Class 12 Economics |Chapter-4|আয় নিৰ্ধাৰণ|

Class 12 Economics |Chapter-4|আয় নিৰ্ধাৰণ|। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগি Class 12 Economics |Chapter-4|আয় নিৰ্ধাৰণ| | AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second Year Economics Chapter-4 আয় নিৰ্ধাৰণ

খ- অংশ : সমষ্টিবাদী অর্থবিজ্ঞান

(ক) অতি চমু প্রশ্ন উত্তৰ: (মূল্যাংক-১)

১। সামগ্রিক চাহিদা কি ? 

উত্তৰঃ অৰ্থনীতিত দ্ৰব্য আৰু সেৱা সামগ্ৰীৰ মুঠ চাহিদাক সামগ্রিক চাহিদা বোলা হয়।

২। দিয়া আছে, প্রান্তিক সঞ্চয় প্রৱণতা, 0.3। আয় গুণক নির্ণয় কৰা।

উত্তৰ : আয় গুণক = 1) MPS =03=3.33

৩। ‘চেটেৰিচ্ পেৰ্বিাচ’ৰ সাংবিধানিক অর্থ কি ? 

উত্তৰঃ আন সকলো একে অৱস্থাত থকা বুলি কোৱা হয়।

8। শুদ্ধ বা অশুদ্ধ লিখা :

ভাৰসাম্য অৰ্থনীতি এখনত, যেতিয়া চূড়ান্ত সামগ্ৰীৰ বজাৰ ভাৰসাম্যতাত থাকে, তেতিয়া, পৰিকল্পিত চাহিদা আৰু যোগান সমান হয়।

উত্তৰঃ শুদ্ধ

৫। খালী ঠাই পূৰ কৰা ঃ

পৰিকল্পিত উপভোগৰ মূল্যক উপভোগ বোলে। (এক্স এন্টি/এল পোষ্ট)

উত্তৰঃ এক্স-এন্টি

৬। খালী ঠাই পূৰ কৰা ঃ

এটা চলকৰ পৰিকল্পিত মূল্য ইয়াৰ প্ৰকৃত মূল্যতকৈ বিপৰীত হ’লে, তাক (এক্স-এন্টি/এক্স পোষ্ট/ইনভেন্‌টী) বোলে।

উত্তৰঃ ইনভেন্‌ট্ৰৰী।

৭। যেতিয়া মানুহে সঞ্চয়ৰ পৰিমাণ কম কৈ কৰে বা সামগ্ৰীক ভাৱে আগৰ সমানত ৰাখে, সেই পৰিস্থিতিক কোৱা হয় –

উত্তৰঃ সঞ্চয়ৰ প্ৰৱণতা

৮। শুদ্ধ অংশটো বাছি উলিওবাঃ

কোনো এটা পেৰামিটাৰৰ পৰিবৰ্তনৰ কাৰণে যদি গ্রাফ এডালৰ সলনি হয়, তেন্তে তাক কোৱা হয়………….. .। (গ্রাফিক পৰিবৰ্তন / পেৰামেট্ৰিক পৰিবৰ্তন)

উত্তৰঃ পেৰামেট্ৰিক পৰিবৰ্তন।

৯। শুদ্ধ অংশটো বাছি উলিওৱা : অতিৰিক্ত আয়ৰ প্ৰতিলৈ অতিৰিক্ত উপভোগৰ অনুপাতক কোৱা হয়।

(প্রান্তিক সঞ্চয় প্রবণতা / প্রান্তিক উপভোগ প্রবণতা/প্রান্তিক আয়) 

উত্তৰঃ প্রান্তিক সঞ্চয় প্ৰৱণতা।

১০। শুদ্ধ নে অশুদ্ধ লিখাঃ

এটা প্ৰদত্ত বৰ্ষত জনসাধাৰণে যি ব্যৱহাৰ কৰে তাকে উপভোগ বোলে, কিন্তু একেখিনি সময়তে জনসাধাৰণে যি ব্যৱহাৰ কৰিবলৈ পৰিকল্পনা কৰে তাক ই সূচাব নোৱাৰে।

উত্তৰঃ শুদ্ধ।

১১। খালী ঠাই পূৰ কৰাঃ

প্ৰকৃত মূল্যৰ বিৰোধিতা কৰা হিচাপে এটা চলকৰ পৰিকল্পিত মূল্যক কোৱা হয় ……-(পৰবৰ্তী / পূৰ্বৱৰ্ত্তী / সম্পদ তালিকা)।

উত্তৰঃ পৰবৰ্তী।

১২। সঠিক ৰূপটো বাছনি কৰা :

এটা বেষ্ঠনীৰ মূল্যত পৰিৱৰ্তনৰ ফলত হোৱা এখন লেখচিত্ৰৰ পৰিৱৰ্তনক কোৱা পৰিবৰ্তন) হয় …….-। (লেখচিত্ৰীয় পৰিবৰ্তন / বেষ্ঠনীগত 

উত্তৰঃ বেষ্ঠনীগত পৰিৱৰ্তন।

১৩। সঠিক ৰূপটো বাছনি কৰা অতিৰিক্ত আয়ৰে অতিৰিক্ত উপভোগৰ অনুপাতক কোৱা হয়।

….-। (তাৰ প্ৰতিপ্রান্তিক আসক্তি / উপভোগৰ প্ৰতিপ্রান্তিক আসক্তি / প্রান্তিক আয়)

উত্তৰঃ উপভোগৰ প্ৰতি প্রান্তিক আসক্তি।

১৪। প্রান্তিক ভোগ প্ৰৱণতাৰ অৰ্থ লিখা

উত্তৰঃ আয়ৰ পৰিৱৰ্তনৰ লগত উপভোগৰ পৰিৱৰ্ত্তনৰ অনুপাতক প্রান্তিক ভোগ প্ৰৱণতা বোলে।

১৫। প্রত্যাশিত বিনিয়োগৰ সংজ্ঞা দিয়া।

উত্তৰঃ আয়ৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰা বিনিয়োগক প্রত্যাশিত বিনিয়োগ বোলে।

১৬। গুণক আৰু প্ৰান্তিক উপভোগ প্ৰৱণতাৰ সম্পৰ্ক দেখুওৱা।

উত্তৰঃ সম্পৰ্কটো হ’ল 

য’ত K = গুণক, MPC = প্রান্তিক উপভোগ প্ৰৱণতা।

(খ) চমু প্রশ্ন উত্তৰ প্ৰকাৰ II : (মূল্যাংক-৩)

১। প্রান্তিক সঞ্চয় প্ৰৱণতা কি?

উত্তৰঃআয়ৰ প্ৰতি একক বৃদ্ধিৰ ফলত সঞ্চয়ৰ যি বৃদ্ধি হয় তাক প্রান্তিক সঞ্চয় প্ৰৱনতা বোলে।

২। আমি কিয় ধাৰণা কৰো যে দৰ কেৱল দীৰ্ঘকালতহে সলনি হয় ?

উত্তৰঃদীর্ঘকালীন অৱস্থাত বজাৰৰ সকলো দিশত সামগ্ৰীৰ যোগান আৰু চাহিদাৰ পৰিৱৰ্তন কৰিব পাৰি। এই সময়ছোৱাত সকলো দিশত অতিৰিক্ত যোগান আৰু চাহিদাৰ অৱস্থা নোহোৱা কৰি দিব পৰা নাযায়। গতিকে দৰৰ পৰিৱৰ্তন হয়।

৩। উৎপাদন গুণক কি ?

উত্তৰঃউৎপাদিত চূড়ান্ত সামগ্ৰীৰ ভাৰসাম্য মূল্যৰ মুঠ বৃদ্ধি আৰু স্বতন্ত্র ব্যয়ৰ প্ৰাৰম্ভিক বৃদ্ধিৰ অনুপাতকে এখন অর্থনীতিৰ উৎপাদন গুণক বোলে।

ৰ’ত Δy হ’ল চূড়ান্ত উৎপাদিত সামগ্ৰীৰ মুঠ বৃদ্ধি আৰু C = প্রান্তিক উপভোগ প্ৰৱণতা (MPC)। গুণকৰ মান ‘C’ৰ ওপৰত নিৰ্ভৰ কৰে আৰু ‘C’ৰ মান বঢ়াৰ লগে লগে গুণকৰ মান বৃদ্ধি হয়।

8। ভোগযোগ্য ব্যয় কি ?

উত্তৰঃঅর্থনীতি এখনত সকলো পৰিয়ালে ব্যক্তিগত উপভোগৰ উদ্দেশ্যে দ্ৰব্য আৰু সেৱাৰ ক্ৰয়ত কৰা মুঠ ব্যয়কে উপভোগ ব্যয় বোলে।

৫।  যদি প্রান্তিক উপভোগ প্রবণতা, 0.9, তেন্তে আয় গুণকৰ মূল্য নির্ণয় কৰা।

উত্তৰঃ যদি MPC = 0.9

আয় গুণক, k = 1/ 1-MPC 

=1 /1-0.9 

=1 /0.1

=10

৬। এখন অৰ্থনীতিৰ স্বায়ত্ত উপভোগ 500 কোটি টকা, স্বায়ত্ত বিনিয়োগ 150 টকা, চৰকাৰ ব্যয় 200 কোটি টকা আৰু ব্যক্তিগত ব্যয়সাধ্য আয় 600 কোটি টকা। যদিহে খৰচ কৰাৰ বাবে প্রান্তিক আসক্তি 0.8 হয়, তেন্তে অর্থনীতিটোৰ আয়ৰ সামগ্ৰিক স্তৰ নিৰ্ণয় কৰা। 

উত্তৰঃ

৭। মিতব্যয়িতাৰ সাঁথৰ (Paradox of thrift) কি – ব্যাখ্যা কৰা। 

উত্তৰঃ নিয়োগৰ স্তৰ নিৰ্ণয়ৰ অৰ্থে বিনিয়োগৰ পৰিমাণৰ লগতে সঞ্চয়ৰ পৰিমাণ অভি গুৰুত্বপূৰ্ণ। সঞ্চয়ৰ গুৰুত্বতাৰ এনে দৃষ্টিকোণৰ পৰা অৰ্থনীতিবিদ কেইন্সই জনসাধাৰণৰ সঞ্চয় এক সদৃগুণ নে বহুগুণ সেই বিষয়ে আলোচনা কৰিছে। সঞ্চয়ৰ বিষয়টোৰ কেইন্সীয় ব্যাখ্যাই ‘মিতব্যয়িতাৰ সাঁথৰ’ নামেৰে পৰিচিত। 

অর্থনীতিবিদ কেইন্সৰ ব্যাখ্যা অনুসৰি এখন সমাজৰ সকলো মানুহে যদি সঞ্চয়ৰ পৰিমাণ বৃদ্ধি কৰে তেতিয়া সামগ্রিক চাহিদাৰ অৱনতি ঘটে। কাৰণ সঞ্চয় বৃদ্ধিয়ে উপভোগ ব্যয় হ্রাস হোৱাৰ ইংগিত দিয়ে। সক্ৰিয় চাহিদাৰ অৱনতিয়ে মূল্যস্তৰ হ্ৰাস কৰি মূলধনৰ প্ৰান্তিক দক্ষতা হ্ৰাস কৰে আৰু ইয়াৰ ফলত মূলধনৰ বিনিয়োগৰ পৰিমাণো হ্রাস পায়। মূলধন বিনিয়োগ হ্রাস হোৱাৰ ফলত নিয়োগ আৰু উপাৰ্জনৰ স্তৰ হ্ৰাস হয়। সমাজৰ উপাৰ্জন হ্ৰাস হোৱাৰ ফলত জনসাধাৰণৰ সঞ্চয় ক্ষমতা হ্রাস হয় আৰু দেশত সঞ্চয়ৰ পৰিমাণ কমি যায়। এনেভাৱে সঞ্চয় বৃদ্ধিয়ে অৱশেষত সঞ্চয় হ্রাস কৰাটোৱেই হৈছে ‘মিতব্যয়িতাৰ সাঁথৰ’। এই সাঁথৰটোৱে এইটো স্পষ্ট কৰি দিছে যে যদি এখন দেশত অতিৰিক্ত সঞ্চয়ৰ অনুপাতত অতিৰিক্ত বিনিয়োগ বৃদ্ধি নহয়, তেতিয়া সঞ্চয় এটা সদগুণৰ পৰিবৰ্তে বদগুণ হিচাপেহে স্বীকৃত হয়, কাৰণ এনে অৱস্থাত সঞ্চয় বৃদ্ধিয়ে নিয়োগ আৰু উপাৰ্জনৰ স্তৰ নিম্নগামী কৰি এখন অর্থনীতিক পতন আৰু অৱশেষত মন্দাৱস্থাৰ সন্মুখীন কৰায়।

অর্থনীতিবিদ কেইন্সৰ মতে ব্যক্তিগত দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে সঞ্চয় এটা সদগুণ, কিন্তু সমুদায় সমাজৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে সঞ্চয় এটা বদগুণ। কাৰণ ব্যক্তিগত নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা সঞ্চয়ৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব পৰা নাযায়, কিন্তু সমাজৰ সকলো ব্যক্তিয়ে যেতিয়া সঞ্চয় বৃদ্ধি কৰে তেতিয়া দেশত উপভোগৰ পৰিমাণ কমি যায়। দ্রব্য সামগ্ৰীৰ প্রতি সক্রিয় চাহিদাৰ অৱনতিয়ে দ্রব্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰি বিনিয়োগৰ প্ৰত্যাশা হ্রাস কৰে। আৰু ইয়াৰ ফলত মূলধন বিনিয়োগ, নিয়োগ আৰু উপাৰ্জনৰ স্তৰ হ্ৰাস হয় আৰু এক পুনৰাবৃত্তি প্ৰক্ৰিয়াৰে অৰ্থনীতিয়ে পতন আৰু অৱশেষত মন্দাৱস্থাৰ ফালে গতি কৰে। অর্থনীতিবিদসকলে কোৱাৰ দৰে সঞ্চয় বৃদ্ধি অপৰিহাৰ্য্য, কিন্তু সঞ্চিত পুঁজি যদি উৎপাদন কার্যত ব্যৱহাৰৰ পৰিবৰ্তে জতু কৰা হয়, তেতিয়া সঞ্চয় বৃদ্ধিয়ে বিনিয়োগ আৰু নিয়োগৰ স্তৰ উন্নীত কৰিব নোৱাৰে। এইদৰে ‘মিতব্যয়িতাৰ সাঁথৰ’টো ব্যাখ্যা কৰিব পাৰি।

Class 12 Economy Solutions-অৰ্থনীতি

ক-অংশ : ব্যষ্টিবাদী অৰ্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ আৰম্ভণি Click here
অধ্যায় – ২উপভোক্তাৰ আচৰণৰ তত্ত্ব Click here
অধ্যায় – ৩উৎপাদন আৰু ব্যয় Click here
অধ্যায় – ৪ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here
অধ্যায় – ৫ বজাৰ ভাৰসাম্য Click here
অধ্যায় – ৬ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here

খ- অংশ : সমষ্টিবাদী অর্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ সূচনা Click here
অধ্যায় – ২জাতীয় আয় গণনা Click here
অধ্যায় – ৩মুদ্ৰা আৰু বেংক ব্যৱস্থা Click here
অধ্যায় – ৪ আয় নিৰ্ধাৰণ Click here
অধ্যায় – ৫ চৰকাৰ; কাৰ্যাৱলী আৰু পৰিসৰ Click here
অধ্যায় – ৬ মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Click here

গ- অংশ : ভাৰতীয় অর্থনৈতিক উন্নয়ন

অধ্যায় – ১ প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা Click here
অধ্যায় – ২ ভাৰতীয় অৰ্থব্যৱস্থা ( 1950-1990) Click here
অধ্যায় – ৩ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণঃ এক পৰ্য্যালোচন Click here
অধ্যায় – ৪ দৰিদ্ৰতা Click here
অধ্যায় – ৫ ভাৰতত মানৱ মূলধন গঠন Click here
অধ্যায় – ৬ গ্রাম্য উন্নয়ন Click here
অধ্যায় – ৭নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় Click here
অধ্যায়-৮আন্তঃগাঁথনি Click here
অধ্যায়-৯পৰিৱেশ আৰু বহনক্ষম উন্নয়ন Click here
অধ্যায় – ১০ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা Click here

৮। চূড়ান্ত দ্ৰব্যৰ বাবে সামগ্রিক চাহিদা কিহেৰে গঠিত হয়?

উত্তৰঃ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ সামগ্রিক চাহিদাই, সিহঁতৰ গড় দস্তৰত সামগ্ৰিকভাৱে অর্থনীতি খনৰ সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ চাহিদাক বুজায়।

(গ) চমু উত্তৰৰ প্ৰশ্নঃ প্ৰকাৰ I : (মূল্যাংক – 8 )

১। এখন অৰ্থনীতিৰ প্রান্তিক উপভোগ প্রবণতা হ’ল 0.85। নির্ণয় কৰা –

(a) আয় গুণকৰ আকাৰ। 

(b) যদি চৰকাৰে বিনিয়োগ 250 কোটি টকালৈ বৃদ্ধি পায়, তেন্তে অর্থনীতিত আয় বৃদ্ধি কিমান হ’ব?

উত্তৰঃ k ( আয় গুণক)

=1/1-MPC

=1/1-0.85

=1/0.15

২। পৰিকল্পিত উপভোগৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ প্রত্যাশিত উপভোগ হ’ল পৰিকল্পিত উপভোগ। মানুহে আয়ৰ এটা অংশ উপভোগত ব্যয় কৰে আৰু বাকী অংশ সঞ্চয় কৰে। যদি বিভিন্ন ব্যক্তিয়ে সঞ্চয় কৰা আয়ৰ অংশবোৰৰ গড় উলিয়াও, তেন্তে সমগ্ৰ অৰ্থনীতিৰ মানুহবোৰে অতিৰিক্ত আয়ৰ কিমান অংশ সঞ্চয় কৰে তাৰ এটা প্রতিচ্ছবি পাব পাৰো। এই অংশটোকে প্রান্তিক সঞ্চয়প্রবণতা বোলে। ইহ’ল অৰ্থনীতিৰ মুঠ অতিৰিক্ত পৰিকল্পিত সঞ্চয় আৰু মুঠ অতিৰিক্ত আয়ৰ এক অনুপাত। যিহেতু উপভোগ হ’ল সঞ্চয়ৰ পৰিপূৰক, গতিকে আমি ! ৰ পৰা বিয়োগ কৰিলে প্ৰান্তিক সঞ্চয় প্ৰৱণতা পাব পাৰো।

৩। প্রান্তিক উপভোগ প্রবণতা আৰু প্ৰান্তিক সঞ্চয় প্ৰৱণতাৰ মাজৰ পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃপ্রান্তিক সঞ্চয়প্ৰৱণতাই জাতীয় আয়ৰ পৰিৱৰ্তন হ’লৈ সঞ্চয় কি হাৰত পৰিৱৰ্তন হয় তাকে নিৰ্দেশ কৰে। ই হ’ল আয়ৰ পৰিৱৰ্তনৰ লগত সঞ্চয়ৰ পৰিৱৰ্তনৰ অনুপাত।

8। পৰিকল্পিত বিনিয়োগৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ প্রত্যাশিত বিনিয়োগ হ’ল পৰিকল্পিত বিনিয়োগ। উৎপাদনকাৰী এজনে তেওঁৰ দ্ৰব্যৰ মজুত যি পৰিমাণে বৃদ্ধি কৰিবলৈ পৰিকল্পনা কৰিছিল ঠিক সেই পৰিমাণে মজুত বৃদ্ধি নাপাবও পাৰে। অৰ্থাৎ প্রকৃত বিনিয়োগ আৰু পৰিকল্পিত বিনিয়োগ একে নহবও পাৰে। X দ্ৰব্যৰ উৎপাদনকাৰী এজনে বছৰৰ শেষত 1000 টকা মূল্যৰ দ্ৰব্য মুঠ মজুতলৈ সংযোজন কৰিব বিচাৰিছিল। কিন্তু অপ্রত্যাশিতভাৱে তেওঁৰ দ্ৰব্যটোৰ প্ৰতি চাহিদা এনেদৰে বৃদ্ধি পালে যে তেওঁৰ মজুতৰ পৰাও 300 টকা মূল্যৰ দ্ৰব্য বিক্ৰী কৰিহে চাহিদা পূৰাবলৈ সক্ষম হ’ল। গতিকে বছৰৰ তেওঁৰ মজুত বৃদ্ধি পালে (Rs. 1000- Rs. 300= Rs.700) টকা। উৎপাদনকাৰীৰ পৰিকল্পিত বা প্রত্যাশিত বিনিয়োগ আছিল 1000 টকা আৰু প্ৰকৃততে বিনিয়োগ হ’ল 700 টকা। গতিকে প্রত্যাশিত বিনিয়োগ হ’ল বিনিয়োগৰ সম্ভাব্য মান।

৫। সামগ্রিক চাহিদাৰ নিৰ্দ্ধাৰকবোৰ কি কি ? চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ সামগ্রিক চাহিদাৰ উপাদানসমূহ হ’ল– 

(i) ব্যক্তিগত উপভোগ চাহিদা, 

(ii) ব্যক্তিগত বিনিয়োগ চাহিদা, 

(iii) দ্ৰব্য আৰু সেৱাৰ প্ৰতি চৰকাৰী চাহিদা, 

(iv) নিগুট ৰপ্তানি চাহিদা। 

(i) ব্যক্তিগত উপভোগ চাহিদা ঃ ই ঘৰৱা খণ্ডৰ ক্ৰয় ক্ষমতা থকা আৰু ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰাৰ দ্ৰব্য আৰু সেৱাৰ মানক বুজায়। 

(ii) ব্যক্তিগত বিনিয়োগ চাহিদা ঃ যন্ত্রপাতি, গৃহ আদিৰ দৰে নতুন মুলধনী সম্পত্তিৰ সৃষ্টি আৰু কেঁচামালৰ ওপৰত ব্যক্তিগত উদ্যোগীসকলৰ পৰিকল্পিত ব্যয়কে ব্যক্তিগত বিনিয়োগ চাহিদা বুলি কোৱা হয়। এই বিনিয়োগ কেৱল চলিত পৰ্যায়ৰ উৎপাদন বৰ্তাই ৰাখিবৰ কাৰণেই নহয় ভৱিষ্যৎ উৎপাদন ক্ষমতা বৃদ্ধিৰ কাৰণেও পৰিকল্পনা কৰা হয়। ই দুই প্ৰকাৰৰ (a) স্বতন্ত্র বিনিয়োগ (b) অভিপ্রেত বিনিয়োগ।

(iii) দ্ৰব্য আৰু সেৱাৰ প্ৰতি চৰকাৰী চাহিদা : সমাজৰ সাধাৰণ অভাৱ পূৰণৰ বাবে উপভোগ্য আৰু মূলধনী দ্ৰব্যত চৰকাৰৰ পৰিকল্পিত ব্যয়কে দ্ৰব্য আৰু সেৱাৰ প্ৰতি চৰকাৰী চাহিদা বোলে। ইচৰকাৰে স্কুল, পৰিবহণ, হাস্পতাল, ৰাস্তা-ঘাট, শক্তি ইত্যাদিত কৰিবলৈ বিচৰা খৰচকে বুজায়।

(iv) নিগুট ৰপ্তানি চাহিদা : এখন দেশে বিদেশী দ্ৰব্য আৰু সেৱাৰ প্ৰতি কৰা চাহিদাৰ ওপৰত অন্য দেশে সেই দেশখনৰ দ্ৰব্য আৰু সেৱাৰ প্ৰতি কৰা চাহিদাৰ অতিৰিক্তখিনিকে নিগুট ৰপ্তানি চাহিদা বোলে। ই বৈদেশিক বিনিময় হাৰ, বাণিজ্য নীতি, পৰিশোধৰ সমতাৰ অৱস্থান আদিৰ ওপৰত নিৰ্ভৰ কৰে। নিগুট ৰপ্তানি চাহিদা = ৰপ্তানি (X) – আমদানি (M)

৬। সামগ্রিক যোগান কি ? সামগ্রিক যোগানৰ নিৰ্দ্ধাৰকবোৰ কি কি? 

উত্তৰঃ এক বিশেষ সময় কালত অর্থনীতি এখনত ক্ৰয়ৰ বাবে উপলব্ধ দ্ৰব্য আৰু সেৱাৰ মুঠ যোগানৰ মৌদ্রিক মানেই হ’ল সামগ্রিক যোগান। সামগ্রিক যোগানক অর্থনীতি এখনৰ মুঠ উৎপাদন হোৱা মুঠ ব্যয় বুলিও ক’ব পাৰো।

সামগ্রিক যোগানৰ ঘাই উপাদান দুটা। সেইবোৰ হ’ল—

(i) উপভোগ ব্যষ (C) : অর্থনীতি এখনত সকলো পৰিয়ালে ব্যক্তিগত উপভোগৰ উদ্দেশ্যে দ্ৰব্য আৰু সেৱাত ক্ৰয় কৰা মুঠ ব্যয়কে উপভোগ ব্যয় বোলে।

(ii) সঞ্চয় (S) : আয়ৰ এক বৃহৎ অংশ দ্ৰব্য আৰু সেৱাৰ উপভোগত ব্যয় কৰা হয় আৰু বাকী থকা অংশটো সঞ্চয় কৰা হয়। গতিকে সামগ্রিক যোগান (AS) = উপভোগ (C) + সঞ্চয় (S)

৭। স্বতন্ত্র বিনিয়োগ আৰু অভিপ্রেত বিনিয়োগৰ পাৰ্থক্য লিখা।

উত্তৰঃ স্বতন্ত্র বিনিয়োগ হ’ল সেইটো বিনিয়োগ যি আয়ৰ পৰিৱৰ্তনৰ লগত পৰিৱৰ্তন নহয়। আৰু সেয়ে আয়ৰ ওপৰত নিৰ্ভৰশীল নহয়। ব্যয়ৰ স্তৰ যিমানেই নহওক কিয় ই এক স্থিৰ পৰিমাণক বুজায়। স্বতন্ত্র বিনিয়োগ সাধাৰণতে চৰকাৰী খণ্ডই কৰে। ইৰাজহুৱা দ্ৰব্যৰ আৱশ্যকতা, জনসংখ্যাৰ পৰিৱৰ্তন, চৰকাৰৰ সমাজ কল্যাণৰ লক্ষ্য আদিৰ ওপৰত নিৰ্ভৰ কৰে। স্বতন্ত্র বিনিয়োগ ৰেখা আনুভূমিক আকৃতিৰ হয়। 

আনহাতে আয়, উৎপাদন, মজুৰি, বিক্ৰী, মুনাফা ইত্যাদিৰ দ্বাৰা প্ৰভাৱিত হোৱা বিনিয়োগক অভিপ্রেত বিনিয়োগ বোলে। ব্যক্তিগত খণ্ডৰ বিনিয়োগ সাধাৰণতে অভিপ্রেত বিনিয়োগ। জাতীয় আয় বৃদ্ধি পালে অভিপ্রেত বিনিয়োগ বৃদ্ধি পায়। অভিপ্রেত বিনিয়োগ ৰেখাডাল এডাল ঊর্ধ্বগামী ৰেখা। ই নিৰ্ভৰ কৰে বিনিয়োগৰ প্ৰাস্তিক দক্ষতা আৰু সুদৰ হাৰৰ ওপৰত।

৮। বিনিয়োগ চাহিদাৰ নিৰ্দ্ধাৰকবোৰ কি কি? ব্যাখ্যা কৰা। 

উত্তৰ : বিনিয়োগ চাহিদাৰ নিৰ্ধাৰকসমূহ হ’ল—

(i) বিনিয়োগৰ ব্যয় : বিনিয়োগৰ উদ্দেশ্য ঋণ লোৱা পুঁজিৰ ব্যয় হৈছে সেই পুঁজিত দিবলগীয়া বজাৰ সুদৰ হাৰ।

(ii) ব্যৱসায়িক প্রত্যাশা : ভৱিষ্যতে কি ঘটিব সেই বিষয়ে উদ্যোক্তাই কৰা অনুমানৰ ওপৰতো বিনিয়োগৰ চাহিদা নিৰ্ভৰ কৰে। স্বাভাৱিকতে ভৱিষ্যৎ হৈছে অনিশ্চিত। গতিকে বিনিয়োগ কৰিবলৈ যাওতে উৎপাদন প্রতিষ্ঠানসমূহে ভৱিষ্যৎ সম্পৰ্কে অনুমান কৰি লয়। কোনো ব্যৱসায়ত বার্ষিক নিগুটলাভ ধনাত্মকহ’লেহে বিনিয়োগ লাভজনক হয়। স্বাভাৱিকতে উদ্যোক্তাই যোগাত্মক বার্ষিক নিশুট লাভ দিয়া প্রকল্পসমূহতহে বিনিয়োগ কৰিব। আকৌ সুন্দৰ হাৰ বৃদ্ধি পালে বার্ষিক নিশুট লাভ হ্রাস পায় আৰু ফলত বিনিয়োগ চাহিদা হ্রাস পায়।

৯। বিনিয়োগ গুণক কি ? চিত্রসহ ব্যাখ্যা কৰা।

উত্তৰঃ প্রান্তিক উপভোগপ্রবণতা স্থিৰে থকা অৱস্থাত এক নিৰ্দিষ্ট পৰিমাণৰ বিনিয়োগ বৃদ্ধিৰ ফলত আয়ৰ বৃদ্ধি এটা অনুপাত দেখা পোৱা যায়। সেই অনুপাতেই হৈছে বিনিয়োগ গুণক।

সংকেতত k = গুণক,

ΔΙ =বিনিয়োগ বৃদ্ধি,

Δy = আয় বৃদ্ধি

চিত্ৰত সামগ্রিক চাহিদা ৰেখা C+I য়ে 45° ৰেখাক E1, বিন্দুত কাটিছে। গতিকে ভাৰসাম্য হৈছে OY1 । ΔI পৰিমাণে বিনিয়োগ বৃদ্ধিৰ ফলত সামগ্রিক চাহিদা ৰেখাডাল ওপৰলৈ উঠি গৈ C + 1 + Δl হৈছে। নতুন সামগ্রিক চাহিদা Y ৰেখাই 45° ৰেখাক D2, বিন্দুত ছেদ কৰিছে। গতিকে নতুন ভাৰসাম্য আয় হৈছে OY2, । অর্থাৎ বিনিয়োগ ΔI পৰিমাণে বিনিয়োগ বৃদ্ধি পোৱাৰ ফলত জাতীয় আয় Y1, Y2, পৰিমাণে বৃদ্ধি হয়। ইয়াত Y1, Y2= 2Δ I ৷ গতিকে চিত্ৰত উপভোগ ৰেখাৰ ঢাল হ’ল 0.5। গতিকে গুণক হ’ল 2।

১০। এগৰাকী ব্যক্তিৰ স্বায়ত্ত উপভোগৰ স্তৰ 500 টকা, ব্যক্তিগত ব্যয়সাধ্য আয় 5000 টকা। যদি উপভোগৰ বাবে তেওঁৰ প্ৰান্তিক আসক্তি 0.8 হয়, তেন্তে সমুদার উপভোগৰ স্তৰ নির্ণয় কৰা।

উত্তৰঃ উপভোগৰ স্তৰ 

এতিয়া, Y = C + I

->5000

=5000 + I

:: I=4500

:. (i) → উপভোগ স্তৰ 

=500 + (0.8).5000 + 4500

= 500+ 4000+ 4500 = 9000

১১। প্রত্যাশিত উপভোগ আৰু প্রত্যাশিত বিনিয়োগৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ প্রত্যাশিত উপভোগ হ’ল সর্বনিম্ন স্তৰৰ উপভোগ প্রক্রিয়া। ইয়াত্, ব্যক্তি এজনে জীয়াই থাকিবলৈ যিখিনি নূন্যতম উপভোগৰ প্ৰয়োজন তাক নির্দেশ কৰা হয়। আনহাতে, প্রত্যাশিত বিনিয়োগে নির্দিষ্ট সময়ছোৱাৰ (ধৰা হ’ল এবছর) আৰম্ভণিতে অর্থনীতি এখনৰ সকলো উৎপাদনী প্রতিষ্ঠান বা উদ্যোক্তাই পৰিকল্পনা বা ইচ্ছা কৰা বিনিয়োগ বুজায়।

(ঘ) দীঘলীয়া প্রশ্ন উত্তৰ: (মূল্যাংক-৬)

১। এখন অৰ্থনীতিত চৰকাৰৰ অবিহনে চূড়ান্ত সামগ্ৰীৰ ক্ষেত্ৰত পৰিকল্পিত সামগ্রিক চাহিদাৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ চৰকাৰ নথকা অর্থনীতি এখনত চূড়ান্ত দ্ৰব্যৰ প্ৰতি সম্ভাৱ্য্য সামগ্রিক দ্রব্যসমূহত সম্ভাৱ্য্য উপভোগ ব্যয় আৰু বিনিয়োগ ব্যয়ৰ সমষ্টি।

২। বিনিয়োগ গুণক আৰু প্রান্তিক উপভোগ প্রবণতাৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা। 

উত্তৰঃপ্রান্তিক উপভোগপ্রবণতা স্থিৰে থকা অৱস্থাত এক নিৰ্দিষ্ট পৰিমাণৰ বিনিয়োগ বৃদ্ধিৰ ফলত হোৱা আয়ৰ বৃদ্ধিৰ এটা অনুপাতক বিনিয়োগ গুণক বোলে।

প্রান্তিক ভোগপ্রবণতা হ’ল আয়ৰ স্তৰৰ পৰিৱৰ্তনৰ লগত সামগ্রিক উপভোগ স্তৰৰ পৰিৱৰ্তনৰ অনুপাত।

বিনিয়োগ গুণক আৰু প্ৰাস্তিক ভোগপ্রবণতাৰ মাজত প্ৰত্যক্ষ সম্পর্ক আছে।

মুঠ আয় = মুঠ উপভোগ + মুঠ সঞ্চয় 

৩। এগৰাকী ব্যক্তিৰ স্বায়ত্ত উপভোগৰ স্তৰ 500 টকা, ব্যক্তিগত ব্যয়সাধ্য আয় 5000 টকা। যদি উপভোগৰ বাবে তেওঁৰ প্ৰাস্তিক আসক্তি 0.8 হয়, তেন্তে সমুদায় উপভোগৰ স্তৰ নিৰ্ণয় কৰা।

উত্তৰঃ দিয়া আছে ব্যক্তিগত ব্যয়সাধ্য আয় 5000 টকা প্রান্তিক আসক্তি 0.8

সমৃদায় উপভোগ ক্তব = 0.8 x 5000 টকা 

= 4000 টকা

৪। পূৰ্বাৱৰ্ত্তী আৰু পৰৱৰ্তী কি? 

উত্তৰঃ পূৰ্বৱৰ্তী বিনিয়োগ হৈছে প্ৰকৃত বিনিয়োগ। কোনো এক নিৰ্দিষ্ট সময়ৰ ভিতৰত সকলোবোৰ সংগঠকে কৰ প্ৰকৃত বিনিয়োগক পৰৱৰ্তী বিনিয়োগ বোলে।

 পূৱৰ্তী বিনিয়োগ হৈছে সংগঠকে ব্যৱসায়ত ভৱিষ্যতে লাভ অৰ্জনৰ প্ৰচুৰ সম্ভাৱনা দেখা পায় কৰা বিনিয়োগৰ পৰিমান বৃদ্ধিক বুজায়। ভৱিষ্যতে উৎপাদিত দ্ৰব্যৰ বিক্ৰীৰ পৰিমান বৃদ্ধি পোৱা নাইবা দ্ৰব্যৰ দৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিলে এনে ধৰণৰ বিনিয়োগ বৃদ্ধি পায়। 

৫  এখন অৰ্থনীতিৰ স্বায়ত্ত উপভোগ 500 কোটি টকা, স্বায়ত্ত বিনিয়োগ 150 টকা, চৰকাৰী ব্যয় 200 কোটি টকা আৰু ব্যক্তিগত ব্যয়সাধ্য আয় 600 কোটি টকা। যদিহে খৰছ কৰাৰ ববে প্রান্তিক আসক্তি 0.8 হয়। তেন্তে অর্থনীতিটোৰ আয়ৰ সামগ্রিক স্তৰ নিৰ্ণয় কৰা।

উত্তৰঃদিয়া আছে উপভোক্তাৰ প্রান্তিক আসক্তি = 0.8

পৰিৱৰ্তিত প্রান্তিক বিনিয়োগ = 150 কোটি টকা

পৰিৱৰ্ত্তিত আয় = delta y ?

প্ৰাৰম্ভিক আয় = 6000 কোটি টকা 

আমি জানো যে,

৬। চিত্ৰৰ সহায়ত সক্ৰিয় চাহিদাৰ নীতি ব্যাখ্যা কৰা।

উত্তৰঃ সক্ৰিয় চাহিদাৰ নীতি বা স্তৰ হৈছে, যিয়ে Y আয়, উৎপাদন আৰু নিয়োগৰ স্তৰ নিৰ্দ্ধাৰণ কৰে। সক্রিয় চাহিদাত, AD=AS 

(সামগ্রিক চাহিদা = সামগ্রিক যোগান)। ই আয় আৰু উৎপাদনৰ ভাৰসাম্য স্তৰৰ লগত সম্পর্কিত। ইয়াক সক্রিয় বুলি কোৱা হয় কাৰণ ইয়ে হৈছে AD ৰ সেইটো স্তৰ যি প্ৰকৃততে AD আৰু AS ৰ মাজৰ ভাৰসাম্যতা নিৰ্দ্ধাৰণ কৰে। চিত্ৰত,

চিত্ৰত, ‘E’ বিন্দুয়ে হৈছে একমাত্র বিন্দু য’ত AD ৰ স্তৰ (EY), AS ৰ স্তৰৰ সমান হয়। এতেকে, AD ৰেখাৰ E বিন্দুৱে সক্রিয় চাহিদাক প্রতিনিধিত্ব কৰে। অর্থনীতি এখনৰ আয় আৰু উৎপাদনৰ স্তব বৃদ্ধি কৰিবৰ বাবে, সামগ্রিক সক্ৰিয় চাহিদা বৃদ্ধি কৰিব লাগিব।

 ৭। তালিকাৰ সহায়ত চূড়ান্ত দ্ৰব্যৰ বজাৰত কিদৰে গুণক প্ৰক্ৰিয়াই কাম কৰে ব্যাখ্যা কৰা।

উত্তৰঃ গুণকৰ কাৰ্য প্ৰক্ৰিয়া তলৰ তালিকাত দেখুওৱা হ’ল –

স্তৰবিনিয়োগ বৃদ্ধি (Delta I) কোটি টকাআয় বৃদ্ধি (delta Y) কোটি টকাউপভোগ বৃদ্ধি (Delta DC) কোটি টকা
1
2
3
4
5
6
7
8
100






100
75
56.25




75
56.25
42.19




মুঠ100400

উক্ত তালিকাত স্পষ্টকৈ দেখুওৱা হৈছে যে, 100 টকাৰ প্ৰাৰম্ভিক বিনিয়োগ বৃদ্ধিয়ে 400 কোটি টকাৰে আয়ৰ বৃদ্ধি কৰে। অৰ্থাৎ, আয়ৰ বৃদ্ধিৰ পৰিমাণ, প্ৰাৰম্ভিক বিনিয়োগ বৃদ্ধিৰ

গুণক হয়। এই ক্ষেত্ৰত, গুণক (K)=400/100 = 4 । এইদৰে মুঠ উৎপাদন আয়ৰ ভাৰসাম্য মানৰ বৃদ্ধিয়ে K গুণে প্ৰাৰম্ভিক বিনিয়োগ অতিক্ৰম কৰে।

This Post Has One Comment

Leave a Reply