Class 12 Sociology Chapter-6 ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়া

Class 12 Sociology Chapter-6 ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়া। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Sociology Chapter-6 ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়া AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second Year Sociology Chapter-6 ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়া

দ্বিতীয় খণ্ড

(ক) অতি চমু প্রশ্নোত্তৰ: মূল্যাংক: ১

১ । আধুনিকীকৰণ কি?

উত্তৰঃ আধুনিককৰণ সামাজিক পৰিৱৰ্তনৰ এটা উল্লেখযোগ্য প্রক্রিয়া, যি প্ৰক্ৰিয়াৰ মাধ্যমেৰে পৰস্পৰাগত আৰ্হিৰ সমাজ একোখনে প্রযুক্তিগত আৰু অৰ্থনৈতিক দিশত আগবাঢ়ি গৈ উন্নত আৰ্হিৰ সমাজলৈ ৰূপান্তৰিত হয়। আধুনিকীকৰণৰ ফলত পৰম্পৰাগত ৰীতি-নীতি, ধ্যান ধারণা, দৃষ্টিভংগী আৰু মূল্যবোধৰ সলনি হৈছে।

২ । ভাৰতত আধুনিকীকৰণ কেতিয়া আৰম্ভ হৈছিল? 

উত্তৰঃ ইংৰাজ ঔপনিবেশিক শাসন সময়ত ভাৰতত আধুনিকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।

৩ ।‌ নগৰীকৰণ মানে কি?

উত্তৰঃ নগৰ সৃষ্টিৰ প্ৰক্ৰিয়াকে সাধাৰণভাৱে নগৰীকৰণৰ আখ্যা দিয়া হয়। মানৱ সমাজৰ ক্ৰমবিৱৰ্তনৰ ফলস্বৰূপে গাঁৱৰ পৰা নগৰৰ সৃষ্টি হৈছে। গাৱঁক কেন্দ্ৰ কৰি নগৰ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া অহৰহভাৱে চলি আছে। সহজ অৰ্থত এই পৰিৱৰ্তনমুখী প্রক্রিয়াই হৈছে নগৰীকৰণ।

৪ । উদ্যোগীকৰণ কি ? 

উত্তৰঃ উদ্যোগ,কল-কাৰখানাৰ বিকাশ সাধনকে সহজ অর্থত উদ্যোগীকৰণ বোলা হয়। আন অৰ্থত উৎপাদন কার্যত মানৱীয় শক্তিৰ ঠাইত যান্ত্রিক শক্তি ব্যৱহাৰ কৰাকে উদ্যোগীকৰণ বুলি ক’ব পাৰি। 

৫ । উপনিবেশবাদ বুলিলে কি বুজা?

উত্তৰঃ উপনিবেশবাদ বুলিলে সাধাৰণতে কোনো ৰাষ্ট্ৰৰ ওপৰত আন ৰাষ্ট্ৰৰ শাসন প্রতিষ্ঠা হোৱাকে বা এখন দেশ আন এখন দেশৰ ওপৰত শাসন চলোৱাকে বুজা যায়।

৬ । সংৰচনাত্মক পৰিৱৰ্তন মানে কি?

উত্তৰঃ সংৰচনাত্মক পৰিৱৰ্তন মানে সমাজ ব্যৱস্থালৈ অহা গাঁথনিগত পৰিৱৰ্তন।

৭ । উপনিবেশবাদে কঢ়িয়াই অনা দুটা সংৰচনাত্মক পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ উদ্যোগীকৰণ আৰু নগৰীকৰণ। উদ্যোগীকৰণে ভাৰতত মধ্যবিত্ত শ্ৰেণীৰ জন্ম দিছিল

৮। ৰামকৃষ্ণ মিছন কোনে প্রতিষ্ঠা কৰিছিল ?

উত্তৰঃ স্বামী ৰামকৃষ্ণ পৰমহংস দেৱে প্ৰতিষ্ঠা কৰিছিল।

৯। ব্রাহ্ম সমাজ কোনে প্রতিষ্ঠা কৰিছিল ?

উত্তৰঃ ৰাজা ৰামমোহন ৰায়ে ৷

১০৷ জ্যোতিবা ফুলে মহিলাৰ বাবে প্ৰথমখন বিদ্যালয় ক’ত প্ৰতিষ্ঠা কৰিছিল? 

উত্তৰঃ মহাৰাষ্ট্ৰৰ পুনে চহৰত ৷

১১। সমাজ সংস্কাৰ কি?

উত্তৰঃ সমাজত থকা অন্ধবিশ্বাস, কুসংস্কাৰ আদি সামাজিক বা ধর্মীয় সংস্কাৰকামী আন্দোলনৰ জৰিয়তে দূৰ কৰাকে সমাজ সংস্কাৰ বুলি কোৱা হয়৷

১২। তিনিজন সমাজ সংস্কাৰকৰ নাম লিখা।

উত্তৰঃ ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী আৰু ৰামকৃষ্ণ পৰমহংস দেৱ।

১৩। ‘দলিত’ সকল কোন? 

উত্তৰঃ শব্দগতভাৱে ‘দলিত’শব্দই ‘নিপীড়িত’ক বুজায় আৰু বশীভূত মানুহক নিৰ্দেশিত কৰে৷ বর্তমান অস্পৃশ্য সম্প্রদায়ক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয় ।

১৪। আমাৰ সমাজত সতীদাহ প্রথা কিয় প্রচলিত আছিল? 

উত্তৰঃ অন্ধ সংস্কাৰ আৰু কু-সংস্কাৰৰ ফলস্বৰূপে ভাৰতত সতীদাহ প্রথা প্রচলিত আছিল।

১৫। স্বাধীনতাৰ পূর্বে জাতি ভিত্তিক আন্দোলনবিলাক কিয় আৰম্ভ হৈছিল? 

উত্তৰঃ ঔপনিবেশিক শাসনৰ সময়ত ভাৰতীয় শিক্ষা ব্যৱস্থালৈ অহা আমূল পৰিৱৰ্তনে জাতিভিত্তিক আন্দোলন সৃষ্টি কৰাত আগভাগ লৈছিল। আধুনিক পশ্চিমীয়া শিক্ষা আৰু সংস্কাৰ আন্দোলনৰ প্ৰভাৱত এনে হৈছিল।

১৬। ‘সংস্কৃতিকৰণ’ বুলিলে কি বুজা?

উত্তৰঃ সাংস্কৃতিকৰণ হৈছে এনে এটা প্রক্রিয়া, যি প্ৰক্ৰিয়াৰ জৰিয়তে নিম্ন জাতিৰ ব্যক্তিসকলে উচ্চ জাতিৰ বিশেষকৈ ব্ৰহ্মাণসসকলৰ আচাৰ –ব্যাৱহাৰ ৰীতি-নীতি, সাজ-পাৰ, জীৱন-যাপন প্রণালী, বিশ্বাস আদি অনুকৰণ কৰি নিজৰ সামাজিক প্ৰস্থিতি উন্নত কৰিবলৈ চেষ্টা কৰে।

ভাৰতীয় সমাজতাত্বিক M. N. Srinivas য়ে সংস্কৃতিকৰণ ধাৰণাটো উদ্ভাৱন কৰিছিল ।

১৭। ধর্মনিৰপেক্ষকৰণ কি?

উত্তৰঃ সাধাৰণ অৰ্থত ধৰ্ম নিৰপেক্ষকৰণে সমাজত ধৰ্মৰ প্ৰভাৱ হ্রাস পোৱাকে বুজায়। 

১৮। পাশ্চাত্যকৰণ কি?

উত্তৰ : পাশ্চাত্যকৰণ হ’ল, এনে এটা প্ৰক্ৰিয়া য’ত প্ৰাচ্যৰ বা অন্যান্য অ-পশ্চিমীয়া সমাজবোৰে পাশ্চাত্য দেশৰ প্ৰযুক্তিবিদ্যা, সংস্থা বা সংগঠন, ভাৱাদৰ্শ আৰু সামাজিক প্ৰমূল্য গ্ৰহণ কৰে। এই অৱধাৰণাটো পোন প্ৰথমে এম. এন. শ্ৰীনিৱাসে ব্যৱহাৰ কৰে।

১৯। সংস্কৃতি কি?

উত্তৰঃ সংস্কৃতি শব্দটো ইমানেই ব্যাপক যে ই সকলো মানৱীয় কাৰ্য্যকে সামৰি লয়। সমাজতাত্বিক ৰেড ফিল্ডৰ মতে সংস্কৃতি হৈছে সমসাময়িক মূল্যবোধৰ এক সংগঠিত প্রকাশ যি কলা আৰু ঐতিহ্যৰ সহায়ত জীয়াই থাকে। এক কথাত ক’বলৈ গ’লে সংস্কৃতি হৈছে “সামাজিকভাৱে প্ৰতিষ্ঠিত প্ৰতিমান অথবা ব্যৱহাৰৰ আৰ্হি।”

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

২০। সাংস্কৃতিক পৰিৱৰ্তন কি?

উত্তৰঃ আমাৰ মূল্যবোধ ভাৱধাৰা, ধর্মীয় অনুষ্ঠান, আচাৰ-ব্যৱহাৰ, সাজ-পোছাক আদিলৈ অহা পৰিৱৰ্তনক একেলগে সাংস্কৃতিক পৰিৱৰ্তন বুলি কোৱা হয় ।

২১। প্ৰভাৱশালী জাতি কি?

উত্তৰঃ প্ৰভাৱশালী জাতি বুলিলে মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্ত জাতিৰ লোকক বুজায় – যি সংখ্যাত সৰহ হোৱাৰ সুবাদত ৰাজনীতিত প্ৰভাৱ পেলোৱাৰ সামৰ্থ্য ৰাখে৷ ইয়াৰোপৰি ভূসম্পত্তিৰ অধিকাৰী হোৱাৰ বাবে সামাজিকভাৱেও প্ৰভাৱশালী ভূমিকা পালন কৰে ।

২২। ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ মানে কি?

উত্তৰঃ যি ৰাষ্ট্ৰই ধৰ্মক ৰাষ্ট্ৰৰ পৰা সম্পূৰ্ণ আঁতৰত ৰাখে আৰু ধৰ্মীয় ভিত্তিত মানুহৰ মাজত বৈষম্যৰ সৃষ্টি নকৰে তেনে ৰাষ্ট্ৰকে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বোলা হয়।

২৩। পুঁজিবাদ কি?

উত্তৰঃ পুঁজিবাদ হ’ল এক অর্থনৈতিক পদ্ধতি, যিটোৰ মূল উদ্দেশ্য হ’ল পুঁজি (মূলধন) খটুৱাই ব্যক্তিগতভাৱে উদ্যোগপতিয়ে লাভ কৰিব পাৰে। ওঠৰশ শতিকাত ইউৰোপত হোৱা শিল্প বিপ্লৱৰ পাছৰ পৰাই পুঁজিবাদ অর্থনীতিয়ে গা কৰি উঠে।

২৪। “The sources of knowledge’ নামৰ গ্ৰন্থখনৰ লিখক কোন? 

উত্তৰঃ ‘The sources of knowledge’ নামৰ গ্ৰন্থখনৰ লিখক হ’ল— ‘Kandukiri Viresalingam.

২৫। ঔপনিবেশিকতাবাদৰ ফলাফলসমূহ কি কি? 

উত্তৰঃ ঔপনিবেশিকতাবাদৰ ফলাফলসমূহ হৈছে। বাণিজ্যিক প্ৰসাৰতা, আর্থিক লাভালাভ, মমতা। বিস্তাৰৰ প্ৰতিদ্বন্দ্বিতা আৰু প্ৰতিযোগিতা, বর্ধিত জনসংখ্যাৰ সংস্থাপন, কেঁচা সামগ্রী আহৰণ, বৃহৎ বজাৰৰ সৃষ্টি, বৈজ্ঞানিক উন্নতি আদি।

(খ) চমু প্রশ্নোত্তৰ : মুল্যাংক: ২/৩

১ । আধুনিকীকৰণ প্ৰক্ৰিয়াৰ তিনিটা নকৰাত্মক প্রভাৱ উল্লেখ কৰা। 

উত্তৰঃ আধুনিকীকৰণ প্ৰক্ৰিয়াৰ তিনিটা নকৰাত্মক প্ৰভাৱ হ’ল—

(ক) আধুনিকীনশন হলত ভাৰতীয় সমাজ ব্যৱস্থাত পাশ্চাত্যৰ প্ৰভাৱ বৃদ্ধি পাইছে। 

(খ) আধুনিকীকৰণে নগৰীকৰণ প্ৰক্ৰিয়া তৰান্বিত কৰাৰ ফলত ভাৰতীয় নগৰবোৰত জনসংখ্যাৰ হেঁচা বৃদ্ধি গাইছে যাৰ ফলত নগৰবোৰ কৰ্দৰ্য্যময় হৈ পৰিছে। 

(গ)আধুনিকীকৰণে ভাৰতৰ কুটীৰ শিল্প ধ্বংস কৰিছে। 

২ । নগৰাঞ্চলত জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ কি কি? 

উত্তৰঃ নগৰীকৰণৰ প্ৰভাৱত নগৰাঞ্চলত জনসংখ্যা বৃদ্ধি পায়। শিক্ষা লাভৰ সুবিধাৰ বাবে গাঁৱৰ বহুলোক চহৰালৈ অহা দেখা যায়। ইয়ো নগৰাঞ্চলত জনসংখ্যা বৃদ্ধিৰ এটা অন্যতম কাৰণ। কিন্তু নগৰাঞ্চলত জনসংখ্যা বৃদ্ধিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ হ’ল নগৰাঞ্চলত থকা উদ্যোগ প্রতিষ্ঠান তথা চৰকাৰী আৰু বেচৰকাৰী অফিচত কৰ্ম সংস্থাপন বিচাৰি গাঁৱৰ পৰা বুজন সংখ্যক লোকৰ প্ৰৱজন হোৱাটো।

৩ । কেনেদৰে উপনিবেশিক শ্রমিক আইনে চাহ বাগান প্রতিষ্ঠাত মালিক শ্রেণীক সুবিধা কৰি দিছিল?

উত্তৰঃ ভাৰতত চাহ উদ্যোগ আৰম্ভ হয় ১৮৫১ চনত। ঔপনিৱেশিক প্ৰশাসনে চাহবাগানৰ মালিকসকলৰ লাভলাভৰ ওপৰতহে প্রাধান্য দিছিল।

১৮২৩ খ্ৰীষ্টাব্দত ৰবাৰ্ট ব্ৰুচে গড়গাৱঁৰ চিংফৌ গামৰ পৰা চাহগছৰ সম্ভেদ পায়। ১৮৩৭ খ্রীষ্টাব্দত গর্ডন চাহাবে চীন দেশৰ পৰা মানুহ আনি অসমত চাহ প্রস্তুত কৰে। এই চাহৰ কিছু অংশ ইংলেণ্ডলৈ পঠাইছিল আৰু ইংলেণ্ডৰ পৰা অসমৰ চাহপাতে চীনৰ চাহপাতৰ লগত ফেৰ মাৰিব পাৰিব বুলি ভৱা হৈছিল। ফলস্বৰূপে, অসমত চাহখেতিৰ প্ৰসাৰ বাঢ়িল। ১৮৪০ চনত জয়পুৰ চাহবাগিছাখন ‘অসম কোম্পানী’য়ে কিনি লয়। কিছুদিনৰ ভিতৰতে উজনি অসমত আৰু ন খন চাহবাগিছা প্ৰতিষ্ঠা হয়। ১৮৫৫ চনত চিলেট আৰু কাছাৰতে চাহবাগিচা স্থাপিত হয়। এই বাগিছাসমূহত কাম কৰিবৰ বাবে বৃটিছসকলে অসমৰ বাহিৰৰ পৰা বনুৱা আনিব লগা হৈছিল। ১৮৬৩ চনৰ দেশীয় শ্রমিক পৰিবহণ আইনৰ আধাৰত ঠিকাদাৰসকলে শ্রমিক সৰবৰাহ কৰিছিল। অসমৰ বাহিৰৰ পৰা অনা এই চাহ শ্ৰমিকসকলক কমেও পাঁচ বছৰৰ কাৰণে অসমলৈ আনিবলৈ চুক্তি কৰা হৈছিল।

8 । প্রযুক্তিবিদ্যা আৰু নগৰীকৰণৰ মাজৰ সম্পৰ্ক কেনে?

উত্তৰঃ এটা সময়ত প্ৰযুক্তিবিদ্যাৰ বিকাশে নগৰীকৰণৰ সৃষ্টি কৰিছিল। কিয়নো বিজ্ঞান প্রযুক্তিবিদ্যাৰ বিকাশে ন-ন উদ্যোগ প্রতিষ্ঠাত সহায় কৰিছিল। উদ্যোগীক উৎপাদন বৃদ্ধিয়ে কৃষিৰ গুৰুত্ব হ্ৰাস কৰিছিল আৰু কৃষিক্ষেত্ৰত জড়িত শ্রমিকক উদ্যোগীক ক্ষেত্ৰলৈ টানি আনিছিল । এনেদৰে উদ্যোগবোৰক কেন্দ্ৰ কৰি শ্ৰমিকৰ জনবসতি গঢ়ি উঠিছিল আৰু নগৰীকৰণ প্ৰক্ৰিয়া তৰান্বিত কৰিছিল। কিন্তু সাম্প্রতিক সময়ত আকৌ বিজ্ঞান প্রযুক্তিবিদ্যাৰ তীব্ৰ বিকশে নগৰাঞ্চলত জনসংখ্যা বৃদ্ধি ৰোধ কৰিবৰ বাবে প্ৰয়োগ কৰা হৈছে। যেনে বর্তমান ম’বাইল ফোনৰ সেৱা বা ইণ্টাৰনেট সেৱা সকলো গাঁৱতে লাভ কৰিব পৰা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাবে বা পথ যোগাযোগ ব্যৱস্থাৰ বিকাশৰ বাবে ক্ষিপ্ৰতাৰে গাঁৱৰ পৰা চহৰলৈ আহিব পৰা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাবে মানুহে গাঁৱত থাকিয়েই চহৰত কৰিবলগীয়া কামখিনি কৰিব পৰা হৈছে। এনেদৰে প্ৰযুক্তিবিদ্যাৰ বিকাশে নগৰাঞ্চলত জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰাত ভূমিকা গ্ৰহণ কৰিছে।

৫ । সংৰচনাত্মক পৰিৱৰ্তন বুলিলে কি বুজা ?

উত্তৰঃ সমাজ ব্যৱস্থাৰ গাঁথনিত হোৱা পৰিৱৰ্তনক সংৰচনাত্মক পৰিৱৰ্তন বুলি কোৱা হয় ৷

৬। নগৰীকৰণে সৃষ্টি কৰা সমস্যাবোৰ কি কি? 

উত্তৰঃ নগৰীকৰণে ভাৰতীয় চহৰবোৰ অত্যাধিক জনবহুল কৰি তুলিছে। অত্যাধিক জনসংখ্যাৰ হেঁচাত চহৰবোৰত থকা পথ, পানী, যোগান ব্যৱস্থা, শিক্ষা আৰু স্বাস্থ্য খণ্ডই জনগণক উপযুক্ত সেৱা আগবঢ়াব নোৱাৰা হৈছে। ইয়াৰোপৰি চহৰ অঞ্চলত উদ্যোগবোৰক কেন্দ্ৰ কৰি কদৰ্য্যময় ঘন জনবসতি গঢ়ি উঠা দেখা যায়। তদুপৰি নগৰীকৰণে কৃষিখণ্ডৰ ওপৰতো ব্যাপক হেঁচাৰ সৃষ্টি কৰিছে । কৃষিভূমি ক্রমান্বয়ে কমি আহিছে আৰু বিশেষকৈ নগৰবোৰৰ আশে পাশে থকা কৃষি ভূমিত নতুনকৈ জনবসতি গঢ়ি উঠা দেখা গৈছে। এইবোৰ হ’ল নগৰীকৰণে সৃষ্টি কৰা কেতবোৰ গুৰুত্বপূৰ্ণ সমস্যা।

৭। উপনিবেশিক শাসকসকলে কিয় উপকূলীয়া চহৰবোৰক অগ্ৰাধিকাৰ দিছিল? 

উত্তৰঃ ব্ৰিটিছসকলে ভাৰতত পদার্পণ কৰাৰ সময়ত ভাৰতৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা অতি শোচনীয় আছিল। ব্ৰিটিছসকল ইংলণ্ডৰ পৰা সাগৰীয় পথেৰে আহিছিল আৰু তেওঁলোকে বেপাৰ-বাণিজ্যত সাগৰীয় পথ ব্যৱহাৰ কৰিছিল। সেয়েহে তেওঁলোকে টপকূলীয় অঞ্চলতবোৰত ঘাটি স্থাপন কৰিছিল ।

৮ । সমাজ সংস্কাৰ আন্দোলন ভাৰতত কিয় আৰম্ভ হৈছিল?

উত্তৰঃ হিন্দু ধৰ্মৰ ইতিহাসত ১৮ শতিকাটোক ‘অন্ধকাৰ যুগ’ হিচাপে অভিহিত কৰা হয়। সেই সময়ত ভাৰতীয় সমাজত অৰাজকতাই বিৰাজ কৰিছিল। ধৰ্মৰ নামত অত্যাচাৰ, অনাচাৰ, শোষণ – উৎপীড়ন, ব্যভিচাৰৰ পাদুৰ্ভাৱ বৃদ্ধি পাইছিল। ধৰ্মৰ নামত নানা কু-প্রথা যেনেসতীদাহ প্রথা, দেৱদাসী প্রথা, অস্পৃশ্যতা আদিয়ে প্ৰভাৱ বিস্তাৰ কৰিছিল। ধৰ্মৰ নামত চলা সেই সময়ৰ এই অত্যাচাৰ অনাচাৰ, শোষণ, উৎপীড়ন, কু প্রথাসমূহ হিন্দু ধৰ্ম আৰু সমাজৰ পৰা নিৰাময় কৰাৰ উদ্দেশ্য ভাৰতবৰ্ষত এক সংস্কাৰবাদী ধর্মীয় আন্দোলনৰ সূচনা হৈছিল। এই আন্দোলনেই হৈছে ভাৰতীয় সমাজৰ সংস্কাৰ আন্দোলন।

এক কথাত ক’বলৈ গ’লে ব্ৰিটিছসকলৰ ভাৰত আগমন তথা আধুনিক ইংৰাজী শিক্ষাৰ প্ৰভাৱত সংস্কাৰ আন্দোলনসমূহ সৃষ্টি হৈছিল।

৯। ঊনবিংশ আৰু বিংশ শতিকাত সমাজ সংস্কাৰৰ প্ৰচেষ্টা হাতত লোৱা কেইটামান সংগঠনৰ নাম লিখা।

উত্তৰঃ আৰ্য্য সমাজ, ব্রাহ্ম সমাজ, ৰামকৃষ্ণ মিছন, প্ৰাৰ্থনা সমাজ আদি ।

১০। মুছলমানসকলৰ মাজত সৃষ্টি হোৱা সমাজ সংস্কাৰমূলক কাৰ্য্যসমূহৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ চাৰ চৈয়দ আহমেদ খানৰ দৰে সমাজ সংস্কাৰকে মুছলমান সমাজত থকা অন্ধবিশ্বাস কুসংস্কাৰ আদি দূৰ কৰাৰ প্ৰয়াস কৰিছিল। তেওঁ মুছলমানসকলৰ মাজত নাৰী শিক্ষাৰ প্ৰচলনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। অৱশ্যে তেওঁ ছোৱালীয়ে ঘৰতে থাকি শিক্ষা লোৱাটো বিচাৰিছিল। ইয়াৰোপৰি মুছলমানসকলৰ মাজত প্ৰচলিত বহুপতি পত্নী বিবাহ আৰু পৰ্দা প্ৰথাৰ বিৰুদ্ধেও সৰ্বভাৰতীয় মুছলিম মহিলা অধিবেশনত জাহানাৰা শ্বাহ নাৱাজে প্ৰস্তাৱ উত্থাপন কৰিছিল। এই প্ৰস্তাৱসমূহ মুছলিম প্ৰচাৰ মাধ্যমত সজোৰে প্ৰচাৰ কৰা হৈছিল আৰু তীব্র বিতৰ্কৰো সৃষ্টি কৰিছিল ।

১১। ধর্ম নিৰপেক্ষতাৰ অৰ্থ কি ?

উত্তৰঃ ধৰ্ম নিৰপেক্ষ বুলি ক’লে সাধাৰণতে তিনিটা কথাক বুজা যায় : 

(ক) ৰাষ্ট্ৰক ধৰ্মৰ পৰা সম্পূৰ্ণকৈ আঁতৰত ৰখা।

(খ) ধৰ্মবোৰৰ মাজত বিভেদ সৃষ্টি নকৰি সকলো ধৰ্মীয় সম্প্রদায়কে সম-মৰ্যদা দিয়া আৰু 

(গ) কোনো ধৰ্মৰ পক্ষ নোলোৱা বা বিৰুদ্ধাচৰণ নকৰা মতবাদ। 

১২। ভাৰতবৰ্ষৰ সাংস্কৃতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত কোনবোৰ প্ৰক্ৰিয়া জড়িত হৈ আছে? 

উত্তৰঃ ভাৰতবৰ্ষত সাংস্কৃতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত জড়িত হৈ থকা প্ৰক্ৰিয়াসমূহ হ’ল—–ঊনবিংশ আৰু বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ সমাজ সংস্কাৰ আন্দোলন, সংস্কৃতিকৰণ, আধুনিকীকৰণ, ধর্ম নিৰপেক্ষকৰণ, পাশ্চাত্যকৰণ আদি ।

১৩। তাপ-সংস্কৃতিকৰণ কি? ?

উত্তৰঃ তাপ-সংস্কৃতিকৰণ হৈছে সংস্কৃতিকৰণৰ বিপৰীত। এই প্ৰক্ৰিয়াৰ ফলস্বৰূপে উচ্চ জাতিৰ লোকসকলে তেওঁলোকৰ ধাৰণা আৰু জীৱন শৈলী অব্যাহত ৰাখে। তেওঁলোকে আনকি নিম্ন জাতিৰ লোকসকলৰ বৃত্তি গ্ৰহণ কৰিবলৈও কুণ্ঠাবোধ নকৰে।

১৪। সংস্কৃতিকৰণৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ সংস্কৃতিকৰণ প্ৰক্ৰিয়াই ভাৰতীয় সমাজৰ বিভিন্ন দিশত প্ৰভাৱ পেলাইছে। সংস্কৃতিকৰণৰ জৰিয়তে বহুতো নিম্ন জাতিৰ লোকে উচ্চ প্ৰস্থিতি লাভ কৰিবলৈ অথবা উন্নত মানেৰে জীৱন নিৰ্বাহ কৰিবলৈ সুবিধা পাইছে।

১৫৷ পাশ্চাত্যকৰণৰ ফলস্বৰূপে ঘটা সাংস্কৃতিক পৰিৱৰ্তনসমূহ আলোচনা কৰা? 

উত্তৰঃ পাশ্চাত্যকৰণৰ ফলত ভাৰতীয় সংস্কৃতিৰ বহুতো দিশত পৰিৱৰ্তন ঘটিছে। এনে সাংস্কৃতিক পৰিৱৰ্তনৰ দুটা মান দিশ তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) ভাষা : পাশ্চাত্যকৰণে ভাষাৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন সাধন কৰিছে। বৰ্তমান প্ৰায়বোৰ ভাৰতীয় ভাষাতেই ইংৰাজী শব্দ সোমাই পৰিছে।

(খ) সাহিত্য :  ভাৰতীয় সাহিত্যতো পাশ্চাত্য সাহিত্য প্রবাৱ পৰিছে। পাশ্চাত্যকৰণে পুৰণি ভাৰতীয় সাহিত্যৰ ধাৰাৰ পৰিৱৰ্তন ঘটাই নতুন ধাৰাৰ সৃষ্টি কৰিছে।

(গ) কলা : ভাষা আৰু সাহিত্যৰ দৰেই ভাৰতীয় কলাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত পাশ্চাত্যকৰণৰ প্ৰভাৱ আছে।

(ঘ) ধৰ্ম : পাশ্চাত্যকৰণে ভাৰতৰ ধৰ্মাৱস্থাৰ ওপৰত অধ্যয়ণ কৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কাৰৰ লগতে ধর্মীয় সহনশীলতা ভাৱৰ সৃষ্টি কৰিছে ।

(গ) ৰচনাধর্মী প্রশ্নোত্তৰ: মূল্যাংক: ৪/৫

১ ।‌আধুনিকীকৰণৰ বিভিন্ন বৈশিষ্ট্যসমূহ চমুকৈ ব্যাখ্যা কৰা 

 উত্তৰঃ আধুনিকীকৰণৰ চৰিত্ৰবিলাক তলত উল্লেখ কৰা হ’ল—

(ক) ই হৈছে এক প্ৰকাৰৰ সামাজিক গতিশীলতা। ইয়াত পুৰণি মূল্যবোধক এৰি নতুন মূল্যবোধ গ্ৰহণ কৰা হয়।

(খ) আধুনিকীকৰণ প্ৰক্ৰিয়া এটা গোলকীকৰণ প্ৰক্ৰিয়াপ্ৰযুক্তি আৰু আদৰ্শ পৃথিৱীৰ এটা অংশৰ পৰা অন্য অংশলৈ বিয়পি পৰে। 

(গ) ই এক স্তগত প্ৰক্ৰিয়া। আধুনিকীকৰণ প্ৰক্ৰিয়াত এটা পৰিৱৰ্তনে অন্য এক পৰিৱৰ্তন অনাত সহায় কৰে।

(ঘ) আধুনিকতাকৰণ প্ৰক্ৰিয়া এটা ধাৰাবাহিক আৰু দীঘলীয়া প্ৰক্ৰিয়া ৷ পৰিবৰ্তনৰ বাবে ব্যক্তিৰ মানসিকতা গঢ় দিবৰ বাবে এক দীঘলীয়া সময়ৰ আৱশ্যক ।

(ঙ) আধুনিকীকৰণ এটা বৈপ্লৱীক পদ্ধতি। ই প্রতিষ্ঠিত মূল্যবোধ আৰু আদৰ্শৰ সৈতে সমাজৰ সম্পূৰ্ণ সামাজিক-সংৰচনাৰ পৰিবৰ্তন আনে। আধুনিকীকৰণৰ বৈপ্লৱীক পদ্ধতিয়ে কৃষি অর্থনীতিক ক্রমাগত উদ্যোগীক অর্থনীতিলৈ পৰিৱৰ্তন কৰে।

২। উদ্যোগীকৰণৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ উদ্যোগিক সমাজ প্রধান চৰিত্ৰসমূহৰ এনেধৰণৰ :

(ক) উদ্যোগিক সমাজৰ লোকসকলৰ মাজত সাধাৰণতে আনুষ্ঠানিক সম্পর্ক বর্তি থাকে। 

(খ) উদ্যোগিক সমাজত ব্যক্তিৰ সামাজিক গতিশীলতাৰ সুবিধা আছে। 

(গ) উদ্যোগিক সমাজৰ লোকসকলে জীৱিকা-নিৰ্বাহৰ বাবে বিভিন্ন বৃত্তি গ্ৰহণ কৰাৰ সুবিধা আছে।

(ঘ) উদ্যোগিক সমাজত শ্রম বিভাজনৰ আৰ্হি জটিল প্ৰকৃতিৰ ৷ 

(ঙ) উদ্যোগিক সমাজত অত্যধিক জনসংখ্যা পৰিলক্ষিত হয়।

৩। উদ্যোগীকৰণ প্ৰক্ৰিয়াৰ ফলাফলসমূহ কি কি? ব্যাখ্যা কৰা । 

উত্তৰঃ উদ্যোগিক বিকাশ সাধনে ভাৰতীয় সমাজৰ জাতি-ব্যৱস্থাৰ ক্ষেত্ৰত এক অতি উল্লেখযোগ্য পৰিবৰ্তনৰ সূচনা কৰিলে। উদ্যোগীকৰণে জাতিৰ সংৰচনা আৰু ভূমিকা এই উভয় দিশতেই পৰিবৰ্তন সাধন কৰিছে। পশ্চিমীয়া যান্ত্রিক সভ্যতাই কঢ়িয়াই অনা উদ্যোগীকৰণ প্ৰক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন প্ৰকাৰৰ কল কাৰখানা স্থাপন হোৱত গ্ৰাম্য কৃষি নিৰ্ভৰশীল লোকসকলোৰো কৰ্ম-সংস্থানৰ বাবে গ্ৰামাঞ্চলৰপৰা নগৰাঞ্চললৈ প্ৰবজন হোৱা দেখা যায় । একোটা উদ্যোগত বিভিন্ন জাতি, ধর্ম, ভাষা-ভাষীৰ লোক জড়িত হৈ থাকে। এওঁলোকৰ মাজত কৰ্ম,অনুসৰিহে বিভাজন আছে-জাতি অনুসৰি নহয়। এই আদৰ্শই জাতি ব্যৱস্থাৰ প্ৰভাৱ হ্রাস কৰাত সহায় কৰিছে।

জাতি ব্যৱস্থাত সামাজিক গতিশীলতাৰ সুবিধা নাছিল। ইয়াৰোপৰি জাতিগত বৃত্তিৰ বাহিৰে অন্য বৃত্তি গ্ৰহণৰো সুবিধা নাছিল। কিন্তু, উদ্যোগীকৰণৰ ফলত ভিন্ন ভিন্ন বৃত্তি গ্ৰহণৰ সুবিধা ওলোৱাত জাতিগত বৃত্তি এৰি নিজৰ যোগ্যতা অনুসৰি যিকোনো বৃত্তিকে গ্ৰহণ কৰিবলৈ সুবিধা পালে৷ ইয়াৰ লগে লগে শ্রেণীগত প্ৰস্থিতি সলনি কৰাৰ সুয়োগ লাভ কৰিলে। এইদৰেই উদ্যোগীকৰণে ভাৰতীয় সমাজৰ জাতি ব্যৱস্থাত পৰিৱৰ্তন সূচনা কৰিলে ৷

উদ্যোগীকৰণ আৰুনগৰীকৰণৰ মাজত ওতঃপ্রোত সম্বন্ধ দেখিবলৈ পোৱা যায়। নগৰীকৰণ প্ৰক্ৰিয়াৰ ক্ৰমবিকাশৰ মূলতে উদ্যোগকৰণ জড়িত হৈ আছে। নগৰীকৰণ হৈছে, এনে এটা প্ৰক্ৰিয়া যাৰ ফলস্বৰূেপ নতুন নতন নগৰৰ সৃষ্টি হয় আৰু লগতে নগৰসমূহৰ বিকাশ সাধনো হয় আৰু উদ্যোগীকৰণ প্ৰক্ৰিয়াৰ ফলস্বৰূপে কল-কাৰখানা আদিৰ বিকাশ সাধন হয়। কোনো এটা অঞ্চলত উদ্যোগ স্থাপন হোৱাৰ লগে লগে সেই উদ্যোগ ক্ষেত্ৰসমূহলৈ বিভিন্ন লোকৰ আগমন ঘটে। এনেদৰে সেই অঞ্চলসমূহ নগৰত পৰিণত হয় ।

এনেদৰে উদ্যোগ স্থাপনৰ ফলত বহুতো নগৰ গঢ়ি উঠিছে। উদ্যোগ স্থাপনে দুই প্ৰকাৰে নগৰীকৰণৰ সৃষ্টি কৰে। এটা হ’ল নতুন ঠাইত নতুন নগৰ সৃষ্টি কৰে আৰু অনহাতে ইতিমধ্যে স্থাপিত হোৱা নগৰবোৰৰ আকাৰ বৃদ্ধি কৰে। যেনে-আমাৰ অসমত ডিগবৈ, ডুলিয়াজান, নামৰূপ আদি নগৰবোৰ উদ্যোগ স্থাপনৰ পৰাই সৃষ্টি হৈছে। সেই দৰে গুৱাহাটীৰ আশে পাশে সৰু ডাঙৰ বহুতো উদ্যোগ গঢ়ি উঠিছে। সেইবাবে গুৱাহাটীৰ আকাৰ বৃদ্ধি পালে। মুম্বাই, কলিকতা, চেন্নাই আদি নগৰবোৰ উদ্যেগ প্রতিষ্ঠা কৰাৰ পৰাই বৃহত্তম মহানগৰত পৰিণতি হ’ল। 

8 । নগৰীকৰণৰ মূখ্য সামাজিক দিশটো আলোচনা কৰা ।

উত্তৰঃ নগৰীকৰণ প্ৰক্ৰিয়াই ভাৰতীয় সমাজৰ পৰিবৰ্তনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন বাণিজ্যিক বিকাশ, ভৌগোলিক অৱস্থা আদি বিভিন্ন উপাদানে ভাৰতবৰ্ষত নগৰীকৰণ প্ৰক্ৰিয়াৰ বিকাশত সহায় কৰিছে। নগৰীকৰণ প্ৰক্ৰিয়াই সমাজক অধিক গতিশীল কৰি তুলিছে। ভাৰতৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আদি প্ৰায়বোৰ দিশতে নগৰীকৰণৰ প্ৰভাৱ পৰিছে। এই পৰিৱৰ্তনসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল।

(ক) নগৰীকৰণৰ ফলত জাতি ব্যৱস্থাত পৰিৱৰ্তনে দেখা দিছে। নগৰীয়া সমাজ লোকসলকে বিয়া-বাৰু, খোৱা লোৱা ইত্যাদি নিজৰ ৰুচি-অভিৰুচি অনুসৰি কৰিবৈ লোৱাত জাতিৰ কঠোৰতা শিথিল হৈ আহিছে।

(খ) পৰম্পৰাগত যুটীয়া পৰিয়াল পদ্ধতিৰ বিঘটনৰ এটা প্ৰধান কাৰক হৈছে নগৰীকৰণ নগৰীয়া সমাজত পূৰ্বৰ দৰে সৰহ সংখ্যাক সদস্যৰে গঠিত যুটীয়া পৰিয়াল একোট লৈ বসবাস কৰা সম্ভৱ নহয় । সেয়ে, নগৰীয়া সমাজত একক বা প্রাথমিক পৰিয়ালে গঢ় লৈ উঠা দেখা যায়।

(গ) কৃষি অর্থনীতি হ্রাস পাইছে। নগৰীকৰণৰ প্ৰভাৱত ভাৰতীয় সমাজত কৃষি ভূমি ঔদ্যোগীক অঞ্চলত পৰিণত হৈছে। অধিকসংখ্যাক মানুহেই কৃষি অর্থনীতিৰ বিপৰীতে উদ্যোগমুখী হোৱাৰ প্ৰয়াস কৰিছে।

(ঘ) নগৰীকৰণে শিক্ষা ব্যৱস্থাৰো পৰিৱৰ্তন ঘটাইছে। শিক্ষানুষ্ঠান বৃদ্ধি পোৱাৰ লগতে আধুনিক কাৰিকৰী শিক্ষাৰ লগতে বিজ্ঞান শিক্ষাৰ প্ৰতি মানুহৰ ধাউতি বৃদ্ধি পাইছে।

(ঙ) নগৰীকৰণৰ বাবে নাৰীৰ সামাজিক প্ৰস্থিতি বৃদ্ধি পোৱাৰ লগতে নাৰীৰ প্ৰতি থকা সামাজিক কুপ্রথাবোৰ আঁতৰ হয়। যোগাযোগ আৰু শিক্ষাৰ প্ৰসাৰৰ বাবে নাৰীসকলে সকলো দিশতে পুৰুষৰ সমানে আগবাঢ়ি যোৱাৰ সুবিধা পায় ৷

৫। উপনিবেশিক শাসন ইয়াৰ পূৰ্বৰ বিদেশী শাসনসমূহৰ পৰা কেনেদৰে পৃথক আছিল? ই ভাৰতীয় সমাজক কেনেদৰে প্ৰভাৱিত কৰিছিল?

উত্তৰঃ ইংৰাজ উপনিবেশিক শাসনৰ পূৰ্বে যি সমূহ বিদেশী শাসন ভাৰতত প্ৰতিষ্ঠা হৈছিল সেইবোৰ দেশৰ অৰ্থনীতিক আঘাট কৰা নাছিল। ইয়াৰ বিপৰীতে ব্ৰিটিছ ঔপনিবেশিক শাসন ব্যৱস্থাই অধিক লাভালাভৰ মনোবৃত্তিৰ তথা সাম্ৰাজ্যবাদ মনোভাৱেৰে আমাৰ দেশৰ অৰ্থনৈতিক গাঁথনিক আঘাট কৰিছিল। ব্ৰিটিছ শাসনৰ প্ৰতিটো নীতিয়েই আছিল শোষণৰ নীতি।

ভাৰতবৰ্ষত ঔপনিৱেশিক শাসনৰ ফলস্বৰূপে ভাৰতীয় সমাজৰ সংৰচনাত যথেষ্ট পৰিৱৰ্তন ঘটে। পোন্ধৰ, ষোল্ল শতিকাত ভাৰতবৰ্ষলৈ পতুগীজসকলে বেপাৰ কৰিবলৈ অহাৰ পৰিপ্ৰেক্ষিততে ভাৰতবৰ্ষত পশ্চিমীয়া সাংস্কৃতিয়ে গা কৰি উঠে। ইয়াৰ পিছত ১৭ আৰু ১৮ শতিকাত ডাচ্ আৰু ফ্ৰান্সৰ বণিকসকলৰ ভাৰতলৈ আগমন ঘটে। এনেদৰে ক্ৰমাগতবাৱে এইসকল ব্যক্তিৰ আদৰ্শ মূল্যবোধ ভাৰতীয় সমাজৰ ওপৰত পৰে। ইয়াৰ পিছত ১৫০ বছৰীয়া ইংৰাজ শাসনৰ ফলস্বৰূপ ভাৰতীয় মানুহে পশ্চিমৰ শিক্ষা, সংস্কৃতি, বিজ্ঞান, প্রযুক্তিবিদ্যা মূল্যবোধ আদি অনুকৰণ কৰিবলৈ আৰম্ভ কৰে। আৰু ইয়াৰ লগে লগে ভাৰতীয় সমাজৰ সংস্থা যেনে-জাতি ব্যৱস্থা, অর্থনীতি,ৰাজনীতি, বিবাহ, পৰিয়াল ব্যৱস্থা আদিতো প্ৰভাৱ পৰে৷ জাতি ব্যৱস্থাত থকা বৈষম্যসমূহ আঁতৰ হ’ল। জাতি ব্যৱস্থাৰ পৰিৱৰ্তে শ্ৰেণী ব্যৱস্থাৰ প্ৰৱৰ্ত্তন হ’ল। উদ্যোগীকৰণ, নগৰীকৰণৰ ফলত ভাৰতবৰ্ষৰ গ্ৰাম্য সংৰচনাতো পৰিবৰ্তনে দেখা দিয়ে ৷ উদ্যোগীকৰণ, আৰুনগৰীকৰণৰ ফলত ভাৰতীয় অর্থনীতিত ব্যাপক পৰিৱৰ্তনে দেখা দিলে ৷ যুটীয়া পৰিয়ালৰ ঠাইত একক পৰিয়ালৰ প্ৰাধান্য বাঢ়িল। নতুন ৰাজনৈতিক পদ্ধতি গঢ়ি উঠিল। পৰম্পৰাগত নেতৃত্বৰ পৰিৱৰ্তে নির্বাচিত নেতৃত্বৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ল। গণতন্ত্ৰ প্রতিষ্ঠা হ’ল। বিবাহৰ ক্ষেত্ৰত থকা কিছুমান সামাজিক কু-প্ৰথা যেনে –বাল্যবিবাহ, বিধৱা বিবাহত বাধা আদি আঁতৰ কৰা হ’ল । 

এইদৰেই ভাৰতীয় সমাজৰ সংৰচনাত পৰিৱৰ্তনে দেখা দিলে ৷

৬ । সামাজিক আন্দোলনবোৰে ভাৰতীয় সমাজলৈ কোনবোৰ পৰিৱৰ্তন কঢ়িয়াই আনিছিল? 

উত্তৰঃ হিন্দু ধৰ্মৰ গোড়ামী আৰু সমাজৰ বিভিন্ন কু-প্রথা সমূহ আঁতৰ কৰাৰ উদ্দেশ্য ভাৰতবৰ্ষত যি সংস্কাৰ আন্দোলনৰ সূচনা হ’ল, সি সুদূৰপ্ৰসাৰী।ই ভাৰতীয় সমাজখনত যথেষ্ট পৰিৱৰ্তন আনিলে ৷ এই আন্দোলন সমূহৰ ভিতৰত ব্ৰাহ্মসমাজ, প্রার্থনা সমাজ, আর্য সমাজ, ৰামকৃষ্ণ মিচন আদিয়েই প্রধান ৷ ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী,কেশৱ চন্দ্ৰ সেন আদি সমাজ সংস্কাৰকসকলৰ প্ৰচেষ্টাত কিছুমান জলন্ত সমস্যা যেনে-সতীদাহ প্রথা বন্ধ হ’ল, বিধৱা বিবাহৰ পুনৰ প্ৰচলন আৰু অস্পৃশ্যতা দূৰীকৰণৰ বাবে চেষ্টা চলিল। বাতৰিকাকত সমূহে জনসাধাৰণৰ মনত জাতীয়তাবাদী ভাৱধাৰাই গা কৰি উঠাত সহায় কৰিলে। কংগ্ৰেছ আৰু অন্যান্য ৰাজনৈতিক সংগঠন গঠন কৰা হ’ল আৰু গদ্য সাহিত্যৰ বিকাশ হ’বলৈ ধৰিলে৷ পাশ্চাত্য শিক্ষা আৰু ধ্যান ধাৰণাৰ সহায়ত জনসাধাৰণৰ মনত সংস্কাৰবাদী মনোভাৱে গা কৰি উঠিল ।

সম্প্ৰতি আমাৰ দেশ শতিকাজোৰা বিশ্ৰামৰ অন্তত পুনৰ লাগি উঠিল। এই পৰিৱৰ্তনৰ ক্ষেত্ৰত বিভিন্ন কাৰকে সহায় কৰিছিল বুলি ক’ব পাৰি । আধুনিক শিক্ষা, মিছনেৰীসকলৰ অৱদান, আৰু শিক্ষিত হিন্দুসকলে নিজ ধৰ্মক কৰা সমালোচনা আদিৰ পৰিপ্ৰেক্ষিততে ভাৰতীয় সমাজ ঘোৰ নিদ্ৰাৰ পৰা সাৰ পাবলৈ সক্ষম হ’ল। হিন্দুধৰ্মৰ গোড়মীৰ বিৰুদ্ধে ৰাজা ৰামমোহন ৰয়ে ব্ৰাহ্ম সমাজ প্রতিষ্ঠা কৰি ভাৰতীয় সমাজ আৰু হিন্দু ধৰ্মত নৱজাগৰণৰ সূচনা কৰে।

৭ । ভাৰতীয় সমাজত পাশ্চাত্যকৰণে কেনে প্ৰভাৱ পেলাইছে? 

উত্তৰঃ  পাশ্চাত্যকৰণৰ ফলত ভাৰতীয় সমাজত দ্ৰুত পৰিৱৰ্তনৰ সূচনা হৈছে। 

ভাৰতীয় সমাজত পৰিৱৰ্তনে দেখা দিয়া দিশসমূহ  হৈছে :

(ক) পাশ্চাত্যকৰণে জাতি ব্যৱস্থাত থকা কিছুমান বিশেষ বাধা নিষেধ আৰু জটিলতা নাইকীয় কৰিছে।

(খ) পাশ্চাত্যকৰণৰ প্ৰভাৱত ভাৰতত নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগে লগে নাৰীসকলে শিক্ষা দীক্ষা গ্ৰহণ কৰি পুৰুষৰ সমানে আগবাঢ়ি যাবলৈ ধৰিলে । 

(গ) পাশ্চাত্যকৰণে ভাৰতীয় সামাজিক সংবচনাতো ব্যাপক পৰিৱৰ্তন আনে। ভাৰতীয় সমাজৰ সামাজিক সংস্থা যেনে-জাতি ব্যৱস্থা, অর্থনীতি, ৰাজনীতি, বিবাহ পৰিয়াল ব্যৱস্থা আদিতো পাশ্চাত্যকৰণে প্ৰস্তাৱ পেলায়।

(ঘ)  পাশ্চাত্যকৰণে প্রাচীন ভাৰতবৰ্ষ প্ৰমূল্যবোধৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলাইছে।

(ঙ) পাশ্চাত্যকৰণে ভাৰতীয় অর্থনীতিৰ ওপৰতো প্ৰভাৱ পেলাইছে।পাশ্চাত্যকৰণৰ ফলত উদ্যোগ, কল-কাৰখানা আদিৰ বিকাশ হোৱাৰ লগে লগে ইয়ে ভাৰতীয় অর্থনীতিটো পরিবর্তন আনে।

৮ । ধৰ্ম নিৰপেক্ষতাৰ অৰ্থ কি? ধর্ম নিৰপেক্ষতাৰ বিভিন্ন উপাদানসমূহৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ ধৰ্ম নিৰপেক্ষ বুলি ক’লে সাধাৰণতে তিনিটা কথাক বুজা যায় : 

(ক) ৰাষ্ট্ৰক ধৰ্মৰ পৰা সম্পূৰ্ণকৈ আঁতৰত ৰখা।

(খ) ধৰ্মবোৰৰ মাজত বিভেদ সৃষ্টি নকৰি সকলো ধৰ্মীয় সম্প্রদায়কে সম-মৰ্য্যদা দিয়া আৰু 

(গ) কোনো ধৰ্মৰ পক্ষ নোলোৱা বা বিৰুদ্ধাচৰণ নকৰা মতবাদ।

(ক) ধৰ্মৰ গুৰুত্ব হ্রাস : যেতিয়াই ধৰ্মনিৰপেক্ষবাদী নীতিৰ গতি শক্তিশালী হয়, সিমানেই ধৰ্মৰ গতিৰ বান্ধোন শিথিল হয় আৰু ধৰ্ম দূৰ্বল হৈ পৰে। ই হৈছে এক চিৰসত্য নীতি। 

(খ) পৃথকীকৰণ প্ৰক্ৰিয়া : ধৰ্মনিৰপেক্ষতাই সমাজৰ বিভিন্ন ক্ষেত্ৰত পৃথকীকৰণৰ সৃষ্টি কৰিছে। বৰ্তমান আধুনিক যুগত এজন শিক্ষিত হিন্দুৱে বা ব্যক্তিয়ে অর্থনৈতিক, ৰাজনৈতিক আইন, নৈতিকতা আদি বিষয়বোৰ একেলগ কৰি বিষয়েটো অধিক জটিল কৰিব নিবিচাৰে, আইনৰ বিষয়বিলাক নৈতিকতাৰ ফালৰ পৰা বিচাৰ কৰিব নোৱাৰি আৰু অৰ্থনৈতিক সমস্যাবোৰ ৰাজনৈতিকভাৱে সমাধা কৰিব নোৱাৰি। ধৰ্মনিৰপেক্ষতাৰ লগে লগে যিকোনো বিষয়বোৰ ধৰ্মৰ লগত সাঙুৰি দিয়াটো বন্ধ হৈ পৰিল । 

(গ) যুক্তিবাদীতা : ধৰ্মনিৰপেক্ষতাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে, অন্ধবিশ্বাসৰ পৰিৱৰ্তে সকলোবোৰ কথা যুক্তিৰে বিচাৰ কৰি চোৱাটো। এজন ধৰ্মনিৰপেক্ষ ব্যক্তিয়ে ধর্মীয় গ্ৰন্থসমূহৰ গণ্ডীৰ পৰা বাহিৰত সকলো বিষয় যুক্তিসহকাৰে বিচাৰ কৰি চায় ।

(ঘ) বৈজ্ঞানীক দৃষ্টিভংগী : জীৱনৰ প্ৰতি বৈজ্ঞানিক দৃষ্টি ভংগী গ্ৰহণ কৰাটো ধৰ্মনিৰপেক্ষতাৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। আধুনিক শিক্ষাৰ প্ৰসাৰেও ধৰ্মনিৰপেক্ষ নীতি গ্ৰহণ কৰাত মানুহক অৰিহণা যোগালে।

(ঙ) ধৰ্মৰ বিপৰীত এক প্ৰক্ৰিয়া : ধৰ্মনিৰপেক্ষতা ধৰ্মৰ বিপৰীত এক প্রক্রিয়া। এখন সমাজত ধৰ্মনিৰপেক্ষতাই যিমানেই বিকাশ লাভ কৰে,ধৰ্মৰ বান্ধোন সিমানেই শিথিল হৈ পৰে ৷ 

৯। সামাজিক পৰিৱৰ্তন প্ৰক্ৰিয়া হিচাপে ভাৰতীয় সমাজত সংস্কৃতিকৰণ আৰু পাশ্চাত্যকৰণৰ প্ৰভাৱৰ তুলনামূলক আলোচনা কৰা আৰু এই দুয়োটা প্ৰক্ৰিয়াৰ পাৰ্থক্য দেখুওৱা। 

উত্তৰঃ সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতত সৃষ্টি হোৱা দুটা গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া আছিল সংস্কৃতিকৰণ আৰু পাশ্চাত্যকৰণ। সংস্কৃতিকৰণৰ অৱধাৰণাটো আগবঢ়াইছিল ভাৰতীয় সমাজতাত্বিক এম. এন শ্ৰীনিৱাসে। সংস্কৃতিকৰণে এনে এটা প্ৰক্ৰিয়াৰ আভাস দিয়ে যাৰ যোগেদি মানুহে সাংস্কৃতিক দিশত তেওঁলোকতকৈ আগশাৰীৰ অৱস্থানত থকা লোকৰ নাম আৰু ৰীতি-নীতি অৱলম্বন কৰি নিজৰ সামাজিক স্থিতি আগবঢ়াই নিয়াৰ প্ৰয়াস কৰে। কিন্তু সমালোচকসকলৰ মতে, সংস্কৃতিকৰণে কেৱল ব্যক্তিৰ সামাজিক স্থিতিহে সলনি কৰে, সংৰচনাত্মক পৰিৱৰ্তন নকৰে। তদুপৰি সংস্কৃতিকৰণ প্ৰক্ৰিয়া সমাজৰ অসমতা আৰু নিষিদ্ধকৰণৰ ভিত্তিতহে বর্তি থাকে। ইয়াৰোপৰি সংস্কৃতিকৰণৰ ফলত উচ্চ জাতিৰ নীতি অনুকৰণ কৰা হৈছিল যি সমাজত মহিলাৰ স্থান অধিক নিম্ন কৰিছিল।

ইয়াৰ বিপৰীতে ইংৰাজ শাসনৰ ফলত ভাৰতীয় সমাজ ব্যৱস্থালৈ যিবোৰ পৰিৱৰ্তন আনিছিল সেইবোৰক পশ্চিমীয়াকৰণ বুলি কোৱা হয়। ইংৰাজী আধুনিক শিক্ষা, বিজ্ঞান-প্রযুক্তিবিদ্যাৰ প্ৰয়োগ আদিৰ ফলত ভাৰতীয় সমাজ সংস্কৃতিত ব্যাপক পৰিৱৰ্তনৰ সূচনা হৈছিল। এনে পৰিৱৰ্তনলানীয়ে ভাৰতীয় সমাজৰ সংৰচনাত্মক দিশৰো পৰিৱৰ্তন সাধন কৰিছিল। সেই হিচাপে সংস্কৃতিকৰণে অনা পৰিৱৰ্তনতকৈ পাশ্চাত্যকৰণে অনা পৰিৱৰ্তন বহু বেছি গুণে ব্যাপক আছিল। তদুপৰি সংস্কৃতিকৰণ প্ৰক্ৰিয়া জাতি ব্যৱস্থাৰ লগত জড়িত হৈ থকা অসমতা আৰু নিষিদ্ধকৰণৰ ওপৰত ভৰ্তি আছিল। ইয়াৰ বিপৰীতে পাশ্চাত্যকৰণে জাতি ব্যৱস্থাকে ধ্বংস কৰিছিল। গতিকে দেখা যায় যে ভাৰতীয় সমাজ সংস্কৃতিত পাশ্চাত্যকৰণৰ প্ৰভাৱ সংস্কৃতিকৰণৰ তুলনাত বেছি গভীৰ আৰু যোগাত্মক।

১০। উপনিবেশিক সময়ৰ পৰা বৰ্তমানলৈকে জাতি ব্যৱস্থাত কি কি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সংঘটিত হৈছে চমুকৈ লিখা।

উত্তৰঃ পাশ্চাত্যকৰণৰ ফলত ভাৰতীয় সমাজত বিভিন্ন দিশত পৰিৱৰ্তন সাধিত হ’ল। এই দিশসমূহৰ ভিতৰত এটা উল্লেখযোগ্য দিশ হৈছে জাতি ব্যৱস্থাত পৰিৱৰ্তন।

পাশ্চাত্যকৰণে ভাৰতীয় জাতি ব্যৱস্থাত পেলোৱা প্ৰভাৱ সমূহ হ’লঃ

(ক) পশ্চিমীয়াকৰণৰ ফলত জাতি-ব্যৱস্থাৰ প্ৰতি মানুহৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিছে। বৰ্তমান মানুহৰ দৃষ্টিভংগী সংৰক্ষনশীল হোৱাৰ পৰিৱৰ্তে মুক্ত হৈ পৰিল । ) (খ) পশ্চিমীয়া শিক্ষা-সাংস্কৃতিয়ে প্রধানত সমতা, ভ্রাতৃত্ব আৰু স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়ে । ফলস্বৰূপে সকলো জাতিয়ে সমান অধিকাৰ আৰু স-সুবিধা পাবলৈ ধৰিলে ৷

(গ)পাশ্চাত্য শিক্ষা গ্ৰহণ কৰাৰ লগে লগে মানুহৰ

মূল্যবোধৰো পৰিৱৰ্তন হ’বলৈ ধৰিলে, ফলস্বৰূপে, বিবাহ আৰু বৃত্তি বাচনিৰ ক্ষেত্ৰত জাতিবোৰৰ মাজত থকা বাধা নিষেধসমূহ লাহে লাহে আঁতৰি গ’ল।

(ঘ) আগেয়ে এটা জাতিৰ মানুহে আন এটা জাতিৰ ঘৰত খোৱা-বোৱা কৰিব নোৱাৰিছিল। কিন্তু পাশ্চাত্যকৰণৰ ফলস্বৰূপে, ভাৰতীয় সমাজত পশ্চিমীয়া সংস্কৃতিৰ প্ৰসাৰৰ লগে লগে জাতি ব্যৱস্থাৰ ক্ষেত্ৰত থকা এই বাধাসমূহ মানুহে মানি নোলোৱা হ’ল। 

(ঙ) প্রাচীন কালত শিক্ষা কেৱল উচ্চ জাতিৰ লোকসকলৰ বাবেহে আছিল। নিম্ন জাতিৰ মানুহে শিক্ষা লাভৰ সুবিধা পোৱা নাছিল। কিন্তু পশ্চিমীয়া শিক্ষাৰ প্ৰসাৰৰ লগে লগে সকলোৱে জাতি ধর্ম বর্ণ নির্বিশেষে শিক্ষা লাভ কৰিবলৈ সুবিধা পালে।

১১। জাতি, ৰ ধৰ্মনিৰপেক্ষকৰণ মানে কি ? উদাহৰণসহ ব্যাখ্যা কৰা। 

উত্তৰঃ ধর্ম পেক্ষতাই ভাৰতীয় সমাজত বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তনৰ সূচনা কৰিছে। এইবোৰৰ ভিতৰত জাতি ব্যৱস্থাত দেখা দিয়া পৰিৱৰ্তন উল্লেখযোগ্য। ভাৰতীয় সমাজত নিম্ন জাতিব লোকসকলক উচ্চ জাতিৰ লোকসকলে ঘৃণাৰ চকুৰে চাইছিল। কিয়নো ইয়াৰ লগত হিন্দু ধৰ্মৰ পবিত্ৰ আৰু অপবিত্ৰ এই ধাৰণা দুটা জড়িত আছিল। ধৰ্মৰ ফালৰপৰা বহুতো কার্যক অপবিত্ৰ বুলি বিশ্বাস কৰা হৈছিল। বিশেষকৈ উচ্চ জাতিৰ এজন ব্যক্তিয়ে যেতিয়া নিম্ন জাতিয়ে কৰা কাম কৰিছিল তেতিয়া সেই ব্যক্তিজনক অপবিত্ৰ বুলি গণ্য কৰা হৈছিল। অপবিত্ৰৰ লগত জড়িত এটা শব্দ হৈছে অস্পৃশ্য। নিম্ন জাতিৰ লোকসকলক উচ্চ জাতিৰ লোকসকলে অস্পৃশ্য বুলি গণ্য কৰিছিল ৷ উচ্চ হিন্দুবৰ্ণৰ লোক সকলে নিম্ন জাতৰ লোকসকলৰ সৈতে একেলগে পূজা-আৰ্চনা কৰা,বেদ-পাঠ, মন্ত্ৰ-পাঠ আদিৰ দৰে ধৰ্মীয় কার্যত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে। আনকি উচ্চ বৰ্ণৰ হিন্দু মন্দিৰত অস্পৃশ্যসকলৰ প্ৰৱেশৰ ক্ষেত্ৰতো বাধা দেখা যায় । 

ধৰ্মনিৰপেক্ষতাৰ প্ৰভাৱৰ ফলত ভাৰতীয় সমাজত পবিত্ৰ আৰু অপবিত্ৰৰ ধাৰণাটোত যথেষ্ট পৰিবৰ্তন আহিল। আগেয়ে উচ্চ জাতিৰ লোকসকলে খাবলৈ নাপায় মৰি গ’লেও নিম্ন জাতিৰ বৃত্তি গ্ৰহণ নকৰিছিল। কিন্তু বর্তমানে আনকি ব্ৰাহ্মণেও জোতাৰ দোকান দিয়ে। বৰ্তমান এটা জাতিয়ে নিম্ন শ্ৰেণীৰ জাতিৰ লগত মিলা-মিছা, চাল-চলনৰ ক্ষেত্ৰত কোনো বাধা নাই ৷ সকলো জাতিয়ে সমান। বৰ্তমান পবিত্ৰ আৰু অপবিত্ৰৰ ধাৰণাটো ধৰ্মৰ পৰিৱৰ্তে স্বাস্থ্যৰক্ষাৰ ক্ষেত্ৰতহে বেছি সম্পৰ্কিত হৈ পৰিছে। এইদৰে বৰ্তমান অপবিত্ৰ আৰু পবিত্ৰৰ এই ধাৰণাটো ধৰ্মৰ ওপৰত আধাৰিত নহয় ৷ ই এতিয়া ধৰ্মনিৰপেক্ষাতৰ ওপৰতহে আধাৰিত বিষয় ।

১২। উদ্যোগীকৰণ আৰু আধুনিকীকৰণৰ বৈশিষ্ট্যসমূহ কি? 

উত্তৰঃ উদ্যোগীকৰণৰ বৈশিষ্ট্যসমূহ হ’ল —

(ক) উদ্যোগীকৰণৰ ফলত বহু সংখ্যক বনুৱা বা কৰ্মী উদ্যোগিক অঞ্চললৈ আহে, ফলত সেই অঞ্চলত নগৰীকৰণ আৰু নগৰবাসীৰ সংখ্যা বৃদ্ধি হয়।

(খ) উদ্যোগীকৰণৰ ফলত সামাজিক নিয়ন্ত্ৰণ দুৰ্বল হৈ পৰে। কাৰণ, উদ্যোগিক অঞ্চললৈ অহা লোকসকল বিভিন্ন অঞ্চলৰ, বিভিন্ন ভাষা-ভাষী লোক।

(গ) উদ্যোগীকৰণৰ ফলত সমাজত বিভিন্ন ধৰণৰ নতুন নতুন বৃত্তিৰ সৃষ্টি হয় ।

(ঘ) উদ্যোগীকৰণৰ ফলত মানুহ ব্যক্তিকেন্দ্ৰিক আৰু স্বাৰ্থপৰ হৈ পৰে ৷ 

(ঙ) উদ্যোগীকৰণে নাৰীৰ সামাজিক মৰ্যদা উন্নত হোৱাত বৰঙণি যোগায়।

আধুনিকীকৰণৰ বৈশিষ্ট্যসমূহ :

(ক) ই এক বৈপ্লৱিক পদ্ধতি । ই প্ৰতিস্থিত মূল্যবোধ আৰু আদৰ্শৰ সৈতে সমাজৰ সম্পূৰ্ণ সামাজিক সংৰচনাক পৰিৱৰ্তন আনে।

(খ) আধুনিকীকৰণ প্ৰক্ৰিয়া বহল, জটিল আৰু বহুমুখী পৰিমাণৰ ৷

(গ) ই এক প্রণালীবদ্ধ পদ্ধতি।

(ঘ) ই স্তৰ্গত প্রক্রিয়া। আধুনিকীকৰণ প্ৰক্ৰিয়াত এটা পৰিৱৰ্তনে অন্য এক পৰিৱৰ্তন অনাত সহায় কৰে।

(ঙ) আধুনিকীকৰণ প্ৰক্ৰিয়া এটা গোলকীকৰণ প্ৰক্ৰিয়া।

(চ) আধুনিকীকৰণ প্ৰক্ৰিয়া এটা অ-পৰিৱৰ্তনীয় প্রক্রিয়া।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

This Post Has One Comment

Leave a Reply