Class 12 Assam Open School Psychology Chapter-1 মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মনন

Class 12 Assam Open School Psychology Chapter-1 মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মনন মুক্ত বিদ্যালয়ৰ (SOS) ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগীকে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাই প্ৰস্তুত কৰি উলিওৱা পাঠ্যক্রমকে অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পাঠ্যক্রম হিচাপে গ্রহণ কৰা হৈছে। Class 12 Assam Open School Psychology Chapter-1 মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মনন

HS Second Year Assam Open School Psychology Chapter-1 মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মনন

খণ্ড ১ মড্যুল :১

1.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

(ক) শুদ্ধ বিকল্পবোৰ বাছি উলিওৱা :

(১) মনোবিজ্ঞানক অধিক সঠিকভাৱে মূল্যায়ন কৰা হৈছে: 

(ক) মনৰ অধ্যয়ন হিচাপে

(খ) অবচেতন মানসিক প্ৰক্ৰিয়াসমূহৰ বৈজ্ঞানিক অধ্যয়ন হিচাপে

(গ) মন, মগজু আৰু আচৰণৰ বিজ্ঞান হিচাপে 

(ঘ) আচৰণ আৰু জ্ঞানৰ বিজ্ঞান হিচাপে।

উত্তৰঃ (গ) মন, মগজু আৰু আচৰণৰ বিজ্ঞান হিচাপে

(২) তলৰ কোনটো মনোবিজ্ঞানীসকলৰ দ্বাৰা ব্যৱহাৰ কৰা নহয় ?

(ক) সাক্ষাৎকাৰ

(খ) এগৰাকী লোকৰ হাতৰ তলুৱাৰ ৰেখা অধ্যয়ন

(গ) পৰীক্ষণ

(ঘ) পর্যবেক্ষণ

উত্তৰঃ (গ) পৰীক্ষণ

1.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ :

(ক) তলত দিয়া উক্তিবোৰ মিলোৱাঃ

(১) জৈৱিক পৰিপ্ৰেক্ষিত(২) আচৰণমূলক পৰিপ্ৰেক্ষিত(৩) মনোগতিশীল পৰিপ্ৰেক্ষিত(8) প্রজ্ঞানাত্মক পৰিপ্ৰেক্ষিত(৫) মানৱতাবাদী পৰিপ্ৰেক্ষিত(৬) ভাৰতীয় পৰিপ্ৰেক্ষিত(ক) ইতিবাচক শক্তি হিচাপে মানৱ প্রাণীসমূহ।(খ) আচৰণে মানসিক প্রক্রিয়া অন্তর্ভুক্ত কৰি লয়।(গ) জৈৱিক সত্তাৰ কাৰ্য।(ঘ) মন, দেহ আৰু আত্মাৰ সমন্বয়।(ঙ) মনৰ সচেতন দিশ।(চ) পৰিবেশীয় বৈশিষ্ট্যসমূহৰ কাৰ্য।

উত্তৰ 

(১) জৈৱিক পৰিপ্ৰেক্ষিত(গ) জৈৱিক সত্তাৰ কাৰ্য।
(২) আচৰণমূলক পৰিপ্ৰেক্ষিত(চ) পৰিবেশীয় বৈশিষ্ট্যসমূহৰ কাৰ্য।
(৩) মনোগতিশীল পৰিপ্ৰেক্ষিত(ঙ) মনৰ সচেতন দিশ।
(৪) প্রজ্ঞানাতমকপৰিপ্ৰেক্ষিত(খ) আচৰণে মানসিক প্রক্রিয়া অন্তর্ভুক্ত কৰি লয়।
(৫) মানৱতাবাদী পৰিপ্ৰেক্ষিত(ক) ইতিবাচক শক্তি হিচাপে মানৱ প্রাণীসমূহ।
(৬) ভাৰতীয় পৰিপ্ৰেক্ষিত(ঘ) মন, দেহ আৰু আত্মাৰ সমন্বয়।

(খ) তলত দিয়া উক্তিবোৰ সঁচা অথবা মিছা উল্লেখ কৰা :

(i) সমাজবিজ্ঞান আৰু মনোবিজ্ঞানে মানৱ আচৰণৰ ওপৰত সামাজিক পৰিস্থিতিৰ প্ৰভাৱ উপলব্ধিত সহায় কৰে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(ii) নৃতত্ত্ব বিজ্ঞানে মানৱ জাতিৰ ক্ৰমবিকাশ আৰু সভ্যতাৰ বিকাশৰ বিষয়ে অধ্যয়ন কৰে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(iii) শিক্ষা আৰু মনোবিজ্ঞান সম্বন্ধযুক্ত নহয়। (সঁচা/মিছা)

উত্তৰঃ মিছা।

(iv) মানৱ আচৰণৰ কোনো জৈৱিক ভেটি নাই। (সঁচা/মিছা)

উত্তৰঃ মিছা।

1.3. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ :

(ক) শুদ্ধ বিকল্পবোৰ বাছি উলিওৱা ঃ

(১) তলৰ কোনগৰাকী মনোবিজ্ঞানী মনোবৈজ্ঞানিক সমস্যাসমূহৰ চিকিৎসাৰ লগত অধিকভাবে জড়িত? 

(ক) পৰামৰ্শ প্রদানকাৰী মনোবিজ্ঞানী

(খ) সম্প্রদায় মনোবিজ্ঞানী 

(গ) নৈদানিক মনোবিজ্ঞানী

(ঘ) সামাজিক মনোবিজ্ঞানী 

উত্তৰ ঃ (গ) নৈদানিক মনোবিজ্ঞানী

(২) ধৰি লোৱা হ’ল তুমি, মানুহে ইজনে সিজনক আকৰ্ষণ কৰা আৰু বন্ধুত্বৰ দিশলৈ আগবঢ়াই নিয়া উপাদানবোৰৰ ওপৰত এটা প্ৰৱন্ধ লিখি আছা। এয়া সম্ভাব্য যে তুমি এনে কিতাপবোৰ পঢ়িবলৈ প্ৰচেষ্টা চলাৱা যিবোৰ লিখা হৈছে:

(ক) বিকাশমূলক মনোবিজ্ঞানীৰ দ্বাৰা

(খ) শিক্ষামূলক মনোবিজ্ঞানীৰ দ্বাৰা 

(গ) সামাজিক মনোবিজ্ঞানীৰ দ্বাৰা

(ঘ) সম্প্রদায় মনোবিজ্ঞানীৰ দ্বাৰা

উত্তৰঃ (গ) সামাজিক মনোবিজ্ঞানীৰ দ্বাৰা

(৩) তুমি মনোবিজ্ঞানীসকলৰ এখন সভা/আলোচনাচক্ৰত উপস্থিত আছা। তুমি উপলব্ধি কৰিছা যে এটা আলোচনা শিশুসকলৰ প্ৰত্যক্ষিক সামৰ্থস্যমূহৰ ওপৰত, দ্বিতীয়টো বয়সীয়া লোকসকলৰ সমাজীকৰণৰ ওপৰত আৰু তৃতীয়টোৱে ডাঙৰসকলৰ শাৰীৰিক পৰিৱৰ্তসমূহৰ সৈতে মোকাবিলা কৰিছে। এইক্ষেত্ৰত মনোবিজ্ঞানীসকলৰ বিশেষ বিদ্যা সম্পর্কে তোমাৰ অনুমান কি ?

(ক) দেহতত্বমূলক

(খ) প্রজ্ঞানাত্মক

(গ) সামাজিক

(ঘ) বিকাশমূলক

উত্তৰঃ (ঘ) বিকাশমূলক

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ

1. মনোবিজ্ঞানৰ প্ৰকৃতি ব্যাখ্যা কৰা।

উত্তৰ : মানৱ প্ৰাণীসমূহে কিভাৱে পৰিবেশৰ পৰা খবৰ গ্ৰহণ কৰে আৰু বস্তুবোৰ উপলব্ধি কৰে?

মানুহে কিদৰে অভিজ্ঞতাসমূহ শিকি লয় আৰু মনত পেলায়?

মানুহে কিদৰে চিন্তা কৰে, যুক্তি প্ৰদান কৰে আৰু সমস্যাস্হ সমাধান কৰে?

বিভিন্ন ধৰণৰ মনোবৈজ্ঞানিক বৈশিষ্ট্যসমূহ যেনে— বুদ্ধি, ব্যক্তিত্ব আৰু আগ্রহ আদিৰ দিশৰ পৰা তেওঁলোক কিভাৱে পৃথক হৈ পৰে?

জীৱনৰ বিভিন্ন সমস্যাৰ সৈতে মানুহে কিধৰণে মকাবিলা কৰে?

এই মুহূৰ্তৰ উপলদ্ধিয়ে এই কথাটো সুস্পষ্ট কৰি তুলিব যে ওপৰৰ সকলোবোৰ প্রশ্নত মস্তিষ্ক, মন অথবা মানসিক কার্যসমূহ আৰু আচৰণ অন্তর্ভুক্ত হৈ আছে। যিকেনো নিৰীক্ষণসাধ্য কাম হৈছে মস্তিষ্ক, মন আৰু আচৰণৰ সমন্বয়ৰ পৰিণতি। মস্তিষ্কৰ এটা ভৌতিক গাঠনি আছে আনহাতে মনৰ মস্তিষ্কৰ কাৰ্যমূলক যুগ্মবস্তুৰ এটা হিচাপে, বিবেচনা কৰা হয়। মনোবিজ্ঞানে এইবোৰৰ মাজত থকা সংযোজনস্হ বৈশিষ্ট্যপূৰ্ণ কৰি তোলা নীতিসমূহ আৰু কাৰ্যবিধিসমূহৰ এটা বিজ্ঞানসন্মতভৱে উপলব্ধিত প্রচেষ্টা চলায়।

আমি আমাৰ দৈনন্দিন জীৱনত নানা ধৰণেৰে আচৰণ কৰো আৰু ‘আচৰণ’ শব্দটো মৌখিক তথা মনোবৈজ্ঞানিক প্রতিক্রিয়াসমূহ উল্লেখ কৰাৰ বাবে ব্যৱহাৰ কৰো।

মনোবৈজ্ঞানিক বিষয়সমূহৰ আগ্ৰহৰ দীঘলীয়া অতীত আছে যি কি নহওক আধুনিৰ চেতনাত মনোবৈজ্ঞানিক পৰিঘটনাসমূহৰ উপলব্ধি ৰীতিসন্মত কৰি তোলাৰ প্ৰয়াসসমূহ ১৯ শতিকাৰ ভিতৰতহে আৰম্ভ হৈছিল। দৰ্শন আৰু প্ৰাকৃতিক বিজ্ঞানসমূহৰ দৰে অধ্যয়নৰ বিষয়সমূহত হোৱা বিকাশবোৰৰ দ্বাৰা এনে প্ৰক্ৰিয়া প্ৰভাৱান্বিত হৈছিল। সাম্প্ৰতিক কালত মনোবিজ্ঞানক এটা বিজ্ঞান আৰু একেদৰে জীৱনৰ গুণগত উন্নতি সাধনৰ দিশলৈ অবদান আগবঢ়াই থকা বৃত্তি হিচাপে বিবেচনা কৰা হৈছে। ইয়ে নানাধৰণৰ মানসিক দিশ আৰু আচৰণমূলক কাৰ্যৰ দিশসমূহৰ ওপৰত প্ৰাথমিকভাৱে দৃষ্টি নিক্ষেপ কৰে। মনোবিজ্ঞানীসকলে আচৰণমূলক পৰিঘটনাসমূহৰ কাৰণবোৰ উপলব্ধি কৰিবলৈ আৰু সেইবোৰৰ বিষয়ে নীতিসমূহ আৰু তত্ত্বসমূহ বিকাশপ্রাপ্ত কৰি তোলাৰ বাবে বিজ্ঞানসন্মত পদ্ধতিবোৰ ব্যৱহাৰ কৰে। এওঁলোক মানৱ আচৰণৰ লগত সম্বন্ধ থকা নানাধৰণৰ প্ৰশ্নসমূহ উপলব্ধি কৰাৰ প্ৰচেষ্টা চলায় ।

2. মনোবিজ্ঞানৰ মনোগতিশীল পৰিপ্ৰেক্ষিতৰ বৰ্ণনা প্ৰদান কৰা ৷

উত্তৰ ঃ আমি আমাৰ ক্ৰিয়াৰ প্ৰকৃত কাৰণ সম্পৰ্কে প্ৰায়ে সচেতন নহওঁ। মনোবিশ্লেষণৰ আৱিষ্কাৰক চিগ্‌মাণ্ড   ফ্রয়েডৰ এই দৃষ্টিভঙ্গীৰ সৈতে ওচৰ সম্পৰ্ক আছিল। আচৰণৰ অভিৰোচনামূলক প্রশ্নৰ ওপৰত মনোযোগ নিবিষ্ট কৰি, এই পটভূমিয়ে আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ ভূমিকা পৰীক্ষা কৰে। ই বিশ্বাস কৰে যে প্রত্যেক আচৰণৰে একোটা কাৰণ থাকে আৰু এনে কাৰণ মনৰ মাজত বিচাৰি পোৱা যায়। ইয়াৰ দ্বাৰা জানিব পৰা যায় যে আমাৰ সহৰভাগ আচৰণ অবচেতন মনৰ প্ৰক্ৰিয়াই শাসন কৰে যিটো আমাৰ সচেতনতাৰ সীমাৰ বহির্ভূত। মানসিক বিশৃংখলতাত ভুগি থকা ব্যক্তিক পর্যবেক্ষণ কৰিবলে এনে দৃষ্টিভঙ্গী ব্যৱহাৰ কৰা হয় আৰু এনে দৃষ্টিভঙ্গীত প্ৰাক শৈশৱকালৰ অভিজ্ঞতাক বয়স্ক লোকৰ আচৰণৰূপে গণ্য কৰে। এনে দৃষ্টিভঙ্গী অনুসৰি, প্রাথমিকভাৱে মানুহে যৌন আৰু কলহপ্রিয় প্রবৃত্তিৰ দ্বাৰা অনুপ্রাণিত। নব্য ফ্ৰয়ে পন্থী, যেনে— হৰ্নি, এৰিকচন আৰু এৰিক ফ্ৰমে মনোবিশ্লেষণ বিভিন্ন আকাৰত বিকাশপ্রাপ্ত কৰি তুলিছে। সেইদৰে য়ুঙ আৰু এডলাৰে বিভিন্ন পৰম্পৰাসমূহৰ বিকাশ ঘটাইছিল। 

3. শিক্ষাৰ সৈতে মনোবিজ্ঞান কিদৰে জড়িত ?

উত্তৰ ঃ শিক্ষা আৰু মনোবিজ্ঞানৰ দীৰ্ঘদিনীয়া সম্বন্ধৰ ইতিহাস আছে। শিক্ষাৰ তত্ত্ব আৰু অনুশীলনসমূহ বিভিন্ন ধৰণৰ মনোবৈজ্ঞানিক প্রক্রিয়া সম্বন্ধে যেনে—

শিক্ষণ, স্মৃতি, অভিৰোচন, ব্যক্তিত্ব আৰু বুদ্ধি, নীতিসমূহ আৰু সিদ্ধান্তসমূহৰ ওপৰত নিৰ্ভৰ কৰিছে। ইয়াৰোপৰি ফলপ্ৰসূ শ্রেণীকক্ষৰ শিকোৱা কাৰ্য আৰু শিক্ষণ তেতিয়াহে সম্ভৱ যেতিয়া মানৱ বিকাশৰ নীতিসমূহক লৈ শিক্ষকসকলক প্রশিক্ষিত কৰি তোলা হয়। ল’ৰা-ছোৱালীসকল সক্রিয় শিকাৰু যিসকলে সংবাদসমূহ সংসাধন কৰে আৰু সেই অনুসৰি কাৰ্য সম্পাদন কৰে। গতি,ে এগৰাকী শিক্ষক অভিৰোচন আৰু যোগাযোগৰ কৌশলসমূহৰ ক্ষেত্ৰত সুকৌশলী হৈ উঠাতো প্রয়োজনীয় হৈ পৰে। শিক্ষকসকলে প্ৰায়েই ছাত্র ছাত্রী তথা অভিভাৱকসকলক নিৰ্দেশনা আৰু পৰামৰ্শ প্ৰদান কৰাটো প্রয়োজনীয় হৈ উঠে। একেধৰণে ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যায়নৰ বাবে মনোবৈজ্ঞানিক মূল্যাংকনৰ নীতি আৰু প্ৰক্ৰিয়াসমূহৰ মৌলিক উপলব্ধিৰো প্ৰয়োজন হয়।

4. নৈদানিক মনোবিজ্ঞান আৰু ঔদ্যোগিক মনোবিজ্ঞানৰ বিভিন্ন ক্ষেত্রসমূহ আলোচনা কৰা।

উত্তৰঃ নৈদানিক মনোবিজ্ঞান: এগৰাকী নৈদানিক মনোবিজ্ঞানী সম্পর্কে সাধাৰণ প্ৰতিৰূপটো হৈছে এগৰাকী চিকিৎসকৰ যিয়ে মনোবৈজ্ঞানিক বিশৃংখলতাবোৰৰ কাৰণসমূহ নিৰূপণ কৰে আৰু মনোথেৰাপী ব্যৱহাৰ কৰি সেইবোৰ চিকিৎসা কৰে। দৰাচলতে তেওঁ এগৰাকী চিকিৎসক নহয় আৰু তেওঁক চিকিৎসাৰ ডিগ্ৰীধাৰী এগৰাকী মনোৰোগ চিকিৎসক হিচাপে ভুল কৰিব নালাগে। তেওঁ লক্ষণসমূহৰ পৰা মুক্তি দিয়াৰ বাবে মানুহক তেওঁলোকৰ সমস্যাসমূহৰ কাৰণবোৰ উপলব্ধি কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ বাবে নানাধৰণৰ কৌশলসমূহ ব্যৱহাৰ কৰে। এগৰাকী নৈদানিক মনোবিজ্ঞানীয়ে ব্যক্তিত্বৰ পৰিৱৰ্তন ঘটোৱাৰ বাবে প্রচেষ্টা চলায় যাতে ব্যক্তিগৰাকীয়ে তেওঁৰ অৱস্থাৰ লগত সমাযোজিত ধৰণে মকাবিলা কৰিব পাৰে। এগৰাকী নৈদানিক মনোবিজ্ঞানীয়ে মূলতঃ বিকাশত নেতিবাচক অথবা সমস্যামূলক দিশসমূহ চিনাক্তকৰণৰ আৰু সেইবোৰ উপশমৰ লক্ষ্য কৰি লয়। উদাহৰণ হিচাপে, এগৰাকী নৈদানিক মনোবিজ্ঞানীয়ে ভয়, একপ্রকাস যুক্তিসংগত ভয়ৰ আচৰণ চিকিৎসা কৰি সেই আচৰণ সজীৱ হৈ থকা প্ৰবলন আঁতৰ কৰাৰ প্ৰচেষ্টা চলায় আৰু একে সময়তে মানুহৰ মাজত অধিক যুক্তিসন্মত তথা ফলপ্রসূ মকাবিলা আৰ্হিসমূহ শিকি লোৱা প্ৰক্ৰিয়াৰ উন্নতি ঘটোৱাৰ বাবে প্ৰবলন প্ৰদান কৰাৰ প্ৰচেষ্টা চলায়।

ঔদ্যোগিক মনোবিজ্ঞান : যিসকল মনোবিজ্ঞানীয়ে এইক্ষেত্ৰত কাম কৰি আছে, তেওঁলোকে উদ্যোগসমূহ আৰু অন্যান্য সংগঠনসমূহক ব্যক্তিগত নির্বাচন, প্রশিক্ষণ, যোগাযোগৰ লগত সম্পৰ্ক থকা সমস্যাসমূহৰ সমাধান, উৎপাদনশীলতা আৰু আন্তঃব্যক্তিক তথা দলীয় সম্পৰ্কসমূহৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। সাংগঠনিক বিকাশৰ বাবে বিভিন্ন ধৰণৰ হস্তক্ষেপসমূহ (যেনে— দল, গঠন কৰি লোৱা, যোগাযোগৰ কৌশলসমূহৰ বিকাশ, লক্ষ স্থিৰ কৰি লোৱা, কামৰ আহি তৈয়াৰ কৰা) কামৰ পটভূমিসমূহৰ পৰিস্থিতিসমূহ উন্নত কৰাৰ বাবে আৰু উৎপাদনসমূহৰ গুণ বৃদ্ধি কৰাৰ বাবে বৰ্তমান প্ৰয়োগ কৰা হৈছে।

অধ্যায়:খণ্ড ১LINK
মড্যুল :১
অধ্যায়: ১মনোবিজ্ঞান : আত্ম আৰু আনসকলৰ মননClick Here
অধ্যায়: ২মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?Click Here
অধ্যায়: ৩মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণClick Here
অধ্যায়: 8আমাৰ চৌপাশৰ পৃথিবীৰ প্ৰতি সজাগতাClick Here
অধ্যায়: ৫মনোযোগ আৰু সংবোধনClick Here
অধ্যায়: ৬শিক্ষণ প্ৰক্ৰিয়া আৰু কৌশল আয়ত্বকৰণClick Here
অধ্যায়: ৭স্মৃতি আৰু বিস্মৃতিClick Here
অধ্যায়: ৮সত্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰা : চিন্তা আৰু যুক্তিClick Here
অধ্যায়: ৯অভিৰোচনClick Here
অধ্যায়: ১০আৱেকClick Here
অধ্যায়: ১১বিকাশ : ইয়াৰ প্ৰকৃতিClick Here
অধ্যায়: ১২বিকাশৰ প্ৰভাৱ ক্ষেত্রসমূহClick Here
অধ্যায়: ১৩কৈশোৰClick Here
অধ্যায়: ১8প্রাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কালClick Here
অধ্যায়: ১৫বৈষম্যসমূহৰ মনন বুদ্ধিৰ সংঘটনClick Here
অধ্যায়: ১৬আত্ম বা স্বয়ং কি ?Click Here
অধ্যায়: ১৭আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহClick Here
অধ্যায়: ১৮ব্যক্তিত্বৰ তত্ত্বসমূহClick Here
অধ্যায়: ১৯ব্যক্তিত্বৰ মূল্যাঙ্কনClick Here
অধ্যায়: ২০মনোবৈজ্ঞানিক বিসংগতিClick Here
অধ্যায়: ২১দলীয় প্রক্রিয়াসমূহClick Here
অধ্যায়: ২২ব্যক্তি বোধ আৰু আন্তঃব্যক্তিক আকর্ষণClick Here
অধ্যায়: ২৩মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়াClick Here
অধ্যায়: ২8মনোচিকিৎসাClick Here
অধ্যায়: ২৫স্বাস্থ্য মনোবিজ্ঞানClick Here
অধ্যায়: ২৬শিক্ষা আৰু কৰ্মClick Here
অধ্যায়: ২৭কৰ্মজীৱনৰ উন্নতিClick Here
অধ্যায়: ২৮বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজনClick Here
অধ্যায়: ২৯চাপ আৰু তোমাৰ স্বাস্থ্যClick Here
অধ্যায়: ৩০চাপ পৰিচালনা আৰু কল্যাণClick Here
অধ্যায়: ২৬আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰাClick Here
অধ্যায়: ২৭ক্রীড়া কেন্দ্র ঃ উদ্দেশ্যClick Here
অধ্যায়: ২৮ক্রীড়া কেন্দ্র : সাংগঠনিক সবিশেষClick Here
অধ্যায়: ২৯কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনাClick Here
অধ্যায়: ৩০ক্রীড়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্রহণClick Here



This Post Has 13 Comments

Leave a Reply