Class 12 Sociology Chapter-7 সামাজিক পৰিবৰ্তন আৰু ৰাজনীতি

Class 12 Sociology Chapter-7 সামাজিক পৰিবৰ্তন আৰু ৰাজনীতি । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Sociology Chapter-7 সামাজিক পৰিবৰ্তন আৰু ৰাজনীতি AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second Year Sociology Chapter-7 সামাজিক পৰিবৰ্তন আৰু ৰাজনীতি

দ্বিতীয় খণ্ড

(ক) অতি চমু প্রশ্নোত্তৰ : মূল্যাংক : ১

১। ভাৰত কি ধৰণৰ ৰাষ্ট্ৰ?

উত্তৰঃ ভাৰত এখন ধৰ্মনিৰপেক্ষ, কল্যাণকামী গণতান্ত্রিক গণৰাজ্য ৷

২। সংবিধান কি? 

উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ উদ্দেশ্যে ৰচনা কৰা আইন, নীতি আদিসমূহক একেলগে সংবিধান বুলি কোৱা হয়। সংবিধান এখন লিখিতও হ’ব পাৰে বা অলিখিতও হ’ব পাৰে৷

৩ ।‌ৰাষ্ট্ৰ কি?

উত্তৰঃ কোনো এক নিৰ্দিষ্ট ভূ-খণ্ডত ৰাজনৈতিকভাৱে সংগঠিত আৰু সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী জনসমষ্টিকে ৰাষ্ট্ৰ বোলা হয়।

8 । কল্যাণকামী ৰাষ্ট্ৰ কি? 

উত্তৰঃ এখন কল্যাণকামী ৰাষ্ট্ৰই জনগণৰ কল্যাণক সর্বোচচ প্রাথমিকতা প্ৰদান কৰে আৰু চৰকাৰী নীতি-আইন আদি সমূহ জনকল্যাণৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰে।

৪ । ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্য্যত প্ৰয়োগ কৰা হৈছে? 

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীত।

৬। স্বার্থান্বেষী গোষ্ঠী কি? 

উত্তৰঃ স্বার্থান্বেষী গোষ্ঠী বুলিলে সেইবোৰ গোষ্ঠীক বুজা যায় যিবোৰে ইয়াৰ সদস্যসকলৰ কোনো সামূহিক স্বাৰ্থ ৰক্ষাৰ অৰ্থে সৃষ্টি হয়।

৭। ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ সভাপতি কোন আছিল? 

উত্তৰঃ ড° বি. আৰ. আম্বেদকাৰ৷

৮। পঞ্চায়তী ৰাজ ব্যৱস্থা মানে কি?

উত্তৰঃ পঞ্চায়তী ৰাজ হৈছে এক শাসন পদ্ধতি য’ত প্ৰশাসনৰ প্ৰধান গোট হৈছে গাওঁ পঞ্চায়তবোৰ। ইয়াৰ তিনিটা তৰপ আছে গাওঁ পঞ্চায়ত, আঞ্চলিক বা খণ্ড পঞ্চায়ত আৰু মহকুমা বা জিলা পৰিষদ । পঞ্চায়তী ৰাজ শব্দটো নতুন শব্দ ইয়াৰ উৎপত্তি হৈছিল বৃটিছ সকলৰ শাসনৰ সময়ত। পঞ্চায়তী শব্দই পঞ্চায়তক আৰু ‘ৰাজ’ শব্দই শাসন বা চৰকাৰক বুজায় ৷

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

৯ । পঞ্চায়তী ৰাজ ব্যৱস্থাৰ তিনিটা তৰপ কি কি ? 

উত্তৰঃ পঞ্চায়তী ৰাজ হৈছে তিনি তৰপীয়া এক ব্যৱস্থা। ইয়াত তিনিটা তৰপ বা পর্যায় থাকে। যেনে— (ক) গাওঁ পঞ্চায়ত, (খ) আঞ্চলিক বা খণ্ড পঞ্চায়ত আৰু (গ) মহকুমা বা জিলা পৰিষদ ৷

১০। আইন কি?

উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ উদ্দেশ্যে চৰকাৰে প্ৰণয়ন কৰা নীতি-নিয়মসমূহক আইন বুলি কোৱা হয়।

১১। গাওঁ সভা কি?

উত্তৰঃ গাওঁখনৰ ১৮ বছৰ বয়সৰ ওপৰৰ সকলোবোৰ পুৰুষ মহিলাক সামৰি গাওঁ সভা গঠিত হয় ৷ গাওঁ সভাৰ আকাৰ প্ৰতিখন গাৱঁতে বেলেগ হোৱা দেখা যায়। এখন গাওঁ সভাত এশজন সদস্যৰ পৰা এক হাজাৰ জন সদস্য থাকিব পাৰে।

১২। গাওঁ পঞ্চায়তৰ তিনিটা উপাৰ্জনৰ উৎসৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰঃ সম্পত্তি কৰ, গৰু-ম’হৰ ওপৰত কৰ, যান-বাহন কৰ আদি পঞ্চায়তৰ আয়ৰ উৎস। ইয়াৰোপৰি জিলা পৰিষদৰ পৰা লাভ কৰা অনুদানো গাওঁ পঞ্চায়তৰ আয়ৰ আন এটা গুৰুত্বপূৰ্ণ উৎস।

১৩৷ প্ৰভাৱ গোষ্ঠী কি?

উত্তৰঃ ৰাজনৈতিক জীৱনত সমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, মানুহে চৰকাৰক প্ৰভাৱান্বিত কৰিবৰ বাবে সামাজিক আন্দোলন,স্বার্থন্বেষী সমূহ আৰু প্ৰভাৱ গোষ্ঠী প্ৰস্তুত কৰে ৷ গোষ্ঠীগত সমূহ প্ৰজাতীয় সমূহ, ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সমূহে চৰকাৰী সিদ্ধান্তসমূহক প্ৰভাৱিত কৰিবৰ বাবে মিলিত হৈ কাৰ্য কৰে।

গতিকে প্ৰভাৱ গোষ্ঠী হৈছে এনে এক স্বার্থান্বেষী সমূহ স্বাৰ্থ ৰক্ষা আৰু উন্নতিৰ বাবে চেষ্টা কৰে। যদিও প্ৰভাৱ গোষ্ঠীৰ নিজস্ব ৰাজনৈতিক বৈশিষ্ট্য আছে, কিন্তু ই এনে কোনো ৰাজনৈতিক দল নহয়, যিয়ে ৰাজনৈতিক ক্ষমতা দখল কৰিবলৈ বিচাৰে, প্ৰভাৱ গোষ্ঠী বুলি ক’লে একে অর্থনৈতিক স্বার্থ থকা ব্যক্তিৰ এনে এক সমূহক বুজিৰ পাৰি যিয়ে চৰকাৰৰ ন্যায়িক সিদ্ধান্তসমূহ পৰিচালনা কৰিবলৈ চেষ্টা কৰে। উদাহৰণস্বৰূপে ট্রেড ইউনিয়ন, দলি সাংঘৰ্ষ সমিতিসমূহ কিশান সভা, মহিলা সমাজ, সংখ্যলঘু সমূহ ইত্যাদিয়ে প্ৰভাৱ গোষ্ঠীৰ কাম কৰে।

১৪৷ ৰাজনৈতিক দল কি?

উত্তৰঃ যেতিয়া কোনো এক ব্যক্তিৰ সমূহে সমূহীয়া ৰাজনৈতিক,সামাজিক আৰু একে চিন্তা প্রনালীৰে সাংগঠনিক ভাৱে মিলিত হয় তেতিয়া সেই সমূহটোকে ৰাজনৈতিক দল হিচাপে অভিহিত কৰিব পাৰি। এখন গণতান্তিক দেশত ৰাজনৈতিক দলৰ যি পদ্ধতি সেয়া আইন সম্বন্ধীয় নহয়, ই হৈছে সম্পূর্ণ এক ৰাজনৈতিক সংস্থা।

(খ) চমু প্রশ্নোত্তৰ : মূল্যাংক: ২/৩

১। পঞ্চায়তীৰাজ ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) ১৯৯২ চনত ৭৩ নং সংবিধান সংশোধনীৰ জৰিয়তে পঞ্চায়তী ৰাজ ব্যৱস্থাক সাংবিধানিক স্বীকৃতি প্রদান কৰা হয় ৷ 

(খ) বৰ্তমান পঞ্চায়তী ৰাজ ব্যৱস্থাৰ গাঁথনিটো তিনি তৰপীয়া — গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ৷ 

(গ) পঞ্চায়তী ৰাজ অনুষ্ঠান সমূহৰ কাৰ্য্যকাল পাঁচ (৫) বছৰ ৷

(ঘ)পঞ্চায়তী ৰাজ ব্যৱস্থাত সকলো নিকায়ত মুঠ আসনৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে।

২। পঞ্চায়তী ৰাজ ব্যৱস্থাৰ তিনিওটা তৰপৰ বিষয়ে ব্যাখ্যা কৰা। 

উত্তৰঃ পঞ্চায়তী ৰাজ হৈছে তিনি তৰপীয়া এক ব্যৱস্থা। ইয়াত তিনিটা তৰপ বা পৰ্যায় থাকে। যেনে— (ক) গাওঁ পঞ্চায়ত (খ) আঞ্চলিক বা খণ্ড পঞ্চায়ত আৰু (গ) মহকুমা বা জিলা পৰিষদ ।

গাও পঞ্চায়ত : গাওঁ পঞ্চায়ত হৈছে এখন সৰু সমিতি য’ত সাতজন সদস্যৰপৰা  সদস্য থাকিব পাৰে। এই সদস্যৰ সংখ্যা নিৰ্ভৰ কৰে গাওঁখনৰ আকাৰৰ ওপৰত। গাও সভাৰ সদস্যসকলে তেওঁলোকক পাঁচ বছৰৰ বাবে নিৰ্বাচিত কৰে। গাওঁ সভাই গাওঁ পঞ্চায়তৰ সভাপতি হিচাপে এজন চৰপনঞ্চ নিৰ্বাচিত কৰে। পঞ্চায়তৰ সভা-সমিতিসমূহত এই চৰপক্ষ জনে সভাপতিত্ব কৰে। তেওঁ গাওঁ সভা আৰু গাওঁ পঞ্চায়তৰ সভাসমূহ আহ্বান কৰে। ইয়াৰ ওপৰি পঞ্চায়তে এজন উপপ্রধান নির্বাচন কৰে যিজনে চৰসঞ্চৰ অনুপস্থিতিত চৰপঞ্চ হিচাপে কার্যনির্বাহ কৰে আৰু সভাসমূহত সভাপতিত্ব কৰে। পঞ্চায়তত অতি কমেও এজন অনুসূচীত জাতি অনুসূচীত জনজাতিৰ সদস্য থাকিব লাগিব। এক তৃতীয়াংশ সদস্য হ’ব লাগিব মহিলা। গাওঁ পঞ্চায়ত এজন সম্পাদক থাকে যিজন গাঁও সভাৰো সদস্য। এইজন ব্যক্তিক গাওঁ পঞ্চায়ত আৰু গাওঁ সভাই নিৰ্বাচিত নকৰে, চৰকাৰেহে নিয়োগ কৰে। তেওঁ পঞ্চায়তে সম্পন্ন কৰা কাৰ্যসমূহৰ তথ্য ৰাখে আৰু চৰকাৰক এই বিষয়ে প্রতিবেদন দাখিল কৰে।

আঞ্চলিক বা খণ্ড পঞ্চায়ত হৈছে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ দ্বিতীয় স্তৰ বা তৰপ । ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াক বিভিন্ন নামেৰে জনা যায় । উদাহৰণ স্বৰূপে, অন্ধ প্ৰদেশত, মণ্ডল প্রজা পৰিষদ, গুজৰাটতস টালুকা পঞ্চায়ত, উত্তৰ প্ৰদেশত, ক্ষেত্ৰ সমিতি, অৰুণাচল প্ৰদেশত, অঞ্চল সমিতি, মধ্য প্রদেশ, জনপদ পঞ্চায়ত ইত্যাদি।

পঞ্চায়তী ৰাজ ব্যৱস্থাৰ তৃতীয় স্তৰটো হৈছে জিলা পৰিষদ। অসমত ইয়াক মহকুমা পৰিষদ নামেৰে জনা যায় । জিলা পৰিষদত তলত উল্লেখ কৰা সদস্যসমূহ অন্তর্ভূক্ত হৈ থাকে। 

(a) জিলাখনক আঞ্চলিক সমিতিৰ সকলোবোৰ সভাপতি; 

(b)জিলাখনক প্রতিনিধিত্ব কৰা সকলোবোৰ লোকসভা আৰু ৰাজ্যসভাৰ সদস্য; 

(c) জিলাখনৰ সকলোবোৰ বিধান সভা আৰু বিধান পৰিষদৰ সদস্য; অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰতিনিধি ; 

(d) মহিলা প্রতিনিধি; 

৩। পঞ্চায়তৰ কাৰ্য্যপদ্ধতিৰ বিষয়ে এটা চমু টোকা লিখা।

উত্তৰঃ গাঁও পঞ্চায়ত : গাওঁ পঞ্চায়ত হৈছে এখন সৰু সমিতি য’ত সাতজন সদস্যৰপৰা ত্ৰিশ জন সদস্য থাকিব পাৰে। এই সদস্যৰ সংখ্যা নিৰ্ভৰ কৰে গাওঁখনৰ আকাৰৰ ওপৰত। গাওঁ সভাৰ সদস্যসকলে তেওঁলোকক পাঁচ বছৰৰ বাবে নিৰ্বাচিত কৰে। গাওঁ সভাই গাওঁ পঞ্চায়তৰ সভাপতি হিচাপে এজন চৰপনঞ্চ নিৰ্বাচিত কৰে। পঞ্চায়তৰ সভা-সমিতিসমূহত এই চৰপক্ষ জনে সভাপতিত্ব কৰে। তেওঁ গাওঁ সভা আৰু গাওঁ পঞ্চায়তৰ সভাসমূহ আহ্বান কৰে। ইয়াৰ ওপৰি পঞ্চায়তে এজন উপপ্রধান নির্বাচন কৰে যিজনে চৰপঞ্চৰ অনুপস্থিতিত চৰপঞ্চ হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু সভাসমূহত সভাপতিত্ব কৰে। পঞ্চায়তত অতি কমেও এজন অনুসূচীত জাতি অনুসূচীত জনজাতিৰ সদস্য থাকিব লাগিব। এক তৃতীয়াংশ সদস্য হ’ব লাগিব মহিলা। গাওঁ পঞ্চায়ত এজন সম্পাদক থাকে যিজন গাঁও সভাৰো সদস্য। এইজন ব্যক্তিক গাওঁ পঞ্চায়ত আৰু গাওঁ সভাই নিৰ্বাচিত নকৰে, চৰকাৰেহে নিয়োগ কৰে। তেওঁ পঞ্চায়তে সম্পন্ন কৰা কাৰ্যসমূহৰ তথ্য ৰাখে আৰু চৰকাৰক এই বিষয়ে প্রতিবেদন দাখিল কৰে। 

গাওঁ পঞ্চায়তৰ প্ৰধান কাৰ্যৱলীসমূহ হৈছে—

(ক) গাওঁৰ পথসমূহ মেৰামতি আৰু নিমাণ কৰে।

(খ) গাওঁৰ নাদ, পুখুৰী আৰু হ্রদসমূহৰ নিৰ্মাণ আৰু চোৱাচিতা কৰে।

(গ) জলসিঞ্চনৰ সুবিধা প্ৰদান কৰে ৷ 

(ঘ) পৰিৱেশ পৰিষ্কাৰ কৰিবৰ বাবে বৃক্ষ ৰোপণ কৰে। 

(ঙ) পোহনীয় জীৱ-জন্তু চৰা পথাৰসমূহ চোৱা-চিতা কৰে আৰু অৰণ্যসমূহৰ যতন লয় । 

(চ) গাওঁৰ পথসমূহ পৰিস্কাৰ কৰি ৰখা আৰু সময়ে সময়ে জাৱৰ জোথৰ আঁতৰোৱা হয় ৷ 

(ছ) গাওঁ পঞ্চায়তে ৰাজহুৱা গ্ৰন্থাগাৰ,উদ্যোগ,বাগিচা আদিৰ ৰক্ষা কৰে আৰু প্ৰাথমিক বিদ্যালয় আৰু জীৱ-জন্তুৰ হস্পিতেল সমূহ চলায় ৷ 

(জ) কৃষকসকলৰ উন্নত প্ৰকাৰৰ বীজ আৰু সাৰৰ যোগান ধৰে।

(ঝ) ষ্ট্ৰীট লাইটৰ মেৰামতি আৰু যোগান ধৰে আৰু গাঁৱৰ বজাৰ সমূহো পৰিচলনা কৰে ৷ 

(ঞ) গাঁওত মেলা, উৎসৱ আদিৰ আয়োজন কৰে।

(ট) গাওঁত পৰিয়াল কল্যাণ কেন্দ্ৰসমূহ পৰিচালনা কৰে আৰু স্মশান আদিৰ চোৱা-চিতা কৰে।

(ঠ) গাওঁত হোৱা জন্ম আৰু মৃত্যুৰ তথ্য ৰাখে আৰু কৰ সংগ্ৰহ কৰে। 

(ড) চৰকাৰী আঁচনিসমূহ কাৰ্যত পৰিণত কৰি নিয়োগৰ সুবিধা প্ৰদান কৰে ৷

8 ।  অংশগ্রহণমূলক গণতন্ত্র কি ? উদাহৰণ দিয়া।

উত্তৰঃ বৰ্তমান মানুহৰ মাজত এটা ধাৰণা বৃদ্ধি পাইছে যে কেৱল ভোট প্ৰদান কৰা কাৰ্যতে আৱদ্ধ কৰি নথৈ জনসাধাৰণক নিয়মিত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিব লাগে। সেয়েহে, অংশগ্রহণমূলক গণতন্ত্ৰ শব্দটোৱে গুৰুত্ব লাভ কৰিছে। অংশগ্রহণমূলক গণতন্ত্রই গণতন্ত্ৰৰ এনে এক পদ্ধতিক নিৰ্দেশ কৰে, য’ত কোনো এক সম্প্ৰদায়ৰ লোকসকলে একাত্ৰত হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। যুক্তৰাষ্ট, আৰু অন্যান্য ইউৰোপীয় দেশসমূহ অংশগ্রহণমূলক গণতন্ত্র পৰিলক্ষিত হয়। Plebiscites, refenda, focus groups, actio groups আদি হৈছে অংশ গ্ৰহণমূলক গণতন্ত্ৰৰ উদাহৰণ।

৫ । জন ষ্টুৱাৰ্ট মিলে গণতন্ত্ৰৰ সাফল্যৰ বাবে আগবঢ়োৱা তিনিটা চৰ্ত কি কি? 

উত্তৰঃ ইংলেণ্ডৰ খ্যাতনামা দার্শনিক জন ষ্টুৱাৰ্ট মিলৰ মতে গণতন্ত্ৰৰ সাফল্যৰ বাবে তিনিটা চৰ্তৰ দৰকাৰ সেইকেইটা হৈছে —

(ক) গণতান্ত্রিক শাসন ব্যৱস্থা গ্ৰহণৰ বাবে জনসাধাৰণে উপযুক্ত মনোভাৱ প্ৰকাশ কৰি লাগিব।

(খ) জনসাধাৰণে নিজা স্বাধীনতা আৰু অধিকাৰ ৰক্ষাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব৷ আৰু

(গ) জনসাধাৰণে তেওঁলোকৰ কৰ্তব্য পালন সম্পর্কে সচেতন হ’ব লাগিব ৷

৬ । পঞ্চায়তী ৰাজ আৰু গ্ৰাম্য সমাজৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ পঞ্চায়তীৰাজ ব্যৱস্থাৰ কাৰ্যকৰী হোৱাৰে পৰা ভাৰতবৰ্ষত এক ৰাজনৈতিক জাগৰণৰ :: সৃষ্টি হয়। জনসাধাৰণ আৰু চৰকাৰৰ মাজত ব্যৱধান কমি আহিল। পঞ্চায়তসমূহে হাতত লোৱা কল্যাণমূলক কাৰ্যসমূহে গ্ৰাম্য লোকসকলৰ সমস্যাসমূহৰ বিষয়ে চৰকাৰৰ দৃষ্টি আকর্ষণ কৰে আৰু এই সমস্যাসমূহ সমাধান কৰিবৰ বাবে চৰকাৰক হেঁচা প্রয়োগ কৰে। কিন্তু পঞ্চায়তীৰাজে গ্ৰাম্য সমাজৰ পৰিৱৰ্তন কৰাৰ বাবে লোৱা পদক্ষেপসমূহত যথেষ্ট সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈছে। যিয়ে পঞ্চায়তীৰাজ ব্যৱস্থাৰ উদ্দেশ্যসমূহ সফল কৰাত বাধাৰ সৃষ্টি কৰিছে। সেই সমস্যাসমূহৰ ভিতৰত উল্লেখযোগ্য সমস্যাসমূহ হৈছেঃ (ক) উপযুক্ত পৰিমাণৰ বিত্তৰ অভাৱ ৷

(খ) তিনি তৰপীয়া বা তিনিওটা পৰ্যায়ৰ মাজত সহযোগিতাৰ অভাৱ,

(গ) বিভিন্ন পঞ্চায়তীৰাজ সংস্থাসমূহৰ মাজত অগণতান্ত্রিক গঠন প্রণালী, আৰু

(ঘ) ৰাজনৈতিক হস্তক্ষেপ আৰু জনসাধাৰণ আৰু কৰ্মচাৰীসকলৰ মাজত অসহযোগিতামূলক মনোভাৱ ৷

৭ । ভাৰতীয় সংবিধানৰ যিকোনো চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।  

উত্তৰঃ ভাৰতীয় সংবিধানৰ তিনিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল — 

(ক) ভাৰতীয় সাংবিধান ৩৯৫ টা অনুচ্ছেদ, ৭টা অনুসূচী আৰু ২২টা অধ্যায়ৰ পৃথিৱীৰ সর্ববৃহৎ লিখিত সংবিধান।

(খ) ভাৰতৰ সংবিধানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ দৰে এটা প্রস্তাবনা সংযোজিত হৈছে।

(গ) ধৰ্মনিৰপেক্ষতা ভাৰতীয় সংবিধানৰ আন এটা বৈশিষ্ট্য ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ধৰ্মৰ পৰিবৰ্তে সকলো ধৰ্মৰে সমান অধিকাৰ, ধৰ্মীয় উদাৰতা আৰু সহিষ্ণুতা, ধর্মীয় একতা আদি ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য।

(ঘ) জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ব্যৱস্থা ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য।

(গ) ৰচনাধর্মী প্রশ্নোত্তৰ : মূল্যাংক: ৪/৫

১ । প্ৰভাৱ গোষ্ঠীসমূহে ৰাজনীতিত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে? 

উত্তৰঃ ৰাজনৈতিক জীৱনত সমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, মানুহে চৰকাৰক প্ৰভাৱান্বিত কৰিবৰ বাবে সামাজিক আন্দোলন, স্বার্থন্বেষী সমূহ আৰু প্ৰভাৱ গোষ্ঠী প্রস্তুত, কৰে ৷ গোষ্ঠীগত সমূহ প্ৰজাতীয় সমূহ, ধর্মীয় আৰু ভাষিক সংখ্যালঘু সমূহে চৰকাৰী সিদ্ধান্তসমূহক প্ৰভাৱিত কৰিবৰ বাবে মিলিত হৈ কাৰ্য কৰে।

গতিকে প্ৰভাৱ গোষ্ঠী হৈছে এনে এক স্বার্থান্বেষী সমূহ যিয়ে ইয়াৰ সদস্যসকলৰ স্বাৰ্থ ৰক্ষা আৰু উন্নতিৰ বাবে চেষ্টা কৰে। যদিও প্ৰভাৱ গোষ্ঠীৰ নিজস্ব ৰাজনৈতিক বৈশিষ্ট্য আছে, কিন্তু ই এনে কোনো ৰাজনৈতিক দল নহয়, যিয়ে ৰাজনৈতিক ক্ষমতা দখল কৰিবলৈ বিচাৰে, প্রভাব গোষ্ঠী বুলি ক’লে একে অর্থনৈতিক স্বার্থ থকা ব্যক্তিৰ এনে এক সমূহক বুজিৰ পাৰি যিয়ে চৰকাৰৰ ন্যায়িক সিদ্ধান্তসমূহ পৰিচালনা কৰিবলৈ চেষ্টা কৰে। উদাহৰণস্বৰূপে ট্রেড ইউনিয়ন, দলি সাংঘর্ষ সমিতিসমূহ বিশান সভা, মহিলা সমাজ, সংখ্যালঘু সমূহ ইত্যাদিয়ে প্ৰভাৱ গোষ্ঠীৰ কাম কৰে। প্ৰভাৱ একনায়কত্ববাদী ৰাষ্ট্ৰতকৈ এখন গণতান্ত্ৰিক অতি  ভূমিকা পালন কৰে। গণতান্ত্রিক পদ্ধতিত প্ৰভাৱ গোষ্ঠীসমূহৰ ভূমিকা নিৰ্বাচনৰ সময়ত বেি স্পষ্ট হৈ পৰে। নির্বাচনী প্ৰক্ৰিয়াৰ বিভিন্ন পর্যায় যেনে মনোনয়ন পত্ৰ পূৰণ, প্ৰচাৰ অভিযান, দলসমূহক বিত্তৰ যোগান ধৰা আদিৰ ক্ষেত্ৰত এই প্ৰভাৱ গোষ্ঠী সমূহে সহায় কৰে। তেওঁলোকে নিজৰ নিজৰ পক্ষক জয়ী কৰিবৰ বাবে বহুত হেঁচা প্ৰয়োগ কৰে।

এতি থকা স্বত্ত্বেও এই প্ৰভাৱগোষ্ঠীসমূহে গণতান্ত্রিক প্রক্রিয়াত এক অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হৈ আহিছে।

২। ৰাজনৈতিক দল আৰু প্ৰভাৱ গোষ্ঠীৰ মাজৰ পাৰ্থক্য কেনে? 

 উত্তৰঃ ৰাজনৈতিকদল আৰু প্ৰভাৱ গোষ্ঠীৰ মাজৰ পাৰ্থক্যসমূহ এনে ধৰণৰ —

(i) উদ্দেশ্যগত পার্থক্য : ৰাজনৈতিক দলৰ উদ্দেশ্য হ’ল নিৰ্বাচনত জয়লাভ কৰি চৰকাৰ গঠন কৰা যাৰ বাবে ৰাজনৈতিক দলে নির্বাচনী ৰাজনীতিত অংশ লয়। ইয়াৰ বিপৰীতে প্ৰভাৱ গোষ্ঠীবিলাকে ৰাজনৈতিক ক্ষমতা লাভৰ যুঁজত অৱতীৰ্ণ নহয়।

(ii)  আদৰ্শগত পাৰ্থক্য : ৰাজনৈতিক দলবিলাকৰ মূল চালিকা শক্তি হ’ল আদর্শ। আদর্শগত ঐক্য হ’ল ৰাজনৈতিক দল এটাৰ একতাৰ মূল আধাৰ। ইয়ৰ বিপৰীতে প্ৰভাৱগোষ্ঠী সমূহৰ লগত আদৰ্শৰ কোনো কথা জড়িত হৈ নাথাকে। এক বিশেষ স্বার্থক কেন্দ্র কৰি প্ৰভাৱগোষ্ঠীসমূহৰ সৃষ্টি হয়।

(iii) সাংগঠনিক পার্থক্য : ৰাজনৈতিক দল হ’ল এটা বিশাল সংস্থা। কেইবা লাখ বা কেইবা কোটি সদস্য, দলীয় সমর্থক দলৰ প্ৰতি সহানুভূতিশীল লোক তথা সাধাৰণ ভোটদাতালৈকে ৰাজনৈতিক দল এটা বিস্তৃত। ইয়াৰ বিপৰীতে প্ৰভাৱগোষ্ঠীসমূহ কিছুমান নিৰ্দিষ্ট স্বাৰ্থৰ সুৰক্ষাৰ বাবে সৃষ্টি হোৱা সৰু সৰু সংস্থা।

(iv) কৰ্ম পৰিষদৰ পাৰ্থক্য : ৰাজনৈতিক দলৰ কৰ্ম পৰিসৰ প্ৰভাৱগোষ্ঠীৰ তুলনাত বেছি ব্যাপক। ৰাজনৈতিক দলবিলাকে ৰাজনৈতিক সামাজিককৰণ, ৰাজনৈতিক যোগাযোগ আদিৰ দৰে কাৰ্য্যৰ লগত জড়িত হৈ থকাৰ বিপৰীতে প্ৰভাৱগোষ্ঠীসমূহে কেৱল নিজৰ স্বাৰ্থকেন্দ্ৰিক বিষয়বোৰৰ লগতহে জড়িত হৈ থাকে।

 ৩ । গণতান্ত্রিক সমাজত স্বার্থান্বেষী গোষ্ঠী আৰু প্ৰভাৱ গোষ্ঠীসমূহে কি কাৰ্য্য সমাধা কৰে উল্লেখ কৰা৷

উত্তৰঃ প্ৰভাৱ গোষ্ঠীসমূহে এখন একনায়কত্ববাদী ৰাষ্ট্ৰতকৈ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত অতি উল্লেখযোগ্য ভূমিকা পালন কৰে। গণতান্ত্রিক পদ্ধতিত প্ৰভাৱ গোষ্ঠীসমূহৰ ভূমিকা নিৰ্বাচনৰ সময়ত বেছি স্পষ্ট হৈ পৰে। নির্বাচনী প্ৰক্ৰিয়াৰ বিভিন্ন পর্যায় যেনে মনোনয়ন পত্র পূরণ, প্ৰচাৰ অভিযান, দলসমূহক বিত্তৰ যোগান ধৰা আদিৰ ক্ষেত্ৰত এই প্ৰভাৱ গোষ্ঠী সমূহে সহায় কৰে। তেওঁলোকে নিজৰ নিজৰ পক্ষক জয়ী কৰিবৰ বাবে বহুত হেঁচা প্ৰয়োগ কৰে। 

দ্ৰুতি থকা স্বত্ত্বেও এই প্ৰভাৱগোষ্ঠীসমূহে গণতান্ত্রিক প্ৰক্ৰিয়াত এক অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হৈ আহিছে।

ইয়াৰোপৰি প্ৰভাৱগোষ্ঠীসমূহে জনগণৰ দাবীসমূহ নীতি নিৰ্ধাৰণকাৰীসকলৰ সন্মুখলৈ আনে। প্ৰভাৱগোষ্ঠীসমূহে ৰাজনৈতিক সামাজিকৰণৰ এক গুৰুত্বপূৰ্ণ অভিকৰণ হিচাপে কাম কৰে। তদুপৰি প্ৰভাৱগোষ্ঠীসমূহে জনসাধাৰণ আৰু চৰকাৰৰ মাজত যোগসূত্ৰ হিচাপে কাম কৰে। জনমত গঠন কৰাৰ ক্ষেত্ৰতো প্রভাৱগোষ্ঠীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায়। প্ৰভাৱগোষ্ঠীসমূহে চৰকাৰী নীতি আৰু কাৰ্য্যৰ সকলো দোষ-গুণ পুংখানুপুংখভাৱে জনগণৰ আগত দাঙি ধৰি সিহঁতৰ স্বাৰ্থৰ সপক্ষে জনমত গঠন কৰাৰ চেষ্টা কৰে। 

এনেদৰে গণতান্ত্ৰিক ব্যৱস্থাগত প্ৰভাৱগোষ্ঠীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

8 । ভাৰতীয় গণতন্ত্ৰৰ বাবে অনুপ্ৰেৰণাৰ উৎসসমূহ কি কি?

উত্তৰঃ ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু ইয়াৰ ব্যাপক জনপ্রিয়তাই ভাৰতীয় গণতন্ত্ৰৰ বাবে এটা অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। পঞ্চায়তীৰাজ ব্যৱস্থাত মহিলাৰ বাবে আসন সংৰক্ষণ ব্যবস্থাই দেশৰ মহিলাসকলক ৰাজনৈতিক প্ৰক্ৰিয়াত অংশ গ্ৰহণৰ সুবিধা প্ৰদান কৰিছে। পঞ্চায়তক সাংবিধানিক মর্যাদা প্রদান কৰি আৰু পঞ্চায়তলৈ ক্ষমতা হস্তান্তৰ কৰি ভাৰতীয় গণতন্ত্ৰক সহভাগী গণতন্ত্র লৈ ৰূপান্তৰ কৰা হৈছে।

ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ভ’ব কে এখন সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছে আৰু ভাৰতৰ প্ৰত্যেকজন জনতাৰ বাবে স্বাধীনতা সমতা আৰু ন্যায়ৰ আশ্বাস দিয়া হৈছে। ই ভাৰতীয় গণতন্ত্ৰৰ বাবে আন এটা অনুপ্ৰেৰণাৰ উৎস।

উত্তৰাখণ্ডত গাঁৱৰ মহিলাসকলে বনাঞ্চল ধ্বংস ৰোধ কৰাৰ অৰ্থে বন পঞ্চায়ত গঠন কৰিছে। বন পঞ্চায়তৰ সদস্যসকলে নাৰ্চাৰীৰ কাম হাতত লয় আৰু পাহাৰৰ হেলনীয়া অংশত গছ ৰোপণ কৰে। ইয়াৰোপৰি তেওঁলোকে অবৈধভাৱে যাতে কোনেও গছ-গছনি কাটি ধ্বংস কৰিব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখে৷ ভাৰতৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা এনে সামাজিক আন্দোলনবোৰ ভাৰতীয় গণতন্ত্ৰৰ বাবে অনুপ্ৰেৰণাৰ উৎস।

৫ । আইন আৰু ন্যায়ৰ মাজৰ পাৰ্থক্য কি আৰু কেনেকৈ এই দুয়োটাৰ মাজৰ সম্পৰ্ক সাংবিধানিকভাবে প্রকাশ কৰা হয় ?

উত্তৰঃ আইন হৈছে মূলতঃ শক্তি বা ক্ষমতা। এই ক্ষমতা উচিতভাবে প্রয়োগ কৰাটোৱেই হৈছে আইনৰ মূলমন্ত্ৰ। আনহাতে আইন নিৰপেক্ষভাৱে প্ৰয়োগ কৰা আৰু আইনৰ নিৰপেক্ষ বিচাৰ কৰায়েই হৈছে ন্যায়।

সংবিধান এখনত সকলোবোৰ বিধিগত আইন আৰু কৰ্তৃত্ব উদ্ভাবন হ’ব পৰা যিবোৰ মৌলিক মানদণ্ড আছে তাক সন্নিবিষ্ট কৰা হয়। সংবিধান বিধান দিয়া কাৰ্য প্ৰণালীৰ আধাৰতে দেশৰ সকলো আইন প্ৰস্তুত কৰা হয় আৰু সংবিধানে নির্দিষ্ট কৰি দিয়া কৰ্তৃত্বসমূহৰ যোগেদিয়েই আইনবোৰ কাৰ্য্যত ৰূপায়ন কৰা হয়। সংবিধানৰ গণ্ডীতে সৃষ্টি হোৱা ন্যায়ালয়বোৰে প্ৰয়োজন সাপেক্ষে উত্থাপিত বিতৰ্কবোৰৰ আইন ভিত্তিক ব্যাখ্যা আগবঢ়ায় আৰু এনেদৰেই ন্যায় প্রতিষ্ঠা কৰা হয়।

৬ । ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত প্ৰকাশ পোৱা ভাৰতীয় গণতন্ত্ৰৰ মৌলিক নীতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ভাৰতক এখন সার্বভৌম, সমাজবাদী ধর্ম নিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল আৰু সকলো নাগৰিকৰ বাবে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, অভিব্যক্তি, বিশ্বাস, ধর্ম আৰু উপাসনাৰ স্বাধীনতা আৰু বিভিন্ন ক্ষেত্ৰত সমতাৰ আশ্বাস প্রদান কৰা হৈছিল। ইয়াৰোপৰি সকলো নাগৰিকৰ মাজত জাতীয় ঐক্য আৰু সংহতি নিশ্চিত কৰিবলৈ ভ্ৰাতৃত্ববোধভাৱ সৃষ্টি কৰাৰো প্ৰয়াস কৰা হৈছিল।

প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা সাৰ্বভৌম শব্দই ইয়াক বুজায় যে ভাবতে ব্ৰিটিছৰ শাসনৰ কৱলৰ পৰা মুক্তি লাভ কৰি স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। সমাজবাদী শব্দই ইয়াকে বুজায় যে ভাৰতে বিকাশৰ ক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ কল্যাণৰ অৰ্থে কাম কৰিব আৰু সমাজবাদী আদৰ্শৰে অনুপ্রাণিত হ’ব। ধর্মনিৰপেক্ষ নীতি অনুসৰি ভাৰতৰ কোনো ৰাষ্ট্ৰ ধৰ্ম নাই আৰু সকলো ধৰ্মকে ভাৰত ৰাষ্ট্ৰই সমান চকুৰে চাব আৰু ধৰ্মৰ ভিত্তিত জনগণৰ মাজত বিভাজন নানিব। প্রস্তাৱনাত সন্নিবিষ্ট গণতান্ত্রিক গণৰাজ্য শব্দই ইয়াকে বুজায় যে ভাৰতে গণতান্ত্রিক শাসন ব্যৱস্থা গ্ৰহণ কৰিছে য’ত প্ৰত্যেক ৫ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ W জৰিয়তে শাসকসকলক নির্বাচন কৰা হয় আৰু ভাৰত বাৰৈ ৰাষ্ট্ৰ প্ৰধানক জনগণৰ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। ইয়াৰোপৰি প্ৰস্তাৱনাই ভাৰতৰ সকলো নাগৰিকৰ বাবে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ আশ্বাস প্রদান কৰিছে আৰু ভাৰতৰ সকলো নাগৰিককে চিন্তা, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰদান কৰিছে।

এইবোৰ হৈছে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত প্ৰকাশ হোৱা ভাৰতীয় গণতন্ত্ৰৰ কিছুমান মৌলিক নীতি।

9 । প্রাথমিকগোষ্ঠী সমূহৰ চাৰিটা বৈশিষ্ট্য বর্ণনা কৰা।

উত্তৰঃ প্রাথমিক গোষ্ঠী সমূহৰ চাৰিটা বৈশিষ্ট্য হৈছে– 

(ক) প্রাথমিক সমূহৰ আকাৰ স্বাভাৱিকতে সৰু পৰিয়াল এই সমূহৰ উপযুক্ত উদাহৰণ।

(খ) প্রাথমিক গোষ্ঠীসমূহৰ সদস্যসকলৰ মাজত যি সম্পৰ্ক যি মুখামুখি আৰু অতি ওচৰ সম্পর্ক।

(গ) প্রাথমিক সমূহ সম উদ্দেশ্যৰে গঢ় লৈ উঠে।

(ঘ) এইসমূহৰ সদস্যসকলৰ মাজত ব্যক্তিগত সম্বন্ধ থাকে।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

This Post Has 2 Comments

Leave a Reply