NIOS| Psychology (328) Notes/Answer|Chapter-14 প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কাল

NIOS| Psychology (328) Notes/Answer|Chapter-14 প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কাল (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Psychology (328) Notes/Answer|Chapter-14 প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কাল

NIOS| Psychology (328) Notes/Answer|Chapter-14 প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কাল

১৪ 14.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ 

(১) বয়স্কসকলৰ স্মৃতি সম্পাদন উপাদানসমূহৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ (ক) স্মৃতিৰ বিষয়ে বিশ্বাস

(খ) স্মৃতি কৌশলস্হৰ ব্যৱহাৰ 

(গ) বয়সীয়াসকলৰ জীৱনশৈলীসমূহ 

(২) বয়স্ককালৰ দৈনন্দিন বুদ্ধিৰ কিদৰে বিচাৰ কৰিব পাৰি?

উত্তৰঃ ইয়াক তেওঁলেকৰ ৰাস্তাৰ নানা চিত্ৰসমূহ অধ্যয়ন, নিদর্শন বুজি পোৱাৰ ক্ষমতা, বিভিন্ন প্রপত্র বা নাম ভৰ্তি কৰা, কথোপকথন বুজি পোৱা, বজাৰ কৰা আৰু দৈনন্দিন জীৱনৰ কামকাজসূহ সম্পাদন কৰাৰ মাজেৰে বিচাৰ কৰিব পৰা যায়। 

14.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ 

(১) বয়স্ককালত কি উপাদনবোৰে অৱসাদ সৃষ্টি কৰে? 

উত্তৰ ঃ জৈৱিক উপাদানসমূহ যেনে জৈৱৰাসায়নিক গণ্ডোগোল আৰু সামাজিক সাংস্কৃতিক উপাদানসমূহ যেনে, অৱসহ, অকলশৰীয়া হৈ পৰা ইত্যাদিয়ে বয়সীয়া কালত অৱসাদৰ সৃষ্টি কৰিব।

(২) তিনিটা মনোবৈজ্ঞানিক হস্তক্ষেপৰ নাম লিখা। 

উত্তৰঃ (১) মানসিক স্বাস্থ্য সেৱাসমূহৰ মাজেৰে সহায় বিচাৰি 

(২) পাৰিবাৰিক প্ৰতিকাৰ 

(৩) সামাজিক প্রতিকাৰসমূহ 

পাঠ্য সমাপ্তিৰ প্রশ্নাৱলীৰ উত্তৰঃ 

(১) মধ্যবয়সীয়া লোকসকলৰ বাবে প্রধান বিকাশমূলক কাৰ্যবোৰ কি কি? 

উত্তৰ : বয়স্ক নাগৰিক আৰু সামাজিক দায়বদ্ধতা আহৰণ, জীৱন নিৰ্বাহৰ অর্থনৈতিক মানদণ্ড প্রতিষ্ঠা কৰা আৰু পৰিচালনা কৰা, কম বয়সীয়া ল’ৰা ছোৱালীসকলক দায়বদ্ধ আৰু সুখী বয়স্ক লোক হোৱাৰ বাবে সহায় আগবঢ়োৱা, প্রাপ্তবয়স্কসকলৰ অৱসৰ সময়ৰ কামকাজ বিকাশপ্রাপ্ত কৰি তোলা, এগৰাকী ব্যক্তি হিচাপে নিজৰ পত্নীৰ লগত সম্বন্ধ ৰক্ষা কৰা, মধ্যবয়সৰ মনোবৈজ্ঞানিক পৰিৱৰ্তনসমূহ গ্ৰহণ কৰা আৰু সেইবোৰৰ লগত সমন্বয় সাধন কৰা আৰু বয়সস্থ পিতৃ-মাতৰ লগত অভ্যস্ত কৰি লোৱা। 

(২) বয়স বাঢ়ি অহাৰ লগে লগে বাহ্যিকভাবে দেখা দিয়া বিশেষ পৰিৱৰ্তন কিছুমানৰ বিষয়ে বর্ণনা দিয়া। 

উত্তৰঃ বাহ্যিক পৰিৱৰ্তনসমূহে বাৰ্ধক্য হোৱাৰ বাহ্যিক আভাসসমূহৰ কথা সূচায়। অধিকভাৱে নীৰিক্ষণ কৰিব পৰা পৰিৱৰ্তনবোৰ হৈছে তেনে পৰিৱৰ্তনবোৰ যিবোৰ ছাল, চুলি, দাঁত আৰু সাধাৰণ চাল-চলন আদিৰ সৈতে সমন্ধযুক্ত হৈ আছে। এই সময়ত ছালৰ পৰিৱৰ্তনসমূহ সংঘটিত হয়। আটাইতকৈ চকুত ধৰা পৰিৱৰ্তন হৈছে শোটোৰা পৰিবলৈ ধৰাটো। শোটোৰা পৰিবলৈ ধৰা প্ৰক্ৰিয়া মাজ বয়সবোৰত আৰম্ভ হয়। ছাল অধিক ডাঠ, কঠিন আৰু কম নমনীয় হয়। ই সেসেৰীয়া আৰু শুকান হৈ উঠে। বয়স বাঢ়ি অহাৰ লগে লগে ব্যক্তিগৰাকীৰ চুলিবোৰ বগা হ’বলৈ ধৰে আৰু ইয়াৰ চমক হ্রাস হয়। ই দুৰ্বল হ’বলৈ আৰম্ভ কৰে। দুকুৰি পোন্ধৰ বছৰ বয়সত প্রায় ৬৫ শতাংশ মানুহেই উৎপাদন হ্রাস হৈ পৰে। ইয়ে দাঁতৰ ক্ষয় প্রক্রিয়া সংকটপূৰ্ণ কৰি তোলে। 

শাৰীৰিক শক্তি ঃ 

৩০ বছৰ বয়সৰ পৰা ৮০ বছৰ আৰু ওপৰলৈ অৱনমিত হ’বলৈ আৰম্ভ কৰে। অধিক দুর্বল্য সংঘটিত হয়, পিঠিৰ আৰু ভৰিব মাংসপেশীসমূহত, কম হয় বাহুৰ মাংসপেশীসমূহত। শক্তি উৎপাদন হোৱা প্ৰক্ৰিয়াত অগ্রসমুখী অৱনতি ঘটে। হাড়বোৰ বৰ্ধিকভাৱে ঠুনুকা হ’বলৈ ধৰে আৰু সহজে ভঙাৰ ফালে গতি কৰে। কেলছিয়াম জমা পৰে আৰু গাঠিৰ বেমাৰ বয়স বৃদ্ধিৰ লগে লগে বৃদ্ধি পায়। পেশীয় ব্যূহতত্ত্ব আকাৰ আৰু শক্তিৰ দিশৰ পৰা হ্রাস হয়। পেশীয় দৃঢ়তা বয়স বঢ়াৰ লগে পেশীতত্ত্বসমূহৰ ভিতৰত চর্বিযুক্ত পদাৰ্থবোৰ বৃদ্ধি হোৱাৰ কাৰণে ধৰি ৰখাটো বৰ্ধিতভাৱে কঠিন হৈ উঠে। দাঁত হেৰুওৱা, তপা হোৱা, চুলি মুগা পৰা, ছাল সোতৰা পৰা আৰু শাৰীৰিক শক্তিৰ অভাৱ হোৱা আদি সকলোবোৰে এগৰাকী ব্যক্তিৰ আত্ম-ধাৰণা আৰু বিশ্বাসত নেতিবাচক প্রভাৱ পেলায়। 

(৩) বৃদ্ধবয়সত হৃদবাহিকা সম্বন্ধীয় পদ্ধতিত কি ঘটে?

 উত্তৰঃ হৃদবাহিকা সম্বন্ধীয় প্রণালীয়ে যিয়ে হৃদযন্ত্র (হৃদপিণ্ড) আৰু বক্ত নালিকাসমূহ অন্তৰ্ভুক্ত কৰি লয়, স্বাভাৱিক বাৰ্ধক্যৰ প্ৰভাৱ ধীৰভাৱে প্ৰদৰ্শিত কৰে। বাৰ্ধক্য প্ৰক্ৰিয়াৰ সৈতে ৰক্ত নালিকাসমূহৰ পৰিৱৰ্তনসাধ্যতা আৰু ৰক্ত কোষ উৎপাদনৰো পৰিৱৰ্তনসাধ্যতা হ্রাস হয়। হৃদপিণ্ডই জিৰণি লোৱাৰ বাবে আৰু ৰক্ত চলাচলৰ বাবে ধমনীয় সিৰাৰ প্ৰতিৰোধ ক্ষমতাৰ প্ৰয়োজন হোৱা সূয় বৃদ্ধি হোৱা দেখা যায়। বহুতো বৃদ্ধলোকে উচ্চ ৰক্তচাপত ভোগা দেখা যায়। অৱশ্যে, স্বাস্থ্যবান বৃদ্ধলোকসকলৰ ক্ষেত্ৰত স্বাস্থ্যৱান ডেকা লোকসকলৰ দৰে সদৃশ ৰক্তচাপ দেখা যায়। 

(৪) বৃদ্ধ বয়সৰ অৰ্থনৈতিক সমস্যাবোৰ কি কি? 

উত্তৰঃ স্বনিযুক্ত বয়সীয়া লোকসকল অথবা যিসকলৰ পাৰিবাৰিক ব্যৱসায় আছে তেওঁলোকে মৃত্যুৰ আগলৈ অথবা অসমৰ্থ হোৱালৈকাম কৰিবলৈ লয়। যিসকলে আনৰ কাৰণে কাম কৰে তেওঁলোকে এটা নির্দিষ্ট বয়সৰ পিছত অৱসৰ লয়। ব্যক্তিৰ অৱসৰৰ প্ৰতি ব্যক্তিগত মনোভাৱ বা অভিবৃত্তি বিভিন্ন কাৰকৰ কাৰ্যৰ বাবে যেনে আয়, শিক্ষাগত স্তৰ আৰু বৃত্তীয় স্তৰ বেলেগ বেলেগ ধৰণৰ হয়। 

ব্যক্তিসকলৰ বাবে অৱসৰৰ লগত সমায়োজন প্ৰায়েই জটিল ধৰণৰ হয়। অবসবে নতুন জীৱনশৈলী যিবোৰ আয় হ্রাস হোৱা, কাৰ্যৰ ভৰ কমি যোৱা আৰু মুক্ত সময় বৃদ্ধি পোৱা আদিৰ দ্বাৰা বৈশিষ্ট্যপূৰ্ণ কৰি তোলা হয়, সেইবোৰৰ লগত সমাযোজন কৰাৰ প্ৰয়োজন হয়। পুৰুষসকলৰ ক্ষেত্ৰত অৱসৰে অধিক চাপ সৃষ্টি কৰে কাৰণ আমাৰ সমাজত মানুহৰ পৰিচয়ৰ বিশিষ্ট অংশ তেওঁলোকৰ কামৰ ওপৰত নিৰ্ভৰশীল হয়। এনেভাৱে কাম হেৰৱাৰ ফলত আত্মসম্মান আৰু আত্ম-মূল্য হ্রাস পোৱাৰ পৰিণতিৰ সৃষ্টি হয়। অৱসৰ পোৱা লোকসকলে অর্থনৈতিক সমস্যাসমূহ, বেমাৰ-আতাৰ আৰু অকলশৰীয়া হোৱা উপলব্ধিৰ বাবে অৱসৰৰ লগত সমাযোজন কৰিবলৈ কষ্ট পায়। অৱসৰ পোৱা লোকসকলে তেওঁলোকৰ ভূমিকাসমূহৰ লগত, ব্যক্তিগত আৰু সামাজিক সংগঠনসমূহৰ লগত আৰু তেওঁলোকৰ সফলতা তথা উৎপাদনশীলতাৰ অনুভূতিৰ লগত নানা ধৰণৰ সমাযোজন কৰিবলগীয়া হয়। যি কি নহওঁক, ইয়ে প্রয়োজনীয়ভাৱে ইয়াকো নুসূচায় যে সকলোৰে বাবে অৱসৰে নেতিবাচক ফলসমূহ কঢ়িয়াই আনে। কিছুমানৰ ক্ষেত্ৰত, তেওঁলোকৰ আত্মসম্মান আৰু জীৱনৰ সন্তুষ্টিৰ ক্ষেত্ৰত ইয়াৰ কোনো বেয়া প্ৰভাৱ নাথাকিবও পাৰে। কিছুমানৰ বাবে অৱসৰৰ পিছত স্বাস্থ্যৰ উন্নতি ঘটিবও পাৰে। অৱসৰ পোৱা লোকসকলেসামাজিক আৰু চখৰ লগত জড়িত কামৰ বাবে বিশেষকৈ যদিহে তেওঁলোকৰ পৰ্যাপ্ত অর্থনৈতিক সম্পদ থাকে আৰু এনেবোৰ কামৰ লগত জড়িত হৈ থকাৰ বাবে স্বাস্থ্যৱান হৈ থাকে, অধিক সময় লাভ কৰিব পাৰে।

 (৫) মনোবৈজ্ঞানিক হস্তক্ষেপৰ প্ৰধান লক্ষ্যসমূহ কি কি? 

উত্তৰঃ মনোবৈজ্ঞানিক হস্তক্ষেপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্যসমূহ হৈছে: 

  1. এগৰাকী লোকৰ আচৰণৰ অন্তর্দৃষ্টি বা সংপ্রজ্ঞা।
  2.  বিৰক্তি বা অৱসাদৰ সকাহ। 
  3. বর্তমান অৱস্থাৰ লগত অভ্যস্তভৱন বা সমন্বয় সাধন।
  4.  আত্ম-যত্নৰ কৌশলসমূহৰ উন্নতি সাধন।
  5. কাৰ্য উৎসাহিত কৰা ।
  6.  স্বতন্ত্রতা সূচল কৰি দিয়া।
  7. নিদৰ দুৰ্বলতা আৰু প্ৰতিকূলতাসমূহ গ্ৰহণ কৰা। 
  8. আন্তঃব্যক্তিক সম্পৰ্কসমূহৰ উন্নতি ঘটোৱা। 

(৬) চমুটোকা লিখা 

(i) বিচ্ছিন্ন হোৱা 

(ii) বয়সীয়াসকলৰ বাবে সামাজিক হস্তক্ষেপসমূহ 

উত্তৰ : ব্যক্তিক পৰিৱৰ্তিত কৰি তোলাৰ উপৰিও এগৰাকী লোকে যিটো পৰিৱেশ বা পৰিস্থিতিত কাম কৰে সেই পৰিৱেশ বা পৰিস্থিতি পৰিৱৰ্তন কৰিবলৈ আমি ভাল পাব লাগিব। ঘৰুৱা পৰিৱেশ, কাৰ্যৰ কাৰ্যসূচী আৰু ব্যক্তিয়ে বসবাস কৰা ওচৰচুবুৰীয়া আৰু সম্প্ৰদায়ৰ প্ৰতি আমি মনেযোগ দিব লাগিব। সামাজিক হস্তক্ষেপে বয়সীয়া লোকসকলৰ প্ৰতি আৰু সম্প্রদায়, পৰিয়াল আৰু বন্ধু-বান্ধৱৰ ওপৰত বয়সীয়া লোকসকলৰ বৰ্ধিত নিৰ্ভৰশীলতাৰ প্ৰতি মনোভাৱৰ পৰিৱৰ্তন অন্তর্ভুক্ত কৰি ল’ব।

 (iii) বৃদ্ধকালত অৱসাদ 

উত্তৰ : বয়সস্থ লোকসকলে প্ৰায়েই অৱসাদৰ দুটা মুখ্য লক্ষণ দেখুৱায় : অৱসাদমূলক অনুভূতি (বিমর্ষতা, দোষ, আশাহীনতা, অসহায়তা আৰু হ্ৰাস হৈ অহা আচৰণ ত্যাগ কৰা, নিস্পৃহা) প্ৰায়বোৰ বয়সীয়ালোকে তেওঁলোকৰ অৱসাদ নানা ধৰণৰ অভিযোগৰ (যেনে ভোক কমা, টোপনিৰ ক্ষেত্ৰত অসুবিধা পোৱা) দ্বাৰা কায়িকভাৱেও বর্ণনা কৰে। জৈৱিক উপাদান (জৈৱ ৰাসায়নিক অসুবিধাসমূহ) আৰু সামাজিক-সাংস্কৃতিক বয়সীয়া লোকসকলৰ মূল সম্পৰ্কীয় সাংস্কৃতিক দৃষ্টিভংগী, নিঃসঙ্গতা, অৱসৰ, বিধিবদ্ধকৰণ উপাদানসমূহ – উভয় উপাদানে বয়সীয়া লোকসকলৰ কথা উপলব্ধি কৰা, বস্তুগত মালিকীস্বত্ব হেৰুওৱা আৰু অকৃতকার্যতাসমূহেও অৱসাদৰ ক্ষেত্ৰত অৰিহণা যোগায়। 

(iv) বয়সৰ লগে লগে চি এন এচ পৰিৱৰ্তনসমূহ 

(v) পাৰিবাৰিক প্ৰতিকাৰ 

উত্তৰঃ পাৰিবাৰিক প্রতিকাৰে জীৱনৰ বিভিন্ন ধৰণৰ সমাযোজনৰ ক্ষেত্ৰত 

যেনে অৱসৰ, পারিবারিক যত্ন প্ৰদানৰ ভূমিকা, ককা-আইতা হোৱা, বলদীয়া। আৰু ডেকাসকলৰ মাজত পাৰিবাৰিক সংঘাটসমূহ, বয়সীয়াসকলৰ ৰোগৱতাৰ সৈতে খাপ খাই পৰা আৰু বয়সীয়া লোকসকলক অনুষ্ঠানৰ ভিতৰৱাকৰণত পৰিয়ালৰ সিদ্ধান্তই সহায় আগবঢ়ায়। উপযুক্তভাবে পরিচালনা কৰিলে, পারিবাহিত প্রতিকাৰে মৰম-স্নেহ, ঘনিষ্ঠতা আৰু পাৰস্পৰিক নির্ভসীলতাৰ উপলব্ধি সমূঃ শক্তিশালী কৰি তুলিব পাৰে।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 4 Comments

Leave a Reply