Class 12 Sociology Chapter-5 প্রকল্প কার্য

Class 12 Sociology Chapter-5 প্রকল্প কার্য। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Sociology Chapter-5 প্রকল্প কার্য AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second year Sociology Chapter-5 প্রকল্প কার্য

প্ৰথম খণ্ড

(ক) অতি চমু প্রশ্নোত্তৰ: মূল্যাংক: ১

১ ।  প্রকল্প কাৰ্য্যৰ বাবে কি প্ৰণালী ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ  গবেষণা প্রণালী।

২ । ক্ষেত্র অধ্যয়ন পদ্ধতি কোনে আগবঢ়াইছিল ?

উত্তৰঃ উদ্ভিদ বিদ্যা, প্রাণীবিদ্যাৰ দৰে প্ৰাকৃতিক বিজ্ঞানত এই পদ্ধতিৰ জন্ম হৈছিল। ব্ৰনিচুল মেলিন ‘চকিয়ে পোন প্রথমে এই পদ্ধতি আগবঢ়াইছিল।

৩‌। প্রকল্প কাৰ্য্য মানে কি? 

উত্তৰঃ প্রকল্প কাৰ্য্য হৈছে নতুন নতুন জ্ঞান আৰু অভিজ্ঞতা আহৰণ কৰা পদ্ধতি।ই পৰিকল্পনা আৰু পদ্ধতিৰ লগত জড়িত।

৪ । প্রকল্প কাৰ্য্যৰ মূল উদ্দেশ্য কি? 81

উত্তৰঃ প্রকল্প কাৰ্য্যৰ মূল উদ্দেশ্য হৈছে জ্ঞান আহৰণ কৰা। 

৫ । প্রকল্প কাৰ্য্য প্রণালীত প্রতিবেদন কোনে প্রস্তুত কৰে?

উত্তৰঃ প্রকল্প কাৰ্য্য প্রণালীত গৱেষকজনে অর্থাৎ ছাত্ৰ-ছাত্ৰীসকলে প্রতিবেদন প্রস্তুত কৰে।

৬ । প্রকল্প কাৰ্য্যত কেইটা পৰ্য্যায় আছে?

উত্তৰঃ প্রকল্প কাৰ্য্যত মুঠ পাঁচটা পৰ্য্যায় আছে।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

সেই কেইটা হৈছে –

(ক) প্ৰকল্পৰ বিষয় নির্বাচন।

(খ) প্ৰকল্পৰ বিষয়ৰ ওপৰত তথ্যৰ অনুসন্ধান কৰা

(গ) প্ৰাথমিক আৰু দ্বিতীয়ক তথ্য সংগ্ৰহ কৰা।

(ঘ) তথ্যসমূহ বিশ্লেষণ কৰা আৰু 

(ঙ) প্রকল্পৰ প্রতিবেদন প্রস্তুত কৰা।

৭ । পৰিকল্পনা প্রস্তুতকৰণ কি?

উত্তৰঃ পৰিকল্পনা হৈছে এনে এটা প্ৰক্ৰিয়া য’ত কিবা এটা কাম কৰিবলৈ নাইবা কোনো এক নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বৰ বাবে আগতীয়াকৈ কিছুমান আঁচনি গ্রহণ করা হয়। পরিকল্পনা অবিহনে কোনো কার্যই সফল নহয়।

৮ । পৰিকল্পনা কেই প্ৰকাৰৰ ? 

উত্তৰঃ পৰিকল্পনা কেইবা প্ৰকাৰৰ আছে। যেনে–

(ক) পৰিচালনা সম্বন্ধীয় পৰিকল্পনা, 

(খ) কার্য সম্বন্ধীয় পৰিকল্পনা,

(গ) কৌশল সম্বন্ধীয় পৰিকল্পনা

চমু প্রশ্নোত্তৰ : মূল্যাংক : ২/৩

১ । এটা প্রকল্প কাৰ্য্যৰ প্ৰতিবেদন প্রস্তুত কৰোতে কি কি কথা মনত ৰাখিব লাগে ?

উত্তৰঃ প্রতিবেদন প্রস্তুতি হৈছে প্ৰকল্প কাৰ্যৰ একেবাৰে শেষ স্তৰ। প্ৰকল্প কার্য কৰোতে কি আৱিস্কাৰ বা নতুন সত্য উদ্ভাৱন কৰা হ’ল – এই সকলোবোৰ কথা প্রতিবেদনত প্ৰকাশ কৰা হয়। গতিকে প্রকল্প কাৰ্যৰ প্ৰতিবেদন প্রস্তুত কৰোতে অতি সাৱধানেৰে কৰিব লাগে।

গৱেষণাৰ বা প্রকল্প কাৰ্যৰ প্ৰতিবেদন প্রস্তুত কৰিবৰ কাৰণে কোনো নির্দিষ্ট প্ৰণালী নাই বুলিয়েই ক’ব পাৰি। তথাপিও প্রকল্প কার্যত যিখিনি পোৱা হ’ল বা যিখিনি কথা জানিব লগা আছে সেই দিশকেইটা পৰিস্কাৰকৈ তাত উল্লেখ কৰিব লাগে। এটা সুস্পষ্ট প্রতিবেদন প্রস্তুত কৰিবলৈ হ’লৈ আগতীয়াকৈ কেনেকৈ প্ৰস্তুত কৰা হ’ব, কিহৰ কিহৰ ওপৰত প্ৰতিবেদন লিখা হ’ব, কি

কি কথা সন্নিবিষ্ট কৰা হ’ব, ছবি, নক্সা আৰু তালিকাৰ যোগেদি কেনেকৈ তথ্যবিলাক ক’ত দেখুওৱা হ’ব, শেষ মন্তব্য কি হ’ব, এই বিষয়ে এটা স্পষ্ট আঁচনি প্রস্তুত কৰি ল’ব লাগে। অধ্যায়বিলাকৰ শিৰোনামা দিব লাগে। শিৰোনামাবোৰ এনে ধৰণেৰে নামাকৰণ কৰিব লাগে যাতে প্ৰতিটো শিৰোনামাৰ যোগেদি অধ্যায়টোৰ মূল বিষয়বস্তু বুজিব পৰা হয়।

সৰ্বসাধাৰণতে প্রতিবেদন প্রস্তুত কৰোতে তলত দিয়া বিষয়কেইটা সন্নিবিষ্ট কৰা হয় – 

(ক) পৰিচয় (Introduction)

(খ) অধ্যয়ন কৌশল বা পদ্ধতি (Methodology)।

(গ) তথ্যসমূহৰ বিশ্লেষণ আৰু উপস্থাপন (Presentation and analysis of data)। 

(ঘ) সামৰণি (Conclusion) |

(ঙ) পৰিশিষ্ট (Appendix) 

(চ) পাদটীকা (Foot-notes) আদি

২ । প্রকল্প কাৰ্য্য প্ৰণালীৰ চাৰিটা গুণাগুণ লিখা । 

উত্তৰঃ প্রকল্প কাৰ্য প্ৰণালীৰ চাৰিটা গুণাগুণ তলত উল্লেখ কৰা হ’লঃ 

(ক) প্রকল্প কার্যই ছাত্র-ছাত্রীসকলক বাস্তৱ জীৱনৰ লগত পাঠ্যক্ৰমিক অধ্যয়নক সংযো কৰাত সহায় কৰে৷ 

(খ) ই বিদ্যাৰ্থীসকলৰ উচ্চ পৰ্যায়ৰ চিন্তামূলক দক্ষতা বৃদ্ধি কৰে ৷ 

(গ) প্রকল্প কাৰ্য কৰোতে ছাত্ৰ-ছাত্ৰীসকলে দলগতভাৱে কাৰ্য কৰিবলৈ শিকে। 

(ঘ) ছাত্ৰ-ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক চিন্তাধাৰা আৰু আচৰণ সৃষ্টি কৰাত সহায় কৰে।

৩ । প্রকল্প কাৰ্য্য প্ৰণালীৰ অসুবিধাসমূহ কি কি ? 

উত্তৰঃ প্রকল্প কাৰ্য্য প্ৰণালীৰ অসুবিধাসমূহ হ’ল :

(ক) প্রকল্প এটা কৰোতে বহু সময়ৰ প্ৰয়োজন হয়। ছাত্ৰ-ছাত্ৰীসকলে প্রকল্প কার্যত ব্যস্ত হৈ থাকোতে অন্যান্য পাঠসমূহ আয়ত্ব কৰাত অসুবিধা হয়।

(খ) ছাত্ৰ-ছাত্ৰীসকলে গৱেষণা প্রকল্প ব্যাখ্যা কৰাত, উপযুক্ত গৱেষণা অভিকল্প আৰু অন্যান্য পদ্ধতিসমূহ বাচনি কৰাত অসুবিধা পায় ৷

(গ) গৱেষণাৰ প্ৰকল্প কার্য সমাপ্ত কৰাৰ বাবে নিম্নতম সময়সীমা ধার্য কৰা হয়। এই সময়সীমাৰ ভিতৰত প্ৰকল্পৰ সকলো কাৰ্য সমাপ্ত কৰাত ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।

(ঘ) প্রত্যক্ষ অনুসন্ধান আৰু তথ্য যুগুত কৰাত ছাত্ৰ-ছাত্ৰীসকলে অসুবিধা পায়। 

8 ।  পৰ্যবেক্ষণ কি?

উত্তৰঃ তথ্য সাংগ্ৰহৰ আন এক উল্লেখযোগ্য প্ৰণালী হৈছে পর্যবেক্ষণ। নিদির্ষ্ট ক্ষেত্ৰত ব্যক্তিৰ বাহ্যিক আচৰণ প্ৰণালীৰ বিষয়ে নিৰীক্ষণ কাৰ্যৰ জৰিয়তে তথ্যপাতি সংগ্ৰহ কৰা পদ্ধতিকে পর্যবেক্ষণ বোলা হয়। এই প্ৰণালীত গৱেষকজনে সূক্ষ্ম দৃষ্টিৰে আৰু প্ৰণালীবদ্ধভাৱে ঘটি থকা ঘটনাসমূহ অধ্যয়ন কৰিব পাৰে আৰু তথ্য লিপিবদ্ধ কৰি যাব পাৰে ৷

৫৷ সামাজিক জীপ প্ৰণালী কি?

উত্তৰঃ জৰীপ প্ৰণালী সাধাৰণতে বহুসংখ্যাক লোকক অধ্যয়নৰ বাবে বাছি লোৱা হয়। এই প্রণালীত গৱেষকজনে নিজে গৱেষণা কৰা ঠাইলৈ গৈ প্ৰশ্নবোৰ সুধিব আৰু উত্তৰ্দাতাৰ উত্তৰবোৰ লিপিবদ্ধ কৰিব। নতুবা প্ৰশ্নসূচীবোৰ বাছনি কৰা উত্তৰ্দাতাক বিতৰণ কৰি সেইবোৰ সম্পূৰ্ণ হ’লে উত্তৰদাতাই ঘূৰাই দিব

৬ । সাক্ষাৎকাৰ প্ৰণালী কি?

উত্তৰঃ এজন গৱেষকে তেওঁৰ উত্তৰদাতাৰ লগত মুখামুখিভাৱে লগ হৈ পূৰ্বতে সজাই লোৱা প্রশ্ন বা বিষয়ৰ আধাৰত যি কথোপকথন আগবঢ়োয় চমুকৈ ইয়াকে সাক্ষাৎকাৰ বুলি ক’ব পাৰি। সাক্ষাৎকাৰ দুই প্ৰকাৰৰ হ’ব পাৰে। যেনে-সংৰচিত সাক্ষাৎকাৰ আৰু অ-সংৰচিত সাক্ষাৎকাৰ। গৱেষকে যেতিয়া সুধিব লগা কথাখিনি প্রশ্ন আকাৰে পূৰ্বতে প্রস্তুত কৰি লয় তাক সংৰচিত সাক্ষাৎকাৰ বোলে। আনহাতে গবেষকে যেতিয়া পূৰ্বতে প্রস্তুত কৰি লোৱা প্রশ্নৰ উপৰিও সাক্ষাৎকাৰ চলি থকা সময়ত অনেক নতুন প্ৰশ্নৰ অৱতাৰণা কৰি সাক্ষাৎকাৰ গ্ৰহণ কৰে, তেতিয়া তাক অসংৰচিত সাক্ষাৎকাৰ বোলে।

(গ) ৰচনাধর্মী প্রশ্নোত্তৰ : মূল্যাংক : ৪/৫

১ । প্রকল্প কাৰ্য্য প্রণালী কি ? সংজ্ঞা দিয়া আৰু বহলাই ব্যাখ্যা কৰা। 

উত্তৰঃ প্রকল্প কার্য প্রণালী হৈছে এনে এক প্ৰণালী য’ত ছাত্ৰ-ছাত্ৰীসকলে সম্ভাব্য বিভিন্ন সমস্যাবোৰৰ প্ৰকৃত তথ্যবোৰ উদ্ঘাটন কৰি একত্ৰিত ৰূপত ইয়াৰ চৰিত্ৰবোৰ বুজি উঠিবলৈ যত্ন কৰে।

প্রকল্প কার্য সম্পর্কত ব্রেন্সফৰ্ড আৰু ষ্টেনিন (Bransford & Stenin) ৰ সংজ্ঞা এনে ধৰণৰ —“প্রকল্প কার্যপ্রণালী হৈছে এক বিস্তাৰিত শৈক্ষিক দৃষ্টিভংগী য’ত বিদ্যার্থীসকলক গ্রহণযোগ্য, সহযোগিতামূলক গৱেষণা বা অনুসন্ধানত নিযুক্ত কৰা হয়” (It is a comprehensive instructional approach to engage students in sustained, co-operative in vestigation)। ই অনুশাসনৰ ধাৰণা আৰু নীতি প্রতিফলিত কৰে, ছাত্ৰ-ছাত্ৰীসকলক

সমস্যাসমূহৰ সমাধানৰ অনুসন্ধানত আৰু অন্যান্য অর্থপূর্ণ কার্যত অন্তর্ভূক্ত কৰে, তেওঁলোকৰ নিজস্ব জ্ঞান নিজে অৰ্জন কৰিবলৈ আৰু বাস্তৱসন্মত ফলাফলত উপনীত হ’বৰ বাবে স্বাধীনভাৱে কাম কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক অনুমতি প্রদান কৰে।

২ । প্রকল্প কাৰ্য্যৰ কেইটা পৰ্য্যায় আছে? চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ প্রকল্প কাৰ্য্যত মুঠ পাঁচটা পর্যায় আছে। যেনে –

(ক) প্ৰকল্পৰ বিষয় নির্বাচন

(খ) প্ৰকল্পৰ বিষয়ৰ ওপৰত তথ্য অনুসন্ধান কৰা 

(গ) প্ৰাথমিক আৰু দ্বিতীয়ক তথ্য সংগ্ৰহ কৰা

(ঘ) তথ্যসমূহ বিশ্লেষণ কৰা আৰু 

(ঙ) প্ৰকল্পৰ প্ৰতিবেদন প্রস্তুত কৰা।

(ক) প্রকল্পৰ বিষয় নির্বাচন : প্রকল্প কার্যৰ বাবে প্ৰথমে প্ৰকল্পৰ বাবে এটা ভাল বিষয় নির্বাচন কৰিব লাগে।

(খ) প্রকল্পৰ বিষয়ৰ ওপৰত তথ্যৰ অনুসন্ধান কৰা : প্ৰকল্পৰ বাবে এটা ভাল বিষয় নির্বাচন কৰাৰ পিছত সেই বিষয়টোৰ ওপৰত তথ্যৰ অনুসন্ধান কৰিব লাগে।

(গ) প্ৰাথমিক আৰু দ্বিতীয়ক তথ্য সংগ্ৰহ কৰা : প্রকল্প কার্য আগবঢ়াই নিবলৈ বিভিন্ন পদ্ধতিৰে বিষয়টোৰ ওপৰত তথ্য সংগ্ৰহ কৰা হয়। প্রাথমিক তথ্যত গৱেষকজে নিজে গৈ তথ্য সংগ্ৰহ কৰে আৰু আনহাতে দ্বিতীয়ক তথ্য বহু পুথিগত অধ্যয়নৰ পৰ সংগ্ৰহ কৰা হয়।

(ঘ) তথ্যসমূহ বিশ্লেষণ কৰা : এই স্তৰত সংগৃহীত তথ্যসমূহ বিশ্লেষণ কৰা হয়৷ পৰিসংখ্যান প্রয়োগে তথ্য বিশ্লেষণত যথেষ্ট সহায় কৰে।

(ঙ) প্ৰকল্পৰ প্ৰতিবেদন প্রস্তুত কৰা : প্রকল্প কাৰ্যৰ শেষ পৰ্যায়টো হৈছে প্রতিবেদন প্রস্তুতকৰণ৷ প্ৰকল্পটোত কি কি পোৱা হ’ল, কিনহ’ল, ইয়াৰ ফলাফল আদি সকলোবো প্ৰকল্পৰ প্ৰতিবেদনত প্রকাশ পায়। সেয়েহে প্ৰকল্পৰ প্ৰতিবেদন প্রস্তুত কৰোতে সদা অতি সাৱধানেৰে কৰিব লাগে।

৩ । প্রকল্প কাৰ্য্যৰ সুবিধা-অসুবিধাসমূহ ব্যাখ্যা কৰা। 

উত্তৰঃ প্রকল্প কাৰ্য প্ৰণালীৰ সুবিধা :

(ক) প্রকল্প কার্যই ছাত্র-ছাত্ৰীসকলক বাস্তৱ জীৱনৰ লগত পাঠ্যক্ৰমিক অধ্যয়নক সংযো কৰাত সহায় কৰে।

(খ) ই বিদ্যাৰ্থীসকলৰ উচ্চ পৰ্যায়ৰ চিন্তামূলক দক্ষতা বৃদ্ধি কৰে ৷ 

(গ) প্রকল্প কাৰ্য কৰোতে ছাত্ৰ-ছাত্ৰীসকলে দলগতভাৱে কাৰ্য কৰিবলৈ শিকে। 

(ঘ) ছাত্ৰ-ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক চিন্তাধাৰা আৰু আচৰণ সৃষ্টি কৰাত সহায় কৰে। 

প্রকল্প কাৰ্য্য প্ৰণালীৰ অসুবিধাসমূহ :

(ক) প্ৰকল্প এটা কৰোতে বহু সময়ৰ প্ৰয়োজন হয়। ছাত্র-ছাত্রীসকলে প্রকল্প কার্যত ব্যস্ত হৈ থাকোতে অন্যান্য পাঠসমূহ আয়ত্ব কৰাত অসুবিধা হয়।

(খ) ছাত্ৰ-ছাত্ৰীসকলে গৱেষণা প্রকল্প ব্যাখ্যা কৰাত, উপযুক্ত গৱেষণা অভিকল্প আৰু অন্যান পদ্ধতিসমূহ বাচনি কৰাত অসুবিধা পায় ।

(গ) গৱেষণাৰ প্ৰকল্প কাৰ্য সমাপ্ত কৰাৰ বাবে নিম্নতম সময়সীমা ধার্য কৰা হয়। এই সময়সীমাৰ ভিতৰত প্ৰকল্পৰ সকলো কাৰ্য সমাপ্ত কৰাত ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ।

(ঘ) প্রত্যক্ষ অনুসন্ধান আৰু তথ্য যুগুত কৰাত ছাত্ৰ-ছাত্ৰীসকলে অসুবিধা পায়।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

This Post Has One Comment

Leave a Reply