Class 12 Economics |Chapter-5|বজাৰ ভাৰসাম্য|

Class 12 Economics |Chapter-5|বজাৰ ভাৰসাম্য|। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Economics |Chapter-5|বজাৰ ভাৰসাম্য| AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second Year Economics Chapter- 5 বজাৰ ভাৰসাম্য

ক-অংশ : ব্যষ্টিবাদী অৰ্থবিজ্ঞান

(ক) অতি চমু প্রশ্ন উত্তৰ: (মূল্যাংক-১)

১। ভাৰসাম্যতা কি?

উত্তৰঃ ভাৰসাম্য হ’ল এনে এটা অৱস্থা যত সকলোবোৰ অৰ্থনৈতিক চলক এটা নির্দিষ্ট বিন্দুত মিলিত হয়।

২। অত্যাধিক যোগান কি?

উত্তৰঃ অতিৰিক্ত যোগান মানে এনে এটা অৱস্থা য’ত দ্ৰব্যৰ যোগানৰ পৰিমাণ চাহিদাৰ পৰিমাণতকৈ অধিক হয়।

৩।  পূৰ্ণ প্ৰতিযোগিতা মূলক বজাৰত এনেকুৱা পৰিস্থিতিটোৰ নাম লিকা য’তশূন্য অত্যাধিক যোগান আৰু শূণ্য অত্যাধিক চাহিদাৰ আবির্ভাব হয়।

উত্তৰঃ ভাৰসাম্য অৱস্থাত।

8। শুদ্ধ বা অশুদ্ধ লিখা :

যেতিয়া মজুৰিৰ হাৰ বৃদ্ধি হয়, তেতিয়া বিলাসৰ সুযোগ ব্যয় হ্রাস হয়।

উত্তৰঃ অশুদ্ধ

৫। দৰ মজিয়া কি ?

উত্তৰঃ যিকোনো এটা নিৰ্দিষ্ট্য বা সেৱাৰ দামৰ ওপৰত চৰকাৰৰ আৰোপিত সৰ্বনিম্ন সীমাই হৈছেদৰ মজিয়া।

6। খালী ঠাই পূৰ কৰা:

মজুৰি হাৰ বৃদ্ধিৰ লগে লগে, বিলাস……. (ব্যয়বহুল/সন্তীয়া) হয়।

উত্তৰঃ ব্যয়বহুল।

৭। দাম স্থিতিস্থাপকতা কি ?

উত্তৰঃ কোনো এটা বস্তুৰ দৰৰ সামান্য পৰিৱৰ্তন ফলত চাহিদাৰ যি অনুপাতিক পৰিবৰ্তন হয়। তাকে দৰৰ স্থিতিস্থাপকতা বোলে।

৮। চৰকাৰৰ দ্বাৰা উপভোক্তালৈ কিয় ৰেচ্‌ন কাৰ্য বা কুপন যোগান ধৰা হয়। 

উত্তৰঃ প্রত্যেক উপভোক্তালৈ ঘেহুৰ যোগান নিশ্চিত কৰবলৈ চৰকাৰৰ দ্বাৰা ৰেচন কাৰ্য বা কুপন যোগান ধৰা হয়।

৯। শুদ্ধটো বাছি উলিওৱা 

যিকোনো এটা নিৰ্দিষ্ট সেৱাৰ দামৰ ওপৰত চৰকাৰৰ আৰোপিত সৰ্বোচ্চ সীমাই হৈছে—……… (দৰ অধিগ্ৰহণ/দৰ মজিয়া)

উত্তৰঃ দৰ অধিগ্রহণ

১০। চৰকাৰে দৰ-অধিগ্ৰহণ কিয় আৰোপ কৰে?

উত্তৰঃ কাৰণ, ইয়াৰ যোগেদি চৰকাৰে উপভোক্তা শ্ৰেণীৰ কল্যাণ সাধনৰ চেষ্টা চলায়। 

১১। শুদ্ধ বা অশুদ্ধ লিখা ?

ডাৰসাম্য অৱস্থাত কোনো প্রতিষ্ঠানে স্বাভাবিক লাভ অৰ্জন নকৰে।

উত্তৰঃ অশুদ্ধ।

১২। শুদ্ধ বা অশুদ্ধ লিখা :

ভাৰসাম্য অৱস্থাত দৰ প্ৰতিষ্ঠানৰ নূন্যতম গড় ব্যয়ৰ সমান হয়।

উত্তৰঃ শুদ্ধ

১৩। শুদ্ধ অংশটো ৰাছি উলিওৱা

ভাৰসাম্য দৰতকৈ তলৰ দৰ অধিগ্ৰহণ কি সূচায়……….(অত্যাধিক চাহিদা/অত্যাধিক যোগান)

উত্তৰঃ অত্যাধিক যোগান

১৪। শুদ্ধ বা অশুদ্ধ লিখা:

ভাৰসাম্য দৰত কৈ ওপৰৰ দৰ মজিয়া বজাৰে প্ৰয়োগ কৰে। 

উত্তৰঃ অশুদ্ধ,

১৫। শ্ৰমৰ প্ৰান্তিক ৰাজহ উৎপাদন কি ? 

উত্তৰঃ শ্ৰমৰ অতিৰিক্ত এটা গোট উৎপাদন কাৰ্য্যত লগোৱাৰ ফলত মুঠ উৎপাদনৰ যি অনুপাতিক পৰিৱৰ্তন ঘটে তাকে শ্ৰমৰ প্ৰাস্তিক ৰাজহ উৎপাদন বোলে।

Class 12 Economy Solutions-অৰ্থনীতি

ক-অংশ : ব্যষ্টিবাদী অৰ্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ আৰম্ভণি Click here
অধ্যায় – ২উপভোক্তাৰ আচৰণৰ তত্ত্ব Click here
অধ্যায় – ৩উৎপাদন আৰু ব্যয় Click here
অধ্যায় – ৪ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here
অধ্যায় – ৫ বজাৰ ভাৰসাম্য Click here
অধ্যায় – ৬ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here

খ- অংশ : সমষ্টিবাদী অর্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ সূচনা Click here
অধ্যায় – ২জাতীয় আয় গণনা Click here
অধ্যায় – ৩মুদ্ৰা আৰু বেংক ব্যৱস্থা Click here
অধ্যায় – ৪ আয় নিৰ্ধাৰণ Click here
অধ্যায় – ৫ চৰকাৰ; কাৰ্যাৱলী আৰু পৰিসৰ Click here
অধ্যায় – ৬ মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Click here

গ- অংশ : ভাৰতীয় অর্থনৈতিক উন্নয়ন

অধ্যায় – ১ প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা Click here
অধ্যায় – ২ ভাৰতীয় অৰ্থব্যৱস্থা ( 1950-1990) Click here
অধ্যায় – ৩ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণঃ এক পৰ্য্যালোচন Click here
অধ্যায় – ৪ দৰিদ্ৰতা Click here
অধ্যায় – ৫ ভাৰতত মানৱ মূলধন গঠন Click here
অধ্যায় – ৬ গ্রাম্য উন্নয়ন Click here
অধ্যায় – ৭নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় Click here
অধ্যায়-৮আন্তঃগাঁথনি Click here
অধ্যায়-৯পৰিৱেশ আৰু বহনক্ষম উন্নয়ন Click here
অধ্যায় – ১০ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা Click here

১৬। নিৰ্দিষ্ট পণ্যৰ দামৰ উচ্চসীমা চৰকাৰে বান্ধি দিয়া কাৰ্যক কোৱা হয় (দামৰ মৃধাবৰণ / দামৰ ভেটি) 

উত্তৰঃ দামৰ মৃধাবৰণ৷

১৭। চৰকাৰে কিয় দামৰ মৃধাবৰণ আৰোপ কৰে? 

উত্তৰঃ দ্ৰব্যৰ প্ৰকৃত দৰ ভাৰসাম্যহীন অৱস্থাত ৰাখিব বিচাৰে।

১৮। শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

দৰৰ উচ্চতম সীমা সাধাৰণতে ……-ৰ ওপৰত আৰোপ কৰা হয়। (প্রয়োজনীয় সামগ্রী / বিলাসী সামগ্রী)

উত্তৰঃ প্ৰয়োজনীয় সামগ্রী।

১৯। সত্য নে অসত্য লিখা :

কৃষি দৰ সাহায্য আঁচনি হৈছে দৰৰ নিম্নতম সীমাৰ এক উদাহৰণ।

উত্তৰঃ শুদ্ধ।

২০। খালী ঠাই পূৰণ কৰাঃ

ভাৰসাম্য দৰ প্ৰতিষ্ঠানৰ নিম্নতম….ৰ সমান হয়।

উত্তৰঃ বায়ৰ।

(খ) চমু প্রশ্ন উত্তৰ II প্ৰকাৰৰ: (মূল্যাংক – ৩)

১। বজাৰ ভাৰসাম্যতাৰ স্বীকাৰ্য্য সমূহ লিখা।

উত্তৰঃ বজাৰ ভাৰসাম্যতাৰ বাবে চাহিদা আৰু যোগান বিধি প্রযোজ্য হোৱা অভিধাৰণসমূহ মানি ল’ব লাগিব। যেনে— চাহিদা বিদ্ধিৰ অভিধাৰণমতে

(ক) উপভোক্তাৰ আয় একে থাকিব লাগিব, 

(খ) সম্পর্কিত সামগ্ৰীৰ দাম একে থাকিব লাগিব, 

(গ) উপভোক্তাৰ ৰুচি অভিৰুচি সলন হ’ব নালাগিব।

আকৌ যোগান বিধিৰ অভিদাৰণ মতে—

(ক) উৎপাদন কৌশলৰ পৰিৱৰ্তন হ’ব নালাগিব, 

(খ) বজাৰ আকাৰ কোনো পৰিৱৰ্তন হ’ব নালাগিব, 

(গ) উৎপাদনত ব্যৱহাৰহোৱা উপাদানসমূৰ দাম একে থাকিব লাগিব।

২। দৰ অধিগ্ৰহণ আৰু দৰ মজিয়াৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ (ক) এটা দ্ৰব্য বা সেৱা কাৰ্যৰ দামৰ ওপৰত চৰকৰ আৰোপিত চৰমসীমাইহ’ল দামৰ অধিগ্ৰহণ আনহাতে এটা নির্দিষ্ট দ্রব্য বা সেৱাৰ দামৰ ওপৰত চৰকাৰ আৰোপিত সৰ্বনিম্ন সীমাইদৰ মজিয়া। 

(খ) দামৰ অধিগ্ৰহণৰ যোগেদিচৰকাৰে উপভোক্তা শ্ৰেণীৰ কল্যাণ সাধনৰ চেষ্টা চলায় আনহাতে দামৰ মজিয়াৰ যোগেদি চৰকাৰে উৎপাদনক শ্রেণীক যেনে—খেতিয়ক শ্ৰেণীৰ উপকাৰৰ চেষ্টা চলায়।

৩।  পূর্ণ প্রতিযোগিতা মূলক ৰজাৰৰ সাংগঠনিক চৰ্ত্তসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ (ক) অসংখ্য ক্রেতা আৰু বিক্রেতাঃ এই বজাৰত ক্ৰেতা আৰু বিক্ৰেতাৰ সংখ্যা অসংখ্য। 

(খ( সমগুণবিশিষ্টঃ এই বজাৰত বিক্ৰী কৰিব লোৱা বস্তুবোৰ সমগুণবিশিষ্ট অর্থাৎ বস্তুটোৰ গুণ, আকাৰ, ৰং আদি একে।

(গ) মুক্ত প্ৰৱেস আৰু প্ৰস্থান : ইয়াত সকলো প্রতিষ্ঠানে নিজৰ ইচ্ছা অনুযায়ী প্রৱেশ আৰু প্রস্থান কৰিব পাৰে। উদ্যোগত প্ৰৱেশ বা প্ৰস্থানৰ ক্ষেত্ৰত প্ৰতিষ্ঠানবোৰ ওপৰত কোনো বাধা নাই।

৪। বজাৰ ভাৰসাম্যতাৰ ওপৰচত দূৰ মজিয়াৰ প্ৰভাৱসমূহ লিখা। 

উত্তৰঃ দামৰ দূৰ মজিয়াৰ পৰিৱৰ্তন কৰিলে সামগ্ৰীটোৰ দাম আৰু পৰিমাণত পৰিৱৰ্তন দেখা যায় আৰু বজাৰৰ ভাৰসাম্যতা প্ৰতিষ্ঠা নলৈ সামগ্ৰীটোৰ অতিৰিক্ত যোগানৰ সৃষ্টি হয়। যেতিয়া সামগ্ৰীৰ দাম P* তেতিয়া E বিন্দুত ভাৰসমতা লাভ কৰিছে। কিন্তু চৰকাৰে যেতিয়া ভাৰসাম্য দামতকৈ বেছি p₁ দামত নিম্নতম সীমা আৰোপ কৰে তেতিয়া বজাৰ চাহিদা হয়। q₁ আৰু বজাৰ যোগান হয় q2 ফলত বজাৰত q1q2 পৰিমাণৰ অতিৰিক্ত যোগানৰ উদ্ভৱ হয়।

৫।  বজাৰ ভাৰসাম্যতাৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ বজাৰ ভাৰসাম্যতাৰ বাবে চাহিদা আৰু যোগান বিধি প্রযোজ্য হোৱা অভিধাৰণসমূহ মানি ল’ব লাগিব। যেনে— চাহিদা বিদ্ধিৰ অভিধাৰণমতে

(ক) উপভোক্তাৰ আয় একে থাকিব লাগিব, 

(খ) সম্পর্কিত সামগ্ৰীৰ দাম একে থাকিব লাগিব, 

(গ) উপভোক্তাৰ ৰুচি অভিৰুচি সলন হ’ব নালাগিব।

আকৌ যোগান বিধিৰ অভিদাৰণ মতে—

(ক) উৎপাদন কৌশলৰ পৰিৱৰ্তন হ’ব নালাগিব, 

(খ) বজাৰ আকাৰ কোনো পৰিৱৰ্তন হ’ব নালাগিব, 

(গ) উৎপাদনত ব্যৱহাৰহোৱা উপাদানসমূৰ দাম একে থাকিব লাগিব।

৬। অতিৰিক্ত চাহিদা কি ?

উত্তৰঃ কোনো এক নিৰ্দিষ্ট দৰত কোনো এক দ্ৰব্যৰ যোগান চাহিদাতকৈ কম হ’লৈ অতিৰিক্ত চাহিদাৰ সৃষ্টি হয়। 

৭। পূৰ্ণ প্ৰতিযোগী বজাৰত ভাৰসাম্যহীনতাৰ আচৰণ বুলিলে কি বুজা ?

উত্তৰঃ ভাৰসাম্যহীনতাৰ আচৰণ হ’ল য’ত ভাৰসাম্য নিৰ্দ্ধাৰণকাৰী দুটা নিৰ্দ্ধাৰক চাহিদা আৰু যোগান সমান নহয়। এনে অৱস্থাত পূর্ণ প্রতিযোগিতামূলক বজাৰত ক্ৰেতা আৰু বিক্ৰেতাৰ চাহিদা আৰু যোগানৰ পৰিমাণ সমান হৈ নাথাকে।

৮। প্রতিযোগিতামূলক বজাৰ এখনৰ শূন্য অতিৰিক্ত চাহিদা শূন্য অতিৰিক্ত যোগান অৱস্থাটো ব্যাখ্যা কৰা।

উত্তৰঃ শূন্য-অতিৰিক্ত চাহিদা-শূন্য অতিৰিক্ত যোগান অৱস্থাটো হ’ল যে, ইয়াত ভাৰসাম্য দৰ পৰিৱৰ্ত্তন সমান থাকে, কিন্তু নতুন ভাৰসাম্য দ্ৰব্যৰ পৰিমাণ হ্রাস বা বৃদ্ধি পায়।

৯। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ MRPL = MR × MPL, বর্ণনা কৰা। 

উত্তৰঃ MRPL = MR× MPL, ইয়াৰ অৰ্থ হ’ল যে শ্রমিকৰ প্ৰান্তিক আয় উৎপাদনশীলতা (MRPL) নিৰ্ভৰ কৰে শ্রমিকজনৰ প্ৰাস্তিক উৎপাদন (MPL) আৰু ইয়াৰ বাবদ তেওঁ লাভ বা অর্জন কৰিবলগীয়া প্রান্তিক আয়ৰ পৰিমানৰ ওপৰত। অর্থাৎ শ্রমিকৰ প্ৰাস্তিক উৎপাদন আৰু শ্রমিকে অৰ্জন কৰিবলগীয়া প্রান্তিক আয় (MR) ইহঁত দুয়োটাই শ্রমিক এজন প্রান্তিক আয় উৎপাদনশীলতা নির্ণয় কৰে।

১০। ভাৰসাম্য দৰ আৰু পৰিমাণ নির্ণয়কাৰী কেতবোৰ কাৰক উল্লেখ কৰা। 

উত্তৰঃ কেতবোৰ কাৰক হ’ল—

(ক) ক্রেতা-বিক্রেতার চাহিদা আৰু যোগানৰ পৰিমাণ (খ) উপভোক্তা আৰু প্ৰতিষ্ঠানৰ পৰিকল্পনা সম উদ্দেশ্য পূৰ্ণ হৈ বজাৰ সমস্যা নিষ্পত্তি কৰে।

(গ) চমু প্রশ্ন উত্তৰ I প্ৰকাৰৰ : (মূল্যাংক-৪)

১। শ্ৰমিকৰ বজাৰ যোগান ৰেখা কিদৰে নিৰ্দ্ধাৰণ কৰা হয় ব্যাখ্যা কৰা। 

উত্তৰঃ পৰিয়ালবোৰে এটা নিদিষ্ট মজুৰিৰ হাৰত যোগান ধৰিবলগীয়া শ্ৰমৰ পৰিমাণ নিৰ্ণয় কৰে। এই যোগানৰ সিদ্ধান্ত মূলতে আয় আৰু জিৰণিৰ মাজৰ এটা পছন্দ। এহাতে মানুহে জিৰণিৰ আনন্দ লয় আৰু কৰ্ম বিৰক্তিকৰ বুলি বিবেচনা কৰে আৰু আনহাতে তেওঁলোকে আয় সংগ্ৰাহৰ ওপৰত গুৰুত্ব দি কাম কৰিবলগীয়া হয়।

গতিকে জিৰণিৰ আনন্দ আৰু কৰ্মৰ বাবে অতিৰিক্ত সময়খৰচ কাৰ মাজত বিপৰীতমুখী সম্পর্ক আছে।

মজুৰি হাৰত বৃদ্ধিৰ দুটা ফল আছে—

(ক) মজুৰিৰ হাৰ বৃদ্ধিৰ ফলত জিৰণিৰ সুযোগ ব্যয় বৃদ্ধি হ’ব যাৰ বাবে জিৰণি আগতকৈ ব্যয়বহুল হৈ পৰিব। সেয়েহে মানুহে আগতকৈ অধিক সময় কাম কৰিব বিচাৰিব।

(খ) মজুৰিৰ হাৰ বৃদ্ধি হ’লৈ মানুহৰ ক্ৰয় ক্ষমতা বাঢ়িব। গতিকে তেওঁলোকে অৱসৰ বিনোদনত বেছি সময়খৰচ কৰিব বিচাৰিব।

গতিকে এটা নিদিষ্ট বিন্দুলৈ প্ৰতিবাৰ মজুৰিৰ হাৰ বৃদ্ধিৰ ফলতশ্ৰমৰ যোগান বৃদ্ধি হ’ব। কিন্তু এটা নিদিষ্ট বিন্দুৰ পিছত মজুৰি হাৰ বৃদ্ধিয়ে শ্ৰম যোগানত হ্রাস ঘটাব। সেয়ে শ্রম যোগান ৰেখা উৰ্দ্ধগামী আৰু পিছত পিছফালে ভাজখোৱা আকৃতিৰ হয়।

২। পূর্ণ প্রতিযোগিতা মূলক বজাৰত, যোগান আৰু চাহিদাৰ সমান পৰিৱৰ্ত্তনৰ ফলত প্রতিষ্ঠান এখনৰ উৎপাদন আৰু দৰৰ ওপৰত কি প্রভাব পৰে, এখন অনুসূচীৰ সহায়ত দেখুওৱা। 

উত্তৰঃ সমান পৰিবৰ্তনৰ ফলত উৎপাদন আৰু দৰ প্রভাব :

চাহিদাৰ স্থানান্তৰযোগানৰ স্থানান্তৰপৰিমাণদাম
বাওফালেবাওঁফালেহ্রাস পায়।বৃদ্ধি হ্রাস বা অপৰিৱৰ্তনীয় হৈ থাকিব পাৰে
সোঁফালেসোঁফালেবৃদ্ধি হয়বৃদ্ধি হ্রাস বা অপৰিবৰ্তনীয় হৈ থাকিব পাৰে।
বাওঁফালেসোঁফালেবৃদ্ধি হ্রাস বা পৰিৱৰ্তনীয় হৈ থাকিব পাৰেহ্রাস পায়
সোঁফালেবাওঁফালেবৃদ্ধি হ্রাস বা পৰিৱৰ্তনীয় হৈ থাকিব পাৰে।বৃদ্ধি পায়

৩। ব্যাখ্যা কৰা যে, কিয় প্ৰতিখন প্রতিষ্ঠানে ইয়াৰ প্ৰচলিত দৰত মুক্ত প্ৰৱেশ আৰু মুক্ত প্ৰস্থানৰ সময়ত স্বাভাৱিক লাভহে অৰ্জন কৰে। 

উত্তৰঃ যিহেতু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত প্ৰতিষ্ঠানৰ প্ৰৱেশ আৰু প্ৰস্থানৰ বাধা নাই সেয়ে দীর্ঘকালত প্রতিষ্ঠানবোৰে কেৱল স্বাভাৱিক লাভহে অৰ্জন কৰিবলৈ সক্ষম। অর্থাৎ প্রতিষ্ঠানটোৰ ভাৰসাম্য দাম এনে এটা অৱস্থাত নিৰ্ধাৰণ হয় য’ত দাম = নিম্নতম গড় ব্যয়। বিন্দুত প্রতিষ্ঠানটোৱে ভাৰসাম্য অৱস্থা লাভ কৰিছে আৰু এই ভাৰসাম্য অৱস্থাত ভাৰসাম দাম OP, গড় ব্যয় EQ ৰ সমান হৈছে আৰু সেয়ে প্ৰতিষ্ঠানটোৱে কেৱল স্বাভাৱিক লাভহে অৰ্জন কৰিছে।

8। পূৰ্ণ প্ৰতিযোগিতা মূলক বজাৰত, প্রতিষ্ঠান এখনৰ চাহিদা আৰু যোগান ৰেখা ক্রমে

D = 50-2P

S = – 25+3P.

যত P = দৰ স্তৰ

D = চাহিদা

S = যোগান 

ভাৰসাম্য উৎপাদন আৰু দৰ নিৰ্ণয় কৰা।

উত্তৰঃ প্রশ্ন নং ৯ চোৱা ।

৫। দাম মৃধাবৰণৰ বিষয়বস্তুৰ সীমিতকৰণ কি? সীমিতকৰণৰ দুটা বিপৰীত ফল উল্লেখ কৰা ।

উত্তৰঃ কেতিয়াবা চৰকাৰে বিভিন্ন দ্ৰব্যৰ ভাৰসাম্য দৰৰ উৰ্দ্ধত নিৰ্দ্ধাৰণ কৰি কিছুমান উৎপাদক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বিচাৰে। ইয়ে দাম মৃধাবৰণৰ বিষয়বস্তুৰ সীমিতকৰণ। দুই বিপৰীত ফল—

(ক) অত্যাধিক সামগ্ৰী ৰাহি হ’ব পাৰে।

(খ) বিক্রেতা সকলৰ মাজত প্ৰতিযোগিতা সৃষ্টি হ’ব পাৰে।

৬। দাম মৃধাবৰণ আৰু সীমিতকৰণক তুমি সমৰ্থন কৰা নেকি? তোমাৰ উত্তৰৰ যুক্তিযুক্তত প্রতিপন্ন কৰা।

উত্তৰঃ সমৰ্থন কৰো। কাৰণ —

(ক) এই ব্যৱস্থাই সর্বাধিক সামাজিক কল্যান সুনিশ্চিত কৰে।

(খ) প্ৰয়োজনৰ ভিত্তিত মানুহৰ মাজত দ্ৰব্য আৰু সেৱা বিতৰণ কৰিবলৈ সক্ষম হয়।

৭। এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাহিদা (D) আৰু যোগান (S) ৰেখা তলত দিয়া হৈছেঃ

D = 100 – P

S = 25 + 4P, 

যত D = চাহিদাৰ পৰিমাণ

S = যোগানৰ পৰিমাণ

P = দামৰ স্তৰ

দামৰ সন্তুলন স্তৰ নিৰ্ণয় কৰা।

উত্তৰঃ আমি জানো যে, দৰ সঙ্কলন স্তৰ হ’ল—

D = S → 100 – P = 25 + 4P 

→100 – 25 = 4P + P 

→ 75 = 5P 

→ 75/5 = P = 15

:.দৰ সন্তুলন স্তৰ = P = 15

৮। দৰৰ উচ্চতম সীমা আৰু দৰৰ নিম্নতম সীমাৰ পাৰ্থক্য লিখা। 

উত্তৰঃ দৰৰ উচ্চতম সীমা হ’ল য’ত চৰকাৰে এটা দ্ৰব্য নাইবা সেৱাৰ সৰ্বাধিক দৰ নিৰ্দ্ধাৰণ কৰে। অত্যাৱশ্যকীয় সামগ্রী যেনে— ঘেঁহু, চেনী আদিৰ ক্ষেত্ৰত চৰকাৰে দ্ৰব্যবোৰৰ সৰ্বোচ্চ দৰ নিৰ্দ্ধাৰণ কৰি দিয়ে। আনহাতে, কেতিয়াবা চৰকাৰে বিভিন্ন দ্ৰব্যৰ দৰ ভাৰসাম্য দৰৰ উৰ্দ্ধত নিৰ্দ্ধাৰণ কৰি কিছুমান উৎপাদকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বিচাৰে। যোগান অত্যাধিক হলেও এবোৰ সামগ্ৰীৰ উৎপাদক সকলে চৰকাৰে নিৰ্দ্ধাৰণ কৰা নিম্নতম দৰৰ তলত বিক্ৰী কৰিব নালাগে। ইয়াকে দৰৰ নিম্নতম সীমা বোলে।

৯। চিত্ৰৰ সহায়ত অতিৰিক্ত যোগান আৰু অতিৰিক্ত চাহিদাৰ ধাৰণা দুটা ব্যাখ্যা কৰা। 

উত্তৰঃ উক্ত চিত্ৰত KL হৈছে অতিৰিক্ত চাহিদাৰ পৰিমাণ RT হৈছে অতিৰিক্ত যোগানৰ পৰিমাণ

১০। প্রতিযোগিতামূলক বজাৰত মুক্ত প্ৰৱেশ আৰু মুক্ত প্রস্থানৰ ধাৰণা দুটা ব্যাখ্যা কৰা।

উত্তৰঃ মুক্ত প্ৰবেশৰ অৰ্থ হৈছে নতুন প্রতিষ্ঠানে উদ্যোগটোত প্ৰবেশ কৰাৰ পথত কোনে কৃত্রিম অথবা প্রাকৃতিক বাধা নাথাকে। একেদৰে মুক্ত প্রস্থান হৈছে বিনা বাধাই এখন প্রতিষ্ঠানে উদ্যোগটোৰ পৰা ওলাই যোৱাটো। এই মুক্ত প্ৰৱেশ আৰু মুক্ত প্ৰস্থানৰ কাৰ্যকাৰীতাৰ অ হৈছে দীর্ঘকালত কোনো প্রতিষ্ঠানে স্বাভাৱিক লাভৰ উৰ্দ্ধত অৰ্জন কৰিব নোৱাৰে।

(ঘ) দীঘলীয়া প্রশ্ন উত্তৰ : (মূল্যাংক-৬)

১। চাহিদা আৰু যোগানৰ সহায়ত বজাৰ ভাৰসাম্যতাৰ ধাৰণাটো ব্যাখ্যা কৰা। একে চিত্ৰত্ৰ অত্যাধিক চাহিদা আৰু যোগানৰ পৰিমাণও দেখুওৱা।

উত্তৰঃ চাহিদা আৰু যোগানৰ সহ-স্থানান্তৰ চাৰি ধৰণে ঘটিব পাৰেঃ

(ক) যোগান আৰু চাহিদা ৰেখা উভয়ে সোফালে স্থানান্তৰিত হ’ব পাৰেঃ ইয়াৰ ফলত ভাৰসাম্য পৰিমাণ বৃদ্ধি হয় আৰু ভাৰসাম্য দাম বৃদ্ধি, হ্রাস বা অপৰিৱৰ্তনীয় হৈ থাকিব পাৰে। 

(খ) যোগান আৰু চাহিদা ৰেখা উভয়ে বাওঁফালে স্থানান্তৰিত হ’ব পাৰে; ইয়াৰ ফলত ভাৰসাম পৰিমাণ হ্রাস হয় আৰু ভাৰসাম্য দাম বৃদ্ধি, হ্ৰাস বা অপৰিবৰ্তনীয় হৈ থাকিব পাৰে। 

(গ) যোগান ৰেখা বাওঁফালে আৰু চাহিদা ৰেখা সোফালে স্থানান্তৰিত হ’ব পাৰে। ইয়াৰ ফলত ভাৰসাম্য পৰিমাণ বৃদ্ধি, হ্রাস বা পৰিৱৰ্তনীয় হৈ থাকিব পাৰে আৰু ভাৰসাম্য দাম বৃদ্ধি হয়। 

(ঘ) যোগান ৰেখা সোফালে আৰু চাহিদা ৰেখা বাওফালে স্থানান্তৰিত হ’ব পাৰে; ইয়াৰ ফলত ভাৰসাম্য পৰিমাণ বৃদ্ধি, হ্রাস বা পৰিৱৰ্তনীয় হৈ থাকিব পাৰে। কিন্তু ভাৰসাম দাম হ্রাস পায়।

২। পূৰ্ণ প্ৰতিযোগিতাত কিদৰে মজুৰি নিৰ্দ্ধাৰণ কৰা হয় ব্যাখ্যা কৰা।

উত্তৰঃ যিহেতু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত প্ৰতিষ্ঠানৰ প্ৰৱেশ আৰু প্ৰস্থানৰ বাধা নাই সেয়ে দীর্ঘকালত প্রতিষ্ঠানবোৰে কেৱল স্বাভাৱিক লাভহে অৰ্জন কৰিবলৈ সক্ষম। অর্থাৎ প্রতিষ্ঠানটোৰ ভাৰসাম্য দাম এনে এটা অৱস্থাত নিৰ্ধাৰণ হয় য’ত দাম নিম্নতম গড় ব্যয়। E বিন্দুত প্রতিষ্ঠানটোৱে ভাৰসাম্য অৱস্থা লাভ কৰিছে আৰু এই ভাৰসাম্য অৱস্থাত ভাৰসাম্য দাম OP, গড় ব্যয় EQ ৰ সমান হৈছে আৰু সেয়ে প্রতিষ্ঠানটোৱে কেৱল স্বাভাৱিক লাভহে অৰ্জন কৰিছে।

৩। চাহিদা ৰেখাৰ পৰিৱৰ্ত্তনৰ লগে লগে বজাৰ ভাৰসাম্যতাৰ কিদৰে পত্তিৰ্তন হয়, দেখুওৱা আৰু ব্যাখ্যা কৰা।

উত্তৰঃ চাহিদা আৰু যোগানৰ সহ-স্থানান্তৰ চাৰি ধৰণে ঘটিব পাৰে— 

(ক) যোগান আৰু চাহিদা ৰেখা উভয়ে সোফালে স্থানান্তৰিত হ’ব পাৰেঃ ইয়াৰ ফলত ভাৰসাম্য পৰিমাণ বৃদ্ধি হয় আৰু ভাৰসাম্য দাম বৃদ্ধি, হ্ৰাস বা অপৰিৱৰ্তনীয় হৈ থাকিব পাৰে।

(খ) যোগান আৰু চাহিদা বেখা উভয়ে বাওঁফালে স্থানান্তৰিত হ’ব পাৰে; ইয়াৰ ফলত ভাৰসাম্য পৰিমাণ হ্ৰাস হয় আৰু ভাৰসাম্য দাম বৃদ্ধি, হ্ৰাস বা অপৰিবৰ্তনীয় হৈ থাকিব পাৰে। 

(গ) যোগান ৰেখা বাওঁফালে আৰু চাহিদা ৰেখা সোফালে স্থানান্তৰিত হ’ব পাৰে। ইয়াৰ ফলত ভাৰসাম্য পৰিমাণ বৃদ্ধি, হ্রাস বা পৰিৱৰ্তনীয় হৈ থাকিব পাৰে আৰু ভাৰসাম্য দাম বৃদ্ধি হয়।

(ঘ) যোগান ৰেখা সোফালে আৰু চাহিদা বেখা বাওফালে স্থানান্তৰিত হ’ব পাৰে; ইয়াৰ ফলত ভাৰসাম্য পৰিমাণ বৃদ্ধি, হ্রাস বা পৰিৱৰ্তনীয় হৈ থাকিব পাৰে। কিন্তু ভাৰসাম্য দাম হ্রাস পায়।

8। মুক্ত প্ৰৱেশ আৰু মুক্ত প্রস্থানৰ চৰ্ত্ত প্ৰচলিত সময়ত, চাহিদা ৰেখাৰ পৰিৱৰ্ত্তনে, ভাৰসাম্য দৰৰ ওপৰত প্ৰভাৱ পেলাবনে? 

উত্তৰঃ প্ৰতিষ্ঠানৰ মুক্ত প্ৰৱেশ আৰু প্ৰস্থান থাকিলে সকলো পৰিস্থিতিতে ভাৰসাম্য দাম অৱশিষ্ট প্রতিষ্ঠানবোৰৰ নিম্নতম গড় ব্যয়ৰ সমান হয়। এনে ক্ষেত্ৰত বজাৰ চাহিদা ৰেখা যিকোনো ফালে স্থানান্তৰিত হ’লেও নতুন ভাৰসাম্যত একে দামতে আকাংক্ষিত পৰিমাণ বজাৰত যোগান ধৰা হ’ব।

DD বজাৰ চাহিদা ৰেখা আৰু Po হ’ল প্ৰতিষ্ঠানৰ নিম্নতম গড় ব্যয়ৰ সমান হোৱা দাম।

প্ৰাৰম্ভিক ভাৰসাম্য বিন্দু হ’ল E। যেতিয়া বজাৰ চাহিদা ৰেখা D1 D2, লৈ স্থানান্তৰিত হ’ল প্ৰতিষ্ঠানবোৰে অস্বাভাৱিক লাভ অৰ্জন কৰিলে। ইয়ে নতুন প্রতিষ্ঠানক আকৰ্ষিত কৰিব সেয়ে যোগান বৃদ্ধি হ’ব আৰু ভাৰসাম্য দাম OPo আৰু ভাৰসাম্য পৰিমাণ Oq1 নিৰ্দ্ধাৰণ হ’ব। ঠিক সেইদৰে বজাৰ চাহিদা ৰেখা বাওঁফালে স্থানান্তৰিত হ’লেও ভাৰসাম্য দাম একে থাকিব কিন্তু ভাৰসাম্য পৰিমাণ Oq1 লৈ হ্ৰাস হ’ব।

৫। পূৰ্ণ প্ৰতিযোগিতা মূলক বজাৰত, প্রতিষ্ঠান এখনৰ চাহিদা আৰু যোগান ৰেখা ক্ৰমে—

D = 50 – 2p

S = – 25 + 3P

য’ত P = দৰ স্তৰ 

D = চাহিদা

S = যোগান

ভাৰসাম্য উৎপাদন আৰু দৰ নিৰ্ণয় কৰা।

উত্তৰঃ: আমি জানো যে,

ভাৰসাম্য অৱস্থাত D = S

⇒50-2P=-25 +3P

⇒-2P3P=-50-25

⇒-5P= -75

:. P = 15

ভাৰসাম্য দাম (P) = 15 টকা

আৰু ভাৰসাম্য উৎপাদন (D) = 50-2P = 50 – 2×15 = 20 

২। পূৰ্ণ প্ৰতিযোগিতা মূলক বজাৰ এখনত প্ৰতিষ্ঠান এখনৰ চাহিদা আৰু যোগান ৰেখা

D = 100 – P 

S = – 30 + 4P

যত P = দৰ

D = চাহিদা পৰিমাণ

S = যোগান পৰিমাণ

এতিয়া – (ক) ভাৰসাম্য দৰ আৰু উৎপাদন নিৰ্ণয় কৰা। 

(খ) চৰকাৰে যদি 5 টকা কৰ বজোৱাই, প্রত্যেক উৎপাদনৰ ওপৰত, তেন্তে ভাৰসাম্য দৰ আৰু উৎপাদনৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব?

উত্তৰঃ (ক) D = S

⇒100-P=-30+4P

⇒-P-4P=-30-100 

⇒-5P=-130

:. P = 26

ভাৰসাম্য দাম (P) = 26 টকা

আৰু ভাৰসাম্য উৎপাদন (D) = 100-P = 100-26 = 74 

(গ) কৰ প্ৰয়োগ কৰিলে নতুন যোগান ৰেখা হ’ব

⇒100-P=-50+4P

⇒-P-4P=-50-100 

⇒-5P=-150

⇒P=30 

ভাৰসাম্য দাম (P) = 30 টকা আৰু ভাৰসাম্য উৎপাদন (D) = 100-P = 100-30 = 70

৭। পূৰ্ণ প্ৰতিযোগিতা মূলক বজাৰত, নিময় তৈয়াৰী প্ৰতিষ্ঠান এখনৰ চাহিদা আৰু যোগান ৰেখা ক্রমে—

Qd = 200 – 2P

QS = – 100 + 3P

এতিয়া, 

(ক) ভাৰসাম্য দৰ আৰু উৎপাদনৰ পৰিমাণ নির্ণয় কৰা।

(খ) বৰ্দ্ধিত ব্যয়ৰ বাবে, যোগান ৰেখাডাল সলনি হৈ QS = -200 + 3P হ’ল। ভাৰসাম্য দৰ আৰু উৎপাদনত কি হ’ব? তুমি ভবা নে, এই পৰিবৰ্ত্তন আপেক্ষাকৃত।

উত্তৰঃ (ক) ভাৰসাম্য অৱস্থাত

⇒Qd=Qs 

⇒ 200-2p=-100+3p 

⇒-2p-3p=-100-200 

:. p = 60 টকা

আৰু ভাৰসাম্য উৎপাদন (Qd) = 200-2P = 200-2 × 60 = 80

(খ) আকৌ এইবাৰ ভাৰসাম্য অৱস্থাত Qd = Qs

⇒ 200 – 2P =- 200 + 3P

⇒-2P-3P-200- 200

:. – 5P = 400

:. P = 80

ভাৰসাম্য দাম (P) = 80 টকা

আৰু ভাৰসাম্য উৎপাদন (Qd) = 100-2p=200-2x 80 = 40 

৮। পূর্ণপ্ৰতিযোগিতা মূলকবজাৰ এখনত প্ৰতিষ্ঠান এখনৰ চাহিদা আৰু যোগান ৰেখা ক্রমে—

D = 100 – P

S = – 30 + 4P

য’ত P = দৰ

D = চাহিদা পৰিমাণ

S = যোগান পৰিমাণ

এতিয়া – (ক) ভাৰসাম্য দৰ আৰু উৎপাদন নির্ণয় কৰা।

(খ) চৰকাৰে যদি 5 টকা কৰ বজোৱাই, প্রত্যেক উৎপাদনৰ ওপৰত, তেন্তে ভাৰসাম্য দৰ আৰু উৎপাদনৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব?

উত্তৰঃ প্রশ্ন নং ৬ চোৱা

৯। পূৰ্ণ প্ৰতিযোগিতা মূলক বজাৰত, নিময় তৈয়াৰী প্ৰতিষ্ঠান এখনৰ চাহিদা আৰু যোগান ৰেখা ক্রমে—

Qd = 200 – 2P

QS = – 100 + 3P

এতিয়া, (ক) ভাৰসাম্য দৰ আৰু উৎপাদনৰ পৰিমাণ নির্ণয় কৰা।

(খ) বৰ্দ্ধিত ব্যয়ৰ বাবে, যোগান ৰেখাডাল সলনি হৈ QS=-200+3P হ’ল। ভাৰসাম্য দৰ আৰু উৎপাদনত কি হ’ব? তুমি ভবা নে, এই পৰিৱৰ্ত্তন আপেক্ষাকৃত।

উত্তৰঃ প্রশ্ন নং ৭ চোৱা ।

১০। যোগান ৰেখাৰ পৰিবৰ্তনৰ বাবে বজাৰ সম্ভলন কিদৰে সলনি হয় দেখুওৱা আৰু ব্যাখ্যা কৰা।

উত্তৰঃ যোগান ৰেখাৰ পৰিৱৰ্তন দুই ধৰণে হব পাৰে। যোগানৰ পৰিমাণ বৃদ্ধিৰ জৰিয়তে যোগান ৰেখাডাল সোঁফালে গতি কৰিব পাৰে নাইবা যোগানৰ পৰিমান হ্ৰাস হৈ বাওঁফালে গতি কৰিব পাৰে। যোগান ৰেখাডাল সোঁফালে গতি কৰিলে চাহিদা স্থিৰ থকা অৱস্থাত দ্রব্যর

দৰ হ্ৰাস পাব আৰু বজাৰ সম্ভলন বিন্দু নিম্নগামি হ’ব।

একেদৰে যোগানৰ পৰিমাণ হ্রাস পালে চাহিদা স্থিৰ থকা অৱস্থাত সন্তুলন বিন্দু উর্দ্ধমুখি হ’ব অর্থাৎ দ্ৰব্যৰ দাম বৃদ্ধি পাব। চিত্ৰত যোগান ৰেখাৰ পৰিৱৰ্তনৰ লগে লগে সত্তলন বিন্দুর পৰিৱর্ত দেখুওৱা হৈছে।

চিত্র নং 1 দেখুওৱা হৈছে যে যোগান আৰু চাহিদা ৰেখাই পৰস্পৰক E বিন্দুত ছেদ কৰিছে। বিন্দুত বজাৰ সজ্বলন লাভ কৰিছে। সেই বিন্দুত দ্ৰব্যৰ দৰ OP আৰু চাহিদা OQ পৰিমাণৰ। চাহিদা ৰেখাৰ স্থিৰ থকা অৱস্থাত যোগান বৃদ্ধিৰ ফলত দৰ হ্ৰাস পাইছে আৰু নতুন সঞ্চলন বিন্দু E1 চাহিদা আৰু যোগান ৰেখাই পৰস্পৰক ছেদ কৰিছে।

চিত্ৰ নং 2 যোগান ৰেখাৰ ঋণাত্মক পৰিৱৰ্তন ঘটিছে। যোগান ৰেখাডাল SS ৰ পৰা S1S2 লৈ হ্ৰাস পাইছে এনে হোৱাৰ ফলত দ্ৰব্যৰ দৰ বৃদ্ধি পাইছে অর্থাৎ নতুন সঞ্চলন বিন্দুত যোগান আৰু চাহিদা ৰেখাই পৰস্পৰ্ক ছেদ কৰিছে। এনেদৰে যোগান ৰেখাৰ হ্ৰাস বৃদ্ধিৰ লগে লগে সঙ্কলন বিন্দুৰ পৰিৱৰ্তন ঘটে লগতে দৰ আৰু চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তন হয়।

১১। সজ্জ্বলন দাম আৰু পৰিমাণত চাহিদা আৰু যোগানৰ একে সময়তে হোৱা পৰিৱৰ্তনৰ প্ৰভাৱ লেখচিত্ৰৰে ব্যাখ্যা কৰা।

উত্তৰঃ যোগান আৰু চাহিদা ৰেখাৰ পৰিৱৰ্তন ফলত সঞ্চলন বিন্দুৰ পৰিৱৰ্তন ঘটে। দ্ৰব্যৰ দৰ নিৰ্দ্ধাৰণ কৰোতে চাহিদা আৰু যোগানে প্ৰভাৱ বিস্তাৰ কৰে। সত্তলন বিন্দু এটাত দ্ৰব্যৰ চাহিদা আৰু যোগান সমান হয় তেনে অৱস্থাত নিৰ্দ্ধাৰিত দৰক ভাৰসাম্য দৰ আৰু দ্ৰব্যৰ পৰিমাণ ভাৰসাম্য দ্রব্য বোলে।

ভাৰসাম্য অৱস্থাত চাহিদা আৰু যোগানৰ পৰিৱৰ্তন সমানুপাতিক হাৰত হ’লে ভাৰসাম্য অৱস্থাৰ পৰিৱৰ্তন নহয়। এনে অৱস্থাত দ্ৰব্যৰ দৰ একে থাকে মাত্র চাহিদাৰ পৰিমাণ বৃদ্ধি পায়।

চিত্ৰত DD চাহিদা আৰু SS যোগান ৰেখাই E বিন্দুত ছেদ কৰিছে। প্ৰথম অৱস্থাত চাহিদা ৰেখাই বিন্দুলৈ পৰিৱৰ্তন হোৱাত দৰ পৰিৱৰ্তন হৈছিল। চাহিদাৰ লগে লগে যোগান ৰেখাৰ সমানুপাতিক পৰিৱৰ্তনৰ ফলত দৰ আগৰ অৱস্থাতে থাকে কিন্তু যোগান পৰিমান বৃদ্ধি পায়। 

১২। নিখুঁতভাৱে প্ৰতিযোগিতামূলক বজাৰত যুক্ত প্ৰৱেশ আৰু প্ৰস্থানেৰে সজ্জ্বলন দাম সদায় ব্যৱসায়িক প্রতিষ্ঠানখনৰ ন্যূনতম গড় ব্যয়ৰ সমান বুলি লেখচিত্ৰৰে ব্যাখ্যা কৰা।

উত্তৰ : পূর্ণপ্রতিযোগিতা তথা নিখুঁতভাৱে প্রতিযোগিতামূলক বজাৰত ব্যৱসায় প্ৰতিষ্ঠানৰ মুক্ত প্ৰৱেশ আৰু প্ৰস্থান সম্ভৱপৰ হয়। এনে অৱস্থাত ব্যবসায় প্রতিষ্ঠানখনে স্বাভাৱিক লাভ অৰ্জন কৰিবলৈ সক্ষম হয়। ব্যাৱসায় প্ৰতিষ্ঠানৰ মুক্ত প্ৰৱেশ থকা অৱস্থাত কোনো এখন ব্যৱসায় প্রতিষ্ঠানে অত্যাধিক লাভ অৰ্জন কৰিলে নতুন ব্যৱসায় প্রতিষ্ঠানে উৎপাদন কার্যত অংশ গ্ৰহণ কৰি মুঠ যোগানৰ পৰিমাণ বৃদ্ধি ব্যয়ৰ কৰিব এনে অৱস্থাত লাভৰ পৰিমান হ্ৰাস হৈ স্বাভাৱিক অৱস্থাত নিৰ্দ্ধাৰণ হয়। স্বাভাৱিকলাভ অৰ্জন কৰা অৱস্থাত স্থিৰ হোৱা দৰত প্ৰতিষ্ঠানখনৰ গড় উৎপাদন সমান হয় চিত্ৰত স্বাভাৱিক লাভ তথা দৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়া দেখুওৱা হৈছে

এক নং চিত্ৰত যোগান আৰু চাহিদাৰ জৰিয়তে সামগ্ৰীৰ দৰ নিৰ্দ্ধাৰণ তথা ভাৰসাম্য অৱস্থা দেখুওৱা হৈছে। দুই নং চিত্ৰত ভাৰসাম্য অৱস্থাত দৰ নিৰ্দ্ধাৰণ গড় ব্যয় আৰু প্রান্তিক ব্যয় ৰেখাৰ জৰিয়তে দেখুওৱা হৈছে। পূর্ণ প্রতিযোগিতামূলক বজাৰত গ্ৰাহকৰ মুক্ত প্রৱেশ তথা ব্যৱসায় প্রতিষ্ঠানৰ মুক্ত প্ৰৱেশ থকা অৱস্থাত স্বাভাৱিক দৰ গড় ব্যয় আৰু প্রান্তিক ব্যাল জৰিয়তে নিৰ্দ্ধাৰণ কৰা হয়। এনে অৱস্থাত নিৰ্দ্ধাৰিত দৰ গড় ব্যয়ৰ সমান হয়।

১৩। নিখুঁত প্রতিযোগিতাৰ চৰ্তৰ অধীনত বজাৰ সঞ্চলনত দাম মৃধাবৰণৰ প্ৰভাৱ ব্যাখ্যা কৰা। 

উত্তৰঃ যোগান ৰেখাৰ পৰিৱৰ্তন দুই ধৰণে হব পাৰে। যোগানৰ পৰিমাণ বৃদ্ধিৰ জৰিয়তে যোগান ৰেখাডাল সোঁফালে গতি কৰিব পাৰে নাইবা যোগানৰ পৰিমাণ হ্রাস হৈ বাওঁফালে গতি কৰিব পাবে। যোগান ৰেখাডাল সোঁপালে গতি কৰিলে চাহিদা স্থিৰ থকা অৱস্থাত দুবাৰ দৰ হ্ৰাস পাব আৰু বজৰ সত্তলন বিন্দু নিম্নগামি হ’ব।

এনেদৰে যোগানৰ পৰিমাণ হ্রাস পালেচাহিদা স্থিৰ থকা অৱস্থাত সন্তোলন বিন্দু উর্দ্বমুখি হ’ব অৰ্থাৎ দ্ৰব্যৰ দাম বৃদ্ধি পাব। চিত্ৰত যোগান ৰেখাৰ পৰিৱৰ্তন লগে লগে সম্ভলন বিন্দুৰ পৰিৱৰ্ত দেখুওৱা হৈছে।

চিত্র নং ১ ত দেখুওৱা হৈছে যে যোগান আৰু চাহিদা ৰেখাই পৰস্পৰক E বিন্দুত ছেদ কৰিছে। E বিন্দুত বজাৰ সঞ্চলন লাভ কৰিছে। সেই বিন্দুত দ্ৰব্যৰ পৰা OP আৰু চাহিদা op পৰিমাণৰ। চাহিদা ৰেখা স্থিৰ থকা অৱস্থাত যোগান বৃদ্ধিৰ ফলতদৰ হ্ৰাস পাইছে আৰু নতুন সঙ্কলন বিন্দু E1, চাহিদা আৰু যোগান ৰেখাই পৰস্পৰক ছেদ কৰিছে।

চিত্র নং ২৩ যোগান ৰেখাৰ ঋনাত্মক পৰিৱৰ্তন ঘটিছে। যোগান ৰেখাডাল ss ৰ পৰা S1, লৈ হ্ৰাস পাইছে এনে হোৱাৰ ফলত দ্ৰব্যৰ দৰ বৃদ্ধি পাইছে অর্থাৎ নতুন সত্তলন বিন্দুত যোগান আৰু চাহিদা ৰেখাই পৰস্পৰক ছেদ কৰিছে এনেদৰে যোগান ৰেখাৰ হ্ৰাস বৃদ্ধিৰ লগে লগে সঙ্কলন বিন্দুৰ পৰিৱৰ্তন ঘটে লগতে দৰ আৰু চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তন হয়

১৪। যোগান ৰেখাৰ পৰিবৰ্তনৰ বাবে বজাৰ সঞ্চলন কিদৰে সলনি হয় দেখুওৱা আৰু ব্যাখ্যা কৰা।

উত্তৰঃ 

যোগান বৃদ্ধিয়ে ভাৰসাম্য দৰ হ্ৰাস কৰিব। SS ৰ পৰা যোগান বৃদ্ধি হ’ল S1S1, লৈ আৰু ভাৰসাম্য দৰ হ্রাস পালে Pৰ পৰা P1 লৈ।

আনহাতে, যোগান হ্রাসে সত্তলন দৰ বৃদ্ধি কৰিব। চিত্ৰত, SS ৰ পৰা যোগান হ্রাস হ’ল D2S2 । গতিকে, ভাৰসাম্য দৰ বৃদ্ধি পালে P ৰ পৰা P2 লৈ।

১৫। সন্তুলন দাম আৰু পৰিমাণত চাহিদা আৰু যোগানৰ একে সময়তে হোৱা পৰিৱৰ্তনৰ প্রভাব লেখচিত্ৰৰে ব্যাখ্যা কৰা।

উত্তৰঃ চাহিদা আৰু যোগান ৰেখাৰ সমান পৰিবৰ্ত্তনঃ

যেতিয়া যোগান পৰিবৰ্ত্তন চাহিদাতকৈ অধিক :

যেতিয়া যোগান পৰিবৰ্ত্তন চাহিদাতকৈ কম

১৬। নিখুঁতভাৱে প্ৰতিযোগিতামূলক বজাৰত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ যোগান আৰু চাহিদাৰ ৰেখা তলত দিয়া হৈছে:

D = 75-5P

S = 50+ P

য’ত D = চাহিদালব্ধ পৰিমাণ

S = যোগান ধৰা পৰিমাণ

P = দাম

সঙ্কলন দাম, চাহিদালব্ধ পৰিমাণ আৰু যোধান ধৰা পৰিমাণ নির্ণয় কৰা ?

উত্তৰঃ

আমি জানো যে- D=S

 → 75-5P = – 50+ P 

→ 75+50 = P + 5P

→ 125 = 6P

→ P= -125/6 = 20.8

:.সঞ্চলন দাম = 20.8

:. চাহিদাৰ পৰিমাণ = 75-5 (20.8) 75-104 – 29 

:. যোগানৰ পৰিমাণ = –50+20.8 = 29.2

১৭। নিখুঁতভাবে প্রতিযোগিতামূলক বজাৰত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাহিদা আৰু যোগান কার্য তলত দিয়া ধৰণৰঃ 

Qd= 100 – 3P আৰু Qs = -200 + 3P এতিয়া 

(ক) দাম আৰু উৎপন্নৰ সম্ভলন স্তৰ নিৰ্ণয় কৰা। 

(খ) যদি বৰ্দ্ধিত ব্যয়ৰ বাবে যোগান কাৰ্য হয়গৈ Qs =− 380+ 3p, তেন্তে সম্ভলন দাম আৰু পৰিমাণত কি পৰিৱৰ্তন হ’ব? তোমাৰ উত্তৰৰ কাৰণ দৰ্শোৱা।

উত্তৰঃ (ক) দিয়া আছে,

Qd=100-3P.

Q=-200+ 3P

:. Qd = Qs

⇒100-3P=-200+ 3P

⇒ 100+200=3P+3P

⇒300=6P

⇒P= -300/6= = 50

:. সত্তলন দৰ = p = 50

সত্তলন উৎপাদন = Q = 100 – 3.50 = 100-150= – 50 

(খ) যোগান পৰিৱৰ্ত্তন হৈ, নতুন যোগান হ’ল—

Qs =-380 +3P

এতিয়া Qd=Qs

⇒100-3P=-380 +3P

⇒ 100 +380=3P+ 3P

⇒480=6P

⇒P= 480/6= = 80.

পৰিমাণ =Qd =100-3.80=100-240=-140 

অৰ্থাৎ সত্তলন দৰ আৰু পৰিমাণ দুয়োটাই বৃদ্ধি পাব।

Class 12 Economy Solutions-অৰ্থনীতি

ক-অংশ : ব্যষ্টিবাদী অৰ্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ আৰম্ভণি Click here
অধ্যায় – ২উপভোক্তাৰ আচৰণৰ তত্ত্ব Click here
অধ্যায় – ৩উৎপাদন আৰু ব্যয় Click here
অধ্যায় – ৪ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here
অধ্যায় – ৫ বজাৰ ভাৰসাম্য Click here
অধ্যায় – ৬ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here

খ- অংশ : সমষ্টিবাদী অর্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ সূচনা Click here
অধ্যায় – ২জাতীয় আয় গণনা Click here
অধ্যায় – ৩মুদ্ৰা আৰু বেংক ব্যৱস্থা Click here
অধ্যায় – ৪ আয় নিৰ্ধাৰণ Click here
অধ্যায় – ৫ চৰকাৰ; কাৰ্যাৱলী আৰু পৰিসৰ Click here
অধ্যায় – ৬ মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Click here

গ- অংশ : ভাৰতীয় অর্থনৈতিক উন্নয়ন

অধ্যায় – ১ প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা Click here
অধ্যায় – ২ ভাৰতীয় অৰ্থব্যৱস্থা ( 1950-1990) Click here
অধ্যায় – ৩ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণঃ এক পৰ্য্যালোচন Click here
অধ্যায় – ৪ দৰিদ্ৰতা Click here
অধ্যায় – ৫ ভাৰতত মানৱ মূলধন গঠন Click here
অধ্যায় – ৬ গ্রাম্য উন্নয়ন Click here
অধ্যায় – ৭নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় Click here
অধ্যায়-৮আন্তঃগাঁথনি Click here
অধ্যায়-৯পৰিৱেশ আৰু বহনক্ষম উন্নয়ন Click here
অধ্যায় – ১০ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা Click here

This Post Has 3 Comments

Leave a Reply