Class 12 Economics Part 2 Chapter- 4 দৰিদ্ৰতা

Class 12 Economics Part 2 Chapter- 4 দৰিদ্ৰতা। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Economics Part 2 Chapter- 4 দৰিদ্ৰতা AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second Year Economics Part 2 Chapter- 4 দৰিদ্ৰতা

গ- অংশ : ভাৰতীয় অর্থনৈতিক উন্নয়ন

(ক) অতি চমু প্রশ্ন উত্তৰ :

১।দৰিদ্ৰতাৰ সংজ্ঞা দিয়া।

উত্তৰঃ পৃথিৱীৰ বিভিন্ন দেশসমূহত গ্ৰহণ কৰা দৰিদ্ৰতাৰ বিভিন্ন সংজ্ঞাৰ মাজত যথেষ্ট পার্থক্য আছে। এই সকলো পাৰ্থক্যবোৰক আঁতৰাই বহুলভাৱে এইটো ক’ব পৰা যায় যে দৰিদ্ৰতা হ’ল এনেকুৱা এটি সমস্যা য’ত সমাজৰ এক শ্ৰেণীৰ মানুহ, নিজা কোনো দোষ নথকা সত্বেও | জীয়াই থকাৰ বাবে কোনো এখন দেশৰ জনসংখ্যাৰ ভালেখিনি অংশ দীৰ্ঘকালৰ বাবে জীৱনৰ | ন্যূন্যতম সুযোগ সুবিধাৰ পৰা বঞ্চিত হয়। ইয়াৰ ফলত সেই দেশ ক্রমান্বয়ে দৰিদ্ৰতাৰ এটি | ভয়ানক চক্ৰৰ সন্মুখীন হৈ বিপাকত পৰে।

২।দাৰিদ্ৰতাৰ সীমা ৰেখা কি?

উত্তৰঃ ই হ’ল আয় বিতৰণৰ এটা নির্দিষ্ট বিহু, যিয়েই কোনো শ্ৰেণীৰ মানুহক ধনী আৰু দুখীয়া, এই দুটা শ্ৰেণীত ভাগ কৰে।

৩।আপেক্ষিক দৰিদ্ৰতা কি? 

উত্তৰঃ ইহ’ল নিম্নতম খোৱা সামগ্ৰীৰ উপভোগ্য নোহোৱা শ্ৰেণীৰ দৰিদ্ৰতা ।

৪।সম্পর্কিত দৰিদ্ৰতা কি?

উত্তৰঃ যেতিয়া দুখন দেশ বা দুজন ব্যক্তিৰ মাজৰ ধনী বা দুখীয়াৰ তুলনা করা হয়।

৫।ভাৰতত দৰিদ্ৰতাৰ হিচাপ কি ভিত্তিত কৰা হয় ? 

উত্তৰঃ (ক) উপভোগ ব্যয়ৰ ভিত্তিত, আৰু

(খ) সামগ্ৰীৰ কেলৰি ভিত্তিত।

৬।ভাৰতত দৰিদ্ৰতা সীমা ৰেখা নিৰ্দ্ধাৰণৰ বাবে উপভোগ ব্যয়ৰ পৰিমাণ কিমান।

উত্তৰঃ গ্ৰাম্য অঞ্চলত–229 টকা, প্রতি মাহত।

নগৰ অঞ্চলত – 264 টকা, প্রতি মাহত।

৭।ভাৰতত দৰিদ্ৰতা সীমা ৰেখা নিৰ্দ্ধাৰণৰ বাবে সামগ্ৰীৰ কেলৰ্ৰি ভিত্তিত উপভোগ পৰিমাণ কিমান?

উত্তৰঃ গ্ৰাম্য অঞ্চলত – 2400 কেলৰ্ৰিপ্ৰতিজনৰ বাবে প্রতিদিন। নগৰ অঞ্চলত – 2100 কেলৰ্ৰি প্ৰতিজনৰ বাবে প্রতিদিন।

৮।আয়ৰ অসমতা বুলিলে কি বুজা?

উত্তৰঃ সমাজত আয় আৰু সম্পদৰ বিতৰণৰ ক্ষেত্ৰত দেখা দিয়া বৈষম্য বা খেলিমেলিসমূহকে আয়ৰ অসমতা বোলে।

৯।দৰিদ্ৰতা দূৰীকৰণ আঁচনি সমূহৰ লক্ষ্য কি?

উত্তৰঃ স্ব-নিৰ্ভৰশীলতাক উদ্‌গনি যোগোৱা আৰু লগতে আনুসাংগিক মজুৰি ভিত্তিক নিয়োগৰ সুবিধা প্ৰদান কৰা। 

১০। 1999-2000 চন আৰু 2004-05 চনত ভাৰতত কিমান শতাংশ মানুহ দৰিদ্ৰতা সীমা ৰেখাৰ তলত আছিল?

উত্তৰঃ 1000-2000 চনত – 26%

2004 2005 চনত – 22%

(খ) চমু আৰু দীঘল প্রশ্ন উত্তৰ:

১।‘কামৰ বাবে খাদ্য’ কাৰ্যসূচীয়ে কি বুজায় ? 

উত্তৰঃ ‘কামৰ বাবে খাদ্য’ কাৰ্যসূচীখন তৃতীয় পঞ্চবার্ষিক পৰিকল্পনাত (1961-66) চনত আৰম্ভ কৰা হৈছিল। এই আঁচনিখনৰ জৰিয়তে দুখীয়াসকলৰ বাবে আয় আৰু কৰ্মসংস্থানৰ সুবিধা বৃদ্ধিৰ চেষ্টা কৰা হৈছিল।

২।গাঁও আৰু নগৰ অঞ্চল প্ৰত্যেকৰে স্ব-নিয়োগৰ সুবিধাৰ এটাকৈ উদাহৰণ দিয়া। 

উত্তৰঃ গাঁও অঞ্চলৰ স্ব-নিয়োগৰ সুবিধা হ’ল ক্ষুদ্ৰ আৰু কুটিৰ শিল্প। নগৰ অঞ্চলৰ স্ব নিয়োগৰ সুবিধা হ’ল নৈমিত্তিক শ্রমিক, কমাৰসকল, মুচি, নাপিত ইত্যাদি।

৩।আয় উপার্জনকাৰী পৰিসম্পদ সৃষ্টিয়ে কেনেদৰে দৰিদ্ৰতাৰ সমস্যা সমাধান কৰিব পাৰে?

উত্তৰঃ দৰিদ্ৰতা সমস্যা সমাধান কৰিবলৈ নীতি নিৰ্ধাৰকসকলে ভাবে যে, ক্রমবর্দ্ধমান পৰিসম্পদ আৰু কৰ্ম সৃষ্টিৰ জৰিয়তে দুখীয়াসকলৰ বাবে আয় আৰু কৰ্ম সংস্থানৰ সুবিধা বৃদ্ধি কৰিব পৰা যায়। কেৱল বিশেষ দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচীৰ জৰিয়তে এয়া সম্ভৱ হ’ব পাৰে।

এনে কিছুমান আঁচনি বা কাৰ্যসূচী হ’ল – গ্রামীণ নিয়োগ সৃষ্টি আঁচনি (REGP), প্রধানমন্ত্রী ৰোজগাৰ যোজনা (PMRY), স্বর্ণজয়ন্তী চহকী ৰোজগাৰ যোজনা (SJSRY) ইত্যাদি।

৪।দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ত্রি-মাত্ৰিক ব্যৱস্থা সম্পর্কে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ দৰিদ্ৰতা হ্রাস কৰাৰ বাবে চৰকাৰ গ্ৰহণ কৰা পদক্ষেপসমূহ ত্রিমাত্রিক।

প্ৰথমটো হৈছে— বৃদ্ধিমুখী পদক্ষেপ। এই পদক্ষেপত আশা কৰা হৈছে যে অর্থনৈতিক বৃদ্ধিৰ ফলসমূহ অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদনি আৰু জনমূৰি আয়ৰ খৰতকীয়া বৃদ্ধিৰ সুফলবোৰ সমাজৰ সকলো অংশলৈ প্ৰসাৰিত হ’ব আৰু এইবোৰ সমাজৰ দুখীয়া অংশলৈ নিগৰি যাব।

দ্বিতীয়টো হৈছে, বিশেষ দৰিদ্ৰতা দূৰীকৰণ আঁচনিৰ জৰিয়তে দুখীয়াসকলৰ বাবে আয় আৰু কৰ্ম সংস্থানৰ সুবিধা বৃদ্ধি কৰা।

তৃতীয়টো হৈছে, জীৱন ধাৰণৰ বাবে জনসাধাৰণক নিম্নতম মৌলিক সুবিধাসমূহ প্ৰদান কৰা। যেনে – ৰেহাই মূল্যত খাদ্য শস্য যোগানৰ ব্যৱস্থা, শিক্ষা, স্বাস্থ্য, পানী যোগান ইত্যাদি। 

৫। বয়োজ্যেষ্ঠ লোক, দৰিদ্ৰ আৰু নিঠৰুৱা মহিলাসকলৰ সহায়ৰ বাবে চৰকাৰে কি কি আঁচনি গ্ৰহণ কৰিছে।

উত্তৰঃ 

বয়োজ্যেষ্ঠ লোকৰ বাবে―  ৰাষ্ট্ৰীয় সামাজিক সাহাৰ্য আঁচনি (NSAP)

দৰিদ্ৰ লোকৰ বাবে ― সম্পূৰ্ণগ্ৰামীণ ৰোজগাৰ যোগান (SGRY) 

মহিলাসকলৰ বাবে ―গ্ৰাম্য অঞ্চলৰ মহিলা আৰু শিশু উন্নয়ন আঁচনি (DWCRA)

৬।নিয়োগহীনতা আৰু দাৰিদ্ৰতাৰ মাজত কিবা সম্পর্ক আছে বুলি তুমি ভাবানে? ব্যাখ্যা কৰা।

উত্তৰঃ নিয়োগ আৰু কৰ্মসংস্থান ব্যৱস্থাৰ প্ৰকৃতিৰ লগত দৰিদ্ৰতাৰ ঘনিষ্ঠ সম্পর্ক আছে। গাঁও আৰু নগৰ এলেকা উভয়তে নিয়োগহীনতা নাইবা অর্ধনিয়োগ তথা কামৰ নৈমিত্তিক আৰু অনিয়মীয়া প্ৰকৃত্তিয়ে দুখীয়াসকলক ঋণগ্রস্ততাত নিমজ্জিত কৰায় আৰু ই পুনৰাই দৰিদ্ৰতাৰ – সমস্যা প্রবল কৰে। গতিকে নিয়োহীনতা হৈছে দৰিদ্ৰতাৰ গুৰুত্বপূৰ্ণ কাৰণসমূহৰ অন্যতম।

৭।আপেক্ষিক দৰিদ্ৰতা আৰু পৰম দৰিদ্ৰতাৰ মাজত পার্থক্য কি?

উত্তৰঃ আপেক্ষিক দৰিদ্ৰতা হ’ল দৰিদ্ৰতা পৰিমাপৰ ব্যৱস্থা বা উপায়। আপেক্ষিক দৰিদ্ৰতাই, দৰিদ্ৰতাৰ মাত্ৰা জুখিবলৈ ব্যৱহাৰ কৰা উপায়ৰ অন্যতম দুটা হ’ল – ন্যূনতম প্রয়োজনীয় কেল’ৰি আৰু জনমূৰি ব্যায়। এই সন্দৰ্ভত ন্যূনতম প্রয়োজনী কেল’ৰি গ্ৰামাঞ্চলতৰ লোক এজনৰ বাবে 2400 আৰু চহৰৰ এজন লোকৰ বাবে 2100 বুলি নিৰ্দ্ধাৰণ কৰা হয়। ইয়াৰ ভিত্তিতে 1990-2000 চনত প্ৰামাঞ্চলৰ এজন ব্যক্তিৰ ভোগ ব্যয় প্রতিমাহে 328.00 টকা আৰু চহৰ অঞ্চলত এই ভোগ ব্যয় 454.00 টকা।

আনহাতে, পৰম দৰিদ্ৰতাৰ ধাৰণাটো তুলনাৰ পৰা আবির্ভাব হয়। ইয়াৰ অৰ্থ হ’ল যে এখন দেশ, আন এখন দেশৰ তুলনাৰ কিমান দৰিদ্ৰ। যেনে – ভাৰত, আমেৰিকাৰ তুলনাত দাৰিদ্ৰ কিন্তু, ভাৰত, বাংলাদেশৰ তুলনাত ধনী।

Class 12 Economy Solutions-অৰ্থনীতি

ক-অংশ : ব্যষ্টিবাদী অৰ্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ আৰম্ভণি Click here
অধ্যায় – ২উপভোক্তাৰ আচৰণৰ তত্ত্ব Click here
অধ্যায় – ৩উৎপাদন আৰু ব্যয় Click here
অধ্যায় – ৪ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here
অধ্যায় – ৫ বজাৰ ভাৰসাম্য Click here
অধ্যায় – ৬ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here

খ- অংশ : সমষ্টিবাদী অর্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ সূচনা Click here
অধ্যায় – ২জাতীয় আয় গণনা Click here
অধ্যায় – ৩মুদ্ৰা আৰু বেংক ব্যৱস্থা Click here
অধ্যায় – ৪ আয় নিৰ্ধাৰণ Click here
অধ্যায় – ৫ চৰকাৰ; কাৰ্যাৱলী আৰু পৰিসৰ Click here
অধ্যায় – ৬ মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Click here

গ- অংশ : ভাৰতীয় অর্থনৈতিক উন্নয়ন

অধ্যায় – ১ প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা Click here
অধ্যায় – ২ ভাৰতীয় অৰ্থব্যৱস্থা ( 1950-1990) Click here
অধ্যায় – ৩ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণঃ এক পৰ্য্যালোচন Click here
অধ্যায় – ৪ দৰিদ্ৰতা Click here
অধ্যায় – ৫ ভাৰতত মানৱ মূলধন গঠন Click here
অধ্যায় – ৬ গ্রাম্য উন্নয়ন Click here
অধ্যায় – ৭নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় Click here
অধ্যায়-৮আন্তঃগাঁথনি Click here
অধ্যায়-৯পৰিৱেশ আৰু বহনক্ষম উন্নয়ন Click here
অধ্যায় – ১০ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা Click here

৮। ধৰি লোৱা হ’ল, তুমি এখন গাঁৱৰ বাসিন্দা। ইয়াৰ দৰিদ্ৰতা সমস্যা নিয়ন্ত্ৰণৰ বাৰে কেইটামান ব্যৱস্থাৰ পৰামৰ্শ দিয়া।

উত্তৰঃ পৰামৰ্শ সমূহ হ’ল― 

(a) জনসংখ্যাৰ হেঁচা কমোৱা।

(b) উচ্চ স্তৰৰ শিক্ষা আৰু কৌশলগত আৰ্হিৰ প্ৰৱর্তন।

(c) ঋণ গ্ৰস্ততা আঁতৰ কৰা।

(d) উচ্চ পৰ্যায়ৰ মূলধন গঠন আৰু প্ৰয়োজনীয় আন্তঃগাঠনিৰ যোগান। আয় আৰু সম্পদসমূহৰ সমবিতৰণ। ইয়াৰ বাবে ৰাজহুৱা বিতৰণ ব্যৱস্থা ৰাজ সাহায্য,

(e) বিভিন্ন আঁচনি আৰু প্ৰকাশ সমূহৰ ৰূপায়ন ইত্যাদি গঢ়ি তোলা।

৯।গ্ৰাম্য দৰিদ্ৰতা আৰু নগৰীয়া দৰিদ্ৰতাৰ মাজৰ পাৰ্থক্য বুজাই দিয়া। গাঁৱৰ পৰা নগৰ অঞ্চললৈ দৰিদ্ৰতাই স্থান সলনি কৰিছে বুলি কোৱা কথাষাৰ সঁচানে? দৰিদ্ৰতাৰ অনুপাতৰ গতিধাৰাৰ ভিত্তিত তোমাৰ উত্তৰ প্ৰতিপন্ন কৰা।

উত্তৰঃ গ্ৰাম্য দৰিদ্ৰতা হ’ল যিসকল দৰিদ্ৰ লোক গাঁও অঞ্চলত বসবাস কৰে। এওঁলোকৰ এক বৃহৎ অংশই ক্ষুদ্র কৃষক। গ্রাম্য অঞ্চলত বিশেষকৈ, এতিয়াও দ্ৰুতহাৰত জনসংখ্যা বৃদ্ধি, কৰ্ম সংস্থানৰ বিকল্প উৎসৰ অভাৱ, ক্ষুদ্র আকাৰৰ কৃষি ভূমি, ঋণগ্রস্ততা ইত্যাদি বিভিন্ন কাৰণে গ্ৰাম্য দৰিদ্ৰতাৰ ধাৰণাটো অধিক ব্যাপক আৰু গভীৰ কৰি তুলিছে।

আনহাতে, নগৰীয়া দৰিদ্ৰ সকল হৈছে মূলতঃ গ্ৰাম্য দুখীয়াৰ আধিক্যই সৃষ্টি কৰা উদ্ধৃত লোকৰ বহিঃপ্রবাহৰ ফল। গ্রাম্যাঞ্চলৰ অতিৰিক্ত লোকসকলে নিয়োগ আৰু জীৱিকাৰ উপায়ৰ সন্ধানত নগৰ লৈ প্ৰব্ৰজন করে। কিন্তু নগৰৰ উদ্যোগীকৰণে এই আটাইবোৰ লোককে সংস্থান দিব পৰা নাই । গতিকে নগৰীয়া দুখীয়াসকলৰ সৰহ সংখ্যকেই হয় নিবনুৱা নাইবা নৈমিত্তিক শ্রমিক হিচাপে অনিয়মীয়াভাৱে নিয়োজিত। এই অনিয়মীয়া শ্ৰমিকসকলে নগৰৰ দৰিদ্ৰতা হিচাপে জনা যায়।

দৰিদ্ৰতাৰ সমস্যা, যিটোৰ মাত্ৰাধিক্য মূলতঃ গ্ৰাম্যঞ্চলতে আছিল তাৰো নগৰ অঞ্চললৈ স্থানান ঘটিছে। 1990 ৰ দশকত গ্রামাঞ্চলত পৰম দৰিদ্ৰ লোকৰ সংখ্যা হ্রাস পাইছে আনহাতে নগৰৰ অঞ্চলত এই পৰিমাণ বৃদ্ধি পাইছে। 1973-74 চনত দুখীয়া লোকৰ 40% তকৈয়ো অধিকে গ্রামাঞ্চলত বাস কৰিছিল আৰু 1999-2000 চনত এই অনুপাত হ্রাস পাই, নগৰ অঞ্চলৰ দৰিদ্ৰতাৰ পৰিমাণ বৃদ্ধি হৈছিল।

১০। ভাৰতৰ দৰিদ্ৰতাৰ মূল কাৰণ সমূহ কি কি?

উত্তৰঃ 

  • নিম্ন অর্থনৈতিক উন্নয়নৰ হাৰ। 
  • জনসংখ্যাৰ দ্ৰুত বৃদ্ধি।
  • বৃটিছ শাসনৰ কালত শোষণ।
  • নিবনুৱাৰ সংখ্যা বৃদ্ধি ।
  • ভাৰতীয় কৃষিৰ অনগ্ৰসৰতা।
  • নিম্ন মানৰ মূলধন গঠন।
  • সামাজিক উপাদান যেনে- অজ্ঞতা, অন্ধবিশ্বাস, নিৰক্ষৰতা, জাতি-বর্ণ-ধর্ম ইত্যাদি।

১১। ভাৰতত দৰিদ্ৰতাদূৰীকৰণ বাবে পৰামৰ্শ দিয়া।

উত্তৰঃ

  • জনসংখ্যা নিয়ন্ত্রণ।
  • ক্ষুদ্ৰ আৰু কুটিৰ শিল্প সমূহক উদ্‌গনি।
  • আয়ৰ অসমতাৰ পৰিমাণ হ্রাস।
  • মুদ্রাস্ফীতি নিয়ন্ত্রণ। 
  • বিনিয়োগৰ পৰিমাণ বৃদ্ধি।

১২।ভাৰত চৰকাৰে গ্ৰহণ কৰা কেইখনমান দৰিদ্ৰতা মোচন আঁচনিৰ নাম লিখা।

উত্তৰঃ 

  1. জৱাহৰ ৰোজগাৰ যোজনা (JRY)
  2. প্রধানমন্ত্ৰীৰ ৰোজগাৰ যোজনা (PMRY)
  3.  স্বর্ণজয়ন্তী গ্রাম স্বৰোজগাৰ যোজনা (SGSY) 
  4. সম্পূৰ্ণগ্ৰামীণ ৰোজগাৰ যোজনা (SGRY)
  5. প্রধানমন্ত্রী গ্রাম-সড়ক যোজনা (PMGSY)
  6. স্বর্ণজয়ন্তী চহৰী ৰোজগাৰ যোজনা (SSRY)
  7. অস্ত্যেদয়া অন্ন যোজনা (AAY) ‘
  8. ইন্দিৰা আৱাস যোজনা (IAY)

১৩। ভাৰতত দৰিদ্ৰতা নিমূল আঁচনি সমূহ সফল নোহোৱাৰ কাৰণ কি কি? 

উত্তৰঃ

  1. অপৰ্য্যাপ্ত সম্পদৰ পৰিমাণ।
  2. উপযুক্ত ভাৱে ৰূপায়ণৰ অভাৱ। 
  3. জনসাধাৰণৰ সহযোগিতাৰ অভাৱ।
  4. আন্তঃ গাঁথনি সুবিধাৰ অভাৱ।
  5. দৰিদ্ৰ সমূহক চিনাক্তকৰণত অসুবিধা।

This Post Has 2 Comments

Leave a Reply