির্দয়ভাবে ধ্বংস কৰিছে। 

এই সকলো কাৰ্য্যকলাপেই বহু সংখ্যক জীৱিত প্রাণীকূলৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে ৷ গতিকে পুনৰ অৱনতি ৰোধ কৰি পৰিবেশ ৰক্ষাৰ বাবে গণ সজাগতা সৃষ্টি কৰাটো জৰুৰী। পৰিবেশৰ সমস্যাক আটাইতকৈ ভাল উপায়েৰে সমাধান কৰিব পাৰি যদিহে জনসাধাৰণ পৰিবেশগতভাবে সজাগ হয়। কোনো চৰকাৰেই কেৱল কিছুমান পৰিবেশ সুৰক্ষা বিষয়ক বিধি ৰূপায়ণ কৰি এই সমস্যাৰ সমাধান কৰিব নোৱাৰে, যদিহে জনসাধাৰণে এই ক্ষেত্ৰত সহযোগিতা নকৰে। জনসাধাৰণক পৰিবেশগতভাৱে শিক্ষিত কৰিব লাগিব। তেওঁলোকে জানিব পাৰিব লাগিব যে যদি আমি আজি আমাৰ পৰিবেশক ধ্বংস কৰো, তেনেহলে কাইলৈ ইয়াৰ ফল ভুগিব লাগিব আৰু আমাৰ ভৱিষ্যৎ‍ প্রজন্ম বৃহৎ বিপদৰ সন্মুখীন হ’ব। আমি পৰিবেশৰ এক অংশ আৰু পৰিবেশ ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। 

প্রশ্ন ৯ : পৰিৱেশ বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা। 

উত্তৰ : পৰিৱেশ অধ্যয়নৰ প্ৰয়োজনীয়তাঃ 

  1. সকলো শ্ৰেণীৰ লোকৰ মাজত পৰিৱেশ মানেনো কি তাৰ বিষয়ে সাধাৰণভাৱেস্ম্যক জ্ঞানৰ বিস্তাৰ কৰা।
  2. ব্যক্তি আৰু সমাজৰ বিভিন্ন গোটসমূহৰ মাজত পৰিৱেশীয় সমস্যা সম্পর্কে সজাগ কৰি তোলাৰ লগতে পৰিৱেশ অৱনতি ৰোধ কৰাৰ বাবে আৰু পৰিৱেশ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ ৰূপয়ানত জনসাধাৰণৰ সহযোগিতা বৃদ্ধি কৰাত পৰিৱেশ অধ্যয়নে সহায় কৰে। 
  3. পৰিৱেশ অধ্যয়নে চৰকাৰী তথা বেচৰকাৰী সংস্থাৰ দ্বাৰা কাৰ্যকৰী কৰা আঁচনিসমূহৰ সপল রূপয়ানৰ বাবে ব্যাপক হাৰত পৰিৱেশ সম্পৰ্কীয় ধ্যন ধাৰণা প্ৰচাৰত সহায় কৰে।
  4.  পৰিৱেশ অৱনতি ৰোধ আৰু পৰিৱেশ উন্নয়নৰ বাব পৰিৱেশ অধ্যয়নে কলা, বিজ্ঞান আৰু বাণিজ্যৰ মাজত সমন্বয় ৰক্ষা কৰাত উদ্দেশ্য পূৰণত সহায় কৰে। 
  5. পৰিৱেশ অধ্যয়নে ব্যক্তি আৰু সামাজিক গোটসমূহহক পৰিৱেশীয় সমস্যা সমাধানৰ বৰে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীত সক্রিয় অংশ গ্ৰহণৰ বাবে অনুপ্রাণিত কৰে।
  6. পৰিৱেশ অধ্যয়নৰ জৰিয়তে সমাজৰ প্ৰতিজন ব্যক্তি আৰু সামাজিক গোটসমূহে পৰিৱেশীয় সমস্যা সম্পৰ্কে জ্ঞান আহৰণৰ লগতে পৰিৱেশ সংৰক্ষণৰ বাবে প্রয়োজনীয় জ্ঞান আহৰণত সহায় কৰে। 
  7. পৰিৱেশ অধ্যয়নে পৰিৱেশীয় সমস্যাসমূহ সমাধান কৰিবৰ বাবে ব্যক্তি আৰু সামাজিক সংস্থাসমূহৰ মাজত পৰিৱেশ নিয়ন্ত্রণ আরু উন্নয়নৰ বাবে প্রয়োজনীয় কৌশলৰ বিকাশ সাধন, কৌশল প্রয়োগ আৰু পৰিচালনাৰ নীতি নিৰ্দ্ধাৰণত সহায় কৰে। 
  8. পৰিৱেশ অধ্যয়নে পৰিৱেশ সম্বন্ধীয় বিভিন্ন সমস্যাৰ লগতে জীৱনৰ বিভিন্ন স্তৰৰ সম্বন্ধৰ বিষয়ে বুজাৰ লগতে পৰিৱেশৰ ওপৰত বৰ্দ্ধিত জনসংখ্যাৰ কু-প্ৰভাৱ সম্পর্কে বুজি উঠাত সহায় কৰে। 
  9. পৰিৱেশ প্ৰদূষণৰ বিভিন্ন উৎসসমূহ ৰোধ কৰিবৰ বাবে লোৱা আঁচনিত অংশ গ্ৰহণ কৰাৰ বাবে জনজাগৰণৰ সৃষ্টি কৰাত সহায় কৰে। 
  10. পৰিৱেশীয় অন্যান্য সমস্যা, জৈৱ প্ৰাকৃতিক পৰিৱেশৰ অৱনতি বিভিন্ন দুৰ্যোগ আদিৰ প্ৰতি জনসাধাৰণক আকৰ্ষিত কৰাৰ লগতে সেই সমূহৰ প্ৰতি ব্যক্তিগত ব্যৱস্থা গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰি তোলে।

 প্রশ্ন ১০ঃ পৰিবেশ সম্পৰ্কে ব্যক্তিৰ সচেতনতা বৃদ্ধিৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 

উত্তৰ : পৰিৱেশ সম্পৰ্কে ব্যক্তিৰ সচেতনতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহল হ’লঃ 

  1. পৰিৱেশ আৰু ইয়াৰ সমস্যা সম্পৰ্কত ব্যক্তি আৰু সমাজৰ বিভিন্ন গোট সমূহৰ মাজত সজাগতা আৰু সচেতনতাৰ ভাৱ জাগৃত কৰি তোলা। 
  2. পৰিৱেশ আৰু মানুহৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰাত ব্যক্তিসকলক সহায় কৰা। 
  3. পৰিবেশ সম্পর্কে প্রাথমিক ও মৌলিক জ্ঞান লাভ কৰাত সহায় কৰা।
  4. পৰিৱেশৰ প্ৰতি ব্যক্তিৰ মনত যোগাত্মক ধাৰণাৰে উদ্বুদ্ধ কৰা। 
  5. পৰিৱেশীয় সমস্যা। সমূহ সমাধান কৰিবৰ বাবে শিক্ষার্থী জगागान কৌশলৰ উন্নতি সাধন কৰাৰ লগতে দক্ষতা বৃদ্ধি কৰা।
  6. পৰিৱেশ সম্পৰ্কীয় সমস্যা সমূহ সমাধানত সाি অংশগ্রহণ কৰিব বাবে সমাজৰ বিভিন্ন গোট সমূহক উৎসাহিত কৰি তোলা। 
  7. পৰিৱেশীয় শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে পৰিৱেশৰ বৈশিষ্ট্য সমূহৰ লগত সম্বন্ধিত সামাজিক মূল্যবোধ সমূহৰ নিময়ে ব্যক্তিক বুজি উঠাত সহায় কৰা।  
  8. পৰিৱেশৰ প্ৰতি ব্যক্তিৰ মনত দায়িত্বশীল অনুভূতি জাগৃত কৰি 
  9. পৰিৱেশীয় সমস্যা সমূহ উপলব্ধি আৰু সমাধানৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তাৰ নিশ্চিতি প্ৰদানৰ গুৰুত্ব বুজি উঠাত সহায় কৰা। 
  10. পৰিৱেশীয় সমস্যা সমূহ উপলব্ধি আৰু সমাধানৰ বাবে সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশৰ শিক্ষা প্ৰক্ৰিয়াৰ সহায় লৈ প্ৰয়োজনীয় উদ্দেশ্য সাধনৰ কাৰণে উপযুক্ত কৌশল খটাবৰ বাবে সামর্থ্য আৰু দক্ষতাৰ বিকাশ সাধন কৰা। 
  11. পৰিৱেশীয় সমস্যা সমূহ উপলব্ধি আৰু সমাধানৰ বাবে সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশৰ শিক্ষা প্ৰক্ৰিয়াৰ সহায় লৈ প্ৰয়োজনীয় উদ্দেশ্য সাধনৰ কাৰণে উপযুক্ত কৌশল খটাবৰ বাবে সামর্থ্য আৰু দক্ষতাৰ বিকাশ সাধন কৰা। 
  12. পৰিৱেশ সম্পৰ্কত ব্যক্তি, গোট বা দল আৰু সমাজত সামগ্রিক ভাবে নতুন আচৰণৰ বিকাশ সাধন কৰাত সহায় কৰে। 
  13. পৰিৱেশ সুৰক্ষা আৰু ইয়াৰ উন্নতি সাধন কৰিবৰ বাবে প্ৰতিজন। বাক্তিকে এই দিশত উপযুক্ত জ্ঞান, মূল্যবোধ, মনোভাব, অংগীকাৰ আৰু দক্ষতা লাভৰ বাবে উপযুক্ত সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা। 
  14. আঁচনি সমূহত বায়ু, পানী আৰু শব্দ প্ৰদূষণ ৰোধ কৰিবৰ বাবে লোৱা সক্রিয় অংশগ্ৰহণৰ বাবে শিক্ষার্থী তথা ব্যক্তিসকলক আগ্রহী কবি তোলা।
  15. ওচৰ চুবুৰীয়াৰ ঠাই সমূহ পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখা কাৰ্যসূচীত অংশগ্ৰহণ কৰা। 
  16. নগৰীয়া আৰু গ্ৰাম্য আঁচনি সমূহত অংশগ্ৰহণ কৰা আৰু
  17. খাদ্য প্ৰদূষণ সম্পৰ্কীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰা। 
  18. পৰিৱেশৰ ওপৰত বিশেষ ভাৱে প্ৰভাৱ পেলোৱা সকলো বোৰ কথা সামগ্ৰিক ভাৱে উপলব্ধি কৰি বিভিন্ন নীতি নিৰ্ধাৰণ কৰা কাৰ্যত ৰাজনীতিবিদ, চৰকাৰী কৰ্মচাৰী আৰু অন্যান্য নেতৃস্থানীয় লোক সকলক সহায় কৰে। 
  19. ব্যক্তিসকলক গাঁও আৰু নগৰৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু জৈৱ বৈচিত্ৰীয় উপাদান সমূহৰ মাজত বিৰাজমান হৈ থকা পাৰস্পৰিক নিৰ্ভৰশীলতাৰ আৰু পাৰস্পৰিক সম্বন্ধৰ বিষয়ে সচেতনতা বৃদ্ধি কৰা।

This Post Has 7 Comments

Leave a Reply