NIOS| Psychology (328) Notes/Answer|Chapter-29 চাপ আৰু তোমাৰ স্বাস্থ্য

NIOS| Psychology (328) Notes/Answer|Chapter-29 চাপ আৰু তোমাৰ স্বাস্থ্য| (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Psychology (328) Notes/Answer|Chapter-29 চাপ আৰু তোমাৰ স্বাস্থ্য

NIOS| Psychology (328) Notes/Answer|Chapter-29 চাপ আৰু তোমাৰ স্বাস্থ্য

 (29.1. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰঃ)

 তলত দিয়াবোৰৰ চমু উত্তৰ দিয়া। 

(ক) মানসিক চাপ কি? 

উত্তৰ: আভ্যন্তৰীণ হেঁচা (মানসিক) দৰাচলতে কিছুমান অপৰিহাৰ্য উপাদান বা বাহ্যিক কাৰণৰ বাবে পৰে। 

(খ) বিভিন্ন প্ৰকাৰৰ মানসিক চাপৰ নাম লিখা। 

উত্তৰ: যোগাত্মক আৰু ঋণাত্মক ফলাফল। 

29.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ ঃ 

1. তলত দিয়া প্রশ্নসমূহ সঁচা নে মিছা লিখা। 

(ক) মানসিক চাপৰ বাবে বিচনাত পেচাৰ কৰে। সঁচা/মিছা

 উত্তৰঃ মিছা 

(খ) কথা লাগি ধৰা আৰু মঞ্চত ভাষণ দিবলৈ ভয় কৰাৰ মুখ্য কাৰণ হ’ল— উদ্বিগ্নতা আৰু ভয়তে বিতত হোৱা অৱস্থাৰ সৃষ্টি হোৱা। সঁচা/মিছা

 উত্তৰ: সঁচা 

(গ) যেতিয়া মানসিকভাৱে এজন মানুহ ভাৰাক্ৰান্ত হয়, তেতিয়া সাধাৰণতে মানুহ শাৰীৰিকভাৱে দুৰ্বল হৈ পৰে আৰু জ্বৰ-কাহ আদি বেমাৰৰ উপসৰ্গই দেখা দিয়ে। সঁচা/মিছা

 উত্তৰঃ সঁচা 

2. মানসিক চাপৰ ফলত দেখা স্বাস্থ্যৰ বিসংগতিসমূহৰ (শাৰীৰিক আৰু মানসিক) বিষয়ে লিখা। 

উত্তৰ: পাকস্থলীৰ ঘা, ৰোগ (asthma), উচ্চ চাপ, পেট ফুলি থকা আদি।

 3. আমি কেনেকৈ দৈনন্দিন জীৱনত দেখা দিয়া মানসিক সমস্যার মোকবিলা কৰিম ?

 উত্তৰ: ব্যায়ামৰ দ্বাৰা শৰীৰ শিথিল করা, সময়ৰ স’তে খোজ দিয়া বা সময় মানি না, যোগাত্মক চিন্তা-চৰ্চা। 

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ 

১। মানসিক চাপ বুলিলে কি বুজা ? উদাহৰণ দিয়া। 

উত্তৰ : মানসিক চাপ আচলতে এক প্ৰকাৰৰ হেঁচা, য’ত কিছুমান অস্থিৰ বা উদ্বিগ্নতাৰ ভৰা অভিজ্ঞতা অৰ্জন কৰা হয়। কেতিয়াবা নিজৰ বাবে, অন্য ব্যক্তিৰ পৰা আৰু আমাৰ পৰিৱেশৰ পৰাও মানসিক হেঁচা বা চাপ অনুভৱ কৰা হয়। নিজৰ দ্বাৰা সৃষ্টি কৰা চাপবোৰ : ধৰি লোৱা তুমি পৰীক্ষাৰ বাবে কোনো প্রস্তুতি কৰা নাই আৰু পৰীক্ষাৰ আগদিনা সকলো পঢ়ি শেষ কৰিব বিচাৰিছা। তুমি কিন্তু সকলো পঢ়ি বা শিকি শেষ কৰিব নোৱাৰা। লাহে লাহে তোমার মানসিক উদ্বেগ বাঢ়িবলৈ আৰম্ভ কৰিবা। এয়া এক মানসিক চাপত সোমাই পৰিছা। 

মানসিক চাপ সদায় ঋণাত্মক নহয়। উদাহৰণস্বৰূপে উল্লেখ কৰিব পাৰি যে, তুমি যদি কোনো পৰীক্ষাৰ আগতে উদ্বিগ্ন বা উৎকণ্ঠিত নোহোৱা, তুমি নিশ্চয় নিজকে পৰীক্ষাৰ বাবে সাজু কৰি তুলিব নোৱাৰিবা আৰু ফলাফল কেতিয়াও আশানুরূপ নহ’ব। কেতিয়াবা অকণমান মানসিক উৎকণ্ঠাই আমাৰ যিকোনো কামৰ ফলাফল যোগাতক কৰি তোলে। সেয়েহে মানসিক চাপৰ যোগাত্মক দিশটোক “eustress” বোলে, যাৰ অৰ্থ হ’ল – ‘যোগাত্মক ফলাফল’। ঋণাত্মক মাত্রাক কোৱা হয় – “Distress” অর্থাৎ যাতনা বা পীড়া বুলি।

 পৰিবেশৰ দ্বাৰা সৃষ্টি কৰা মানসিক চাপবোৰ ঃ 

ধৰি লোৱা, তোমাৰ শস্যখিনি পকিছে আৰু চপাবৰ সময় হৈছে। কিন্তু হঠাৎ দীঘলীয়া বৰষুণে তোমাক অসহায় আৰু উদ্বিগ্ন কৰি তুলিছে। গতিকে বতৰৰ বাবেই তোমাৰ মানসিক চাব বাঢ়িছে।

 আনৰ দ্বাৰা সৃষ্ট মানসিক চাপসমূহ : 

ধৰা হ’ল সকলোফালৰ পৰাই তোমাৰ পদোন্নতি হ’ব লাগে। কিন্তু তুমি কাম কৰা সংগঠন বা অনুষ্ঠানটোৰ হেমাহিৰ বাবে সেয়া হৈ উঠা নাই। গতিকে আনৰ বাবে তোমাৰ মানসিক হেঁচা বাঢ়ি গৈছে।

 ২। মানসিক চাপৰ বিভিন্ন প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে লিখা।

 উত্তৰঃ চাপৰ প্ৰতিক্ৰিয়াৰক আমি কেইবাটাও ভাগত ভাগ কৰিব পাৰো। দৈহিক, ভাবপ্রবণ, প্রজ্ঞানাতক আৰু আচৰণসূচক। 

১। দৈহিক বা শৰীৰতাত্বিক প্রতিক্রিয়াসমূহঃ 

এই প্ৰতিক্ৰিয়াৰ ফলত মানৱ শৰীৰত চলি থকা ক্রিয়াসমূহত বাধা আহি পৰে আৰু মানসিক চাপ ইয়াৰ ঘাই কাৰণ। মানৱ শৰীৰত মানসিক চাপৰ ফলত দেখা দিয়া প্ৰতিক্ৰিয়া হ’ল— 

  1.  হৃদযন্ত্ৰ আৰু নাড়ী-স্পন্দনৰ ক্ৰিয়া বেছিকৈ বাঢ়ে।
  2.  মাংশপেশীবোৰ স্নায়বিক কাৰণত টন্‌টনীয়া হৈ উঠে। 
  3.  ডিঙি আৰু মুখ শুকাই যায়। 
  4.  পেটটো বেয়া লাগে। 
  5. কঁপনি উঠা। ইত্যাদি।

 সাধাৰণতে, দুৰ্বল

শৰীৰত যিকোনো ধৰণৰ বেমাৰে দেখা দিব পাৰে; কাৰণ মানসিক হেঁচাই প্ৰথমতেই শৰীৰটো অকামিলা কৰি তোলা। সেয়েহে এই লক্ষণসমূহক কোৱা হয় – মনোদৈহিক প্ৰতিক্ৰিয়া বুলি। ঠিক সেইদৰে যদি আমাৰ উশাহ-নিশাহৰ ক্ৰিয়াটো দুৰ্বল হয়, তেন্তে মানসিক চাপ বৃদ্ধি পায় আৰু শেষত ই এজমা বা শ্বাসৰোগলৈ পৰিৱৰ্তিত হ’ব পাৰে। মানসিক চাপে, আমাৰ যদি খাদ্য হজম প্রক্রিয়া ঠিক নাথাকে তেতিয়া সহজেই আক্ৰমণ কৰে। ফলত ভিতৰত ঘা হ’ব পাৰে। সেয়েহে মানসিক চাপে আমাৰ নিৰোগী এটা শৰীৰ বেমাৰী কৰি তুলিব পাৰে। 

২। ভাবপ্রবণ প্রতিক্রিয়াসমূহ: 

অনুভূতিমূলক অথবা ভাবপ্রবণ প্রতিক্রিয়া সাধাৰণতে আৱেগিক। মানসিক চাপত ভোগা মানুহৰ সাধাৰণতে কিছুমান বিশেষ লক্ষণ দেখা যায়। যেনে বিষণ্ণতা, খং, বদমেজাজী বা হঠাৎ খং উঠা, অধিক আবেগিক আদি। 

৩। প্রজ্ঞানাত্মক প্রতিক্রিয়াসমূহ: 

তলত উল্লেখ কৰা প্রতিক্রিয়াসমূহ আমি এইকেইটা ভাগত ভাগ কৰিব পাৰোঁ—

 (ক) অতি কম মনোযোগ

 (খ) কোনো এটা নতুন কথা একোটা উৎসাহতে শিকিব নোৱৰা। 

(গ) পাহৰি যোৱাৰ স্বভাৱ। 

(ঘ) সময়ত সঠিক সিদ্ধান্ত ল’ব নোৱৰা । 

(ঙ) বিপাঙত পৰা। (চ) বদ্ধমূল ধাৰণা। 

(ছ) বিয়োগাত্মক বা বেয়া চিন্তা-ধাৰণা প্ৰকৃতিৰ লগত শাৰীৰিক, অনুভূতিমূলক আৰু প্ৰজ্ঞানাত্মক ধাৰণাসমূহৰ গোপন প্রতিক্রিয়া ঘটে। অন্য কথাত ক’বলৈ হ’লে, প্রত্যেক ব্যক্তির ক্ষেত্রতে এই স্বভাৱসমূহ বিদ্যমান হৈ থাকে, কেতিয়াবা ইয়াক বাহ্যিক ৰূপত দেখা যায়। এই আচৰণসমূহ হ’ল 

(ক) কন্দা কটা কৰা

 (খ) অসংলগ্নভাবে কথা কোৱা

 (গ) কোনো সম্বন্ধ নথকা বক্তৃতা বা কথা 

(ঘ) আঘাত কৰা

 (ঙ) জোৰেৰে ভঙা আঘাত কৰা বা প্রচণ্ড আঘাত কৰা। আদি। 

৩। মানসিক চাপৰ উৎসসমূহ কি কি? 

উত্তৰঃ মানসিক চাপ বা হেঁচাৰ উৎসবোৰক আমি চাৰি ভাগত ভাগ কৰিব পাৰোঁ। যেনে— পৰিয়াল, বৃত্তিগত/শৈক্ষিক, ব্যক্তিগত আৰু পৰিবেশ সংক্রান্তীয়। 

(ক) পৰিয়ালঃ 

তোমাৰ পৰিয়ালৰ কোনো সদস্যৰ খুব জটিল বেমাৰ হোৱাৰ বাবে তুমি মানসিক চাপত আছা। গতিকে মানসিক চাপৰ উৎস হৈছে তোমাৰ পৰিয়াল। অন্যহাতে পৰিয়ালকেন্দ্রিক আন কেতবোৰ মানসিক চাপ। যেনে টকা-পইচাৰ নাটনি, গিৰিয়েক-ঘৈণীয়েক মাজত মনোমালিন্য আদি । 

(খ) বৃত্তিগত/ শিক্ষাগত : 

এজন ছাত্ৰ বা ছাত্ৰীৰ মানসিক চাপ হৈছে পৰীক্ষা বা হোষ্টেল সংক্রান্তীয়। অন্যহাতেদি এজন শিক্ষকে যদি ভালকৈ শিক্ষা দিব নোৱাৰে, তেতিয়াও মানসিক চাপ লক্ষ্য কৰা দেখা যায়। তাৰোপৰি বৃত্তিগত সমস্যাৰ ক্ষেত্ৰত কম দৰমহা, মালিকৰ কঠোৰ নিৰ্দেশ, সহকর্মী বা তলতীয়া কৰ্মীৰ অসহযোগ, কাম কৰা পৰিৱেশ নথকা আদি কাৰণবোৰেই ঘাইকৈ মানসিক চাপৰ উপাদান। 

(গ) ব্যক্তিগত ঃ 

ব্যক্তিগত মানসিক চাপৰ ভিতৰত, যেেেন নিজকে অদক্ষ বুলি ভবা, হীনমন্যতা আৰু অসুৰক্ষিত বুলি ভবা আদি । 

(ঘ) পৰিৱেশ সংক্রান্তীয় : 

পৰিৱেশ সংক্রান্তীয় কিছুমান চাপ, যেনে— হঠাৎ জুই লগা, খৰাং, ভূমিকম্প, সাগৰীয় প্ৰবল ঢৌ বাবক আৰু ধুমুহা, বানপানী আদি। বেছি জনসংখ্যা, অতি বেয়া শৌচ-পেচাব বা নলা-নৰ্দমাৰ ব্যৱস্থা, প্রদূষণ আদিও পৰিৱেশ সংক্ৰান্তীয় চাপ।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 4 Comments

Leave a Reply