Class 12 Economy |Chapter-1|আৰম্ভণি|

Class 12 Economy |Chapter-1|আৰম্ভণি|। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Economy |Chapter-1|আৰম্ভণি| AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second Year Economy Chapter-1 আৰম্ভণি

ক-অংশ : ব্যষ্টিবাদী অৰ্থবিজ্ঞান

(ক) অতি চমু প্রশ্ন উত্তৰ : (মূল্যাংক-১)

১। ‘দ্ৰব্য’ বা ‘সামগ্ৰী’ৰ সংজ্ঞা দিয়া।

উত্তৰঃ দ্ৰব্য হ’ল সেইবোৰ যিবোৰ বস্তুক চুব পাৰি বা সিহঁতৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা থাকে।

২/ ‘সেৱা’ৰ সংজ্ঞা দিয়া।

উত্তৰঃ যিবোৰৰ পৰা আমি আমাৰ অভাৱ পূৰণ কৰিব পাৰো কিন্তু চুব বা চাব নোৱাৰো তাকে সেৱা বোলে।

৩/ ‘ব্যক্তি’ৰ সংজ্ঞা দিয়া।

উত্তৰঃ একোটা ব্যক্তিগত সিদ্ধান্ত গ্ৰহণকাৰী আমি ব্যক্তি বুলিব পাৰো। সেই সিদ্ধান্ত গ্ৰহণকাৰী গোট এটা এজন ব্যক্তিও হ’ব পাৰে, পৰিয়ালৰ নিচিনা থুপ এটাও হ’ব পাৰে, এটা প্রতিষ্ঠান বা যিকোনো সংগঠন এটাও হ’ব পাৰে। 

8। অর্থনীতিত সম্পদ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ বস্তুৱে অভাৱ পূৰণ কৰে আৰু সন্তুষ্টি আনে তাকে সম্পদ বোলে।

৫। ব্যক্ত্যিক কিয় সম্পদৰ প্ৰয়োজন ?

উত্তৰঃ সম্পদে ব্যক্তি এজনৰ অভাৱ পূৰণ কৰিব পাৰে আৰু সন্তুষ্টিানিব পাৰে গতিকে ব্যক্তিক সম্পদৰ প্ৰয়োজন।

৬। ‘পছন্দৰ সমস্যা’ সৃষ্টি কৰা উপাদান এটা লিখা।

উত্তৰঃ মানুহে বিচৰা দ্ৰব্য আৰু সেৱাসামগ্ৰীৰ পৰিমাণতকৈ যোগানৰ পৰিমাণ কম হ’লেই দুষ্প্রাপ্যতাৰ সমস্যাই দেখা দিয়ে।

৭। “খালী ঠাঁই পূৰ কৰা :

এখন অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা সমূহ হ’ল ____ সম্পদসমূহৰ ব্যৱহাৰ আৰু চূড়ান্ত সামগ্ৰী আৰু সেৱা কাৰ্যসমূহৰ বিতৰণ।

উত্তৰঃ সীমিত

৮। খালী ঠাই পূৰ কৰা:-

সুযোগ ব্যয়ৰ আন এটা নাম হ’ল……… ব্যয়।

উত্তৰঃ অর্থনৈতিক।

৯। কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অর্থনীতি বুলিলে কি বুজা?

উত্তৰঃ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অর্থনীতিত চৰকাৰ বা কেন্দ্রীয় কর্তৃপক্ষই অর্থনীতির আটাইবোৰ গুৰুত্বপূৰ্ণ কামকাজ পৰিচলনা কৰে; আনহাতে বজাৰ অৰ্থনীতিত বজাৰৰ দ্বাৰা আটাইবোৰ অৰ্থনৈতিক কামকাজ পৰিচালিত হয়।

কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অর্থনীতিত উৎপাদন, বিনিময় সম্পৰ্কীয় সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে; আনহাতে বজাৰ অৰ্থনীতিত সিদ্ধান্তসমূহ দৰ কৌশলৰ দ্বাৰা পৰিচালিত হয়।

কেন্দ্ৰীয় পৰিকল্পনাত চৰকাৰৰ মূল উদ্দেশ্য হ’ল সামাজিক উন্নয়ন; আনহাতে বজাৰ অৰ্থনীতিৰ মূল উদ্দেশ্য হ’ল ব্যক্তিগত মুনাফা। 

১০। অৰ্থনীতিত ‘বজাৰ’ বুলিলে কি বুজা ?

উত্তৰঃ অৰ্থনীতিত বজাৰ বুলিলে এটা সামগ্ৰী আৰু সামগ্ৰীটোক কেন্দ্ৰ কৰি গঢ়ি উঠা এঠা ব্যৱস্থা বুজোৱা হয়।

১১। বজাৰ অৰ্থনীতি কি?

উত্তৰঃ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অর্থনীতিত চৰকাৰ বা কেন্দ্ৰীয় কৰ্তৃপক্ষই অৰ্থনীতিৰ আটাইবোৰ গুৰুত্বপূৰ্ণ কামকাজ পৰিচলনা কৰে; আনহাতে বজাৰ অৰ্থনীতিত বজাৰৰ দ্বাৰা আটাইবোৰ,অৰ্থনৈতিক কামকাজ পৰিচালিত হয়। কেন্দ্রীয়ভাৱে পৰিকল্পিত অর্থনীতিত উৎপাদন, বিনিময় সম্পৰ্কীয় সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে;

আনহাতে বজাৰ অৰ্থনীতিত সিদ্বান্তসমূহ দৰ কৌশলৰ দ্বাৰা পৰিচালিত হয় । কেন্দ্ৰীয় পৰিকল্পনাত চৰকাৰৰ মূল উদ্দেশ্য হ’ল সামাজিক উন্নয়ন; আনহাতে বজাৰ অৰ্থনীতিৰ মূল উদ্দেশ্য হ’ল ব্যক্তিগত মুনাফা।

Class 12 Economy Solutions-অৰ্থনীতি

ক-অংশ : ব্যষ্টিবাদী অৰ্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ আৰম্ভণি Click here
অধ্যায় – ২উপভোক্তাৰ আচৰণৰ তত্ত্ব Click here
অধ্যায় – ৩উৎপাদন আৰু ব্যয় Click here
অধ্যায় – ৪ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here
অধ্যায় – ৫ বজাৰ ভাৰসাম্য Click here
অধ্যায় – ৬ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here

খ- অংশ : সমষ্টিবাদী অর্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ সূচনা Click here
অধ্যায় – ২জাতীয় আয় গণনা Click here
অধ্যায় – ৩মুদ্ৰা আৰু বেংক ব্যৱস্থা Click here
অধ্যায় – ৪ আয় নিৰ্ধাৰণ Click here
অধ্যায় – ৫ চৰকাৰ; কাৰ্যাৱলী আৰু পৰিসৰ Click here
অধ্যায় – ৬ মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Click here

গ- অংশ : ভাৰতীয় অর্থনৈতিক উন্নয়ন

অধ্যায় – ১ প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা Click here
অধ্যায় – ২ ভাৰতীয় অৰ্থব্যৱস্থা ( 1950-1990) Click here
অধ্যায় – ৩ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণঃ এক পৰ্য্যালোচন Click here
অধ্যায় – ৪ দৰিদ্ৰতা Click here
অধ্যায় – ৫ ভাৰতত মানৱ মূলধন গঠন Click here
অধ্যায় – ৬ গ্রাম্য উন্নয়ন Click here
অধ্যায় – ৭নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় Click here
অধ্যায়-৮আন্তঃগাঁথনি Click here
অধ্যায়-৯পৰিৱেশ আৰু বহনক্ষম উন্নয়ন Click here
অধ্যায় – ১০ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা Click here

১২। মিশ্র অর্থনীতি কি?

উত্তৰঃ উৎপাদন, বিতৰণ আদি কাৰ্যৰ ক্ষেত্ৰত ব্যক্তিক পূর্ণস্বাধীনতা দান আৰু ব্যক্তিস্বাধীনতাৰ সম্পূৰ্ণ অৱলুপ্তিকৰণ কোনোটোৱেই গ্রহণযোগ্য নহয় বুলি বিবেচিত হোৱাৰ পিছত দ্বিতীয় মহাযুদ্ধৰ পৰবৰ্তীকালত এক নতুন চিন্তাধাৰাৰ উদ্রেক হল আৰু তাৰফলত জন্ম হ’ল এক নতুন ধাৰণাৰ যাক মিশ্র অর্থনীতি বোলা হয়। পুঁজিবাদী আৰু সমাজবাদৰ ভাল গুণবোধ সমন্বয়ত গঢ়ি উঠিল মিশ্র অর্থনীতি। মিশ্ৰ অৰ্থনীতিত ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা খণ্ডই একেলগে কাম কৰে। মিশ্র অর্থনীতিত কেতবোৰ গুৰুত্বপূৰ্ণ শিল্প বা প্রতিষ্ঠান চৰকাৰে নিজে নিয়ন্ত্ৰণ কৰে। কম গুৰুত্বপূৰ্ণ কামকাজবোৰ ব্যক্তিয়ে পৰিচলনা কৰে। অর্থাৎ মিশ্র অর্থনীতিত অর্থনৈতিক কামকাজবোৰ চৰকাৰী আৰু বেচৰকাৰী উভয়খণ্ডতে সম্পাদিত হয়।

১৩। ভাৰতীয় অর্থনীতি কেন্দ্রীয়ভাবে পৰিকল্পিত অর্থনীতি হয় নে?

উত্তৰঃ হয়।

১৪। ধনাত্মক অর্থনীতি বিশ্লেষণ কি?

উত্তৰঃ ধনাত্মক বিজ্ঞানে বস্তু যেনেদৰে আছে তেনেদৰেই তাক অধ্যয়ন কৰে, কেনে হোৱা উচিত তাৰ ব্যাখ্যা ইয়াত নাই। আনহাতে ঔচিতা ত্মক বিজ্ঞানে কোনো বস্তু বা ঘটনা কেনে হোৱা উচিত তাৰ বিশ্লেষণ দাঙি ধৰে।

ধনাত্মক বিজ্ঞান অধিক বাস্তৱমুখী। বাস্তবিক কোনো সমস্যা বিশ্লেষণ দাঙি ধৰি ই তাৰ সমাধানৰো পথৰ নিৰ্দ্দেশ কৰে। ঔচিতাত্মক বিজ্ঞানে সমস্যা আৰু সমাধান উভয়ৰে ঔচিত্যৰ বিচাৰ কৰে।

ধনাত্মক বিজ্ঞানে প্রাকৃতিক বিজ্ঞানত কৰাৰ দৰে কাৰণ (Cause) আৰু ফলাফলৰ (effect) অধ্যয়ন কৰে। উদাহৰণ স্বৰূপে অভাৱৰ সন্মুখীন হ’লেই মানুহে দ্রব্য সামগ্ৰীৰদ্বাৰা সেই অভাব পূৰ্ণ কৰিবলৈ চেষ্টা কৰে। ইয়াত অভাৱ হ’ল কাৰণ আৰু অভাৱ পূৰণ হোৱাটো ফল। ঔচিতাত্মক বিজ্ঞানত এনে বিশ্লেষণৰ ওপৰত গুৰুত্ব দিয়া নহয়।

ধনাত্মক বিজ্ঞান লক্ষ্য সম্পর্কে নিৰপেক্ষ হৈ থাকে। কিন্তু ঔচিতাত্মক বিজ্ঞানে এই ক্ষেত্ৰত নিৰপেক্ষতা অৱলম্বন নকৰে। মদ খালে অভাৱ পূৰণ হয় ঠিকেই। কিন্তু ই যিহেতু অনিষ্টকাৰী দ্রব্য ঔচিতাত্মক বিজ্ঞানে ইয়াক সামৰি নলয়। ঔচিতাত্মক বিজ্ঞান কেতবোৰ নৈতিক আদর্শ আৰু লক্ষ্যৰ ওপৰত প্রতিষ্ঠিত।

১৫। নীতি নিৰ্দ্ধাৰক অর্থবিজ্ঞান কি ?

উত্তৰঃ ধনাত্মক বিজ্ঞানে বস্তু যেনেদৰে আছে তেনেদৰেই তাক অধ্যয়ন কৰে, কেনে হোৱা উচিত তাৰ ব্যাখ্যা ইয়াত নাই। আনহাতে ঔচিতা ত্মক বিজ্ঞানে কোনো বস্তু বা ঘটনা কেনে হোৱা উচিত তাৰ বিশ্লেষণ দাঙি ধৰে।

ধনাত্মক বিজ্ঞান অধিক বাস্তবমুখী। বাস্তৱিক কোনো সমস্যা বিশ্লেষণ দাঙি ধৰি ই তাৰ সমাধানৰো পথৰ নিৰ্দ্দেশ কৰে। ঔচিতাত্মক বিজ্ঞানে সমস্যা আৰু সমাধান উভয়ৰে ঔচিত্যৰ বিচাৰ কৰে।

ধনাত্মক বিজ্ঞানে প্রাকৃতিক বিজ্ঞানত কৰাৰ দৰে কাৰণ (Cause) আৰু ফলাফলৰ (effect) অধ্যয়ন কৰে। উদাহৰণ স্বৰূপে অভাৱৰ সন্মুখীন হ’লেই মানুহে দ্রব্য সামগ্ৰীৰদ্বাৰা সেই অভাৱ পূৰণ কৰিবলৈ চেষ্টা কৰে। ইয়াত অভাৱ হ’ল কাৰণ আৰু অভাৱ পূৰণ হোৱাটো ফল। ঔচিতাত্মক বিজ্ঞানত এনে বিশ্লেষণৰ ওপৰত গুৰুত্ব দিয়া নহয়।

ধনাত্মক বিজ্ঞান লক্ষ্য সম্পৰ্কে নিৰপেক্ষ হৈ থাকে। কিন্তু ঔচিতাত্মক বিজ্ঞানে এই ক্ষেত্ৰত নিৰপেক্ষতা অৱলম্বন নকৰে। মদ খালে অভাৱ পূৰণ হয় ঠিকেই। কিন্তু ই যিহেতু অনিষ্টকাৰী দ্রব্য ঔচিতাত্মক বিজ্ঞানে ইয়াক সামৰি নলয়। ঔচিতাত্মক বিজ্ঞান কেতবোৰ নৈতিক আদর্শ আৰু লক্ষ্যৰ ওপৰত প্ৰতিষ্ঠিত।

১৬। শুদ্ধ বা অশুদ্ধ লিখা।

বজাৰ অৰ্থনীতিত অৰ্থনৈতিক কার্যকলাপসমূহ বজাৰৰ দ্বাৰা সংগঠিত কৰা হয়।

উত্তৰঃ শুদ্ধ।

১৭। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অর্থনীতিত, উৎপাদন, উপভোগ, বিনিয়োগ ইত্যাদি গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ গ্ৰহণ কৰে ― 

(a) কেন্দ্রীয় বেংক

(b) বজাৰ

(c) চৰকাৰ ।

উত্তৰঃ চৰকাৰ।

১৮। শুদ্ধ উত্তৰটো বাছিউলিওৱা—

প্ৰকৃততে সকলো অর্থনীতিয়ে……… অর্থনীতি, য’ত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ চৰকাৰে গ্ৰহণ কৰে আৰু অৰ্থনৈতিক কাৰ্য-কলাপসমূহ বজাৰৰ দ্বাৰা পৰিচালিত হয়।

(a) সামাজবাদী

(b) মিশ্র

(c) পুঁজিবাদী ।

উত্তৰঃ সমাজবাদী

১৯। খালী ঠাই পূৰ কৰা :

………অর্থনৈতিক বিশ্লেষণত, বিভিন্ন অর্থনৈতিক প্রক্রিয়াই কাৰ্য্য কৰে, আমি আলোচনা কৰো।

উত্তৰঃ ধনাত্মক।

২০। অৰ্থবিজ্ঞানৰ পিতৃ বুলি খ্যাত অর্থনীতিবিদজন কোন? 

উত্তৰঃ আডাম স্মিথ।

২১। অর্থনৈতিক সমস্যাৰ সংজ্ঞা দিয়া।

উত্তৰঃ সীমিত আৰু বিকল্প ব্যৱহাৰ যোগ্য সম্পদসমূহ কেনেদৰে ব্যৱহাৰ কৰি সৰ্বাধিক সত্ত্বস্তি লাভ কৰিব পাৰি সেইটোৱেই অর্থনৈতিক সমস্যা।

২২। অর্থনৈতিক সমস্যা সৃষ্টি কৰা সম্পদৰ দুটা বিশেষত্ব লিখা। 

উত্তৰঃ সম্পদৰ যোগান সীমিত আৰু সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্যতা।

২৩। প্রান্তীয় সুযোগ ব্যয়ৰ সংজ্ঞা দিয়া।

নাইবা

প্ৰান্তীয় হস্তান্তৰ হাৰৰ সংজ্ঞা দিয়া।

উত্তৰঃ কোনো এবিধ দ্ৰব্য ধৰাহ’ল x ৰ উৎপাদনৰ পৰিমাণ এটা গোট বৃদ্ধি কৰিবৰ কাৰণে y দ্ৰব্যৰ উৎপাদনৰ পৰিমাণ যি হাৰত কমাবলগীয়া হয় সেইটোৱেই হৈছে x দ্ৰব্যৰ প্ৰান্তিক সুযোগ বায়।

২৪। PPF ৰেখাডাল সোঁহাতে পৰিবৰ্তন হোৱাৰ এটা কাৰণ লিখা।

উত্তৰঃ সম্পদৰ পৰিমান বৃদ্ধি। 

২৫। সম্পদ বৃদ্ধিৰ দুটা উদাহৰণ লিখা।

উত্তৰঃ (ক) কৃষি উৎপাদনৰ পৰিমান বৃদ্ধি হোৱা, 

(খ) মূলধনজাত সামগ্ৰীৰ পৰিমান বৃদ্ধি ।

২৬। ইতিবাচক অর্থনৈতিক বিশ্লেষণ কি? 

উত্তৰঃ ইতিবাচক অর্থনৈতিক বিশ্লেষণত বিভিন্ন ব্যৱস্থবোৰে কিদৰে কাৰ্য কৰে তাক অধ্যয়ন কৰা হয়। ইয়াত কেবল সমস্যা এটাৰ কাৰণ আৰু তাৰ প্ৰভাৱ আলোচনা কৰা হয়। কোনো নীতি সম্পৰ্কীয় সিদ্ধান্ত বা মন্তব্য দিয়া নহয়। 

২৭। আদর্শ অর্থনীতি বা ঔচিতার্থক অর্থনীতি কি?

উত্তৰঃ যিকোনো ব্যৱস্থা এটাৰ ভাল বেয়া দিশবোৰ আদৰ্শ অৰ্থনীতিত অধ্যয়ন কৰা হয়। ইয়াৰ বিভিন্ন ব্যৱস্থাবোৰৰ ভিতৰত কোনবিধ গ্ৰহণীয় তাক অধ্যয়ন কৰা হয়। এই অর্থনীতিয়ে কোনো এটা বিষয়ত নিজস্ব সিদ্ধান্ত আগবঢ়াই।

২৮। শুদ্ধ নে অশুদ্ধ লিখাঃ

(ক) এয়াই সম্পদৰ নাটনি, যিয়ে পচন্দৰ সমস্যাৰ জন্ম দিয়ে।

উত্তৰঃ শুদ্ধ।

(খ) অৰ্থবিজ্ঞানত বজাৰে এখন নিৰ্দিষ্ট ঠাইক বুজায়।

উত্তৰঃ অশুদ্ধ।

(গ) বজাৰ অৰ্থনীতিত সকলো অর্থনৈতিক কার্যকলাপকে বজাৰৰ জৰিয়তে সংগঠিত কৰা হয়।

উত্তৰঃ শুদ্ধ।

২৯। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

কেন্দ্রীয়ভাবে পৰিকল্পিত একে অর্থনীতিত উৎপাদন, বিনিময়, উপভোগ আদি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়……..  ৰ দ্বাৰা।

(ক) কেন্দ্রীয় বেংক

(খ) বজাৰ

(গ) চৰকাৰ

উত্তৰঃ(গ) চৰকাৰ

৩০) শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) ভাৰতীয় অর্থনীতি হৈছে এখন পুঁজিবাদী /সমাজবাদী মিশ্র অর্থনীতিৰ দেশ।

উত্তৰঃ মিশ্র অর্থনীতিৰ দেশ।

৩১। খালী ঠাই পূৰণ কৰাঃ

(ক) এখন ____ অৰ্থনীতিত চাহিদা আৰু যোগানৰ বজাৰ শক্তিয়ে দ্ৰব্য আৰু সেৱাৰ দৰ নিৰূপণ কৰে। (কেন্দ্ৰীয়ভাৱে পৰিকল্পিত, বজাৰ ভিত্তিক) 

উত্তৰঃ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত

৩২। বজাৰ অৰ্থনীতিৰ যিকোনো তিনিটা প্রাথমিক বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ বজাৰ অৰ্থনীতিৰ যিকোনো তিনিটা প্ৰাথমিক বৈশিষ্ট্য হ’ল—

  •  এই অর্থনীতিত উৎপাদক সকলে স্বতন্ত্রভাৱে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰে।
  • তুলনামূলকভাৱে কম ব্যয়ৰ উৎপাদন কৌশল ইয়াত নিৰ্বাচন কৰা হয় । 
  • এই অর্থনীতিত দৰ ব্যৱস্থাৰ যোগেদি সমস্যা সমূহৰ সমাধান হয়।

৩৩। মিশ্ৰ অৰ্থনীতিৰ তিনিটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ মিশ্ৰ অৰ্থনীতিৰ তিনিটা প্ৰদান বৈশিষ্ট্য হল—

  1. ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড দুয়োটাই থাকে।
  2. ইয়াত দৰ ব্যৱস্থা তথা সামাজিক বিবেচনাৰ সিদ্ধান্ত সমূহ গ্ৰহণ কৰা হয়। 
  3.  ইয়াত গণতান্ত্রিক প্ৰক্ৰিয়াৰ প্ৰচলন হয় আৰু জনসাধাৰণৰ সক্রিয় অংশগ্রহণও সম্ভব।

৩৪। এখন অর্থনীতিৰ কেন্দ্ৰীয় আর্থিক সমস্যাবোৰৰ আঁৰত থকা যিকোনো তিনিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ তিনিটা কাৰণ হ’ল ― 

(ক) মানুহৰ অসীম অভাৱ।

(খ) অভাৱ পূৰণ কৰিব পৰা সম্পদসমূহ সীমিত।

(গ) সম্পদ সমূহ বিকল্প ব্যৱহাৰযোগ্য বা বিকল্প ব্যৱহাৰযোগ্য সম্পদ সমূহ দুষ্প্রাপ্য।

(খ) চমু প্রশ্ন উত্তৰ II প্ৰকাৰৰ : (মূল্যাংক-৩)

১। প্ৰত্যেকটোৰ উদাহৰণসহ, সামগ্ৰী আৰু সেৱাকাৰ্যৰ সংজ্ঞা আৰু পাৰ্থক্যসমূহ লিখা ।

উত্তৰঃ দ্ৰব্য হ’ল সেইবোৰ যিবোৰ বস্তুক চুব পাৰি বা সিহঁতৰ অভাৱ পুৰণ কৰিব পৰা ক্ষমত থাকে। যেনে – খাদ্য দ্রব্য আৰু কাপোৰ। আনহাতে, যিবোৰৰ পৰা আমি অভাৱ পূৰণ কৰিব পাৰে৷ কিন্তু চুব নোৱাৰো তাক সেৱা বোলে। যেনে- ডক্তৰৰ সেৱা, শিক্ষকৰ সেৱা আদি 

২। সুযোগ ব্যয়ৰ ধাৰণাটো স্পষ্টকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ উৎপাদনৰ উপাদান বিকল্প ব্যৱহাৰ থাকে। বিভিন্ন বস্তুৰ উৎপাদনত উপাদানবোন ব্যৱহাৰ কৰিব পাৰি। উপাদানবোৰ এটা বিশেষ দ্ৰব্যৰ উৎপাদনত ব্যৱহাৰ কৰিলে আনবোর তব্য সেই উপাদানবোৰৰ সেৱাৰ পৰা বঞ্চিত হয়। উৎপাদানবোৰ বিকল্প ব্যৱহাৰৰ ফলত দি ক্ষতি বা খৰচ হয় তাকেই সুযোগ ব্যয় বোলা হয়।

৩।  ধনাত্মক অৰ্থবিজ্ঞান আৰু নীতি-নিৰ্দ্ধাৰক অৰ্থবিজ্ঞানৰ মাজৰ পাৰ্থক্য লিখা 

উত্তৰঃ ধনাত্মক বিজ্ঞানে বস্তু যেনেদৰে আছে তেনেদৰেই তাক অধ্যয়ন কৰে, কেনে হোৱা উচিত তাৰ ব্যাখ্যা ইয়াত নাই। আনহাতে ঔচিতাত্মক বিজ্ঞানে কোনো বস্তু বা ঘটনা কেনে হোৱা উচিত তাৰ বিশ্লেষণ দাঙি ধৰে। 

ধনাত্মক বিজ্ঞান অধিক বাস্তৱমুখী। বাস্তৱিক কোনো সমস্যা বিশ্লেষণ দাঙি ধৰি ই তাৰ সমাধানৰো পথৰ নিৰ্দেশ কৰে। ঔচিতাত্মক বিজ্ঞানে সমস্যা আৰু সমাধান উভয়ৰে ঔচিত্যৰ বিচাৰ কৰে।

ধনাত্মক বিজ্ঞানে প্রাকৃতিক বিজ্ঞানত কৰাৰ দৰে কাৰণ (Cause) আৰু ফলাফলৰ (effect) অধ্যয়ন কৰে। উদাহৰণ স্বৰূপে অভাৱৰ সন্মুখীন হ’লেই মানুহে দ্রব্য সামগ্ৰীৰদ্বাৰা সেই অভাৱ পূৰ্ণ কৰিবলৈ চেষ্টা কৰে। ইয়াত অভাৱ হ’ল কাৰণ আৰু অভাৱ পূৰণ হোৱাটো ফল। উচিতাত্মক বিজ্ঞানত এনে বিশ্লেষণৰ ওপৰত গুৰুত্ব দিয়া নহয়।

ধনাত্মক বিজ্ঞান লক্ষ্য সম্পৰ্কে নিৰপেক্ষ হৈ থাকে। কিন্তু ঔচিতাত্মক বিজ্ঞানে এই ক্ষেত্ৰত নিৰপেক্ষতা অৱলম্বন নকৰে। মদ খালে অভাৱ পূৰণ হয় ঠিকেই। কিন্তু ই যিহেতু অনিষ্টকাৰ দ্রব্য ঔচিতাত্মক বিজ্ঞানে ইয়াক সামৰি নলয়। ঔচিতাত্মক বিজ্ঞান কেতবোৰ নৈতিক আদর্শ আৰু লক্ষ্যৰ ওপৰত প্ৰতিষ্ঠিত।

৪l ব্যক্তিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতিৰ সংজ্ঞা লিখা।

উত্তৰঃ ধনাত্মক বিজ্ঞানে বস্তু যেনেদৰে আছে তেনেদৰেই তাক অধ্যয়ন কৰে, কেনে হোৱ উচিত তাৰ ব্যাখ্যা ইয়াত নাই। আনহাতে ঔচিতাত্মক বিজ্ঞানে কোনো বস্তু বা ঘটনা কেনে হোৱা উচিত তাৰ বিশ্লেষণ দাঙি ধৰে। ধনাত্মক বিজ্ঞান অধিক বাস্তবমুখী। বাস্তবিক কোনো সমস্যা বিশ্লেষণ দাঙি ধৰি তাৰ সমাধান পথৰ নিৰ্দ্দেশ কৰে। ঔচিতাত্মক বিজ্ঞানে সমস্যা আৰু সমাধান উভয়ৰে ঔচিত্যৰ বিচাৰ কৰে।

ধনাত্মক বিজ্ঞানে প্রাকৃতিক বিজ্ঞানত কৰাৰ দৰে কাৰণ (Cause) আৰু ফলাফল (effect) অধ্যয়ন কৰে। উদাহৰণ স্বৰূপে অভাৱৰ সম্মুখীন হ’লেই মানুহে দ্রব্য সামগ্ৰীৰদ্বাৰা সেই অভাব পূৰণ কৰিবলৈ চেষ্টা কৰে। ইয়াত অভাৱ হ’ল কাৰণ আৰু অভাৱ পূৰণ হোৱাটো ফল। উচিতাত্মক বিজ্ঞানত এনে বিশ্লেষণৰ ওপৰত গুৰুত্ব দিয়া নহয়।

ধনাত্মক বিজ্ঞান লক্ষ্য সম্পর্কে নিৰপেক্ষ হৈ থাকে। কিন্তু ঔচিতাত্মক বিজ্ঞানে এই ক্ষেত্র নিৰপেক্ষতা অৱলম্বন নকৰে। মদ খালে অভাৱ পূৰণ হয় ঠিকেই। কিন্তু ই যিহেতু অনিষ্টকাৰী দ্রব্য ঔচিতাত্মক বিজ্ঞানে ইয়াক সামৰি নলয়। উচিতাত্মক বিজ্ঞান কেতবোৰ নৈতিক আদর্শ আৰু লক্ষ্যৰ ওপৰত প্রতিষ্ঠিত।

৫। অৰ্থনীতিৰ প্ৰাথমিক কেন্দ্রীয় সমস্যাসমূহ উল্লেখ কৰা।

উত্তৰঃ ব্যয়বস্তু আৰু সেৱাকাৰ্যৰ উৎপাদন, বিনিময় আৰু ভোগেই মানৱজীৱনৰ মূল অর্থনৈতিক কাম। এই মূল অর্থনৈতিক কামবোৰ সম্পাদন কৰিবলৈ যাওঁতে সমাজত সম্পদৰ দুষ্প্রাপ্যতাৰ সন্মুখীন হয়। সম্পদৰ দুষ্প্রাপ্যতাৰ বাবে পছন্দ বা নির্বাচন সমস্যাৰ সৃষ্টি হয়। দুষ্প্রাপ্য সম্পদবোধ কিদৰে ব্যৱহাৰ কৰিব লাগে তাক নিৰ্ণয় কৰাটো প্ৰতিখন সমাজৰ প্ৰধান কাম।

দুষ্প্রাপ্যতাৰ ভিত্তিত সৃষ্টি হোৱা সমাজৰ প্ৰধান কামবোৰ তলত বর্ণনা কৰা হ’লঃ

কি দ্ৰব্য কি পৰিমাণত উৎপাদন কৰা হব ?

প্রতিখন সমাজে সিদ্ধান্ত লব লাগে খাদ্য কাপোৰ বেছিকৈ উৎপাদন কৰিব নে বিলাসী দ্রব্য বেছিকৈ উৎপাদন কৰিব? কৃষিজাত সামগ্রী নে মুলধন জাতীয় সামগ্রী বেছিকৈ উৎপাদন কৰিব? ভোগ্য সামগ্রী নে উৎপাদক সামগ্রী বেছিকৈ উৎপাদন কৰিব?

দ্রব্যসামগ্রী কেনেকৈ উৎপাদন কৰিব?

উৎপাদন কৰোতে শ্রমনিবিড় পদ্ধতি গ্রহণ কৰা হব নে যান্ত্রিক পদ্ধতিৰে উৎপাদন কৰা হব তাকো সমাজেই নির্ণয় কৰিব। 

উক্ত দ্রব্য সামগ্ৰীবোৰ প্ৰধানকৈ কাৰ বাবে উৎপাদন কৰা হব? 

এই সমস্যাটো হ’ল দ্ৰব্য আৰু সেৱা সামগ্ৰীবোৰৰ বিতৰণ লগত জড়িত।

৬। চৰকাৰী হস্তক্ষেপ কি ? চৰকাৰে কেতিয়া সামগ্ৰী আৰু সেৱা কাৰ্য্যৰ উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত হস্তক্ষেপ কৰে।

উত্তৰঃ জনসাধাৰণৰ সামগ্রিক উন্নতি আৰু উৎকৰ্ষতাৰ বাবে যি কোনো ব্যৱস্থাৱলী বা চৰকাৰী নিয়ন্ত্রণকে চৰকাৰী হস্তক্ষেপ বোলে।

যদি সামগ্ৰী এটাৰ উৎপাদনৰ ফলত সেবাকাৰ্যই জনসাধাৰণৰ মংগল সাধন কৰে বা মংগলৰ বিৰুদ্ধে যায় তেতিয়া চৰকাৰে সেই সামগ্ৰীটো উৎপাদনত হস্তক্ষেপ কৰিব পাৰে।

৭। মিশ্র অর্থনীতিত কিদৰে অৰ্থনৈতিক কাৰ্য্যবলীসমূহ সংগঠিত হয়, ব্যাখ্যা কৰা। 

উত্তৰঃ উৎপাদন, বিতৰণ আদি কাৰ্যৰ ক্ষেত্ৰত ব্যক্তিক পূর্ণস্বাধীনতা দান আৰু ব্যক্তিস্বাধীনতাৰ সম্পূর্ণ অবলুপ্তিকৰণ কোনোটোরেই গ্রহণযোগ্য নহয় বুলি বিবেচিত হোৱাৰ পিছত দ্বিতীয় মহাযুদ্ধৰ পৰবৰ্তীকালত এক নতুন চিন্তাধাৰাৰ উদ্রেক হল আৰু তাৰফলত জন্ম হ’ল এক নতুন ধাৰণাৰ যাক মিশ্র অর্থনীতি বোলা হয়। পুঁজিবাদী আৰু সমাজবাদৰ ভাল গুণবোৰ সমন্বয়ত গঢ়ি উঠিল মিশ্র অর্থনীতি। মিশ্র অর্থনীতিত ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা খণ্ডই একেলগে কাম কৰে। মিশ্ৰ অৰ্থনীতিত কেতবোৰ গুৰুত্বপূৰ্ণ শিল্প বা প্রতিষ্ঠান চৰকাৰে নিজে নিয়ন্ত্ৰণ কৰে। কম গুৰুত্বপূৰ্ণ কামকাজবোৰ ব্যক্তিয়ে পৰিচলনা কৰে। অথার্ৎ মিশ্র অর্থনীতিত অর্থনৈতিক কামকাজবোৰ চৰকাৰী আৰু বেচৰকাৰী উভয়খণ্ডতে সম্পাদিত হয়।

৮। কেন্দ্ৰীয়ভাবে পৰিকল্পিত অৰ্থনীতিৰ ধাৰণাটো ব্যাখ্যা কৰা। 

উত্তৰঃ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অর্থনীতিত চৰকাৰ বা কেন্দ্ৰীয় কৰ্তৃপক্ষই অৰ্থনীতিৰ আটাইবোৰ গুৰুত্বপূৰ্ণ কামকাজ পৰিচলনা কৰে; আনহাতে বজাৰ অৰ্থনীতিত বজাবৰ দ্বাৰা আটাইবোৰ অৰ্থনৈতিক কামকাজ পৰিচালিত হয়।

কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অর্থনীতিত উৎপাদন, বিনিময় সম্পৰ্কীয় সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে; আনহাতে বজাৰ অৰ্থনীতিত সিদ্ধান্তসমূহ দৰ কৌশলৰ দ্বাৰা পৰিচালিত হয়।

কেন্দ্ৰীয় পৰিকল্পনাত চৰকাৰৰ মূল উদ্দেশ্য হ’ল সামাজিক উন্নয়ন; আনহাতে বজাৰ অৰ্থনীতিৰ মূল উদ্দেশ্য হ’ল ব্যক্তিগত মুনাফা।

(গ) চমু প্রশ্ন উত্তৰ I প্ৰকাৰৰ : (মূল্যাংক-8)

১। চিত্রসহ উৎপাদন সম্ভাবনীয়তা ৰেখাৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ সম্ভাব্য উৎপাদন ৰেখাৰে গতি কৰিলে বুজিব পাৰি যে এটা দ্ৰব্যৰ উৎপাদন বৃদ্ধি পাইছে আৰু আনটো দ্ৰব্যৰ উৎপাদন হ্রাস পাইছে। আনটো দ্ৰব্যৰ উৎপাদনৰ হ্ৰাসকে প্রথম দ্ৰব্যটোৰ প্ৰান্তিক সুযোগ ব্যয় বোলা হয়।

X-ৰ উৎপাদনYৰ উৎপাদনY-ৰ ভিত্তিত X প্রান্তিক সুযোগ ব্যয়
0
]1
2
3
4
5
80
75
84
99
124
164

5
9
15
25
40

উক্ত তালিকাখনত আমি দেখা পাইছে যে X দ্ৰব্যৰ উৎপাদন বৃদ্ধি পোৱাৰ ফলত ইয়া প্রান্তিক সুযোগ ব্যয় ৫ ৰ পৰা ক্ৰমে ৪০ লৈ বৃদ্ধি পাইছে। অৰ্থাৎ X দ্ৰব্যৰ উৎপাদনৰ প্ৰতি একক বৃদ্ধিৰ বাবে Y দ্ৰব্যৰ অধিকতৰ উৎপাদন ত্যাগ কৰিব লগা হৈছে।

দেখা গৈছে যে এটা দ্ৰব্যৰ উৎপাদন বাঢ়ি যোৱাৰ লগে লগে ইয়াৰ উৎপাদকবোৰৰ প্ৰাস্তিক উৎপাদন ক্ষমতা হ্রাস পাবলৈ ধৰিছে। সেইবাবে প্ৰথম দ্ৰব্যটোৰ প্ৰতি একক বৃদ্ধিৰ বিপৰীতে আনটো দ্ৰব্যৰ অধিকতৰ পৰিমাণ ত্যাগ কৰিব লগা হৈছে।

দ্বিতীয়তে, প্রথম অৱস্থাত X দ্রব্যৰ উৎপাদনৰ বাবে নিয়োজিত উৎপাদকবোৰ দ্ৰব্যটোৰ উৎপাদনৰ বাবে অধিক উপযোগী আছিল। কিন্তু পিছলৈ Y উৎপাদনত নিয়োজিত উৎপাদকবোৰ X উৎপাদনত ব্যৱহাৰ হোৱাত সিহঁতৰ উৎপাদন হ্রাস পাবলৈ ধৰে। সেইবাবে X -উৎপাদনৰ

প্ৰতি একক বৃদ্ধিৰ বাবে Y উৎপাদনৰ অধিক উৎপাদক স্থানান্তৰ কৰিব লগা হ’ল। 

এই ক্রমবর্ধমান প্রান্তিক ব্যয়ৰ বাবেই সম্ভাব্য উৎপাদন ৰেখা আকাৰত কেন্দ্ৰৰ পিনে ঘেৰ খোৱা (concave) হ’ল।

২। অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ বয়বস্তু আৰু সেৱাকাৰ্যৰ উৎপাদন, বিনিময় আৰু ভোগেই মানৱজীৱনৰ মূল অর্থনৈতিক কাম। এই মূল অর্থনৈতিক কামবোৰ সম্পাদন কৰিবলৈ যাওঁতে সমাজত সম্পদৰ দুষ্প্রাপ্যতাৰ সন্মুখীন হয়। সম্পদৰ দুষ্প্রাপ্যতাৰ বাবে পছন্দ বা নির্বাচন সমস্যাৰ সৃষ্টি হয়। দুষ্প্রাপ্য সম্পদবোৰ কিদবে ব্যৱহাৰ কৰিব লাগে তাক নির্ণয় কৰাটো প্ৰতিখন সমাজৰ প্ৰধান কাম।

দুষ্প্ৰাপ্যতাৰ ভিত্তিত সৃষ্টি হোৱা সমাজৰ প্ৰধান কামবোৰ তলত বর্ণনা কৰা হ’লঃ 

কি দ্ৰব্য কি পৰিমাণত উৎপাদন কৰা হব ?

প্রতিখন সমাজে সিদ্বান্ত লব লাগে খাদ্য কাপোৰ বেছিকৈ উৎপাদন কৰিব নে বিলাসী দ্রব্য বেছিকৈ উৎপাদন কৰিব? কৃষিজাত সামগ্ৰী নে মূলধন জাতীয় সামগ্রী বেছিকৈ উৎপাদন কৰিব? ভোগ্য সামগ্রী নে উৎপাদক সামগ্রী বেছিকৈ উৎপাদন কৰিব?

দ্রব্যসামগ্রী কেনেকৈ উৎপাদন কৰিব?

উৎপাদন কৰোতে শ্রমনিবিড় পদ্ধতি গ্ৰহণ কৰা হব নে যান্ত্রিক পদ্ধতিৰে উৎপাদন কৰা হব তাকো সমাজেই নির্ণয় কৰিব।

উক্ত দ্রব্য সামগ্ৰীবোৰ প্ৰধানকৈ কাৰ বাবে উৎপাদন কৰিব? 

এই সমস্যাটো হ’ল দ্ৰব্য আৰু সেৱা সামগ্ৰীবোৰৰ বিতৰণ লগত জড়িত।

৩। অর্থনীতিত উৎপাদন সম্ভাৱনীয়তাৰ অৰ্থ ব্যাখ্যা কৰা। 

উত্তৰঃ সীমিত আৰু বিকল্প ব্যৱহাৰযোগ্য সম্পদৰ জৰিয়তে মানুহৰ অপৰিসীম অভাৱ একেসময়তে পূৰণ কৰাটো সম্ভৱপৰ নহয়। কিছুমান দ্ৰব্যৰ উৎপাদনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আনটো দ্ৰব্যৰ উৎপাদন কমাবলগীয়া হয়। সম্পদৰ পূৰ্ণ নিয়োগ আৰু সম্পদৰ দক্ষতাপূৰ্ণ ব্যৱহাৰৰ অৱস্থাত কিছুমান দ্ৰব্য অধিক পৰিমাণে উৎপাদন কৰিবলৈ যাঁওতে আনবোৰ দ্ৰব্যৰ উৎপাদন কি পৰিমাণে হ্ৰাস কৰিবলগা হয় তাকেই সম্ভাব্য উৎপাদন ৰেখাই নির্দেশ দিয়ে। দ্বিতীয়তে সম্ভাব্য উৎপাদন ৰেখাই সম্পদসমূহ যে দুষ্প্রাপ্য সেইবিষয়ে ইংগিত দিয়াৰ উপৰিও এনে দুষ্প্রাপ্য সম্পদৰ জৰিয়তে সৰ্বাধিক কিমান দ্ৰব্য উৎপাদন কৰিব পাৰি তাৰো ইংগিত দিয়ে।

8। কেন্দ্ৰীয় পৰিকল্পিত অর্থনীতি আৰু বজাৰ অৰ্থনীতিৰ পাৰ্থক্য দেখুওৱা।

উত্তৰঃ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত চৰকাৰ বা কেন্দ্ৰীয় কৰ্তৃপক্ষই অৰ্থনীতিৰ আটাইবোৰ গুৰুত্বপূৰ্ণ কামকাজ পৰিচলনা কৰে; আনহাতে বজাৰ অৰ্থনীতিত বজাৰৰ দ্বাৰা আটাইবোৰ অর্থনৈতিক কামকাজ পৰিচালিত হয়।

কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অর্থনীতিত উৎপাদন, বিনিময় সম্পৰ্কীয় সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে; আনহাতে বজাৰ অৰ্থনীতিত সিদ্ধান্তসমূহ দৰ কৌশলৰ দ্বাৰা পৰিচালিত হয়। কেন্দ্ৰীয় পৰিকল্পনাত চৰকাৰৰ মূল উদ্দেশ্য হ’ল সামাজিক উন্নয়ন; আনহাতে বজাৰ অৰ্থনীতিৰ মূল উদ্দেশ্য হ’ল ব্যক্তিগত মুনাফা।

৫। বজাৰ অৰ্থনী তিয়ে কিদৰে এখন অৰ্থনীতিৰ কেন্দ্রীয় সমস্যাসমূহ সমাধান কৰে? 

উত্তৰঃ কেন্দ্রীয়ভাৱে পৰিকল্পিত অর্থনীতিত চৰকাৰ বা কেন্দ্রীয় কর্তৃপক্ষই অর্থনীতির আটাইবোৰ গুৰুত্বপূৰ্ণ কামকাজ পৰিচলনা কৰে, আনহাতে বজাৰ অৰ্থনীতিত বজাৰৰ দ্বাৰা আটাইবোৰ অৰ্থনৈতিক কামকাজ পরিচালিত হয়।

কেন্দ্রীয়ভাবে পৰিকল্পিত অর্থনীতিত উৎপাদন, বিনিময় সম্পৰ্কীয় সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে, আনহাতে বজাৰ অৰ্থনীতিত সিদ্ধান্তসমূহ দৰ কৌশলৰ দ্বাৰা পৰিচালিত হয়। কেন্দ্ৰীয় পৰিকল্পনাত চৰকাৰৰ মূল উদ্দেশ্য হ’ল সামাজিক উন্নয়ন; আনহাতে বজাৰ অৰ্থনীতিৰ মূল উদ্দেশ্য হ’ল ব্যক্তিগত মুনাফা।

৬। উৎপাদন সম্ভাবনীয় সীমাৰেখাক কিয় সুযোগ ব্যয় ৰেখা বুলি কোৱা হয় ?

উত্তৰঃ উৎপাদন সম্ভাৱনীয় ৰেখাডালে দুটা দ্রব্য উৎপাদন সম্ভাৱনীয়তাৰ ব্যাখ্যা দিয়ে। উৎপাদনৰ উপাদান সমূহ সীমিত আৰু উৎপাদন কৌশল অপৰিৱৰ্তিত থকা অৱস্থাত এটা দ্ৰবাৰ উৎপাদন বৃদ্ধি কৰিলে অন্য এটা দ্ৰব্যৰ উৎপাদন হ্রাস কৰিব লাগিব যিহেতু সম্পদসমূহৰ যোগান সীমিত তথা স্থিৰ। এনে অৱস্থাত এবিধ দ্রব্য ধৰাহ’ল x ৰ উৎপাদন বৃদ্ধি কৰিলে y ভ্ৰব্যৰ উৎপাদন কিমান হ্ৰাস কৰিব লাগিব সেই ধাৰণাটো সুযোগ ব্যয়ৰ জৰিয়তে জানিব পাৰি। অৰ্থাৎ উৎপাদন সম্ভাৱনীয়ৰেখা ডালৰ আকৃতি সুযোগ ব্যয়ৰ পৰিমানে নিৰ্দ্ধাৰণ কৰে। সেয়েহে এই ৰোখাডালক সুযোগ ব্যয় ৰেখা বুলিও কোৱা হয়।

৭। “এডাল স্বাভাৱিক উৎপাদন সম্ভাৱনীয়তা ৰেখা বাওঁপিনে ওপৰৰ পৰা সোঁপিনে তললৈ নামি আহে।”—ব্যাখ্যা কৰা।

উত্তৰঃ এডাল উৎপাদন সম্ভাৱনীয়তা ৰেখা সোঁফালে নিম্নগামী হয়। ইয়াৰ অৰ্থ হৈছে এটা দ্রব্য অত্যাধিক পৰিমাণে উৎপাদন কৰিবলৈ হ’লে অন্য এটা সামগ্ৰীৰ উৎপাদন কিছু পৰিমাণে ত্যাগ কৰিবলগীয়া হয়। ধৰাহ’ল, উৎপাদন সম্ভাৱনীয়তা ৰেখা ডালত A বিন্দুৰ পৰা B বিন্দুলৈ আৰু B বিন্দুৰ পৰা C বিন্দুলৈ ঘেহুঁৰ উৎপাদন কমি গৈছে কিন্তু কাপোৰৰ উৎপাদন বৃদ্ধি পাইছে। যিহেতু উৎপাদন সম্ভাৱনীয়তা বিশ্লেষণত পূৰ্ণ নিয়োগ ধৰি লোৱা হয়, গতিকে অধিক কাপোৰ উৎপাদন কৰিবলগীয়া হ’লে ঘেই উৎপাদনৰ পৰা সম্পদ কাপোৰ উৎপাদনলৈ হস্তান্তৰ কৰিবলগীয়া হয়। ফলস্বরূপে ঘেহঁৰ উৎপাদন হ্রাস । আৰু ৰেখাডাল তললৈ নামি আহে।

৮। এডাল উৎপাদন সম্ভাৱনীয়তা ৰেখা অংকন কৰা আৰু ব্যাখ্যা কৰা। 

উত্তৰঃ সীমিত সম্পদ বিতৰণেৰে বিভিন্ন বয়-বস্তু আৰু সেৱাৰ এটা বিশেষ সংযোজন উৎপাদিত হয়। ইয়াকে অর্থনীতিৰ উৎপাদন সম্ভাৱনীয়তা আখ্যা দিয়া হয়। এই উৎপাদন সম্ভাৱনীয়তাক চিত্ৰৰ মাধ্যমেৰে উপস্থাপন কৰিলে উৎপাদন সম্ভাৱনীয়তা দেখা পোৱা যায়। চিত্ৰত—

উক্ত চিত্ৰত, AF হ’ল উৎপাদন সম্ভাৱনীয়তা ৰেখা। অর্থনীতি এখনে A, B, C, D, E, F আদি উৎপাদন সম্ভাৱনীয়তাৰ মাজৰ পৰাই কাম্য উৎপাদনৰ পৰিমাণ পচন্দ কৰিবলগীয়া হয়। এই বিভিন্ন উৎপাদন সম্ভাৱনীয়তা সমূহ যোগ কৰিলে আমি AF উৎপাদন সম্ভাৱনীয়তা ৰেখা পাওঁ।

৯। ব্যষ্টিবাদী বাদী অর্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মাজৰ পাৰ্থক্য লিখা। 

উত্তৰঃ ব্যষ্টিবাদী অর্থবিজ্ঞান হৈছে অর্থনীতি তত্বৰ সেইটো বিভাগ যি অৰ্থনৈতিক পদ্ধতিবোৰৰ ব্যক্তিগত অংশহে অর্থাৎ, ব্যক্তিগত আয়, সঞ্চয়, উৎপাদন, উপাদান আদিৰ দৰ নিৰ্দ্ধাৰণৰ বিষয়ে আলোচনা কৰে। ইয়াত, গাইগুটিয়া ভাবেহে ব্যক্তি নাইবা প্ৰতিষ্ঠানৰ আচৰণ অধ্যয়ন কৰা হয়।

সমষ্টিবাদী অর্থবিজ্ঞানে, আনহাতে, গোটেই অৰ্থনীতিৰ সামগ্ৰীকে অৱস্থাৰ অধ্যয়ন কৰে। ৰাষ্ট্ৰীয় আয়, ৰাষ্ট্ৰীয় সঞ্চয়, সামগ্রীক বিনিয়োগ আদিৰ দৰ নিৰ্দ্ধাৰণৰ বিষয়ে আলোচনা কৰা হয়। এই অৰ্থনীতিত, সাধাৰণ মূল্যস্তৰৰ কিয় পৰিৱৰ্ত্তন ঘটে তাৰ আলোচনা হয়।

Class 12 Economy Solutions-অৰ্থনীতি

ক-অংশ : ব্যষ্টিবাদী অৰ্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ আৰম্ভণি Click here
অধ্যায় – ২উপভোক্তাৰ আচৰণৰ তত্ত্ব Click here
অধ্যায় – ৩উৎপাদন আৰু ব্যয় Click here
অধ্যায় – ৪ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here
অধ্যায় – ৫ বজাৰ ভাৰসাম্য Click here
অধ্যায় – ৬ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here

খ- অংশ : সমষ্টিবাদী অর্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ সূচনা Click here
অধ্যায় – ২জাতীয় আয় গণনা Click here
অধ্যায় – ৩মুদ্ৰা আৰু বেংক ব্যৱস্থা Click here
অধ্যায় – ৪ আয় নিৰ্ধাৰণ Click here
অধ্যায় – ৫ চৰকাৰ; কাৰ্যাৱলী আৰু পৰিসৰ Click here
অধ্যায় – ৬ মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Click here

গ- অংশ : ভাৰতীয় অর্থনৈতিক উন্নয়ন

অধ্যায় – ১ প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা Click here
অধ্যায় – ২ ভাৰতীয় অৰ্থব্যৱস্থা ( 1950-1990) Click here
অধ্যায় – ৩ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণঃ এক পৰ্য্যালোচন Click here
অধ্যায় – ৪ দৰিদ্ৰতা Click here
অধ্যায় – ৫ ভাৰতত মানৱ মূলধন গঠন Click here
অধ্যায় – ৬ গ্রাম্য উন্নয়ন Click here
অধ্যায় – ৭নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় Click here
অধ্যায়-৮আন্তঃগাঁথনি Click here
অধ্যায়-৯পৰিৱেশ আৰু বহনক্ষম উন্নয়ন Click here
অধ্যায় – ১০ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা Click here

This Post Has 6 Comments

Leave a Reply