Class 12 Economics |Chapter-2|জাতীয় আয় গণনা|

Class 12 Economics |Chapter-2|জাতীয় আয় গণনা|। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Economics |Chapter-2|জাতীয় আয় গণনা|| AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second Year Economics Chapter-2 জাতীয় আয় গণনা

খ- অংশ : সমষ্টিবাদী অর্থবিজ্ঞান

(ক) অতি চমু প্রশ্ন উত্তৰ: (মূল্যাংক – ১)

১। “An Enquiry into the Nature and cause of the wealth of Nations” নামৰ কিতাপ খনৰ লেখক কোন?

উত্তৰঃ এডাম স্মিথ।

২। চূড়ান্ত দ্ৰব্যৰ সংজ্ঞা দিয়া।

উত্তৰঃ সর্বশেষ পৰ্যায়ত ভোগকর্তা আৰু প্ৰতিষ্ঠানবোৰে ব্যৱহাৰ কৰা দ্ৰব্যসমূহক চূড়ান্ত দ্রব্য (Final goods) বোলা হয়। এই দ্রব্যসমূহ সর্বশেষ ভোগ আৰু বিনিয়োগৰ বাবে ব্যৱহাৰ কৰা হয়।

৩। এখন অর্থনীতিৰ মুঠ বিনিয়োগৰ সংজ্ঞা দিয়া। 

উত্তৰঃ মূলধনজাত সামগ্ৰীৰ মুঠ পৰিমাণ হ’ল মুঠ বিনিয়োগ।

8। অৱক্ষয়ন কি?

উত্তৰঃ দ্রব্যসামগ্রী উৎপাদন কৰোঁতে যন্ত্রপাতিৰ দৰে মূলধনী দ্ৰব্য বাৰেপতি ব্যৱহাৰ কৰাৰ ফলত সিহঁতৰ ক্ষয়ক্ষতি হয়। এই ক্ষয়-ক্ষতিৰ ফলত সিহঁতৰ মূল্য হ্রাস পায় যাক ক্ষয়ক্ষতিৰ ব্যয় বা অবক্ষয়জনিত ব্যয় বোলা হয়।

৫। মুঠ ঘৰুৱা উৎপাদনৰ সংজ্ঞা দিয়া। 

উত্তৰঃএখন দেশত এটা বছৰৰ ভিতৰত উৎপাদিত হোৱা সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাসামগ্ৰীৰ মূল্যক মুঠ ঘৰুৱা উৎপাদন বোলা হয়।

৬। মূলধনী দ্ৰৱ্যৰ দূৰ্ঘটনামূলক ক্ষতিসমূহ অবক্ষয়নে সাঙুৰি লয়নে?

উত্তৰঃ নলয়।

৭। খালী ঠাই পূৰ কৰা :

এক অর্থনীতিৰ এক বছৰ সময়ছোৱাত চূড়ান্ত সামগ্ৰী সমূহৰ মুঠ উৎপাদনসমূহে আকাৰ লৰ পাৰে, ভোগকাৰ্য্যৰ বা………।

উত্তৰঃ বিনিয়োগৰ।

৮। সমষ্টিবাদী অর্থনৈতিক আৰ্হি কি?

উত্তৰঃ যি অর্থনৈতিক আৰ্হিয়ে প্রকৃত অৰ্থনীতিৰ বিশদ বিৱৰণ দাঙি নধৰে আৰু অৰ্থনৈতিক ব্যৱস্থা এটাৰ কাৰ্যকলাপৰ কেতবোৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যহে পোহৰলৈ আনে, তেনে কাল্পনিক অৰ্থনীতিৰ কাৰ্যকলাপ বৰ্ণনা কৰা আৰ্হিক সমষ্টিগত অর্থনৈতিক আৰ্হি বোলে।

৯। প্রতিষ্ঠান এখনৰ মূল্য সংযোজন মানে কি?

উত্তৰঃ প্ৰতিষ্ঠানৰ উপাদানৰ মূল্য প্রতিষ্ঠানখনে ব্যৱহাৰ কৰা মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য উপাদনৰ উপাদান চাৰিটা ভূমি, শ্রম, মূলধন আৰু সংগঠকৰ মাজত ভগাই দিয়া হয়।

১০। প্রতিষ্ঠান এখনৰ মূল্য সংযোজন কৰা মাজত বিতৰণ কৰা হয়। 

উত্তৰঃ প্রতিষ্ঠান এখনৰ মূল্য সংযোজন উৎপাদনৰ উপাদান ভূমি, শ্রম, মূলধন আৰু সংগঠনৰ মাজত ভগাই দিয়া হয়।

১১। খালী ঠাই পূৰ কৰা ঃ

অবক্ষয়ন হ’ল……-ৰ স্থিৰ মূলধন।

উত্তৰঃ উপভোগ।

১২। জাতীয় আয়ৰ জোখ লওতে আমি কিয় মূল্য সংযোজন গণনা কৰিব লাগে ?

উত্তৰঃ মুঠ ঘৰুৱা উৎপাদন হ’ল এখন দেশৰ এটা বছৰৰ সকলো উৎপাদন প্ৰতিষ্ঠানৰ মূল্য সংযোজনৰ সমষ্টি। গতিকে জাতীয় আয়ৰ জোখ লোৱাৰ বাবে মূল্য সংযোজন গণনা কৰিবলগীয়া হয়।

১৩। শুদ্ধ বা অশুদ্ধ লিখা :

প্রতিষ্ঠান এখনৰ মূল্য সংযোজন হ’ল প্ৰৱাহ চলক।

উত্তৰঃসৰ্চা।

১৪। মুঠ মূল্য সংযোজন কি?

উত্তৰঃ কোনো অর্থনীতিত উৎপাদিত দ্ৰব্য আৰু সেৱাসমূহৰ মুঠ পৰিমাণ। 

১৫। নিশুট সংযোজন মূল্য কি? 

উত্তৰঃ নিগুট বা শুদ্ধ মূল্য সংযোজন হ’ব তেতিয়া যেতিয়া মুঠ বা স্কুল মূল্য সংযোজনৰ পৰা ক্ষয়ক্ষতিৰ পৰিমাণ বাদ দিয়া হ’ব।

১৬। ‘পূর্ববর্তী দ্রব্য’ (Inventory) কি?

উত্তৰঃ পূৰ্বৱৰ্তী দ্ৰব্য হ’ল সেইবোৰ যিবোৰ উৎপাদন প্রতিষ্ঠান এখনে এটা বছৰৰ পৰা আন এটা বছৰলৈ বিক্ৰী নোহোৱা সম্পূর্ণ বা অর্ধসম্পূর্ণ দ্রব্য বা কেচামালৰ উপস্থিতি।

১৭। শুদ্ধ বা অশুদ্ধ লিখা:

ইনভেটৰী’ হ’ল মজুত চলক, কিন্তু, ইনভেটৰীৰ পৰিৱৰ্ত্তন হ’ল প্রবাহ চলক।

উত্তৰঃ শুদ্ধ।

১৮। শুদ্ধ বা অশুদ্ধ লিখাঃ

‘পূর্ববর্তী দ্রব্য’ সমূহক মূলধন হিচাপে গণ্য কৰা হয়।

উত্তৰঃ শুদ্ধ।

১৯। মুঠ ঘৰুৱা উৎপাদন গণনা কৰোতে, মধ্যবর্তী দ্ৰৱ্যৰ ওপৰৰ ব্যয় সমূহক কিয় অন্তর্ভূক্ত কৰা নহয়?

উত্তৰঃ GDP গণনাত অস্তিম ব্যৱহাৰৰ সামগ্ৰীবোৰৰ মূল্য নিৰূপণ কৰোতে মধ্যৱৰ্তী ব্যৱহাৰ সামগ্ৰীসমূহৰ মূল্য অন্তৰ্ভুক্ত কৰা হয়। অর্থাৎ অস্তিম ব্যৱহাৰ সামগ্ৰীৰ মূল্যত মধ্যৱৰ্তী দ্ৰব্যৰ মূল্যও সোমাই আছে। গতিকে মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য বেলেগকৈ অন্তর্ভুক্ত নহয়। অন্যথা ইয়াৰ দুবাৰ গণনা হ’ব।

২০। তলৰ সমীকৰণটোৰ কোনটো অংশই বাজেট ঘাটি নির্দেশ দিয়ে –

(I-S) + (G – T) = ( M – X ) 

উত্তৰঃসমীকৰণৰ (G-T) ৰ সহায়ত চৰকাৰে লাভ কৰা ৰাজহৰ তুলনাত চৰকাৰী ব্যয়ৰ পৰিমাণ কিমান বেছি সেইটো গণনা কৰা হয়। ইয়াক ঘাটি বাজেট বোলে।

২১। (I-S) + (G-T) = M – X, এই সমীকৰণটোৰ M – X অংশটোই কি সূচায়ছে? 

উত্তৰঃ ‘M – X’ ক বাণিজ্যিক ঘাটি (trade deficit) বোলা হয়। M হ’ল দেশৰ পৰা হোৱা বহিঃপ্রবাহ আৰু X হ’ল দেশলৈ হোৱা আন্তঃপ্ৰৱাহ। ইয়াৰ সহায়ত ৰপ্তানি আয়ৰ তুলনাত অর্থনীতিখনে কিমান অধিক পৰিমাণৰ আমদানি ব্যয় বহন কৰিব লাগে সেইটো গণনা কৰা হয়।

২২। খালী ঠাই পূৰ কৰাঃ

GNP = GDP +….. 

মুঠ ৰাষ্ট্ৰীয় উৎপাদন = মুঠ ঘৰুৱা উৎপাদন + …….

উত্তৰঃ GNP = GDP+ উপাদানৰ বিদেশৰ পৰা হোৱা নিশুট

Class 12 Economy Solutions-অৰ্থনীতি

ক-অংশ : ব্যষ্টিবাদী অৰ্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ আৰম্ভণি Click here
অধ্যায় – ২উপভোক্তাৰ আচৰণৰ তত্ত্ব Click here
অধ্যায় – ৩উৎপাদন আৰু ব্যয় Click here
অধ্যায় – ৪ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here
অধ্যায় – ৫ বজাৰ ভাৰসাম্য Click here
অধ্যায় – ৬ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here

খ- অংশ : সমষ্টিবাদী অর্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ সূচনা Click here
অধ্যায় – ২জাতীয় আয় গণনা Click here
অধ্যায় – ৩মুদ্ৰা আৰু বেংক ব্যৱস্থা Click here
অধ্যায় – ৪ আয় নিৰ্ধাৰণ Click here
অধ্যায় – ৫ চৰকাৰ; কাৰ্যাৱলী আৰু পৰিসৰ Click here
অধ্যায় – ৬ মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Click here

গ- অংশ : ভাৰতীয় অর্থনৈতিক উন্নয়ন

অধ্যায় – ১ প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা Click here
অধ্যায় – ২ ভাৰতীয় অৰ্থব্যৱস্থা ( 1950-1990) Click here
অধ্যায় – ৩ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণঃ এক পৰ্য্যালোচন Click here
অধ্যায় – ৪ দৰিদ্ৰতা Click here
অধ্যায় – ৫ ভাৰতত মানৱ মূলধন গঠন Click here
অধ্যায় – ৬ গ্রাম্য উন্নয়ন Click here
অধ্যায় – ৭নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় Click here
অধ্যায়-৮আন্তঃগাঁথনি Click here
অধ্যায়-৯পৰিৱেশ আৰু বহনক্ষম উন্নয়ন Click here
অধ্যায় – ১০ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা Click here

২৩। খালী ঠাই পূৰ কৰা :

NNP = GNP . …….

শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন – মুঠ ঘৰুৱা উৎপাদন …..

উত্তৰ: NNP = GNP- মূলধনৰ ক্ষয়-ক্ষতি।

২৪। মুঠ ঘৰুৱা উৎপাদনৰ অৱস্ফীতক (GDP Deflator) মানে কি?

উত্তৰঃ সাধাৰণ আৰু প্ৰকৃত GDP ৰ অনুপাতেই GDP Deflator বোলে।

২৫। ধৰাহ’ল, এখন দেশৰ মুঠ ঘৰুৱা উৎপাদন (বজাৰ দৰত) 950 কোটি টকা। যদি অৱক্ষণৰ পৰিমাণ 100 কোটি টকা হয়, তেন্তে বজাৰ দৰত, শুদ্ধ নি… ঘৰুৱা উৎপাদন উলিওবা। 

উত্তৰঃ 

 ২৬। আধুনিক অর্থবিজ্ঞানৰ প্ৰতিষ্ঠাপক পিতৃ কোন?

উত্তৰ: জে. এম. কেইঞ্চ

২৭। জাতীয় আয় কি?

উত্তৰ; কোনো এখন দেশৰ উৎপাদিত দ্ৰব্য আৰু সেৱা সমূহৰ বজাৰ দৰত নিৰ্দ্ধাৰিত মূল্যৰ পৰিমাণক কোনো এক বিত্তিয় বৰ্ষৰ ভিতৰত নিৰ্দ্ধাৰিত পৰিমাণক বুজায়।

২৮। উপভোগ্য সামগ্রী কাক কয়?

উত্তৰঃ যিবোৰ সামগ্ৰীয়েই উপভোক্তাক সন্তুষ্টি প্ৰদান কৰে, তেনেহোৰ সামগ্ৰীয়ে উপভোগ্য সামগ্রী।

২৯। ভিত্তিবর্ষ কাক বোলে? 

উত্তৰঃ যিটো আগৰ বছৰক ভিত্তি হিচাপে গ্ৰহণ কৰি, চলিত বৰ্ষত জাতীয় আয়ৰ চলক সমূহ গণনা কৰা হয়, তাকে ভিত্তিবর্ষ বোলে। ভিত্তিবৰ্ষৰ মান ১০০।

৩০। উপভোক্তাৰ দৰ-সূচক কি?

উত্তৰঃ উপভোক্তাৰ দৰ সূচকে উপভোগ্য সামগ্ৰীসমূহৰ দৰৰ উঠা নমাক নিৰ্দেশ কৰে।

(খ) চমু প্রশ্ন উত্তৰ II প্ৰকাৰৰ : (মূল্যাংক-৩)

১। ধৰা বজাৰ দৰ মুঠ ঘৰুৱা উৎপাদন হ’ল 1100 কোটি টকা। আকৌ, বিদেশৰ পৰা আহৰণ কৰা নিওট উপাদান আয় হ’ল (NFIA) কোটি টকা আৰু অৱক্ষয়ণ হ’ল 150 কোটি টকা আৰু অৱক্ষয়ণ হ’ল 80 কোটি টকা।। এতিয়া যদি, (পৰোক্ষ কৰ-সাহাৰ্য) 120 কোটি টকা হয়, তেন্তে জাতীয় আয়ৰ মূল্য নিৰ্দ্ধাৰণ কৰা।

উত্তৰঃ জাতীয় আয় GDPMP– অবক্ষয় নিশুট পৰোক্ষ কৰ+NFIA

= 1100-80-120 + 150 কোটি =1050 কোটি

২। ধৰা বজাৰ দৰত নিশুট ৰাষ্ট্ৰীয় উৎপাদন (NNP), এখন দেশৰ হ’ল – 1600 কোটি টকা। যদি, পৰোক্ষ কৰ 100 কোটি টকা আৰু সাহাৰ্য 80 কোটি টকা হয়, দেশখনৰ জাতীয় আয় উলিওৱা

উত্তৰঃ

:

৩। এটা নিৰ্দিষ্ট বছৰত, এখন অৰ্থনীতিৰ নামমাত্ৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদন (GNP) হ’ল 2,800 কোটি টকা। সেই একে বছৰত দেশখনৰ ভূমি বছৰৰ দৰত, ৰাষ্ট্ৰীয় উৎপাদনৰ মূল্য হ’ল 3,200 কোটি টকা। GNP অৱস্ফীতকৰ মূল্য উলিওৱা, শতাংশ হিচাপত। ভূমি বছৰ আৰু নিৰ্দিষ্ট বছৰটোৰ মাজৰ সময়ত, দৰ স্তৰ বৃদ্ধি পাইছেনে?

উত্তৰঃ GNP অৱস্ফীতক = আর্থিকGNP×100/প্রকৃতGNP

=2800 x 100/ 3200

= 87.5%

ভূমি বছৰ আৰু বিবেচনালৈ অনা বছৰৰ মাজত দৰৰ বৃদ্ধি হোৱা নাই। প্ৰকৃততে দৰ 100% ৰ পৰা 87.5% লৈ কমিছে।

8। এটা নিৰ্দিষ্ট বছৰত, এখন অৰ্থনীতিৰ নামমাত্ৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদন হ’ল 4,000 কোটি টকা। সেই একে বছৰত দেশখনৰ চলিত দৰত, মঠ ৰাষ্ট্ৰীয় উৎপাদনৰ মূল্য হ’ল 3,500 কোটি টকা GNP অৱস্ফীতক, শতাংশ হিচাপত মূল্য নির্ণয় কৰা।

উত্তৰঃ

৫। এটা নিৰ্দিষ্ট বছৰত, এখন দেসৰ সঞ্চয়ত কৈ অতিৰিক্ত ব্যক্তিগত বিনিয়োগৰ পৰিমাণ হ’ল 3,000 কোটি টকা। বাজেট ঘাটিৰ পৰিমাণ হ’ল (-) 800 কোটি টকা। সেই দেশৰ বাণিজ্য ঘাটি (Trade deficit) ৰ পৰিমাণ কিমান? 

উত্তৰঃ (I-S) + (4–1) =M – X

= M-X = (I-S) + (G-T) 

= 3000+ (-800) 

= 3000-800

=2200 কোটি

৬। মধ্যবর্তী দ্ৰব্যৰ ধাৰণাটো ব্যাখ্যা কৰা। 

উত্তৰঃ অন্যান্য দ্রব্য উৎপাদন কৰিবলৈ যিবোৰ দ্ৰব্য ব্যৱহাৰ কৰা হয় তেনেবোৰ দ্ৰব্যক মধ্যবর্তী দ্রব্য বোলা হয়।

যেনে – কাপোৰ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা কপাহ।

৭। মুঠ বিনিয়োগ আৰু নিগুট বিনিয়োগৰ পাৰ্থক্য লিখা।

উত্তৰঃ অন্তিম দ্ৰব্যৰ যিটো অংশ মূলধনজাত সামগ্রী সেই অংশটোকেই সৰ্বমুঠ বিনিয়োগ বোলে। যন্ত্রপাতি, ৰাস্তা, পদূলি, দলং, বন্দৰ, গুদাম ঘৰ আদি সৰ্বমুঠ বিনিয়োগৰ অন্তৰ্ভুক্ত। কিন্তু সৰ্বমুঠ বিনিয়োগৰ পৰা ক্ষয়-ক্ষতিৰ পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ আছুতীয়াকৈ ৰখা বিনিয়োগৰ পৰিমাণে বিয়োগ কৰিলে শুদ্ধ বিনিয়োগ পোৱা যায়। নিশুট বিনিয়োগ = মুঠ বিনিয়োগ – মূলধনৰ ক্ষয়-ক্ষতি 

৮। এখন সাধাৰণ অৰ্থনীতিত ভোহকাৰ্য্য আৰু উৎপাদন কাৰ্য্যৰ মাজৰ চক্ৰীয় কাৰণসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ এখন দেশৰ পৰিয়ালৰহি উৎপাদনকাৰীসকলৰ বাবে দ্ৰব্য আৰু সেৱা উৎপাদন কৰাৰ বিনিময়ত মুদ্ৰাৰ মাধ্যমত পাৰিশ্ৰমিক লাভ কৰে। এই উপাৰ্জনৰ এটা অংশ উৎপাদন প্রতিষ্ঠানবোৰে উৎপাদন কৰা দ্রব্য সামগ্রী উপভোগৰ বাবে ব্যয় কৰে। ইয়াৰে কিছু অংশ তেওঁলোকে সঞ্চয় কৰে। উৎপাদন প্রতিষ্ঠানবোৰেও নিজ নিজ লভ্যাংশৰ এটা অংশ সঞ্চয় কৰে। পৰিয়াল আৰু উদ্যোগ প্ৰতিষ্ঠানৰ সঞ্চয় পৰবৰ্তী পৰ্যায়ত মূলধন বজাৰলৈ প্ৰবাহিত হয়। এই মূলধন বেংক, বীমা আদিৰ জৰিয়তে বিনিয়োগ ক্ষেত্র লৈ প্রবাহিত হয়। বিনিয়োগৰ জৰিয়তে মূলধন গঠনৰ হাৰ বৃদ্ধি হয়। মূলধন গঠনৰ হাব বৃদ্ধি হলে ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধি হ’ব। আৰু ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধিয়ে ইয়াৰ অনুৰূপ চক্ৰীয় প্ৰবাহৰ মাধ্যমত অর্থনৈতিক কাম কাজৰ সম্প্ৰসাৰণ ঘটায়। যেতিয়া লৈকে এই চক্রবৎ ব্যয়ৰ গতি অপৰিবৰ্তিত হৈ থাকে তেতিয়ালৈকে ৰাষ্ট্ৰীয় উৎপাদনৰো হ্রাস বৃদ্ধি নঘটে। কিন্তু সময়ে সময়ে এই চক্ৰীয় প্ৰবাহৰ গতি ত্বরান্বিত বা প্রশমিত হোৱাৰ ফলত ৰাষ্ট্ৰীয় উৎপাদনৰ উত্থান-পতন হয়।

৯। মূল্য সংযোজন, মুঠ মূল্য সংযোজন আৰু শুদ্ধ মূল্য সংযোজন ধাৰণা কেইটা ব্যাখ্যা কৰা। 

উত্তৰঃএটা প্ৰতিষ্ঠানৰ উৎপাদন মূল্যৰ পৰা উৎপাদন প্রতিষ্ঠানে ব্যৱহাৰ কৰা মধ্যবর্তী দ্ৰব্যৰ মূল্য বিয়োগ কৰিলে মূল্য সংযোজন পোৱা যায়। এই মূল্য সংযোজনখিনি খাজনা, সুদ, মজুৰি, লাভ হিচাপে ভূমি, মূলধনৰ গৰাকী, শ্রমিক আৰু সংগঠকৰ মাজত বিতৰণ কৰা হয়। মূল্য সংযোজনৰ লগত ক্ষয়-ক্ষতিৰ মূল্য অন্তর্ভূক্ত কৰিলে মুঠ মূল্য সংযোজন পোৱা যায়। আনহাতে সংযোজিত মূল্যৰ পৰা ক্ষয়-ক্ষতিৰ মূল্য বাদ দিলে যি মূল্য সংযোজন পোৱা যায় সেয়াই নিশুট মূল্য সংযোজন।

১০। মুঠ মূল্য সংযোজন আৰু শুদ্ধ মূল্য সংযোজনক মাজত পার্থক্য লিখা। 

উত্তৰঃ মুঠ মূল্য সংযোজন হ’ল য’ত ক্ষয়-ক্ষতিৰ মূল্য ধৰা থাকে আনহাতেদি শুদ্ধ মূল্য হ’ব তেতিয়া যেতিয়া মুঠ মূল্য সংযোজনৰ পৰা ক্ষয়-ক্ষতিৰ মূল্য বিয়োগ কৰা হব। উদাহৰণস্বৰূপে প্রতিষ্ঠান এটাই প্ৰতি বছৰে পোৱা সামগ্ৰী মূল্য হ’ল 1000 কোটি টকা। প্রতিষ্ঠানটোৱে ব্যৱহাৰ কৰা মধ্যবর্তী দ্ৰব্যৰ মূল্য হ’ল 250 কোটি টকা আৰু 150 কোটি হ’ল প্ৰতি বছৰে হোৱা ক্ষয় ক্ষতিৰ মূল্য। এতিয়া মুঠ মূল্য সংযোজন হ’ব 1000 কোটি -250 কোটি = 750 কোটি কিন্তু শুদ্ধ মূল্য সংযোজন হ’ব 1000 কোটি -250 কোটি-150 কোটি টকা = 600 কোটি টকা।

১১। এখন প্রতিষ্ঠানে প্রতি বছৰে 500 টকাৰ সামগ্রী উৎপাদন কৰে আৰু প্ৰতিষ্ঠান খনে 250 টকাৰ মধ্যবর্তী সামগ্ৰী প্ৰতিবছৰে ব্যৱহাৰ কৰে। প্ৰতিষ্ঠানখনৰ মূলধন জন্মৰ ব্যয় হ’ল 20 টকা প্ৰতি বছৰ। প্ৰতিষ্ঠান খনৰ মুঠ মূল্য সংযোজন আৰু শুদ্ধ মূল্য সংযোজন উলিওৱা 

উত্তৰঃ স্থুল মূল্য সংযোজনঃ

GVA = উৎপাদন প্রতিষ্ঠানৰ উৎপাদনৰ মূল্য – মধ্যবর্তী দ্ৰব্যৰ মূল্য

= 500-250 টকা = 250 টকা

নিশুট মূল্য সংযোজনঃ

NVA = স্থুল মূল্য সংযোজন – অৱক্ষয় 

= 250- 20 টকা 

= 230 টকা

১২। ‘পূর্ববর্তী দ্ৰব্য’ৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ অর্থনীতিত প্রতিষ্ঠান এখনে বিক্ৰী নোযোৱা চূড়ান্ত দ্রব্য বা অর্ধচূড়ান্ত দ্রব্য বা কেঁচা সামগ্ৰীৰ যিটো অংশ এটা বছৰৰ পৰা পিছৰ বছৰলৈ কঢ়িয়াই নিব লগা হয়, সেই দ্রব্যসমূহকে পূর্ববর্তী দ্রব্য বোলে। এই দ্ৰব্যসমূহ হ’ল মজুত চলক। এনেবোৰ দ্ৰব্যক সাধাৰণতে মূলধন হিচাপে গণ্য কৰা হয়। প্রতিষ্ঠান এখনৰ মূলধনী মজুতত হোৱা সংযোজনকহে বিনিয়োগ বোলা হয়। সেইবাবে প্রতিষ্ঠানৰ পূৰ্বৱৰ্তী দ্ৰব্যৰ পৰিৱৰ্তনকো বিনিয়োগ হিচাপে বিবেচনা কৰা হয়। এনেবোৰ দ্ৰব্যৰ পৰিৱৰ্তন পৰিকল্পিত বা অপৰিকল্পিত হ’ব পাৰে। বিক্রী অনাকাংক্ষিতভাৱে হ্রাস পালে প্রতিষ্ঠানখনৰ বিক্ৰী নোহোৱা দ্ৰব্যৰ পৰিমাণ বহির্ভূতভাৱে বাঢ়ি যায় আৰু অপৰিকল্পিত পূৰ্বৱৰ্তী দ্ৰব্যৰ মজুত বাঢ়ে। ইয়াৰ বিপৰীতে বিক্ৰীৰ পৰিমাণ আশাতীতভাৱে বৃদ্ধি পালে পূৰ্বৱর্তী দ্ৰব্যৰ মজুত অপৰিকল্পিতভাবে হ্রাস পায়।

১৩। বছৰৰ আৰম্ভনিতে এখন প্ৰতিষ্ঠানৰ ইনভেন্টৰীৰ পৰিমাণ আছিল ৪০ টকা। বছৰটোত প্রতিষ্ঠান খনে 500 টকাৰ দ্ৰব্য উৎপাদন কৰে আৰু 400 টকাৰ দ্ৰব্যৰ বিক্ৰী কৰে। বছৰটোত ইনভেন্টৰীৰ পৰিবৰ্তন নিৰ্ণয় কৰা। 

উত্তৰঃ বছৰৰ আৰম্ভণিতে ইনভেন্টৰীৰ পৰিমাণ =80 টকা

বছৰটোৰ উৎপাদন হ’ল 500 টকাৰ 

বিক্ৰী হ’ল 400 টকাৰ

পূবৱৰ্তী দ্ৰব্যৰ পৰিৱৰ্তন = 500-400 টকাৰ = 100 টকাৰ

বছৰৰ শেষত পূবৱৰ্তী দ্ৰব্যৰ পৰিমাণ =80+100 টকাৰ = 180 টকাৰ

১৪। অপৰিকল্পিত ইনভেন্টৰী গঠনৰ এটা কাল্পনিক উদাহৰণ দিয়া। 

উত্তৰঃ ধৰা হ’ল X দ্রব্য উৎপাদনকাৰী প্ৰতিষ্ঠানটোৱে বছৰটো আৰম্ভ কৰে 200 টা পূর্ববর্তী দ্ৰব্যৰে।বছৰটোত প্ৰতিষ্ঠানটোৱে 10,000 টা গোট বিক্ৰী কৰিবলৈ বিচাৰে আৰু সেইমতে 10,000 টা গোটেই উৎপাদন কৰিলে। কিন্তু ই আশা কৰা মতে 10,000 টা গোট বিক্ৰী নহল। 8000 টা গোটহে বিক্ৰী হ’ল। গতিকে বছৰৰ শেষত উৎপাদন প্ৰতিষ্ঠানৰ পূৰ্বৱৰ্তী দ্ৰব্য হ’ব

= 200 + (10,000-8000) = 2200 টা গোট

এইদৰে অপ্রত্যাশিতভাৱে 2000 টা গোট বৃদ্ধি পোৱাটো পূৰ্বৱৰ্তী দ্ৰব্যৰ অপৰিকল্পিত বৃদ্ধিৰ উদাহৰণ।

১৫। ভুলৰ সমীকৰণটোৰ সহায়ত মুঠ ঘৰুৱা উৎপাদনৰ ধাৰণাটো ব্যাখ্যা কৰা—

১৬। তলৰ সমীকৰণটোৰ সহায়ত শুদ্ধ ঘৰুৱা উৎপাদনৰ ধাৰণাটো ব্যাখ্যা কৰা—

উত্তৰঃ নিওট ঘৰুৱা উৎপাদন মানে সকলো প্ৰতিষ্ঠানৰ নিশুট সংযোজিত মূল্যৰ সৰ্বমুঠ যোগফল।

সংখ্যক প্ৰতিষ্ঠানৰ নিগুট মূল্য সংযোজনৰ মুঠ পৰিমাণ বুজাইছে।

১৭। মুঠঘৰুৱা উৎপাদনৰ পৰা মুঠ ৰাষ্ট্ৰীয় উৎপাদন কিদৰে গণনা কৰা হয় ব্যাখ্যা কৰা।

উত্তৰঃ মুঠ ঘৰুৱা উৎপাদন হ’ল-বিত্তীয় বছৰ এটাত দেশৰ ভিতৰত সৰ্বমুঠ অন্তিম ব্যৱহাৰযোগ্য সামগ্ৰী আৰু সেৱা কাৰ্য্যৰ বজাৰ মূল্য আনহাতে সৰ্বমুঠ জাতীয় উৎপাদন = সৰ্বমুঠ ঘৰৱা উৎপাদন+বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ। গতিকে সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ লগত বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ যোগ দিলে মুঠ জাতীয় উৎপাদন পোৱা যায়।

১৮। ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় কি?

উত্তৰঃ ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় হ’ল এখন দেশত বাসিন্দাসকলৰ সকলো ধৰণৰ আয়ৰ সমষ্টি যিখিনি উপভোগ আৰু সঞ্চয়ৰ বাবে উপলব্ধ । ই বজাৰ দৰত জাতীয় আয় আৰু পৃথিৱীৰ বাকী দেশসমূহৰ পৰা পোৱা নিগুট চলিত হস্তাত্তৰ পৰা পোৱা আয়ৰ সমষ্টি। ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় দুই প্ৰকাৰৰ।

  1.  স্কুলজাতীয় ব্যয়যোগ্য আয়। 
  2. নিশুট জাতীয় ব্যয়যোগ্য আয়।

১৯। উৎপাদন ব্যয়ত নিশুট ৰাষ্ট্ৰীয় উৎপাদন কি ?

উত্তৰঃ দ্ৰব্য আৰু সেৱাৰ উৎপাদনত আগবঢ়োৱা অৱদানৰ বাবে উৎপাদনৰ উপাদানসমূহক পৰিশোধ কৰা মজুৰি, খাজনা, সুদ আৰু লাভৰ সমষ্টি অর্থাৎ এখন দেশত এবছৰত উৎপাদন কাৰ্যত যি ব্যয় কৰা হয় সিয়ে হৈছে উপাদান দৰত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন। উপাদান মূল্যত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদনক এনেদৰে ব্যাখ্যা কৰিব পাৰি— নিশুট পৰোক্ষ কৰ

২০। প্রকৃত মুঠ ঘৰুৱা উৎপাদন আৰু নামমাত্ৰ মুঠ ঘৰুৱা উৎপাদনৰ মাজৰ পাৰ্থক্য লিখা। 

উত্তৰঃপ্রকৃত মুঠ ঘৰুৱা উৎপাদন হ’ল স্থিৰ মূল্যত কোনো দেশে নির্দিষ্ট সময়ত আভ্যন্তৰীণ উৎসৰ পৰা যি দ্ৰব্য আৰু সেৱা উৎপাদন কৰে তাৰ বজাৰ মূল্য। প্রকৃত মুঠ জাতীয় আয় গণনাৰ বাবে কেতবোৰ সেৱা আৰু সামগ্ৰীৰ এক স্থিৰ দৰ সংহতিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। যিহেতু এই দৰসমূহ স্থিৰে থাকে, সেয়েহে প্রকৃত মুঠ জাতীয় আয় পৰিৱৰ্তন হ’লে মুঠ উৎপাদনৰ পৰিৱৰ্তন হোৱাটো নিশ্চিত বুলিব পাৰি।

আনহাতে সাধাৰণ মুঠ ঘৰুৱা উৎপাদন হৈছে প্ৰচলিত দৰত মুঠ জাতীয় উৎপাদনৰ মূল্য। দ্রব্য সমাগ্ৰীৰ পৰিমাণ বৃদ্ধি নোহোৱাকৈয়ে কেৱল দৰ বৃদ্ধিৰ বাবে জাতীয় আয় বৃদ্ধি পাব। সেইদৰে সামগ্রী উৎপাদন নকমাকৈয়ে কেৱল মূল্যস্তৰ হ্ৰাস পোৱা বাবে জাতীয় আয় কমিব পাৰে। গতিকে চলিত দৰত নিৰ্ণয় কৰা GDPৰ ভিত্তিত দুখন দেশৰ GDPৰ তুলনা কৰিব নোৱাৰো অথবা একেখন দেশৰ ভিন ভিন বছৰৰ GDP তুলনা কৰিব নোৱাৰো।

২১। মধ্যবর্তী দ্ৰব্য আৰু চূড়ান্ত দ্ৰব্যৰ মাজত পার্থক্য কি?

উত্তৰঃ যিবোৰ দ্ৰব্য অধিক উৎপাদনৰ বাবে কেঁচা সামগ্রী হিচাপে ব্যৱহাৰ কৰা হয় নাইবা একেটা বছৰতে পুনৰ বিক্ৰী কৰা হয় সেইবোৰ দ্ৰব্যকে মধ্যবৰ্ত্তী দ্রব্য বোলে। আনহাতে, যিবোৰ দ্ৰব্য চূড়ন্ত ভোগকাৰ্য নাইবা চূড়ান্ত বিনিয়োগৰ বাবে ব্যৱহাৰ কৰা হয় সেইবোৰ দ্ৰব্যকে চূড়ন্ত দ্রব্য বোলে।

২২। প্রধান সমষ্টিবাদী অর্থনৈতিক চলকবোৰৰ মাজৰ সম্পৰ্ক চিত্ৰৰ সহায়ত দেখুওৱা ।

উত্তৰঃ

২৩। ‘A’ অংশৰ লগত ‘B’ অংশ মিলোৱা :

AB
(a) বার্ষিক লাভ বা উৎপাদন
(b) কাৰখানা ঘৰ বা যন্ত্রপাতি
(c) অট’ম’বাইল নির্মাণত ব্যৱহৃত তীখাৰ পাট
(i) মজুতৰ ধাৰণা
(ii) মধ্যবর্তী দ্রব্য
(iii) প্ৰবাহৰ ধাৰণা

উত্তৰঃ

AB
(a) বার্ষিক লাভ বা উৎপাদন
(b) কাৰখানা ঘৰ বা যন্ত্রপাতি
(c) অট’ম’বাইল নির্মাণত ব্যৱহৃত তীখাৰ পাট
(iii) প্ৰবাহৰ ধাৰণা
(i) মজুতৰ ধাৰণা
(ii) মধ্যবর্তী দ্রব্য

 ২৪। ক্ষয়-ক্ষতি মানে কি? অর্থনীতি এখনৰ মুঠ বিনিয়োগৰ সৈতে ক্ষয়ক্ষতি কিদৰে জড়িত লিখা।

উত্তৰঃ ক্ষয়-ক্ষতি যে সাধাৰণতে স্থিৰ সম্পদ (মূল্যধনী দ্রব্য) মূল্য হ্রাস হোৱাটো বুজায়। ই এটা গণনাৰ বিষয়। বছৰেকীয় ভিত্তিত ক্ষয়-ক্ষতিৰ গণনা কৰা হয়। ৰাষ্ট্ৰীয় আয়ৰ গণনাত মুঠ চলকটোৱে মুঠ আয়, মুঠ বিনিয়োগ আদিক ক্ষয় ক্ষতিৰ অন্তৰ্ভুক্ত কৰি লয়। ধৰাহ’ল যে এখন উৎপাদন প্রতিষ্ঠানে এটা যন্ত্ৰত বিনিয়োগ কৰিছে যিটোৱে ১০ বছৰলৈ সেৱা আগবঢ়াব বুলি ভবা হৈছে। প্ৰতি বছৰেই উৎপাদন প্রক্রিয়াত যন্ত্ৰটোৰ ব্যৱহাৰ হোৱা বাবে প্ৰতি বছৰেই তাল এক দশমাংশ প্রকৃত মূল্যৰ ক্ষতি হ’ব। গতিকে যন্ত্ৰটো ১০ বছৰৰ পিছত সলনি কৰিবলৈ এক বৃহৎ পৰিমানৰ বিনিয়োগ কৰাতকৈ বছৰি ক্ষয়-ক্ষতিৰ ব্যয়খিনি পূৰণ কৰাহে উচিত হ’ব। এইদৰে মুঠ বিনিয়োগৰ সৈতে ক্ষয়-ক্ষতি জড়িত।

(গ) চমু প্রশ্ন উত্তৰ I প্ৰকাৰৰ : (মূল্যাংক – 8 )

১। উপভোক্তাৰ সামগ্ৰী আৰু মূলধনী সামগ্ৰীৰ পাৰ্থক্য লিখা।

উত্তৰঃ যিবিলাক দ্রব্য উপভোক্তাই তেওঁলোকৰ অভাৱ পূৰণ কৰিবৰ বাবে অন্তিম বা শেষ দ্ৰব্য হিচাপে ক্রয় কৰে, তাক উপভোগ্য দ্রব্য বোলে। আনহাতে অন্য দ্রব্য সামগ্রী উৎপাদন কৰিবৰ বাবে যিবিলাক দ্রব্য উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয় আৰু যাৰ এক দীঘলীয়া জীৱনকাল আছে সেইবোৰ দ্ৰব্যকে মূলধনী দ্রব্য বোলে।

উপভোগ্য সামগ্ৰীবোৰ অস্থায়ী, মূলধনী দ্ৰব্যবোৰ তুলনামূলকভাৱে স্থায়ী। উপভোগ্য সামগ্ৰীবোৰ এবাৰ ব্যৱহাৰতে পুনৰবাৰ ব্যৱহাৰ কৰিব পৰা নাযায়। কিন্তু মূলধনী দ্রব্যবোৰ উৎপাদন কাৰ্যত বাৰম্বাৰ ব্যৱহাৰ কৰিব পৰা যায়।

২। জাতীয় আয় সংক্রান্তত, মজুত আৰু প্ৰবাহৰ পাৰ্থক্য লিখা। 

উত্তৰঃ যিবোৰ পৰিমাণৰ জোখ এক নিৰ্দিষ্ট সময়ছোৱাৰ বাবে লোৱা হয়, সেই পৰিমাণবোৰেই হ’ল প্ৰবাহ। যেনে আয়, উৎপাদন, লাভ আদি ।

আনহাতে, আন কেতবোৰ পৰিমাণ আছে যিবোৰ প্ৰতিটো সময় বিন্দুৰ সৈতে জড়িত হৈ থাকে। যেনে যন্ত্ৰ-পাতিৰ পৰিমাণ, আচবাবৰ পৰিমাণ। এই পৰিমাণবোৰ হ’ব মজুত। প্রবাহ এক সময়ছোৱাৰ সৈতে জড়িত কিন্তু মজুত সময় বিন্দুৰ সৈতেহে জড়িত। আকৌ কোনো বিশেষ সময় কালত জুখিব পৰা মজুতৰ পৰিৱৰ্তন হ’ল প্ৰবাহ। মূলধন প্ৰবাহৰ অন্তৰ্ভুক্ত হ’ব পাৰে। কিন্তু ই কেৱল মাত্ৰ এটা বছৰৰ বাবেহে অন্তৰ্ভুক্ত হয় যিটো বছৰত তাব নতুনকৈ সংযোগ কৰা হৈছিল।

৩। উৎপাদনৰ চাৰিটা উপাদানৰ নাম আৰু বৈশিষ্ট্য লিখা।

উত্তৰঃ উৎপাদনৰ উপাদান চাৰিটা হ’ল (ক) ভূমি, (খ) শ্রম, (গ) মূলধন, (ঘ) সংগঠন। 

বৈশিষ্ট্য ঃ ভূমি প্ৰকৃতিৰ মুক্তদান। ইয়াৰ উৎপাদন খৰচ নাই। ভূমিৰ যোগান অস্থিতিস্থাপক সকলো ভূমিৰ গুণাগুণৰ তাৰতম্য আছে। ইয়াৰ ভৌগোলিক গতিশীলতা নাই। উৎপাদন কাৰ্যত অংশগ্ৰহণ কৰাৰ বাবে ভূমিয়ে খাজনা লাভ কৰে।

শ্রমিকক শ্ৰমৰ পৰা পৃথক কৰিব নোৱাৰি। শ্রম সাঁচি ৰাখিব নোৱাৰি। শ্রমিকৰ দৰ-দাম কৰাৰ ক্ষমতা কম। কামৰ পৰিৱেশ, সময়, অৱসৰ-বিনোদনৰ ব্যৱস্থা আদিয়ে শ্ৰমৰ ওপৰত প্ৰভাৱ পেলায়। শ্রমিকে শ্ৰমদানৰ বাবে মজুৰি লাভ কৰে।

মূলধন মানৱসৃষ্ট উপাদান। ইয়াৰ যোগান বৃদ্ধি কৰিব পৰা যায়। সকলো মূলধনেই সম্পদ আৰু উৎপাদনমূলক। মূলধন সঞ্চয়ৰ পৰা সৃষ্টি হয়। উৎপাদন কার্যত অংশগ্ৰহণ কৰা বাবে মূলধনে সুদ লাভ কৰে।

সংগঠকে ভূমি, শ্ৰম আৰু মূলধন সংগ্ৰহ কৰি তিনিওবিধ উপাদানৰ সমন্বয় সাধন কৰি উৎপাদন কার্য সম্ভৱ কৰি তোলে। সংগঠকে অনিশ্চয়তা বহন কৰে আৰু ব্যৱসায়ৰ লভ্যাংশ অৰ্জন কৰে। সংগঠকে ব্যৱসায়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে।

৪। অপৰিকল্পিত ইনভেন্টৰী গঠন কি?

উত্তৰঃউৎপাদন প্ৰতিষ্ঠানৰ বিক্ৰী অপ্রত্যাশিতভাৱে হ্রাস পালে, উৎপাদন প্রতিষ্ঠানৰ বিক্ৰী নোহোৱাকৈ থকা দ্ৰব্যৰ পৰিমাণ অপ্রত্যাশিতভাৱে বৃদ্ধি পায় ইয়াক পূৰ্বৱৰ্তী দ্ৰব্যৰ অপ্রত্যাশিত বুদ্ধি বোলে। ধৰা হ’ল এটা প্রতিষ্ঠানে 100 টা পূৰ্বৱৰ্তী চাৰ্টৰ সৈতে বছৰটো আৰম্ভ কৰিছে আগন্তুক বৰ্ষটোত প্রতিষ্ঠানখনে 1000 টা চাৰ্ট বিক্ৰীৰ আশা ৰাখিছে। কিন্তু অপ্রত্যাশিতভাবে বছৰটোত চাৰ্টৰ বিক্ৰী যথেষ্ট কম হ’ল। প্রতিষ্ঠানখনে মাত্রা 600 টা চাৰ্টহে বিক্ৰী কৰিবলৈ সক্ষম হ’ল। 400 টা চাৰ্ট বিক্ৰী নোহোৱাকৈ প্রতিষ্ঠানখনে বছৰটোৰ শেষত 400+100 – 500 টা চাৰ্ট বিক্ৰী নোহোৱাকৈ ৰাখিব লাগিব। এনেধৰণৰ অপ্রত্যাশিত 400 পর্যন্ত ‘পূৰ্বৱৰ্তী দ্ৰব্যৰ মজুতকে অপৰিকল্পিত পূৰ্বৱর্তী দ্ৰব্যৰ বৃদ্ধি বোলা হয়।

৫। তলৰ সমীকৰণৰ অৰ্থ ব্যাখ্যা কৰা—

অৰ্থ হ’ল অর্থনীতি এখনৰ মুঠ ঘৰুৱা উৎপাদন হ’ল সমগ্ৰ অৰ্থনীতিখনৰ সকলো প্ৰতিষ্ঠানৰ নিগুট সংযোজিত মূল্য আৰু ক্ষয়-ক্ষতিৰ পৰিমাণৰ সৰ্বমুঠ যোগফল।

৬। ব্যক্তিগত আয় আৰু বেচৰকাৰী আয়ৰ সংজ্ঞা আৰু পাৰ্থক্য লিখা। 

উত্তৰঃ এটা বছৰত এখন দেশৰ ঘৰুৱা খণ্ড আৰু ব্যক্তিগত প্রতিষ্ঠানে ঘৰুৱা অর্থনীতি আৰু বিদেশৰ পৰা লাভ কৰা উপাদান আয় আৰু চৰকাৰ আৰু বিদেশৰ পৰা লাভ কৰা হস্তান্তৰিত পৰিশোধৰ সমষ্টিকেই ব্যক্তিগত খণ্ডৰ আয় (Private income) বোলে। আনহাতে পৰিয়াল আৰু ব্যৱসায় প্রতিষ্ঠানসমূহে যি আয় উপাৰ্জন কৰে সেই আয়েই ব্যক্তিগত আয় (Personal income) হ’ল।

ব্যক্তিগত খণ্ডৰ আয়ৰ ধাৰণা ব্যক্তিগত আয়ৰ ধাৰণাতকৈ বহল। ব্যক্তিগত খণ্ডৰ আয়ৰ পৰা ব্যক্তিগত কোম্পানী বা নিগমৰ নিশুট সঞ্চয় আৰু নিগম কৰ বাদ দিলে ব্যক্তিগত আয় পোৱা যায়। অর্থাৎ ব্যক্তিগত আয় ব্যক্তিগত খণ্ডৰ আয়-ব্যক্তিগত কোম্পানী বা নিগমৰ নিগুট সঞ্চয় – নিগম কৰ।

৭। উপভোক্তা দৰ সূচক আৰু পাইকাৰী দৰ সূচকৰ সংজ্ঞা আৰু পাৰ্থক্য লিখা। 

উত্তৰঃ উপভোক্তাৰ দৰ সূচক হ’ল উপভোক্তাৰ দ্বাৰা ক্ৰয় কৰা নির্দিষ্ট পৰিমাণৰ দ্ৰব্য সামগ্ৰীৰ দৰ সূচক। এই ক্ষেত্ৰত বিবেচনাধীন দুটা বছৰ হ’ল ভিত্তি বছৰ আৰু চলিত বছৰ। এই দুয়োটা বছৰৰ ব্যয় গণনা কৰি চলিত বছৰৰ ক্ৰয়জনিত ব্যয়ক ভিত্তিবৰ্ষৰ ক্ৰয়জনিত ব্যয়ৰ শতাংক ইচাপে প্ৰকাশ কৰা হয়। এনেদৰে উপভোক্তাৰ দৰ সূচক পাওঁ।

মাকৌ পাইকাৰী দৰ সূচক কেতবোৰ গুৰুত্বপূৰ্ণ সামগ্ৰীৰ পাইকাৰী দামৰ ভিত্তিত প্ৰস্তুত কৰা হয়। এইবোৰ গুৰুত্বপূৰ্ণ সামগ্ৰীৰ ভিতৰত কেঁচা সামগ্ৰী আৰু কৃষি সামগ্ৰী আদিয়েই প্রধান। 

পাৰ্থক্যসমূহ : 

  1. পাইকাৰী দৰ সূচক গঠন কৰিবলৈ সামগ্ৰীৰ পাইকাৰী দৰ সংগ্ৰহ কৰা হয়। কিন্তু উপভোক্তাৰ দৰ সূচক সামগ্ৰীৰ খুচুৰা দৰৰ ভিত্তিত সংগ্ৰহ কৰা হয়।
  2. দেশৰ মুদ্ৰা মূল্য নিৰূপণৰ বাবে পাইকাৰী দৰ সূচক ব্যৱহাৰ কৰা হয়। আনহাতে কোনো এক শ্ৰেণীৰ জীৱন নিৰ্বাহৰ মানদণ্ড জুখিবলৈ উপভোক্তাৰ দৰ সূচক ব্যৱহাৰ কৰা হয়। 
  3.  দৈনন্দিন জীৱনত পাইকাৰী দৰ সূচকতকৈ উপভোক্তা দৰ সূচকৰ গুৰুত্ব অধিক।

৮। মুঠ জাতীয় উৎপাদন আৰু মুঠ ঘৰুৱা উৎপাদনৰ পাৰ্থক্য লিখা।

উত্তৰঃ এখন দেশৰ আভ্যন্তৰীণ উৎসসমূহৰ পৰা এবছৰত যি দ্ৰব্য বা সেৱা উৎপাদন হয় তাৰ বজাৰ মূল্যই হ’ল স্থূল ঘৰুৱা উৎপাদন। বজাৰ দৰত ইয়াৰ উপাদানসমূহ হ’ল ব্যক্তিগত উপভোক্তা ব্যয়, স্থূল ঘৰুৱা ব্যক্তিগত বিনিয়োগ, চৰকাৰী ব্যয়, নিওট ৰপ্তানি।

আনহাতে মুঠ জাতীয় উৎপাদন হ’ল কোনো এখন দেশত এটা বছৰৰ ভিতৰত যি পৰিমাণৰ দ্ৰব্য সামগ্রী উৎপাদন হয় তাৰ মুঠ মূল্য বজাৰ দৰত মুঠ জাতীয় উৎপাদন আৰু স্থূল ঘৰুৱা উৎপাদনৰ মাজৰ পাৰ্থক্য হ’ল বিদেশৰ পৰ হোৱা নিশুট উপাদান আয়। অর্থাৎ GNP=GDP + বিদেশৰ পৰা হোৱা নিশুট উপাদান আয় (GNP = GDP + Net factor income from abroad)

৯। এখন দেশৰ উপাদান ব্যয়ত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন হ’ল 2,100 টকা, এবছৰত গৃহস্থৰ ব্যক্তিগত ব্যয়যোগ্য আয় হ’ল 1,500 কোটি টকা। তেওঁলোকে পৰিশোধ কৰ ব্যক্তিগত আয় কৰ হ’ল 500 কোটি টকা আৰু প্ৰতিষ্ঠান তথা চৰকাৰৰ ৰৈ যোৱা আয় মূল্য 300 কোটি টকা। ইয়াত, গৃহস্থৰ দ্বাৰা প্ৰতিষ্ঠান বা চৰকাৰ লৈ আৰু প্ৰতিষ্ঠান ব চৰকাৰৰ দ্বাৰা গৃহস্থলৈ কোনো ধৰণৰ সুদ দিয়া নহয়৷ এতিয়া, চৰকাৰ আৰু প্ৰতিষ্ঠানৰ পৰ গৃহস্থলৈ দিয়া হস্তান্তৰ দেনাসমূহ নিৰ্ণয় কৰা। 

উত্তৰঃ ব্যক্তিগত আয় = ব্যক্তিগত ব্যৱহাৰযোগ্য আয় + ব্যক্তিগত আয় কৰ

= 1500 + 500 কোটি টকা 

= 2000 কোটি টকা

ব্যক্তিগতব্যৱহাৰযোগ্য আয় = উৎপাদন ব্যয় ভিত্তিত নিশুট জাতীয় উৎপাদন – প্রতিষ্ঠানসমূ আৰু চৰকাৰে ঘুৰাই লোৱা আয়ৰ পৰিমাণ + হস্তান্তৰযোগ্য দেনা – ব্যক্তিগত আয় কৰ, অর্থাৎ (PDI = NNPFC – Net retained earning to the firm’s/ govt + transfer payments-personal income tax) 

1500 = 2100-300+ হস্তান্তৰযোগ্য দেনা – 500

( -হস্তান্তৰযোগ্য দেনা) = 2100-300-1500 – 500

(-হস্তান্তৰযোগ্য দেনা) = 2100 -2300

(-হস্তান্তৰযোগ্য দেনা) = -200

হস্তান্তৰযোগ্য দেনা = 200 কোটি টকা

৯। এখন প্রতিষ্ঠানে প্রতিবছৰে 1,200 টকাৰ সামগ্ৰী উৎপাদন কৰে। আকৌ প্ৰতিষ্ঠানখন 50 টকাৰ মধ্যবর্তী সামগ্রীও প্রতিবছৰে ব্যৱহাৰ কৰে। যদি প্রতিষ্ঠানখনৰ মূল্য সংযোজন 00 টকা হয়, তেন্তে মুঠ মূল্য সংযোজন আৰু অৱক্ষয় নির্ণয় কৰা।

উত্তৰঃ মূল্য সংযোজন = উৎপাদন মূল্য – মধ্যৱর্তী দ্ৰব্যৰ মূল্য 

= (1200-750) টকা 

= 450 টকা।

অবক্ষয় = মুঠ মূল্য সংযোজন – মিস্ত্রী মূল্য সংযোজন = (450-400) টকা 

= 50 টকা।

১১। মধ্যবর্তী দ্ৰব্য আৰু চূড়ান্ত দ্ৰব্যৰ মাজত পাৰ্থক্য কি? 

উত্তৰঃ মধ্যৱৰ্তী দ্রব্য সমূহ উৎপাদন কায্যত পূণৰ ব্যৱহাৰ কৰা হয়। এনে দ্রব্য সমূহ সাধাৰণতে ষি খণ্ডই উৎপাদন কৰে আৰু উদ্যোগ খণ্ডত কেছা মাল হিচাপে ব্যৱহাৰ কৰা হয়। এে বাই গ্ৰাহকৰ অভাৱ প্ৰত্যক্ষভাৱে পূৰণ কৰিব নোৱাৰে৷

চুড়ান্ত দ্রব্যসমূহ উৎপাদন কার্যত পূণৰাই ব্যৱহাৰ কৰিব নোৱাৰি। এনে দ্রব্য উদ্যোগ খণ্ডই পাদন কৰে আৰু গ্ৰাহকৰ চাহিদা পূৰণৰ কাৰণে প্ৰত্যক্ষভাৱে ব্যৱহাৰ হয়। চূড়ান্ত দ্ৰব্য সমূহ কতিয়াবা কেতিয়াবা গ্রাহকে পৰোক্ষভাৱে চাহিদাৰ সৃষ্টি কৰে।

১২। বিনিয়োগ কাক বোলে? বিনিয়োগৰ প্ৰধান ভাগবোৰ কি কি লিখা।

উত্তৰঃ উৎপাদক নাই প্রতিষ্ঠানে উৎপাদনী ক্ষমতা বৃদ্ধিৰ বাবে মূল্যধনৰ পৰিমান বৃদ্ধি কৰিবলৈ চাৰে। এটা বছৰত মূলধনৰ পৰিমাণ বৃদ্ধিকে বিনিয়োগ বোলে। প্রধান ভাগবোৰ—

  1. স্থিৰ বিনিয়োগ আৰু ইন্‌ভেটৰী’ বিনিয়োগ।
  2. মুঠ বিনিয়োগ আৰু শুদ্ধ বিনিয়োগ। 

৩ । মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিয়ে দেশৰ কল্যাণ বৃদ্ধি পোৱাটো নুসূচাবও পাৰে বুলি কিয় কোৱা হয়?

উত্তৰঃ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিয়ে দেশৰ কল্যাণ বৃদ্ধি পোৱাটো নুসূচাবও পাৰে কাৰণ, প্রকৃ জাতীয় আয়ৰ বৃদ্ধিকহে বিকাশক দেশখনৰ জনগণৰ কল্যাণৰ সূচক হিচাপে লোৱা হয়। জাতীয় মায়ৰ বৃদ্ধিয়ে চূড়ান্তব্যৱহাৰৰ উদ্দেশ্য দেশখনৰ দ্ৰব্য আৰু সেৱাৰ অধিক পর্যাপ্ততাকে নির্দেশ করে। 

১৪। দৰ সূচক কাক বোলে? দৰ-সূচকবোৰ কি কি ব্যাখ্যা কৰা। 

উত্তৰঃ অর্থনীতি আৰু বাণিজ্যিক ক্ষেত্ৰত সচৰাচৰতে দুটা নির্দিষ্ট সময় বা ভৌগলিক অবস্থান । এটা সাপেক্ষে আনটোৰ ক্ষেত্ৰত কোনো চলকৰ বা পৰস্পৰ সম্পৰ্কযুক্ত কিছুমান চলৰাশি বনৰ গড় পৰিৱৰ্তন নিৰ্দ্ধাৰণ কৰিবলগীয়া হয়। যি পৰিসাংখ্যিকীয় কৌশলৰ দ্বাৰা এনে পৰিৱৰ্ত নিৰ্দ্ধাৰণ কৰা হয় তাক শূচক সংখ্যা আখ্যা দিয়া হৈছে। সূচকাংক হ’ল এটা সংখ্যা যাৰ সহায়ত এটা নির্দিষ্ট সময় বা স্থান সাপেক্ষে আন এটা সময় বা স্থানত পৰস্পৰ সম্পর্কযুক্ত কিছুমান প্ৰব্যৰ মূল্য, পৰিমাণ আদিৰ তুলনা কৰা হয়। যদি ইয়াক দৰ সাপেক্ষে তুলনা কৰা হয়, তেনেহলে সূচকাংকটোক দৰ সূচক বোলে।

দৰ সূচক দুই প্ৰকাৰৰ – (ক) পাইকাৰী মূল্য সূচক (খ) খুচুৰা মূল্য সূচক পাইকাৰী মূল্য সূচকাংকই কোনো অর্থনীতিৰ সাধাৰণ মূল্যস্তৰৰ পৰিৱৰ্ত্তন প্রতিফলন কৰে আৰু খুচুৰা মূল্য সূচকাংকই বেলেগ বেলেগ সামগ্ৰীৰ খুচুৰা মূল্যৰ পৰিৱৰ্ত্তন প্ৰকাশ কৰে।

১৫। দেশৰ কল্যাণৰ সূচক হিচাপে মুঠ ঘৰুৱা উৎপাদনৰ কেতবোৰ সীমাবদ্ধতা আছে। বাহ্যিকতা ভিত্তিত সেইবোৰৰ ব্যাখ্যা আগবঢ়োৱা। 

উত্তৰঃ এখন দেশৰ মূল্যসূচী সঘনাই পৰিৱৰ্ত্তন হোৱাৰ কাৰণে মুঠ ঘৰুৱা উৎপাদন নিৰ্ণয়ৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতাৰ সন্মুখীন হোৱা দেখা যায়। মূল্যসূচীৰ পৰিৱৰ্ত্তনৰ কাৰণে উৎপাদনৰ কোনো পৰিৱৰ্ত্তন নোহোৱা অৱস্থাতো ৰাষ্ট্ৰীয় আয়ৰ পৰিৱৰ্ত্তন হ’ব পাৰে। এনে কাৰণত স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয় নিৰ্ণয় কৰি দেশ একনৰ প্ৰকৃত ৰাষ্ট্ৰীয় আয় নিৰ্ণয়ৰ ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰা হৈছে। মুঠ ঘৰুৱা উৎপাদন নিৰ্ণয়ৰ অৰ্থে ব্যৱহাৰ কৰিব পৰা তিনিটা পদ্ধতিৰ ভিতৰত কোনটো পদ্ধতি ব্যৱহাৰ কৰা হ’ব তাৰ নিৰ্বাচনক কেন্দ্ৰ কৰিও সমস্যা বা সীমাবদ্ধৰ সৃষ্টি হয়। উপযুক্ত আৰু নিৰ্ভৰশীল তথ্যৰ অভাৱেও মুঠ ঘৰুৱা উৎপাদনৰ শুদ্ধ হিচাব কৰাত সীমাবদ্ধতাৰ সৃষ্টি কৰে। উৎপাদনৰ মুঠ হৰণ ভগনৰ খৰচখিনি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰতো সমস্যা আছে। বিশেষকৈ এনে হৰণ ভগনৰ খৰচ কি হাৰত হ’ব তাক লৈ সমস্যাৰ সৃষ্টি হোৱা দেখা যায়।

(ঘ) দীঘলীয়া প্রশ্ন উত্তৰ : (মূল্যাংক-৬)

১। তদ্বি-খণ্ড অর্থনীতি (গৃহস্থ আৰু প্ৰতিষ্ঠান) আয়ৰ চক্ৰীয় প্ৰবাহ ব্যাখ্যা কৰা।

উত্তৰঃ অর্থনীতিত দুটা খণ্ড পৰিয়াল আৰু প্ৰতিষ্ঠান থাকিলে— উদ্যোগে প্রতিষ্ঠানসমূহ দ্রব্য উৎপাদন কৰে। সেই দ্রব্য উৎপাদনত ঘৰুৱা খণ্ডৰ উপাদান যেনে— ভূমি, শ্রম, মূলধন, সংগঠন আদিক কামত খটুৱা হয়। ইয়াৰ বাবদ এই উপাদানসমূহে পারিশ্রমিক লাভ কৰে। তেওঁলোকে এইদৰে লাভ কৰা উৎপাদন প্রতিষ্ঠানসমূহে উৎপাদন কৰা দ্রব্য সামগ্রী ক্রয় কৰাত ব্যয় কৰে। গতিকে উৎপাদনৰ উপাদানসমূহে পারিশ্রমিক হিচাপে লাভ কৰা আয়, বন্ধু আৰু সেৱাৰ মূল্য হিচাপে পুনৰ উৎপাদন প্রতিষ্ঠানসমূহলৈ ঘূৰি যায়। প্রতিষ্ঠানসমূহে এনেভাৱে তব্য সামগ্ৰী আৰু সেৱা বিক্ৰী কৰি পোৱা ধন পুনৰ সেৱা মূল্য হিচাপে প্ৰদান কৰে। গতিকে জাতীয় আয় চক্ৰাকাৰ গতিৰে উদ্যোগ প্রতিষ্ঠান আৰু ঘৰুৱা খণ্ডৰ মাজত ঘূৰি ফুৰে। ইয়াকে জাতীয় আয়ৰ চক্ৰবৎ প্রবাহ বুলি কোৱা হয়।

যিহেতু দ্রব্য সামগী আৰু সেৱাৰ মূল্য নিৰ্দেশ কৰা একে পৰিমাণ মুদ্ৰাই চক্রাকাৰে ঘূৰি থাকে। গতিকে এটা বছৰত উৎপাদিত দ্রব্য সামগ্ৰীৰ মুঠ মূল্য তিনি ধৰণেৰে জুখিব পাৰি – (i) মুঠ ব্যয় নির্ণয়েৰে, (ii) সকলোবিলাক উৎপাদন প্রতিষ্ঠানে উৎপাদন কৰা দ্ৰব্য আৰু সেৱাৰ মুঠ মূল্য নির্ণয় কৰে, (iii) উৎপাদনৰ উপাদানসমূহক পৰিশোধ কৰা মুঠ আয় নির্ণয়েৰে।

২। মুঠ ঘৰুৱা উৎপাদন গণনা কৰা, মূল্য সংযোজন ব্যৱস্থাটো ব্যাখ্যা কৰা। 

 উত্তৰঃ মূল্য সংযোজন পদ্ধতিত নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত উৎপাদিত সামগ্ৰী আৰু সেৱাকাৰ্যৰ সৰ্বমুঠ মূল্যৰ হিচাপ লোৱা হয়। দেশৰ উৎপাদিত সামগ্ৰীসমূহৰ আৰু সেৱাকাৰ্যসমূহৰ সমষ্টি উমৈহতীয়া হিচাপৰ একক হিচাপে মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰা হয়। প্ৰতিটো সামগ্ৰী বা সেৱাকাৰ্যৰ উৎপাদন প্রক্রিয়া কেইবাটাও স্তৰৰ মাজেৰে অতিক্ৰম কৰিবলগীয়া হয় আৰু প্ৰতিটো স্তৰতে সামগ্ৰীৰ মূল্য সংযোজিত হয়। প্রতিষ্ঠান এটাৰ সংযোজিত মূল্য = প্রতিষ্ঠানটোৰ মুঠ উৎপাদনৰ মূল্য – প্রতিষ্ঠানটোৱে ব্যৱহাৰ কৰা মধ্যৱৰ্তী ব্যৱহাৰ দ্ৰব্যৰ মূল্য। প্রতিষ্ঠানটোৰ সংযোজিত মূল্য উৎপাদনৰ চাৰিটা উপাদানৰ মাজত ভগাই দিয়া হয়। অর্থাৎ ভূমিয়ে খাজনা, শ্রমে মজুৰি, মূলধনে সুদ আৰু সংগঠকে লাভ অৰ্জন কৰিব। গতিকে খাজনা + মজুৰি + সুদ + লাভ = প্রতিষ্ঠানটোৰ মুঠ মূল্য সংযোজনৰ পৰিমাণ। 

কোনো বছৰত অর্থনীতি এখনৰ সকলোবোৰ প্ৰতিষ্ঠানৰ মুঠ মূল্য সংযোজন যোগ কৰি অর্থনীতিখনৰ উৎপাদিত দ্ৰব্য আৰু সেৱাসমূহৰ মূল্যৰ মুঠ পৰিমাণ পাব পাৰো। ইয়াক মুঠ ঘৰুৱা উৎপাদন (GDP) বোলে। অর্থাৎ GDP হ’ল অর্থনীতি এখনৰ সকলো প্ৰতিষ্ঠানৰ মুঠ মূল্য সংযোজনৰ যোগফল। 

৩। তলৰ সমীকৰণটো ব্যাখ্যা কৰা :

উত্তৰঃ GDP হ’ল অৰ্থনীতিৰ সকলো প্রতিষ্ঠানে গ্ৰহণ কৰা চূড়ান্ত ব্যয়ৰ মুঠ যোগফল। অর্থাৎ 

  ইয়াত Cহ’ল সমগ্ৰ অৰ্থনীতিখনৰ মুঠ সামগ্রিক চূড়ান্ত উপভোগৰ ব্যয়ৰ পৰিমাণ।। হ’ল মূলধনজাত সামগ্ৰীৰ বাবদ হোৱা ব্যয়, G হ’ল সৰ্বমুঠ চৰকাৰী বায়, X-M হ’ল নিশুট ৰপ্তানি আয়। ভোগ্য সামগ্রী (C), মূলধনজাত সামগ্ৰী (I) আৰু চৰকাৰী খণ্ডত হোৱা ব্যয়ৰ (G) এটা অংশ বিদেশত উৎপাদিত ভোগ্য সামগ্রী, মূলধনজাত সামগ্ৰীৰ ওপৰত হোৱা ব্যয়। গতিকে ঘৰুৱা উৎপাদন প্ৰতিষ্ঠানৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহৰ ওপৰত হোৱা ব্যয়ৰ পৰিমাণৰ পৰা বৈদেশিক উৎপাদন প্রতিষ্ঠানসমূহে উৎপাদন কৰা সা-সামগ্ৰীৰ শিতানত হোৱা ব্যয়ৰ পৰিমাণ বিয়োগ কৰিব লাগিব। যদি m = আমদানিৰ পৰিমাণ তেতিয়া হ’লে C-Cm হ’ব ভোগ্য সামগ্ৰীৰ শিতানত হোৱা ঘৰুৱা ব্যয়ৰ পৰিমাণ,I–Im হ’ব দেশৰ ভিতৰতে তৈয়াৰ হোৱা মূলধনজাত সামগ্ৰীৰ ওপৰত হোৱা ব্যয়ৰ পৰিমাণ আৰু G-Gm হ’ব দেশৰ ভিতৰতে উৎপাদিত চৰকাৰী ব্যয়ৰ পৰিমাণ। গতিকে m 

8। মুঠ ঘৰুৱা উৎপাদন গণনা কৰা, আয় ব্যৱস্থাটো ব্যাখ্যা কৰা। 

উত্তৰঃমুঠ ঘৰুৱা উৎপাদন গণনা কৰাৰ আয় পদ্ধতিমতে উৎপাদন উপাদানসমূহৰ আয়ৰ পৰিমাণ যোগ কৰা হয়। উৎপাদনৰ উপাদানবোৰ হ’ল ভূমি, শ্রম, মূলধন আৰু সংগঠক, এই উপাদানকেইটাই যথাক্রমে খাজনা, মজুৰি, সুদ আৰু লাভ আয় হিচাপে লাভ কৰে। গতিকে GDP = খাজনা + মজুৰি সুদ লাভ। ধৰি লোৱা হ’ল যে দেশখনত মুঠ পৰিয়ালৰ সংখ্যা 

এই পদ্ধতি অনুসৰি অৰ্থনীতিত সকলো প্রতিষ্ঠানে লাভ কৰা ৰাজহৰ পৰিমাণ উৎপাদনৰ চাৰিটা আহিলাৰ মাজত বিতৰণ কৰা হয়।

৫। মুঠ ঘৰুৱা উৎপাদন এখন দেশৰ জনগণৰ কল্যাণ জোখাৰ সূচক নহ’বও পাৰে। কথাষাৰ কাৰণসহ আলোচনা কৰা।

উত্তৰঃ GDPক দেশ এখনৰ কল্যাণসূচক হিচাপে গণ্য কৰিব নোৱাৰি অৰ্থাৎ GDP বৃদ্ধিয়ে কল্যাণ বৃদ্ধি নকৰিবও পাৰে। প্ৰথমতে, বর্ধিত GDP যদি এক সীমিত সংখ্যক ব্যক্তি বা প্ৰতিষ্ঠানৰ হাতত কেন্দ্ৰীভূত হৈ থাকে, তেন্তে সমাজৰ বাকী অংশৰ মানুহৰ আয়ৰ পৰিমাণ হ্রাস পাব পাবে। এনে ক্ষেত্ৰত সমগ্ৰ দেশৰ জনসাধৰণৰ কল্যাণৰ মাত্ৰা বাঢ়িছে বুলিব নোৱাৰি। দ্বিতীয়তে, অর্থনীতিত বহুবোৰ কাৰ্যপ্রণালী মৌদ্রিকভাৱে পৰিমাপ কৰা নহয়। মুদ্রাগত পৰিমাপ নোহোৱা বাবে এনে ধৰণৰ কাৰ্য পঞ্জীয়নভুক্ত কৰা নহয়। এইবোৰ GDP গণনাত অন্তর্ভুক্ত কৰা নহয়। গতিকে GDP গণনাৰ পৰা দেশখনৰ প্ৰকৃত উৎপাদন কার্য বা কল্যাণৰ মাপকাঠীৰ সঠিক হিচাপ পোৱা নাযায়। তৃতীয়তে, বাহ্যিকতাৰ ক্ষেত্ৰত কোনো বজাৰ ব্যৱস্থাৰ উপস্থিতি নাথাকে যাৰ জৰিয়তে ইয়াক ক্রয়-বিক্ৰয়ৰ অধীনলৈ আনিব পাৰি। অর্থাৎ কোনো ব্যক্তি বা প্রতিষ্ঠানে সৃষ্টি কৰা ভাল বা বেয়া প্ৰভাৱ। যাৰ বাবে ব্যক্তি বা প্রতিষ্ঠানক একো প্ৰদান কৰা নহয়। গতিকে GDP ৰ হিচাপক্ষেত্ৰ এনে ধৰণৰ ঋণাত্মক বিবেচনালৈ নাহে। সেইবারে GDP এখন দেশৰ প্ৰকৃত কল্যাণ সূচক হ’ব নোৱাৰে। প্ৰকৃতাৰ্থত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি পালেও, মানুহৰ কল্যাণ বৃদ্ধি নাপাব পাবে।

৬। এখন দেশৰ উপাদান ব্যয়ত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন হ’ল 2,100 টকা, এবছৰত। গৃহস্থৰ ব্যক্তিগত ব্যয়যোগ্য আয় হ’ল 1,500 কোটি টকা। তেওঁলোকে পৰিশোধ কৰা ব্যক্তিগত আয় কৰ হ’ল 500 কোটি টকা আৰু প্ৰতিষ্ঠান তথা চৰকাৰৰ ৰৈ যোৱা আয়ৰ মূল্য 300 কোটি টকা। ইয়াত, গৃহস্থৰ দ্বাৰা প্রতিষ্ঠান বা চৰকাৰ লৈ আৰু প্ৰতিষ্ঠান বা চৰকাৰৰ দ্বাৰা গৃহস্থলৈ কোনো ধৰণৰ সুদ দিয়া নহয়। এতিয়া, চৰকাৰ আৰু প্ৰতিষ্ঠানৰ পৰা গৃহস্থলৈ দিয়া হস্তান্তৰ দেনাসমূহ নিৰ্ণয় কৰা। 

উত্তৰঃ ব্যক্তিগত আয় = ব্যক্তিগত ব্যৱহাৰযোগ্য আয় + ব্যক্তিগত আয় কৰ = 1500 + 500 কোটি টকা = 2000 কোটি টকা ব্যক্তিগতব্যৱহাৰযোগ্য আয় = উৎপাদন ব্যয় ভিত্তিত নিশুট জাতীয় উৎপাদন প্রতিষ্ঠানসমূহ আৰু চৰকাৰে ঘুৰাই লোৱা আয়ৰ পৰিমাণ + হস্তান্তরযোগ্য দেনা – ব্যক্তিগত আয় কৰ, অর্থাৎ (PDI = NNPFC Net retioned earning to the firm’s/ govt + transfer payments-personal income tax) 

1500= 2100-300+ হস্তান্তৰযোগ্য দেনা-500

(হস্তান্তরযোগ্য দেনা) = 2100-300-1500-500

(হস্তান্তরযোগ্য দেনা) = 2100 – 2300

(হস্তান্তৰযোগ্য দেনা) = -200

হস্তান্তৰযোগ্য সেনা = 200 কোটি টকা

[৭] তলত দিয়া তথ্যৰ পৰা ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয় উলিওৱা টকা কোটি

টকা কোটি
(ক) বজাৰ দামত GDP
(খ) অবক্ষয়
(গ) বিদেশৰ পৰা সৰ্বমূঠ কাৰক আয়
(ঘ) (পৰোক্ষ কৰ ভর্তুকী) সৰ্বমূঠ পৰোক্ষ কৰ
(ঙ) বিতৰণ নোহোৱা লাভ
(চ) কৰ্প’ৰেট কৰ
(ছ) পৰিয়ালে গ্ৰহণ কৰা সুত
(জ) পৰিয়ালে পৰিশোধ কৰা সুত
(ঝ) হস্তান্তৰ আয়
(ঞ)প্রত্যক্ষ কৰ
9000
500
200
100
1500
1000
1200
1000
800
600

উত্তৰঃ ব্যক্তিগত আয় = (i) (বজাৰ দামত GDP- (ii) অৱক্ষ্য + বিদেশৰ পৰা সৰ্বমুঠ কাৰক আয় – কৰ্প’ৰেট কৰ + পৰিয়ালে গ্ৰহণ কৰা সুত – পৰিয়ালে পৰিশোধ কৰা সুত + হস্তান্তৰ আয- প্ৰত্যক্ষ কৰ

⇒9000-500+200-1000+(1200-1000)=7,900

⇒7900+800-600 = 8,100

ব্যক্তিগত ব্যয়যোগ্য আয় = ব্যক্তিগত আয় – প্রত্যক্ষ কৰ কৰ’পৰেট কৰ

⇒8,100-600-1000 

⇒6500

৮। এটা নিৰ্দিষ্ট বছৰত এগৰাকী ব্যবসায়ীয়ে তেওঁৰ উৎপাদিত সামগ্রী বিক্ৰী কৰি পায় 8000 টকা। তেওঁৰ সা-সৰঞ্জামৰ অৱক্ষয় মূল্য হ’ল 500 টকা। বাকী থকা 7500 টকাৰ নতুন সা-সৰঞ্জাম কিনি 800 টকা বিক্ৰী কৰ আদায় দিয়ে। আৰু অৱশেষত তেওঁৰ আয়ৰ 10 শতাংশ আয় কৰ হিচাপে পৰিশোধ কৰে। ওপৰৰ তথ্যৰ ভিত্তিত তলত দিয়া আয়ৰ লেখসমূহলৈ তেওঁৰ বৰঙণি নিৰূপণ কৰা। 

(ক) বজাৰ দামত GDP 

(খ) বজাৰ দামত NNP 

(গ) কাৰক ব্যয়ত NNP 

(ঘ) ব্যক্তিগত আয় 

(ঙ) ব্যক্তিগত ব্যয়সাধ্য আয়।

উত্তৰঃ (ক) বজাৰ দামত GDP = 8000 টকা

বজাৰ দামত NNP = GDP- অৱক্ষয় মূল্য = 8000-500 = 7500 টকা

(গ) কাৰক ব্যয়ত NNP = NNP – বিক্ৰীকৰ (পৰোক্ষ কৰ)

= 7500-800 = 6,700 টকা

(ঘ) ব্যক্তিগত আয় = (8000-750) = 7500 টকা

(ঙ) ব্যক্তিগতব্যয়সাধ্য আয় = ব্যক্তিগত আয়-বিক্ৰীকৰ- 10% আয় কৰ  (10×7500/100)

(7500-800-750) = 5,950 টকা

৯। তলত দিয়া তথ্যৰ পৰা ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়সাধ্য আয় নির্ণয় কৰা।

টকা কোটি
(ক) কাৰক ব্যয়ত NDP।   
খ) বিদেশৰ পৰা সৰ্বমূঠ কাৰক আয়। 
(গ) বিতৰণ নোহোৱা লাভ          
(ঘ) কৰ্প’ৰেট কৰ   
(ঙ) পৰিয়ালে গ্ৰহণ কৰা সুত  
(চ) পৰিয়ালে পৰিশোধ কৰা সূত  
(ছ) হস্তান্তৰ আয় 
(জ) ব্যক্তিগত কৰ            
  9000
150
500
600
1200
1000
400
600

উত্তৰঃ ব্যক্তিগত আয় = কাৰক ব্যয়ত NDP-কৰ্পৰেট কৰ + হস্তান্তৰ আয় – বিতৰণ

নোহোৱা লাভ + (পৰিয়ালে গ্ৰহণ কৰা সূত-পৰিয়ালে পৰিশোধ কৰা সূত + বিদেশৰ পৰা সৰ্বমুঠ কাৰক আয়

{9000-600+400-500+(1200-1000)+150}= 8,650 ব্যক্তিগত ব্যয়সাধ্য আয় = ব্যক্তিগত আয় – ব্যক্তিগত কৰ

= (8,650-600) টকা 

= 8050 টকা

১০। তলত দিয়া তথ্যসমূহৰ পৰা কাৰক ব্যয়ত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন, ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়সাধ্য আয় নিৰূপণ কৰা :

টকা কোটি
(ক) বজাৰ দামত 
(খ) অবক্ষ্য
(গ) বিদেশৰ পৰা সৰ্বমুঠ কাৰক আয়
(ঘ) (পৰোক্ষ কৰ ভর্তুকী) সৰ্বমুঠ পৰোক্ষ কৰ
(ঙ) বিতৰণ নোহোৱা লাভ 
(চ) কৰ্প’ৰেট কৰ
(ছ) পৰিয়ালে গ্ৰহণ কৰা সুত
(জ) পৰিয়ালে পৰিশোধ কৰা সুত
(ঝ) হস্তান্তৰ আয়
(ঞ) প্রত্যক্ষ কৰ
15000
1000
800
500
3000
2500
2000
1500
3000
1000

উত্তৰঃ শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন ঃ বজাৰ দামত – অৱক্ষয় + বিদেশৰ পৰা সৰ্বমুঠ কাৰক আয় – সৰ্বমুঠ পৰোক্ষ কৰ

= (15000-1000+ 800-500) টকা। 

= 14,300টকা

ব্যক্তিগত ব্যয়সাধ্য আয় = ব্যক্তিগত আয় – প্রত্যক্ষ কৰ

= (12300-1000) টকা। 

=11,300 টকা।

১১। পৰিয়াল আৰু ব্যৱসায়িক প্রতিষ্ঠান এই দুই খণ্ডৰে সৰলীকৃত অর্থনীতিত আয়ৰ বৃত্তীয় প্রবাহ সম্পর্কে ব্যাখ্যা আগবঢ়োৱা।

উত্তৰঃ দ্বি-খণ্ডক অৰ্থনীতিত (পৰিয়াল আৰু ব্যৱসায় প্রতিষ্ঠান) আয় চক্ৰীয় প্রবাহত দুই ধৰণৰ বজাৰ থাকে। প্রথম, দ্ৰব্য আৰু সেৱা সমূহৰ বজাৰ (দ্ৰব্য বজাৰ) আৰু দ্বিতীয়, উৎপাদনৰ উপাদান সমূহৰ বজাৰ (উপাদান বজাৰ)। পৰিয়াল খণ্ডৰ সৰ্বমুঠ উপভোগ অর্থনীতিখনত বিভিন্ন প্রতিষ্ঠানে উৎপাদন কৰা দ্ৰব্য আৰু সেৱাৰ বাবে কৰা সৰ্বমুঠ ব্যয়ৰ সমান। অৰ্থনীতিত সমগ্ৰ আয়খিনি প্রতিষ্ঠানবোৰলৈ বিক্ৰী আয় হিচাপে ঘূৰি আহে। পিছত আকৌ, প্রতিষ্ঠানবোৰে

দ্ৰব্য আৰু সেৱা উৎপাদন কৰিব আৰু উপাদানবোৰক পাৰিশ্ৰমিক দিব। এই পাৰিশ্ৰমিক পুনৰ দ্ৰব্য আৰু সেৱা ক্ৰয়ৰ বাবে ব্যয় হ’ব। গতিকে বছৰৰ পিছত বছৰ ধৰি এখন অৰ্থনীতিত সামগ্ৰীক আয় চক্ৰকাৰে প্ৰবাহমান হৈ থাকে।

১২। GDP গণনাৰ মূল্য সংযোজিত পদ্ধতিটো ব্যাখ্যা কৰা। 

উত্তৰঃ মূল্য সংযোগৰ ধাৰণাটো GDP গণনাৰ বাবে অতি আৱশ্যকীয়। মূল্য সংযোগ হৈছে প্রতিষ্ঠান এখনৰ উৎপাদনৰ মুঠ মূল্য আৰু আন প্রতিষ্ঠানবোৰৰ পৰা ক্ৰয় কৰা উৎপাদকৰ মূল্যৰ মাজৰ পাৰ্থক্য। মূলা সংযুক্তই নির্দিষ্ট প্রতিষ্ঠানখনে ইয়াৰ উৎপাদনী প্ৰক্ৰিয়াৰে সংযোগক কৰা মূল্যক গণনা কৰা। অর্থাৎ,

মূল্য সংযোজন = উৎপাদনৰ মূল্য – মধ্যবৰ্ত্তী উপভোগ। এতিয়া যদি বর্ষ এটাত অর্থনীতি এখনৰ সকলো উৎপাদনী প্রতিষ্ঠানে সংযোগ কৰা মুঠ মূল্যক যোগ কৰো, তেন্তে বৰ্ষটোত অর্থনীতি খনে উৎপাদন কৰা দ্ৰব্য আৰু সেৱাৰ সামগ্ৰী পৰিমাপটোৰ মূল্যৰ এটা জোখ লাভ কৰিম। এনে এটা গণনাক বজাৰ দৰত স্থুল ঘৰুৱা উৎপাদন (GDPmp) বোলে। এইদৰে, GDP = অর্থনীতি এখনৰ সকলো উৎপাদনী প্ৰতিষ্ঠানৰ স্থুল মূল্য সংযুক্তৰ সমষ্ঠি বা যোগফল।

১৩। GDP গণনাত আয় পদ্ধতিটো ব্যাখ্যা কৰা।

উত্তৰঃ এই পদ্ধতিত, জাতীয় আয়ক গণনাকাৰী বৰ্ষ এটাত উৎপাদনৰ প্ৰাথমিক উপাদানসমূহক সিহঁত ৰ উৎপাদনীশল সেৱাৰ নিমিত্তে খাজনা, মজুৰি, সুদ আৰু লাভৰ আকাৰত প্ৰদানকৰা পাৰিশ্ৰমিকৰ দিশটোৰ পৰা গণনা কৰা হয়। এইদৰে, আয় পদ্ধতি অনুসৰি, জাতীয় আয়ক গণনাকাৰী বৰ্ষ এটাত দেশখনৰ ভিতৰত আৰু বাহিৰত অৰ্জন কৰা দেশখনৰ সকলো সাধাৰণ অধিবাসীৰ উপাদান আয়ৰ সমষ্টি হিচাপে গণনা কৰা হয়। আয় পদ্ধতিত কেৱল সেইবোৰ আয়কহে গণনা কৰা হয়, যাৰ বাবে দ্ৰব্য আৰু সেৱাৰ অনুৰূপ প্ৰবাহ থাকে। যদি ঘৰুৱা অৰ্থনীতিৰ ভিতৰত অৱস্থিত সকলো উৎপাদনী গোটে সৃষ্টি কৰা আয়ক যোগ কৰা হয়, তেন্তে উপাগান ব্যয়ত নিশুট ঘৰুৱা উৎপাদন পোৱা যায়। আনহা

Class 12 Economy Solutions-অৰ্থনীতি

ক-অংশ : ব্যষ্টিবাদী অৰ্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ আৰম্ভণি Click here
অধ্যায় – ২উপভোক্তাৰ আচৰণৰ তত্ত্ব Click here
অধ্যায় – ৩উৎপাদন আৰু ব্যয় Click here
অধ্যায় – ৪ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here
অধ্যায় – ৫ বজাৰ ভাৰসাম্য Click here
অধ্যায় – ৬ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here

খ- অংশ : সমষ্টিবাদী অর্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ সূচনা Click here
অধ্যায় – ২জাতীয় আয় গণনা Click here
অধ্যায় – ৩মুদ্ৰা আৰু বেংক ব্যৱস্থা Click here
অধ্যায় – ৪ আয় নিৰ্ধাৰণ Click here
অধ্যায় – ৫ চৰকাৰ; কাৰ্যাৱলী আৰু পৰিসৰ Click here
অধ্যায় – ৬ মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Click here

গ- অংশ : ভাৰতীয় অর্থনৈতিক উন্নয়ন

অধ্যায় – ১ প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা Click here
অধ্যায় – ২ ভাৰতীয় অৰ্থব্যৱস্থা ( 1950-1990) Click here
অধ্যায় – ৩ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণঃ এক পৰ্য্যালোচন Click here
অধ্যায় – ৪ দৰিদ্ৰতা Click here
অধ্যায় – ৫ ভাৰতত মানৱ মূলধন গঠন Click here
অধ্যায় – ৬ গ্রাম্য উন্নয়ন Click here
অধ্যায় – ৭নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় Click here
অধ্যায়-৮আন্তঃগাঁথনি Click here
অধ্যায়-৯পৰিৱেশ আৰু বহনক্ষম উন্নয়ন Click here
অধ্যায় – ১০ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা Click here

This Post Has 2 Comments

Leave a Reply