NIOS| Psychology (328) Notes/Answer|Chapter-29 কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনা

NIOS| Psychology (328) Notes/Answer|Chapter-29 কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনা| (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Psychology (328) Notes/Answer|Chapter-29 কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনা

NIOS| Psychology (328) Notes/Answer|Chapter-29 কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনা

29.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ 

১। কাৰ্যসূচীৰ পৰিকল্পনাৰ সংজ্ঞা দিয়া। 

উত্তৰ : ক্রীড়া কেন্দ্ৰৰ আকাংক্ষিত লক্ষ্যত উপনীত হ’বলে হ’লে ইয়াৰ কাৰ্যসূচীসমূহৰ ভালদৰে পৰিকল্পনা কৰি লোৱাটে খুবেই প্রয়োজ। এই কাৰ্যই এটা ক্রীড়া কেন্দ্ৰৰ বাবে কাৰ্যসূচীসমূহ অংকন কৰি উলিওৱা, প্রয়োজনীয় বস্তুসমূহ সংগ্ৰহ কৰি লোৱা আৰু পৰিকল্পিত কাৰ্যসূচীসমূহ কাৰ্য ৰূপায়িত কৰা কাৰ্য অন্তৰ্ভুক্ত কৰি লয়। 

২। কাৰ্যসূচীৰ পৰিকল্পনাৰ নীতিসমূহ উল্লেখ কৰা। উত্তৰঃ কাৰ্যসূচীৰ পৰিকল্পনাৰ নীতিসমূহ ঃ 

(১) বয়সৰ উপযোগী কাৰ্যৰ পৰিকল্পনা : 

এটা শিশু কিছুমান বিশেষ কাম | কৰিবলৈ একোটা নিৰ্দিষ্ট বয়সতহে প্রস্তুত হয়। নিৰ্ধাৰিত বয়সৰ আগতে যদি ল’ৰাটো বা ছোৱালীজনীক সেই কামবোৰ কৰিবলৈ দিয়া হয়, তেন্তে শিশুটোৰ বাবে সেইবোৰ সম্পাদন কৰাটো কঠিন হৈ পৰে। 

(২) উপযুক্তসময়তহে কাৰ্যৰ আৰম্ভ কৰিব লাগে :

 শিশুৱে যিটো সময়ত কোনো এটা কাম কৰিবলৈ প্ৰস্তুত হয়, হে সময়তহে আৰম্ভ কৰিব লগে, অন্যথাই সিহঁতে কামটোৰ মুঠেই মনোযোগী হ’ব নোৱাৰিব। উদাহৰণস্বৰূপে নতুনকৈ ভৰ্তি হোৱা শিশুসকলৰ বাবে সংগঠিত ৰূপত খেলৰ আয়োজন কৰাৰ আগতে বল খেলিব দিব লাগে। 

(৩) শিশুসকলৰ প্ৰয়োজন পূৰণৰ অৰ্থে কাৰ্যসূচী শিথিল হ’ব লাগেঃ

 ক্রীড়া কেন্দ্ৰত শিশুৰ বাবে ধাৰ্য কৰা কাৰ্যসূচীসমূহৰ দীৰ্ঘতা আৰু প্ৰকৃতি সিহঁতৰ আগ্ৰহৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰিব লাগে। কেতিয়াবা শিশুসকল কোনো এবিধ কার্যতে বহু সময় ধৰি নিমগ্ন হৈ থাকিব পাৰে। এনেক্ষেত্ৰত শিক্ষকগৰাকীয়ে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ কিছু সাল-সলনি কৰি শিশুসকলক কামটো দেৰিলৈকে চলাই থাকিলে সুযোগ (সুবিধা) দিব লাগে। কেতিয়াবা আকৌ কোনো জীৱ জ্য (মেকুৰী, কুকুৰ, কেৰ্কেটুৱা, ঘনচিৰিকা, শহাপহু, কপৌ, বান্দৰ আদি ) চাবলৈ পালে নাইবা বৰষুণ দিলেও কার্যসূচীৰ ইফাল-সিফাল হ’ব পাৰে। সেইবারে শিক্ষকে এইবিলাক দিশৰ প্ৰতি লক্ষ্য কৰি শিশুৰ কাৰ্যসূচীৰ কিছু সমাযোজন কৰি ল’ব লাগে। 

(৪) কাৰ্যসূচীসমূহ শিশুৰ অভ্যাস, ধাৰণা আৰু মূল্যবোধ গঢ়িব পৰাকৈ | অর্থপূৰ্ণ আৰু সহায়ক হ’ব লাগে : 

শিশুৰ বাবে প্ৰস্তুত কৰা প্ৰতিটো কাৰ্যসূচী অর্থপূৰ্ণ আৰু সামূহিক জীৱনৰ লগত সম্পর্কিত হ’ব লাগে। উদাহৰণস্বৰূপে, সংগীত আৰু সাধুকথাই শিশুৰ ভাষাৰ বিকাশত সহায় কৰে, অনানুষ্ঠানিকভাৱে | জীৱ-জন্তুৰ বিষয়ে কোৱা কথাই শিশুক জীৱ-জন্তু, চৰাই-চিৰিকতিৰ প্ৰতি আগ্ৰহী কৰি তোলে।

 (৫) কার্যসূচীসমূহে প্ৰাথমিক আৰু বাস্তব অভিজ্ঞতা প্রদান কৰিব লাগে :

শিশুৰ কাৰ্যসূচীসমূহ শিশুৰ বাস্তৱ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ পৰা পোনপটীয়া বা প্রাথমিক অভিজ্ঞতা দিব পৰা বিধৰ হ’ব লাগে। উদাহৰণস্বৰূপে, বাগিচা বনো সম্বন্ধে শিশুক প্রত্যক্ষ অভিজ্ঞতা দিবলৈ হ’লে সিহঁতক মাটি খন্দা, চহোৱা, শুটি ৰোৱা, পানী দিয়া আদি কামবোৰ কৰি দেখুৱাব লাগে। সেইদৰে অন্য কিছুমান অভিজ্ঞতা যেনে— দপ্তা (বস্তু), ঢালি দিয়া, পৰিপূৰ্ণ কৰা, কঢ়িয়াই নিয়া, ভাগ ভাগ কৰা ইত্যাহি পৰাও শিশুসকলে প্ৰত্যক্ষ আৰু প্ৰাথমিক জ্ঞান লাভ কৰিব পাৰে। 

(৬) পুৰণি আৰু নতুন অভিজ্ঞতাৰ সংমিশ্রণ :

 উদাহৰণস্বৰূপে, বিভিন্ন আকাৰৰ (খেলৰ টুকুৰা শিশুবিলাকৰ হাতত দি সিহঁতক চেৰে-পাজৰে থকা তেনেকুৱা ধৰণৰ টুকুৰাবোৰক বিচাৰি উলিয়াবলৈ দিব লাগে। 

(৭) জিৰণি আৰু টোপনিৰ বাবে সময় দিব লাগে : 

শিশুসকলক ক্রীড়া কেন্দ্র থকা সময়ছোৱাত জিৰণি আৰু শুবৰ বাবে প্রায় এক ডেৰ ঘণ্টা সময় দিব লাগে। 

৩। দীর্ঘকালীন পৰিকল্পনা আৰু হ্রস্বকালীন পৰিকল্পনাৰ মাজত থকা এটা পাৰ্থক্য আৰু এটা সাদৃশ্য লিখা। 

উত্তৰ : পার্থক্যঃ দীর্ঘকালীন পৰিকল্পনা সমগ্ৰ বছৰটোৰ বাবে আগতীয়াকৈ কৰি লোৱা হয়, আনহাতে হ্রস্বকালীন পৰিকল্পনা কম সময়ৰ ব্যৱধানত কৰা হয়। আৰু ইয়াত ভিন্নতা প্ৰদান কৰিব পাৰি। 

৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা ঃ 

(ক) ক্রীড়া কেন্দ্ৰৰ কাৰ্যসূচী হ’ব লাগে – 

১। শিথিল বা নমনীয় 

২। স্থিৰ বা নমনীয় 

৩ I ক্ষন্তেকীয়া 

৪। স্থায়ী 

উত্তৰঃ ১। শিথিল বা নমনীয় 

(খ) ক্রীড়া কেন্দ্ৰৰ কাৰ্যসূচীয়ে দিব লাগে –…… 

১। উন্নত অভিজ্ঞতা 

২। মনোগ্রাহী অভিজ 

৩। প্রাথমিক ও স্পষ্ট অভিজ্ঞতা 

৪। উপযুক্ত দক্ষতা 

উত্তৰঃ ৩। প্রাথমিক ও স্পষ্ট অভিজ্ঞতা 

(গ) কাৰ্যসূচীসমূহ এইধৰণে সলনা সলনি কৰিব লাগে—

১। সামাজিক আৰু সমান্তৰাল খেলৰ মাজত 

২। ব্যক্তিগত আৰু সমান্তৰাল খেলৰ মাজত 

৩। সক্ৰিয় আৰু নীৰৱ খেলৰ মাজত

৪। সহযোগী আৰু দলীয় খেলৰ মাজত

উত্তৰঃ ৩। সক্ৰিয় আৰু নীৰৱ খেলৰ মাজত

(ঘ) জানুৱাৰী মাহৰ শেষৰ সপ্তাহটোৰ বাবে এটা উপযুক্ত বিষয় (Theme) হ’ব 

১। জীৱ জন্তু 

২। ৰাষ্ট্ৰীয় নেতা 

৩। পানী 

৪। ফুল

উত্তৰঃ ২। ৰাষ্ট্ৰীয় নেতা 

৫। কাৰ্যসূচী পৰিকল্পনাৰ বাবে যিকোনো দহটা ‘বিষয়ৰ এখন তালিকা প্ৰস্তুত কৰা। 

উত্তৰ: 

৬। এটা ক্ৰীড়া কেন্দ্ৰৰ বাবে এখন সাপ্তাহিক কার্যক্রমণিকা প্ৰস্তুত কৰা।

 উত্তৰঃ – 

29.2. পাঠ্যন্ত প্রশ্নাবলীৰ উত্তৰ ?

 ১। (শিশুক) খুওৱা কাৰ্যসূচীৰ সংজ্ঞা দিয়া।

 উত্তৰ : সুস্থ বিকাশৰ বাবে ভাল সৃষ্টি হৈছে ভেটি স্বৰূপ। ক্রীড়া কেন্দ্ৰৰ কাৰ্যসূচী তালিকাৰ মাজত শিশুক খাদ্যৰ যোগান ধৰি খোৱা লোৱাৰ কাৰ্যসূচীও থাকিব লাগে। এই ধৰণৰ খুওৱা কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য হৈছে শিশু এটাক দৈনিক প্রয়োজন হোৱা পৰিপুষ্টিৰ তিনিভাগৰ এক ভাগ উপযুক্ত খাদ্যৰে পূৰণ কৰা। শিশুৱে ঘৰৰ পৰা কি লৈ আহে বা নাহে সেয়াই যথেষ্ট নহয়। শিশুবিলাক লগ হৈ একেলগে খালে আচৰণ শিকাত সহায় হয়, পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পর্কে জ্ঞান হয় আৰু নিজে খাবলৈ পৰা হয়। তাৰোপৰি কোনো ধৰণৰ ৰাছৰি নকৰি যি দিয়ে তাকে ভালদৰে খাবলৈ অভ্যাস কৰিবলৈ শিকে। 

২। খুওৱা কাৰ্যসূচীৰ এটা কাৰ্য উল্লেখ কৰা।

 উত্তৰ : খুওৱা কাৰ্যসূচীৰ এটা কাৰ্য হৈছে শিশুক (বিকাশ প্রাপ্ত) যথোপযুক্ত আহাৰৰ যোগান ধৰা। যি আহাৰে দৈনিক প্রয়োজন হোৱা সকলো পুষ্টিকাৰীতাৰ তিনিভাগৰ এভাগ পূৰণ কৰিব পাৰে। 

৩। খুওৱা কাৰ্যসূচীৰ ব্যৱস্থা কৰোতে মনত ৰাখিব লগা চাৰিটা দিশ উল্লেখ কৰা। 

উত্তৰ : (১) প্রয়োজনীয় খাদ্যৰ হিচাপ বা গণনা: 

ICMRএ ছয় বছৰৰ তলৰ শিশুৰ বাবে ধাৰ্য কৰা খাদ্য আৰু তাৰ পৰিমাণ তলৰ তালিকাত দেখুওৱা হৈছে। প্ৰতিটো শিশুৰ দৈনিক প্ৰয়োজনীয়তাৰ এক তৃতীয়াংশ গণনা কৰি তাক মুঠ শিশুৰ সংখ্যাৰে পুৰণ কৰা হয় আৰু এই পূৰণফলৰ ওপৰত ভিত্তি কৰি ক্রীড়া কেন্দ্ৰ এটাৰ শিশুসকলৰ বাবে মুখ্য খাদ্য প্ৰস্তুত কৰা হয় বা ৰন্ধা হয়। 

তালিকাঃ এদিনৰ বাবে প্ৰয়োজন হোৱা খাদ্যৰ পৰিমাণ

(২) পুষ্টিকৰ খাদ্যৰ নিৰ্বাচন ঃ 

মুঠ খাদ্যৰ পৰিমাণ গণনা কৰাৰ পিছৰ পৰ্যায়টো হৈছে শিশুক পুষ্টিদায়ক খাদ্যৰ যোগান। এইক্ষেত্ৰত স্থানীয়, কম ব্যয়বহুল আৰু বতৰৰ খাদ্য নিৰ্বাচনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব। 

(৩) খাদ্য তালিকাৰ পৰিকল্পনা।

 শিশুৰ কঠি অনুযায়ী তথা সহজত প্ৰণালীৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি শিশুৰ বাবে খাদ্য তালি প্রস্তুত কৰিব লাগে। এইক্ষেত্ৰত সকলো শিশুরে যাতে খাদ্য বা পাৰে লক্ষ্য কৰিব লাগে। (B) ৰান্ধিবলগীয়া খাদ্যৰ পৰিমাণ নিৰ্ধাৰণঃ খাদ্য তালিকাখন প্ৰস্তুত কৰাৰ পিছত শিশুৰ সংখ্যা অনুযায়ী খাদ্যবস্তু ৰান্ধিব লাগে।

(৪) ৰান্ধিবলগীয়া খাদ্যৰ পৰিমাণ নিৰ্ধাৰণ ঃ

 খাদ্য তালিকাখন প্ৰস্তুত কৰাৰ পিছত শিশুৰ সংখ্যা অনুযায়ী খাদ্যবস্তু ৰান্ধিব লাগে। 

 ৪। উপযুক্ত বিকল্প উত্তৰটো বাচি উলিওৱা । 

(ক) খুওৱা কাৰ্যসূচীত থাকিব লাগে এজন প্রশিক্ষণপ্রাপ্ত 

১। শিক্ষক

২। ৰান্ধনী 

৩। সহায়কাৰী 

৪। কৰ্মচাৰী উত্তৰ : 

উত্তৰ ২। ৰান্ধনী 

(খ) খাদ্য বস্তুৰ পৰিমাণৰ হিচাপ কৰিব লাগে 

১। ৰন্ধাৰ আগতে 

২। জয় কৰাৰ আগতে 

৩। বিতৰণ কৰাৰ আগতে 

৪। জনা কৰা আগতে 

উত্তৰ : ২। ক্ৰয় কৰাৰ আগতে

(গ) খুওৱা কাৰ্য অধিক ফলবতী হয় যেতিয়া ই জড়িত হয় 

১। স্বাস্থ্য পৰীক্ষাৰ লগত 

২। পুষ্টিদায়ক খাদ্য শিক্ষা বা পুষ্টিকাৰী শিক্ষাৰ লগত 

৩। ক্ৰয় আৰু কাৰ্যৰ লগত 

৪। অনাময় কাৰ্যৰ লগত 

উত্তৰ ২। পুষ্টিদায়ক খাদ্য শিক্ষা বা পুষ্টিকাৰী শিক্ষাৰ লগত

 ৫। তলৰ ‘ক’ অংশৰ কথাখিনি ‘খ’ অংশৰ লগত মিলাই লিখা 

খাদ্য বস্তুনিৰ্ধাৰিত দৈনিক প্রয়োজন (১-৩ বছৰ বয়সৰ, গ্ৰাম হিচাপ)
১। শাক-পাচলি২। গাখীৰ৩। মাটিৰ তলৰ পাচলি৪। মাহ জাতীয়৫। শস্য জাতীয়(ক) ৩০০(খ) ৩৫(গ) ২০(ঘ) ১০(ঙ) ৩০(চ) ১৭৫(ছ) ৪০

উত্তৰ:

খাদ্য বস্তুনিৰ্ধাৰিত দৈনিক প্রয়োজন (১-৩ বছৰ বয়সৰ, গ্ৰাম হিচাপ)
১। শাক-পাচলি২। গাখীৰ৩। মাটিৰ তলৰ পাচলি৪। মাহ জাতীয়৫। শস্য জাতীয়(ছ) ৪০(ক) ৩০০(ঘ) ১০(খ) ৩৫(চ) ১৭৫

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ

১। ক্রীড়া কেন্দ্ৰ এটাত থকা বিভিন্ন বয়সৰ শিশুৰ বাবে বিভিন্ন বিষয়বস্তু আৰু শিৰোনামাসমূহৰ তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰ

২। ওচৰৰ ক্ৰীড়া কেন্দ্ৰ এটাৰ খুওৱা কাৰ্যসূচীক নিৰক্ষীণ কৰি এসপ্তাহৰ খাদ্য বস্তু তালিকাৰ বিষয়ে লিখা। এই সমূহ কিহৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে আৰু কি কি কাৰক ইয়াত নিহিত হৈ আছে ব্যাখ্যা কৰা।

উত্তৰ:

*বিভিন্ন খেল-ধূলা যেনে ঝুলনাত উঠা, স্পাইদাৰত পিছল, গীতৰ লগত নৃত্য কৰা, বালি ঘৰ বনোৱা, তিনিচকীয়া চাইকেলেৰে খেলা, স্কুটাৰত উঠা, বল-বেটেৰে খেলা, সমতা বোর্ড, ছি -ছ আদিত উঠা

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 3 Comments

Leave a Reply