NIOS| Psychology (328) Notes/Answer|Chapter-27 কৰ্মজীৱনৰ উন্নতি

NIOS| Psychology (328) Notes/Answer|Chapter-27 কৰ্মজীৱনৰ উন্নতি (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Psychology (328) Notes/Answer|Chapter-27 কৰ্মজীৱনৰ উন্নতি

NIOS| Psychology (328) Notes/Answer|Chapter-27 কৰ্মজীৱনৰ উন্নতি

(27.1. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰঃ)

 ১। কৈশোৰ কালৰ লগত সংগতি থকা বৃত্তিগত উন্নতিৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰঃ বৃদ্ধি আৰু অন্বেষণমূলক স্তৰ। 

২। অৱসৰ গ্ৰহণৰ মুখ্য দিশসমূহ কি কি? 

উত্তৰঃ দায়বদ্ধতাসমূহ সংকীর্ণ কৰি তোলা

 27.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ:

 ১। জীৱনৰ উন্নতিৰ বাবে গুৰুত্বপূর্ণ খোজসমূহ কি কি?

 উত্তৰ : প্ৰথমে নিজকে বুজি লোৱা, সংগ্ৰহ কৰা তথ্যসমূহ বাচি উলিওৱা আৰু এখন তালিকা প্ৰস্তুত কৰা। তথ্যসমূহৰ ব্যাখ্যা বা বিশ্লেষণ কৰা। প্রত্যেকটো ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় অৰ্হতাসমূহৰ লগত নিজকে মিলাই চোৱা। মনে বিচৰা কর্মক্ষেত্ৰখন বাচি উলিওৱা আৰু লক্ষ্যপ্রাপ্তিৰ বাবে চেষ্টা কৰা। 

২। কোনে জীৱনৰ উন্নতি আৰু সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে? 

উত্তৰ: পৰামর্শদাতা, কৰ্মজীৱনৰ শিক্ষক। 

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ

 ১। বৃত্তিগত জীৱন আৰু বৃত্তিগত জীৱনৰ উন্নতি মানে কি ? 

উত্তৰ : এজন ব্যক্তিয়ে তেওঁৰ জীৱনকালত কৰা যিকোনো কার্যব উন্নতিকৰণক কেৰিয়াৰ ডেভেলপমেন্ট অথবা কৰ্মজীৱনৰ উন্নতি বুলি ক’ব পাৰি। এই কাৰ্যবোৰৰ ভিতৰত যেনে – ব্যক্তিগত কাম-ককাজ, বৃত্তিগত কাম কাজ আৰু সামাজিক জীৱন উল্লেখনীয় । সেয়েহে কেৰিয়াৰ বা ক্রমোন্নতি মানে এজন ব্যক্তিৰ জীৱন ধাৰণৰ মানদণ্ড বুলি ক’ব পাৰি। কেৰিয়াৰ বা কৰ্মজীৱনৰ উন্নতিত এজন মানুহৰ বা এগৰাকী মহিলাৰ জীৱনজোৰা সাধনা, শিক্ষা, কৰ্মৰ বাচনি, কৰ্মত আশা কৰা মতে ফল লাভ আৰু আত্মসন্তুষ্টি জড়িত হৈ থাকে। আচলতে বৃত্তি মানুহৰ জীৱনৰ প্ৰধান উন্নতিৰ উৎস আৰু বৃত্তিগত উন্নতিয়ে জীৱনৰ উন্নতি ৷ উদাহৰণ হিচাপে এজন কৰ্মচাৰী যদি কোনো কাৰ্যালয়ৰ সাধাৰণ কৰ্মচাৰীৰ পৰা উচ্চ পৰ্যায়ৰ বিষয়া হিচাপে নিযুক্ত হয়, তেওঁ নিশ্চয়কৈ বহু ধৰণৰ সা-সুবিধা যেনে—উচ্চ নিৰিখত দৰমহা, থকাৰ সুবিধা আদি লাভ কৰিব, যাৰ দ্বাৰা কৰ্মচাৰীজনৰ জীৱনধাৰণৰ মানদণ্ড আনতকৈ অলপ উচ্চখাপৰ হ’ব। পদোন্নতি বৃত্তিগত উন্নতিৰ এটা অংশ, যাৰ ফলত এজন মানুহৰ সামাজিক আৰু ব্যক্তিগত জীৱনত যথেষ্ট প্ৰভাৱ পৰা দেখা যায়। 

২। জীৱনৰ স্তৰসমূহ কি কি?

 উত্তৰ ঃ এজন ব্যক্তিৰ জীৱন পৰিক্ৰমা আৰু বৃত্তিগত অগ্ৰগতিৰ দ্বাৰা জীৱন গঢ়াৰ পথটোৰ বিষয়ে ভালদৰে বুজিব পাৰি। সাধাৰতে মানুহৰ জীৱনত পাঁচটা জীৱন পৰিক্ৰমা থাকে, যেনে-

  1.  বুদ্ধি,
  2. নিজকে আৱিষ্কাৰ কৰা,
  3. সংস্থাপিত হোৱা,
  4. নিজকে বুজি লোৱা আৰু
  5. বৃদ্ধাৱস্থা। 

৩ । বৃত্তি শিক্ষাৰ উন্নতিকৰণ মানে কি? 

উত্তৰঃ বৃত্তিগত জীৱনৰ বিভিন্ন দিশসমূহ তলত দিয়া ধৰণেৰে উল্লেখ কৰিব পাৰিঃ 

প্রথম উদ্ঘাটন ঃ প্রথমেই এজন ব্যক্তিয়ে কোনো কৰ্মত যিকোনো প্ৰকাৰে নিযুক্ত হোৱাৰ পিছত বিভিন্ন কৰ্ম ক্ষেত্ৰৰ সন্ধান কৰে আৰু স্থায়ীভাৱে থাকিবৰ চেষ্টা কৰে। এই সময়ছোৱাক আমি জীৱিকাৰ বাবে কৰা যুঁজ বুলি ক’ব পাৰো। 

সংস্থাপন আৰু জীয়াই ৰখা ঃ এই সময়ছোৱাত ব্যক্তিজনে নিজকে কোনো কৰ্মত নিয়োজিত কৰে আৰু কৰ্মৰ জৰিয়তে জীৱনটোক আগবঢ়াই নিয়ে।

 অৱসৰ গ্ৰহণঃ লাহে লাহে ব্যক্তিজনৰ সময় আৰু বয়স দুয়োটাই অৱসৰৰ ফাললৈ ঢাল খায়। ব্যক্তিজনৰ সক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি চাকৰিৰ পৰা অৱসৰ লয় অথবা অন্য কোনো কম গুৰত্ব থকা বা পাতলীয়া কামত নিয়োজিত হয়। 

৪। বৃত্তিগত উন্নতিৰ ক্ষেত্ৰত নিজকে জনাটো কিয় প্রয়োজনীয় ?

উত্তৰ: জীৱনৰ লক্ষ্যপ্রাপ্তিত নিজক বুজি পোৱা বা নিজৰ সক্ষমতাৰ বিষয়ে জনাটো আবশ্যক। কথাষাৰ বৰ সাধাৰণ যদিও আচলতে নিজৰ সক্ষমতাৰ মাপকাঠি বিচাৰি উলিওৱাটো বৰ কঠিন কাম। জীৱনৰ আৰম্ভণিতে যদি নিজৰ লক্ষ্য বাচি ল’ব পৰা নাযায় তেতিয়া ভবিষ্যত জীৱনত বহু সমস্যাৰ সৃষ্টি হয়। মানুহে কিয় নিজৰ বিষয়ে নাজানে বা জানিবৰ ইচ্ছা নকৰে, তাৰ কিছুমান কাৰণ তলত উল্লেখ কৰা হৈছে 

নিজে নিজৰ সত্তা হোৱাৰ বাবে সাহসৰ অভাৱ ঃ 

আমি সাধাৰণতে আনক অনুসৰণ কৰি ভাল পাওঁ। উদাহৰণ হিচাপে ডেকা-গাভৰুসকলে বোলছবি বা চিনেমাৰ নায়ক-নায়িকাৰ চুলিৰ ষ্টাইল অনুকৰণ কৰি ভাল পায়, অথবা ভবিষ্যৎ আমি কি কৰিম সেয়া অন্য মানুহেহে চিন্তা কৰি দিব। ফলত আগতে উল্লেখ কৰা নবীনৰ কাহিনীটোৰ দৰেই আমাৰ একেই দশা হ’ব। 

আমি আমাক বুজিবৰ বাবে সময় নলও ঃ

আমি যদি সময় পাওঁ তেন্তে একান্তমনে নিজৰ ভৱিষ্যতৰ কথা ভাবিবলৈ বাদ দি অন্য কাম কৰোঁ। আমি আমাৰ অভিজ্ঞতাসমূহৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰো। উদাহৰণ হিচাপে কোনো এজন ছাত্ৰই যদি বিজ্ঞানত কম নম্বৰ পায় তেতিয়া সকলোৱে কয়, ছাত্ৰজন সেই নির্দিষ্ট বিষয় দুর্বল, কিন্তু অন্য কিছুমান কাৰণৰ বাবেও এজন ছাত্ৰ বা ছাত্ৰীয়ে পৰীক্ষাত কম নম্বৰ পাব পাৰে।

 কেতিয়াবা এনে হয় যে, আমি নিজৰ ইচ্ছাৰ বিপৰীতে কাম কৰো । যেতিয়া প্ৰশ্ন কৰা হয়, তুমি কি বিচৰা বা তোমাক কি লাগে, তেতিয়া অধিকসংখ্যক মানুহৰেই এটাই উত্তৰ টকা লাগে বা টকাই সকলো। যদি আকৌ একেখিনি মানুহকে বহু টকা দিয়া যায় বা এওঁলোক সম্পদশালী হৈ উঠে তেতিয়া আকৌ টকাৰ জোৰত অন্যফালে বা আন কামৰ প্ৰতি আকৰ্ষিত হয়। মন কৰিবলগীয়া যে, বহু মানুহ এটা কামৰ পৰা অন্য এটা কামলৈ ঢাপলি মেলে কিন্তু তেওঁ বা তেওঁলোকে নিজেও নাজানে কিয় এনে হয়। গতিকে কোনো কৰ্মত দীর্ঘদিন বৰ্তি থাকিবৰ বাবে নিজৰ আগ্ৰহ আটাইতকৈ ডাঙৰ কথা। সেয়েহে তলত উল্লেখ কৰা কিছুমান বিশেষ কথালৈ আমি মন দিয়াটো উচিত। 

নিজৰ সত্তা আছে। • আমাৰ প্ৰত্যেকৰে এটা অস্তিত্ব আছে। • দুজন মানুহ কেতিয়াও সম্পূৰ্ণ একে হ’ব নোৱাৰে আৰু • প্ৰত্যেকৰে নিজাকৈ কিবা এটা কৰাৰ সামর্থ আছে। প্ৰত্যেক মানুহৰে পৃথিৱীৰ ভিন্ন কৰ্ম ক্ষেত্ৰত কিবা এটা কৰিব পৰা সামৰ্থ আছে। কিন্তু বৃত্তি বাচনিৰ ক্ষেত্ৰত নিজস্ব আকর্ষণ থাকিব লাগিব। যিকোনো বৃত্তি বাচনিৰ ক্ষেত্ৰত এজন ব্যক্তিৰ নিজৰ সামৰ্থ, দৃঢ়তা, সুক্ষ্ম পর্যবেক্ষণ আৰু বিশ্লেষণৰ প্রয়োজন। 

৫। বৃত্তিগত জীৱনত সহাবস্থান মানে কি? 

উত্তৰ: কেতিয়াবা আমাল এনে লাগে যেন আমি যি কাম কৰি আছো, সেয়া যেন মনে বিচৰা ধৰণৰ নহয়। তেনেক্ষেত্ৰত জীৱনবৃত্তৰ লগত সহৱস্থান কৰাটো জৰুৰী হৈ পৰে। বৃত্তিগত কৰ্মৰ দ্বাৰা মানুহৰ জীৱনৰ গতিপথ সলনি হয়। এয়া কেতিয়াবা নতুন কর্মক্ষেত্র বা একে কর্মক্ষেত্ৰত নাইবা নতুন দায়িত্ব পালনৰ বাবেও হ’ব পাৰে। কিছুমান ক্ষেত্ৰত কৰ্মৰ মানদণ্ড অনুসৰি জীৱনটো আগবঢ়াই নিব লগাত পৰে। কেইটামন উল্লেখযোগ্য কথা তলত উল্লেখ কৰা হ’ল—

 (ক) অৱসৰ গ্ৰহণৰ পিছত যদি কোনো ব্যক্তি কর্মঠ হৈ থাকে তেন্তে সাধাৰণ কামত নিজকে নিয়োজিত কৰিব পাৰে। 

(খ) যেতিয়া কাম কৰাৰ কোনো পৰিৱেশ নাথাকে। 

(গ) যেতিয়া সাস্থ্যজনিত অসুবিধা গা কৰি উঠে। উদাহৰণস্বৰূপে যেদিয়া এজন মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটে তাৰোপৰি একে কামতে বা একে পৰিৱতে থাকে অথবা শাৰিৰীকভাৱে অক্ষম হৈ পৰে তেতিয়া তেওঁৰ কৰ্মদক্ষতা অটুট নাথাকিব। (ঘ) যেতিয়া কৰি থকা কামৰ কোনো স্বীকৃতি বা অগ্রগতি নাথাকিব। 

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 5 Comments

Leave a Reply