NIOS| Psychology (328) Notes/Answer|Chapter-30 চাপ পৰিচালনা আৰু কল্যাণ

NIOS| Psychology (328) Notes/Answer|Chapter-30 চাপ পৰিচালনা আৰু কল্যাণ| (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Psychology (328) Notes/Answer|Chapter-30 চাপ পৰিচালনা আৰু কল্যাণ

NIOS| Psychology (328) Notes/Answer|Chapter-30 চাপ পৰিচালনা আৰু কল্যাণ

 30.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ: 

তলত দিয়াবোৰৰ চমু উত্তৰ দিয়া। 

১। বায় ফিকে (Biofeedback) বা জৈৱ পূৰ্বানুবৃত্তিৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰ ঃ আমাৰ শৰীৰৰ অভ্যস্তৰত এক পৰিবৰ্তনে প্ৰতিক্ৰিয়া কৰাৰ ফলত কৰা। এজন মানুহ বা এগৰাকী মানুহে শৰীৰত আৰাম বা শিথিলতা অনুভৱ কৰে। 

২। প্ৰজ্ঞানাত্মক পদ্ধতিৰ দুটা উদাহৰণ দিয়া। 

উত্তৰ : চিন্তাৰ উদ্ৰেক বন্ধ কৰা, পদ্ধতিগতভাৱে সংবেদনহীন কবি তোলা আৰু যুক্তিপূর্ণভাৱে আৱেগক হ্রাস কৰিবলৈ প্ৰজ্ঞানাত্মক পৰিবেশ সলনি কৰিব লাগিব। 

30.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ ঃ 

তলত দিয়াবোৰ সঁচা নে মিছা লিখা। 

1. ভালে থকাটো মানে হ’ল এজন ব্যক্তিৰ সুস্থ শৰীৰ, মানসিকতা আৰু সামাজিক কার্যকাৰিতা। 

উত্তৰ: সঁচা 

2. সময় অপব্যয় কৰিলে পুনৰ ঘূৰি নাহে।

 উত্তৰ: সঁচা 

3. কোনো অগ্ৰাধিকাৰ নিদিয়াকৈ যদি আমি সকলো কাম একেলগে কৰোঁ সময় আমাৰ বাবে কোনো কাৰক হ’ব নোৱাৰে। 

উত্তৰ: মিছা 

4. সময়ৰ সৎ ব্যৱহাৰ হ’বলৈ প্ৰধানকৈ কৰ্ম দক্ষতা/পৰিকল্পনা আৰু অগ্ৰাধিকাৰৰ ওপৰত নজৰ দিব লাগে। 

উত্তৰ: সঁচা

 5. সমৰ হিচাপ-নিকাচ আৰু টকা-পহাৰ হিচাপ-নিকাচৰ মাজত পাৰ্থক্য আছে। 

উত্তৰ: মিছা 

(30.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

 তলত দিয়াবোৰ ইটোৰ লগত সিটো মিলোৱা 

১। যম (Yama)২। নিয়ম (Niyama) ৩। প্রাণায়াম (Pranayam) ৪। আসন (Asana) ৫। ধ্যান (Dhyan)(ক) যোগাভ্যাসৰ শাৰীৰিক দিশ (শাৰীৰিক ব্যায়াম) (খ) মনোযোগ আকৰ্ষণ কৰা (গ) নিজকে সংযম কৰাৰ অভ্যাস (ঘ) আচৰণসমূহ সঠিকভাবে নিৰীক্ষণ কৰা। (ঙ) উশাহ নিশাহ সঠিকভাবে পৰিচালনা কৰা।

 উত্তৰ: >

১। যম (Yama)২। নিয়ম (Niyama) ৩। প্রাণায়াম (Pranayam) ৪। আসন (Asana) ৫। ধ্যান (Dhyan)(গ) নিজকে সংযম কৰাৰ অভ্যাস (ঘ) আচৰণসমূহ সঠিকভাবে নিৰীক্ষণ কৰা। (ঙ) উশাহ নিশাহ সঠিকভাবে পৰিচালনা কৰা।(ক) যোগাভ্যাসৰ শাৰীৰিক দিশ (শাৰীৰিক ব্যায়াম) (খ) মনোযোগ আকৰ্ষণ কৰা 

30.4. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ

 1. ধ্যান কি ? ধ্যানৰ দুটা সুফলৰ বিষয়ে লিখা। 

উত্তৰ: ননোযোগ দিয়া, আভ্যন্তৰীণ শান্তি, মানসিক চাপ কমোৱা।

 2. তিনিটা সূক্ষ্ম পুষ্টিকৰ দ্ৰব্যৰ নাম লিখা।

 উত্তৰঃ কাৰ্বহাইড্ৰেট, প্ৰ’টিন, চর্বি বা স্নেহময় পদার্থ। 

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ 

1. মানসিকভাৱে চাপৰ লগত মোকাবিলা কৰিবৰ বাবে দুটা প্ৰজ্ঞানাত্মক কৌশলৰ বিষয়ে লিখা। 

উত্তৰ: চিন্তাৰ লগত অনুভৱ বা অনুভূতিৰ এক নিবিড় সম্পর্ক আছে। প্রত্যেক কাৰ্যৰ বিপৰীতে চিন্তা বা অনুভূতি বিদ্যমান। সেয়েহে আমি কেতিয়াবা ইয়াৰ দ্বাৰা আমাৰ ব্যৱহাৰিক দিশটোক সলনি কৰিব পাৰোঁ। শুদ্ধ চিন্তা-চৰ্চাই আমাক সঠিক আচৰণ শিকায় আৰু অশুদ্ধ চিন্তা-চৰ্চাই আমাক বিপথে পৰিচালিত কৰে। বেছি মানসিক হেঁচাই আমাক কেতিয়াবা বিপথে পৰিচালিত কৰিব পাৰে। অশুদ্ধ চিন্তা-চৰ্চাই আমাৰ মানসিকতাকো বিপথে পৰিচালিত কৰিব পাৰে। সেয়েহে বেয়া চিন্তা-চৰ্চাক আমি সঠিক ৰূপত সঠিক দিশলৈ আনি মানসিক সমস্যা বা চিন্তা-চৰ্চাক এক যোগাত্মক দিশলৈ গতি কৰাব পাৰোঁ।

 (১) প্ৰণালীবদ্ধ অনুভূতিহীনকৰণঃ

 চাপৰ শক্তিশালী প্ৰকাশৰ আকাৰ হিচাপে অপসমাযোজিত আচৰণ আৱেগিকভাৱে অতি সংবেদনশীলতাৰ দ্বাৰা বৈশিষ্ট্য প্ৰদান কৰি তোলা হয়। সেয়েহে ব্যক্তিজনে নিজৰ সংবেদনবোৰ পৰিস্থিতিৰ লগত খাপ খুৱাই লাহে লাহে কমাই আনিব লাগিব, যাতে কোনো ধৰণৰ মানসিক চাপ বা উদ্বিগ্নতা প্রকাশ নাপায়। অন্যথা পৰিস্থিতিয়ে ব্যক্তিজনৰ মানসিক স্থিৰতা সলনি কৰি দিব পাৰে। সেয়েহে ব্যক্তিজনে কল্পনা শক্তিৰ সহায়েৰেই মানসিক চাপৰ পৰা মুক্ত হ’ব লাগিব। 

(২) চিন্তা বন্ধকৰণ : 

অন্য এক প্রজ্ঞানাত্মক কৌশল বা পদ্ধতি হ’ল চিত্তাচৰ্চা বন্ধ কৰা। কিছুমান চিন্তাই মানুহক সমস্যাত পেলায়। এজন ব্যক্তিয়ে যদি অলাগতিয়াল আৰু জাসংগিক তথা কলাত্মক চিন্তা বাদ দিয়ে, তেতিয়া নিশ্চয় তেওঁৰ মানসিক হেঁচা কমিব। তেওঁ দৃঢ়ভাবে এনে চিন্তা-চৰ্চাক ‘বন্ধ’ বা নকৰিবলৈ মগজুক সাজু কৰি তুলিব লাগিব। এয়া একেদিনাই সম্পাদন কৰা সম্ভৱ নহয়। ইয়াৰ বাবে লাগিব এক দৃঢ় মানসিকতা। লাহে লাহে এই বেয়া চিন্তা মগজুৰ আঁতৰ কৰাত এজন ব্যক্তি সফল হ’ব আৰু অপ্রাসংগিক বা অপ্রয়োজনীয় চিত চৰ্চাৰ পৰা নিজৰ মানসিকতাক এৰাই চলােত সক্ষম হ’ব। 

(৩) যুক্তি নির্ভৰ আৱেগিক আচৰণৰ চিকিৎ‍সা :

 প্রজ্ঞনায়ক কৌশলৰ আন এক পৰীক্ষা হৈছে যুক্তিপূর্ণ আবেগ-উদ্দীপকৰ আচৰণৰ চিকিৎ‍সা, বিয়ে এজন ব্যক্তিৰ কোনো কথাক যুক্তিপূৰ্ণ আৰু সঁচা অৰ্থত যোগাত্মক দিশেৰে আগুৱাই নিব পাৰে। এইক্ষেত্ৰত ব্যক্তিজনে বুজিব পাৰে যে প্ৰতিটো কামৰ সফলতাৰ আঁৰত কিছুমান যুক্তি আৰু আইনগত নিয়ম থাকে, যাঁত এজন ব্যক্তিয়ে বহু কষ্ট আৰু সাধনাৰ অন্তত সফলতা পায়। নিজৰ লগত আমি যদি কিবা সমস্যাৰ বিষয়ে কথা পাতো তেতিয়াও আমি বহু পৰিমাণে যিকোনো মানসিক চাপ নিজৰ আয়ত্বলৈ আনিব পাৰোঁ। 

2. মানসিক চাপ কমোৱাৰ ক্ষেত্ৰত অভিৰুচি, জিৰণি আৰু অৱসাদৰ কি ভূমিকা?

 উত্তৰ: আমাৰ শৰীৰটোক চাপমুক্ত কৰিবৰ বাবে যোগাসন, ব্যায়াম, খোলা ধুলাৰ উপৰিও কিছুমান বৈজ্ঞানিক পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰোঁ। যাক আমি “ডিপ মাছল বিলেক্‌চেছন” বা মাংসপেশীৰ ভিতৰলৈ শিথিলতা অন্য বুলি ক’ব পাৰোঁ। ধৰা, এজন মানুহৰ মানসিক চাপ বা স্নায়ুবিক উত্তেজনা আৰু শাৰীৰিক শিথিলতা— এই দুয়োটাৰে অনুভৱৰ অভিজ্ঞতা শৰীৰৰ বিভিন্ন মাংসপেশীৰ দ্বাৰা ল’বলৈ কোৱা হ’ল। যদি মানুহজনে দুয়োটা কথাই বুজিব বা অনুভৱ কৰিব তেতিয়া ইয়াক “প্রগতিশীল মাংসপেশীৰ শিথিলতা” বুলিও ক’ব পাৰি কাৰণ তেওঁ যিমানে এই অভ্যাস কৰিব সিমানেই শৰীৰটোক এক নতুনত্ব প্ৰদান কৰিব পাৰিব। 

আমাৰ শৰীৰটোক অকণমান সকাহ দিবৰ বাবে বা শিথিল কৰিবৰ বাবে এক বিশেষ ইলেকট্রনিক পদ্ধতি প্রয়োগ কৰা হয়, যাক কোৱা হয়—বায় ফিডবেক অথবা জৈব পূর্বানুবৃত্তি বুলি। এই প্ৰক্ৰিয়াত চালৰ প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল হৈ মনলৈ অহা চম‍ৎকাৰী ধাৰণা অথবা মনোবৈজ্ঞানিক বিভিন্ন পৰীক্ষাৰ সহায়ত এজন মানুহৰ মানসিক চাপ বা শাৰীৰিক শিথিলতাৰ আভ্যন্তৰীণ প্রতিক্রিয়াসমূহৰ বিষয়ে জানিব পাৰি। এইক্ষেত্ৰত মানুহজনৰ মানসিক হেঁচাৰ সমস্যা বা শৰীৰক আৰাম বা শিথিলতা প্রদান কৰা বিষয়টো তেওঁ নিজৰ আয়ত্বলৈ আনিব পাৰিব। ইয়াত চাক্ষুষ আৰু শ্ৰৱণকেন্দ্রিক পূর্বানুবৃত্তিপ্রদান কৰা হয়। কাৰণ যেতিয়া মানুহজনে মানসিক চাপ অনুভৱ কৰিব, তেতিয়া নির্দিষ্ট ৰঙা লাইট জ্বলি উঠিব। সেয়া চাক্ষুষ প্রতিক্রিয়া। অন্যহাতে যেতিয়া মানুহজনে শৰীৰত এক প্রশান্তিব্য শিথিলতা অনুভৱ কৰিব ততিয়া সেউজীয়া লাইট জ্বলি উঠিব। সেয়েহে বা জৈৱ পূৰ্বানুবৃত্তিৰ যোগেদি যেতিয়া এজন মানুহে মানসিক চাপ কমোৱাৰ চিকিৎসা গ্ৰহণ কৰিব, সদায় যাতে সেউজীয়া লাইটটো জ্বলি উঠে, তাৰ প্ৰতি নজৰ দিয়া উচিত। লাহে লাহে যেতিয়া মানুহজন এই কার্যত সিদ্ধহস্ত হ’ব, তেতিয়া তেওঁ অন্যান্য সমস্যাৰা মোকাবিলা কৰিবলৈ শিকিব। 

3. সময়ৰ সঠিক পৰিচালনা কেনেকৈ কৰিবা? 

উত্তৰ : সময় মানুহৰ জীৱনৰ এক অমূল্য সম্পদ। সেয়েহে কোৱা হয় – “সময় হৈছে সোণ”, “সময় মূল্যবান”, “অতিবাহিত কৰা সময় পুনৰ ঘূৰাই পোৱা নাযায়”। আমি সময়মতেই কাম কৰিব লাগে। সেয়েহে সময়ৰ সঠিক ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰত বেছি কাম কৰি জীৱনৰ উন্নতি কৰিবলৈ চেষ্টা কৰিব লাগে। যেতিয়া আমি প্ৰণালীবদ্ধভাৱে কাম নকৰি একেলগে সকলো কাম সমাধা কৰিব বিচাৰোঁ তেতিয়া এক মানসিক হেঁচাৰ সৃষ্টি হয়। 

সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ হ’লে—

  1. কাম কৰাৰ সঠিক ক্ষমতা থাকিব লাগিব। 
  2.  পৰিকল্পনা 
  3. অগ্ৰাধিকাৰ ভিত্তিক কর্ম সম্পাদন। 

সঠিক সময়ৰ ব্যৱহাৰ এটা কৌশল, য’ত আমি যথেষ্ট সচেতন হোৱা অতি জৰুৰী। এইক্ষেত্ৰত আমি কোনটো কাম কেনেকৈ কৰিম নেয়া আচল কথা। ব্যক্তিগত, পাৰিবাৰিক আৰু বৃত্তিগত ক্ষেত্র বা সমস্যাৰ প্ৰতি নজৰ ৰাখি। সময়ৰ হিচাপ-নিকা কৰা হয়। অগ্ৰাধিকাৰ ভিত্তিত হ্রসম্যাদী আৰু দীর্ঘম্যাদী কামৰ বাবে সময়ক গুৰুত্ব দি কাম সম্পাদন কৰা হয়।

 4. শাৰীৰিক ব্যায়াম আৰু পুষ্টিয়ে আমাক কি দৰে সুৰক্ষিত কৰি ৰাখে ? 

উত্তৰ: ইংৰাজীত এযাৰ বাক্য আছে—”All work and no play makes Jack a dull boy”. যদি এজন মানুহে শাৰীৰিক ব্যায়াম নকৰে তেতিয়া তেওঁ সকলো কামতে সঠিকভাব সফল হ’ব নোৱাৰে। শাৰীৰিক ব্যায়ামে আমাৰ শৰীৰটোক সঠিকভাবে কাম কৰিবৰ বাবে শক্তি যোগায় আৰু মনটো পৰিষ্কাৰ কৰি ৰাখে। যদি কোনো ব্যক্তিয়ে কঠোৰ ব্যায়াম নকৰে তথাপি তেও সাধাৰণ কিছুমান ব্যায়াম যেনে – খোজ কঢ়া, ধীৰ গতিৰে দৌৰা, ৰছীৰে অপিওৱা, আদি কবি পাৰে। শাৰীৰিক ব্যায়ামে আমাৰ শৰীৰৰ প্রভূত উন্নতি সাধন কৰিব পাৰে। ইয়াৰ দ্বাৰা মাংসপেশীৰ সঞ্চালন লগতে আমাৰ তেজৰ চলাচল নিয়মিত হয়। তাৰোপৰি, আমাৰ মন আৰু শৰীৰে এক অনাবিল আনন্দ অনুভব করে। স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সমান্তৰালভাৱে সম পৰিমাণৰ পুষ্টিকৰ আৰু সুক্ষ্ম আহাৰৰ অতি প্রয়োজন। মানসিক চাপ বা সমস্যাক বাধা দিব লাগিলে আমাক এটা সুস্থ সবল শৰীৰৰ বৰ প্রয়োজন। ইংৰাজীত এবাৰ বাক্য আছে – 

“Sound mind exiss in a sound body”. এটা সুস্থ শৰীৰৰত এটা সুস্থ মন থাকে।” পুষ্টিকৰ খাদ্য আৰু শাৰীৰিক ব্যায়ামে এজন ব্যক্তিক সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰখাত সহায় কৰে। ইয়াত উল্লেখ কৰিব পাৰি যে আমাৰ শৰীৰৰ পুষ্টিসাধন আৰু গঠন প্ৰক্ৰিয়াত তিনিটা বিশেষ কার্যই ঘাইকে সহায় কৰে। যেনে— প্ৰ’টিন, কার্বহাইড্রেট বা শ্বেতসাৰ। আমি সদায় খাদ্যৰ লগত চালাড, সেউজীয়া শাক পাচলি আৰু সতেজ ফল-মূল খাব লাগে। খাদ্যৰ মাজত আমি কেতিয়াও কিছুমান বস্তু যেনে— চকলেট, চিপস্, পানীয়, মিঠাই বা বিস্কুট আদি খাব নালাগে। কাৰণ এইবোৰে আমাৰ শৰীৰত মেদবহুলতাৰ সৃষ্টি কৰে। আমিষ আহাৰতকৈ আমি সদায় পৰাপক্ষত নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। কাৰণ আমিষ আহাৰত প্ৰচুৰ পৰিমাণে আহজাতীয় খাদ্যপ্ৰাণ আৰু চৰ্বি থাকে। দিনে ৮ৰ পৰা ১০ গিলাচ বিশুদ্ধ পানী খালে আমাৰ শৰীৰৰ কোষবোৰৰ সতেজতা বাঢ়ে আৰু মূত্রাশয়ৰ যোগেদি শৰীৰৰ পৰা বেয়া তথা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ হৈ যায়। গতিকে স্বাস্থ্য সযতনে ৰাখিবলৈ হ’লে আমি প্ৰত্যেকেই সুষম আহাৰ খোৱাটো অতি প্রয়োজনীয়।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 4 Comments

Leave a Reply