Class 12 Sociology Chapter-9 সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্র

Class 12 Sociology Chapter-9 সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্র। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Sociology Chapter-9 সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্র AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second Year Sociology Chapter-9 সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্র

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ : মূল্যাংক : ১

১ । বৈদ্যুতন (ইলেকট্রনিক) অর্থনীতি কি? 

উত্তৰঃ সাম্প্ৰতিক সময়ত তথ্য প্রযুক্তিগত বিদ্যাৰ অভূতপূৰ্ব বিকাশৰ পিছত কম্পিউটাৰ, ইন্টারনেট আৰু ম’বাইল সেৱাৰ জৰিয়তে ব্যক্তিয়ে চকুৰ পচাৰতে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত টকা-পইচাৰ লেনদেন কৰিব পাৰে। ইলেক্ট্রনিক যন্ত্ৰৰ সহায়ত এনেদৰে টকা-পইচাৰ লেনদেনক ইলেক্ট্রনিক বা বৈদ্যুতন অর্থনীতি বুলি কোৱা হয়।

২ । বিশ্ব বাণিজ্য সংস্থা কি?

উত্তনঃ বিশ্বৰ অর্থ ব্যৱস্থাক সম্পূর্ণ মুক্ত কৰিবলৈ তথ্য বস্তু সেৱা আৰু প্ৰযুক্তিবিদ্যাৰ মুক্ত বিচৰণ লক্ষ্য আগত ৰাখি ১৯৯৫ চনৰ ১ জানুৱাৰীত বিশ্ব বাণিজ্য সংস্থাৰ জন্ম হৈছিল।

৩ । গোলকীয় গাঁও মানে কি? 

উত্তৰঃ গোলকীকৰণৰ তাৎপর্য বুজাবলৈ প্ৰায়েই গোলকীয় গাওঁ শব্দটো ব্যৱহাৰ কৰা হয়। গোলকীয় গাওঁ শব্দই এইটো ইংগিত কৰে যে বর্তমান পরিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ তীব্র বিকাশ আৰু তথ্য-প্রযুক্তিৰ অভূতপূর্ব উন্নয়নে এনে ক্ষিপ্র ইলেক্ট্রনিক যোগাযোগ ব্যৱস্থাৰ সৃষ্টি কৰিছে – যি গোটেই বিশ্বকে এখন গাঁৱত পৰিণত কৰিছে।

৪ । ভোগবাদী সংস্কৃতি মানে কি?

উত্তৰঃ গোলকীকৰণে বিশ্বত ভোগবাদী সংস্কৃতিৰ প্ৰসাৰ ঘটাইছে। বর্তমান সময়ত মানুহে টকা-পইচা সাঁচি ৰখাটোৰ প্ৰতি সচেতন নহয়। ইয়াৰ বিপৰীতে মানুহে ব্যয়ক এটা সংস্কৃতি 81 ৰূপে গণ্য কৰা হৈছে। এতিয়া মানুহে বজাৰ কৰাটোক অৱসৰৰ সময় কটোৱাৰ উপায় হিচাপে গণ্য কৰে। এনেদৰে ভোগবাদী সংস্কৃতি গঢ় লৈ উঠিছে।

৫ । সংঘবদ্ধ সংস্কৃতি কি ?

উত্তৰঃ সংঘবদ্ধ সংস্কৃতি হৈছে ব্যৱস্থাপনা সূত্ৰৰ এটা শাখা স্বৰূপ। কোনো এটা প্রতিষ্ঠানত কৰ্মৰত সকলো সদস্যক জড়িত কৰি সংঘবদ্ধভাৱে সেই প্রতিষ্ঠানটোৰ উৎপাদন বৃদ্ধি কৰিবলৈ আৰু প্ৰতিযোগী মনোভাৱ গঢ়ি তুলিবলৈ এনে সংস্কৃতি গঢ়লৈ উঠে।

৬ । বিশ্বায়নৰ অৰ্থ তোমাৰ ভাষাৰে বৰ্ণনা কৰা।

উত্তৰঃ গোলকীকৰণ শব্দটো প্রথম উদ্ভাৱন কৰা হৈছিল ১৯৮০ চনত। ইয়াৰ অৰ্থ এইটে নহয় যে আগেয়ে দেশসমূহৰ মাজত আন্তঃসম্পর্ক নাছিল। কিন্তু সম্প্রতি আধুনিক যুগত হয়। এই শব্দই নিৰ্দেশ কৰে যে বর্তমান ইকেট্রনিক যোগাযোগ ব্যবস্থাই গোটেই বিশ্বকে এখন গাঁৱত পৰিণত কৰিছে। গোলকীকৰণে অর্থনীতি, শিক্ষা, প্রযুক্তি, সামাজিক, সাংস্কৃতিক আদি জীৱনৰ সকলো ক্ষেত্রকেই সামৰি আছে। গোলকীকৰণৰ তাৎপৰ্য বুজাবলৈ প্ৰায়েই গোলকীয় গাওঁ শব্দটো ব্যৱহাৰ কৰা

৭ । যোগাযোগৰ মাধ্যম সমূহক কেইভাগত ভগাব পাৰি? 

উত্তৰঃ জনসংযোগ মাধ্যমবিলাকক আমি মূলতঃ তিনিটা ভাগত ভাগ কৰিব পাৰো।

যেনে:– (১) পঢ়িব পৰা (২) শুনিব পৰা আৰু (৩) দেখিব পৰা। বাতৰি কাগজ, আলোচনী, প্রচার পত্রিকা, কিতাপ আদি পঢ়িব পৰা জনসংযোগ মাধ্যম। ৰেডিঅ, টেলিফোন, গ্রামফোন, অডিঅ’, কেছেট আদি শুনিব পৰা জনসংযোগ মাধ্যম। দূৰদৰ্শন বা টিভি, কথাছবি বা চিনেমা,ভিজুৱেল ডিচ আদি চাব পৰা বা দৃশ্যমান জনসংযোগ মাধ্যম।

৮ । গণমাধ্যম মানে কি?

উত্তৰঃ জনসংযোগ মাধ্যম বুলি ক’লে সাধাৰণতে বাতৰি কাকত, আলোচনী, ৰেডিঅ’, দূৰদৰ্শন, চিনেমা বা কথাছবি, ডাকতাৰ ব্যৱস্থা, কম্পেক্ত ডিচ, কেমেৰা, টেলিফোন, ইণ্টাৰনেট ইত্যাদিৰ কথাই বুজো। দৰাচলতে জনসংযোগ মাধ্যামসমূহ যোগাযোগ ব্যৱস্থাৰে এটা অংশ।

৯ । স্থানীয় সংস্কৃতি কি? 

উত্তৰঃ স্থানীয় সংস্কৃতি বুলিলে কোনো এখন ঠাইৰ লোকসকলৰ মাজত যুগ যুগ ধৰি চলি অহা সংস্কৃতিকে বুজা যায়।

১০। চপা মাধ্যম বুলিলে কোনবোৰ মাধ্যমক বুজায় ? 

উত্তৰঃ বাতৰি কাকত, আলোচনী, প্ৰচাৰ পত্রিকা আদিক চপা মাধ্যম বুলি কোৱা হয়।

১১। বৈদ্যুতন মাধ্যমৰ উল্লেখযোগ্য উপায় কোনবোৰ? 

উত্তৰঃ ৰেডিঅ’, টেলিভিচন, ইণ্টাৰনেট, মোবাইল ফোন,উপগ্রহীয় টেলিভিচন আদিবোৰ বৈদ্যুতন মাধ্যমৰ উল্লেখযোগ্য উপায়।

১২। গণমাধ্যম সমূহৰ মূল কাৰ্য্যৱলীসমূহ কি কি?

উত্তৰঃ গণমাধ্যমসমূহৰ মূল কাম হ’ল খবৰ-বাতৰি আদি জনসাধাৰণৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰা। গণমাধ্যমসমূহে জনসাধাৰণৰ মনোৰঞ্জনৰ বাবেও বিভিন্ন কাৰ্য্যসূচী প্ৰচাৰ কৰে। এনে কামবোৰৰ দ্বাৰা গণমাধ্যম সমূহে ৰাজনৈতিক সামাজিকৰণ, ৰাজনৈতিক যোগাযোগ, জনমত গঠনৰ দৰে কাৰ্য্যসমূহ সম্পন্ন কৰে।

১৩। জনসংযোগৰ কেইটামান মাধ্যমৰ নাম লিখ। 

উত্তৰঃ বাতৰি কাকত, আলোচনী, প্ৰচাৰ-পত্রিকা, ৰেডিঅ’, টিভি, ইন্টারনেট আদি।

১৪। ভাৰতত প্ৰকাশ হোবা প্রথম বাতৰি কাকতখনৰ নাম লিখ। 

উত্তৰঃ বম্বে সমাচাৰ, ১৮৮২ চনত প্ৰকাশ হৈছিল।

১৫। চপা মাধ্যমৰ বিকাশত সহায় কৰা দুটা কাৰকৰ বিষয়ে লিখা।

উত্তৰঃ সাক্ষৰতাৰ হাৰ বৃদ্ধি হোৱা; আৰু উৎপাদন আৰু বিভৰণৰ ক্ষেত্ৰত নতুন প্রযুক্তিৰ ব্যৱহাৰ।

১৬। বর্তমান ভাৰতত প্ৰকাশ হৈ থকা চাৰিখন মুখ্য বাতৰি কাকতৰ নাম লিখা। 

উত্তৰঃ বর্তমান ভাৰতত প্ৰকাশ হৈ থকা চাৰিখন মুখ্য বাতৰি কাকতৰ নাম হ’ল— (i) দি টাইমচ্ অৱ ইণ্ডিয়া, (ii) দি হিন্দু, (iii) দৈনিক ভাস্কৰ; আৰু (iv) দৈনিক জাগৰণ

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

চমু প্রশ্নোত্তৰ : মূল্যাংক: ২/৩

১ । সামাজিক খণ্ডত বিশ্বায়নৰ প্ৰভাৱ কেনেকুৱা? 

উত্তৰঃ ভাৰতবৰ্ষৰ দৰে এখন উন্নয়নশীল দেশত গোলকীকৰণে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। আৰু ইয়াৰ ফলস্বৰূপে আমাৰ সমাজত বহুতো উল্লেখযোগ্য পৰিবৰ্তন সাধন হৈছে। সেইসমূহ তলত উল্লেখ কৰা হ’লঃ

(ক) প্ৰযুক্তিৰ বিকাশ: গোলকীকৰণে প্ৰযুক্তিৰ দিশত ভাৰতত উল্লেখযোগ্য পরিবর্তন সাধন কৰিছে। ইণ্টাৰনেটৰ সুবিধাই ভাৰতবৰ্ষৰ লোকসকলক বিভিন্ন দেশৰ জ্ঞান আহৰণ কৰাৰ লগতে চাকৰিৰো সুবিধা প্ৰদান কৰিছে। ম’বাইল ফোনৰ ব্যৱহাৰে অন্যান্য দেশৰ লগত যোগাযোগৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰিছে।

(খ) আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বিকাশ : শুল্কৰ ওপৰত থকা অৱৰোধসমূহ আঁতৰ হোৱাৰ লগে লগে দেশবোৰৰ মাজত বাণিজ্যিক বিকাশ হ’বলৈ ধৰিলে। GATT, WTO আদিয়ে গোলকীয় বাণিজ্যক আৰু সহজ কৰি তুলিলে।

(গ) উৎপাদন বৃদ্ধি : গোলকীকৰণৰ ফলস্বৰূপে বিভিন্ন ধৰণৰ দ্ৰব্যৰ উৎপাদন বৃদ্ধি পালে কাৰণ বহুজাতিক কোম্পানীসমূহে সমগ্ৰ বিশ্বতে কাৰখানা আদি স্থাপন কৰিলে।

(ঘ) নিযোগৰ সুবিধা : বহুজাতিক কোম্পানীসমূহ স্থাপন হোৱাৰ লগে লগে সেইবোৰত নিয়োগৰ সুবিধা বৃদ্ধি পালে। ফলস্বৰূপে আমাৰ দেশৰ নিবনুৱা সমস্যা বহু পৰিমাণে হ্রাস পালে।

(ঙ) বিদেশী মুদ্ৰাৰ মুক্ত প্রবাহ : গোলকীকৰণে বিদেশী মুদ্ৰাৰ মুক্ত প্ৰৱাহত অৰিহণা যোগায়, যিয়ে উন্নয়ণশীল দেশসমূহৰ অৰ্থনীতি অলপ হ’লেও উন্নত কৰিলে। ইয়ে

মূলধন গঠনতো আৰিহণা যোগায়।

২ । উদাৰীকৰণ মানে কি বুজা?

উত্তৰঃ উদাৰীকৰণে সাধাৰণতে দেশৰ অৰ্থ আৰু বাণিজ্য ব্যৱস্থাক সকলো ধৰণৰ ৰাষ্ট্ৰৰ বাধা-নিষেধৰ পৰা মুক্ত কৰি সম্পূৰ্ণভাৱে বজাৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল কৰি গঢ় দিব খোজে ৷ উদাৰীকৰণৰ লগত মূলধন আৰু প্ৰযুক্তিবিদ্যাৰ মুক্ত বিচৰণ, কৰ সংশোধন, বিদেশী বিনিয়োগ বৃদ্ধি, অনুজ্ঞা পত্ৰ ব্যৱস্থাৰ প্ৰত্যাহাৰ, ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ কৰা আদি ধৰণৰ প্ৰক্ৰিয়াবোৰ জড়িত হৈ থাকে ৷

৩ । ৰাষ্ট্ৰৰ বাহিৰত অৱস্থিত নিগম বা ৰাষ্ট্ৰজোৰা নিগম কোনবোৰ? 

উত্তৰঃ গোলকীকৰণৰ পিছত বিশ্বত বহুজাতিক সংস্থা, ৰাষ্ট্ৰৰ বাহিৰত অৱস্থিত নিগম আদি গঢ় লৈ উঠা দেখা গৈছে। সাম্প্ৰতিক বিশ্বৰ প্ৰায়বোৰ বৃহৎ উদ্যোগত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মূলধন থাকে, একে সময়তে বিভিন্ন ৰাষ্ট্ৰত উৎপাদন কাৰ্য্য কৰা হয় আৰু বিক্ৰীৰ বাবে, বিক্ৰী প্রতিষ্ঠান গঢ় দিয়া হয় । এনেবোৰ প্ৰতিষ্ঠান সম্পূর্ণভাৱে কোনো দেশৰে একচিতীয়া সম্পত্তি হৈ থাকে আৰু কোনো দেশৰ আইনে ইয়াক সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। এনে প্রতিষ্ঠানবোৰক ৰাষ্ট্ৰৰ বাহিৰত অৱস্থিত নিগম বুলি কোৱা হয়।

8 । বিশ্বায়ন আৰু নিয়োগৰ মাজত কেনে সম্পর্ক থকা দেখা যায়? 

উত্তৰঃ ভাৰতত বিশ্বায়নে নিয়োগৰ সুবিধা বৃদ্ধি কৰা দেখা গৈছে। উদাৰীকৰণৰ সুযোগ লৈ ভাৰতত বহুজাতিক কোম্পানীসমূহে উৎপাদনী গোট, বিক্ৰী প্রতিষ্ঠান, সেৱা প্ৰতিষ্ঠান আদি প্ৰতিষ্ঠা কৰিছে। তুলনামূলকভাৱে ভাৰতত শ্ৰমিকৰ নিম্ন মজুৰিয়ে আৰু ভাৰতৰ বৃহৎ উপভোক্তা বজাৰে বহুজাতিক সংস্থাবিলাকক ভাৰতত উদ্যোগ স্থাপনত উৎসাহিত কৰিছে। এনে উদ্যোগ প্রতিষ্ঠানবিলাকত ভাৰতীয় লোকসকলে নিয়োগৰ সুবিধা পাইছে৷ ইয়াৰোপৰি বিশ্বায়নৰ যুগত বৃহৎ কোম্পানীবোৰে সেৱাৰ উৎস হস্তান্তৰ কৰাৰ ফলতো ভাৰতৰ শিক্ষিত চামটোৱে নিয়োগৰ সুবিধা পাইছে।

৫। টেলিভিছনত কেনে ধৰণৰ কাৰ্য্যসূচী সম্প্ৰচাৰ কৰা হয় ?

উত্তৰঃ সময়ৰ লগে লগে টেলিভিছনত সম্প্ৰচাৰ কৰা কাৰ্য্যসূচীৰো পৰিৱৰ্তন হোৱা দেখা গৈছে। গোলকীকৰণৰ পূৰ্বে ভাৰতত দূৰদৰ্শনে প্রচাৰ কৰা কাৰ্য্যসূচীসমূহৰ ভিতৰত মূলত‌ : বাতৰি, শিশু আৰু মহিলাৰ কাৰ্য্যসূচী, পৰিয়ালৰ উপভোগ্য ধাৰাবাহিক আদিৰ লগতে কিছুমান অৱসৰ বিনোদনৰ কাৰ্য্যসূচীও আছিল। কিন্তু প্রযুক্তিবিদ্যাৰ তীব্র বিকাশে পৃথিৱীৰ সকলো টেলিভিছন চেনেল ঘৰতে বহি চাব পৰাৰ সুবিধা কৰি দিলে। বিভিন্ন উপগ্রহীয়ে চেনেলৰ আবিৰ্ভাৱৰ পিছত টেলিভিছনত প্ৰচাৰ হোৱা কাৰ্য্যসূচীৰ মানদণ্ড ভালেখিনি সলনি হ’ল। চেটেলাইট চেনেলবিলাকত কিছুমান বিশেষভাৱে কেৱল বাতৰি প্ৰচাৰৰ লগত জড়িত থকাৰ বিপৰীতে কিছুমান চেনেলে কেৱল শিশুৰ মনোৰঞ্জনৰ লগত জড়িত। কিছুমানে আকৌ কেৱল খেল সম্প্ৰচাৰ কৰাৰ বিপৰীতে কিছুমানে ধর্মীয় কাৰ্য্যসূচী সম্প্ৰচাৰ কৰে বা কিছুমান চেনেল আকৌ ইতিহাস বা ভূগোল বিষয়ক জ্ঞান সম্প্ৰচাৰৰ লগত জড়িত হৈ থকা দেখা যায়। এনেদৰে সাম্প্রতিক সময়ত টেলিভিছনত মানৱ জীৱনৰ লগত জড়িত সকলো দিশৰে কাৰ্য্যসূচী সম্প্ৰচাৰ কৰা দেখা যায়। বর্তমান জীৱন্ত ৰূপত প্ৰচাৰ কৰা কাৰ্য্যসূচীবোৰেও জনসাধাৰণক বাৰুকৈয়ে মোহাচ্চন্ন কৰি ৰাখে। ভাৰতত বিয়েলিটি শ, বলীউদৰ অনুষ্ঠান, ব্যঙ্গ অনুষ্ঠান আদিবোৰে ব্যাপক জনপ্রিয়তা লাভ কৰিছে।

৬ । সাংবাদিকতাৰ ক্ষেত্ৰত ইণ্টাৰনেটে কেনেদৰে প্ৰভাৱ পেলাইছে? 

উত্তৰঃ ইণ্টাৰনেটে সংবাদসেৱীসকলৰ ভূমিকা আৰু কার্যপ্রণালীলৈ আমূল পৰিৱৰ্তন আনিছে। ইণ্টাৰনেটৰ প্ৰয়োগৰ ফলত নিমিষতে এজন সংবাদকর্মীয়ে তেওঁ সংগ্ৰহ কৰা বাতৰি, ফটো আদি তেওঁৰ কাৰ্য্যালয়লৈ পঠিয়াব পাৰে। এই সুবিধা গ্ৰহণ কৰি সংবাদসেৱীসকলে সংবাদপত্র উৎপাদন প্রতিষ্ঠান সমূহলৈ সজীৱতা কঢ়িয়াই আনিছে। ইণ্টাৰনেটৰ বাবেই বাতৰি কাকত প্রতিষ্ঠান সমূহে ভিন ভিন ঠাইৰ পৰা ভিন্ন সংস্কৰণ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। আজিকালি প্ৰায়বোৰ বাতৰি কাকতৰে ইণ্টৰনেট সংস্কৰণ আছে। যাৰ বাবে পৃথিৱীৰ সিটো মূৰৰ মানুহেও আনটো মূৰত প্ৰকাশ হোৱা কাকতখন পঢ়ি চাব পৰা হৈছে। এনেদৰে ইণ্টাৰনেটে সাংবাদিকতালৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে।

৭ । গণমাধ্যম সমূহৰ কাৰ্য্যাৱলীৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ সামাজিক পৰিবৰ্তন আৰু গণ-মাধ্যমৰ মাজত ওতঃপ্ৰোত সম্পর্ক আছে। সংবাদ পত্র আৰু ৰেডিঅ’ আৰু টেলিভিচনে বিভিন্ন সামাজিক শ্ৰেণী আৰু জাতিৰ মাজত আৰু গ্ৰাম্য আৰু নগৰীয়া সমাজৰ মাজৰ সাংস্কৃতিক বৈষম্য আঁতৰ কৰে। সম্প্রতি সকলো মানুহে একেই প্ৰচাৰ মাধ্যম ব্যৱহাৰ কৰে আৰু একে নিদিষ্ট ভাষা শিকে।

গণ মাধ্যমে জাতীয় দৃষ্টিভংগী গঢ়ি তোলাত সহায় কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতৰ সকলো জনসাধাৰণক একগোট কৰি বৃটিছৰ বিৰুদ্ধে জাগৃত হোৱাৰ ক্ষেত্ৰত গণ মাধ্যমে মুখ্য ভূমিকা পালন কৰিছিল।

এখন দেশৰ উন্নতি নিৰ্ভৰ কৰে জ্ঞানৰ পৰিৱৰ্তনত কি জানে,দক্ষতা-মানুহখিনিয়ে কি কি কৰিবপাৰে মনোভাৱ-মানুহখিনিয়ে কি পাবলৈ আশা কৰে আৰু তেওঁলোকৰ কি কি উচ্চভিলাস আছে তাৰ ওপৰত। এইটো কাৰণতেই সাম্প্রতিক যুগত শিক্ষা আৰু লগতে প্ৰচাৰ মাধ্যমক ইমান গুৰুত্ব দিয়া হয়। এখন দেশৰ জনসাধাৰণৰ মাজত দক্ষতা আৰু মনোভাৱৰ যেতিয়া পৰিৱৰ্তন হয় তেতিয়াই দেশখনৰ উৎপাদন বৃদ্ধি পায়।

সেয়েহে প্ৰচাৰ মাধ্যমৰ প্ৰধান কাৰ্য হৈছে সমাজৰ বৃহৎ জনসাধাৰণৰ মাজত নতুন নতুন তথ্য, নতুন ধাৰণা, নতুন চিন্তা, নতুন আকাঙ্খা আৰু আশাৰ প্ৰকাশ কৰে যিয়ে তেওঁলোকক নতুন নতুন কাৰ্য সাধনৰ ফালে আগুৱাই নিয়ে। গঠনমূলক যোগাযোগ ব্যৱস্থাৰ সহায়ত এজন যুৱকে নিজৰ সাংস্কৃতিতকৈ বেছি আনৰ সাংস্কৃতিৰ বিষয়ে জ্ঞান আহৰণ কৰি সেইমতে জীৱন নির্বাহ কৰিব পাৰে। গণ মাধ্যম হৈছে এনে এক মাধ্যম যিয়ে আবশ্যকীয় জ্ঞান আৰু মনোভাব আছি। খৰতকীয়া আৰু বহুলভাৱে প্ৰসাৰ কৰিব পাৰে। বাতৰিকাগজ আৰু আলোচনীসমুহে মানুহ

দৃষ্টিভংগীৰ পৰিবৰ্তন অনাত এক অতি উল্লেখযোগ্য ভূমিকা পালন কৰে। চিনেমা হৈছে এনে এক আহিলা যিয়ে জনসাধাৰণৰ দৃষ্টিভংগী আৰু উচ্চাকাংক্ষাৰ পৰিবৰ্ত অতি থৰকতীয়াভাৱে কৰিব পাৰে। বাতৰিকাগজে কেৱল সেইসকল লোককহে সামৰি ল পাৰে যিসকল শিক্ষিত। কিন্তু ভাৰতবৰ্ষৰ দৰে এখন দেশত য’ত গৰিষ্ঠ সংখ্যক জনসাধাৰণেই নিৰক্ষৰ, চিনেমাই এক গুরুত্বপূর্ণ ভূমিকা পালন কৰে।

৮ । সাধাৰণ জনতাৰ ওপৰত গণমাধ্যমসমূহে পেলোৱা বেয়া প্রভাবসমূহ কেনেধৰণৰ? 

উত্তৰঃ সাম্প্রতিক সময়ত উপগ্রহীয় টেলিভিছনত প্ৰচাৰ কৰা বিভিন্ন বিজ্ঞাপনে সাধাৰণ জনতাক ভোগবাদৰ প্ৰতি আসক্ত কৰিছে। ইয়াৰোপৰি আজিকালি চেনেলবিলাকে দিনটোৰ সম্পূর্ণ ২৪ ঘণ্টাই কাৰ্য্যসূচী সম্প্ৰচাৰ কৰি থাকে -যাৰ ফলত সাধাৰণ জনতা এনে কাৰ্য্যসূচীত মোহাচৰ হৈ কামলৈ পিঠি দিয়া দেখা গৈছে।

৯ । শিক্ষাৰ ক্ষেত্ৰত গণমাধ্যমসমূহৰ ভূমিকা কেনে ধৰণৰ? 

উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত গণমাধ্যমসমূহে অর্থবহ ভূমিকা পালন কৰিব পাৰে। স্বাধীনতার প্রথম সময়খিনিত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্রী নেহেৰুৱে গণমাধ্যমসমূহক অস্পৃশ্যতা, বাল্যবিবাহ, নিৰক্ষৰতাৰ দৰে সমস্যাৰ বিৰুদ্ধে যুজ দিবলৈ আহ্বান জনাইছিল। নিৰক্ষৰ মানুহক ৰেডিঅ’ আৰু টিভিৰ দৰে মাধ্যমে সহজে জ্ঞান দিব পাৰে। ভাৰতত পৰিয়াল পৰিকল্পনা কাৰ্য্যসূচীত ৰেডিঅ’ আৰু টিভিৰ ব্যাপক প্ৰয়োগ কৰা হৈছিল। সাম্প্রতিক সময়ত গ্ৰাহক সুৰক্ষা, তথ্য জনাৰ অধিকাৰ আৰু বিশেষকৈ শিক্ষাৰ অধিকাৰ আইন ৰূপায়নৰ বাবে চৰকাৰে ৰেডিঅ’, টিভিৰ লগতে ছপা মাধ্যমৰ প্ৰয়োগ কৰা দেখা গৈছে।

১০। গণমাধ্যমসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ জনসংযোগ মাধ্যম বুলি ক’লে সাধাৰণতে বাতৰি কাকত, আলোচনী, ৰেডিঅ’,দূৰদৰ্শন, চিনেমা বা কথাছবি, ডাকতাৰ ব্যৱস্থা, কম্পেত্ত ডিচ, কেমেৰা, টেলিফোন, ইণ্টাৰনেট ইত্যাদিৰ কথাই বুজো। দৰাচলতে জনসংযোগ মাধ্যামসমূহ যোগাযোগ ব্যৱস্থাৰে এটা অংশ।

জনসংযোগ মাধ্যমবিলাকক আমি মূলতঃ তিনিটা ভাগত ভাগ কৰিব পাৰো। যেনেঃ— 

(ক) পঢ়িব পৰা, (খ) শুনিব পৰা আৰু (গ) দেখিব পৰা।

বাতৰি কাগজ, আলোচনী, প্রচার পত্রিকা, কিতাপ আদি পাঢ়ব পৰা জনসংযোগ মাধ্যম। ৰেডিঅ, টেলিফোন, গ্রামফোন, অডিঅ’, কেছেট আদি শুনিব পৰা জনসংযোগ মাধ্যম। দূৰদৰ্শন বা টিভি, কথাছবি বা চিনেমা,ভিজুৱেল ডিচ আদি চাব পৰা বা দৃশ্যমান জনসংযোগ মাধ্যম।

১১ ।  গ্রাম্য সমাজ আৰু কৃষকসকলৰ ওপৰত গোলকীকৰণৰ প্ৰভাৱসমূহ কিকি? 

উত্তৰঃ গোলকীকৰণে গ্ৰাম্য সমাজ আৰু কৃষকসকলৰ ওপৰত যথেষ্ট প্রভাৱ পেলাইছে। গোলকীকৰণৰ ফলস্বৰূপে গাঁওসমূহত পৰম্পৰাগত বৃত্তিৰ ঠাইত মানুহে নতুন নতুন বৃত্তি উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ বহুজাতিক কোম্পানীসমূহৰ দ্বাৰা আগবঢ়োৱাৰ ফলত স্থানীয় কৃষকসকলৰ পুৰণিকলীয়া কৃষি পদ্ধতিৰ বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে।

১২। জ্ঞানমূলক অর্থনীতি কি?

উত্তৰঃ আগৰ যুগত তুলনাত বর্তমান গোলকীয় অর্থনীতি প্রধানত : কৃষিভিত্তিক বা উদ্যোগভিত্তিক হৈ থকা নাই। জ্ঞানমূলক অর্থনীতি হৈছে এনে এক ব্যৱস্থা য’ত বেছিভাগ কর্মশক্তি কেৱল সম্পদ কায়িক উৎপাদনতে জড়িত নাথাকি সেইবোৰৰ আৰ্হি বা নক্সা উন্নীতকরণ, প্রযুক্তি, বজাৰকৰণ, বিক্ৰী আৰু ব্যৱহাৰ ইত্যাদিৰ লগতো জড়িত হৈ থাকে।

১৩। TNCS কি? এনে কোম্পানীসমূহৰ দুটা উদাহৰণ দিয়া ?

উত্তৰঃ TNCS ৰ সম্পূৰ্ণ অৰ্থ হৈছে (ৰাষ্ট্ৰ জোবা নিগম)। গোলকীয় অর্থনীতিত এই কোম্পানীসমূহৰ গুৰুত্বপূর্ণ ভূমিকা আছে। এই কোম্পানীসমূহে এখনতকৈ বেছি দেশত তেওঁলোকৰ বস্তু উৎপাদন কৰে বা সেৱা আগবঢ়ায়। এই কোম্পানীসমূহ গোটেই পৃথিৱীতে জনাজাত। উদাহৰণস্বৰূপে আমি ক’ব পাৰো ক’কা ক’লা আৰু কোডাক আদি কোম্পানীৰ কথা।

(গ) ৰচনাধর্মী প্রশ্নোত্তৰ: মূল্যাংক: ৪/৫

১ । বিশ্বায়ন কি? চমুকৈ আলোচনা কৰা। 

উত্তৰঃ গোলকীকৰণ শব্দটো বিভিন্ন ধৰণেৰে ব্যৱহাৰ কৰা দেখা যায়।

যেনে —

(ক) দেশবোৰৰ মাজত আঃনিৰ্ভৰশীলতা আৰু আন্তঃক্রিয়া স্থাপন। 

(খ) বিশ্বৰ অৰ্থনীতিৰ মাজত সংহতি স্থাপন ।

ওপৰৰ এই দৃষ্টিভংগীৰ ভিত্তিত আমি ক’ব পাৰো যে, ই হৈছে এনে এটা প্ৰক্ৰিয়া য’ত সীমাৰ সিপাৰলৈ সামাজিক সাংস্কৃতিক, প্ৰযুক্তি আদিৰ আদান প্রদান হয়।

গোলকীকৰণ শব্দটো প্ৰথম উদ্ভাৱন কৰা হৈছিল ১৯৮০ চনত। ইয়াৰ অৰ্থ এইটো নহয় যে আগেয়ে দেশসমূহৰ মাজত আন্তসম্পর্ক নাছিল। কিন্তু সম্প্রতি আধুনিক যুগত গোলকীকৰণে অর্থনীতি, শিক্ষা, প্রযুক্তি, সামাজিক, সাংস্কৃতিক আদি জীৱনৰ সকলো ক্ষেত্ৰকেই সামৰি আছে। গোলকীকৰণৰ তাৎপৰ্য বুজাবলৈ প্ৰায়েই গোলকীয় গাওঁ শব্দটো ব্যৱহাৰ কৰা হয়। এই শব্দই নিৰ্দেশ কৰে যে বৰ্তমান ইকেট্রনিক যোগাযোগ ব্যৱস্থাই গোটেই বিশ্বকে এখন গাঁৱত পৰিণত কৰিছে।) গোলকীকৰণ বা বিশ্বায়ন আধুনিক বিশ্বত বহল ব্যৱহৃত এটি অৱধাৰণা।

গোলকীকৰণৰ কেইটামান মূল বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল –

(ক) গোলকীকৰণ ধাৰণাটো সম্পূর্ণ নতুন ধাৰণা নহয়ঃ যদিও ১৯৮০ চনৰ পৰাহে সমগ্ৰ বিশ্বতে গোলকীকৰণ শব্দটোৰ বিকাশ হয়, তথাপিতো ই নতুন ধাৰণা নহয়। সোতৰণ শতিকাৰ ইংলেণ্ডৰ শিল্প বিপ্লৱৰ পিছতেহ এই ধাৰণাটোৰ বিকাশ হৈছিল। বৃটিছৰ ঔপনিবেশিক দেশসমূহৰ পৰা বৃটিছসকলৰ সম্পদ নির্গমন আৰু আগমন নীতিয়েই গোলকীকৰণৰ আৰম্ভণি।

(খ) গোলকীকৰণে উৎপাদনৰ গোলকীকৰণকো  বুজায় ।

(গ) ৰপ্তানিৰ ওপৰত গুৰুত্ব প্রদান : গোলকীকৰণৰ অৰ্থনীতিত ৰপ্তানি বাণিজ্যৰ বিশেষ স্থান আছে। দেশৰ ৰপ্তানিৰ ওপৰত ভিত্তি কৰি উদ্যোগ খণ্ডৰ প্ৰসাৰ ঘটে।

(ঘ) দেশীয় অর্থনীতিয়ে গোলকীয় অর্থনীতিৰ ওপৰত নিৰ্ভৰ কৰে : গোলকীকৰণে দেশীয় অর্থনীতিত প্রভাৱ পেলায়। দেশীয় উৎপাদন বাঢ়িলেহে ৰপ্তানি বাঢ়ে আৰু দেশৰ অর্থনৈতিক অৱস্থার উন্নতি হয়, ঠিক সেইদৰে ইয়াৰ ওলোটা প্ৰভাৱো পৰে। আকৌ দেশৰ মুঠ উৎপাদনৰ ওপৰতো গোলকীয় অর্থনীতিয়ে নিৰ্ভৰ কৰে।

(ঙ) গোলকীকৰণৰ কিছুমান সীমাবদ্ধতা আছে : গোলকীকৰণৰ ফলত বিশ্ব মুক্ত-বাণিজ্যৰ কথা কোৱা হয় যদিও প্রকৃতপক্ষে কোনো দেশেই দেশীয় উৎপাদনৰ কথা চিন্তা নকৰাকৈ অবাধ মুক্ত বাণিজ্যত অংশ গ্ৰহণ নকৰে। দ্ৰব্যৰ আমদানিৰ ক্ষেত্ৰত প্ৰত্যেকখন দেশেই নিজস্ব ব্যৱস্থা গ্ৰহণ কৰে। একেদৰেই ৰপ্তানিৰ ক্ষেত্ৰতো কিছুমান সীমাবদ্ধতা আছে। 

২। আমাৰ স্থানীয় সংস্কৃতিৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ কেনেধৰণৰ ?

উত্তৰঃ বিশ্বায়নৰ কোবাল ঢৌয়ে আমাৰ সকলোকে চুই গৈছে। বিশ্বায়নৰ প্ৰভাৱত স্থানীয় শব্দটোব অর্থ এহাতে নাইকিয়া হৈ পৰিছে আৰু আনহাতে ই গুৰুত্বপূৰ্ণও হৈ পৰিছে। আজি দক্ষিণ আমেরিকার জনপ্রিয় খাদ্য পিজ্জা আমাৰ সকলোৰে প্ৰিয় হৈ পৰিছে আৰু এতিয়া অসমৰ চুকে কোনেও ই সুলভ। ঠিক সেইদবে দক্ষিণ ভাৰতৰ দোচাও আজি সমগ্র বিশ্বতে জনপ্ৰিয় হৈ পৰিছে আৰু আমেৰিকা বা ফ্ৰান্সৰ ৰেষ্টুৰেণ্টতো কোনো গ্রাহকে ইয়াৰ সোৱাদ ল’ব পাৰিছে। এনেদৰে বিশ্বায়নে আমাৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰাৰ লগতে আমাৰ নিজৰ খাদ্য সম্ভাৰ বিশ্বৰ দৰাবাৰলৈ লৈ গৈছে।

বিশ্বায়নৰ প্ৰভাৱ বেছিকৈ পৰিছে সংগীত জগতত। আজি অসমৰ বিহু গীত অসমীয়া নুবুজা মানুহেও আগ্ৰহেৰে উপভোগ কৰা দেখা যায়। বিদেশী লোকৰ উপভোগ্য কবিৰৰ বাবে আৰু প্ৰচাৰৰ সুবিধাৰ বাবে আজিকালি বিহুগীতবিলাক উন্নত প্রযুক্তিৰে DVD Disc ত বাণীবদ্ধ কৰা হয় আৰু ইণ্টাৰনেট যোগেও প্ৰচাৰ কৰা হয়। বৰ্তমান বিহুগীতত থলুৱা বাদ্যযন্ত্ৰৰ উপৰিও ড্রাম, বেইছ গীটাৰ, কী-ব’ৰ্ড আদিৰ দৰে পশ্চিমীয়া বাদ্যযন্ত্র ব্যৱহাৰ কৰা হৈছে। এনেদৰেই আমার স্থানীয় বিহুগীতত বিশ্বায়নে প্রভাৱ পেলাইছে।

৩ । বিশ্বায়নৰ দ্বাৰা যোগাযোগ ব্যৱস্থা কেনেদৰে প্ৰভাৱিত হৈছে? 

উত্তৰঃ সাম্প্ৰতিক সময়ত যোগাযোগ ব্যৱস্থাত এক গুরুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি থকা মাধ্যম হ’ল গণমাধ্যম। এই গণমাধ্যম বিভিন্ন মাধ্যমিক সাঙুৰি লৈছে যেনে – দূৰদৰ্শন, বাতৰি কাকত, আলোচনী, ৰেডিঅ’, ইণ্টাৰনেট আদি। শেহতীয়াকৈ ছ’চিয়েল নেটৱৰ্কিং চাইট বেনে ফেচবুক, টুইটাৰ আদিয়ে গণসংযোগ ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে। এই সকলোবিলাক সম্ভৱ হৈছে গোলকীকৰণৰ প্ৰভাৱত। সাম্প্ৰতিক সময়ত প্ৰত্যেকজন ব্যক্তির হাতে হাতে মোবাইল ফোন থকা দেখা যায় যাৰ জৰিয়তে বহুদূৰত থাকিও তেওঁলোকে গাঁৱত থকা পৰিয়ালৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ উপৰিও ছ’চিয়েল নেটৱকিং চাইটসমূহৰ যোগেদি দেশ-বিদেশৰ লগতো সংযোগ ৰাখে। ইয়াৰোপৰি বিশ্বায়নৰ প্ৰভাৱত দেশবোৰৰ মাজত থকা মত পার্থক্যক একাষৰীয়া কৰি থৈ পথ, ৰেল আৰু আকাশী যোগাযোগ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত জনসাধাৰণৰ মাজত বিদেশ ভ্রমণ সুচল হৈ পৰিছে। ইয়াৰ লগে লগে সমগ্ৰ বিশ্বতে পর্যটন উদ্যোগে ঠন ধৰি উঠিছে। এতিয়া বিশ্বৰ চুকে কোনে অৱস্থিত পর্যটন ক্ষেত্ৰবোৰলৈ যাবৰ বাবে পৰ্যটকক সুবিধা কৰি দিবৰ বাবে পৰ্য্যটন কোম্পানী গঢ় লৈ উঠিছে। এনেদৰে বিশ্বায়নৰ দ্বাৰা যোগাযোগ ব্যৱস্থা প্রভাবিত হোৱা দেখা গৈছে।

৪ । বিশ্বায়নে বিভিন্ন শ্রেণীৰ মানুহক বিভিন্ন ধৰণে প্রভাবিত কৰে। আলোচনা কৰা । 

উত্তৰঃ বিশ্বায়নে কিছু সংখ্যক মানুহৰ বাবে ন-ন সুযোগ সুবিধাৰ সৃষ্টি কৰাৰ বিপৰীতে কিছু সংখ্যক মানুহৰ বাবে আকৌ ভয়াবহ দুর্যোগ কঢ়িয়াই আনিছে। উদাহৰণস্বৰূপে, বহুজাতিক প্রতিষ্ঠানবোৰৰ প্ৰৱেশে ভাৰতীয় মহানগৰবোৰত বহু নতুনত্ব আনি দিছে। বাতানুকূল শপিং মল, মাল্টিপ্লেক্স, কে. এফ. চি ৰেষ্টুৰেণ্ট আদিয়ে ভাৰতীয় চহৰবোৰক ন-ৰূপ প্ৰদান কৰিছে। ইয়াৰোপৰি ভাৰতীয় মহানগৰবোৰত এক শ্ৰেণীৰ পেছাদাৰীৰ সৃষ্টি কৰিছে। এই সকল হৈছে ছফ্‌ফ্টৱেৰ ফাৰ্ম, বহুজাতিক বেংক, ষ্টক বজাৰ, ফেচন ডিজাইনাৰ, চাৰ্টাৰ্ড একাউটেন্সি ফার্ম, গণমাধ্যম আদি ক্ষেত্ৰত কৰ্মৰত ব্যক্তি। এওঁলোকৰ কাৰ্য্যসূচী অতি গুৰুত্বপূৰ্ণ আৰু দৰমহাও অত্যাধিক। বিশ্বায়নৰ ফলত এই চামটোৰ সৃষ্টি হৈছে আৰু এওঁলোক লাভবানো হৈছে। ইয়াৰ বিপৰীতে ভাৰতীয় বজাৰলৈ চীন আৰু জাপানৰ ৰেচমী সুঁতা আমদানি হোৱাৰ লগে লগে বিহাৰত ৰেচমী সূঁতা উৎপাদনৰ লগত জড়িত মহিলাসকলে তেওঁলোকৰ কাম হেৰুৱাবলগীয়া হৈছে। কিয়নো চীন আৰু জাপানৰ পৰা অহা ৰেচমী সূঁতাবোৰ আমাৰ থলুৱা সূঁতাবোৰতকৈ বেছি চকচকীয়া আৰু কম দামৰ। 

সেইদৰে গোলকীকৰণৰ পিছত ভাৰতৰ সাগৰত বৃহৎ কোম্পানীবোৰে মাছ মৰাৰ সুবিধা লাভ কৰিলে। এই কোম্পানীবোৰে বৃহৎ জাহাজ ব্যৱহাৰ কৰি উন্নত কৌশলেৰে মাছ ধরে। আৰু সেই অংশৰ সাগৰৰ সকলো মাছ চুটি বাছি ধৰে। ইয়াৰ ফলত পূৰ্বতে সাগৰত মাছ মাৰি জীৱন ধাৰণ কৰা ক্ষুদ্র মাছমৰীয়া, মাছ পৰিস্কাৰ কৰা আৰু শুকুওৱাৰ লগত জড়িত হৈ থকা মহিলাসকল আৰু সাগৰৰ পাৰত মাছ বিক্ৰী কৰা ক্ষুদ্র বেপাৰীসকল বাৰুকৈয়ে ক্ষতিগ্রস্থ হ’বলগীয়া হৈছে।

এনেকৈয়ে বিশ্বায়নে বিভিন্ন শ্রেণীৰ মানুহক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিছে।

৫ । জনসংযোগৰ বৈদ্যুতন মাধ্যমসমূহ কি কি?  

উত্তৰঃ বৈদ্যুতন মাধ্যম বুলি ক’লে বৈদ্যুতিক বৰ্ত্তনী ব্যৱহাৰ কৰি সৃষ্টি কৰা বস্তু যেনে ৰেডিঅ’ টেলিভিছন, ম’বাইল, ইণ্টাৰনেট আদিৰ দৰে মাধ্যম সমূহক বুজায়। কম্পিউটাৰৰ আৱিস্কাৰে এই মাধ্যমসমূহৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন সংঘটিত কৰিছে। বিশেষকৈ ইণ্টাৰনেটৰ ব্যৱহাৰৰ দ্বাৰা ই-মেইল সেৱা আৰু ছ’চিয়েল নেটৱৰ্কিং চাইটসমূহৰ ব্যাপক প্ৰসাৰ ঘটিছে। অৱশ্যে জনসংযোগৰ বৈদ্যুতন মাধ্যম বুলি ক’লে টেপ-ৰেকৰ্ডাৰ, চি.ডি বা ডি.ভি.ডি ডিচ, কথাছবিবা চিনেমা আদি সমূহকো বুজা যায়।

৬ । আমাৰ সংস্কৃতি গণমাধ্যম সমূহৰ দ্বাৰা কেনেকৈ প্ৰভাৱিত হৈছে?

উত্তৰঃ সাম্প্ৰতিক সময়ত সংস্কৃতিক প্ৰভাৱিত কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হৈছে গণমাধ্যম। গণমাধ্যম বুলি ক’লৈ সাধাৰণতে বাতৰি কাকত, আলোচনী, প্ৰচাৰ পত্রিকা, ৰেডিঅ’, টেলিফোন, ম’বাইল, টেলিভিছন, চিনেমা, ইণ্টাৰনেট আদিৰ দৰে মাধ্যমসমূহক বুজা যায়। যিবোৰে জনসাধাৰণৰ উদ্দেশ্যে বাতৰি, তথ্য, বা মনোৰঞ্জনৰ উপকৰণ প্ৰচাৰ কৰে। বৰ্তমান সময়ত এই মাধ্যমসমূহ বিশ্বায়নৰ দ্বাৰা বাৰুকৈয়ে প্রভাৱিত হৈছে। ১৯৭০ চন মানলৈকে প্ৰায়বোৰ গণমাধ্যম কোম্পানীৰ প্ৰচাৰ দেশৰ ৰাষ্ট্ৰীয় নিয়ম অনুসৰি নিজৰ ঘৰুৱা বজাৰতে আৱদ্ধ আছিল। কিন্তু গোলকীকৰণৰ পিছত গণমাধ্যমৰবোৰ একো একোটা বহুজাতিক সংস্থালৈ পৰিণত হ’বলৈ ধৰে। এতিয়া একোখন বাতৰি কাকত একে সময়তে ভিন্ন ভিন্ন স্থানৰ পৰা ভিন্ন ভিন্ন ভাষাত প্রকাশ হয়। ইয়াৰোপৰি Star TV, MTV, Channel – V, Sony, Nick, CN, CNN আদিৰ দৰে বিদেশী কোম্পানীবোৰে পৃথিৱীৰ ভিন্ন ভিন্ন ভাষাত কাৰ্য্যসূচী সম্প্ৰচাৰ কৰে। এনে কাৰ্য্যসূচীবোৰে আমাৰ সংস্কৃতিক প্ৰভাৱিত কৰে। ভাৰতীয় শিশুৰ বাবে এতিয়া হেৰী প’টাৰৰ কাহিনী বা আমেৰিকাৰ ৰিয়েলিটি শ্ব’বোৰ একো নতুন কথা নহয়। এই টেলিভিছন চেনেল বিলাকত দেখুওৱা বিজ্ঞাপনেও জনসাধাৰণৰ মনোভাৱ বা দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰে। কে. এফ. চি ৰেষ্টুৰেণ্টৰ জনপ্ৰিয়তা বা মেকড’নাল্ট কোম্পানীৰ পিজ্জাৰ জনপ্ৰিয়তা ভাৰতীয় বজাৰত বৃদ্ধি কৰাত এনে চেনেলবিলাকে গুৰুত্বপূর্ণ ভূমিকা লৈছিল। পেপচ্ িবা কোকাকোলাক ভাৰতীয় বজাৰত এই টি.ভি চেনেলবিলাকেই পৰিচয় কৰি দিছিল আৰু আজি পেপ্‌চি বা কোকাকোলা ভাৰতীয়সকলৰ মাজত ইমানেই জনপ্রিয় যে বিবাহ, উৎসৱ পাৰ্বন আৰু আনকি ধর্মীয় উৎসৱতো এনে পানীয় পৰিবেশন কৰা হয়। এনেদৰে গণমাধ্যমসমূহে আমাৰ সংস্কৃতিক প্ৰভাৱিত কৰিছে।

৭। আমাৰ সমাজত টেলিভিছনৰ কুপ্ৰভাৱ কেনেদৰে পৰিছে?

উত্তৰঃ ভাৰতত গোলকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰা ব্যক্তিগতখণ্ডৰ চেটেলাইট চেনেলৰ সংখ্যা খৰতকীয়া গতিত বাঢ়িবলৈ ধৰিছে। এনে বিদেশী চেটেলইট চেনেলবিলাকে সমগ্র বিশ্বৰ বাবে কাৰ্য্যসূচী প্ৰচাৰ কৰে। গতিকে ভাৰতৰ দৰ্শকেও ইউৰোপৰ সমাজৰ দৰ্শকৰ বাবে প্রস্তুত কৰা ৰিয়েলিটি শ্ব’ বা ধাৰাবাহিক বা চিনেমা এখন উপভোগ কৰিব পাবে। কিন্তু এই দুয়োখন সমাজৰ মূল্যবোধ, পৰম্পৰা আদি একে নহয় – যাৰ বাবে তুলনামূলকভাৱে বক্ষণশীল। ভাৰতীয় সমাজত মূল্যবোধৰ সংকটৰ সৃষ্টি হৈছে। ইয়াৰোপৰি STAR, SONY আদি চেনেলে আমেৰিকাৰ কিছুমান TV ৰ কাৰ্য্যসূচী হিন্দী ভাষালৈ ৰূপান্তৰ কৰি ভাৰতীয় নৱপ্ৰজন্মৰ মনোৰঞ্জনৰ বাবে প্ৰচাৰ কৰি তীব্ৰ জনপ্রিয়তা লাভ কৰিছিল। এনে কাৰ্য্যসূচীবোৰে ভাৰতৰ ৰক্ষণশীল সংস্কৃতিৰ ওপৰত বেয়া প্ৰভাৱ পেলোৱা দেখা গৈছে।

ইয়াৰোপৰি সাম্প্ৰতিক সময়ত ব্যক্তিখণ্ডৰ টেলিভিছন চেনেল বিলাকে দৰ্শকৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবেই বাতৰিবোৰ জীৱন্ত ৰূপত প্ৰচাৰ কৰাৰ প্ৰয়াস কৰে। ইয়ো আমাৰ সমাজত যথেষ্ট কু-প্রভাৱ পেলাইছে। বিভিন্ন সময়ত হত্যা-হিংসাৰ দৃশ্য প্ৰচাৰ কৰি, জীৱ-জন্তু ধর্মীয় কাৰণত বলি দিয়া দৃশ্য প্ৰচাৰ কৰি বা আত্মহত্যাৰ সমগ্ৰ দৃশ্য প্ৰচাৰ কৰি সাধাৰণ দৰ্শকৰ মগজুত আঘাত কৰাৰ বহুতো উদাহৰণ থকা দেখা যায়।

তদুপৰি সম্ভীয়া জনপ্রিয়তা লাভৰ বাবে বৰ্তমান সময়ত টিভি চেনেলবিলাকে বহু সময়ত আনৰ ব্যক্তিগত মূহূৰ্ত সম্প্ৰচাৰ কৰি ব্যক্তি স্বাধীনতা খর্ব কৰা দেখা গৈছে। ৰাজনৈতিক নেতা, জনপ্রিয় ক্রীড়াবিদ আৰু চিত্ৰ তাৰকাসকলৰ ব্যক্তিগত মূহুর্ত কেমেৰাত আৱদ্ধ কৰি এনে চেনেলবিলাকে ধন ঘটাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা দেখা গৈছে। এইবিলাক টেলিভিছনে আমাৰ সমাজত পেলোৱা কিছুমান কুপ্ৰভাৱ।

৮ । গণমাধ্যম বুলিলে কি বুজা?

উত্তৰঃ‌ গণমাধ্যম বুলি ক’লে সাধাৰণতে জনসংখ্যাৰ এটা বুজন অংশৰ উদ্দেশ্যে বা-বাতৰি, তথ্য আৰু মনোৰঞ্জনৰ উপকৰণ প্ৰচাৰ কৰাকে বুজায়। গণ মাধ্যমক জনসংযোগৰ মাধ্যম বুলিও কোৱা হয়।

জনসংযোগ মাধ্যম বুলি ক’লে সাধাৰণতে বাতৰি কাকত, আলোচনী, ৰেডিঅ’, দূৰদৰ্শন, চিনেমা বা কথাছবি, ডাকতাৰ ব্যৱস্থা, কম্পেক্ত ডিচ, কেমেৰা, টেলিফোন, ইণ্টাৰনেট ইত্যাদিৰ কথাই বুজো। দৰাচলতে জনসংযোগ মাধ্যামসমূহ যোগাযোগ ব্যৱস্থাৰে এটা অংশ।

জনসংযোগ মাধ্যমবিলাকক আমি মূলতঃ তিনিটা ভাগত ভাগ কৰিব পাৰো।

যেনে –  (ক) পঢ়িব পৰা, (খ) শুনিব পৰা আৰু (গ) দেখিব পৰা

বাতৰি কাগজ, আলোচনী প্রচার পত্রিকা, কিতাপ আদি পঢ়িব পৰা জনসংযোগ মাধ্যম। ৰেডিঅ, টেলিফোন, গ্রামফোন, অডিঅ’, কেছেট আদি শুনিব পৰা জনসংযোগ মাধ্যম। দূৰদৰ্শন বা টিভি, কথাছবি বা চিনেমা,ভিজুৱেল ডিচ আদি চাব পৰা বা দৃশ্যমান জনসংযোগ মাধ্যম।

৯ । সাংস্কৃতিক পৰিৱৰ্তনত জনসংযোগৰ মাধ্যমসমূহে কেনেদৰে সহায় কৰে?

উত্তৰঃ‌  পৰিৱৰ্তনত গণমাধ্যমসমূহৰ ভূমিকা অপরিসীম। গণমাধ্যম বুলি ক’লে জনসাধাৰণৰ এটা বুজন অংশৰ উদ্দেশ্যে বা-বাতৰি, তথ্য তথ্য মনোৰঞ্জনৰ উপকৰণসমূহ প্ৰচাৰ কৰা মাধ্যমসমূহক বুজা যায়। বাতৰি কাকত, আলোচনী, ৰেডিঅ’, টি.ভি, মোবাইল, ইণ্টাৰনেট আদিবোৰকে গণমাধ্যম বুলি ক’ব পাৰি। গোলকীকৰণৰ পিছত গণমাধ্যমসমূহ একো একোটা বহুজাতিক সংস্থালৈ ৰূপান্তৰিত হৈ পৰিছে। ইলেক্ট্রনিক মাধ্যমসমূহে আজিকালি দিনটোৰ চৌবিছে ঘণ্টাই কাৰ্য্যসূচী প্ৰচাৰ কৰে আৰু সপ্তাহৰ সাতোটা দিনেই প্ৰচাৰ কৰে। এনেদৰে অহৰহ প্ৰচাৰ কৰি একোটা নতুন মূল্যবোধ সমাজত প্ৰচাৰ কৰাৰ সুবিধা পায় বা এটা পুৰণা ধাৰণা সমাজৰ পৰা নাইকিয়া কৰি দিয়াৰো সুবিধা পায়। উদাহৰণস্বৰূপে ভাৰতৰ বজাৰত পেপ্‌চি, কোকাকোলা, কে.এফ. চি. ৰেষ্টুৰেণ্ট, মেকড’নাল্ডৰ পিজ্জা আদিৰ পৰিচয় কৰাই দিছিল গণমাধ্যমসমূহে। এতিয়া মাথো এটা দশকৰ পূৰ্বে অচিনাকী সামগ্ৰীবোৰ আমাৰ নিত্য প্রয়োজনীয় সামগ্ৰীলৈ ৰূপান্তৰিত হৈছে।

আমাৰ সাংস্কৃতিক পৰিচয়ৰ এটা আধাৰ হৈছে সাজ-পোছাক। কিন্তু গোলকীকৰণে গণমাধ্যমসমূহৰ যোগেদি আমাৰ পোচাক পৰিচ্ছদলৈও পৰিৱৰ্তন কঢ়িয়াই আনিছে। আজিকালি মানুহে চহৰৰ বিশাল শ্বপিং মলবিলাকৰ পৰা আন্তঃৰাষ্ট্ৰীয় কোম্পানী যেনে বিক্ক, নাইকি, লি, কুপাৰ আদিয়ে প্ৰস্তুত কৰা পোচাক কিনা দেখা যায়। আনহাতে গীত, মাত, নৃত্য আদি বোৰো আমাৰ সংস্কৃতিৰ অভিন্ন অংশ। এই বস্তুবোৰ গণমাধ্যমসমূহৰ দ্বাৰা আটাইতকৈ বেছিকৈ প্ৰভাৱিত হৈছে। আজিকালি ডি.ভি.ডি, চি.ডি., ইণ্টাৰনেট, এফ. এম. ৰেডিঅ’ আদিৰ জৰিয়তে গীত, নৃত্য আদি প্ৰচাৰ কৰা হয় যাৰ বাবে সমগ্র বিশ্বই এই বস্তুবোৰ উপভোগ কৰিব পাৰে। গতিকে কোনো গীত মাতেই এতিয়া পূৰ্বৰ অৰ্থত স্থানীয় হৈ থকা নাই আৰু কোনবোৰ বিশুদ্ধ ৰূপত থকা নাই। ইয়াৰ ফলত দুটা বা কেইবাটাও সংগীতৰ ধাৰাৰ সংমিশ্ৰণত সংমিশ্রিত সংগীত সৃষ্টি হোৱা দেখা গৈছে আৰু এইবোৰে নৱপ্ৰজন্মৰ মাজত ব্যাপক জনপ্রিয়তা লাভ কৰিছে। এনেদৰে সাংস্কৃতিক ক্ষেত্ৰত গণমাধ্যমসমূহে ব্যাপক প্ৰভাৱ পেলোৱা দেখা যায়।

১০। ভাৰতীয় টেলিভিশ্বনক বিশ্বায়নে কেনেদৰে প্ৰভাৱিত কৰিছে? 

উত্তৰঃ ১৯৫৯ চনত গ্ৰাম্য উন্নয়নক আগবঢ়াই নিয়াৰ উদ্দেশ্যে ভাৰতত পৰীক্ষামূলকভাবে দূৰদৰ্শনৰ প্ৰচাৰ আৰম্ভ হয়। ১৯৭৬ চনলৈ দিল্লী, মুম্বাই, কলকতাকে ধৰি দেশৰ মুঠ সাতখন মহানগৰত দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয়। এই দূৰদৰ্শন কেন্দ্র সমূহে বাতৰি, শিশু আৰু মহিলাসকলক কাৰ্য্যসূচী, কৃষি সম্পৰ্কীয় কাৰ্যসূচী আৰু অৱসৰ বিনোদনৰ কাৰ্য্যসূচীও আছিল। ১৯৮২ চনত দিল্লীত অনুষ্ঠিত হোৱা এছিয়ান গেম্‌চৰ সময়ৰ পৰা ভাৰতত দূৰদৰ্শনৰ কাৰ্য্যসূচী ৰঙীণ ৰূপত উপভোগ কৰিব পৰা হৈছিল। ১৯৯১ চনত ভাৰতত গোলকীকরণ প্রক্রিয়া আৰম্ভ হৈছিল আৰু তেতিয়া ভাৰতত কেৱল এটা টি.ভি. চেনেল আছিল – দূৰদৰ্শন। কিন্তু গোলকীকৰণ আৰম্ভ হোৱাৰ পিছতে ১৯৯৮ চনত ভাৰতত টি.ভি. চেনেলৰ সংখ্যা হৈছিলগৈ ৭০ টা। বহিঃৰাষ্ট্ৰৰ কোম্পানী যেনে – Star TV, MTV, Channel (V), Sony, AXN আদিয়ে ভাৰতত কাৰ্য্যসূচী সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰাৰ পিছত কাৰ্য্যসূচী সমূহৰো ভালেখিনি গুণগত মানদণ্ডৰ পৰিৱৰ্তন হৈছিল। বহুতো বিদেশী কোম্পানীয়ে হিন্দী ভাষাত কাৰ্য্যসূচী প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু বহুতে আমেৰিকাত জনপ্ৰিয় হোৱা কিছুমান মনোৰঞ্জনৰ কাৰ্য্যসূচী হিন্দীলৈ ভাষান্তৰ কৰি প্ৰচাৰ কৰিছিল। এতিয়া DTH সেৱাৰ যোগেদি ভাৰত চৰকাৰে বিনামূলীয়াকৈ দেশৰ বহুতো আঞ্চলিক চেনেল, দূৰদৰ্শনৰ কিছুমান চেনেল আৰু কেইবাটাও আন্তৰাষ্ট্ৰীয় বাতৰি চেনেল জনসাধাৰণৰ বাবে প্ৰচাৰ কৰে। বৰ্তমান ভাৰতত অগণন টি.ভি চেনেলৰ সৃষ্টি হৈছে। সকলোবোৰ চেনেলেই ২৪×৭ (সপ্তাহৰ সাত দিনৰ চৌব্বিশ ঘণ্টা) হিচাপত কাৰ্য্যসূচী সম্প্ৰচাৰ কৰে। অৱশ্যে এতিয়া চেনেলবিলাকে নিজকে বাতৰি চেনেল, মিউজিক চেনেল বা মুভি চেনেল বা এণ্টাৰটেইনমেণ্ট চেনেল হিচাপে চিনাকী দিব বিচাৰে। সাম্প্ৰতিক সময়ত ভাৰততো শিশু আৰু মহিলাসকলক লক্ষ্য কৰি কাৰ্য্যসূচী সম্প্ৰচাৰ কৰা চেনেলো সৃষ্টি হৈছে।

এনেদৰেই বিশ্বায়নে ভাৰতীয় টেলিভিছনক প্ৰভাৱিত কৰিছে।

১১। স্বাধীনোত্তৰ ভাৰতত ছপা মাধ্যমসমূহৰ ক্ষেত্ৰত দেখা পোৱা প্ৰধান পৰিৱৰ্তনসমূহ আলোচনা কৰা।

উত্তৰঃ যদিও ১৯ শতিকাৰ ভাৰতত ছপা মাধ্যমসমূহৰ বৰ বেছি বিকাশ ঘটা নাছিল তথাপিও ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জাতীয়তাবাদী মনোভাৱ গঢ়ি উঠাত ভাৰতীয় কাকত আলোচনীবোৰে বিশেষ ভূমিকা লৈছিল। স্বাধীনতাৰ পিচত ভাৰতত বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছিল। শিক্ষিত লোকৰ সংখ্যা বৃদ্ধি পোৱা আৰু নগৰীকৰণ হোৱাৰ ফলতে বাতৰি কাকতৰ পঢ়ুৱৈ বৃদ্ধি পাইছিল। অৱশ্যে আঞ্চলিক ভাষাত কাকত আলোচনীৰ প্ৰকাশ বৃদ্ধি পোৱাৰ বাবেও পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি পাইছিল। এই সময়ত ভাৰতত সাংবাদিকতাক প্ৰয়োজনীয় বিষয় আৰু প্ৰয়োজনীয় সময়ত মাত মতাৰ এক বলিষ্ঠ কণ্ঠ হিচাপে গণ্য কৰা হৈছিল।

সাংবাদিকসকল দেশপ্রেম আৰু সমাজ সংস্কাৰ আদৰ্শৰ দ্বাৰা অনুপ্রাণিত হৈছিল। বোধহয়। সাংবাদিকসকলৰ এনে ভূমিকাৰ বাবেই দেশত জৰুৰী অৱস্থা ঘোষণা কৰা সময়ৰ কাকত, ইন্দিৰা গান্ধী আৰু তেওঁৰ চৰকাৰৰ নেতাসকলক ক্ষুৰধাৰ সমালোচনা কৰিছিল। জবনী অবস্থা সময়ত ছপা মাধ্যমৰ ওপৰত চেঞ্চৰ আৰোপ কৰা হৈছিল। কিন্তু অবলী অৱস্থাৰ অৱসান। পিছত এনে চেঞ্চৰ উঠাই লৈছিল আৰু ভাৰতে মুক্ত প্ৰচাৰ মাধ্যমৰ গৰাকী হোৱাৰ গৌৰৱ উদ্ধাৰ কৰিছিল। জবৰী অৱস্থাৰ পিছত হোৱা সাধাৰণ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ কংগ্ৰেছ দলৰ পৰাজয় হোৱাত ছপা মাধ্যমসমূহৰ ভূমিকা সন্দেহাতীতভাবে প্রমাণ হৈছিল।

গোলকীকৰণৰ পিছত, বিশেষকৈ নতুন প্রযুক্তিবিদ্যাৰ প্ৰভাৱত ভাৰতৰ বাতৰি কাকত উৎপাদন প্ৰক্ৰিয়াটোলৈ ব্যাপক পৰিৱৰ্তন আহি পৰে। মূলতঃ কম্পিউটার, ইন্টাৰনেটৰ প্রয়োগ আৰু ‘News maker’ ৰ দৰে বাতৰি তৈয়াৰ কৰিব পৰা Software ব প্রয়োগে এনে পৰিৱৰ্তন সম্ভৱ কৰি তুলিলে। শেহতীয়াকৈ লেপটপ, মোবাইল ফোন আৰু হাতৰ মুঠিত লৈ ফুৰিব পৰা ইণ্টাৰনেট সংযোগ ব্যৱস্থাৰ ব্যৱহাৰে সংবাদপত্ৰৰ প্ৰসাৰতাত ক্ষিপ্ৰ গতি আনি দিলে আৰু সংবাদপত্র উৎপাদন প্রতিষ্ঠান সমূহলৈ সজীবতা আনি দিলে। আজি সংবাদপত্রই নিজকে সংবাদ বিনোদন (Infotainment) উদ্যোগ হিচাপে প্রতিষ্ঠিত কৰিছে – য’ত বিভিন্ন শ্ৰেণীৰ লোকৰ মনোযোগ আকর্ষণ কৰিব পৰাকৈ শিতানসমূহ প্ৰস্তুত কৰে। ইয়াৰোপৰি প্ৰযুক্তিবিদ্যাৰ তীব্র বিকাশৰ ফলত আজিকালি এখন কাকত বা আলোচনী একে সময়তে বিশ্বৰ বিভিন্ন প্রান্তত বিভিন্ন ভাষাত একেলগে প্রকাশ কৰাৰ সুবিধা কৰি দিছে।

এনেদৰে স্বাধীনোত্তৰ ভাৰতত ছপা মাধ্যমসমূহলৈ বিভিন্ন পৰিৱৰ্তন অহা দেখা গৈছে। 

১২। “সাংস্কৃতিক গোলকীকৰণৰ প্ৰতি মানুহৰ আগ্ৰহ ক্ৰমাৎ বৃদ্ধি পাই আহিছে।” তুমি সমৰ্থন কৰানে? কিয় ? ব্যাখ্যা কৰা।

উত্তৰঃ সাংস্কৃতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত গোলকীকৰণৰ প্ৰভাৱ অতি অভূতপূর্ব। এনেকুৱা বহু ক্ষেত্র আছে য’ত গোলকীকৰণে সাংস্কৃতিক প্রভাৱিত কৰিছে। মই ভাবো যে এই সাংস্কৃতিক গোলকীকৰণৰ প্ৰতি মানুহৰ আগ্ৰহো দিনে দিনে বৃদ্ধি পাই আহিছে। সংস্কৃতি বুলি ক’লে কেৱল সংগীত, সাজপাৰ, খাদ্যাভ্যাস আদিকে নুবুজায়। বর্তমান গোলকীকৰণে আমাৰ গোটেই জীৱন নিৰ্বাহ প্রণালীতে পৰিৱৰ্তন আনিছে। যদি আমি খাদ্যাভ্যাসলৈ চাওঁ, আমি বর্তমান দেশীয় খাদ্যতকৈ বিদেশী খাদ্যৰ প্ৰতি বেছি আকৰ্ষিত হৈছো। বর্তমান মেকড ‘নাল্ড পিজ্জা, আদিব প্রতি আমি বেছি আগ্ৰহী হৈ পৰিছো, আমি আজিকালি ব্ৰেণ্ডেড, বস্তুৰ প্ৰতি বেছি আগ্রহী। টি. ভিতো আমি বাহিৰৰ টি.ভি চেনেলহে উপভোগ কৰো। ভাষাৰ ক্ষেত্ৰতো বৰ্তমান নতুন প্রজন্মই ইংৰাজী আৰু হিন্দীৰ সংমিশ্ৰণত ইংলিছ ভাষাহে ব্যৱহাৰ কৰে। সেয়েহে মই সমৰ্থন কৰো যে সাংস্কৃতিক গোলকীকৰণৰ প্ৰতি মানুহৰ আগ্ৰহ ক্ৰমাৎ বৃদ্ধি পাই আহিছে।

(গ) ৰচনাধর্মী প্রশ্নোত্তৰ : মূল্যাংক: ৪/৫

১। বিশ্বায়ন কি? চমুকৈ আলোচনা কৰা। 

উত্তৰঃ গোলকীকৰণ শব্দটো বিভিন্ন ধৰণেৰে ব্যৱহাৰ কৰা দেখা যায়।

যেনে—

(ক) দেশবোৰৰ মাজত আন্তঃনির্ভৰশীলতা আৰু আন্তঃক্রিয়া স্থাপন। 

(খ) বিশ্বৰ অৰ্থনীতিৰ মাজত সংহতি স্থাপন ।

ওপৰৰ এই দৃষ্টিভংগীৰ ভিত্তিত আমি ক’ব পাৰো যে, ই হৈছে এনে এটা প্ৰক্ৰিয়া য’ত সীমাৰ সিপাৰলৈ সামাজিক সাংস্কৃতিক, প্রযুক্তি আদিৰ আদান প্রদান হয়। 

গোলকীকৰণ শব্দটো প্ৰথম উদ্ভাৱন কৰা হৈছিল ১৯৮০ চনত। ইয়াৰ অৰ্থ এইটো নহয় যে আগেয়ে দেশসমূহৰ মাজত আন্তঃসম্পর্ক নাছিল। কিন্তু সম্প্রতি আধুনিক যুগত গোলকীকৰণে অর্থনীতি, শিক্ষা, প্রযুক্তি, সামাজিক, সাংস্কৃতিক আদি জীৱনৰ সকলো ক্ষেত্রকেই সামৰি আছে। গোলকীকৰণৰ তাৎপর্য বুজাবলৈ প্ৰায়েই গোলকীয় গাওঁ শব্দটো ব্যৱহাৰ কৰা হয়। এই শব্দই নিৰ্দেশ কৰে যে বৰ্তমান ইকেট্রনিক যোগাযোগ ব্যৱস্থাই গোটেই বিশ্বকে এখন গাঁৱত পৰিণত কৰিছে।) 

গোলকীকৰণ বা বিশ্বায়ন আধুনিক বিশ্বত বহুল ব্যৱহৃত এটি অৱধাৰণা।

গোলকীকৰণৰ কেইটামান মূল বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল–

(ক) গোলকীকৰণ ধাৰণাটো সম্পূর্ণ নতুন ধাৰণা নহয়। যদিও ১৯৮০ চনৰ পৰাহে সমা বিশ্বতে গোলকীকৰণ শব্দটোৰ বিকাশ হয়, তথাপিতো ই নতুন ধাৰণা নহয়। সোতৰ শতিকাৰ ইংলেণ্ডৰ শিল্প বিপ্লৱৰ পিছতেহ এই ধাৰণাটোৰ বিকাশ হৈছিল। বৃটিছৰ ঔপনিবেশিক দেশসমূহৰ পৰা বৃটিছসকলৰ সম্পদ নির্গমন আৰু আগমন নীতিয়ে গোলকীকৰণৰ আৰম্ভণি

(গ) গোলকীকৰণে উৎপাদনৰ গোলকীকৰণকো বুজায়।

(গ) ৰপ্তানিৰ ওপৰত গুৰুত্ব প্ৰদানঃ গোলকীকৰণৰ অৰ্থনীতিত ৰপ্তানি বাণিজ্যৰ বিশেষ স্থান আছে। দেশৰ ৰপ্তানিৰ ওপৰত ভিত্তি কৰি উদ্যোগ খণ্ডৰ প্ৰসাৰ ঘটে।

(ঘ) দেশীয় অর্থনীতিয়ে গোলকীয় অর্থনীতিৰ ওপৰত নিৰ্ভৰ কৰে: গোলকীকৰণে দেশীয় অর্থনীতিত প্রভাব পেলায়। দেশীয় উৎপাদন বাঢ়িলেহে ৰপ্তানি বাঢ়ে আৰু দেশৰ অর্থনৈতিক অবস্থার উন্নতি হয়, ঠিক সেইদৰে ইয়াৰ ওলোটা প্রভাবো পৰে। আকৌ দেশৰ মুঠ উৎপাদনৰ ওপৰতো গোলকীয় অর্থনীতিয়ে নির্ভৰ কৰে।

(ঙ) গোলকীকৰণৰ কিছুমান সীমাবদ্ধতা আছেঃ গোলকীকৰণৰ ফলত বিশ্ব মুক্ত-বাণিজ্যৰ কথা কোৱা হয় যদিও প্রকৃতপক্ষে কোনো দেশেই দেশীয় উৎপাদনৰ কথা চিন্তা নকৰাকৈ অবাধ মুক্ত বাণিজাত অংশ গ্রহণ নকৰে। প্ৰবাৰ আমদানিৰ ক্ষেত্ৰত প্ৰত্যেকখন দেশেই নিজস্ব ব্যৱস্থা গ্ৰহণ কৰে। একেদৰেই ৰপ্তানিৰ ক্ষেত্ৰতো কিছুমান সীমাবদ্ধতা আছে।

২। আমাৰ স্থানীয় সংস্কৃতিৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ কেনেধৰণৰ?

উত্তৰ: বিশ্বায়নৰ কোবাল ঢৌয়ে আমার সকলোকে চুই গৈছে। বিশ্বায়নৰ প্ৰভাৱত স্থানীয় শব্দটোৰ অৰ্থ এহাতে নাইকিয়া হৈ পৰিছে আৰু আনহাতেই গুৰুত্বপূৰ্ণও হৈ পৰিছে। আজি দক্ষিণ আমেৰিকাৰ জনপ্রিয় খাদ্য পিজ্জা আমাৰ সকলোৰে প্ৰিয় হৈ পৰিছে আৰু এতিয়া, অসমৰ চুকে কোনেও ইসুলভ। ঠিক সেইদৰে দক্ষিণ ভাৰতৰ দোচাও আজি সমগ্র বিশ্বতে জনপ্ৰিয় হৈ পৰিছে আৰু আমেৰিকা বা ফ্ৰান্সৰ ৰেষ্টুৰেণ্টতো কোনো গ্রাহকে ইয়াৰ সোৱাদ ল’ব পাৰিছে। এনেদরে বিশ্বায়নে আমাৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰাৰ লগতে আমাৰ নিজৰ খাদ্য সম্ভাৰ বিশ্বৰ দৰাবাৰলৈ লৈ গৈছে।

বিশ্বায়নৰ প্ৰভাৱ বেছিকৈ পৰিছে সংগীত জগতত। আজি অসমৰ বিহু গীত অসমীয়া নুবুজা মানুহেও আগ্রহেবে উপভোগ কৰা দেখা যায়। বিদেশী লোকৰ উপভোগ্য কবিবৰ বাবে আৰু প্ৰচাৰৰ সুবিধাৰ বাবে আজিকালি বিহুগীতবিলাক উন্নত প্রযুক্তিৰে DVD Disc ও বাণীবদ্ধ কৰা হয় আৰু ইণ্টাৰনেট যোগেও প্ৰচাৰ কৰা হয়। বর্তমান বিহুগীতত থলুৱা বাদ্যযন্ত্ৰৰ উপৰিও ড্রাম, বেইছ গীটাৰ, কী-ব’ৰ্ড আদিৰ দৰে পশ্চিমীয়া বাদ্যযন্ত্র ব্যৱহাৰ কৰা হৈছে। এনেদৰেই আমাৰ স্থানীয় বিহুগীতত বিশ্বায়নে প্রভাৱ পেলাইছে।

৩। বিশ্বায়নৰ দ্বাৰা যোগাযোগ ব্যবস্থা কেনেদৰে প্ৰভাৱিত হৈছে?

উত্তৰ : সাম্প্ৰতিক সময়ত যোগাযোগ ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থকা মাধ্যম হ’ল গণমাধ্যম। এই গণমাধ্যম বিভিন্ন মাধ্যমিক সাঙুৰি লৈছে যেনে – দূৰদৰ্শন, বাতৰি কাকত, আলোচনী, ৰেডিঅ’, ইণ্টাৰনেট আদি। শেহতীয়াকৈ ছ’চিয়েল নেটৱৰ্কিং চাইট যেনে ফেচবুক, টুইটাৰ আদিয়ে গণসংযোগ ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে। এই সকলোবিলাক সম্ভৱ হৈছে গোলকীকৰণৰ প্ৰভাৱত। সাম্প্রতিক সময়ত প্ৰত্যেকজন ব্যক্তিৰ হাতে হাতে মোবাইল ফোন থকা দেখা যায় যাৰ জৰিয়তে বহুদূৰত থাকিও তেওঁলোকে গাঁৱত থকা পৰিয়ালৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ উপৰিও ছ’চিয়েল নেটৱকিং চাইটসমূহৰ যোগেদি দেশ-বিদেশৰ লগতো সংযোগ ৰাখে। ইয়াৰোপৰি বিশ্বায়নৰ প্ৰভাৱত দেশবোৰৰ মাজত থকা মত পার্থক্যক একাষৰীয়া কৰি থৈ পথ, ৰেল আৰু আকাশী যোগাযোগ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত জনসাধাৰণৰ মাজত বিদেশ ভ্রমণ সুচল হৈ পৰিছে। ইয়াৰ লগে লগে সমগ্র বিশ্বতে পর্যটন উদ্যোগে ঠন ধৰি উঠিছে। এতিয়া বিশ্বৰ চুকে কোনে অৱস্থিত পর্যাটন ক্ষেত্ৰবোৰলৈ যাবৰ বাবে পৰ্যটকক সুবিধা কৰি দিবৰ বাবে পৰ্য্যটন কোম্পানী গঢ় লৈ উঠিছে। এনেদৰে বিশ্বায়নৰ দ্বাৰা যোগাযোগ ব্যৱস্থা প্রভাৱিত হোৱা দেখা গৈছে।

৪। বিশ্বায়নে বিভিন্ন শ্রেণীৰ মানুহক বিভিন্ন ধৰণে প্রভাবিত কৰে। আলোচনা কৰা। 

উত্তৰ ঃ বিশ্বায়নে কিছু সংখ্যক মানুহৰ বাবে ন-ন সুযোগ সুবিধাৰ সৃষ্টি কৰাৰ বিপৰীতে কিছু সংখ্যক মানুহৰ বাবে আকৌ ভয়াবহ দুর্যোগ কঢ়িয়াই আনিছে। উদাহৰণস্বৰূপে, বহুজাতিক প্রতিষ্ঠানবোৰৰ প্ৰৱেশে ভাৰতীয় মহানগৰবোৰত বহু নতুনত্ব আনি দিছে। বাতানুকূল শপিং মল, মাল্টিপ্লেক্স, কে. এফ. চি ৰেষ্টুৰেণ্ট আদিয়ে ভাৰতীয় চহৰবোৰক ন-ৰূপ প্ৰদান কৰিছে। ইয়াৰোপৰি ভাৰতীয় মহানগৰবোৰত এক শ্ৰেণীৰ পেছাদাৰীৰ সৃষ্টি কৰিছে। এইসকল হৈছে ছফটৱেৰ ফার্ম, বহুজাতিক বেংক, ষ্টক বজাৰ, ফেচন ডিজাইনাৰ, চাৰ্টাৰ্ড একাউটেন্সি ফার্ম, গণমাধ্যম আদি ক্ষেত্ৰত কৰ্মৰত ব্যক্তি। এওঁলোকৰ কাৰ্য্যসূচী অতি গুৰুত্বপূৰ্ণ আৰু দৰমহাও অত্যাধিক। বিশ্বায়নৰ ফলত এই চামটোৰ সৃষ্টি হৈছে আৰু এওঁলোক লাভবানো হৈছে। ইয়াৰ বিপৰীতে ভাৰতীয় বজাৰলৈ চীন আৰু জাপানৰ ৰেচমী সুঁতা আমদানি হোৱাৰ লগে লগে বিহাৰত ৰেচমী সুঁতা উৎপাদনৰ লগত জড়িত মহিলাসকলে তেওঁলোকৰ কাম হেৰুৱাবলগীয়া হৈছে। কিয়নো চীন আৰু জাপানৰ পৰা অহা ৰেচমী সূঁতাবোৰ আমাৰ থলুৱা সূঁতাবোৰতকৈ বেছি চকচকীয়া আৰু কম দামৰ। 

সেইদৰে গোলকীকৰণৰ পিছত ভাৰতৰ সাগৰত বৃহৎ কোম্পানীবোৰে মাছ মৰাৰ সুবিধা লাভ কৰিলে। এই কোম্পানীবোৰে বৃহৎ জাহাজ ব্যৱহাৰ কৰি উন্নত কৌশলেৰে মাছ ধরে আৰু সেই অংশৰ সাগৰৰ সকলো মাছ চুচি বাছি ধৰে। ইয়াৰ ফলত পূৰ্বতে সাগৰত মাছ মাহি জীৱন ধাৰণ কৰা ক্ষুদ্র মাছমৰীয়া, মাছ পৰিস্কাৰ কৰা আৰু শুকুওৱাৰ লগত জড়িত হৈ থকা মহিলাসকল আৰু সাগৰৰ পাৰত মাছ বিক্ৰী কৰা ক্ষুদ্র বেপাৰীসকল বাৰুকৈয়ে ক্ষতিগ্রস্থ হ’বলগীয়া হৈছে।

এনেকৈয়ে বিশ্বায়নে বিভিন্ন শ্ৰেণীৰ মানুহক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিছে।

৫। জনসংযোগৰ বৈদ্যুতন মাধ্যমসমূহ কি কি? 

উত্তৰ : বৈদ্যুতন মাধ্যম বুলি ক’লে বৈদ্যুতিক বৰ্ত্তনী ব্যৱহাৰ কৰি সৃষ্টি কৰা বস্তু যেনে ৰেডিঅ’, টেলিভিছন, ম’বাইল, ইণ্টাৰনেট আদিৰ দৰে মাধ্যম সমূহক বুজায়। কম্পিউটাৰৰ আৱিস্কাৰে এই মাধ্যমসমূহৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন সংঘটিত কৰিছে। বিশেষকৈ ইণ্টাৰনেটৰ ব্যৱহাৰৰ দ্বাৰা ই-মেইল সেৱা আৰু ছ’চিয়েল নেটৱৰ্কিং চাইটসমূহৰ ব্যাপক প্ৰসাৰ ঘটিছে। অৱশ্যে জনসংযোগৰ বৈদ্যুতন মাধ্যম বুলি ক’লে টেপ-ৰেকৰ্ডাৰ, চি.ডি বা ডি.ভি.ডি ডিচ, কথাছবিৰ চিনেমা আদি সমূহকো বুজা যায়।

৬। আমাৰ সংস্কৃতি গণমাধ্যম সমূহৰ দ্বাৰা কেনেকৈ প্ৰভাৱিত হৈছে? 

উত্তৰ : সাম্প্ৰতিক সময়ত সংস্কৃতিক প্ৰভাৱিত কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হৈছে গণমাধ্যম। গণমাধ্যম বুলি ক’লে সাধাৰণতে বাতৰি কাকত, আলোচনী, প্ৰচাৰ পত্রিকা, ৰেডিঅ’, টেলিফোন, ম’বাইল, টেলিভিছন, চিনেমা, ইণ্টাৰনেট আদিৰ দৰে মাধ্যমসমূহক বুজা যায় – যিবোৰে জনসাধাৰণৰ উদ্দেশ্যে বাতৰি, তথ্য, বা মনোৰঞ্জনৰ উপকৰণ প্ৰচাৰ কৰে। বৰ্তমান সময়ত এই মাধ্যমসমূহ বিশ্বায়নৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছে। ১৯৭০ চন মানলৈকে প্ৰায়বোৰ গণমাধ্যম কোম্পানীৰ প্ৰচাৰ দেশৰ ৰাষ্ট্ৰীয় নিয়ম অনুসৰি নিজৰ ঘৰুৱা বজাৰতে আৱদ্ধ আছিল। কিন্তু গোলকীকৰণৰ পিছত গণমাধ্যমৰবোৰ একো একোটা বহুজাতিক সংস্থালৈ পৰিণত হ’বলৈ ধৰে। এতিয়া একোখন বাতৰি কাকত একে সময়তে ভিন্ন ভিন্ন স্থানৰ পৰা ভিন্ন ভিন্ন ভাষাত প্রকাশ হয়। ইয়াৰোপৰি Star TV, MTV, Channel – V, Sony, Nick CN, CNN আদিৰ দৰে বিদেশী কোম্পানীবোৰে পৃথিৱীৰ ভিন্ন ভিন্ন ভাষাত কাৰ্য্যসূচী সম্প্ৰচাৰ কৰে। এনে কাৰ্য্যসূচীবোৰে আমাৰ সংস্কৃতিক প্ৰভাৱিত কৰে। ভাৰতীয় শিশুৰ বাবে এতিয়া হেৰী প’ৰ্টাৰৰ কাহিনী বা আমেৰিকাৰ ৰিয়েলিটি শ্ব’বোৰ একো নতুন কথা নহয়। এই টেলিভিছন চেনেল বিলাকত দেখুওৱা বিজ্ঞাপনেও জনসাধাৰণৰ মনোভাৱ বা দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰে। কে. এফ. চি ৰেষ্টুৰেণ্টৰ জনপ্রিয়তা বা মেকড’নাল্ট কোম্পানীৰ পিজ্জাৰ জনপ্ৰিয়তা ভাৰতীয় বজাৰত বৃদ্ধি কৰাত এনে চেনেলবিলাকে গুৰুত্বপূর্ণ ভূমিকা লৈছিল। পেপচ্ িবা কোকাকোলাক ভাৰতীয় বজাৰত এই টি.ভি চেনেলবিলাকেই পৰিচয় কৰি দিছিল আৰু আজি পেপ্‌চি বা কোকাকোলা ভাৰতীয়সকলৰ মাজত ইমানেই জনপ্রিয় যে বিবাহ, উৎসৱ পাৰ্বন আৰু আনকি ধর্মীয় উৎসৱতো এনে পানীয় পৰিবেশন কৰা হয়। এনেদৰে গণমাধ্যমসমূহে আমাৰ সংস্কৃতিক প্ৰভাৱিত কৰিছে।

৭। আমাৰ সমাজত টেলিভিছনৰ কুপ্ৰভাৱ কেনেদৰে পৰিছে? 

উত্তৰ ভাৰতত গোলকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰা ব্যক্তিগতখণ্ডৰ চেটেলাইট চেনেলৰ সংখ্যা খৰতকীয়া গতিত বাঢ়িবলৈ ধৰিছে। এনে বিদেশী চেটেলইট চেনেলবিলাকে সমগ্র বিশ্বৰ বাবে কাৰ্য্যসূচী প্ৰচাৰ কৰে। গতিকে ভাৰতৰ দৰ্শকেও ইউৰোপৰ সমাজৰ দৰ্শকৰ বাবে প্রস্তুত কৰা ৰিয়েলিটি শ’ বা ধাৰাবাহিক বা চিনেমা এখন উপভোগ কৰিব পাৰে। কিন্তু এই দুয়োখন সমাজৰ মূল্যবোধ, পৰম্পৰা আদি একে নহয় – যাৰ বাবে তুলনামূলকভাৱে ৰক্ষণশীল ভাৰতীয় সমাজত মূল্যবোধৰ সংকটৰ সৃষ্টি হৈছে। ইয়াৰোপৰি STAR, SONY আদি চেনেলে আমেৰিকাৰ কিছুমান TV ৰ কাৰ্য্যসূচী হিন্দী ভাষালৈ ৰূপান্তৰ কৰি ভাৰতীয় নৱপ্ৰজন্মৰ মনোৰঞ্জনৰ বাবে প্ৰচাৰ কৰি তীব্ৰ জনপ্রিয়তা লাভ কৰিছিল। এনে কাৰ্য্যসূচীবোৰে ভাৰতৰ ৰক্ষণশীল সংস্কৃতিৰ ওপৰত বেয়া প্ৰভাৱ পেলোৱা দেখা গৈছে।

ইয়াৰোপৰি সাম্প্ৰতিক সময়ত ব্যক্তিখণ্ডৰ টেলিভিছন চেনেল বিলাকে দৰ্শকৰ সংখ্যা বৃদ্ধি। কৰিবৰ বাবেই বাতৰিবোৰ জীৱন্ত ৰূপত প্ৰচাৰ কৰাৰ প্ৰয়াস কৰে। ইয়ো আমাৰ সমাজত যথেষ্ট কু-প্ৰভাৱ পেলাইছে। বিভিন্ন সময়ত হত্যা-হিংসাৰ দৃশ্য প্ৰচাৰ কৰি, জীৱ-জন্তু ধৰ্মীয় কারণত বলি দিয়া দৃশ্য প্ৰচাৰ কৰি বা আত্মহত্যাৰ সমগ্ৰ দৃশ্য প্ৰচাৰ কৰি সাধাৰণ দৰ্শকৰ মগজুত আঘাত কৰাৰ বহুতো উদাহৰণ থকা দেখা যায়।

তদুপৰি সস্তীয়া জনপ্রিয়তা লাভৰ বাবে বৰ্তমান সময়ত টিভি চেনেলবিলাকে বহু সময়ত আনৰ ব্যক্তিগত মুহূর্ত সম্প্ৰচাৰ কৰি ব্যক্তি স্বাধীনতা খর্ব কৰা দেখা গৈছে। ৰাজনৈতিক নেতা, জনপ্রিয় ক্রীড়াবিদ আৰু চিত্ৰ তাৰকাসকলৰ ব্যক্তিগত মূহুর্ত কেমেৰাত আৱদ্ধ কৰি এনে চেনেলবিলাকে ধন ঘটাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা দেখা গৈছে। এইবিলাক টেলিভিছনে আমাৰ সমাজত পেলোৱা কিছুমান কুপ্রভাব।

৮। গণমাধ্যম বুলিলে কি বুজা?

উত্তৰ : গণমাধ্যম বুলি ক’লে সাধাৰণতে জনসংখ্যাৰ এটা বুজন অংশৰ উদ্দেশ্যে বা-বাতৰি, তথ্য আৰু মনোৰঞ্জনৰ উপকৰণ প্ৰচাৰ কৰাকে বুজায়। গণ মাধ্যমক জনসংযোগৰ মাধ্যম বুলিও কোৱা হয়।

জনসংযোগ মাধ্যম বুলি ক’লে সাধাৰণতে বাতৰি কাকত, আলোচনী, ৰেডিঅ’, দূৰদৰ্শন, চিনেমা বা কথাছবি, ডাকতাৰ ব্যৱস্থা, কম্পেত্ত ডিচ, কেমেৰা, টেলিফোন, ইণ্টাৰনেট ইত্যাদিৰ কথাই বুজো। দৰাচলতে জনসংযোগ মাধ্যামসমূহ যোগাযোগ ব্যৱস্থাৰে এটা অংশ। 

জনসংযোগ মাধ্যমবিলাকক আমি মূলতঃ তিনিটা ভাগত ভাগ কৰিব পাৰো।

যেনে— (ক) পঢ়িব পৰা, (খ) শুনিব পৰা আৰু (গ) দেখিব পৰা।

বাতৰি কাগজ, আলোচনী, প্ৰচাৰ পত্রিকা, কিতাপ আদি পঢ়িব পৰা জনসংযোগ মাধ্যম। ৰেডিঅ, টেলিফোন, গ্রামফোন, অডিঅ’, কেছেট আদি শুনিব পৰা জনসংযোগ মাধ্যম। দূৰদৰ্শন বা টিভি, কথাছবি বা চিনেমা, ভিজুৱেল ডিচ আদি চাব পৰা বা দৃশ্যমান জনসংযোগ মাধ্যম।

৯। সাংস্কৃতিক পৰিৱৰ্তনত জনসংযোগৰ মাধ্যমসমূহে কেনেদৰে সহায় কৰে? 

উত্তৰ : সাংস্কৃতিক পৰিৱৰ্তনত গণমাধ্যমসমূহৰ ভূমিকা অপৰিসীম। গণমাধ্যম বুলি ক’লে জনসাধাৰণৰ এটা বুজন অংশৰ উদ্দেশ্যে বা-বাতৰি, তথ্য তথা মনোৰঞ্জনৰ উপকরণসমূহ প্ৰচাৰ কৰা মাধ্যমসমূহক বুজা যায়। বাতৰি কাকত, আলোচনী, ৰেডিঅ’, টি.ভি, মোবাইল, ইণ্টাৰনেট আদিবোৰকে গণমাধ্যম বুলি ক’ব পাৰি। গোলকীকৰণৰ পিছত গণমাধ্যমসমূহ একো একোটা বহুজাতিক সংস্থালৈ ৰূপান্তৰিত হৈ পৰিছে। ইলেক্ট্রনিক মাধ্যমসমূহে আজিকালি দিনটোৰ চৌবিবছ ঘণ্টাই কাৰ্য্যসূচী প্ৰচাৰ কৰে আৰু সপ্তাহৰ সাতোটা দিনেই প্রচার করে। এনেদৰে অহৰহ প্ৰচাৰ কৰি একোটা নতুন মূল্যবোধ সমাজত প্ৰচাৰ কৰাৰ সুবিধা পায় বা এটা পুৰণা ধাৰণা সমাজৰ পৰা নাইকিয়া কৰি দিয়াৰো সুবিধা পায়। উদাহৰণস্বৰূপে ভাৰতৰ বজাৰত পেপ্‌চি, কোকাকোলা, কে.এফ. চি. ৰেষ্টুৰেণ্ট, মেকডনাল্ডৰ পিজ্জা আদিৰ পৰিচয় কৰাই দিছিল গণমাধ্যমসমূহে। এতিয়া মাথো এটা দশকৰ পূৰ্বে অচিনাকী সামগ্ৰীবোৰ আমাৰ নিত্য প্রয়োজনীয় সামগ্রীলৈ ৰূপান্তৰিত হৈছে।

আমাৰ সাংস্কৃতিক পৰিচয়ৰ এটা আধাৰ হৈছে সাজ-পোছাক। কিন্তু গোলকীকৰণে গণমাধ্যমসমূহৰ যোগেদি আমাৰ পোচাক পৰিচ্ছদলৈও পৰিৱৰ্তন কঢ়িয়াই আনিছে। আজিকালি মানুহে চহৰৰ বিশাল শ্বপিং মলবিলাকৰ পৰা আন্তঃৰাষ্ট্ৰীয় কোম্পানী যেনে বিক, নাইকি, লি, কুপাৰ আদিয়ে প্রস্তুত কৰা পোচাক কিনা দেখা যায়। আনহাতে গীত, মাত, নৃত্য আদি বোৰো আমাৰ সংস্কৃতিৰ অভিন্ন অংশ। এই বস্তুবোৰ গণমাধ্যমসমূহৰ দ্বাৰা আটাইতকৈ বেছিকৈ প্রভাবিত হৈছে। আজিকালি ডি.ভি.ডি.চি.ডি., ইণ্টাৰনেট, এফ. এম. ৰেডিঅ’ আদিৰ জৰিয়তে গীত, নৃত্য আদি প্ৰচাৰ কৰা হয় যাৰ বাবে সমগ্র বিশ্বই এই বস্তুবোৰ উপভোগ কৰিব পাৰে। গতিকে কোনো গীত মাতেই এতিয়া পূৰ্বৰ অৰ্থত স্থানীয় হৈ থকা নাই আৰু কোনবোৰ বিশুদ্ধ ৰূপত থকা নাই। ইয়াৰ ফলত দুটা বা কেইবাটাও সংগীতৰ ধাৰাৰ সংমিশ্ৰণত সংমিশ্রিত সংগীত সৃষ্টি হোৱা দেখা গৈছে আৰু এইবোৰে নৱপ্ৰজন্মৰ মাজত ব্যাপক জনপ্রিয়তা লাভ কৰিছে। এনেদৰে সাংস্কৃতিক ক্ষেত্ৰত গণমাধ্যমসমূহে ব্যাপক প্রভাব পেলোৱা দেখা যায়।

১০। ভাৰতীয় টেলিভিশ্বনক বিশ্বায়নে কেনেদৰে প্ৰভাৱিত কৰিছে? 

উত্তৰঃ ১৯৫৯ চনত গ্ৰাম্য উন্নয়নক আগবঢ়াই নিয়াৰ উদ্দেশ্যে ভাৰতত পৰীক্ষামূলকভাৱে দূৰদৰ্শনৰ প্ৰচাৰ আৰম্ভ হয়। ১৯৭৬ চনলৈ দিল্লী, মুম্বাই, কলকতাকে ধৰি দেশৰ মুঠ সাতখন মহানগৰত দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয়। এই দূৰদৰ্শন কেন্দ্ৰ সমূহে বাতৰি, শিশু আৰু মহিলাসকলক কাৰ্য্যসূচী, কৃষি সম্পৰ্কীয় কাৰ্যসূচী আৰু অৱসৰ বিনোদনৰ কাৰ্য্যসূচীও আছিল। ১৯৮২ চনত দিল্লীত অনুষ্ঠিত হোৱা এছিয়ান গেম্‌চৰ সময়ৰ পৰা ভাৰতত দূৰদৰ্শনৰ কাৰ্য্যসূচী ৰঙীণ ৰূপত উপভোগ কৰিব পৰা হৈছিল। ১৯৯১ চনত ভাৰতত গোলকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু তেতিয়া ভাৰতত কেৱল এটা টি.ভি. চেনেল আছিল – দূৰদৰ্শন। কিন্তু গোলকীকৰণ আৰম্ভ হোৱাৰ পিছতে ১৯৯৮ চনত ভাৰতত টি.ভি. চেনেলৰ সংখ্যা হৈছিলগৈ ৭০ টা। বহিঃৰাষ্ট্ৰৰ কোম্পানী যেনে – Star TV, MTV, Channel (V), Sony, AXN আদিয়ে ভাৰতত কাৰ্য্যসূচী সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰাৰ পিছত কাৰ্য্যসূচী সমূহৰো ভালেখিনি গুণগত মানদণ্ডৰ পৰিৱৰ্তন হৈছিল। বহুতো বিদেশী কোম্পানীয়ে হিন্দী ভাষাত কাৰ্য্যসূচী প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু বহুতে আমেৰিকাত জনপ্ৰিয় হোৱা কিছুমান মনোৰঞ্জনৰ কাৰ্য্যসূচী হিন্দীলৈ ভাষান্তৰ কৰি প্ৰচাৰ কৰিছিল। এতিয়া DTH সেৱাৰ যোগেদি ভাৰত চৰকাৰে বিনামূলীয়াকৈ দেশৰ বহুতো আঞ্চলিক চেনেল, দূৰদৰ্শনৰ কিছুমান চেনেল আৰু কেইবাটাও আন্তৰাষ্ট্ৰীয় বাতৰি চেনেল জনসাধাৰণৰ বাবে প্ৰচাৰ কৰে। বৰ্তমান ভাৰতত অগণন টি.ভি চেনেলৰ সৃষ্টি হৈছে। সকলোবোৰ চেনেলেই ২৪×৭ (সপ্তাহৰ সাত দিনৰ চৌব্বিশ ঘণ্টা) হিচাপত কাৰ্য্যসূচী সম্প্ৰচাৰ কৰে। অৱশ্যে এতিয়া চেনেলবিলাকে নিজকে বাতৰি চেনেল, মিউজিক চেনেল বা মুভি চেনেল বা এণ্টাৰটেইনমেন্ট চেনেল হিচাপে চিনাকী দিব বিচাৰে। সাম্প্ৰতিক সময়ত ভাৰততো শিশু আৰু মহিলাসকলক লক্ষ্য কৰি কাৰ্য্যসূচী সম্প্ৰচাৰ কৰা চেনেলো সৃষ্টি হৈছে।

এনেদৰেই বিশ্বায়নে ভাৰতীয় টেলিভিছনক প্ৰভাৱিত কৰিছে।

১১। স্বাধীনোত্তৰ ভাৰতত ছপা মাধ্যমসমূহৰ ক্ষেত্ৰত দেখা পোৱা প্ৰধান পৰিৱৰ্তনসমূহ আলোচনা কৰা।

উত্তৰঃ যদিও ১৯ শতিকাৰ ভাৰতত ছপা মাধ্যমসমূহৰ বৰ বেছি বিকাশ ঘটা নাছিল তথাপিও ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জাতীয়তাবাদী মনোভাব গঢ়ি উঠাত ভাৰতীয় কাকত আলোচনীবোৰে বিশেষ ভূমিকা লৈছিল। স্বাধীনতাৰ পিচত ভাৰতত বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছিল। শিক্ষিত লোকৰ সংখ্যা বৃদ্ধি পোৱা আৰু নগৰীকৰণ হোৱাৰ ফলতে বাতৰি কাকতৰ পঢ়ুৱৈ বৃদ্ধি পাইছিল। অৱশ্যে আঞ্চলিক ভাষাত কাকত আলোচনীৰ প্ৰকাশ বৃদ্ধি পোৱাৰ বাবেও পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি পাইছিল। এই সময়ত ভাৰতত সাংবাদিকতাক প্ৰয়োজনীয় বিষয় আৰু প্রয়োজনীয় সময়ত মাত মতাৰ এক বলিষ্ঠ কণ্ঠ হিচাপে গণ্য কৰা হৈছিল।

সাংবাদিকসকল দেশপ্রেম আৰু সমাজ সংস্কাৰ আদৰ্শৰ দ্বাৰা অনুপ্রাণিত হৈছিল। বোধহয় সাংবাদিকসকলৰ এনে ভূমিকাৰ বাবেই দেশত জৰুৰী অৱস্থা ঘোষণা কৰা সময়ৰ কাকতত ইন্দিৰা গান্ধী আৰু তেওঁৰ চৰকাৰৰ নেতাসকলক ক্ষুধাৰ সমালোচনা কৰিছিল। জৰুৰী অৱস্থাৰ সময়ত ছপা মাধ্যমৰ ওপৰত চেঞ্চৰ আৰোপ কৰা হৈছিল। কিন্তু জৰুৰী অৱস্থাৰ অৱসানন পিছত এনে চেঞ্চৰ উঠাই লৈছিল আৰু ভাৰতে মুক্ত প্ৰচাৰ মাধ্যমৰ গৰাকী হোৱাৰ হাত গৌৰৱ উদ্ধাৰ কৰিছিল। জৰুৰী অৱস্থাৰ পিছত হোৱা সাধাৰণ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ কংগ্ৰেছ দলৰ পৰাজয় হোৱাত ছপা মাধ্যমসমূহৰ ভূমিকা সন্দেহাতীতভাৱে প্ৰমাণ হৈছিল।

গোলকীকৰণৰ পিছত, বিশেষকৈ নতুন প্রযুক্তিবিদ্যাৰ প্ৰভাৱত ভাৰতৰ বাতৰি কাকত উৎপাদন প্ৰক্ৰিয়াটোলৈ ব্যাপক পৰিৱৰ্তন আহি পৰে। মূলতঃ কম্পিউটাৰ, ইণ্টাৰনেটৰ প্ৰয়োগ আৰু ‘News maker’ৰ দৰে বাতৰি তৈয়াৰ কৰিব পৰা Software ৰ প্রয়োগে এনে পৰিৱৰ্তন সম্ভৱ কৰি তুলিলে। শেহতীয়াকৈ লেপটপ, মোবাইল ফোন আৰু হাতৰ মুঠিত লৈ ফুৰিব পৰা ইণ্টাৰনেট সংযোগ ব্যৱস্থাৰ ব্যৱহাৰে সংবাদপত্ৰৰ প্ৰসাৰতাত ক্ষিপ্র গতি আনি দিলে আৰু সংবাদপত্র উৎপাদন প্রতিষ্ঠান সমূহলৈ সজীৱতা আনি দিলে। আজি সংবাদপত্রই নিজকে সংবাদ বিনোদন (Infotainment) উদ্যোগ হিচাপে প্ৰতিষ্ঠিত কৰিছে – য’ত বিভিন্ন শ্রেণীৰ লোকৰ মনোযোগ আকর্ষণ কৰিব পৰাকৈ শিতানসমূহ প্রস্তুত কৰে। ইয়াৰোপৰি প্ৰযুক্তিবিদ্যাৰ তীব্ৰ বিকাশৰ ফলত আজিকালি এখন কাকত বা আলোচনী একে সময়তে বিশ্বৰ বিভিন্ন প্রান্তত বিভিন্ন ভাষাত একেলগে প্রকাশ কৰাৰ সুবিধা কৰি দিছে। 

এনেদৰে স্বাধীনোত্তৰ ভাৰতত ছপা মাধ্যমসমূহলৈ বিভিন্ন পৰিৱৰ্তন অহা দেখা গৈছে।

১২। “সাংস্কৃতিক গোলকীকৰণৰ প্ৰতি মানুহৰ আগ্ৰহ ক্ৰমাৎ বৃদ্ধি পাই আহিছে।” তুমি সমৰ্থন কৰানে? কিয় ? ব্যাখ্যা কৰা।

উত্তৰঃ সাংস্কৃতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত গোলকীকৰণৰ প্ৰভাৱ অতি অভূতপূর্ব। এনেকুৱা বহু ক্ষেত্র আছে য’ত গোলকীকৰণে সাংস্কৃতিক প্রভাৱিত কৰিছে। মই ভাবো যে এই সাংস্কৃতিক গোলকীকৰণৰ প্ৰতি মানুহৰ আগ্ৰহো দিনে দিনে বৃদ্ধি পাই আহিছে। সংস্কৃতি বুলি ক’লৈ কেৱল সংগীত, সাজপাৰ, খাদ্যাভ্যাস আদিকে নুবুজায়। বর্তমান গোলকীকৰণে আমাৰ গোটেই জীৱন নির্বাহ প্রণালীতে পৰিৱৰ্তন আনিছে। যদি আমি খাদ্যাভ্যাসলৈ চাওঁ, আমি বর্তমান দেশীয় খাদ্যতকৈ বিদেশী খাদ্যৰ প্ৰতি বেছি আকৰ্ষিত হৈছো। বর্তমান মেকড’নাল্ড পিজ্জা, আদিৰ প্ৰতি আমি বেছি আগ্ৰহী হৈ পৰিছো, আমি আজিকালি ব্ৰেণ্ডেড, বস্তুৰ প্ৰতি বেছি আগ্রহী। টি ভিতো আমি বাহিৰৰ টি.ভি চেনেলহে উপভোগ কৰো। ভাষাৰ ক্ষেত্ৰতো বৰ্তমান নতুন প্রজন্মই ইংৰাজী আৰু হিন্দীৰ সংমিশ্ৰণত ইংলিছ ভাষাহে ব্যৱহাৰ কৰে। সেয়েহে মই সমর্থন কৰো যে সাংস্কৃতিক গোলকীকৰণৰ প্ৰতি মানুহৰ আগ্ৰহ ক্ৰমাৎ বৃদ্ধি পাই আহিছে।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

This Post Has 4 Comments

Leave a Reply