NIOS| Psychology (328) Notes/Answer|Chapter-19 ব্যক্তিত্বৰ মূল্যাঙ্কন

NIOS| Psychology (328) Notes/Answer|Chapter-19 ব্যক্তিত্বৰ মূল্যাঙ্কন| (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Psychology (328) Notes/Answer|Chapter-19 ব্যক্তিত্বৰ মূল্যাঙ্কন

NIOS| Psychology (328) Notes/Answer|Chapter-19 ব্যক্তিত্বৰ মূল্যাঙ্কনঅধ্যায় ১৯

 19.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ 

 উপযুক্ত শব্দেৰে খালী ঠাই পুৰণ কৰা ঃ

১।-…………. ত এগৰাকী ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত কিদৰে প্ৰতিক্ৰিয়া কৰে তাৰ ওপৰত প্ৰশ্নৰ উত্তৰ দিব লাগে। 

উত্তৰ : প্ৰশ্নসূচীত এগৰাকী ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত কিদৰে প্ৰতিক্ৰিয়া কৰে তাৰ ওপৰত প্ৰশ্নৰ উত্তৰ দিব লাগে। 

২ । এগৰাকী ব্যক্তিৰ চৰিত্ৰৰ বৰ্ণনা, পূৰ্বৰ জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত, যাক কোৱা হয় ——অভিগমন (approach) বুলি।

 উত্তৰ ঃ এগৰাকী ব্যক্তিৰ চৰিত্ৰৰ বৰ্ণনা, পূৰ্বৰ জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত, যাক কোৱা হয় মানদণ্ডৰ মাপকাঠি অভিগমন (approach) বুলি। 

৩।—— পৰোক্ষ সাংকেতিক অর্থব্যৱহাৰ কৰে যিবোৰ মনোবিশ্লেষকৰ দ্বাৰা ব্যাখ্যা কৰা হয় অচেতন সংঘাতবোৰ (conflict) মুক্ত কৰিবলৈ। 

উত্তৰ : অভিগমনত পৰোক্ষ সাংকেতিক অর্থ ব্যৱহাৰ কৰে যিবোৰ মনোবিশ্লেষকৰ দ্বাৰা ব্যাখ্যা কৰা হয় অচেতন সংঘাতবোৰ (conflict) মুক্ত 

8।……….. পৰীক্ষাত মানুহৰ ছবি থাকে য’ত ব্যক্তিয়ে সেইজনৰ বিষয়ে চমু গল্প এটা ক’ব লাগে। 

 উত্তৰ : সংবোধন পৰীক্ষাত মানুহৰ ছবি থাকে য’ত ব্যক্তিয়ে সেইজনৰ বিষয়ে চমু গল্প এটা ক’ব লাগে। 

19.2. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ ঃ

 উপযুক্ত শব্দেৰে খালী ঠাই পুৰণ কৰা :

 ১।…………… অভিগমনে কি দৰে সি / তাই পৃথিৱীখনক সংবোধিত কৰে সেই কথা নিৰ্দ্ধাৰণত মনোযোগ কেন্দ্ৰীভূত কৰে। 

উত্তৰঃ মনোবিশ্লেষণৰ অভিগমনে কি দৰে সি / তাই পৃথিৱীখনক সংবোধিত কৰে সেই কথা নিৰ্দ্ধাৰণত মনোযোগ কেন্দ্ৰীভূত কৰে। 

২। এগৰাকী ব্যক্তিৰ সি / তাইৰ আভ্যন্তৰীণ প্রকৃতি বা আত্ম কথা আনৰ ওচৰত মুক্ত কৰাৰ আগ্ৰহক ………প্ৰৱণতা বুলি বুজোৱা হয়।

 উত্তৰ : এগৰাকী ব্যক্তিৰ সি / তাইৰ আভ্যন্তৰীণ প্রকৃতি বা আত্ম কথা আনৰ ওচৰত মুক্ত কৰাৰ আগ্ৰহক প্রক্ষিপ্ত প্ৰৱণতা বুলি বুজোৱা হয়। 

৩। ভাৰতীয় নিৰ্দ্ধাৰণত গুণৰ অভিগমনে এইকথা বিচাৰি উলিয়াবলৈ প্ৰচেষ্টা কৰে, কোনটো গুণ এগৰাকী ব্যক্তিৰ মাজত………. আছে। 

উত্তৰ : ভাৰতীয় নিৰ্দ্ধাৰণত গুণৰ অভিগমনে এইকথা বিচাৰি উলিয়াবলৈ প্ৰচেষ্টা কৰে, কোনটো গুণ এগৰাকী ব্যক্তিৰ মাজত ব্যক্তিত্বত আছে। 

8।…………পদ্ধতি, যিটো চৰিত্ৰ অভিগমনত ব্যৱহাৰ হয় গুণৰ পটভূমিতো ব্যৱহাৰ হয়। 

 উত্তৰ : প্ৰক্ষিপ্ত পদ্ধতি, যিটো চৰিত্ৰ অভিগমনত ব্যৱহাৰ হয় গুণৰ পটভূমিতো ব্যৱহাৰ হয়।

 পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ

 ব্যক্তিত্বৰ নিৰ্দ্ধাৰণত তলত উল্লেখ কৰা অভিগমন কিদৰে সম্ভৱ, চমুকৈ লিখা।

 1. চৰিত্ৰ।

 উত্তৰঃ ব্যক্তিত্বৰ চৰিত্ৰ দুই ধৰণেৰে নিৰ্দ্ধাৰণ কৰিব পাৰি। এটা পদ্ধতিত এটা সমুচ্চয় প্রশ্ন আছে। য’ত ব্যক্তিগৰাকীয়ে নিজৰ মন্তব্যৰে উত্তৰ দিব লাগে, অনুভৱ আৰু ক্ৰিয়াৰে। এই কাৰণে, ব্যক্তিত্ব দোষ-গুণৰ তালিকা ব্যৱহাৰ কৰা হয়। দ্বিতীয় অভিগমনত, আন কিছুমান ব্যক্তিয়ে সেই ব্যক্তিগৰাকীৰ চৰিত্ৰ নিৰ্দ্ধাৰণ কৰে, সেই ব্যক্তিগৰাকী সম্বন্ধে থকা পূৰ্বৰ জ্ঞানেৰে, বা প্রত্যক্ষ পৰ্যবেক্ষণৰ দ্বাৰা, ইয়াক কোৱা হয় মানদণ্ডৰ মাপকাঠি অভিগমন বুলি। ব্যক্তিত্ব দোষ-গুণৰ তালিকাবোৰ হ’ল প্ৰশ্নসূচী য’ত এগৰাকী ব্যক্তিয়ে বিভিন্ন প্রশ্নৰ বিভিন্ন ধৰণেৰে উত্তৰ দিব লাগে যি ধৰণে পৰিস্থিতিত প্রতিক্রিয়া অনুভব কৰে। ব্যক্তিত্ব দোষ গুণৰ তালিকা কেৱল এটা বিশেষ চৰিত্ৰ যেনে বহির্মুখী অন্তর্মুখী বা ই হয়তো বহুকেইটা চৰিত্ৰ নিৰ্দ্ধাৰণ কৰিব পাৰে। উদ্ভাৱকসমূহ বহুত ব্যৱহাৰিক, কিন্তু যেতিয়া কোনো এজনে সি/তাইৰ প্রতিক্রিয়া প্ৰকাশ কৰিব লাগে কেতিয়াবা আমি আমাৰ নিজৰ চৰিত্ৰ অনুযায়ী পক্ষপাতিত্ব কৰি পেলাও।

 2. মনোবিশ্লেষণাত্মক। 

উত্তৰ: মনোবিশ্লেষণৰ অভিগমনে ব্যক্তিৰ অচেতন সংঘাত আৰু অভিৰুচিক কেন্দ্ৰীভূত কৰে। কিন্তু ব্যক্তিৰ অচেতন অংশৰ ব্যক্তিত্ব, নিজৰ আত্ম সজাগতাৰ পৰাই লুকাই থকে। মনোবিশ্লেষকে সেয়েহে পৰোক্ষ সাংকেতিক বাতৰি ব্যৱহাৰ কৰে আৰু অচেতন সংঘাত আৰু অভিৰুচি মুক্ত কৰি ব্যাখ্যা কৰে। এই অভিগমনক প্রক্ষিপ্ত পদ্ধতি বুলি কোৱা হয়। -এই অভিগমনত, মনোবিশ্লেষকে ব্যক্তি এগৰাকীৰ মনৰ অচেতন প্ৰক্ৰিয়াৰ জ্ঞান লাভ কৰিবলৈ বিচাৰে, সি/তাইক কিছুমান অস্পষ্ট বস্তু উপস্থাপন কৰি তাই/তাক কি দেখিছে সেয়া ব্যাখ্যা কৰিবলৈ দিয়া হয়। এই অস্পষ্ট বস্তু হয়তো চিঞাহীৰ দাগ বা এখন ছবি যি ব্যক্তিক অধ্যয়ন বা প্ৰদৰ্শনৰ অৰ্থ নিজৰ দিবাস্বপ্ন বা অভিজ্ঞতাৰ পৰা কৰিবলৈ দিয়া হয়। এইদৰে, ব্যক্তিৰ অচেতন মন টেপ কৰা হয় আৰু কিছু সংখ্যক উন্মুক্ত কৰাও হয়।

 3. মানবতাবাদী। 

উত্তৰঃ ব্যক্তিত্বৰ মানৱতাবাদী অভিগমনে এজন ব্যক্তিয়ে সি/তাইৰ পৃথিৱীত কি অভিজ্ঞতা লাভ কৰে সেয়া কেন্দ্ৰীভূত কৰে। সেয়েহে, মূল্যাঙ্কণ প্রক্রিয়া এগৰাকী ব্যক্তিৰ নিজৰ জীৱনৰ পৰিস্থিতি আৰু অভিজ্ঞতাৰ সংবোধনৰ উপলব্ধিৰ লগত জড়িত। ব্যক্তিত্বৰ আত্ম-ধাৰণা পৰিমাপ কৰিবলৈ কেবাটাও পদ্ধতিৰ বিকাশ কৰা হৈছে। তাৰে এটা অভিগমন হৈছে ব্যক্তিৰ নিৰ্বাচন, কিছু সংখ্যক নির্বাচিত বাক্যৰ, যিবোৰে সি/তাইক সঠিকভাৱে ব্যাখ্যা কৰিব পাৰে। যেনেঃ মই এজন আত্ম বিশ্বাসী ব্যক্তি। আন এটা অভিগমনে আনৰ ওচৰত ব্যক্তিৰ নিজৰ প্ৰকৃতি প্ৰকাশৰ আগ্ৰহক কেন্দ্ৰীভূত কৰে। এই অভিগমনতো অতি উচ্চ অথবা অতি নিম্ন স্তৰৰ আত্ম উন্মুক্ততাৰ প্ৰবণতা উপলব্ধিৰ ভিত্তিত বিকশিত যিবোৰ আৱেগিক অপৰিপক্কতাৰ সংকেত স্বৰূপ। 

4. গুণ। 

উত্তৰঃ ভাৰতীয় ব্যক্তিত্বৰ অভিগমনে গুৰুত্ব দিয়া তিনিটা গুণ ঃ সত্ত্ব, ৰজঃ, তমঃৰ কথা পঢ়িছা। ব্যক্তিৰ প্ৰকৃতি নিৰ্দ্ধাৰণ কৰিবলৈ এই ধাৰণাৰ প্ৰয়োজন। আমাৰ জনাৰ প্ৰয়োজন ব্যক্তিৰ জীৱনত ইয়াৰ কোনটো গুণ প্ৰভাৱশালী, চিন্তা, কথা কোৱা আৰু কৰ্মক্ষেত্ৰত আৰু কোনটো কম প্ৰভাৱশালী আৰু কোনটো আটাইতকৈ কম প্ৰভাৱশালী। উদাহৰণ স্বৰূপে, এগৰাকী ব্যক্তি যিগৰাকী অতিশয় সত্যবাদী, বিচ্ছিন্ন আৰু সহায় কৰা বিধৰ তেখেতৰ সত্ত্ব গুণটো অধিক। কোনটো গুণ ব্যক্তিৰ মাজত অধিক সেয়া নিৰ্দ্ধাৰণ কৰিবলৈ হ’লে, আমি প্রশ্নসূচী, পর্যবেক্ষণ ইত্যাদিৰ সহযোগী প্ৰচেষ্টাত বা তৰি বা সম্ভেদ সংগ্ৰহ কৰিব লাগিব। কিছু সংখ্যক উদ্ভাৱকৰো বিকাশ কৰিব লাগিব যিয়ে কোনবোৰ গুণ ব্যক্তিৰ ব্যক্তিত্বত সক্রিয় সেই সম্পর্কে সম্ভেদ দিয়ে।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 2 Comments

Leave a Reply