NIOS Psychology (328) Notes/Answer Chapter-12 বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহ

NIOS Psychology (328) Notes/Answer Chapter-12 বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। NIOS Psychology (328) Notes/Answer Chapter-12 বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহ

NIOS Psychology (328) Notes/Answer Chapter-12 বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহ

12.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ : 

উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰণ কৰা

(১) মানব জীবন……. -দ্বাৰা আগবাঢ়ে 

উত্তৰ মানৱ জীৱন স্তৰসমূহৰ দ্বাৰা আগবাঢ়ে 

(২) সামাজিক আকাংক্ষাবোৰক ……….- হিচাপে জনা যায়। 

উত্তৰঃ সামাজিক আকাংক্ষাবোৰক বিকাশমূলক কার্য হিচাপে জনা যায়।

(৩) বাল্যকাল হৈছে এটা ………….

উত্তৰ:বালাকাল হৈছে এটা স্তৰ। 

(৪) বৃদ্ধিৰ নিৰিখ…………. সময়ত অধিক হয়।

উত্তৰঃ বৃদ্ধিৰ নিৰিখ প্রথম তিনি বছৰ সময়ত অধিক হয়।

(৫) …….- বয়সৰ পিছত শক্তিৰ অৱনতি হয়। 

উত্তৰ: 50 বয়সৰ পিছত শক্তিৰ অৱনতি হয়। 

12.2. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ

 (১) উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰণ কৰা :

(ক) জীৱনৰ প্ৰথম বছৰত ল’ৰা-ছোৱালীসকলে জীৱনৰ দ্বিতীয় বছৰৰ তুলনাত ……..উচ্চতা লাভ কৰে। 

উত্তৰ: জীৱনৰ প্ৰথম বছৰত ল’ৰা-ছোৱালীসকলে জীৱনৰ দ্বিতীয় বছৰৰ তুলনাত দুগুণ উচ্চতা লাভ কৰে। 

(খ) প্ৰায়বোৰ শিশুৱে প্ৰথম বছৰৰ জন্মৰ সময়ৰ ওজনৰ…অধিক

…… ওজন বৃদ্ধি কৰিবলৈ সক্ষম হয় আৰু দ্বিতীয় বছৰত এনে ওজন ……লাভ কৰিবলৈ সমর্থ হয়। 

উত্তৰঃ প্ৰায়বোৰ শিশুৱে প্ৰথম বছৰৰ জন্মৰ সময়ৰ ওজনৰ তিনি ভাগৰ অধিক ওজন বৃদ্ধি কৰিবলৈ সক্ষম হয় আৰু দ্বিতীয় বছৰত এনে ওজন চাৰিভাগৰ এবাগ লাভ কৰিবলৈ সমর্থ হয়। 

(গ) ছোৱালীসকলে কৈশোৰ কালত ল’ৰাসকলতকৈ অধিক ………ধৰি ৰাখে

 উত্তৰঃ ছোৱালীসকলে কৈশোৰ কালত ল’ৰাসকলতকৈ অধিক মেদবহুল বুহ্যতত্ত্ব ধৰি ৰাখে 

(ঘ) বিকাশৰ বিভিন্ন স্তৰসমূহ হৈছে–। 

উত্তৰ ঃ বিকাশৰ বিভিন্ন স্তবসমূহ হৈছে দৈহিক, গতি বা সঞ্চালক, মানসিক, ভাষা ব্যক্তিত্ব, মনোসামাজিক, আৱেগিক, নৈতিক, বৃত্তিয়।

(২) তলত দিয়া উত্তৰবোৰ সঁচানে মিছা উল্লেখ কৰা। 

(ক) মজলীয়া বাল্যকালত ল’ৰা-ছোৱালীসকলৰ অধিক দ্রুতভাবে বৃদ্ধি হয়। (সঁচা/মিছা) 

উত্তৰঃ মিছা। 

(খ) ১০-১২ বছৰৰ ভিতৰত বল আৰু শক্তি চূড়ান্ত অৱস্থাত উপনীত হয়। (সঁচা/মিছা) 

উত্তৰঃ মিছা। 

(গ) প্ৰথম বছৰত এটা কেচুৱাৰ মগজুৰ আকাৰ বয়স্ক মগজুৰ দুই-তিনি ভাগ অৱস্থাত উপনীত হয় আৰু দ্বিতীয় বছৰৰ শেষৰ ফালে চাৰি-পাঁচ ভাগ হয়গৈ। 

(সঁচা/মিছা) 

উত্তৰঃ সঁছা।

(ঘ) কৈশোৰৰ সময়ছোৱাত এটা ক্ষীপ্র বৃদ্ধিৰ মুহূর্তত উপনীত হয়। (সঁচা/মিছাঁ

উত্তৰঃ সঁচা।

12.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ 

(১) বিকাশৰ ক্ষেত্ৰত কীর্তি নির্দেশসমূহ কি কি ? 

উত্তৰঃ কীৰ্তি নির্দেশসমূহ হৈছে এনে কিছু বয়স যত বিশেষ কিছুমান নিপুর আহৰণ হয়। 

(২) তলত দিয়া উক্তিবোৰ সঁচানে মিছা উল্লেখ কৰা। 

(ক) বিকাশৰ পৃথকীকৰণ জটিল আচৰণৰ আৰ্হিসমূহলৈ সঞ্চালন এককীকৰণৰ দ্বাৰা অনুসৰণ কৰা হয়। (সঁচা/মিছা) 

উত্তৰঃ সঁচা।

(খ) ৪ মাহত কেঁচুৱাসকলে স্বাধীনভাৱে বহিবলৈ আৰম্ভ কৰে। (সঁচা/মিছা

উত্তৰঃ মিছা।

(গ) ২ বছৰত কেঁচুৱাসকলে খোজ কাঢ়িবলৈ আৰম্ভ কৰে। (সঁচা/মিছা) 

উত্তৰঃ মিছা। 

(ঘ) ২৮ সপ্তাহত শিশুসকলে খামুচি ধৰে আৰু দক্ষতাৰে পৰিচালনা কৰিব পাৰে। (সঁচা/মিছা) 

উত্তৰঃ সঁচা। 

(ঙ) এটা নিৰ্দিষ্ট অনুক্ৰমত গতি বা সঞ্চালন নৈপুণ্যসমূহ লাভ কৰা হয়।

 (সঁচা/মিছা) 

উত্তৰঃ সঁচা। 

12.4. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

(১) উপযুক্ত শব্দৰ দ্বাৰা খালী ঠাই পূৰণ কৰা ঃ 

(ক)………– হৈছে দুটা অংশ থকা প্ৰক্ৰিয়া যাৰ মাজেৰে ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ বেষ্টনীসমূহৰ লগত ফলপ্রসূভাৱে আচৰণ কৰাৰ বাবে নতুন গাঁথনিসমূহ সৃষ্ট কৰি লয়।

উত্তৰঃ প্ৰতিযোজন হৈছে দুটা অংশ থকা প্ৰক্ৰিয়া যাৰ মাজেৰে ল’ৰা-ছোৱালীয়ে 

তেওঁলোকৰ বেষ্টনীসমূহৰ লগত ফলপ্রসূভাবে আচৰণ কৰাৰ বাবে নতুন গাঁথনিসমূহ সৃষ্টি কৰি লয়।

(খ)…..… – হৈছে এটা নতুন বস্তু, অভিজ্ঞতা অথবা ধাৰণা এটা প্ৰৱৰ্তিত কাৰ্যনক্সাবোৰৰ সংহতিৰ মাজলৈ চপাই অনা কার্য।

উত্তৰঃ সমীভৱন হৈছে এটা নতুন বন্ধ, অভিজ্ঞতা অথবা ধাৰণা এটা প্রবর্তিত কাৰ্যনক্সাবোৰৰ সংহতিৰ মাজলৈ চপাই অনা কার্য। 

গ) যি প্ৰক্ৰিয়াৰ সহায়ত নতুন বস্তুসমূহ আৰু অৱস্থাসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে শিশুসকলে তেওঁলোকৰ কাৰ্যসমূহ পৰিবৰ্তন কৰি লয় তেনেকুৱা প্ৰক্ৰিয়াকে…….. -বুলি কোৱা হয়। 

উত্তৰঃ যি প্ৰক্ৰিয়াৰ সহায়ত নতুন বস্তুসমূহ আৰু অৱস্থাসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে শিশুসকলে তেওঁলোকৰ কাৰ্যসমূহ পৰিৱৰ্তন কৰি লয় তেনেকুৱা প্রক্রিয়াকে উপযোগীকৰণ বুলি কোৱা হয়।

(ঘ) প্রতিযোজনে …….– আৰু…….. -উভয়কে অন্তর্ভুক্ত কৰি লয়। 

উত্তৰঃ প্ৰতিযোজনে সমীভবন আৰু উপযোগীকৰণ উভয়কে অন্তর্ভুক্ত কৰি লয়।

(ঙ) মনৰ বুনিয়াদী গোট বা গাঁথনিক …….বুলি কোৱা হয়।

 উত্তৰঃ মনৰ বুনিয়াদী গোট বা গাঁথনিক কার্যনক্সা বুলি কোৱা হয়। 

(চ)…… এটা সামগ্রিক পদ্ধতি হিচাপে সকলো প্ৰক্ৰিয়াৰে সমন্বয় সাধন কৰি লোৱা কথাটো সামৰি লয়। 

উত্তৰঃ কাৰ্যনন্মাবোৰ এটা সামগ্রিক পদ্ধতি হিচাপে সকলো প্ৰক্ৰিয়াৰে সমন্বয় সাধন কৰি লোৱা কথাটো সামৰি লয়। 

12.5. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ 

তলত দিয়া উক্তিবোৰ সঁচানে মিছা উল্লেখ কৰাঃ 

(১) শিশুসকলে প্রজ্ঞানাত্মক পৰিপক্কতাৰ নিশ্চিত স্তৰত উপনীত নোহোৱালৈ নৈতিক বিচাৰসমূহ কৰিব পাৰে।

 (সঁচা/মিছা) 

উত্তৰঃ সঁচা। 

(২) প্রথম স্তৰত এটা শিশুৱে আপোচহীনভাবে নৈতিক ধাৰণাসমূহৰ সৈতে আচৰণ কৰে য’ত দ্বিতীয় স্তৰটো নৈতিক নমনীয়তাৰ দ্বাৰা বৈশিষ্ট্য প্ৰদান কৰা হয়। (সঁচা/মিছা) 

উত্তৰঃ সঁচা।

(৩) প্রথম স্তৰত শিশুৱে এটা কাম সম্পূর্ণ শুদ্ধ অথবা সম্পূর্ণ অশুদ্ধ হিচাপ চাবলৈ লয় আৰু সকলোৱে এনে ধৰণে চায় বুলি ভাৱে। (সঁচা/মিছা) 

উত্তৰঃ সঁচা। 

(৪) দ্বিতীয় স্তৰত শিশুৱে আনসকলৰ স্থানত আত্মস্থাপন কৰিব পাৰে আৰু আনসকলৰ দৃষ্টিভংগীৰে অৱলোকন কৰিব পাৰে। (সঁচা/মিছা) 

উত্তৰঃ সঁচা। 

12.6. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

 তলত দিয়া উক্তিবোৰ সঁচানে মিছা উল্লেখ কৰাঃ 

(১) জন্মৰ পিছত শিশুসকলে ক’ৰপৰ ধ্বনিবোৰ আহি আছে সেয়া নিৰ্ধাৰণ কৰিব নোৱাৰে। (সঁচা/মিছা) 

উত্তৰঃ মিছা। 

(২) বৈশিষ্ট্যপূর্ণ স্তসমূহৰ মাজেৰে কেঁচুৱাসকলে অর্থপূর্ণ কথাবতৰা উচ্চাৰণ কৰিবলৈ লয়। (সঁচা/মিছা) 

উত্তৰঃ সঁচা। 

(৩) ৩ বছৰ বয়সত এগৰাকী শিশুৱে বাক্যসমূহ ক’ব পৰা হয়। (সঁচা/মিছা) 

উত্তৰঃ মিছা। 

(৪) তিনি আৰু চাৰি বছৰ বয়সৰ ভিতৰত ল’ৰা-ছোৱালীসকলে তিনি পৰা চাৰিটা শব্দ থকা চমু বাক্যবোৰ বৱহাৰ কৰে। (সঁচা/মিছা)

উত্তৰঃ সঁচা। 

12.7. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ

(1) খালী ঠাই পুৰণ কৰা :

(ক)……… — বাস্তৱ নীতিৰ ওপৰত কাৰ্যনিৰ্বাহ কৰে আৰু পৰিতোষ লাভ কৰাৰ গ্ৰহণীয় পথ বিচাৰে। 

উত্তৰঃ : অহম বাস্তব নীতিৰ ওপৰত কাৰ্যনিৰ্বাহ কৰে আৰু পৰিতোর লাভ কৰাৰ গ্ৰহণীয় পথ বিচাৰে। 

(খ)……….অথবা বিবেকে একে লিঙ্গৰ পিতৃ-মাতৃসকলৰ সৈতে বিস্তাৰ্তিভাৱে চিনাক্ত কৰাৰ মাজেৰে সমাজৰ নৈতিক চৰিত্ৰসমূহ সংঘবদ্ধ কৰে। 

উত্তৰ ছুপাৰ ইগ’ অথবা বিবেকে একে লিঙ্গৰ পিতৃ-মাতৃসকলৰ সৈতে বিস্তাৰিতভাবে চিনাক্ত কৰাৰ মাজেৰে সমাজৰ নৈতিক চৰিত্ৰসমূহ সংঘবদ্ধ কৰে। 

(গ) ……..– কেঁচুৱাসকলে মুখলৈ যাব পৰা যিকোনো বস্তু চোহা কাৰ্যৰ পৰা তেওঁলোকৰ প্ৰায়বোৰ পৰিতৃপ্তি লাভ কৰে। 

উত্তৰঃ মৌখিক কেঁচুৱাসকলে মুখলৈ যাব পৰা যিকোনো বস্তু চোহা কাৰ্যৰ পৰা তেওঁলোকৰ প্ৰায়বোৰ পৰিভৃপ্তি লাভ কৰে।

(ঘ)……….. – স্তৰত অধিক সন্তুষ্টি আহে তেওঁলোকৰ অন্তৰ্ভাগসমূহৰ সঞ্চৰণশীলৰ পৰা। 

উত্তৰঃ পায়ুসম্বন্ধীয় স্তৰত অধিক সন্তুষ্টি আহে তেওঁলোকৰ অন্তৰ্ভাগসমূহৰ সঞ্চৰণশীলৰ পৰা। 

(ঙ) ইডিপাছ মনোগ্রন্থিত, ল’ৰা-ছোৱালীসকলে লিঙ্গৰ কাৰণে ভালপোৱা দেখুৱায়। 

উত্তৰঃ ইডিপাছ মনোগ্ৰন্থিত, ল’ৰা-ছোৱালীসকলে বিপৰীত লিঙ্গৰ কাৰণে। ভালপোৱা দেখুৱায়। 

(২) তলত দিয়া কোনবোৰ উক্তি সঁচা আৰু মিছা উল্লেখ কৰা :

(ক) ইড্‌ বা জীৱৰ্তাহং জন্মৰ সময়ত উপস্থিত থাকে। (সঁচা/মিছা) 

উত্তৰ: সচা। 

(খ) জন্মৰ পিছতে অহম বা আত্মনৰ বিকাশ হয়। (সঁচা/মিছা) 

উত্তৰ: সঁচা। 

(গ) ১৪ বা ১৫ বছৰলৈ পৰম অহমৰ বিকাশ নহয়। (সঁচা/মিছা) 

উত্তৰঃ সঁচা। 

(ঘ) ব্যক্তিৰ বিকাশ হৈছে মৌলিক যৌন শক্তি বা লিবিডোৰ বিকাশ আৰু সংগঠিতকৰণ। (সঁচা/মিছা)

উত্তৰঃ সঁচা। 

(ঙ) ক্ৰয়েডৰ মতে শৈশৱ আৰু প্ৰাৰম্ভিক বাল্যকালৰ ঘটনাবোৰ বয়স্ক ব্যক্তিত্বৰ সৈতে কোনো কার্য কৰিবলগীয়া না। (সঁচা/মিছা)

উত্তৰঃ মিছা। 

12.8. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

তলত দিয়া কোনবোৰ উক্তি সঁচা আৰু মিছা উল্লেখ কৰা : 

(১) নৱজাতকসকলে এটা মাত্র আবেগহে…….— এটা অপৃথকীকৃত উত্তেজনা প্ৰদৰ্শন কৰে। (সঁচা/মিছা) 

উত্তৰঃ সঁচা।

(২) ডাঙৰ হোৱাৰ লগে লগে কেঁচুৱাসকলৰ আৱেগসমূহ একমাত্র মানুহৰ প্ৰতি নহয়, বিমূর্ত ধাৰণাসমূহৰ প্ৰতিও পৰিচালিত কৰিব পাৰে। (সঁচা/মিছা) 

উত্তৰঃ সঁচা। 

(৩) আৱেগিক ক্ষেত্ৰৰ এগৰাকী কিশোৰে তেওঁৰ আৱেগসমূহ একমাত্র মানুহৰ প্ৰতি নহয়, বিমূর্ত ধাৰণাসমূহৰ প্ৰতিও পৰিচালিত কৰিব পাৰে। 

উত্তৰঃ সঁচা।

(৪) আৱেগসমূহৰ জন্মৰ সময়তে উপস্থিত থাকে আৰু এইবোৰৰ বিকাশ পৰিপক্কতা আৰু শিক্ষণৰ বাবেহে হয়। (সঁচা/মিছা) 

উত্তৰঃ সঁচা। 

পাঠা শেহান্ত প্রশ্নাবলী উত্তৰ ঃ 

(1) বিকাশৰ বিভিন্ন স্তৰ আৰু এইবোৰৰ লগত সঙ্গত ব্যাগৰ সমষ্টিৰ বিষয়ে আলোচনা কৰা। 

উত্তৰ:

(ক)  জন্মপূর্ব বা প্ৰসৱপূর্ব পর্যায় (জন্মৰ আগতে) : 

গৰ্ভধাৰণৰ সময়ত জীৱন আৰম্ভ হয়। শিশুগৰাকী যেতিয়া মায়েকৰ গৰ্ভত থাকে, তেতিয়া মাতৃগৰ্ভত অতিবাহিত কৰা নির্দিষ্ট সময়ছোৱাকে জন্মপূৰ্বৰ সময় বুলি জন্য যায়। এই সময়ছোৱাতে সকলো গুৰুত্বপূৰ্ণ বাহ্যিক আৰু আভ্যন্তৰীণ উপলব্ধিসমূহ বিকাশপ্রাপ্ত হ’বলৈ আৰম্ভ কৰে।

 (খ) শৈশৱ (০ ৰ পৰা ৩ বছৰলৈ) ঃ 

জন্মৰ পৰা জীৱনৰ তিনি বছৰ বয়সলৈ, যিটো স্তৰ সেই ভৰটোকেই শৈশৱ হিচাবে জন্য যায়। কেঁচুৱাবিলাকে তেওঁলোকৰ জীৱনৰ প্রথম তিনিবছৰত আকাৰৰ দিশৰ পৰা অধিক দ্রুতভাৱে বাঢ়িবলৈ লয়। এই সময়ছোৱাত গতি বা সঞ্চৰণ কৌশলসমূহ যেনে বস্তুসমূহ খামোচমাৰি ধৰা, চুঁচৰি যোৱা, খোজকঢ়া আদি আহৰণ কৰা প্ৰক্ৰিয় সৰলৰ পৰা জটিললৈ আগবাঢ়ি যায়। 

(গ) পূর্ব-বিদ্যালয় বাল্য (৩ৰ পৰা ৬ বছৰলৈ) ঃ 

শৈশৱ কালত হোৱাৰ দৰে এই সময়ছোৱাত উচ্চতাৰ ক্ষেত্ৰত বৃদ্ধি বৰ দ্ৰুত নহয়। শিশুসকলে চকু, হাত আৰু ক্ষুদ্ৰ দৈহিক সমন্বয়ৰ উন্নতি ঘটায়। উদাহৰণ হিচাপে তেওঁলোকে এটা বৃত্ত আঁকিব পৰা হয়, বাতিত তৰল বস্তু বাকিব পৰা হয়, কাপোৰৰ বুটাম মাৰিব আৰু গুলিব পৰা হয় আৰু ভাষাৰ বিকাশ দ্রুত হয়। 

(ঘ) বিদ্যালয়ৰ বাল্য (৬ ৰ পৰা ১২ বছৰলৈ) ঃ 

৬ ৰ পৰা ১২ বছৰ বয়সৰ স্কুলীয়া ল’ৰা-ছোৱালীসকলক অধিক ওখ আৰু ক্ষীণ যেন দেখা যায়। ল’ৰা ছোৱালীসকলে দ্রুতভাবে শক্তি তৎপৰতা লাভ কৰে কথাটো প্ৰদৰ্শন কৰে। তেওঁলোকে নতুন গতি বা সঞ্চৰণ কৌশলসমূহ আহৰণ কৰে আৰু বিকাশৰ সকলো ক্ষেত্ৰতে তেওঁলোকৰ পাৰদৰ্শিতা অধিক চকুত লগা হৈ উঠে। 

(ঙ) কৈশোৰ (১২ ৰ পৰা ২০ বছৰলৈ) : 

এয়া হৈছে বাল্যকাল আৰু বয়স্ককালৰ ভিতৰত এচোৱা সময় যিটো আৰম্ভ হয় যৌৱনাৰম্ভৰ লগে লগে। এইটো হৈছে দ্ৰুত শাৰীৰিক বৃদ্ধিৰ কাল। এই সময়ছোৱাত নানা ধৰণৰ মনোবৈজ্ঞানিক পৰিৱৰ্তনো সম্ভৱ হৈ উঠে। ল’ৰা-ছোৱালীসকলে ৰচিত জঁপিয়ার, চাইকেল চলাব, ঘোঁৰা চলাব, নাচিব, আৰু সকলো সম্ভৱপৰ খেলা-ধূলাত অংশ গ্ৰহণ কৰিব পৰা হয়। প্রজ্ঞানাত্মকভাৱে তেওঁলোক অধিক তজবজীয়া হৈ উঠে আৰু সামাজিক সম্বন্ধ অধিক গুৰুত্বপূৰ্ণ হৈ উছে। কিন্তু এই সময়ছোৱাৰ প্ৰামান হৈছে পৰিচয়ৰ অনুসন্ধান। নানাধৰণৰ মনোবৈজ্ঞানিক পৰিৱৰ্তনো সম্ভৱ হৈ উঠে। প্রদত্ত লিঙ্গ আকাংক্ষাসমূহৰ ভিতৰত, ছোৱালীসকলে আন্তঃব্যক্তিত্ব আৰু পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰত অধিক গুরুত্ব প্রদান কৰে, আনহাতে ল’ৰাবোৰে তেওঁলোকৰ সামাজিক সম্ভ্রম বা প্রতিপত্তি আৰু বৃদ্ধি বা কৰ্মজীৱনৰ ওপৰত অধিক গুৰুত্ব প্রদান করে। 

(চ) প্রাপ্তবয়স্ক (২০ ৰ পৰা ৬৫ বছৰলৈ) : 

উপযুক্ত উপলব্ধিৰ বাবে প্রাপ্তবয়স কালক তিনিটা স্তৰত ভাগ কৰিব পাৰি। এইবোৰ হ’ল: 

(ক) ডেকা প্রাপ্তবয়স্ক (২০ ৰ পৰা ৫০ বছৰ বয়সলৈ)

(খ) পৰিপক্ক প্রাপ্তবয়স্ক অথবা মধ্যমীয়া বছৰবোৰ 

(গ) বয়স বৃদ্ধি পোৱা প্ৰাপ্তবয়স্ক (৬৫+ বছৰৰ

 (২) বিকাশমূলক কার্য কি? 

উত্তৰ : বিকাশমূলক কাৰ্যবোৰ তলত দিয়া ধৰণৰ 

(ক) জন্মৰ পৰা ৬ বছৰ বয়সলৈ : 

  1. খোজ কাঢ়িবলৈ শিকে।
  2. গোটা খাদ্য গ্রহণ কৰিবলৈ লয়। 
  3. কথা ক’বলৈ লয়। 
  4. দেহৰ পৰা নিষ্কাশিত পেলনীয়া বস্তুবোৰ নিয়ন্ত্ৰণ কৰিবলৈ লয়। 
  5.  ভুল-শুদ্ধৰ পাৰ্থক্য শিকি লয়। 
  6.  লিংগৰ মাজত পাৰ্থক্যৰ বিষয়ে শিকে 

(খ) ৬-১২ বছৰলৈ বিকাশমূলক কঠিন কার্যসমূহঃ

  1. সাধারণ খেলা-ধূলাৰ বাবে দৈহিক কৌশল শিকি লয়।
  2.  নিজৰ সমবয়সীয়াৰ লগত বন্ধুত্ব পাতিবলৈ শিকে
  3. লিংগ ভূমিকাৰ বিষয়ে শিকে। 
  4.  পঠন, লিখন আৰু গণনাৰ বুনিয়াদী কৌশলসমূহ শিকে।
  5. দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় ধাৰণাবোৰ শিকে। 
  6. দৈনন্দিন কার্যকলাপৰ স্বাধীনতাৰ কথা শিকে। (৭) নৈতিকতা আৰু কিছুমান প্ৰমূল্যৰ ধাৰণা বিকাশপ্রাপ্ত কৰি লয়।

 (গ) কৈশোৰ ঃ

কিশোৰ-কিশোৰীসকলৰ বাবে প্রধান বিকাশমূলক কার্যসমূহ তলত দিয়া ধৰণে তালিকাভুক্ত কৰিব পাৰি।

  1. নিজৰ দেহকই যেনেকুৱা তেনেভাৱে গ্ৰহণ কৰা আৰু দেহত ফলপ্রসূভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা।
  2. উভয় লিংগৰ একে বয়সৰ বন্ধুসকলৰ সৈতে অধিক পৰিপক্ক সম্বন্ধৰ স্তৰত উপনীত হোৱা।
  3. পুৰুষ অথবা নাৰী হিচাপে সামাজিক দায়বদ্ধতাৰ স্তৰত উপনীত হোৱা।
  4. পিতৃ-মাতৃ আৰু অন্যান্য বয়স্ক লোকসকলৰ পৰা স্বাধীন আৱেগিক স্তৰত উপনীত হোৱা। 
  5.  এটা উপভোগ্য আৰু উৎপাদনশীল জীৱিকাৰ মাজেৰে অৰ্থনৈতিক স্বাধীনতা আহৰণৰ বাবে নিজকে প্রস্তুত কৰি লোৱা। 
  6. বিবাহ আৰু পাৰিবাৰিক জীৱনৰ বাবে নিজকে প্ৰস্তুত কৰি লোৱা। 
  7. সামাজিকভাৱে দায়বদ্ধ আচৰণ আকাংক্ষা কৰা আৰু গ্ৰহণ কৰা।
  8. বিশেষ কিছুমান মূল্যবোধ আহৰণ কৰা আৰু নৈতিক পদ্ধতিসমূহ আহৰণ কৰা আৰু আচৰণৰ পরিচালক হিচাপে এটা আদর্শবা চিন্তাধাৰা বিকাশপ্রাপ্ত কৰি তোলা।

(৩) বিকাশৰ প্ৰধান ক্ষেত্রসমূহ কি কি ? 

উত্তৰঃ প্ৰতিটো স্তৰতে, বিভিন্ন ক্ষেত্ৰত অথবা প্রভাৱ ক্ষেত্ৰত যুগপৎভাৱে বিকাশ সংঘটিত হয়। ভিন্ন ভিন্ন ক্ষেত্ৰত, বিভিন্ন স্তৰত সংঘটিত হোৱা বিকাশৰ বিষয়ে তলত দিয়া দিশসমূহৰ পৰা আলোচনা কৰা হৈছে: 

শাৰীৰিকঃ শাৰীৰিক বিকাশ হৈছে শৰীৰ বিষয়ে, যেনে উচ্চতা আৰু ওজন ।

গতি বা সঞ্চালক ঃ গতি বা সঞ্চালক বিকাশ হৈছে পেশী সম্বন্ধীয় বিকাশ আৰু এইবোধৰ সমন্বয়। 

সংজ্ঞানাত্মক ঃ সংজ্ঞানাত্মক বা প্রজ্ঞানাত্মক বিকাশ হৈছে মানসিক বৃদ্ধি সম্বন্ধে আৰু বৌদ্ধিক বিকাশৰ বিষয়ে। 

ভাষা : ভাষার বিকাশ হৈছে ল’ৰা-ছোৱালীয়ে ভাষা শিকা উপায় সম্বন্ধে আৰু তেওঁলোকে যি বয়সত ভাষাৰ বিভিন্ন উপকরণ। 

ব্যক্তিত্বৰ বিকাশ ঃইহৈছে ব্যক্তিত্বৰ সৰ্বাত্মক বিকাশৰ বিষয়।

 মনোসামাজিক : মনোসামাজিক বিকাশ হৈছে ব্যক্তিত্বৰ ওপৰত সাংস্কৃতিক আৰু সামাজিক প্রভাৱসমূহৰ বিষয়ে। 

আবেগিক : আবেগিক বিকাশ হৈছে বিভিন্ন স্তৰত বিভিন্ন আৱেগৰ বিষয়ে আৰু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সেইবোৰ কেনেকৈ পৰিণত হয়। 

নৈতিক ও নৈতিক বিকাশে কোনটো শুদ্ধ কোনটো অশুদ্ধ সেই বিষয়ে আলোচনা কৰে, কোন বয়সত এনে জ্ঞান আহৰণ কৰা হয় আৰু ইয়াৰ লগত জড়িত শাক্তি আৰু ন্যায়ৰ নীতি-নিয়মসমূহৰ বিষয়ে। বিবেকৰ বিকাশ আৰু প্রমূল্যসমূহো নৈতিক প্রভাব ক্ষেত্ৰত অধীনলৈ আহে। 

বৃত্তিমূলক : বৃত্তিমূলক বা বৃত্তিগত বিকাশে কর্মজীৱন বা বৃত্তিৰ পছন্দসমূহ আৰু সেইবোৰ কেনেকৈ উদ্ভব হয় আৰু এইবোৰ জীৱনত কেনেকৈ অন্বেষণ কৰা হয় সেই বিষয়ে আলোচনা কৰে। 

(৪) দৃষ্টিভংগীৰ ক্ষেত্ৰত শিশুসকলক আৰু পূৰ্ববিদ্যালয়ৰ ল’ৰা ছোৱালীসকলৰ পাৰ্থক্যসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সংজ্ঞানাত্মক বিকাশে মানৱ প্ৰাণীয়ে কেনেকৈ চিন্তা কৰে, যুক্তিপ্ৰদান আৰু ধাৰণাসমূহ গঠন কৰে এনে সকলো কথা বতৰাৰ বিষয়ে আলোচনা করে। আন কথাত, এনে প্রক্রিয়াই মনৰ বিকাশ সম্পৰ্কীয় কথা বতৰাৰ বিষয়ে আলোচনা কৰে। আগশাৰীৰ মনোবিজ্ঞানী পিঁয়াজেৰ মতে, দেহৰ দৰে মনবো নানা গঠন আছে। মনৰ বুনিয়াদী গোট বা গাঁথনিক কার্য নক্সা বুলি কোৱা হয়। এটা কার্য না হৈছে এটা বস্তুত মৌলিক উপাদানসমূহৰ ভাবাত্মক বা বিমূর্ত উপস্থাপন। উদাহৰণ হিচাপে এটা শিশুৰ মুখৰ কাৰণে কাৰ্য-নক্সা যতদূৰ সম্ভৱ দুটা আনুভূমিকভাৱে স্থাপিত বৃত্তাকাৰ আকৃতিৰ (চকুদুটা) এটা ডিম্বাকাৰ গাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব? যতদূৰ সম্ভৱ এটা কার্য নক্সাই কেতিয়াও কেনো বিশেষ বস্তু বা ঘটনাৰ হুবহু প্রতিলিপি স্বৰূপ নহয়। এই জটিল ধাৰণাই মানসিক সংগঠন (এটা শিশুৰ এটা বিশেষ অৱস্থাৰ ধাৰণা গ্রহণ) আৰু নিৰীক্ষণ সাধ্য আচৰণ এই দুয়োটাকে অন্তর্ভুক্ত কৰি লয়। এটা কাৰ্য নক্সা ইয়ে অন্তর্ভুক্ত কৰি লোৱা আচৰণৰ দ্বাৰা জনা যায়, যেনে চুহি খোৱাৰ কাৰ্য নক্সা ইয়াকে সূচায় যে টে কেঁচুৱায় ভোকৰ কাৰ্য নক্সা ধৰিব পাৰে আৰু সেই কাৰণেই চুহিবলৈ লয়। ইয়াত ভোকেই হৈছে কাৰ্য নগা আৰু খাদ্য খাব পাবলৈ কৰা চেষ্টা অথবা চুহিবলৈ লোৱাটোৱেই হৈছে আচৰণ যিটো নিৰীক্ষণ সাধ্য।

 (৫) তলত দিয়াবোৰৰ ওপৰত চমুটোকা লিখা। 

(ক) সংজ্ঞানাত্মক বিকাশ 

উত্তৰ : সংজ্ঞানাত্মক বিকাশে মানৱ প্ৰাণীয়ে কেনেকৈ চিন্তা কৰে, যুক্তিপ্রদান আৰু ধাৰণাসমূহ গঠন কৰে এনে সকলো কথা বতৰাৰ বিষয়ে আলোচনা কৰে। আন কথাত, এনে প্ৰক্ৰিয়াই মনৰ বিকাশ সম্পৰ্কীয় কথা বতৰাৰ বিষয়ে আলোচনা কৰে। আগশাৰীৰ মনোবিজ্ঞানী পিঁয়াজের মতে, দেহৰ দৰে মনৰো নানা গঠন আছে। মনৰ বুনিয়াদী গোট বা গাঁথনিক কার্য নক্সা বুলি কোৱা হয়। এটা কার্য নক্সা হৈছে এটা বস্তুত মৌলিক উপাদানসমূহৰ ভাবাত্মক বা বিমূর্ত উপস্থাপন। উদাহৰণ হিচাপে এটা শিশুৰ মুখৰ কাৰণে কাৰ্য-নক্সা যতদূৰ সম্ভৱ দুটা আনুভূমিকভাৱে স্থাপিত বৃত্তাকাৰ আকৃতিৰ (চকুদুটা) এটা ডিম্বাকাৰ গাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব? যতদূৰ সম্ভৱ এটা কার্য নক্সাই কেতিয়াও কেনো বিশেষ বস্তু বা ঘটনাৰ হুবহু প্রতিলিপি স্বৰূপ নহয়। এই জটিল ধাৰণাই মানসিক সংগঠন (এটা শিশুৰ এটা বিশেষ অৱস্থাৰ ধাৰণা গ্রহণ) আৰু নিৰীক্ষণ সাধ্য আচৰণ এই দুয়োটাকে অন্তর্ভুক্ত কৰি লয়। এটা কাৰ্য নক্সা ইয়ে অন্তর্ভুক্ত কৰি ।

লোৱা আচৰণৰ দ্বাৰা জনা যায়, যেনে চুহি খোৱাৰ কার্য নক্সা ইয়াকে সূচায় যে ৫ কেঁচুৱায় ভোকৰ কাৰ্য নক্সা ধৰিব পাৰে আৰু সেই কাৰণেই চুহিবলৈ লয়। ইয়াত ভোকেই হৈছে কার্য নক্সা আৰু খাদ্য খাব পাবলৈ কৰা চেষ্টা অথবা চুহিবলৈ লোৱাটোৱেই হৈছে আচৰণ যিটো নিৰীক্ষণ সাধ্য। 

(খ) নৈতিক বিকাশ 

উত্তৰঃ নৈতিক বিকাশে নীতিসমূহ অথবা নৈতিক মানদণ্ড, মূল্যসমূহ নৈতিক চেতনা আৰু এটা কাম বা কাৰ্য নৈতিকভাৱে বিচাৰ কৰা সামর্থ্যৰ বিকাশৰ বিষয়ে আলোচনা কৰে। প্ৰজ্ঞানাত্মক পৰিপক্কতাৰ এটা নিৰ্দিষ্ট স্তৰ সিদ্ধি নকৰালৈকে ল’ৰা-ছোৱালীসকলে দুটা স্তৰৰ মাজেৰে আগবাঢ়ি যায়, য’ত দ্বিতীয় স্তৰটো নৈতিক নমনীয়তাৰ দ্বাৰা বৈশিষ্ট প্ৰদান কৰা হয়। নিয়মবোৰ বা নিৰ্ধাৰিত নীতিসমূহ, অভিপ্রায়মূলক, শাস্তি আৰু ন্যায় সম্পৰ্কীয় ল’ৰা-ছোৱালীসকলৰ ধাৰণা অনমনীয়ৰ পৰা নমনীয় চিন্তালৈকে গতি কৰে। এই পৰিৱৰ্তন হৈছে। প্রজ্ঞানাত্মক বিকাশৰ এটা চিন। 

প্রথম স্তৰত : শিশুৱে এটা কাম সম্পূর্ণ শুদ্ধ অথবা সম্পূর্ণ অশুদ্ধ হিচাপে চাবলৈ লয় আৰু সকলোৱে একে ধৰণে চায় বুলি ভাৱে। তেওঁ আনৰ ঠাইত নিজক স্থাপন কৰিব নোৱাৰে। কাৰ্যৰ অন্তৰালত থকা অভিপ্ৰায়ৰ সলনি প্ৰকৃতিৰ ভৌতিক পৰিমাণসমূহৰ পৰিভাষাৰে শিশুৱে কোনো এটা কামৰ বিচাৰ কৰি চোৱাৰ প্ৰচেষ্টা চলায়।

 দ্বিতীয় স্তৰত : শিশুৱে আনসকলৰ স্থানত আত্ম স্থাপন কৰিব পাৰে আৰু আনসকলৰ দৃষ্টিভংগীৰে অৱলোকন কৰিব পাৰে। শিশুৱে কামৰ বিচাৰ কামৰ ফলাফলসমূহৰ দ্বাৰা নকৰি অভিপ্রায়সমূহৰ দ্বাৰা কৰিবলৈ লয়। শিশুৱে উপলব্ধি কৰিব পাৰে যে নিয়মসমূহ মানুহৰ দ্বাৰা তৈয়াৰ কৰা হয় আৰু এইবোৰ পৰিৱৰ্তন কৰিব পাৰি। কর্তৃপক্ষ আৰু সমনীয়াসকলৰ প্ৰতি পাৰস্পৰিক সন্মানৰ ভাৱ থাকে। 

(গ) ব্যক্তিত্বৰ বিকাশ 

উত্তৰঃ ব্যক্তিত্বৰ বিকাশে এগৰাকী ব্যক্তিৰ শৰীৰ, মানসিক সংস্থিতি, গুণ বা চৰিত্ৰগত বৈশিষ্ট্যসমূহ, সামৰ্থসমূহ, আশা-আকাংক্ষাসমূহ, অনুৰাগসমূহ ইত্যাদি যিবোৰ তেওঁৰ চানেকি আৰু যিবোৰ তেওঁৰ স্বতন্ত্র পৰিচিতি প্ৰদান কৰে সেইবোৰৰ লগত মকামিলা কৰে। 

ব্যক্তিত্বৰ ক্ষেত্ৰত এটা অতি পূৰণি আৰু উল্লেযোগ্য তত্ত্ব প্ৰদান কৰা হৈছিল। ফ্লুয়েডৰ দ্বাৰা। তেওঁৰ মতে বাক্তিত্বৰ সৰচনাৰ তিনিটা অংশ আছে—ইড্‌ বা জীৱবৰ্তাহং, অহম বা আত্মান আৰু পৰম অহম বা অত্যহং বা ছুপাৰ ইগ’ যেতিয়া পৰিতৃপ্তি বা পৰিতোষ ব্যাহত কৰা হয় অহমৰ বিকাশ হয়, ইয়ে বাস্তৱ নীতিৰ ওপৰত কাৰ্যনিৰ্বাহ কৰে আৰু পৰিতোষ লাভ কৰাৰ গ্ৰহণীয় পথ বিচাৰে। ছুপাৰ ই৷’ অথবা বিয়েকে একে লিংগৰ পিতৃ-মাতৃসকলৰ সৈতে বিস্তাৰিতভাৱে চিনাক্তকৰণৰ মাজেৰে সমাজৰ নৈতিক চৰিত্ৰসমূহ সংঘবদ্ধ কৰে। 

জন্মৰ লগে লগে ইড় উপস্থিত থাকে। কেঁচুৱাসকল আত্মকেন্দ্রিক, যেতিয়া পৰিতোষ ব্যাহত কৰা হয় আৰু কেঁচুৱাসকলে খাদ্যৰ বাবে অপেক্ষা কৰিবলগীয়া হয়, তেতিয়া তেওঁলোকে অহমৰ বিকাশ সাধন কৰিবলৈ আৰম্ভ কৰে। আৰুপৰিবেষ্টনীটোৰ পৰা তেওঁলোকক পৃথক কৰিবলৈ লয়। এনেকৈ জন্মৰ পিছতে অহমৰ বিকাশ হয়। ৪ অথবা ৫ বছৰৰ বয়সৰ আগতে ছুপাৰ ইগ’ৰ বিকাশ নহয়। ফ্রয়েডে ব্যক্তিত্বৰ বিকাশক বুনিয়াদী যৌনশক্তি বা লিবিডোসমূহৰ প্রকাশ আৰু সংগঠন হিচাপে নিজৰ মত প্ৰকাশ কৰিছে। ফ্ৰয়েডৰ চিন্তাত মানৱ প্রাণী এটাই কেবাটাও বিভিন্ন মনোযৌন স্তৰৰ বিকাশৰমাজেৰে (মৌখিক, গুহাদ্বাৰ বা পায়ু সম্বন্ধীয়, লিঙ্গ সম্বন্ধীয়, নিহিতাবস্থা আৰু বিচক্ষণ পাৰ হৈ যায়। ফ্রয়েডে ধাৰণা কৰি লৈছিল যে শৈশৱ আৰু প্ৰাৰম্ভিক মুখ্য বাল্যকালৰ ঘটনাসমূহ হৈছে বয়স্ক ব্যক্তিত্বৰ মুক্য নিৰূপক। তেওঁ প্ৰথম তিনিটা স্তৰক বয়স্ক আচৰণৰ লগত সম্বন্ধ ৰাখি বিশেষভাবে দেখিছিল। এই তিনিটা স্তৰৰ ভিতৰত আহৰণ কৰা অভিজ্ঞতাসমূহে বয়স্ককালত সংলক্ষণসমূহ নিৰূপ কৰে। ব্যক্তিসকল, যদিহে তেওঁলোকৰ প্ৰয়োজনসমূহ পূৰণ কৰা নহয় অথবা যদিহে তেওঁলোকে অধিকভাৱে সংযমহীন হয়, এটা বিশেষ স্তৰত স্থিৰ কৰি ৰখা হ’ব পাৰে। স্থিৰকৰণে এটা অপৰিপক্ক অভিগ্ৰহণৰ কথা বুজায় যিটো মনোৱিকাৰগ্ৰস্ত উপায় হিচাপে থাকি যায় আৰু স্বাভাবিক বিকাশৰ সৈতে হস্তক্ষেপ কৰে।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 6 Comments

Leave a Reply