Class 12 Geography chapter-1 মানৱ- ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ

Class 12 Geography chapter-1 মানৱ- ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Geography chapter-1 মানৱ- ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয় Class 12 Geography chapter-1 মানৱ- ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ

HS Second Year Geography chapter-1 মানৱ- ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ

প্রথম খণ্ড

অতি চমু প্রশ্নোত্তৰ

তলত দিয়া বিকল্প চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

১। তলৰ কোনটো মানুহ আৰু পৰিবেশৰ মাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰস্পৰিক ক্রিয়া?

(i) মানুহৰ জ্ঞান ।

(ii) মানুহৰ উপলব্ধি ।

(iii) প্রযুক্তিবিদ্যা ।

(iv ) মানৱ ভ্রাতৃত্ববোধ ।

উত্তৰঃ (ii) মানুহৰ উপলব্ধি ৷

২। তলৰ কোনটো ভৌগোলিক সম্ভেদৰ উৎস নহয়?

(i) ভ্ৰমণকাৰীৰ টোকা।

(ii) প্রাচীন মেপ

( iii ) চন্দ্ৰৰ পৰা সংগ্ৰহ কৰা শিলা ।

(iv ) প্রাচীন মহাকাব্যবোৰ ।

উত্তৰঃ (iii) চন্দ্ৰৰ পৰা সংগ্ৰহ কৰা শিলা ।

৩। নদীৰ কোন অংশক নদীমূখ বুলি জনা যায় ?

(।) নদীবোৰ যি ঠাইৰ পৰা উৎপত্তি হয়।

( ii ) নদীবোৰ যি ঠাইত বিভক্ত হৈ পৰে।

( ii ) নদীবোৰ যি ঠাইত হ্রদ, সাগৰমহাসাগৰৰ লগত মিলিত হয় ।

(iv ) নদীয়ে গতিপথৰ যি ঠাইত আন এখন নদীৰ লগত মিলিত হয়।

উত্তৰঃ (ii) নদীবোৰ যি ঠাইত হ্রদ, সাগৰ – মহাসাগৰৰ লগত মিলিত হয় ।

৪। মানৱ সমাজ আৰু ভূ – পৃষ্ঠৰ মাজত গঢ়ি উঠা পাৰস্পৰিক সম্পৰ্ক সংশ্লেষণাত্মক অধ্যয়ন পৰিক্ৰমাই মানৱভূগোল। ” মানৱভূগোল এই সংজ্ঞাটো আগবঢ়াইছিল—

উচ্চ

( i ) ৰাটজেলে ।

( i ) এলেন চার্চিল চেম্পলে ।

( iii ) ভাইডেল – ডি – লা – ব্লেচে।

( iv ) গ্রীফিট টেইলৰে ।

উত্তৰঃ (i) ৰাটজেলে

৫। ২১ শতিকাৰ আৰম্ভণিতে পৃথিৱীৰ জনসংখ্যা কিমান আছিল ?

উত্তৰঃ ২১ শতিকাৰ আৰম্ভণিতে পৃথিৱীৰ মুঠ জনসংখ্যা ৬২৩ কোটি আছিল ।

৬। মানৱ ভূগোলৰ এটা সংজ্ঞা দিয়া ।

উত্তৰঃ ভাইডেল – ডি লা ব্লাচিয়ে আগবঢ়োৱা সংজ্ঞা অনুসৰি, “ মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক তথা আন্তঃক্ৰিয়াৰ ধৰণ কৰণ সম্পৰ্কীয় ভৌগোলিক অধ্যয়নৰ পৰিক্ৰমাটোক মানৱ ভোগোল বুলিব পাৰি। “

৭। পৃথিৱীৰ প্ৰধান উপাদান দুটা কি কি ?

উত্তৰঃ পৃথিৱীৰ প্ৰধান উপাদান দুটা হলঃ

(ক) স্থলভাগ। আৰু

(খ) জলভাগ।

৮। মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম লিখা । 

উত্তৰঃ মানৱ ভূগোলৰ দুটা উপ – শাখা হলঃ

( ক ) কৃষি ভূগোল । আৰু

(খ) ৰাজনৈতিক ভূগোল ।

৯।পাৰিপাৰ্শ্বিক নির্ণয়বাদ বুলিলে কি বুজা ?

উত্তৰঃ একাংশ ভূগোলবিদৰ মতে, প্রাকৃতিক পৰিবেশৰ দ্বাৰা জীৱজগত নিয়ন্ত্ৰিত হৈ আহিছে৷ পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্রিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত যি প্রভেদ দেখা যায় তাৰ মূলতে প্রাকৃতিক পৰিবেশৰ আঞ্চলিক ৰেহৰূপৰ প্ৰভাৱ। – এই চিন্তাচৰ্চাৰ ধাৰাটোকে পাৰিপাৰ্শ্বিক নির্ণয়বাদ বোলে।

১০। মানৱ পৰিচালিত পৰিবেশ কি ?

উত্তৰঃ একাংশ ভূগোলবিদৰ মতে, মানুহ প্ৰাকৃতিক পৰিবেশক নিজৰ অনুকূলে গঢ় দি ল’ব পৰা যোগ্যতাৰ এক অসাধাৰণ জীৱ প্ৰজাতি । তেওঁলোকৰ মতে, মানুহ যথেষ্ট জ্ঞান আৰু কৌশলৰ অধিকাৰী হোৱা হেতু মানুহৰ সংস্কৃতিক অর্থাৎ বৌদ্ধিক কর্মকাণ্ডই প্রাকৃতিক পৰিবেশৰ ওপৰত পেলোৱা প্ৰভাৱ উলাই কৰিব নোৱাৰি । মানুহে প্রয়োজন অনুসৰি প্ৰকৃতিৰ ওপৰত আধিপত্য বিস্তাৰ কৰি প্ৰাকৃতিক পৰিবেশ ভঙা – পতা কৰিব পাৰে। এই ধাৰণাটোকে মানৱ পৰিচালিত পৰিবেশ বুলি কোৱা হয়।

১১। ঔপনিবেশিক যুগে কি বুজায় ?

উত্তৰঃ পঞ্চদশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা পর্তুগাল, ফ্রান্স, স্পেইন প্রভৃতি পশ্চিম ইউৰোপীয় দেশসমূহত সামুদ্রিক অভিযানৰ এক পৰম্পৰা আৰম্ভ হয়। এনেবোৰ অভিযানৰ ফলস্বৰূপে, দুয়োখন আমেৰিকা, অস্ট্রেলিয়া, এন্টার্কটিকা প্রভৃতি মহাদেশীয় ভূ – ভাগৰ আৱিষ্কাৰ হোৱাৰ উপৰিও আফ্ৰিকাৰ দুৰ্গম অঞ্চলত ইউৰোপীয় লোকৰ প্ৰৱেশ ঘটে। সীমাবদ্ধ সম্পদৰ ওপৰত নিৰ্ভৰশীল হৈ থকা কেইবাখনো ইউৰোপীয় ৰাষ্ট্ৰই নতুনকৈ আৱিষ্কাৰ হোৱা মহাদেশসমূহত ঔপনিবেশীয় সম্পদ প্ৰকৰণ প্রকাৰ্য আৰম্ভ কৰে। সেয়েহে পঞ্চদশ শতিকাৰ পৰা উনবিংশ শতিকাৰ মাজৰ সময়চোৱাক ঔপনিবেশিক যুগ বোলা হয়।

১২। মানৱ ভূগোল সমাজ বিজ্ঞানৰ আনবোৰ বিষয়ৰ লগত কেনেকৈ জড়িত?

উত্তৰঃ সাধাৰণ অৰ্থত মানৱ ভূগোলে মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পর্ক অধ্যয়ন কৰে। সেয়ে, মানৱ ভূগোলৰ অধ্যয়ন ক্ষেত্ৰত মানৱ জীৱনৰ লগত জড়িত সকলো ( ধৰণৰ আৰ্থিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, বৌদ্ধিক আৰু জৈৱিক কাম কাজ সমূহৰ লগত এনে কাম কাজৰ সংঘটন স্থলীৰ পাৰস্পৰিক সম্বন্ধ পৰ্যালোচনা কৰা হয়। সেইবাবে মানৱ ভূগোলৰ অধ্যয়ন প্ৰক্ৰিয়াৰ লগত বিভিন্ন ধৰণৰ শৈক্ষিক আৰু প্রায়োগিক বিষয় জড়িত হৈ থাকে বিশেষকৈ মানুহৰ কাম – কাজৰ লগত জড়িত হোৱা হেতুকে মানৱ ভূগোলৰ অধ্যয়ন কাৰ্যৰ লগত সমাজ বিজ্ঞানৰ বহুতো তত্ত্ব, সূত্ৰ আৰু ব্যাখ্যা আদি পোনপটীয়াকৈ জড়িত হৈ পৰে। মানৱ ভূগোলৰ সৈতে জড়িত সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়সমূহ হ’ল – সমাজতত্ত্ব, নৃতত্ব, ৰাজনীতি বিজ্ঞান, সম্পদ, অর্থনীতি, বুৰঞ্জী, জনসংখ্যা বিজ্ঞান, পর্যটন আদি। এনেদৰেই মানৱ ভূগোল সমাজবিজ্ঞানৰ বিভিন্ন বিষয়ৰ লগত জড়িত হয়।

১৩। মানৱ ভূগোলে কি অধ্যয়ন কৰে ?

উত্তৰঃ মানৱ ভূগোলৰ অধ্যয়নৰ যোগেদি যি জ্ঞান আহৰণ কৰা হয় সেই জ্ঞানক মানুহৰ হিত সাধনৰ অৰ্থে ব্যৱহাৰ কৰা হয়। মানৱ ভূগোল বিভিন্ন প্রাকৃতিক কাৰকৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল । কাৰণ, এই কাৰকবোৰে মানুহৰ কাৰ্যকলাপৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় আৰু মানৱ জীৱনৰ উন্নয়নৰ সীমাৰেখা নিৰ্ধাৰণ কৰে। বিভিন্ন অঞ্চলৰ মানুহৰ কাৰ্যকলাপ, জীৱন – নিবাহ প্রক্রিয়া, ধর্ম, শিক্ষা, বেপাৰ, বাণিজ্য, সামাজিক প্রথা, জনপ্ৰবজন জনবসতি আদিৰ লগতে এইবোৰৰ লগত জড়িত আনুষাংগিক বিষয়সমূহে মানৱ ভূগোলে অধ্যয়ন কৰে।

১৪। প্রকৃতি কিদৰে মানৱ পৰিচালিত হয়?

উত্তৰঃ ভূগোল বিজ্ঞানৰ অধ্যয়নৰ ধাৰণা সময়ৰ পৰিবৰ্তনৰ লগে লগে ক্রমশঃ সলনি হৈ আহিছে । বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানুহক বহু দূৰলৈ আগুৱাই নিবলৈ সক্ষম হৈছে। যাৰ ফলত মানুহে প্রাকৃতিক আবেষ্টনিৰ পৰা নিজকে মুক্ত কৰি বিজ্ঞানৰ সহায়ত প্রতিকূল প্রাকৃতিক পৰিবেশক অনুকুল অৱস্থালৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে । প্ৰাকৃতিক পৰিবেশক আৱশ্যক অনুসৰি সাল-সলনি কৰা এই ধাৰণাটোক মানৱ ভূগোলত সাম্ভাব্যবাদ বুলি জনা যায় ।

১৫। এটা বিষয় হিচাপে ভূগোল বিজ্ঞানৰ বিচাৰ্য বিষয়বোৰ কি ?

উত্তৰঃ ভূগোল বিজ্ঞানৰ অধ্যয়নৰ পৰিসৰটো অতি ব্যাপক। গতিকে, ইয়াৰ বিচাৰ্য বিষয়সমূহো ব্যাপক পৰিসৰতে বিস্তৃত । পৃথিৱীৰ জন্মৰ ৰহস্যৰ সম্ভেদ দিয়াৰ পৰা পৃথিৱীত থকা স্থলভাগ, আৰু জলভাগৰ লগতে পৃথিৱীক আগুৰি থকা বায়ুমণ্ডলৰ বিষয়েও ভূগোল বিজ্ঞানত সূক্ষ্মভাৱে অধ্যয়ন কৰা হয় । ধৰাপৃষ্ঠত দেখিবলৈ পোৱা বিভিন্ন ধৰণৰ ভূ – প্রাকৃতিক অৱয়বৰ লগতে মানৱ সৃষ্ট বিভিন্ন অৱয়বসমূহৰ বিষয়েও সূক্ষ্ম ভাৱে অধ্যয়ন কৰা আৰু এইবোৰৰ কাৰণ আৰু ফলাফল বিশ্লেষণ কৰা ভূগোল বিজ্ঞানৰ মূখ্য আলোচ্য বিষয় হিচাপে বিবেচনা কৰা হৈছে। ইয়াৰ উপৰিও বৰ্তমান সময়ত ভূগোল বিজ্ঞানে পৃথিৱীৰ ভিন্‌ ভিন্‌ অৱয়ববোৰৰ স্থান, কাল, অৱস্থা আদিৰ বিষয়ে বিজ্ঞানসন্মত ভাৱে বিশ্লেষণ কৰি এইবোৰৰ সত্যতা নিৰূপণ কৰিছে । পৃথিৱীত বাস কৰা মানুহ আৰু বিভিন্ন ভৌগোলিক পৰিবেশৰ মাজত কেনেধৰণৰ সম্বন্ধ স্থাপন হৈছে সেই কথাও মানৱ ভূগোলৰ আলোচ্য বিষয় হিচাপে গণ্য কৰা হয় ।

দীঘল প্রশ্নোত্তৰ :

১৬। পৰিবেশ পৰিচালিত মানৱৰ ধাৰণাটো ব্যাখ্যা কৰা ।

উত্তৰঃ পৰিবেশ – পৰ্চিালিত মানৱৰ ধাৰণাটোক পাৰিপাৰ্শ্বিক নির্ণয়বাদ ( environmental determinism ) বুলি জনা যায়। এই ধাৰণাত বিশ্বাসী সকলৰ ভিতৰত ফ্ৰেডৰিক ৰাটজেল ৰবাৰ্ট মিল, ষ্ট্রের, হান্টিংটন মন্টেচকু, মেকিণ্ডাৰ, কান্ট আদি বিশেষভাৱে উল্লেখযোগ্য।

পাৰিপাৰ্শ্বিক নির্ণয়বাদ ধাৰণা অনুসৰি, জীৱজগত প্ৰাকৃতিক পৰিবেশৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আহিছে। প্ৰাকৃতিক পৰিবেশৰ ভিন্নতাৰ বাবেই পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্রিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় । প্ৰাকৃতিক পৰিবেশ মানে বন্ধুৰতা, জলবায়ু নদ-নদী . প্রাকৃতিক সম্পদ ইত্যাদি। কোনো এক অঞ্চলৰ উন্নতিৰ মূল হ’ল সেই অঞ্চলাৰ প্ৰাকৃতিক পৰিবেশ । অৰ্থাৎ কোনো এক অঞ্চলৰ মানুহৰ অর্থনৈতিক তথা সামাজিক কৰ্মৰাজি নিয়ন্ত্ৰণ কৰে সেই অঞ্চলৰ প্ৰাকৃতিক পৰিবেশে।

এৰিষ্টটলৰ মতে, এখন দেশৰ নাগৰিকসকলে উন্নতি কৰাৰ মূলতে সুন্দৰ প্ৰাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থা । প্রাকৃতিক পৰিৱেশৰ পৰা মানুহেই হওক বা অন্যান্য জীৱজন্তুৱেই হওক কোনো মুক্ত নহয় ৷ প্ৰাকৃতিক পৰিবেশৰ প্ৰভাৱতে মৌচুমী জলবায়ুৰ অন্তৰ্গত অঞ্চলৰ লোকসকলে সহজসাধ্য প্ৰণালীৰে কৃষিকাৰ্য্যৰ মাধ্যমেৰে জীৱিকা নিৰ্বাহ কৰাৰ বিপৰীতে শুকান মৰুময় অঞ্চলত থকা লোকসকলে অঘৰী বৃত্তিৰ অংশীদাৰ হ’ব লগাত পৰে ৷ সেইদৰে নৈ কাষৰীয়া অঞ্চলৰ মানুহে মৎস্য উৎপাদনক জীৱিকা হিচাপে লোৱাৰ বিপৰীতে পাহাৰীয়া অঞ্চলৰ লোকসকলে পশু – পালনক বৃত্তি হিচাপে গ্ৰহণ কৰা দেখা

Class 12 ভূগোল প্ৰশ্নউত্তৰ |

SL. NO.সূচী-পত্ৰ
Chapter 1মানৱ- ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্ৰাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যোগাযোগ
Chapter 9আন্তর্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যোগাযোগ ব্যবস্থা
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন, ভৌগোলিক দৃষ্টিপাত

১৭। মানৱ ভূগোলৰ পৰিসৰ সম্পৰ্কে এটি টোকা লিখা ।

উত্তৰঃ মানৱ ভূগোলৰ পৰিসৰ অতি ব্যাপক। মানুহৰ বাসস্থান হিচাপে ধৰাপৃষ্ঠৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে বায়ুমণ্ডলকো মানৱ ভূগোলৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰত অন্তৰ্গত কৰা হৈছে। মানৱ ভূগোল প্রাকৃতিক কাৰকৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল৷ কাৰণ, এই কাৰকসমূহে মানুহৰ কাৰ্য্যকলাপৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় । প্রাকৃতিক পৰিবেশক বাদ দি মানৱ সমাজবর্তি থাকিব নোৱাৰে। মানুহ আৰু ( প্ৰাকৃতিক পৰিবেশৰ মাজত গঢ়ি উঠা সম্পর্ক পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰূপত পোৱা যায় ৷ পৃথিৱীৰ বিভিন্ন অঞ্চলত বসবাস কৰা মানুহৰ বিভিন্ন প্রাকৃতিক পৰিৱেশত বিভিন্ন সমস্যাই দেখা দিয়ে। তেনে সমস্যাসমূহ বিভিন্ন কৌশলৰ সহায়ত সমাধান কৰাই মানৱ ভূগোলৰ অধ্যয়নৰ প্ৰধান উদ্দেশ্য।

প্রাকৃতিক পৰিবেশৰ দ্বাৰা মানুহৰ অৰ্থনৈতিক আৰু সামাজিক ক্রিয়াকলাপ প্রভাৱান্বিত হয়। এই বিষয়সমূহ মানৱ ভূগোলে যুক্তিসংগতভাৱে অধ্যয়ন কৰে। মানুহৰ ক্রিয়াকলাপ আৰু প্ৰাকৃতিক পৰিবেশৰ মাজৰ সম্পৰ্কই মানৱ ভূগোলৰ মূখ্য বিষয়বস্তু । এই বিষয়ে বিতংভাৱে জানিবলৈ মানুহৰ বিভিন্ন কার্য্যাবলী, জীৱন ধাৰণ প্ৰণালী, জীৱিকা, মানুহৰ বসতি, জনসংখ্যাৰ বিতৰণ আদিৰ বিষয়ে ব্যাপক অধ্যয়ন কৰাটো অপৰিহাৰ্য ৷ মানৱ ভূগোল হৈছে গতিশীল, মানুহ আৰু পৰিবৰ্তনশীল প্রাকৃতিক পৰিবেশৰ মাজৰ সম্পৰ্কৰ অধ্যয়ন । আৰু এই সম্পৰ্কৰ অধ্যয়নেই মানৱ ভূগোলৰ কেন্দ্ৰীয় পৰিসৰ ।

১৮। সময়ৰ সোঁতত মান ভূগোল কিদৰে আগবাঢ়িছে আলোচনা কৰা ।

উত্তৰঃ গতিশীল সময়ৰ লগে লগে ভূগোল বিজ্ঞানৰ অন্যান্য শাখাৰ লগতে মানৱ ভূগোলৰ অধ্যয়ন আৰু চিন্তা – চৰ্চাৰো যথেষ্ট পৰিৱৰ্তন ঘটিছে । প্ৰাকৃতিক পৰিবেশৰ ( লগত মানুহৰ অভিযোজন আৰু সমযোজন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰা মানৱ ভূগোলৰ আৰম্ভনি হোৱা বুলি অনুমান কৰিব পাৰি । সেয়েহে, মানৱ আৰু পৰিবেশৰ মাজত গঢ় লোৱা পৰিৱৰ্তনশীল সম্পৰ্কটোক কেন্দ্ৰ কৰি মানৱ ভূগোলৰ চৰ্চাৰো যুগানুক্রমিক পৰিৱৰ্তন হৈ আহিছে।

প্রাচীন কালত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মাজত পৰিবহণ আৰু যোগাযোগ ব্যবস্থা দুর্বল থকা হেতুকে এটা অঞ্চলৰ মানুহৰ আচাৰ ব্যৱহাৰ, ৰীতি-নীতি, ধ্যান ধাৰণাৰ বিষয়ে আন এটা অঞ্চলৰ মানুহে খুব কমেইহে জানিব পাৰিছিল । যেতিয়াৰ পৰা মানুহে পর্যটক হিচাপে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে আৰু আক্ৰমণকাৰীয়ে দিগ্বিজয়ৰ পাতনি মেলিবলৈ ল’লে সেই সময়ৰ পৰাই একাধিক অঞ্চলৰ মাজত সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ভাৱধাৰাৰ বিনিময় হৈছে ৷ উদাহৰণস্বৰূপে, আলেকজেণ্ডাৰৰ দিগ্বিজয়ৰ ফলস্বৰূপে গ্ৰীচ আৰু মধ্যপ্রাচ্যৰ লগত ভাৰতবৰ্ষৰ সাংস্কৃতিক যোগসূত্র স্থাপন হৈছিল ।

সেইদৰে, আলবেৰুণীয়ে ভাৰত ভ্ৰমণৰ অভিজ্ঞতাসমূহ সন্নিবিষ্ট কৰি কিতাব – অল – হিন্দ ৰচনা কৰিছিল আৰু হিউৱেন চ্যাঙে ভীৰতবৰ্ষ ভ্ৰমণ কৰি বিভিন্ন টোকা লিখি থৈ যোৱাৰ লগতে ‘চি-উ – কি’ গ্ৰন্থখনো লিখিছিল । পঞ্চদশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা পর্তুগাল, ফ্রান্স স্পেইন প্রভৃতি দেশসমূহৰ সামুদ্রিক অভিযানৰ ফলস্বৰূপে আমেৰিকা অষ্ট্রেলিয়া, এন্টার্কটিকা প্রভৃতি মহাদেশীয় ভূ ভাগৰ আৱিষ্কাৰ হয় । পৃথিৱীৰ প্ৰধান সমুদ্রপথবোৰ এনে অভিযানসমূহৰ ফলতেই আৱিষ্কাৰ হৈছিল। এনেবোৰ অভিযানৰ ফলতেই সদ্য আৱিষ্কৃত দেশ সম্বন্ধীয় ভৌগোলিক বিৱৰণ ৰচনাৰ পৰম্পৰা আৰম্ভ হয়। তদুপৰি সীমাবদ্ধ সম্পদত নিৰ্ভৰশীল হৈ থকা কেইবাখনো ইউৰোপীয় ৰাষ্ট্ৰই নতুনকৈ আবিষ্কাৰ হোৱা মহাদেশসমূহত ঔপনিৱেশ স্থাপন কৰি সম্পদ প্ৰকৰণ কাৰ্য্য আৰম্ভ কৰে। এনেদৰেই মানব ভূগোলৰ বিকাশৰ সূচনা হয়। শেহতীয়াভাৱে, বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ উন্নতিয়ে মানৱ ভূগোলৰ গতিধাৰাৰ উন্নতি আৰু বিকাশত যথেষ্ট অৰিহণা যোগাইছে।

তলত মানৱ ভূগোল পর্যায়ক্রমিক অগ্ৰগতিৰ এটি সমীক্ষা দাঙি ধৰা হ’ল

সময়বিষয়বস্তুৰ চিন্তাধাৰা
১। প্রাচীন যুগঅনুসন্ধান আৰু বৰ্ণনাত্মক
২। মধ্যযুগআঞ্চলিক বিশ্লেষণ পদ্ধতিৰ উদ্ভাৱন
৩। আধুনিক যুগ :x
(ক) ১৯২০-১৯৪০ চনলৈআঞ্চলিক বৈচিত্রায়ন
(খ) ১৯৫০ ৰ পৰা ১৯৭০ চনলৈক্ষেত্রীয় সংঘটন
(গ) ১৯৭০ ৰ পৰা ১৯৭৯ চনলৈমানৱতাবাদী, পৰিৱৰ্তনবাদী আৰু আচৰণাত্মক মতাদৰ্শৰ উত্থান
(খ) ১৯৯০ চনৰ পৰা বৰ্তমানলৈকেউত্তৰ আধুনিক ভূগোল

১৯। মানৱ ভূগোলৰ ক্ষেত্ৰ আৰু উপক্ষেত্ৰবোৰৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ মানৱ ভূগোলৰ অধ্যয়ন ক্ষেত্ৰখনত মানৱ জীৱনৰ লগত জড়িত সকলোধৰণৰ আর্থিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, বৌদ্ধিক আৰু জৈৱিক কাৰ্যসমূহৰ লগত এনেবোৰ মানৱীয় কাৰ্যৰ সংঘটনস্থলীৰ পাৰস্পৰিক সম্বন্ধৰ পৰ্যালোচনা কৰা ।

সেয়েহে মানৱ ভূগোল অধ্যয়ন পৰিক্ৰমাৰ লগত বিভিন্ন ধৰণৰ শৈক্ষিক আৰু প্রায়োগিক বিষয় জড়িত হৈ থকা দেখা যায়। বিশেষকৈ মানুহৰ কাম কাজৰ লগত জড়িত হোৱা হেতুকে মানৱ ভূগোলৰ অধ্যয়ন কাৰ্যৰ লগত সমাজ বিজ্ঞানৰ বিভিন্ন তত্ত্ব সূত্ৰ আৰু ব্যাখ্যা আদি পোনপটীয়াকৈ জড়িত থাকে। সেইদৰে সমৃদ্ধি লাভৰ উদ্দেশ্যে মানুহে হাতত লোৱা সম্পদ প্ৰকৰণৰ কাৰ্যসমূহ প্ৰাকৃতিক পৰিবেশৰ ওপৰত নিৰ্ভৰশীল। সেইবাবেই, ভৌতিক বিজ্ঞানকে ধৰি প্ৰাকৃতিক ভূগোল অনেক বিষয়বস্তু সম্পৰ্কীয় জ্ঞানসমূহ মানৱ ভূগোলৰ অধ্যয়নৰ প্ৰাথমিক উপকৰণ হৈ পৰিছে। তলত মানৱ ভূগোলৰ বিভিন্ন ক্ষেত্ৰ আৰু উপক্ষেত্ৰৰ তালিকা আগবঢ়োৱা হলঃ

২০। মানৱ ভূগোলৰ কল্যাণকামী মতাদৰ্শৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ কল্যাণকামী অথবা মানৱতাবাদী মতাদৰ্শৰ অনুগামীসকলে মানৱ ভূগোলৰ অধ্যয়ন ক্ষেত্ৰত সামাজিক কল্যাণ পৰিক্ৰমাৰ লগত প্ৰত্যক্ষভাৱে জড়িত গৃহসংস্থান, জনস্বাস্থ্য, শিক্ষা, মনৱ অধিকাৰ প্রভৃতি সমস্যাসমূহৰ প্ৰক্ষেপণ তথা ভৌগোলিক সমাধানৰ ওপৰত প্ৰাধান্য দিবলৈ লয় ।

২১। মানৱ ভূগোলৰ প্ৰচেষ্টা আৰু বিকাশ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা ।

উত্তৰঃ মানৱ ভূগোলে প্রাকৃতিক আৰু মানৱ সৃষ্ট পৰিৱেশৰ মাজত গঢ়ি উঠা আন্তঃসম্পর্ক মধ্যয়ন কৰে। পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ ঘাইকৈ মাটি, পানী, বায়ু আৰু জীৱ মণ্ডলীয় উপাদানসমূহৰ সংযোগ স্থান, কাল অনুসৰি ভিন ভিন ৰূপত গঢ় লয় । এনেবোৰ উপাদান পুষ্ট সামগ্ৰিক প্ৰাকৃতিক পৰিৱেশৰ পটভূমিত অঞ্চল বিশেষে ভিন ভিন লক্ষণৰ মানৱীয় কাম কাজৰ বিকাশ অথবা ৱিৰ্তন ঘটে। প্রাকৃতিক পৰিৱেশল সম্পদ আৰু সুবিধা অসুবিধাৰ লগত সম্পৰ্ক ৰক্ষা কৰিয়েই ঠায়ে ঠায়ে গাওঁ ভূঁই, চহৰ, উদ্যোগ, বাণিজ্য, পৰিবহণ প্রভৃতি নানাবিধ সাংস্কৃতিক অৱয়বে, মূৰ দাঙি উঠে।

আনহাতে, একেবোৰ সাংস্কৃতিক অৱয়ব আৰু এইবোৰৰ প্ৰকাৰ্যৰ পৰিণতি স্বৰূপে স্থানীয়, আঞ্চলিক অথবা গোলকীয় পৰিসৰত পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ ৰদ-বদল আৰম্ভ হয়।প্রাকৃতিক পৰিৱেশৰ এনেবোৰ মানৱ সদ্‌ভুত পৰিৱৰ্তনে ঘূৰি ঘূৰি মানুহৰ কৰ্ম কাওঁৰ ওপৰত নতুন এলানি প্ৰভাৱ আৰম্ভ কৰে। এনেদৰেই মানৱ আৰু পৰিৱেশৰ মাজত সম্পৰ্কৰ পৰিক্ৰমাটো ক্রমে জটিল আৰু বহুলন্তৰীয় হৈ গৈ থাকে ।

মানৱ সম্প্ৰদায়ৰ বৌদ্ধিক আৰু সামাজিক উন্নয়নৰ ঠিক সমান্তৰাল গতিত মানৱ আৰু ! পৰিৱেশৰ মাজত প্ৰতিষ্ঠিত সম্পৰ্কৰ ধাৰণাৰো পৰিৱৰ্তন ঘটি আহিছে। সেয়েহে মানৱ ভূগোল মধ্যয়নৰ গতিধাৰাত এতিয়ালৈকে ছটা কানুক্রমিক পর্যায় স্পষ্টৰূপত পোৱা যায়। বিষয়বস্তুৰ পৰিসৰ বৃদ্ধি আৰু ইয়াৰ লগে লগে ভূগোলৰ সামগ্রিক অধ্যয়ন ক্ষেত্ৰখনত ব্যাপক প্রণালীবন্ধন এটাৰ যুগ্ম প্রতিফলন হিচাপে মানৱ ভূগোলৰ অধ্যয়ন পৰিসৰতো বহুসংখ্যক ক্ষেত্র উপক্ষেত্ৰক আশ্ৰয় কৰি ভালেমান শাখা প্রশাখাই মূৰ দাঙি উঠিছে৷ এনেবোৰ শাখা প্রশাখাই আকৌ নিজ নিজ বিষয়বস্তুৰ লগত সাদৃশ্য থকা নির্বাচিত ভূগোলভিন্ন আন কিছুমান অধ্যয়ন ক্ষেত্ৰৰ লগত বিয়জনিত সম্পর্ক স্থাপন কৰি আহিছে ।

This Post Has One Comment

Leave a Reply