Class 12 Geography Chapter-2 জনসংখ্যা আৰু উন্নয়ন

Class 12 Geography Chapter-2 জনসংখ্যা আৰু উন্নয়ন । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Geography Chapter-2 জনসংখ্যা আৰু উন্নয়ন AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয় Class 12 Geography Chapter-2 জনসংখ্যা আৰু উন্নয়ন

HS Second year Geography chapter-2 জনসংখ্যা আৰু উন্নয়ন

প্রথম খণ্ড

অতি চমু প্রশ্নোত্তৰ

তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

১। তলৰ কোনখন মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ মাত্ৰা সৰ্বাধিক?

(i) আফ্ৰিকাত ।

( ii ) দক্ষিণ আমেৰিকাত ৷

 ( ii ) এছিয়াত ।

(iv) অষ্ট্ৰেলিয়াত

উত্তৰঃ (1) আফ্ৰিকাত ।

২। তলৰ কোনটো বিৰল জনবসতি অঞ্চল নহয় ?

(i) আটাকামা।

( ii ) দক্ষিণ – পূর্ব এছিয়া ।

( iii ) বিষুৱীয় অঞ্চল ।

((iv) মেরুঅঞ্চল

উত্তৰঃ (॥ ) দক্ষিণ- পূর্ব এছিয়া ।

৩। জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা দুটা ভৌগোলিক কাৰক উল্লেখ কৰা ।

উত্তৰ: জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা দুটা ভৌগোলিক কাৰক হল

(i) জলবায়ু। আৰু

( ii ) ভূ – প্রকৃতি ।

৪। জনসংখ্যা পৰিৱৰ্তনৰ তিনিটা উপাদান কি কি ?

উত্তৰঃ জনসংখ্যাৰ পৰিৱৰ্তনৰ তিনিটা উপাদান হল –

(i) জন্মহাৰ (Birth rate).

(ii) মৃত্যুহাৰ (Death rate) আৰু

(iii) প্ৰৱজন (Migration ).

৫। ২১ শতিকাৰ আৰম্ভণিত পৃথিৱীৰ মুঠ জনসংখ্যাৰ পৰিমাণ কিমান আছিল ?

উত্তৰঃ ২১ শতিকাৰ আৰম্ভণিত পৃথিৱীৰ মুঠ জনসংখ্যাৰ পৰিমাণ আছিল ৬১৩২ নিযুত

৬। এখন দেশৰ জনসংখ্যা কেনেকৈ দেশখনৰ প্ৰকৃত সম্পদ হ’ব পাৰে ?

উত্তৰঃ দেশ এখনৰ সকলো ধৰণৰ সম্পদৰ উপযুক্ত ব্যৱহাৰৰ যোগেদি দেশখনৰ উন্নতি অৰিহণা যোগাব পাৰিলেহে সেই দেশৰ জনসংখ্যা দেশখনৰ বাবে প্রকৃত সম্পদ হ’ব পাৰে ।

৭। জনসংখ্যা ঘনত্ব বুলিলে কি বুজা ?

উত্তৰঃ জনসংখ্যা আৰু বাসভূমিৰ ক্ষেত্ৰফলৰ গাণিতিক অনুপাতক জনসংখ্যা ঘনত্ব

বোলে

৮। জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি বুলিলে কি বুজা ?

উত্তৰ: নিৰ্দিষ্ট সময় পৰিসৰত অঞ্চল এটাৰ জনসংখ্যা পূৰ্বৰ তুলনাত কমি যোৱীক জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি বোলে।

৯। জনসংখ্যাৰ বৃদ্ধিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কিদৰে সহায় কৰিছে, লিখা।

উত্তৰঃ এটা নিৰ্ধাৰিত সময়ৰ ব্যৱধানত নিৰ্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ সংখ্যাৰ বৃদ্ধিকে জনসংখ্যা বৃদ্ধি বুলি কোৱা হয় । জনসংখ্যা বৃদ্ধিৰ বিভিন্ন কাৰণসমূহৰ ভিতৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি অন্যতম ৷ পূৰ্বতে মহামাৰী বা অন্যান্য সংক্রামক বেমাৰৰ কবলত সৰি বহুতো মানুহ মৃত্যুৰ মুখত পৰিছিল । কিন্তু, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে বিভিন্ন প্রতিষেধক আৱিষ্কাৰ কৰি এনে বেমাৰসমূহ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে । চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবেই টিউবাৰকল ‘চিচ বেমাৰ পূৰ্বৰ দৰে দুৰাৰোগ্য হৈ থকা নাই ।

এই উন্নতিৰ ফলতেই পলিঅ’ৰ দৰে সমস্যাও ভাৰতবৰ্ষৰ পৰা ১০০ শতাংশই নিৰ্মূল হৈছে । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলস্বৰূপে, চিকিৎসাবিজ্ঞানত বিভিন্ন বিভাগ তথা বেমাৰসমূহৰ ওপৰত গৱেষণা হ’বলৈ ধৰিছে যাৰ ফলত বিভিন্ন প্ৰতিষেধক আৰুঔষধ আৱিষ্কাৰে ৰোগীক আৰোগ্য কৰাত সহায় কৰিছে । সেইদৰে, শল্য চিকিৎসায়ো অস্ত্ৰোপচাৰৰ জৰিয়তে ৰোগীক মৃত্যুমুখী বৰাগীক সূচল জীৱন যাপন কৰাত সহায় কৰে।তাৰোপৰি, চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে নাৰী আৰু পুৰুষৰ সন্তান জন্ম দিব নোৱাৰা অক্ষমতা দূৰ কৰি সন্তান জন্ম দিয়াত সহায় কৰিছে ।

এনেদৰেই, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানুহৰ মৃত্যু হাৰ হ্ৰাস কৰি আৰু মানুহৰ সক্ষমতা দূৰ কৰি জনসংখ্যা বৃদ্ধিত সহায় কৰে ।

১০। জনপ্ৰৱজনৰ আকৰ্ষণী আৰু বিকর্ষণী কাৰকবোৰ কি কি ?

উত্তৰঃ জনপ্ৰৱজনৰ কাৰণসমূহক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি। সেয়া হ’ল

(i) আকর্ষণী কাৰক । আৰু

(ii) বিকর্ষণী কাৰক।

সুবিধাজনক অঞ্চলসমূহে কম সুবিধাজনক অঞ্চলৰ বাসিন্দাসকলক সদায় আকর্ষিত ! কৰে ৷ অৰ্থাৎ প্ৰব্ৰজনৰ লক্ষ্য স্থল, উৎসস্থলৰ তুলনাত সদায় সমৃদ্ধিশালী হয় । আৰু লক্ষ্য স্থলৰ সুবিধাসমূহ হৈ পৰে প্ৰব্ৰজনৰ আকৰ্ষণী কাৰক । লক্ষ্যস্থল নিৰ্ধাৰণ কৰোতে প্ৰাধান্য পায় নিৰাপত্তাৰ বিষয়টোৱে । জনপ্ৰব্ৰজনৰ কেইটামান আকর্ষণী কাৰক হ’ল কৰ্ম সংস্থানৰ সুবিধা, শান্তিপূর্ণ স্বাধীন নিৰাপদ জীৱন যাপন, শিক্ষাৰ সুবিধা আদি ।

আনহাতে, মানুহে বসবাসৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হলে আন সুবিধাজনক ঠাইলৈ প্ৰব্ৰজন কৰে। প্ৰব্ৰজনৰ উৎস স্থলৰ সমস্যাসমূহ প্ৰব্ৰজনৰ বিকর্ষণী কাৰক হয়। প্ৰব্ৰজনৰ বিকৰ্ষণী কাৰক সমূহ হ’ল – ৰাজনৈতিক অস্থিৰতা, নিম্নমানৰ জীৱন – যাপন প্রাকৃতিক দুর্যোগ, চৰম জলবায়ু, নিয়োগৰ সীমাবদ্ধতা, উচ্চ শিক্ষাৰ সুবিধাৰ 

১১। জনবিস্ফোৰণ ক’ত হয়? জন বিস্ফোৰণ কিয় হয় ?

উত্তৰঃ পৃথিৱীৰ অনুন্নত অথবা উন্নয়নশীল দেশসমূহত জনবিস্ফোৰণ হয় । জনবিস্ফোৰণৰ কাৰকসমূহ হ’ল

  1.  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে চিকিৎসা বিজ্ঞানৰ প্ৰচুৰ উন্নতি হৈছে । নতুন নতুন ঔষধৰ আৰু প্ৰতিষেধকৰ আৱিষ্কাৰে মেলেৰিয়া, কলাজ্বৰ, বসন্ত, প্লেগ, হাইজা আদিৰ দৰে মহামাৰী ৰোগসমূহ নিৰ্মূল কৰা হৈছে । ফলত মৃত্যুৰ হাৰ কমে ।
  2.  জন বিস্ফোৰণৰ অন্যতম কাৰণ হ’ল অনিয়ন্ত্ৰিত জন্মৰ হাৰ। নিৰক্ষৰতা অন্ধবিশ্বাস, সামাজিক কু প্রথা আদিয়ে ইয়াত অৰিহণা যোগায়, যাৰ ফলত পৰিয়াল পৰিকল্পনা কাৰ্য্যসূচী ৰূপায়ণ কৰিব নোৱাৰে । বহুতো পৰিয়ালত পুত্ৰ সন্তানৰ আশাত বহুবাৰ গৰ্ভধাৰণ কৰিব লগা হয় মহিলাগৰাকীয়ে।
  3.  বিদেশী লোকৰ আগমনেও জনবিস্ফোৰণত অৰিহণা যোগায়। উদাহৰণস্বৰূপে,ভাৰতবৰ্ষলৈ চুবুৰীয়া দেশ, বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান আদিৰ লগতে তিব্বতৰ পৰা বিভিন্ন সময়ত অহা ভগনীয়াই ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায় ।
  4. বহু অঞ্চলত সামাজিক কু – প্রথা হিচাপে বাল্য বিবাহ প্রচলন থকা দেখা যায়। সোনকালে বিয়া হোৱাৰ ফলত স্বাভাৱিক জন্মৰ হাৰ বৃদ্ধি পায় ।

১২। জনসংখ্যা পৰিৱৰ্তনৰ স্থানিক বিতৰণ ব্যাখ্যা কৰা ।

উত্তৰঃ এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নিৰ্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ সংখ্যাৰ হ্রাস অথবা বৃদ্ধি ঘটি জনসংখ্যাৰ পৰিমাণৰ যি পৰিৱৰ্তন ঘটে তাকে জনসংখ্যাৰ পৰিৱৰ্তন বুলি কোৱা হয়। জনসংখ্যাৰ এই পৰিৱৰ্তনৰ স্থানিক বিতৰণলৈ লক্ষ্য কৰিলে দেখা যায় যে, পৃথিৱীৰ সকলো ঠাইতে এই পৰিৱৰ্তনৰ হাৰ একে নহয়। উদাহৰণস্বৰূপে, লেটিন আমেৰিকাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৬ শতাংশ আনহাতে এছিয়া মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৪ শতাংশ। সেইদৰে, অষ্ট্ৰেলিয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৩ শতাংশ আৰু উত্তৰ আমেৰিকাৰ ০.৯ শতাংশ। আফ্রিকা মহাদেশত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক । আৰু এই পৰিমাণ হ’ল ২.৪ শতাংশ। জনসংখ্যা বৃদ্ধিৰ হাৰৰ পৰিৱর্তন কেৱল মহাদেশ অনুসৰিয়েই হোৱা নাই। মহাদেশ সমূহৰ অন্তৰ্গত বিভিন্ন ৰাষ্ট্ৰ তথা অঞ্চল অনুসৰিও এই পৰিৱৰ্তন পৰিলক্ষিত হয়।

১৩। জনসংখ্যা পৰিৱৰ্তনৰ প্ৰভাৱ ব্যাখ্যা কৰা ।

উত্তৰঃ সাধাৰণতে জনসংখ্যাৰ পৰিৱৰ্তন বুলি ক’লে এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নিৰ্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ সংখ্যা হ্রাস অথবা বৃদ্ধি ঘটি জনসংখ্যাৰ পৰিমাণৰ যি পৰিৱৰ্তন ঘটে তাকে কোৱা হয়। কিন্তু দিনে দিনে পৃথিৱীত জনসংখ্যাৰ পৰিমাণ বৃদ্ধি পাই আহিছে আৰু জনসংখ্যা বৃদ্ধিয়ে জনসংখ্যাৰ পৰিৱৰ্তন ঘটাইছে ৷ গতিকে, আমি জনসংখ্যাৰ পৰিৱৰ্তন বুলি কালে জনসংখ্যা বৃদ্ধিক বুজিব লাগিব । গতিকে এনে পৰিৱৰ্তন অর্থাৎ জনসংখ্যা বৃদ্ধিৰ হাৰ ধনাত্মক হলে মানৱ সম্পদৰ ক্ষেত্ৰত আগুৱাই দেশ এখনে বিভিন্ন দিশত আগুৱাব পাৰিব ।

আনহাতে, জনসংখ্যাৰ ঋণাত্মক বৃদ্ধিৰ ফলত খাদ্যৰ নাটনিয়ে দেখা দিয়ে আৰু দেশৰ খনিজ পদাৰ্থৰ পৰিমাণ লাহে লাহে কমি আহে। কৰ্ম সংস্থানৰ অভাৱ ঘটি নিৱনুৱা সমস্যাৰ সৃষ্টি হয়। জনসংখ্যাৰ এনে বৃদ্ধিৰ ফলত উপযুক্ত বাসস্থানৰ অভাৱ ঘটে । বৰ্ধিত জনসংখ্যাৰ খাদ্যৰ চাহিদা পূৰ কৰিবলৈ খেতি পথাৰবোৰত এবিধ শস্যৰ পাছত আন এবিধ শস্যৰ খেতি কৰিবলৈ লোৱাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পায়, ফলস্বৰূপে উৎপাদন ক্ষমতা হ্রাস পায়। সেইদৰে, প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰৰ ফলত এইবোৰৰ সঞ্চিত ভাণ্ডাৰ উদং হ’বলৈ ধৰিছে । এইদৰেই জনসংখ্যাৰ পৰিৱৰ্তনে ভৱিষ্যতৰ বাবেও নানান প্ৰকাৰৰ সমস্যা সৃষ্টিৰ পথ প্ৰশস্ত কৰিছে।

১৪। জনসংখ্যা বৃদ্ধি ৰোধ কৰা ব্যৱস্থাৰবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ অন্তৰালত থকা অন্যতম প্রধান কাৰণ হ’ল নিৰক্ষৰতদি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজৰ পৰা নিৰক্ষৰতা দূৰ কৰিব পাৰিলেহে জনসংখ্যা বৃদ্ধিৰ ৰোধ সম্ভৱ হ’ব। নিৰক্ষৰতা দূৰ কৰিব পাৰিলেহে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু – প্রথাসমূহ নিৰ্মূল কৰিব পৰা যাব। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সহযোগিতাইহে জনসংখ্যা বৃদ্ধি ৰোধ কৰাত সহায় কৰিব । পৰিয়াল পৰিকল্পনাৰ প্ৰধান পদক্ষেপ হল, জন্ম নিয়ন্ত্ৰণ ৷ চৰকাৰে গ্ৰহণ কৰা পৰিয়াল পৰিকল্পনাৰ কাৰ্য্যক্রম সমূহে যাতে সমাজৰ সকলো শ্ৰেণীৰ লোককে স্পৰ্শ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । জনসংখ্যা নিয়ন্ত্ৰণৰ উদ্দেশ্যে প্ৰস্তুত কৰা আঁচনিসমূহ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত প্ৰচাৰ কৰি ৰাইজক বর্ধিত জনসংখ্যাই সৃষ্টি কৰা সমস্যাবোৰৰ প্ৰতি সজাগ কৰিব পাৰিলেহে আঁচনিবোৰ ফলৱতী হ’ব । জন্ম নিয়ন্ত্ৰণৰ সামগ্ৰীৰ সহজলভ্যতায়ো বর্ধিত জনসংখ্যা ৰোধ কৰাত অৰিহণা যোগায় ।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে, জনসংখ্যা বৃদ্ধি ৰোধ কৰাত প্ৰতিটো কাৰকেই গুৰুত্বপূৰ্ণ আৰু এটা আনটোৰ ওপৰত নিৰ্ভৰশীল । উদাহৰণস্বৰূপে, নিৰক্ষৰতা দূৰ কৰিব পাৰিলে সমাজৰ পৰা অন্ধবিশ্বাস কু – প্রথা আদি নিৰ্মূল হ’ব । তেতিয়া মানুহ পৰিয়াল পৰিকল্পনাৰ প্ৰতি সচেতন হ’ব আৰু চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়নত সহযোগিতা আগবঢ়াব পাৰিব।

১৫। জনসংখ্যা বৃদ্ধিৰ ওপৰত এটি টোকা লিখা ।

উত্তৰঃ এটা নিৰ্ধাৰিত সময়ৰ ব্যৱধানত নিৰ্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ সংখ্যাৰ হ্রাস বৃদ্ধিক এলেকাটোৰ জনসংখ্যা বৃদ্ধি বোলে। জনসংখ্যা বৃদ্ধি দুটা পদ্ধতিৰে প্ৰকাশ কৰা হয়। গণনাকালৰ আৰম্ভণি আৰু সামৰণিৰ মাজৰ সময়ছোৱাত ঘটা

জনসংখ্যাৰ মুঠ বৃদ্ধি অথবা এই মুঠ বৃদ্ধি প্রাপ্ত জনসংখ্যাক গণনাকালৰ আৰম্ভণিৰ জনসংখ্যাৰ শতাংশ ৰূপত নিৰ্দিষ্ট সময়ৰ ব্যৱধানৰ জনসংখ্যা বৃদ্ধি প্ৰকাশ কৰিব পাৰি । নির্দিষ্ট সময়সীমাৰ ভিতৰত অঞ্চল এটাৰ অধিবাসীসকলৰ মাজত ঘটা জন্ম আৰু মৃত্যু জনিত হ্ৰাস বৃদ্ধিৰ ফলত অঞ্চলটোত জনসংখ্যাৰ যি পৰিৱৰ্তন হয় তাক জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি বোলে। জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি আৰু অন্যান্য অঞ্চলৰ পৰা ঘটা আন্তঃপ্ৰব্ৰজনৰ তুলনাত বহিঃপ্ৰৱজন কম হোৱাৰ ফলত অঞ্চল এটাৰ জনসংখ্যা ক্রমশঃ বাঢ়ি গৈ থকা অৱস্থাটোক জনসংখ্যাৰ ধনাত্মক বৃদ্ধি বোলে ।

” আনহাতে, নিৰ্দিষ্ট সময়ৰ পৰিসৰত অঞ্চলটোৰ জনসংখ্যা পূৰ্বৰ তুলনাত কমি যোৱাক জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি বোলে । ব্যাপক ৰূপত দেখা দিয়া মহামাৰীৰ ফলত মৃত্যুৰ সংখ্যা জন্মৰ সংখ্যাতকৈ অধিক হোৱাত অথবা এটা অঞ্চলৰ বাসিন্দাসকলৰ বুজন অংশ একোটা আন অঞ্চললৈ প্ৰৱজন কৰাৰ ফলতেই জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি সম্ভৱ।

Class 12 ভূগোল প্ৰশ্নউত্তৰ |

SL. NO.সূচী-পত্ৰ
Chapter 1মানৱ- ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্ৰাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যোগাযোগ
Chapter 9আন্তর্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যোগাযোগ ব্যবস্থা
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন, ভৌগোলিক দৃষ্টিপাত

দীঘল প্রশ্নোত্তৰ

১৬। পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বত প্ৰভাৱ পেলোৱা কাৰকসমূহ 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব সকলো ঠাইতে একে নহয় । জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব বিভিন্ন প্রাকৃতিক, অর্থনৈতিক আৰু সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে । তলত এই কাৰকসমূহৰ বিষয়ে চমুকৈ আললাচনা কৰা হলঃ

( ক ) প্রাকৃতিক কাৰক :- 

(i) জলবায়ু :- পৃথিৱীৰ যিবোৰ অঞ্চলৰ জলবায়ু স্বাস্থ্যকৰ । সেইবোৰ অঞ্চলত জনবসতি ঘন হয় অত্যন্ত শীতল অথবা অত্যন্ত উষ্ণ, অতিশয় শুকান অথবা আৰ্দ্ৰ প্ৰকৃতিৰ জলবায়ুৰ অঞ্চলসমূহত মানুহৰ জীৱন যাত্ৰা কঠিন আৰু বিপস সংকুল হয়। এনে চৰম ভাবাপন্ন জলবায়ুৰ অঞ্চলত শস্যৰ উৎপাদন সীমিত হয়, মানুহৰ শ্ৰমৰ ক্ষমতা কম হয় আৰু ৰোগ ব্যাধিৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে সিনে অঞ্চলসমূহত জনবসতি অতি সেৰেঙা হয় । সমমণ্ডলৰ জলবায়ু উষ্ণমণ্ডল আৰু হিমমণ্ডলৰ জলবায়ুতকৈ উৎকৃষ্ট আৰু স্বাস্থ্যকৰ বাবে এনে অঞ্চলসমূহত লোক বসতি ঘন হয়।

(ii) পানীৰ উপলব্ধতা:- মানুহৰ জীৱন যাপনৰ বাবে পানী অপৰিহাৰ্য। খোৱা পানীৰ উপৰিও ৰন্ধন প্ৰকৰণ, শোহনীয়া প্ৰাণীৰ বাবে কৃষিকার্য, উদ্যোগ আদিৰ পৰিচালনাৰ বাবে প্ৰচুৰ পৰিমাণৰ পানীৰ আৱশ্যক হয়। সাগৰ, নদী, হ্রদ প্রভৃতি জলাশয়সমূহ মৎস্য সম্পদৰ উৎস হোৱাৰ উপৰিও এই জলপৃষ্ঠবোৰ পৰিবহণ কাৰ্য্যৰ উদ্দেশ্যেও ব্যৱহৃত হয়। সেয়েহে অতি প্ৰাচীন কালৰে পৰা নদীৰ কাষৰীয়া অঞ্চলত জনবসতি ঘন হোৱা দেখা যায়।

(iii) ভূপ্রকৃতিঃ সমভূমি অঞ্চলসমূহ মানুহৰ বসবাসকে ধৰি কৃষিকার্য, পৰিবহণ, ( ঔদ্যোগিক কাম কাজ আদি সকলোৰে বাবে সুবিধাজনক। আনহাতে, অতিপাত ঢাল বিশিষ্ট পাহাৰীয়া অঞ্চলসমূহত মাটিৰ উৰ্বৰতা কম হোৱা হেতুকে কৃষি কার্যাত উৎপাদনৰ পৰিমাণ কম হয় । এনে অঞ্চলসমূহত যাতায়াত ব্যৱস্থাৰ সম্প্ৰসাৰণ অতি ব্যয়বহুল আৰু কষ্টসাধ্য হয়। এনেবোৰ কাৰণতে সমভূমি অঞ্চলসমূহত জনবসতি ঘন হোৱাৰ পৰিবৰ্তে পাহাৰীয়া অঞ্চলসমূহত জনবসতি সেৰেঙা হয় ।

(iv) মাটিৰ উৰ্বৰতা :- যিবোৰ অঞ্চলৰ মাটি সাৰুৱা, সেইবোৰ অঞ্চলত জীৱিকাৰ পথ সহজ হয় বাবে অনুৰ্ধৰ মাটিৰ অঞ্চল সমূহতকৈ জনবসতি ঘন হয়। নদী উপত্যকাবোৰৰ পলসুৱা মাটিৰ বাবে জনবসতি ঘন হয়।

(v) খনিজ সম্পদ :-যিবোৰ অঞ্চলত খনিজ সম্পদ প্ৰচুৰ পৰিমাণে পোৱা যায় সেইবোৰ ঠাইত খনিজ দ্রব্য উদ্ধাৰ কৰিবলৈ আৰু সেই খনিজ দ্রব্যবোৰৰ ভিত্তিত গঢ়ি উঠা উদ্যোগসমূহত বহুলোক কর্মী হিচাপে নিয়োজিত হয়। এনে কাৰণতে সেই অঞ্চলসমূহত জনবসতি ঘন হয়।

(খ) অর্থনৈতিক কাৰকঃ 

(i) নগৰীকৰণ :- গ্ৰামাঞ্চলৰ তুলনাত নগৰাঞ্চলত শিক্ষা, চিকিৎসা, যাতায়াত যোগাযোগ বৱস্থাসমূহ উন্নত হোৱাত এনে অঞ্চলসমূহত জনসংখ্যা বৃদ্ধি পায় ৷ তদুপৰি, সা – সুবিধাসমূহৰ লগে লগে এনে অঞ্চলসমূহত অৰ্থ উপাৰ্জনৰ পৰিসৰ বৃদ্ধি পায়। সেইবাবে, সংস্থাপনৰ উদ্দেশ্যেও এনে অঞ্চল সমূহলৈ বিভিন্ন অঞ্চলৰ পৰা বসতি স্থাপনৰ উদ্দেশ্যে মানুহৰ আগমন ঘটে ।

(ii) ঔদ্যোগীকৰণঃ উদ্যোগ গঢ়ি উঠাৰ ফলস্বৰূপে, একোটা অঞ্চল অতি কম দিনৰ ভিতৰতে জনাকীর্ণ হৈ পৰে। এনে অঞ্চলসমূহত কল – কাৰখানাৰ উপৰিও পৰিবহণ, । বেংক, শিক্ষা প্রতিষ্ঠান আদি গঢ় লৈ উঠাত এই খণ্ডসমূহৰ পৰিচালনাৰ বাবেও বহুত কৰ্মীৰ প্ৰয়োজন হয় এনেদৰেই ঔদ্যোগীকৰণৰ ফলত জনশূণ্য অঞ্চল এটাও জনাকীর্ণ হয়গৈ।

(iii) পৰিবহণ আৰু যোগাযোগ :- পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়েও এটা অঞ্চল জনবহুল হোৱাত সহায় কৰে । পৰিবহণ ব্যৱস্থাৰ উন্নতিয়ে বেপাৰ বাণিজ্যত সহায় কৰে আৰু অঞ্চল এটাৰ উন্নতিত সহায় কৰে। ৰেল পৰিবহণ আৰু বিমান পৰিবহণৰ উন্নতিয়ে এই ক্ষেত্রত অধিক সহযোগিতা আগবঢ়ায়। পৰিবহণৰ উন্নতিয়ে ঠাই এখনক নগৰীকৰণৰ দিশত আগুৱাই নিয়ে। অধিক সা-সুবিধা ভোগ কৰাৰ অৰ্থে পিছ পৰা অঞ্চলৰ মানুহে এনে অঞ্চললৈ বসবাসৰ বাবে অহাৰ লগতে কৰ্ম সংস্থাপনৰ বাবেও আন অঞ্চলৰ পৰা মানুহৰ প্ৰৱজন ঘটে।

(iv ) সমাজ – সাংস্কৃতিক কাৰকঃ সুস্থিৰ ৰাজনীতি, অর্থনীতি আৰু শৃংখলিত সমাজ ব্যৱস্থাৰ ৰাষ্ট্ৰসমূহ পৃথিৱীৰ যিকোনো দেশৰ লোকৰ দৃষ্টিত জীৱিকা আৰ্জন তথা বসতি স্থাপনৰ লক্ষ্য হৈ পৰে। সেইদৰে, অস্থিৰ ৰাজনৈতিক বাতাবৰণৰ বাবে বা সামাজিক নিৰাপত্তা কমি যোৱাৰ লগে লগে কিছুমান অঞ্চলৰ পৰা বহিঃপ্ৰৱজন ঘটে। ধর্মীয় আবেগ অনুভূতিৰে পৰিচালিত বহু লোকে ধর্মীয় স্থান সমূহত বাস কৰিবলৈ বিচাৰে । ↑ সেইদৰে উচ্চ শিক্ষাৰ সুবিধা থকা অঞ্চলসমূহলৈ শিক্ষা গ্ৰহণৰ বাবে বা গৱেষণাৰ বাবে বহুলোকৰ আগমন ঘটে আৰু বহুতে পাছলৈ নিগাজীকৈ থাকিবলৈ লয় ।

১৭। জনসংখ্যা পৰিৱৰ্তনৰ পৰ্যায় তিনিটা আলোচনা কৰা ।

উত্তৰঃ জনসংখ্যাৰ পৰিৱৰ্তনৰ পর্যায় তিনিটা হলঃ

  1. প্রথম পৰ্য্যায়।
  2. দ্বিতীয় পৰ্য্যায় আৰু
  3. তৃতীয় পর্যায়।

এটা অঞ্চলৰ অধিবাসীসকল কৃষিকেন্দ্ৰীক গ্ৰাম্য নিৰক্ষৰ আৰ্থ সামাজিক অৱস্থাৰ পৰা ক্ৰমে নগৰীয়া উদ্যোগকেন্দ্রীক আৰু শিক্ষিত আর্থ সামাজিক অৱস্থা অভিমুখীত পর্যায়ক্রমে আগুৱাই গৈ থাকে। এই বহুমুখী আর্থ – সামাজিক পৰিবৰ্তনৰ প্ৰাৰম্ভিক স্তৰত অঞ্চলটোৰ অধিবাসীসকলৰ মাজত জন্মহাৰ আৰু মৃত্যুহাৰ দুয়োটাই উচ্চ নিৰিখৰ হয়।

দ্বিতীয় পৰ্যায়ত মৃত্যুৰ হাৰ ক্ষিপ্র গতিত কমে যদিও জন্মৰ হাৰ প্ৰায় আগৰ দৰেই থকাৰ ফলত জনসংখ্যাৰ দ্ৰুত গতিত বৃদ্ধি পায় । আনহাতে, পৰৱৰ্তী পৰ্য্যায়ত জন্মহাৰ কমি গৈ মৃত্যুহাৰৰ সমান হৈ পৰে আৰু জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি শূণ্যৰ ফালে আগবাঢ়ে । অঞ্চল এটাৰ সামগ্ৰিক প্ৰকৰণৰ ওপৰত প্ৰাথমিক খণ্ডৰ পৰিৱৰ্তে দ্বিতীয়, তৃতীয়ক অথবা চতুর্থক খণ্ডসমূহৰ নিয়ন্ত্ৰণ শক্তিশালী হয় ইয়াৰ সমান্তৰাল ভাৱেই কাৰিকৰী জ্ঞান, দূৰদৰ্শিতা, সুস্বাস্থ্য আদিৰ আশানুৰূপ বিকাশ ঘটে । প্রাথমিক খণ্ডত অপ্রশিক্ষিত শ্ৰম প্ৰয়োগ আৰু উচ্চ নিৰিখৰ জন্ম আৰু মৃত্যু হাৰৰ লক্ষণধাৰী প্ৰাৰম্ভিক অৱস্থাৰ পৰা প্রশিক্ষিত কর্মী – পৰিচালিত নগৰকেন্দ্ৰীক শিল্প উদ্যোগ অর্থ ব্যৱস্থাসহ নিম্নমানৰ জন্ম আৰু মৃত্যু হাৰৰ অৱস্থা একোটা পোৱালৈকে সমাজ একোখনে পর্য্যায় ক্রমে আগুৱাই যায়।

তলত দিয়া তালিকাৰ দ্বাৰা জনসংখ্যাৰ পৰিবৰ্তনৰ পৰ্যায় কেইটাৰ বিষয়ে ধাৰণা কৰিব পাৰিঃ

জনসংখ্যাৰ হ্রাস / বৃদ্ধিকাৰকঅর্থনীতি
( ক ) নিম্ন বৃদ্ধিঅধিকতম জন্ম আৰু মৃত্যুৰ হাৰনিম্ন কৃষিজ
( খ ) অধিক বৃদ্ধিঅধিকতম জন্ম আৰু নিম্নতম মৃত্যুৰ হাৰকিছু উন্নত কৃষিজ
(গ) সংতুলিত / সুস্থিৰনিম্নতম জন্ম আৰু মৃত্যুৰ হাৰঔদ্যোগিক

১৮। পৃথিৱীৰ কম জনসংখ্যা ঘনত্বৰ অঞ্চলকেইটাৰ বিষয়ে চমু আললাচনা কৰা

উত্তৰঃ পৃথিৱীৰ যিবোৰ অঞ্চলত প্ৰতি বৰ্গ কিলোমিটাৰ ঠাইত মাত্ৰ এজন বা দুজন মানুহে বাস কৰে, তেনে অঞ্চলকে পাতল বা বিৰল জনবসতিৰ অঞ্চল হিচাপে জনা যায় । পৃথিৱীৰ বিৰল জনবসতিৰ অঞ্চলসমূহক প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত কৰা হৈছে । সেয়া হ’ল

( i ) উষ্ণ মৰুভূমি অঞ্চল ।

(ii) অতি শীতল অঞ্চল ।

(iii) শীতল মৰুভূমি অঞ্চল । আৰু

(iv ) বিষুবীয় অঞ্চল ।

(i) উষ্ণমৰুভূমি অঞ্চলঃ চাহাৰা, আটাকামা, কালাহাৰি, পশ্চিম অষ্ট্ৰেলিয়া, আৰৱ, থৰ আদি মৰুভূমিবোৰ এই অঞ্চলৰ অন্তৰ্গত । বৰষুণহীন শুকান জলবায়ুৰ বাবে এনে অঞ্চলত জনবসতি অতি পাতল হয়।

(ii) অতিশীতল অঞ্চল :– চিৰকাল বৰফাবৃত অঞ্চল এই বলয়ৰ অন্তৰ্গত । কানাডাৰ উত্তৰাঞ্চল ; গ্ৰীণলেণ্ড, ছাইবেৰিয়াৰ উত্তৰাঞ্চল আৰু কুমেৰু মহাদেশ ইয়াৰ অন্তৰ্গত । এনে অঞ্চলসমূহত জনসংখ্যা অতি কম।

(iii) শীতল মৰুভূমি অঞ্চলঃ মধ্য এছিয়াৰ শুকান অঞ্চলবোৰ এই বলয়ৰ অন্তৰ্গত । বিশেষকৈ, বৃষ্টিছায়া অঞ্চলত অৱস্থিত হোৱা হেতুকে এই অঞ্চলৰ জনসংখ্যা ঘনত্ব একেবাৰে কম।

( iv ) বিষুবীয় অঞ্চলঃ দক্ষিণ আমেৰিকাৰ আমাজান অৱবাহিকা, আফ্ৰিকাৰ কাংগো আৱবাহিকা আৰু এছিয়াৰ ইণ্ডোনেছিয়া মালয়েছিয়া অঞ্চল এই বলয়ৰ অন্তৰ্গত । অত্যাধিক গৰম আৰু সেমেকা জলবায়ুৰ বাবে এই অঞ্চলটো বসবাসৰ অনুপযোগী। সেয়েহে এই অঞ্চলসমূহ জনবসতি অতি পাতল।

১৯। পৃথিৱীৰ জনসংখ্যা বিতৰণৰ প্ৰতিৰূপ আললাচনা কৰা ।

উত্তৰঃ পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ সকলো ঠাইতে সমান নহয়। পৃথিৱীৰ প্ৰতিটো অঞ্চলৰ নিজ নিজ পৰিসৰত জনসংখ্যাৰ নিৰ্দিষ্ট একোটা ধাৰণ ক্ষমতা আছে। ভূমিখণ্ড আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশৰ উৎপাদিকা শক্তিৰ ওপৰত অঞ্চল একোটাৰ জনসংখ্যাৰ ধাৰণ ক্ষমতা নিৰ্ভৰ কৰে। মানুহৰ জীৱন নিৰ্বাহৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ সম্পদৰ প্রয়োজন হয় । সেয়েহে অঞ্চল এটাত কিমান সংখ্যক মানুহে বসতি স্থাপন কৰিব সেয়া অঞ্চলটোত থকা মুঠ সম্পদৰ ওপৰত নিৰ্ভৰশীল । সম্পদ সমৃদ্ধ অঞ্চল এটা আকাৰত সৰু হলেও সম্পদ বিশিষ্ট বিশাল অঞ্চল এটাতকৈও অধিক মানুহক আশ্রয় দিব পাৰে । উদাহৰণস্বৰূপে, অস্ট্রেলিয়া মহাদেশৰ মুঠ মাটি কালি ৭.৭ নিযুত বর্গকিলোমিটাৰ এলেকাত ১৯.৩৬ নিযুত লোকে বাস কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ মুম্বাই চহৰৰ বান্দ্ৰা আৰু থানে অঞ্চলৰ সৰ্বমঠ ১০.১৬৬ বর্গ কিলোমিটাৰ এলেকাত ২০.০৪ নিয়ত লোকে বাস কৰে।

পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৬১.৭৯ শতাংশ লোকে এছিয়া মহাদেশতে বাস কৰে । তেনেদৰে আফ্রিকা ১৩ শতাংশ, ইউৰোপত ১১.৫ শতাংশ, উত্তৰ আমেৰিকাত ৭.৫ দক্ষিণ আমেৰিকাত ৫.৫ শতাংশ, আৰু অষ্ট্ৰেলিয়াত পৃথিৱীৰ মুঠ জনসংখ্যা মাত্র ০.৪৯ শতাংশহে বসবাস কৰে। আকৌ, পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০ শতাংশ মাত্র ১০ শতাংশ ঠাইতে সীমাবদ্ধ হৈ আছে । শতাংশ,

আনহাতে, সমগ্ৰ পৃথিৱীৰ প্ৰায় ৯৫ কোটি বর্গকিলোমিটাৰ এলেকাত জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিল’মিটাৰত মাত্ৰ ১-২ জন তেনেদৰে পৃথিৱীৰ ৬০ শতাংশ লোকে মাত্র ১০ খন মূখ্য জনবহুল দেশত বাস কৰে। এই ১০ খন দেশৰ ভিতৰত ৬ খন এছিয়া মহাদেশত, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাত এখনকৈ আৰু দশমখন জনবহুল দেশ এছিয়া আৰু ইউৰোপত অৱস্থিত ।

পৃথিৱীৰ এই জনবহুল দেশসমূহ হ’ল ক্রমান্বয়ে -চীনদেশ, ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, ব্রাজিল ৰাছিয়া, পাকিস্তান, বাংলাদেশ, জাপান আৰু নাইজেৰিয়া । এই মহাদেশ সমূহৰ ভিতৰত একোটা সুবৃহৎ অঞ্চল জনশূণ্য অথবা পাতল জনবসতিৰ। উদাহৰণস্বৰূপে, এন্টার্কটিকা, গ্রীণলেণ্ড, ছাইবেৰিয়াৰ উত্তৰাঞ্চল আটাকামা, . চাহাৰা, কালাহাৰি, আৰৱ মৰুভূমি আদিৰ কথা উল্লেখ কৰিব পাৰি ।

This Post Has One Comment

Leave a Reply