Assam Open School Psychology (328) Chapter-4 আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতা

Assam Open School Psychology (328) Chapter-4 আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতা মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। Assam Open School Psychology (328) Chapter-4 আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতা

Assam Open School Psychology (328) Chapter-4 আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতা

4.1. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰঃ

শুদ্ধ বিকল্প পচন্দ কৰাঃ

১। শৰীৰৰ আভ্যন্তৰীণ অংশৰ পৰা বাতৰি সংগ্ৰহত কোনটো জ্ঞানেন্দ্রিয় জড়িত নহয় ?

(ক) অনুভৱমূলক

(খ) সংকীর্ণ প্ৰৱেশক

(গ) সোৱাদ বা স্বাদ

(ঘ) প্ৰ’পাইয় চেপচন

উত্তৰঃ (গ) সোৱাদ বা স্বাদ

২। মানুহৰ ………. বিধ ইন্দ্ৰিয় আছে।

(ক) 10

(খ) 5

(গ) 7

(ঘ) 8

উত্তৰঃ (ক) 10

৩। যিটো প্ৰক্ৰিয়াৰে শাৰীৰিক উদ্দীপক স্নায়বিক সংকেতলৈ ৰূপান্তৰিত হয় সেই প্রক্রিয়াটোক কোৱা হয়—

(ক) প্ৰেৰণ

(খ) ৰূপান্তৰ

(গ) পৰিচালন

(ঘ) সংকেত প্রদান

উত্তৰঃ (গ) পৰিচালন

4.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

শুদ্ধ বিকল্প পচন্দ কৰি লোৱা 

১। বিভিন্ন ইন্দ্ৰিয়ৰ মাজত ……. এ অতি গুৰুত্বপূৰ্ণ আৰু নিয়ন্ত্ৰণী গুণৰ অৱস্থা অধিকাৰ কৰি আছে।

(ক) কাণ

(খ) চকু

(গ) অর্ধগোলাকাৰ নলাবোৰে

(ঘ) জিভা

উত্তৰঃ (খ) চকু

২। চাৰিটা ইন্দ্ৰিয়ৰ উপযুক্ত উদ্দীপক তলত দিয়া হ’ল। সেই উদ্দীপকটো বাচি উলিওৱা যিটো ইন্দ্ৰিয়ৰ বাবে উপযুক্ত নহয়।

(ক) দৃষ্টি পোহৰ

(খ) শ্রবণ শব্দ

(গ) স্পর্শ – বাসায়নিক দ্রব্য 

(ঘ) উত্তাপ গৰম আৰু ঠাণ্ডা

উত্তৰঃ (গ) স্পৰ্শ ৰাসায়নিক দ্রব্য

৩। পোহৰৰ ৰশ্মি পাৰ হয় মাজেৰে শেষত অক্ষিপটত উপনীত হোৱাৰ বাবে।

(ক) অক্ষিপট

(খ) চকুৰ মণি

(গ) চকুৰ পৰকলা

(ঘ) ওপৰৰ আটাইকেইটা

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা

৪। চকুৰ পৰকলাৰ পৰিৱৰ্তন যিয়ে অক্ষিপটত পোহৰৰ ৰশ্মি সম্ভৱ কৰে, তাক কোৱা হয়……. হিচাপে

(ক) অভিসৰণ

(খ) ব্যৱস্থাপন

(গ) কেন্দ্ৰীভূতকৰণ

(ঘ) কেন্দ্ৰীয়কৰণ

উত্তৰঃ (খ) ব্যৱস্থাপন

৫। শঙ্কুকোষে মধ্যস্থতা কৰে :

(ক) দিনৰ পোহৰৰ দৃষ্টি বা অৱলোকন

(খ) বর্ণসম্বন্ধীয় অৱলোকন

(গ) পুংখানুপুংখ অৱলোকন বা বিশদ দৃষ্টি

(ঘ) ওপৰৰ আটাইকেইটা

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা

৬। দণ্ডকোষে মধ্যস্থতা কৰে—

(ক) স্কোট পিক অৱলোকন বা দৃষ্টি

(খ) ৰংহীন অজ্বলোকন বা দৃষ্টি

(গ) উজ্জ্বলতাৰ সাংকেতিক বাতৰি

(ঘ) ওপৰৰ আটাইকেইটা

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা

4.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

১। তলত দিয়াবোৰ মিলোৱা :

(ক) মাত্রা(চ) ডেচিবলচ্
(খ) প্রাবল্য(ছ) পৌনঃপৌণিকতা
(গ) শ্ৰৱণৰ পৰিসৰ(জ) সম্প্ৰসাৰণ
(ঘ) সংকোচন(ঞ) 20-20,000 Hz

উত্তৰ:

(ক) মাত্রা(ছ) পৌনঃপৌণিকতা
(খ) প্ৰাৱল্য(চ) ডেচিবলচ্
(গ) শ্ৰৱণৰ পৰিসৰ(ঞ) 20-20,000 Hz
(ঘ) সংকোচন(জ) সম্প্ৰসাৰণ

(খ) শুদ্ধ বিকল্প পছন্দ কৰা ঃ

১। শ্ৰৱণ পদ্ধতিৰ কোনটো অংশ নহয় ?

(ক) কর্ণপটহে

(খ) ডেচিবলচ্

(গ) অৰ্দ্ধগোলাছাতিৰ নলী

(ঘ) কর্ণশংকুলী

উত্তৰঃ (খ) ডেচিবলচ্

২। শ্ৰৱণৰ শ্ৰৱণ গ্রহনেন্দ্ৰিয়বোৰ হৈছে—

(ক) চুলিকোষ

(খ) কর্ণশংকুলী

(গ) কর্ণপটহে

(ঘ) মুগৰাস্থি

উত্তৰঃ (ক) চুলিকোষ

4.4. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ ঃ

শুদ্ধ বিকল্প পছন্দ কৰা ঃ

১। কোনটো ত্বীয় অনুভূতিৰ অংশ নহয় ?

(ক) স্পৰ্শ আৰু চাপ

(খ) উত্তাপ

(গ) বেদনা

(ঘ) অনুভৱ

উত্তৰঃ (ঘ) অনুভৱ

২। তলৰ কোনটো চাপ আৰু স্পৰ্শক সংবেদন নহয় ?

(ক) কণিকা বা সূক্ষ্ম কণা

(খ) বাচকেট স্নায়ুতন্ত্র

(গ) মুকলি স্নায়ুপ্রান্ত

(ঘ) চুলিৰ কোষ

উত্তৰঃ (খ) বাচকেট স্নায়ুতন্ত্র

৩। উত্তাপৰ সংবেদনৰ সাংকেতিক পৰিবহন হয়—

(ক) মুকলি স্নায়ুপ্রাপ্ত 

(খ) চুলিৰ কোষ

(গ) স্নায়ুকোষ

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মুকলি স্নায়ুপ্রাপ্ত

4.5. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

শুদ্ধ বিকল্প পছন্দ কৰা : 

১। জিভাৰ ভিতৰভাগ……… উদ্দীপকৰ প্ৰতি সংবেদনশীল

(ক) টেঙা

(খ) তিতা

(গ) নিমখীয়া

(ঘ) মিঠা

উত্তৰঃ (খ) তিতা

২। স্বাদ গ্রহণেন্দ্ৰিয়বোৰ হ’ল—

(ক) স্বাদ মুকুল

(খ) চুলি কোষবোৰ

(গ) পিপিলে

(ঘ) মুকলি স্নায়ু প্রাপ্ত

উত্তৰঃ (খ) চুলি কোষবোৰ

৩। ঘ্ৰাণ গ্রহণেন্দ্ৰিয়বোৰ অৱস্থিত :

(ক) নাকৰ ভিতৰত

(খ) নাসিকা পথৰ উপৰভাগত

(গ) ডিঙিত

(ঘ) নাকৰ আগভাগত

উত্তৰঃ (খ) নাসিকা পথৰ উপৰভাগত 

৪। গভীৰ ইন্দ্ৰিয়ই অন্তর্ভুক্ত কৰি লয় :

(ক) অনুভৱ পদ্ধতি

(খ) সংকীর্ণ প্রবেশক সামগ্রী

(গ) অর্ধগোলাকৃতিৰ নলা

(ঘ) ওপৰৰ আটাইকেইটা

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা 

৫। অনুভৱ পদ্ধতিত আমি গ্রহণেন্দ্ৰিয়বোৰৰ পৰা বাতৰি পাওঁ ঃ

(ক) পেশীসমূহ

(খ) সিৰাসমূহ

(গ) জোৰাসমূহ

(ঘ) ওপৰৰ আটাইকেইটা

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা

৬। সংকীর্ণ প্রবেশক পদ্ধতি হৈছে এক পুর্বানুবৃত্তি পদ্ধতি যিয়ে মস্তিস্কৰ0বাতৰিৰ যোগান ধৰে—

(ক) বেদনা

(খ) সিবাসমূহ

(গ) আমাৰ শৰীৰৰ গতিশীলতা 

(ঘ) ওপৰৰ আটাইকেইটা 

উত্তৰঃ (গ) আমাৰ শৰীৰৰ গতিশীলতা

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ

১। বিভিন্ন ইন্দ্ৰিয়বোৰ কি কি? মস্তিস্কই কিদৰে উদ্দীপকবোৰ উপলব্ধি কৰে?

উত্তৰঃ ইন্দ্ৰিয়সূহে সৰ্বমুঠ ১০টা, সংবাদ গ্ৰহণৰ পদ্ধতি গঠন কৰে। এইবোৰৰ ৮ বিধে বাহ্যিক পৃথিৱীৰ : দৃষ্ট, শ্ৰৱণ, সোৱাদ, ঘ্রাণ, গৰম, ঠাণ্ডা আৰু দুখৰসংবাদ গ্রহণ কৰে। অইনক দুটা গভীৰ ইন্দ্ৰিয়ৰূপে : আগচ’ৰা আৰু অনুভৱ হিচপে নামকৰণ কৰা হয়। এইবোৰে আমাৰ শৰীৰৰ ভাৰসাম্য ৰখাত সহায় কৰে আৰু শৰীৰৰ বিভিন্ন স্থানৰ গুৰুত্বপূর্ণ সংবাদৰ যোগান ধৰে আৰু শৰীৰৰ অংশৰ বিভিন্ন গতিশীলতা সম্পর্কে বাতৰি দিয়ে।

বাহ্যিক উদ্দীপক (যেনে, পোহৰ) বিশেষ ইন্দ্ৰিয়ৰ দ্বাৰা গ্ৰহণ কৰা হয় (যেনে, চকু)। ইন্দ্ৰিয়সমূহৰ ভিতৰত বিশেষ গ্রহনেন্দ্ৰিয় আছে যিবোৰে শাৰীৰিক শক্তিক পৰিৱৰ্তিত স্নায়বিক সংকতলৈ (প্ৰক্ৰিয়াতোক পৰিচালনা কৰা বুলি জনা যায়)। কৰে যিবোৰ তাৰপাছত মস্তিস্কৰ বিশেষ এলেকালৈ পৰিবাহিত হয়, স্নায়বিক ক্ৰিয়াৰ ধৰণ মস্তিস্ক চিনাক্তকৰণ হয়। অইন কথাত ক’বলৈ হ’লে, শাৰীৰিক শক্তি (বাতৰি) বিশেষ ইন্দ্ৰিয়ৰ দ্বাৰা গ্ৰহণ হয়। ইন্দ্ৰিয়ৰ প্ৰাক-প্ৰক্ৰিয়াসমূহেৰে সাংকেতিক লিপিলৈ পৰিৱৰ্তিত কৰি লৈ খবৰ সংগ্ৰহ কৰে আৰু সাংকেতিক কৰি লোৱা নিৰ্দেশ অথবা ইঙ্গিত মস্তিস্কৰ বিশেষ স্থানলৈ পৰিবাহিত হয়, য’ত সাংকেতিক কৰি লোৱা নির্দেশ বিংসকেতন কৰি লোৱা হয় আৰু ভৱিষ্যতলৈ প্ৰবৰ্ধন কৰি তোলা হয়, যিটো সংবোধনলৈ পৰিৱৰ্তিত হয়।

২। বিশদভাবে আলোচনা কৰা :

(ক) অক্ষিপট (খ) দণ্ডকোষ (গ) শঙ্কুকোষ

উত্তৰ : (ক) অক্ষিপটঃ পোহৰে অক্ষিপট স্পর্শ কৰে সন্মুখৰ আৰু পাছৰ কক্ষ অতিক্ৰম কৰি য’ত আছে পনীয়া অংশ (যাক কোৱা হয় জলীয় আৰু কাঁচীয় ৰস আৰু বিভিন্ন অক্ষিপটৰ স্তৰ। শেষত ইয়ে দৃশ্য গ্রহনেন্দ্রিয় সঙ্কুকোষ আৰু দণ্ডকোষত উপনীত হয়। প্ৰতিটো অক্ষিপটত প্রায় ১২০ কোটি দণ্ডকোষ আৰু ৬ কোটি শঙ্কুকোষ থাকে, যিবোৰ অক্ষিপটৰ পাছফালে, কাষত থাকে। এই বিশেষ কোষবোৰ (গ্রহনেন্দ্ৰিয়বোৰ) পোহৰ শক্তিক বৈদ্যুতিক সম্ভাৱনালৈ (বৈদ্যুতিক সংকেতলৈ) পৰিৱৰ্তিত কৰে।

(খ) দণ্ডকোষ

উত্তৰঃ অক্ষিপটৰ পাছফালে, কাষত প্রায় ১২০ কোটি দণ্ডকোষ থাকে। এই বিশেষ কোষবোৰে (গ্রহনেন্দ্ৰিয়বোৰ) পোহৰ শক্তিক বৈদ্যুতিক সম্ভাৱনালৈ (বৈদ্যুতিক সংকেতলৈ) পৰিৱৰ্তিত কৰে।

(গ) শঙ্কুকোষ

উত্তৰঃ অক্ষিপটৰ পাছফালে, কাষত প্রায় ৬ কোটি শব্দকোষ থাকে। এই বিশেষ কোষবোৰ (গ্রহনেন্দ্ৰিয়বোৰ) পোহৰ শক্তিক বৈদ্যুতিক সম্ভাৱনালৈ (বৈদ্যুতিক সংকেতলৈ) পৰিৱৰ্তিত কৰে।

৩। মানুহৰ কাণৰ প্ৰধান ভাগ তিনিটা কি ?

উত্তৰ: কাণৰ তিনিটা ভাগ হৈছে—

(১) বাহ্যিক কাণ, য’ত বৰ্হিঅংশ আৰু শ্ৰৱণ নলী আছে,

(২) মধ্য কাণ, য’ত কৰ্ণপটহ আছে আৰু 

(৩) আভ্যন্তৰীণ কাণ, তিনিডাল সৰু হাড় আছে যাক কোৱা মুদগৰ অস্থি। হাড় কেইডালৰ নাম মগৰাস্থি, নিয়াৰি অস্থি, কৰ্ণশঙ্খাস্থি আৰু খাৰুৱা ষ্টিৰাপ। 

৪। ত্বীয় ইন্দ্ৰিয়বোৰ কি কি ? নাম উল্লেখ কৰা আৰু সেইবোৰৰ ক্ৰিয়া ব্যাখ্যা কৰা।

উত্তৰ : আমাৰ শৰীৰৰ বাহ্যিক আৱৰণ সম্পৰ্কে চাল বা স্পৰ্শৰ ইন্দ্ৰিয়ই সকলো বাতৰি দিয়ে। চালক ‘অতিকায় ইন্দ্ৰিয় অংগ’ ৰূপে অভিহিত কৰিব পাৰি, যিটোৱে মানুহৰ সমগ্ৰ শৰীৰ আৱৰি থাকে। ছালৰ ইন্দ্ৰিয়ক, চ’মেচথেটিক পদ্ধতি বুলি কোৱা হয়, য’ত আছে—

(ক) চাপ আৰু স্পর্শ

(খ) উত্তাপৰ সংবেদন: ঠাণ্ডা আৰু গৰম

(গ) বেদনা

এইটো দেখিবলৈ পোৱা গৈছে যে ছালখন সমানবাৱে সমগ্ৰ শৰীৰ জুৰি সংবেদনশীল নহয় কিন্তু ইয়াৰ পাৰ্থক্যসমূহক সংবেদনশীলতা আছে। সেইটো হৈছে, স্পর্শ, ঠাণ্ডা, গৰম আৰু বেদনাৰ সংবেদনশীলতা আৰু এইবোৰ শৰীৰৰ বিভিন্ন ঠাইত আছে, কিছুমান ঠাই স্পৰ্শৰ বাবে, কিছুমান ঠাই বেদনাৰ বাবে সংবেদনশীল ইত্যাদি ইত্যাদি।

(ক) চাপ আৰু স্পৰ্শ : চাপৰ অভিজ্ঞতাৰ বাবে প্ৰয়োজন হোৱা চাপৰ পৰিমাণ শৰীৰৰ বিভিন্ন ঠাইত ভিন্ন হয়। জিভাৰ আগ, আঙুলিৰ আগ, আৰু হাত হ’ল শৰীৰৰ আটাইতকৈ বেছি সংবেদনশীল ঠাই। যদিহে আণাৰ শৰীৰত অলপ হেঁচা দিয়া হয় তেতিয়াই স্পৰ্শৰ অভিজ্ঞতা, যদি আমি সামান্যভাৱে লৰচৰ কৰোঁ বা শৰীৰৰ নলি স্পর্শ কৰোঁ অনুভৱ কৰোঁ।

এইটো বিশ্বাস কৰা হয় যে এটা জটিল গঠন যাক কোৱা হয় সূক্ষ্মকণা হিচাপে যিটোৱে শৰীৰৰ চুলিবিহীন অংশত চাপৰ সংবেদন গ্ৰহণ কৰে। স্নায়ুপ্রান্তই চুলিৰ গুৰিত একেধৰণৰ কামেই কৰে। এইটো বিশ্বাস কৰা হয় যে মুকলি স্নায়ুপ্রাস্ত্ৰই স্পৰ্শ উদ্দীপকৰ যোগান ধৰে।

(খ) উত্তাপৰ সংবেদন: ঠাণ্ডা আৰু গৰম : চালৰ উত্তাপ চালৰ স্বাভাৱিক নিম্ন প্ৰৱণতাৰ পৰিৱৰ্তনৰ বাবে ঠাণ্ডা আৰু গৰমৰ অভিজ্ঞতাৰ দ্বাৰা অনুভৱ হয়। সেয়ে, চালৰ উত্তাপ আৰু তেজৰ উত্তাপৰ মাজত পাৰ্থক্য অনুভৱ হয়। এইটো বিশ্বাস কৰা হয় যে মুকলি স্নায়ুপ্রান্তই উত্তাপৰ সাংকেতি বাতৰিৰ বাবে দায়বদ্ধ।

(গ) বেদনা : মানুহৰ জীৱনত বেদনাৰ বহুত গুৰুত্ব আছে, যদিও আমি এই অভিজ্ঞতা নাপাবলৈ বিচাৰো। ইয়াৰ এক জৈৱিক গুৰুত্ব আছে কাৰণ ই শৰীৰত কিবা ভুল থাকিলে সেই বিষয়ে সংকেত দিয়ে। যদি বেদনাৰ সংবেদন নাথাকিলেহেঁতেন, আমি আঘাদৰ বিষয়ে কোনো সম্ভেদ নোপোৱাকৈ মৃত্যুমুখত পৰিলোহেঁতেন। সেয়ে বেদনা আমাৰ বন্ধু, শত্রু নহয়।

কোষৰ ক্ষতিৰ দ্বাৰা মুকলি স্নায়ুপ্ৰান্তৰ গ্ৰহনেন্দ্ৰিয়বোৰ সংবেদনশীল হয় বুলি প্রমাণিত হয়। এইটো বিশ্বাস কৰা হয় যে মুকলি স্নায়ুপ্রাস্তবোৰ বেদনাৰ ঠাইত হয়তো বেদনামূলক উদ্দীপকৰ প্ৰতিক্ৰিয়া কৰিবলৈ বিশেষভাৱে তৈয়াৰী। সেয়ে, মুকলি স্নায়ুপ্রান্ত শৰীৰৰ বিভিন্ন পৰিস্থিতিৰ সৈতে খাপ খাবলৈ প্রস্তুত।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 3 Comments

Leave a Reply