Assam Open School Psychology (328) Chapter-6 শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণ

Assam Open School Psychology (328) Chapter-6 শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। Assam Open School Psychology (328) Chapter-6 শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণ

Assam Open School Psychology (328) Chapter-6 শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণ

6.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ 

(১) খালী ঠাই পূৰণ কৰা ঃ

শিক্ষণ হ’ল:—আৰু…….ফলত –– হোৱা পৰিৱৰ্তন।

উত্তৰ ঃ শিক্ষণ হ’ল আপেক্ষিকভাৱে স্থায়ী আচৰণ, অনুশীলন আৰু অভিজ্ঞতাৰ ফলত হোৱা পৰিৱৰ্তন।

(২) তলত উল্লেখ কৰা শিক্ষণৰ বৈশিষ্ট্যসমূহ শুদ্ধ নে অশুদ্ধ লিখা। 

(ক) শিক্ষণ অবিৰত প্রক্রিয়া নহয়। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

(খ) শিক্ষণে পাৰদৰ্শিতাৰ উন্নতি সাধন কৰে। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

(গ) শিক্ষণ এক ক্রমান্বয়ে হোৱা প্রক্রিয়া। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

(ঘ) পৰিপক্কতা আৰু ক্লান্তিৰ ফলত হোৱা আচৰণৰ পৰিৱৰ্তনক শিক্ষণ বোলে। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

6.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

খালী ঠাই পূৰণ কৰা ঃ

(ক) পৰিপক্কতই শিক্ষণৰ ……..সৃষ্টি কৰে।

উত্তৰঃপৰিপক্কতই শিক্ষণৰ প্ৰস্তুতি সৃষ্টি কৰে।

(খ) পৰিপক্কতা নোহোৱাকৈ……..হ’ব নোৱাৰে।

উত্তৰঃপৰিপক্কতা নোহোৱাকৈ শিক্ষণ হ’ব নোৱাৰে।

(গ) শিক্ষণ হ’বলৈ…… আৰু অভিজ্ঞতাৰ প্ৰয়োজন।

উত্তৰ ঃ শিক্ষণ হ’বলৈ অনুশীলন আৰু অভিজ্ঞতাৰ প্ৰয়োজন।

(ঘ) জ্ঞানেন্দ্ৰিয়ৰ পেশী বা গ্ৰন্থিৰ……ফলস্বৰূপে…… আৰু……. প্রতিক্রিয়াই হ’ল প্ৰতিৱৰ্তী ক্রিয়া।

উত্তৰঃ জ্ঞানেন্দ্ৰিয়ৰ পেশী বা গ্ৰন্থিৰ পৰিপক্কতাৰ ফলস্বৰূপে শিক্ষণ আৰু …….. প্রতিক্রিয়াই হ’ল প্রতিৱৰ্তী ক্রিয়া ।

6.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

(১) তলত দিয়াবোৰ সজাই লিখা :

(i) পৰম্পৰাগত অনুবন্ধন(i) বি.এফ. স্কিনাৰ
(ii) কার্যকাৰক অনুবন্ধন(ii) আইভান পেডলঙ্
(iii) পেশী সঞ্চালন শিক্ষণ(iii) শব্দ, বাক্যৰ সহায়ত ধাৰণা গঠন
(iv) কথোপকথন শিক্ষণ(iv) সামাজিকভাৱে গ্রহণযোগ্য আচৰণ গঠন
(v) ধাৰণা গঠনৰ শিক্ষণ(v) পেশী সঞ্চালন
(vi) সামাজিক শিক্ষণ(vi) একে ধৰণৰ বৈশিষ্ট্য অনুযায়ী বস্তুৰ শ্রেণী বিভাজন

উত্তৰ:

(i) পৰম্পৰাগত অনুবন্ধন(ii) আইভান পেভলঙ্
(ii) কার্যকাৰক অনুবন্ধন(i) বি.এফ. স্কিনাৰ
(iii) পেশী সঞ্চালন শিক্ষণ(v) পেশী সঞ্চালন
(iv) কথোপকথন শিক্ষণ(iii) শব্দ, বাক্যৰ সহায়ত ধাৰণা গঠন
(v) ধাৰণা গঠনৰ শিক্ষণ(vi) একে ধৰণৰ বৈশিষ্ট্য অনুযায়ী বস্তুৰ শ্রেণী বিভাজন
(vi) সামাজিক শিক্ষণ(iv) সামাজিকভাৱে গ্রহণযোগ্য আচৰণ গঠন

6.4. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ :

(১) খালী ঠাই পূৰণ কৰা ঃ

(ক) শিক্ষণৰ বক্ৰৰেখাই কেনেদৰে সময়ে সময়ে…….সময়ত শিক্ষণৰ……ৰ পৰিবৰ্তন হয় তাক দেখুৱায়।

উত্তৰ ঃ শিক্ষণৰ বক্ৰৰেখাই কেনেদৰে সময়ে সময়ে পাৰদৰ্শিতা সময়ত শিক্ষণৰ শিক্ষণৰ পৰিৱৰ্তন হয় তাক দেখুৱায়।

(খ) শিক্ষণৰ বক্ৰৰেখাই হ’ল…… যাক…… আৰু …….দেখুৱাবলৈ অঙ্কন কৰা হয়।

উত্তৰ ঃ শিক্ষণৰ বক্ৰৰেখাইহ’ল লেখাচিত্র যাক অনুশীলী আৰু শিক্ষণ আহৰণৰ পৰমাণ দেখুৱাবলৈ অঙ্কন কৰা হয়।

(২) তলত দিয়া বাক্যবোৰৰ সত্যাসত্য নির্ণয় কৰা ঃ

(ক) শিক্ষণ ৰেখাৰ X- অক্ষৰেখাত প্ৰচেষ্টাৰ পৰিমাণৰ একক উপস্থাপন কৰা হয়। (সত/অসত্য)

উত্তৰঃ সত্য।

(খ) অনুশীলনৰ বাবে শিক্ষণৰ গতিৰ পৰিমাণৰ পৰিৱৰ্তন হয়। (সত/অসত্য)

উত্তৰঃ সত্য।

(গ) কোনো কাৰ্যৰ পাৰদৰ্শিতাই শিক্ষণক নুবুজায়। (সত/অসত্য)

উত্তৰঃ অসত্য।

6.5. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

(১) শিক্ষণত প্ৰভাৱ পেলোৱা কাৰকসমূহ :

(ক)

(খ) 

(গ)

(ঘ)

উত্তৰঃ (ক) পূর্বানুমান বা ফলাফলৰ জ্ঞান

(খ) অনুশীলনৰ বিতৰণ

(গ) অর্থপূর্ণতা

(ঘ) অভিৰোচন

(২) তলত দিয়াবোৰ মিলাই লিখাঃ

(ক) পুর্বানুবৃত্তি(খ) অনুশীলনৰ পৰিমাণ নিৰ্ধাৰণ (গ) সামগ্ৰিক আৰু খণ্ড পদ্ধতিৰ শিক্ষণ (ঘ) শিক্ষণীয় বিষয়ৰ অৰ্থপূৰ্ণতা(i) অনুশীলনৰ সময়ৰ দীৰ্ঘত্ব (ii) শিক্ষণীয় বিষয়বস্তুৰ দীৰ্ঘতা(iii) ফলাফলৰ জ্ঞান(iv) দ্ৰুত আৰু সু-শিক্ষণ।

উত্তৰ: 

(ক) পুর্বানুবৃত্তি(খ) অনুশীলনৰ পৰিমাণ নিৰ্ধাৰণ (গ) সামগ্ৰিক আৰু খণ্ড পদ্ধতিৰ শিক্ষণ (ঘ) শিক্ষণীয় বিষয়ৰ অৰ্থপূৰ্ণতা(iii) ফলাফলৰ জ্ঞান(i) অনুশীলনৰ সময়ৰ দীৰ্ঘত্ব(ii) শিক্ষণীয় বিষয়বস্তুৰ দীৰ্ঘতা(iv) দ্ৰুত আৰু সু-শিক্ষণ।

(৩) তলত দিয়া বাক্যবোৰৰ বাবে সঁচা/মিছা লিখা।

(ক) যদিহে এজন ব্যক্তিৰ শিকিবলৈ আগ্ৰহী হয় তেতিয়াহ’লৈ শিক্ষণ কার্য দীঘলীয়া হয়। সঁচা/মিছা

উত্তৰঃ মিছা।

(খ) অভিৰোচনে এজন ব্যক্তিৰ শিক্ষণক সু-শিক্ষণ কৰি তোলে। সঁচা/মিছা

উত্তৰঃ সঁচা।

(গ) শিক্ষণ কার্যত পুৰস্কাৰ আৰু শাস্তিৰ আৱশ্যকতা নাই। সঁচা/মিছা

উত্তৰঃ সঁচা।

(ঘ) প্রাথমিক অনুপ্ৰেৰণাবোৰ শিক্ষালব্ধ। সঁচা/মিছা

উত্তৰঃ মিছা।

(ঙ) শাস্তি এবিধ সু-অনুপ্ৰেৰক। সঁচা/মিছা

উত্তৰ ঃ মিছা

(চ) শাস্তি আৰু পুৰস্কাৰ অনুবন্ধন কার্যত ব্যৱহাৰ হয়। সঁচা/মিছা

উত্তৰ: সঁচা। 

6.6. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰঃ

(১) শিক্ষণৰ স্থানান্তৰ বুলিলে কি বুজা?

উত্তৰঃ শিক্ষণৰ স্থানান্তকৰণ বুলিলে পূৰ্বৰ শিক্ষণ অভিজ্ঞতাই আন এটা বিষয়ৰ শিক্ষা আহৰণ প্ৰভাৱান্বিত কৰা প্ৰক্ৰিয়াক বুজায়।

(২) ধনাত্মক, ঋণাত্মক আৰু শূন্য স্থানান্তৰৰ একোটাকৈ উদাহৰণ দিয়া।

উত্তৰ : (ক) ছবি আঁকিবলৈ শিকা কার্যই (লিখা কার্যক) লিখিবলৈ শিকা কাৰ্যক সহায় কৰে— ইতিবাচক বা ধনাত্মক স্থানান্তৰ।

(খ) বাওঁফালে চালকৰ আসন থক গাড়ী চলাবলৈ শিকা কার্যই সোঁফালে চালকৰ আসন থকা গাড়ী চলাবলৈ শিকোতে বাধাৰ সৃষ্টি কৰে– নেতিবাচক বা ঋণাতমক স্থানাস্তব।

(গ) ফুটবল খেলিবলৈ শিকাৰ অভিজ্ঞতাই ৰচনা লিখিবলৈ শিকা কার্যত কোনো প্ৰভাৱ নেপেলায় — শূণ্য স্থানান্তৰ।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ

তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া : 

(১) শিক্ষণ প্রক্রিয়া কেনেদৰে হয়?

উত্তৰঃ এটি শিশুৱে জুইয়ে পোৰৰ অভিজ্ঞতা পোৱাৰ পিছত জুই বা জ্বলি বস্তুক ভয় কৰিলে আমি ক’ব পাৰো যে শিশুটিয়ে অভিজ্ঞতাৰ পৰা শিক্ষা লাভ কৰিছে। শিক্ষণ হৈছে এনে এটি প্রক্রিয়া যাৰ জৰিয়তে আচৰণত বিশেষ কিছুমান পরিবর্তন বা সংশোধন সংঘটিত হয়। ‘আচৰণ’ শব্দটোৱে যাৰ জৰিয়তে আচৰণত বিশেষ কিছুমান পৰিৱৰ্তন বা সংশোধন এক সংযোজিত কাৰ্যক বুজায়।

শিক্ষণৰ সংজ্ঞা দিবলৈ হ’লে ক’ব পাৰে যে শিক্ষণ হৈছে এনে এটি প্রক্রিয়া যাৰ দ্বাৰা অভিজ্ঞতা আৰু প্ৰচেষ্টাৰ ফলস্বৰূপে স্থায়ী বা অস্থায়ীভাৱে যি কোনো

ধৰণৰ আচৰণ পৰিৱৰ্তন সাধন হয়। শিক্ষণ হৈছে অভিজ্ঞতা বা অনুশীলনৰ দ্বাৰা স্থা বা অস্থায়ীভাৱে হোৱা আচৰণৰ সলনি হোৱা কাৰ্য প্রক্রিয়া। এই সংজ্ঞাটির তিনিটা গুৰুত্বপূৰ্ণ উপাদান আছে।

(ক) শিক্ষণে আচৰণৰ ভাল বা বেয়া দুয়ো দিশ পৰিৱৰ্তনক বুজায়। 

(খ) শিক্ষণে অভিজ্ঞতা বা অনুশীলনৰ ফলত হোৱা পৰিৱৰ্তনক সূচায়। সেয়েহে শিক্ষণে পাৰদৰ্শিতাৰে উন্নতি সাধনত সহায় কৰে। শিক্ষণে স্বাভাৱিককতে, পৰিপক্কতা, ক্লান্তি, আঘাত ইত্যাদিৰ ফলত আচৰণত হোৱা পৰিৱৰ্তনক সাঙুলি লয়।

(গ) আচৰণৰ পৰিৱৰ্তন শিক্ষণ হ’বলৈ হ’লে এই পৰিৱৰ্তনে ব্যক্তিৰ আচৰত এক স্থায়ী পৰিৱৰ্তন সংঘটিত কৰিব পাৰিব লাগিব। উদাহৰণস্বৰূপে এজন ব্যক্তিয়ে যদি চাইকেল চলাবলৈ শিকে তেতিয়াহ’লে তেওঁ তাক কেতিয়াও সম্পূৰ্ণৰূপে পাহৰি নাযায়। 

(২) পার্থক্য লিখা :

(i) শিক্ষণ আৰু পৰিপক্কতা

উত্তৰ ঃ শিক্ষণ নিৰ্দিষ্ট উদ্দীপকৰ দ্বাৰা সুচিন্তিত বা সুপৰিকল্পিতভাৱে দেখুওৱা প্রতিক্রিয়া। শিক্ষক সেয়েহে পৰিপক্কতা, প্রতিবর্ত ক্রিয়া, প্ৰবৃত্তিগত ক্রিয়া ইত্যাদিৰ পৰা পৃথক ক্রিয়া হিচাপে ধৰাটো প্ৰয়োজনীয়।

যেতিয়ালৈকে এটি শিশুৰ ভৰিৰ শিশুটিৰ দেহৰ ওজন কঢ়িয়াব পৰাকৈ পেশীসমূহ শক্তিশালী নহয় তেতিয়ালৈকে শিশুটিয়ে খোজ কাঢ়িবলৈ শিকিব নোৱাৰে। ইয়াৰ দ্বাৰা এইটো বুজিব পাৰি যে শাৰীৰিক বা মানসিক পৰিপতাই শিক্ষণ কাৰ্যৰ বাবে প্রস্তুতি আনি দিয়ে।

শিক্ষণ আৰু পৰিপক্কতা দুয়োটাৰ ফলত আচৰণৰ পৰিবৰ্তন সাধন হয়। কেতিয়াবা আচৰণৰ পৰিবৰ্তনত কোনটোৰ প্ৰভাৱ অধিক ডাক নিৰ্ধাৰণ কৰাটো জটিল হৈ পৰে। পৰিপক্কতাক স্বাভাবিকবাৱে বয়স বঢ়াৰ লগে লগে স্নায়ুতন্ত্র আৰু পেশীয় বিকাশ প্ৰক্ৰিয়াৰ ফলত হোৱা বিকাশ আৰু উন্নতি বুলি ক’ব পাৰি, আনহাতে শিক্ষণ হ’ল সুপৰিকল্পিতভাৱে উদ্দিপীত পৰিস্থিতিৰ ফল। ক্ৰিয়াৰ ফলত হোৱা আচৰণৰ পৰিৱৰ্তনসমূহে শিক্ষণক নুবুজায়। উদাহৰণস্বৰূপে চৰাইয়ে বাঁহ সজাটো (বা সাজিবলৈ জনাটো) প্রবৃত্তিজনিত আচৰণ। প্রত্যেক জীৱ-জন্তুৱে জীয়াই থাকিবৰ বাবে প্ৰয়োজন হোৱা প্ৰবৃত্তিজনিত আচৰণ জন্মগতভাৱে থাকে। প্ৰতিৱৰ্ত ক্ৰিয়া জীৱৰ জ্ঞানেন্দ্ৰিয়ৰ পেশী বা গ্ৰন্থিসমূহৰ উদ্দীপনাৰ ফলস্বৰূপে হোৱা প্ৰত্যক্ষ, স্বয়ংক্রিয় আৰু তাৎক্ষণিক ক্ৰিয়া। উদাহৰণ স্বৰূপে ব্যক্তিৰ চকুৰ সন্মুখত হঠাতে কোনো বস্তুৰ লৰচৰৰ ফলত চকু পিৰিকিওৱা কাৰ্য। এনে ধৰণৰ কার্য ক্ষমতা জীৱই জন্মগতভাৱে পায় এইবোৰ শিক্ষণ বা অনুশীলনৰ দ্বাৰা আহৰণ কৰা ক্ষমতা নহয় । অৱশ্যে প্রবৃত্তিজনিত আচৰণক শিক্ষণৰ দ্বাৰা সংশোধন কৰিব পাৰি।

(ii) শিক্ষণ, প্রতিবর্ত ক্রিয়া আৰু প্ৰবৃত্তি

উত্তৰ ঃ শিক্ষণ আৰু পৰিপক্কতা দুয়োটাৰ ফলত আচৰণৰ পৰিৱৰ্তন সাধন হয়। কেতিয়াবা আচৰণৰ পৰিৱৰ্তনত কোনটোৰ প্ৰভাৱ অধিক তাক নিৰ্ধাৰণ কৰাটো জটিল হৈ পৰে। পৰিপক্কতাক স্বাভাৱিকবাৱে বয়স বঢ়াৰ লগে লগে স্নায়ুতন্ত্ৰ আৰু পেশীয় বিকাশ প্ৰক্ৰিয়াৰ ফলত হোৱা বিকাশ আৰু উন্নতি বুলি ক’ব পাৰি, আনহাতে শিক্ষণ হ’ল সুপৰিকল্পিতভাৱে উদ্দিপীত পৰিস্থিতিৰ ফল। ক্ৰিয়াৰ ফলত হোৱা আচৰণৰ পৰিৱৰ্তনসমূহে শিক্ষণক নুবুজায়। উদাহৰণস্বৰূপে চৰাইয়ে বাঁহ সজাটো (বা সাজিবলৈ জনাটো) প্ৰবৃত্তিজনিত আচৰণ। প্রত্যেক জীৱ-জন্তুৱে জীয়াই থাকিবৰ বাবে প্ৰয়োজন হোৱা প্ৰবৃত্তিজনিত আচৰণ জন্মগতভাৱে থাকে। প্রতিৱর্ত ক্ৰিয়া জীৱৰ জ্ঞানেন্দ্ৰিয়ৰ পেশী বা গ্রন্থিসমূহৰ উদ্দীপনাৰ ফলস্বৰূপে হোৱা প্ৰত্যক্ষ, স্বয়ংক্রিয় আৰু তাৎক্ষণিক ক্রিয়া। উদাহৰণ স্বৰূপে ব্যক্তিৰ চকুৰ সন্মুখত হঠাতে কোনো বস্তুৰ লৰচৰৰ ফলত চকু পিৰিকিওৱা কার্য। এনে ধৰণৰ কাৰ্য ক্ষমতা জীৱই জন্মগতভাৱে পায় এইবোৰ শিক্ষণ বা অনুশীলনৰ দ্বাৰা আহৰণ কৰা ক্ষমতা নহয়। অৱশ্যে প্রবৃত্তিজনিত আচৰণক শিক্ষণৰ দ্বাৰা সংশোধন কৰিব পাৰি।

(৩) অনুবন্ধনৰ দুটা প্রধান ভাগ কি কি?

উত্তৰ : পৰম্পৰাগত অনুবন্ধনবাদ আৰু কাৰ্যকাৰক অনুবন্ধন 

(৪) শিক্ষণৰ কোনটো কাৰকে শিক্ষণ কার্যক আটাইতকৈ বেছি প্ৰভাৱান্বিত কৰে আৰু কেনেকৈ?

উত্তৰ ঃ শিক্ষণ কার্যক কিছুমান কাৰকে প্ৰভাৱান্বিত কৰে। ইয়াৰ ভিতৰত পূনবসন বা সবলিতকৰণ কাৰকে বেছিকৈ প্ৰভাৱান্বিত কৰে।

অনুপ্ৰেৰণাৰ যোগেদি প্রতিক্রিয়া শক্তিশালী কৰিবলৈ বা শিক্ষণৰ বাবে অভিৰোচনৰ প্ৰয়োজন আৰু অনুপ্ৰেৰণা হ’ল এনে এক দিশ যিয়ে প্রতিক্রিয়াক সুদৃঢ় বা স্থায়ী কৰে আৰু আশানুৰূপভাৱে অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ সম্বানাক বঢ়াই তোলে। কোনো কাৰ্যৰ বাবে দিয়া পুৰস্কাৰ এই অনুপ্ৰেৰণাৰ এক সুন্দৰ উদাহৰণ। অনুপ্ৰেৰণাক শিক্ষণ কাৰ্যৰ চাবিকাঠী বুলিব পাৰি। যদিহে সঠিক সময়ত সঠিক ৰূপত সবলিতকৰণ কৰা নহয় তেতিয়াহ’লে শিক্ষণ কার্যৰ অগ্ৰগতিৰ আশানুৰূপ নহয়। অনুপ্ৰেৰণা অবিহনে কোনো ধৰণৰ নিৰীক্ষণযোগ্য শিক্ষণৰ অগ্ৰগতি নহয়। সবলিতকৰণক দুই ভাগত ভগাব পাৰি। যেনে— প্রাথমিক সবলিতকৰণ আৰু গৌণ সবলিতকৰণ।

সবলিতকৰণৰ উৎসবোৰক সবলিতকাৰক বুলি কোৱা হয়।

(ক) প্রাথমিক সৰ্বলিতকৰণঃ স্বাভাৱিক বা স্বতঃস্ফূর্তভাৱে পুনর্বসন যোগাব পৰা পুনৰ্বসনৰ কাৰক বা উদ্দীপকবোৰক প্ৰাথমিক পুনর্বসন বুলি কোৱা হয়। প্রাথমিক বসলিতকাৰকবোৰে স্বাভাৱিক বা স্বতঃস্ফূর্তভাৱে অনুপ্ৰেৰণা যোগায়। যেনে— এটি ভোকাতুৰ প্ৰাণীৰ বাবে ‘খাদ্য’ প্রাথমিক সবলিতকাৰক।

(খ) আনহাতে সামান্য বসলিতকাৰকবোৰক প্ৰয়োজনীয় প্রতিক্রিয়া সৃষ্টি কৰাৰ বাবে কৃত্রিমবাৱে পৰিবেশ সৃষ্টি কৰি অনুবদ্ধিত কৰি লোৱা হয়। সামান্য বসলিতকাৰকবোৰক ব্যৱহাৰ কৰোতে ইয়াক উপযুক্তভাৱে প্ৰাথমিক সবলিতকাৰকৰ লগত যুদ্ধ বা সম্বন্ধিত কৰি ল’ব লাগে আৰু এই সম্বন্ধিত কৰা কাৰ্যৰ ওপৰতে সামান্য সবলিতকাৰক ব্যৱহাৰৰ কৃতকার্য নিৰ্ভৰ কৰে।

(৫) আমাৰ দৈনন্দিন জীৱনত শিক্ষণৰ স্থানান্তৰৰ আৱশ্যকতা কি?

উত্তৰঃ কোনো এক পৰিস্থিতিত আহৰণ কৰা জ্ঞান, কৌশল, অভ্যাস, মনোভাৱ বা প্রৱণতা বা অন্যান্য শিক্ষালব্ধ প্রতিক্রিয়া বা আচৰণ অন্য এক পৰিস্থিতিৰ শিক্ষণৰ বাবে বা সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৱহৃত হয় আৰু ই বিশেষভাৱে সহায়ক হয় তেতিয়া তাক শিক্ষাৰ স্থানান্তকৰণ বুলি কোৱা হয়। উদাহৰণস্বৰূপে এজন চাইকেল চলাব জনা ব্যক্তিয়ে সহজে স্কুটাৰ চলোৱা শিকিব পাৰে। অৰ্থাৎ কোনো এটা কামৰ শিক্ষণ অভিজ্ঞতাই আন আন কাৰ্যৰ শিক্ষণৰ পাৰদৰ্শিতাৰ উন্নতি সাধনত সহায় কৰে। এজন ব্যক্তিৰ দৈনন্দিন জীৱনত বস্তু চিনাক্তকৰণ কৰি উলিয়াব পৰা শক্তি, সম্বন্ধ বিচাৰি উলিওৱাৰ সামৰ্থ আৰু অভিজ্ঞতাৰ সহায়ত ধাৰণা গঠনৰ সামৰ্থক শিক্ষাৰ স্থানান্তকৰণে সহজ কৰি তোলে। শিক্ষণৰ স্থানান্তৰকৰণে অকল বৌদ্ধিক কার্যকলাপ বা জটিল ধৰণৰ পেশী সঞ্চালনাতহে যে সহায় কৰে তেনে নহয় ই আৱেগিক প্ৰক্ৰিয়া আৰু মনোভাৱ ইত্যাদি গঢ়ি তোলাতো সহায় কৰে।

শিক্ষাৰ স্থানান্তৰকৰণ নঘটিলে আমাৰ জীৱনটো আমাৰ বাবে জটিল হৈ পৰিলেহেঁতেন কাৰণ আমি জীৱনত কৰিবলগা সকলোবোৰ কামকেই নতুনকৈ শিকি ল’ব লগা হ’লহেঁতেন।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 3 Comments

Leave a Reply