Class 12 Assam Open School Psychology Chapter-3 মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণ

Class 12 Assam Open School Psychology Chapter-3 মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণ মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। Class 12 Assam Open School Psychology Chapter-3 মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণ

HS Second year Assam Open School Psychology Chapter-3 মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণ

খণ্ড ১ মড্যুল :১ 

3.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

১। কি বৈশিষ্ট্যই মানুহক আন প্ৰজাতিৰ সৈতে পৃথক কৰিছে?

উত্তৰঃ দ্বিপদীবাদ, ইনচিফালাইজেচন আৰু ভাষা।

২। স্নায়ুকোষৰ গঠনৰ প্ৰধান ভাগবোৰ বৰ্ণনা কৰা। 

উত্তৰঃ কেষ শৰীৰ, পার্শ্বতত্ত্ব, স্নায়ুকোষ

৩। তলত দিয়া উক্তিস্হ সঁচা নে মিছা উল্লেখ কৰা।

(i) কেৱল স্নায়ুকোষে এটা স্থানৰ পৰা আন এটা স্থানলৈ বাতৰি পৰিবহন কৰে। (সঁচা/মিছা)

উত্তৰঃ সত্য

(ii) গ্রহণেন্দ্ৰিয়ৰ সহায়ত স্নায়ুকোষে পৰিবেশৰ বাতৰি সংগ্ৰহ কৰে। (সঁচা/মিছা)

উত্তৰঃ সত্য

(iii) স্নায়ুকোষে বাতৰি সঞ্চয় নকৰে। (সঁচা/মিছা)

উত্তৰঃ অসত্য।

৪। উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা ঃ

(i) স্নায়ুকোষে মগজুৰ……..পৰিমাণ গঠন কৰে।

উত্তৰঃ স্নায়ুকোষে মগজুৰ আধা 

(ii) এটা কোষৰ তিনিটা ভাগ আছে। সেইকেইটা হ’ল…….. ,  …….. , ……। 

উত্তৰঃ এটা কোষৰ তিনিটা ভাগ আছে। সেইকেইটা হ’ল চাইট প্লাচ্য বা কোষদ্রব্য, কোষকেন্দ্র, কোষ ত্বক।

3.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

(ক) তলত উল্লেখ কৰা উক্তিসমূহ সত্য নে অসত্যঃ 

১। মস্তিস্ক আৰু মেৰুমজ্জাৰ দ্বাৰা কেন্দ্ৰীয় স্নায়ুতন্ত্র গঠিত। (সত্য/অসত্য)

উত্তৰঃ সত্য।

২। মেৰুমজ্জাৰ তিনিটা উপাদান আছে। (সত্য/অসত্য)

উত্তৰ: অসত্য।

৩। সুৰক্ষাৰ বাবে লাওঁখোলাৰ দ্বাৰা মস্তিষ্ক আবৃত হৈ আছে। (সত্য/অসত্য)

উত্তৰঃসত্য।

৪। মস্তিস্কৰ আটাইতকৈ তলৰ অংশটোক প্ৰমস্তিস্ক আৱৰণ বুলি কোৱা হয়। (সত্য/অসত্য)

উত্তৰঃ অসত্য।

(খ) উপযুক্ত শব্দেৰে খালী ঠাই পূৰ কৰা ঃ

১। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগ দুটা হৈছে…… আৰু …..। 

উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগ দুটা হৈছে কেন্দ্ৰীয় আৰু প্ৰান্তীয়।

২। মস্তিস্কৰ দুয়োটা গোলার্ধই শৰীৰৰ ……. দিশৰ বাতৰি পৰিচালনা কৰে।

উত্তৰঃ মস্তিস্কৰ দুয়োটা গোলাৰ্ধই শৰীৰৰ বিপৰিত দিশৰ বাতৰি পৰিচালনা কৰে।

৩। কেন্দ্রীয় স্নায়ুতন্ত্র ……. আৰু …..গঠিত।

উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্র মস্তিস্ক আৰু মেৰুমজ্জাৰে গঠিত।

৪। প্রান্তীয় স্নায়ুতন্ত্রই পৰা শৰীৰলৈ নিয়ে। 

উত্তৰঃ প্ৰান্তীয় স্নায়ুতন্ত্ৰই সংবাদ পৰা শৰীৰলৈ নিয়ে।

৫। কোষ শৰীৰৰ পদ্ধতিয়ে…… নিয়ন্ত্ৰণ কৰে আৰু শৰীৰৰ…….. ক  সহায় কৰে।

উত্তৰঃ কোষ শৰীৰৰ পদ্ধতিয়ে নিৰ্বাচিত নিয়ন্ত্ৰণ কৰে আৰু শৰীৰৰ পেশী চলনক সহায় কৰে।

3.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

১। হৰম’নবোৰ কি ?

উত্তৰ : আমাৰ তেজৰ ধাৰাত নিঃসৰিত হোৱা ৰাসায়নিক দ্রব্যসমূহ। 

২। শোষক গ্রন্থিক কিয় নিয়ন্ত্রণকর্তা গ্রন্থি বোলা হয় ?

উত্তৰ : ই অইন অন্তঃস্ৰাৱ গ্ৰন্থিৰ হৰম’নৰ ক্ৰিয়া নিয়ন্তৰণ কৰে। 

৩। উত্তৰাধিকাৰ প্ৰাপ্তি সূত্ৰৰ প্ৰক্ৰিয়া কি?

উত্তৰ : ই এনে প্ৰক্ৰিয়াৰ ওপৰত প্ৰতিষ্ঠিত য’ত প্ৰতিটো সন্তানে কোষ পিতৃ-মাতৃৰ পৰা লাভ কৰে।

3.4. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

১। মানুহৰ আচৰণ সংস্কৃতিয়ে কিদৰে গঠন কৰে?

উত্তৰ ঃ লক্ষ্য নিৰ্বাচনত পথ প্ৰদৰ্শন কৰা, আচৰণ ব্যাখ্যাৰ বিধিৰ সুফলতা, কিছুসংখ্যক নির্বাচিত আচৰণ প্ৰভাৱিত কৰা।

২। সমাজীকৰণৰ প্ৰধান দুটা কাৰক কি কি ? 

উত্তৰঃ পিতৃ-মাতৃ, শিক্ষক, সমনীয়া, মাধ্যম।

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ

১। স্নায়ুকোষৰ গঠন আৰু ক্ৰিয়া ব্যাখ্যা কৰা। 

উত্তৰ : আমাৰ শৰীৰটো বিভিন্ন কোষৰ দ্বাৰা নির্মিত। ইটা যিদৰে গৃহৰ আটাইতকৈ সৰু একক সেইদৰে কোষসমূহো মানুহৰ শৰীৰৰ আটাইতকৈ সৰু একক। যিকোনো জীৱিত জীৱ সেয়া গছ, জন্তু বা মানুহ, সকলো এই ক্ষুদ্র এককৰ দ্বাৰা গঠিত, যাক কোৱা হয় কোষ বুলি। অৱশ্যে বিভিন্ন জীৱিত জীৱৰ মাজৰ কোষত বিভিন্নতা আছে, যিদৰে জীৱিত জীৱৰ বিভিন্ন অংশৰ কোষৰ বিভিন্নতা আছে। সকলোবোৰ কোষৰে কোষশ্লেষ্মা নামৰ এক জুলীয়া অংশ, আৰু এটা কোষ কেন্দ্ৰ আছে আৰু এইবোৰ এটা কোষৰ পাতল আৱৰণৰ সৈতে পৰিবেষ্টিত হৈ আছে। কোষৰ মাজৰ সঞ্চালন আৰু বিভিন্ন কোষৰ সমন্বয়ে জীৱন সম্ভৱ কৰি তোলে। গতিকে সকলো জীৱৰ জীৱনেই, কোষৰ কার্যক্রমণিকাৰ ওপৰত নিৰ্ভৰ কৰে।

কোষে, যিটো স্নায়ুতন্ত্র গঠন কৰে সেইবোৰক স্নায়ুকোষ আৰু গ্লিয়া বুলি কোৱা হয়। কেৱল স্নায়ুকোষ অথবা স্নায়ুৰ কোষবোৰে এটা অংশৰ বাতৰি আন এটা অংশলৈ বহন কৰে। সূৰ্যাস্তৰ প্ৰশংসা, এটা গানৰ আনন্দ, কিছু দূৰৈত থকা আপোনজনক মনত কৰা বা কোনো সমস্যা সমাধান— এই সকলোবোৰ কাৰ্যই হাজাৰ অথবা নিযুত স্নায়ুকোষৰ সমন্বিত কাৰ্যৰ ফল। এই স্নায়ুকোষবোৰে পৰিবেশৰ পৰা বাতৰি সংগ্ৰহ কৰে গ্ৰহণেন্দ্ৰিয়ৰ যোগেদি আৰু এই বাতৰিসমূহ সংযুক্ত কৰি কার্য সম্ভৱ হয়। স্নায়ুকোষে বাতৰি সংৰক্ষণো কৰে আৰু আচৰণ প্ৰকাশত সহায় কৰে। মগজুৰ আধা অংশই স্নায়ুকোষৰ দ্বাৰা গঠিত। স্নায়ুতন্ত্র বাকী অংশ গ্লিয়েন কোষৰ দ্বাৰা গঠিত। কেন্দ্ৰীয়া স্নায়ুতন্ত্ৰৰ স্নায়ুকোষবোৰ বিভিন্ন আকাৰ আৰু আকৃতিৰ, কিন্তু সৰহভাগ স্নায়ুকোষৰে বৈশিষ্ট্য একে ধৰণৰ। এটা স্নায়ুকোষৰ তিনিটা ভাগ থাকে। সেইকেইটা হ’ল কায় বা শৰীৰ, পাৰ্শ্বতত্ত্ব আৰু স্নায়ুসূত্র।

(১) স্নায়ু শৰীৰ বা কায় ঃ হৈছে স্নায়ুকোষৰ আটাইতকৈ বৃহৎ অংশ। ই ৰাসায়নিক ৰূপান্তৰক নিয়ন্ত্ৰিত কৰে আৰু সম্পূর্ণ কোষৰ চোৱাচিতা কৰে। স্নায়ু শৰীৰে অইন স্নায়ুকোষৰ পৰা আকস্মিক শক্তি লাভ কৰে। স্নায়ু শৰীৰত স্নায়ু কেন্দ্র থাকে যিয়ে সংকেত পৰিবহন কৰিবলৈ ৰাসায়নিক দ্রব্য প্রস্তুত কৰে। 

(২) কোষৰ শৰীৰৰ পৰা বাহিৰ হৈছে পার্শ্বতত্ত্ব বা স্নায়ুকোষ আৰু জটিল গতিৰে বহল হৈছে। স্নায়ুশাখাৰ দ্বাৰা স্নায়ুকোকে যথেষ্টখিনি নিবেশ গ্রহণ কৰে, অইন স্নায়ুকোষৰ আভাষী সংযোগৰ জৰিয়তে। কোষে বতৰা পঠিওৱাৰ লগতে ৰাসায়নিক দ্রব্য নির্গত কৰে যিয়ে গ্রহণ কোষৰ কৰ্মত প্ৰভাৱ বিস্তাৰ কৰে।

(৩) স্নায়ুসূত্র হৈছে দীঘল আঁহ যিটো স্নায়ু শৰীৰৰপৰা আঁতৰি থাকে। স্নায়ুসূত্ৰই স্নায়ুকোশলৈ, অইন স্নায়ুকোষলৈ, পেশী আৰু গ্ৰন্থিলৈ সংকেত পঠিয়ায়। স্নায়ুসসূত্র বা স্নায়ুশাখাই স্নায়ুপথ গঠন কৰে। স্নায়ুশাখা স্নায়ুমজ্জাৰ আৱৰণৰ দ্বাৰা বিচ্ছিন্ন কৰা হৈছে স্নায়ুমজ্জা আৱৰণ গ্লিয়াল কোষৰ দ্বাৰা গঠিত।

২। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ক্ৰিয়া ব্যাখ্যা কৰা।

উত্তৰঃ মস্তিস্ক আৰু মেকমজ্জাৰ দ্বাৰা স্নায়ুতন্ত্র গঠিত। মেরুমজ্জাৰ স্নায়ুকোষে প্রতিৱৰ্তী ক্রিয়া সৃষ্টি কৰে। তাৰোপৰি, ই এক যোগান কেন্দ্ৰ দৰে কাম কৰে। শৰীৰত থকা সংবেধন স্নায়ুকোষৰ দ্বাৰা মস্তিস্কলৈ বাতৰি প্ৰেৰণ কৰে আৰু চলিত নিদের্শ পেশীলৈ লৈ যায়। মেকমজ্জাত বেছি জোৰে আঘাত পালে সাধাৰণতে সংবেদন হেৰুৱাবলগীয়া হয় আৰু আগাতৰ তলৰ অংশ পক্ষাঘাতগ্রস্ত হয়। ইয়াৰ দুটা উপাদান আছে, ধোঁৱাবৰণীয়া পদাৰ্থ আৰু বগা পদার্থ।

ধোঁৱাবৰণীয়া পদাৰ্থ মেৰুমজ্জাৰ কেন্দ্ৰৰ ওচৰত আছে য’ত বাতৰি প্ৰক্ৰিয়া পোৱা যায় তাত আৰু বগা পদাৰ্থ বাহিৰৰ স্তৰ, য’ত স্নায়ুশাখা থাকে, য’ৰ পৰা মস্তিস্কৰ বাতৰিৰ অনা নিয়া হয়।

যদিহে তোমালৈ ষ্টিৰল গিলাচত চাহ অনা হয় আৰু তুমি হঠাতে তুলি ল’বলৈ বিচৰা তুমি জানানে বগা পদার্থ বাহিৰৰ স্তৰ, স্নায়ুশাখা থাকে, য’ৰ পৰা মস্তিস্কৰ বাহিৰৰ অনা নিয়া হয়।

তেনে ক্ষেত্ৰত, আমাৰ চালৰ গৰম গ্রহণেন্দ্ৰিয় সংবেদশীল হ’ব আৰু স্নায়ু উদ্দীপনা সৃষ্টি কৰিব । হাতৰ সহায়েৰে অহা বাতৰি আমাৰ মেৰুমজ্জাত থকা স্নায়ুকোষেৰে যাত্ৰা কৰি বান্ধৰ কেন্দ্ৰৰ ধোৱাবৰণীয়া পদাৰ্থত প্রবেশ কৰিব। ই বগা পদাৰ্থৰ মাজেৰে মস্তিস্কলৈ প্ৰৱাহিত হয়। মস্তিস্কই সংবেদন বাতৰি বিশ্লেষণ কৰে আৰু স্বেচ্ছামূলক চলন সূচনা কৰে যিটোৱে এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, যেনে গিলাচটো পৰি যায়।

৩। অন্তঃস্রাবী গ্ৰন্থিৰ ক্ৰিয়া বৰ্ণনা কৰা৷

উত্তৰঃ শৰীৰত হৰমনৰ উচ্চ অথবা নিমান স্তৰৰ বাবে কিছুমান বেমাৰ হয়। উদাহৰণস্বৰূপে, মধুমেহ ৰোগ ইনচুলিন নামৰ হৰমনৰ নিম্ন স্তৰৰ বাবে হয়। সেইদৰে, অইন এটা হৰম’নৰ স্তৰ, থাইৰ’ক্সিনে আমাৰ আচৰণ নিয়ন্ত্ৰণ কৰে। হৰমন হ’ল আমাৰ তেজত হোৱা এক প্রত্যক্ষ ৰাসায়নিক নিঃসৰণ। অন্তঃস্রাবী গ্ৰন্থিৰ দ্বাৰা হৰম’ন নিঃসৰিত হয়। এই পদ্ধতিতো হৈছে নলাহীন গ্ৰন্থিৰ সংগঠন যিয়ে বিভিন্ন শাৰীৰিক ক্রিয়া সম্পাদন কৰে। যেতিয়া অন্তঃস্রাবী গ্রন্থিয়ে ৰাসায়নিক দ্রব্য নিঃসৰণ কৰে তেতিয়া তেজৰ সোঁতত হৰম’ন এৰি দি সংকেত দিয়ে। অন্তঃস্রাবী গ্রন্থি তাৰ বিভিন্ন ক্রিয়া তলত দিয়া হ’ল। এই গ্ৰন্থিৰ স্থানসমূহ চিত্ৰত দেখুওৱা হৈছে। শোধক গ্ৰন্থি ৰঙা-ধোৱা বৰণীয়া, মটৰ মাহৰ সমান, মস্তিস্কৰ ভিতৰত অৱস্থিত। ইয়াক মাষ্টাৰ গ্ৰন্থি ৰূপে অভিহিত কৰা হয় কাৰণ কিছুসংখ্যক এৰি দিয়া হৰম’নে অন্তঃস্রাবী গ্ৰন্থিৰ হৰম’নৰ ক্ৰিয়া উদ্দীপিত আৰু নিয়ন্ত্ৰণ কৰে। 

৪। কিদৰে আচৰণৰ ধৰণ পিতৃ-মাতৃৰ পৰা সন্তানলৈ প্ৰেৰণ কৰা হয় ?

উত্তৰ ঃ আমি প্ৰায়ে মানুহৰ বংশগত চৰিত্ৰ কিছুমানৰ কথা কওঁ। যেনে— নীনাই তাইৰ মাকৰ নীলাযুৰি পাইছে, বা অশোকে দেউতাকৰ কেঁকোৰা চুলিকোছা পাইছে। আমি ওখ মাক-দেউতাকৰ পৰা ওখ সন্তান পাবলৈ বিচাৰো। এই ধৰণৰ বৈশিষ্ট্যসমূহ উত্তৰাধিকাৰী সূত্রে পোৱাকে বংশগতি বোলা হয়।

সকলো জীৱিত প্রাণীয়েই অনন্য, কিয়নো প্রত্যেকেই অইন প্ৰজাতিৰ সদস্যতকৈ পৃথক (মেকুৰী কুকুৰতকৈ পৃথক আৰু মানুহ জত্ত্বতকৈ পৃথক)। এটা জীৱৰ শাৰীৰিক দৃশ্যমানতা আৰু আচৰণ প্ৰতিজন ব্যক্তি অনুসৰি ভিন্ন হয়। প্ৰথমটো জনা যায় প্ৰৰূপ প্ৰজাতি হিচাপে আৰু পাছৰটোক ফেনোটাইপ বুলি কোৱা হয়। প্ৰতিগৰাকী ব্যক্তিৰ ফেনোটাইপ হৈছে জেনেটাইপ আৰু পৰিবেশৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াৰ ফলাফল। আমাৰ শাৰীৰিক বিকাশ সৰহভাগেই আমি পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰীসূত্ৰে লাভ কৰা জিনৰ ওপৰত নিৰ্ভৰশীল। অধিকভাৱে বিশ্বাস কৰা হয় যে বংশগতিৰ বৈশিষ্ট্যসমূহে বংশগতি উপাদানেৰে পৰিবাহিত হৈ জীৱৰ ক্ষমতাৰ সীমা নিৰ্ধাৰণ কৰে।

বৰ্তমানৰ বংশগতি তত্ত্ব গ্রেগৰি মেণ্ডেলৰ কৰ্মৰ ওপৰত নিৰ্ভৰশীল। তেখেতে আঙুলিয়াই দিছিল যে পিতৃ-মাতৃৰ চৰিত্ৰ জীৱকোষৰ দ্বাৰা তেওঁলোকৰ সন্তানলৈ পৰিবাহিত হয়। এই জীৱকোষবোৰে সন্তানৰ মাজত দৃশ্যমান চৰিত্ৰ উৎপন্ন কৰে বা হয়তো সম্ভাৱনীয় পৰিবহনেৰে অইন প্রজন্মলৈ কঢ়িয়াই নিয়ে। একে পিতৃ মাতৃৰ সন্তানে একে ধৰণৰ বৈশিষ্ট্যসমূহ বংশগত হিচাপে নাপাবও পাৰে।

৫। মানুহৰ আচৰণ গঢ় দিয়াত সংস্কৃতিৰ ভূমিকা উদাহৰণসহ বর্ণনা কৰা। 

উত্তৰ ঃ ব্যক্তিৰ আচৰণ তেওঁলোকৰ সাংস্কৃতিক পৰিস্থিতিৰ অৰ্থপূৰ্ণ হৈ উঠে।

অর্থপূর্ণ সমভাৱে অংশগ্রহণ কৰা কাৰ্য আৰু অভ্যাসৰ জৰিয়তে সংস্কৃতিয়ে আণাৰ লক্ষ্য নির্বাচনত পথপ্ৰদৰ্শন কৰে আৰু বিভিন্ন পৰিস্থিতিত আমাক আচৰণ প্ৰকাশ কৰিবলৈ শিকায়। বিভিন্ন ধৰণৰ আচৰণ বিভিন্ন সংস্কৃতিৰ সংস্পৰ্শত যেতিয়া বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত পাৰস্পৰিক যোগাযোগ বাস্তবায়িত হয় তেতিয়া উদ্ভৱ হয়। বিভিন্ন ঐতিহ্য, পৰম্পৰা আৰু সাংস্কৃতিক দক্ষতাই এই বিধিসমূহ পৰিবেশন কৰে। এইবোৰে ব্যক্তিৰ আচৰণৰ ব্যাখ্যা কৰে আৰু অৰ্থপূৰ্ণ কৰিতুলি কোনো এটা সংস্কৃতিৰ নাম দিয়ে। এইদৰেই এটা সম্প্রদায়ে কিছুমান বিশ্বাস আৰু মূল্য প্রত্যায়িত কৰি তুলিব পাৰে। তেওঁলোক সেই সম্প্ৰদায়ৰ লোকসকলৰ সামাজিক সচেতনতাৰ অংশ হৈ পৰিব পাৰে।

যেতিয়া পূৰ্বতে বিদ্যমান হৈ থকা প্ৰাকৃতিক বস্তু মানুহৰ প্ৰচেষ্টাত সলনি হয় তাকেই সাংস্কৃতিক পৰিৱৰ্তনৰূপে জনা যায়। মানুহৰ দ্বাৰা যিবোৰ বৰঙণি যোগোৱা হয় সেইবোৰেই সংস্কৃতিক প্রতিনিধিত্ব কৰে। ইয়াৰ ভাবমূলক আৰু বস্তুগত দিশ আছে। এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সংস্কৃতি পৰিবাহিত হয়। সংস্কৃতিৰ ভাৱমূলক অংশই মূল্য, মানদণ্ড, ভূমিকা ইত্যাদি সামৰি লয় আৰু সংস্কৃতিৰ বস্তুগত অংশই সঁজুলি, ভাস্কর্য কাৰ্য আৰু বিভিন্ন সঁজুলিসমূহ সামৰি লয়।

মানুহৰ বিভিন্ন সংস্কৃতিৰ জন্ম হয় যিয়ে উদ্দীপনা, ভাষা আৰু অভ্যাসসমূহৰ সমুচ্চয় প্রদান কৰে। আমি যি ধৰণে গঠিত হৈছো সেয়া সংস্কৃতিৰ এই অংশসমূহৰ মাজেৰেই সম্ভৱ হৈছে। বিভিন্ন সমাজত প্ৰসিদ্ধ আচৰণৰ ভিন্নতা অধিক পৰিমাণে সাংস্কৃতিক ভিন্নতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। এয়া সংঘটিত হয় কাৰণ সংস্কৃতিয়ে নির্বাচিতভাৱে কিছুমান আচৰণ উৎসাহিত কৰে আৰু সদস্যসকলে সেইবোৰ পুনঃ পুনঃ কৈ শিকাতো বিচাৰে। সংস্কৃতিয়ে দুই ধৰণে কাম কৰে, যেনে ইয়ে সুবিধাসমূহ আগবঢ়ায় আৰু তাৰ লগে লগে আমাৰ ওপৰত নিষেধসমূহো প্রদান কৰে। বিশেষ অর্থনৈতিক-সাংস্কৃতিক প্রসঙ্গৰ ওপৰত নিৰ্ভৰশীল হৈ বিভিন্ন আচৰণৰ ধৰণ আৰু ক্ৰিয়া উৎসাহিত অথবা নিৰাশ কৰা হয়।

মানুহৰ আচৰণ জৈৱিক সম্ভাৱনাৰ দ্বাৰা আৰু লগতে পৰিবেশৰ বৰঙণিৰ দ্বাৰা গঠিত হয়। তথাপিও, দুয়োটাই পাৰস্পৰিকভাৱে ক্রিয়া কৰে আৰু এটা সংস্কৃতিত যিটোৱে আচৰণৰ বিশেষ গঠন বা দিশ নিৰ্দেশ কৰে সেয়া যুগ্মভাবে নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে, এটি শিশু এটি পৰিয়ালত ডাঙৰ হয়, বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে আৰু পুতলাসমূহৰ লগত খেলা-দূলা কৰে। এটা মুহূৰ্তৰ প্ৰতিফলনে এইটো স্পষ্ট কৰি দিয়ে যে পৰিয়াল, বিদ্যালয়, খেলনা বিভিন্ন সংস্কৃতি অনুসৰি বিভিন্ন ধৰণৰ হয়। যুগ্ম আৰু একক পৰিয়ালৰ দাবীবোৰো বিভিন্ন হয়। সেইদৰে মহানগৰীৰ বিদ্যালয়ত আৰু সুদূৰ গাঁওবোৰত শ্ৰেণীকোঠাৰ পৰিবেশ, পাৰস্পৰিক ক্ৰিয়াৰ ধৰণ আৰু অন্যান্যবোৰ বিভিন্ন হয়। মহানগৰীৰ খেলনা আৰু সুদূৰ গাঁৱৰ খেলনাৰ মাজতো পার্থক্য আছে। অৱশ্যে এইটোও মনত ৰাখিব লাগিব যে সংস্কৃতি কেতিয়াও স্থগিত কেতিয়াও স্থবিৰ হৈ নেথাকে। যিক্ষেত্ৰত প্রত্যেক সংস্কৃতিয়ে নিজৰ পৰিচয় বজাই ৰাখিব বিচাৰে, অইন সংস্কৃতিৰ সৈতে পাৰস্পৰিক কাৰ্য কৰিব বিচাৰে আৰু অইন সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিতও হয়। এইদৰে সংস্কৃতিত ধাৰাবাহিকতা আৰু তাৰ লগে লগে পৰিৱৰ্তন প্ৰক্ৰিয়া চলি থাকে।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 4 Comments

Leave a Reply