NIOS| Psychology (328) Notes/Answer|Chapter-20 দলীয় প্রক্রিয়াসমূহ

NIOS| Psychology (328) Notes/Answer|Chapter-20 দলীয় প্রক্রিয়াসমূহ| (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Psychology (328) Notes/Answer|Chapter-20 দলীয় প্রক্রিয়াসমূহ

NIOS| Psychology (328) Notes/Answer|Chapter-20 দলীয় প্রক্রিয়াসমূহ

(21.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ : 

1. এটা দলৰ সংজ্ঞা দিয়া? 

উত্তৰ : যেতিয়া দুগৰাকী অথবা অধিক মানুহে এটা সাধাৰণ লক্ষ্য সাধন কৰাৰ বাবে পাৰস্পৰিক কাৰ্য সম্পাদন কৰে, এটা দল বিদ্যমান হয়। 

2. এটা দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি? 

উত্তৰঃ পৰস্পৰ নিৰ্ভৰশীলতা 

(21.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ 

1. মানুহে কিয় দলবোৰত যোগদান কৰে?

 উত্তৰ: মানুহে দলসমূহত যোগদান কৰে কাৰণ – 

  1. দলে লক্ষ্যসমূহ সাধন কৰাৰ বাবে সহায় কৰে 
  2. দলৰ সম্পদসমূহ আছে
  3.  নিৰাপত্তাৰ বাবে প্ৰয়োজন পূৰণ কৰে 
  4. সামাজিক পৰিচয় প্ৰদান কৰে 

2. এটা দল গঠনত অনুসৰণ কৰা স্তৰ চাৰিটাৰ নাম লিখা। 

উত্তৰ: অভিবিন্যাস, কার্যতৎপৰতাৰ কেন্দ্ৰ, প্ৰবিধান আৰু ৰীতিসিদ্ধকৰণ 

(21.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

 1. দুই প্রকাৰৰ দলসমূহ কি কি? 

উত্তৰঃ প্রাথমিক দলসমূহ আৰু মাধ্যমিক দলসমূহ 

2. এটা গৌণ দলৰ উদাহৰণ দিয়া। 

উত্তৰঃ শিক্ষকসকলৰ সংগঠন। 

21.4. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ 

1. এটা দলে এগৰাকী ব্যক্তিতকৈ কিয় অধিক সম্ভাব্য বিপদ গ্ৰহণ কৰে? 

উত্তৰ : কাৰণ দলত যদি অকৃতকার্যতা সংঘটিত হয় ভগাই ল’বলৈ আন লোকসকল আছে।

 2. সামাজিক সহজকৰণৰ প্ৰভাৱ কি

 উত্তৰঃ আন লোকসকলৰ উপস্থিতিৰ বাবে যেতিয়া এগৰাকী লোকৰ কাৰ্য সম্পাদন উন্নত হয়, ইয়াক সামাজিক সহজকৰণ বুলি কোৱা হয়।

  পাঠ্য সমাপ্তিৰ অনুশীলনীৰ 

1. এটা দলৰ সংজ্ঞা দিয়া। 

উত্তৰ ঃ যেতিয়া দুগৰাকী অথবা অধিক ব্যক্তিয়ে পাৰস্পৰিক ক্ৰিয়া কৰিবলৈ লয়, আমি তেতিয়াই এটা দলৰ অস্তিত্ব অনুভৱ কৰিব পাৰোঁ। ভিন্ন লোকৰ মাজত পাৰস্পৰিক ক্ৰিয়া বা আন্তঃক্ৰিয়াৰ আৰু সামাজিক সম্বন্ধ গঢ়ি তোলাৰ নানা কাৰণ আছে। উদাহৰণ হিচাপে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ অধ্যয়নসমূহৰ বাবে শ্রেণীপৰিৱেশৰ বাহিৰত সহযোগিতা কৰাৰ বাবেই (collaborate) পাৰস্পৰিক কাৰ্য কৰিবই লাগিব। আন সকলেও যিহেতু তেওঁলোকে কোনো এখন ঠাইত বসবাস কৰে আৰু সাধাৰণ লক্ষ্য সমানে ভগাই লয়, পাৰস্পৰিক ক্ৰিয়া কৰিবই লাগিব। তেওঁলোকে কোনো এখন ঠাইত বসবাস কৰে আৰু সাধাৰণ লক্ষ্য সমানে ভগাই লয়, পাৰস্পৰিক ক্ৰিয়া কৰিবই লাগিব। তেওঁলোকে একেলগে খেলাৰ বাবে ইচ্ছা প্রকাশ কৰিব আৰু বন্ধুত্বৰ প্ৰয়োজনীতা (need for companionship) পৰিপূৰ্ণ কৰিব বিচাৰিব পাৰে। কিছুমান লোক হয়তো দৈৱসংযোগত (by chance) লগালগি হ’ব পাৰে কিন্তু তেওঁলোকে পাৰস্পৰিক ক্ৰিয়া বৰ্তাই ৰাখিব বিচাৰিব পাৰে কাৰণ তেওঁলোকে ইজনে সিজনৰ সঙ্গ (company) যোগ্য প্রতিদান স্বৰূপ (rewarding) হিচাপে গণ্য কৰিব পাৰে। 

এনেভাবে এইটো সুস্পষ্ট যে দলে পাত উপনীত হোৱাৰ প্ৰ02) চায়। ● মানেই স্পষ্ট (explicit) य উঠি, দল প্রতनगान गान কিছুসময়ৰ (কেইমাহমান বা বছৰৰ) বাবে সুস্থিৰ অথবা বৰ্তি থাকিব পাৰে। কা দলৰো গঠন বা সংবচনা (structure) থাকে আৰু প্রতিনিধিসকলে ভাবিবলৈ নয় যে তেওঁলোকে এটা দলৰ অশ প্রবাস অথবা তেওঁলোকৰ মাজত স্বৰূপ হোৱাৰ (belonging) উপলব্ধি থাকে। 

ভৌতিক স্তৰত (Physical level) এটা উদ্দেশ্যৰ নৈতে যিকোনো সমূহীয়াত্ব বা যৌণত্বক এটা দল বুলি ক’ব পাৰি। 

পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ এখন সমিতিও এটা দল, বেকে বিষয়াসকলৰ এখন সমিতিও এটা দল, এটুকুৰা বৃহৎ আকাৰৰ কাঠৰ টুকুৰা কাটিবলৈ এখন কৰত ধান দি থকা (manning a (saw) দুগৰাকী মিস্ত্রিয়েও এটা দল গঠন কৰে আৰু ফুটবল খেলি থকা খোঁট এটাও (a team) এটা দল, ইত্যাদি। এই সকলো দলেই আরनিক (physical) স্তৰত সজীৱ হৈ থাকে আৰু এইবোৰৰ মাজত প্ৰত্যক্ষ অথবা মুখামুখি পাৰস্পৰিক কার্য ঘটি থাকে। এই দলবোৰত দলৰ প্রতিনিধিসকলৰ মাজত প্ৰত্যক্ষ আৰু তাৎক্ষণিক যোগাযোগ সম্ভব হয় আৰু এনে কার্য স্বাভাবিকভাৱ সংঘটিত হয়। নিশ্চিত কিছুমান সমুহীয়া বৈশিষ্ট্যৰ অধিকাৰী হোৱা লোকসকলেও এটা দল গঠন কৰিব পাৰে বুলি ধাৰণা কৰিব পাৰি। উদাহৰণ হিচাপে এটা শ্ৰেণীৰ (৪ class) সকলো শিখ (Sikh) ছাত্ৰ-ছাত্ৰীয়ে এটা দল গঠন কৰিব পাৰে বুলি। ধাৰণা কৰিব পাৰি; সেই সমষ্টিটোৰ সকলো মৌলিক উপাদানে (elements) অন্ততঃ এটা সমুহীয়া বৈশিষ্ট্যৰ (common characteristics) অধিকারী হয় যিটোৰ প্রতিনিধি নোহোৱা (non-members) লোকসকলৰ ক্ষেত্ৰত অভাব হোৱা দেখা যায়। তেনে সমষ্টিবোৰৰ ক্ষেত্ৰত প্রতিনিধিসকলৰ মাজত কোনোধৰণৰ মুখামুখি (face to face) যোগাযোগৰ প্ৰয়োজন নহয়। এগৰাকী প্রতিনিধিয়েও আন এগৰাকী সদস্যক অপৰিহার্যভাৱে (neessarily) নাজানিব ও পাৰে। এনেদৰে, এনেভাৱেও কোৱা হ’ব পাৰে যে এটা দলে দুগৰাকী অথবা অধিক লোক অন্তৰ্ভুক্ত কৰি লয় (comprise) যিসকলে পাৰস্পৰিক ক্রিয়াত লিপ্ত হয় আৰু সমূহীয়া লক্ষ্যৰ অংশীদাৰ হয়। তেওঁলোকৰ স্থিৰ সম্বন্ধ থাকে আৰু তেওঁলোক আভ্যন্তৰীণভাৱে নিৰ্ভৰশীল আৰু এই সমূহীয়াৰ অংশ স্বরূপ (belonging) হোৱা বুলি উপলব্ধি কৰে। 

2. এটা দলৰ বৈশিষ্ট্যসমূহ তালিকাভুক্ত কৰা। 

উত্তৰ : এটা দলত আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট হৈছে আস্তনিৰ্ভৰশীলতা (interdependence) । ই আচৰণ আৰু কাৰ্যসমূহৰ ফলাফলৰ লগত সম্বন্ধযুক্ত হ’ব পাৰে। আহাচোন আমি তিনি প্ৰকাৰৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ বিষয়ে পৰীক্ষা কৰি চাওঁ। 

  1.  আচৰণৰ পাৰস্পৰিক নিৰ্ভৰশীলতাই (The interdependene of behaviour) এই সত্যটোৰ কথাকে সুচায় যে এগৰাকী সদস্যৰ আচৰণে আন এগৰাকী সদস্যৰ আচৰণ সৃষ্টি কৰে আৰু ইয়াৰ ফলত গোটেই দলটোক নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰিবলৈ জোৰ প্ৰদান কৰে। 
  2. ফলাফলৰ পাৰস্পৰিক নিৰ্ভৰশীলতাই (The interdependene of outcome) এই সত্যটোৰ কথাকে সূচায় যে এগৰাকী সদস্যৰ ফলাফল (পুৰস্কাৰ লাভ কৰা) অকল তেওঁৰ (his/her) আচৰণৰ ফল নহয়, এনে ফলাফল দলপ অন্যান্য সদস্যসকলৰ আচৰণৰ ওপৰতো নিৰ্ভৰশীল। উদাহৰণ হিচাপে, এটা ৰাস্তাৰ ওপৰত খোজ কঢ়াৰ সময়ত, তুমি তেতিয়ালৈকে নিৰাপদ যেতিয়ালৈকে কোনোবাই তোমাক সন্মুখৰ পৰা অথবা পিচফালৰ পৰা গুণ্ডা নামাৰে। ইয়ে আকৌ ভগাই লোৱা ভাগ্যৰ কথাটো সুচায়, এটা কাৰ্য বা ঘটনাৰ ফলাফলৰ দলৰ প্ৰতিগৰাকী সদস্যৰ বাবে কম বেছি পৰিমাণে সমান তাৎপর্য আছে।
  3. কাৰ্যৰ পাৰস্পৰিক নিৰ্ভৰশীলতাই (Task interdependene) এই সত্যটোৰ কথাকে সূচায় যে এটা লক্ষ্য সাধন কৰিবলৈ হ’লে (to achieve) দলৰ প্রতিনিধিসকলে তেওঁলোকৰ কাৰ্যকলাপবোৰ সুসম্বন্ধী কৰি (coordinate) তুলিব লাগিব। উদাহৰণ হিচাপে, ফুটবল খেলাৰ সময়ত অথবা ক্রিকেট খেলার সময়ত এখন খেলত জিকাৰ বাবে বিভিন্ন খেলুৱৈৰ কাৰ্যকলাপসমূহৰ মাজত সুসমন্বয় অতি দৰকাৰী। তেওঁলোকে পৰিপূৰক নীতিৰ ওপৰত ভিত্তি কৰি (on the basis of the principle of complementary) কার্য সম্পাদন কৰে। 

3. দলস্হৰ ক্ৰমবিকাশৰ চাৰিটা স্তৰৰ বিষয়ে চমুভাৱে বৰ্ণনা কৰা। 

উত্তৰঃ দলগঠনৰ প্ৰক্ৰিয়াই চাৰিটা স্তৰ অনুসৰণ কৰে। এনে স্তৰবোৰ হৈে 

  1. অভিবিন্যাস বা নৱীকৰণ (orientation) 
  2. কার্যতৎপরতার কেন্দ্র (focus)
  3. প্রবিধান বা বিধি ব্যৱস্থা (regulation) আৰু (ঘ) স্বীতিসিদ্ধকৰণ (formalization)। আহাচোন এইবোৰ স্তৰৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে অধিকভাৱে শিকোঁহক। 

(ক) প্রথম স্তব – অভিবিন্যাস বা নৱীকৰণ (Stage 1 Orientation) 

দল গঠনৰ প্ৰাৰম্ভিক স্তৰত, শক্তি অথবা হ’বলগীয়া প্রতিনিধিসকলে একেলগে কাম কৰাৰ পৰা আৰু এটা সময়ত পাৰস্পৰিক কাৰ্যত লিপ্ত হৈ থকাৰ পৰা হ’ব। পৰা লাভলাভ অথবা লোকচানসমূহৰ বিষয়ে অধিক সচেতন হৈ উঠে। মানুহে ইজনে সিজনৰ অনুৰাগ, সামর্থ্যসমূহ অথবা লোকচানসমূহৰ বিষয়ে অধিক সচেতন হৈ উঠে। মানুহে ইজনে সিজনৰ অনুৰাগ, সামর্থ্যসমূহ আৰু জ্ঞান ইত্যাদির বিষয়ে প্রশ্ন সুধি আৰু প্ৰশ্নবোৰৰ উত্তৰ প্ৰদান কৰি অধিক সময় অতিবাহিত কৰে।

 (খ) দ্বিতীয় স্তৰ – কার্যতৎপৰতাৰ কেন্দ্ৰ (Stage 2 Focus) 

যেতিয়া এগৰাকী ব্যক্তিয়ে সিদ্ধান্ত কৰে যে তেওঁলোকৰ বিশেষ লক্ষ্য সাধন কৰাৰ বাবে এটা দল গঠন কৰা কাৰ্যটো তেওঁলোকৰ মনোযোগৰ কেন্দ্ৰ লক্ষ্য সাধনৰ উপায়ৰ (অথবা কেনেকৈ) প্রতি কেন্দ্রীভূত হয়। এই অৱস্থাত প্রতিনিধিসকল দলৰ লক্ষ্য সাধনৰ কাৰণে অৱদানৰ কথাটো আন প্রাপ্তব্য – সম্পদসমূহৰ বিষয়ে (available resources) আৰু সেই দলৰ প্ৰতিনিধিসকলৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া সাম্ভাৱ্য উপকাৰসমূহৰ বিষয়ে অধিক স্পষ্ট হৈ উঠে।

 (গ) তৃতীয় স্তব – – প্রবিধান বা বিধিব্যৱস্থা (Stage -3 Regulation) 

এটা দীঘলীয়া সময়ৰ বাবে পাৰস্পৰিক কাৰ্যৰ কাৰণে দলৰ প্ৰতিনিধিসকলৰ সামাজিক আদান প্ৰদানৰ এটা আৰ্হি প্ৰসিদ্ধ (emerge) হৈ উঠে। প্ৰতিগৰাকী সদস্যৰে ভূমিকা আৰু কাৰ্যসমূহ স্পষ্টভাৱে সূত্রায়িত কৰা হয়। এই স্তৰতে এগৰাকী লোকে দলটোৰ নেতা হৈ উঠে আৰু দলটোৰ কাৰ্যকলাপবোৰৰ আদান প্ৰদানত সিদ্ধান্তমূলক ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰে। আন সদস্যসকলে শ বাবে সেই নেতা গৰাকীৰ সম্মুখলৈ লক্ষ্য কৰা।

 (ঘ) চতুর্থ স্তৰ – নীতিসিদ্ধকৰণ (Stage-4 Formalization) 

এই স্তৰত তৃতীয় স্তৰত প্ৰসিদ্ধ হৈ পৰা মানদণ্ডসমূহ আৰু ভূমিকাসমূহ (norms and roles) নীতিসিদ্ধ কৰি তোলা হয়। দলৰ প্রতিনিধি সকলে, লিখি অথবা বাক্যৰ দ্বাৰা (in writing or in their speech) এই नয়সমূহৰ অস্তিত্ব স্বীকাৰ কৰি লয় আৰু সেইবোৰ মানি চলাৰ বাবে তেওঁলোকৰ ইচ্ছাসমূহ দেখুৱায়।

 4. এটা দলৰ অংশ হোৱা প্ৰক্ৰিয়াই ব্যক্তিৰ আচৰণ কি ভাবে প্রভাবিত কৰে? 

উত্তৰ : এটা দলৰ প্ৰতিনিধি হোৱাৰ যোগেদি এগৰাকী ব্যক্তিয়ে তেওঁৰ আচৰণৰ ওপৰত নানা উপায়েৰে প্রভাৱ পেলোৱাটো দেখা যায়। 

সিদ্ধান্ত গ্রহণ (Decision Making) : 

এইটো দেখা গৈছে যে সিদ্ধান্ত লোৱাৰ সময়ত এগৰাকী ব্যক্তিয়ে, যেতিয়া তেওঁক অকলশৰীয়াভাৱে এৰি দিয়া হয়, কম বিপদশঙ্কা (risk) গ্ৰহণ কৰে। আনহতে, তেওঁ যেতিয়া এটা দলত থাকে, ব্যক্তিগৰাকীৰ ক্ষেত্ৰত অধিক পৰিমাণৰ বিপদশঙ্কা লোৱাৰ প্ৰৱণতা দেখা যায়। এগৰাকী ব্যক্তিতকৈ এটা দলে সামগ্রিকভাৱে অধিক বিপদশঙ্কা লোৱাৰ প্ৰৱণতা দেখা যায়। এগৰাকী ব্যক্তিতকৈ এটা দলে সামগ্রিকভাবে অধিক বিপদশঙ্কা গ্ৰহণ কৰে। এই পৰিঘটনাক (phenomenon) জনপ্রিয়ভাৱে সঙ্কটাবস্থা বিচ্যুতি (risky shift) বুলি জনা যায়। 

এই ক্ষেত্ৰত প্রশ্ন উত্থাপন হয় কিয় ব্যক্তিসকলতকৈ দলসমূহে অধিক সম্ভাব্য বিপদ (risk) গ্ৰহণ কৰে? এইটো বিশ্বাস কৰা হয় যে, ই দায়বদ্ধতাৰ বিস্তাৰৰ ( spread of responsibility) বাবেই হয়। প্রকৃত সত্যটো হৈছে এয়াই যে যদিহে অকৃতকার্যতা সংঘটিত হয় ইয়াৰ দায় (blame) ভগাই লোৱাৰ বাবে আন প্রতিনিধিসকল আছে যিটোৱে দলৰ প্ৰতিনিধি সকলক সম্ভাব্য অকৃতকার্যতাৰ বাবে অতি কম ব্যক্তিগত জগৰৰ উপলব্ধি দিয়ে। সংকটাৱস্থা বিচ্যুতি (risky shift) আকৌ প্রত্যয়জনক যোগাযোগৰ (persuasive communication) অংশৰ পৰা পৰ্যবসিত হয়। যদিহে এটা দলৰ প্ৰায়বোৰ সদস্যই সংকটৰ উপাদানটোক বিবেচনাধীন সমস্যা এটাৰ প্ৰতি শুদ্ধ প্ৰতিক্ৰিয়া হিচাপে মানি লয়, তেতিয়া আলাপ-আলোচনাৰ পৰা উলিয়াই লোৱা প্ৰায়বোৰ কাৰণ আৰু সুব্যাখ্যাই ( reasons and justification) বিপদক (risk) সমর্থন জনাব। 

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 6 Comments

Leave a Reply