NIOS| Psychology (328) Notes/Answer|Chapter-26 শিক্ষা আৰু কৰ্ম

NIOS| Psychology (328) Notes/Answer|Chapter-26 শিক্ষা আৰু কৰ্ম| (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Psychology (328) Notes/Answer|Chapter-26 শিক্ষা আৰু কৰ্ম

NIOS| Psychology (328) Notes/Answer|Chapter-26 শিক্ষা আৰু কৰ্ম

 ঐচ্ছিক মড্যুল  ৬ (ক) 

(26.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ:

 ১। তলত দিয়া উক্তিসমূহ ভুল নে শুদ্ধ কোৱা। (ক) শিক্ষা আৰু কৰ্মৰ সম্বন্ধ একে নহয়। /(সঁচা/মিছা)

উত্তৰ:: ভুল 

(খ) মানুহ একমাত্র নিযুক্তিৰ আশাত শিক্ষা গ্ৰহণ কৰে। /(সঁচা/মিছা)

 উত্তৰ: ভুল

(গ) নিজকে শিক্ষিত কৰি তোলা মানে কোনো ক্ষেত্ৰত নিজৰ কৰ্ম নিপুণতা বঢ়াই তোলা। (সঁচা/মিছা)

উত্তৰ: ভুল 

(ঘ) যিকোনো শিকি লোৱা কৌশল আৰু কাম। (সঁচ /(সঁচা/মিছা)

উত্তৰঃ ভুল 

(ঙ) শিক্ষাৰ পছন্দ হৈছে এটা প্রক্রিয়া। (সঁচা/মিছা)

উত্তৰ:শুদ্ধ

২। সাধাৰণ শিক্ষা কি ব্যাখ্যা কৰা।

 উত্তৰ : ‘ই আমাক কিছুমান প্রাথমিক কৌশল যেনে পড়া, পৰিৱেশৰ বিষয়ে জ্ঞান, বিচৰা ধৰণৰ আচৰণ, মূল্যবোধ আৰু উদ্‌ানি যোগান ধৰে। 

26.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ ঃ

এশাৰী বাক্যত উত্তৰ লিখা। 

১। কোনে জীৱিকাসমূহৰ ৰাষ্ট্ৰীয় শ্ৰেণীকৰণ (National Classifiation of Occupations) উলিয়াইছিল? 

উত্তৰ: ভাৰত চৰকাৰ 

২। সশস্ত্র সেনাবাহিনীত মকৰলৰ বাবে আৱশ্যকীয় দুটা উল্লেখযোগ্য। অৰ্হতাৰ নাম লিখা।

 উত্তৰঃ শাৰীৰিক, শিক্ষা

 ৩। নাগৰিকত্বৰ আৱশ্যকতা মানে কি বুজা ? 

উত্তৰ: প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ’ব লাগিব। 

26.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ ঃ

১। শিক্ষানবিচী (Apprenticeship) মানে কি বুজা ?

উত্তৰঃ কোনো নির্দিষ্ট বৃত্তিৰ বাবে কৰ্মৰত অৱস্থাত লোৱা প্ৰশিক্ষণ।

২। অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তা কিয় ?

 উত্তৰঃ  অনুজ্ঞাপত্ৰই কোনো কামক স্বীকৃতি প্ৰদান কৰে।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ 

১। চমুটোকা লিখা :

(ক) কামৰ জগৎ।

(খ) অনলাইন (ইলেক্‌ট্রনিক মাধ্যম) অনুক্রমিক ধাৰা।

(গ) শিক্ষা আৰু প্ৰশিক্ষণৰ আৱশ্যকতা। 

(ঘ) ব্যক্তিত্বৰ আৱশ্যকতা। 

(ঙ) অনুজ্ঞাপত্ৰ। 

উত্তৰঃ 

(ক) কামৰ জগৎ : 

‘কৰ্মৰ পৃথিৱীখন’ বুলি কোৱা অভিব্যক্তিয়ে নিজেই ইয়াৰ অৰ্থ বহন কৰে। এনে অভিব্যক্তিয়ে বিভিন্ন জীৱিকাসমূহ আৰু উদ্যোগসমূহৰ বিষয়ে ইংগিত দিয়ে। শিক্ষাৰ ক্ষেত্ৰখনত জড়িত যিকোনো এজন ব্যক্তিক আমি শিক্ষক বুলি কওঁ। শিক্ষাৰ ক্ষেত্ৰখন বহুত বহল। এইক্ষেত্ৰখনত বিভিন্ন ধৰণৰ শিক্ষাৰ স্তৰ আছে, য’ত জড়িত থকা শিক্ষকসকলক নাৰ্চাৰী শিক্ষক প্রাথমিক শিক্ষক, প্রশিক্ষণপ্রাপ্ত শিক্ষক, স্নাতকোত্তৰ শিক্ষক, প্রধ্যাপক, বীডাৰ, অধ্যাপক ইত্যাদি নামেৰে জনা যায়। বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বিভিন্ন বিষয়ৰ বিভিন্ন শিক্ষক থাকে। কর্মক্ষেত্ৰৰ ভিন্নতা অনুসৰি ভাৰত চৰকাৰে নেচনেল ক্লাচিফিকেচন অব্ অকিউপেইশ্যান্ নামেৰে এটা সংস্থা গঠন কৰিছে। এই সংস্থাটোৱে কৰ্মৰমান আৰু দিশ অনুসৰি নটা প্রধান ভাগত কর্মসমূহ নিৰ্ধৰণ কৰিছে। 

(১) আইন ব্যৱস্থাপক, জ্যেষ্ঠ বিষয়া আৰু ব্যৱস্থাপকসকল।

(২) ব্যৱসায়িক বা বৃত্তিমূলক।

(৩) কাৰিকৰী জ্ঞানসম্পন্ন আৰু সহায়ক ব্যৱসায়ীসকল।

(৪) কেৰাণী। 

(৫) কর্মসহায়কসকল আৰু দোকানী আৰু বজাৰৰ বিভিন্ন দ্রব্য বিক্ৰেতাসকল। 

(৬) কৃষি আৰু মৎস্য উৎপাদন আদিব ব্যৱহাৰিক ক্ৰিয়াৰ প্ৰশিক্ষিত ব্যক্তিসকল।

 (৭) শিল্পৰ লগত জড়িত কৰ্মীসকলক।

 (৮) উদ্যোগ আৰু বিভিন্ন যন্ত্ৰৰ পৰিচালনা আৰু অংশসমূহৰ জোৰা লগোৱা ব্যক্তিসকল। 

(৯) প্রাথমিক ব্যৱসায়িক খণ্ডসমূহৰ লগত জড়িত ব্যক্তিসকল। 

(খ) অনলাইন (ইলেক্‌ট্রনিক মাধ্যম) অনুক্রমিক ধাৰা ঃ

 উত্তৰ ঃ দূৰ দূৰণিৰ ঘৰত থাকি শিক্ষা গ্ৰহণ কৰিব পৰা ব্যৱস্থাটোক মুক্ত শিক্ষা বুলিও ক’ব পাৰি। এইক্ষেত্ৰত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ে চমুকৈ (ইগ্ন) মুক্ত আৰু দুৰ শিক্ষা ব্যৱস্থাৰ যোগেদি শিক্ষা প্ৰদান কৰি আহিছে। এনেধৰণৰ কিছুমান অনুষ্ঠানে অনলাইন ব্যৱস্থাৰ যোগেদি কম্পিউটাৰৰ সহায়ত ঘৰতে নতুবা চাইবাৰ কাফেৰে শিক্ষা গ্ৰহণ কৰিব পৰাৰ সুবিধা প্রদান কৰিছে। এই ব্যৱস্থাটো আজি-কালি অতি জনপ্ৰিয় আৰু সুধিদাজনক। 

(গ) শিক্ষা আৰু প্ৰশিক্ষণৰ আৱশ্যকতা ঃ 

উত্তৰঃ বিভিন্ন কামৰ বাবে প্ৰশিক্ষণৰ দৰকাৰ। এজন ছাত্ৰই শ্ৰেণী কোঠাত শিকা বিষয়সমূহৰ জ্ঞান প্রায়োগিক দিশত কিদৰে প্ৰয়োগ কৰিব তাৰ ওপৰত ভিত্তি কৰি প্ৰশিক্ষণ দিয়া হয়। প্রশিক্ষণ বিভিন্ন বিষয়ৰ ওপৰত ভিন্ন হোৱা দেখা যায়। কিছুমান অনুষ্ঠানত শ্ৰেণী কোঠাৰ শিক্ষা সমাপ্ত হোৱাৰ পাছত “কামৰ সমানে প্রশিক্ষণ” সুবিধা থাকে। ইয়াক শিক্ষানবিচী বুলি কোৱা হয়। সকলো ধৰণৰ বৃত্তিগত বিষয়তে ছাত্র-ছাত্রীসকলে শিক্ষাগ্রহণৰ লগতে প্রায়োগিক দিশটোত অধিক মনোযোগ দিব লাগে। ইয়াক কোৱা হয় হাতে কামে শিক্ষা ল’বৰ বাবে লোৱা প্ৰশিক্ষণ বুলি। বহুতো কোম্পানীয়ে ছাত্র-ছাত্রীসকলক প্ৰথমে ‘প্রশিক্ষার্থী হিচাপে নিযুক্তি দি সময়ত নিৰ্দিষ্ট কামত মকৰল কৰে। 

(ঘ) ব্যক্তিত্বৰ আৱশ্যকতাঃ

উত্তৰঃ আমি বিজ্ঞাপনবোৰত চকু ফুৰালে দেখিবলৈ পাও যে, “অভ্যর্থনা পদৰ বাবে অমায়িক তথা ভাল লগা ব্যক্তিত্বসম্পন্ন যুৱক-যুৱতীৰ প্ৰয়োজন”। এনে ধৰণৰ বিজ্ঞাপনবোৰ সাধাৰণতে বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানবোৰে দিয়ে, কাৰণ তেওঁলোকে এই আকর্ষণীয় ব্যক্তিত্বসম্পন্ন যুৱক-যুৱতীসকলৰ দ্বাৰাই নিজা উৎপাদিত বা বজাৰৰ সামগ্ৰী বিক্ৰীহৰ এটা ধাৰণা কৰি লয়। এই যুৱক যুৱতীসকলে বজাৰত সেই প্ৰতিষ্ঠানৰ দ্বাৰা উৎপাদিত বস্তু সামগ্ৰী বিক্ৰী কৰিব লাগে। কিছুমান বিজ্ঞাপনত যদিও কামৰ বৰ্ণনা নাথাকে তথাপি কামৰ তাগিদা অনুসৰি সকলো চৰ্ত পূৰণ কৰিব লাগে। উদাহৰণ হিচাপে, এজন জন সম্পৰ্কৰক্ষী বিষয়াই নিজৰ ব্যক্তিত্বৰ দ্বাৰা মানুহৰ লগত যোগাযোগ ৰক্ষা কৰাৰ উপৰিও নানা ধৰণৰ বিষয়বস্তুত নিজৰ পাৰদৰ্শিতা প্ৰমাণ কৰিব লাগেষ যিবোৰ বিজ্ঞাপনত উল্লেখ নাথাকে। 

(ঙ) অনুজ্ঞাপত্ৰঃ

উত্তৰ ঃ আমাৰ যদি এখন মটৰ চাইকেল বা বাহন আছে, বাহনখন চলাবলৈ আমাৰ এখন অনুমতি-পত্ৰৰ আৱশ্যক হ’ব। মটৰ চাইকেল চলাব নজনা মানুহ এজনক যদি মটৰ চাইকেল চলাবলৈ দিয়া হয় মানুহজনে নিজে বিপদৰ সম্মুখীন হোৱাৰ উপৰিও জীৱনৰ বাবে ঘূর্ণীয়া হ’ব বা আনকো বিপদত পেলাব পাৰে নাইবা বাহনখনৰ ক্ষতি কৰিব পৰে। এইক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ আবশ্যকতা হয়। অনুজ্ঞাপত্ৰখনে আমাক কোনো কাম কৰিবৰ বাবে মান্যতা দিয়ে। যিািবৰ কামত জীৱনৰ নিৰাপত্তা অধিক তেনেক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ দৰকাৰ। উদাহৰণ হিচাপে এজন ফৰ্মাচিষ্টক অনুজ্ঞাপত্ৰৰ দৰকাৰ কাৰণ তেওঁ দৰৱ ব্যৱসায় কৰে। কিছুমান কামত যেনে, এজন চিকিৎসকে চিকিৎসা সেৱা আগবঢ়োৱাৰ আগতে ভাৰতীয় চিকিৎসা পৰিষদৰ অন্তৰ্ভুক্ত হোৱাটো প্রয়োজনীয়। 

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 3 Comments

Leave a Reply