Class 12 Sociology Chapter-4 অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহ

Class 12 Sociology Chapter-4 অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহ । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্ন সমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class 12 Sociology Chapter-4 অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS Second Year Sociology Chapter-4 অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহ

প্ৰথম খণ্ড

(ক) অতি চমু প্রশ্নোত্তৰ : মূল্যাংক: ১

১ । ভাৰতত থকা প্ৰধান ধর্মসমূহ কি কি? 

উত্তৰঃ হিন্দু, ইছলাম, খ্রীষ্টান, জৈন, বৌদ্ধ আদি।

2| বৈচিত্ৰৰ মাজত ঐক্য মানে কি? 

উত্তৰঃ অনৈক্যৰ মাজত থকা ঐক্যই হৈছে ভাৰতীয় সমাজ আৰু সাংস্কৃতিৰ মূল বৈশিষ্ট্য। অতি প্রাচীন কালৰে পৰা ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰত এই আদর্শ ফুটি উঠিছে। ভাৰতবৰ্ষত বিভিন্ন ক্ষেত্ৰত বিচিত্ৰতা বা অনৈক্য দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত ভৌগোলিক পৰিৱেশ, জলবায়ুৰ ভিন্নতা, বাসস্থানৰ ভিন্নতা, খাদ্যাভাস, সাজপাৰ, মাত কথাৰ ভিন্নতা জনগোষ্ঠীসমূহৰ দৈহিক গঠন-প্ৰকৃতিৰ ভিন্নতা, ভাষা-ধৰ্মৰ ভিন্নতা লক্ষ্য কৰিবলগীয়া। কিন্তু ইমানবিলাক ভিন্নতা থকা স্বত্বেও ভাৰতবৰ্ষত একতাৰ ভাৱাদৰ্শ অতি প্রাচীন কালৰে পৰাই প্ৰৱাহিত হৈ আহিছে। ভাৰতীয় সমাজ আৰু সাংস্কৃতিৰ ক্ষেত্ৰত থকা অখণ্ডতা কোনো কালেই বাধাগ্রস্থ হোৱা নাই; বৰঞ্চ জাতি, ধর্ম, বর্ণ, জনগোষ্ঠী নির্বিশেষে সকলোৱে একতাৰ ডোলেৰে বান্ধ খাই আছে। সকলো জনসাধাৰনে তেওঁলোকৰ মাজত থকা বিচিত্ৰতা বা অনৈক্যৰ কথা পাহৰি এক ভাৰতীয় হিচাপে পৰিচয় দিয়ে। এয়াই হৈছে ভাৰতীয় সমাজত দেখা পোৱা অনৈক্যৰ মাজত ঐক্য ।

৩ ।‌জাতীয় ঐক্য প্রতিষ্ঠাত আঞ্চলিকতাবাদে কেনেদৰে বাধা প্রদান কৰে?

উত্তৰঃ ভাৰতত আঞ্চলিকতাবাদৰ মূল উৎস হৈছে ভাষা, সংস্কৃতি, ধৰ্ম আদিৰ ক্ষেত্ৰত থকা বৈচিত্ৰতা আৰু উন্নয়নৰ ক্ষেত্ৰত থকা সৃষ্টি হোৱা আঞ্চলিক বৈষম্য বা কেন্দ্ৰৰ অৱহেলা। আঞ্চলিকতাবাদে সমগ্ৰ দেশৰ উন্নয়নৰ বিপৰীতে নিজৰ অঞ্চলৰ উন্নতিহে কামনা কৰে আৰু লগতে নিজৰ অঞ্চলৰ প্ৰশাসনৰ ক্ষেত্ৰত স্ব-নিয়ন্ত্ৰণৰ দাবী কৰে আৰু বাহিৰা লোকৰ সেই অঞ্চললৈ প্ৰৱজন হোৱাটো কামনা নকৰে। এনেবোৰ কঠোৰ মনোভাৱৰ বাবে আঞ্চলিকতাবাদে জাতীয় ঐক্য প্রতিষ্ঠাত বাধা প্ৰদান কৰা দেখা যায়।

৪ I সাম্প্রদায়িকতাবাদ বুলিলে কি বুজা?

উত্তৰঃ কোনো ধর্মীয় মনোভাৱৰ আধাৰক গইনা হিচাপে লৈ সৃষ্টি হোৱা উগ্ৰ ৰাজনৈতিক আদর্শকে সাম্প্রদায়িকতাবাদ বুলিব পাৰি।

৫ । সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষক কিয় এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঢ় দিব খুজিছিল ?

উত্তৰঃ প্রাচীন কালৰে পৰা ভাৰতত বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰি আহিছে। বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বাসস্থান ভাৰতত যাতে ধৰ্মক কেন্দ্ৰ কৰি অশান্তিৰ সৃষ্টি নহয় সেই উদ্দেশ্যত সংবিধান প্রণেতাসকলে ভাৰতক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঢ় দিছিল – য’ত ৰাষ্ট্ৰই কোনো ধৰ্মকে ৰাষ্ট্ৰ ধৰ্ম হিচাপে স্বীকৃতি নিদিয়ে আৰু ধৰ্মীয় যুক্তিত জনগণৰ মাজত কোনো বিভাজন সৃষ্টি নকৰে। –

৬। জাতিবাদ মানে কি ?

উত্তৰঃ ভাৰতীয় সমাজৰ মূল আধাৰ হৈছে জাতি ব্যৱস্থা, পোনপ্ৰথমে ই কর্মভিত্তিক আছিল, কিন্তু পিছলৈ ই জন্মভিত্তিক হয়। সময় আগবাঢ়ি যোৱাৰ লগে লগে হিন্দুসকলৰ মাজত জাতিগত গোড়ামী বৃদ্ধি হয়। এটা জাতিয়ে অন্য জাতিৰ লগত মিলা-মিছা অৰ্থাৎ বিয়া-বাৰু, উৎসৱপাৰ্বন আদিত সংৰক্ষণশীল মনোভাৱ গঢ় লৈ উঠে। ঘৃণাৰ ভাবৰ উদ্ভৱ হয়। নিজৰ জাতিটোৰ স্বাৰ্থক অধিক গুৰুত্ব দিবলৈ ধৰিলে। এইদৰে আংশিক বা সম্পূৰ্ণভাৱে কেৱল নিজৰ জাতিটোৰ প্ৰতি থকা ভালপোৱাৰ মনোভাৱকে জাতিবাদ হিচাপে অভিহিত কৰিব পাৰি। জাতিবাদে ব্যক্তিসমূহৰ মাজত জাতীয় সংহতি গঢ় লৈ উঠাত প্রতিবন্ধক হৈ থিয় দিয়ে।

৭ । আমাৰ সমাজত দেখা পোৱা জাতিবাদৰ দুটা প্রভাব উল্লেখ কৰা। 

উত্তৰঃ জাতি অন্তর্বিবাহী। সেই অনুসৰি কোনো এটা জাতিয়ে নিজৰ জাতিৰ বাহিৰত বিবাহ কৰাব নোৱাৰে। বিবাহৰ ক্ষেত্ৰত থকা এনে নিষেধাজ্ঞাৰ ফলত জাতিবোৰৰ মাজত থকা ব্যৱধান বাঢ়িবলৈ ধৰে আৰু সামগিকভাৱে সমাজত ইয়াৰ কু-প্ৰভাৱ পৰে। দ্বিতীয়তে, জাতিবাদে নিৰ্বাচনত নিজৰ নেতা নির্বাচিত কৰাৰ বাবে চেষ্টা কৰে আৰু ই সুস্থ গণতান্ত্রিক ব্যৱস্থা এটা গঢ় লৈ উঠাৰ পথত হেঙাৰ হৈ পৰে।

৮ । জন্মপ্রদত্ত পৰিচয় মানে কি?

উত্তৰঃ জন্ম সুত্ৰে লাভ কৰা পৰিচয়ক জন্ম প্রদত্ত পৰিচয় বুলি কোৱা হয়।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

৯ । জাতি কি?

উত্তৰঃ সাধাৰণ অৰ্থত জাতি হৈছে বহু সম্প্ৰদায়ৰ সমষ্টি। জাতিৰ সদস্যসকলে সাধাৰণতে সামূহিক সংস্কৃতি, ইতিহাস, ধৰ্ম, ভাষা আদিৰ দ্বাৰা ঐক্যৱদ্ধ হৈ থাকে আৰু একোটা ৰাজনৈতিক জীৱনৰ অংশীদাৰ হ’বলৈ ইচ্ছা প্ৰকাশ কৰে। 

১০। সা-সুবিধাপ্রাপ্ত সংখ্যালঘু সম্প্রদায় মানে কি?

উত্তৰঃ সাধাৰণতে সংখ্যালঘু বুলি ক’লে কম জনসংখ্যাৰে গঠিত এক শ্ৰেণীৰ লোকক বুজায়, যি সকল লোক প্ৰায়েই কিছুমান সা-সুবিধাৰ পৰা বঞ্চিত হৈ থাকে। কিন্তু সংখ্যালঘু সকলৰ মাজত এক শ্রেণী অতি ধনী বা আঢ়্যৱন্ত লোক থাকে যি সকলক তথাকথিত সংখ্যালঘুৰ শাৰীত থ’ব নোৱাৰি। কিয়নো এই শ্ৰেণীটো কোনো সুবিধাৰ পৰায়েই বঞ্চিত হৈ নাথাকে। এই শ্ৰেণীটোক সুবিধাবাদী সংখ্যালঘু শ্ৰেণী বুলি জনা যায়।

১১। সংখ্যালঘু শব্দটোৰ সমাজতাত্বিক অর্থ কি? 

উত্তৰঃ সমাজতাত্বিক দৃষ্টিৰে ক’বলৈ গ’লে সংখ্যালঘু লোকসকলে একোটা গোট বা সমূহ গঠন কৰে য’ত তেওঁলোকৰ গোটৰ প্ৰতি একাত্মকতা, এক বান্ধোন আৰু সেই গোটৰ প্ৰতি প্ৰৱলভাৱে জাগ্রত হোৱা ‘আমি ভাৱ’ অন্তর্নিহিত হৈ থাকে।

১২। আমাৰ সমাজৰ পৰা জাতি ব্যৱস্থা কেনেদৰে আঁতৰ কৰিব পাৰি? 

উত্তৰঃ জাতিবাদে আমাৰ দেশত বহুতো সমস্যাৰ সৃষ্টি কৰিছে। ই দেশৰ প্ৰগতিৰ ক্ষেত্ৰত অন্তৰায় হৈ থিয় দিছে। গতিকে আমাৰ দেশৰপৰা জাতিবাদ নির্মূল কৰাটো অতি গুৰুত্বপূৰ্ণ। জাতিবাদ নির্মূল কৰিবৰ বাবে তলত উল্লেখ কৰা ব্যৱস্থাসমূহ ল’ব পাৰি।

(ক) ৰক্ষণশীল আৰু পৰম্পৰাগত দৃষ্টিভংগীৰ ফলস্বৰূপে জাতিবাদে গা কৰি উঠে। এনে দৃষ্টিভংগীৰ মানুহে জাতিৰ বিষয়ে কোনো জ্ঞান নথকাকৈয়ে জাতিবাদ অনুকৰণ কৰে। এই লোকসকলক যদি এই বিষয়ে সঠিক জ্ঞান দিব পৰা যায় তেন্তে জাতিবাদৰ কু প্ৰভাৱৰ পৰা মুক্ত হ’ব পৰা যাব।

(খ) জাতিবোৰৰ মাজত বিবাহৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ কৰিব পাৰিলে জাতিবাদৰ নিচিনা কু-প্ৰথাৰ পৰা আঁতৰি থাকিব পৰা যাব।

(গ) জাতিবোৰৰ মাজত থকা সামাজিক আৰু সাংস্কৃতিক বৈষম্যসমূহ দূৰ কৰিব পাৰিলে জাতিবাদ নির্মূল কৰিব পৰা যাব।

১৩। আঞ্চলিকতাবাদক উদগণি দিয়া দুটা কাৰক লিখা।

উত্তৰঃ জাতি, বর্ণ, ভাষা, ধৰ্ম আদিৰ ক্ষেত্ৰত থকা বিভিন্নতাৰ বাহিৰেও আঞ্চলিকতাবাদক উদগণি দিয়াৰ আন কিছুমান কাৰকো আছে। যেনে কেন্দ্ৰীয় চৰকাৰৰ বৈষম্যমূলক নীতিৰ বিৰোধিতা কৰিও আঞ্চলিকতাবাদ গঢ় লৈ উঠা দেখা গৈছে। তদুপৰি, আঞ্চলিক বৈষম্য, আর্থিক অনগ্ৰসৰতাৰ দৰে কাৰকেও আঞ্চলিকতাবাদক উদগণি যোগায়।

১৪৷ সাংস্কৃতিক বৈচিত্ৰতা বুলিলে কি বুজা?

উত্তৰঃ বিচিত্ৰতাই প্ৰকৃততে পার্থক্যক বুজায়, অসমতা নহয়। ভাৰতত বসবাস কৰা বিভিন্ন সামাজিক সমূহ আৰু সম্প্ৰদায়ৰ প্ৰত্যেকৰে নিজা নিজা পৰিচয় বহন কৰা ভাষা, ধৰ্ম, সংস্কৃতি আছে। সাংস্কৃতিক বিচিত্ৰতাই এনে ধৰণৰ পাৰ্থক্যসমূহক ইংগিত কৰে।

১৫। সম্প্ৰদায় পৰিচয় কি কি কাৰকৰ ওপৰত ভিত্তি কৰি সৃষ্টি হয় ? 

উত্তৰঃ পৰিয়াল, স্বজন সম্বন্ধ, জাতি, নৃ-গোষ্ঠীয়তা, ভাষা, অঞ্চল, ধৰ্ম আদিৰ ওপৰত ভিত্তি কৰি সম্প্ৰদায় পৰিচয় গা কৰি উঠে।

১৬৷ ড° বি.আৰ. আম্বেদকাৰে কোনটো ধৰ্ম গ্ৰহণ কৰিছিল, আৰু কিয় গ্ৰহণ কৰিছিল? 

উত্তৰঃ ড° বি. আৰ. আম্বেদকাৰে হিন্দু ধৰ্মৰ গোড়ামী আৰু জাতি ব্যৱস্থা আৰু অস্পৃশ্যতা আদিৰ বিৰোধীতা কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল।

১৭। ভাৰতত থকা সংখ্যালঘু সম্প্রদায় কেইটামানৰ নাম লিখা। 

উত্তৰঃ মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ ধৰ্মাৱলম্বী আদি।

১৮৷ আশ্ৰম ব্যৱস্থা মানে কি?

উত্তৰঃ হিন্দুসকলে জীৱনৰ লক্ষ্যত উপনীত হ’বৰ বাবে মনুষ্য জীৱনটোক চাৰিভাগত ভাগ কৰিছে। এই চাৰিটা ভাগত জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ আশাৰে যিখিনি কৰ্ম সম্পাদন কৰে সেয়াই হৈছে আশ্ৰম। জীৱনৰ এই চাৰিটা আশ্ৰম হৈছে ব্ৰহ্মচাৰ্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস। এয়াই হৈছে আশ্ৰম ব্যৱস্থা।

১৯। কোন চনত আৰ টি আই এক্ট প্ৰৱৰ্তন আৰু বলবৎ কৰা হয়? 

উত্তৰঃ আৰ. টি আই বা তথ্য জনাৰ অধিকাৰ আইন ২০০৫ চনৰ ১৫ জুনৰ প্ৰৱৰ্তন আৰু বলৱৎ কৰা হয়, ২০০৫ চনৰ ৩ অক্টোবৰত।

২০। বিচিত্রতা’শব্দই পার্থক্যক বুজায়, অসমতা নহয়. শুদ্ধ / অশুদ্ধ?

উত্তৰঃ শুদ্ধ।

চমু প্রশ্নোত্তৰ : মূল্যাংক: ২/৩

১ । ধৰ্মীয় বৈচিত্ৰতাৰ কুফল সমূহ কি কি? 

উত্তৰঃ ভাৰতত হিন্দু, মুছলমান, খ্রীষ্টান, শিখ, বৌদ্ধ, জৈন আদি বিভিন্ন ধর্মাবলম্বী লোকে নিজস্ব পদ্ধতিৰে ধৰ্মীয় ৰীতি-নীতি পালন কৰে – যাৰ ফলত ভাৰতত ধৰ্মীয় বিচিত্ৰতা পৰিলক্ষিত হয়। ধর্মীয় বিচিত্ৰতাই বহু সময়ত সাম্প্রদায়িকতাবাদ, আঞ্চলিকতাবাদ, সাম্প্রদায়িক সংঘর্ষ আদি সৃষ্টি কৰাৰ উদাহৰণ দেখা পোৱা যায়।

২ ।‌ভাৰতৰ ভৌগোলিক বৈচিত্ৰতাৰ বিষয়ে এটা চমু টোকা লিখা। 

উত্তৰঃ ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানো বৈচিত্র্যপূর্ণ। এহাতে আছে সু উচ্চ পর্বতমালা আৰু আনহাতে সু-গভীৰ মহাসাগৰ, এহাতে আছে পৃথিৱীৰ ভিতৰত বেছি বৰষুণ হোৱা ঠাই, আৰু বৰষুণ নোহোৱা অঞ্চল। এইদৰেই ভৌগোলিক ক্ষেত্ৰত ভাৰতত বিচিত্ৰতা পৰিলক্ষিত হয়।

৩ । ‘সাম্প্রদায়িকতাবাদৰ ধাৰণাটো অতি ভয়াবহ’ আলোচনা কৰা। 

উত্তৰঃ সচৰাচৰ ব্যৱহাৰ হোৱা ভাষাত সাম্প্ৰদায়িকতাৰ অৰ্থ হৈছে কোনো ধর্মীয় পৰিচয়ৰ আধাৰত প্ৰকাশ পোৱা উগ্র জাতীয়তাবাদী মনোভাৱ। এই ধৰণৰ মনোভাৱে এনে ভাৱ প্রকাশ কৰে যে কোনো এক জনগোটে কেৱল নিজৰ গোট, সংস্কৃতি বা পৰিচয়ক শ্রেষ্ঠ বুলি গণ্য কৰি সেই একেই গণ্ডিৰেই আন আন গোটবোৰক নীচ বা প্রতিদ্বন্দ্বী ৰূপত গণ্য কৰে। সহজ অর্থত ক’বলৈ গ’লে ধর্মীয় মনোভাৱৰ আধাৰত গঢ় লৈ উঠা উগ্ৰ ৰাজনৈতিক আদর্শকে সাম্প্রদায়িকতা বুলিব পাৰি।

ভাৰতবৰ্ষত বিভিন্ন সম্প্ৰদায়ৰ লোকে বসবাস কৰে। এই সম্প্রদায়সমূহৰ মাজত সদভাব আছে যদিও বহুক্ষেত্ৰত স্বার্থান্বেষী কিছুমান ব্যক্তিৰ প্ৰৰোচনাত সম্প্ৰদায়সমূহৰ মাজত সংঘাতে গঢ় লৈ উঠে। এই সংঘাতে দেশৰ সামাজিক আৰু অৰ্থনৈতিক দিশত বিস্তৰ ক্ষতি কৰে। বৃটিছসকলেই প্ৰধানতঃ নিজৰ স্বাৰ্থৰ বাবে ভাৰতত সাম্প্ৰদায়িক বিভেদৰ বীজ সিঁচিছিল। ভাৰতবৰ্ষত থকা পৃথক সম্প্ৰদায়সমূহৰ ভাষা, ধর্ম, সাজ-পাৰ, খাদ্যাভাস, উৎসর-পার্বন আদিব পার্থক্য আছে। এনে পাৰ্থক্যৰ ফলস্বৰূপে ভিন্ন সম্প্রদায়সমূহৰ মাজত মত আৰু আদৰ্শৰ পাৰ্থক্যই গা কৰি উঠে।

ভাৰতবৰ্ষত ১৯৮৪ চনৰ পৰা ১৯৯৭ চনৰ ভিতৰত বহুতো সাম্প্রদায়িক সংঘৰ্ষ হোৱাৰ উদাহৰণ আছে। ভাৰতত প্ৰধানকৈ হিন্দু, ইছলাম আৰু শিখ ধৰ্মাৱলম্বী লোকসকলৰ মাজতে এনে ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হোৱাৰ সংখ্যা বেছি। শেহতীয়াকৈ, ৰাম-জন্মভূমি আৰু বাবৰি মছজিদৰ প্ৰসংগই ভাৰতবৰ্ষত সাম্প্রদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিছিল ।

8‌ । ‘ভাৰত এখন ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰ’ – কেনেকৈ ? ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰতৰ সংবিধানত ভাৰতক এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছে। ইয়াৰ সাধাৰণ অৰ্থ হৈছে যে ভাৰতৰ নাগৰিকৰে ধৰ্মীয় স্বাধীনতাত ৰাষ্ট্ৰই হস্তক্ষেপ নকৰে আৰু ধৰ্মৰ ভিত্তিত ভাৰতত কোনো বৈষম্য মানি লোৱা নহয়। 

এখন ধৰ্মনিৰপেক্ষ সমাজৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) চৰকাৰ আৰু ধৰ্মৰ মাজত সম্পূর্ণ পার্থক্য আছে (কোনো চৰকাৰী ধৰ্ম নাথাকে)। 

(খ) ধর্ম পালন, ধর্মগ্রহণ ইত্যাদিৰ ক্ষেত্ৰত সকলো নাগৰিকৰ পূৰ্ণ স্বাধীনতা থাকে। ইয়াৰোপৰি প্রতীক পূজা বা অন্যান্য বিশ্বাস পালনৰ ওপৰতো কোনো চৰকাৰী বাধা নাথাকে।

(ক) সাধাৰণ সুবিধাঃভাৰতীয় সংবিধানে সংখ্যালঘু সকলক অন্যান্য লোকৰ দৰেই ব্যৱহাৰ কৰে। সংবিধানৰ ১৪ নং অনুচ্ছেদে তেওঁলোকক আইনৰ আগত সকলো সমান বুলি আশ্বাস দিছে। ১৫ নং অনুচ্ছেদ বৈষম্যমূলক আচৰণত বাধা প্ৰদান কৰিছে। ১৬ নং অনুচ্ছেদে ৰাজহুৱা খণ্ডত সকলোৰে বাবে সমান চাকৰিৰ সুবিধা প্ৰদান কৰিছে। অনুচ্ছেদ ২৯ (২) য়ে সকলোকে সমান শিক্ষাৰ সুবিধা প্ৰদান কৰিছে। ৩২৫ আৰু ৩২৬ নং অনুচ্ছেদে সংখ্যালঘু সকলকে ধৰি সকলোকে প্রাপ্তবয়স্ক ভোটাধিকাৰ প্ৰদান কৰিছে।

(খ) বিশেষ সুবিধা : সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদে সংখ্যালঘূসকলৰ ভাষিক, শৈক্ষিক আৰু সাংস্কৃতিক অধিকাৰসমূহৰ সুৰক্ষা প্ৰদান কৰিছে। ২৯ নং অনুচ্ছেদ মতে যিকোনো সম্প্ৰদায়েই নিজৰ নিজৰ ভাষা লিপি আৰু সংস্কৃতিৰ ৰক্ষণাবেক্ষণ দিব পাৰিব। ৩০ নং অনুচ্ছেদে ঘোষণা কৰিছে যে— –

(a) ভাৰতৰ সকলো সংখ্যালঘুৰেই নিজস্ব শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰা আৰু চলোৱাৰ সাংবিধানিক অধিকাৰ আছে ;

(b) ৰাজ্য চৰকাৰে অনুদান দিয়াৰ ক্ষেত্ৰত ভাষিক বা ধৰ্মীয় সংখ্যালঘূৰ ভিত্তিত কোনো শিক্ষানুষ্ঠানকে বৈষম্যমূলক আচৰণ কৰিব নোৱাৰিব।

(c) ৩৩১ আৰু ৩৩৩ নং অনুচ্ছেদে ভাৰতত বাস কৰা ইংৰাজসকলক তেওঁলোকৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে সুবিধা প্ৰদান কৰিছে।

৫ । ৰাজনীতিত জাতিয়ে কেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে? ব্যাখ্যা কৰা। 

উত্তৰঃ সাম্প্ৰতিক সময়ৰ ভাৰতীয় ৰাজনীতিত জাতিয়ে অত্যন্ত গুরুত্বপূর্ণ ভূমিকা গ্রহণ করে। জন্মতে এজন ব্যক্তি জাতিৰ সদস্য হয় আৰু জাতিৰ সদস্য হৈয়েই ডাঙৰ দীঘল হয়। এই সময়চোৱাত জাতিৰ মূল্যবোধ বা জাতিৰ স্বাৰ্থসমূহৰ লগত জড়িত হৈ থাকিয়েই ব্যক্তিজনৰ সামাজিকৰণ ঘটে।

ইয়াৰোপৰি হাৰিয়ানা, বিহাৰ, তামিলনাড়ু আদিৰ দৰে ৰাজ্যত জাতি ব্যৱস্থাৰ মাজেৰেই নেতাৰ সৃষ্টি হয়। হাৰিয়ানাত ৰাজনৈতিক নেতাসকলৰ বেছি ভাগেই বিষই আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ মাজৰ পৰা সৃষ্টি হোৱা দেখা যায়।

ভাৰতত ৰাজনৈতিক দলবোৰো জাতিৰ ভিত্তিত গঢ়ি উঠা দেখা যায়। পাঞ্জাৱৰ আকালি দল, তামিলনাডুৰ ডি. এম.কে আৰু এ. আই. এ. ডি. এম. কে ব দৰে ৰাজনৈতিক দল প্রত্যক্ষভাৱে জাতি ব্যৱস্থাৰ লগত জড়িত। কংগ্ৰেছ দল সাধাৰণ শ্ৰেণীৰ লোক আৰু সংখ্যালঘুসকলৰ মাজত জনপ্ৰিয় হোৱাৰ বিপৰীতে ভাৰতীয় জনতা পার্টি মূলতঃ উচ্চ বৰ্ণৰ হিন্দুৰ মাজত বেছি জনপ্রিয়। এনেদৰে ভাৰতীয় ৰাজনীতিত জাতিয়ে প্ৰভাৱ পেলোৱা দেখা যায়।

৬ ।‌ভাৰতৰ পটভূমিত আঞ্চলিকতাবাদে কি বুজায় ?

উত্তৰঃ ভাৰততআঞ্চলিকতাবাদ মানে হ’ল সমগ্ৰ দেশখনক সমানে ভালপোৱাৰ বিপৰীতে নিজেই বসবাস কৰা অঞ্চলটোক বেছি ভাল পোৱা। তেওঁলোকে দেশৰ সামগ্রিক উন্নয়নৰ বিপৰীতে নিজৰ অঞ্চলৰ উন্নতিহে কামনা কৰে আৰু আঞ্চলিক উন্নয়নৰ পৰা নিজৰ লাভৰ আশা কৰে।

আঞ্চলিকতাবাদে এখন দেশত বহুতো সমস্যাৰ সৃষ্টি কৰে। বিভিন্ন অঞ্চলত বেলেগ বেলেগ কাৰণত আঞ্চলিকতাবাদে গা কৰি উঠিব পাৰে। ভাৰতত আঞ্চলিকতাবাদ সৃষ্টিৰ কেইটামান প্ৰধান কাৰণ তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) ভৌগোলিক অবস্থান‌ : ভাৰতৰ কিছুমান অঞ্চল এনে ঠাইত অৱস্থিত যে সেই ঠাইৰ লোকে নিজৰ অঞ্চলটোক এটা সুকীয়া অঞ্চল বুলি ভাবিবলৈ বাধ্য হয়। যেনে — উত্তৰ-পূৱ ভাৰত। সাতখন ৰাজ্যৰ সৈতে এই অঞ্চলটো মাত্র এক ঠেক ভূ-ভাগৰেহে‌ ভাৰতৰ সৈতে সংলগ্ন হৈ আছে। এনে অঞ্চলত থকা লোকে নিজকে দেশৰ পৰা আঁতৰি থকা বুলি ভাবে আৰু সেয়ে আঞ্চলিকতাবাদে গা কৰি উঠে।

(খ) ঐতিহাসিক কাৰণ :ঐতিহাসিক কাৰণতো আঞ্চলিকতাবাদৰ সৃষ্টি হ’ব পাৰে। যেতিয়া কোনো এটা অঞ্চলৰ জনগোষ্ঠীয়ে গম পায় যে অতীততে তেওঁলোক ভাৰতীয় সমাজৰ ভিতৰুৱা নাছিল, তেতিয়া তেওঁলোকৰ মনত আঞ্চলিকতাবাদে গঢ় লৈ উঠে।

(গ) ৰাজনৈতিক কাৰণ : যদি কোনো এটা অঞ্চলৰ লোকে ভাবে যে দেশৰ আন অঞ্চলতকৈ তেওঁলোকে কম ৰাজনৈতিক সা-সুবিধা লাভ কৰিছে, তেতিয়াও সেই অঞ্চলৰ লোকৰ মাজত আঞ্চলিকতাবাদে গা কৰি উঠিব পাৰে। দক্ষিণ ভাৰতৰ ৰাজ্য কেইখনে নিজকে সুকীয়া বুলি ভাবে, কাৰণ ৰাজনৈতিক সা-সুবিধাবিলাক দক্ষিণ ভাৰততকৈ উত্তৰ ভাৰতে বেছি পায়।

(ঘ) পৰিবহন আৰু যোগাযোগ ব্যৱস্থা : কোনো এটা অঞ্চলৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা যেতিয়া অনুন্নত হয়, তেতিয়া সেই অঞ্চলটোৰ লোকে দেশৰ বাকী অঞ্চলৰ মানুহৰ লগত মিলামিছা কৰাৰ সুবিধা নাপায়। ইয়াৰ ফলত সেই অঞ্চলৰ লোকে নিজকে পৃথক বুলি ভাবিবলৈ লয় আৰু আঞ্চলিকতাবাদে গা কৰি উঠে।

(ঙ) অর্থনৈতিক অৱস্থা : কোনো এটা অঞ্চলৰ লোক অর্থনৈতিকভাৱে দুর্বল হলে, সেই অঞ্চলৰ জনসাধাৰণৰ মাজত আঞ্চলিকতাবাদে গঢ় লয়। আনহাতে কোনো অঞ্চলৰ লোক আর্থিক দিশত আগবঢ়া হ’লেও একোটা অঞ্চলত বাস কৰাৰ বাবে তেওঁলোকৰ মনতো আঞ্চলিকতাবাদে গঢ় লয়।

ওপৰত উল্লেখ কৰা যিকোনো এটা কাৰণত বা একেলগে কেইবাটাও কাৰণৰ উদগ্ন হলে আঞ্চলিকতাবাদৰ জন্ম হ’ব পাৰে। আঞ্চলিকতাবাদে কোনো এটা অঞ্চলৰ জনসাধাৰণৰ মাজত একতাৰ ভাব জাগ্রত কৰিলেও অথবা কোনো বিশেষ অঞ্চলৰ উন্নতি সাধনত অৰিহণা যোগালেও, ৰাষ্ট্ৰৰ স্বাৰ্থৰ খাতিৰত ইয়াক ভাল বুলিব নোৱাৰি।

৭। ভাৰতৰ বিভিন্ন প্ৰান্তত কেনে ধৰণৰ বৈচিত্ৰতা দেখা পোৱা যায় ? 

উত্তৰঃ অনৈক্যৰ মাজত ঐক্যই হৈছে ভাৰতীয় সমাজ আৰু সাংস্কৃতিৰ মূল বৈশিষ্ট্য। অতীজৰে পৰা ভাৰতীয় সমাজত অনৈক্যই বিৰাজ কৰি আহিছে। আমি ভাৰতীয় সমাজত বিভিন্ন ক্ষেত্ৰত অনৈকা বা বিচিত্রতা দেখিবলৈ পাওঁ।

এই বিচিত্ৰতা সমূহ তলত উল্লেখ কৰা হ’ল :

(ক) প্রজাতীয় বিচিত্ৰতা : ভাৰতবৰ্ষ বিভিন্ন প্ৰজাতিৰ মিলনভূমি। অতি প্রাচীন কালৰেপৰা বিভিন্ন প্রজাতীয় লোক আমাৰ দেশত বাস কৰি আহিছে।

(খ) ভৌগোলিক বিচিত্রতা : ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানো বৈচিত্রপূর্ণ। এহাতে আছে সু উচ্চ পর্বতমালা আৰু আনহাতে সু-গভীৰ মহাসাগৰ, এহাতে আছে পৃথিৱীৰ ভিতৰত বেছি বৰষুণ হোৱা ঠাই, আৰু বৰষুণ নোহোৱা অঞ্চল। এইদৰেই ভৌগোলিক ক্ষেত্ৰত ভাৰতত বিচিত্ৰতা পৰিলক্ষিত হয়।

(গ) ভাষিক গোষ্ঠীৰ বিচিত্ৰতা : ভাৰতত বৰ্তমান প্রায় ১৬৫২ টা ভাষা আছে। বর্তমান ভাৰতৰ ভাষাগোষ্ঠী সমূহক চাৰিভাগত ভাগ কৰিব পাৰি। যেনে- (a) ইন্দো-আর্য গোষ্ঠী, (b) দ্রাবিড় গোষ্ঠী, (c) অষ্ট্ৰিক গোষ্ঠী আৰু (d) মাংগোলীয় গোষ্ঠী।

(ঘ) ধৰ্মীয় বিচিত্ৰতা : ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ভাৰতত হিন্দু, ইছলাম, খ্রীষ্টান, শিখ, বৌদ্ধ, জৈন আদি সকলো ধৰ্মৰ মানুহে নিজস্ব পদ্ধতিৰে ধৰ্মীয় ৰীতি-নীতি পালন কৰাৰ ফলত এক বিচিত্ৰতা পৰিলক্ষিত হয়।

(ঙ) জনসংখ্যাৰ বিচিত্ৰতা : ভাৰতবৰ্ষৰ জনসংখ্যাৰ বিস্ফোৰণ, জনসংখ্যাৰ ঘনত্বতাৰ অনুপাত, জনসংখ্যা বৃদ্ধিৰ অস্বাভাৱিতা আদিৰ ক্ষেত্ৰত বিচিত্ৰতা পৰিলক্ষিত হয়। 

(চ) শৈক্ষিক বিচিত্ৰতা : ভাৰতত শিক্ষিতৰ হাৰ যেনে—গাওঁ আৰু নগৰৰ ক্ষেত্ৰত, পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত বিচিত্ৰতা পৰিলক্ষিত হয়। 

(ছ) ৰাজনৈতিক বিচিত্ৰতা : ভাৰতৰ দ্বৈত চৰকাৰ ব্যৱস্থা বহু দলীয় পদ্ধতিৰ পৃথক পৃথক নীতি আৰু মতাদৰ্শ আঞ্চলিকতাবাদ আদিয়ে ৰাজনৈতিক ক্ষেত্ৰত বিচিত্ৰতাৰ সৃষ্টি কৰে।

(জ) অর্থনৈতিক বিচিত্ৰতা : ভাৰতবৰ্ষৰ ৫০ শতাংশ লোক এতিয়াও দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰে। কিন্তু এনে লোকো ভাৰতত আছে যি পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিৰ মাজত স্থান পাইছে। এইদৰেই ভাৰতত অৰ্থনৈতিক বিচিত্ৰতা পৰিলক্ষিত হয় ।

(ঝ) সাংস্কৃতিক বিচিত্ৰতা : সাংস্কৃতিক দিশতো ভাৰতীয় সমাজত বিচিত্ৰতা পৰিলক্ষি হয়। ভাৰতৰ সকলো জনগোষ্ঠীৰে খাদ্য, সাজপাৰ, ৰীতি-নীতি, বিশ্বাস শিল্প-ভাস্ক আদি বেলেগ বেলেগ।

এইদৰেই ভাৰতীয় সমাজত বিভিন্ন দিশত অনৈক্য বা বিচিত্ৰতা পৰিলক্ষিত হয়। কিন্তু ইমানবোৰ বিচিত্ৰতাৰ মাজতো ভাৰতীয় সমাজত একতাই বিৰাজ কৰি আহিছে।

(গ) ৰচনাধর্মী প্রশ্নোত্তৰ: মূল্যাংক : ৪/৫

১ । ভাৰতীয় সমাজত জাতিবাদৰ প্ৰভাৱ কেনেকুৱা ? আলোচনা কৰা। 

উত্তৰঃ ভাৰতীয় সমাজৰ মূল আধাৰ হৈছে জাতি ব্যৱস্থা, পোনপ্ৰথমে ই কৰ্মভিত্তিক আছিল, কিন্তু পিছলৈ ই জন্মভিত্তিক হয়। সময় আগবাঢ়ি যোৱাৰ লগে লগে হিন্দুসকলৰ মাজত জাতিগত গোড়ামী বৃদ্ধি হয়। এটা জাতিয়ে অন্য জাতিৰ লগত মিলা-মিছা অৰ্থাৎ বিয়া-বাৰু, উৎসৱপাৰ্বন আদিত সংৰক্ষণশীল মনোভাৱ গঢ় লৈ উঠে। ঘৃণাৰ ভাবৰ উদ্ভৱ হয়। নিজৰ জাতিটোৰ স্বাৰ্থক অধিক গুৰুত্ব দিবলৈ ধৰিলে। এইদৰে আংশিক বা সম্পূৰ্ণভাৱে কেৱল নিজৰ জাতিটোৰ প্ৰতি থকা ভালপোৱাৰ মনোভাৱকে জাতিবাদ হিচাপে অভিহিত কৰিব পাৰি। জাতিবাদে ব্যক্তিসমূহৰ মাজত জাতীয় সংহতি গঢ় লৈ উঠাত প্রতিবন্ধক হৈ থিয় দিয়ে।

বৰ্তমান নগৰীয়া উচ্চ জাতিৰ ক্ষেত্ৰত জাতি ব্যৱস্থা একপ্ৰকাৰ অদৃশ্য হৈ পৰাৰ দৰে হৈছে। কাৰণ স্বাধীন ভাৰতত জাতি ব্যৱস্থাৰ গুৰুত্ব হ্ৰাস কৰিবলৈ ৰূপায়ণ কৰাৰ বিকাশশীল আঁচনিবোৰ যোগেদি এই সমূহবোৰেই আটাইতকৈ বেছি লাভৱান হৈছিল। তেওঁলোকে বিজ্ঞান, কাৰিকৰ বিদ্যা, চিকিৎসাশাস্ত্ৰ আৰু চৰকাৰে প্ৰদান কৰা বিভিন্ন বৃত্তিমূলক শিক্ষা লাভ কৰিবলৈ সমৰ্থ হৈছিল। একে সময়তে চৰকাৰী খণ্ডৰ চাকৰি সম্প্ৰসাৰণৰ সুবিধাবোৰ ল’বলৈ তেওঁলোবে সুবিধা পাইছিল ৷ ইয়াৰ বাবেই সমাজত তেওঁলোকে উচ্চ প্ৰস্থিতি লাভ কৰিছিল৷ এইদৰে উচ্চ প্ৰস্থিতিপ্ৰাপ্ত হৈ পিছলৈ তেঁওলোকে বিশ্বাস কৰিবলৈ আৰম্ভ কৰে যে তেওঁলোকৰ এই উত্তৰণত জাতি ব্যৱস্থাৰ কোনো সম্পর্ক নাই। এই শ্ৰেণীৰ লোকসকলৰ ধৰ্মীয় ৰীতি, বিবাহ, স্বজন আদি ব্যক্তিগত জীৱনধাৰা সীমাবদ্ধ হোৱা বাবে তেওঁলোকৰ ৰাজহুৱা জীৱনত জাতিৰ কোনো ভূমিকা নাছিল । এনেদৰেই তুলনামূলকভাৱে নগৰীয়া উচ্চ জাতিৰ ক্ষেত্ৰত জাতি অদৃশ্য পৰা পৰিলক্ষিত হৈছে।

২। ধৰ্ম নিৰপেক্ষকৰণৰ অৰ্থ কি ? ধৰ্ম নিৰপেক্ষকৰণৰ বিভিন্ন উপাদানসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সাধাৰণঅৰ্থত ধৰ্ম নিৰপেক্ষতা মানে সাম্প্রদায়িক মনোভাৱৰ বিপৰীত অৱস্থাৰ কথা বুজোৱা হয় । এখন ৰাষ্ট্ৰ ধৰ্ম নিৰপেক্ষ হোৱা মানে এইটো বুজোৱা হয় যে কোনো ধর্মকে আন ধৰ্মতকৈ ওপৰত বুলি গণ্য কৰা নহয়। ধৰ্মৰ ভিত্তিত জনগণৰ মাজত কোনো প্রভেদ সৃষ্টি নকৰা তথা ধৰ্মীয় ভিত্তিত সা-সুবিধা প্রদান নকৰাটো ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ বৈশিষ্ট্য।

এখন ধৰ্মনৰপেক্ষ সমাজৰ বৈশিষ্ট্যসমূহ হ’ল :

(ক) চৰকাৰ আৰু ধৰ্মৰ মাজত সম্পূৰ্ণ পাৰ্থক্য আছে (কোনো চৰকাৰী ধৰ্ম নাথাকে)।

(খ) ধর্ম পালন, ধর্ম গ্রহণ ইত্যাদিৰ ক্ষেত্ৰত সকলো নাগৰিকৰ পূৰ্ণ স্বাধীনতা থাকে। ইয়াৰোপৰি প্রতীক পূজা বা অন্যান্য বিশ্বাস পালনৰ ওপৰতো কোনো চৰকাৰী বাধা নাথাকে৷

৩। ভাৰতীয় পটভূমিত ‘সাম্প্রদায়িকতাবাদ’ৰ অৰ্থ কি?

উত্তৰঃ  ভাৰতবৰ্ষত বিভিন্ন সম্প্ৰদায়ৰ লোকে বসবাস কৰে। এই সম্প্রদায়সমূহৰ মাজত সদভাব আহ যদিও বহুক্ষেত্ৰত স্বার্থান্বেষী কিছুমান ব্যক্তিৰ প্ৰৰোচনাত সম্প্ৰদায়সমূহৰ মাজত সংঘাতে গঢ় লৈ উঠে। এই সংঘাতে দেশৰ সামাজিক আৰু অৰ্থনৈতিক দিশত বিস্তৰ ক্ষতি কৰে। টেছসকলেই প্রধানতঃ নিজৰ স্বাৰ্থৰ বাবে ভাৰতত সাম্প্রদায়িক বিভেদৰ বীজ সিঁচিছিল । গৰতবৰ্ষত থকা পৃথক সম্প্ৰদায়সমূহৰ ভাষা, ধৰ্ম, সাজ-পাৰ, খাদ্যাভাস, উৎসৱ-পাৰ্বন আদিৰ পার্থক্য আছে। এনে পার্থক্যৰ ফলস্বৰূপে ভিন্ন সম্প্ৰদায়সমূহৰ মাজত মত আৰু আদৰ্শৰ পাৰ্থক্যই গা কৰি উঠে।

ভাৰতবৰ্ষত ১৯৮৪ চনৰ পৰা ১৯৯৭ চনৰ ভিতৰত বহুতো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ উদাহৰণ আছে। ভাৰতত প্ৰধানকৈ হিন্দু, ইছলাম আৰু শিখ ধৰ্মাৱলম্বী লোকসকলৰ মাজতে এনে ধৰণৰ সাম্প্রদায়িক সংঘৰ্ষৰ বলি হোৱাৰ সংখ্যা বেছি। শেহতীয়াকৈ, ৰাম-জন্মভূমি আৰু বাবৰি মছজিদৰ প্ৰসংগই ভাৰতবৰ্ষত সাম্প্রদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিছিল৷

8 ।  সামূহিক পৰিচয় কি আৰু ই কিয় গুৰুত্বপূৰ্ণ?

উত্তৰঃ সাম্প্ৰদায়িক পৰিচয় সৃষ্টি হয় মূলতঃ জন্ম আৰু আনুগত্যৰ আধাৰত। ই ব্যক্তিৰ আৰ্জিত গুণাগুণৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিব নোৱাৰে। ব্যক্তিয়ে জন্মসূত্ৰে লাভ কৰা পৰিচয়ক জন্মপ্রদত্ত পৰিচয় আখ্যা দিয়া হয়। জন্মসূত্রে লাভ কৰা পৰিচয়ৰ যোগেদি মানুহে নিজৰ সম্প্ৰদায় লগতো জড়িত হৈ পৰে।

অর্থাৎ জন্ম সূত্রেই আমি এক ধৰণৰ আকস্মিক, স্বত্ববিহীন আৰু এৰাব নোৱাৰা সম্প্ৰদায়ৰ পৰিচয়ৰ লগত জড়িত হৈ পৰো।

সম্প্ৰদায় পৰিচয় গুৰুত্বপূৰ্ণ এই কাৰণেই যে প্রত্যেক ব্যক্তিয়েই সম্প্ৰদায়ৰ মাজত জীৱনযাপন কৰিবলগীয়া হয় আৰু প্ৰত্যেকেই সম্প্ৰদায়ৰ যোগেদিয়েই নিজৰ পৰিচয় আগবঢ়ায়। আনকথাত ক’বলৈ গ’লে সাম্প্রদায়িক পৰিচয়ৰ এটা বিশ্বজনীন ৰূপ আছে । জন্মগতভাৱেই আমি পৰিয়াল, মাতৃভূমি, মাতৃভাষা, সম্প্রদায় আদি লাভ কৰো আৰু এনেবোৰ পৰিচয়ৰ প্ৰতি আনুগত্য প্রকাশ কৰো। এনেদৰেই সম্প্ৰদায় পৰিচয় গুৰুত্বপূৰ্ণ হৈ পৰে।

৫ । সংখ্যালঘু আয়োগৰ বিষয়ে তুমি কি জানা ?

উত্তৰঃ  সংখ্যালঘূসকলৰ বাবে জাতীয় পৰিষদ গঠন : ভাৰত চৰকাৰে সংখ্যালঘূসকলৰ সুৰক্ষাৰ বাবে সংবিধানে গ্ৰহণ কৰা কাৰ্যসূচীসমূহৰ সঠিক ৰূপায়ণৰ খতিয়ান লোৱা আৰু তেওঁলোকৰ সুৰক্ষাৰ বাবে প্ৰয়োগ কৰা সকলোবোৰ সুৰক্ষা ব্যৱস্থা আৰু আইন সমূহৰ সঠিক ৰূপায়ণ হৈছেনে নাই তাক জানিবৰ বাবে ১৯৭৮ চনৰ জানুৱাৰী মাহত ভাৰত চৰকাৰে সংখ্যালঘুসকলৰ জাতীয় পৰিষদ গঠন কৰে। এই পৰিষদৰ সভাপতি নিয়োগ কৰা হয় ন্যায়মূৰ্ত্তি এম. আৰ. মাচানীক।

১৯৯২ চনত চৰকাৰে পুনৰ সংখ্যালঘূসকলৰ জাতীয় পৰিষদ আইন প্রচলন কৰে। এই আইনৰ প্রধান উদ্দেশ্য আছিল সংখ্যালঘূসকলক সুৰক্ষা প্ৰদান কৰা। এই আইনৰ অধীনত ১৯৯৩ চনৰ ১৭ মে’ত সংখ্যালঘূসকলৰ জাতীয় পৰিষদ গঠন কৰা হয়। এই নতুন পৰিষদখন ২০০০ চনৰ ২১ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হয়।

৬। ৰাষ্ট্ৰীয় ঐক্য ৰক্ষাত সংখ্যালঘু সম্প্রদায় সমূহে কেনে ভূমিকা পালন কৰিব পাৰে? ব্যাখ্যা কৰা।

উত্তৰঃ সংখ্যালঘু বুলি ক’লে সাধাৰণতে কম জনসংখ্যাৰে গঠিত এক শ্ৰেণীৰ লোকক বুজায়, যি সকল লোকে প্রায়েই কিছুমান সা-সুবিধাৰ পৰা বঞ্চিত হৈ থাকে। 

ভাৰতবৰ্ষ এখন বহু ভাষী আৰু বহু-ধৰ্মীয় লোকৰ দেশ। বহু প্রাচীন কালৰে পৰা বিভিন্ন ধর্মীয় সম্প্রদায়ৰ লোক এই দেশত বাস কৰি আহিছে। যদিও এই দেশত বাস কৰা সৰহ সংখ্যক লোকেই হিন্দু (৮২.৪১%), অন্যান্য ধর্মীয় সম্প্রদায় যেনে–ইচলাম (১১.৬৭%), খ্রীষ্টান (২.৩২%), শিখ (২%), বৌদ্ধ (০.৭৭%), জৈন (০.৪১%) আৰু অন্যান্য ধৰ্মৰ লোক (০.৪৩%) এই দেশত বাস কৰে। এই দেশত তেওঁলোকে হিন্দু সকলৰ লগতে বাস কৰি, সমান অধিকাৰ আৰু সা-সুবিধা ভোগ কৰি আহিছে। সংখ্যাগত ভাবে শক্তিশালী হোৱাৰ ফলস্বৰূপে হিন্দুসকলে ভাৰতত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে আৰু বাকী ধর্মীয় সম্প্রদায়সমূহ সংখ্যাত কম হোৱাৰ বাবেই তেওঁলোকক ‘ধর্মীয় সংখ্যালঘু’ৰ আখ্যা দিয়া হয়।

শক্তিশালী গণতান্ত্রিক ব্যৱস্থাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ বিশেষকৈ সংখ্যালঘু সকলৰ অধিকাৰ সাংবিধানিক ভাৱে সুৰক্ষিত হ’ব লাগিব। ইউৰোপৰ ইতিহাসত এনে উদাহৰণ আছে য’ত সংখ্যালঘু সকলক তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ফলত সংখ্যালঘুসকলৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টিৰ ফলত দেশ বিভাজন সম্পন্ন হৈছিল। আমি ভালকৈয়ে জানো যে বাংলাদেশৰ ভাষিক আৰু সাংস্কৃতিক অধিকাৰসমূহৰ স্বীকৃতি দিবলৈ পাকিস্তান চৰকাৰ অপাৰগ হোৱাৰ বাবেই সুকীয়া বাংলাদেশ গঠনৰ পথ প্রশস্ত হৈছিল। গতিকে দেখা যায় যে দেশৰ ঐক্য-সংহতি ৰক্ষা কৰাত সংখ্যালঘু সম্প্ৰদায়ৰবোৰৰ ভূমিকা অতীব গুরুত্বপূর্ণ।

৭ । সম্প্ৰদায়িকতাবাদৰ মূল বৈশিষ্ট্যসমূহ কি কি ? 

উত্তৰঃ দেশৰ জনসাধাৰণৰ পৰিৱৰ্তে কেৱল নিজা সাম্প্রদায়িক সত্তাৰ বিকাশৰ চিন্তাই হৈছে সাম্প্রদায়িকতাবাদ। যিকোনো সম্প্রদায়ে নিজৰ সম্প্রদায়ক ভাল পোৱা আৰু সাম্প্রদায়িক বিকাশৰ বাবে কৰা প্ৰচেষ্টাই হ’ল সাম্প্রদায়িকতাবাদ।

সাম্প্রদায়িকতাবাদ মূল বৈশিষ্ট্যসমূহ হৈছে—

(ক) সাম্প্ৰদায়িকতাবাদৰ সমগ্ৰ দেশৰ জনসাধৰণৰ বিপৰীতে নিজৰ সম্প্ৰদায়টোৰ কথা বেছি চিন্তা কৰা হয়।

(খ) ই হৈছে এক প্ৰকাৰৰ কু-সংস্কাৰ,

(গ) ই জনসাধাৰণৰ মাজত হিংসা আৰু প্ৰতিশোধৰ কাৰণ হৈ পৰে।

(ঘ) সাম্প্রদায়িকতাবাদক উচ্চ শ্ৰেণী আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ দ্বাৰা জনসাধাৰণৰ মাজত বিভেদ আৰু শোষণ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়।

(ঙ) সাম্প্ৰদায়িকতাবাদে ধৰ্মনিৰপেক্ষতা আৰু জাতীয় সংহতি বিনষ্ট কৰে।

৮ । অনৈক্যৰ মাজত ঐক্যই সম্মুখীন হোৱা ভাবুকিসমূহ কি কি?

উত্তৰঃ অনৈক্যৰ মাজত ঐক্যই হৈছে ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ মূল বৈশিষ্ট্য। অতীজৰে পৰা ভাৰতীয় সমাজত ঐক্য বিৰাজ কৰি আহিছে। কিন্তু অতীজৰে পৰা ঐক্য বিৰাজ কৰি থাকিলেও মাজে মাজে এনে কিছুমান সমস্যা বা ভাবুকিৰ সৃষ্টি হয়, যিবোৰে অনৈত্যৰ মাজত থকা আমাৰ দেশৰ একতা বিনষ্ট হোৱাৰ উপক্রম হয়। এই ভাবুকিসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) সাম্প্রদায়িকতাবাদ : যিকোনো সম্প্রদায়ে নিজৰ সম্প্ৰদায়ক বেছি ভাল পোৱা আৰু সাম্প্রদায়িক বিকাশৰ বাবে কৰা প্ৰচেষ্টাই হ’ল সাম্প্রদায়িকতাবাদ, সাম্প্রদায়িকতাবাদ এখন দেশৰ উন্নয়নৰ প্ৰতিবন্ধক স্বৰূপ।

(খ) আঞ্চলিকতাবাদ : আঞ্চলিকতাবাদ মানে হ’ল সমগ্ৰ দেশখনক সমানে ভালপোৱাৰ বিপৰীতে নিজেই বসবাস কাৰ অঞ্চলটোক বেছি ভাল পোৱা, আঞ্চলিকতাবাদে এখন দেশত বহুতো সমস্যাৰে সৃষ্টি কৰে।

(গ) জাতিবাদ : আংশিক বা সম্পূৰ্ণৰূপে কেৱল নিজৰ জাতিটোৰ প্ৰতি থকা ভালপোৱাৰ মনোভাৱকে জাতিবাদ হিচাপে অভিহিত কৰিব পাৰি৷ জাতিবাদে ব্যক্তিসমূহৰ মাজত জাতীয় সংহতি গঢ় লৈ উঠাত প্রতিবন্ধক হৈ থিয় দিয়ে ৷

(ঘ) ভাষাবাদ : কোনো নিৰ্দিষ্ট ভাষাৰ মানুহে নিজৰ ভাষাটোক বেছি ভাল পোৱা আৰু ভাষাটোৰ বিকাশৰ বাবে কৰা প্ৰচেষ্টাই হৈছে ভাষাবাদ। ইয়ো বিভিন্ন ভাষাৰ লোকৰ মাজত বিভেদৰ সৃষ্টি কৰে।

(ঙ) ধৰ্মান্ধতা : ভাৰতীয় ৰাষ্ট্ৰীয় সংহতি বাধাৰ সৃষ্টি কৰা আন এটা কাৰক হ’ল ধর্মান্ধতা, ধৰ্মান্ধতাৰ বাবে মানুহে উচিত অনুচিত বিচাৰ নকৰি কেৱল ধৰ্মীয় নির্দেশনা মতেহে কাম কৰে, আন আন ধৰ্মক শত্ৰু জ্ঞান কৰে। 

৯ । ভাৰতৰ অনৈক্যৰ মাজত থকা ঐক্যৰ দুটা দিশ দাঙি ধৰা।

উত্তৰঃ অনৈক্যৰ মাজত থকা ঐক্যই হৈছে ভাৰতীয় সমাজ আৰু সাংস্কৃতিৰ মূল বৈশিষ্ট্য। অতি প্রাচীন কালৰে পৰা ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰত এই আদর্শ ফুটি উঠিছে।

(ক) ভাৰতবৰ্ষত বিভিন্ন ক্ষেত্ৰত বিচিত্ৰতা বা অনৈক্য দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত ভৌগোলিক পৰিৱেশ, জলবায়ুৰ ভিন্নতা, বাসস্থানৰ ভিন্নতা, খাদ্যাভাস, সাজপাৰ, মাত-কথাৰ ভিন্নতা জনগোষ্ঠীসমূহৰ দৈহিক গঠন-প্ৰকৃতিৰ ভিন্নতা, ভাষা-ধৰ্মৰ ভিন্নতা লক্ষ্য কৰিবলগীয়া। কিন্তু ইমানবিলাক ভিন্নতা থকা স্বত্বেও ভাৰতবৰ্ষত একতাৰ ভাৱাদৰ্শ অতি প্রাচীন কালৰে পৰাই প্ৰৱাহিত হৈ আহিছে।

(খ) ভাৰতীয় সমাজ আৰু সাংস্কৃতিৰ ক্ষেত্ৰত থকা অখণ্ডতা কোনো কালেই বাধাগ্রস্থ হোৱা নাই ; বৰঞ্চ জাতি, ধর্ম, বর্ণ, জনগোষ্ঠী নির্বিশেষে সকলোৱে একতাৰ ডোলেৰে বান্ধ খাই আছে।

(গ) সকলো জনসাধাৰনে তেওঁলোকৰ মাজত থকা বিচিত্ৰতা বা অনৈক্যৰ কথা পাহৰি এক ভাৰতীয় হিচাপে পৰিচয় দিয়ে। এয়াই হৈছে ভাৰতীয় সমাজত দেখা পোৱা অনৈক্যৰ মাজত ঐক্য। 

১০ । সম্প্ৰদায়ৰ উপাদানবিলাক উল্লেখ কৰা।

উত্তৰঃ সম্প্ৰদায়ৰ উপাদানসমূহ হৈছে –

(ক) জনসমূহ : সম্প্রদায় এটা হ’বলৈ হ’লে ব্যক্তিৰ সমূহ থাকিবই লাগিব।

(খ) নির্দিষ্ট ভূ-খণ্ড : নির্দিষ্ট কোনো এক ভূ-খণ্ড অধিগ্ৰহণ কৰি থকাটো সম্প্ৰদায়ৰ আন এটা উপাদান।

(গ) সাম্প্রদায়িক মনোভাব : সম্প্ৰদায়ৰ আন এটা উপাদান হ’ল সম্প্ৰদায়ৰ লোকসকলৰ মাজত থকা সাম্প্রদায়িক মনোভাৱ।

(ঘ) বিশেষ নাম : বিশেষ এটা নাম থকাটো সম্প্ৰদায়ৰ আন এটা উপাদান। বিশেষ নাম থকাৰ বাবেই এটা সম্প্ৰদায়ক আন এটাৰ পৰা সহজে পৃথক কৰিব পাৰি।

Class 12 Sociology Solutions – সমাজতত্ত্ব

Sl. No.সূচী-পত্ৰLink
Unit 1প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ গঠনClick Here
Chapter 2সামাজিক সংস্থা : ধাৰাবাহিকতা আৰু পৰিবৰ্তনClick Here
Chapter 3সামাজিক বৈষম্য আৰু বৰ্জনClick Here
Chapter 4অনৈক্যৰ মাজত ঐক্য প্রত্যাহ্বানসমূহClick Here
Chapter 5প্রকল্প কার্যClick Here
Unit 2দ্বিতীয় খণ্ড : ভাৰতত সামাজিক পৰিবৰ্তন আৰু বিকাশ
Chapter 6ভাৰতত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়াClick Here
Chapter 7সামাজিক পৰিবৰ্তন আৰু ৰাজনীতিClick Here
Chapter 8সামাজিক পৰিবৰ্তন আৰু অর্থনীতিClick Here
Chapter 9সামাজিক পৰিবৰ্তনৰ নতুন ক্ষেত্রClick Here
Chapter 10সামাজিক আন্দোলনসমূহClick Here

This Post Has One Comment

Leave a Reply