Assam Open School Psychology (328) Chapter-11 বিকাশ : ইয়াৰ প্ৰকৃতি

Assam Open School Psychology (328) Chapter-11 বিকাশ : ইয়াৰ প্ৰকৃতি মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। Assam Open School Psychology (328) Chapter-11 বিকাশ : ইয়াৰ প্ৰকৃতি

Assam Open School Psychology (328) Chapter-11 বিকাশ : ইয়াৰ প্ৰকৃতি

11.1. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ : 

(১) প্ৰতিটো উক্তিৰ বিপৰীতে সঁচা/মিছা লিখা।

(i) পৰিপক্কতা আৰু শিক্ষণ, দুটা পৃথক প্রক্রিয়া আৰু দুয়োটাৰে মাজত কোনো সম্বন্ধ নাই। 

(সঁচা/মি) 

উত্তৰঃ মিছা।

(ii) জিনসমূহে বিকাশ লাভ কৰা উচ্চ-সীমা নিৰূপণ কৰে। 

(সঁচা/মিছা) 

উত্তৰ: সঁচা। 

(iii) বিকাশৰ বাৰে সংঘটিত সকলো পৰিৱৰ্তন একে প্ৰকৃতিৰ। (সঁচা/মিছা) 

উত্তৰঃ মিছা।।

 (iv) বৃদ্ধিৰ ৰেখাডালৰ মতে, বৃদ্ধি এটা চলি থকা প্রক্রিয়া। (সঁচা/মিছা)গ উচ্চ 2

 উত্তৰ: সঁচা। 

(v) সৰ্বাধিক বিকাশৰ দুটা স্তৰ হৈছে বাল্যকাল আৰু কৈশোৰ কাল।

 (সঁচা/মি) 

উত্তৰ: সঁচা।

(vi) বয়স্ককালত বৃদ্ধি বন্ধ হয়। (সঁচা/মিছা)

উত্তৰ: মিছা।

 (২) বৃদ্ধিৰ ৰেখাডাল কিয় গুৰুত্বপূর্ণ? দুটা কাৰণ দর্শোৱা। 

উত্তৰ: বৃদ্ধিৰ ৰেখাডালে বিকাশৰ গতিত হোৱা পৰিবৰ্তনবোৰ, উচ্চতম বিকাশৰ কাল আৰু বৃদ্ধিৰ আৰ্হিত হোৱা পৰিবৰ্তনবোৰ বিচাৰি লোৱাত সহায় আগবঢায়। 

11.2. পাঠা অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

 প্ৰতিটো উক্তিৰ বিপৰীতে সঁচা/মিছা লিখা।

 (১) বৃদ্ধি এটা অস্থিৰ অথবা খেয়ালপূৰ্ণ প্ৰণালীৰে সংঘটিত হয়। 

উত্তৰঃ মিছা।

(২) গড় হিচাপে তলত থকা বৌদ্ধিক বিকাশৰ এগৰাকী শিশু উচ্চ স্বাস্থ্য, সামাজিকতা আৰু দৈহিক গঠনৰ অধিকাৰী হয়। 

উত্তৰঃ মিছা। 

(৩) এগৰাকী শিশু যি এটা গুণৰ দিশৰ পৰা সাধাৰণ প্ৰকৃতিৰ তেওঁ আন এটা গুণৰ দিশত সাধাৰণতকৈ নিম্ন স্থানত থাকিব, কাৰণ ক্ষতিপূৰ্ণ হৈছে বিকাশৰ সাধাৰণ নিয়ম। 

উত্তৰঃ মিছা।

 (৪) শিশুৰ ক্ষেত্ৰত বিকাশৰ ধাৰাবাহিকতা সুন্দৰভাৱে অপৰিৱৰ্তনীয়।

 উত্তৰ: সঁচা। 

(৫) গুণসমূহ বয়স সুনির্দিষ্ট সেইকাৰণে এইবোৰ এনেভাবেই বিকশিত হয়। 

উত্তৰ: সঁচা।

 (৬) শিশুসকলে সংবাৰণ কৌশলসমূহ প্ৰদৰ্শন কৰাৰ আগতে বিশেষ কৌশলসমূহ প্রদর্শন কৰে। 

উত্তৰঃ মিছা।

(৭) শিশুসকল ডাঙৰ হৈ অহাৰ লগে লগে তেওঁলোক অধিক আত্মনির্ভৰশীল হয়।

উত্তৰঃ সঁচা 

(৮) শিশু আৰু বয়স্কৰ মাজত মৌলিক পার্থকাটো হৈছে এয়াই যে আগৰসকল অহংকেন্দ্ৰিক আৰু পিছৰসকল অপৰকেন্দ্রিক। 

উত্তৰঃ সঁচা। 

(৯) কেঁচুৱাই সৰু সৰু বস্তুবোৰৰ ওপৰত মনোযোগ দিয়াৰ আগতে ডাঙৰ 

বস্তুবোৰ চাব পৰা হয়গৈ। 

উত্তৰ: সঁচা 

(১০) কাৰণ বিকাশ ধাৰাবাহিক, এটা নির্দিষ্ট স্তৰত যিটো সংঘটিত হয় সেইটোৱে পৰবৰ্তী স্তৰবোৰত প্ৰভাৱ পেলায়। 

উত্তৰঃ সঁচা।

(১১) প্ৰতিগৰাকী ব্যক্তিয়ে স্বাভাবিকভাবে বিকাশৰ প্ৰতিটো মুখ্যন্তৰ অতিক্ৰম কৰি আগবাঢ়ি যায়। 

উত্তৰঃ সঁচা।

 11.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ 

তলত দিয়া সমস্যাবোৰ অধ্যয়ন কৰা আৰু সেইবোৰৰ বাবে উপযুক্ত অভিগমনৰ কথা উল্লেখ কৰা

(১) শৈশৱত পর্যবেক্ষণ কৰা বৈশিষ্ট্যবোৰ যেনে আক্রমণ আৰু অবিশ্বাস বাল্যৱস্থালৈ অটুট থাকিব নেকি ? 

উত্তৰঃ দীর্ঘ। 

(২) ভূতৰ ওপৰত চিনেমা চোৱাৰ পিছত ল’ৰা-ছোৱালীসকলে বিভিন্ন স্তৰত একেধৰণৰ আৱেগিক প্রতিক্রিয়া দেখুৱাব নেকি? 

উত্তৰঃ পথলীয়া। 

(৩) বিভিন্ন সংস্কৃতিৰ অধীন পাঁচ বছৰীয়া শিশুসকলে একেধৰণৰ বৌদ্ধিক সামর্থ্য দেখুৱাব নেকি?

 উত্তৰঃ পথলীয়া।

 (৪) চকু-হাতৰ সমন্বয়ৰ আৰ্হি সম্পৰ্কীয় পৰীক্ষা চলোৱাৰ বাবে কোনটো বয়সত ল’ৰা-ছোৱালীসকলক পৰ্যবেক্ষণ কৰা উচিত? 

উত্তৰঃ পথলীয়া। 

(৫) আগতীয়াকৈ পিতৃ-মাতৃৰ পৰা বঞ্চিত হোৱা ল’ৰা-ছোৱালীসকলৰ পূৰ্ব কৈশোৰ কালৰ সমযোজনাত প্রভাব সম্পর্কে অধ্যয়ন চলোৱা। 

উত্তৰ: দীর্ঘ। 

(৬) জন্মৰ পৰা পাঁচ বছৰ বয়সৰ ভিতৰত ল’ৰা-ছোৱালীসকলৰ সামাজি প্রতিক্রিয়া অধ্যয়ন। 

উত্তৰ : পলীয়া। 

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ : 

(১) বিকাশ শব্দটো ব্যাখ্যা কৰা। 

উত্তৰ : সৰল ভাষাত বিকাশ হৈছে এটা প্রক্রিয়া যাৰ সহায়ত এগৰাকী ব্যক্তি সমগ্র জীৱন কালত পৰিণত আৰু পৰিৱর্তিত হয়। এনে পৰিৱৰ্তনক অতি প্ৰণালীবদ্ধ আৰু সু-সংগঠিতপূৰ্ণ এটা অগ্ৰসৰমুখী অনুক্ৰমপূর্ণ পৰিৱৰ্তনৰ ধাৰা বুলি হিচাপে সূত্রায়িত কৰিব পাৰি যিয়ে পৰিপক্কতাৰ লক্ষ্যৰ দিশলৈ আগুৱাই নিয়ে ‘অগ্ৰসমুখী’ পৰিভাষাই ইয়াকেই সূচায় যে পৰিৱৰ্তনবোৰ দিশাভিমুখী, অগ্রগামী ব আৰু পিছমুখী নহয়। 

সুবিন্যস্ত আৰু সুসংগতিপূর্ণ শব্দ দুটাই ইয়াকেই সূচায় যে বিকাশমূলক বি অনুক্ৰমত থকা বিভিন্ন স্তৰৰ মাজত নিশ্চিত সম্পর্ক আছে। প্ৰতিটো পৰিৱৰ্তনেই পূৰ্বৰ পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰশীল আৰু বৰ্তমান পৰিৱৰ্তনে পৰৱৰ্তী পৰিৱৰ্তনৰ কথা নিৰ্ধৰণ কৰে। 

গতিকে বিকাশক আমি সংক্ষিপ্তভাবে তলত দিয়া ধৰণে ব্যাখ্যা কৰিব य পাৰো : 

(ক) বিকাশ অগ্ৰসৰমুখী, সুসংগতিপূৰ্ণ আৰু সুবিন্যস্ত পৰিৱৰ্তনসমূহক অন্তর্ভুক্ত কৰি লোৱা প্ৰক্ৰিয়া, 

(খ) বিকাশ হৈছে নির্দিষ্ট দিশ থকা আৰু অগ্রগামী পৰিৱৰ্তনসমূহক সামৰি লোৱা প্ৰক্ৰিয়া,

 (গ) বিকাশ হৈছে পৰিৱৰ্তনসমূহ বিশৃঙ্খলভাৱে আগনাবাঢ়ি প্রচলিত আৰু পৰৱৰ্তী পৰ্যায়ত ঘটিবলগীয়া প্ৰক্ৰিয়াৰ মাজত নির্দিষ্ট সম্বন্ধ থকা এটা প্রক্রিয়া। 

(২) বিকাশ সংঘটিত কৰা মূল প্ৰক্ৰিয়া দুটা কি 

কি?

উত্তৰ: বিকাশ দুটা প্রধান প্ৰক্ৰিয়াৰ মাজেৰে সংঘটিত হয়। 

সেয়া হলঃ

(ক) পৰিপক্কতা আৰু 

(খ) শিক্ষ

 (৩) বিকাশৰ মূল নীতিসমূহৰ বিষয়ে ব্যাখ্যা কৰা। এই নীতিসমূহৰ যিকোনো তিনিটা ব্যাখ্যা দাঙি ধৰাৰ বাবে উদাহৰণ দিয়া।

উত্তৰ: সকলো ব্যক্তিয়ে যদিওবা নিজস্ব বিশিষ্ট ধৰণে আৰু নিজস্ব পৰিবেশ অনুসৰি পৰিণত হয় বিকাশৰ অন্তৰালত বিশেষ কিছুমান নীতিয়ে কাম কৰে যিবোৰ সকলো ব্যক্তিৰে ক্ষেত্ৰত লক্ষ্য কৰিব পাৰি। এইবোৰক বিকাশৰ মূলনীতি বুলি কোৱা হয়। এইবোৰৰ বিষয়ে ব্যাখ্যা দাঙি ধৰা হ’ল: 

(১) বিকাশে একোটা আৰ্হি অনুসৰণ কৰে: মানুহৰ ক্ষেত্ৰত বিকাশ সংগঠিত ৰূপত, প্ৰণালীবদ্ধভাৱে আৰু আৰ্হিমূলক ৰীতিত সংঘটিত হয়। প্ৰতিটো প্ৰজাতিৰে একো একোটা বিশিষ্ট আৰ্হি আছে যিবোৰ সকলো প্রতিনিধিয়ে অনুসৰণ কৰে। বিকাশৰ অনুক্ৰমো একে প্ৰকৃতিৰ। উদাহৰণ হিচাপে, সকলো কেঁচাৱাই বাগৰিবলৈ, আঠুকাঢ়িবলৈ, থিয় হ’বলৈ আৰু তাৰ পিছত খোজ কাঢ়িবলৈ শিকে। তেওঁলোকে হয়তো কোনো এটা স্তৰ চেৰাই যায়, কিন্তু তেওঁলোকৰ অনুক্রম বা আৰ্হি একেধৰণেই থাকে। 

ব্যাকৰণ শিকাৰ সময়ত সদায়ে ক্রিয়াসমূহৰ আগতে বিশেষ্য পদসমূহ শিকা হয়। কিছুমান শিশুৱে একে কালতে দুয়োটা শিকিব পাৰে কিন্তু বিশেষ্যৰ বিষয়ে নজনাকৈ ক্ৰিয়াসমূহৰ বিষয়ে শিকিব নোৱাৰি। পাছৰ বিকাশ, প্ৰতিটো স্তৰতেই আগৰ বিকাশৰ ফলাফলৰ দ্বাৰা প্ৰভাৱিত হয় আৰু এনে ফলাফল অনুসৰণ কৰে। উদাহৰণ হিচাপে এগৰাকী শিশুৱে প্ৰথমে থিয় হ’বলৈ শিকে, তাৰ পিছত খোজকাঢ়িবলৈ আৰু তেওঁৰ স্থায়ী দাঁত দেখা দিয়াৰ আগতে প্রথমে তেওঁৰ কেঁচুৱা দাত গজে। 

(২) বিকাশ আগবাঢ়ে সাধাৰণৰ পৰা বিশেষলৈ (সর্বাত্মক বা বিশ্লেষণীয়): বিকাশৰ প্ৰতিটো স্তৰতে শিশুৰ প্ৰতিক্ৰিয়াসমূহ, এইবোৰ সঞ্চালমূলকেই হওঁক বা মানসিবেই হওঁক বিশিষ্ট ৰোগৰ বা পৃথিকীকৰণ হোৱাৰ আগতে প্রথমে সাহসের প্রকৃতির হয়। উদাহরণ হিচাপে এগৰাকী জাতকে প্রথমে এবাে তেওঁৰ গোটেই শৰীৰটো ঘুঝায় তাৰ পিছতহে যিকোনো এটা অংশ ম শিকে। এনে ধৰণে যদিহে এটা শিশুৰ মনত এটা পুতলা কথা হয় ৩৩৫ রাে ওচৰলৈ যোৱাৰ বাবে তেওঁৰ সমগ্ৰ দেহাটো ঘুৰাব, আকমুলাটো পাব। আবার ব্যাস্ত শিশুরে কিন্তু একমাত্র হাতখনতে আগবঢ়াই দিব কারণ সিজাে কাৰ্যৰ দ্বাৰাই উদ্দেশ্য সাধন হ’ব। 

(৩) বিকাশে সংহতিৰ দিশলৈ আগবঢ়াই নিয়ে এবাৰ যদি শিশুকে বিশেষ বা পৃথকীকৃত প্রক্রিয়াসমূহ শিকি লয়, তেতিয়া, বিকাশ প্রক্রিয়া আগবাঢ়ি যোৱাৰ লগে লগে, শিশুৱে সমন্বয় সাধন কৰিবলৈ শিকিব পারে অথবা এটা সামগ্রিক আকাৰ গঠন কৰিবলৈ এই বিশেষ প্রক্রিয়াবোৰ সংযুক্ত কৰিবলৈ শিকে। উদা হিচাপে, চালুকীয়া শিশু এগৰাকীয়ে আৰম্ভণিতে একক, স্বতন্ত্র শব্দবোৰ কা শিকে। পরবর্তী সময়ত ভাষাৰ আকাৰত এনে শ

ব্দবোৰ একেলগ কৰি বাক্য গঠন কৰিবলৈ সমর্থ হয়। একেদৰে এগৰাকী চালুকীয়া শিশুৰ এখন গাড়ী স এটা বিশেষ ধাৰণা থাকিব পাৰে। পরবর্তী সময়ত তেওঁ ভাঙৰ হোৱাৰ লে লগে, নিজৰ ধাৰণাৰ লগত আন দিশৰ সমন্বয় ঘটাবলৈ সক্ষম হোৱাৰ লগোলাতে তেওঁৰ ধাৰণাই প্ৰসাৰ লাভ করে। 

(৪) বিকাশৰ নীতিসমূহৰ জ্ঞানে আমাক কেনেভাৱে সহায় কৰে

উত্তৰঃ (১) বিকাশৰ নীতিসমূহে আমি কি আশা কৰা উচিত আৰু কেতিয় আশা কৰা উচিত। সেই সম্পর্কে জনাত আমাক সহায় করে। এনে কাৰ্যই এটা নির্দিষ্ট বয়সত শিশুৰ সক্ষমতাৰ এখন নিখুঁত ছবি দাঙি ধরে।

 (২) বিকাশৰ নীতিসমূহে শিশুৰ বৃদ্ধিৰ ক্ষেত্ৰত কেতিয়া উৎসাহ বর্ধন কৰা। উচিত আৰু কেতিয়া উৎসাহ বর্ধন করা অনুচিত সেই বিষয়ে সংবাদ প্রদান করে। অর্থাৎ এইবোৰে সুবিধসমূহ প্রদান করে অথবা সংবাদলৈ আপেক্ষা কৰাৰ পৰিবে সৃষ্টি কৰে। 

(৩) শিশুসকলৰ সৈতে কাম কৰা পিতৃ-মাতৃ, শিক্ষকসকলে আৰু অন্যান্য 

সকলোকে দৈহিক পৰিৱৰ্তনসমূহ, অনুৰাগসমূহ আৰু আচৰণসমূহৰ সম্ভাব্য পৰিৱর্তনসমূহৰ বাবেনিজকে আগতীয়াকৈ প্ৰস্তুত কৰি লোৱাৰ বাবে বিকাশৰ নীতিসমূহে সহায় আগবঢ়ায়। এই নীতিসমূহে শিক্ষকসকলে কি পঢ়োৱা উচিত, কেতিয়া পঢ়োৱা উচিত আৰু কেনেকৈ পঢ়োৱা উচিত সেই বিষয়ে জনাত সহায় কৰে।

 এগৰাকী ব্যক্তিয়ে যিসমূহ স্তৰ অতিক্ৰম কৰি বিকাশ লাভ কৰে তেনে বিভিন্ন ঔৰসমূহৰ বিষয়ে উপলব্ধি কৰাৰ বাবে বিকাশৰ নীতিসমূহে এটা ভেটি নিরূপণ কৰে। অৱশ্যে ব্যক্তিৰ দেহৰ ভিতৰত আৰু বাহিৰত সংঘটিত নিশ্চিত কিছুমান অৱস্থাৰ দ্বাৰা বিকাশৰ নিৰিখ আৰু আৰ্হি পৰিৱর্তন সম্ভব হয়। কিছুমান বিশেষ উপাদান যেনে পুষ্টি, যৌনতা, বুদ্ধি, আঘাত আৰু বেমাৰ-আজাৰ, জাতি সংস্কৃতি ইত্যাদিয়েও এনে পার্থক্যৰ দিশলৈ অৱদান যোগায়। 

(৫) তলত দিয়াবোৰৰ মাজত পার্থক্য নির্ণয় কৰা। 

(i) পৰিপক্কতা আৰু শিক্ষণ

 উত্তৰঃ (১) পৰিপক্কতা আৰু শিক্ষণ হৈছে দুটা প্ৰক্ৰিয়া যাৰ সহায়ত বিকাশ সংঘটিত হয়।

 (২) পৰিপক্কতা এগৰাকী ব্যক্তিৰ জিনত থকা উপাদান স্বরূপে ব্যৱহাৰযোগ্য সামগ্ৰীসমূহৰ বাবে সংঘটিত হয়। 

(৩) বিভিন্ন কার্য সম্পাদনৰ আকাৰত পৰিৱেশৰ সৈতে হোৱা শাৰিৰীক ক্রিয়া (আন্তঃক্রিয়া) অথবা শিক্ষণ আচৰত হোৱা পৰিৱৰ্তনৰ প্ৰকাশিত হয়। 

(৪) পৰিপতা আৰু শিক্ষণ পৰিপূৰক প্ৰক্ৰিয়া। 

(ii) অনুদৈৰ্ঘ্যমূলক আৰু অনুপ্রস্থচ্ছেদমূলক 

অভিগমন 

উত্তৰঃ অনুপ্রস্থচ্ছেদমূলক অভিগমনঃ 

(১) দীঘলীয়া অধ্যয়নবোৰত সাধাৰণতে সংঘটিত নমুনাৰ শক্তি হ্রাসন সমস হয়ে প্রতিহত করে

কৰে।

(২) ই খৰচৰ দিশৰ পৰা ফলপ্ৰস্, সময় বাহি কৰে আৰু খতিয়ান ৰক্ষা কৰ কাম সহজে কৰি তোলে। 

(৩) ই প্রয়োগসাধ্য 

অনুদৈর্ঘ্যমূলক অভিগমন

(১) দীঘলীয়া সময়ৰ বাবে বৃহৎ নমুনাৰ লগত সম্বন্ধ বথা কৰাৰ ক্ষেত্র নানা অসুবিধাৰ মুখামুখি হ’বলগীয়া হয়।

। 

(২) এই পদ্ধতি সময় খৰচী ব্যয়বহুল। 

(৩) পুনঃ পুনঃ পৰীক্ষা চলোৱাৰ বাবে অধীনস্থ লোক বা উপলক্ষ্য পৰীক্ষাৰ দ্বারা প্রভাবিত হয় আৰু এনে প্ৰক্ৰিয়াই ৰাশিসমূহৰ ওপৰত প্ৰভাৱ পেলায়।

(iii) অহংকেন্দ্রিকতাবাদ আৰু অপৰকেন্দ্ৰিকতাবাদ উত্তৰঃ জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত এটা শিশু অধিক আত্মকেন্দ্রিক হয় আৰু তেওঁ আনৰ বিষয়ে বৰকৈ নাভাৱে। তেওঁৰ নিজৰ প্ৰয়োজন আৰু আশা আকাংক্ষাবোৰেই তেওঁৰ বাবে প্রকৃত বাস্তৱ। তেওঁ আনকি তেওঁৰ মাক-দেউতাকে কি বাবে অথবা উপলব্ধি কৰে সেই কথাও গ্রহণ কৰিব নোখোজে। উদাহৰণ হিচাপে, যদিহে খোৱাৰ ইচ্ছা হয় তেতিয়া এটা দুবছৰীয়া শিশুৱে মাজ নিশাও এটুকুৰা চকলজেৰ বাবে ঠেহ পাতিব আৰু কান্দিব। তেওঁ কেতিয়াও বুজিবলৈ চেষ্টা নকৰে যে তেওঁ দাবী তেনে অৱস্থাত পূৰ্ণ কৰা সম্ভৱ নহয় কাৰণ তেনে সময়ত বজাৰৰ দোকানবোৰ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে। তেওঁ ডাঙৰ হোৱাৰ লগে লিগে যিকোনো প্রকাৰে তেওঁৰ এনে আত্মকেন্দ্রিকতাভাৱ আঁতৰি গৈ অপকেন্দ্রিকতা অথবা আনৰ প্ৰতি লক্ষা ৰখা অথবা আনৰ প্ৰতি মননশীল হোৱা ভাৱলৈ পৰিৱৰ্তিত হয়। এগৰাকী দহ বছৰীয়া শিশুৱে দুবছৰীয়া শিশুটোৰ দৰে একে আকাংক্ষর বশবর্তী হৈ এনে অসম্ভব দাবী কেতিয়াও উত্থাপন নকৰে। কাৰণ তেওঁ মাক-দেউতাকক বিৰক্ত কৰিব নিবিচাৰে।

 (iv) পৰনিৰ্ভৰশীলতা আৰু স্বনিৰ্ভৰশীলতা 

উত্তৰ : হেটান্যোমীৰ অৰ্থ হৈছে পৰৰ বশ অৱস্থা অথবা আনৰ ওপৰত নিৰ্ভৰশীল হোৱা । আনহাতে অটৱন্যামিৰ অৰ্থ হৈছে স্বশাসন অর্থ আত্মনির্ভৰশীলতা। চালুকীয়া শিশুসকল তেওঁলোকৰ যত্ন আৰু কল্যাণকৰ কাৰ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল হয়। কিন্তু কিশোৰ কিশোৰীসকলে তেওঁলোকৰ নিজৰ যত্ন লোৱাৰ বাবে নিজে নিজে সক্ষম হয়। এনে কাৰ্যই পৰনিৰ্ভৰশীলতাৰ পৰা স্বনির্ভরশীলতালৈ গতি কৰা কথাটোকে পৰিস্ফুট কৰে। এগৰাকী চালুকীয়া শিশুৱে, ভোগ লাগিলে, মাকে খাদ্য দিয়ালৈ অপেক্ষা কৰিব। আনহাতে, এগৰাকী কিশোষে, নিজে নিজৰ বাবে খাদ্য সূচল কৰি ল’ব পাৰে।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 5 Comments

Leave a Reply