Assam Open School Psychology (328) Chapter-5 মনোযোগ আৰু সংবোধন

Assam Open School Psychology (328) Chapter-5 মনোযোগ আৰু সংবোধন মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। Assam Open School Psychology (328) Chapter-5 মনোযোগ আৰু সংবোধন

ASOS Psychology (328) Chapter-5 মনোযোগ আৰু সংবোধন

খণ্ড ১ মড্যুল :১

5.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ 

উত্তৰ: তলত উল্লেখ কৰা উক্তিসমূহ সঁচা নে মিছাঃ

১। মনোযোগ হৈছে এক কেন্দ্রীয় প্রক্রিয়া। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

২। মনোযোগ অবিহনেও সংবোধন সম্ভৱ। (সঁচা/মিছা)

উত্তৰঃ মিছা।

৩। আমি কৰা নিৰ্বাচিত সংবোধনৰ সকলোবোৰ প্ৰক্ৰিয়াক মনোযোগ বোলে। (সঁচা/মিছা)

উত্তৰ: সঁচা

৪। মনোযোগৰ চাৰিটা ক্ৰিয়া হৈছে –

১……………

২……………

৩……………

8….…………

উত্তৰ: (১) সতৰ্কৰ্কৰণ ক্রিয়া

(২) নির্বাচনমূলক ক্রিয়া

(৩) সীমাবদ্ধ ক্ষমতাৰ সংযোগ মাধ্যম

(৪) সজাগতা

5.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

১। সংবোধন সূত্রায়িত কৰা।

উত্তৰ ঃ পুৰণি অভিজ্ঞতা, জ্ঞান, স্মৃতি, অভিৰোচন, সাংস্কৃতিক পৃষ্ঠভূমি, বিশ্বাস আৰু মনোভাব ইত্যাদিৰ সহায়ত আভ্যন্তৰীণ পদ্ধতিৰ দ্বাৰা মস্তিষ্কই আমাৰ বিভিন্ন ইন্দ্ৰিয়ৰ দ্বাৰা লাভ কৰা সংকেতৰ অৰ্থ নিৰূপণ কৰে। এইভাৱেই আমি বাহ্যিক পৃথিৱীৰ পৰা বাতৰি গ্ৰহণ কৰো আৰু আভ্যন্তৰীণ পদ্ধতিৰ সহায়ত আমি এখন সঁচা পৃথিৱীৰ সৃষ্টি কৰো। এয়াই সংবোধন।

২। আকৃতি আৰু গঠনক দৃষ্টিৰ পথাৰত এলেকা বুলি কোৱা হয় যিবোৰ ক্ষেত্ৰখনৰ অন্যান্য সকলোবোৰৰ ……..-দ্বাৰা অপসাৰণ কৰা হয়।

উত্তৰঃ আকৃতি আৰু গঠনক দৃষ্টিৰ পথাৰত এলেকা বুলি কোৱা হয় যিবোৰ ক্ষেত্ৰখনৰ অন্যান্য সকলোবোৰৰ দৃশ্যমান পাৰ্শ্বৰেখাৰ দ্বাৰা অপসাৰণ কৰা হয়।

৩। সংবোধনমূলক সংগঠন পৃথকীকৰণ অবিহনে সম্ভৱ নহয়। 

উত্তৰ : সংবোধনমূলক সংগঠন আকৃতি-পৃষ্ঠভূমি পৃথকীকৰণ অবিহনে সম্ভৱ নহয়। 

৪। গেষ্টাল্ট মনোবিজ্ঞানীসকলে চিনাক্ত কৰিছে যিয়ে আমাৰ সংবোধনমূলক সংগঠন নিৰ্ধাৰণ কৰে।

উত্তৰ : গেষ্টাল্ট মনোবিজ্ঞানীসকলে চিনাক্ত কৰিছে সংগঠনৰ নীতিসমূহ যিয়ে আণাৰ সংবোধনমূলক সংগঠন নিৰ্ধাৰণ কৰে।

৫। অমূল প্রত্যক্ষসমূহ …….. যিবোৰ সংবেদী সংবাদৰ ভুল ব্যাখ্যাৰ ফল।

উত্তৰঃ অমূল প্রত্যক্ষসমূহ ভুল সংবোধন যিবোৰ সংবেদী সংবাদৰ ভুল ব্যাখ্যাৰ ফল।

৬। দিগন্তত থকা জোনক বৃহৎ ৰূপত সংবোধন কৰা হয় শীর্ষবিন্দুত থকা জোনতকৈ, ইয়াক কোৱা হয়…….।

উত্তৰ ঃ দিগন্তত থকা জোনক বৃহৎ ৰূপত সংবোধন কৰা হয় শীর্ষবিন্দুত থকা জোনতকৈ, ইয়াক কোৱা হয় জোনৰ অমূল প্রত্যক্ষ। 

৭। দূৰত্ব আৰু গভীৰতা……… ৰ সহায়ত সংবোধন কৰা হয়।

উত্তৰঃ দূৰত্ব আৰু গভীৰতা সংকেতসমূহৰ সহায়ত সংবোধন কৰা হয়। 

৮। তিনি প্রকাৰৰ সংকেত হৈছে: 

(i)

(ii)

(iii)

উত্তৰঃ (i) অ-দৃশ্য সংকেতসমূহ 

(ii) দ্বিনেত্রী সংকেতসমূহ

(iii) একনেত্রী সংকেতসমূহ

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ ঃ

১। মনোযোগৰ প্ৰধান কাৰ্যবোৰ কি কি ? 

উত্তৰ : মনোযোগ হৈছে এক কেন্দ্ৰীয় প্ৰক্ৰিয়া আৰু মনোযোগৰ প্ৰক্ৰিয়া অবিহনে সংবোধন সম্ভৱ নহয়। ইয়াৰ অৰ্থ হৈছে মনোযোগে সংবেধানৰ পূৰ্বৱৰ্তী প্ৰক্ৰিয়া সম্পাদন কৰে। মনোযোগৰ প্ৰক্ৰিয়াই আমাৰ সংবেধান সংগঠনৰ বিভিন্ন ক্ৰিয়া আৰু অইন বৌদ্ধিক ক্রিয়া সম্পাদন কৰে।

মনোযোগৰ বিভিন্ন ক্ৰিয়াবোৰ হৈছে:

(১) সতৰ্কৰ্কৰণ ক্রিয়া 

(২) নির্বাচিত ক্রিয়া

(৩) সীমাবদ্ধ ক্ষমতাৰ প্ৰণালী

(৪) সজাগতা

২। সংবোধনমূলক বা প্রাত্যক্ষিক নীতিসমূহ আলোচনা কৰা ।

উত্তৰঃ জার্মানীৰ গেষ্টাল্ট মনোবিজ্ঞানী, বিশেষকৈ ক’হলাৰ, কফকা আৰু ৱাৰথিমাৰে, মস্তিস্কৰ জন্মগতভাৱে সংবোধন সংগঠনৰ ক্ষমতাৰ সিদ্ধান্ত উপস্থাপন কৰিছিল। তেওঁলোকে সংগঠনৰ নীতিসমূহ যিয়ে বস্তুৰ সংবেধান পথ দেখুৱাই সেয় চিনাক্ত কৰিছে। সেইবোৰ মস্তিস্কৰ বৈদ্যুতিক পথাৰ, যিখনে সংবেধান সংগঠন বুলি তেওঁলোকে মানি লৈছিল। আকৃতি পৃষ্ঠভূমিৰ পাৰ্থক্যৰ উদ্ভাৱনৰ প্রতি যিয়ে এটা আকৃতিক পৃষ্ঠভূমিৰ ওপৰত থিয়া কৰায় তেওলোক আগ্রহী আছিল।

প্রাত্যক্ষিক সংগঠনৰ নীতিসমূহ :

(ক) সুন্দৰ আকৃতি (প্রেগনানজ নীতি) ঃ এই নীতিয়ে উল্লেখ কৰিছে যে সংবোধনৰ সংগঠন প্রচলিত অৱস্থাৰ অনুমতি সাপেক্ষে ভাল হয়। অতি সাধাৰণ সংগঠনেও অলপ বৌদ্ধিক প্ৰচেষ্টাৰ প্ৰয়োজনবোধ কৰে। প্রেগনানজে এইটোকে বুজায় যে আমি আটাইতকৈ সৰল সংগঠনবোৰো যিবোৰ আৰ্হিৰ লগত মিলি যায় উপলব্ধি কৰো।

(খ) সান্নিধ্য : সকলোবোৰ উদ্দীপক (যিবোৰ) শূন্যস্থান অথবা সময়ত একেলগে সংগঠিত হয়।

চিত্ৰত দুটা লম্ব ৰেখাত তিনিটা দল দেখিবলৈ পোৱা যাব। আমি ছয়ডাল একক ৰেখা চাবলৈ অসুবিধা পাম।

(গ) সাদৃশ্য ঃ সকলোবোৰ বস্তু সদৃশ হ’লে, যিবোৰ উপাদান গঠনৰ দিশত সদৃশ হয় অথবা যিবোৰ উপাদানৰ সাধাৰণ বৈশিষ্ট্যবোৰ আছে সেইবোৰ একেলগে বৰ্গীকৰণ কৰা হ’ব।

চিত্ৰত পাঁচটা বৰ্গক্ষেত্র, পাঁচটা ত্ৰিভুজ আৰু পাঁচটা বৃত্ত স্তম্ভত বৰ্গীকৰণ কৰা হৈছে।

(ঘ) সমাপ্তি ঃ এটা অসম্পূর্ণ ছবিও সম্পূর্ণ ছবি হিচাপে চোৱা হ’ব। তলৰ চিত্ৰৰ ছবিটো অসম্পূর্ণ ৰেখা, তাৰ মাজত খালী ঠাই আছে। ইয়াক ত্রিভুজ যেন দেখি যদিও ইয়াৰ কামবোৰ অসম্পূর্ণ। এটা সমাপ্তিৰ নিচিনা পৰিঘটনাই ৰূপৰৈখিসমূহৰ উৎপন্ন কৰে।

চিত্ৰত আমি দেখিবলৈ পাও ত্রিভুজ নাই, (যিবোৰ ৰেখাই এটা ত্ৰিভুজ সৃষ্টি কৰে সেয়া নাই)। তথাপিও ই এটা ত্ৰিভুজৰ আকৃতি দেখুৱাইছে চিত্ৰত। 

৩। শূন্যস্থানৰ সংবোধানৰ অদৃশ্য সংকেতসমূহ আলোচনা কৰা।

উত্তৰ : সঙ্গতকৰণ আৰু সমকেন্দ্ৰিকতা হ’ল দুটা অ-দৃশ্য সংকেত। এই সংকেতবোৰক অ-দৃশ্য বুলি কোৱা হয় কাৰণ এইবোৰ অন্যান্য সংকেতসমূহৰ ক্ষেত্ৰত হোৱাৰ দৰে অক্ষিপৰ প্ৰতিৰূপৰ পৰা সৃষ্টি নহয়।

(ক) সঙ্গতকৰণঃ কেমেৰাত যিটো আমি কেন্দ্ৰীভূত বুলি কওঁ, চকুৰ ক্ষেত্ৰত সেইটোক আমি সঙ্গতকৰণ বুলি কওঁ। বাহিৰৰ বস্তুৰ প্ৰতিৰূপ অক্ষিপটত চকুৰ পৰকলাৰ সহায়ত কেন্দ্ৰীভূত হয়। এই পৰকলা ৰোমক পেশীৰ সহায়ত দূৰৰ আৰু ওচৰৰ বস্তু অক্ষিপটত কেন্দ্রীভূত হ’বলৈ সমাযোজিত হয়। ৰোমক পেশীয়ে পৰকলাৰ উত্তলতা সলনি কৰে যাতে বস্তুৰ প্ৰতিৰূপ পৰিস্কাৰকৈ কেন্দ্ৰীভূত হয় আৰু এই প্ৰক্ৰিয়াক কোৱা হয় সঙ্গতকৰণ বুলি।

যদিহে বস্তু এটা অপেক্ষাকৃত এক দূৰত্বত থাকে (২ মিটাৰতকৈ অধিক বা তেনে ধৰণৰ) ৰোমক পেশী শিথিল হৈ পৰে। যদিহে বস্তুটো পেশীৰ ক্ৰমান্বয়ে ওচৰৰ পৰা ওচৰলৈ আহে পেশীৰ সংকোচন অধিক হয়। যাৰ ফলত পৰকলা উত্তল হৈ পৰে। ৰোমক পেশীৰ সংকোচন ডিগ্রী মস্তিস্কলৈ সংকেত কৰা হয়।

স্পর্শানুভূতিমূলক প্ৰৱণতাৰ দ্বাৰা এক সম্ভাৱনীয় দূৰত্বত। সেয়ে, যদিহে বস্তু এটা দৰ্শকতকৈ দূৰৈত হয়, ৰোমক পেশী শিথিল হয় আৰু যেতিয়া বস্তু এটা এচৰ হয় ৰোমাক পেশী উত্তেজিত হয়। ৰোমক পেশীৰ সংকোচনৰ ব্যাপ্তি, যিটো মস্তিস্কৰ প্ৰতি পূৰ্বানুবৃত্তি, সেয়াই হৈছে সঙ্গতকৰণ, যদিও গৱেষণাই এইটো সূচায় যে সঙ্গতকৰণ গভীৰতা আৰু দূৰত্বৰ সংবেধানৰ দুৰ্বল সংকেতহে মাথোন।

(খ) সমকেন্দ্রিক ঃ যেতিয়া আমি ছপা শাৰীৰ আখৰবোৰ পঢ়ো, তেতিয়া আমাৰ চকুবোৰ (প্ৰতিটো চকুৰ বাহিৰত অৱস্থিত হৈ থকা ছয়টা আন্তঃনৈত্রিক পেশীসমূহৰ পৰা) সংমিলন আৰু স্পষ্ট দৃষ্টিৰ বাবে অক্ষিপটৰত পৰাৰ বাবে আমি দুয়োটা চকুলৈ প্ৰতিৰূপবোৰ অনাৰ বাবে সমকেন্দ্ৰিক কৰিব লাগে। সমকেন্দ্রিক ব্যাপ্তি লাভ কৰাৰ পাছত মস্তিস্কলৈ সংকেত পঠিওৱা হয় আৰু এইটোৱে দূৰত্বৰ সংকেত সম্ভৱ কৰে। উদাহৰণ স্বৰূপে, যদিহে বস্তুটো ওচৰত আছে সমকেন্দ্রিক কোণ ডাঙৰ হ’ব আৰু বস্তুটো যদি আঁতৰত গৈছে সমকেন্দ্রিক কোণ কমিব। অধিক দূৰত্বত থকা বস্তুসমূহৰ প্ৰতি কম-বেছি পৰিমাণে চকুবোৰ সমান্তৰাল। সমকেন্দ্ৰিকতাৰ যি ব্যাপ্তি আহৰণ কৰা হয় সেয়া মগজুলৈ উভতাই পোষিত কৰা হয় আৰু এয়াই হৈছে দূৰত্বলৈ এটা সংকেত। আকৌ উনুকিয়াই যে সঙ্গতকৰণৰ দৰে এয়া হৈছে সংবোধন আৰু দূৰত্বৰ বাবে এটা দুৰ্বল প্ৰকৃতিৰ সংকেত।

৪। সংবোধনক প্ৰভাৱিত কৰা উপাদানসমূহ বর্ণনা কৰা

উত্তৰঃ যিকোনো এটা নিৰ্দিষ্ট সময়তে বাহিৰত বহুতো প্রতিযোগী উদ্দীপক উপস্থিত থাকে যিয়ে আমাৰ মনোযোগ আকৰ্ষম কৰে আৰু সেইবোৰ সংবোধনৰ সংগঠনত দেখা দিয়ে। আমাৰ অভ্যন্তৰীণ প্রয়োজন, অভিৰুচি, আৰু আমাৰ বিশেষ সামাজিক-সাংস্কৃতি পৃষ্ঠভূমি য’ত আইম বিকশিত, এইবোৰৰ দৰে উদ্দীপকৰ বৈশিষ্ট্যসমূহ আণাৰ বাবে গুৰুত্বপূৰ্ণ। সকলোবোৰ উদ্দীপকৰ চল বা পৰিৱৰ্তী আৰু আভ্যন্তৰীণ উপাদান যিবোৰ ব্যক্তিৰ বাবে অচিনাকী। সংবোধনক প্রভাৱিত কৰা প্ৰভাৱসমূহ হ’ল

(ক) প্রসঙ্গ আৰু সমুচ্চয় প্ৰভাৱসমূহ

(খ) প্রয়োজন আৰু অভিপ্রায়সমূহ 

(গ) সামাজিক আৰু সাংস্কৃতিক উপাদান

(ঘ) প্রসঙ্গ আৰু আত্ম-প্রভাব

(ক) প্রসঙ্গ আৰু সমুচ্চয় প্রভাবসমূহ : তাৎক্ষণিক প্রসঙ্গৰ কাৰণে এটা উদ্দীপকে বিভিন্ন সংবোধন সম্ভৱ কৰি তুলিব পাৰে। প্ৰসঙ্গই আমাৰ মস্তিস্কত আশাৰ সৃষ্টি কৰে (ওপৰ-তল পৰিঘটনা) যিয়ে কিছুমান মুহূৰ্তত আণাৰ সংবোধনক প্ৰভাৱিত কৰে। উদাহৰণস্বৰূপে, হুলস্থূলীয়া পৰিস্থিতিত তুমি মৌখিকভাৱে এটা বাক্য শুনিলা (ইলে গতি কৰি আছে) তুমি ‘ইল’ শব্দটো হুইলৰূপে সংবেধান কৰিবা কাৰণ বাক্যৰ শেষৰ অংশৰ প্ৰসঙ্গ অনুসৰি এয়া সম্ভৱ হ’ল। সেইদৰে, মৌখিক উদ্দীপক ইল দ্য অৰ্নেজ তুমি এই ইল’ শব্দটো ‘পিল’ ৰূপে সংবেধান কৰিবা। এইটো সম্ভৱ হ’ল কাৰণ শেষৰ শব্দ অনেজে এনে সংবেধান আশা কৰিলে।

সংবেধানৰ সমুচ্চয়েও আমাৰ সংবোধন প্ৰভাৱিত কৰে। সংবোধনৰ সমুচ্চয়ে আমাৰ মানসিক অভিজ্ঞতা আৰু পুৰ্ববিন্যাস এটা অথবা ততোধিক সংবেধান লাভ কৰিবলৈ উৎসাহিত কৰে। সংবোধনৰ সমুচ্চয়ে আমি যি দেখো অথবা শুনো সেয়াও প্ৰভাৱিত কৰে। বহল অৰ্থত ক’বলৈ হ’লে আমাৰ শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক অভিজ্ঞতা আমি যি সংবোধন লাভ কৰো তাৰ দ্বাৰা গঠিত হয়। আন কথাত ক’বলৈ হ’লে, আমাৰ শিক্ষণৰ ধাৰণা আৰু বিশ্বাসে আমাৰ সংবোধনৰ সংগঠনত সহায় কৰে।

(খ) প্রয়োজন আৰু অভিপ্রায়সমূহ ঃ আমি ওপৰত তাৎক্ষণিক প্রসঙ্গ আৰু সংবোধনৰ সমষ্টি যিয়ে আমাৰ সংবোধন প্রভাবিত কৰে সেয়া দেখিবলৈ পালো। সেইদৰে, ব্যক্তিগত চল বা পৰিৱৰ্তীসমূহ যেনে— প্রয়োজন, আৱেগ, মূল্য, ব্যক্তিত্ব ইত্যাদিয়ে আমাৰ সংবোধন প্রভাৱান্বিত কৰে। এটা উদাহৰণে ব্যক্তিৰ সংবোধন প্রভাৱান্বিত কৰা প্রয়োজন নির্দেশ কৰে। দুজন মানুহ এজন ভোকার্ত আৰু আনজন তৃষ্ণাতুৰ, এখন ৰেষ্টোৰালৈ যোৱাৰ পাছত আৰু ৱেইটাৰে দুয়োজনৰ হাতত খাদ্যৰ তালিকা দিব নিৰ্দেশৰ বাবে। এইটো দেখা গৈছে যে, এটা তাৎক্ষণিক দৃষ্টিৰে, ভোকত থকা ব্যক্তিজনে খাব পৰা খাদ্যৰ তালিকা আৰু তৃষ্ণাতুৰজনে পানীয়ৰ তালিকা দেখা পাব। এই উদাহৰণে এনে এটা প্রকল্প কৰি লোৱাৰ দিশলৈ আগুৱাই নিয়ে যে ব্যক্তিৰ প্ৰয়োজনেও সংবোধন নির্ণয় কৰে। এইটো পোৱা গৈছে যে আৱেগ, অভিৰুচি, আৰু ব্যক্তিত্বৰ উপাদানে আমাৰ সংবোধন প্ৰভৱিত কৰে। উদাহৰণ হিচাপে, পুৰস্কাৰ আৰু শাস্তিৰ প্ৰভাৱ সম্পর্কে অধ্যয়ন কৰা থকা সময়ত, এয়া পোৱা গৈছে যে ছবি-পৃষ্ঠভূমিৰ সংবেদনসমূহে পুৰস্কৃত দিশসমূহৰ ক্ষেত্ৰত শাস্তিৰ দিশসমূহতকৈ ল’ৰা-ছোৱালীসকলৰ উপলব্ধি তাৎপর্যপূর্ণ।

(গ) সামাজিক আৰু সাংস্কৃতিক উপাদানঃ সংবোধনৰ শিক্ষণ আৰু বিকাশ সামাজিক আৰু সাংস্কৃতিক পৰিবেশত বাস্তৱায়িত হয়। আমাৰ সংবোধনে আমাৰ অতীতৰ শিক্ষণক প্রতিফিলতি কৰে আৰু, সেয়ে যদিও বিশেষ সামাজিক সাংস্কৃতিক পৃষ্ঠভূমিত শিক্ষণ আৰু সমাজীকৰণ বাস্তৱায়িত হয় সেয়া আমাৰ সংবোধনত প্রতিফলিত হয়। এক বৃহৎ সংখ্যক অধ্যয়নে এই প্রকল্পসমূহ যিয়ে সাংস্কৃতিক সংবেধানক প্ৰভাৱিত কৰে সেয়া সমৰ্থন কৰে। এইটো পোৱা গৈছে যে গভীৰ অৰণ্যত বাস কৰা আফ্রিকান ব্যক্তিয়ে থিয় আৰু পথালি আকৃতিৰ অমূল প্রত্যক্ষ অধিক লাভ কৰে আৰু পশ্চিমীয়া-নকৰীয়াসকলে লাভ কৰে মুলাৰ-লাইয়াৰ আকৃতি। এই পার্থক্য তেওঁলোকৰ সংস্কৃতিৰ পাৰ্থক্য। সেয়ে, সাংস্কৃতিক পৃষ্ঠভূমিয়ে পৃথিৱীখনক ভিন্নভাৱে ল’বলৈ প্ৰভাৱিত কৰে।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 4 Comments

Leave a Reply