NIOS| Psychology (328) Notes/Answer|Chapter-23 মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়া

NIOS| Psychology (328) Notes/Answer|Chapter-23 মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়া| (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS| Psychology (328) Notes/Answer|Chapter-23 মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়া

NIOS| Psychology (328) Notes/Answer|Chapter-23 মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়া

23.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ ঃ

 তলত দিয়াসমূহৰ বাবে একো একোটা পদ প্রদান কৰা : 

1. সামাজিক পাৰস্পৰিক কাৰ্যৰ গতিত মানুহৰ দ্বাৰা পৰিৱেশৰ ব্যৱহাৰ…………..

 উত্তৰ : পাৰিপাৰ্শ্বিক আচৰণ 

2. বান্ধবোৰ, বিদ্যালয়বোৰ, ঘৰবোৰ আদিৰ দৰে মানুহৰ কাৰ্যবোৰৰ ফলাফলবোৰ…………. |

 উত্তৰ : আচৰণৰ উৎপাদনসমূহ

 3. মানুহে পৰিবেশ সম্পর্কে গ্ৰহণ কৰা বিশ্বাসবোৰ ……।

উত্তৰঃ পাৰিপাৰ্শ্বিক দিশস্থিতিসমূহ (Orienations) 

4. সংস্কৃতিৰ সকলোবোৰ দিশ ……… ।

উত্তৰঃ সামাজিক সাংস্কৃতিক পৰিবেশ

 5. প্রাকৃতিক পৰিবেশৰ দিশসমূহ …………।

উত্তৰঃ ভৌতিক পৰিবেশ 

23.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ : 

1. পানীৰ নাটনি কমোৱাৰ বাবে এটা পৰামৰ্শ দিয়া। 

উত্তৰ ঃ বৰষুণৰ বানী সংগ্রহকৰণ

 2. বায়ু প্ৰদূষণ কমোৱাৰ বাবে কি কৰা উচিত হ’ব? 

উত্তৰ: CNG -ৰ প্ৰচলন

 3. অপচয়িত উপাদানসমূহ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়া। 

উত্তৰ: অপচয়িত্ৰ পূৰ্ব ব্যৱহাৰ আৰু পুনৰ কাৰ্যচক্ৰকৰণ। 

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ 

1. মানুহ-পৰিবেশৰ পাৰস্পৰিক কাৰ্যৰ বিভিন্ন ধৰণৰ বাস্তৱতাবোৰ (facts) কি ? মানৱ আচৰণৰ ওপৰত পৰিবেশীয় প্রভাৱসমূহৰ বিষয়ে ব্যাখ্যা কৰা। 

উত্তৰ : আমি জানো যে ভৌতিক বা প্রাকৃতিক পৰিবেশে প্রত্যক্ষ অথবা পৰোক্ষভাবে আমাৰ আচৰণ প্ৰভাৱিত কৰে। উদাহণ হিচাপে, এইটো নিৰীক্ষণ কৰা হৈছে যে যেতিয়া বতৰ গৰম আৰু আৰ্দ্ৰ বা জেকা অর্থাৎ সেমেকা হয় তেতিয়া ঠাণ্ডা বতৰৰ তুলনাত মানুহ অধিক খঙাল আৰু আক্রমণাত্মক প্ৰকৃতিৰ হয়। তোমালোকে নিশ্চয় দৈনন্দিন বাতৰি কাকতত গৰমৰ মাহবোৰত পথ ক্রোধোন্মত্ততা”ৰ ঘটনাসমূহ বৃদ্ধিৰ কথা শুনিছা। এনে পাৰিপাৰ্শ্বিক চলকসমূহৰ ওপৰত আমাৰ অনুৰাগে এখন বিশেষ ক্ষেত্ৰ যাক পাৰিপাৰ্শ্বিক মনোবিজ্ঞান হিচাপে জনা যায়; বিকাশৰ দিশলৈ আমাক আগুৱাই দিছে। 

মনোবিজ্ঞানৰ সেই ক্ষেত্ৰখন প্রাকৃতিক আৰু মানৱ সৃষ্ট উভয় দিশৰ মনোবৈজ্ঞানিক প্রক্রিয়াসমূহ আৰু ভৈতিক পৰিবেশসমূহৰ পাৰস্পৰিক সম্বন্ধৰ অধ্যয়নৰ প্ৰতি একান্তভাৱে নিয়োজিত কৰা হৈছে। পাৰস্পৰিক সম্বন্ধই দুটা উপায়ৰ প্ৰক্ৰিয়াৰ লগত য’ত পৰিবেশে মানৱ আচৰণসমূহ প্ৰভাৱিত কৰে আৰু মানৱ প্ৰাণীয়ে পৰিবেশৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে সেই বিষয়ে আলাপ আলোনা কৰে। এই পাৰস্পৰিক কাৰ্যৰ নানা দিশসমূহৰ বিষয়ে উপলব্ধি কৰাৰ বাবে আমি মুখামুখি হোৱা বিভিন্ন প্ৰকাৰৰ পৰিবেশৰ বিষয়ে উপলব্ধি কৰাটো উপকাৰী হ’ব নিশ্চয়। তলত পৰিবেশৰ মুখ্য প্ৰকাৰসমূহৰ বিষয়ে চমু বর্ণনা প্ৰদান কৰা হল। 

ভৌতিক পৰিৱেশ : 

ইয়ে প্রাকৃতিক বাস্তৱতা আৰু সামাজিক-সাংস্কৃতিক পৰিঘটনাসমূহ যিবোৰে আমাক পৰিবেষ্টন কৰিছে তাক অন্তৰ্ভুক্ত কৰি লয়।। শব্দ, উষ্ণতা, বতাহ আৰু পানীৰ গুণগত বৈশিষ্ট্য আৰু বিভিন্ন পদার্থ তথা বস্তুসূহে আমাৰ চাৰিওফালৰ পৃথিৱীখনৰ ভৌতিক পৰিবেশ গঠন কৰিছে।

 সামাজিক আৰু সাংস্কৃতিক পৰিবেশ : 

ইয়ে সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ নানা দিশ ইয়াৰ নানা ধৰণৰ উৎপাদনকে সামৰি যেনে বিশ্বাসসমূহ, মনোভাৱসমূহ, বৈশিষ্ট্যহীনতাকে আদি কৰি সামৰি লয়। ইয়াৰ মাজত পদার্থগত আৰু অ-পদার্থগত দিশসমূহো অন্তৰ্ভুক্ত হৈ আছে।

 মনোবৈজ্ঞানিক পৰিবেশ ঃ

 ইয়ে যিকোনো এটা পারিপার্শ্বিক অৱস্থাৰ লগত সম্পর্কযুক্ত হোৱা চেতনা আৰু অভিজ্ঞতাসমূহ অন্তৰ্ভুক্ত কৰি লয়। কিছুমান উদ্দীপিত কৰা আৰু আন্দোলিত কৰা প্ৰকৃতিৰ আৰু আন কিছুমান বিৱস আৰু বিৰক্তিদায়ক প্ৰকৃতিৰ হ’ব পাৰে। মনোবৈজ্ঞানিক প্ৰকাশৰ কথাষাৰ প্ৰায়েই সাংগঠনিক প্রসঙ্গত ব্যৱহাৰ কৰা হয়। 

মানৱ আচৰণৰ ওপৰত পৰিবেশীয় প্রভাৱসমূহঃ 

আমি আগৰ অংশত আলোচনা কৰিছো যে পৰিবেশে মানৱ আচৰণ প্ৰভাৱিত কৰে আৰু মানৱ আচৰণেও পৰিবেশ প্রভাবিত কৰে, দুয়োটাই পাৰস্পৰিক ভাৱে ক্ৰিয়া কৰে। পৰিবেশৰ মানৱ প্ৰাণীৰ ওপৰত পুষ্টিসাধক আৰু ধ্বংসাত্মক দুয়োটা প্ৰভাৱেই আছে। 

সমগ্ৰ মানৱ ইতিহাসত, মানুহক বানপানী, ভূমিকম্প আৰু অন্যান্য প্রাকৃতিক দুৰ্যোগসমূহে ভয় খুৱাই আহিছে। প্ৰচুৰ বিজ্ঞানসন্মত বিকাশ হোৱা সত্ত্বেও, আমি প্রাকৃতিক দুৰ্যোগসমূহৰ প্ৰভাৱসমূহ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমান কালত প্রাযুক্তিক অভিনব বস্তুসমূহ আৰু উন্নতিসমূহে আমাৰ বাবে পৰিবেশৰ বৰা সুপ্ত গুণ থকা ভয়সমূহ কঢ়িয়াই আনিছে, যিবোৰ মানৱ সৃষ্ট। এই আশংকাবোৰ শাৰীৰিকভাৱে ক্ষতিকাৰক আৰু চাপযুক্ত। মানুহে এই চাপবোৰৰ লগত মকামিলা কৰিবলগীয়া হৈছে। মানৱ সৃষ্ট এনে চাপবোৰক অপবিত্র বস্তু বা । দূষিতকাৰী বস্তু 162

তুলি কোৱা হয় আৰু মৌলিকভাৱে এয়া চাৰিপ্ৰকাৰৰ : বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, সঙ্গ প্রযুহণ আৰু জনপূর্ণতা। আমি বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক দুর্যোগ পাওঁ যিবোৰে নানা ধৰণে মানৱ আচৰণ প্ৰভাৱিত কৰে। এই প্রাকৃতিক বিপর্যয়বোৰে ভূমিকম্প, আগ্নেয়গিৰিৰ উদ্‌ৰিণ, প্ৰবাহিত ধুমুহা, বা মাবলী, প্রচণ্ড ধুমুহা বা প্ৰৱল সামুদ্রিক বায়ু, দুর্ভিক্ষ, যদশানী ইত্যাদিক সামৰি লয়। লাটুৰ আৰু ভূজত হোৱা ভূমিকম্প আৰু উৰিষ্যাত হোৱা অতি শক্তিশালী প্ৰচণ্ড ধুমুহাই অকল সম্পত্তি আৰু প্রাকৃতিক পৰিবেশেৰে বিস্তাৰিত ক্ষতি কৰা নাছিল (গছ-গছনিসমূহ উভালি), মানুহৰ জীৱনৰ ওপৰতো অতি দীর্ঘকালীন প্রভাৱ পৰিছিল।

 2. পৰিবেশৰ প্ৰতি ভৱিষ্যতৰ ভাবুকিবোৰ কি ? এই ভাবুকিবোৰ আঁতৰ কৰাৰ বাবে আমি কি কৰা উচিত? 

উত্তৰ : পূৰ্বতে উল্লেখ কৰি অহা অনুসৰি মানুহৰ কাৰ্যকলাপেও পৰিবেশ প্ৰভাৱিত কৰে। আচলতে, প্ৰায় প্ৰতিগৰাকী মানৱ প্ৰাণীয়ে, তেওঁৰ কাৰ্যকলাপৰ মাজেৰে বিশেষ কিছুমান প্রভাৱ পেলায় যিয়ে সচেষ্টভাৱে আৰু ধ্বংসাত্মক প্ৰক্ৰিয়াৰে আমি বসবাস কৰা পৰিবেশত বিশেষ কিছু বস্তু পঞ্জীভূত কৰাৰ ক্ষেত্ৰত অৱদান যোগায়। যেতিয়া কোনো এগৰাকী লোকে এখন ভুটাৰ, মটৰ চাইকেল অথবা গাড়ী চলায়, চুলিত দিয়া স্ত্ৰে ব্যৱহাৰ কৰে, খাদ্য ৰান্ধে ইত্যাদিত পৰিবেশ প্রভাৱিত হয়। আমাৰ পৰিবেশ অৱনমিত হোৱাত আমাৰ সৰু সৰু কাৰ্যবোনে লোৱা ভূমিকাৰ প্ৰভাৱৰ বিষয়ে আমি উপলব্ধি নকৰোঁ।” 

ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰা ঃ

 আগতে উল্লেখ কৰা অনুসৰি, ৰাষ্ট্ৰসংঘই পৃথিৱীৰ চাৰিওফালে পৰিবেশৰ ওপৰত প্ৰভাৱ পেলাই থকা মানুহৰ ক্ষতিকাৰক কাম কাজবোৰ নিয়ন্ত্ৰণ কৰাৰ বাবে সৰ্বান্তঃকৰণে কাম কৰি আছে। পৰিবেশ হৈছে প্ৰাকৃতিক ভাৱে প্ৰদান কৰা মূলধন যিবোৰৰ নিশ্চিত সীমাবদ্ধতা আছে আৰু আমি এনে সম্পদসমূহ সুবিবেচনাপূর্ণভাবে ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। বায়ু, পানী, गान, ইত্যাদি সকলোবোৰ মানৱ জাতিৰ প্ৰতি এই পৰিবেশৰে উপহাৰ আৰু আমি এইবোৰ কৰিবলৈ শিকিব লাগিব। আমি পানী আৰু বায়ু সংৰক্ষণ কৰাৰ বাবে বিশেষ মনোযোগ দিব লাগিব। 

পানীঃ 

আমি এনে প্রাকৃতিক সম্পদবোৰ ব্যৱহাৰ কৰি আছে। যিবোৰ আমি পূৰণ কৰিব পৰা নাই আৰু পানীও তেনে এবিধ সম্পদ। আমাৰ পৃথিৱাৰ ওপৰত, পানীৰ ভয়ানক নাটনি থকা আৰু কৃষিৰ বাবে গুৰুতৰ ভাবুকি থকা খুব কমেও প্রায় ৮০ খন দেশ আছে। এই দেশবোৰৰ ভিতৰত ভাৰতবৰ্ষ ও এখন দেশ য পানীৰ নাটনিয়ে বেয়া ভাৱে কৃষিক্ষেত্র প্রভাবিত কৰিছে। কর্ণটিক আৰু তামিলনাডুত। পানীৰ নাটনি হৈছে এটা উদাহৰণ। পানীৰ নাটনিয়ে ডাঙৰ ডাঙৰ চহৰবোৰত ভাবুকিৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে। 

বায়ু ঃ 

মটৰ গাড়ী আৰু ঔদ্যোগিক নিৰ্গমনৰ দ্বাৰা বায়ুৰ গুণগত বৈশিষ্ট্য বেয়াকৈ প্ৰভাৱিত হৈছে। এনে উৎসসমূহৰ পৰা বৃহৎ পৰিমাণৰ নিৰ্গমনে আমি উশাহ লোৱা বায়ুত ক্ষতিকাৰক আৰু বিষয় সম্বন্ধীয় গেছসমূহ যেনে-কার্বন মন’ক্সাইড, নাইট্ৰ’জেন ডাই-অক্সাইড, চালফাৰ ডাই-অক্সাইড ইত্যাদি বঢ়াই তুলিছে। পচন কাৰ্য প্ৰতিহত কৰাৰ বাবে আৰু জনস্বাস্থ্য ৰক্ষা কৰাৰ কাৰণে গুৰুত্বপূৰ্ণ। প্ৰচেষ্টাসমূহৰ প্ৰয়োজন হৈছে। 

অপচয়িত উপাদান ঃ

 সম্ভৱত আটাইতকৈ সুস্পষ্ট মানৱ কাৰ্যৰ উপজাত দ্ৰৱ্য্য হৈছে অপচয়িত উপাদান যিবোৰ আমি উৎপাদন কৰো। আমাৰ কাৰ্যৰ অপচয়িত উৎপন্ন প্ৰসাৰিত হৈছে পুতিকাৰ পৰা জাবৰ-ভোহৰলৈ। এয়া মিউনিচিপালিটিবোৰ, কৰ্পোৰেচনবোৰ আৰু স্থানীয় প্রশাসনবোৰৰ বাবে এইবোৰ চম্ভালি লোৱাটো বৰ গুৰুত্বৰ সমস্যা। বৰ্তমানলৈ আমাৰ প্ৰায়বোৰ পূতিকা পোনে পোনে ব্যৱহাৰ নকৰাকৈ নদীবোৰত পৰিত্যাগকৰণ হৈছে। ইয়ে পানীৰ প্ৰদুষণৰ গুৰুতৰ সমস্যা সৃষ্টি কৰিছে। ইয়ে আমাৰ নদীৰ পানী সেৱন কৰাৰ অনুপযুক্ত কৰি তোলে। এই এৰতৰ সমস্যাৰ প্ৰতি বৰ্তমান আমাৰ সচেতনতা বাড়িয়ে আৰু পুজিঁকাবোৰ হনীবোৰত তথা সাগৰত পেলাই দিয়াৰ আগতে এইবোৰ আগতীয়াকৈ ব্যৱহাৰ কৰি লোৱাৰ প্ৰচেষ্টা চলিছে। আন এটা গুৰুতৰ সমস্যা উদ্বুদ হয় আমি উৎপাদন করা অদ্ভুত পরিমা ডাৱৰ-ভোেহব। জাবৰ-জোথৰ পৰিত্যাগকৰণ, বিশেষকৈ অজৈর জাতিপহি যাব নোৱাৰা দ্রব্য (যেনে-প্লাস্টিক বেগসমূহ) এটা গুৰুত্ব । আমি ব যেনে- প্লাষ্টিক বেগসমূহ দৈনন্দিন ব্যৱহাৰৰ বাবে ব্যৱহাৰ নকৰাৰ বাবে যাত ল’ব লাগিব।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 2 Comments

Leave a Reply