Assam Open School Psychology (328) Chapter-7 স্মৃতি আৰু বিস্মৃতি

Assam Open School Psychology (328) Chapter-7 স্মৃতি আৰু বিস্মৃতি মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। Assam Open School Psychology (328) Chapter-7 স্মৃতি আৰু বিস্মৃতি

Assam Open School Psychology (328) Chapter-7 স্মৃতি আৰু বিস্মৃতি

 7.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ : 

শুদ্ধ বিকল্প উত্তৰটো বিচাৰি উলিওৱা ঃ 

(১) স্মৃতি ….-স্তৰেৰে গঠিত। 

(ক) এটা 

(খ) দুটা 

(গ) তিনিটা

(ঘ) চাৰিটা

 উত্তৰঃ (গ) তিনিটা 

(২) চাক্ষুস-সংবেদনৰ অভিজ্ঞতা ইন্দ্ৰিয়গ্রাহ্য অভিজ্ঞানৰ পৰিসৰত কিমান সময় থাকে? 

(ক)প্রায় এক চেকেণ্ড 

(খ) কেইবা চেকেণ্ডৰ পৰা ১ মিনিটলৈ 

(গ) কেইবা মিনিট 

(ঘ) সাধাৰণতে এঘণ্টা বা তাতোকৈ অধিক 

উত্তৰঃ (খ) কেইবা চেকেণ্ডৰ পৰা ১ মিনিটলৈ 

(৩) স্মৃতি প্ৰক্ৰিয়াৰ আৰ্হি অনুসৰি তৎকালীনভাৱে লাভ কৰা ইন্দ্ৰিয়গ্রাহ্য অভিজ্ঞতা তৎকালীন স্মৃতি হ’বলৈ হ’লে— 

(ক) মনোযোগ দিব লাগিব 

(খ) সংৰক্ষিত হ’ব লাগিব 

(গ) বিস্তৃতভাৱে প্রক্রিয়াকৃত হ’ব লাগিব 

(ঘ) পুনঃস্মৰণ কৰিব লাগিব 

উত্তৰঃ (ক) মনোযোগ দিব লাগিব 

7.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

  বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ 

(১) সাধাৰণ পৰিস্থিতিত তৎকালীন স্মৃতিয়ে এটা সময়ত -টা বিষয়বস্তু ধৰি ৰাখিব পাৰে। 

(ক) প্রায় ২টা।

(খ) প্রায় ৭টা 

(গ) প্রায় ১৭টা 

(ঘ) প্রায় ১০০টা

উত্তৰঃ (খ) প্রায় ৭টা

 (২) তলত দিয়া কোনটো স্বতন্ত্র বিষয় হ্রস্বকালীন স্মৃতিৰ সংবাদ একক খণ্ড কৰাৰ বাবে কাম কৰিব? 

((ক))843348 

(খ) CKNUH 

(গ) I like you 

(ঘ) Mohan, river, bag 

উত্তৰঃ (গ) I like you

 (৩) ৰাধা আৰু নিছিয়ে একেলগে এটা পৰীক্ষাৰ বাবে অধ্যয়ন কৰি আছে। ৰাধাৰ অধ্যয়ন কৌশল হ’ল তাইবাৰে বাৰে পাঠ্যপুথিখন পঢ়িছে আৰু নিছিয়ে তাই পূৰ্বতে লাভ কৰা শিক্ষণ অভিজ্ঞতাৰ লগত সংযোজিত কৰিবলৈ চেষ্টা কৰি বিষয়বস্তুবোৰ বুজিবলৈ চেষ্টা কৰিছে। ফলাফল কি হ’ব পাৰে? 

(ক) ৰাধাই বেছি কথা মনত ৰাখিব পাৰিব 

(খ) ৰাধাই যি শিকিব সেয়া বহুত দিনলৈ মনত ৰাখিব পাৰিব।

(গ) নিছিৰ শিক্ষণ অভিজ্ঞতা খেলিমেলি হ’ব। 

(ঘ) নিছিয়ে বেছি ভালদৰে মনত ৰাখিব পাৰিব। 

উত্তৰঃ (ঘ) নিছিয়ে বেছি ভালদৰে মনত ৰাখিব 

পাৰিব। 

(৪) তুমি পাঠ্যপুথিৰ পাঠ এটা পঢ়োতে কোনটো কৌশলে পুনঃস্মৰণ কার্যত সহায় কৰিব ? 

(ক) তুমি শিকা বিষয়বস্তুৰ ওপৰত নিজকে প্রশ্ন কৰা। 

(খ) আনক প্রশ্ন শুধিবলৈ দিয়া ।

(গ) বিষয়বস্তুৰ গভীৰলৈ যোৱাৰ আগতে প্রত্যেকটো শব্দ মনোযোে চোৱা

(ঘ) বিষয়ৰ গভীবলৈ নোযোৱাকৈ সহজভাৱে থকা। 

উত্তৰঃ (ক) তুমি শিক্ষা বিষয়বস্তুৰ ওপৰত নিজকে প্রশ্ন কৰা। 

সমাপ্তিৰ অনুশীলনীৰ উত্তৰ :

 (১) মানুহৰ স্মৃতি প্ৰক্ৰিয়াৰ প্ৰধান ভাগসমূহ ব্যাখ্যা কৰা। 

উত্তৰঃ স্মৃতি এটি জটিল মানসিক শক্তি। ইয়াক বিশ্লেষণ কৰিলে ইয় ভিতৰত কেইটামান মানসিক প্রক্রিয়া সোমাই থকা দেখা যায়। যেনে –

(১) পঞ্জীয়ন বা শিক্ষণ, 

(২) সংৰক্ষণ, 

(৩) পুনঃস্মৰণ, 

(৪) প্রত্যভিজ্ঞা, 

(৫) স্থান কাল নির্দেশ, 

(৬) ব্যক্তিত্বৰ অভিন্নতা।

 (১) পঞ্জীয়ন : কোনো অভিজ্ঞতা লাভ নকৰাকৈ বা কোনো এটি বিয় নিশিকাকৈ সেই অভিজ্ঞতা পিছত মনত পেলোৱাটো অসম্ভৱ। কিয়নো কোনো কথা পিছত স্মৰণ কৰিবলৈ হ’লে সেই কথা আমি প্ৰথমতে শিকি মনৰ মাজত তাক মুদ্রিত কৰি ৰাখিব লাগিব। উদাহৰণস্বৰূপে এজন মানুহৰ কথা মনত পেলাবলৈ হ’লে হয় সেই মানুহজনক কেতিয়া বা দেখিব লাগিব নহয় তেওঁৰ বিষয়ে শুনিব লাগিব। অন্যথাই তেওঁৰ কথা মনত পেলোৱা সম্ভৱ নহয়। 

(২) সংৰক্ষণ বা ধাৰণা ঃ স্মৃতিৰ আন এটি ক্রিয়া সংৰক্ষণ। আমি জীৱনত বিভিন্ন বিষয়ৰ শিক্ষা লাভ কৰিয়েই ক্ষান্ত নাথাকো। সেই অভিজ্ঞতা আৰু শিক্ষাক মনৰ মাজত সযতনে সংৰক্ষণ কৰি ৰাখোঁ। বৰ্তমানত পোৱা অভিজ্ঞতাক সংৰক্ষা নকৰিলে ভৱিষ্যতে আমি তাক মনত পেলোৱাটো সম্ভৱপৰ নহয়। এই সংৰক্ষা কাৰ্যটি কেইটিমান কাৰণৰ ওপৰত নিৰ্ভৰশীল। যেনে – অভিজ্ঞতার প্রভাবেও সংৰক্ষণত সহায় কৰে।

 (৩) পুনঃস্মৰণঃ এসময়ত শিকা কোনো এটা কথা মস্তিস্কই সংৰক্ষণ কৰাৰ পাছত তাক স্মৰণ কৰাটোকে পুনঃস্মৰণ বা পুনৰুদ্ৰেক বোলা হয়। 

(৪) প্রত্যভিজ্ঞাঃ অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ হ’লেই স্মৰণ কাৰ্য সম্পূর্ণ হ’ল বুলি ধৰিব নোৱাৰি। সেই অভিজ্ঞতাৰ প্ৰতি ৰূপবিলাকক আমি পূর্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব পাৰিব লাগিব। এই চিনাক্তকৰণেই হ’ল প্রত্যভি জ্ঞা। এই কাৰ্য স্মৰণ কাৰ্যতকৈ সহজ আৰু চমু। কিন্তু প্রত্যভিজ্ঞা নাথাকিলে স্মৃতি সঠিক আৰু নির্ভুল হয়। 

(৫) স্থান-কাল নির্দেশ ঃ নির্ভুল স্মৃতিয়ে পূর্বৰ ঘটনাৰ পুনৰুদ্ৰেক কৰাৰ সময়ত স্থান আৰু কালৰ জ্ঞানদান কৰে। কাৰণ কোনো ঘটনা স্মৰণ কৰাৰ সময়ত যদি তাৰ স্থান আৰু সময় সম্পর্কে আমি নিশ্চিত হ’ব নোৱাৰো তেনে স্মৃতি কামত নেলাগে।

 (৬) ব্যক্তিত্বৰ অভিন্নতা ঃ পূৰ্বৰ অভিজ্ঞতা স্মৰণ কৰাৰ ক্ষেত্ৰত ব্যক্তিত্বৰ অভিন্নতা বিশেষভাৱে প্রয়োজন। 

(২) তৎকালীন স্মৃতিৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি ? উত্তৰ ঃ তৎকালীন স্মৃতি(STM)ত অভিজ্ঞতা আহৰণ আৰু তাৰ পুনঃস্মৰণৰ মাজত খুব কম সময়ৰ ব্যৱধান থাকে। অর্থাৎ কোনো কথা কাণেৰে শুনা বা চকুৰে দেখাৰ লগে লগে তাক পুনৰুদ্ৰেক কৰিব পৰা ক্ষমতাকে তৎকালীন স্মৃতি বুলি কোৱা হয়। স্কুলৰ শ্ৰুতলিপি লিখা সময়ত এই প্ৰকাৰৰ স্মৃতি সক্ৰিয় হয়। তৎকালীন স্মৃতি (STM)-ৰ তথ্য ধাৰণ কৰা সামর্থ্য একেবাৰে কম আৰু এই তথ্যসমূহ অতি কম সময়ৰ বাবেহে মনত থাকে। STM বা তৎকালীন স্মৃতিৰ তথ্যবোৰ সৰু সৰু আৰু তুলনামূলকভাৱে অসংগঠিত। STM বা তৎকালীন স্মৃতিৰ ক্ষেত্ৰত বিস্মৃতি সহজে ঘটে। নতুন অভিজ্ঞত বা তথ্য আহৰণৰ লগে লগে পুৰণি তথ্য মনৰ পৰা হেৰাই যায়। 

(৩) বিস্মৃতিৰ কাৰণবোৰ উল্লেখ কৰা। উত্তৰ ঃ অতীত অভিজ্ঞতাৰ স্মৰণ আৰু প্ৰত্যভিজ্ঞাৰ ক্ষেত্ৰত দেখা দিয়া ব্যর্থতাই হৈছে বিস্মৃতি বা পাহৰণি। শিক্ষাৰ পাছত সচৰাচৰ এই মানসিক অভিজ্ঞতা লাভ কৰা হয়। এই বিস্মৃতি কোনো সময়ত হয় অল্পকালীন, কোনো সয়মত দীর্ঘকালীন, কোনো সময়ত প্ৰত্যাশিত আৰু কোনো সময়ত হয় অপ্রত্যাশিত। 

সেইবাবে শিক্ষা অভিজ্ঞতা স্থায়ী বা অস্থায়ী আৰু ইচ্ছাকৃত বা অনিচ্ছাকৃতভাবে। চেতন মনৰ পৰা বিলুপ্ত হোৱাকৈ বিস্মৃতি বোলা হয়। স্মৃতি এক জটিল মানসিক প্রক্রিয়া বাবে যি কোনো ধৰণৰ যান্ত্ৰিক প্ৰক্ৰিয়াৰ সৈতে (যেনে— টেপ ৰেকৰ্ডাৰ, কম্পিউটাৰ) তুলনা কৰি ব্যাখ্যা কৰিব নোৱাৰি, এই স্মৃতি প্ৰক্ৰিয়াত আহৰণ কৰা জ্ঞান বা তথ্যসমূহ অবিকল ৰূপেই নহয় তাৰ সংশোধিত আৰু পৰিবৰ্ধিত ৰূপো সংৰক্ষিত হয়। আমি কেতিয়াবা Amnesia বা মস্তিস্কৰ আঘাতৰ ফলত স্মৃতি হেৰুৱাব পাৰো। কিন্তু মানুহে কিছুমান স্বাভাৱিক কাৰণতো পাহৰণিৰ কবলত পৰে। পুনঃস্মৰণ স্মৃতি আৰু বিস্মৃতি দুয়োটাই মানুহৰ মানসিক জীৱনৰ স্বাভাৱিক প্ৰক্ৰিয়া সি আমাৰ দৈনন্দিন জীৱনত ঘটি থকা ঘটনা বা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। 

স্মৃতি প্ৰক্ৰিয়াক ভালদৰে বুজিবলৈ আৰু ইয়াক অধিক কার্যকৰীভাৱে ব্যৱহাৰ কৰিবলৈ বিস্মৃতিৰ কাৰণসমূহ জনাটো প্রয়োজনীয়। তলত সংৰক্ষণ ক্ষমতাত বা স্মৃতি প্রক্রিয়াত প্ৰভাৱ পেলোৱা কিছুমান উপাদানৰ বিষয়ে আলোচনা কৰা হ’ল। 

(ক) যেনেদৰে ছবি এখনৰ ৰঙবোৰ সূৰ্যৰ পোহৰত স্মৃতি চাপৰসমূহৰ ক্ষয় ঃ 

লাহে লাহে পাতলীয়া হয়, ঠিক তেনেদৰে সময়ৰ লগে লগে বহুতো ঘটনাৰ স্মৃতি আণাৰ মনৰ পৰা লাহে লাহে অস্পষ্ট হৈ যায় আৰু এইটো স্বাভাৱিক প্রক্রিয়া। এই প্রক্রিয়াটো বহুতো মনোবৈজ্ঞানিকে বিস্মৃতিৰ এক স্বাভাৱিক কাৰণ বুলি উল্লেখ কৰিছে। কিন্তু এইটোত দেখা যায় যে মানুহে বৃদ্ধকালতো নিজৰ বাল্য অৱস্থাত ঘটা ঘটনাবোৰ বিশেষ কষ্ট নোহোৱাকৈ মনত পেলাব পাৰে সেইবাবে সময়ৰ ব্যৱধানক বিস্মৃতিৰ সাধাৰণ কাৰণ বুলি মানি ল’ব নোৱাৰি অৱশ্যে সংবেদনাত্মক স্মৃতিৰ ক্ষেত্ৰত সময়ৰ ব্যৱধানৰ বাবে হোৱা স্মৃতি চাপৰ অস্পষ্টতা এক উল্লেখযোগ্য কাৰণ বুলি ক’ব পাৰি, বিশেষকৈ STM হ্রস্বকালীন স্মৃতিৰ ক্ষেত্ৰত য’ত পুনৰ আলোচনাৰ সুবিধা নাথাকে।

 (খ) হস্তক্ষেপ বা প্ৰতিৰোধ ঃ আমি যিয়ে নিশিকো কিয় প্রত্যেকটো অভিজ্ঞতা আহৰণ আৰু এক বিশেষ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। আমি শিক্ষা আহৰণ ।

কৰো আৰু আৰু আহৰণ কৰা শিক্ষাৰ পৰিমাণ পূর্ব অভিজ্ঞতার ওপৰত নির্ভব কৰে। আমাৰ অভিজ্ঞতাবোৰ সাধাৰণতে এটা আনটোৰ লগত সম্পর্কিত আৰু ইটো অভিজ্ঞতাই আনটোক প্ৰভাৱান্বিত কৰে। যেতিয়া এনে ধৰণৰ অভিজ্ঞতাবোৰ আমাৰ বাবে প্ৰতিকূল হয় তেতিয়া ইয়াক আমি হস্তক্ষেপকাৰী বা প্ৰতিৰোধৰ অভিজ্ঞতা বুলি কওঁ । যেতিয়া পূৰ্বতে শিকা শিক্ষণ অক্ষিজ্ঞতাই নতুনকৈ শিকা বিষয়ৰৰ শিক্ষা আহৰণত বাধার সৃষ্টি করে সেই প্রক্রিয়াটোক পূৰ্বমুখী প্ৰতিৰোধ আৰু যেতিয়া পূৰ্বৰ শিক্ষণে নিতুন বিষয়ৰ শিক্ষা আহৰণত বাধাৰ সৃষ্টি কৰে, সেই প্রক্রিয়াটোক পশ্চাদমুখী প্ৰতিৰোধ বুলি কোৱা হয়। 

(গ) অভিৰোচনঃপ্রখ্যাত মনোবিজ্ঞানী ছিগমাণ্ড ফ্রয়েমতে অপ্রিয় অভিজ্ঞতা বিস্মৃতিৰ এক কাৰণ হ’ব পাৰে। আমি অপ্রিয় অভিজ্ঞতা মনত পেলাব নিবিচাৰো বাবে তেনেবোৰ অভিজ্ঞতা পাহৰি যাওঁ। অপ্রিয় অভিজ্ঞতাক আমি সচেতন মনলৈ আনিব নিবিচাৰো আৰু ইচ্ছাকৃতভাৱে অচেতন মনলৈ ঠেলি দিও। প্ৰয়েদে এই প্ৰক্ৰিয়াটোক অৱদমন বুলি কৈছে।। সাধাৰণ অভিজ্ঞতাৰ পৰা আমি ক’ব পাৰো যে বেয়া লগা অভিজ্ঞতাবোৰতকৈ ভাল লগা অভিজ্ঞতাবোৰ আমি বেছিকৈ মনত পেলাও বা সম্পূৰ্ণ হোৱা কামতকৈ অসম্পূর্ণ কামবোৰ আমাৰ মনলৈ বেছিকৈ আহে ৷ এই মানসিক প্রক্রিয়াটোক Zeigrnik effect বুলি জনা যায় । মানুহৰ জীৱনত মনৰ অৱস্থাৰ ভূমিকালৈ লক্ষ্য কৰিলে ক’ব পাৰি যে আমাৰ জীৱনত প্ৰভাৱান্বিত কৰা দিশবোৰে স্মৃতিশক্তি গঠনত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। 

 (ঘ) পুনঃস্মৰণ অক্ষমতা : সাধাৰণতে দেখা যায় যে বহুক্ষেত্ৰত বিস্মৃতি বিশেষকৈ দীৰ্ঘকালীন স্মৃতিৰ ক্ষেত্ৰত হোৱা বিস্মৃতিৰ এক মূল কাৰণ হ’ল পুনঃস্মৰণৰ সময়ত উপযুক্ত ইঙ্গিতৰ অভাৱ বা অনুপস্থিতি। অভিজ্ঞতা আহৰণৰ সময় বা পৰিস্থিতি আৰু পুনঃস্মৰণ সময় বা পৰিস্থিতিৰ আৰু শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক অৱস্থাৰ মাজত হোৱা পৰিৱৰ্তসমূহৰ বাবেও সাধাৰণতে পুনঃস্মৰণ আৰু স্মৃতিৰ পৰিমাণৰ পাৰ্থক্য ঘটে। সেইবাবে পৰীক্ষাৰৰ সময়ত কেতিয়াবা আমাৰ মনটো শূন্য বা একো মনত নপৰা হৈ যায় যাক আমি ‘blank out’ বুলি কওঁ। 

(৪) কিছুমান সাংকেতিক কৌশল ব্যৱহাৰ কৰি তোমাৰ অভিজ্ঞতাৰ বিষয়ে লিখা। 

উত্তৰ ঃ যেতিয়া আমি অৰ্থহীন বিষয়বস্তুৰ কথা মনত ৰাখিবলগীয়া হয় তেতিয়া মনত ৰখাৰ সুবিধাৰ বাবে এইবোৰ আমি অৰ্থপূৰ্ণভাৱে পুনৰ সংগঠিত বা সংযোজিত কৰি ল’ব পাৰো। পুনৰ সংগঠন বিভিন্ন ধৰণে হ’ব পাৰে। উদাহৰণস্বৰূপে মনত ৰখাৰ সুবিধাৰ বাবে এটা বাক্যৰ প্ৰতিটো শব্দৰ প্ৰতম আখৰটো মিলাই এটা সংক্ষিপ্ত শব্দ বনাইল’ব পাৰি যিয়ে সেই দীঘলীয়া বাক্যটো মনত পেলাওঁতে সূত্র হিচাবেকাম কৰিব। যেনে U.N.O, T.V. C.B.I, W.H.O ইত্যাদি। কোনো বিষয়বস্তুৰ ব্যাখ্যা কৰোতে অতিৰিক্ত তথ্য, চিহ্ন, চিত্র ইত্যাদি সংযোজন কৰি গ’লে বিষয়বস্তুৰ পুনঃস্মৰণ স্পষ্ট আৰু সুনির্দিষ্ট হৈ পৰিব। খণ্ড কৰি লোৱা পুনৰ সংগঠনৰ এক সুন্দৰ উদাহৰণ । দীঘলীয়া সংখ্যাটো মনত ৰখাটো উজু কৰিবলৈ আমি নিজস্ব সৃষ্টিশীল কৌশল খটাই ভাগ ভাগ কৰি ল’ব পাৰো। বিৱৰণমূলক বিষয়বস্তুক পুনৰ সংগঠন কৰিবলৈ আইম একোটা গল্পত বহুতো চৰিত্ৰ বা বিষয়বস্তু সংযোজন ঘটাই নতুনকৈ তৈয়াৰ কৰি ল’ব পাৰো।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 2 Comments

Leave a Reply