Class 12 Economics |Chapter- 3|উৎপাদন আৰু ব্যয়|

Class 12 Economics |Chapter- 3|উৎপাদন আৰু ব্যয়|। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Economics |Chapter- 3|উৎপাদন আৰু ব্যয়| AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second Year Economics Chapter- 3 উৎপাদন আৰু ব্যয়

ক-অংশ : ব্যষ্টিবাদী অৰ্থবিজ্ঞান

(ক) অতি চমু প্রশ্ন উত্তৰঃ (মূল্যাংক- ১)

১। প্ৰতিষ্ঠান এখনৰ উৎপাদন ফলনে কি নির্দেশ দিয়ে?

উত্তৰঃ উৎপাদন বিপাক উৎপাদক আৰু উৎপাদনৰ মাজৰ এক সম্পর্ক। ইয়াৰ দ্বাৰা উৎপাদকবোৰৰ বিভিন্ন সমষ্টি প্ৰয়োগ কৰি কিদৰে সর্বোচ্চ উৎপাদন পার পাৰি তাক নিৰ্ণয় কৰিব পাৰি।

২। ধৰাহ’ল, এটা উৎপাদন প্ৰক্ৰিয়াত দুটা উপাদান আছে—উপাদান 

(ক) আৰু উপাদান

(খ) উপাদান ফলনটো লিখা।

উত্তৰঃ x = f ( 1, 2)

ইয়াত, x = উৎপাদন

f=(functional relationship)

1, 2 = উৎপাদন

৩। তলত দিয়া উৎপাদন ফলনটোৰ অৰ্থ সহজভাবে বুজাই দিয়া।

q = f(X1,x2)

উত্তৰঃ q = f(X1, x2)

ইয়াত, q = উৎপাদন

f= (functional relationship)

x1, X2 = উৎপাদন

উক্ত সমীকৰণটোৰে আমাক জানিবলৈ দিছে যে, উৎপাদন পদ্ধতিত ×, ×, উৎপাদকৰ নিৰ্দিষ্ট পৰিমাণৰ প্ৰয়োগৰ দ্বাৰা । দ্রব্য নির্দিষ্ট পরিমাণে উৎপাদন কৰিব পৰা যাব।

8।  সম উৎপাদন ৰেখা (Isoquant) আইচ্ কুবান্ট কি? 

উত্তৰঃ দুটা উপাদানৰ বিভিন্ন জোটে উৎপাদক এজনক বস্তু এটাৰ একে পৰিমাণৰ উৎপাদন  দিয়া ৰেখাডালকে সম উৎপাদন ৰেখা বোলে।

৫। শুদ্ধ বা অশুদ্ধ লিখা : দীৰ্ঘ কালত কোনো ধৰণৰ স্থিৰ উপাদান নাথাকে।

উত্তৰঃ শুদ্ধ

৬। গড় উৎপাদন কি ?

উত্তৰঃ পৰিৱৰ্তনশীল উৎপাদকৰ প্ৰতি একক প্ৰয়োগ কৰি যি উৎপাদন পোৱা যায় তাক গড় উৎপাদন বোলা হয়।

৭। প্রাস্তিক উৎপাদন কি? 

উত্তৰঃ এটা অতিৰিক্ত পৰিবৰ্তনশীল উৎপাদক প্রয়োগ কৰিলে মুঠ উৎপাদনত যি বৃদ্ধি হয় তাকেই প্রান্তিক উৎপাদন বোলে।

৮। প্রতিষ্ঠান এখনৰ ব্যয় ফলনে কি সূচায় ? 

উত্তৰঃ উৎপাদনৰ উপাদানসমূহ আহৰণ কৰিবলৈ উৎপাদনকাৰীয়ে যিখিনি সম্পদ ব্যয় কৰিব লাগে তাকে উৎপাদন ব্যয় বোলা হয়।

৯। খালী ঠাই পূৰ কৰা : মুঠ ব্যয়…….+ মুঠ স্থিৰ ব্যয়

উত্তৰঃ মুঠ পৰিৱৰ্তনশীল ব্যয়। 

১০। গড় পৰিবৰ্ত্তনশীল ব্যয়ৰ সংজ্ঞা দিয়া। 

উত্তৰঃ মুঠ পৰিৱৰ্তনশীল ব্যয়ক মুঠ উৎপাদন পৰিমাণেৰে ভাগ কৰিলে যি পোৱা যায়,

তাকেই গড় পৰিৱৰ্তনশীল ব্যয় বুলি কোৱা হয়। 

অর্থ্যাৎ AVC =TVC/Q

১১। শূন্য উৎপাদন স্তৰত, প্রান্তিক ব্যয়ৰ সংজ্ঞা কি হ’ব? 

উত্তৰঃ প্রান্তিক ব্যয় নিৰ্দ্ধাৰণ কৰিব নোৱাৰি।

১২। খালী ঠাই পূৰ কৰাঃ AC=AVC+……….

গড় ব্যয় = গড় পৰিৱৰ্তনশীল ব্যয় + …….

উত্তৰঃ গড় স্থিৰ ব্যয় (AFC)

১৩। প্রতিষ্ঠান এখনে যেতিয়া 12 একক শ্রমিক নিয়োগ কৰে তেতিয়া মুঠ উৎপাদন 600 একক। গড় উৎপাদন নির্ণয় কৰা।

উত্তৰঃ আমি জানো, 

গড় উৎপাদন = মুঠ নিয়োগৰ /মুঠ উৎপাদন পৰিমাণ

600/12=50 একক।

১৪। 10 একক শ্রমিক নিয়োগত প্রতিষ্ঠান এখনৰ মুঠ উৎপাদনৰ পৰিমাণ 70 একক। মুঠ উৎপাদনৰ পৰিমাণ 75 একক লৈ বৃদ্ধি পায়, যদিহে ই এক একক শ্রমিক বৃদ্ধি কৰে।

শ্রমিকৰ প্ৰান্তিক উৎপাদন নির্ণয় কৰা। 

উত্তৰঃ শ্ৰমিকৰ প্ৰান্তিক উৎপাদিকা হ’ব, MPL = 5 একক

Class 12 Economy Solutions-অৰ্থনীতি

ক-অংশ : ব্যষ্টিবাদী অৰ্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ আৰম্ভণি Click here
অধ্যায় – ২উপভোক্তাৰ আচৰণৰ তত্ত্ব Click here
অধ্যায় – ৩উৎপাদন আৰু ব্যয় Click here
অধ্যায় – ৪ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here
অধ্যায় – ৫ বজাৰ ভাৰসাম্য Click here
অধ্যায় – ৬ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here

খ- অংশ : সমষ্টিবাদী অর্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ সূচনা Click here
অধ্যায় – ২জাতীয় আয় গণনা Click here
অধ্যায় – ৩মুদ্ৰা আৰু বেংক ব্যৱস্থা Click here
অধ্যায় – ৪ আয় নিৰ্ধাৰণ Click here
অধ্যায় – ৫ চৰকাৰ; কাৰ্যাৱলী আৰু পৰিসৰ Click here
অধ্যায় – ৬ মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Click here

গ- অংশ : ভাৰতীয় অর্থনৈতিক উন্নয়ন

অধ্যায় – ১ প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা Click here
অধ্যায় – ২ ভাৰতীয় অৰ্থব্যৱস্থা ( 1950-1990) Click here
অধ্যায় – ৩ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণঃ এক পৰ্য্যালোচন Click here
অধ্যায় – ৪ দৰিদ্ৰতা Click here
অধ্যায় – ৫ ভাৰতত মানৱ মূলধন গঠন Click here
অধ্যায় – ৬ গ্রাম্য উন্নয়ন Click here
অধ্যায় – ৭নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় Click here
অধ্যায়-৮আন্তঃগাঁথনি Click here
অধ্যায়-৯পৰিৱেশ আৰু বহনক্ষম উন্নয়ন Click here
অধ্যায় – ১০ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা Click here

১৫।  10 একক উৎপাদনৰ পৰিমাণত, উৎপাদন প্রতিষ্ঠান এখনৰ মুঠ ব্যয় 100 টকা। যদি 11 এককত, প্রান্তিক ব্যয় 15 টকা হয়, তেন্তে সেই এককৰ মুঠ ব্যয় কিমান ?

উত্তৰঃ মুঠ ব্যয় = 115 একক

১৬। উৎপাদন প্রক্রিয়াত, উপভোক্তাই উপাদানসমূহ একেলগে কৰায় আৰু উৎপাদন কৰে…… শুদ্ধ বা অশুদ্ধ লিখা।

উত্তৰঃ অশুদ্ধ

১৭। শুদ্ধ বা অশুদ্ধ লিখা : প্রতিষ্ঠান এখনে অর্জন কৰা আয়কে মুনাফা বুলি কয়

উত্তৰঃ অশুদ্ধ

১৮। শুদ্ধ বা অশুদ্ধ লিখাঃ

প্রতিষ্ঠান এখনৰ উৎপাদন ফলনে, উপাদান আৰু উৎপাদকৰ মাজৰ সম্পৰ্কক প্রতিফলিত কৰে।

উত্তৰঃ শুদ্ধ

১৯। শুদ্ধ অংশটো লিখা :

পৰিৱৰ্তনশীল উৎপাদকৰ প্ৰতি এক একক প্ৰয়োগ কৰি যি উৎপাদন পোৱা যায়, য’ত আন কিছুমান উপাদান স্থিতাবস্থাত থাকে, তাক কোৱা হয় – (প্রান্তিক উৎপাদন / মুঠ উৎপাদন/গড় উৎপাদন)

উত্তৰঃ গড় উৎপাদন

২০। শুদ্ধ অংশটো লিখাঃ

সকলোবোৰ উপাদান সমান্তৰালভাৱে বৃদ্ধি কৰি গৈ থাকিলে, উৎপাদনৰ পৰিমান যদি বৃদ্ধি হয় কিন্তু উপাদানৰ সমান্তৰালকৈ নহয়, তাতকৈ কমকৈ, তেন্তে তাক কোৱা হয় (ক্রমবর্ধমান প্রতিদান / ক্রমহ্রাসমান প্রতিদান/সমোৎপন্ন প্রতিদান)

উত্তৰঃ ক্রমহ্রাসমান প্রতিদান

২১। খালী ঠাই পূর্ব কৰা :

উৎপাদন কৰিবলৈ, প্রতিষ্ঠান এখনে নিয়োগ কৰিব লাগিব………… |

উত্তৰঃ উপাদান।

২২। সমোপন্ন প্রতিদান বিধিয়ে কি বুজায় ?

উত্তৰঃ উপাদান আৰু উৎপাদনৰ পৰিৱৰ্তৰ হাৰ সমান। 

২৩। ক্রমবর্ধমান প্রতিদান বিধি কি?

উত্তৰঃ উপাদানৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিলে, উৎপাদনৰ পৰিমাণো বৃদ্ধি হ’ব কিন্তু উপাদানতকৈ বেছি হাৰত হ’ব।

২৪। প্রতিদান বিষিয়ে কি সূচায় ?

উত্তৰঃ উপাদানবোৰৰ সলনিৰ লগে লগে উৎপাদনৰ পৰিমাণ কি দৰে পৰিৱৰ্তন হয়, তাকে সূচায়।

২৫। খালী ঠাই পূৰ কৰা:

(ক) গড় ব্যয় (AC) মুঠ ব্যয় (TC)/?

উত্তৰঃ গড় ব্যয়= মুঠ ব্যয় / উৎপাদিত দ্রব্য

(খ) মুঠ ব্যয় (TC) = মুঠ পৰিৱৰ্তনশীল ব্যয় (TVC) + ?

উত্তৰঃ মুঠ ব্যয় = মুঠ পৰিৱৰ্তনশীল ব্যায় + মুঠ স্থিৰ ব্যয়

২৬। উৎপাদনৰ উপাদান কি?

উত্তৰঃ যাৰ সহায়ত উৎপাদন কার্য সম্পন্ন কৰি তোলা হয়, তাকে উৎপাদনৰ উপাদান বোলে।

উৎপাদনৰ উপাদান চাৰিটা— ভূমি, শ্ৰম, মূলধন আৰু সংগঠক।

২৭। সত্য নে অসত্য লিখা :

সমউৎপাদন ৰেখাসমূহ ঋণাত্মক ঢালযুক্ত হয়।

উত্তৰঃ সত্য।

২৮। খালী ঠাই পূৰ কৰাঃ

(ক) প্ৰতিষ্ঠানৰ দ্বাৰা ব্যৱহৃত উপাদান আৰু উৎপাদিত উৎপন্নৰ মাজৰ সম্পৰ্কৰ্ক ____বোলে। 

উত্তৰঃ উৎপাদন

(খ) উৎপন্ন সৃষ্টিৰ বাবে ব্যৱসায়িক প্রতিষ্ঠানে

উত্তৰঃ উপাদান

২৯। শুদ্ধ অংশটো বাছনি কৰা :

যেতিয়া সকলো উপাদানৰে এক আণুপাতিক বৃদ্ধিয়ে অনুপাততকৈ কমকৈ উৎপন্নত বৃদ্ধি দেখুৱায়, তাক কোৱা হয় (আনুপাতিক বিস্তাৰত হ্রাসমান ফল / আনুপাতিক বিস্তাৰত বৰ্দ্ধমান ফল / আনুপাতিক বিস্তাৰত সুস্থিৰ ফল)। 

উত্তৰঃ আনুপাতিক বিস্তাৰত হ্রাসমান ফল।

৩০। আনুপাতিক বিস্তাৰত সুস্থিৰ ফলে কি বুজায় ?

উত্তৰঃ যেতিয়া সকলো উপাদানেৰে এক অনুপাতিক বৃদ্ধিয়ে অনুপাতৰ সমান উৎপন্নক দেখুওৱায় তাক আনুপাতিক বিস্তাৰত সুস্থিৰ ফল বোলে।

৩১। আনুপাতিক বিস্তাৰত বৰ্দ্ধমান ফল কি?

উত্তৰঃ ই হ’ল সকলো উপাদানেৰে এক আনুপাতিক বৃদ্ধিয়ে অনুপাততকৈ বেছিকৈ বৃদ্ধি দেখুওৱায়।

৩২। আনুপাতিক বিস্তাৰৰ ফলে কি সূচায়? 

উত্তৰঃ উপাদানৰ প্ৰয়োগৰ ফলত উৎপন্নৰ কিদৰে হ্ৰস-বৃদ্ধি হয় তাক সূচায়।

(খ) চমু প্রশ্ন উত্তৰ II প্ৰকাৰৰ ঃ (মূল্যাংক-৩)

১।  উপাদন আৰু ব্যয় উৎপাদনৰ পাৰ্থক্য লিখা।

উত্তৰঃ উপাদন আৰু ব্যয় উৎপাদনৰ পাৰ্থক্য হল— 

(ক) উপাদান হ’ল উৎপাদনৰ আহিলা। উৎপাদন হ’ল উপাদানৰ উমৈহতীয়া প্ৰচেষ্টাৰ ফল।

(খ) উপাদান হ’ল উৎপাদন কাৰ্যৰ স্বতন্ত্র চলক। আনহাতে উৎপাদন হ’ল উৎপাদন কার্যব নিৰ্ভৰশীল চলক।

(গ) হ্রস্ব কালত উপাদানবোৰক স্থিৰ উপাদান আৰু পৰিৱৰ্তনশীল উপাদান এই দুটা ভাগত ভগোৱা হয়। কিন্তু উৎপাদনক তেনে কোনো ভাগত ভগোৱা নহয়।

(২) স্থিৰ উপাদান আৰু পৰিবৰ্ত্তনশীল উপাদানৰ পাৰ্থক্য লিখা। 

উত্তৰঃ এটা উদ্যোগ প্রতিষ্ঠানত নিয়োজিত উপাদানসমূহৰ যিটো উপাদান অপৰিৱৰ্তিত হৈ থাকে তাকে স্থিৰ উৎপাদন বোলে আনহাতে, এটা উদ্যোগ প্রতিষ্ঠানত নিয়োজিত উপাদানসমূহৰ যিটো উপাদান বা যিবিলাক উপাদান সময় সাপেক্ষে পৰিৱৰ্তন হয় তাকে পৰিৱৰ্তনশীল উপাদান বোলে।

স্থিৰ উপাদানৰ উদাহৰণ হ’লঃ যন্ত্রপাতি, স্থায়ী কৰ্মৰ শ্ৰম, মূলধনৰ সুত, কাৰখানাৰ ঘৰ ইত্যাদি। আনহাতে পৰিৱৰ্তনশীল উপাদানবোৰ হ’ল— কেঁচামাল, অস্থায়ী শ্রম ইত্যাদি।

স্থিৰ উপাদানৰ উপস্থিতি হ্রস্বকালীন সময়তে দেখা যায় কিন্তু পরিবর্তনশীল উপাদানৰ উপস্থিতি দীর্ঘকালীন আৰু হ্রস্বকালীন দুয়োটা সময়তে দেখা যায়।

(৩) হ্রস্ব কাল আৰু দীৰ্ঘকালৰ পাৰ্থক্য লিখা। 

উত্তৰঃ হস্বকালত এটা প্রতিষ্ঠানে আটাইবোৰ উৎপাদক পৰিবৰ্তন কৰিব নোৱাৰে। উৎপাদন বৃদ্ধি কৰিবলৈ এটা উৎপাদক স্থিৰে ৰাখি বাকীবোৰ উৎপাদক পৰিবৰ্তন কৰিব লগা হয়। দীর্ঘকালত প্রতিষ্ঠানটোৱে আটাইবোৰ উৎপাদক বৃদ্ধি কৰি উৎপাদনৰ সম্প্ৰসাৰণ ঘটাব পাৰে।

গতিকে দীর্ঘকালত কোনো উৎপাদকেই স্থিৰ নহয়। সময়ৰ (দিন,মাহ, বছৰ) ভিত্তিত হ্রস্ব আৰুদীৰ্ঘকালৰ পাৰ্থক্য নিরূপণ কৰিব নোৱাৰি। আটাইবোৰ উৎপাদক একেলগে পৰিবৰ্তন কৰিব পাৰিনে নোৱাৰি তাৰ প্ৰতি দৃষ্টি ৰাখিহে হ্রস্বকাল নে দীর্ঘকাল তাক নিরূপণ কৰিব পাৰি।

(৪) ক্রমহ্রাসমান প্রান্তিক উৎপাদনৰ বিধিটো লিখা।

উত্তৰঃ ক্রমহ্রাসমান প্রম্ভিক উৎপাদন বিধি অনুসৰি উৎপাদনৰ বাকী উপাদান স্থিৰ ৰাখি এটা উপাদানৰ নিয়োগ বৃদ্ধি কৰি গৈ থাকিলে আৰম্ভণিতে প্রান্তিক উৎপাদন বৃদ্ধি হ’লৈ এটা পৰ্যায়ৰ পিছত ই ক্রমান্বয়ে হ্রাস পাবলৈ ধৰে। 

তলৰ টেবুলখনত দেখা গৈছে যে উপাদান নিয়োগৰ পৰিমাণ 4 জনলৈ বৃদ্ধি কৰাত প্ৰাস্তিক উৎপাদন বৃদ্ধি হৈছে। কিন্তু ইয়াৰ অধিক শ্ৰম নিয়োগে প্রান্তিক উৎপাদানৰ হ্ৰাস ঘটাইছে।

শ্ৰম (L) প্ৰান্তিক উৎপাদন
1
2
3
4
5
6
7
8
10
15
22
28
25
8
0-
2

৫। পৰিৱৰ্ত্তনীয় অনুপাত বিধিটো ব্যক্ত কৰা।

উত্তৰঃ উৎপাদনৰ পৰিবৰ্তনশীল অনুপাত বিধিত (Law of Variable Proportions) কোৱা হৈছে উৎপাদনৰ এটা উপাদান স্থিৰে থকা অৱস্থাত পৰিৱৰ্তনশীল উপাদান এটা বৃদ্ধি কৰিলে গড় উৎপাদন আৰু প্রান্তিক উৎপাদন বৃদ্ধি পায়, তাৰ পিছত সৰ্বোচ্চ হয় আৰু শেষত হ্রাস পায়। বেনহামৰ ভাষাত ‘উৎপাদনৰ উপাদান-সমষ্টিৰ কোনো এটা নিৰ্দিষ্ট উপাদানৰ পৰিমাণ বৃদ্ধি কৰিলে এটা সময়ৰ ব্যৱধানত প্রথমে প্রান্তিক উৎপাদনৰ আৰু পিছলৈ গড় উৎপাদন হ্রাস পায়।

উক্ত বিধিটো তলত দিয়া তালিকাখনৰ সহায়ত ব্যাখ্যা কৰা হল—

স্থিৰ উৎপাদন (ভূমি)পৰিবৰ্তনশীল উপাদান (শ্রম)মুঠ উপাদান (গোট)গড় উৎপাদন (গোট)প্রান্তিক উৎপাদন(গোট)
20 একক
,,
,,
,,
,,
,,
,,
1
2
3
4
5
6
7
10
24
39
48
55
55
49
10
12
13
12
11
9.1
7
10
14
18
11
7
7
-6

ধৰা হ’ল, এজন কৃষকে ২০ একর ভূমি কৃষি কাৰ্য আৰম্ভ কৰিলে। ভূমি হ’ল স্থিৰ উপাদান। শ্রম পৰিবৰ্তশীল উপাদান। শ্রমিকৰ সংখ্যা বৃদ্ধি কৰিলে উৎপাদনৰ পৰিমাণ বৃদ্ধি পায়। মুঠ উপাদান, গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদনৰ কি ধৰণে বৃদ্ধি হয় তালিকাত দেখুওৱা হৈছে।

তালিকাত দেখুওৱা মতে উৎপাদনৰ প্ৰথম অৱস্থাত গড় আৰু প্ৰান্তিক উৎপাদন উভয়েই বৃদ্ধি পায়, কিন্তু প্রান্তিক উৎপাদন গড় উপাদনৰ ওপৰত থাকে। ইয়াৰ পিছত শ্ৰমিকৰ সংখ্যা বৃদ্ধি কৰিলে গড় উৎপাদন আৰু প্রান্তিক উৎপাদন উভয়েই হ্রাস পায়। কিন্তু প্রান্তিক উৎপাদন গড় উৎপাদনতকৈ অধিক পৰিমাণে হ্রাস পায়। ষষ্ঠজন শ্রমিকৰ প্ৰান্তিক উৎপাদন O আৰু এই

অৱস্থাত শ্রমিক নিয়োগ কৰাটো লাভজনক নহব। অধিক শ্রমিক নিয়োগ কৰিলে মুঠ উৎপাদন হ্রাস পোৱাত প্রান্তিক উৎপাদন ঋণাত্মাক হব। প্রান্তিক উৎপাদনৰ এই বৃদ্ধি আৰু হ্রাসে উৎপাদনৰ তিনিটা অৱস্থাৰ নিৰ্দেশ কৰে।

প্রথম অৱস্থাত গড় উৎপাদন আৰু প্রান্তিক উৎপাদন বাঢ়ে। কিন্তু প্রান্তিক উৎপাদন গড় উৎপাদনৰ ওপৰত থাকে। উৎপাদনৰ প্ৰথম অৱস্থাকত পৰিবৰ্তনশীল উপাদানৰ তুলনাত স্থিৰ উপাদানৰ প্ৰাধান্য বেছি। সেই বাবে স্থিৰ উপাদানৰ উৎপাদন ক্ষমতাও অধিক। ইয়াৰ ফলত প্ৰথম অৱস্থাত বৰ্ধিত হাৰত উৎপাদন উপলব্ধ হয়।

দ্বিতীয় অৱস্থাত, পৰিবৰ্তনশীল উপাদান বৰ্ধিত হাৰত প্ৰয়োগ হয় আৰু স্থিৰ উপাদানৰ প্ৰাধান্য কমি যায়। এই অৱস্থাত গড় উৎপাদন আৰু প্রান্তিক উৎপাদন উভয়েই হ্রাস পায় আৰু প্রান্তিক উৎপাদন গড় উৎপাদনৰ তলত থাকে। ইয়াৰ ক্রমহ্রাসমান উৎপাদনৰ অৱস্থা বোলা হয়।

তৃতীয় অৱস্থাত, পরিবর্তনশীল উপাদানৰ প্ৰাধান্য সর্বাধিক হয় আৰু স্থিব উপাদানৰ গুরুত্ব অতি কম। ইয়াৰ ফলত মুঠ উৎপাদন নিম্নগামী হয় আৰু প্রান্তিক উৎপাদন ঋণাত্মক হৈ পৰে। এই অৱস্থাক উৎপাদনৰ ঋণাত্মক অৱস্থা বোলে।

এই বিধিটো চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিব পাৰি। কাযৰ চিত্ৰত OX অক্ষই শ্ৰম আৰু OY অক্ষৰ দ্বাৰা মুঠ উৎপাদন (TP) গড় উৎপাদন (AP) আৰু প্ৰান্তিক উৎপাদনৰ (MP) ৰ জোখ লোৱা হৈছে। চিত্ৰত উৎপাদনৰ তিনিওটা অৱস্থা চিহ্নিত কৰা হৈছে। বর্ধিত প্রান্তিক উৎপাদন ৰেখাই উৎপাদনৰ প্ৰথম অৱস্থাৰ সীমা নিৰ্ধাৰণ কৰিছে।

দ্বিতীয় অৱস্থাত প্রান্তিক উৎপাদন বেখা (MP) আৰু গড় ৰেখা (AP) উভয়েই নিম্নগামী। শ্ৰমৰ ষষ্ঠ গোটৰ বিপৰীতে প্রান্তিক উৎপাদন O আৰু উপাদনৰ দ্বিতীয় অৱস্থা ইয়াতেই শেষ হৈছে। এই অৱস্থাই উৎপাদনৰ ক্ৰমহ্রাসমান অবস্থা।

শ্ৰমৰ ষষ্ঠ গোটৰ প্ৰয়োগৰ পৰা উৎপাদনৰ তৃতীয় অৱস্থাও আৰম্ভ হৈছে। ইয়াতকৈ অধিক শ্রমিক নিয়োগ কৰাত মুঠ উৎপাদন ৰেখা গড় উৎপাদন ৰেখা আৰু প্রান্তিক উৎপাদন ৰেখা আটাইবোৰেই নিম্নগামী হৈছে। এনে অৱস্থাত প্রান্তিক উৎপাদন ঋণাত্মক। এই অৱস্থাক উৎপাদনৰ ঋণাত্মক অবস্থা বোলা হয়।

উৎপাদনৰ পৰিৱৰ্ত্তনশীল অনুপাত বিধিৰ তিনিটা অভিধাৰণা হ’ল— 

(ক) ইয়াত প্ৰযুক্তিবিদ্যাৰ মাত্রা অপৰিৱৰ্তনীয় বুলি ধৰা হৈছে।

(খ) এই বিধিমতে উপাদানসমূহৰ অনুপাত পৰিবৰ্তন কৰিব পাৰি। দুটা উপাদান সমান অনুপাতত প্ৰয়োগ কৰিলে বিধিটো প্রযোজ্য নহয়। 

(গ) এই বিধিমতে এটা উপাদান স্থিৰ অৱস্থাত থাকিব। আটাইবোৰ অনুপাত পৰিবৰ্তনশীল হলে এই বিধি প্রযোজ্য নহব।

৬।  কেতিয়া উৎপাদন ফলনে সমোৎপন্ন প্রতিদান বিধিটো সন্তুষ্ঠ কৰিব? 

উত্তৰঃ হ্রস্বকালত উৎপাদক আৰু উৎপাদনৰ সম্পৰ্ক ব্যাখ্যাৰ অৰ্থে অর্থনীতিবিদসকলে গঠন কৰা বিধিটোৱে হৈছে উৎপাদনৰ পৰিৱৰ্তনশীল অনুপাত বিধি। উৎপাদনৰ পৰিৱৰ্তনশীল অনুপাত বিধিত স্থায়ী উপাদানৰ লগত এটা পৰিৱৰ্তনীয় উপাদানৰ প্ৰয়োগ বৃদ্ধিয়ে যি উৎপাদন সম্পৰ্ক প্ৰতিষ্ঠা কৰে, সেই বিষয়ে ব্যাখ্যা প্রদান কৰা হয়। উৎপাদন কার্যত এটা পৰিৱৰ্তনীয় উৎপাদকৰ অনুপাত বৃদ্ধি অথবা স্থিব উৎপাদকৰ অনুপাত হ্রাস হোৱাৰ ফলত মুঠ উৎপাদকৰ পৰিৱৰ্তনীয় উৎপাদকৰ পৰিমাণ প্ৰয়োগৰ তুলনাত প্ৰথম অৱস্থাত অধিক হাৰত হয়, তার পাছত সমহাৰত আৰু শেষৰ পৰ্যায়ত কম হাৰত বৃদ্ধি হয়। উৎপাদক আৰু উৎপাদনৰ এনে সম্পর্ক ব্যাখ্যাই হৈছে পৰিৱৰ্তনশীল অনুপাত বিধিৰ মূল বিষয়বস্তু।

৭।  হ্রস্বকালীন প্রান্তিক ব্যয় ৰেখা কি U – আকৃতিৰ, কাৰণটো লিখা। 

উত্তৰঃ হ্রস্বকালীন প্রান্তিক ব্যয় ৰেখাৰ আকৃতি I হোৱাৰ অন্যতম কাৰণ হ’ল পৰিৱৰ্তনশীল অনুপাত বিধিৰ প্ৰয়োগ। এই বিধি অনুসৰি উৎপাদনৰ আৰম্ভণিতে এটা উপাদান নিয়োগ বৃদ্ধিৰ সৈতে ইয়াৰ প্ৰস্তিক উৎপাদন বৃদ্ধি পায়। কিন্তু পিছত এটা উৎপাদন স্তৰ পৰা ই কমিবলৈ ধৰে। ইয়াৰ অৰ্থ হ’ল যে উৎপাদনৰ আৰম্ভণিতে উপযুক্ত পৰিমাণৰ উপাদান খিনিৰ প্ৰয়োজন লাহে লাহে কমি আহে আৰু উৎপাদনৰ এটা স্তৰ বিন্দুৰ পিছত ই বেছি হ’বলৈ আৰম্ভ কৰে। ফলত ৰেখাডালৰ আকৃতি ‘U’ হয়।

৮। যদি মুঠ উৎপাদন 5 একক, পৰিবৰ্ত্তনশীল উপাদান তেস্তে গড় উৎপাদন নির্ণয় কৰা। যদি পৰিৱৰ্ত্তনশীল উপাদানৰ 1 একক বৃদ্ধি পায়, যাৰ ফলত মুঠ উপাদান হয় 57, তেন্তে প্রান্তিক উৎপাদন কিমান?

উত্তৰঃ গড় উৎপাদন = মুঠ উৎপাদন / উপাদান 

=56/ 5 =11.5

৯। ক্রমহ্রাসমান প্রান্তিক উৎপাদন বিধি কাৰ্য্যকৰী হোৱাৰ কাৰণ লিখা। 

উত্তৰঃ ক্রমহ্রাসমান উৎপাদনৰ কাৰণ:

(ক) উপাদানবোৰৰ সৰ্বোচ্চ সহযোগিতা : স্থিৰ আৰু পৰিবৰ্তনশীল উপাদানৰ মাজত সর্বোচ্চ সহযোগিতা লাভ কাৰ পিছত পৰিবৰ্তনশীল উপাদানৰ অধিক নিয়োগ উৎপাদানৰ পৰিমাণ হ্রাস ঘটায়

(খ) অসম্পূর্ণ প্রতিকল্পঃ স্থিৰ উপাদান আৰু পৰিবৰ্তনশীল উপাদান এটা আনটোৰ অসম্পূৰ্ণ প্রতিকল্প. সেয়ে স্থিৰ উপাদানৰ পৰিৱৰ্তে পৰিৱৰ্তনশীল উপাদান নিয়োগৰ এটা সীমা থাকে। তাৰ পিছত ক্ৰমহাসমান উৎপাদন কাৰ্যকৰী হয়।

১০। শ্রমিকৰ (L) মুঠ উৎপাদন অনুসূচী (TP) তলত দিয়া হ’ল। ইয়াৰ পৰা শ্রমিকজনৰ গড় উৎপাদন অনুসূচী (APL.) আৰু প্ৰান্তিক উৎপাদন অনুসূচী (mPL.) উলিওৱা—

শ্রমিক (L)মুঠ উৎপাদান (TPL)
0
1
2
3
4
5
6
7
0
10
25
45
60
73
83
92

উত্তৰঃ

শ্ৰমমুঠ উৎপাদনগড় উৎপাদনপ্ৰান্তিক উৎপাদন
0
1
2
3
4
5
6
7
0
10
25
45
60
73
83
92
0
10
12.5
15
15
14.6
13.5
13.1
0
10
15
20
15
13
10
9

১১৷ শ্ৰমিকৰ (L) গড় উৎপাদন অনুসূচী (APL) তলত দিয়া হ’ল। ইয়াৰ পৰা শ্ৰমিক জনৰ মুঠ উৎপাদন অনুসূচী (TPL) আৰু প্ৰাস্তিক উৎপাদন অনুসূচী (mPL,) উলিওৱা—

শ্ৰমিক (L)মুঠ উৎপাদন (TPL)
1
2
3
4
5
6
7
10
11
12
15
15
16
12

উত্তৰঃ

শ্ৰমমুঠ উৎপাদনগড় উৎপাদনপ্ৰান্তিক উৎপাদন
1
2
3
4
5
6
7
10
11
12
15
15
13
12
10
22
36
60
75
78
84
10
12
14
24
15
3
6

১২। শ্রমিক এজনৰ প্ৰান্তিক উৎপাদন অনুসূচী (mPL,) দিয়া হ’ল। ইয়াৰ পৰা মুঠ উৎপাদন অনুসূচী (TPL) আৰু গড় উৎপাদন অনুসূচী (APL) উলিওৱা।

শ্রমিক (L)মুঠ উৎপাদান (TPL)
1
2
3
4
5
6
7
8
10 
12
15
17
16
15
14
12

উত্তৰঃ

শ্ৰমমুঠ উৎপাদনগড় উৎপাদনপ্ৰান্তিক উৎপাদন
1
2
3
4
5
6
7
8
10
12
15
17
16
15
14
12
10
22
37
54
70
85
99
111
10
11
12.9
13.6
14
14.1
14.1
13.8

১৩। এটা উৎপাদন এককৰ মুঠ ব্যয়ৰ পৰিমান 70 টকা আৰু উৎপাদনৰ পৰিমান (Q) হল 5। গড় ব্যয় আৰু গড় পৰিবৰ্ত্তনশীল ব্যয় নির্ণয় কৰা, যদি গড় স্থিৰ ব্যয় হয় 4 টকা।

উত্তৰঃ গড় ব্যয় = মুঠ ব্যয় / মুঠ উৎপাদন

= 70/5 = 14

গড় পৰিবৰ্তনশীল ব্যয় গড় ব্যয় – গড় স্থিৰ ব্যয় = 14–1 = 13

১৪। প্রতিষ্ঠান এখনে যেতিয়া 15 একক উৎপাদন কৰে, তেতিয়া প্রতিষ্ঠানখন মুঠ স্থিৰ ব্যয় 100 টকা। যদি উৎপাদন 30 একক লৈ বৃদ্ধি হয়, তেন্তে হ্রস্বকালত স্থিৰ ব্যয় কিমান হ’ব? ব্যাখ্যা কৰা।

উত্তৰঃ স্থিৰ ব্যয় সমানে থাকিব, অর্থাৎ 100 টকা। কিয়নো, হ্রস্বকাল হ’ল এনেকুৱা এটা সময় য’ত উপাদানবোৰৰ যোগান বৃদ্ধি কৰিও ইয়াৰ উৎপাদন বৃদ্ধি কৰিব পৰা নাযায়।

১৫। Isoquant সমউপদান কি? লেখচিত্ৰৰে ব্যাখ্যা কৰা। 

উত্তৰঃ উৎপাদনৰ উপাদানসমূহৰ বিভিন্ন জোট সংযোগ ঘটাই সমান পৰিমানৰ উৎপাদানৰ পৰিমাণ দেখুওৱা ৰেখাডালত সম উৎপাদন ৰেখা বোলে। এই ৰেখাডালৰ বিভিন্ন বিন্দুত উৎপাদনৰ দুটা উপাদানৰ বেলেগ বেলেগ পৰিমাণৰ সংযোগ বা জোট দেখুওৱা হয় কিন্তু তালিকাৰ সহায়ত এই ধাৰণাৰ ব্যাখ্যা ডাঙি ধৰা হ’ল—

প্ৰতিটো বিন্দুত হোৱা উৎপাদনৰ পৰিমাণ সমান।

তালিকাৰ সহায়ত এই ধাৰণাৰ ব্যাখ্যা দাঙি ধৰা হল।

শ্ৰমিক (শ্ৰম)মূলধনউৎপাদনৰ উপাদানৰ জোঁট
1
2
3
4
5
12
8
5
3
2
ABCDE

তালিকাত উৎপাদনৰ বিভিন্ন জোট ABCDE দেখুওৱা হৈছে আৰু প্ৰতিটো জোট, উৎপাদনৰ পৰিমাণ সমান হৈছে বুলি ধৰা হয়। চিত্ৰত দেখুওৱা হৈছে A B সমউৎপাদন। ৰেখাৰ প্ৰতিটো বিন্দুত মুঠ উৎপাদনৰ পৰিমান সমান।

১৬। আনুপাতিক বিস্তাৰত বৰ্দ্ধমান ফল, আনুপাতিক বিস্তাৰতহ্ৰাসমান ফল আৰু আনুপাতিক বিস্তাৰত স্থিৰ ফালৰ অৰ্থ লিখা।

উত্তৰঃ অনুপাতিক বিস্তাৰত বৰ্দ্ধমান বুলি কলে উৎপাদনৰ উপাদন সমূহৰ যোগানৰ পৰিমাণৰ হাৰতকৈ উৎপাদিত দ্ৰব্যৰ পৰিমাণ বেছি হোৱা বুলি কোৱা হয়। অনুপাতিক বিস্তাৰৰ হ্রাসমান বুলিলে উৎপাদনৰ উপাদান সমূহৰ যোগানৰ পৰিমানৰ হাৰতকৈ উৎপাদিত হোৱা দ্ৰব্যৰ পৰিমাণ কম হোৱাক বুজায়।

অনুপাতিৰ বিস্তাৰত স্থিৰ বুলিলে উৎপাদনৰ উপাদানসমূহৰ যোগান আৰু উৎপাদন হোৱা দ্ৰব্যৰ পৰিমান একে বুলি ধৰা হয়। অর্থাৎ যি হাৰত উৎপাদনৰ উপাদান যেনে শ্রমিক বা মূলধনৰ পৰিৱৰ্তন কৰা হয় সেই সমান অনুপাততে উৎপাদনৰ পৰিমানো বৃদ্ধি হয়। 

১৭। তলত দিয়াবোৰ শুদ্ধকৈ মিলোৱা :

AB
(a) পৰিবৰ্তনশীল উৎপাদন বিধি
(b) উৎপাদন মাত্ৰাৰ প্ৰতিদান
(c) দীর্ঘকালত গড় ব্যয় ৰেখা
(i) U-আকৃতিৰ 
(ii) কাল
(iii) দীর্ঘকাল

উত্তৰ: 

AB
(a) পৰিবৰ্তনশীল উৎপাদন বিধি
(b) উৎপাদন মাত্ৰাৰ প্ৰতিদান 
(c) দীর্ঘকালত গড় ব্যয় দেখা
(ii) হ্রস্বকাল
(iii) দীর্ঘকাল
(i) U-আকৃতিৰ

১৮। U-আকৃতিৰ দীৰ্ঘকালৰ গড় ব্যয় ৰেখাৰ আঁৰৰ কাৰণবোৰ লিখা। 

উত্তৰঃ গড় ব্যয় ৰেখা ডাল ‘U’ আকৃতিৰ হোৱাৰ কাৰণ হৈছে উৎপাদনত পৰিবৰ্ত্তনশীল অনুপাত বিধিৰ প্ৰয়োগ। উৎপাদন বৃদ্ধি পালে প্রথমে গড় ব্যয় হ্রাস পায়, তাৰ পিচত ব্যয় নিম্নতম হয় আৰু পিচলৈ বৃদ্ধি পাবলৈ ধৰে। গতিকে ইয়াৰ আকৃতি ‘U’ ৰ দৰে হয়।

১৯। উৎপাদন প্রক্রিয়া প্ৰসঙ্গত TC, AC আৰু MC ৰ মাজৰ সম্পর্ক দেখুওৱা।

উত্তৰঃ সম্পর্ক হ’ল

গড় ব্যয় (AC) আৰু প্ৰাস্তিক ব্যয় (MC) উভয়কে সৰ্বমুঠ ব্যয় (TC) ৰ পৰা আহৰণ কৰা হয়। অর্থাৎ

গড় ব্যয় (AC) = মুঠ ব্যয় (TC)/ উৎপাদনৰ পৰিমাণ (Q)

আৰু প্ৰাস্তিক ব্যয় (MC) = ΔTC/ ΔQ

(গ) চমু প্রশ্ন উত্তৰ I প্ৰকাৰৰ: (মূল্যাংক- 8 )

১। প্রতিষ্ঠান এখনৰ মুঠ উৎপাদন ৰেখা অংকন কৰা আৰু ব্যাখ্যা কৰা। 

উত্তৰঃ এক নির্দিষ্ট উপাদানৰ জৰিয়তে এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্রতিষ্ঠান এটাই উৎপাদন কৰা সামগ্ৰী এটাৰ মুঠ উৎপন্নৰ পৰিমাণক মুঠ উৎপাদন বুলি কোৱা হয়। প্রতিষ্ঠান এটাৰ বাকী উপাদানবো স্থিৰ ৰাকি এটা উপাদান বৃদ্ধি কৰি গৈ থাকিলে আৰম্ভণিতে মুঠ উৎপাদন বৰ্দ্ধিত হাৰত বৃদ্ধি হয় আৰু এটা সময়ত কমিবলৈ ধৰে। ইয়াকতৰ টেবুল আৰু চিত্ৰৰ সহায়ত দেখুওৱা হ’ল

শ্রমিক নিয়োগমুঠ উৎপাদন
1
2
3
4
5
6
7
10
22
38
50
55
57
52

২। চিত্ৰৰ সহায়ত গড় উৎপাদন আৰু প্রান্তিক উৎপাদনৰ সম্পৰ্ক ব্যাখ্যা কৰা। 

উত্তৰঃ (ক) যেতিয়া গড় উৎপাদন বৃদ্ধি , প্রান্তিক উৎপাদন > গড় উৎপাদন। 

(খ) যেতিয়া গড় উৎপাদন সর্বোচ্চ, প্রান্তিক উৎপাদন = গড় উৎপাদন। 

(গ) যেতিয়া গড় উৎপদান হ্রাস হয়, প্রান্তিক উৎপাদন < গড় উৎপাদন।

ভূমিৰ পৰিমাণশ্ৰমিক নিযোগমুঠ উৎপাদানপ্ৰন্তিক উৎপাদানগড় উৎপাদান
1
1
1
1
1
1
2
3
4
5
3
7
12
16
193
3
4
5
4
3
3
3.5
4
4
3.8

৩। দেখুওৱা যে গড় স্থিৰ ব্যয় ৰেখা ডাল এটা আয়তক্ষেত্রাকার।

উত্তৰঃ

উৎপাদনৰ পৰিমাণমুঠ খৰচগড় স্থিৰ
0
1
2
3
4
5
12
12
12
12
12
12
0
12
6
4
3
2.4

৪। গড় পৰিৱৰ্ত্তনশীল ৰেখা ডালৰ আকৃতি অংকন কৰা আৰু ব্যাখ্যা কৰা। 

উত্তৰঃ মুঠ পৰিবৰ্তশীল ব্যয়ক মুঠ উৎপাদনৰ পৰিমাণেৰে হৰণ কৰিলে যি পোৱা যায় সেয়েে গড় পৰিৱৰ্তনশীল ব্যয়। উৎপাদন কার্যৰ আৰম্ভণিতে এই ব্যয় হ্রাস হয় আৰু এটা পৰ্য্যায়ৰ পিছত ই বৃদ্ধি হ’বলৈ ধৰে। ফলত এই ৰেখাডাল ইংৰাজী ‘u’ (ইউ) আখৰটোৰ দৰে হয়।

উৎপাদন গোটমুঠ পৰিবৰ্তনগড় পৰিবৰ্তনশীল ব্যয়
0
1
2
3
4
5
0
6
10
15
24
35
0
6
5
5
6
7

৫। এটা উৎপাদন গোটৰ মুঠ ব্যয় (TC) অনুসূচী তলত দিয়া হৈছে। এই উৎপাদ গোটৰ পৰা গড় ব্যয় (AC) আৰু প্ৰান্তিক ব্যয় (mC) অনুসূচী নিৰ্ণয় কৰা।

(Q) শ্রমিকমুঠ উৎপাদান (TC)
1
2
3
4
5
6
7
30
55
75
90
110
140
180

উত্তৰঃ

উৎপাদনমুঠ ব্যয়গড় ব্যয়প্রন্তিক ব্যায়
1
2
3
4
5
6
7
30
55
75
90
110
140
180
30
27.5
25
22.5
22
23.3
25.7

25
20
15
20
30
40

৬। প্রতিষ্ঠান এখনৰ উৎপাদন ফলন তলত দিয়া হ’ল – Q =2L 1/2K1/2

—উৎপাদনৰ পৰিমাণ (Q) নিৰ্ণয় কৰা, যদি 25 একক শ্রমিক (L) আৰু 16 একক মূল (K) নিয়োগ কৰা হয়।

উত্তৰঃ Q = 2L ½ K ½ 

= 2×252 ×16½ 

= 2×5×4 = 40

৭। শ্রমিকৰ (L) মুঠ উৎপাদন অনুসূচী (TPL) তলত দিয়া হ’ল। ইয়াৰ পৰা শ্রমিকজনৰ গড় উৎপাদন অনুসূচী (APL,) আৰু প্ৰান্তিক উৎপাদন অনুসূচী (mPL,) উলিওৱা—

শ্রমিক (L)মুঠ উৎপাদান (TPL)
0
1
2
3
4
5
6
7
0
10
25
45
60
73
83
92

উত্তৰঃ 

শ্ৰমমুঠ উৎপাদানগড় উৎপাদনপ্ৰান্তিক উৎপাদন
0
1
2
3
4
5
6
7
0
10
25
45
60
73
83
92
0
10
12.5
15
15
14.6
13.5
13.1
0
10
15
20
15
13
10
9

৮। দীর্ঘকালীন গড় ব্যয় আৰু দীর্ঘকালীন প্রান্তিক ব্যয়ৰ সংজ্ঞা দিয়া আৰু সংশ্লিষ্ট ৰেখাৰ সহায়ত সেইবোৰৰ প্ৰকৃতি ব্যাখ্যা কৰা।

উত্তৰঃ দীর্ঘকালীন গড় ব্যয় ৰেখা ডাল ইংৰাজি U আখৰটোৰ দৰে হয়, দীর্ঘকালীন গড় ব্যয় ৰেখাডাল হ্ৰাস্ব কালিন গড় ব্যয় ৰেখাৰ পৰা অংকণ কৰা হয়। দীর্ঘ কালত উৎপাদন প্রতিষ্ঠান এখনে উৎপাদন কৌশলৰ পৰিৱৰ্তন সাধন কৰিব পাৰে। দ্ৰৱ্যৰ চাহিদা বৃদ্ধিৰ লগে লগে নতুন কৌশল প্রয়োগ কৰি উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰে। উৎপাদন ব্যয়ৰ পৰিমাণ হ্ৰাস কৰিবৰ কাৰণে হ্রাস্ব কালিন ব্যয় ৰেখাৰ নিম্নমুখী বিন্দুত স্পৰ্শ কৰি দীঘ কালিন ব্যয় ৰেখা অংকণ কৰা হয়। দীর্ঘকালীন ব্যয় বেখাই নিম্নতম বিন্দুত অৱস্থান কৰাৰ পাছত উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিব বিচাৰিলে পৰৱৰ্তী পৰ্যায়ত হ্রস্বকালীন ব্যয়ৰেখাৰ উৰ্দ্ধমুখী বিন্দুত এই ৰেখা ডালে স্পর্শ কৰিব? এনে হোৱাৰ ফলত দীর্ঘকালীন গড় ব্যয় ৰেখাৰ আকৃতি U আখৰৰ দৰে হয়।

দীর্ঘকালীন প্রান্তিক ব্যয় ৰেখাডাল হ্রস্বকালীন প্রান্তিক ব্যয় ৰেখাৰ পৰা অংকণ কৰা হয়। দীর্ঘকালীন প্রান্তিক ব্যয় বেখা হ্রস্বকালীন প্রান্তিক ব্যয় বেখার যোগফল বা সংযোগ বুজি কোৱা হয়।

চিত্ৰত দীর্ঘকালীন গড় ব্যয় আৰু প্ৰাস্তীক ব্যয় ৰেখা অংকণ কৰা হল।

৯। এটি ৰৈখিক চিত্ৰৰ সহায়ত গড় ব্যয় (AC) আৰ্দ্ৰ প্রান্তিক ব্যয় (MC) ৰ সম্পৰ্ক ব্যাখ্যা কৰা।

উত্তৰঃ (ক) প্ৰথম অৱস্থাত প্রান্তিক ব্যয় ৰেখাডাল নিম্নমূখী হয়, গড় ব্যয় ৰেখাডাল প্রান্তিক ব্যয় ৰেখাৰ ওপৰত অৱস্থান কৰে।

(খ) প্রান্তিক ব্যয় ৰেখাডালে গড় ব্যয় ৰেখাৰ নিম্নতম বিন্দুত ছেদ কৰে।

(গ) প্রান্তিক ব্যয় ৰেখা উর্দ্ধমুখী অৱস্থাত গড় ব্যয় ৰেখাৰ ওপৰত অৱস্থান কৰে। প্ৰান্তিক ব্যয় বৃদ্ধি পালে গড় ব্যয় ৰেখাত বৃদ্ধি পায় কিন্তু প্রান্তিক ব্যয় গড় ব্যয়তকৈ বেছিকৈ বৃদ্ধি পায়। 

চিত্ৰত প্ৰান্তিক ব্যয় আৰু গড় ব্যয় ৰেখাৰ চিত্ৰ অংকণ কৰা হ’ল—

১০। কবড’গয়ালাচ উৎপাদন ফলন কি ? 

উত্তৰঃ

১১। এখন ব্যবসায়িক প্ৰতিষ্ঠানৰ মুঠ উৎপাদন তালিকাখন তলত দিয়া ধৰণৰ:

শ্রম0123456
মুঠ উৎপাদন0204565809090

উত্তৰঃ

১২। উৎপাদন পদ্ধতিত হ্রস্বকাল আৰু দীৰ্ঘকালৰ ধাৰণা দুটা ব্যাখ্যা কৰা। 

উত্তৰঃ হ্রস্বকাল হৈছে এক নির্দিষ্ট সময় যিখিনি সময়ত উৎপাদনৰ স্থিৰ উপাদানবোৰ সলনি কৰিব নোৱাৰি। সেয়েহে যিবোৰ উপাদান স্থিৰে থাকে সিহঁতক স্থিৰ উপাদান আৰু অন্যহাতে যিবোৰ উপাদান পৰিৱৰ্ত্তন কৰিব পাৰি সিহঁতক পৰিৱৰ্ত্তনশীল উপাদান বোলে। দীর্ঘকালত এখন প্রতিষ্ঠানে আটাইবোৰ উপাদান পৰিৱৰ্ত্তন কৰিব পাৰে। অৰ্থাৎ বিভিন্ন পৰিমাণে দ্রব্য উৎপাদন কৰিবলৈ একে সময়তে আটাইবোৰ উপাদান পৰিৱৰ্ত্তন কৰা হয়। ইয়াত স্থিৰ উপাদান বুলি একো নাথাকে। দীর্ঘকালে, হ্রস্বকালতকৈ অধিক সময় প্রাপ্তিক বুজায়।

১৩। উৎপাদন ফলনৰ সহায়ত উৎপাদন মাত্ৰাৰ প্ৰতিদানৰ অৰ্থ ব্যাখ্যা কৰা।  

উত্তৰঃ যেতিয়া এজন উৎপাদকে অন্য উপাদানবোৰৰ প্ৰয়োগ স্থিৰে ৰাখি উৎপাদনৰ পৰিমান পৰিৱৰ্তন কৰে তেতিয়া উৎপাদন আৰু পৰিৱৰ্তনশীল উপাদানটোৰ মাজৰ সম্পর্ককে এটা উৎপাদান মাত্ৰাৰ প্ৰতিদান নাইবা পৰিৱৰ্ত্তনশীল অনুপাত বিধি বোলে। এখন প্ৰতিষ্ঠানৰ উৎপাদন কার্য বিভিন্ন পৰিমাণৰ উপাদানেৰে উৎপাদন কৰিব পৰা সৰ্বাধিক দ্ৰব্যৰ প্ৰযুক্তিগত সম্পর্ককে দেখুওৱা।

১৪। পৰিবৰ্তনশীল উৎপাদন বিধিৰ কাৰ্যকাৰিতাৰ আঁৰৰ কাৰণবোৰ ব্যাখ্যা কৰা। 

উত্তৰঃ পৰিৱৰ্ত্তনশীল অনুপাত বিধি মতে, এখন প্রতিষ্ঠানে লাভ সৰ্বাধিক কৰিবলৈ বিচাৰিছে তৃতীয় স্তৰটোত কেতিয়াও উৎপাদন কার্য নচলায়। কাৰণ, ইয়াত উৎপাদন ব্যয় অধিক কিন্তু দ্বিতীয় স্তৰলৈ আহিলে দেখা যায় যে ইয়াত পৰিৱৰ্ত্তনশীল উপাদানৰ প্ৰান্তীয় প্রতিদান ইতিবাচক। কিন্তু ক্রমহ্রাসমান । প্রতিষ্ঠানখনৰ কাৰ্যকাৰীতাৰ দিশৰ পৰা এই স্তৰটো আটাইতকৈ প্ৰাসংগিক। স্থিৰ উপাদনৰ সম্পূৰ্ণ ব্যৱহাৰ, কাম্য সংযোজনে প্রান্তি, শ্রম বিভাজন আদিও এই বিধিৰ কার্যকাৰীতাৰ অন্যতম কারণ।

(ঘ) দীঘলীয়া প্রশ্ন উত্তৰ : (মূল্যাংক-৬)

১। মুঠ উপাদন, গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদনৰ সংজ্ঞা দাঙি ধৰা আৰু ইহঁতৰ এখন কাল্পনিক তালিকাৰ সহায়ত প্ৰকাশ কৰা।

উত্তৰঃ এক নিৰ্দিষ্ট পৰিমাণৰ উপাদানৰ সহায়ত এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এখন প্রতিষ্ঠানে যি পৰিমাণৰ দ্ৰব্য উৎপাদন কৰে তাকে মুঠ উৎপাদন বোলা হয়। মুঠ উৎপাদনক মুঠ উপাদানেৰে বাগ কৰিলে যি পোৱা যায় তাক গড় উৎপাদন বোলা হয়। উৎপাদন কার্যত এটা অধিক উপাদান ব্যৱহাৰ কাৰ ফলত মুঠ উপাদানত যি পৰিৱৰ্তন হয় তাক প্রান্তিক উৎপাদন বোলা হয়।

তলত মুঠ উৎপাদন, গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদনক এখন তাকিািৰ সহায়ত দেখুওৱা হ’ল–

মুঠ উৎপাদনমুঠ উৎপাদনগড় উৎপাদনপ্রান্তিক উৎপাদন
1
2
3
4
5
6
7
8
10
22
37
54
70
85
99
111
10
11
12.9
13.6
14
14.1
14.1
13.8
10
12
15
17
16
15
15
12

২। চিত্রসহ দেখুওৱা যে, মুঠব্যয়হ’ল, মুঠস্থিৰ ব্যয়আৰু মুঠ পৰিৱৰ্ত্তাশীল ব্যয়ৰ যোগফল।

উত্তৰঃ সামগ্ৰী এটাৰ যিকোনো এটা গোট উৎপাদন কৰোতে হোৱা মুঠ খৰচ মুঠ পৰিবৰ্তনসীল ব্যয় আৰু মুঠ স্থিৰ ব্যয়ৰ যোগফল। অর্থাৎ মুঠ ব্যয় = মুঠ স্থিৰ ব্যয় + মুঠ পৰিবৰ্তনশীল ব্যয় চিত্ৰত OX অক্ষৰেখাই সামগ্ৰী উৎপাদনৰ গোট আৰু OY অক্ষৰেখাই ব্যয় বুজাইছে যেতিয় OQ টা গোট উপাদন কৰা হৈছে মুঠ ব্যয় (QL) আৰু ই হ’ল মুঠ স্থিৰ ব্যয় (QM) আম মুঠ পৰিৱৰ্তনশীল বায় (QN) ৰ যোগফল। ঠিক সেইদৰে যেতিয়া OQ টা গোট উত্থদন কৰা হৈছে, মুঠ স্থিৰ ব্যয় (QM) আৰু মুঠ পৰিবৰ্তনশীল ব্যয় (ON) হৈছে, য’ত মুঠ ব্যয় (Q1L1) = Q1M + Q1N1

৩। হ্রস্বকালীন প্রান্তিক ব্যয়, গড় পৰিবৰ্ত্তনশীল ব্যয় আৰু গড় ব্যয়ৰ মাজৰ সম্পৰ্ক ৰেখা সহ দেখুওৱা আৰু ব্যাখ্যা কৰা।

উত্তৰঃ (i) গড় ব্যয়, গড় পৰিৱৰ্তনশীল ব্যয়তকৈ ডাঙৰ আৰু দুয়োটা মাজৰ ব্যৱধানক গড় স্থিৰ ব্যয় বোলে।

(ii) গড় ব্যয় আৰু গড় পৰিৱৰ্তনশীল ব্যয়ৰ মাজৰ উলম্ব পার্থক্য লাহে লাহে কমি আহে কাৰণ বস্তুৰ পৰিমাণ বৃদ্ধিৰ লগে লগে স্থিৰ ব্যয় কমি আহে।

(iii) গড় ব্যয় আৰু গড় পৰিৱৰ্তনশীল ব্যয় ৰেখাই কেতিয়াও কটাকটি নকৰে কাৰণ গড় স্থিৰ ব্যয় কেতিয়াও শূন্য হ’ব নোৱাৰে। 

(iv) গড় ব্যয় আৰু গড় পৰিৱৰ্তনশীল ব্যয় ৰেখা ইংৰাজী ‘U’ আখৰটোৰ দৰে।

(v) প্রান্তিক ব্যয় ৰেখাই গড় ব্যয় আৰু গড় পৰিৱৰ্তনশীল ব্যয় ৰেখাক নিম্নতম বিন্দুত কাটে।

(vi) গড় ব্যয় ৰেখাৰ নিম্নতম বিন্দু গড় পৰিৱৰ্তনশীল ব্যয় ৰেখাৰ নিম্নতম বিন্দুৰ সোঁফালে থাকে।

8। এটা উৎপাদন গোটৰ হ্ৰস্বকালীন মুঠ ব্যয় (TC) ফলন তলত দিয়া হৈছে। ইয়াৰ পৰা, মুঠ পৰিৱৰ্ত্তনশীল ব্যয় (TVC), গড় স্থিৰ ব্যয় (AFC), গড় পৰিবৰ্ত্তনশীল বায় (AVC) আৰু গড় ব্যয় (AC) নির্ণয় কৰা।

উৎপাদনমুঠ উৎপাদান (TC)
0
1
2
3
4
5
6
7
10
40
60
80
95
110
130
160

উত্তৰঃ

উৎপাদনমুঠ উৎপাদান (TC)
0
1
2
3
4
5
6
7
10
40
60
80
95
110
130
160
QTCTVCAFCAVCAC
0
1
2
3
4
5
6
7
10
40
60
80
95
110
130
160
0
30
50
70
85
100
120
150
x
10
5
3.3
2.5
2
1.67
1.42

30
25
23.3
21.25
20
20
21.4
x
40
30
26.6
23.25
22
21.67
22.82

৫। উৎপাদন গোট এটাৰ উৎপাদন ফলন তলত দিয়া হ’ল—

Q=2L+3K

যত

K = মূলধন আৰু

L= শ্রমিক

(i) সর্বোচ্চ পৰিমাণৰ উৎপাদন নির্ণয় কৰা, যেতিয়া, L = 5 আৰু K = 10 

(ii) সর্বোচ্চ পৰিমাণৰ উৎপাদন নির্ণয় কৰা, যেতিয়া L = 6 আৰু K = 0

উত্তৰঃ

(i) Q=2L +3K

এতিয়া দিয়া আছে

L=5

K10

:. Q = 2 x 5 + 3×10= 10 + 30 = 40

:. সর্বোচ্চ উৎপাদনৰ পৰিমাণ 40

(ii) আকৌ

l=6

k = 0.

:. q = 2 × 6 + 3 x 0 = 12

:. সৰ্বোচ্চ উৎপাদনৰ পৰিমাণ 12 

৬। প্রতিষ্ঠান এখনৰ উৎপাদন ফলন হ’ল—

Q = 5sq. L sq.

য’ত K = মূলধন আৰু

L= শ্রমিক

(i) উৎপানৰ পৰিমাণৰ নিৰ্ণয় কৰা, যেতিয়া, K = 0 আৰু L = 6 

(ii) উৎপানৰ পৰিমাণৰ নিৰ্ণয় কৰা, যেতিয়া, K = 2 আৰু L = 3

উত্তৰঃ (i) ইয়াত

Q=5K²L²

দিয়া আছে

K= 0

L = 0

:. Q = 5x 0² x 6² = 0

(iii) আকৌ, যেতিয়া

K = 2

L=3

:. Q = 5 x 2² x 3² 

= 20 x 9 = 180

:. উৎপাদনৰ পৰিমাণ 180

৭। প্রতিষ্ঠান এখনৰ হ্ৰস্বকালীন গড়ব্যয় অনুসূচী তলত দিয়া হ’ল:

(i) মুঠ ব্যয় (mc) অনুসূচী আৰু প্ৰাস্তিক ব্যয় (me) অনুসূচী নিৰ্ণয় কৰা। 

(ii) যদি মুঠ স্থিৰ ব্যয় (TFC) 10 টকা হয়, তেন্তে মুঠ পৰিৱৰ্ত্তনশীন ব্যয় (TVC) আৰু গড় পৰিৱৰ্ত্তনশীল ব্যয় (AVC) নিৰ্ণয় কৰা।

উৎপাদনমুঠ উৎপাদান (TC)
1
2
3
4
5
6
7
30
25
20
15
18
25
30

উত্তৰঃ

উৎপাদনগড় ব্যয়মুঠ ব্যয়প্রান্তিক ব্যয়
1
2
3
4
5
6
7
30
25
20
15
18
25
30
30
50
60
60
90
150
210
30
20
10
0
30
60
60

৮। এটা উৎপাদন গোটৰ হ্ৰস্বকালীন মুঠ ব্যয় (TC) ফলন তলত দিয়া হৈছে। ইয়াৰ পৰা, মুঠ পৰিৱৰ্ত্তনশীল ব্যয় (TVC), গড় স্থিৰ ব্যয় (AFC), গড় পৰিৱৰ্ত্তনশীল ব্যয় (AVC) আৰু গড় ব্যয় (AC) নিৰ্ণয় কৰা।

উৎপাদনমুঠ উৎপাদান (TC)
0
1
2
3
4
5
6
7
10
40
60
80
95
110
130
160

উত্তৰঃ

উৎপাদনমুঠ উৎপাদান (TC)
0
1
2
3
4
5
6
7
10
40
60
80
95
110
130
160
QTCTVCAFCAVCAC
0
1
2
3
4
5
6
7
10
40
60
80
95
110
130
160
0
30
50
70
85
100
120
150
x
10
5
3.3
2.5
2
1.67
1.42

30
25
23.3
21.25
20
20
21.4
x
40
30
26.6
23.25
22
21.67
22.82

৯। হ্রস্বকালৰ ব্যয় ৰেখাসমূহ দেখুওৱা আৰু সিবিলাকৰ প্ৰকৃতি ব্যাখ্যা কৰা। 

 উত্তৰঃ হ্রস্বকালৰ ব্যয় ৰেখা সমূহ হ’ল—

(ক) গড় ব্যয় : গড় ব্যয় হৈছে প্রতি একক দ্রব্য উৎপাদন কৰোতে হোৱা ব্যয়ৰ পৰিমাণ।

(খ) প্রান্তিক ব্যয় : অতিৰিক্ত এক একক দ্রব্য উৎপাদন কৰিলে যিখিনি অতিৰিক্ত ব্যয় হয় তাক প্রান্তিক ব্যয় বোলে।

(গ) স্থিৰ ব্যয় : ই হৈছে উৎপাদন প্রতিষ্ঠান এখনে স্থিৰ উপাদানবোৰৰ বাবে যেনে যন্ত্রপাতি, ভৱন আদিৰ বাবে কৰা ব্যয়। এই ব্যয় উৎপাদন পৰিৱৰ্ত্তনৰ লগে লগে হ্রাস বৃদ্ধি নহয়। 

(ঘ) পৰিৱৰ্ত্তনশীল ব্যয়ঃ এই ব্যয় উৎপাদন হ্রাস-বৃদ্ধিৰ লগে লগে পৰিৱৰ্ত্তন হয়। যেনে—

কেঁচা সামগ্ৰীৰ ব্যয়, মজুৰি আদি। উৎপাদন শূন্য হ’লৈ পৰিৱৰ্ত্তনশীল ব্যয়ও শূন্য হয়।

১০। দীর্ঘকালীন প্রান্তিক ব্যয় ৰেখাড়ালে দীর্ঘকালীন গড় ব্যয় ৰেখাক তলৰ ফালৰ পৰা ইয়াৰ নিম্নতম বিন্দুত ছেদ কৰে।” — ব্যাখ্যা কৰা। 

উত্তৰঃ গড় ব্যয়ৰ নিম্নতম বিন্দুত প্ৰান্তীয় ব্যয় ৰেখাই গড় ব্যয় ৰেখাক ছেদ কৰে। ইয়াত, AC = MC হয়। এই পৰিমাণৰ দ্ৰব্য নিম্নতম গড় ব্যয়ত উৎপাদিত হৈছে। এয়ে হৈছে প্ৰতিষ্ঠানখনৰো কাম্য উৎপাদন। অর্থাৎ গড় ব্যয় হ্রাস পালে প্রান্তিক ব্যয় গড় ব্যয়তকৈ কম হয়। একেদৰে যদি অতিৰিক্ত উৎপাদন ব্যয় গড় বয়তকৈ অধিক হয়, গড় ব্যয়ও যেতিয়া বাঢ়ি যায়। গতিকে, হ্রস্বকালীন প্রান্তীয় ব্যয় ৰেখাই গড় সৰ্বমুঠ ব্যয় আৰু গড় পৰিৱৰ্ত্তনশীল ব্যয় ৰেখাক সিঁহতৰ নিম্নতম বিন্দুত ছেদ কৰে।

১১। এখন কাল্পনিক তালিকাৰ সহায়ত বিশিষ্ট প্রতিষ্ঠান এখনৰ ব্যয় ফলনৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ কাল্পনিক তালিকা খন তলত দিয়া হয়—

উৎপাদনমুঠ স্থিৰ ব্যয়গড় স্থিৰ ব্যয়মুঠ পৰিবৰ্ত্তনশীল ব্যয়গড় পৰিবৰ্ত্তনশীল ব্যয়সৰ্ব মুঠ ব্যয়
0
1
2
3
4
5
6
7
8
9
10
10
10
10
10
10
10
10
10
10

10
5
3.3
2.5
2
1.6
1.4
1.2
1.1
0
8
13
16
20
26
35
47
63
83

8
6.50
5.3
5
5.2
5.8
6.7
7.8
9.2
10
18
23
26
30
36
45
57
73
93

Class 12 Economy Solutions-অৰ্থনীতি

ক-অংশ : ব্যষ্টিবাদী অৰ্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ আৰম্ভণি Click here
অধ্যায় – ২উপভোক্তাৰ আচৰণৰ তত্ত্ব Click here
অধ্যায় – ৩উৎপাদন আৰু ব্যয় Click here
অধ্যায় – ৪ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here
অধ্যায় – ৫ বজাৰ ভাৰসাম্য Click here
অধ্যায় – ৬ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিস্থানৰ তত্ত্ব Click here

খ- অংশ : সমষ্টিবাদী অর্থবিজ্ঞান

ক্ৰমিক নং বিষয় লিংক
অধ্যায় – ১ সূচনা Click here
অধ্যায় – ২জাতীয় আয় গণনা Click here
অধ্যায় – ৩মুদ্ৰা আৰু বেংক ব্যৱস্থা Click here
অধ্যায় – ৪ আয় নিৰ্ধাৰণ Click here
অধ্যায় – ৫ চৰকাৰ; কাৰ্যাৱলী আৰু পৰিসৰ Click here
অধ্যায় – ৬ মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Click here

গ- অংশ : ভাৰতীয় অর্থনৈতিক উন্নয়ন

অধ্যায় – ১ প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা Click here
অধ্যায় – ২ ভাৰতীয় অৰ্থব্যৱস্থা ( 1950-1990) Click here
অধ্যায় – ৩ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণঃ এক পৰ্য্যালোচন Click here
অধ্যায় – ৪ দৰিদ্ৰতা Click here
অধ্যায় – ৫ ভাৰতত মানৱ মূলধন গঠন Click here
অধ্যায় – ৬ গ্রাম্য উন্নয়ন Click here
অধ্যায় – ৭নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় Click here
অধ্যায়-৮আন্তঃগাঁথনি Click here
অধ্যায়-৯পৰিৱেশ আৰু বহনক্ষম উন্নয়ন Click here
অধ্যায় – ১০ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা Click here

This Post Has 2 Comments

Leave a Reply