NIOS| Psychology (328) Notes/Answer|Chapter-30 ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণ

NIOS| Psychology (328) Notes/Answer|Chapter-30 ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে।NIOS| Psychology (328) Notes/Answer|Chapter-30 ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণ

NIOS| Psychology (328) Notes/Answer|Chapter-30 ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণ

 (30.1. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰঃ) 

১। খালী ঠাঁই পূৰণ কৰা :

(ক) শিশুৰ বিকাশত প্ৰথম আৰু অধিক তাৎপর্যপূর্ণ ভূমিকা পালন কৰে……..।

উত্তৰ : শিশুৰ বিকাশত প্ৰথম আৰু অধিক তাৎপর্যপূৰ্ণ ভূমিকা পালন কৰে।পিতৃ-মাতৃয়ে

(খ) শিক্ষা পদ্ধতিৰ নতুন ধাৰাসমূহ অভিভাৱকক ভালদৰে অৱগত কৰাব  পাৰে……. ।

উত্তৰ : শিক্ষা পদ্ধতিৰ নতুন ধাৰাসমূহ অভিভাৱকক ভালদৰে অৱগত কৰাবপাৰে শিক্ষকক।

(গ) শিশুৰ লগত আচৰণ প্ৰদৰ্শন কৰোঁতে শিক্ষকে দেখুৱাব লাগে। 

 উত্তৰ : শিশুৰ লগত আচৰণ প্ৰদৰ্শন কৰোঁতে শিক্ষকে যোগাত্মক মনোভাব দেখুৱাব লাগে। 

(ঘ) শিক্ষকে অভিভাৱকৰ প্ৰতি যথোচিত……. – প্ৰদৰ্শন কৰিব লাগে। 

উত্তৰ : শিক্ষকে অভিভাৱকৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন কৰিব লাগে। 

২। তলত দিয়া প্ৰশ্নসমূহৰ এটা শব্দত উত্তৰ লিখা…..

(ক) শিশুৰ সমাজীকৰণৰ প্ৰথম মাধ্যমটোৰ নাম লিখা। 

উত্তৰ: পিতৃ-মাতৃ

(খ) শিশুক কোনে আটাইতকৈ ডালদৰে বুজিব পাৰে? 

উত্তৰ: পিতৃ-মাতৃ

(গ) শিশু এটাৰ অনুভূতি আৰু গুণক (দক্ষতাক) কোনে প্রকাশ বাবার পাৰে? 

উত্তনঃ শিক্ষকে 

(ঘ) অভিভাৱকৰ লগত তুমি যেতিয়া শিশুটো সম্পর্কে আলোচনা কৰিব খুজিৰা তেতিয়া কাক ওচৰৰ পৰা পঠিয়াই দিব লাগে? 

উত্তৰ: শিশুটোক

 30.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ:

 ১। খালী ঠাঁই পূৰণ কৰা

 (ক) শিশুৰ বাবে দ্বিতীয় অভিভাৱক হৈছে …….।

উত্তৰ: শিশুৰ বাবে দ্বিতীয় অভিভাবক হৈছে শিক্ষক। 

(খ) শিশুটোৰ ঘৰৰ আন্তৰিক ……..অবিহনে শিক্ষকে ডাক/তাহিক ভালদৰে বুজি উঠিব নোৱাৰে। 

উত্তৰ : শিশুটোৰ ঘৰৰ আন্তৰিক জ্ঞান অবিহনে শিক্ষকে তাকযতাইক ভালদৰে ভালদৰে বুজি উঠিব নোৱাৰে। 

(গ)……….- য়ে শিশুৰ ঘৰুৱা জীৱন সম্বন্ধে ভাল খা-খবৰ দিয়ে।

উত্তৰঃ গৃহ-দৰ্শনে যে শিশুৰ ঘৰুৱা জীবন সম্বন্ধে ভাল খা-খবৰ দিয়ে। 

(ঘ) অভিভাৱক সভা…….. -কৈ অনুষ্ঠিত হ’ব লাগে।

উত্তৰ: অভিভাৱক সভা নিয়মিতভাৱে অনুষ্ঠিত হ’ব লাগে। 

(ঙ) ক্রীড়াকেন্দ্ৰ গৃহৰ মাজৰ সম্পৰ্ক অধিক কলৱৰ্তী হ’বলৈ শিক্ষকে জড়িত কৰাবই লাগিব। 

উত্তৰ: ক্রীড়াকেন্দ্ৰ-গৃহৰ মাজৰ সম্পৰ্ক অধিক ফলবতী হ’বলৈ শিক্ষকে পিতৃ-মাতৃক জড়িত কৰাবই লাগিব।

২। শিক্ষক অভিভাবক জড়িতকৰণৰ বিভিন্ন পদ্ধতিসমূহ লিখা। 

উত্তৰ : ক্ৰীড়া কেন্দ্ৰ এটার তত্ত্বাবধায়ক বা শিক্ষক গৰাকী দ্বিতীয় অভিাৱকস্বৰূপ। সেয়েহে অভিভাবকৰ লগত তেওঁৰ সম্পর্ক আ পারস্পরিক সম্মানবোধৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব। শিশুগৰাকীয়ে উমেহতীয়া আগ্রহ পূৰণৰ বাবে শিক্ষক আৰু অভিভাৱকক একেলগে বিচাৰে। সেয়েহে ক্রীড়া কেন্দ্ৰ ঘৰ এখনৰ প্ৰয়োজন পূৰণ কৰা পৰিৱৰ্তিত ৰাণৰ ঘৰ এখন হিচাপে চিহ্নিত হ’ব লাগে। এনে কাৰণতে অভিভাৱকৰ বাবে বি কার্যসূচী থাকে ক্রীড়াকেন্দ্র এটাৰ বাবে তেনে কাৰ্যসূচী এক দৰকাৰী দিশ। কীর কেন্দ্রসমূহ বিমানেই কার্যদক্ষ নহওঁক কিয় অভিভাৱকৰ লগত সুসম্পৰ্ক নাৰাখিলে কেতিয়াও শিশুৰ সৰ্বোচ্চ বিকাশত উপনীত হ’ব নোৱাৰে। 

ক্রীড়া কেন্দ্ৰত অভিভাৱকৰ অংশগ্ৰহণৰ সুবিধা বা পৰিলৰঃ 

অভিভাৱকৰ অংশগ্রহণ হৈছে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে ক্রীড়াকেন্দ্রত অভিভাৱকৰ অংশ গ্ৰহণ, তেওঁলোকৰ সবলতা, সম্ভাৱনা, দক্ষতা আদি জনাত সহায় আগবঢ়োৱা আৰু তেওঁলোকক কল্যাণৰ (শিশুৰ) স্বাৰ্থত ব্যৱহাৰ কৰাকে বুজোৱা হয়। ক্রীড়াকেন্দ্ৰত অভিভাৱকৰ জড়িতকৰণ বা অংশ গ্রহণে এইধৰণে সহায় কৰে—— 

  1. ভাত্তাধাৰীৰ বিষয় কৰ্মচাৰী যোগান ধৰি ক্ৰীড়া কেন্দ্ৰৰ বাজেটৰ আৰ্থিক দিশত সকা দিয়ে। 
  2. অভিভাৱকৰ সহায়ত শিক্ষকে অধিক অর্থপূর্ণ আৰু ব্যক্তিকেন্দ্রিক খেল ধেমালিৰ কাৰ্য হাতত ল’ব পাৰে।
  3.  শিশুৰ প্ৰতি অভিভাৱকৰ ভূমিকা অধিক ফলৱৰ্তী কৰি তুলিবলৈ তেওঁলোকে নতুন দিশ আৰু পদ্ধতি শিকিব পাৰে। 

শিক্ষক-অভিভাবক জড়িতকৰণৰ বিভিন্ন পদ্ধতিসমূহঃ 

(ক) আনুষ্ঠানিক কথা-বতৰাঃ 

অভিভাৱকসকলে নিজ নিজ সন্তানক ৰাতিপুৱা ক্রীড়াকেন্দ্ৰত থবলৈ আহোতে আৰু আবেলি কেন্দ্ৰ পৰা নিবলৈ আহোতে শিক্ষক গৰাকীয়ে তেওঁলোকৰ লগত সাধাৰণ কথা-বতৰা পাতিব পাৰে। এই ধৰণৰ অন্যানুষ্ঠানিক • কথা-বতৰাই শিক্ষক-অভিভাৱকৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলে। 

(খ)অভিভাৱক সভা। 

নিয়মিত অভিভাবক সভাই ক্রীড়া কোন উদ্দেশ্য, কার্যাবলী, মূল্যায়ন সম্পর্কে অভিভাৱকসকলক আনুষ্ঠানিক আৰু অনানুষ্ঠানিক উভয় ধরণে জনাত সহায় কৰে। অভিভাৱক সভাৰ বিষতে ভাষণ, নিদর্শন, আলোচনাচ আৰু বিভিন্ন আহিলা গাতি যেনে চিনেমা, কেছেট, বিতাপ মডেল, প্রদর্শনী, পুতলা নাচ আদিৰ দ্বাৰা তেওঁলোকক বিভিন্ন ধৰণে শিক্ষা 

দিবপাৰি।

 (গ) সামাজিক কার্য  

বনভোজ নাইবা ক্ষেত্র ভিত্তিক ভ্রমণ সন্তানৰ লগত অভিভাৱকো গলে শিক্ষক তথা অন্য অভিভাৱকৰ লগত মিলামিছা, বন্ধুত্ব আৰু রাজোন গঢ়ি তুলিবলৈ সহজ হয়। এনেকুৱা পৰিস্থিতিত বহুতো মাতৃয়ে শিশুক চোৱাচিতা কৰাত শিক্ষক গৰাকীক সহায় কৰিবলৈও আগবাঢ়ি আহে। এই ধৰণৰ প্রাথমিক অভিজ্ঞজ্ঞতাৰ দ্বাৰা তেওঁলোকে শিশুৰ অনুসন্ধিৎসু মনৰ হেঁপাহ আৰু সৃষ্টিশীল প্রতিভা কিদৰে পূৰ্ণ আৰু বিকাশ কৰিব পাৰি তাকো শিকিব পাৰে। ক্রীড়া কেন্দ্ৰৰ খেল ধেমালি আৰু বিভিন্ন উৎসসমূহ এনেধৰণে আয়োজন কৰিব লাগে যাতে শিশু আৰু অভিভাৱক উভয়ে সেইবোৰ কৰিব পাৰে। 

(ঘ) গৃহ দর্শন বা গৃহপৰিদৰ্শন ঃ 

শিশুটো সম্পর্কে প্রয়োজনীয় খা-খবৰ সংগ্ৰহকৰাৰ এটা গুৰুত্বপূর্ণ উপায় হৈছে গৃহদর্শন (পৰিদৰ্শন)। শিক্ষকে অভিভাৱকৰ লগত দিন এটা ঠিক কৰি তেওঁলোকৰ ঘৰলৈ যায়। শিশুটোৰ ঘৰখনৰ পৰিবেশ ভালদৰে হৃদয়ঙ্গম কৰি শিক্ষক গৰাকীয়ে শিশুটোক উপযুক্তভাবে সহায় কৰে।

(ঙ) অভিভাৱকৰ শিক্ষাঃ

 অভিভাৱকসকলোকো বিভিন্ন দিশত জ্ঞান আৰু দক্ষতা প্ৰদান কৰাৰ উদ্দেশ্যে প্রতিমাহত এবং নতুবা প্রতি দুমাহত এবাৰকৈ ক্রীড়াকেন্দ্ৰত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই উদ্দেশ্যে আয়োজন কৰা শ্রেণীসমূহ/সভাসমূহ অভিভাৱকৰ পছন্দ অনুযায়ী কৰিব লাগে। প্রতিষেধকৰণ, শাৰীৰিক সুস্ততা দূৰীকৰণৰ বাবে মৌখিক ব্যৱস্থা, শিশুৰ বাবে সাধু, পেলনীয়া সামগ্ৰীৰ পৰা পুতলা বনোৱা ইত্যাদিৰ সম্বন্ধে শ্রেণীবোৰ হাঁলৈ অভিভাৱকসকল উপকৃত হ’ব পাৰে। 

(চ) ব্যক্তিগত আলোচনাঃ

 কিছুমান অভিভাৱকে নিজ সন্তানৰ কথা মুকলিকৈ সভাত আলোচনা কৰিবলৈ সংকোচ বোধ কৰিব পাৰে কিন্তু শিক্ষক গৰাকীৰ লগত ব্যক্তিগতভাবে বিনাসংকোচে আলোচনা কৰিব পাৰে। এই ধৰণৰ “অভিভাৱকক শিক্ষক গৰাকীয়ে ব্যক্তিগত আলোচনাৰ সুযোগ দিব লাগে যাতে শিশুটোৰ কোনো সমস্যা বুজাত বা বিকাশ সম্বন্ধীয় দিশৰ প্ৰতি শিক্ষকে মনোযোগ দিব পাৰে। এনেকুৱা ব্যক্তিগত আলোচনা বৰ বেছি পৰিকল্পিত বা একেবাৰে মামুলি ধৰণৰ হ’ব নালাগে। 

30.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ ঃ

 ১। খালী ঠাই পূৰণ কৰা ঃ

 (ক) ক্রিয়া কেন্দ্ৰ এটাত অভিভাৱকে …………..-ক সহায় কৰিব পাৰে।

 উত্তৰ : ক্রিয়া কেন্দ্ৰ এটাত অভিভাৱকে শিক্ষকক সহায় কৰিব পাৰে।

 (খ) স্থানীয় সম্প্ৰদায়ৰ অংশ গ্ৰহণ প্ৰতিফলিত হয় থলুৱা সম্পদৰ …….……-ত।

উত্তৰ ঃ স্থানীয় সম্প্ৰদায়ৰ অংশ গ্ৰহণ প্ৰতিফলিত হয় থলুৱা সম্পদৰ প্রস্তুতি বা সাজুকৰণ (Mobilization) 

(গ) সম্প্রদায়ে খেতি চপোৱাৰ সময়ত……….. আৰু ………..-যোগান ধৰিব পাৰে।

 উত্তৰ : সম্প্রদায়ে খেতি চপোৱাৰ সময়ত শস্যজাতীয় আৰু মাহজাতীয় যোগান ধৰিব পাৰে।

 (ঘ) …………- হৈছে পঞ্জীয়নভুক্ত মহিলাৰ সংগঠন। 

উত্তৰ: মহিলা মণ্ডল হৈছে পঞ্জীয়নভুক্ত মহিলাৰ সংগঠন। 

২। শুদ্ধ নে অশুদ্ধ কোৱা ঃ 

(ক) ক্রীড়া কেন্দ্ৰ এটা সংগঠনৰ ক্ষেত্ৰত সমাজৰ সহায় কোনো ধৰণৰ নিৰাপদ কাৰক নহয়। শুদ্ধ/অশুদ্ধ

 উত্তৰঃ অশুদ্ধ 

(খ) সম্প্ৰদায়ৰ অংশগ্ৰহণৰ ক্ষেত্ৰত মহিলা মণ্ডলসমূহ অধিক কার্যশীল 

হ’ব পাৰে। শুদ্ধ/অশুদ্ধ

উত্তৰ: শুদ্ধ 

(গ) ক্রীড়া কেন্দ্ৰত ফুলনিৰ (বাগিছা) বৰ্ধন সম্পূৰ্ণৰূপে সম্প্ৰদায়ৰ এক প্রচেষ্টা হ’ব পাৰে। শুদ্ধ/অশুদ্ধ 

উত্তৰ: শুদ্ধ 

(ঘ) সম্প্রদায়ে পুৰণি টায়াৰ, কাঠৰ খুটা আদি ক্রীড়া কেন্দ্ৰক যোগান ধৰিব পাৰে। শুদ্ধ/অশুদ্ধ 

উত্তৰঃ শুদ্ধ 

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ

১। ক্রীড়া কেন্দ্ৰত গ্ৰহণ কৰিব পৰাকৈ অভিভাৱকৰ অংশগ্রহণ প্ৰক্ৰিয়াৰ বিভিন্ন পদ্ধতিসমূহৰ তালিকা এখন প্ৰস্তুত কৰি বৰ্ণনা কৰা।

 উত্তৰ : ক্ৰীড়া কেন্দ্ৰত গ্ৰহণ কৰিব পৰাকৈ অভিভাৱকৰ অংশগ্রহণ প্ৰক্ৰিয়াৰ বিভিন্ন পদ্ধতিসমূহঃ

 (ক) আনুষ্ঠানিক কথা-বতৰাঃ

 অভিভাৱকসকলে নিজ নিজ সন্তানক ৰাতিপুৱা ক্রীড়াকেন্দ্ৰত থ’বলৈ আহোতে আৰু আবেলি কেন্দ্ৰ পৰা নিবলৈ আহোতে শিক্ষক গৰাকীয়ে তেওঁলোকৰ লগত সাধাৰণ কথা-বতৰা পাতিব পাৰে। এই ধৰণৰ অনানুষ্ঠানিক কথা-বতৰাই শিক্ষক-অভিভাৱকৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলে। 

(খ) অভিভাবক সভা ঃ

 নিয়মিত অভিভাৱক সভাই ক্রীড়া কেন্দ্ৰৰ উদ্দেশ্য, কার্যাবলী, মূল্যায়ন আদিসম্পর্কে অভিভাৱকসকলক আনুষ্ঠানিক আৰু অনানুষ্ঠানিক উভয় ধৰণে জনাত সহায় কৰে। অভিভাৱক সভাৰ জৰিয়তে ভাষণ, নিদর্শন, আলোচনা চক্ৰ আৰু বিভিন্ন আহিলা পাতি যেনে চিনেমা, কেছেট, কিতাপ, মডেল, প্রদর্শনী, পুতলা নাচ আদিৰ দ্বাৰা তেওঁলোকক বিভিন্ন ধৰণে শিক্ষা দিব পাৰি।

 (গ) সামাজিক কার্যঃ 

বনভোজ নাইবা ক্ষেত্র ভিত্তিক ভ্রমণ সন্তানৰ লগত  অভিভানকো বলে শিক্ষক তথা জন্য অভিভাৱকৰ লগত মিলামিছা, বন্ধুত্ব আৰু বাকোন গঢ়ি তুলিবলৈ সহ হয়। এনেকুৱা পৰিস্থিতিত বহুতো মাতৃয়ে শিশুক চোৱাচিতা কৰাত শিক্ষক গৰাকীক সহায় কৰিবলৈও আগবাঢ়ি আহে। এই ধৰণৰ প্রাথমিক অভিজ্ঞতার দ্বারা তেওঁলোকে শিশুৰ অনুসন্ধিৎসু মনৰ হেঁপাহ আৰু সৃষ্টিশীল প্রতিভা কিদৰে পূৰণ আৰু বিকাশ কৰিব পাৰি তাকো শিকিব পাৰে। ক্রীড়া কেন্দ্ৰৰ খেল ধেমালি আৰু বিভিন্ন উৎসসমূহ এনেধৰণে আয়োজন কৰিব লাগে যাতে শিশু আৰু অভিভাৱক উভয়ে সেইবোৰ কৰিব পাৰে। 

(ঘ) গৃহ দর্শন বা গৃহপৰিদৰ্শন :

 শিশুটো সম্পর্কে প্রয়োজনীয় খা-খবৰ সংগ্ৰাহকৰাৰ এটা গুরুত্বপূর্ণ উপায় হৈছে গৃহদর্শন (পৰিদৰ্শন)। শিক্ষকে অভিভাৱকৰ লগত দিন এটা ঠিক কৰি তেওঁলোকৰ ঘৰলৈ যায়। শিশুটোৰ ঘৰখনৰ পৰিবেশ ভালদৰে হৃদয়ঙ্গম কৰি শিক্ষক গৰাকীয়ে শিশুটোক উপযুক্তভাৱে সহায় কৰে। 

(ঙ) অভিভাৱকৰ শিক্ষা:

 অভিভাৱকসকলোকো বিভিন্ন দিশত জ্ঞান আৰু দক্ষতা প্রদান কৰাৰ উদ্দেশ্যে প্রতিমাহত এবং নতুবা প্রতি দুমাহত এবাৰকৈ ক্রীড়াকেন্দ্ৰত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই উদ্দেশ্যে আয়োজন কৰা শ্রেণীসমূহ/ সভাসমূহ অভিভাৱকৰ পছন্দ অনুযায়ী কৰিব লাগে। প্রতিষেধকৰণ, শাৰীৰিক সৃষ্টতা দূৰীকৰণৰ বাবে মৌখিক ব্যৱস্থা, শিশুৰ বাবে সাধু, পেলনীয়া সামগ্ৰীৰ পৰা পুতলা বনোৱা ইত্যাদিৰ সম্বন্ধে শ্ৰেণীৰোৰ হ’লে অভিভাৱকসকল উপকৃত হ’ব পাৰে।

 (চ) ব্যক্তিগত আলোচনাঃ 

কিছুমান অভিভাৱকে নিজ সন্তানৰ কথা মুকলিকৈ সভাত আলোচনা কৰিবলৈ সংকোচ ৰোধ কৰিব পাৰে কিন্তু শিক্ষক গৰাকীৰ লগত ব্যক্তিগতভাৱে বিনাসংকোচে আলোচনা কৰিব পাৰে। এই ধৰণৰ অভিভাবক শিক্ষক গৰাকীয়ে ব্যক্তিগত আলোচনাৰ সুযোগ দিব লাগে যাতে শিশুটোৰ কোনো সমস্যা বুজাত বা বিকাশ সম্বন্ধীয় দিশৰ প্ৰতি শিক্ষকে মনোযোগ নিব পাৰে। এনেকুৱা ব্যক্তিগত আলোচনা বৰ বেছি পৰিকল্পিত বা একেবাৰে মামুলি ধৰণৰ হ’ব নালাগে। 

২। মহিলা মণ্ডলে ক্রীড়া কেন্দ্ৰ এটাক কিদৰে সহায় কৰিব পাৰে? 

উত্তৰ ঃ মহিলা মণ্ডলসমূহ হৈছে পঞ্জীয়নভুক্ত স্থানীয় মহিলাসকলৰ সংগঠন। ক্রীড়া কেন্দ্ৰ এটা সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত মহিলা মণ্ডলে এক মুখ্য ভূমিকা পালন কৰিব পাৰে বিশেষ কিছুমান কাৰ্যৰদ্বাৰা যিবোৰ হৈছে:

  1.   অভিভাৱকসকলক ক্রীড়া কেন্দ্ৰটোক সহায়-সহোযাগ কৰিবলৈ উৎসাহ যোগাপ পাৰে, তেওঁলোকৰ ল’ৰা-ছোৱালীক কেন্দ্ৰটোক ভর্তি কৰাবলৈ আৰু খেলা সামগ্ৰী তথা অন্য সামগ্রী তথা অন্য আহিল৷ পাতি যোগাৰ কৰাত সহায় কৰিব পাৰে। 
  2.  নিয়মীয়া সভা অনুষ্ঠিত কৰা।
  3.  শিশুৰ বাবে ক্রীড়া কেন্দ্ৰ গুৰুত্বৰ বিষয়ে সম্প্ৰদায়ৰ মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰা। 
  4.  ক্রীড়া কেন্দ্র সফল কাৰ্য সম্পাদনৰ বাবে সম্প্ৰদায়ৰ অংশগ্রহণ বৃদ্ধি কৰা ইত্যাদি। 

৩। ক্রীড়া কেন্দ্ৰত সম্প্ৰদায়ৰ অংশ গ্ৰহণ কৰাবলৈ কেন্দ্ৰটোৰ শিক্ষকগৰাকীয়ে কি কি কাৰ্যসূচী গ্ৰহণ কৰে তাক জানিবলৈ তেওঁৰ সাক্ষাৎকাৰ লোবা। 

উত্তৰ : সম্প্রদায় এটাত ওচচুবুৰীয়া পৰিয়ালৰ ব্যক্তি, সমাজ কৰ্মী আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীকে ধৰি সকলো লোক নিহিত হৈ থাকে। যিটো সম্প্ৰদায়ৰ বাবে (বা মাজত) ক্রীড়াকেন্দ্র এটাই কার্য সম্পাদন কবে সেই সম্পদায়টো সম্পৰ্কে শিক্ষকগৰাকী ভালদৰে অৱগত হোৱা প্রয়োজন। তেওঁ নিজে কিছুমান প্রশ্ন অৱতাৰণা কৰি সম্প্ৰদায়চোৰ পৰিয়ালৰ লগত সেইবোৰ আলোচনা কৰিব লাগে। যেনে— সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীবিলাক স্বাস্থ্যবান আৰু ভালদৰে প্ৰতিপালিত নে? সিহঁতে সন্মুখনি হোৱা সমস্যাবোৰনো কি ? পৰিয়ালৰ খাদ্যভ্যাস কি? তেওঁলোকৰ প্ৰাধান্যসমূহ কি কি? মাতৃসকলে তেওঁলোকৰ ল’ৰা-ছোৱালীক নিজৰ দুগ্ধ খুৱায় নে? শিশু জন্মৰ পিছতেও পোৱা মাতৃ দুগ্ধখিনি পেলাই দিয়ে নে? তেওঁলোকে শিশুটোক কেতিয়াৰ পৰা অৰ্ধগোটা আহাৰ খুৱাবলৈ আৰম্ভ কবে? তেওঁলোকে সেউজীয়া শাক-পাচলি আৰু হালধীয়া ৰঙৰ ফল-মূল খায়নে আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীকো দিয়েনে? শিশুসকলক খেলিবলৈ পিতৃ-মাতৃয়ে অনুমতি দিয়েনে? শিশুসকলৰ খেলা-ধূলাৰ বাবে কেনেকুৱা ধৰণৰ সা-সুবিধা আছে? তেওঁলোকৰ ল’ৰা-ছোৱালীবিলাকে বেমাৰৰ প্ৰতিষেধক ব্যৱস্থা লৈছে নে? যদি লোৱা নাই কিয় ? 

পৰিয়ালে প্ৰাক্‌ বিদ্যালয়ৰ সুবিধাসমূহ কি দৰে ব্যৱহাৰ কৰে? সম্প্রদায়টোত প্রাথমিক বিদ্যালয় আছেনে? সম্প্ৰদায়ত পৰিৱেশৰ অনাময় ব্যৱস্থা কেনেকুৱা ? তেওঁলোকৰ সম্প্ৰদায়ত খোৱা পানীৰ উৎস কি? ই নিৰাপদনে? ইয়াৰ পৰা ডায়েৰীয়া বা অন্য অসুখ হয় নেকি? অঞ্চলটোত কিবা সংক্রামক বা মহামাৰী জাতীয় অসুখ হয় নেকি? প্ৰতিৰোধৰ বাৰে কেনেকুৱা ব্যৱস্থা লোৱা হৈছে? সম্প্রদায়টোত কিবা বিকাশমূলক কাৰ্যসূচী চলি আছেনে? সম্প্ৰদায়টোৰ নেতা কোন আৰু ক্ৰীড়াকেন্দ্ৰ এটাত কাম কৰি থকা সংগঠনসমূহ কি কি? 

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 4 Comments

Leave a Reply