NIOS| Psychology (328) Notes/Answer|Chapter-26 আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰা

NIOS| Psychology (328) Notes/Answer|Chapter-26 আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰা| (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Psychology (328) Notes/Answer|Chapter-26 আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰা

NIOS| Psychology (328) Notes/Answer|Chapter-26 আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰা

 ঐচ্ছিক মড্যুল ঃ ৬ (খ) 

 26.1. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ 

তলত দিয়াবোৰৰ মিলাই লিখা(খ)

(ক )
1. নবজাতক 
2. কৈশোৰ 
3. আগতীয়া বাল্যকাল 
4. সংজ্ঞানাত্মক প্রক্রিয়া 
5. সংজ্ঞাত্মক প্রক্রিয়া 
6. সামাজিক প্রক্রিয়া 
7. জৈবিক প্রক্রিয়া
(ক) উচ্চতাৰ বৃদ্ধি
(খ) ২-৬ বছৰসমূহ 
(গ) ১৮/১৯ বছৰৰ পৰা ৪০বছৰসমূহ 
(ঘ) বন্ধুত্ব স্থাপন
(ঙ) জন্মৰ পৰা ১ মাহ
(চ) মোবাইলত খেল খেলা
(ছ) ১১-১২ বছৰৰ পৰা ১৮-১৯বছৰলৈ

উত্তৰ:

1. নৱজাতক
2. কৈশোৰ 
3. আগতীয়া বাল্যকাল 
4. সংজ্ঞানাত্মক প্রক্রিয়া 
5. সংজ্ঞাত্মক প্রক্রিয়া 
6. সামাজিক প্রক্রিয়া
7. জৈৱিক প্ৰক্ৰিয়া 
(ঙ) জন্মৰ পৰা ১ মাহ
(ছ) ১১-১২ বছৰৰ পৰা ১৮-১৯ বছৰলৈ।
(গ) ১৮/১৯ বছৰৰ পৰা ৪০ বছৰসমূহ
(খ) ২-৬ বছৰসমূহ
(চ) মোবাইলত খেল খেলা 
(ঘ) বন্ধুত্ব স্থাপন  
(ক) উচ্চতাৰ বৃদ্ধি 

26.2. পাঠা অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ) 

তলত উল্লেখ কৰা বাকাসমূহৰ শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—

 1. বিকাশ সদায় একে হাৰত অগ্ৰসৰ হয়। শুদ্ধ/অশুদ্ধ 

উত্তরঃ অশুদ্ধ

 2. বিকাশ মাথোঁ পৰিবেশৰ দ্বাৰাহে প্ৰভাবিত হয়। শুদ্ধ/অশুদ্ধ

 উত্তৰ: অশুদ্ধ 

3. বুদ্ধি আৰু বিকাশৰ অৰ্থ একে। শুদ্ধ/অশুদ্ধ 

উত্তৰ: অশুদ্ধ 

4. বিকাশ সাধাৰণতে সংঘটিত হয় একে অনুক্রমত। শুদ্ধ/অশুদ্ধ

 উত্তৰ: শুদ্ধ 

5. গৰ্ভৱতী মহিলাৰ স্বাস্থ্যই শিশুটোৰ স্বাস্থ্যৰ বিকাশৰ ওপৰত প্ৰভাৱ পেলায়। শুদ্ধ/অশুদ্ধ 

উত্তৰ: শুদ্ধ 

6. পাৰিবাৰিক অশান্তিয়ে শিশুৰ বিকাশৰ ওপৰত প্ৰভাৱ পেলায়। শুদ্ধ/অশুদ্ধ 

উত্তৰ: শুদ্ধ

 7. শিশুক পৰিবেশৰ লগত যিমানেই সম্পৰ্ক স্থাপন কৰিব দিয়া হয় সিমানেই তাৰ বিকাশ লেহেম হয়। শুদ্ধ/অশুদ্ধ

 উত্তৰ: অশুদ্ধ

৪. আমাৰ শিক্ষণ ক্ষমতা আমাৰ বংশগতিৰ দ্বাৰা নিৰূপিত হয়। শুদ্ধ/অশুদ্ধ – 

উত্তৰঃ শুদ্ধ 

26.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

 তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ শিশুৰ বিকাশৰ কোন কোন ক্ষেত্ৰত দেখা দিয়ে লিখা। 

1. সহযোগিতামূলক খেলা-ধূলা

 উত্তৰ : সামাজিক বিকাশ 

2. দোষ 

উত্তৰ : আৱেগিক বিকাশ 

3. বস্তুৰ স্থায়িত্বশীলতা

 উত্তৰ: সংজ্ঞাত্মক বিকাশ

4. লিংগ ভূমিকাৰ বিষয়ে শিকা

 উত্তৰ: সামাজিক বিকাশ

 5. এদ্ধাৰৰ প্ৰতি ভয় 

উত্তৰ: আৱেগিক বিকাশ 

6. কাল্পনিক বন্ধু 

উত্তৰ : সামাজিক বিকাশ 

7. জঁপিও বা লৰা-ঢপৰা কৰা

 উত্তৰ: দৈহিক বিকাশ 

৪. কটা আৰু আঠা লগোৱ

 উত্তৰঃ দৈহিক বিকাশ 

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ :

 1. বুদ্ধি আৰু বিকাশৰ নীতিসমূহ লিখা।

 উত্তৰ: বিভিন্ন প্ৰকাৰৰ বিকাশমূলক পৰিৱৰ্তনস্হৰ আৰত কিছুমান নিৰ্দিষ্ট নীতি পৰিলক্ষিত হয়। এনেকুৱা ধৰণৰ কিছু নীতি তলত উল্লেখ কৰ হ’ল:

  1.  বৃদ্ধি আৰু বিকাশে এক শৃংখলাবদ্ধ গতি মানি চলে।
  2. প্ৰতিটো শিশুৱে নিজৰ বৈশিষ্ট্য থকা একাধিক স্তৰ বা পৰ্যায় অতিক্রম কৰে। 
  3.  বিকাশৰ হাৰ আৰু ধহৰণত ব্যক্তি-পার্থক্য পৰিলক্ষিত হয়।
  4. মানৱ জীৱনৰ বিকাশ নিৰন্তৰ আৰু সামগ্রীকভাৱে সংঘটিত হয় যদি 

দেহৰ প্ৰতিটো অংশৰ বিকাশ ভিন ভিন হাৰত সম্ভৱ হয়। সাধাৰণতে গতি দুটা প্রধান দিশে আগবাঢ়ি যায়। 

(ক) শিৰ পুচ্ছৰ বিকাশ অর্থাৎ‍ বিকাশৰ গতি মস্তিষ্কৰ পৰা আৰম্ভ কৰি দেহৰ নিম্নাংশলৈ ক্ৰমাগতভাৱে সংঘটিত হয়। 

(খ) সাধাৰণৰ পৰা বিশিষ্টঃ অর্থাৎ বিকাশ সংঘটিত হয় দেহৰ সোমাজ বা কেন্দ্ৰ পৰা কাষৰ অংগ প্রত্যংগলৈ। সেইবাবে শিশুৱে ৰাজহাড়ৰ নিয়ন্ত্ৰণ জ্ঞতা বাহু, আঙুলি আদি বিশেষ অংগতকৈ আগতে লাভ কৰে।

2. এটা প্রকৃত বয়সতকৈ ডাঙৰ শিশু আৰু এটা প্ৰকৃত বয়সতকৈ সৰু শিশুক বাছি উলিওৱা আৰু সিহঁতৰ বিকাশৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহ চিনাক্ত কৰা l

  (ক) শিৰ পুচ্ছৰ ঃ 

বংশগতিয়ে আমি আশাৰ পূৰ্বপুৰুষসকলৰ পৰা জন্মগতভাবে কি বহন কৰো তাকে বুজায়। ইয়াত আমাৰ দৈহিক অবয়ব যেনে— ওথ, চাপৰ আদিব নিৰ্ধাৰিত হয়। তাৰোপৰি বৌদ্ধিক সামৰ্থ্য তথা অন্য বহুত শাৰীৰিক, মানসিক, মনো-সামাজিক আচৰণৰ দিশসমূহো বংশগতিৰ দ্বাৰাই নির্ণীতি হয়।

 (খ) জন্মপূর্বকালীন পৰিবেশঃ

 শিশু এটাৰ পৰৱৰ্তী বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত মাতৃ গৰাকীৰ গৰ্ভকালীন অৱস্থা এক গুৰুত্বপূৰ্ণ কাৰক। এই অৱস্থাত যদি মাতৃয়ে পুষ্টিহীন খাদ্য গ্ৰহণ কৰে অথবা বেমাৰ-আজাৰত আক্ৰান্ত হয় আৰু কিছুমান ক্ষতিকাৰক দৰৱ গ্ৰহণ কৰে, তেন্তে শিশুৰ বৃদ্ধিত বেয়াকৈ প্ৰভাৱ পৰিব পাৰে।

 (গ) পুষ্টি ঃ

 শিশু এটা সুস্থ বিকাশৰ বাবে আৱশ্যকীয় পৰিপুষ্টিৰ অতিকে প্রয়োজন। পুষ্টিহীনতাত ভোগ শিশুৰ বৃদ্ধিৰ গতি লেহেম ততা বিসংগতিপূর্ণ। হয়। 

(ঘ) মানসিক স্তৰ ঃ

 উন্নত বুদ্ধি শিশুৰ দ্ৰুত বিকাশহৰ লগত আনহাতে নিম্ন বুদ্ধি বিভিন্ন বাধাগ্রস্ত দিশৰ লগত সম্পর্কিত হৈ আছে। শৰীৰ আৰু মগজুৰ মাজত ওতঃপ্রোত সম্পর্ক আছে বাবে ‘সুস্থ মন এটা সুস্থ শৰীতেহে সম্ভৱ হয় বুলি কোৱা হয়। 

(ঙ) গৃহৰ আৱেগিক পৰিবেশ :

 শিশুৰ ঘৰখনৰ পৰিবেশ যদি অশান্তিদায়ক, হাইকাজিয়াৰে ভৰা অথবা শিশুটোৱে যদি পর্যাপ্ত মজাম, চেনেহ, আদব, যত্ন আদি নাপায় আৰু শাৰীৰিক, মানসিকভাৱে নির্বাদিত হয়, তেন্তে তেনে শিশুৰ বিকাশে বাধাগ্রস্ত হয়। গৃহ পৰিৱেশৰ শান্ত, সহনশীল অবস্থা আৰু আনৰ প্রতি শ্রদ্ধা মনোভোৱে শিশুৰ বিকাশৰ ওপৰত সুখ প্ৰভাৱ পেলায়। 

(চ) শিশুৰ স্বাস্থ্যঃ 

শিশুৰ বৃদ্ধি-বিকাশৰ ওপৰত সিহঁতৰ স্বাস্থাই যথেষ্ট প্রভা পেলোৱা দেখা যায়। শিশু যদি সঘনাই বেমাৰ-আদাৰত আক্রান্ত হয়, দৈহিক ভাৱে যদি বিসংগতিপূর্ণ বা অক্ষম হয় নাইবা অন্তক্ষরা গ্রন্থিসমূহৰ কাৰ্যবাহ হ’’লৈ শিশুৰ বৃদ্ধি আৰু বিকাশে বাধাগ্রস্ত হ’ব। যিকোনো আভ্যন্তৰীণ দৈহিক জৈৱিক বিসংগতিয়ে শিশুৰ বিকাশত প্রভাবান্বিত কৰে।

 (ছ) উদ্দীপনাৰ স্তৰ : 

পৰিৱেশে শিশুৰ মনত কিমান উদ্দীপনাৰ সৃষ্টি কৰিব। পাৰে, পৰিবেশৰ বিভিন্ন দিশসমূহক কিদৰে উদ্ভাৱন কৰিব পাৰে, সমাজৰ অন্য ব্যক্তিসকলৰ লগত শিশুৰ সম্পৰ্ক স্থাপন বা আজ্ঞাক্ৰিয়াৰ সুবিধা আদিত্ৰো সিহঁতৰ বুদ্ধি-বিকাশত প্ৰভাৱ পেলায়। উদ্দীপনাই আমাক কোনো এটা কাম কৰিবলৈ মনৰ যি অৱস্থা তাক বুজার অর্থাৎ এজন ব্যক্তিক ব্যাস্ত ৰখাৰ এক উপায় হৈছে উদ্দীপনা। 

(জ) আর্থ-সামাজিক অবস্থা : 

শিশুৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ অর্থনৈতিক আৰু সামাজিক অৱস্থা আৰু সুবিধা আদিয়ে সিহঁতৰ বৃদ্ধি আৰু বিকাশত প্রভাৱ পেলোৱা দেখা যায়। শিশুৱে লাভ কৰা পৰিপুষ্টি, উৎসাহ উদ্দীপনা, বিভিন্ন সামাজিক সা-সুবিধা, পৰিয়ালৰ আৰ্থিক মানদণ্ড আদিয়ে শিশুৰ বিকাশ অনুকূল আৰু প্ৰতিকূল হিচাপে গঢ় দিয়ে। 

3. এটা তিনি বছৰীয়া শিশুক এসপ্তাহ সময় নিৰীক্ষণ কৰা আৰু তাৰ সামাজিক, আবেগিক, দৈহিক আৰু সংজ্ঞানাত্মক বিকাশৰ বিষয়ে লিখা। 

উত্তৰ : সংজ্ঞানাত্মক বিকাশঃ শিশুটোৱে উপলব্ধি কৰে যে পৃথিৱীখনৰ অস্তিত্ব সি বা তাই নেদেখিলেও আছে (বস্তুৰ স্থায়িত্বশীলতাৰ ধাৰণা) আনব দিশসমূহ ভালদলে বুজিব নোৱাৰে (আত্মকেন্দ্রিক ভার) যুক্তিসংগত চিন্তাৰ অভাৱ। 

সকলো প্ৰকাৰৰ বস্তুৰে (জড় বা জীব উভয়নে) প্রাণ থকা বুলি ভাবে (সর্বপ্রাণবাদতা)।

অধিক কল্পনাপ্রবণতা আৰু ক্ৰীড়াধরণতা। 

সমতলৰ উপস্থিতিয়ে খেলি মেলিৰ সৃষ্টি কৰে। 

সীমিত স্মৃতি শক্তি। 

বস্তুৰ কাৰণ কাৰ্য বা অন্তর্নিহিত সম্পৰ্কৰ বিষয়ে খেলিমেলি। বস্তুৰ ৰং, আকাস, আকৃতি, সংখ্যা, দিশ আদিৰ বিষয়ে প্রাথমিক ধারণা এটা বা দুটা শব্দ উচ্চাৰকণৰ পৰা ব্যাকৰণৰ নিয়মানুসাৰে বাক্য ক’ব পৰা আহৰণ কৰে। 

হয়।

 দৈহিক বিকাশ :

শিশু দৈহিক ওজন হয় ৩২-৩৩ পাউণ্ড আৰু উচ্চতা হয় ৩৭-৩৮ ইঞ্চি, এটা চিৰি জঁপিয়াব পাৰে, তিনিটা চকাৰ চাইকেল চলাব পাৰে, ছবি অঁকা পেঞ্চিল ধৰিব পাৰে আঠটা ব্লকৰ (টুকুৰা) লগ লগাই এটা দীঘল টাৱাৰ বনাব পাৰে। 

আবেগিক বিকাশঃ 

(শিশুটোৱে আনৰ পৰা পৃকক হোৱাৰ ভয় খায়, নঞার্থক মনোভাৱ মুখেৰে খং, দুখ আৰু আনন্দৰ প্ৰকাশ বেলেগ বেলেকৈ দেখুৱাব পাৰে, ৰসিকতাৰ অনুভূতি থাকে। 

আবেগিক বিকাশ ঃ 

পিতৃ-মাতৃৰ কামৰ নকল কৰিব পাৰে, স্বাধীন আৰু আকোৰগোজ ধৰণৰ হয়, নিজৰ অধীনত বস্তু ৰখা প্ৰৱণতা, এটা শিশুৰ লগত খেলি ভাল পায়। 

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 4 Comments

Leave a Reply