Class 12 Sociology Chapter-8 সামাজিক পৰিবৰ্তন আৰু অর্থনীতি

Class 12 Sociology Chapter-8 সামাজিক পৰিবৰ্তন আৰু অর্থনীতি। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Sociology Chapter-8 সামাজিক পৰিবৰ্তন আৰু অর্থনীতি AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second Year Sociology Chapter-8 সামাজিক পৰিবৰ্তন আৰু অর্থনীতি

দ্বিতীয় খণ্ড

(ক) অতি চমু প্রশ্নোত্তৰ : মূল্যাংক : ১

১। গ্রামাঞ্চলৰ জনসাধাৰণৰ মূল জীৱিকা কি? 

উত্তৰঃ কৃষি।

২ । ভূমি বিষয়ক সংৰচনা কি?

উত্তৰঃ মাটিৰ মালিকসকলৰ সংৰচনা বা মাটিৰ অধিকাৰ পোৱা সকলৰ সংৰচনা বুজাবলৈ ‘ভূমি বিষয়ক সংৰচনা’ শব্দটোৰ ব্যৱহাৰ কৰা হয়। ভাৰতৰ গ্ৰাম্য সমাজত মাটিৰ মালিকীস্বত্বৰ দ্বাৰা এটা শ্ৰেণী সংৰচনাৰ সৃষ্টি হয় আৰু ইয়াকে ভূমি বিষয়ক সংৰচনা বুলি কোৱা হয় ।

৩ । পামৰ উৎপাদন বৃদ্ধিৰ বাবে কি কি প্রয়োজনীয় ? 

উত্তৰঃ কৃষিৰ ক্ষেত্ৰত আধুনিক যন্ত্রপাতি, কৌশল আৰু কৃষি আহিলাৰ ব্যৱহাৰ, উন্নতমানৰ বীজ, সাৰ আদিৰ দৰে উপকৰণৰ প্ৰয়োজন।

8 । ভূমি সংস্কাৰৰ দুটা যুক্তি দাঙি ধৰা ৷

উত্তৰঃ ভূমি যিহেতু সম্পদ গতিকে ভূমি সংস্কাৰে প্ৰকৃততে সম্পদৰ পুনৰ বিতৰণকে বুজায়। অধিক মাটিৰ মালিক হোৱা শ্ৰেণীটো প্ৰভাৱশালী শ্রেণী হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে ভূমিহীন শ্ৰেণীটো নিম্ন প্ৰস্থিতিসম্পন্ন জাতি হিচাপে চিহ্নিত হয়। ভূমি সংস্কাৰে ভূমিৰ মালিকীস্বত্ব বেছি শক্তিশালী জনৰ পৰা কম শক্তিশালী জনলৈ স্থানান্তৰ কৰাটো বুজায় ৷ এনে কৰাৰ ফলত দুর্বল শ্রেণীবিলাক শক্তিশালী হোৱাৰ সুবিধা পায়।

৫। সেউজ বিপ্লৱৰ পৰা উত্তৰ ভাৰতৰ ৰাষ্ট্ৰসমূহে কিয় বেছি সুবিধা লাভ কৰিব পাৰিছিল? 

উত্তৰঃ সেউজ বিপ্লৱৰ কাৰ্য্যসূচী প্রথমে সেইবোৰ অঞ্চলত প্ৰয়োগ কৰা হৈছিল য’ত জলসিঞ্চনৰ সু-ব্যৱস্থা আছিল। ইয়াৰোপৰি সেউজ বিপ্লৱৰ কাৰ্য্যসূচী প্ৰয়োগ কৰাৰ সময়ত দেশৰ কিছুমান অঞ্চলত সামন্তবাদী ব্যৱস্থা তথা সামন্তবাদী ভূমি সংৰচনা বৰ্তি আছিল — যাৰ – বাবে এনে অঞ্চলবোৰে উত্তৰ ভাৰতৰ ৰাজ্যবোৰৰ সমানে সুবিধা পাব পৰা  নাছিল । 

৬ । আর্থিক উন্নয়ন বা বিকাশ কি?

উত্তৰ এখন ৰাষ্ট্ৰত জনমূৰি আয় বৃদ্ধি হোৱা, আন্তঃগাঁথনিৰ উন্নতি হোৱা, নিয়োগৰ নতুন ক্ষেত্ৰৰ সৃষ্টি হোৱা, জনগণৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত হোৱা আদি ধৰণৰ বিষয়বোৰক আর্থিক উন্নয়ন বা বিকাশ বোলা হয়।

৭ । সেউজ বিপ্লৱ কি ?

উত্তৰঃ পঞ্চবার্ষিক পকিল্পনা আৰু অৰ্থনৈতিক বিকাশৰ প্ৰধান উদ্দেশ্য হৈছে খাদ্যৰ ক্ষেত্ৰত দেশখনক স্বাৱলম্বী কৰি গঢ়ি তোলা। এই উদ্দেশ্য আগত ৰাখি উন্নত বীজ, শস্য চপোৱাৰ উন্নত কৌশল,শষ্যসমূহ সাংক্ৰামক ৰোগ আৰু পোক-পৰুৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ, পচন সাৰৰ যোগান আদি কাৰ্যসূচীসমূহ ভাৰত চৰকাৰ আৰু বিভিন্ন ৰাজ্যিক চৰকাৰসমূহে হাতত লৈছিল।

১৯৭৮-৭৯ চনত কৃষিৰ উৎপাদন ১৩.১৪ কোটি টনলৈ বৃদ্ধি পায়। চাউলৰ উৎপাদন ১৯৭৮ ৭৯ চনত সকলো সময়ৰ অভিলেখ ভংগ কৰি ৫.৮২ কোটি টন হয়গৈ। বাণিজ্যিক শস্যৰ উৎপাদনো যথেষ্ট বৃদ্ধি পায়। খাদ্য উৎপাদনৰ ক্ষেত্ৰত হোৱা এই উত্থানক কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ বাবে কৰা চেষ্টাৰ এক অসাধাৰণ সফলতা হিচাপে গণ্য কৰা হয়। কৃষিজাত সামগ্ৰীৰ উৎপাদনত লাভ কৰা এই অসাধাৰণ সফলতাকে সেউজ বিপ্লৱ আখ্যা দিয়া হয়।

৮ । বাচকবনীয়া শ্রেণী কি?

উত্তৰঃ ৰাজনৈতিক ধাৰণাত এলীট হ’ল ৰাজনৈতিক নীতি, সিদ্ধান্ত আদিত প্ৰভাৱ পেলোৱাৰ সামর্থ্য থকা এমুঠিমান ব্যক্তি – যি সকল সাধাৰণভাৱে ক’বলৈ গ’লে ক্ষমতাৰ কেন্দ্ৰবিন্দু স্বৰূপ।

৯ । চুক্তিবদ্ধ কৃষি কি ?

উত্তৰঃ বহুজাতিক কোম্পানীৰ লগত চুক্তিবদ্ধ হৈ কৃষকসকলে যেতিয়া কৃষি কৰ্ম কৰে তাকে চুক্তিবদ্ধ কৃষি বোলা হয়। চুক্তিবদ্ধ কৃষি পদ্ধতিৰ যোগেদি কোম্পানীবোৰে বজাৰৰ চাহিদা অনুসৰি কোন প্ৰকাৰৰ শস্য উৎপাদক কৰিব লাগিব সেইটো নিৰ্ধাৰণ কৰি দিয়ে আৰু লগতে কৃষি সজুঁলি সমূহো যোগান ধৰে। ইয়াৰ বিপৰীতে কৃষকে লাভ কৰে এখন বজাৰৰ নিশ্চয়তা।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

১০। স্বাধীনোত্তৰ ভাৰতত ভূমি সংস্কাৰৰ বাবে গ্ৰহণ কৰা দুটা নীতিৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰঃ‌ জমিদাৰী প্ৰথা বিলুপ্তিকৰণ আৰু ৰায়তী স্বত্ব আইন, এটা পৰিয়ালৰ হাতত থাকিব পৰা মাটিৰ সৰ্বোচ্চ পৰিমাণ নিৰ্ধাৰণ আইন (Land Ceiling Act) আদি উল্লেখযোগ্য।

১১। ক্ষুদ্র উদ্যোগ বুলিলে কি বুজা ?

উত্তৰঃ উদ্যোগত বিনিয়োগ কৰা ধনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি চৰকাৰে ক্ষুদ্র উদ্যোগ সংজ্ঞা আগবঢ়ায়। আজিৰ তাৰিখত সর্বোচ্চ এক কোটি টকা মূলধন বিনিয়োগ কৰা উদ্যোগ ক্ষুদ্র উদ্যোগ বুলি কোৱা হয় ।

১২। শ্রমিক সংঘ কি?

উত্তৰঃ যেতিয়া কোনো এটা উদ্যোগ বা কাৰখানাৰ শ্ৰমিকসকলে তেওঁলোকৰ স্বাৰ্থ দাবীৰ সুৰক্ষাৰ বাবে একগোট হৈ কোনো সংঘ বা সংস্থা গঠন কৰে তাকে শ্রমিক সংঘ বোল হয়।

১৩। সেৱাৰ উৎস হস্তান্তৰকৰণ (outsourcing) মানে কি? 

উত্তৰঃ কোম্পানীবোৰে আন আন কোম্পানীলৈ কৰ্মৰ উৎস হস্তান্তৰ কৰাকে উৎস হস্তান্তৰকৰ বুলি কোৱা হয়। সাধাৰণতে বহুজাতিক সংস্থাবোৰে তৃতীয় বিশ্বৰ কম শ্রম মূল্যৰ সুবিধ ল’বলৈ তৃতীয় বিশ্বৰ কোম্পানীবোৰলৈ সেৱাৰ উৎস হস্তান্তৰ কৰে।

১৪। ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰৰ শ্ৰমিকসকলে কিয় ব্যক্তিগতকৰণ সমর্থন নকৰে? 

উত্তৰঃ চৰকাৰী খণ্ডত চাকৰিৰ নিৰাপত্তা থাকে আৰু পেঞ্চনৰ নিশ্চয়তাও থাকে। ইয়া বিপৰীতে ব্যক্তিগত খণ্ডত চাকৰিৰ নিৰাপত্তাও নাথাকে আৰু পেঞ্চনৰ নিশ্চয়তাও নাথাকে সেয়েহে ৰাজহুৱাখণ্ডত কৰ্মৰত শ্ৰমিকসকলে তেওঁলোকৰ উদ্যোগবোৰ ব্যক্তিগতকৰণ কৰিলে৷ তেওঁলোকৰ চাকৰিৰ নিৰাপত্তা নোহোৱা হ’ব বুলি ভয় কৰে আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰে ৷

১৫। সংগঠিত ক্ষেত্ৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সংগঠিত ক্ষেত্ৰত শ্ৰমিকসকলে যথোপযুক্ত মজুৰি, পেঞ্চন আৰু অন্যান্য সা-সুবিধ পোৱাৰ নিশ্চয়তা থাকে।

১৬। ‘তলাবন্ধ’ আৰু ‘ধৰ্মঘট’ৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা ।

উত্তৰঃ তলাবন্ধ কাৰ্য্যসূচী উদ্যোগ বা কাৰখানাৰ মালিক বা ব্যৱস্থাপকসকলে প্ৰয়োগ কৰে৷ ইয়াৰ বিপৰীতে ধর্মঘট কাৰ্য্যসূচী উদ্যোগ বা কাৰখানাৰ শ্ৰমিকসকলে ৰূপায়ন কৰে। তলাবন্ধ কাৰ্য্যসূচীত শ্রমিকক উদ্যোগ প্রতিষ্ঠান বা কাৰখানাত প্ৰৱেশ কৰিবলৈ দিয়া নহয় আৰু ইয়াৰ বিপৰীতে ধর্মঘটত শ্ৰমিকসকলে কাৰখান৷লৈ নাহি প্ৰতিবাদ কৰে ।

১৭ । উদ্যোগীকৰণৰ পৰিপ্ৰেক্ষিতত বিচ্ছিন্নকৰণ কি?

উত্তৰঃ উদ্যোগীকৰণৰ এটা দিশ হ’ল শ্রম বিভাজন। শ্রম বিভাজনৰ ফলত এজন শ্রমিকে তেওঁৰ শ্ৰমৰ চূড়ান্ত ফল কি হয় তাক দেখা নাপায়— যাৰ বাবে তেওঁ কৰ্মৰ আনন্দ লাভ কৰিব নোৱাৰে। মার্ক্সে উদ্যোগত কৰ্মৰত মানুহে তেওঁলোকৰ কৰ্মৰ আনন্দ লাভ কৰিব নোৱাৰা দিশটোক য’ত তেওঁলোক কেৱল ভাত-কাপোৰৰ বাবে কৰ্ম কৰিছে– এনে মনোভাৱটোক বিচ্ছিন্নকৰণ বা অপসাৰিতা বুলি আখ্যা দিছিল।

১৮। নিম্ন নিযুক্তি মানে কি ?

উত্তৰঃ কৃষি শ্রমিকসকলে প্রায়েই হয় অতি কম বেতন পায় নাইবা বেতন নাপায়েই। তেওঁ লোকৰ উপাৰ্জন অতি নিম্ন। তেওঁলোকৰ নিযুক্তিও সুৰক্ষিত নহয়৷ বেছিভাগ কৃষি শ্রমিকেই দিন হাজিৰা কৰা লোক আৰু কেতিয়াবা বহুদিনলৈ তেওঁলোকে কাম নোপোৱাকৈও থাকে। এনে অৱস্থাকে নিম্ন নিযুক্তি বুলি কোৱা হয় ৷

১৯৷ ৷ বন্ধোৱা শ্ৰমিক বুলিলে তুমি কি বুজা ৷ 

উত্তৰঃ কিছুমান শ্রমিকে ঋণ পৰিশোধ কৰিব নোৱাৰি ভূমি পতিসকলৰ অধীনত পুৰুষানুক্রমে শ্ৰম কৰিবলগীয়া হয়। এই লোকসকলক অতি কম মজুৰি বা একেবাৰে মজুৰি নিদিয়াকৈ কামত লগোৱা হয়। এনেবোৰ শ্রমিককে বন্ধোৱা শ্রমিক বোলা হয়। উদাহৰণ স্বৰূপে গুজৰাটত প্রচলিত ‘হালপতি’ পদ্ধতিৰ কথা ক’ব পাৰি৷

২০। অসংগঠিত বা অনানুষ্ঠানিক খণ্ড বুলিলে কি বুজা?

উত্তৰঃ অসংগঠিত বা অনানুষ্ঠানিক খণ্ড হৈছে অৰ্থনীতিৰ এনে এটা ভাগ বা অংশ যিটো কোনো প্ৰকাৰৰ চৰকাৰৰ দ্বাৰা কৰ আৰোপ কৰা আৰু চোৱা-চিতা কৰা নহয়। অসংগঠিত বা অনানুষ্ঠানিক খণ্ড বিলাক চৰকাৰৰ দ্বাৰা পঞ্জীভূক্ত কৰা নহয় ৷

(খ) চমু প্ৰশ্নোত্তৰ : মূল্যাংক : ২/৩

১। সেউজ বিপ্লৱৰ পৰা কেনেদৰে ধনী কৃষকসকলে বেছি সুবিধা লাভ কৰিছিল? 

উত্তৰঃ ধনী কৃষক সকলেহে নতুন উচ্চ প্রযুক্তিবিদ্যা, নতুন প্ৰজাতিৰ বীজ আৰু আধুনিক সাৰ ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিল – কাৰণ তেওঁলোকৰ হাততহে কৃষিত বিনিয়োগ কৰিবলৈ – মূলধন আছিল ৷ এনে উন্নত প্ৰজাতিৰ বীজ, সাৰ, প্ৰযুক্তিবিদ্যা আদি ব্যৱহাৰ কৰাৰ ফলত কৃষি উৎপাদন বৃদ্ধি পাইছিল আৰু কৃষকসকল আৰ্থিকভাৱে লাভান্বিত হৈছিল। এনেদৰে সেউজ বিপ্লৱে ধনী কৃষকসকলক বেছি সুবিধা প্ৰদান কৰিছিল।

২। এখন দেশৰ আৰ্থিক বিকাশ কেনেদৰে দেশখনৰ কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰ কৰে  ব্যাখ্যা কৰা।

উত্তৰঃ এখন দেশৰ আৰ্থিক বিকাশ সদায়েই দেশখনৰ কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল। অৱশ্যে উদ্যোগীকভাৱে আগবঢ়া ৰাষ্ট্ৰবোৰত এই নিৰ্ভৰশীলতা অলপ কম যদিও ঔদ্যোগীকভাবে পাছপৰা তৃতীয় বিশ্বৰ দেশসমূহৰ আৰ্থিক বিকাশ কৃষিখণ্ডৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰশীল ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। ভাৰতত ১৯৬০-৭০ দশকত সেউজ বিপ্লৱৰ সূচনা হৈছিল৷ সেউজ বিপ্লৱে ভাৰতীয় কৃষকৰ আৰ্থিক অৱস্থা টনকীয়াল কৰি দেশৰ আৰ্থিক বিকাশ তৰান্বিত, কৰিছিল ৷

৩। ব্যক্তিৰ হাতত থাকিব পৰা মাটিৰ সৰ্বোচ্চ পৰিমাণ (চিলিং) মানে কি ? 

উত্তৰঃ মাটিৰ গুণাগুণ উৎপাদনশীলতা আৰু অন্যান্য আনুষংগিক দিশৰ ওপৰত নিৰ্ভৰ কৰি এটা পৰিয়ালে পাব পৰা মাটিৰ পৰিমাণৰ উচ্চতম সীমা নিৰ্ধাৰণ কৰাকে চিলিং বুলি কোৱা হয়।

8 ।  চৰকাৰে ক্ষুদ্র উদ্যোগবোৰক কেনেদৰে উদগণি যোগাইছে?

উত্তৰঃ চৰকাৰে বিশেষ সাহায্য তথা সহায় আগবঢ়াই ক্ষুদ্র উদ্যোগৰ বিকাশ খটকীয়া কৰাৰ চেষ্টা কৰিছিল ৷ বহুতো বস্তু যেনে কাগজ আৰু কাঠৰ দ্বাৰা উৎপাদিত বস্তু, কলম, পেঞ্চিল, বাচন-বৰ্তন আদিৰ দৰে বস্তুবোৰৰ উৎপাদন ক্ষুদ্র উদ্যোগবোৰৰ কাৰণে সংৰক্ষণ কৰি ৰাখিছিল। ইয়াৰোপৰি ক্ষুদ্র উদ্যোগবোৰক ৰাজ সাহায্য প্রদান কৰি, কম সুতৰ বিনিময়ত মূলধনৰ যোগান কৰি ক্ষুদ্র উদ্যোগবোৰক উদগণি যোগাইছিল।

৫ । ভাৰতৰ স্বাধীনতাৰ প্ৰথম সময়ছোৱাত উদ্যোগীকৰণৰ পৰিৱেশ কেনে আছিল আলোচনা কৰা৷

উত্তৰঃ ভাৰতৰ প্ৰথম আধুনিক উদ্যোগবোৰ আছিল কপাহ, মৰাপাট, কয়লাৰ খনি আৰু ৰেলপথ নিৰ্মাণ৷ এই সময়ছোৱাত ভাৰতত মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল য’ত কিছুমান খণ্ড চৰকাৰৰ ওপৰত ন্যস্ত কৰা হৈছিল আৰু আন কিছুমান বেচৰকাৰী খণ্ডৰ বাবে মুকলি ৰখা হৈছিল। ইয়াৰ মাজতে অনুজ্ঞাপত্ৰ ব্যৱস্থাৰ দ্বাৰা উদ্যোগসমূহ বিভিন্ন অঞ্চলত বিস্তাৰিত হোৱাটো নিশ্চিত কৰিবলৈ চৰকাৰে চেষ্টা কৰিছিল। ইয়াৰ পূৰ্বে ইংৰাজৰ সময়ত মুম্বাই, মাদ্রাজ, কলিকতা আদিৰ দৰে বন্দৰ নগৰীবোৰতহে উদ্যোগীকৰণ হৈছিল। চৰকাৰৰ নীতিৰ ফলত পুনা, ফৰিদাবাদ, বাংগালোৰ, বৰোদা আদিৰ দৰে চহৰবোৰতো উদ্যোগ গঢ় লৈ উঠিছিল।

৬ । বিশ্বায়ন ভাৰতৰ উদ্যোগখণ্ডলৈ কেনে পৰিবৰ্তন কঢ়িয়াই আনিছে? 

উত্তৰঃ বিশ্বায়নৰ পিছত ভাৰতত বিদেশী বহুজাতিক প্রতিষ্ঠানবোৰ আহিবলৈ আৰম্ভ কৰে। ইয়াৰ লগে লগে বিদেশী পণ্যৰে ভাৰতীয় বজাৰ ভৰি পৰে আৰু ভাৰতৰ চহৰবোৰত এই কোম্পানীবোৰৰ বিক্ৰী প্ৰতিষ্ঠান, উৎপাদনী গোট আৰু কাৰ্য্যালয় খোলা আৰম্ভ হয়। ই ভাৰতৰ নিয়োগৰ ক্ষেত্ৰখনৰ যথেষ্ট সকাহ দিয়ে। আনহাতে গোলকীকৰণৰ পিছত ভাৰতত অনুজ্ঞা পত্ৰৰ যুগৰ অন্ত পৰে। এতিয়া ভাৰতত উদ্যোগ প্ৰতিষ্ঠাৰ বাবে কোনো অনুজ্ঞা পত্ৰৰ প্ৰয়োজন নহয় ৷ গোলকীকৰণৰ ফলত ভাৰতৰো বহুতো কোম্পানী বহুজাতিক প্রতিষ্ঠানলৈ ৰূপান্তৰিত হয় ৷ বহুতো ভাৰতীয় কোম্পানীয়ে আকৌ বিদেশী বহুজাতিক সংস্থাৰ লগত চামিল হৈ পৰে। যেনে ভাৰতৰ পাৰ্লি কোম্পানীক কোকা-কলা ৰ দৰে বহুজাতিক সংস্থাই কিনি লোৱা দেখা গৈছে।

এনেদৰে গোলকীকৰণে ভাৰতৰ উদ্যোগ ক্ষেত্ৰলৈ পৰিৱৰ্তন অনা দেখা গৈছে।

৭ । শ্ৰমিকসকলৰ ওপৰত উদ্যোগীকৰণে কি কু-প্ৰভাৱ পেলায় লিখা। 

উত্তৰঃ শ্ৰমিকসকলৰ ওপৰত পৰা উদ্যোগীকৰণৰ কু-প্ৰভাৱটোক মার্ক্সে বিচ্ছিন্নকৰণ বা অপসাৰিতা বুলি উল্লেখ কৰিছিল । সাধাৰণতে উদ্যোগীকৰণৰ লগত শ্ৰম-বিভাজনৰ ধাৰণা জড়িত হৈ থাকে। শ্রম বিভাজন আৰু শ্ৰমৰ বিশেষীকৰণ নীতিৰ প্ৰয়োগ কৰি উদ্যোগবোৰত একোটা কামক কেইবাটও সৰু সৰু খণ্ডত খণ্ডিত কৰা হয় যাৰ ফলত বহুতো শ্রমিকে তেওঁলোকৰ কামৰ চূড়ান্ত ফল কি হয় তাক দেখা নাপায়। এনেকৈয়ে কামৰ প্ৰকৃত আনন্দ নোপোৱাকৈ কেৱল জীৱন ধাৰণাৰ বাবেই কৰ্ম কৰি যাবলগীয়া হয়। মার্ক্সে এই অৱস্থাটোক অপসাৰিতা বা বিচ্ছিন্নকৰণ বুলি ব্যাখ্যা কৰিছিল। এই অপসাৰিতা হৈছে আধুনিক উদ্যোগীক ব্যৱস্থাই শ্ৰমিকৰ ওপৰত সৃষ্টি কৰা এটা কুপ্ৰভাৱ৷ ইয়াৰোপৰি প্ৰযুক্তিবিদ্যাৰ তীব্র বিকাশে আধুনিক উদ্যোগবোৰত শ্রমিকক অতি ব্যস্ত কৰি ৰাখে যাৰ বাবে তেওঁলোক কম বয়সতেই দুৰ্বল হৈ পৰে। তদুপৰি আধুনিক উদ্যোগবোৰৰ উৎপাদনী ব্যৱস্থাই শ্ৰমিকসকলক সাংঘাতিক মানসিক চাপ দিয়ে । এইবোৰ হৈছে শ্ৰমিকৰ ওপৰত পৰা উদ্যোগীকৰণৰ কুপ্ৰভাৱ৷

৮। খনি শ্রমিকসকলে সন্মুখীন হোৱা বিপদ আৰু ক্ষয়-ক্ষতিৰ আশংকা সমূহ কি কি? 

উত্তৰঃ খনিত কৰ্মৰত শ্ৰমিকসকলে সকলো সময়তে বিপদৰ আশংকা বহন কৰিবলগীয়া হয়। খনিৰ ভিতৰত হঠাতে পানী বাঢ়ি যোৱা, বিষাক্ত গেছ নিৰ্গত হোৱা, জুই আৰু ধোঁৱাৰ সৃষ্টি হোৱা, উশাহ-নিশাহৰ বাবে বাহিৰৰ পৰা বায়ু সোমোৱা বন্ধ হোৱা, কাৰৰ বেৰ বা ওপৰৰ পৰা শিল-বালি মাটি খহি যোৱাৰ ফলত খনিৰ পৰা ওলোৱা পথ বন্ধ হোৱা আদিৰ দৰে দুর্ঘটনা ঘটাৰ আশংকা থাকে – যাৰ ফলত খনি শ্ৰমিকসকলৰ বাবে বিপদ আৰু ক্ষয়-ক্ষতিৰ  আশংকা থাকে। ইয়াৰোপৰি খনি শ্রমিকৰ উশাহ-নিশাহ লোৱাৰ অসুবিধা, যক্ষ্মা, চিালকোচি আদিৰ দৰে বেমাৰ হোৱাৰ আশংকা থাকে।

৯ ।  ‘ৰায়তৱাৰী’ শব্দটো ক’ৰপৰা উৎপত্তি হৈছে? আৰু ৰায়তবাৰী ব্যৱস্থা বা পদ্ধতি কি ?  

উত্তৰঃ ‘ৰায়ত’ মানে হৈছে তেলেগু ভাষাত ‘কৃষক’। তেলেগু ভাষাৰ এই ‘ৰায়ত’ পৰাই ‘ৰায়তৱাৰী’ শব্দটোৰ উৎপত্তি হৈছে।

ৰায়তৱাৰী ব্যৱস্থাত উৎপাদকৰ হাততেই ভূমিৰ মালিকীস্বত্ব থাকে আৰু ভূমিৰ খাজনা তেওঁলোকে নিজেই চৰকাৰক দিয়ে। সময়ে সময়ে নির্দিষ্ট খাজনা দি ভূমি ৰক্ষণাবেক্ষণ সচেষ্ট থাকে।

১০। মাটিৰ উচ্চতা পৰিমাণ নির্ণয় অধিনিয়মৰ ওপৰত এটি চমুটোকা লিখা । 

উত্তৰঃ ভাৰতৰ ভূমি সংস্কাৰৰ বাবে লোৱা ব্যৱস্থাসমূহৰ ভিতৰত এক উল্লেখযোগ্য ব্যৱস্থ হ’ল মাটিৰ উচ্চতা পৰিমাণ নির্ণয় অধিনিয়ম। এই আইনসমূহে এটা পৰিয়ালে কিমান পৰিমানৰ ভূমি লাভ কৰিব তাৰ এটা সীমা নিৰ্ধাৰণ কৰি দিয়ে। ভূমিৰ উৎপাদন, ভূমিৰ প্ৰকাৰ, আৰু অন্যান্য কাৰকৰ ওপৰত নিৰ্ভৰ কৰি অঞ্চল বিশেষে এই আইনসমূহ ভিন্ন হয়। বেছি উৎপাদন হোৱা ভূমিত কম চিলিং আৰু কম উৎপাদন হোৱা অঞ্চলত কম চিলিং আৰোপ কৰা হয়। এই আইন মতে ৰাজ্যসমূহে চিলিঙৰ নিৰ্দ্ধাৰিত পৰিমাণৰ ভূমিতকৈ বেছি থকা ভূমিসমূহ অধিগ্রহণ কৰি সেইবোৰ ভূমিহীন পৰিয়াল বা ঘৰক প্ৰদান কৰে, বিশেষকৈ অনুসূচীত জাতি আৰু জনজাতিসকলক।

(গ) ৰচনাধর্মী প্রশ্নোত্তৰ : মূল্যাংক : ৪/৫

১। স্বাধীনতাৰ পিছত ভাৰতত ভূমি সংস্কাৰৰৰ বাবে কি কি ব্যৱস্থা লোৱা হৈছিল? 

উত্তৰঃ স্বাধীনতাৰ পিছতহে ভাৰতত আচল ভূমি সংস্কাৰ আৰম্ভ হয়। প্রথম অৱস্থাত চৰকাৰে ভূমিৰ মালিকীস্বত্বৰ ক্ষেত্ৰত কৃষকসকলক সুৰক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিছিল। ইয়াৰ পিছতে পঞ্চবার্ষিক পৰিকল্পনাসমূহত ভূমিৰ অধিকাৰী পদ্ধতি আৰু কৃষকসকলৰ অৱস্থাৰ উন্নতিৰ বাবে বহুতো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

এই ব্যৱস্থাসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল :

(ক) জমিদাৰী প্ৰথাৰ বিলুপ্তি সাধন : বিভিন্ন ৰাজ্যত নিজস্ব জনপ্ৰিয় চৰকাৰ গঠন হোৱাৰ লগে লগে জমিদাৰী প্ৰথাৰ বিলুপ্ত সাধন কৰা হয়। জমিদাৰী প্ৰথাত এজন মধ্যস্থতাকাৰী ব্যক্তি থাকে যিজন কৃষকসকলৰ পৰা বহু টকা আত্মসাৎ করে। জমিদাৰী সকলৰ লগতে সেই মধ্যস্থতাকাৰীজনকে আঁতৰাই দিয়া হ’ল। ভাৰতবৰ্ষৰ কোটি কোটি কৃষক যিসকল সেই মধ্যস্থতাকাৰীৰ তলতীয়া আছিল, বৰ্তমান তেওঁলোকে চৰকাৰৰ লগত প্রত্যক্ষ যোগাযোগ কৰিব পৰা হ’ল।

জমিদাৰী পদ্ধতি বন্ধ হোৱাৰ ফলস্বৰূপে, কৃষকসকলে অর্থনৈতিক ক্ষেত্ৰত যথেষ্ট সকাহ পালে। বর্তমান কৃষকসকলে নিৰ্দ্ধাৰিত পৰিমাণৰ ৰাজহ পৰিশোধ কৰি মাটিৰ গৰাকী হৈ পৰে।

(খ) ভূমি ৰাজহ আৰু কৃষকসকলৰ ভূমিধাৰী অধিকাৰৰ ক্ষেত্ৰত পৰিবৰ্তন : জমিদাৰী পদ্ধতি বিলুপ্ত হোৱাৰ লগে লগে কৃষকসকলে ভূমি ৰাজহৰ ক্ষেত্ৰত যথেষ্ট সকাহ পালে। কিছু কিছু ক্ষেত্ৰত ভুমি ৰাজহ যথেষ্ট হ্ৰাস কৰি দিয়া হয়। কৃষকসকলে কেবা বছৰৰ মূৰত মাত্ৰ এবাৰ ৰাজহ দিব লাগে, যিয়ে তেওঁলোকক বহুত সকাহ দিয়ে। মাটিৰ মলিকীস্বত্বও কৃষকসকলে লাভ কৰিলে।

ভূমিধাৰী অধিকাৰ হৈছে ভূমিৰ মালিকীস্বত্ব। এই অধিকাৰৰ ফলস্বৰূপে, কৃষকসকলে মাটি বিক্ৰী কৰা, বন্ধকত দিয়া আৰু নিজৰ মাটিখিনিৰ উন্নতিৰ বাবে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা হ’ল। ভূমিধাৰী অধিকাৰে কৃষকসকলক কৃষি উৎপাদন বৃদ্ধি কৰিবৰ বাবে বেংক বা তেনে কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ ল’বলৈ সুবিধা পালে।

(গ) মাটিৰ উচ্চতা পৰিমাণ (চিলিং) নির্ণয় ‌: জমিদাৰী ব্যৱস্থা বন্ধ কৰি দিয়াৰ পিছতে কৃষি ভূমিৰ ক্ষেত্ৰত চিলিং আৰোপ কৰা হয়। এই ব্যবস্থা মতে, এজন ব্যক্তিয়ে এক নির্দিষ্ট পৰিমাণৰ মাটিৰহে গৰাকী হ’ব পাৰিব। ইয়াৰ ফলস্বৰূপে যিসকল কৃষকৰ মাটি সম্পত্তি নাছিল তেওঁলোকেও মাটি লাভ কৰিলে। ইয়ে তেওঁলোকৰ আৰ্থিক অৱস্থাৰ উন্নতি আৰু কৃষি উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিলে।

(ঘ) মাটিৰ একত্ৰীকৰণ : একত্ৰীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে কৃষকসকলৰ মাটিসমূহ অ’ত তত সিচঁৰিত হৈ থকাৰ পৰিৱৰ্তে একে ঠাইতে লগ লগাই দিয়া হয়া। এই প্রক্রিয়া সম্পূৰ্ণ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হৈছিল। এতিয়া কৃষকসকলে কৃষি কৰিবৰ বাবে তেওঁলোকৰ খেতিৰ মাটি বতমান একেটা অঞ্চলতে কেন্দ্ৰীভূত হৈ আছে। ই তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাৰো উন্নতি সাধন কৰিলে।

(ঙ) ভূমিহীন সকলৰ ভূমি প্ৰদান : পঞ্চবার্ষিক পৰিকল্পনাসমূহৰ আৰম্ভণিৰে পৰা ভূমিহীন কৃষকসকলক ভূমি যোগান ধৰিবৰ বাবে সকলো প্ৰচেষ্টা কৰা হৈছিল। চিলিং ব্যৱস্থ প্ৰৱৰ্তনৰ লগে লগে মাটিৰ অতিৰিক্ত অংশ এই ভূমিহীন লোকসকলক প্ৰদান কৰা হ’ল৷ ভূ-দান আন্দোলনত লাভ কৰা মাটিও এই লোকসকলৰ মাজত বিতৰণ কৰা হয়।

(চ) সমবায়মূলক কৃষি : চৰকাৰৰ বিভিন্ন পঞ্চবার্ষিক পৰিকল্পনা আৰু অন্যান্য কার্যসূচীসমূহও কৃষিৰ উন্নতিৰ হকে সমবায়মূলক কৃষি অন্তভূর্ক্ত কৰা হয়। ইয়াৰ বাবে বহুতো সমবায় স্থাপন কৰি দিয়া হ’ল আৰু লগতে কিছুমান আঁচনিও আৰম্ভ কৰা হ’ল। এই কাৰ্যসূচীৰ ফলস্বৰূপে যিসকল কৃষকৰ মাটি কম আছিল তেওঁলোকে আনৰ লগত লগ লাগি কম খৰচতে উন্নত কৃষি উৎপাদন লাভ কৰিলে। ইয়াৰফলত কৃষিভূমিত যন্ত্ৰৰ ব্যৱহাৰ হ’বলৈ ধৰিলে আৰু কৃষকসকলে উন্নত মানৰ উৎপাদন পাবলৈ সক্ষম হ’ল ৷

(ছ) ভূ-দান আন্দোলন আৰু অতিৰিক্ত ভূমিৰ বিতৰণ : ১৯৫১ চনত মহাত্মা গান্ধীৰ এজন শিষ্য বিনোৱা ভাবেই ভূ-দান আন্দোলন আৰম্ভ কৰে। এই আন্দোলনৰ উদ্দেশ্য আছিল অতিৰিক্ত মাটিসমূহ মানুহৰ পৰা দান হিচাপে গ্ৰহণ কৰা ৷ এনেদৰে দান হিচাপে লাভ কৰা মাটিসমূহ ভূমিহীন লোকসকলৰ মাজত বিতৰন কৰা হয়। যি সময়ত পৃথিৱীৰ বিভিন্ন দেশত কৃষি পদ্ধতিৰ পৰিৱৰ্তন আৰু ভূমিৰ মালিকস্বত্বৰ বাবে মানুহে ৰক্তাক্ত বিপ্লৱৰ সূচনা কৰিছিল, সেই সময়ত এই আন্দোলনে ভূমি সংস্কাৰক এক গতি প্রদান কৰিলে৷

২। সেউজ বিপ্লৱৰ সামাজিক ফলাফলসমূহ আলোচনা কৰা।

উত্তৰঃ সেউজ বিপ্লৱৰ ফলত ধনী কৃষকসকলৰ অৱস্তাৰ অধিক উন্নতি হৈছিল আৰু উপান্ত কৃষকৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছিল । উন্নত প্রযুক্তিবিদ্যা, উন্নত প্ৰজাতিৰ বীজ আৰু সাৰ ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি কৰাৰ সুবিধা দেখি মাটিৰ মালিকসকলে আধিয়াৰ কৃষকৰ পৰা মাটি কাঢ়ি আনি নিজে খেতি কৰিবলৈ লোৱাৰ ফলতে এনে ঘটিছিল। সেউজ বিপ্লৱৰ ফলত কৃষি শ্ৰমিকৰ নিয়োগ আৰু মজুৰি বৃদ্ধি পাইছিল যদিও উৎপাদিক শস্যৰ পৰিৱৰ্তে মজুৰি হিচাপে নগদ ধন দিয়াৰ পদ্ধতিয়ে বহুতো কৃষকৰ অৱস্থা শোচনীয় কৰি তুলিছিল। আনহাতে সেউজ বিপ্লৱে বজাৰভিত্তিক কৃষি পদ্ধতি এটা সৃষ্টি কৰিছিল। যিসকল খেতিয়কে পূৰ্বে নিজৰ প্ৰয়োজনৰ বাবেহে উৎপাদন কৰিছিল, তেওঁলোকে বজাৰৰ চাহিদা পুৰণৰ বাবে উৎপাদন আৰম্ভ কৰাত খেতিয়কসকলে আৰ্থিকভাৱে লাভান্বিত হয়। সেউজ বিপ্লৱে আকৌ আঞ্চলিক অসমতা বৃদ্ধি কৰিছিল৷ ভাৰতৰ দক্ষিণ আৰু পশ্চিমৰ অঞ্চলবিলাক সেউজ বিপ্লৱৰ পৰা বেছিলাভান্বিত হৈছিল। ইয়াৰ বিপৰীতে বিহাৰ, উত্তৰ প্ৰদেশৰ পূৰ্বপ্ৰান্ত আৰু টেলেংগানাৰ দৰে খৰাং অঞ্চলবোৰত এই বিপ্লৱৰ প্ৰভাৱ তেনেই কম আছিল। এনেদৰে সেউজ বিপ্লরে ভাৰতত আঞ্চলিক অসমতা বৃদ্ধি কৰিছিল।

৩ । গ্ৰাম্য সমাজত গোলকীকৰণ আৰু উদাৰীকৰণৰ প্ৰভাৱবোৰ কেনে আলোচনা কৰা। গোলকীকৰণে ভাৰতীয় সমাজত পেলোৱা প্ৰভাৱসমূহ আলোচনা কৰা। 

উত্তৰঃ গোলকীকৰণ শব্দটো বিভিন্ন ধৰণেৰে ব্যৱহাৰ কৰা দেখা যায়।

যেনে—

(ক)  দেশবোৰৰ মাজত আন্তঃনির্ভৰশীলতা আৰু আন্তঃক্রিয়া স্থাপন।

(খ) বিশ্বৰ অৰ্থনীতিৰ মাজত সংহতি স্থাপন ।

ওপৰৰ এই দৃষ্টিভংগীৰ ভিত্তিত আমি ক’ব পাৰো যে, ই হৈছে এনে এটা প্ৰক্ৰিয়া য’ত সীমাৰ সিপাৰলৈ সামাজিক সাংস্কৃতিক, প্রযুক্তি আদিৰ আদান প্রদান হয়।

গোলকীকৰণ শব্দটো প্ৰথম উদ্ভাৱন কৰা হৈছিল ১৯৮০ চনত। ইয়াৰ অৰ্থ এইটো নহয় যে আগেয়ে দেশসমূহৰ মাজত আক্তসম্পৰ্ক নাছিল। কিন্তু সম্প্রতি আধুনিক যুগত গোলকীকৰণে অর্থনীতি, শিক্ষা, প্রযুক্তি, সামাজিক, সাংস্কৃতিক আদি জীৱনৰ সকলো ক্ষেত্রকেই সামৰি আছে। গোলকীকৰণৰ তাৎপর্য বুজাবলৈ প্ৰায়েই গোলকীয় গাওঁ শব্দটো ব্যৱহাৰ কৰা হয়। এই শব্দই নিৰ্দেশ কৰে যে বৰ্তমান ইকেট্রনিক যোগাযোগ ব্যৱস্থাই গোটেই বিশ্বকে এখন গাঁৱত পৰিণত কৰিছে।

ভাৰতবৰ্ষৰ দৰে এখন উন্নয়নশীল দেশত গোলকীকৰণে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। আৰু ইয়াৰ ফলস্বৰূপে আমাৰ সমাজত বহুতো উল্লেখযোগ্য পরিবর্তন সাধন হৈছে।

সেইসমূহ তলত উল্লেখ কৰা হ’ল–

(ক) প্ৰযুক্তিৰ বিকাশ : গোলকীকৰণে প্ৰযুক্তিৰ দিশত ভাৰতত উল্লেখযোগ্য পৰিবৰ্তন সাধন কৰিছে। ইণ্টাৰনেটৰ সুবিধাই ভাৰতবৰ্ষৰ লোকসকলক বিভিন্ন দেশৰ জ্ঞান আহৰণ কৰাৰ লগতে চাকৰিৰো সুবিধা প্ৰদান কৰিছে। ম’বাইল ফোনৰ ব্যৱহাৰে অন্যান্য দেশৰ লগত যোগাযোগৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰিছে।

(খ) আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বিকাশ : শুষ্কৰ ওপৰত থকা অৱৰোধসমূহ আঁতৰ হোৱাৰ লগে লগে দেশবোৰৰ মাজত বাণিজ্যিক বিকাশ হ’বলৈ ধৰিলে। GATT, WTO আদিয়ে গোলকীয় বাণিজ্যক আৰু সহজ কৰি তুলিলে।

(গ) উৎপাদন বৃদ্ধি : গোলকীকৰণৰ ফলস্বৰূপে বিভিন্ন ধৰণৰ দ্ৰব্যৰ উৎপাদন বৃদ্ধি পালে কাৰণ বহুজাতিক কোম্পানীসমূহে সমগ্র বিশ্বতে কাৰখানা আদি স্থাপন কৰিলে।

(ঘ) নিযোগৰ সুবিধা : বহুজাতিক কোম্পানীসমূহ স্থাপন হোৱাৰ লগে লগে সেইবোৰত নিয়োগৰ সুবিধা বৃদ্ধি পালে। ফলস্বৰূপে আমাৰ দেশৰ নিবনুৱা সমস্যা বহু পৰিমাণে হ্রাস পালে।

(ঙ) বিদেশী মুদ্ৰাৰ মুক্ত প্রবাহ : গোলকীকৰণে বিদেশী মুদ্ৰাৰ মুক্ত প্ৰৱাহত অৰিহণা যোগায়, যিয়ে উন্নয়ণশীল দেশসমূহৰ অৰ্থনীতি অলপ হ’লেও উন্নত কৰিলে। ইয়ে

মূলধন গঠনতো আৰিহণা যোগায়। 

এইদৰেই গোলকীকৰণে ভাৰতলৈ নতুন প্রযুক্তি, নতুন উৎপাদন আৰু লগতে নতুন নতুন অর্থনৈতিক সুবিধা আনি দিলে। যিয়ে ভাৰতীয় সমাজৰ সংৰচনাত বহুতো পৰিৱৰ্তনৰ সূচনা কৰিলে। আগৰ তুলনাত ভাৰতীয় সমাজ বেছি মুক্ত হ’বলৈ ধৰিলে।

(ক) প্ৰযুক্তিৰ বিকাশ : ভাৰতৰ গ্ৰাম্য সমাজতো ই বিপ্লৱৰ সূচনা কৰিছে। আজি ভাৰতৰ অতি পিছপৰা গাওঁখনো ম’বাইল আৰু ইণ্টাৰনেটে সংযোগ কৰি সমগ্ৰ বিশ্বৰ খা-খবৰ জনোৱাৰ লগতে বিশ্বৰ সংস্কৃতিৰ লগত পৰিচয় কৰি দিছে। ভাৰতৰ গ্ৰাম্য সমাজৰ বাবে আজি মেডোনা, চাকিৰা আদিৰ দৰে পপষ্টাৰ বা মাইকেল চুমাকাৰ, ৰণাল্ডো, মেচি আদিৰ দৰে ক্ৰিয়াবিদ অচিনাকী হৈ থকা নাই। তদুপৰি প্ৰযুক্তিবিদ্যাৰ বিকাশে সৃষ্টি কৰা তীব্ৰ গতিসম্পন্ন ৰেল, পথ বা আকাশী পৰিবহণ ব্যৱস্থাই ভাৰতৰ গ্ৰাম্য সমাজকো চুই গৈছে। যোগাযোগ ব্যৱস্থা যথেষ্ট সুচল হোৱাত ভাৰতৰ গাওঁ অঞ্চলৰ লোকেও অতি সহজে মহানগৰবোৰত কৰ্মৰ সন্ধানও উলাই অহা দেখা গৈছে। এনেদৰে প্রযুক্তিবিদ্যাৰ বিকাশে ভাৰতৰ গ্ৰাম্য সমাজকো চুই আছে।

(খ)আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বিকাশ : এতিয়া ভাৰতৰ সৰু সৰু চহৰবোৰতো পেপচি, কোকাকোলা আদিৰ দৰে বহুজাতিক সংস্থাৰ খাদ্য সম্ভাৰ বা এডিডাচ, নাইকী আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ উৎপাদিত সামগ্ৰী পোৱা যায়। ভাৰতৰ গাঁৱত বসবাস কৰা লোকৰ হাতে হাতে নকিয়া, এল, জি., চেমচাং কোম্পানীৰ মোবাইল ফোন দেখা পোৱা যায়। ইয়াৰোপৰি এই কোম্পানীবিলাকে প্রতিষ্ঠা কৰা বিক্ৰী প্রতিষ্ঠানবোৰত বা সেৱাকেন্দ্ৰবোৰত থলুৱা নিবনুৱাসকলে কৰ্ম-সংস্থান লাভ কৰা দেখা গৈছে। এনেকৈয়ে ভাৰতৰ গ্ৰাম্য অঞ্চলৰ ল’ৰা-ছোৱালীও বহুজাতিক সংস্থাবোৰৰ লগত জড়িত হোৱা দেখা গৈছে – যিটো গোলকীকৰণৰ এটা গুৰুত্বপূৰ্ণ প্রভাব।

8‌‌ ।‌ স্বাধীনোত্তৰ সময়ত ভাৰতৰ গ্ৰাম্য সমাজত কি কি পৰিবৰ্তন দেখা পোৱা গৈছে? আলোচনা কৰা।

উত্তৰঃ স্বাধীনোত্তৰ ভাৰতৰ গ্ৰাম্য সমাজত বিভিন্ন পৰিবৰ্তন দেখা পোৱা গৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল ভূমি সংৰচনা বিষয়ক পৰিৱৰ্তনলানী। ১৯৫০ ৰ পৰা ১৯৭০ চনলৈকে কৃষিখণ্ডৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ত বহুবোৰ সংস্কাৰ নীতি গ্ৰহণ কৰা হৈছিল। জমিদাৰী পদ্ধতি বিলোপ কৰি, ৰায়তী স্বত্ব বিলোপ আইন প্রণয়ন কৰি, চিলিং আইন প্ৰয়োগ কৰি ভূমি সংস্কাৰ কাৰ্য্যকৰী কৰা হৈছিল। ভূমি সংস্কাৰে ভাৰতৰ গ্ৰাম্য সমাজৰ ভূমি সংৰচনাৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিছিল।

স্বাধীনতাৰ পিছৰে পৰা পঞ্চবার্ষিক পৰিকল্পনা কাৰ্য্যকৰী কৰা আৰম্ভ হয় আৰু ই ভাৰতীয় গাওঁবোৰলৈ পৰিৱৰ্তন কঢ়িয়াই আনে। স্কুলীয়া শিক্ষাৰ প্ৰসাৰ আৰম্ভ হয় আৰু শিক্ষিতৰ হাৰ বৃদ্ধি পাবলৈ ধৰে। গাওঁবোৰলৈ পথ যোগাযোগ সুচল হোৱাত গাঁৱৰ পৰা নগৰমুখী প্ৰৱজন বৃদ্ধি পায়। মূলতঃ কৰ্মৰ সন্ধানও গাঁৱৰ পৰা চহৰলৈ অহা লোকৰ সংখ্যা বাঢ়িবলৈ ধৰে। গোলকীকৰণৰ পিছত ভাৰতত গাওঁ আৰু নগৰৰ মাজৰ পাৰ্থক্য বহুক্ষেত্ৰত নাইকিয়া হোৱা দেখা গৈছে। তথ্য প্রযুক্তিবিদ্যাৰ তীব্র বিকাশে এই পার্থক্য শেষ হ’বলৈ বাধ্য কৰিছে। ম’বাইল ফোন আৰু ইণ্টাৰনেট সেৱাই এনেদৰে প্ৰসাৰ লাভ কৰিছে যে ভাৰতৰ এখন অত্যন্ত পিছপৰা গাঁৱতো ম’বাইল আৰু ইণ্টাৰনেট সেৱা পাব পৰা হৈছে।

এনে পৰিৱৰ্তনৰ ফলত ভাৰতীয় গ্ৰাম্য সমাজৰ মূল্যবোধৰো ভালেখিনি পৰিৱৰ্তন ঘটিছে। অন্ধবিশ্বাস, কুসংস্কাৰ, জাতিভেদ প্রথা আদিবোৰৰ বাধা নিষেধ তেনেই কম হৈ পৰিছে। স্বাস্থ্য সেৱাৰ সুবিধা বৃদ্ধি পোৱা তথা পৰিয়াল পৰিকল্পনা কাৰ্য্যসূচীৰ যথাযথ ৰূপায়নৰ বাবে গ্ৰাম্য সমাজতো জন্মৰ হাৰ হ্ৰাস পাইছে। এনেদৰে ভাৰতীয় গ্ৰাম্য সমাজত স্বাধীনতাৰ পিছত চৰকাৰৰ প্ৰচেষ্টাত পৰিৱৰ্তন অহা দেখা গৈছে।

৫ । ভূমি সংস্কাৰ কিয় আৱশ্যকীয় ? স্বাধীনোত্তৰ ভাৰতৰ কৃষিখণ্ডত ভূমি সংস্কাৰে কেনে প্ৰভাৱ পেলাইছে?

উত্তৰঃ ভূমি সংস্কাৰ হৈছে এনে এক প্রক্রিয়া, য’ত ভূ-সম্পত্তিৰ মালিকীস্বত্বৰ ক্ষেত্ৰত থকা আইন নীতি বা প্ৰথাৰ পৰিৱৰ্তন কৰা হয়। এই সংস্কাৰত চৰকাৰী ভূমিৰ পুনৰ বিতৰণ হয়, বিশেষকৈ কৃষি ভূমি। সেয়েহে ভূমি সংস্কাৰে ভূমিৰ মালিকীস্বত্ব বেছি শক্তিশালি জনৰ পৰা কম শক্তিশালী জনলৈ স্থানান্তৰ কৰা বুজায় ৷ এনে ধৰণৰ মালিকীস্বত্বত ক্ষতিপুৰণ হিচাপে মূল্য দিবও পাৰে, নিদিবও পাৰে। মাটিৰ সম্পূৰ্ণ মূল্যও দিব পাৰে নাইবা সামান্য ক্ষতিপুৰণ দিব পাৰে।

ভাৰতীয় সমাজ ব্যৱস্থাত মাটিক কেন্দ্ৰ কৰি শ্ৰেণী সংৰচনাৰ সৃষ্টি হৈছিল। বহু সমাজত দেখা গৈছিল যে অধিক মাটিৰ মালিকসকলে উচ্চ শ্ৰেণীত থকাৰ বিপৰীতে কম পৰিমাণৰ মাটি থকাসকলে তলৰ শ্ৰেণীত স্থিতি লয় আৰু ভূমিহীন লোকসকল সমাজৰ নিম্নতম শ্রেণীত অন্তর্ভুক্ত হয়। ইয়াৰোপৰি যাৰ হাতত মাটিৰ মালিকীস্বত্ব থাকে সি খেতি নকৰে আৰু যি প্ৰকৃততে খেতিয়ক তাৰ হাতত কৃষিভূমি নথকাৰ বাবে তেওঁলোক শোষিত হ’বলগীয়া হয়। সেয়েহে ভাৰতত ভূমি সংস্কাৰ আৱশ্যকীয় হৈ পৰে।

স্বাধীনতাৰ পিছতহে ভাৰতত আচল ভূমি সংস্কাৰ আৰম্ভ হয় । প্ৰথম অৱস্থাত চৰকাৰে ভূমিৰ নালিকীস্বত্বৰ ক্ষেত্ৰত কৃষকসকলক সুৰক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিছিল। ইয়াৰ পিছতে পঞ্চবার্ষিক পৰিকল্পনাসমূহত ভূমিৰ অধিকাৰী পদ্ধতি আৰু কৃষকসকলৰ অৱস্থাৰ উন্নতিৰ বাবে বহুতো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

এই ব্যৱস্থাসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল – –

(ক) জমিদাৰী প্ৰথাৰ বিলুপ্তি সাধনঃ বিভিন্ন ৰাজ্যত নিজস্ব জনপ্ৰিয় চৰকাৰ গঠন হোৱাৰ লগে লগে জমিদাৰী প্ৰথাৰ বিলুপ্ত সাধন কৰা হয়। জমিদাৰী প্ৰথাত এজন মধ্যস্থতাকাৰী ব্যক্তি থাকে যিজন কৃষকসকলৰ পৰা বহু টকা আত্মসাৎ কৰে। জমিদাৰী সকলৰ লগতে সেই মধ্যস্থতাকাৰীজনকে আঁতৰাই দিয়া হ’ল। ভাৰতবৰ্ষৰ কোটি কোটি কৃষক যিসকল সেই মধ্যস্থতাকাৰীৰ তলতীয়া আছিল, বর্তমান তেওঁলোকে চৰকাৰৰ লগত প্ৰত্যক্ষ যোগাযোগ কৰিব পৰা হ’ল।

জমিদাৰী পদ্ধতি বন্ধ হোৱাৰ ফলস্বৰূপে, কৃষকসকলে অর্থনৈতিক ক্ষেত্ৰত যথেষ্ট সকাহ পালে। বর্তমান কৃষকসকলে নিৰ্দ্ধাৰিত পৰিমাণৰ ৰাজহ পৰিশোধ কৰি মাটিৰ গৰাকী হৈ পৰে।

(খ) ভূমি ৰাজহ আৰু কৃষকসকলৰ ভূমিধাৰী অধিকাৰৰ ক্ষেত্ৰত পৰিবৰ্তন‌ : জমিদাৰী পদ্ধতি বিলুপ্ত হোৱাৰ লগে লগে কৃষকসকলে ভূমি ৰাজহৰ ক্ষেত্ৰত যথেষ্ট সকাহ পালে। কিছু কিছু ক্ষেত্ৰত ভুমি ৰাজহ যথেষ্ট হ্ৰাস কৰি দিয়া হয়। কৃষকসকলে কেবা বছৰৰ মূৰত মাত্ৰ এবাৰ ৰাজহ দিব লাগে, যিয়ে তেওঁলোকক বহুত সকাহ দিয়ে। মাটিৰ মালিকীস্বত্বও কৃষকসকলে লাভ কৰিলে।

ভূমিধাৰী অধিকাৰ হৈছে ভূমির মালিকীস্বত্ব। এই অধিকাৰৰ ফলস্বৰূপে, কৃষকসকলে মাটি বিক্ৰী কৰা, বন্ধকত দিয়া আৰু নিজৰ মাটিখিনিৰ উন্নতিৰ বাবে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা হ’ল। ভূমিধাৰী অধিকাৰে কৃষকসকলক কৃষি উৎপাদন বৃদ্ধি কৰিবৰ বাবে বেংক বা তেনে কোনো বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ ল’বলৈ সুবিধা পালে।

(গ) মাটিৰ উচ্চতা পৰিমাণ (চিলিং) নির্ণয় : জমিদাৰী ব্যৱস্থা বন্ধ কৰি দিয়াৰ পিছতে কৃষি ভূমিৰ ক্ষেত্ৰত চিলিং আৰোপ কৰা হয়। এই ব্যৱস্থা মতে, এজন ব্যক্তিয়ে এক নিৰ্দিষ্ট পৰিমাণৰ মাটিৰহে গৰাকী হ’ব পাৰিব। ইয়াৰ ফলস্বৰূপে যিসকল কৃষকৰ মাটি সম্পত্তিনাছিল তেওঁলোকেও মাটি লাভ কৰিলে। ইয়ে তেওঁলোকৰ আৰ্থিক অৱস্থাৰ উন্নতি আৰু কৃষি উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিলে।

(ঘ) মাটিৰ একত্ৰীকৰণ : একত্ৰীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে কৃষকসকলৰ মাটিসমূহ অ’ত তত সিঁচৰিত হৈ থকাৰ পৰিৱৰ্তে একে ঠাইতে লগ লগাই দিয়া হয়া। এই প্রক্রিয়া সম্পূর্ণ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হৈছিল। এতিয়া কৃষকসকলে কৃষি কৰিবৰ বাবে তেওঁলোকৰ খেতিৰ মাটি বতমান একেটা অঞ্চলতে কেন্দ্রীভূত হৈ আছে। ই তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাৰো উন্নতি সাধন কৰিলে।

(ঙ) ভূমিহীন সকলৰ ভূমি প্ৰদান : পঞ্চবার্ষিক পৰিকল্পনাসমূহৰ আৰম্ভণিৰে পৰা ভূমিহীন কৃষকসকলক ভূমি যোগান ধৰিবৰ বাবে সকলো প্ৰচেষ্টা কৰা হৈছিল। চিলিং ব্যৱস্থা প্ৰৱৰ্তনৰ লগে লগে মাটিৰ অতিৰিক্ত অংশ এই ভূমিহীন লোকসকলক প্ৰদান কৰা হ’ল। ভূ-দান আন্দোলনত লাভ কৰা মাটিও এই লোকসকলৰ মাজত বিতৰণ কৰা হয়।

(চ) সমবায়মূলক কৃষি : চৰকাৰৰ বিভিন্ন পঞ্চবার্ষিক পৰিকল্পনা আৰু অন্যান্য কাৰ্যসূচীসমূহও কৃষিৰ উন্নতিৰ হকে সমবায়মূলক কৃষি অন্তৰ্ভূক্ত কৰা হয়। ইয়াৰ বাবে বহুতো সমবায় স্থাপন কৰি দিয়া হ’ল আৰু লগতে কিছুমান আঁচনিও আৰম্ভ কৰা হ’ল। এই কাৰ্যসূচীৰ ফলস্বৰূপে যিসকল কৃষকৰ মাটি কম আছিল তেওঁলোকে আনৰ লগত লগ লাগি কম খৰচতে উন্নত উৎপাদন লাভ কৰিলে। ইয়াৰফলত কৃষিভূমিত যন্ত্ৰৰ ব্যৱহাৰ হ’বলৈ ধৰিলে আৰু কৃষকসকলে উন্নত মানৰ উৎপাদন পাবলৈ সক্ষম হ’ল।

(ছ) ভূ-দান আন্দোলন আৰু অতিৰিক্ত ভূমিৰ বিতৰণ : ১৯৫১ চনত মহাত্মা গান্ধীৰ এজন শিষ্য বিনোৱা ভাবেই ভূ-দান আন্দোলন আৰম্ভ কৰে। এই আন্দোলনৰ উদ্দেশ্য আছিল অতিৰিক্ত মাটিসমূহ মানুহৰ পৰা দান হিচাপে গ্ৰহণ কৰা। এনেদৰে দান হিচাপে লাভ কৰা মাটিসমূহ ভূমিহীন লোকসকলৰ মাজত বিতৰন কৰা হয়। যি সময়ত পৃথিৱীৰ বিভিন্ন দেশত কৃষি পদ্ধতিৰ পৰিৱৰ্তন আৰু ভূমির মালিকস্বত্বৰ বাবে মানুহে বক্তাক্ত বিপ্লৱৰ সূচনা কৰিছিল, সেই সময়ত এই আন্দোলনে ভূমি সংস্কাৰক এক গতি প্ৰদান কৰিলে।

৬ । প্ৰব্ৰজন আৰু কৰ্মৰ নিশ্চিতি নথকাটোৱে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ কৰ্মস্থলী আৰু জীৱন ধাৰণৰ মানদণ্ড হ্রাস কৰে। ভাৰতত শ্রমিক সৰবৰাহৰ লগত সংগতি ৰাখি কথাষাৰ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতত সেউজ বিপ্লৱ হোৱাৰ পিছত কৃষি শ্রমিকৰ প্ৰৱজন বৃদ্ধি পায়। এই প্ৰৱজনকাৰী শ্রমিকসকল প্রধানত খৰাং আৰু কম উৎপাদন হোৱা অঞ্চলৰ পৰা পাঞ্জাৱ আৰু হাৰিয়ানাৰ দৰে অধিক উৎপাদন হোৱা কৃষি পথাৰবোৰত কাম কৰিবলৈ আহে। অৱশ্যে আজিকাদি বিভিন্ন মহানগৰৰ ইটা ভাটা আৰু গৃহ নির্মাণ উদ্যোগত কাম কৰিবলৈও শ্রমিকৰ প্ৰৱজন ঘটে। এনে ধৰণৰ প্ৰৱজনকাৰী শ্রমিকৰ ওপৰত Jan Breman যে কৰা অধ্যয়নত এইটো কথা পোহৰলৈ আহিছিল যে এই শ্রমিকসকলক উপযুক্ত মজুৰি দিয়া নহয়। আঁতৰৰ পৰা প্ৰৱজিত শ্ৰমিকসকলক কম মজুৰিতে কামত খটুৱাব পাৰে বাবে ধনী কৃষকসকলে স্থানীয় শ্রমিকতকৈ এনে প্ৰৱজনকাৰী শ্রমিকক কামত নিয়োগ কৰে। প্ৰকৃততে বহু দূৰৰ পৰা কৰ্মৰ সন্ধানত অহা এই শ্রমিকসকলে কাম নাপালে জীয়াই থকাৰ সুবিধা নোপোৱাৰ বাবেই ন্যূনতম মজুবিতে কাম কৰিবলৈ বাধ্য হয়। ইয়াৰ ফলত এনে শ্রমিকৰ জীৱন ধাৰণৰ মানদণ্ড নিম্নগামী হয়।

৭ । কৃষি আৰু সংস্কৃতিৰ মাজত ওচৰ সম্পৰ্ক আছে। ব্যাখ্যা কৰা। 

উত্তৰঃ প্ৰকৃততে সংস্কৃতি শব্দটোৰ উৎপত্তিৰ লগত কৃষিৰ সম্পৰ্ক আছে। সংস্কৃতি বুলি ক’লে সাধাৰণতে এটা সমূহৰ সামগ্ৰিকভাৱে জীৱন ধাৰণ পদ্ধতিক বুজায় – যাৰ লগত আচাৰ ব্যৱহাৰ, গীত, মাত, নৃত্য, খাদ্য প্ৰণালী, সাজ পোছাককে আদি কৰি সমস্ত দিশ জড়িত হৈ থাকে। ভাৰতৰ গ্ৰাম্যাঞ্চলৰ মানুহৰ বাবে মাটিয়েই হ’ল উৎপাদনৰ আহিলা – যাৰ লগত

সংপত্ত হৈ আছে গ্ৰাম্যাঞ্চলৰ সমাজ জীবন। সেয়েহে দেখা যায় যে ভাৰতৰ বহু অঞ্চলৰ উৎসৱ কৃষিৰ লগত জড়িত। ইয়াৰে কিছুমান উৎসৱ কৃষিকাৰ্য্যৰ আৰম্ভণিতে আৰু আন কিছুমান উৎসৱ শস্য চৱোৰা সময়ত পালন কৰা হয়। কৃষিৰ লগত জড়িত এনে কিছুমান উৎসৱ হ’ল অসমৰ তিনিওটা বিহু, তালিমনাডুৰ পংগাল, পাঞ্জাৱৰ বৈশাখী, কৰ্ণাটকৰ ওগাড়ী আদি। ইয়াৰোপৰি এনে উৎসৱসমূহত পৰিবেশন কৰা খাদ্য সম্ভাৰত সেই সময়চোৱাত উৎপন্ন হোৱা কৃষিজাত দ্ৰৱ্যৰ উপস্থিতি তথা এনে উৎসৱৰ লগত সংগতি ৰাখি যিবিলাক গীত-মাত পৰিবেশন কৰা হয় তাতো কৃষিৰ গোন্ধ পোৱা যায়। এনেদৰে কৃষি আৰু সংস্কৃতিৰ মাজৰ ওচৰ সম্পৰ্ক থকা দেখা যায়।

৮ । ভাৰতত শ্রমিক সংঘৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা আৰু ভাৰতৰ উদ্যোগীক ক্ষেত্ৰত সবাতোকৈ দীর্ঘদিনীয়া ধৰ্মঘটটোৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত আৰম্ভ হোৱা শ্রমিক আন্দোলনসমূহে অতি সোনকালেই বৈপ্লৱিক নীতি গ্ৰহণ কৰে। ১৯২৮ চনৰ পিছৰ পৰাহে ভাৰতত প্ৰতিবাদী আন্দোলনৰ সূচনা হয়। ইয়াৰ পিছৰপৰাই ভাৰতত সংঘটিত হোৱা সকলোবোৰ আন্দোলনৰ ইতিহাসেই তেজেৰে লিখা। ভাৰতীয় কাৰখানাসমূহত প্ৰতিবাদ কৰাটো সেই সময়ত সাধাৰণ ঘটনাত পৰিণত হৈছিল।

এনেধৰণৰ প্ৰথমটো আন্দোলন আৰম্ভ হৈছিল বম্বেত, সাধাৰণ প্ৰতিবাদ নামেৰে জনাজাত এই আন্দোলনত ১২০,০০০ কর্মীয়ে অংশগ্ৰহণ কৰিছিল। যিসকলৰ বেছিভাগেই আছিল বস্ত্ৰ উদ্যোগৰ শ্ৰমিক। এই আন্দোলনত প্রায় ২০০ শ্রমিকক সেনাৰ দ্বাৰা গুলীয়াই হত্যা কৰা হৈছিল।

একেদৰে অন্য এটা আন্দোলন আৰম্ভ হৈছিল সাধাৰণ প্ৰতিবাদৰ ৩ বছৰৰ পিছত বম্বেৰ পৰা ২০০০ মহিলা দূৰৰ অসমত। ইয়াতো বহু শ্রমিকক হত্যা কৰা হৈছিল।

ভাৰতত শ্রমিক আন্দোলনসমূহৰ কাৰণ নিৰ্ণয় কৰিবৰ বাবে চৰকাৰে এখন কমিচন নিয়োগ কৰে। এই কমিচনৰ প্ৰতিবেদনত প্ৰকাশ পায় যে ১৯২০ চনৰ জুলাই মাহৰ পৰা ১৯২১ চনৰ মাৰ্চ মাহলৈকে বেংগলত বিভিন্ন উদ্যোগত মুঠ ১৩৭ টা প্রতিবাদী আন্দোলন সংঘটিত হৈছিল। এই আন্দোলনত ২৪৪, ১৮০ শ্রমিকে ভাগ লৈছিল আৰু সেই আন্দোলনৰ সময়চোৱাত ২,৬৩১,৪৮৮ দিনৰ কামৰ লোকচান হৈছিল।

বম্বেত ১৯২১ চনৰ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত ৩৩ টা আন্দোলন সংঘটিত হৈছিল। ইয়াত অংশগ্ৰহণ কৰিছিল ২৪০,০০০ শ্রমিকে আৰু লোকচান হৈছিল ৫০০,০০০ দিনৰ কাম। একে বছৰৰে মাজভাগত মাদ্রাজ টাউনত সংঘটিত হোৱা এটা আন্দোলনত ২০,০০০ শ্রমিকে অংশ গ্ৰহণ কৰিছিল। চৰকাৰে পুঁজিবাদীসকলৰ সহায়ত শ্রমিকসকলক বশীভূত কৰিবলৈ প্ৰতিবাদী সকলক কাৰাগাৰত বন্দী কৰা, তেওঁলোকৰ ঘৰ জ্বলাই দিয়া আৰু ইউনিয়নক জৰিমনা বিহা আদি বিভিন্ন কাৰ্য কৰিলে, কিন্তু শ্ৰমিকসকল তেওঁলোকৰ দাবীত অটল থাকিল। শেষত এই আন্দোলন বোজাবোজিৰ মাজেৰে সমাপ্ত হৈছিল।

ভাৰতৰ উদ্যোগীক ক্ষেত্ৰত সবাতোকৈ দীর্ঘদিনীয়া ধর্মঘটটো সংঘটিত হৈছিল ১৯৮২ চনত বোম্বেৰ বস্তু উদ্যোগত। প্রায় ২.৫ লাখ শ্রমিক প্রভাবিত হোৱা এই ধর্মঘট প্রায় দুটা বছৰ ধৰি চলিছিল। প্ৰকৃততে বম্বে বস্তু উদ্যোগৰ শ্ৰমিকসকলে বেছি পাৰিশ্ৰমিকৰ দাবী কৰাৰ উপৰি নিজাকৈ শ্রমিক সংঘ গঠন কৰিব বিচাৰিছিল। কিন্তু বম্বে উদ্যোগীক আইনৰ দ্বাৰা এই সংঘ অনুমোদিত হ’ব লাগিব আৰু এই অনুমোদন পাবলৈ হ’লে কোনো কাৰণতে ধর্মঘট কৰিব নোৱাৰিব। ৰাষ্ট্ৰীয় মিল মজদুৰ সংঘ” আছিল একমাত্র অনুমোদনপ্রাপ্ত সংঘ – যি সংঘই ধৰ্মঘটৰ সময়ত বাহিৰৰ পৰা কাম কৰিবৰ বাবে শ্রমিক আনি কর্তৃপক্ষক সহায় কৰিছিল। চৰকাৰে শ্ৰমিকসকলৰ দাবী অগ্রাহ্য কৰাত শ্রমিকসকলৰ মনোবল ভাগি গৈছিল। ইয়াৰোপৰি চৰকাৰে ৰামা নায়ক, অৰুণ গাউলীৰ দৰে গুণ্ডাবোৰক কাৰাগাৰৰ পৰা মুকলি কৰি আনি শ্রমিক সকলক ভাবুকি দিবলৈ আৰম্ভ কৰিছিল। শ্রমিকসকলৰ আৰ্থিক অৱস্থা ইমানেই বেয়া হৈ গৈছিল যে বহুতো শ্রমিকে ঘৰৰ লাম-লাকটু সমূহো বিক্ৰী কৰিবলগীয়া হৈছিল। শেষত বহুতো শ্রমিকে আগব কলকাৰখানাবিলাকৰ কামত যোগ দিছিল। প্রায় এক লাখ শ্রমিকে কাম হেৰুৱাই নিজ নিজ গাৱলৈ উভতি গৈছিল। এনেকৈয়ে জোব-জোলোম, হত্যা-হিংসাৰ মাজেৰে ভাৰতীয় সবাতোকৈ দীর্ঘদিনীয়া ধৰ্মঘটটো শ্ৰমিকৰ বাবে কোনো সুফল নোহোৱাকৈয়ে সমাপ্ত হৈছিল। কংগ্ৰেছ নেতৃত্বাধীন ৰাষ্ট্ৰীয় মিল মজদুৰ সংঘই বাহিৰৰ পৰা শ্রমিক আনি এই ধর্মঘট বিফল কৰাত আগভাগ লৈছিল।

৯। যন্ত্রপাতিৰ ব্যৱহাৰে কেনেকৈ শ্রমিকক সমস্যাত পেলাইছে? গান্ধীয়ে এই ক্ষেত্ৰত কি বিকল্পৰ বিষয়ে উল্লেখ কৰিছিল ? 

উত্তৰঃ যন্ত্রপাতিৰ অত্যাধিক ব্যৱহাৰে শ্ৰমিকসকলক বাৰুকৈয়ে সমস্যাত পেলোৱা দেখা গৈছে।

বস্তু উদ্যোগত মেচিনৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ পৰা শ্রমিক সকলেও মেচিনৰ দৰে ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কাপোৰ বওঁতা এজনৰ ভাষ্য অনুসৰি “তোমাৰ শক্তি থাকিব লাগিব। চকু, ডিঙি, হাত, ভৰি প্ৰত্যেকটো অংগই ঘূৰাই থাকিবলগা হয়। কাপোৰ বৈ থকা কামটো পূৰ্ণগতিত চলি থকাৰ সময়ত এজন কৰ্মচাৰী কেতিয়াও আন ঠাইলৈ যাব নোৱাৰে।” এনেদৰে মেচিনে মানুহকো দৰে হোৱাটো দাবী কৰে।

ইয়াৰোপৰি অত্যাধিক মেচিনৰ ব্যৱহাৰে শ্ৰমৰ অত্যাধিক বিশেষীকৰণ কৰে আৰু শ্রম বিভাজন দাবী কৰে। ইয়াৰ ফলত শ্রমিক এজনে তেওঁ উৎপাদন কৰা বস্তুটোৰ কোনোবা এটা ক্ষুদ্র অংশহে উৎপাদন কৰিবলগীয়া হয় আৰু এনেদৰে উৎপাদনৰ আনন্দৰ পৰা বঞ্চিত হ’বলগীয়া হয় আৰু এনেকৈয়ে শ্রমিকক শ্ৰমৰ আনন্দৰ পৰাও অপসাৰণ কৰা হয়। মাঝে এই সমগ্র প্ৰক্ৰিয়াটোক অপসাৰিতা বুলি কৈছে।

গান্ধীয়ে অত্যাধিক যন্ত্ৰৰ ব্যৱহাৰ নিবনুৱা সমস্যা বৃদ্ধি কৰিব বুলি শংকা প্ৰকাশ কৰিছিল। যন্ত্ৰৰ ব্যৱহাৰ কৰি হাজাৰ হাজাৰ শ্রমিকক শ্রমহীন কৰি ভোকাতুৰ কৰি ৰখাটোৰ তেওঁ বিৰোধ কৰিছিল। সেয়েহে তেওঁ কুটীৰ শিল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ মতে কুটীৰ শিল্পই নিয়োগহীনতাৰ সমাধান কৰিব আৰু ধনীৰ দ্বাৰা দৰিদ্ৰ সকলৰ শোষণো বন্ধ কৰিব।

১০ । ১৯৮২ চনত বস্ত্ৰ উদ্যোগত সংঘটিত হোৱা ধৰ্মঘটটোৰ লগত জড়িত হৈ বিভিন্ন পক্ষসমূহৰ দৃষ্টিকোণৰ পৰা ধৰ্মঘটটোৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত আৰম্ভ হোৱা শ্রমিক আন্দোলনসমূহে অতি সোনকালেই বৈপ্লৱিক নীতি গ্ৰহণ কৰে। ১৯২৮ চনৰ পিছৰ পৰাহে ভাৰতত প্ৰতিবাদী আন্দোলনৰ সূচনা হয়। ইয়াৰ পিছৰপৰাই ভাৰতত সংঘটিত হোৱা সকলোবোৰ আন্দোলনৰ ইতিহাসেই তেজেৰে লিখা। ভাৰতীয় কারখানাসমূহত প্রতিবাদ কৰাটো সেই সময়ত সাধাৰণ ঘটনাত পৰিণত হৈছিল। এনেধৰণৰ প্ৰথমটো আন্দোলন আৰম্ভ হৈছিল বম্বেত, সাধাৰণ প্ৰতিবাদ নামেৰে জনাজাত এই

আন্দোলনত ১২০,০০০ কর্মীয়ে অংশগ্রহণ কৰিছিল। যিসকলৰ বেছিভাগেই আছিল বস্তু উদ্যোগৰ

শ্রমিক। এই আন্দোলনত প্রায় ২০০ শ্রমিকক সেনাৰ দ্বাৰা গুলীয়াই হত্যা কৰা হৈছিল। 

একেদৰে অন্য এটা আন্দোলন আৰম্ভ হৈছিল সাধাৰণ প্ৰতিবাদৰ ৩ বছৰৰ পিছত বম্বেৰ পৰা ২০০০ মহিলা দূৰৰ অসমত। ইয়াতো বহু শ্রমিকক হত্যা কৰা হৈছিল।

ভাৰতত শ্রমিক আন্দোলনসমূহৰ কাৰণ নিৰ্ণয় কৰিবৰ বাবে চৰকাৰে এখন কমিচন নিয়োগ কৰে। এই কমিচনৰ প্ৰতিবেদনত প্ৰকাশ পায় যে ১৯২০ চনৰ জুলাই মাহৰ পৰা ১৯২১ চনৰ মাৰ্চ মাহলৈকে বেংগলত বিভিন্ন উদ্যোগত মুঠ ১৩৭ টা প্রতিবাদী আন্দোলন সংঘটিত হৈছিল। এই আন্দোলনত ২৪৪,১৮০ শ্রমিকে ভাগ লৈছিল আৰু সেই আন্দোলনৰ সময়চোৱাত ২,৬৩১,৪৮৮ দিনৰ কামৰ লোকচান হৈছিল।

বম্বেত ১৯২১ চনৰ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত ৩৩ টা আন্দোলন সংঘটিত হৈছিল। ইয়াত অংশগ্ৰহণ কৰিছিল ২৪০,০০০ শ্রমিকে আৰু লোকচান হৈছিল ৫০০,০০০ দিনৰ কাম। 

একে বছৰৰে মাজভাগত মাদ্রাজ টাউনত সংঘটিত হোৱা এটা আন্দোলনত ২০,০০০, শ্রমিকে অংশ গ্ৰহণ কৰিছিল। চৰকাৰে পুঁজিবাদীসকলৰ সহায়ত শ্ৰমিকসকলক বশীভূত কৰিবলৈ প্রতিবাদী সকলক কাৰাগাৰত বন্দী কৰা, তেওঁলোকৰ ঘৰ জ্বলাই দিয়া আৰু ইউনিয়নক জৰিমনা বিহা আদি বিভিন্ন কাৰ্য কৰিলে, কিন্তু শ্ৰমিকসকল তেওঁলোকৰ দাবীত অটল থাকিল। শেষত এই আন্দোলন বুজাবুজিৰ মাজেৰে সমাপ্ত হৈছিল।

ভাৰতৰ উদ্যোগীক ক্ষেত্ৰত সবাতোকৈ দীর্ঘদিনীয়া ধর্মঘটটো সংঘটিত হৈছিল ১৯৮২ চনত বোম্বেৰ বস্ত্ৰ উদ্যোগত। প্রায় ২.৫ লাখ শ্রমিক প্রভাৱিত হোৱা এই ধর্মঘট প্রায় দুটা বছৰ ধৰি চলিছিল। প্ৰকৃততে বম্বে বস্ত্ৰ উদ্যোগৰ শ্ৰমিকসকলে বেছি পাৰিশ্ৰমিকৰ দাবী কৰাৰ উপৰি নিজাকৈ শ্রমিক সংঘ গঠন কৰিব বিচাৰিছিল। কিন্তু বম্বে উদ্যোগীক আইনৰ দ্বাৰা এই সংঘ অনুমোদিত হ’ব লাগিব আৰু এই অনুমোদন পাবলৈ হ’লে কোনো কাৰণতে ধর্মঘট কৰিব নোৱাৰিব। “ৰাষ্ট্ৰীয় মিল মজদুৰ সংঘ” আছিল একমাত্র অনুমোদনপ্রাপ্ত সংঘ – যি সংঘই ধর্মঘটৰ সময়ত বাহিৰৰ পৰা কাম কৰিবৰ বাবে শ্রমিক আনি কর্তৃপক্ষক সহায় কৰিছিল। চৰকাৰে শ্ৰমিকসকলৰ দাবী অগ্রাহ্য কৰাত শ্ৰমিকসকলৰ মনোবল ভাগি গৈছিল। ইয়াৰোপৰি চৰকাৰে ৰামা নায়ক, অৰুণ গাউলীৰ দৰে গুণ্ডাবোৰক কাৰাগাৰৰ পৰা মুকলি কৰি আনি শ্রমিক সকলক ভাবুকি দিবলৈ আৰম্ভ কৰিছিল। শ্ৰমিকসকলৰ আৰ্থিক অৱস্থা ইমানেই বেয়া হৈ গৈছিল যে বহুতো শ্রমিকে ঘৰৰ লাম-লাকটু সমূহো বিক্ৰী কৰিবলগীয়া হৈছিল। শেষত বহুতো শ্রমিকে আগৰ কলকাৰখানাবিলাকৰ কামত যোগ দিছিল। প্রায় এক লাখ শ্রমিকে কাম হেৰুৱাই নিজ নিজ গাৱলৈ উভতি গৈছিল। এনেকৈয়ে জোব-জোলোম, হত্যা-হিংসাৰ মাজেৰে ভাৰতীয় সবাতোকৈ দীর্ঘদিনীয়া ধৰ্মঘটটো শ্ৰমিকৰ বাবে কোনো সুফল নোহোৱাকৈয়ে সমাপ্ত। হৈছিল। কংগ্ৰেছ নেতৃত্বাধীন ৰাষ্ট্ৰীয় মিল মজদুৰ সংঘই বাহিৰৰ পৰা শ্রমিক আনি এই ধর্মঘট বিফল কৰাত আগভাগ লৈছিল।

১১। ভাৰতত নিয়োগৰ মূল ক্ষেত্ৰসমূহ কোনবোৰ?

উত্তৰঃ ভাৰত চৰকাৰৰ অৰ্থনৈতিক জৰীপ ২০০১-২০০২ ৰ মতে ১৯৯৯-২০০০ চনত প্ৰায় ৬০ শতাংশ ভাৰতীয় লোক কৃষি, খনি আদি প্রাথমিক খণ্ডত নিয়োজিত হোৱাৰ বিপৰীতে ১৭% লোক নিয়োজিত হৈ আছে দ্বিতীয় খণ্ড যেনে উৎপাদন, নির্মাম ইত্যাদিত আৰু ২৩% লোক তৃতীয়ক খণ্ড যেনে বাণিজ্য, পৰিবহণ, বিত্তীয় সেৱা আদিত জড়িত।

১২। উদ্যোগীকৰণৰ ফলাফলসমূহৰ তালিকা প্রস্তুত কৰা। 

উত্তৰঃ উদ্যোগীকৰণৰ ফলাফলবোৰক আমি দুটা ভাগত ভাগ কৰিব পাৰো কুফল।

তলত তালিকা দেখুওৱা হৈছে—

উদ্যোগীকৰণৰ সুফলউদ্যোগীকৰণৰ কুফল
(১) উদ্যোগীকৰণে ভাৰতীয় জাতি ব্যৱস্থাৰ প্ৰভাৱ হ্ৰাস কৰিলে।(১) গাঁৱৰ পৰা চহৰলৈ শ্ৰমিকৰ প্ৰৱজন বৃদ্ধি পোৱাৰ ফলত চহৰবোৰত ৰূপৰ পট্টি দৰে লেতেৰা আবাসিক অঞ্চল বৃদ্ধি পালে।
(২) উদ্যোগীকৰণে নগৰীকৰণ প্ৰক্ৰিয়া তৰান্বিত কৰিলে। নতুন নতুন নগৰৰ সৃষ্টি হ’ল।(২) উদ্যোগ প্রতিষ্ঠানবোৰত যন্ত্ৰৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ লগে লগে শ্রমিকৰ প্রয়োজনীয়তা কমি গ’ল যাৰ ফলত শ্রমিক নিৱনুৱাৰ সংখ্যা বৃদ্ধি পালে।
(৩) উদ্যোগীকৰণৰ ফলত ভিন ভিন বৃত্তিৰ সৃষ্টি হ’ল আৰু ব্যক্তিয়ে জাতিগত বৃত্তি এৰি নিজৰ ইচ্ছামতে যিকোনো বৃত্তিকে গ্ৰহণ কৰিব পৰা হ’ল।(৩) সৰল কৃষিভিত্তিক গ্ৰাম্য সমাজৰ পৰি বর্তে জটিল উদ্যোগীক সমাজ ব্যৱস্থাৰ জন্ম হ’ল।
(৪) উদ্যোগীকৰণে ভাৰতীয় অর্থনীতিক টনকীয়াল কৰিছে।

১৩। সামাজিক ন্যায় আৰু সামাজিক পৰিৱৰ্ত্তন বুলিলে কি বুজা? 

উত্তৰঃ সামাজিক আন্দোলন সামাজিক পৰিৱৰ্তনৰ একমাত্ৰ কাৰণ নহয়, অন্যতম কাৰণহে। সমাজৰ সামগ্ৰিক পৰিৱৰ্তনেই হৈছে সামাজিক পৰিৱৰ্তন। সংক্ষেপে ক’বলৈ হলে সামাজিক পৰিৱৰ্তন এনে এটা প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ যোগেদি সামাজিক সংৰচনাৰ পৰিৱৰ্তন হয়, সামাজিক সংৰচনাৰ কাৰ্যাৱলীৰ পৰিৱৰ্তন হয়, ব্যক্তিৰ কামৰ পৰিৱৰ্তন হয়, জীৱন নিৰ্বাহ প্ৰণালীৰ পৰিৱৰ্তন হয়, ব্যক্তিৰ আচৰণৰ মানদণ্ডৰ পৰিৱৰ্তন হয় আৰু সমাজ পদ্ধতিৰ গঠনত পৰিৱৰ্তন হয়।

সামাজিক পৰিৱৰ্তনৰ এই ব্যাপক পৰিসৰৰ পৰা আমি বুজি পালো যে সামাজিক পৰিৱৰ্তন আৰু সামাজিক আন্দোলন একে নহয়। সামাজিক পৰিৱৰ্তন নিৰৱচ্ছিন্নভাৱে আপোনা-আপুনি ঘটি থাকে। কিন্তু সামাজিক আন্দোলনৰ বিশেষ লক্ষ্য বা উদ্দেশ্য থাকে। সামাজিক আন্দোলনত ব্যক্তিৰ সামূহিক ক্ৰিয়াৰ ওপৰত গুৰুত্ব দিয়া হয়। সামাজিক আন্দোলনত সমাজৰ অধিকাংশ মানুহ জড়িত হৈ পৰে যদিও অন্য কিছুমানে ইয়াৰ বিৰোধিতাও কৰিব পাৰে। সামাজিক আন্দোলনে অনা সমাজৰ পৰিৱৰ্তন সহজলভ্য নহয়। বহুতো সামাজিক আন্দোলন কৃতকার্য নোহোৱাৰ উদাহৰণো আছে। বহু আন্দোলন বিফল হৈছে।

১৪। সংস্কৃতিৰ ওপৰত বিশ্বায়নৰ দুটা প্রভাব লিখা। 

উত্তৰঃ সাংস্কৃতিৰ ওপৰত বিশ্বায়নৰ দুটা প্ৰভাৱ হৈছে

(ক) বিশ্বায়নে আমার খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰাৰ লগতে আমাৰ নিজৰ খাদ্য সম্ভাৰ বিশ্বৰ দৰবাৰলৈ লৈ গৈছে। 

(খ) সংগীতত বিশ্বায়নৰ প্ৰভাৱ বেছিকৈ পৰিছে। বর্তমান আমাৰ থলুৱা সংগীত সমূহ বিশ্বৰ সকলো মানুহে শুনিব পৰা হৈছে।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

This Post Has One Comment

Leave a Reply